Saturday, July 14, 2012

বিংশ শতিকাৰ সমাজবাদ (NSI Manifesto, Part 6/7)

জন্মকালৰ বিশেষ পৰিস্থিতিয়ে সমাজবাদৰ শৰীৰতো কেতবোৰ বিশেষ দাগ এৰি গৈছে। গতিকেই তাৰ স্বৰূপ আৰু গতিপথৰ বিকাশত সিবিলাকৰ প্রভাৱ পৰাটো স্বাভাৱিক। পৰিস্থিতিৰ উৎপত্তি সাধাৰণতে সমাজৰ প্রভুত্বমান ব্যৱস্থাটোৰ চৰিত্র অনুসৰিয়েই হয় যদিও ব্যৱস্থাবিৰোধী সংগ্রামৰ জৰিয়তেও পৰিস্থিতিৰ নির্মাণ হোৱা দেখা যায়। অতীতৰ সফল বিপ্লৱবোৰৰ সময়ত বিপ্লৱী এজেঞ্চিয়ে কেনেদৰে তদানীন্তন পৰিস্থিতিৰ অধ্যয়ন কৰিছিল আৰু নিজ ভূমিকা নির্ণয় কৰিছিল তথা এই এজেঞ্চিৰ হস্তক্ষেপে কেনেধৰণৰ পৰিৱর্তন সাধন কৰিছিল – ইত্যাদি প্রশ্নবোৰ বর্তমানৰ বিপ্লৱীসকলৰ মাজত বহুল চর্চাৰ বিষয়। অনাগত সমাজবাদৰ ৰেহৰূপ বহুদূৰৈলৈ সমকালীন পুঁজিবাদে সৃষ্টি কৰা পৰিস্থিতিয়েই নির্ধাৰণ কৰিব যদিও এইক্ষেত্রত বিপ্লৱী এজেঞ্চিৰ হস্তক্ষেপৰ স্বৰূপেও বিশেষ নির্ধাৰকৰ ভূমিকা পালন কৰিব। এনে হস্তক্ষেপবিলাক কেনেধৰণৰ হ’ব- সি নির্ভৰ কৰিব কেনে প্রকাৰৰ শিক্ষা বিপ্লৱীসকলে বিংশ শতিকাৰ সমাজবাদৰ পৰা গ্রহণ কৰিব। অর্থাৎ সমাজবাদৰ এক নতুন ৰূপৰেখা তৈয়াৰ কৰিবলৈ বিংশ শতিকাৰ সমাজবাদ সম্পর্কে এক সঠিক দৃষ্টিভংগী বিকশিত কৰাটো প্রয়োজনীয় হ’ব। 

Monday, July 2, 2012

পুঁজিৰ নৱ সাম্রাজ্য (NSI Manifesto, Part 5/7)

পৃথিৱীৰ সকলো বিসংগতিৰ শিপা যদি পুঁজিবাদৰ মাজতে লুকাই আছে, তেনেহলে অর্ধ-সহস্রাব্দীতকৈও অধিক কাল ধৰি পুঁজিৰ ভয়ংকৰ অন্যায় সহ্য কৰাৰ পাছতো পৃথিৱীয়ে এই শোষণকাৰী ব্যৱস্থা কিয় কায়েম কৰি ৰাখিছে? পুঁজিবাদে যদিহে শ্রমিকৰ শোষণ কৰে, শ্রমজীৱী জনগণক শ্রমৰ ফলৰ পৰা বঞ্চিত কৰি ৰাখে, নাৰী, দলিত, কৃষ্ণাংগ তথা অন্যান্য বঞ্চিত লোক তথা সম্প্রদায়বোৰৰ উৎপীড়নৰ বাবে দায়ী সামাজিক সম্পর্কবোৰৰ পালন-পোষণ কৰে, পৃথিৱীৰ বাবে বিপর্যয়ৰ সৃষ্টি কৰে তথা মানৱতাৰ সামগ্রিক বিকাশৰ পথত হেঙাৰ হৈ থিয় দিয়ে, তেনেহ’লে কিয় মানৱতাই এনে অগণন অপৰাধৰ পাছতো আজিলৈকে পুঁজিবাদৰ অত্যাচাৰ সহ্য কৰি আহিছে? পুঁজিৰ এনে দীর্ঘ জীৱনৰ কাৰণ কি? 

Sunday, June 17, 2012

মুনাফা আৰু সঞ্চয়নৰ গর্ভত প্রকৃতি (NSI Manifesto, Part 4/7)

মানৱ সমাজ হৈছে প্রকৃতিৰে অংশস্বৰূপ কিন্তু এটা বিশেষ কাৰণবশতঃ ই প্রকৃতিৰ আন আন অংশবোৰতকৈ কিছু সুকীয়া। প্রকৃতিৰ আন আন অংশৰ বিপৰীতে কেৱল মানৱ সমাজেই সচেতনভাৱে তথা ইচ্ছাপূর্বকভাৱে প্রকৃতিৰ বুকুত হস্তক্ষেপ কৰিব পাৰে। এনে হস্তক্ষেপৰ ভিত্তিতেই তাহানিৰে পৰা মানৱ সভ্যতাৰ বিকাশ সাধন হৈছে। সামাজিক উৎপাদন আৰু পুনৰুৎপাদনৰ বিভিন্ন মাধ্যমৰ দ্বাৰাই মানুহে প্রকৃতিৰ লগত খেলা কৰে। জীৱন ধাৰণৰ সুগম পৰিস্থিতি গঢ়াৰ দ্বাৰাই মানুহে প্রকৃতিকো ‘গঢ়ি’ তোলে। সমগ্রৰ এটা অংশই (অন্ততঃ পৃথিৱীৰ স্তৰত) সমগ্রৰ পুনর্গঠনৰ দায়িত্ব গ্রহণ কৰে। 

Sunday, June 10, 2012

সামাজিক বাস্তৱৰ বিভিন্ন দিশঃ পৰিচয়, অসমতা, উৎপীড়ন (NSI Manifesto - Part 3/7)

কেৱল শ্রমিকৰ পৰিচয়েই শ্রমিক ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় নহয়। ঠিক তেনেকৈয়ে মাত্র পুঁজিপতিৰ পৰিচয়েই পুঁজিপতি ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় হ’ব নোৱাৰে। আজিলৈকে পৰিলক্ষিত হোৱা ইতিহাসৰ প্রায় সকলো সমাজেই শ্রেণী সমাজ ৰূপে পৰিগণিত হৈ আহিছে, কিন্তু মাত্র শ্রেণীৰ অক্ষৰ(axis) দ্বাৰাই সংজ্ঞায়িত হোৱা কোনো সমাজ আজিলৈকে উদ্ভৱ হোৱা নাই। সামাজিক সত্তা হিচাপে প্রতিজন ব্যক্তিৰে নানান পৰিচয় থাকে, তেওঁৰ সমগ্র সত্তাক সংজ্ঞায়িত কৰা সামাজিক বাস্তৱৰ বহুতো অক্ষ থাকে। সামাজিক বাস্তৱৰ সামগ্রিক ছবিখন আঁকিবলৈ এনে সকলো অক্ষৰে হিচাপ লোৱাৰ প্রয়োজনীয়তা আছে।

Saturday, June 9, 2012

শ্রমিকৰ পৃথিৱী (NSI Manifesto, Part 2/7)

...কিন্তু আজি শ্রমিক ক'ত? আমিতো বেংকাৰ, এক্সিকিউটিভ, বিনোদনকাৰী তথা টাইকুনেৰে ভৰা পৃথিৱী এখনত বাস কৰোঁ? সিবিলাকৰ চৌদিশে সদা-বৃদ্ধিমান এক মধ্যবিত্ত শ্রেণীয়ে আগুৰি থকা এইখন পৃথিৱীত শ্রমিক আছে জানো? এই পুঁজিবাদী ভূ-স্বর্গৰ আশে-পাশে শ্লামৰ পৃথিৱী একোখন নিশ্চয়েই গঢ় লৈ উঠিব পাৰে, কিন্তু সেইবুলিতো আৰু এই নব্য-স্বর্গৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? আৰু যদিওবা পুঁজি-সাম্রাজ্যৰ মেট্র’পলিছবোৰ এতিয়াও তৃতীয় বিশ্বৰ দৈন্যতাই আগুৰি আছে, যদিওবা মেট্র’পলিছৰ নাগৰিক সংখ্যা কৃষক, বনবাসী, কাৰিকৰ অথবা কুলীতকৈ এতিয়াও হাজাৰগুণে কম, কিন্তু সেইবুলিতো এই নব্য-ব্যৱস্থাৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? কেন্দ্রবোৰ ক্রমশঃ বাঢ়ি আহিছে আৰু দাঁতিবিলাকৰ সীমা অস্পষ্ট হৈ পৰিছে। কেন্দ্রৰ ৰূপতেই দাঁতিবিলাককো নব্য-ৰূপ দিয়া হৈছে আৰু সিবিলাকে নিজস্ব কেন্দ্র আৰু দাঁতি গঢ়ি তুলিছে। প্রথম বিশ্বকেই তৃতীয় বিশ্বৰ ভৱিষ্যত ৰূপ বুলি দাঙি ধৰা হৈছে। আৰু এনেও- কেতিয়াৰ পৰা বাৰু কৃষক,বনবাসী, কাৰিকৰ, কুলী, শ্লাম-সর্বহাৰা অথবা গৃহ-ভৃত্যসকল শ্রমিক শ্রেণীৰ আদর্শ ৰূপ আছিল? সিবিলাকতো সদায়েই ‘বিশ্বৰ দীন-হীন নিথৰুৱা’ বুলিয়েই চিহ্নিত হৈ আহিছে? যোৱাটো শতিকাত তেঁওলোককেই বিপ্লৱ কৰিবলৈ দিয়া হ’ল আৰু তেওঁলোকে সমাজবাদৰ নিজস্ব ৰূপ গঢ়ি তুলিলে। পুঁজিৰ নব্য-সাম্রাজ্যই হৈছে এতিয়া তেওঁলোকৰ ভৱিষ্যত পথ। পুঁজিৰ সাম্রাজ্যই মাজে-সময়ে দুৱাৰ খুলি দিব আৰু তেওঁলোকৰ ভৱিষ্যত প্রজন্মই মধ্যবিত্তৰ জীৱন ভোগ কৰিব। এয়াই হৈছে নতুন সময়ৰ নির্মোহ বাস্তৱ। পুঁজিৰ স্বর্গৰ কেন্দ্রত অৱস্থিত পুঁজিপতি আৰু মধ্যবিত্ত শ্রেণী আৰু দুৱাৰৰ সিপাৰে প্রবেশপত্রৰ আশাত দীন-হীন নিথৰুৱাৰ দীর্ঘ শাৰী। ইতিহাসৰ এতিয়া অন্ত পৰিছে, শ্রমিক শ্রেণীৰ নিপাত ঘটিছে!

Friday, June 8, 2012

শ্রমিকৰ পৃথিৱী, পৃথিৱীৰ ভৱিষ্যত (NSI Manifesto, Part 1/7)

ইতিহাস সদায়েই বিভিন্ন আকস্মিক ঘটনাৰে পৰিপূর্ণ। তথাপিও এনে সময় খুবেই বিৰল যেতিয়া ইতিহাসৰ দীর্ঘ যাত্রাই কোনো বৃহৎ পৰিৱর্তনৰ দিশেৰে আগবাঢ়ে। কাৰোবাৰ হৃদয়ত ই সন্ত্রাসৰ সৃষ্টি কৰে, কোনোবাই কৰে এনে দিনৰ দীর্ঘ অপেক্ষা। সন্ত্রসিতসকলে কল্পনা কৰে - ইতিহাস যেন ইতিমধ্যেই কোনো সীমাহীন মালভূমিত উপনীত হৈছেহি; নতুন কোনো পৰিবর্তন, নতুন কোনো পথৰ সম্ভাৱনা এতিয়া যেন বাকী নাই। আনহাতে অপেক্ষা কৰাসকলে সৰু বৰ সকলো কেঁকুৰিতে দিক পৰিবর্তনৰ সপোন দেখি, পুৰণা ৰণনীতি আৰু ৰণকৌশলৰ দ্বাৰাই সেই সপোন বাস্তৱায়িত কৰিবলৈ প্রাত্যহিক সংগ্রামৰ ৰণথলীত নামি ইমানেই আত্মবিস্মৃত, ব্যতিব্যস্ত আৰু ক্লান্ত হৈ পৰিছে যে তেওঁলোকে বর্তমানৰ কার্যভাৰ আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা চিহ্নিত কৰোঁতে উজুটি খাবলৈ আৰম্ভ কৰিছে। হয়তো এনে এক সময়তে ভৱিষ্যতৰ নতুন সপোনে পোখা মেলে, নতুন ৰণনীতিৰ অংকুৰণ হয়, ইতিহাসৰ গতিপথ সলাবলৈ নতুন শক্তিয়ে জন্ম লাভ কৰে।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...