অনুবাদ আৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া
১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী।
হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মাক দেউতাকে
চেপা মাতেৰে কিবা গম্ভীৰ বিষয় সম্পর্কে কথা পাতি আছে। হেলমুথৰ চিকিৎসক দেউতাকে মাকৰ লগত আলোচনা কৰিছেঃ “তেওঁ গোটেই
পৰিয়ালটোকে মাৰি পেলোৱা উচিত, নে কেৱল নিজে আত্মহত্যা কৰা উচিত? সকলোকে মাৰি
পেলাবলৈ তেওঁ ওচৰত সিমান সময় আছেনে?” দেউতাকে লগতে কিবা প্রতিশোধৰ কথাও কৈ
আছিলঃ “আগেয়ে আমি বিকলাংগ তথা ইহুদীসকলৰ সতে যেনে ব্যৱহাৰ কৰিছিলো, এতিয়া আমেৰিকা
আৰু চোভিয়েট মিত্রশক্তিয়েও আমাৰ সতে তেনেকুৱাই ব্যৱহাৰ কৰিব”। পিছদিনা দেউতাকে হেলমুথসহিত গোটেই পৰিয়ালটোকে পিকনিকৰ বাবে
ওচৰৰ উদ্যানখনলৈ লৈ গল। লৰা-ছোৱালী
কেইটিয়ে গীত গালে, লৰা ধপৰা কৰি হাঁহি-ফুর্তি কৰিলে। শেষবাৰৰ বাবে পৰিয়ালটোৱে
আনন্দেৰে দিনটো কটালে। সন্ধিয়ালৈ হেলমুথৰ দেউতাক জীয়াই নাথাকিল। নিজৰ অফিচতে মূৰত
গুলিয়াই তেওঁ আত্মহত্যা কৰিলে। হেলমুথে কিছুসময়ৰ পাছত দেখিলেঃ দেউতাকৰ তেজসিক্ত ইউনিফর্মযোৰ ঘৰৰ জুইশালিত পুৰি
পেলোৱা হৈছে। এই ঘটনাৱলীয়ে হেলমুথক ইমানেই সন্ত্রসিত কৰি তুলিলে যে অনাগত ৯ বছৰৰ
বাবে লৰাটিয়ে ঘৰত খাদ্য গ্রহণ কৰা বন্ধ কৰিলে। হেলমুথে ভয় কৰিছিল যে মাকে হয়তো
খাদ্যত বিহ মিলাই তাক হত্যা কৰিব।