Wednesday, October 28, 2015

ৰুছ বিপ্লৱৰ ইতিহাস: লিয়ন ট্রটস্কী: পাতনি

অনুবাদঃ ময়ূৰ চেতিয়া

১৯১৭ চনৰ ফ্রেব্রুৱাৰী মাহলৈকে ৰাছিয়া  ৰোমানভ ৰাজতন্ত্রৰ অধীনত আছিল তাৰ ঠিক আঠ মাহ পাছত এটা শ্রমিক দল – বলচেভিক পার্টি - দেশৰ শাসক হিচাপে অধিষ্ঠিত হলশাসনত অধিষ্ঠিত হোৱাৰ কেইমাহমান আগলৈকে খুউব কম সংখ্যক লোকেহে বলচেভিকসকলৰ বিষয়ে জানিছিল; শেষ মূহুর্ত পর্যন্ত পার্টিৰ নেতৃবৃন্দ দেশদ্রোহৰ গোচৰত অভিযুক্ত আছিল। ইতিহাসৰ এনে তীব্র পট-পৰিবর্তন খুউব কমেই ঘটা দেখা যায়। মনত ৰখা ভাল – এই পৰিবর্তন ঘটিছিল ১৫ কোটি লোকেৰে ভৰা এখন বিশাল দেশৰ ভূ-ভাগত। কাজেই ১৯১৭ চনৰ ঘটনাৱলী এক অধ্যয়নযোগ্য বিষয়, তেহেলৈ ঘটনাৱলীৰ চৰিত্র সম্পর্কে আপুনি যিয়েই সিদ্ধান্তত উপনীত নহওঁক কিয়।

আন আন ইতিহাসৰ দৰেই বিপ্লৰ ইতিহাসেও প্রথমে দুটা প্রশ্নৰ উত্তৰ দি লোৱা উচিতঃ কি ঘটিছিল আৰু কেনেদৰে ঘটিছিল। পিছে ইয়েই যথেষ্ঠ নহয়। ঘটনাৱলীৰ বর্ণনাৰ জৰিয়তে ইতিহাসবিদজনে লগতে এয়াও দর্শাব লাগিব যে কিয় ঘটনাৱলীয়ে এই ৰূপ ললে আৰু কিয় তাৰ কোনো বিকল্প সম্ভৱপৰ নাছিল। ইতিহাস কোনো আকস্মিক ঘটনাৱলীৰ সমাহাৰ নহয়, ই কোনো পূর্বকথিত নৈতিক গাঁথাৰ পুষ্টিকৰণো নহয়। বৰং ঐতিহাসিক ঘটনাৱলীয়ে নিজস্ব কেতবোৰ নিয়ম মানি চলে। এই নিয়মসমূহ আৱিষ্কাৰ কৰাটো ইতিহাসবিদৰ কর্তব্য।

বিপ্লৱৰ এক বিশেষ বৈশিষ্ট্য হৈছে - ঘটনাৱলী সংঘটিত কৰাৰ ক্ষেত্রত জনগণৰ প্রত্যক্ষ্য অংশগ্রহণসাধাৰণ সময়ত ৰাষ্ট্রযন্ত্রই নিজকে দেশৰ ওপৰত প্রক্ষেপ কৰে আৰু ৰজা, মন্ত্রী, আমোলা, সাংসদ, সাংবাদিক আদিয়েই ইতিহাস নির্মাণ কৰে কিন্তু কেতবোৰ মূহুর্তত – যেতিয়া পুৰণা শাসনতন্ত্র অসহনীয় হৈ পৰে, সকলো বাধা-নিষেধ ভাঙি ৰাইজে ৰাজনৈতিক ক্ষেত্রখনত সক্রিয় অংশগ্রহণ কৰিবলৈ ওলাই আহে, পৰম্পৰাগত সকলো প্রতিনিধিক জাবৰৰ দমলৈ নিক্ষেপ কৰে আৰু সক্রিয় হস্তক্ষেপৰ যোগেদি নতুন শাসনতন্ত্রৰ ভেটি নির্মাণ কৰেজনগণৰ এনে সক্রিয় অংশগ্রহণ ভাল কথা নে বেয়া – সেই বিষয়ে বাচ-বিচাৰ কৰাৰ দায়িত্ব আমি নীতিবাগীশসকললৈ এৰিছো; তাৰ বিপৰীতে বিকাশৰ বস্তুনিষ্ঠ প্রক্রিয়াৰ মাজেদি ত্বৰাম্বিত হোৱা ঘটনাৱলীৰ অধ্যয়নৰ প্রতিহে আমাৰ আগ্রহ।

বিপ্লৰ ধুমুহাই অস্থিৰ কৰি তোলা সমাজ একোখনত শ্রেণী সংঘাট থকাটো সুলভ কথা। কিন্তু সেইবুলি বিপ্লৱকালীন সমাজ এখনৰ আর্থিক আধাৰ তথা শ্রেণী গাঁথনিৰ পৰিবর্তনৰ প্রতি আঙুলিয়াই দিয়েই বিপ্লৱৰ গতিধাৰা বুজিব পৰা নাযাব। বিপ্লৱে অতি কম সময়ৰ ভিতৰতে শতিকা পুৰণি অনুষ্ঠানসমূহ ভাঙি পেলাব পাৰে, তাৰ ঠাইত নতুন অনুষ্ঠান গঢ় দিব পাৰে আৰু পুণৰ কিছুদিনৰ পাছতেই সেই নতুন অনুষ্ঠানসমূহো অপ্রাসংগিক হৈ পৰিব পাৰেবিপ্লৱৰ গতিধাৰা বুজিবলৈ হলে প্রাক-বিপ্লৱকালীন সময়তেই গঢ় লৈ উঠা শ্রেণীসমূহৰ মনঃস্তত্বৰ তীব্র, সঘন আৰু আবেগপূর্ণ পৰিবর্তনসমূহৰ প্রতি মন দিব লাগিব। কথাটো হৈছে এনেকুৱাঃ মেকানিক এজনে নিজৰ সঁজুলিসমূহ প্রয়োজন অনুসৰি সলনি কৰি লোৱাৰ দৰে সমাজ একোখনে  নিজস্ব অনুষ্ঠানসমূহ হঠাতে সলনি কৰি লব নোৱাৰেৰং তাৰ ওলোটাটোহে সত্য। সমাজ একোখনে সাধাৰণতেই নিজৰ অনুষ্ঠানসমূহক স্বয়ংসিদ্ধ তথা অবিনশ্বৰ বুলি গণ্য কৰেবিৰোধীসকলৰ দশকজোৰা সমালোচনায়ো সিবিলাকক সততে টলাব নোৱাৰে; খুউব বেছি সিবিলাকে জনগণৰ অসন্তুষ্টি নিৰাপদ পথেৰে লৈ যোৱা চেফটি ভাল্ভৰ ভূমিকাহে পালন কৰে অর্থাৎ এনে সমালোচনাই সামাজিক গাঁথনিটোৰ সুস্থিৰতাহে সুনিশ্চিত কৰেউদাহৰণস্বৰূপে, পূর্বে সামাজিক-গণতন্ত্রবাদীসকলৰ সমালোচনাই এই ভূমিকাই পালন কৰিছিল। সিবিলাকৰ বিপৰীতে, জনগণৰ অসন্তুষ্টিৰ পৰা ৰক্ষণশীলতাৰ লেকাম আঁতৰাই ৰাইজক বিদ্রোহৰ পথেৰে লৈ যাবলৈ এক সম্পূর্ণ ভিন্ন পৰিস্থিতিৰ প্রয়োজন হয়নকলেও হব যে এনে পৰিস্থিতিৰ নির্মাণ ব্যক্তি বা দলবিশেষৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নির্ভৰশীল নহয়

আন কথাত, বিপ্লৱৰ সময়ত জনগণৰ দৃষ্টিভংগী আৰু মুডৰ তীব্র পৰিবর্তনৰ কাৰণ মানৱ মস্তিষ্কৰ গতিশীলতাৰ বিপৰীতে তাৰ ৰক্ষণশীলতাৰ মাজতহে পোৱা যাব পাৰেতীব্র গতিৰে বস্তুগত দৃশ্যপট সলনি হয়, বাৰম্বাৰ  পৰম্পৰাগত চিন্তন আৰু চেতনাই তাৰ সতে তাল মিলাবলৈ ব্যর্থ হয়। শেহত গৈ বস্তুগত পৰিস্থিতিয়ে সংগতি মিলাব নোৱাৰি জনগণৰ মূৰৰ ওপৰত নিজকে জাপি দিয়ে। ইয়েই এক বিস্ফোৰক পৰিস্থিতি সৃষ্টি কৰে, চেতনা আৰু আবেগে অভূতপূর্ব জাঁপ মাৰে, ভীষণ গতিৰে সিবিলাক বিকশিত হয়পুলিচৰ মগজে ঘটনাৰ তাৎপর্য বুজিব নোৱাৰি ‘ইবিলাক মাথো মুষ্টিমেয় কেইজনমান আন্দোলনকাৰীৰ উৎপাতৰ ফলাফল’ বুলি কৈ সন্তুষ্টি লভে

সামাজিক পুনঃগঠনৰ কোনো সুচিন্তিত আঁচনি মনত লৈ জনগণে বিপ্লৱত অংশগ্রহণ নকৰে; বৰং পুৰণা শাসনতন্ত্রৰ শাসন অসহনীয় হৈ পৰা যেন অনুভৱ কৰিহে তেওঁলোক পৰিবর্তনৰ দিশেৰে আগবাঢ়ে। বিপ্লৱী শ্রেণীটোৰ মার্গদর্শক অংশটোৰ ওচৰতহে কোনো ৰাজনৈতিক কার্যসূচী থাকে, আৰু সিবিলাককো ঘটনাৱলীৰ পৰীক্ষাগাৰৰ মাজেৰে পৰীক্ষণ কৰি লব লগা হয়। কোনো ৰাজনৈতিক কার্যসূচীয়েই জনগণৰ স্বীকৃতি লাভ নকৰাকৈ আগবাঢ়িব নোৱাৰেসামাজিক সংকটৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ শ্রেণী একোটাই ক্রমান্বয়ে বুজিবলৈ চেষ্টা কৰে, বাৰম্বাৰ প্রচেষ্টাৰ জৰিয়তে জনগণে নিজকে সক্রিয় আৰু শিক্ষিত কৰি তোলে। এয়াই হৈছে বিপ্লৱ একোটাৰ মূল ৰাজনৈতিক প্রক্রিয়া। বিভিন্ন দলৰ উত্থান আৰু পতনৰ প্রতি লক্ষ্য কৰি  বিপ্লৱৰ বিভিন্ন পর্যায়সমূহৰ উমান লব পাৰিক্রমান্বয়ে উগ্র দল একোটাই নৰম দল একোটাক ক্ষমতাচ্যুত কৰে; কিছু সময়ৰ পাছত তাতোকৈও উগ্র দল একোটাৰ আৱির্ভাব হয়। নতুন দলটোৰ তুলনাত পুৰণা উগ্র দলটো তেনেই নিস্প্রভ যেন প্রতীয়মান হয়। এনেদৰেই বিপ্লৱী প্রক্রিয়াটোত জনগণৰ ক্রমবর্ধমান বাওঁমুখী যাত্রা প্রতিফলিত হয়এই প্রক্রিয়াটো ঠিক তেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে বিপ্লৱ তাৰ বস্তুনিষ্ঠ সীমাৱদ্ধতাসমূহৰ সমুখীন নহয়এনে সীমাত উপনীত হোৱাৰ পাছতেই প্রতিক্রিয়াৰ সময় আৰম্ভ হয়। বিপ্লৱী শ্রেণীটোৰ বিভিন্ন গোটসমূহ নিৰুৎসাহিত হবলৈ ধৰে, নির্লিপ্ততা আৰু উদাসীনতাৰ উদয় হয় আৰু ইয়াৰ লগে লগেই প্রতিক্রিয়াশীল শক্তিসমূহৰো শ্রীবৃদ্ধি ঘটিবলৈ আৰম্ভ কৰেএয়া অন্ততঃ পুৰণা বিপ্লৱসমূহৰ সাধাৰণ ৰূপৰেখা বুলি কব পাৰি

জনগণৰ মাজত বিকশিত হোৱা ৰাজনৈতিক প্রক্রিয়াসমূহ চালি জাৰি চালেহে আমি বিভিন্ন দল তথা নেতাৰ ভূমিকাসমূহ বুজিবলৈ সক্ষম হব পাৰিম। অর্থাৎ বিভিন্ন পার্টি তথা পার্টিৰ নেতৃবৃন্দক কোনো স্বাধীন উপাদান হিচাপে গণ্য কৰাৰ বিপৰীতে, সিবিলাকক জনগণৰ ৰাজনৈতিক প্রক্রিয়াটোৰ এক গুৰুত্বপূর্ণ অংশবিশেষ হিচাপেহে গণ্য কৰা উচিত। কোনো মার্গদর্শক সংগঠনৰ অবিহনে জনগণৰ বিৰাট শক্তি কর্পূৰৰ দৰেই উৰি যায়; যিদৰে ভাপ-ইঞ্জিনৰ অবিহনে ভাপে শক্তিৰ ৰূপ লব নোৱাৰে, ঠিক তেনেদৰেই মার্গ-দর্শক সংগঠনৰ অবিহনেও জনগণৰ শক্তিয়ে সু-সংগত ভূমিকা লব নোৱাৰেপিছে মন কৰা ভাল – ভাপেহে ইঞ্জিনটোক সক্রিয় কৰি তুলিছে, ইঞ্জিনটোৱে ভাপক সক্রিয় কৰি তোলা নাই। জনগণৰ অবিহনে পার্টিৰ ভূমিকাৰ কথা কোৱাটো বাতুলতা মাত্র।

বিপ্লৱৰ কালত জনগণৰ চেতনাই কিদৰে গতি কৰে, তাৰ অধ্যয়ন কৰাটো সহজ কথা নহয়। শোষিত শ্রেণীসমূহে ইতিহাস নির্মাণ কৰে কাৰখানাৰ মজিয়াত, সৈন্য বেৰেকত, গাওঁত, চহৰৰ ৰাজপথত। সংগ্রামৰ দলিল লিখি থৈ যোৱাৰ অভ্যাস তেওঁলোকৰ নাই বুলিয়েই কব পাৰিতদুপৰি বিপ্লৱৰ ভীষণ উষ্ম পৰিবেশত সাধাৰণতেই দীর্ঘ চিন্তন-মননৰ অৱকাশ নাথাকে। সর্বহাৰাৰ পৰম্পৰাগত সংবাদদাতাসকলেও বিপ্লৱৰ কালত উজুটি খাবলৈ আৰম্ভ কৰেঅৱশ্যে সেইবুলি এনে অধ্যয়ন সম্পূর্ণভাৱে অসম্ভৱ নহয়। ইতিহাসবিদজনৰ ওচৰত পূর্ণাংগ দলিল নাথাকিব পাৰে কিন্তু সিঁচৰিত, অসম্পূর্ণ তথা আকস্মিক অসংখ্য দলিল  নিশ্চয়েই আছে। ঘটনাৱলীৰ পোহৰত জুমি চালে এই সমলসমূহে নিশ্চিতভাৱেই গণ-চেতনাৰ গুপ্ত প্রক্রিয়াটোৰ গতি তথা হেন্দোলনিৰ কিছু উমান দিব পাৰেবিপ্লৱী দল একোটায়ো গণ চেতনাৰ উমান লৈয়েই নিজৰ ৰণ-কৌশল নির্মাণ কৰেবলচেভিজিমৰ ইতিহাসে দর্শাইছে যে অন্ততঃ মোটামুটিভাৱে গণচেতনাৰ জোখ-মাখ নিপুণতাৰে  কৰিব পাৰিযদি বিপ্লৱৰ চৰম উখল-মাখলৰ কালতেই বিপ্লৱী নেতৃবৃন্দই এনে কাম সমাধা কৰিব পাৰে, তেনেস্থলত পাছলৈ ইতিহাসবিদজনে নোৱাৰাৰ কি কাৰণ থাকিব পাৰে?

অৱশ্যে জনগণৰ চেতনাত সংঘটিত হোৱা পৰিবর্তনসমূহ একেবাৰে স্বাধীন বুলি ভবাটো ভুল হবভাববাদীসকলে যিমানেই প্রতিবাদ নকৰক কিয়, চেতনা নিশ্চিতভাৱেই পৰিস্থিতিৰ দ্বাৰা নির্ধাৰিত হয়। ৰাছিয়াৰ বিশেষ পৰিস্থিতি, তাৰ শ্রেণী-গাঁথনি, অর্থনীতি, ৰাষ্ট্র-ব্যৱস্থা, ওচৰ চুবুৰীয়া অঞ্চলৰ ওপৰত প্রভাৱ – আদিৰ পটভূমিতেই  আমি ফ্রেব্রুৱাৰী তথা অক্টোবৰ বিপ্লৱৰ ভিত্তিসমূহ বিচাৰিব লাগিব। উন্নত দেশসমূহৰ বিপৰীতে ৰাছিয়াৰ দৰে অনগ্রসৰ দেশ এখনতহে কিয় সর্বহাৰাৰ প্রথম শাসন স্থাপন হল – এয়া মার্ক্সবাদীসকলৰ বাবে আজিও এক কঠিন সাঁথৰকাজেই ৰাছিয়াৰ বিশেষ পৰিস্থিতিৰ মাজতেই  এই সাঁথৰৰ উত্তৰ বিচাৰিব লাগিব। কিতাপখনৰ প্রথম অধ্যায়কেইটাত আমি ৰুছ সমাজখনৰ বিশেষ ঐতিহাসিক  বৈশিষ্ট্যসমূহ তথা সিবিলাকৰ তাৎপর্য সম্পর্কে এক চমূ ৰূপৰেখা প্রস্তুত কৰিছোঁ।  এই জঁকাসদৃশ অধ্যায়কেইটা কিছু নিস্তেজ যেন লাগিব পাৰে কিন্তু পাছলৈ সিবিলাকক পূর্ণাংগ তথা জীৱন্ত ৰূপ দিয়া হৈছে। আশাকৰোঁ পাঠক পোনেই নিৰাশ নহব।

কিতাপখনত লিখোতে কোনো ব্যক্তিগত স্মৃতিচাৰণৰ সহায় লোৱা হোৱা নাই। লেখক নিজে ঘটনাৱলীৰ প্রত্যক্ষ্য অংশগ্রহণকাৰী আছিল বুলিয়েই ঐতিহাসিক দলিলৰ বিপৰীতে ব্যক্তিগত স্মৃতিচাৰণ তেওঁ দলিল হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ লব নোৱাৰেঠিক তেনেদৰে, লেখকে ঘটনাৱলী বর্ণনা কৰাৰ সময়ত নিজৰ বিষয়ে প্রথম পুৰুষত লিখাৰ বিপৰীতে তৃতীয় পুৰুষতহে লিখিছে। আত্মজীৱনী বা স্মৃতিগ্রন্থৰ বিপৰীতে ইতিহাস লেখনৰ ক্ষেত্রত আত্মগত ৰূপ বাঞ্ছনীয় নহয়।

অৱশ্যে যিহেতু লেখকে সংগ্রামত অংশগ্রহণ কৰিছিল, যেয়েহে বিভিন্ন সক্রিয় শক্তিৰ চেতনা তথা বিভিন্ন ঘটনাৰ আন্তঃসম্পর্ক সম্পর্কে বুজ লোৱাটো তেওঁৰ বাবে কিছু সহজ হৈ পৰিছে। পিছে তাৰ পৰা লাভৱাম্বিত হবলৈ হলে লেখকে কেইটামান চর্ত মানি চলিব লাগিবঃ তেওঁ কেতিয়াও লঘূ-গুৰু কোনো বিষয়তে নিজৰ স্মৃতিৰ দোহাই দিবলৈ চেষ্টা কৰিব নালাগিব; সেয়া লাগে কোনো তথ্যৰ প্রসংগতে হওঁক বা বিভিন্ন পাত্রৰ উদ্দেশ্য বা মুডৰ বিশ্লেষণৰ ক্ষেত্রতে হওঁক। লেখকে  নিজ সামর্থ্য অনুসৰি যিমানখিনি সম্ভৱ, এই চর্ত মানি চলিছে।

এইখিনিতে আন এটা প্রশ্ন উত্থাপিত হয়ঃ সেয়া হৈছে লেখকৰ ৰাজনৈতিক দৃষ্টিভংগীৰ প্রসংগ। এইক্ষেত্রতো ঘটনাৱলীৰ প্রত্যক্ষ্য অংশগ্রহণকাৰী হোৱা হেতুকে আমি যি নীতি মানি চলিছো, সেয়াই প্রযোজ্য হব। লেখকৰ যি ৰাজনৈতিক দৃষ্টিভংগী, পাঠকেও সেয়া মানি চলিব লাগিব বুলি কোনো কথা নাই। আমি নিজৰ ৰাজনৈতিক দৃষ্টিভংগী লুকুৱাই ৰখাৰ কোনো চেষ্টাও কৰা নাই। কিন্তু কোনো ঐতিহাসিক সৃষ্টিকর্ম যাতে কোনো ৰাজনৈতিক দৃষ্টিভংগীৰ ন্যায্যতা প্রমাণ কৰা হাথিয়াৰলৈ পর্যৱসিত নহয় – বৰং সি যাতে বিপ্লৱৰ প্রকৃত আভ্যন্তৰীণ প্রক্রিয়াটোক স্পষ্ট ৰূপত প্রকাশহে কৰে - এনে দাবী কৰাৰ অধিকাৰ পাঠকৰ নিশ্চয়েই আছে। কোনো ঐতিহাসিক কর্মৰাজিৰ প্রকৃত মিছন তেতিয়াহে পূর্ণ হব যেতিয়া  ঘটনাৱলীয়ে মানি চলা ঐতিহাসিক নিয়মসমূহ স্পষ্ট ৰূপত ধৰা পৰিব। তাৰ বাবে ইতিহাসবিদৰ তথাকথিত “নিৰপেক্ষতা”ৰ প্রয়োজন আছে জানো? আজিলৈকে কোনোৱেই নিৰপেক্ষতা মানেনো কি – সেয়া স্পষ্ট কৰিব পৰা নাই। ক্লেমেঞ্চুৰ এটা উদ্ধৃতি প্রায়েই প্রয়োগ কৰা হয় – বোলে “বিপ্লৱৰ এক সামগ্রিক বিশ্লেষণ কৰা উচিত”। পিছে ই প্রশ্নটোৰ উত্তৰ দিয়াত অকণো সহায় নকৰেকোনো এটি প্রক্রিয়াক সামগ্রিকভাৱে কেনেকৈ লব পাৰি, যদি তাৰ সাৰমর্ম বিচ্ছেদৰ মাজতেই লুকাই থাকে?

সাম্প্রতিক কালৰ এজন প্রতিক্রিয়াশীল তথা সেয়েহে জনপ্রিয় ইতিহাসবিদ হৈছে লুই মেডেলিন। ফৰাচী বিপ্লৱ – যাৰ জৰিয়তে তেওঁৰ নিজৰেই দেশখনে নতুন জন্ম লাভ কৰিছিল – তাৰ তীব্র সমালোচক এই মেডেলিনৰ মতে, “ইতিহাসবিদজনে যুদ্ধৰ সময়ত আক্রান্ত চহৰখনৰ দেৱালৰ ওপৰত বহি তলৰ কার্যকলাপ – অর্থাৎ আক্রমণকাৰী আৰু  আক্রান্তসকলক লক্ষ্য কৰিব লাগে”কেৱল এইদৰেহে “এৰা-ধৰামূলক ন্যায় প্রতিষ্ঠা” সম্ভৱপৰ হব। পিছে মেডেলিনৰ লেখনীসমূহেই স্পষ্ট কৰি দিছে যে দেৱালত বহি দুই শিবিৰৰ কার্যকলাপ লক্ষ্য কৰাৰ আঁৰত তেওঁৰ উদ্দেশ্যই হৈছে যে যাতে প্রতিক্রিয়াশীল শিবিৰটোৰ বাবে চোৰাংচোৱাৰ ভূমিকা লব পৰা যায়। তদুপৰি কেৱল অতীতৰ যুদ্ধ শিবিৰসমূহৰ প্রতিহে মেডেলিনৰ আগ্রহ; পিছে আধুনিক বিপ্লৱৰ সময়ত দেৱালত বহি থকাটো মুঠেই নিৰাপদ নহয়। সাধাৰণতেই এনে তথাকথিত “এৰা-ধৰাৰ মাজেৰে শান্তি প্রতিষ্ঠা” কৰিব বিচৰা মহাশয়সকলে মুক্ত দেৱালৰ বিপৰীতে নিৰাপদ ঘৰতহে লুকাই থাকে আৰু “শেহত কোন জিকিব” সেয়া চাবলৈ প্রতীক্ষা কৰি থাকে।

কোনো চিৰিয়াছ তথা বোধসম্পন্ন পাঠকেই এনে বিভ্রান্তিমূলক নিৰপেক্ষতা নিশ্চয় নিবিচাৰিব; এনে নিৰপেক্ষতা আচলতে প্রতিক্রিয়াশীল শক্তিসমূহৰ সৈতে শান্তি স্থাপন কৰাৰ সোপানৰ বাহিৰে আন একো নহয়। বৰং আমাক প্রয়োজন এক বৈজ্ঞানিক সুবুদ্ধিৰ যি তথ্যৰ সৎ অধ্যয়নৰ যোগেদি ঘটনাৱলীৰ বিভিন্ন সংযোগসমূহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব, বিপ্লৱৰ গতিৰ নিয়মসমূহ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব। কেৱল এনে সুবুদ্ধিৰ মাজতেই ঐতিহাসিক বস্তুনিষ্ঠতা বিচাৰি পোৱা যাব পাৰে কিয়নো ই কেৱল ইতিহাসবিদজনৰ ইচ্ছা-অনিচ্ছাৰ বিপৰীতে ঐতিহাসিক প্রক্রিয়াটোৰ প্রাকৃতিক নিয়মসমূহৰ আৱিষ্কাৰৰ জৰিয়তেহে সত্যাসত্য প্রমাণিত কৰিব বিচাৰে

এই গ্রন্থখনৰ উৎস হিচাপে বিভিন্ন ধৰণৰ আলোচনী, বাতৰি কাকত, জার্নাল, স্মৃতিগ্রন্থ, ৰিপর্ট, পাণ্ডুলিপি আদিৰ সহায় লোৱা হৈছে। সিবিলাকৰ অধিকাংশই মস্কো আৰু লেনিনগ্রাডৰ “বিপ্লৱৰ ইতিহাস লেখন সংস্থা”ৰ  দ্বাৰা ছপা কৰা হৈছে। ঐতিহাসিক গ্রন্থসমূহৰ ভিতৰত ১৯২৭ চনত দুটা খণ্ডত প্রকাশিত Essays on the History of the October Revolution গ্রন্থখন বিশেষভাৱে সহায়ক হৈছে। কেইবাজনো লেখকৰ ৰছনাৰে ভৰা এই গ্রন্থখনত প্রচুৰ পৰিমাণে তথ্য-পাতি সোমাই আছে।

কিতাপখনৰ তাৰিখসমূহ পুৰণি কেলেণ্ডাৰৰ ষ্টাইলমতে লিখা হৈছে অর্থাৎ আন্তর্জাতিক কেলেণ্ডাৰতকৈ সিবিলাক ১৩ দিন পিছ পৰাবিপ্লৱৰ সময়ত যিখন কেলেণ্ডাৰ ব্যৱহৃত আছিল, সেইখনকে প্রয়োগ কৰাটো উত্তম বুলি ভবা হল। আন্তর্জাতিক কেলেণ্ডাৰৰ অনুকৰণত গঠিত হোৱা নতুন ছোভিয়েট কেলেণ্ডাৰ অনুসৰি পুৰণা তাৰিখসমূহক সলনি কৰি লব পৰা গলহেতেন কিন্তু ই আন কেতবোৰ সমস্যা সৃষ্টি কৰিলেহেঁতেন। উদাহৰণস্বৰূপে,  ৰাজতন্ত্রৰ উৎখাত ঘটোৱা সময়খিনি আজি ফ্রেব্রুৱাৰী বিপ্লৱ নামেৰেই জনাজাত হৈছে। অথচ পশ্চিমীয়া কেলেণ্ডাৰ মতে ই মার্চ মাহতহে ঘটিছিল। ঠিক তেনেদৰে অক্টোবৰ বিপ্লৱ নামেৰে জনাজাত ঘটনাখিনি  পশ্চিমীয়া কেলেণ্ডাৰ মতে নৱেম্বৰ মাহতহে ঘটিছিল। সেয়েহে ই কেৱল তাৰিখ বা গাণিতিক হিচাপৰ বিষয় নহয়। পাঠকে হয়তো মন কৰিব – পুৰণা কেলেণ্ডাৰখন সলোৱাৰ আগেয়ে সেইখনক খামোচ মাৰি ধৰি থকা শাসনতন্ত্রটোক উৎখাত কৰাটো জৰুৰী আছিল!

লিয়ন ট্রটস্কী
১৪ নবেম্বৰ, ১৯৩০

প্রিনকিপো

3 comments:

  1. এসময়ত একাংশই অপাংক্তেয় কৰি ৰখা ট্রটস্কী-চিন্তাৰ তাৎপৰ্য গভীৰ। অনুবাদ সুন্দৰ হৈছে। কামটো (অনুবাদ) শেষ হলে এটা ডাঙৰ কাম হ'ব।

    ReplyDelete
  2. অনুবাদ ভাল লাগিল। ই আমাৰ দৰে লোকৰ কৌতুহল পূৰণত যথেষ্ট সহায়ক হৈছে।

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...