(ডাছ
কেপিটেলৰ সৈতে ইতিমধ্যেই পৰিচয় থকা লোকসকলে এই লেখনীটোত চিন্তাৰ বিশেষ খোৰাক
বিচাৰি পাব। অৱশ্যে নতুন পাঠকসকলেও যাতে কথাবোৰ বুজি পায়, তাৰ বাবে যথাসম্ভৱ চেষ্টা কৰা হৈছে। এক নতুন ষ্টাইলত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখনীটোৰ
প্রস্তুতিৰ ক্ষেত্রত আমাৰ কোনো মৌলিক কৃতিত্ব নাই। বিভিন্ন কিতাপ-পত্রৰ সহায়তেই
লেখনীটো প্রস্তুত কৰা হৈছে।)
যিটো আর্থিক ব্যৱস্থাৰ অধীনত আমি বসবাস কৰি আছোঁ, সেই ব্যৱস্থাটো মূলতে হৈছে এক বজাৰ ব্যৱস্থা – অর্থাৎ যত
বিভিন্ন সামগ্রীৰ ক্রয়-বিক্রয় কৰা হয়। আমি আমাৰ দৈনন্দিন প্রয়োজনৰ সামগ্রীবোৰ –
যেনে খাদ্য, কাপোৰ, নিত্য ব্যৱহার্য বিভিন্ন বৈদ্যুতিন উপকৰণ ইত্যাদি বজাৰত ক্রয় কৰোঁ। আনহাতে
এই বিভিন্ন ধৰণৰ ক্রয়বোৰ সম্ভৱপৰ কৰিবলৈ আমি কিছু সামগ্রী বিক্রয়ো কৰিব লগা হয়। বিশ্বৰ
গৰিষ্ঠসংখ্যক লোকে এইক্ষেত্রত বিক্রয় কৰা সামগ্রীবিধ হৈছে –তেওঁলোকৰ কাম কৰিব পৰাৰ
সক্ষমতা। অর্থাৎ আমি আমাৰ ‘শ্রম ক্ষমতা’ আন কাৰোবাৰ ওচৰত বিক্রয় কৰোঁ। এইদৰেই আমাৰ
জীৱনবোৰ পণ্যৰ ক্রয়-বিক্রয়ৰ ওপৰত নির্ভৰ কৰে। আৰু ঠিক এইখিনিতে মার্ক্সে ‘ডাছ
কেপিটেল’ৰ আৰম্ভণি কৰিছে।
মার্ক্সৰ ভাষাত –
“যিবোৰ সমাজত পুঁজিবাদী উৎপাদন পদ্ধতিয়ে প্রভুত্ব লাভ কৰিছে,
এনে সমাজবিলাকত সম্পদে পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে।”
মার্ক্সে এনে এক সময়ত ডাছ কেপিটেলখন লিখিছিল, যেতিয়া বিশ্বৰ এক বিশাল অংশত যেতিয়া বজৰুৱা সম্বন্ধবোৰে
প্রবেশেই কৰা নাছিল। এনে বহুতো সমাজ সেই সময়ত অস্তিত্বমান আছিল য’ত উৎপাদনৰ লক্ষ্য
আছিল মানুহৰ তাৎক্ষণিক প্রয়োজনবোৰ পূর্ণ কৰা, তেহেলৈ সেই
সমাজবোৰ চিকাৰ তথা লঘূ কৃষি কর্ম কৰা আদিম সমাজেই হওঁক বা কোনো সামন্তীয় প্রভুৰ
শাসনত পিষ্ট কৃষক সমাজেই হওঁক। আনকি যিবিলাক সমাজত বহু পূর্বৰে পৰা বজাৰ
অস্তিত্বমান আছিল – সেই সমাজবিলাকতো গৰিষ্ঠসংখ্যক লোক আছিল ক্ষুদ্র খেতিয়ক আৰু
তেওঁলোকে জীৱনৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রী নিজেই উৎপাদন কৰি লৈছিল। খুব কম
পৰিমাণৰ সামগ্রীহে এই পুৰণি সমাজবিলাকত ক্রয়-বিক্রয় কৰা হৈছিল। আজি পিছে বজাৰে
সমগ্র বিশ্বতে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে মার্ক্সৰ কথাখিনি কিছু সলনি কৰি
আজি আমি কব পাৰোঁ – “কিছু ব্যতিক্রম বাদে, সমগ্র
বিশ্বৰে সম্পদবোৰে আজি পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে”।