Thursday, November 5, 2015

হিটলাৰ আৰু নাজীবাদঃ এক প্রাথমিক পৰিচয়ঃ

অনুবাদ আৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া

১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী।

হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মাক দেউতাকে চেপা মাতেৰে কিবা গম্ভীৰ বিষয় সম্পর্কে কথা পাতি আছে। হেলমুথৰ চিকিৎসক দেউতাকে মাকৰ লগত আলোচনা কৰিছেঃ “তেওঁ গোটেই পৰিয়ালটোকে মাৰি পেলোৱা উচিত, নে কেৱল নিজে আত্মহত্যা কৰা উচিত? সকলোকে মাৰি পেলাবলৈ তেওঁ ওচৰত সিমান সময় আছেনে?”  দেউতাকে লগতে কিবা প্রতিশোধৰ কথাও কৈ আছিলঃ “আগেয়ে আমি বিকলাংগ তথা ইহুদীসকলৰ সতে যেনে ব্যৱহাৰ কৰিছিলো, এতিয়া আমেৰিকা আৰু চোভিয়েট মিত্রশক্তিয়েও আমাৰ সতে তেনেকুৱাই ব্যৱহাৰ কৰিব”। পিছদিনা দেউতাকে হেলমুথসহিত গোটেই পৰিয়ালটোকে পিকনিকৰ বাবে ওচৰৰ উদ্যানখনলৈ লৈ গল।  লৰা-ছোৱালী কেইটিয়ে গীত গালে, লৰা ধপৰা কৰি হাঁহি-ফুর্তি কৰিলে। শেষবাৰৰ বাবে পৰিয়ালটোৱে আনন্দেৰে দিনটো কটালে। সন্ধিয়ালৈ হেলমুথৰ দেউতাক জীয়াই নাথাকিল। নিজৰ অফিচতে মূৰত গুলিয়াই তেওঁ আত্মহত্যা কৰিলে। হেলমুথে কিছুসময়ৰ পাছত দেখিলেঃ  দেউতাকৰ তেজসিক্ত ইউনিফর্মযোৰ ঘৰৰ জুইশালিত পুৰি পেলোৱা হৈছে। এই ঘটনাৱলীয়ে হেলমুথক ইমানেই সন্ত্রসিত কৰি তুলিলে যে অনাগত ৯ বছৰৰ বাবে লৰাটিয়ে ঘৰত খাদ্য গ্রহণ কৰা বন্ধ কৰিলে। হেলমুথে ভয় কৰিছিল যে মাকে হয়তো খাদ্যত বিহ মিলাই তাক হত্যা কৰিব।

Wednesday, October 28, 2015

ৰুছ বিপ্লৱৰ ইতিহাস: লিয়ন ট্রটস্কী: পাতনি

অনুবাদঃ ময়ূৰ চেতিয়া

১৯১৭ চনৰ ফ্রেব্রুৱাৰী মাহলৈকে ৰাছিয়া  ৰোমানভ ৰাজতন্ত্রৰ অধীনত আছিল। তাৰ ঠিক আঠ মাহ পাছত এটা শ্রমিক দল – বলচেভিক পার্টি - দেশৰ শাসক হিচাপে অধিষ্ঠিত হল। শাসনত অধিষ্ঠিত হোৱাৰ কেইমাহমান আগলৈকে খুউব কম সংখ্যক লোকেহে বলচেভিকসকলৰ বিষয়ে জানিছিল; শেষ মূহুর্ত পর্যন্ত পার্টিৰ নেতৃবৃন্দ দেশদ্রোহৰ গোচৰত অভিযুক্ত আছিল। ইতিহাসৰ এনে তীব্র পট-পৰিবর্তন খুউব কমেই ঘটা দেখা যায়। মনত ৰখা ভাল – এই পৰিবর্তন ঘটিছিল ১৫ কোটি লোকেৰে ভৰা এখন বিশাল দেশৰ ভূ-ভাগত। কাজেই ১৯১৭ চনৰ ঘটনাৱলী এক অধ্যয়নযোগ্য বিষয়, তেহেলৈ ঘটনাৱলীৰ চৰিত্র সম্পর্কে আপুনি যিয়েই সিদ্ধান্তত উপনীত নহওঁক কিয়।

আন আন ইতিহাসৰ দৰেই বিপ্লৱৰ ইতিহাসেও প্রথমে দুটা প্রশ্নৰ উত্তৰ দি লোৱা উচিতঃ কি ঘটিছিল আৰু কেনেদৰে ঘটিছিল। পিছে ইয়েই যথেষ্ঠ নহয়। ঘটনাৱলীৰ বর্ণনাৰ জৰিয়তে ইতিহাসবিদজনে লগতে এয়াও দর্শাব লাগিব যে কিয় ঘটনাৱলীয়ে এই ৰূপ ললে আৰু কিয় তাৰ কোনো বিকল্প সম্ভৱপৰ নাছিল। ইতিহাস কোনো আকস্মিক ঘটনাৱলীৰ সমাহাৰ নহয়, ই কোনো পূর্বকথিত নৈতিক গাঁথাৰ পুষ্টিকৰণো নহয়। বৰং ঐতিহাসিক ঘটনাৱলীয়ে নিজস্ব কেতবোৰ নিয়ম মানি চলে। এই নিয়মসমূহ আৱিষ্কাৰ কৰাটো ইতিহাসবিদৰ কর্তব্য।

Sunday, August 16, 2015

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ

মূলঃ পার্থ চেটার্জী

লেখক পৰিচিতিঃ পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)

(অনুবাদকৰ টোকাঃ 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনে ধৰণৰ পৰিৱর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রৱন্ধটোত এনে পৰিৱর্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোৱা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগবঢ়োৱা হল।)

“চাবলটার্ণ ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰনজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একেসময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ- ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰাম্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানব ইতিহাসতে নজিৰবিহীন। 

Saturday, August 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰা সপ্তম (অন্তিম) অধ্যায়

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos

শ্রমিক শক্তি
মার্ক্সবাদৰ এটা অন্যতম প্রাথমিক প্রস্তাৱনা হৈছে যে পুঁজিবাদেই সাম্যবাদৰ বস্তুগত ভূমি নির্মাণ কৰে। পুঁজিবাদী উৎপাদন সম্পর্কই শ্রমৰ উৎপাদনশীলতা অতিপাত বৃদ্ধি কৰে কিন্তু একেসময়তে ই উৎপাদিকা শক্তিৰ ভৱিষ্যত বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিয়ে। সমৃদ্ধি আৰু মন্দাৱস্থাৰ পুণৰাবৃত্তিৰে ভৰা উৎপাদনৰ এক বিৰাট চক্র ইয়েই নির্মাণ কৰে।

কথাখিনি এনেকৈয়ো কব পৰা যায়ঃ পুঁজিবাদে সাম্যবাদৰ নির্মাণ একেসময়তে সম্ভৱপৰ তথা বাঞ্ছনীয় কৰি তুলিছে। পুঁজিবাদে এনে এটি সামাজিক শক্তি সৃষ্টি কৰিছে যি শেহত গৈ পুঁজিবাদৰে ধ্বংস মাতি আনিব আৰু শ্রেণীমুক্ত সমাজ এখন নির্মাণ কৰিব। এই সামাজিক শক্তিটো হৈছে শ্রমিক শ্রেণী। মার্ক্স এংগেলছে কমিউনিষ্ট মেনিফেষ্টোত এনেদৰে লিখিছেঃ

বুর্জোৱাৰ অস্তিত্ব আৰু শাসনৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে পুঁজিৰ গঠন আৰু বিকাশ। আনহাতে পুঁজিৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে মজুৰী শ্রম...উদ্যোগৰ বিকাশ তথা প্রতিযোগিতাৰ ফলত শ্রমিকসকলৰ বিচ্ছিন্ন অৱস্থাৰ অৱসান ঘটে আৰু তাৰ ঠাইত শ্রমিকৰ সহযোগিতা গঢ় লৈ উঠে। আধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোৱাহঁতৰ ভৰিৰ তলৰ মাটি কাঢ়ি আনিছে...বুর্জোৱাহঁতে নিজৰে মৃত্যুদূত নির্মাণ কৰিছে। বুর্জোৱাৰ মৃত্যু আৰু সর্বহাৰাৰ বিজয় অৱশ্যাম্ভৱী (CW vi, 496)।

কিন্তু সেইবুলি স্বয়ংক্রিয়ভাৱে পুঁজিবাদৰ পতন নঘটে। বৰং তাৰ বাবে শ্রমিক শ্রেণীয়ে সংগঠন, বিপ্লৱী চেতনা তথা অনুশীলন গঢ়ি তুলিব লাগিব। ১৮৭৯ চনত মার্ক্স-এংগেলছে তেওঁলোকৰ ৰাজনীতিৰ বিষয়ে এনেদৰে লিখিছেঃ

বিগত চল্লিশ বছৰ ধৰি আমি কৈ আহিছোঁ যে শ্রেণী সংগ্রামেই হৈছে ইতিহাসৰ তাৎক্ষণিক চালিকা শক্তি আৰু বুর্জোৱা তথা সর্বহাৰাৰ শ্রেণী সংগ্রাম হৈছে আধুনিক সামাজিক বিপ্লৱৰ এডাল বৃহৎ বঠা। যেতিয়া আন্তর্জাতিক গঠন কৰা হৈছিল, আমি তাৰ যুদ্ধ নিনাদ এনেদৰে তৈয়াৰ কৰিছিলোঃ ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে নিজে মাতি আনিব লাগিব’ (SC, 327)।

শ্রমিকৰ স্ব-মুক্তি হৈছে মার্ক্সৰ চিন্তনৰ অভিন্ন অংগ। হাল ড্রেপাৰে ‘সমাজবাদৰ দুটি আত্মা’ৰ কথা উল্লেখ কৰিছেঃ ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ তথা ‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’। ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ৰ মতে একাংশ প্রবুদ্ধ নেতাৰ কাৰুকার্যৰ দ্বাৰাই সমাজবাদ নির্মিত হয়; এই নেতাসকলেই ৰাষ্ট্রখন নিয়ন্ত্রণ কৰে তথা শ্রমিকৰ হৈ তেওঁলোকে ৰাষ্ট্রৰ কেতবোৰ সংস্কাৰ সাধন কৰে। সংস্কাৰবাদী বাওঁপন্থী দলসমূহে সাধাৰণতে এনে নীতিৰ পোষকতা কৰে। তেওঁলোকৰ মতে সংসদৰ বাওঁপন্থী সাংসদ বা পার্টিৰ নেতাসকলেই হৈছে পৰিবর্তনৰ মূল এজেণ্ট। কিন্তু মার্ক্সে ‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’ৰহে পোষকতা কৰিছিল – অর্থাৎ য’ত শ্রমিকসকলে স্ব-অনুশীলনৰ জৰিয়তে নিজেই নিজৰ মুক্তি মাতি আনিব।

Sunday, July 26, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (চতুর্থ অংশ)

৪) সঞ্চয়ন আৰু সংকট

পূর্বৰ আন আন উৎপাদন প্রণালীৰ বিপৰীতে  পুঁজি সঞ্চয়ন(capital accumulation) হৈছে পুঁজিবাদৰ এটা অন্যতম বৈশিষ্ট। দাসব্যৱস্থা বা সামন্তবাদৰ অধীনত শোষকসকলে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা কুক্ষিগত কৰা অধিকাংশ উদ্বৃত্ত সামগ্রী শোষকসকলে খাই-বৈ উপভোগ কৰি সমাপ্ত কৰিছিল। উৎপাদন ক্ষেত্রখনত ব্যৱহাৰ মূল্য অধিক প্রভাৱশালী আছিল; উৎপাদনৰ লক্ষ্য আছিল - বস্তুৰ উপভোগ।

পিছে পুঁজিবাদৰ অধীনত ই সলনি হৈ পৰে। শ্রমিকৰ পৰা শুহি উলিওৱা সৰহভাগ উদ্বৃত্তকে শাসকে চিধা উপভোগ নকৰে। বৰঞ্চ সিবিলাকক পুণৰ উৎপাদনৰ কামত বিনিয়োগ কৰা হয়। এই যে প্রক্রিয়াটো – য’ত উদ্বৃত্ত মূল্যবোৰক  আৰু অধিক উদ্বৃত্ত মূল্য সৃষ্টি কৰিবলৈ পুণৰ বিনিয়োগ কৰা হয় – মার্ক্সে ইয়াক পুঁজি সঞ্চয়ন নাম দিছে। পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত মার্ক্সে লিখিছে – কেনেদৰে ইয়াৰ ফলত পুঁজিপতি শ্রেণীটোৰ মাজত ‘সংযম’ৰ মতাদর্শ এটি বিকশিত হয়; বুর্জোৱাক কোৱা হয় যে কেৱল উপভোগ কৰি সকলো সম্পদ উৰুৱাই নিদিবা! বৰং যিমান পাৰি সিমান উদ্বৃত্ত মূল্য বচাই ৰাখা যাতে ইয়াক পুণৰ বিনিয়োগ কৰিব পৰা যায়ঃ

Monday, July 20, 2015

নদীবান্ধৰ আপাহতঃ বিশেষজ্ঞৰ একাধিপত্যৰ বিৰূদ্ধে কিছু কথা

বৃহৎ নদীবান্ধ বিষয়ক আলোচনাসমূহত আমি মধ্যবিত্তীয় ৰাইজে আশা কৰোঁ যে প্রশ্নটোৰ এটা বৈজ্ঞানিক সমাধান হব লাগে। গতিকে বিভিন্ন বিশেষজ্ঞই ভিন ভিন কথা কলে আমি বিভ্রান্ত হওঁ। আমাৰ ধাৰণাঃ বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পর্কযুক্ত, সেয়েহে তাৰ বিশুদ্ধ বৈজ্ঞানিক উত্তৰ এটা ওলোৱাটো সম্ভৱপৰ। এই চিন্তাধাৰাৰ ফলস্বৰূপেই আমি অখিল গগৈ, হীৰেণ গোঁহাই, বান্ধৰ বিৰূদ্ধে সংগ্রাম কৰি থকা ৰাইজ আদিক গৰিহণা দিওঁ। বোলে বিশেষজ্ঞক মাত মাতিবলৈ দিয়কঃ আপোনালোক সাধাৰণ মানুহে নজনা বিষয় এটাত কিয় মাত মাতিছে?

এয়া এটা সম্পূর্ণভাৱে ভুল ধাৰণা। কিয়নো বান্ধৰ বিষয়টো কেৱল কোনো নির্মোহ বৈজ্ঞানিক চর্চাৰ বিষয় নহয়। ইয়াৰ লগত জড়িত হৈ আছে ব্যাপক সমাজৰ কথা, বহুলাংশ ৰাইজৰ জীৱিকাৰ কথা। অর্থাৎ ৰাজনীতি, ক্ষমতা সম্পর্ক এইবোৰ বিষয়ো ইয়াত জড়িত হৈ আছে। কোনোবাই যদি এইক্ষেত্রত কেৱল বিজ্ঞানৰ কথা কয়, বুজিব – সেয়া বিজ্ঞান নহয়, বৰং সি হৈছে ভুৱা বিজ্ঞান (scientism, not science)। প্রকৃত বিজ্ঞানে নিজৰ পৰিসৰ কেতিয়াও পাহৰি নাযায়।

Wednesday, July 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (তৃতীয় অংশ)

৩) প্রতিযোগিতা, দাম আৰু লাভ

পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত পুঁজিবাদী উৎপাদন প্রক্রিয়া বিষয়ক বিশ্লেষণখিনি যথেষ্ঠ উচ্চ বিমূর্ত পর্যায়ত কৰা হৈছিল। মার্ক্সে সেই সময়ত ধৰি লৈছিল যে পণ্যৰ বিনিময় সিবিলাকত সুমাই থকা মূল্যৰ পৰিমাণ অনুসৰিয়েই হয়; অর্থাৎ পণ্য উৎপাদন কৰোঁতে খৰছ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ অনুপাত অনুসৰিয়েই হয়। পিছে প্রতিযোগিতাই কেনেধৰণৰ প্রভাৱ পেলায়, পণ্যৰ চাহিদা তথা যোগানে কেনেদৰে বজাৰ দাম নির্ধাৰণ কৰে, এইসমূহ দিশ মার্ক্সে তেতিয়ালৈকে এৰাই চলিছিল।

এই পদ্ধতিটো যুক্তিসংগত আছিল কিয়নো মার্ক্সে পুঁজিবাদী উৎপাদন প্রণালীৰ মূল বৈশিষ্ট্যসমূহ বুজিবলৈ যত্ন কৰিছিল আৰু কেনেদৰে সিবিলাকৰ উৎস উদ্বৃত্ত মূল্য আহৰণৰ মাজত পোৱা যায়, সেয়া দর্শাবলৈ চেষ্টা কৰিছিল। অর্থাৎ কোনো বিশেষ পুঁজিৰ বিপৰীতে মার্ক্সে ‘সাধাৰণ স্তৰত পুঁজিৰ বিশ্লেষণ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্বীকাৰ কৰি লৈছিল যে  এক উচ্চ পর্যায়ৰ বিমূর্তকৰণৰ দ্বাৰাহে ই সম্ভৱপৰ হৈছেঃ

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...