Tuesday, February 12, 2013

ভূপেন হাজৰিকাৰ গীত-মাতেৰে এটা পুৰণা শ্রেণী সংগ্রামৰ গান...



[ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত এই গীতটিৰ কেইবাটাও সংস্কৰণ শুনিবলৈ পোৱা যায়। ভাৰতীয় গণ নাট্য সংঘত থকা সময়তে হাজৰিকাই গীতটি ৰছনা কৰিছিল। থলুৱা সুৰ মাতেৰে প্রস্তুত কৰা গীতটিত শ্রেণী সংগ্রামৰ সুৰ সুস্পষ্ট। গণ নাট্য সংঘ এৰি অহাৰ পাছত অৱশ্যে হাজৰিকাই নিজেই গানটোৰ ৰেডিকেল অংশখিনি বাদ দি নতুনকৈ ৰেকর্ড কৰাইছিল।]     

http://www.asomtube.com/audio/2510/sagar-saal-selabar-old-ipta-version


ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল চেলাবৰ মিট
দেশৰ বুঢ়া মেথা দায়ে নধৰিবা
গা‍ই যাওঁ আজিৰে গীত

লুইতত ভুটুঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
ধেমালি চাই যা, ধেমালি চা
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ

Thursday, January 17, 2013

জ্যোতিপ্রসাদ


হেমাংগ বিশ্বাস
.........

তুমি আছা
কঠীয়াতলীত
কৃষকৰ সেউজীয়া স্বপ্নত
ধান য’ত মূৰ দাঙি গান হৈ
জাগে।
চাহ বনুৱাৰ মাদলে মাদলে
তেজৰ বুলনি সনা বাগিছাৰ
পাতে পাতে
বিদ্রোহৰ কঁপনি তোলা
ৰূদ্র সংগীতত।
ধনতন্ত্রী দুষ্কৃতিৰ
ধ্বংসকামী,
তুমি আছা
সাম্যবাদী সংস্কৃতিৰ
ৰঙা দিগন্তত।

Wednesday, January 9, 2013

কুল খুৰাৰ চোতাল


হেমাংগ বিশ্বাস
......

জোনাক কুঁৱলী ঘেৰা
বেলতলা পথাৰৰ ৰাতিৰ ধাননি, পাৰ হৈ
লাহে লাহে গৈ পালো নিকা ফৰকাল
কুলখুৰাৰ চোতাল।
এই চোতালত
কৃষি বিপ্লৱৰ মন্ত্রণা;
খুৰা তাৰেই সভাপতি।
এন্ধাৰ জুপুৰীত
লেমৰ ঢিমিক-ঢামাক পোহৰত
সুধিলোঁ- খুৰা এতিয়া কেনে পাইছা?
এটি খীন আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথোঁ
এষাৰ অস্পষ্ট মাতঃ
বৰ কষ্ট কমৰেড।
যুগে যুগে শোষিতৰ কষ্ট পান কৰি
নীলকণ্ঠ খুৰা,
যুগে যুগে বসুমতাৰ গর্ভ বিদাৰি
লখিমী উলিয়াই
খুৰা হ’ল বসুমতাৰী;
নাঙলৰ সীৰলুত মানিকীমধুৰী কাব্য
যুগে যুগে ৰচি
মহাকবি খুৰা।
বাৰে বাৰে শোষকৰ পাল খেদি
বীৰ বসুমতাৰী ৰণক্লান্ত আজি।
কুলখুৰা নাই।
বাতৰি কাকতত খবৰ নোলাল
আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই।
কুলখুৰা, সপ্তাহৰ মানুহ যে নহয়,
নহয় বছৰৰ,
কুলখুৰা শত-শতিকাৰ,
কমৰেড বসুমতাৰী
বাতৰি নহয়,
ইতিহাস।

Tuesday, January 8, 2013

সংকট দিন


আকালৰ চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰাল
স্বপ্ন স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত |
মূলত কি বিহ ? উছন গ’ল গাঁও | নষ্ট নগৰ |
মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ | পাপ মুদ্ৰাৰ পয়োভৰ |
হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা !

হীৰেন ভট্টাচাৰ্য (১৯৭৪)

নাগৰিক

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |


কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!


পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |


হীৰেন ভট্টাচাৰ্য
(ৰচনাৰ সময় – ১৯৬১)

জ্যোতি সেই জ্যোতি

মোক এই সংকীৰ্ণতাৰ পৰা                                  
তুলি ধৰা | তোমাৰ সতে গাবলৈ দিয়া
ধুমুহাৰ গান, বজ্ৰৰ গান |


মৃত্যুৰ এই হিম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া |
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল-টঁকা বান |


চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান !


[ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত]

হীৰেন ভট্টাচাৰ্য (১৯৬৩)

Friday, September 14, 2012

অনাগত সময়ৰ সমাজবাদ (NSI Manifesto, Part 7/7)

সমাজবাদৰ অন্যতম মূল লক্ষ্য হৈছে- ‘সমূহীয়া উৎপাদকসকলক উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা’লৈ পৰিণত কৰা । সংগ্রহৃত উদ্বৃত্তৰ ব্যৱহাৰ তথা প্রয়োগ কেনেদৰে কৰা হ’ব – এই সম্পর্কে সমূহীয়াকৈ নির্ণয় ল’ব পৰাকৈ কেতবোৰ প্রক্রিয়া বিকশিত কৰাৰ প্রশ্নটোও এইক্ষেত্রত জড়িত হৈ আছে। অৱশ্যে ই উৎপাদন-সমলবোৰৰ মালিকানাৰ ৰূপবিলাক নির্ধাৰণ নকৰে। পৰিস্থিতি অনুসৰি বিভিন্ন প্রকাৰৰ মালিকানাৰ ৰূপ সম্ভৱপৰ হ’ব পাৰে।

সমূহীয়া মালিকানাই হৈছে এইক্ষেত্রত সবাতোকৈ বাঞ্ছনীয় মালিকানাৰ ৰূপ। কিন্তু কেৱল এই ৰূপেৰেই কাম নচলিব। অন্যথাই যিবোৰ উদ্যোগত শ্রমৰ উৎপাদনশীলতাৰ হাৰ আপেক্ষিকভাৱে কম (সৰু সুৰা কৃষি পাম, মজলীয়া প্রযুক্তিৰ উদ্যোগ আদি), সিবিলাকে বৃহৎ শেহতীয়া প্রযুক্তিসম্পন্ন তথা উচ্চ উৎপাদনশীল উদ্যোগৰ সমুখত সমস্যাত ভূগিবলৈ বাধ্য হ’ব। ৰাজকীয় মালিকানা সেয়েহে অর্থনীতিৰ অন্যতম অংশ হ’ব। কিন্তু এই উদ্যোগবোৰতো ৰাজ্যই নিজে উদ্বৃত্ত হাছিল কৰাৰ সলনি উৎপাদন-সমলবোৰক বিভিন্ন শ্রমিক-সমবায়ৰ হাতত লিজত(lease-out)গতাই দিব। আন কথাত ৰাজ্যৰ মালিকানা থকা উদ্যোগবোৰতো শ্রমিকেই নিজ উৎপাদিত উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা হ’ব।

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...