Sunday, November 21, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

শ্রম বিভাজন

মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে শ্রম-বিভাজন সম্পর্কীয় বিষয়টো  এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে শ্রম-বিভাজনৰ অসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে অর্থ কি?

কলাকস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে[1] তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে, প্রত্যক্ষ ব্যহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয় পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে কমাণ্ডসদৃশ গাঁথনি ব্যহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে; শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব পাৰে।

Wednesday, November 3, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (ষষ্ঠ অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

পূর্ব পৰিকল্পনাৰ দিৱা-স্বপ্ন

মার্ক্স তথা তেওঁৰ বহুতো অনুগামীয়ে চেতনশীল আর্থিক পৰিকল্পনা আৰু নৈৰাজ্যবাদী বজাৰ - এই দুয়োৰে মাজৰ পার্থক্যটোৰ ওপৰত জোৰ দি আহিছে। তেওঁলোকৰ মতে পৰিকল্পিত সমাজবাদী অর্থনীতিৰ অধীনত শ্রমে “প্রত্যক্ষভাৱেে সামাজিক ৰূপ” গ্রহণ কৰিব। অর্থাৎ বিভিন্ন কাম সমাপন কৰিবলৈ পৰিকল্পিতভাৱে শ্রমৰ বিতৰণ কৰা হব। বিভিন্ন কামৰ হিচাপ পূর্বেই (ex-ante) কৰি লোৱা হব, সমাজৰ বিভিন্ন প্রয়োজনবিলাক পূর্বেই ঠিৰাং কৰি লোৱা হব। ইয়াৰ বিপৰীতে পুঁজিবাদী বজাৰৰ চৰিত্র হৈছে অৰাজক ধৰণৰ - য’ত শ্রম-প্রয়োগৰ প্রক্রিয়াটোৱে সামগ্রীৰ বিক্রীৰ পাছতহে (ex-post) পূর্ণতা লাভ কৰে সমাজবাদৰ অধীনত পিছে সকলো পৰিকল্পনাই পূর্বে কৰি লোৱা হব[1] চমুকৈ কবলৈ গলে - পুঁজিবাদৰ চৰিত্র হৈছে ex-post আৰু সমাজবাদৰ চৰিত্র হৈছে ex-ante

Monday, November 1, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (পঞ্চম অংশ)

 মার্ক্সীয় অর্থশাস্ত্রৰ বিষয়ে এটা অতিৰিক্ত টোকা

মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

যিহেতু এই কিতাপখনৰ মূল বিষয়বস্তু হৈছে সমাজবাদৰ অর্থনীতি, সেয়েহে মার্ক্সীয় ৰাজনৈতিক অর্থনীতিৰ আন কিছুমান অস্পষ্টতাৰ বিষয়েও আলোচনা কৰি লোৱা যাওঁক। মই পূর্বেই উল্লেখ কৰিছোঁ যে মার্ক্সৰ মতে মূল্যই (অর্থাৎ সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ে) দামৰ “আধাৰ" সৃষ্টি কৰে মূল্য হৈছে সাৰমর্ম, দাম হৈছে উপৰুৱা পৰিঘটনা মাত্র। পিছে মার্ক্সে নিজেই প্রায়ে পাহৰি গৈছিল যে এই আধাৰমূলক মূল্য কোনো দৃশ্যমান বস্তু নহয়; অর্থাৎ তাৰ কোনো গাণিতিক ধৰণৰ আয়তন নাথাকে। শ্রমিকেই হওঁক বা মালিকেই হওঁক, কোনেও মূল্য বস্তুটো চকুৰে দেখা নাপায় সাধাৰণতে আমি যি দেখা পাওঁ, সেয়া হৈছে বস্তুৰ দাম, মজুৰী ইত্যাদি ঠিক এইখিনিৰে পৰা মার্ক্সে তেওঁৰ “মুনাফা হাৰৰ নিম্নগামী প্রণতা” শীর্ষক তত্ত্বটোৰ বিকাশ আৰম্ভ কৰিছিল। এইটো সত্য যে বিভিন্ন উৎপাদন ইউনিটৰ মাজত শোষণৰ হাৰ (উৎপাদিত উদ্বৃত্ত্ব ÷ গতিশীল পুঁজি বা মজুৰী বিল) যদি ক্রমান্বয়ে সমান হবলৈ ধৰে, তেনেস্থলত নিশ্চয়কৈ পুঁজিৰ জৈৱিক গঠন বৃদ্ধি হলে মুনাফাৰ হাৰো হ্রাস পাব। লক্ষ্যণীয় যে মার্ক্সে উৎপাদনশীলতা বৃদ্ধিৰ দিশটো পাহৰি যোৱা নাছিল আৰু মুনাফা হাৰ নিম্নগামী হোৱাৰ অন্যতম কাৰণ হিচাপে তেওঁ উৎপাদনশীলতা বৃদ্ধিক চিহ্নিত কৰিছিল। লগতে মার্ক্সে কেতবোৰ প্রতি-প্রণতাও (countervailing tendencies) চিনাক্ত কৰিছিল, কিন্তু তেওঁ প্রায়ে পাহৰি গৈছিল যে পুঁজিবাদৰ অধীনত এনে কোনো শক্তি বা কার্যপদ্ধতি নাই যিয়ে শোষণৰ হাৰ ক্রমান্বয়ে সকলোতে সমান কৰি আনিব (আমি ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ কথা কৈছোঁ)। পুঁজিপতিয়ে আচলতে মুঠ বিনিময়ৰ (গতিশীল পুঁজি+স্থানু পুঁজি) বিপৰীতে কিমানখিনি মুনাফা আহৰণ কৰিব পাৰিছে, সেইবিষয়েহে চিন্তা কৰে লগতে পুঁজিপতি আৰু শ্রমিকৰ মাজত মজুৰী লৈ বিভিন্ন ধৰণৰ আলোচনা তথা সংঘাত হয়। স্থিতিস্থাপকতাৰ স্থিতি লাভ কৰাৰ সময়ত প্রতিযোগিতাৰ শক্তিয়ে ক্রমান্বয়ে বিভিন্ন পুঁজিৰ মাজত মুনাফা হাৰ তথা মজুৰী হাৰ সমান কৰিবলৈ ধৰে কিন্তু মুনাফা হাৰ সমান কৰাৰ অর্থই হৈছে যে ভিন ভিন জৈৱিক গঠনৰ পুঁজিৰ শোষণৰ হাৰ ভিন ভিন (অর্থাৎ অসমান) হব লাগিব। স্বয়ং মার্ক্সৰ মতেই, উৎপাদনৰ ভিন ভিন টেকনিকেল প্রয়োজন অনুসৰি বিভিন্ন উদ্যোগত পুঁজিৰ জৈৱিক গঠন ভিন ভিন ধৰণৰ হব। অর্থাৎ বিভিন্ন উদ্যোগ তথা খণ্ডত কাহানি কেতিয়াবা শোষণৰ হাৰ একে হৈ পৰিব  বুলি ভবাৰ কোনো সকামেই নাই। বাস্তক্ষেত্রতো আপুনি দেখিব যে যিকোনো পুঁজিপতিয়ে তেতিয়াহে কোনো শ্রম বচাব পৰা নতুন প্রযুক্তি ব্যহাৰ কৰে, যেতিয়া মজুৰী বিলৰ তুলনাত ই মুনাফাৰ পৰিমাণ বৃদ্ধি কৰে

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...