Tuesday, February 3, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ পঞ্চম অধ্যায়: 'ইতিহাস আৰু শ্রেণী সংগ্রাম'

Original: Revolutionary ideas of Karl Marx
Translation: Mayur Chetia



ইতিহাস বিষয়ক বেছিভাগ প্রচলিত ধাৰণাই শিশুসূলভ বুলি কব পাৰি। এই ধাৰণাবোৰৰ মতে ইতিহাস হৈছে ৰজা মহাৰজা, ৰাজনৈতিক নেতা-পালিনেতা, সেনাপতি, ধর্মগুৰু, বিয়াগোম শিল্পী অথবা ফিল্ম তাৰকা আদিৰ কৃতিত্বৰ লেখা-জোখা মাথো। ইতিহাস বিষয়ক এই ধাৰণাবোৰৰ উৎস হয়তো মধ্যযুগৰ বুৰঞ্জীবিদসকলৰ মাজত পোৱা যাব পাৰে যি ৰজা-মহাৰজাৰ প্রশস্তি লিখিয়েই পেট প্রবর্তন কৰিছিল। দুর্ভাগ্যজনকভাৱে, টেলিভিছন আৰু টেবলয়ডৰ কৃপাত আজিৰ তথ্য-প্রযুক্তিৰ যুগতো এনে ধাৰণাসমূহ অতিশয় সুলভ।


অৱশ্যে এনে শিশুসুলভ ধাৰণাসমূহৰ বিৰোধীৰ সংখ্যাও কম নহয়। এই বিৰোধীসকলে অতীতৰ পৰাই  যুক্তি দর্শাই আহিছে যে ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি আছে। মধ্যযুগত গীর্জাৰ মতাদর্শগত প্রভুত্বৰ ফলস্বৰূপে এই ক্রিয়াপদ্ধতিসমূহক ধর্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হৈছিল; মানুহৰ কর্মৰ আঁৰত ভগবানৰ ইচ্ছাই ক্রিয়া কৰে বুলি ভবা হৈছিল। মানুহে নিজ ইচ্ছা আৰু বাসনাবোৰ পূর্ণ কৰোঁতে সিবিলাকে অচেতনভাৱেই ভগবান সৃষ্ট ব্রহ্মাণ্ডৰ ক্রিয়াপদ্ধতি অনুসৰিয়েই আগবাঢ়ে বুলি ভবা হৈছিল। সেই অর্থত হেগেলক অন্তিমজন খ্রীষ্টিয় দার্শনিক বুলি কব পাৰি; তেওঁৰ মতে ইতিহাস হৈছে এনে এটি প্রক্রিয়া যাৰ বিকাশৰ দ্বাৰা পৰমাত্মাই চেতনা লাভ কৰে

১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ ফলস্বৰূপে ইতিহাস বিষয়ক কিছু চেকুলাৰ দৃষ্টিভংগী বিকশিত হ’ল। এই নতুন দৃষ্টিভংগীৰ অন্তর্ভাগত ভগবানৰ কোনো স্থান নাছিল। কিন্তু  তথাপিও ‘ইতিহাস মানেই মানসিক বিকাশৰে অগ্রগতি’ বুলি ভবাৰ পৰম্পৰা আলোকপ্রাপ্তিয়ে এৰিব নোৱাৰিলে। অর্থাৎ ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত যদি কোনো প্রাথমিক ক্রিয়াপদ্ধতি আছে, সেয়া মানসিক বিকাশৰ বাহিৰে আন একো নহয়। আলোকপ্রাপ্তিৰ এই দৃষ্টিভংগী মতে বুদ্ধি(reason)ৰ অহৰহ বিকাশৰ কাহিনীয়েই হৈছে ইতিহাস; বাৰম্বাৰ এই বুদ্ধিয়ে বিভিন্ন সামাজিক অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সিবিলাকক পৰাজিত কৰি ই ক্রমশঃ উচ্চতৰ অৱস্থালৈ গতি কৰিছে। অর্থাৎ ইতিহাস বিষয়ক আলোকপ্রাপ্তিৰ এই ধাৰণা ভাববাদী হোৱাৰ লগতে আশাবাদীও কিয়নো ই চিন্তা-চর্চাকেই ইতিহাস পৰিবর্তনৰ মূল কাৰণ হিচাপে গ্রহণ কৰে তথা এইবুলি মতপোষণ কৰে যে ব্যক্তিসকল আলোকপ্রাপ্ত/প্রবুদ্ধ হোৱাৰ লগে লগেই সমাজখনো প্রগতিৰ দিশেৰে ধাৱমান হ’ব।
১৮ তথা ১৯ শতিকাৰ সময়ছোৱাত আলোকপ্রাপ্তিৰ এই আশাবাদী ধাৰণাসমূহ সহজাত যেন অনুভৱ হৈছিল কিয়নো এই সময়ছোৱাতেই ইউৰোপীয় সমাজসমূহে ভীষণ বৈষয়িক তথা বৈজ্ঞানিক প্রগতি লাভ কৰিছিল। কিন্তু বিংশ শতিকাৰ প্রথম ভাগৰে পৰা দেখা গল – ইতিহাসে যেন ওলোটা দিশেৰেহে গতি কৰিছে। দুখনকৈ বিশ্বযুদ্ধ, নাজীবাদৰ ইহুদী নৰসংহাৰ, যোচেফ স্তালিনৰ শ্বাসৰুদ্ধকাৰী আমোলাতান্ত্রিক সমাজবাদ, এফালে পশ্চিমীয়া দেশসমূহৰ চৰম ঐশ্বর্য, আনফালে খাদ্যাভাৱত তৃতীয় বিশ্বৰ মহামাৰী ইত্যাদি অজস্র ঘটনা প্রবাহে আলোকপ্রাপ্তিৰ এই আশাবাদ  ভৰিৰে মোহাৰি পেলালে। বৈজ্ঞানিক প্রগতিৰ ফলত মানৱ জীৱন স্বয়ংক্রিয়ভাৱে উন্নততৰ হোৱাৰ বিপৰীতে, আণৱিক বোমা আদিৰ আৱিষ্কাৰে পৃথিবীখনক ধ্বংসৰ পথেৰেহে লৈ যোৱা যেন পৰিলক্ষিত হল।

ইতিহাসৰ এনে চলনাত হতাশগ্রস্থ হৈ বহুলোকে এইবুলিয়েই যুক্তি দর্শোৱা আৰম্ভ কৰিলে যে দৰাচলতে ইতিহাসৰ  কোনো নিয়মমাফিক ক্রিয়াপদ্ধতি নাই। ই হৈছে বিভিন্ন আকস্মিক তথা ট্রেজিক ঘটনাৰ খিচিৰি মাথো; উদাৰবাদী ৰাজনীতিবিদ হার্বার্ট ফিছাৰৰ মতে, ‘ইটোৰ পাছত সিটোকৈ বিভিন্ন জৰুৰীকালীন অৱস্থাৰ ধাৰাবাহিকতাই হৈছে ইতিহাস’। কবি জেমছ জয়েছৰ এটি চৰিত্রৰ ভাষাত, ‘ইতিহাস হৈছে এটা দুঃস্বপ্ন; মই তাৰ পৰা সাৰ পাবলৈকে চেষ্টা কৰি আছোঁ।’ বহু লোকেই  এই বক্তব্যৰ সৈতে সহমর্মিতা অনুভৱ কৰিলে। যিহেতু ইতিহাসৰ কোনো  নিয়মমাফিক ক্রিয়াপদ্ধতি নাই, সেয়েহে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰাটোও মূর্খামি মাত্র। অর্থাৎ ইতিহাসৰ দুঃস্বপ্নৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত প্রেম আদিৰ মাজতেই আশ্রয় লোৱা উচিত। নতুবা ব্যক্তিবিশেষৰ যদি কিছু প্রতিভা তথা টকা-সিকা আছে, তেনেহলে তেওঁ ব্যক্তিগত কৃতিত্বৰ মাজতেই শান্তি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে

মার্ক্সৰ লেখনীত আলোকপ্রাপ্তিৰ  নিৰীহ আশাবাদ আৰু বিংশ শতিকাসদৃশ ঘোৰ নিৰাশাবাদ – এই দুয়োটাৰে সমালোচনা দেখা পোৱা যায়। মার্ক্সে লিখিছে যে ইতিহাসৰ কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি নিশ্চয়েই আছে। কিন্তু সেইবুলি কোনো ‘মানৱ মানসৰ অহৰহ বিকাশ’ৰ ৰূপত তাৰ চিনাক্তকৰণ কৰিব নোৱাৰি। বৰঞ্চ মার্ক্সৰ আৰম্ভণি বিন্দুটোৱেই হৈছে যে ‘বাস্তৱিক  মানুহ, তেওঁলোকৰ বাস্তৱিক কাম-কাজ, তেওঁলোকৰ জীৱনধাৰণৰ প্রকৃত স্থিতি...আদি অধ্যয়ন কৰিয়েই  ইতিহাসৰ ক্রিয়াপদ্ধতি সন্ধান কৰিব লাগিব’ (Collected Works, Vol. V, 31) 


উৎপাদন আৰু সমাজ
১৮৪৪ চনৰ আর্থিক আৰু দার্শনিক পাণ্ডুলিপিসমূহতেই মার্ক্সে ঘোষণা কৰিছিল - মানুহ হৈছে সর্বপ্রথমে উৎপাদনকর্তা এই উৎপাদনৰ দুটা দিশ আছেঃ বস্তুগত আৰু সামাজিক।  বস্তুগত দিশ বুলিলে মানুহ আৰু প্রকৃতিৰ আন্তঃসম্পর্কৰ কথা উল্লেখ কৰিব পাৰিপ্রকৃতিৰ বুকুত হস্তক্ষেপ কৰিয়েই, বা প্রকৃতিক ৰূপান্তৰিত কৰিয়েই মানুহে জীৱিকাৰ প্রয়োজনসমূহ পূর্ণ কৰেএইক্ষেত্রত কেনেধৰণৰ সঁজুলি-পাতি ব্যৱহাৰ কৰা হৈছে তথা কেনেদৰে উৎপাদনৰ প্রক্রিয়াটো সংগঠিত কৰা হৈছে – এই প্রশ্নবোৰ প্রাসংগিক হৈ পৰে  আনহাতে উৎপাদনৰ সামাজিক দিশ বুলিলে কেনেধৰণৰ সামাজিক সংগঠনৰ অধীনত মানুহে কাম কৰে – এই প্রশ্নটো মূল হৈ পৰেউৎপাদন-প্রক্রিয়াটো হৈছে এটি সামাজিক প্রক্রিয়া, যাৰ অধীনত মানুহে জীৱিকাৰ প্রয়োজনসমূহ পূর্ণ কৰিবলৈ পৰস্পৰৰ সৈতে সহযোগ কৰেঅর্থাৎ উৎপাদন-প্রক্রিয়াটোত অংশগ্রহণ কৰা লোকসকলৰ মাজত কেতবোৰ  সামাজিক সম্পর্ক স্থাপিত হয়। উৎপাদন-প্রক্রিয়াটো কোনে নিয়ন্ত্রণ কৰিছে, তথা কেনেদৰে উৎপাদিত সামগ্রীসমূহ বিতৰণ কৰা হৈছে – এই প্রশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ হলে  উৎপাদনৰ সামাজিক সম্পর্কসমূহ সঠিককৈ বুজি উঠাটো প্রয়োজনীয়।

মার্ক্সে উৎপাদনৰ বস্তুগত দিশটোক ‘উৎপাদিকা শক্তি’ তথা  সামাজিক দিশটোক ‘উৎপাদন সম্পর্ক’ নামেৰে নামাকৰণ কৰিছে।  

যিকোনো সমাজ এখনত উৎপাদিকা শক্তিৰ চৰিত্র ‘শ্রম প্রক্রিয়া’টোৰ ওপৰত নির্ভৰ কৰে  এই যে মানুহে প্রকৃতিৰ বুকুত হস্তক্ষেপ কৰি প্রকৃতিক ৰূপান্তৰিত কৰে, এই প্রক্রিয়াটোকে শ্রম প্রক্রিয়া বোলা হৈছে। মার্ক্সে লিখিছে, ‘শ্রম হৈছে পোন প্রথমেই মানুহ আৰু প্রকৃতিৰ মাজত স্থাপিত হোৱা এটি প্রক্রিয়া, য’ত মানুহে নিজ ক্রিয়াৰ দ্বাৰা প্রকৃতি আৰু মানুহৰ জৈৱ-সম্পর্কটোক পৰিচালন, নিয়ন্ত্রণ তথা মধ্যস্থকৰণ কৰে’ (Capital, Vol. i, 283) 

মানুহে কেনেদৰে নিজৰ প্রয়োজনসমূহ পূর্ণ কৰে, তাৰ এটি লেখা-জোখা লোৱা যাওঁক। একেবাৰে আদিম যুগত মানুহে জন্তু চিকাৰ কৰিয়েই জীৱন নির্বাহ কৰিছিল। চিকাৰৰ বাবে শাৰীৰিক শক্তি, কৌশল তথা অস্ত্র প্রয়োজনীয় আছিল। প্রকৃতিৰ বুকুত সহজলভ্য জোঙা শিল, লাঠি আদিৰ লগতে মানুহে নিজেও কেতবোৰ অস্ত্র – যেনে যাঠী, কুঠাৰ আদি বিকশিত কৰি লৈছিল। এসময়ত মানুহে মাটি চহাই শস্য উৎপাদন কৰিবলৈ শিকিলে। খেতিৰ বাবেও শাৰীৰিক শক্তি আৰু কৌশল প্রয়োজনীয় আছিল। পিছে এইবাৰ আগতকৈ বেছি উন্নত সঁজুলিৰ দৰকাৰ হল। অৱশেষত আধুনিক যুগত ফেক্টৰী ব্যৱস্থাৰ আৱির্ভাৱ হল। পূর্বৰ দৰেই এইবাৰো প্রকৃতিয়েই বিভিন্ন সামগ্রী যেনে কেঁচা মাল আদিৰ যোগান ধৰিলে। মানুহে যোগান ধৰিলে শ্রম-শক্তিৰবিভিন্ন উন্নত সঁজুলি যেনে মেচিন, ইলেকট্রনিক কম্পিউটাৰ আদি ব্যৱহাৰ কৰি মানুহে ঔদ্যোগিক সমাজ এখন স্থাপন কৰিলে।

এই আটাইকেওটা উদাহৰণতে তিনিটা বিশেষ উপাদান চিনাক্ত কৰিব পাৰিঃ প্রথমটো উপাদান হৈছে - ‘প্রকৃতি’; এই প্রকৃতিৰ বুকুৰ পৰাই মানুহে চিকাৰ কৰা জন্তু, শস্য উৎপাদন কৰা বীজ তথা ফেক্টৰীত ব্যৱহাৰ কৰা কেঁচা-মাল আহৰণ কৰেদ্বিতীয়টো উপাদান হৈছে মানৱ শ্রম আৰু  তৃতীয়টো উপাদান হৈছে সঁজুলি; যেনে নাঙল, ট্রেক্টৰ, কম্পিউটাৰ আদি।

মার্ক্সে এই আটাইবোৰ উপাদানকে দুটা শীর্ষকৰ অধীনত বিভক্ত কৰিছে মার্ক্সে লিখিছে যে শ্রম প্রক্রিয়াটোৰ দুটা উপাদান থাকেঃ মানৱ শ্রম শক্তি তথা উৎপাদন সমল(means of production)উৎপাদন সমলৰ আকৌ দুটা শ্রেণী বিভাগ আছেঃ  মাটি তথা বিভিন্ন কেঁচা-মাল, যাৰ ওপৰত মানুহে শ্রম কার্য সমাপন কৰেঅর্থাৎ এইবোৰ হৈছে ‘শ্রমৰ চাবজেক্ট’। আনহাতে মানুহে উৎপাদন কার্যত ব্যৱহাৰ কৰা বিভিন্ন সঁজুলিসমূহক মার্ক্সে ‘শ্রম সঁজুলি’ নাম দিছে।


মানুহ          = মানৱীয় শ্রম দক্ষতা/ শ্রম কৰিব পৰা ক্ষমতা  
শ্রম চাবজেক্ট = কেঁচা মাল, মাটি আদি
শ্রম সজুঁলি      = মেচিন, নাঙল, ট্রেক্ট আদি

উৎপাদিকা শক্তি = মানৱীয় শ্রম দক্ষতা+শ্রম সজুঁলি
উৎপাদন সমল   = শ্রম চাবজেক্ট(কেঁচা মাল, মাটি আদি) + শ্রম সজুঁলি (মেচিন, নাঙল আদি)



এই শ্রমৰ সঁজুলিসমূহ হৈছে শ্রম প্রক্রিয়াটোৰ এটি গুৰুত্বপূর্ণ উপাদান। কিয়নো মানুহে কেনেধৰণৰ বস্তু উৎপাদন কৰিব পাৰিব, সেয়া মানুহৰ সঁজুলিৰ ওপৰতেই নির্ভৰ কৰিবঃ

চাবলৈ গলে কিছুমান পশুৱেও শ্রমৰ সঁজুলি নির্মাণ আৰু  প্রয়োগ কৰে; কিন্তু তথাপিও ই হৈছে মূলতঃ  মানৱ শ্রম প্রক্রিয়াৰে এটি বিশেষ বৈশিষ্ট্য সেয়েহে বেঞ্জামিন ফ্রেংকলিনে মানুহক ‘সঁজুলি নির্মাণ কৰা জন্তু’ বুলি কৈছে। কি  নির্মাণ কৰা হৈছে – সেয়া মূল কথা নহয়; বৰঞ্চ মূল কথা হৈছে – কেনেদৰে নির্মাণ  কৰা হৈছে, কেনেধৰণৰ সঁজুলি এইক্ষেত্রত ব্যৱহাৰ কৰা হৈছে।  বিভিন্ন আর্থিক যুগসমূহক ইয়াৰ ভিত্তিতেই চিনাক্ত কৰিব পৰা যায় (Capital, Vol.i, 286)

মানুহৰ প্রয়োজনৰ পূৰণার্থে প্রকৃতিৰ বুকুৰ পৰা  আহৰণ কৰা প্রক্রিয়াটোৱেই হৈছে শ্রম প্রক্রিয়া।  ... ই হৈছে প্রকৃতিয়ে নির্ধাৰিত কৰি দিয়া মানৱ অস্তিত্বৰ চর্ত...সেয়েহে সকলো ধৰণৰ মানৱ সমাজতে ইয়াৰ অস্তিত্ব দেখিবলৈ পোৱা যাব। সেয়েহে শ্রমিকসকলৰ মাজত বিকশিত হোৱা আন্তঃসম্পর্কৰ প্রশ্নটো এইক্ষেত্রত প্রাসংগিক নহয়। গতিকে এইবুলি কলেই যথেষ্ঠ হব যে এফালে মানুহ আৰু মানৱ শ্রম আছে আৰু আনফালে আছে প্রকৃতি তথা তাৰ বিভিন্ন উপাদান। ভাতৰ সোৱাদ লৈ আপুনি কব নোৱাৰে, কোনে চাউলখিনি উৎপাদন কৰিছে  অর্থাৎ এই যে শ্রম প্রক্রিয়াৰ কথা আমি কৈ আছোঁ – সি কেনেধৰণৰ পৰিস্থিতিৰ মাজত  সংঘটিত হব – সি দাস-প্রভূৰ সৌকাৰ কোবত সংঘটিত হব, নে পুঁজিপতিৰ লুভীয়া দৃষ্টিৰ নিয়ন্ত্রণত সংঘটিত হব, সেয়া সদ্যহতে বিচার্য বিষয় নহয় (Capital, Vol. i, 290)

আন কথাত, শ্রম প্রক্রিয়াৰ সংগঠনে সমাজখনৰ চৰিত্র কেনেধৰণৰ হব – সেয়া নির্ধাৰণ নকৰে শ্রম প্রক্রিয়া সকলো সমাজতে থাকিব; সকলো সমাজতে মানুহে প্রকৃতিৰ সৈতে খেলা কৰিব; প্রকৃতিৰ বুকুৰ পৰা উপাদান আহৰণ কৰি মানুহে প্রকৃতিক ৰূপান্তৰিত কৰিব।  শ্রম বিভাজনো সকলো সমাজতেই থাকিব; কিন্তু তাৰ দ্বাৰাই সমাজখনৰ চৰিত্র বুজিব পৰা নাযাব আনহাতে, আদিম সমাজৰ ঝুম খেতি আৰু আধুনিক যুগৰ ঔদ্যোগিক উৎপাদন প্রক্রিয়াৰ মাজত নিশ্চিতভাৱেই কেতবোৰ পার্থক্য আছে। এই পার্থক্যৰ কাৰণ হৈছে মানৱ শ্রম শক্তিৰ বর্ধিত সক্ষমতা, বৈজ্ঞানিক জ্ঞানৰ বিকাশ, আৰু সিবিলাকৰ ফলস্বৰূপে সৃষ্টি হোৱা অত্যাধুনিক যন্ত্র-পাতি তথা সা-সঁজুলি।

এই উপাদানবোৰেই  শ্রম প্রক্রিয়াৰ বস্তুগত পৰিসীমা নির্ধাৰণ কৰে  উদাহৰণস্বৰূপে, মটৰ গাড়ী এখন নির্মাণ কৰিবলৈ হলে কেতবোৰ বিশেষ কাৰিকৰী কৌশল তথা বৈজ্ঞানিক জ্ঞান প্রয়োজনীয় হব। ইন্টাৰনেল কম্বাছশ্যন ইঞ্জিন নির্মাণ কৰিব পৰাকৈ বৈজ্ঞানিক প্রগতি ইতিমধ্যেই সমাজখনত সম্ভৱপৰ হব লাগিব। গাড়ীখনৰ অৱয়ব নির্মাণ কৰিবলৈ ধাতু গলোৱা বিদ্যা ইতিমধ্যেই বিকশিত হব লাগিব; টায়াৰ নির্মাণ কৰিব পৰাকৈ বিশুদ্ধ ৰবৰ উপলভ্য হব লাগিব। অর্থাৎ এই সমস্ত কাৰিকৰী সক্ষমতা ইতিমধ্যেই বিকশিত হৈ উঠিলেহে গাড়ী এখন নির্মাণ কৰিব পৰা যাব। নকলেও হব যে এনে কাৰিকৰী সক্ষমতা তথা বৈজ্ঞানিক জ্ঞান ভবিষ্যতৰ সমাজবাদী সমাজতো প্রয়োজনীয় হব।

আন কথাত, শ্রম প্রক্রিয়াটোৰ মাজত  মানৱ প্রযুক্তিৰ বিকাশৰেই প্রতিফলন ঘটে।  শ্রম প্রক্রিয়াৰ উন্নয়নৰ অর্থ হৈছে উন্নত উৎপাদন প্রক্রিয়া। সহজ ভাষাতঃ  কম শ্রম প্রয়োগ কৰি অধিক বস্তু উৎপাদন কৰিব পৰা ক্ষমতাকেই শ্রম প্রক্রিয়াৰ উন্নয়ন বুলি কব পাৰি অর্থাৎ  ই জীৱন ধাৰণৰ বাবে প্রয়োজনীয় বস্তুগত উৎপাদনৰ বোজা  লাঘৱ কৰেই প্রকৃতিৰ ওপৰত মানৱ নিয়ন্ত্রণ বঢ়াই তোলে। উদাহৰণস্বৰূপে, পূর্বৰ বিপৰীতে আজিৰ সময়ত খৰাং বতৰ হলেই দুর্ভিক্ষ সৃষ্টি হোৱা পৰিবেশ বহুখিনি লাঘব হৈছে।

মার্ক্সে বিশ্বাস কৰিছিল যে উৎপাদিকা শক্তিৰ বিকাশ অহৰহ হৈ থাকিব আজিৰ সমাজখনৰ প্রযুক্তিগত তথা বৈজ্ঞানিক প্রগতিৰ ভিত্তিতেই ভবিষ্যত সমাজখনৰো নির্মাণ সম্ভৱপৰ হব। শ্রম প্রক্রিয়াৰ উন্নয়নে উৎপাদন কার্যসমূহকো অধিক কার্যকুশলী কৰি তুলিব তথা প্রকৃতিৰ ওপৰত মানৱ নিয়ন্ত্রণ বৃদ্ধি কৰিব। মার্ক্সৰ মতে নব্য-প্রস্তৰ যুগত মানুহে শস্য সিঁচিবলৈ তথা  পশুপালন কৰিবলৈ শিকাৰে পৰা  এই প্রক্রিয়াটো অহৰহভাৱে চলি আহিছে।

জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ হলে উৎপাদিকা শক্তিৰ বিকাশ নিশ্চিতভাৱে হবই লাগিব। ভবিষ্যতৰ কমিউনিষ্ট যুগতো শ্রম প্রক্রিয়াসমূহ “প্রকৃতি নির্ধাৰিত মানৱ অস্তিত্বৰ চর্ত” বুলিয়েই চিহ্নিত হব। কিন্তু সেইবুলি উৎপাদিকা শক্তিৰ বিকাশৰ উমান ললেই ঐতিহাসিক পৰিবর্তন তথা বিকাশৰ ধাৰা বুজি পোৱাটো সম্ভৱপৰ নহব।  উৎপাদিকা শক্তিসমূহ মানুহে কেনেকৈ ব্যৱহাৰ কৰে, বৈজ্ঞানিক জ্ঞান আৰু কাৰিকৰী কৌশল-পাতি কেনেদৰে বিকশিত হয় – এইবোৰ প্রশ্নৰ উত্তৰ পাবলৈ হলে উৎপাদন সম্পর্কসমূহৰ প্রতিও মন দিব লাগিব।

উৎপাদন সম্পর্কৰ অর্থ কি? এই প্রশ্নটোৰ উত্তৰ বিচৰাৰ আগেয়ে উৎপাদন প্রক্রিয়াটোৰ  সামাজিক দিশসমূহৰ প্রতি মন কৰক। মার্ক্সৰ মতে, দুটি ভিন ভিন অর্থত উৎপাদন প্রক্রিয়াটোক সামাজিক বুলি কব পাৰিঃ ১) কাম মানেই হৈছে সামাজিক ক্রিয়া কিয়নো কেইবাজনো ব্যক্তিৰ সহযোগৰ দ্বাৰাহে উৎপাদন কার্যই ঈপ্সিত লক্ষ্যত উপনীত হব পাৰেএই অর্থত  উৎপাদনৰ বস্তুনিষ্ঠ পৰিস্থিতিয়েই ব্যক্তিসকলৰ মাজৰ সম্পর্কসমূহ নির্ধাৰণ কৰে শ্রম প্রক্রিয়াৰ বৈশিষ্ট্য তথা প্রতিজন ব্যক্তিৰ নিজস্ব দক্ষতা অনুসৰিয়েই  তেওঁলোকৰ মাজত নির্দিষ্ট কর্মভাৰ বিতৰণ কৰা হয়। ২) পিছে উৎপাদনৰ আন এটি সামাজিক দিশো আছে যত উৎপাদনৰ  সমলসমূহ - অর্থাৎ সঁজুলি, কেঁচা-মাল আদিয়ে পুণৰ এটি  নির্ণায়ক ভূমিকা পালন কৰেমার্ক্সে লিখিছেঃ

উৎপাদনৰ সামাজিক ৰূপ যিয়েই নহওঁক কিয়, শ্রমিক তথা উৎপাদন সমল তাত সদায়ে থাকিব। উৎপাদন চলি থাকিবলৈ হলে শ্রমিক আৰু উৎপাদন সমলসমূহৰ মাজত ঐক্য স্থাপন হব লাগিব। বিভিন্ন যুগত এই ঐক্য ভিন্ন ৰূপত স্থাপিত হয়। আচলতে এই ভিন ভিন ৰূপৰ ভিত্তিতেই বিভিন্ন আর্থিক যুগসমূহকো চিনাক্ত কৰিব পাৰি(Capital, Vol. ii, 36–37).

মার্ক্সে যুক্তি দর্শাইছে যে উৎপাদন সমলসমূহ কোনে নিয়ন্ত্রণ কৰে – এই প্রশ্নটোৰ উত্তৰ সন্ধান কৰাৰ পাছতহে সমাজ একোখনৰ উৎপাদনৰ চৰিত্র, অর্থাৎ চমুকৈ সমাজখনৰ চৰিত্র – বুজিব পৰা যাব। এনে হোৱাৰ আঁৰত দুটা কাৰণ আছে। প্রথমঃ  উৎপাদন সমলৰ অবিহনে কোনো উৎপাদন প্রক্রিয়ায়েই সম্ভৱপৰ হব নোৱাৰেদ্বিতীয়তে, উৎপাদন সমলসমূহ সমাজখনত কেনেদৰে বিতৰণ কৰা হৈছে – এই প্রশ্নটোৱেই সমাজৰ শ্রেণী বিভাজনৰো সম্ভেদ দিয়ে। কিয়নো প্রকৃত উৎপাদনকাৰীসকলেই যে উৎপাদন সমলসমূহৰো মালিক হব লাগিব – এই জাতীয় কোনো ঈশ্বৰ প্রদত্ত নিয়ম কানুন নাই। সমাজত শ্রেণী বিভাজন তেতিয়াই সৃষ্টি হয় যেতিয়া “প্রত্যক্ষ উৎপাদনকাৰীসকল” উৎপাদন সমলৰ পৰা বিচ্ছিন্ন হৈ পৰে, যেতিয়া এই উৎপাদন সমলসমূহ কাম নকৰা একোটা মুষ্টিমেয় গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্রিত হৈ পৰে

উৎপাদিকা শক্তিসমূহ বিকশিত হৈ এটা নির্দিষ্ট পর্যায় লাভ কৰাৰ পাছতহে উৎপাদনকাৰীৰ পৰা উৎপাদন সমলসমূহৰ বিচ্ছিন্নকৰণ সংঘটিত হয়। শ্রেণী সমাজৰ কর্মদিবস একোটিক মার্ক্সে দুটা ভাগত বিভক্ত কৰিছে। প্রথম ভাগটোত উৎপাদনকর্তাজনে প্রয়োজনীয় শ্রম সমাপন কৰেআন কথাত, জীয়াই থাকিবলৈ যিখিনি সামগ্রী প্রয়োজনীয় হয়, সেইখিনি উৎপাদনকর্তাজনে উৎপাদন কৰে (পুঁজিবাদৰ অধীনত শ্রমিকে জীৱিকাৰ বাবে প্রয়োজনীয় সামগ্রীখিনি নিজেই উৎপাদন নকৰে; বৰঞ্চ বজাৰত সেই সামগ্রীখিনি কিনিব পৰাকৈ সম-মূল্যৰ সামগ্রী উৎপাদন কৰেপুঁজিপতিৰ পৰা শ্রমিকে নগদ মজুৰী লাভ কৰে যাৰ বিনিময়ত জীৱিকাৰ সামগ্রীখিনি কিনি লোৱা হয়। অৱশ্যে মূল সমীকৰণটো পুঁজিবাদৰ অধীনতো একেই  থাকে)। কর্ম দিবসৰ দ্বিতীয় ভাগটোত উৎপাদনকাৰীজনে উদ্বৃত্ত বা অতিৰিক্ত শ্রম কৰেএই সময়খিনিত উৎপাদন কৰা অতিৰিক্ত সামগ্রীবোৰ শ্রমিকৰ নিজৰ হৈ নাথাকেগৈ। বৰঞ্চ উৎপাদন সমলৰ মালিকেই এই সামগ্রীখিনি হস্তগত কৰে   মার্ক্সৰ ভাষাতঃ

যেতিয়াই সমাজৰ কোনো অংশ একোটাই উৎপাদন সমলসমূহৰ ওপৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰে, তেতিয়াই শ্রমিকজনে নিজৰ জীৱিকাৰ বাবে প্রয়োজনীয় শ্রমৰ উপৰিও উৎপাদন সমলৰ মালিকৰ বাবেও অতিৰিক্ত শ্রম কৰিব লগা হয় যাতে মহাশয়ৰ ভৰণ পোষণৰ খৰছ উলিয়াব পাৰিএই মালিকজন প্রাচীন ৰোমান নাগৰিকো হব পাৰে, ... আমেৰিকান দাস-প্রভুও হব পাৰে, বা  জমিদাৰ তথা আধুনিক পুঁজিপতিও হ’ব পাৰে (Capital, Vol. ii, 344–45)

সেয়েহে শ্রেণী সমাজৰ ভিত্তিয়েই হৈছে শোষণ, অর্থাৎ উৎপাদন সমল নিয়ন্ত্রণ কৰা মুষ্টিমেয় শাসক গোষ্ঠীৰ দ্বাৰা সংখ্যাগৰিষ্ঠ শ্রমজীৱি জনগণৰ অতিৰিক্ত শ্রম-সময়ৰ হৰণ। অৱশ্যে মানৱ সভ্যতাৰ আদিম সময়ছোৱাত (যাক মার্ক্সে “আদিম সাম্যবাদ” নামেৰে নামাকৰণ কৰিছে), যেতিয়া উৎপাদন সমলসমূহৰ ওপৰত সকলোৰেই সামূহিক স্বামীত্ব আছিল, এই সময়ছোৱাত উদ্বৃত্ত্ব শ্রম/সামগ্রী প্রায় নাছিলেই বুলি কব পাৰিসমাজৰ প্রাথমিক প্রয়োজনসমূহ পূর্ণ কৰিবলৈকে মানুহে সমগ্র দিনটো শ্রম কৰিব লগা হৈছিল। অর্থাৎ দিনজোৰা শ্রমৰ বেছিভাগ সময়েই প্রয়োজনীয় শ্রমৰ আওঁতাত পৰিছিল।

লাহে লাহে উৎপাদন প্রযুক্তিৰ বিকাশ ঘটিল। মানুহে নিজৰ জীৱিকাৰ বাবে প্রয়োজনীয় সামগ্রীখিনিতকৈ অধিক উৎপাদন কৰিবলৈ সক্ষম হল। অর্থাৎ উদ্বৃত্ত সামগ্রীৰ পৰিমাণ বৃদ্ধি হল। অর্থাৎ এজন মানুহৰ শ্রমৰ বলতে দুজন বা তিনিজন ব্যক্তিয়ে খাই থাকিব পৰা অৱস্থা এটা সৃষ্টি হল।  পিছে সকলো মানুহৰে  জীৱন স্তৰ উন্নত কৰিব পৰাকৈ সেয়া যথেষ্ঠ নাছিল। গতিকেই ৰাজনৈতিক ক্ষমতাৰ বলতেই হওঁক, বা অধিক কর্মদক্ষতাৰ বলতেই হওঁক, সমাজৰ সংখ্যালঘিষ্ঠ একোটি গোষ্ঠীয়ে এই উদ্বৃত্তখিনিৰ ওপৰত মালিকানা অধিকাৰ দাবী কৰিলে। তেওঁলোকেই সমাজৰ সমস্ত উদ্বৃত্তখিনি কুক্ষিগত কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈয়ে শ্রেণী সমাজৰ আৱির্ভাৱ ঘটিল।

এংগেলছৰ ভাষাতঃ

মানৱ শ্রমৰ এই আপেক্ষিকভাৱে অবিকশিত উৎপাদনশীলতাৰ মাজতেই শোষক আৰু শাসিতৰ সকলো ঐতিহাসিক সংঘাতৰ কাৰণ বিচাৰি পোৱা যাব। যেতিয়ালৈকে শ্রমজীৱি জনগণে প্রয়োজনীয় শ্রমৰ মাজতেই ব্যস্ত হৈ থাকিব লগা হৈছিল, তেতিয়ালৈকে সমাজৰ আন আন সমূহীয়া কামসমূহ (যেনে শ্রমৰ দিক নির্ধাৰণ কৰা, আইন প্রণয়ন কৰা, ৰাষ্ট্র নিয়ন্ত্রণ কৰা, বিজ্ঞান, কলা-সাহিত্যৰ চর্চা কৰা  ইতাদি) সমাপন কৰিবলৈ  বিশেষ একোটাহঁত শ্রেণীৰ প্রয়োজনীয়তা আছিল।  এই শ্রেণীটো প্রকৃত শ্রম কৰাৰ প্রয়োজনীয়তাৰ পৰা মুক্ত আছিল আৰু ই সদায়েই নিজৰ সুবিধাৰ বাবে শ্রমজীৱি শ্রেণীটোৰ ওপৰত অধিকতকৈ অধিকতৰ কাম জাপি দিবলৈ নেপাহৰিছিল  (Anti Duhring, 217–18)


এইখিনিতে এটা কথাঃ উৎপাদন  সমলৰ আইনী মালিকীস্বত্ত্ব আৰু উৎপাদন সমলৰ নিয়ন্ত্রণ – এই দুয়োটা ইটো সিটোৰ সমার্থক নহয়। এইখিনিতে মার্ক্সে থমাছ হবছ আদি বুর্জোৱা চিন্তাবিদৰ সমালোচনা কৰিছে। হবছৰ মতে ‘শক্তিয়েই হৈছে মালিকানাৰ আধাৰ’(might is right)পিছে মার্ক্সৰ মতে, “শক্তিক যদি মালিকানাৰ আধাৰ বুলি ভবা হয়,...তেনেহলে মালিকানা, আইন ইত্যাদিবোৰ হৈছে [আন কিহবাৰ] লক্ষণ মাত্র। অর্থাৎ সিবিলাকৰ মাজেদি আন কেতবোৰ সম্পর্কৰ প্রতিফলন ঘটিছে; এই সম্পর্কসমূহৰ ওপৰতেই  ৰাষ্ট্র শক্তিও আশ্রয়শীল হয়”(Collected Works, Vol. v, 329)

উৎপাদন সম্পর্ক আৰু সম্পত্তিৰ মালিকানাৰ আইনী ৰূপ – এই দুয়োটাৰে মাজত কিছু গুৰুত্বপূর্ণ পার্থক্য আছে। বহুতেই ভাবে যে উৎপাদন সমলৰ ওপৰত কোনো ব্যক্তিগত পুঁজিপতিৰ মালিকানা তথা নিয়ন্ত্রণ থাকিলেহে তাক পুঁজিবাদ বুলি কব পাৰিসেয়েহে আধুনিক বহুজাতিক নিগমসমূহত – য’ত মালিকৰ পৰিবর্তে বেতনভোগী মেনেজাৰেহে কাম-কাজ চালনা কৰে, আৰু যত মেনেজাৰৰো কিছু শতাংশ শ্বেয়াৰ থাকে – সিবিলাকক ঠিক পুঁজিবাদী নিগম নহয় বুলিও কিছু সংখ্যক লোকে দাবী কৰে! আচলতে এনেধৰণৰ দাবীৰ কোনো সত্যতা নাই। কিয়নো  উৎপাদন সমলৰ ওপৰত প্রকৃততে কোনে নিয়ন্ত্রণ সাব্যস্ত কৰিছে – সেইটোহে মূল কথা। তেহেলৈ আইনী ৰূপত যিয়েই মালিক নহওঁক কিয়। সেয়েহে উৎপাদন সমলৰ চৰকাৰীকৰণকো চিধাই সমাজবাদৰ নামান্তৰ বুলি কব পৰা নাযায়। বৰঞ্চ আমি চাব লাগিব যে উৎপাদন সমলসমূহক কোনে নিয়ন্ত্রণ কৰিছে তথা উৎপাদিত উদ্বৃত্তৰ প্রয়োগ কোনে আৰু কেনেকৈ কৰিছে। এই সমস্ত প্রক্রিয়াসমূহৰ ওপৰত শ্রমিকৰ নিয়ন্ত্রণ সাব্যস্ত হলেহে ব্যৱস্থা একোটাক সমাজবাদী বুলি কব পৰা যাব

মড অ প্রডাকচন ৰু শ্রেণী সংগ্রাম
উৎপাদন সম্পর্ক মানে  ব্যক্তিসকলৰ মাজত গঢ়ি উঠা স্বাধীন মানৱীয় সম্পর্ক নহয়। উৎপাদন সম্পর্ক মানে উৎপাদনৰ প্রক্রিয়া একোটাত অন্তর্ভুক্ত হওঁতে মানুহৰ মাজত যেনেধৰণৰ সম্পর্ক গঢ়ি উঠে –যেনে পুঁজিপতি বনাম শ্রমিক; জমিদাৰ বনাম কৃষক – তাৰ কথাই কোৱা হৈছে। সমাজ একোখনৰ চৰিত্র বুজিবলৈ হলে এই উৎপাদন সম্পর্কসমূহৰ প্রতি মন দিব লাগিবমার্ক্সৰ ভাষাতঃ

প্রত্যক্ষ উৎপাদনকাৰীৰ পৰা যিটো বিশেষ আর্থিক ৰূপ(economic form)ত  অভুক্ত উদ্বৃত্ত শ্রম(unpaid surplus labour) উলিয়াই অনা হয়, তাৰ ভিত্তিতেই শাসক আৰু শাসিতৰো সম্পর্ক নির্ধাৰিত হয়। উৎপাদন পৰিস্থিতিৰ মালিক আৰু প্রত্যক্ষ উৎপাদনকাৰীৰ মাজত গঠিত হোৱা সম্পর্কটোৰ প্রতি লক্ষ্য কৰিলেই সামগ্রিকভাৱে সামাজিক গাঁথনিটোৰো ৰহস্য উন্মোচন কৰিব পৰা যাব। এই সম্পর্কটোৱে আকৌ শ্রম পদ্ধতিৰ বিকাশৰ বিশেষ স্তৰ – অর্থাৎ সামাজিক উৎপাদনশীলতাৰ বিকাশৰ বিশেষ  স্তৰ একোটা  প্রতিফলিত কৰে (Capital, Vol. iii, 791)

এই ধাৰণাসমূহৰ পৰাই কমিউনিষ্ট মেনিফেষ্টোৰ এই বিখ্যাত উক্তিকেইটিৰ জন্ম হৈছেঃ  

আজিলৈকে দেখা পোৱা সকলো সমাজৰে ইতিহাস হৈছে শ্রেণী সংগ্রামৰ ইতিহাস। স্বাধীন নাগৰিক আৰু দাস, পেট্রিচিয়ান আৰু প্লেবিয়ান, সামন্ত প্রভু আৰু সামন্ত-দাস...অর্থাৎ একেষাৰতে কবলৈ গলে শোষক আৰু শোষিতৰ মাজত সদায়েই... সংঘাতৰ সূচনা হৈছে।  এই সংঘাতৰ ফলস্বৰূপে কেতিয়াবা সমাজৰ বৈপ্লৱীক পুণর্গঠন হৈছে, নহলে দুয়োটা শ্রেণীৰে ধ্বংসসাধন হৈছে।

সামন্তীয় সমাজৰ বুকুৰ পৰা জন্ম লাভ কৰা আধুনিক বুর্জোৱা সমাজখনতো শ্রেণী সংগ্রামৰ অৱসান ঘটা নাই। বৰঞ্চ পুৰণিৰ ঠাইত ই নতুন শ্রেণী কেতবোৰ জন্ম দিছে, শোষণৰ নতুন পৰিস্থিতি সৃষ্টি কৰিছে তথা সংগ্রামৰো নতুন ৰূপ বিকশিত কৰিছে (Collected Works, Vol. vi, 483-485).

শ্রেণী সংগ্রামৰ ধাৰণাটো আজিকালি বুর্জোৱা চিন্তাবিদসকলেও কিছুদূৰৈলৈ গ্রহণ কৰি লৈছে। সেয়েহে ইতিহাস পৰিবর্তনৰ ক্ষেত্রত শ্রেণী সংগ্রামৰ ভূমিকা শীর্ষক ধাৰণাটোৱে ১৮৪৮ চনত কেনেধৰণৰ বৌদ্ধিক খলকনি সৃষ্টি কৰিছিল - সেয়া আজি হয়তো আমি উপলব্ধি কৰিব নোৱাৰিম। ইয়াৰ আগলৈকে ইতিহাস মানেই ৰজা-মহাৰজাৰ কৃতিত্বৰ কাহিনী বা মানৱ বুদ্ধিৰ বিকাশ যাত্রা বুলিয়েই ভবা হৈছিল। তাৰ বিপৰীতে মার্ক্সে ঐতিহাসিক পৰিবর্তনৰ ক্ষেত্রত সাধাৰণ জনগণৰ ভূমিকাৰ কথাটো পোহৰলৈ আনিলে।

অৱশ্যে মার্ক্সে এইবুলিও কৈছে যে শ্রেণী সংগ্রামৰ ধাৰণাটো তেওঁ নিজে বিকশিত কৰা ধাৰণা নহয়। ১৮৫২ চনৰ মার্চ মাহত জোচেফ ৱেডেমেয়েৰলৈ লিখা এখন চিঠিত তেওঁ এনেদৰে কৈছেঃ
    

আধুনিক সমাজত শ্রেণী তথা শ্রেণী সংগ্রামৰ উপস্থিতি মই নিজে আৱিষ্কাৰ কৰা নাই। মোতকৈ বহু আগতেই বুর্জোৱা ইতিহাসবিদসকলে শ্রেণী সংগ্রামৰ ঐতিহাসিক বিকাশ ধাৰা সম্পর্কে লিখি থৈ গৈছে।  বুর্জোৱা অর্থনীতিবিদসকলেও শ্রেণীৰ ধাৰণাটোৰ আর্থিক গাঁথনিসমূহ আৱিষ্কাৰ কৰিছে। এইক্ষেত্রত মোৰ বৰঙণি হৈছে মাত্র এই কথাকেইটা কথা প্রমাণিত কৰা যে ১)  উৎপাদনৰ বিকাশৰ কেতবোৰ বিশেষ পর্যায়ৰ সৈতেহে শ্রেণীৰ অস্তিত্বৰ কথাটো যুক্ত হৈ আছে। ২) [এইবাৰ] শ্রেণী সংগ্রামৰ অৱধাৰিত ফলাফল হব সর্বহাৰাৰ একনায়কত্ব(dictatorship) স্থাপন ৩) এই একনায়কত্ব আন একো নহয়, বৰঞ্চ সকলো শ্রেণীৰে সমাপ্তি তথা শ্রেণীহীন সমাজ নির্মাণ নোহোৱা পর্যন্ত এটা সংক্রমণশীল কাল মাথো (Selected Correspondence, 69)

মার্ক্সে হয়তো বিনয়ী ভাৱতেই বুর্জোৱা পণ্ডিতসকলৰ বৰঙণি স্বীকাৰ কৰি লৈছে। সি যি কি নহওঁক, মার্ক্সৰ মূল কথাখিনিৰ বিশেষ তাৎপর্য আছে। কেতবোৰ ঐতিহাসিকভাৱে নির্দিষ্ট উৎপাদন সম্পর্কৰ পৰাই শ্রেণী সংগ্রামৰ উদয় হৈছে। শ্রমৰ পদ্ধতি তথা সামাজিক উৎপাদনশীলতাৰ বিকাশৰ কেতবোৰ বিশেষ স্তৰৰ লগত সংগতি ৰাখিয়েই আকৌ এই উৎপাদন সম্পর্কসমূহ নির্ধাৰিত হৈছে। অর্থাৎ উৎপাদিকা শক্তিৰ বিকাশৰ কেতবোৰ বিশেষ পর্যায়ৰ লগত সংগতি ৰাখিয়েই  উৎপাদন সম্পর্কসমূহ গঠিত হৈছে। 

মার্ক্সে “উৎপাদিকা শক্তিৰ বিকাশৰ একোটাহঁত নির্দিষ্ট স্তৰ অনুসৰি গঠিত হোৱা উৎপাদন সম্পর্কসমূহ”ক একোটাহঁত ‘মড অৱ প্রডাকচন’ [বা সামগ্রিক উৎপাদন প্রণালী] নামেৰে নামাকৰণ কৰিছে।  তেওঁ মূলতঃ চাৰিবিধ শ্রেণীসমাজৰ কথা উল্লেখ কৰিছেঃ  এচীয়, প্রাচীন, সামন্তীয় তথা আধুনিক বুর্জোৱা মড অৱ প্রডাকচন। এই চাৰিওটাকে সমাজৰ আর্থিক গঠন(economic formation)টোৰ ক্রমাগত স্তৰ বুলি কব পাৰি 

মূল উৎপাদনকাৰীৰ পৰা যিটো ৰূপত উদ্বৃত্ত্ব শ্রম আহৰণ কৰা হয়, সিয়েই বিভিন্ন আর্থিক গঠনসমূহকো নির্ধাৰিত কৰেউদাহৰণস্বৰূপে দাস-শ্রম ভিত্তিক সমাজ [প্রাচীন দাস সমাজ], মজুৰী শ্রম ভিত্তিক সমাজ [পুঁজিবাদ] ইতাদি। (Capital, Vol. i, 325)

উদ্বৃত্ত্ব শ্রম আহৰণৰ ৰূপ – বা চমুকৈ কবলৈ গলে শোষণৰ ৰূপ আকৌ নির্ভৰ কৰে উৎপাদন সমলৰ বিতৰণৰ ওপৰত। দাস সমাজ একোখনত শ্রম কৰা দাসজনকো উৎপাদনৰ সঁজুলি বুলিয়েই ক’ব পৰা যায়। কিয়নো মালিকৰ মাটি, গৰু-ঘোঁৰা, নাঙল তথা কোৰখনৰ  দৰেই দাসজনো হৈছে মালিকৰ সম্পত্তি। দাস শ্রমিকজনে উৎপাদন কৰা আটাইখিনি শ্রমকে হয়তো উদ্বৃত্ত শ্রম বুলি কব পৰা যায় কিয়নো শ্রমৰ সমস্ত ফচলখিনি মালিকেই লাভ কৰেৱশ্যে যিহেতু দাসজন হৈছে এটা মূল্যবান বিনিয়োগ – যাক কিনিবলৈ মালিকে টকা খৰছ কৰিছে, সেয়েহে তেওঁক জীয়াই ৰাখিবলৈ নূন্যতম ভাত-কাপোৰ-বাসস্থানৰ যোগান ধৰিব লগা হয় আৰু এইদৰেই নিজে উৎপাদন কৰা সামগ্রীৰ এটা সৰু অংশ দাসজনে লাভ কৰে

সামন্তবাদৰ অধীনত আকৌ উৎপাদন সমলৰ কিছু অংশ – যেনে নাঙল, কোৰ, গৰু আদি কৃষকজনৰ নিয়ন্ত্রণৰ অধীনত থাকিব পাৰেৱশ্যে সাধাৰণতেই তেওঁৰ নিজাববীয়াকৈ মাটি নাথাকে। সেয়েহে তেওঁ শ্রমৰ সময়খিনি জৰুৰী শ্রম (অর্থাৎ নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে কৰা শ্রম) আৰু উদ্বৃত্ত শ্রম (অর্থাৎ জমিদাৰৰ বাবে কৰা শ্রম) - এইদৰে ভগাই ল’ব লগা হয়। মাহটোৰ পোন্ধৰদিন হয়তো কৃষকজনে (জমিদাৰৰ পৰা লাভ কৰা) নিজা মাটি-টুকুৰাত খেতি কৰে আৰু বাকী পোন্ধৰদিন জমিদাৰৰ ফার্মত কাম কৰে

দাসব্যৱস্থা আৰু সামন্তবাদ – এই দুয়ো ধৰণৰ মড অৱ প্রডাকচনৰ অধীনতে শোষণৰ প্রক্রিয়াটো অতিশয় স্পষ্ট ৰূপত ধৰা পৰেউদাহৰণস্বৰূপে, সামন্তীয় প্রভুৰ অধীনত থকা কৃষকজনে অতি পৰিষ্কাৰকৈ অনুভৱ কৰে যে সমগ্র উৎপাদন প্রক্রিয়াটোত প্রভু বা জমিদাৰজনৰ কোনো ধৰণৰ অৰিহণা নাই। জমিদাৰজন নাথাকিলেও উৎপাদনৰ প্রক্রিয়াটো তেওঁ বঢ়িয়াকৈ চলাই নিব পাৰিব। কেৱল মাটিৰ ওপৰত থকা তেওঁৰ উচ্চ অধিকাৰৰ বাবেই জমিদাৰজনে ভৰিৰ ওপৰত ভৰি তুলি খাই থাকিব পাৰে আৰু সমস্ত উৎপাদনৰ কাম কৃষকজনেই কৰিব লাগে। সেয়েহে এই ধৰণৰ মড অৱ প্রডাকচনসমূহ বর্তি থাকিবলৈ হলে সম্পত্তিৰ মালিকে প্রত্যক্ষ উৎপাদনকর্তাৰ  ওপৰত শাৰীৰিক জুলুম/বল প্রয়োগ কৰিব লগা হয়। ইবিলাকক অনা-অর্থনৈতিক (extra-economic) বল প্রয়োগ বুলিও কব পাৰিসামগ্রিক অর্থনৈতিক শোষণৰ গাঁথনিটো ৰক্ষা কৰিবলৈকে এনে ধৰণৰ অনা-অর্থনৈতিক বলপ্রয়োগ অপৰিহার্য হৈ পৰেউদাহৰণস্বৰূপে দাস-মালিকজনে ইচ্ছা কৰিলে এলেহুৱা বা অবাধ্য দাসজনক শাস্তি দিব পাৰে, আনকি মাৰি পেলাবও পাৰেসামন্ত প্রভুসকলৰো ঠিক তেনেদৰেই ব্যক্তিগত সশস্ত্র ৰখীয়া-পৰীয়া থাকে, সমগ্র অঞ্চলটোৰ তেঁৱেই সামৰিক, ন্যায়িক তথা সামাজিক  মূৰব্বী হৈ পৰেঅর্থাৎ বলৰ একাধিপত্যৰ ওপৰত ভিত্তি কৰিহে সামন্ত প্রভুজনে কৃষকজনৰ পৰা উদ্বৃত্ত আহৰণ কৰিব পাৰেআপাত দৃষ্টিত এনে শক্তি—সম্পর্কসমূহ -  অর্থাৎ শাসিতৰ ওপৰত শাসকৰ এই প্রভুত্ব – ইয়েই মূল কথা যেন বোধ হ’ব পাৰেইয়াৰ আঁৰত থকা আর্থিক সম্পর্কসমূহ লুকাই পৰিব পাৰেবুর্জোৱা চিন্তাবিদসকলে প্রায়েই এইটো ভুলকে কৰেবলপ্রয়োগকেই তেওঁলোকে মূল সাৰমর্ম হিচাপে গ্রহণ কৰেৰিঘটনাৰ আঁৰত লুকাই থকা প্রকৃত  সম্পর্কসমূহ চিহ্নিত কৰাত তেওঁলোক ব্যর্থ হয়।

সামন্তবাদৰ বিপৰীতে পুঁজিবাদৰ অধীনত শ্রমিকজন আইনী দৃষ্টিৰে স্বাধীন। তেওঁ নিজা শ্রম শক্তি বিক্রী কৰিবনে নকৰে বা কাক বিক্রী কৰিব – সেয়া তেওঁৰ ওপৰতে নির্ভৰ কৰেসামন্তবাদ বা দাসব্যৱস্থাৰ দৰে তেওঁ প্রত্যক্ষভাৱে মালিকৰ বহতীয়া নহয়। সেয়েহে আর্থিক শোষণৰ প্রক্রিয়াটো শাৰীৰিক বলপ্রয়োগৰ বিপৰীতে আর্থিক হেঁচাৰ ওপৰতহে নির্ভৰ কৰেকিয়নো পুঁজিবাদৰ অধীনত শ্রমিকৰ নিজা কোনো উৎপাদন সমল নাথাকে। মার্ক্সৰ ভাষাত “শ্রমিকসকল দ্বৈত অর্থত মুক্ত হৈ পৰেঃ পুৰণা গোলামী, দাসত্বৰ পৰা মুক্ত  তথা সকলো মালিকীস্বত্ত্বৰ পৰা মুক্ত” (G, 507)! অর্থাৎ জীয়াই থাকিবলৈ হলে শ্রমিকজনে কোনোবা পুঁজিপতিক নিজা শ্রম-শক্তি বিক্রী কৰিবই লাগিব। অন্যথাই তেওঁ ভোকত মৰিব লাগিব; অৱশ্যেই এনেকৈ ভোকত মৰাৰ স্বাধীনতা তেওঁৰ নিশ্চয়েই আছে!

ইংলেণ্ডৰ ইতিহাসলৈ চালে দেখা যায় যে পোন্ধৰৰ পৰা ওঠৰ শতিকাৰ ভিতৰৰ সময়খিনিত বিস্থাপন, সমূহীয়া মাটিৰ বেষ্টন(enclosure) আদি বিভিন্ন মাধ্যমেৰে কৃষকসকলক তেওঁলোকৰ জীৱিকাৰ মূল সমল অর্থাৎ খেতি মাটিৰ পৰা বিস্থাপিত কৰা হৈছিলএইদৰে এটি শ্রমিক শ্রেণী – যাৰ নিজা বুলিবলৈ শ্রম-শক্তিৰ বাহিৰে একো নাছিল -  নির্মাণ কৰাৰ পাছতহে  পুঁজিবাদী মড অৱ প্রডাকচনৰ বিকাশ সম্ভৱপৰ হৈছিল

পুঁজিবাদী উৎপাদন প্রণালী বিকশিত হ’বলৈ হলে উৎপাদন সমলৰ পৰা প্রত্যক্ষ উৎপাদনকর্তাৰ বিচ্ছিন্নকৰণ প্রয়োজনীয় হৈ পৰে কৃষকৰ পৰা কাঢ়ি অনা এই উৎপাদন সমল পুঁজিপতিৰ নিয়ন্ত্রণাধীন হৈ পৰেআনহাতে খেতি মাটিৰ পৰা বিচ্ছিন্ন হৈ পৰা কৃষক একোজনৰ বাবে তেনেস্থলত পুঁজিপতিৰ ওচৰত কাম কৰাৰ বাহিৰে আন একো উপায় নাথাকে। এনেকৈয়ে তেওঁ কৃষকৰ পৰা শ্রমিকলৈ ৰূপান্তৰিত হৈ পৰেকিয়নো শ্রম শক্তি বিক্রী  নকৰিলে তেওঁ ভোকত মৰিব লাগিবএনেদৰে উৎপাদন সমলসমূহৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰি পুঁজিপতিহঁতে শ্রমিকসকলক সিহঁতৰ বাবে খাটিবলৈ বাধ্য কৰেএবাৰ কামত লগোৱাৰ পাছত পুঁজিপতিহঁতে কামৰ বেগ আৰু কর্মদিনৰ দৈর্ঘ্য বঢ়াই তোলে যাতে শ্রমিকসকলে নিজৰ জীৱিকাৰ বাবে প্রয়োজনীয় শ্রমখিনিতকৈ অধিক শ্রম কৰিবলৈ বাধ্য হয়। এইদৰেই পুঁজিবাদৰ অধীনত উদ্বৃত্ত শ্রম সৃষ্টি কৰা হয়। সামন্তবাদৰ অধীনত শাৰীৰিক বল-প্রয়োগৰ ওপৰতে শোষণৰ প্রক্রিয়াটো  বর্তি থকাৰাৰ বিপৰীতে পুঁজিবাদৰ অধীনত শোষণৰ প্রক্রিয়াটো মূলতঃ পুঁজিপতিৰ আর্থিক শক্তিৰ ওপৰতেই নির্ভৰ কৰে[মার্ক্সবাদী পৰম্পৰাৰ অধীনত ‘শোষণ’(exploitation) শব্দটোৰ বিশেষ এক অর্থ আছে; উদ্বৃত্ত শ্রম আহৰণ কৰা প্রক্রিয়াটোকে শোষণ প্রক্রিয়া বুলি কোৱা হয়। আনহাতে আন আন বৈষম্য যেনে লিংগ বৈষম্য, জাত-পাত ভিত্তিক অসমতা আদিক শোষণ বোলাৰ বিপৰীতে উৎপীড়ন(oppression) বুলিহে কোৱা হয় - অনুবাদক]যিহেতু শ্রমিকৰ ওপৰত কোনো শাৰীৰিক বল প্রয়োগ কৰা নহয়, যিহেতু শ্রমিকজন আইনী দৃষ্টিৰে স্বাধীন, যিহেতু শ্রমিকজনে নিজেই পুঁজিপতিৰ ওচৰত কাম বিচাৰি আহে,  সেয়েহে পুঁজিপতিয়ে সক্রিয় কৰি তোলা শোষণৰ প্রক্রিয়াটো সহজতে ধৰিব নোৱাৰিৱশ্যে সেইবুলিয়েই তাক অস্তিত্বহীন বুলি নস্যাৎ কৰিব নোৱাৰি

এইখিনিতে মার্ক্সৰ এষাৰি মন্তব্যলৈ মন কৰকঃ মার্ক্সে লিখিছে – “উৎপাদন সম্পর্কসমূহ... উৎপাদিকা শক্তিৰ বিকাশৰ কেতবোৰ নির্দিষ্ট স্তৰ অনুসৰি [গঠিত] হয়।” ইংৰাজীত বাক্যটো হৈছে এনেধৰণৰঃ “relations of productioncorrespond to a definite stage of development of their productive forces” ইয়াত “correspond” শব্দটোৰ সঠিক অর্থ কি? কিছুসংখ্যক লোকৰ মতে উৎপাদিকা শক্তিসমূহে প্রত্যক্ষভাৱেই মড অৱ প্রডাকচন একোটাৰ উত্থান –পতন নির্ধাৰিত কৰে অর্থাৎ প্রযুক্তিগত পৰিবর্তনৰ বাবেই ঐতিহাসিক পৰিবর্তন সম্ভৱপৰ হয়। এনে ধৰণৰ দৃষ্টিভংগীসমূহক ‘প্রযুক্তিবাদী নির্ধাৰণবাদ’(technological determinism) বুলি কোৱা হয়।

আপাত দৃষ্টিৰে চাবলৈ গলে কিছুমান লেখনীত স্বয়ং মার্ক্সেও এনে ধৰণৰ নির্ধাৰণবাদকেই সমর্থন কৰা যেন লাগে। উদাহৰণস্বৰূপে, মার্ক্সৰ এই পেৰাগ্রাফটোলৈ মন কৰকঃ

সামাজিক সম্পর্কসমূহ উৎপাদিকা শক্তিসমূহৰ সৈতে সংলিপ্ত হৈ থাকে। মানুহে নতুন উৎপাদিকা শক্তি গ্রহণ কৰোঁতে মড অৱ প্রডাকচনৰো পৰিবর্তন সাধন কৰেএনেকৈ জীৱিকাৰ পদ্ধতি সলনি কৰি মানুহে আন আন সকলো সামাজিক সম্পর্কৰো পৰিবর্তন সাধন কৰেহস্ত-মিলৰ পৰা সামন্তীয় সমাজ সৃষ্টি হয়; ভাপ-মিলৰ পৰা সৃষ্টি হয় ঔদ্যোগিক পুঁজিবাদী সমাজ। (Collected Works, Vol. vi, 166)

মার্ক্সৰ এই ধৰণৰ কেতবোৰ লেখনীৰ সহায় লৈয়েই পাছৰ পর্যায়ৰ কিছুসংখ্যক মার্ক্সবাদীয়ে মার্ক্সৰ ইতিহাস বিষয়ক ধাৰণাসমূহকে বিকৃত কৰি পেলালে। তেওঁলোকে ঘোষণা কৰিলে যে উৎপাদিকা শক্তিসমূহে বিশেষ এটা পর্যায় লাভ কৰাৰ পাছত সামাজিক বিপ্লৱ অনিবার্য হৈ পৰেদ্বিতীয় আন্তর্জাতিক(১৮৮৯-১৯১৪)ৰ অন্যতম তত্ত্ববিদ, কার্ল কাউটস্কীয়ে ঘোষণা কৰিলে যে প্রকৃতিৰ অমোঘ নিয়ম অনুসৰিয়েই পুঁজিবাদৰ  পতন অনিবার্য হৈ পৰিছে। অর্থাৎ সমাজবাদীসকলে হাত সাবতি বহি থাকিলেই হব আৰু স্বয়ংক্রিয়ভাৱেই পুঁজিবাদৰ মৃত্যু ঘটিব!

এই ধৰণৰ অদৃষ্টবাদী মার্ক্সবাদৰ প্রভাৱৰ ফলতেই দ্বিতীয় আন্তর্জাতিকৰ মার্ক্সবাদী দলসমূহে ১৯১৪ চনত আৰম্ভ হোৱা প্রথম বিশ্ব যুদ্ধৰ বিৰূদ্ধে গণ-অভিযান চলাবলৈ কোনো চেষ্টাই নকৰিলে। বৰঞ্চ সিবিলাকে আন্তর্জাতিক শ্রমিক আন্দোলনৰ সতে বিশ্বাসঘাটকতা কৰি নিজস্ব জাতীয় চৰকাৰসমূহকহে সমর্থন কৰিলে। ফলস্বৰূপে বিশ্ব ভাতৃত্বৰ সপোন দেখা আন্তর্জাতিক শ্রমিক আন্দোলন থানবান হৈ পৰিল। আন্তর্জাতিক একতাৰ ঠাই ললে অন্ধ জাতীয়তাবাদে। বুর্জোৱাহঁতৰ স্বার্থ ৰক্ষা কৰিবলৈ গৈ এখন দেশৰ শ্রমিক-সৈনিকে আনখন দেশৰ শ্রমিক-সৈনিকৰ তেজেৰে ফাকু খেলিলে।

অদৃষ্টবাদী মার্ক্সবাদ আচলতে মার্ক্সবাদৰ নামত প্রহসনৰ বাহিৰে আন একো নহয়। “সামাজিক সম্পর্কসমূহ উৎপাদিকা শক্তিসমূহৰ সৈতে সংলিপ্ত[embedded] হৈ থাকে” বুলি কোৱাৰ অর্থ এইটো নহয় যে সামাজিক সম্পর্কসমূহৰ ভূমিকা সদায়েই নিষ্ক্রিয় হৈ ৰব আৰু উৎপাদিকা শক্তিসমূহেহে সক্রিয় ভূমিকা পালন কৰিব। অর্থাৎ সদায়েই উৎপাদিকা শক্তিসমূহে উৎপাদন সম্পর্কসমূহক সলনি কৰিব বুলি ভাবিব নোৱাৰিআচলতে দুয়ো পক্ষয়েই ইটোৱে সিটোক প্রভাৱিত কৰেদুয়ো পক্ষয়েই ইটো সিটো  সীমা বান্ধি দিয়ে।

এয়া নিঃসন্দেহে সত্য যে উৎপাদিকা শক্তিসমূহে উৎপাদন সম্পর্কসমূহৰ সীমা নির্ধাৰণ কৰি দিয়ে। মার্ক্স এংগেলছে বাৰম্বাৰ কৈ গৈছে যে শ্রেণী সমাজৰ অৱসান কেতবোৰ বিশেষ পৰিস্থিতিৰ অন্তর্গতহে হব পাৰেপ্রাক পুঁজিবাদী সময়ছোৱাত বস্তুগত কাৰণৰ বাবেই শ্রেণী সমাজৰ অৱসান ঘটোৱাৰ প্রশ্নটো সামাজিক এজেণ্ডাৰ অধীনলৈ অহা নাছিল। কমিউনিষ্ট মেনিফেষ্টোৰ এখন খছৰাত এংগেলছে এনেদৰে লিখিছেঃ

সমাজ ব্যৱস্থাৰ প্রতিটো পৰিবর্তন, সম্পত্তি সম্পর্কসমূহৰ ক্ষেত্রত অহা প্রতিটো সামাজিক বিপ্লৱ, ঠিক তেতিয়াই অৱশ্যম্ভৱী ঘটনা হিচাপে সংঘটিত হৈছে যেতিয়া পুৰণা সম্পত্তি-সম্পর্কসমূহৰ সৈতে খাপ নোখোৱা নতুন উৎপাদিকা শক্তি অস্তিত্বলৈ আহিছে...যেতিয়ালৈকে সকলোৰে প্রয়োজন পূর্ণ কৰাৰ লগতে সামাজিক পুঁজি তথা উৎপাদিকা শক্তিৰ বিকাশৰ বাবেও যথেষ্ঠ হোৱাকৈ উদ্বৃত্ত উৎপাদন সম্ভৱপৰ নহব, ঠিক তেতিয়ালৈকে সমাজত শাসক শ্রেণীও অস্তিত্বমান হৈ থাকিব। সিহঁতে উৎপাদিকা শক্তি তথা শোষিত শ্রেণীৰ ওপৰত নিজ কর্তৃত্ব চলাই যাব। সিহঁতৰ  গঠন কেনেধৰণৰ হব – সেয়া উৎপাদনৰ বিকাশৰ বিশেষ স্তৰটোৰ ওপৰতেই নির্ভৰ কৰিব...

এয়া স্পষ্ট যে সৌ সিদিনালৈকে সকলোৰে বাবে যথেষ্ঠ হোৱাকৈ, তথা ব্যক্তিগত সম্পত্তিৰ বিকাশৰ পথত বাধাস্বৰূপ হৈ পৰাকৈ উৎপাদিকা শক্তি সিমানখিনি বিকশিত হৈ উঠা নাছিল। পিছে এতিয়া বৃহৎ উদ্যোগৰ বিকাশৰ ফলস্বৰূপে পুঁজি আৰু উৎপাদিকা শক্তিৰ অকল্পনীয় বিকাশ সাধন হৈছে...এই উৎপাদিকা শক্তিসমূহ  মুষ্টিমেয়  একাংশ বুর্জোৱাৰ হাতত পুঞ্জীভূত হৈ ৰৈছে আৰু আনহাতে গৰিষ্ঠসংখ্যক জনগণ সর্বহাৰা হোৱাৰ পথেৰে আগ বাঢ়িছে। যিমানেই বুর্জোৱাহঁতৰ বৈভৱ বাঢ়িব ধৰিছে, সিমানেই জনগণৰো অৱস্থা সহ্যাতীত আৰু লাওলোৱা হৈ পৰিছে। ... এই উৎপাদিকা শক্তিসমূহৰ বিকাশৰ গতি ইমানেই বাঢ়ি গৈছে যে ব্যক্তিগত সম্পত্তি তথা বুর্জোৱাহঁত সিবিলাকৰ প্রগতিৰ পথত বাধাহে হৈ পৰিছে। এই কাৰকসমূহেই আজিৰ সময়ত ব্যক্তিগত সম্পত্তিৰ বিলুপ্তি কেৱল সম্ভৱপৰেই কৰি তোলা নাই; বৰঞ্চ তাক পৰম বাঞ্চনীয় কৰি তুলিছে(Collected Works, Vol. VI, 348–49)

অর্থাৎ সমাজবাদ কেৱল উর্বৰ মস্তিষ্কৰ পৰা উদ্ভৱ হোৱা এটি ভাল ধাৰণাই নহয়। পুঁজিবাদে উৎপাদিকা শক্তিসমূহক ইমানেই উচ্চ পর্যায়লৈ বিকশিত কৰি তুলিছে যে বর্তমানে সমাজবাদ প্রতিষ্ঠা তথা শ্রেণী সমাজৰ বিলুপ্তিৰ প্রশ্নটো এটি সম্ভৱপৰ প্রশ্নলৈ পৰিণত হৈছে।  মনত ৰখা ভাল যে পোন প্রথমবাৰৰ বাবে পুঁজিবাদৰ অধীনতেই উৎপাদিকা শক্তিৰ এনে তীব্র বিকাশ সম্ভৱপৰ হৈছে। অৱশ্যে লগতে এইটোও সত্য যে উৎপাদন সম্পর্কসমূহে উৎপাদিকা শক্তিৰ বিকাশ যাত্রাত কেতবোৰ সীমা নির্ধাৰণ কৰি দিয়ে। উদাহৰণস্বৰূপে, মূল সামাজিক শ্রেণীসমূহৰ ভিতৰত অন্ততঃ এটা শ্রেণীৰ স্বার্থৰ অনুকুলে গলেহে শ্রম প্রক্রিয়াটোৰ বিকাশ সাধন কৰা হয়। অর্থাৎ শ্রম প্রক্রিয়াৰ বিকাশ সাধনৰ প্রশ্নটো উৎপাদন সম্পর্কৰ প্রশ্নটোৰ সৈতে জড়িত হৈ পৰে

মধ্যকালীন ইউৰোপৰ পৰাই কেতবোৰ উদাহৰণ লোৱা যাওঁক। ইতিহাসবিদসকলে দর্শাইছে যে সেই সময়ৰ সামন্তীয় সমাজখন বাৰম্বাৰ ভীষণ সংকটৰ গৰাহত পৰিছিল, কিয়নো বর্ধিত জনসংখ্যাক খুৱাব পৰাকৈ মাটিৰ সিমানখিনি উৎপাদনশীলতা নাছিল। কাজেই যুদ্ধ, মহামাৰী তথা প্লেগ আদিৰ ফলত জনসংখ্যা কমি ভাৰসাম্য স্থাপিত নোহোৱালৈকে জনগণৰ জীৱন স্থিতিও নিম্নগামী  হৈ পৰিছিল। খাদ্যৰ অভাবত পশ্চিম ইউৰোপৰ হেজাৰ বিজাৰ কৃষক মৃত্যু মুখত পৰিছিল। ফঁৰাচী মার্ক্সবাদী ইতিহাসবিদ গায় বয়ে(Guy Bois) দর্শাইছে যে পূব নর্মাণ্ডিৰ আধাতকৈও অধিক সংখ্যক লোক ১৪ শতিকাৰ মাজভাগত মৃত্যু মুখত পৰিছিল; পৰৱর্তী শতিকাটোৰ প্রথমভাগতে আকৌ তাতোকৈও অধিক সংখ্যক লোকে মৃত্যু বৰণ কৰিব লগা হৈছিল। তেওঁৰ হিচাপ মতে,  ১৩০০ চনৰ তুলনাত ১৪৬০ চনলৈ পূর্বৰ জনসংখ্যাৰ এক তৃতীয়াংশ মানহে জীয়াই আছিল।

এইবোৰ পিছে কোনো প্রাকৃতিক দুর্যোগৰ ফলত সৃষ্টি হোৱা দুর্ভিক্ষ নাছিল; সিবিলাকক মালথুছ কথিত জনসংখ্যাৰ প্রাকৃতিক চক্র বুলিও কব পৰা নাযায়। বৰঞ্চ তদানীন্তন সামন্তীয় উৎপাদন সম্পর্কসমূহৰ বুকুৰ পৰাই এই দুর্যোগসমূহ সৃষ্টি হৈছিল। কৃষকে উৎপাদিত সামগ্রীৰ আধা অংশ পর্যন্ত সামন্ত প্রভুক দিব লগা হৈছিল; প্রভুৱে তাৰ সহায়তে তেওঁৰ ৰখীয়া-পৰীয়াক পোহপাল দিছিল আৰু এইদৰেই তেওঁ নিজৰ সামাজিক অৱস্থান অটুট ৰাখিছিল। কাজেই উৎপাদনৰ কোনো নতুন বিকশিত পদ্ধতি  প্রয়োগ কৰিবলৈ কৃষকৰ আগ্রহ তথা সমল নাছিল। ফলস্বৰূপে মধ্যযুগৰ দ্বিতীয়ার্ধৰ দীর্ঘ সময়খিনিত (১৩০০-১৫৫০) কৃষি পদ্ধতিৰ কোনো বিকাশ সাধন হোৱা নাছিল। এটা নির্দিষ্ট সীমাতকৈ জনসংখ্যা অধিক বৃদ্ধি পালে অতিৰিক্ত লোকসকলক খোৱাব-পিন্ধাব পৰাকৈ এই পৰিবর্তনহীন কৃষি প্রযুক্তিৰ শকতি নাছিল। কৃষকে খাবলৈ নেপাই ভোকত মৰিলেও সামন্ত প্রভুৱে তেওঁৰ উপার্জনৰ অংশ কম কৰিবলৈ প্রস্তুত নাছিল। ফলতঃ অতিৰিক্ত জনসংখ্যাৰ বোজা লব নোৱাৰি কৃষি অর্থনীতিসমূহৰ পতন ঘটিছিল।

বৈজ্ঞানিক জ্ঞানৰ বিকাশে শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পৰাকৈ প্রযুক্তি বিকশিত কৰিলেও বাস্তৱত সেই প্রযুক্তি প্রয়োগ কৰা হব নে নহব – সেয়া উপস্থিত উৎপাদন সম্পর্কই নির্ধাৰণ কৰেউৎপাদন সম্পর্কই প্রযুক্তিগত বিকাশৰ পথ কেনেকৈ অৱৰূদ্ধ কৰে, তাৰ আন এটি স্পষ্ট উদাহৰণ চীনৰ পৰা লব পাৰি

ছাং ৰাজবংশৰ ৰাজত্বৰ কালছোৱাত (৯৬০-১২৫৯) চীন ইউৰোপৰ দেশসমূহতকৈ ভালেখিনি আগবঢ়া আছিল। একাদশ শতিকাতে বিকশিত হোৱা চীনৰ লোহাৰ কমাৰশালসমূহ সমগ্র বিশ্বতে বৃহত্তম আছিল। আগ্নেয়াস্ত্র, ভ্রান্যমান ছপা যন্ত্র, চুম্বক চালিত কম্পাছ যন্ত্র, যান্ত্রিক–ঘড়ী আদি বহুতো প্রযুক্তি চীন দেশতেই সর্বপ্রথম বিকশিত হৈছিল; বহু শতিকা পাছতহে সিবিলাকে ইউৰোপত ভূমুকি মাৰিছিল। কিন্তু এনে অভূতপূর্ব বৈজ্ঞানিক প্রগতিৰ পাছতো সিবিলাকে  আধুনিক ঔদ্যোগিক অর্থনীতি এখন গঢ়ি তুলিব নোৱাৰিলে। কিয়নো সেইকালৰ চীনৰ সামাজিক গাঁথনিটোৰ ধৰণীস্বৰূপ জমিদাৰ তথা আমোলাসকল এই বৈজ্ঞানিক প্রগতিসমূহৰ প্রতি আগ্রহী হৈ নুঠিল। বৰঞ্চ পৰম্পৰাগত ব্যৱস্থাটোৰ দ্বাৰাই উদ্বৃত্ত আহৰণ কৰি যোৱাটো তেওঁলোকে শ্রেয় বুলি গণ্য কৰিলে। ফলস্বৰূপে সমাজখনো গেথেলা মাৰি ৰল আৰু শেহত ঊনবিংশ শতিকাৰ মাজভাগলৈ চীন পশ্চিমীয়া দেশসমূহৰ ঔপনিবেশিক আগ্রাসনৰ চিকাৰ হৈ পৰিল।

অর্থাৎ উৎপাদনৰ সামাজিক সম্পর্ক (সমাজৰ আর্থিক গাঁথনি) তথা উৎপাদিকা শক্তি (মানৱীয় শ্রম দক্ষতা তথা প্রযুক্তি) –দুয়োটায়েই ইটোৱে সিটোক প্রভাৱিত কৰেদুয়োটাৰে ভিতৰত কেৱল উৎপাদিকা শক্তিসমূহকে নির্ণায়ক বুলি ভবাটো ভুল হব (এনে ভুলৰ পৰাই ‘প্রযুক্তিবাদী নির্ধাৰণবাদ’ জাতীয় বিকৃতিৰ সৃষ্টি হয়) সাধাৰণতে শ্রম-দক্ষতা তথা প্রযুক্তিৰ স্তৰে সামাজিক পৰিবর্তনৰ সীমা নির্ধাৰণ কৰি দিয়ে। কিন্তু কেতিয়াবা আকৌ সিবিলাকে সামাজিক পৰিবর্তনৰ প্রক্রিয়াটো ত্বৰাম্বিত কৰিবও পাৰেআনহাতে সামাজিক গাঁথনিটোৱে নির্ধাৰণ কৰি দিয়ে যে কিমান দূৰৈলৈ মানুহে শ্রম প্রক্রিয়াটো সলনি কৰিব পাৰিব তথা নতুন প্রযুক্তি কামত খটুৱাব পাৰিব।

মার্ক্সে লিখিছে যে উৎপাদন সম্পর্ক আৰু উৎপাদিকা শক্তি – এই দুয়োটাৰে আন্তঃসম্পর্ক সময়ৰ লগে লগে সলনি হৈ থাকে। সমাজৰ আর্থিক গাঁথনিটো মানৱীয় দক্ষতা তথা প্রযুক্তিগত বিকাশৰ কেতবোৰ বিশেষ স্তৰৰ সৈতেহে খাপ খাই থাকে। “সমাজৰ বস্তুগত উৎপাদিকা শক্তিসমূহৰ বিকাশৰ কোনো এটা বিশেষ পর্যায়ত  সিবিলাক তদানীন্তন উৎপাদন সম্পর্কসমূহৰ সৈতে সংঘাতত লিপ্ত হৈ পৰে...উৎপাদিকা শক্তিৰ বিকাশৰ ৰূপ হোৱাৰ বিপৰীতে তেতিয়া উৎপাদন সম্পর্কসমূহ উৎপাদিকা শক্তিৰ বিকাশৰ পথত হেঙাৰস্বৰূপ হৈ পৰে”(SW, i, 503–04) তেতিয়াই সামাজিক সংকট সৃষ্টি হয় আৰু নতুন উৎপাদন সম্পর্ক বিকশিত হৈ উৎপাদিকা শক্তিৰ বিকাশৰ পথ ত্বৰাম্বিত নকৰা পর্যন্ত সংকটৰ সমাপন নহয়।

ইউৰোপীয় সামন্তবাদৰ উদাহৰণটোৱেই পুণৰ লোৱা যাওঁক। ৰোমান যুগৰ শেহৰ ফাললৈ দাস ভিত্তিক অর্থনীতিখনিৰ পৰিবর্তন ঘটাই দাসহঁতক কিছু পৰিমাণে অধিকাৰ তথা নিজা মাটি প্রদান কৰা হৈছিল; সিহঁতক কৃষকৰ পৰিচয় প্রদান কৰি সামন্তীয় উৎপাদন সম্পর্ক  স্থাপন কৰা হৈছিল। এই পৰিবর্তনে নিঃসন্দেহে আর্থিক প্রগতিৰ সূচনা কৰিছিল। ১০ আৰু ১৩ শতিকাৰ মাজৰ সময়ছোৱাত কৃষি উৎপাদন যথেষ্ঠখিনি বৃদ্ধি পাইছিল, ন ন মাটি খেতিৰ অধীনলৈ অনা হৈছিল, চহৰৰ বিকাশ ঘটিছিল তথা জনসংখ্যা বৃদ্ধি পাইছিল। গ্রীক তথা ৰোমান সভ্যতাৰ সময়ছোৱাত বিকশিত হোৱা বহুতো বৈজ্ঞানিক আৱিষ্কাৰ, যিবোৰ পূর্বতে দাস উৎপাদন সম্পর্কৰ বাধা হেতুকে  অৱহেলিত হৈয়েই ৰৈছিল, সিবিলাকক এইবাৰ উৎপাদনৰ কামত লগোৱা হৈছিল।

পিছে সামন্তীয় উৎপাদন সম্পর্কই ত্বৰাম্বিত কৰা আর্থিক বিকাশৰ এই প্রক্রিয়াটোৱে ১৩ শতিকাত তাৰ শীর্ষ সীমাত উপনীত হল। আমি ইতিমধ্যেই লিখিছোঁ যে এটা পর্যায়লৈকে উৎপাদন সম্পর্কই উৎপাদিকা শক্তিৰ বিকাশৰ পথটো ত্বৰাম্বিত কৰে যদিও উৎপাদন সম্পর্কই বান্ধি দিয়া শীর্ষ সীমাত উপনীত হোৱাৰ পাছত উপস্থিত উৎপাদন সম্পর্কই উৎপাদিকা শক্তিৰ বিকাশৰ পথত বাধাহে সৃষ্টি কৰেসামন্ত যুগতো একেটা প্রক্রিয়াই দেখা পোৱা গল। দ্রুতগতিৰে বর্ধিত জনসংখ্যাৰ পালন পোষণ কৰিব পৰাকৈ কৃষিজাত উন্নতিৰ প্রতি কৃষক বা সামন্ত প্রভু - কাৰোৰে আগ্রহ দেখা পোৱা নগল। ফলত  সমাজত দীর্ঘ সংকটৰ সৃষ্টি হল।

অর্থাৎ উপস্থিত মড অৱ প্রডাকচনৰ বুকুৰ পৰাই সামাজিক সংকটৰ জন্ম হয়। একে সময়তে সিবিলাকে নতুন মড অৱ প্রডাকচনৰ আৱির্ভাৱৰ বাবেও অনুকূল পৰিস্থিতি নির্মাণ কৰেউদাহৰণস্বৰূপে ১৪ শতিকাৰ ব্লেক ডেথ মহামাৰীৰ ফলত সামন্ত প্রভুসকলৰ বিপৰীতে ইংৰাজ কৃষকসকলৰ শক্তি ভালেখিনি বৃদ্ধি পালে। শোষণ কৰিবলৈ পর্যাপ্ত কৃষকৰ অভাৱৰ ফলত সামন্তসকলে চার্ফডম(serfdom)ৰ অৱসান ঘটাব লগা হল। এতিয়া পূর্বৰ বিপৰীতে কৃষকসকলে মাটিৰ সৈতে বান্ধ খাই থকা অৱস্থাৰ পৰা মুক্তি পালে। পিছে ফ্রাঞ্চৰ কৃষকসকলৰ তুলনাত শক্তিহীনতাৰ বাবে ইংৰাজ কৃষকসকলে নিজা মাটি টুকুৰাৰ স্বামীত্ব লাভ কৰিবলৈ সক্ষম নহ’ল। ১৬ শতিকাৰ আৰম্ভণিৰে পৰা সেয়েহে ইংৰাজ জমিদাৰসকলে কৃষকক মাটিৰ পৰা খেদি বৃহৎ হাৰৰ ফার্ম নির্মাণ কৰিবলৈ সক্ষম হ’ল। ইয়াকে বেষ্টন আন্দোলন(enclosure) নামেৰেও জনা যায়। কৃষকক খেদি এই ফার্মসমূহ কৃষি-পুঁজিপতিহঁতক ভাড়ালৈ দিয়া হ’ল যি মজুৰী শ্রমিকৰ সহায়ত বজাৰৰ বাবে উৎপাদনৰ কাম আৰম্ভ কৰিলে। এইদৰেই সামন্তীয় উৎপাদন সম্পর্কসমূহ দুর্বল হৈ পুঁজিবাদৰ আৱির্ভাৱৰ বাবে দুৱাৰ মুকলি কৰি দিলে।

মার্ক্সে লিখিছে যে শ্রেণী সংগ্রামৰ ধাৰণাটো এনে অন্তর্বিৰোধসমূহৰ পটভূমিতে বুজিবলৈ চেষ্টা কৰা উচিত। এটা মড অৱ প্রডাকচনৰ অন্ত পৰি আন এটা মডৰ আৱির্ভাৱ – এয়া কোনো শান্তিৰে সমাপন হোৱা প্রক্রিয়া নহয়। ই এক হিংস্র প্রক্রিয়াৰ দাবী কৰে, য’ত পুৰণা শাসক শ্রেণীৰ অন্ত পৰি নতুন শাসক শ্রেণীয়ে তাৰ স্থান গ্রহণ কৰে“উৎপাদন সম্পর্ক আৰু উৎপাদিকা শক্তিৰ অন্তর্বিৰোধে...প্রতিটো যুগতে বৈপ্লৱিক বিস্ফোৰণৰ ৰূপ ধাৰণ কৰে...একে সময়তে সিবিলাকে বিভিন্ন আনুষঙ্গিক ৰূপো ধাৰণ কৰে, যেনে সামগ্রিক সংঘাত, বিভিন্ন শ্রেণীৰ সংঘাত, চেতনাৰ সংঘাত, মতাদর্শৰ সংঘাত ইত্যাদি।” (Collected Works, Vol. V, 74).

এ ক্রিটিক অৱ পলিটিকেল ইকনমিৰ এই বাক্যকেইটাই মার্ক্সৰ ইতিহাস তত্ত্বটোক সুন্দৰকৈ প্রকাশ কৰিছেঃ

জীৱনৰ সামাজিক উৎপাদনৰ দ্বাৰা  মানুহে নিজ ইচ্ছা-অনিচ্ছাৰ পৰা স্বাধীন কেতবোৰ নির্দিষ্ট সম্পর্কত প্রবেশ কৰেঃ [সিবিলাকেই হৈছে] উৎপাদন সম্পর্ক। এই উৎপাদন সম্পর্কসমূহ বস্তুগত উৎপাদিকা শক্তিৰ নির্দিষ্ট স্তৰ অনুসৰি গঠিত হয়। এই সামগ্রিক উৎপাদন সম্পর্কসমূহে সমাজৰ আর্থিক গাঁথনিটো, প্রকৃত আধাৰটো নির্মাণ কৰেএই আধাৰৰ ওপৰতে আইনী তথা ৰাজনৈতিক উপৰিসৌধ গঢ় লৈ উঠে আৰু সিবিলাকৰ অনুসৰিয়েই সামাজিক চেতনাৰ নির্দিষ্ট ৰূপ গঠিত হয়। বস্তুগত জীৱনৰ উৎপাদন প্রণালীয়ে সামাজিক, ৰাজনৈতিক তথা বৌদ্ধিক জৈৱ-প্রক্রিয়াসমূহক প্রভাৱিত(condition) কৰেমানুহৰ চেতনাই মানুহৰ অস্তিত্ব নির্ধাৰণ নকৰে; বৰঞ্চ মানুহৰ সামাজিক অস্তিত্বইহে মানুহৰ চেতনা নির্ধাৰণ কৰেউৎপাদিকা শক্তিসমূহে বিকাশৰ একোটাহঁত নির্দিষ্ট পর্যায় লাভ কৰাৰ পাছত সিবিলাক উৎপাদন সম্পর্কসমূহৰ সৈতে [আইনী ভাষাত সম্পত্তি সম্পর্কসমূহৰ সৈতে] সংঘাতত লিপ্ত হৈ পৰে; যদিওবা আগতে এই পুৰণা সম্পত্তি সম্পর্কসমূহৰ   মাজেদিয়েই   উৎপাদিকা শক্তিসমূহে ক্রিয়া কৰি আছিল। উৎপাদিকা শক্তিৰ বিকাশৰ ৰূপ হোৱাৰ বিপৰীতে এতিয়া সিবিলাক বাধা হ’বলৈহে আৰম্ভ কৰেতাৰ পিছতে সামাজিক বিপ্লৱৰ যুগ একোটাহঁত আৰম্ভ হয়। আর্থিক আধাৰৰ পৰিবর্তনৰ সৈতে সামগ্রিক উপৰিসৌধসমূহো কম বেছি পৰিমাণে পৰিবর্তিত হৈ পৰে(Selected Works, Vol. i, 503–04)

আধাৰ আৰু উপৰিসৌধ

“আজিলৈকে দেখা পোৱা সকলো সমাজৰে ইতিহাস হৈছে শ্রেণী সংগ্রামৰ ইতিহাস।” মার্ক্সৰ বাবে শ্রেণী হৈছে মূলতঃ কেতবোৰ আর্থিক সম্পর্ক। এইক্ষেত্রত লেনিনে প্রদান কৰা শ্রেণীৰ সংজ্ঞাটো মন কৰিবলগীয়াঃ

শ্রেণী হৈছে মানুহৰ বিভিন্ন বিশাল গ্রুপ; সিবিলাক ইটো সিটোৰ পৰা পৃথক হোৱাৰ আধাৰ হৈছেঃ ঐতিহাসিকভাৱে নির্ধাৰিত সামাজিক উৎপাদন ব্যৱস্থাত সিবিলাকে গ্রহণ কৰা ভিন ভিন অৱস্থান; উৎপাদন সমলৰ সৈতে সিবিলাকৰ ভিন ভিন  সম্পর্ক; শ্রমৰ সামাজিক সংগঠনত সিবিলাকৰ ভিন ভিন ভূমিকা আৰু ফলস্বৰূপে সামাজিক সম্পদৰ উৎপাদন তথা উপভোগৰ ক্ষেত্রত সিবিলাকৰ পৃথক পৃথক অৱস্থান। সামাজিক অর্থনীতিখনিত সিবিলাকে গ্রহণ কৰা ভিন ভিন অৱস্থানৰ বাবেই এটা শ্রেণীয়ে আন এটা শ্রেণীৰ শ্রম আত্মসাৎ কৰিব পাৰে

এইখিনিতে এটা প্রশ্ন উত্থাপন হব পাৰেঃ মার্ক্সবাদী শ্রেণী বিশ্লেষণে সমগ্র সামাজিক জীৱনটোক কেৱল আর্থিক স্বার্থৰ প্রতিফলন বুলি সংকোচিত কৰি পেলোৱা নাইতো?

আচলতে উৎপাদন সম্পর্ক আৰু উৎপাদিকা শক্তিয়ে কেনেদৰে সমগ্র সমাজখন প্রভাৱিত কৰে – এই বিষয়ক মার্ক্সৰ লেখনীসমূহ যথেষ্ঠ জটিল তথা সূক্ষ্ম। পাঠকে মন কৰিব যে আর্থিক আধাৰ আৰু ৰাজনৈতিক উপৰিসৌধ বিষয়ক তেওঁৰ মন্তব্যসমূহ চর্তসাপেক্ষ আৰু সতর্কঃ

এই সামগ্রিক উৎপাদন সম্পর্কসমূহে সমাজৰ আর্থিক গাঁথনিটো, প্রকৃত আধাৰটো নির্মাণ কৰেএই আধাৰৰ ওপৰতে আইনী তথা ৰাজনৈতিক উপৰিসৌধ গঢ় লৈ উঠে আৰু সিবিলাকৰ অনুসৰিয়েই সামাজিক চেতনাৰ নির্দিষ্ট ৰূপ গঠিত হয়। বস্তুগত জীৱনৰ উৎপাদন প্রণালীয়ে সামাজিক, ৰাজনৈতিক তথা বৌদ্ধিক জৈৱ-প্রক্রিয়াসমূহক প্রভাৱিত(condition) কৰেমানুহৰ চেতনাই মানুহৰ অস্তিত্ব নির্ধাৰণ নকৰে; বৰঞ্চ মানুহৰ সামাজিক অস্তিত্বইহে মানুহৰ চেতনা নির্ধাৰণ কৰে (Selected Works, Vol. i, 503–04)

এই বক্তব্যখিনিৰ পৰা এটা কথা স্পষ্ট যে  ৰাজনীতি, মতাদর্শ আদি উপৰিসৌধসমূহে অর্থনীতিৰ কর্ম-কাণ্ডসমূহ কেৱল নিষ্ক্রিয়ভাৱে প্রতিফলিত নকৰেৰঞ্চ আধাৰে মাথো উপৰিসৌধৰ গঠন কেনেধৰণৰ হ’ব পাৰিব – এই বিষয়ক কেতবোৰ পৰিসীমা নির্ধাৰণ কৰি দিয়ে বা সহজ ভাষাত সীমা বান্ধি দিয়েঅর্থাৎ  এই সীমাৰ ভিতৰত ৰাজনৈতিক আৰু মতাদর্শগত উপাদানসমূহ সিবিলাকৰ নিজা ইতিহাস আৰু গতি অনুসৰি বিভিন্ন ধৰণেৰে বিকশিত হোৱাৰ ভালেখিনি সুযোগ থাকে; সিবিলাকে আকৌ আধাৰৰ ওপৰতো প্রভাৱ বিস্তাৰ কৰেউদাহৰণস্বৰূপে, পুঁজিবাদী অর্থনীতিয়েই ৰাজনৈতিক গণতন্ত্র সম্ভৱপৰ কৰি তোলে। পিছে এই গণতন্ত্র সঁচাকৈয়ে কোনো এখন পুঁজিবাদী সমাজত প্রতিষ্ঠা হব নে নহব – বা এই গণতন্ত্রৰ ৰূপ ৰাষ্ট্রপতি শাসিত হব নে প্রধানমন্ত্রী শাসিত হব – সেয়া অর্থনীতিয়ে চিধা নির্ণয় নকৰে। বৰঞ্চ দেশখনৰ বিশেষ ৰাজনৈতিক ইতিহাস আৰু ৰাজনৈতিক পৰিস্থিতিয়েই এই প্রশ্নসমূহ নির্ধাৰণ কৰে দেশ এখনৰ অর্থনীতিলৈ চাই দেশখনৰ সমস্ত ৰাজনৈতিক  কাঠামো বিশ্লেষণ কৰিবলৈ যোৱাটো হাস্যকৰ কথা হব।

মার্ক্সৰ মৃত্যুৰ পাছত এংগেলছে এখন চিঠিত এনেদৰে লিখিছেঃ

ইতিহাসৰ বস্তুবাদী ধাৰণা অনুসৰি জীৱনৰ উৎপাদন আৰু পুনঃউৎপাদনৰ প্রক্রিয়াটোকেই ইতিহাসৰ বিকাশৰ ক্ষেত্রত অন্তিমটো(ultimate) নির্ধাৰণকাৰী উপাদান বুলি কব পাৰিইয়াতকৈ বেছি মার্ক্স বা মই কেতিয়াও দাবী কৰা নাই। গতিকে এতিয়া যদি কোনোবাই আমাৰ যুক্তিখিনি বিকৃত কৰি এইবুলি কব খোজে যে আর্থিক উপাদানটোৱেই হৈছে একমাত্র নির্ধাৰণকাৰী উপাদান, তেনেহলে বুজিব লাগিব যে তেওঁ আমাৰ তত্ত্বটোকেই বিকৃত, বিমূর্ত, অর্থহীন প্রলাপলৈ পৰিণত কৰি পেলাইছে। আর্থিক স্থিতিটোৱে আধাৰ প্রদান কৰে কিন্তু উপৰিসৌধৰ বিভিন্ন উপাদানসমূহেও...যেনে ধৰক শ্রেণী সংগ্রামৰ ৰাজনৈতিক ৰূপ আৰু সিবিলাকৰ ফলাফল, যুদ্ধৰ পাছত বিজয়ী শ্রেণীটোৱে নির্মাণ কৰা সংবিধান, আইনী ৰূপ, এই সংগ্রামসমূহে অংশগ্রহণকাৰীসকলৰ মনত ৰাখি যোৱা চাপ, ৰাজনৈতিক, আইনী, দার্শনিক তত্ত্বসমূহত সিবিলাকৰ প্রভাৱ, ধর্মীয় দৃষ্টিৰ ওপৰত সিবিলাকৰ প্রভাৱ আৰু এই দৃষ্টিৰ পৰা বিকশিত হোৱা বিভিন্ন মৌলবাদী ব্যৱস্থা...আদিয়েও ঐতিহাসিক সংঘাতসমূহত নিজস্ব প্রভাৱ পেলায় আৰু বহুতো ক্ষেত্রত সংঘাতসমূহৰ ৰূপো নির্ধাৰণ কৰেএই সমস্ত উপাদানসমূহৰ মাজত আন্তঃসম্পর্ক গঢ় লৈ উঠে আৰু সীমাহীন বিভিন্ন পৰিঘটনাৰ মাজত...আর্থিক উপাদানটোৱে নিজকে আৱশ্যক উপাদান হিচাপে ঘোষণা কৰে (Selected Correspondence, 417)

আন কথাত, সমাজৰ উৎপাদন সম্পর্কসমূহ পৰীক্ষা কৰিয়েই সম্পূর্ণ সমাজখন বুজি পোৱাটো সম্ভৱপৰ নহয়। বৰঞ্চ ই গৱেষণাৰ প্রাৰম্ভিক পদক্ষেপহে মাত্র। কেনেদৰে মতাদর্শগত আৰু ৰাজনৈতিক উপাদানসমূহে অর্থনীতিৰ সৈতে সম্পর্ক স্থাপন কৰিছে, সেই বিষয়েও ভূ ৰখা দৰকাৰৱশ্যে পাহৰিলে নচলিব যে উৎপাদন সম্পর্কসমূহেই হৈছে সমাজখনৰ “মূল আধাৰ”আধাৰ আৰু উপৰিসৌধৰ আন্তঃসম্পর্কৰ প্রশ্নটো আৰু ভালকৈ বুজিবলৈ দুটা গুৰুত্বপূর্ণ উপৰিসৌধমূলক উপাদান – মতাদর্শ আৰু ৰাষ্ট্র সম্পর্কে কিছু কথা আলোচনা কৰা যাওঁকঃ

সামাজিক বিপ্লৱৰ প্রসংগত মার্ক্সে এনেদৰে লিখিছে -  

উৎপাদনৰ আর্থিক স্থিতিৰ ৰূপান্তৰণ আৰু  আইনী, ৰাজনৈতিক, ধর্মীয়, নন্দনতাত্ত্বিক, দার্শনিক [আদি বিভিন্ন মতাদর্শগত উপাদান]ৰ ৰূপান্তৰণ – এই দুয়োটাৰে মাজত কিছু পার্থক্য ৰখাটো উচিত হব। মতাদর্শীয় ৰূপসমূহৰ মাজেদিয়েই মানুহ সংঘাত সম্পর্কে সচেতন হয় আৰু তেওঁলোকে সিবিলাকত অংশগ্রহণ কৰে। ব্যক্তি এজনে নিজৰ বিষয়ে কি ভাবে – তাৰ ভিত্তিতে আমি ব্যক্তিজনৰ বিশ্লেষণ কৰিব নোৱাৰোঁ; ঠিক তেনেকৈয়ে ৰূপান্তৰণৰ যুগ এটাৰ বিশ্লেষণ তাৰ আত্ম-চেতনাৰ প্রতি আঙুলিয়াই দিয়েই কৰিব পৰা নাযাব।  বস্তুগত জীৱনৰ অন্তর্বিৰোধসমূহৰ সৈতে – অর্থাৎ সামাজিক উৎপাদিকা শক্তি আৰু উৎপাদন সম্পর্কৰ অন্তর্বিৰোধৰ সৈতে - যুক্ত কৰি চালেহে এনে চেতনাক বিশ্লেষণ কৰিব পৰা যাব (Selected Works, Vol. i, 504)


অর্থাৎ মার্ক্সৰ মতে “বস্তুগত জীৱনৰ অন্তর্বিৰোধসমূহৰ পৰা” চেতনা স্বাধীন হ’ব নোৱাৰে। সামাজিক অস্তিত্বই সামাজিক চেতনা নির্ধাৰণ কৰে। ইয়াৰ অর্থ কি? ইয়াৰ অর্থ হৈছে যে মানুহৰ চেতনা জীৱনৰ বস্তুগত তথা সামাজিক স্থিতিৰ ওপৰত নির্ভৰ কৰেকোনো বিশুদ্ধ বিমূর্ত বুদ্ধিৰ পৰিসৰত মানৱ চেতনাই আকাৰ গ্রহণ নকৰেঅধিকাংশ মানুহক নূন্যতম জীৱিকাৰ সুবিধা দিবলৈ অস্বীকাৰ কৰা এই পৰিস্থিতিৰ মাজতো মানুহে জীয়াই থাকিবলৈ সংগ্রাম কৰেতেওঁলোকে পৰিস্থিতিৰ বুজ লবলৈ চেষ্টা কৰে আৰু সেই অনুসৰি দৈনন্দিন কার্যকলাপ নিৰূপন কৰে

আনহাতে, আদিম সাম্যবাদৰ পাছৰে পৰা মানুহে শ্রেণী-সমাজত বসবাস কৰি আহিছে। শ্রেণী সমাজ একোখনত প্রত্যক্ষ উৎপাদনকর্তাসকলে নিজৰ জীৱন-স্থিতি নিয়তি হিচাপে মানি লোৱাটো শাসকসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূর্ণ হৈ পৰেশ্রমজীৱি জনগণক বর্তমানৰ পৰিস্থিতিটোৱেই উত্তম বুলি পতিয়ন নিয়াবলৈ শাসকসকলে বিভিন্ন কৌশলো অৱলম্বন কৰে আনহাতে বিভিন্ন ৰূপত প্রত্যক্ষ উৎপাদনকর্তাই স্থিতাৱস্থা মানি লব পাৰে কেতিয়াবা তেওঁলোকে হতাশাত ভূগি এইবুলি ভাবিব পাৰে শাসকহঁত তেওঁলোকতকৈ বহু বেছি পৰিমাণে শক্তিশালী আৰু সেয়েহে সিহঁতক পৰাজিত কৰাৰ কোনো আশা নাই। বা তেওঁলোকে বর্তমানৰ পৰিস্থিতিকেই উত্তম স্থিতি বুলিও ভাবিব পাৰে মূল কথাটো হৈছে যে স্থিতাৱস্থা বাহাল কৰি ৰখাৰ ক্ষেত্রত প্রত্যক্ষ উৎপাদনকর্তাৰ চিন্তা-ভাবনাই বিশেষ ভূমিকা পালন কৰে

এইখিনিতে মতাদর্শৰ প্রশ্নটো আহে। পৃথিবী বিষয়ক মানুহৰ ব্যৱস্থাগত বিশ্বাসসমূহকেই মতাদর্শ বোলা হয়। শ্রেণী সংগ্রামৰ ক্ষেত্রত মতাদর্শৰ ভূমিকা অপৰিসীম। মতাদর্শ একোটাই বর্তমানৰ উৎপাদন সম্পর্কসমূহ সূদৃঢ় কৰাৰ ক্ষেত্রত ভূমিকা পালন কৰিছে, নে সিবিলাকক ধ্বংস কৰাৰ ক্ষেত্রতহে অৰিহনা যোগাইছে – এই দিশৰ পৰা মতাদর্শৰ প্রশ্নটো পৰীক্ষণ কৰা উচিত 

মার্ক্সৰ মতে মতাদর্শ হৈছে শ্রেণী সমাজৰ সৃষ্টি, যাৰ দ্বাৰা শোষিতসকলক বিভ্রান্ত কৰা হয় যাতে তেওঁলোকে শোষণৰ প্রকৃত ছবিখন বুজি উঠিব নোৱাৰেমতাদর্শৰ প্রভাৱৰ ফলতেই বর্তমানৰ সামাজিক সম্পর্কসমূহ প্রাকৃতিক বা অৱশ্যম্ভৱী সম্পর্ক যেন বোধ হয়; অর্থাৎ এনে অনুভৱ হয় যেন সিবিলাকক সলনি কৰিব নোৱাৰিএই মতাদর্শৰ প্রভাৱৰ ফলতেই বিশেষ শ্রেণী একোটাৰ স্বার্থ সামগ্রিক সমাজখনৰে উমৈহতীয়া স্বার্থ যেন বোধ হব পাৰে

বুর্জোৱা মতাদর্শৰ মতে পুঁজিবাদ হৈছে মানৱ বিকাশৰ সর্বোচ্চ স্তৰ; পুঁজিপতিয়ে লাভ আহৰণ কৰাটো সকলোৰে কল্যাণৰ বাবেই প্রয়োজনীয়। পুঁজিপতিয়ে কাকো শোষণ নকৰেঃ বৰঞ্চ  সামাজিক উৎপাদনৰ ক্ষেত্রখনত পুঁজিপতিয়ে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু সেয়েহে এই কামৰ বিনিময়ত পুঁজিপতিয়ে লাভ আহৰণ কৰেএইদৰেই মতাদর্শসমূহে সমাজৰ প্রকৃত ছবিখনৰ বিকৃতি ঘটাই জনগণৰ ক্ষোভৰ পৰা বর্তমানৰ উৎপাদন প্রণালীটো নিৰাপদে ৰখাৰ  ক্ষেত্রত বিশেষ ভূমিকা পালন কৰেসেইবাবেই বিপ্লৱী জোৱাৰৰ সময়তো যিসকলে নতুন ইতিহাস নির্মাণ কৰে, তেওঁলোকেও নিজৰ ঐতিহাসিক ভূমিকা সম্পূর্ণভাৱে বুজি নাপাব পাৰেঃ

মানুহেই ইতিহাস নির্মাণ কৰেকিন্তু এই কাম মানুহে  কেৱল নিজ ইচ্ছামতে সমাধা কৰিব নোৱাৰেইতিহাস নির্মাণৰ বাবে মানুহে নিজে পৰিস্থিতিও সাজি লব নোৱাৰেৰঞ্চ অতীতৰ পৰা প্রবাহিত হৈ অহা  উপস্থিত মঞ্চখনিতে মানুহে ইতিহাস নির্মাণৰ কামফেৰা সমাধা কৰেমৃত প্রজন্মৰ সমস্ত পৰম্পৰাৰ ওজনে জীৱন্তসকলৰ মগজুত দুঃস্বপ্নৰ দৰে ক্রিয়া কৰেৰু ঠিক অভূতপূর্ব কোনো নতুন বস্তু নির্মাণ কৰাৰ সময়তে, নিজৰ তথা বস্তুজগতৰ বৈপ্লৱিক পৰিবর্তন সাধন কৰাৰ সময়তে, অর্থাৎ বৈপ্লৱিক সংকটৰ যুগতে মানুহে অতীতৰ প্রেতাত্মাসমূহক নতুনকৈ কামত খটুৱায়; অতীতৰ পৰা নাম, ভাষা, যুদ্ধৰ শ্লোগান তথা পোছাক পর্যন্ত ধাৰ কৰা হয়, যাতে পূর্বৰ দৰেই বিশ্ব ইতিহাসৰ নতুন ছবিখন ঢাকি ৰাখিব পৰা যায়। এনেদৰেই মার্টিন লুথাৰে এপষ্টল পলৰ ভেশ ধৰিছিল;  ১৭৮৯ তথা ১৮১৪ৰ বিপ্লৱসমূহে ক্রমে ৰোমান গণৰাজ্য তথা ৰোমান সাম্রাজ্যৰ পোছাক পিন্ধিছিল (Collected Works, Vol. xi, 103–04)

এইদৰেই বিৰাট বুর্জোৱা বিপ্লৱসমূহে নিজকে অতীতৰ বেশত সজাই তুলিছিল যাতে বিপ্লৱী নেতৃত্ব তথা সিবিলাকৰ সমর্থকসকলে নিজৰ শ্রেণীটোৰ স্বার্থকে সমগ্র মানৱ সমাজৰ স্বার্থ হিচাপে পৰিবেশন কৰিবলৈ সক্ষম হয়ঃ 

বুর্জোৱা সমাজখন মুঠেই ভীৰু হলেও এই সমাজখন নির্মাণ কৰোঁতে অত্যন্ত সাহস, ত্যাগ সন্ত্রাস, গৃহ যুদ্ধ তথা জনগণৰ সংগ্রাম দৰকাৰ হৈছিল। আৰু সেয়েহে প্রাচীন ৰোমান গণৰাজ্যৰ ত্যাগসর্বস্ব পৰম্পৰাসমূহ, সিবিলাকৰ আদর্শ তথা কলাত্মক পৰম্পৰাসমূহ আধুনিক গ্লেডিয়েটৰসকলে ধাৰ কৰিছিল; যাতে নিজৰ সংগ্রামৰ বুর্জোৱা সীমাৱদ্ধতাসমূহ নিজৰ চকুৰ পৰাই লুকুৱাই ৰাখি, নিজকে বিভ্রান্ত কৰি ঐতিহাসিক ট্রেজেডিৰ উচ্চ আদর্শৰ স্তৰত বিপ্লৱী আবেগ বর্তাই ৰাখিব পৰা যায়। ঠিক তেনেকৈয়ে বিকাশৰ আন এটা স্তৰত, ইংলেণ্ডৰ বুর্জোৱা বিপ্লৱৰ সময়তো ক্রমৱেল তথা ইংৰাজ জনগণে অল্ড টেষ্টামেণ্টৰ পৰা নিজৰ ভাষা, আবেগ তথা মৰীচিকাসমূহ ধাৰ কৰিছিল (Collected Works, Vol. xi, 104–05)

মার্ক্সে বিশ্বাস কৰিছিল যে শাসক শ্রেণীৰ আর্থিক আৰু ৰাজনৈতিক ক্ষমতাৰ জহতে শাসকীয় মতাদর্শসমূহে জনগণৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। সকলো যুগতে শাসক শ্রেণীৰ আইডিয়াসমূহকে শাসক-আইডিয়া(ruling idea) বুলিও কব পৰা যায়ঃ যিটো শ্রেণীয়েই সমাজখনৰ প্রতিপত্তিশালী বস্তুগত শক্তি হিচাপে পৰিগণিত হৈছে, সেই একেটা শ্রেণীকেই প্রভুত্বশালী বৌদ্ধিক শক্তি বুলিও ক’ব পৰা যায়”(Collected Works, Vol. V, 59) শাসক শ্রেণীয়ে উৎপাদন সমল আৰু ৰাষ্ট্রৰ ওপৰত থকা সিহঁতৰ নিয়ন্ত্রণৰ সহায়ত বিভিন্ন অনুষ্ঠান পাতি গঢ়ি তোলে যাৰ দ্বাৰা জনগণৰ চেতনা নির্মাণ কৰা হয়। মধ্যযুগত এনে অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম আছিল খ্রীষ্টিয় চার্চসমূহ। আধুনিক কালত শিক্ষা ব্যৱস্থা তথা সংবাদ মাধ্যমসমূহেও এই ভূমিকা পালন কৰে

এটা কথা স্পষ্ট যে মার্ক্সৰ মতে শাসক শ্রেণীৰ মতাদর্শগত ক্ষমতাক সিহঁতৰ আর্থিক আৰু ৰাজনৈতিক ক্ষমতাৰ পৰা পৃথক কৰি চাব নোৱাৰিআর্থিকভাৱে প্রভুত্বশালী শ্রেণীটোৱেই হৈছে শাসক শ্রেণী – অর্থাৎ যিটো শ্রেণীয়ে উৎপাদন সমল নিয়ন্ত্রণ কৰে – এই একেটা শ্রেণীয়েই ৰাষ্ট্রও নিয়ন্ত্রণ কৰেমার্ক্সৰ মতে ৰাষ্ট্র হৈছে পোন প্রথমে এনে এবিধ সঁজুলি যাৰ দ্বাৰা শ্রেণী একোটাৰ প্রভুত্ব  বর্তাই ৰখা হয়। কমিউনিষ্ট মেনিফেষ্টোত মার্ক্সে লিখিছে – “আধুনিক ৰাষ্ট্রৰ কার্যপালিকা সমগ্র বুর্জোৱা শ্রেণীটোৰ সাধাৰণ স্বার্থ পৰিচালনা কৰা এখন সমিতি মাথো তথাকথিত ৰাজনৈতিক ক্ষমতা আচলতে এটা শ্রেণীক শোষণ কৰিবলৈ  আন এটা শ্রেণীৰ   সংগঠিত শক্তিৰ বাহিৰে আন একো নহয়(Collected Works, Vol. vi, 486)

ৰাষ্ট্র সম্পর্কে মার্ক্সে  কোনো প্রণালীগত তত্ত্ব   বিকশিত কৰি থৈ যোৱা নাই। অৱশ্যে তেওঁৰ বিভিন্ন ৰছনাত এই বিষয়ক ভালেখিনি মূল্যবান মন্তব্য সিঁচৰিত হৈ আছে। এংগেলছ আৰু লেনিনে পাছলৈ এই বিষয়ে যথেষ্ঠখিনি অৱদান আগবঢ়াইছে। অৱশ্যে সিবিলাকৰ শাহটো মার্ক্সৰ লেখনীৰ মাজতে দেখা পোৱা যায়। ক্রিটিক অব হেগেলছ ফিলজফি অব ৰাইটছ শীর্ষক গ্রন্থখনিত মার্ক্সে লিখিছে যে আধুনিক ৰাষ্ট্রৰ অধীনত নাগৰিক সমাজৰ পৰা ৰাষ্ট্রৰ  বিচ্ছেদ ঘটে; অর্থাৎ  সামাজিক আৰু আর্থিক জীৱনৰ পৰা ৰাষ্ট্র পৃথক(separate) হৈ পৰে

এংগেলছে লিখিছে যে শ্রেণী-সমাজৰ উদয়ৰ প্রশ্নটোৰ সৈতে ৰাষ্ট্রৰ উদয়ৰ প্রশ্নটো ঘনিষ্ঠভাৱে জড়িত হৈ আছেঃ

বিকাশৰ এটা বিশেষ পর্যায়ত সমাজে ৰাষ্ট্রৰ জন্ম দিয়ে। ইয়াৰ দ্বাৰাই সমাজে সংকেত দিয়ে যে ইতিমধ্যেই সমাজৰ বুকুত এটা সমাধানহীন অন্তর্বিৰোধৰ আৱির্ভাৱ হৈছে। ই এনে কেতবোৰ সংঘাতৰ জন্ম দিছে যিবোৰ সমাধান কৰিবলৈ সমাজখন শক্তিহীন।  এই অন্তর্বিৰোধ তথা বিভিন্ন শ্রেণীৰ আর্থিক সংঘাতসমূহে যাতে সমস্ত সমাজখনকে গ্রাস কৰি নেপেলায়, তাৰ বাবে দেখাত সমাজৰ ওপৰত অৱস্থিত এটা শক্তিৰ উপস্থিতি প্রয়োজনীয় হৈ পৰিল। এই শক্তিটোৱে সংঘাতসমূহৰ উপশম ঘটাব বা ব্যৱস্থাৰ পৰিসীমাৰ ভিতৰতে সিবিলাকক সীমাৱদ্ধ কৰি ৰাখিব। সমাজৰ বুকুৰ পৰাই সৃষ্টি হোৱা কিন্তু [আপাতভাৱে] সমাজৰ ওপৰত অৱস্থান লাভ কৰা, অর্থাৎ সমাজৰ পৰা ক্রমান্বতে অধিক পৰিমাণে বিচ্ছিন্ন হৈ পৰা এই সত্তাটোৱেই হৈছে ৰাষ্ট্র (Selected Works, Vol. iii, 326–27)

এই শক্তিটো অর্থাৎ ৰাষ্ট্রৰ সাৰমর্ম হৈছে যে ই বলপ্রয়োগৰ সমলসমূহ – যেনে সেনাবাহিনী আদিক নিজে নিয়ন্ত্রণ কৰেশ্রেণী-অনুপস্থিত সমাজসমূহত ব্যাপক জনগণ আৰু সৈনিকসকলৰ মাজত কোনো পার্থক্য নাছিল। শ্রেণী-সংঘাতৰ উদয়ৰ পাছত এই পৰিস্থিতি সলনি হৈ পৰিল। এতিয়া বল প্রয়োগৰ ক্ষেত্রখনত এটা সৰু গোষ্ঠীয়ে একাধিপত্য স্থাপন কৰিলে। এই গোষ্ঠীটোৱে  বর্হি শত্রৰ লগতে আভ্যন্তৰীণভাৱে জনগণকো দমন কৰাৰ ভূমিকা  গ্রহণ কৰিলে। অর্থাৎ সমাজৰ পৰা ৰাষ্ট্রৰ পৃথকীকৰণৰ অর্থ হৈছে মূলতঃ প্রত্যক্ষ উৎপাদকর্তাৰ পৰা বলপ্রয়োগৰ পৃথকীকৰণ। এই প্রত্যক্ষ উৎপাদনকর্তাসকলৰ ওপৰত বল প্রয়োগ কৰিয়েই শাসকহঁতে তেওঁলোকৰ উদ্বৃত্ত আত্মসাৎ কৰে  এংগেলছে লিখিছে যে ৰাষ্ট্রৰ উদয়ৰ অর্থ হৈছে -

এনে এটি ৰাজহুৱা শক্তিৰ স্থাপন যি ব্যাপক জনগণৰ সাধাৰণ সশস্ত্র বাহিনীতকৈ পৃথক হব। এই বিশেষ ৰাজহুৱা শক্তিটো প্রয়োজনীয় কিয়নো শ্রেণী বিচ্ছেদৰ  উদয়ৰ লগে লগেই এতিয়া ব্যাপক জনগণৰ সাধাৰণ সশস্ত্র সংগঠনৰ ধাৰণাটো অসম্ভৱ হৈ পৰিছে...সকলো ৰাষ্ট্রতে এই ৰাজহুৱা শক্তিৰ উপস্থিতি দেখা পোৱা যায়।। ইয়াৰ অধীনত কেৱল সহস্ত্র যোদ্ধাই নাথাকে বৰঞ্চ বিভিন্ন বস্তুগত সহায়ক উপাদান, কাৰাগাৰ, বল প্রয়োগৰ নানান অনুষ্ঠান আদি ইয়াৰ অধীনত থাকে...ৰাষ্ট্রৰ অধীনত শ্রেণী সংঘাতসমূহ যিমানেই তীব্র হৈ পৰে, যিমানেই চুবুৰীয়া ৰাষ্ট্রবোৰ শক্তি,আকাৰ আৰু জনসংখ্যাগত-ভাৱে বৃহত্তৰ হৈ পৰে, সিমানেই ই অধিক শক্তিশালী হৈ পৰেআজিৰ সময়ত ইউৰোপখন চালেই কথাটো বুজিব পাৰি; আজি শ্রেণী সংঘাত আৰু অঞ্চল দখলৰ অৰিয়া-অৰিয়ে এই ৰাজহুৱা শক্তিটোক ইমানেই তীব্র ৰূপ প্রদান কৰিছে যে ই সমস্ত সমাজখন আনকি খোদ ৰাষ্ট্রকো গ্রাস কৰি পেলোৱাৰ আশংকা সৃষ্টি কৰিছে (Selected Works, Vol. iii, 327–28)

আন কথাত, এংগেলছে ৰাষ্ট্রৰ উদয় আৰু বিকাশৰ ক্ষেত্রত দুটা মূল কাৰক চিহ্নিত কৰিছেঃ শ্রেণী সংঘাতৰ বিকাশ আৰু তীব্রতা বৃদ্ধি, তথা বিভিন্ন শত্রু ৰাষ্ট্রসমূহৰ মাজত বৃদ্ধি হোৱা সামৰিক আধিপত্যৰ প্রতিযোগিতা। পেৰিছ কমিউন বিষয়ক লেখনীসমূহত মার্ক্সে এই ধাৰণাসমূহ কংক্রিটভাৱে প্রয়োগ কৰিছে। তেওঁ  মধ্যযুগৰ শেহৰছোৱাত আৱির্ভাৱ হোৱা নিৰংকুশ ৰাজতন্ত্রসমূহৰ মাজত আধুনিক পুঁজিবাদী ৰাষ্ট্রৰ শিপাডাল বিচাৰি পাইছেঃ

কেন্দ্রীকৃত ৰাষ্ট্র যন্ত্র আৰু তাৰ অসংখ্য জটিল সামৰিক, আমোলাতান্ত্রিক, যাজক তথা ন্যায়িক অংশসমূহ...নিৰংকুশ ৰাজতন্ত্রৰ সময়ত গঠন কৰা হৈছিল যেতিয়া সদ্য-জন্মজাত আধুনিক সমাজখনে সামন্তবাদৰ পৰা মুক্তি লভিবলৈ সংগ্রাম কৰি আছিল আৰু এই সংগ্রামত সিবিলাকে অস্ত্রৰ ভূমিকা পালন কৰিছিল। মধ্যকালীন সামন্তপ্রভু, চহৰ, যাজক আদিৰ সামন্তবাদী বিশেষাধিকাৰসমূহ ৰূপান্তৰিত কৰি পেলোৱা হৈছিল আৰু একক ৰাষ্ট্র শক্তি গঠন কৰা হৈছিল। সামন্তীয় ডাঙৰীয়াসকলক আঁতৰাই দৰমহা-আশ্রিত চৰকাৰী কর্মচাৰী সৃষ্টি কৰা হৈছিল। সামন্তপ্রভু তথা চহৰীয়া নাগৰিক নিগমৰ অধীনত থকা সশস্ত্র ৰখীয়া-পৰীয়াহঁতৰ  অস্ত্র কাঢ়ি লৈ পেছাদাৰী সেনাবাহিনী গঠন কৰা হৈছিল। মধ্যযুগীন শক্তিসমূহৰ পতনশীল অৰাজক ব্যৱস্থাৰ অন্ত পেলাই ৰাষ্ট্র শক্তিৰ নিগমিত আঁচনি গঠন কৰা হৈছিল, যাৰ মূলতে আছিল এক ব্যৱস্থাগত তথা পদানুক্রমিক শ্রম বিভাজন। প্রথম ফৰাচী বিপ্লৱে জাতীয় ঐক্য গঠন কৰাৰ কার্যভাৰ লাভ কৰিছিল আৰু গতিকে ই সকলো স্থানীয়, ভৌগলিক, চহৰকেন্দ্রিক তথা আঞ্চলিক স্বাধীনতাৰ অন্ত পেলাব লগা হৈছিল। অর্থাৎ নিৰংকুশ ৰাজতন্ত্রই ইতিমধ্যেই আৰম্ভণি কৰা প্রক্রিয়াসমূহ – যেনে ৰাষ্ট্র শক্তিৰ কেন্দ্রীকৰণ তথা সংগঠন - ই আগবঢ়াই নিব লগা হৈছিল। ই ৰাষ্ট্র শক্তিৰ বৈশিষ্ট্য তথা পৰিসৰ বৃদ্ধি কৰিছিল; ৰাষ্ট্রৰ সঁজুলিসমূহ, ৰাষ্ট্রৰ স্বাধীনতাৰ  প্রসাৰ ঘটাইছিল, তথা  প্রকৃত সমাজখনৰ ওপৰত ৰাষ্ট্রৰ আধিভৌতিক দপদপনি বৃদ্ধি কৰিছিল ( ‘Civil War in France’, 162–63 )

অর্থাৎ পুঁজিবাদৰ বিজয়ে ৰাষ্ট্র যন্ত্রটোৰ শক্তি তথা দক্ষতা ভীষণভাৱে বৃদ্ধি কৰিলে। পিছে একে সময়তে ই বুর্জোৱা তথা অন্যান্য শাসিত শ্রেণীসমূহৰ পৰা অধিক পৰিমাণে স্বাধীন হৈ পৰা যেন দেখা গল। এইক্ষেত্রত মার্ক্সে আলোচনা কৰা বনাপার্টিজিম(Bonapartism) শীর্ষক পৰিঘটনাৰ  কথাই কব পাৰিনেপোলিয়ন প্রথম তথা তৃতীয়ই ক্রমে প্রথম তথা তৃতীয় ফৰাচী সাম্রাজ্য নির্মাণ কৰিছিল। দুয়োক্ষেত্রতে দেখা গৈছিল যে একোজন এডভেঞ্চাৰপ্রিয় ব্যক্তিয়ে কেৱল সামৰিক শক্তিৰ ভিত্তিতে ৰাষ্ট্রৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল আৰু পুঁজিপতি, শ্রমিক বা কৃষকৰ পৰা স্বাধীনচিতীয়াভাৱেই শাসন কৰিবলৈ সক্ষম হৈছিল।

এই কথাখিনি আৰু স্পষ্টকৈ প্রকাশ কৰিব পাৰিঃ মার্ক্সৰ পাছৰ কালছোৱাত বহুতো শ্রমিক দলেই দেশৰ চৰকাৰ গঠন কৰা দেখা যায়। তেনে স্থলত সঁচাকৈয়ে ৰাষ্ট্রক শ্রেণী আধিপত্যৰ সঁজুলি বুলি ক’ব পৰা যায়নে? এইক্ষেত্রত মার্ক্স-এংগেলছৰ কেতবোৰ মন্তব্য প্রনিধানযোগ্য। মার্ক্স-এংগেলছৰ মতে ৰাষ্ট্র হৈছে শ্রেণী সংগ্রামৰ সৃষ্টি, অর্থাৎ  ই হৈছে “নাগৰিক সমাজৰ অন্তর্বিৰোধসমূহৰ আনুষ্ঠানিক প্রকাশস্থল” (Collected Works, Vol. vi, 212)আন এঠাইত মার্ক্সে লিখিছে – “ৰাষ্ট্রৰ মাজতেই সমগ্রই পুঞ্জীভূত ৰূপ লাভ কৰে”(Grundrisse, 227)অর্থাৎ ৰাষ্ট্রৰ মাজতেই সমাজৰ সমস্ত অন্তর্বিৰোধসমূহ প্রতিফলিত তথা কেন্দ্রীভূত হয়। শাসক শ্রেণীৰ আধিপত্য অহৰহ চলি থাকিবলৈ হ’লে কেতিয়াবা অন্যান্য শ্রেণীসমূহৰ সৈতে বুজা-পৰাও কৰিব লগা হব পাৰে; প্রায়েই ৰাষ্ট্র শক্তিৰ সংগঠনৰ মাজত এই বুজাপৰা(compromise)ৰ প্রতিফলন  দেখা পোৱা যায়।
উদাহৰণস্বৰূপে মার্ক্সে লিখিছে যে ১৮৪৮ৰ বিপ্লৱৰ পাছত কেৱল নেপোলিয়ন তৃতীয়ৰ বিজয়ৰ দ্বাৰাহে ফ্রাঞ্চত পুঁজিপতি শক্তিৰ প্রভুত্ব ৰক্ষা কৰাটো সম্ভৱপৰ হৈছিল কিয়নো ইয়াৰ পূর্বৰ বছৰ কেইটাত বুর্জোৱা আৰু সর্বহাৰাৰ মুক্ত গৃহ যুদ্ধই সমগ্র ব্যৱস্থাটোকে শেষ কৰি পেলোৱাৰ আশংকা সৃষ্টি হৈছিলঃ

সাম্রাজ্যই ঘোষণা কৰিলে – ই হেনো দেশৰ সংখ্যাগৰিষ্ঠ উৎপাদক শ্রেণী অর্থাৎ কৃষকসকলৰ সমর্থনৰ ভিত্তিত আশ্রিত। অর্থাৎ ই আপাতভাৱে পুঁজি আৰু শ্রমৰ শ্রেণী সংগ্রামৰ পৰা আঁতৰত অৱস্থিত (এই দুয়োটা শ্রেণীৰ প্রতি ৰাষ্ট্র নির্লিপ্ত, আনকি বিৰোধী বুলিও ঘোষণা কৰা হল)। শাসক আৰু শাসিত – এই দুয়োটা শ্রেণীতকৈ শ্রেষ্ঠ এক শক্তিৰ ৰূপত ৰাষ্ট্র-শক্তিয়ে শাসনৰ বাঘজৰী হাতত ললে; দুয়োৰে মাজত ই জবৰদস্তি এখন শান্তি-চুক্তি  স্বাক্ষৰ কৰোৱালে (অর্থাৎ শ্রেণী সংগ্রামৰ ৰাজনৈতিক, বিপ্লৱী ৰূপসমূহক মৌন কৰি পেলোৱা হ’ল)। সংসদ ভংগ কৰি অর্থাৎ [উদ্বৃত্ত আত্মসাৎ কৰা] শোষক শ্রেণীটোৰ  ৰাজনৈতিক শক্তি ভংগ কৰি  ৰাষ্ট্রই শ্রেণী একাধিপত্যৰ প্রত্যক্ষ ৰূপটো আঁতৰাই পেলালে।  আচলতে ৰাষ্ট্রৰ কেৱল এই ৰূপটোৰ দ্বাৰাহে পুৰণা ব্যৱস্থাটোক কোনোমতে জীয়াই ৰখাটো সম্ভৱপৰ আছিল। (‘Civil War in France’, 230–31)

এনে পৰিহাসমূহক স্থিতি – য’ত শাসক শ্রেণীয়ে প্রত্যক্ষভাৱে শাসন নকৰে – অর্থাৎ য’ত শাসক শ্রেণীয়ে ৰাষ্ট্র যন্ত্রটো নিজেই পৰিচালিত নকৰে – ই কেৱল পুঁজিবাদৰ অধীনতহে সম্ভৱকিয়নো পুঁজিবাদৰ অধীনত প্রত্যক্ষ উৎপাদনকর্তাসকলৰ ওপৰত দৈনন্দিন শাৰীৰিক বলপ্রয়োগ কৰাটো প্রয়োজনীয় নহয়; বিভিন্ন আর্থিক হেঁচাৰ ফলতেই শ্রমিকসকলে পুঁজিপতিৰ ওচৰত কাম কৰিবলৈ বাধ্য হয়। কিয়নো উৎপাদনৰ নিজা কোনো সমল নথকা শ্রমিকে পুঁজিপতিৰ ওচৰত কাম নকৰিলে শেহত ভোকত মৰিব লাগিব। “আর্থিক সম্পর্কৰ মৌন হেঁচায়েই শ্রমিকৰ ওপৰত পুঁজিপতিৰ প্রভুত্ব সাব্যস্ত কৰেপ্রত্যক্ষ অনা-আর্থিক বলপ্রয়োগ এতিয়া বিশেষ কেছতহে ব্যৱহাৰ কৰা হয়”(Capital, Vol. i, 899) ইয়াৰ বিপৰীতে সামন্তবাদৰ অধীনত  বল প্রয়োগ নকৰিলে কৃষকে জমিদাৰক শস্য নিদিবও পাৰে। কিয়নো জমিদাৰ নাথাকিলেও কৃষকে নিজা মাটিত খেতি কৰি আত্মনির্ভৰশীলভাবে জীয়াই থাকিব পাৰিব। পুঁজিবাদৰ অধীনত শ্রমিক নিজে পুঁজিপতিৰ ওচৰত কাম বিচাৰি অহাৰ বিপৰীতে সামন্তবাদৰ অধীনত জমিদাৰেহে কৃষকৰ ওচৰলৈ যাব লগা হয়। সহজ ভাষাত কবলৈ গলে পুঁজিবাদৰ অধীনত ৰাজনৈতিক প্রভু(ৰাজনেতা) আৰু আর্থিক প্রভু (পুঁজিপতি) একেজন ব্যক্তি বা একেটা শ্রেণীৰে নহ’বও পাৰে। কিন্তু সামন্তীয় শোষণ অব্যাহত ৰাখিবলৈ হলে সামন্ত প্রভুসকলে একেসময়তে ৰাজনৈতিক তথা আর্থিক – দুয়োটা শক্তি নিজৰ হাতত ৰাখিব লগা হয়। সেয়েহে সামন্তবাদৰ অধীনত অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্র দুখনৰ বিভাজন সম্ভৱপৰ নহয়। কিন্তু পুঁজিবাদৰ অধীনত সেয়া সম্ভৱপৰ হৈ উঠে।

গতিকেই পুঁজিবাদী সমাজসমূহত অর্থনীতি আৰু ৰাজনীতি – দুখন সম্পূর্ণভাৱে ভিন ভিন ক্ষেত্র যেন অনুভৱ হ’ব পাৰেপিছে ই সম্পূর্ণভাবে সত্য নহয়। এফালে অর্থনীতিৰ ওপৰত থকা পুঁজিপতিৰ নিয়ন্ত্রণে ৰাষ্ট্রৰ ক্ষমতা– অর্থাৎ ই কেনেধৰণৰ পদক্ষেপ লব পাৰিব – তাৰ সীমা বান্ধি দিয়ে। উদাহৰণস্বৰূপে পুঁজিপতিহঁতে যদি কোনো এখন চৰকাৰৰ কার্যকলাপ ভাল নাপায়, সিহঁতে সমস্ত টকা-পইছা বর্হিদেশলৈ লৈ যাব পাৰেএনে স্থিতিত  আর্থিক প্রগতি ৰূদ্ধ হৈ পৰিব আৰু চৰকাৰৰ আর্জনো হ্রাস পাবএনে ধৰণৰ ব্যৱস্থাগত ব্লেকমেইলিঙৰ ফলতেই কল্যাণকামী চৰকাৰ একোখনেও ৰেডিকেল কার্যসূচী হাতত লবলৈ সাহস কৰিব নোৱাৰেআনফালে ৰাষ্ট্রৰ ভিতৰতে এহাতে সংসদ আৰু কেবিনেট আৰু আনহাতে আমোলাতন্ত্র তথা সেনাবাহিনী – এই দুয়োৰে মাজত কিছু শ্রম বিভাজন থাকে। কোনো ৰেডিকেল চৰকাৰে যদি পুঁজিপতিবিৰোধী কার্যকলাপ হাতত লয়, তেনেস্থলত পুঁজিপতিৰ ঘনিষ্ঠ আমোলা তথা সেনাবাহিনীয়ে অসহযোগ বা প্রয়োজনবিশেষে প্রত্যক্ষভাৱে বিদ্রোহো কৰিব পাৰে যাতে বুর্জোৱা উৎপাদন সম্পর্কসমূহক নিৰাপদে ৰাখিব পৰা যায়।

তথাপিও এই কথা সত্য যে পুঁজিবাদৰ অধীনত ৰাজনীতি আৰু অর্থনীতি – এই দুয়োখন ক্ষেত্র সম্পূর্ণভাৱে নহলেও অন্ততঃ আপেক্ষিকভাৱে ইখন সিখনৰ পৰা পৃথক হৈ পৰেইয়াৰ ফলতেই এনে স্থিতিও উৎপন্ন হব পাৰে য’ত বুর্জোৱা শ্রেণীয়ে ৰাষ্ট্র যন্ত্রটোক প্রত্যক্ষভাৱে নিয়ন্ত্রণ বা পৰিচালন নকৰেএই বৈশিষ্ট্যটোৰ ফলতেই বুর্জোৱাহঁতে অন্যান্য শ্রেণীৰ সৈতে মিলি মিত্রজোঁট গঠন কৰিব পাৰে যি সমস্ত ব্যৱস্থাটোক কিছু পৰিমাণে নৰম কৰি তোলে আৰু বুর্জোৱাৰ গুপ্ত আধিপত্যক সুৰক্ষিত কৰি ৰাখে।

মার্ক্সৰ সময়ৰ বৃটেইনতো এনে স্থিতি দেখা পোৱা গৈছিলঃ

বৃটিছ সংবিধানখন  হৈছে পুৰণিকলীয়া আৰু বর্তমানৰ সৈতে সংগতি নথকা...ই হৈছে বুর্জোৱা আৰু ভূ-অভিজাত শ্রেণীটোৰ সন্ধি(compromise)ৰ দলিল। বুর্জোৱাহঁতে আনুষ্ঠানিকভাবে শাসন নকৰে যদিও নাগৰিক সমাজৰ সকলো গুৰুত্বপূর্ণ অঞ্চলতে দপদপনি চলায়। আনহাতে ভূ-অভিজাত শ্রেণীটোৱেই আনুষ্ঠানিকভাৱে শাসন কৰেপ্রথমতে ১৬৮৮ৰ “গৌৰবময়ী” বিপ্লৱৰ সময়ত বুর্জোৱাৰ এটা সৰু অংশ – বিত্তীয় অভিজাত শ্রেণীটোকহে এই সন্ধিৰ অন্তর্ভুক্ত কৰা হৈছিল। ১৮৩১ৰ সংস্কাৰ বিধেয়কে আন এটা অংশ – মিলমালিকসকলক... অর্থাৎ ঔদ্যোগিক বুর্জোৱাৰ মূল বিষয়াসকলক এই সন্ধিৰ অন্তর্ভুক্ত কৰিলে। যদিও বুর্জোৱাহঁতক সামগ্রিকভাৱে শাসক হিচাপে মানি লোৱা হৈছিল, ই কেতবোৰ চর্তৰ অধীনতহে সম্ভৱপৰ হৈছিল। এই চর্তমতে সমস্ত চৰকাৰী যন্ত্রটো তথা তাৰ  বিভিন্ন অংশসমূহ, আনকি বিধানপালিকাৰ কার্যপালক বিভাগটোও অর্থাৎ সংসদৰ দুয়ো সদনতে আইন প্রণয়ণৰ সমস্ত শক্তিসমূহ ভূ-অভিজাত শ্রেণীটোৰ ওচৰতে সুৰক্ষিত হৈ ৰৈছিল। (Collected Works, Vol. xiv, 53–54).

অর্থাৎ বুর্জোৱাই চৰকাৰ পৰিচালনা নকৰাকৈয়ো শাসন কৰিব পাৰেএংগেলছেও লিখিছে যে এনে ধৰণৰ সন্ধি এখন  বিচমার্ক শাসিত  জার্মানীতো দেখা পোৱা গৈছিল। জাতীয় একীকৰণৰ মূল লাভসমূহ ঔদ্যোগিক বুর্জোৱাহঁতেই ভোগ কৰিছিল কিন্তু গ্রাম্যাঞ্চলভিত্তিক জাংকাৰ অভিজাততন্ত্রটোৱেই দেশ শাসন কৰিছিল। এইবোৰ দেখি মেলি কিছুসংখ্যক মার্ক্সবাদী বুদ্ধিজীৱিয়ে এইবুলিয়ে যুক্তি প্রদর্শন কৰে যে পুঁজিবাদৰ বৈশিষ্ট্যই হৈছে যে ইয়াৰ অধীনত বুর্জোৱাহঁতে ৰাজত্ব ভোগ কৰিলেও  সিহঁতে কাছিৎহে ৰাষ্ট্র বা চৰকাৰ পৰিচালনা কৰেআন কথাত, শেষ অর্থত বুর্জোৱায়েই শাসন কৰে, কিন্তু সিহঁতে  সাধাৰণতেই চৰকাৰ পৰিচালনা নকৰে

এই আলোচনাখিনিৰ পৰা বুজিব পাৰি যে আধাৰ তথা উপৰিসৌধ বিষয়ক মার্ক্সৰ সাধাৰণ চিন্তাচর্চাখিনিৰ দৰেই ৰাষ্ট্র বিষয়ক তেওঁৰ তত্ত্বটোও  যথেষ্ঠ জটিল তথা সূক্ষ্ম। এইদৰেই বিভিন্ন সমাজৰ বিশেষ চৰিত্রসমূহ বিশ্লেষণ কৰিব পৰাকৈ  তথা একেধৰণৰ উৎপাদন সম্পর্ক থকা বিভিন্ন সমাজৰ ৰাজনৈতিক তথা মতাদর্শগত ভিন্নতাসমূহ বুজিব পৰাকৈ মার্ক্সে তেওঁৰ ইতিহাস তত্ত্বটো বিকশিত কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা মার্ক্সবাদী ধাৰাৰ অন্তর্গত ঐতিহাসিক লেখনীৰ ভীষণ প্রসাৰ ঘটিল; ই মার্ক্সৰ ইতিহাস তত্ত্বটোৰ উর্বৰতা তথা শক্তিকেই প্রমাণিত কৰেৱশ্যে হেগেল বা কণ্ডৰচেটতকৈ অধিক বিকশিত কোনো  ইতিহাস তত্ত্ব আৱিষ্কাৰ কৰাৰ বিপৰীতে পুঁজিবাদৰ বৈজ্ঞানিক অধ্যয়ন কৰাটোহে মার্ক্সৰ চিন্তনৰ কেন্দ্রবিন্দু আছিল। ঐতিহাসিক বস্তুবাদৰ আটাইতকৈ উজ্বল নিদর্শন পুঁজিবাদৰ মার্ক্সীয় বিশ্লেষণ তথা বিপ্লৱী ৰাজনৈতিক তত্ত্বতেই দেখা পোৱা যায়।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...