“প্ৰতিটো যুগতে [সংগ্রামী] পৰম্পৰাবিলাকক যথাস্থিতিবাদে(conformism) গ্রাস কৰিবলৈ চেষ্টা কৰি থাকে। সেয়েহে প্রতিটো যুগতে এই পৰম্পৰাবিলাকক ৰক্ষা কৰিবলৈ ন ন প্রচেষ্টাও চলাব লাগিব। যিসকল ইতিহাসবিদে উপলব্ধি কৰিবলৈ সক্ষম হব যে শতৰুৰ হাতত মৃতকসকলো সুৰক্ষিত নহয়, সেইসকল ইতিহাসবিদেহে অতীতৰ বুকুত আশাৰ স্ফুলিংগ সৃষ্টি কৰিব পাৰিব।”
- ৱাল্টাৰ বেঞ্জামিন, “থেছিছ অন দা ফিলচফি অফ হিস্ট্রি” (Illuminations: Walter Benjamin, Essays, and Reflections)
পিছে এই ভয় আৰু উদ্বেগবিলাকৰ মর্মবস্তু আৰু চৰিত্র কেনেধৰণৰ? কেনেদৰে সিবিলাকক বুজা যায়? সদ্যহতে আমি এটা দিশৰ কথাই আলোচনা কৰিম, যাক বহু বছৰ পূর্বে ৱাল্টাৰ বেঞ্জামিনে “বাওঁ বিষাদ”(Left Melancholy) নামেৰে অভিহিত কৰি গৈছে। বেছিভাগ পাঠকেই জানে যে বেঞ্জামিন সাধাৰণতে শোকপ্রকাশৰ বিৰোধী নাছিল। তেওঁ স্বীকাৰ কৰি গৈছে যে হেৰুওৱাৰ অনুভবে ব্যক্তিক যেতিয়া বেদনাগ্রস্ত কৰি তোলে, তেতিয়া ই ব্যক্তিক বিশেষ অন্তর্দৃষ্টিও প্রদান কৰিব পাৰে। ৰাজনৈতিক তথা সাংস্কৃতিক কর্ম বিষয়ক বেজাৰক তেওঁ উচ্চ প্রশংসা কৰি গৈছে। চাৰ্লছ বডলেয়ৰৰ বিষয়ে কৰা অধ্যয়নত বেঞ্জামিনে শোকক এক সৃষ্টিশীল ফল্গুধাৰা হিচাপেই গণ্য কৰিছে। কিন্তু বাওঁ বিষাদ হৈছে এক সম্পূর্ণভাবে সুকীয়া বস্তু। বেঞ্জামিনৰ মতে, বাওঁ বিষাদ হৈছে জড় বিপ্লৱীৰ এক উপনাম – অর্থাৎ এনে একোজন বিপ্লৱী - যি কোনো বিশেষধৰণৰ ৰাজনৈতিক বিশ্লেষণ বা বিশেষধৰণৰ ৰাজনৈতিক আদর্শৰ(political ideal) প্রতি ইমানেই মোহগ্রস্ত যে বৰ্তমান কালৰ আমূল পৰিৱৰ্তনৰ সম্ভাৱনাসমূহ সন্ধান কৰাতকৈ তেওঁ সেই পুৰণা বিশ্লেষণ বা আদর্শকে বুকুত সাবটি থাকিব খোজে। তেহেলৈ সেই বিশ্লেষণ বা আদর্শ ইতিমধ্যেই অপ্রাসংগিক হৈ যাওঁক, তাৰ প্রতি জড় বিপ্লৱীজনৰ কানসাৰ নাই। এই বাওঁ বিষাদবোধে বৰ্তমানৰ বিশিষ্ট চৰিত্ৰটো বুজিবলৈ অস্বীকাৰ কৰে। ই ইতিহাসক “শূন্য সময়” বা “প্ৰগতি”ৰ শব্দৰাশিৰ বাদে আন কোনো ধাৰণাৰ জৰিয়তে বুজিবই নোৱাৰে। একে সময়তে, বাওঁ বিষাদবোধে অতীতৰ কোনো বিশেষ ৰাজনৈতিক পৰিচিতি বা বিশেষ নাম একোটাৰ প্রতি বিপ্লৱীজনক মোহান্ধ কৰি ৰাখে।
বর্তমানৰ সময়ত ৰাজনৈতিক সংগঠন নির্মাণৰ প্রয়োজনীয়তা, বিভিন্ন ধৰণৰ মর্চা গঠন তথা ৰূপান্তৰণৰ ৰাজনীতি নির্মাণতকৈ এই পুৰণা ৰাজনৈতিক পৰিচিতি তথা নামবিলাকহে বিপ্লৱীজনৰ বাবে বেছি গুৰুত্বপূর্ণ হৈ পৰে!
বিষাদৰ এক বিশেষ বিড়ম্বনা হৈছে যে হেৰাই যোৱা বস্তুটোৰ (object) প্রতি থকা আসক্তি, হেৰুওৱাৰ বেদনাৰ পৰা মুক্ত হোৱাৰ ইচ্ছাতকৈ অধিক গুৰুত্বপূর্ণ হৈ পৰে! অর্থাৎ বস্তুটোক হেৰুওৱাৰ দুখ এসময়ত শাম কটাৰ পাছত, সেই দুখৰ উপশাম ঘটাৰ পাছত, স্বাভাবিক অৱস্থালৈ ঘূৰি অহাৰ প্রয়োজনীয়তাৰ কথাটো আওকান কৰা হয়। তাৰ বিপৰীতে, শোকৰ মাজতে থাকি, হেৰাই যোৱা বস্তুটোৰ স্মৃতি ৰোমন্থন কৰি, দুখৰ ভাৰ অহৰহ বুকুত লৈ থকাৰ আমেজ বেছি গুৰুত্বপূর্ণ হৈ পৰে। অর্থাৎ হেৰুওৱাৰ দুখৰ পৰা মুক্ত হোৱাৰ, তাৰ প্রয়াচ্ছাৰ পৰা এসময়ত মুকলি হোৱাৰ, তাৰ অবিহনে বর্তমানৰ পৃথিৱীত জীয়াই থকাৰ প্রয়োজনীয়তাৰ কথাটো আওকান কৰা হয়। ইয়েই বিষাদক এক স্থায়ী অৱস্থা, এক স্থায়ী ৰূপলৈ পৰিণত কৰে। অর্থাৎ মৃত্যু বা ক্ষতিৰ প্ৰতি এক চলমান(transient) সঁহাৰি হোৱাৰ বিপৰীতে বিষাদ এক প্রকাৰৰ স্থায়ী অৱস্থা, স্থায়ী স্থিতি, স্থায়ী হাবিয়াসলৈ পৰিণত হয়।
১৯১৭ চনৰ এক লেখনীত ফ্রয়েডে বিষাদৰ এক আন এটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে: “ইয়াত হয়তো শোকতকৈ অধিক আদর্শবান কোনো ক্ষতিৰ কথা জড়িত হৈ আছে। যিটো বস্তু হেৰুওৱাৰ কথা ভাবি আপুনি শোকাকুল হৈ পৰিছে, সেই বস্তুটো হয়তো আচলতে মৰি যোৱা নাই, কিন্তু প্ৰেমৰ এক বস্তু হিচাপে সি হেৰাই গৈছে” [উদাহৰণ - প্রাক্তন প্রেমিকা]। লগতে ফ্ৰয়েডে কৈছে - বিষাদগ্ৰস্ত ব্যক্তিজনে প্ৰায়ে সঠিকভাৱে কব নোৱাৰে - প্রিয় বস্তুটোৰ এনে কি বৈশিষ্ট্য আছিল যাৰ বাবে বস্তুটো প্রিয় বস্তুলৈ পৰিণত হৈছিল, তথা যাৰ এতিয়া সমাপ্তি ঘটিছে। ফ্রয়েডৰ মতে ইয়েই বিষাদক মৃত্যু-বিলাপৰ(mourning) পৰা পৃথক কৰে। “বিষাদৰ ক্ষেত্রত দেখা যায় যে বস্তুটো চেতনাৰ পৰা আঁতৰি যোৱাৰ ফলত সি হেৰাই যোৱা যেন অনুভৱ হৈছে। পিছে বিলাপৰ ক্ষেত্রত অৱচেতন বোলা একো নাই, এইক্ষেত্রত চিধাবিধিকৈ বস্তুটোৰ মৃত্যু ঘটিছে।” হেৰুওৱাৰ অনুভৱে বিষাদ সৃষ্টি কৰে, পিছে এই হেৰাই যোৱা কথাটো বিষাদগ্রস্ত লোকজনে সাধাৰণতেই স্বীকাৰ নকৰে, বা স্বীকাৰ কৰাটো সম্ভৱ হৈ নুঠে। শেষত ফ্ৰয়েডে কৈছে যে বিষাদগ্ৰস্ত ব্যক্তিজনে প্রায়ে হীনমন্যতা আৰু হতাশা অনুভৱ কৰে, আত্মহত্যাৰ প্রতি তেওঁ আকর্ষিত হয়। এসময়ত ব্যক্তিজনে নিজৰ প্ৰিয় বস্তুটোৰ তিৰস্কাৰ (অর্থাৎ ব্যক্তিজনৰ মানসত বস্তুটোৱে তাৰ আদৰ্শ আকাংক্ষিত ৰূপটো লাভ কৰিব নোৱাৰাৰ বাবে কৰা তিৰস্কাৰ) নিজৰ মাজলৈকে স্থানান্তৰিত কৰে। এইদৰেই বস্তুটোৰ এক আদর্শ ছবি বা তাৰ প্রতি থকা প্রেম ধৰি ৰখা হয়, সংৰক্ষিত কৰা হয়, যদিওবা এই প্রেম হেৰাই যোৱাৰ ফলত এতিয়া ব্যক্তিজনে বিষাদ অনুভব কৰিছে।
এইখিনিতে এটা প্রশ্নৰ উত্থাপন হৈছে - বাওঁপন্থীসকলৰ এটা বিশেষ ৰূপৰ (formation-ৰ) কথা আলোচনা কৰোঁতে বেঞ্জামিনে এই “বাওঁ বিষাদ” শব্দকেইটা কিয় ব্যৱহাৰ কৰিছে? আচলতে বেঞ্জামিনে কেতিয়াও বাওঁ বিষাদৰ এক স্পষ্ট সংজ্ঞা আগবঢ়োৱা নাই। বৰং তেওঁ এই শব্দকেইটা ব্যৱহাৰ কৰিছে তিৰস্কাৰৰ ৰূপত - সেইসকল লোকৰ বাবে – যি বর্তমানৰ ৰাজনৈতিক সম্ভাৱনাবিলাক ছালি-জাৰি চোৱাৰ সলনি অতীতৰ কিছুমান পুৰণি আৱেগ আৰু বস্তুৰ প্ৰতিহে অধিক আকর্ষণ অনুভৱ কৰে। বিভিন্ন “বস্তু”ৰ সৈতে ব্যক্তিয়ে অনুভৱ কৰা বিষাদমূলক সহমর্মিতাৰ কথা বেঞ্জামিনে বাৰম্বাৰ উল্লেখ কৰিছে। "জাৰ্মান ট্ৰেজিক নাটকৰ উৎপত্তি" লেখনীটোত তেওঁ যুক্তি দিছে যে “বিষাদৰ অনুভবে জ্ঞানৰ নামত জগতখনৰ বাস্তৱতাকেই উলাই কৰে”। অর্থাৎ বিষাদগ্রস্ত ব্যক্তিজনে নিজৰ প্রেমাস্পদৰ প্রতি থকা আনুগত্যৰ ফলত তেওঁৰ সত্যক (যেনে “প্রতিটো পবিত্র অংগীকাৰ”,
“প্রতিটো পবিত্র স্মৃতি”ক) “বস্তু”লৈ (into a thing) পৰিণত কৰে।
অর্থাৎ স্বয়ং জ্ঞান এক বস্তু-সদৃশ সামগ্রীলৈ পৰিণত হয়। ইয়াৰ আন এটা সংস্কৰণ হৈছে: “বিষাদত বুৰ গৈ থকা ব্যক্তিজনে চিন্তনৰ বাবে মৃত বস্তুবোৰকেই আকোৱালি লয়।” সহজ ভাষাত কবলৈ গলে, বিষাদৰ আনুগত্য হৈছে “বস্তুৰ পৃথিৱীখনৰ প্রতি”। অর্থাৎ ইয়াত ফেটিচিজিমৰ(fetishism) গোন্ধ পূর্ণমাত্রাই পোৱা যায়। আমি জানো যে যিকোনো ফেটিচিষ্টিক আকাংক্ষাৰে বৈশিষ্ট্য হৈছে – ৰক্ষণশীলতা তথা গতিশীল মানৱ সম্বন্ধবিলাকৰ পৰা প্রস্থান (withdrawal)। ৱেমাৰ ৰিপাব্লিকৰ (Weimar
Republic) বাওঁপন্থী কবি এৰিখ কেষ্টনাৰ বিষয়ক এক সমালোচনাত, য’ত তেওঁ পোনপ্ৰথমে “বাওঁ বিষাদ” শব্দকেইটাৰ উদ্ভাৱন কৰিছিল, বেঞ্জামিনে লিখিছে যে বাওঁ বিষাদগ্ৰস্ত ব্যক্তিজনৰ বাবে স্বয়ং আৱেগবিলাকেই (sentiments) বস্তুলৈ পৰিণত হয়। এই বিষাদগ্রস্ত ব্যক্তিয়ে “পূর্বৰ পবিত্র সামগ্রীবিলাকৰ ধ্বংসাৱশেষ লৈ গৌৰৱবোধ কৰে।
ঠিক তেনেকৈয়ে, যেনেকৈ বুৰ্জোৱাসকলে নিজৰ জাগতিক ভোগ-বিলাসৰ সামগ্রীলৈ গৌৰৱবোধ কৰে”। অর্থাৎ আমি আমাৰ বাওঁপন্থী আবেগবিলাকৰ প্রেমত পৰিবলৈ আৰম্ভ কৰোঁ, বাওঁপন্থী বিশ্লেষণ, বাওঁপন্থী সূত্র, বাওঁপন্থী বিশ্বাসবিলাকৰ সৈতে প্রেম কৰিবলৈ ধৰোঁ। মন কৰক যে বর্তমানৰ পৃথিৱীখন সলনি কৰিবলৈহে ইবিলাক প্রয়োজন আছিল। অথচ স্বয়ং পৃথিৱীখনতকৈ এই বাওঁপন্থী আবেগ, বিশ্লেষণ, সূত্রবিলাকৰ সৈতেহে আমি অধিক আত্মীয়তা অনুভৱ কৰিবলৈ ধৰিছোঁ। বেঞ্জামিনে সেয়েহে লিখিছে যে বাওঁ বিষাদ হৈছে এক শোকার্ত, ৰক্ষণশীল, অতীত-অভিমুখী আবেগ, যি তাৰ প্রেমাস্পদক (অর্থাৎ কোনো বিশেষ অনুভৱ, বিশ্লেষণ বা সম্বন্ধক) বস্তুলৈ পৰিণত কৰে, তথা যি বাওঁপন্থীজনৰ হৃদয়ত শিলৰ দৰে বসবাস কৰিবলৈ ধৰে। ফ্ৰয়েডৰ ভাষাত কবলৈ গলে – এনে পৰিস্থিতি তেতিয়া সৃষ্টি হয় যেতিয়া কোনো উত্তৰ-বিহীন ক্ষতি অনুভৱ কৰা হয়, দীর্ঘদিন ধৰি বিশ্বাস কৰি অহা আদর্শৰ উত্তৰ অবিহনেই নিপাত হয়। আজিৰ দিনত এনে কেতবোৰ প্রতীকী শব্দ হৈছে - বাওঁ,
সমাজবাদ, মাৰ্ক্স, আন্দোলন ইত্যাদি।
নিশ্চয়কৈ আজিৰ দিনত বাওঁপন্থীসকল অগণন লোকচান, অগণন বিঘিনিৰ সমুখীন হৈছে। সমাজবাদী দেশবিলাকৰ পতনৰ লগতে মাৰ্ক্সবাদৰ বৈধতা সম্পর্কেও প্রশ্ন উত্থাপিত হৈছে। সকলো দিশকে সামৰা সামগ্রিক বিশ্লেষণ তথা সামগ্রিক আন্দোলনৰ পৰম্পৰাবিলাক নাইকীয়া হৈ যাব ধৰিছে। বাওঁ বিশ্লেষণ আৰু বাওঁ ৰাজনীতিৰ মূল উপাদান হিচাপে শ্রেণীৰ কেন্দ্রীয়তা সম্পর্কে প্রশ্ন উত্থাপন হৈছে। ইতিহাসৰ অপ্রতিৰোধ্য তথা বিজ্ঞানসন্মত গতিধাৰাৰ অংশবিশেষ হিচাপে সমাজবাদৰ চিনাক্তকৰণক লৈয়ো নানান সন্দেহ সৃষ্টি হৈছে। পুঁজিবাদৰ এক সম্ভৱপৰ বিকল্প নির্মাণৰ সম্ভাৱনা সম্পর্কেও দুর্ঘোৰ প্রশ্নচিহ্ন সৃষ্টি হৈছে। অর্থাৎ বাওঁপন্থীসকলে সমুখীন হোৱা লোকচানৰ হিচাপটো আজি বেছ ডাঙৰ বুলিয়েই কব লাগিব।
কেৱল ইমানেই নহয়। এক বিশ্বজনীন বাওঁপন্থী শিবিৰ হিচাপে আমাৰ যি পৰিচয় আছিল, সেয়া আজি আমি হেৰুৱাই পেলাইছোঁ। আন্তঃৰাষ্ট্ৰীয় পর্যায়তো দূৰৈৰে কথা, আনকি স্থানীয় এক সংহত বাওঁপন্থী শিবিৰ হিচাপেও আমাৰ পৰিচয় আজি যেন নির্জীৱ। সামাজিক ব্যৱস্থাটোৰ প্রকৃত সত্য জানো বুলি আমি যিবিলাক দাবী কৰিছিলোঁ, সিবিলাকো আজি আত্মবিশ্বাসহীনতাৰ আৱর্তত। ৰাজনৈতিক কাম-কাজৰ বাবে পথ-প্রদর্শকৰ ভূমিকা পালন কৰিব পৰাকৈ আমাৰ মাজত আজি এক সমৃদ্ধ নৈতিক-ৰাজনৈতিক দৃষ্টিভংগীৰ খুবেই অভাব। অর্থাৎ আমি কেৱল এক আন্দোলনকেই হেৰুওৱা নাই, বৰং এক ঐতিহাসিক সন্ধিক্ষণকো হেৰুৱাই পেলাইছোঁ। আমি মাত্র তাত্ত্বিক আৰু অভিজ্ঞতাভিত্তিক সংহতিকেই হেৰুওৱা নহয়, লগতে এক সমস্ত জীৱনশৈলী তথা সাধনাৰ পথো হেৰুৱাই পেলাইছোঁ।
এইখিনি পর্যন্ত বহুতো বাওঁপন্থীয়েই হয়তো স্বীকাৰ কৰি লব। পিছে এই আটাইবিলাক লোকচানৰ লগতে আন এটা লোকচানো আমাৰ হৈছে, যিটো হয়তো আমি স্বীকাৰ কৰা নাই। এসময়ত বাওঁপন্থী বুলিলেই এক প্রতিশ্রুতি আছিল – অর্থাৎ এক ধাৰণা আছিল যে বাওঁ বিশ্লেষণ আৰু বাওঁ কমিটমেণ্টে আমাক এক স্পষ্ট, সুনির্দিষ্ট, আদর্শ ভৱিষ্যতৰ দিশেৰে লৈ যাব। বাওঁপন্থী হোৱাৰ অন্যতম সুখ এই প্রতিশ্রুতিৰ মাজতেইতো আছিল? অর্থাৎ বাওঁপন্থী হিচাপে আমাৰ আত্ম-প্রেম তথা অন্যান্য বাওঁপন্থীসকলৰ প্রতি থকা চেনেহৰ অন্যতম ভেটি ইয়োতো আছিল? আজি পিছে এই আত্ম-প্রেম সম্পর্কে প্রশ্ন উত্থাপন কৰাৰ প্রয়োজন হৈছে, এই প্রেমৰ ভেটিক নতুনকৈ নির্মাণ কৰাৰ প্রয়োজন হৈছে। যিসকল বাওঁপন্থী এই কার্যভাৰ গ্রহণ কৰিবলৈ অনিচ্ছুক, তেওঁলোক দীর্ঘদিন ধৰি বাওঁ বিষাদত ভূগি থাকিবলৈ অভিশপ্ত। লগতে, এই বাওঁ বিষাদে ভীষণ বেদনা সৃষ্টি কৰাৰ লগতে, আত্ম-ধ্বংসকাৰী প্রৱণতাও সৃষ্টি কৰিব। ফ্রয়েডৰ ভাষাত কবলৈ গলে - “বস্তুটোৰ প্ৰতি থকা প্ৰেমে যেতিয়া নাৰ্চিছিষ্টিক আত্মচিনাক্তকৰণৰ(self-identification) ৰূপ ধাৰণ কৰে, তেতিয়া সি ঘৃণা কৰিবলৈ কোনো বৈকল্পিক বস্তুৰ(substitutive object) সন্ধান কৰে। অর্থাৎ এনে কোনো substitutive বস্তু, যাক গালি-শপনি পাৰি দুখ পাতলাব পৰা যায়, চেডিষ্টিক সন্তুষ্টি লাভ কৰিব পৰা যায়।” এতিয়া প্রশ্ন হৈছে – আজিৰ দিনত এনে substitutive object কি কি আছে? এনে কি কি বস্তুক ঘৃণা কৰিব পাৰি, যাৰ জৰিয়তে আজি আমাৰ ৰোমান্টিক বাওঁপন্থী প্ৰতিশ্ৰুতিবিলাকৰ আদৰ্শ স্মৃতি সংৰক্ষণ কৰিব পৰা যায়? সিবিলাকক এনে
কি কি শাস্তি প্রদান কৰিব পাৰি, যাৰ জৰিয়তে ভগ্ন বাওঁপন্থী নিশ্চয়তাবোৰক হতাশাৰ পৰা ৰক্ষা কৰিব পৰা যায়?
বাওঁ শিবিৰৰ শেহতীয়া আভ্যন্তৰীন বিতর্কবিলাকলৈ লক্ষ্য কৰিলে এই প্রশ্নবিলাকৰ
দুটা ধৰণৰ উত্তৰ দেখা পোৱা যায়। প্রথমটো উত্তৰ হৈছে সাংস্কৃতিক ৰাজনীতি, বা পৰিচয়গত
ৰাজনীতি। বাওঁ শিবিৰৰ একাংশৰ অভিযোগ হৈছে যে সাংস্কৃতিক পৰিচয়ভিত্তিক ৰাজনৈতিক
আন্দোলনবিলাকে (যেনে নৃগোষ্ঠীয় আন্দোলন, যৌনতা আধাৰিত আন্দোলন, জেণ্ডাৰ পৰিচয়ভিত্তিক
আন্দোলন আদিয়ে) পুঁজিবাদৰ মৌলিক গাঁথনিৰ প্রশ্নটোক, শ্রেণীৰ প্রশ্নটোক এৰাই চলে।
লগতেই এই আন্দোলনবিলাকে বাওঁ শিবিৰৰ উদ্যম তথা শক্তিবিলাকক নানান দিশেৰে খণ্ডিত কৰি
লৈ যায়, যাৰ ফলত অর্থবহ সংযুক্ত মর্চা গঠন অসম্ভৱ হৈ পৰে। দ্বিতীয়টো উত্তৰ হৈছে - উত্তৰ-সংযুক্তিবাদী তত্ত্ব (ইয়াক বাগধাৰাগত
বিশ্লেষণ, উত্তৰ-আধুনিকতাবাদ আদি নামেৰেও জনা যায়)। এইক্ষেত্রত উত্থাপিত অভিযোগটো
হৈছে যে এই উত্তৰ-ভিত্তিগত (Post-foundational) তত্ত্ববিলাকে বিষয়ী (subject), সত্য আৰু
সামাজিক প্রক্রিয়াৰ এনে বিশ্লেষণ দাঙি ধৰে যে সিবিলাকে বিশ্বজগতৰ এক সংহত তথা
তথ্যগতভাৱে সত্য ছবি অংকনৰ সম্ভাৱনাও নস্যাৎ কৰে। লগতেই সিবিলাকে
বাওঁপন্থীসকলৰ আদর্শবিলাকৰ(norms) বস্তুনিষ্ঠতা
সম্পর্কেও প্রশ্ন উত্থাপন কৰে। অর্থাৎ সাতে সোতৰই মিলি এই দুয়োটা প্রক্রিয়াই আজি বাওঁ শিবিৰটোক
দুর্বল, খণ্ডিত তথা দিশহাৰা কৰি তুলিছে।
এনে অভিযোগবিলাক আচলতে বেছ পুৰণি। পিছে বাওঁ বিষাদৰ দৃষ্টিৰে চালে স্পষ্ট হৈ পৰে
যে এই অভিযোগবিলাকৰ জৰিয়তে substitutive object-বিলাকক দোষাৰোপ কৰা হৈছে তথা এক ধৰণৰ displacement কার্য সমাপন কৰা হৈছে। এইক্ষেত্রত প্রাসংগিক প্রশ্নটো
হৈছে - এই যে সাংস্কৃতিক ৰাজনীতি বা উত্তৰ-আধুনিকতাবাদৰ ওপৰতে সকলো দোষ জাপি দিয়া
হৈছে, তাৰ জৰিয়তে বাওঁপন্থী বিশ্লেষণৰ কোনবিলাক দুর্বল দিশক আচলতে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা হৈছে? অর্থাৎ বাওঁপন্থী বিশ্লেষণৰ কোনবিলাক দিশ
সম্প্রতি অপ্রাসংগিক হৈ পৰিছে, যাক বাওঁপন্থাৰ অনুগামীসকলৰ দৃষ্টিৰ পৰাই লুকুৰাই ৰাখিবলৈ
চেষ্টা কৰা হৈছে? আজিৰ তৰুণ বাওঁপন্থীসকলৰ ওপৰত ধ্রুপদী বাওঁপন্থী তত্ত্বৰ প্রভাৱ নাইকীয়া হ’ল বুলি আক্ষেপ কৰি, বা ৰাজনৈতিক ফিল্ডখনত তাৰ প্রভাৱ ক্ষীণ হল বুলি আক্ষেপ কৰি আচলতে ধ্রুপদী বাওঁপন্থী তত্ত্বৰ কোনবিলাক উপাদানৰ প্রতি
থকা থকা নার্চিচিষ্টিক আত্মবিলীনতাক ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে? বাওঁ বিশ্লেষণৰ
কোনবিলাক প্রতিশ্রুতিৰ স্মৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰা হৈছে, যাৰ জীর্ণ-শীর্ণ
সাম্প্রতিক অৱস্থাৰ বাবে আজি আন কাৰোবাক জগৰীয়া কৰা হৈছে?
* * * *
ষ্টুৱার্ট হালৰ বিশ্লেষণলৈ ঘূৰি যোৱা যাওঁক। হালে অনুভৱ কৰিছিল যে বাওঁপন্থীসকলৰ বিফলতাৰ কাৰণ হৈছে যে বিগত
২৫ বছৰৰ নতুন কালছোৱাৰ চৰিত্র বাওঁপন্থীসকলে বুজিবলৈ সক্ষম হোৱা নাই। আমাৰ এই বিফলতাৰ বাবে শত্রু পক্ষক (যেনে সোঁ-পন্থীসকল, নব্য-ৰক্ষণশীলসকল
আদিক) জগৰীয়া কৰি, বা আমাৰে অন্যান্য কমৰেডসকলক (যেনে এণ্টিৰেছিষ্ট কর্মীসকল, নাৰীবাদীসকল,
কুইৰ কর্মীসকল, উত্তৰ আধুনিকতাবাদীসকল, পুৰণা মার্ক্সবাদীসকল আদিক) দোষ দি
সমস্যাটোৰ সমাধান কৰিব নোৱাৰি। হালৰ মতে এই বিফলতা কেৱল এক বিশেষ ধৰণৰ বিশ্লেষণৰ (যেনে পুঁজিৰ নির্ধাৰণবাদ, বা শ্রেণীৰ প্রাথমিকতা) প্রতি
থকা আনুগত্যৰ ফলত সৃষ্টি হোৱা নাই। বৰঞ্চ এই বিফলতাৰ অন্যতম কাৰণ হৈছে - এক বিশেষধৰণৰ বৌদ্ধিক মতান্ধতা - এক
বিশেষ ধৰণৰ বস্তুবাদৰ প্রতি থকা আনুগত্য - যি বিষয়(subject), বিষয়ী(subjectivity), শৈলী(style) আৰু ভাষাৰ (language) প্ৰশ্নবিলাকক গুৰুত্ব
প্রদান কৰিবলৈ অস্বীকাৰ কৰে। এই দুয়োটা বস্তু যেতিয়া
একেলগ হৈ পৰে, তেতিয়া ই এক মাৰাত্মক সংমিশ্ৰণ সৃষ্টি কৰে। “দা হাৰ্ড ৰ’ড টু ৰিনিৱেল” গ্রন্থখনৰ সামৰণিত হালে যুক্তি দিছে - “আমাৰ সংকীর্ণবাদৰ কাৰণ ইতিমধ্যেই অতিবাহিত হৈ যোৱা কালখণ্ডবিলাকৰ
(যেনে ১৯৩০ৰ দশকৰ বা ১৯৪৫-ৰ সময়ৰ) এজেণ্ডাবিলাকৰ প্রতি থকা প্রতিৰক্ষাভাৱৰ মাজতেই নিহিত হৈ
থকা নাই। বৰং এই সংকীর্ণবাদৰ অন্যতম উৎস হৈছে - ৰাজনীতি সম্পর্কে থকা কেতবিলাক পুৰণা
বদ্ধমূল ধাৰণা। এই ধাৰণাবিলাকক ঠিক তত্ত্ব বুলি কব নোৱাৰি, বৰং সিবিলাকক একপ্রকাৰৰ পুৰণা মানসিক অভ্যাস বুলি
কলেহে অধিক সঠিক হব।” আমি একৰৈখিক আৰু
অপ্ৰত্যাৱৰ্তনীয় ৰাজনৈতিক লজিকৰ বিষয়ে ভবাত
অভ্যস্ত; অর্থাৎ এনে ৰাজনৈতিক লজিক, যাক কোনো বিমূর্ত সত্ত্বাই - যেনে “পুঁজি” বা
“আর্থিক ক্ষেত্র”ই সক্রিয় কৰি তোলে, তথা যাৰ পূর্বনির্ধাৰিত কোনো গন্তব্যস্থল আছে।
ইয়াৰ বিপৰীতে, “থেচাৰবাদৰ ইতিহাসলৈ চালে দেখা যায় যে আচলতে ৰাজনীতিৰ লজিক ভাষাৰ
লজিকৰহে বেছিকৈ কাষ চপা; অর্থাৎ দুয়োটাৰে ক্ষেত্রত আপুনি বাৰম্বাৰ চেষ্টা কৰিলে
বস্তুবিলাকক বৈকল্পিক ধৰণে সজাই পেলাব পাৰি”।
নিশ্চিতভাৱে পুঁজিৰ গতিপথে ৰাজনীতিৰ বিভিন্ন সম্ভাৱনাবিলাকৰ বিশেষ পৰিস্থিতিসমূহ গঢ় দিয়ে, কিন্তু স্বয়ং ৰাজনীতি বিষয়ে আলোচনা কৰিবলৈ
যাওঁতে আমি মানি লব লাগিব যে “ৰাজনীতি সদায়েই মতাদর্শগতভাৱে চালিত হয়, তথা
ইয়াৰ অন্যথাই সি নির্জীৱ বস্তুলৈ পৰিণত
হব”। হলে অন্য এক প্রসংগত কথাখিনি এনেকৈয়ো কৈছে - “ৰাজনীতিয়ে সংখ্যাগৰিষ্ঠসকলক
প্রতিফলিত নকৰে। বৰং ৰাজনীতিয়ে স্বয়ং সংখ্যাগৰিষ্ঠতাৰ নির্মাণ কৰে”।
এইখিনিতে এটা কথা স্পষ্ট কৰি দিয়াটো দৰকাৰ। হালে এইবুলি কোৱা নাই যে বিশ্বায়নৰ গতিধাৰা মতাদর্শই নিৰ্ধাৰণ কৰে। বৰং তেওঁ এইবুলিহে
কৈছে যে মতাদর্শই বিশ্বায়নৰ বাকধাৰাটোক বিভিন্ন ৰাজনৈতিক উদ্দেশ্যেৰে ব্যৱহাৰ কৰে তথা যেতিয়া এনে ব্যৱহাৰ সফল হয়, তেনে বিজয়ৰ মুহূর্তত কোনো নির্দিষ্ট মতাদর্শই
প্রতিনিধিত্ব কৰা আর্থ-ৰাজনৈতিক ৰণনীতিয়ে গোলকীয় পুঁজিবাদী বিকাশৰ অধীনতে
নির্দিষ্ট একোটাহঁত আর্থ-ৰাজনৈতিক গঠন(political-economic formation)ৰ জন্ম দিয়ে। হালৰ ভাষাত কবলৈ গলে-
আমি এতিয়া এখন post-Fordist সমাজৰ দিশেৰে
আগবাঢ়িবলৈ ধৰিছো৷ কিছু তত্ত্ববিদে এই যুগটোক বিখণ্ডিত পুঁজিবাদ(disorganised capitalism) বা নমনীয় বিশেষায়ন(flexible
specialisation)-ৰ যুগ বুলিও অভিহিত কৰিছে। পিছে আচল কথাটো হৈছে যে
“ব্যক্তিগতকৰণ”ৰ জৰিয়তে মার্গাৰেট থেছাৰে পুঁজিৰ সাম্প্রতিক গতিধাৰাটোক এক বিশেষ ৰাজনৈতিক
তথা আর্থিক ৰণনীতিৰ অধীন কৰি লৈছে, আৰু এক নির্দিষ্ট দর্শনৰ নিয়মাৱলী অনুসৰি প্রভুত্বশীল শাসকীয়
বাগধাৰাটোৰ নির্মাণ কৰিছে। সাম্প্রতিক কালৰ পুঁজিবাদী বিকাশৰ
কিছুমান শক্তিশালী প্ৰৱণতাৰ সৈতে এই দর্শনৰ (অর্থাৎ
থেছাৰবাদৰ) ঐতিহাসিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু যৌন
“লজিক”বিলাকক একাকাৰ কৰাৰ ক্ষেত্রত থেছাৰবাদ বেছ
কিছুদূৰৈলৈ সফলো হৈছে। এই সফলতাই থেছাৰবাদক খুবেই আত্মবিশ্বাসী তথা মতাদর্শগতভাবে
আত্মসন্তুষ্ট কৰি তুলিছে। কাজেই আজি এনে দেখা গৈছে যেন ইতিহাস আজি থেছাৰবাদৰ পক্ষত,
যেন ভৱিষ্যতৰ অৱশ্যাম্ভৱী গতিধাৰাও তাৰ মাজতেই নিহিত হৈ আছে। বাওঁপন্থীসকলেও আজি ঠিক তেনেকৈয়ে বিখণ্ডন
আৰু বৈচিত্রকৰণৰ (dispersal and diversification) দিশেৰে আগবঢ়া পুঁজিৰ প্রবণতাবিলাকৰ সৈতে খোজ
মিলাই নিজৰ আর্থিক, ৰাজনৈতিক আৰু
সাংস্কৃতিক ৰণনীতিবিলাকক নকৈ সজাই তোলাৰ প্রয়োজন আছে। মন কৰিব যে বিখণ্ডন আৰু বৈচিত্রকৰণ সমাজৰ ব্যাপক গণতান্ত্রিকৰণৰ শত্রু হবই
লাগিব বুলি ভবাৰ কোনো যুক্তি নাই। দুর্ভাগ্যজনকভাৱে, বাওঁপন্থীসকলে এনে পুণঃসূত্রায়নৰ প্রয়োজনীয়তাকেই নাকচ কৰে। নিজকে অপ্রাসংগিক কৰি তোলাৰ ইয়াতকৈ অব্যর্থ কোনো উপায়
আছেনে?
সাম্প্রতিক কালৰ বাওঁপন্থীসকলে পুৰণা যুগৰ বিপ্লৱী ৰণনীতি আৰু
ফর্মুলাবিলাককে খামোচ মাৰি ধৰি আছে। এটা সময় আছিল, যেতিয়া সামগ্রিক একতাবদ্ধ আন্দোলন, সামগ্রিক সামাজিকতা, শ্ৰেণীভিত্তিক ৰাজনীতি আদি ধাৰণাবিলাক
ৰাজনৈতিক/তাত্ত্বিক বিশ্লেষণৰ বাবে কাৰ্য্যকৰী আছিল।
পিছে আজি সেই দিন নাই [মনত পেলাওক - আজিৰ দিন হৈছে পুঁজিৰ বিখণ্ডন আৰু বৈচিত্রকৰণৰ
দিন]। কিন্তু আজিৰ বাওঁপন্থীসকলে এই পৰিবর্তনৰ কথাটো উপলব্ধি কৰিব পৰা নাই। কাজেই
আজিৰ বাওঁপন্থীসকল ইতিহাসৰ এক ৰক্ষণশীল শক্তিলৈ পৰিণত হৈছে - যি বৰ্তমানক বুজাৰ ক্ষেত্রত বাৰম্বাৰ উজুটি খাইছে, তথা পৰম্পৰাবাদকেই তাৰ
সংগ্রামী অনুশীলনৰ কেন্দ্রত স্থাপন কৰিছে। আমোদজনকভাবে, বাওঁপন্থীসকলে কিন্তু ৰিস্ক
লোৱাৰহে কথা আছিল, উত্তাল সময়ৰ প্রতিনিধি হোৱাৰহে কথা আছিল! বেঞ্জামিনে
কবি কেষ্টনাৰৰ সমালোচনা কৰি এই পৰিঘটনাটোকেই বর্ণনা কৰিছে - “এই কবিজন আজি অসন্তুষ্ট, তেওঁৰ হৃদয় আজি
গধুৰ হৈ পৰিছে। পিছে হৃদয়ৰ এনে গধুৰতা ৰুটিন-মাফিক জীৱনৰ পৰাই উদ্ভৱ হয়।
ৰুটিন-মাফিক জীৱন যাপন কৰাৰ অৰ্থ হৈছে - নিজৰ খেয়াম-খেয়ালিক(idiosyncrasies) ত্যাগ কৰা, বিতৃষ্ণ হোৱাৰ বিকল্পক পাহৰি যোৱা। ইয়েই ব্যক্তিৰ হৃদয়ক
গধুৰ কৰি তোলে।” কিছু সুকীয়া ভাষাত, হালে একেখিনি কথাকে লিখিছে, থেছাৰবাদ বিষয়ক বাওঁপন্থীসকলৰ সমালোচনাৰ
প্রসংগত :
১৯৭৯ চনৰ নিৰ্বাচনৰ সেই ঘটনাটো মোৰ মনত আছে, যেতিয়া লেবাৰ পার্টিৰ নেতা জেমছ কালাগানে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্তিমটো মুহূর্তত উপনীত হৈ মিচেছ থেচাৰৰ বিষয়ে অভিযোগ আনিছিল যে “থেচাৰে সমাজখনক শিপাৰ পৰা ছিঙি পেলাব বিচাৰিছে।” সামাজিক-গণতান্ত্ৰিক ৰাজনীতিৰ শব্দভাণ্ডাৰত এইটো এটা অকল্পনীয় ধাৰণা আছিল: স্থিতাৱস্থাৰ ওপৰত আমূল আক্ৰমণ! সত্যটো হৈছে যে পৰম্পৰাগত ধাৰণাবিলাক, অর্থাৎ সামাজিক আৰু নৈতিক সন্মানৰ ধাৰণাবিলাক সমাজবাদী চেতনাৰ ইমানেই গভীৰতালৈ সোমাই গৈছে যে ৰেডিকেল ৰাজনৈতিক কাৰ্যসূচীৰ প্ৰতি প্রতিশ্রুতিবদ্ধ মানুহবিলাকেও আজিৰ দিনত পৰম্পৰাগত অনুভূতি আৰু আৱেগৰ সৈতে সহজবোধ কৰাটো সূলভ দৃশ্য হৈ পৰিছে।
বাওঁ ৰাজনীতিত পৰম্পৰাবাদ কোনো নতুন বস্তু বুলি ক’ব নোৱাৰি, কিন্তু আজিৰ দিনত নিম্নোক্ত কাৰণবিলাকৰ
ফলত ই খুবেই লক্ষ্যণীয় আৰু সমস্যাজনক হৈ পৰিছে। এই কাৰণবিলাক হৈছে (১)থেচাৰ-ৰেগানৰ “বিপ্লৱ”ৰ বিৰুদ্ধে এক প্ৰতিৰক্ষাৰ ৰূপত
পৰম্পৰাবাদৰ আত্মমুগ্ধৰূপী
সংস্কৰণ নির্মাণ (বিপ্লৱ এই অর্থত যে ই
উপস্থিত কল্যাণকামী ৰাষ্ট্রব্যৱস্থাটো ভাঙি পেলাব খোজে তথা ৰাজহুৱা সেৱাবিলাকৰ
ব্যক্তিগতকৰণ কৰিব খোজে)। (২)সাংস্কৃতিক ৰাজনীতিৰ বিকাশ, বিশেষকৈ যৌন
ৰাজনীতিৰ বিকাশ (৩)সমাজবাদী ৰাষ্ট্রবিলাকৰ পতন আৰু তাৰ সমসাময়িকভাবে বাওঁপন্থী ৰাজনৈতিক
লক্ষ্যবিলাকৰ ওপৰত হোৱা আক্রমণ। এই তিনিওটা কাৰণ মিলি সদ্যহতে এনে এক বাওঁ ৰাজনীতিৰ
সৃষ্টি হৈছে যি উদাৰবাদী “নিউ ডিল পলিটিক্স” তথা নাগৰিক অধিকাৰবিলাকৰ প্রতিৰক্ষাকে
নিজৰ প্রাথমিক মর্মবস্তু বুলি ভাবিবলৈ ধৰিছে। মুঠতে বাওঁপন্থাই এনে এক ৰাজনীতিৰ প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰিছে যি এই উদাৰবাদী স্বাধীনতা তথা কল্যাণকামী নীতিবিলাকৰ মাজত
নিহিত হৈ থকা আধিপত্যৰ উপাদানবিলাকক প্রশ্ন কৰিবলৈ ইচ্ছুক নহয়। লগতে পুঁজিবাদৰ সমসাময়িক বিন্যাসটোত এই স্বাধীনতা আৰু কল্যাণব্যৱস্থাবিলাকৰ মূল্য যে তেনেই সীমিত, সেই দিশটো
বিবেচনা কৰি চোৱাৰ প্রতিও এই পৰম্পৰাবাদী বাওঁপন্থা আগ্রহী নহয়। এই পৰম্পৰাবাদৰ আন এটা দিশ হৈছে
- সমতাবাদী তথা মুক্তিদায়ী ভিজনবিলাকৰ প্রতি তাৰ বিশ্বাসহীনতা।
পুঁজিবাদী বিতৰণ ব্যৱস্থাৰ বিকল্প হিচাপে এক সমতাবাদী
সমাজবাদী ভিজন, বা পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বিকল্প হিচাপে এক মুক্তিদায়ী
সমাজবাদী ভিজন – এই দুয়োধৰণৰ ভিজনৰ প্রতি পৰম্পৰাবাদী বাওঁপন্থাই বিশ্বাস হেৰুৱাই
পেলাইছে। কাজেই ই বাওঁ পৰম্পৰাবাদৰ সমস্যাটোকো অতি গুৰুতৰ কৰি পেলাইছে। সম্প্রতি
যি বাওঁপন্থা দেখা পোৱা গৈছে – সি স্থিতাৱস্থাৰ এক ৰেডিকেল সমালোচনা, বা বর্তমানৰ
এক বিশ্বাসযোগ্য বিকল্প উপস্থাপন নকৰাকৈয়ে
চলি আছে। ইয়াতকৈয়ো ভয়ংকৰ কথাটো হৈছে যে এই পৰম্পৰাবাদী বাওঁপন্থা আজি তাৰ নিজৰ
অসমর্থতাৰ প্রতিহে অধিক আকৃষ্ট হৈ পৰা যেন দেখা গৈছে। অর্থাৎ নিজৰ ভৱিষ্যত সম্ভাৱনাবিলাকৰ
সন্ধান কৰাৰ বিপৰীতে এই বাওঁপন্থাই নিজৰ প্ৰান্তীয়তা আৰু বিফলতাবিলাকৰ মাজতহে অধিক
সহজ যেন অনুভৱ কৰিবলৈ ধৰিছে। এইদৰেই বাওঁপন্থীসকল আজি নিজৰ মৃত অতীতৰ একোটা বিশেষ
সংস্কৰণৰ প্রতি বিষাদগ্রস্ত মোহত আবদ্ধ হৈ পৰিছে।
এই বাওঁপন্থাৰ আত্মা হৈছে ভূতসদৃশ, তথা আকাংক্ষাৰ চৰিত্র হৈছে পশ্চাদমূলক আৰু শাস্তিদায়ী।
বাওঁপন্থাৰ এই বিষাদগ্রস্ত আৰু ৰক্ষণশীল অভ্যাসবোৰ দূৰ কৰি তাক পুনৰ ৰেডিকেল, সমালোচনাত্মক আৰু দূৰদৰ্শী দৃষ্টিৰে কেনেকৈ সঞ্জীৱিত কৰি তোলা যায়? অর্থাৎ এনে এক বাওঁপন্থাৰ নির্মাণ কেনেকৈ কৰা যায়, যি
সমাজৰ আমূল পৰিৱর্তনৰ প্রতি প্রতিশ্রুতিৱদ্ধ হব, তথা সেই বিষয়ক সমস্যাবিলাক দেখি
পিছ হুঁহকি নাহিব (অৱশ্যে সেইবুলি আজিৰ দিনত ইতিহাসৰ স্বয়ংক্রিয় প্রগতি বা
সর্বগ্রাসী বিপ্লৱ জাতীয় ধাৰণাবিলাকক সালসলনি নকৰাকৈ পূর্বৰ দৰেই প্রয়োগ কৰাটো
সম্ভৱপৰ নহব; আচলতে আমূল পৰিৱর্তনৰ নতুন এক ভিজনেই গঢ়ি তুলিব লাগিব)। আজি আমি কেনেধৰণৰ ৰাজনৈতিক আশাৰ লালন-পালন কৰিব পাৰো, যাৰ বিকাশৰ বাবে “ইতিহাস আমাৰ পক্ষত
আছে” জাতীয় মিথ্যা দাবী
কৰাৰ প্রয়োজন নহব? এনে কি ৰাজনৈতিক আশা গঢ়িব পৰা যায়, যাৰ নব্য বাওঁ ভিজনে
অনিবার্যভাবে জনপ্রিয়তা লাভ কৰিবই বুলি অসাৰ দাবী কৰাৰ প্রয়োজন নহব? আজি আমি কেনেধৰণৰ বিকল্প কল্পনা কৰিব পাৰো, যি চৰকাৰ-চালিত নহব, ইউটোপিয়ানো নহব? যি দমনমূলক নহব, লিবাৰটেৰিয়ানো
নহব? যি আর্থিকভাবে দৰিদ্ৰ নহব, তথা সাংস্কৃতিকভাৱে
ধূসৰো নহব? আজি কেনেকৈ মৰ্যাদা, সমতা আৰু স্বাধীনতাৰ সমাজবাদী আদর্শবিলাকৰ পৰা সৃষ্টিশীল উপাদান আহৰণ কৰা যায়? এই কথাও মনত ৰখা দৰকাৰ যে এই আদর্শবিলাক কেতবোৰ বিশেষ ঐতিহাসিক পৰিস্থিতি তথা
সম্ভাৱনাৰ পটভূমিত সৃষ্টি হৈছিল তথা বর্তমানৰ পৰিস্থিতি হৈছে
সম্পূর্ণভাৱে ভিন্ন। এটা কথা স্পষ্ট যে কোনো থেৰাপীৰ জৰিয়তে বাওঁ বিষাদৰ
চিকিৎসা কৰিব নোৱাৰি! আমাৰ কথা হৈছে যে হেজাৰ ভগ্ন প্রতিশ্রুতি তথা নানান অসাৰ
গন্তব্যপথ নেওচি, আমাৰ চকুপানী, খং আৰু উদ্বেগকে আদি কৰি যিবিলাক আবেগ আৰু অনুভৱে আমাক বাওঁ
বিশ্লেষণ তথা বাওঁ ৰাজনীতিৰ প্রতি প্রতিশ্রুতিৱদ্ধ কৰি ৰাখিছে,
সিবিলাকে একেসময়তে বাওঁ ৰাজনীতিৰ নামত কেতবোৰ ৰক্ষণশীল তথা আত্মধ্বংসী প্রৱণতাও সৃষ্টি কৰি আছে নেকি – সেয়া পৰীক্ষণ কৰি লোৱাটো আজি অতিশয় জৰুৰী
হৈ পৰিছে।
প্রকাশকাল- ১৯৯৯ চন
লেখিকাৰ পৰিচয় –
ৱেণ্ডী ব্ৰাউন (জন্ম: ২৮ নৱেম্বৰ, ১৯৫৫) হৈছে এগৰাকী আমেৰিকান
ৰাজনৈতিক তত্ত্ববিদ। তেওঁ সম্প্রতি প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।
ইয়াৰ পূৰ্বে তেওঁ বাৰ্কলে বিশ্ববিদ্যালয়ৰ ক্ৰিটিকেল থিয়ৰী বিভাগৰ মূৰব্বী অধ্যাপক আছিল। তেওঁ নব্য উদাৰতাবাদ, গণতন্ত্ৰ, ক্ষমতা, স্বাধীনতা আদি
নানান বিষয় সম্পর্কে কেইবাখনো গ্রন্থ প্রণয়ন কৰিছে।
বিশেষকৈ নব্য উদাৰবাদী যুক্তিয়ে কেনেকৈ শাসন, আইন, নাগৰিকত্বকে ধৰি জীৱনৰ বিভিন্ন দিশক কেনেদৰে ৰূপান্তৰিত কৰিব
ধৰিছে, সেই বিষয়ক আলোচনাত তেওঁ যথেষ্ট অৰিহণা যোগাইছে।
অনুবাদক- ময়ূৰ চেতিয়া
অনুবাদকৰ টোকা -
এসময়ত Resisting Left Melancholy-শীর্ষক এই প্রৱন্ধটো আমাৰ
বাবে বাইবেলস্বৰূপ আছিল। আজিৰ দিনত অৱশ্যে লেখনীটোৰ কেইবাটাও গুৰুতৰ সমস্যা
সম্পর্কে আমি সচেতন হৈছোঁ। বিশেষকৈ উত্তৰ-সংযুক্তিবাদ তথা তথাকথিত সাংস্কৃতিক ৰাজনীতিক
লেখনীটোত যেনেধৰণে দোষমুক্ত কৰা হৈছে, সেয়া নিশ্চয়কৈ সমস্যাজনক। তথাপিও আমি ভাবোঁ –
লেখনীটোৰ মূল ভাৱটোৰ পৰা হয়তো এতিয়াও শিকিবলগীয়া বহুখিনি আছে। অসমীয়া পাঠকৰ বাবে
সেয়েহে কিছু সৰলীকৃত ৰূপত লেখনীটোৰ অনুবাদ আগবঢ়োৱা হল। আগ্রহী পাঠকে ইন্টাৰনেটত
সহজলভ্য মূল ইংৰাজী পাঠটোও লগতে পঢ়ি চাব পাৰে।
বৰ্তমান বিশ্বত নব্য সাম্ৰাজ্যবাদী সকলে অপ প্ৰচাৰৰ জৰিয়তে যি ধৰণৰ অপসাংস্কৃতিক উৎপাত চলায় আছে তাৰ ফলত সত্য কি, অসত্য কি ,- সাধাৰণ মানুহতো বদেই, জ্ঞানী-গুনীজনো দধোৰ-মধোৰত পৰা পৰিলক্ষিত হৈছে। লিখনিটোৱে বাওপন্থী সকলক আত্ম সমালোচনা সহায়ক হ’ব পাৰে নতুবা নিৰাশ কৰিবও পাৰে।
ReplyDeleteI read the translated article and I got it fine, I mean the translation. This article again reminds me the poetry of Alakesh Kalita who killed himself few months ago.
ReplyDelete