Tuesday, May 8, 2018

(মার্ক্সৰ জন্মৰ দুশবছৰ উপলক্ষে ) ডাছ কেপিটেলৰ দৃষ্টিৰে - এক শেহতীয়া উপস্থাপন

ময়ূৰ চেতিয়া
(ডাছ কেপিটেলৰ সৈতে ইতিমধ্যেই পৰিচয় থকা লোকসকলে এই লেখনীটোত চিন্তাৰ বিশেষ খোৰাক বিচাৰি পাব। অৱশ্যে নতুন পাঠকসকলেও যাতে কথাবোৰ বুজি পায়, তাৰ বাবে যথাসম্ভৱ চেষ্টা কৰা হৈছেএক নতুন ষ্টাইলত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখনীটোৰ প্রস্তুতিৰ ক্ষেত্রত আমাৰ কোনো মৌলিক কৃতিত্ব নাই। বিভিন্ন কিতাপ-পত্রৰ সহায়তেই লেখনীটো প্রস্তুত কৰা হৈছে।)

যিটো আর্থিক ব্যৱস্থাৰ অধীনত আমি বসবাস কৰি আছোঁ, সেই ব্যৱস্থাটো মূলতে হৈছে এক বজাৰ ব্যৱস্থা – অর্থাৎ যত বিভিন্ন সামগ্রীৰ ক্রয়-বিক্রয় কৰা হয়। আমি আমাৰ দৈনন্দিন প্রয়োজনৰ সামগ্রীবোৰ – যেনে খাদ্য, কাপোৰ, নিত্য ব্যৱহার্য  বিভিন্ন বৈদ্যুতিন উপকৰণ ইত্যাদি বজাৰত ক্রয় কৰোঁ। আনহাতে এই বিভিন্ন ধৰণৰ ক্রয়বোৰ সম্ভৱপৰ কৰিবলৈ আমি কিছু সামগ্রী বিক্রয়ো কৰিব লগা হয়। বিশ্বৰ গৰিষ্ঠসংখ্যক লোকে এইক্ষেত্রত বিক্রয় কৰা সামগ্রীবিধ হৈছে –তেওঁলোকৰ কাম কৰিব পৰাৰ সক্ষমতা। অর্থাৎ আমি আমাৰ ‘শ্রম ক্ষমতা’ আন কাৰোবাৰ ওচৰত বিক্রয় কৰোঁ। এইদৰেই আমাৰ জীৱনবোৰ পণ্যৰ ক্রয়-বিক্রয়ৰ ওপৰত নির্ভৰ কৰে। আৰু ঠিক এইখিনিতে মার্ক্সে ‘ডাছ কেপিটেল’ৰ আৰম্ভণি কৰিছে।

মার্ক্সৰ ভাষাত –
“যিবোৰ সমাজত পুঁজিবাদী উৎপাদন পদ্ধতিয়ে প্রভুত্ব লাভ কৰিছে, এনে সমাজবিলাকত সম্পদে পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে।”

মার্ক্সে এনে এক সময়ত ডাছ কেপিটেলখন লিখিছিল, যেতিয়া বিশ্বৰ এক বিশাল অংশত যেতিয়া বজৰুৱা সম্বন্ধবোৰে প্রবেশেই কৰা নাছিল। এনে বহুতো সমাজ সেই সময়ত অস্তিত্বমান আছিল য’ত উৎপাদনৰ লক্ষ্য আছিল মানুহৰ তাৎক্ষণিক প্রয়োজনবোৰ পূর্ণ কৰা, তেহেলৈ সেই সমাজবোৰ চিকাৰ তথা লঘূ কৃষি কর্ম কৰা আদিম সমাজেই হওঁক বা কোনো সামন্তীয় প্রভুৰ শাসনত পিষ্ট কৃষক সমাজেই হওঁক। আনকি যিবিলাক সমাজত বহু পূর্বৰে পৰা বজাৰ অস্তিত্বমান আছিল – সেই সমাজবিলাকতো গৰিষ্ঠসংখ্যক লোক আছিল ক্ষুদ্র খেতিয়ক আৰু তেওঁলোকে জীৱনৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রী নিজেই উৎপাদন কৰি লৈছিল। খুব কম পৰিমাণৰ সামগ্রীহে এই পুৰণি সমাজবিলাকত ক্রয়-বিক্রয় কৰা হৈছিল। আজি পিছে বজাৰে সমগ্র বিশ্বতে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে মার্ক্সৰ কথাখিনি কিছু সলনি কৰি আজি আমি কব পাৰোঁ – “কিছু ব্যতিক্রম বাদে, সমগ্র বিশ্বৰে সম্পদবোৰে আজি পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে”।

Tuesday, August 29, 2017

মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী

ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা -৪ 
মূলঃ প্রভাত পাটনায়ক
ভাবানুবাদঃ ময়ূৰ চেতিয়া

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক প্রথম তিনিটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে – অনুবাদক)।

পূর্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” সম্পর্কে আলোচনা কৰিছিলো। এই স্বতঃস্ফূর্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মার্ক্সবাদ তথা উদাৰবাদৰ মূল পার্থক্য লুকাই আছে। মই ভাবো যে ইয়েই মার্ক্সবাদৰ স্বকীয়তাও প্রদর্শন কৰে; ৰিকার্ডো আৰু স্মিথৰ পৰা মার্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে। এই পার্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়। কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় - যি মার্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকার্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মার্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে। এনে বহুতো মার্ক্সবাদীৰ মতে মার্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্রুপদী ৰাজনৈতিক অর্থনীতিক এক ঐতিহাসিক দৃষ্টি প্রদান কৰিছিল (বা “ৰিকার্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)। কিন্তু কেনেদৰে মার্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ ধাৰাটোকেই উলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে। 

Saturday, May 27, 2017

পুঁজিবাদৰ স্বতঃস্ফূর্ততা: প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া



(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ তৃতীয়টো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব” তথা “লেনিনীয় সন্ধিক্ষণ” শীর্ষক প্রথম দুটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে। সোনকালেই চতুর্থটো ভাষণৰো অনুবাদ আগবঢ়োৱা হব – অনুবাদক)। 

উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া সম্পন্ন কৰা হৈছিল যাৰ ভিতৰত উপনিবেশবোৰৰ মুক্তকৰণ, কেইনচীয় চাহিদা মেনেজমেণ্ট নীতি তথা সার্বজনীন ভোটাধিকাৰভিত্তিক গণতন্ত্র স্থাপন অন্যতম উপাদান আছিল। ই আচলতে পুঁজিবাদে আগবঢ়োৱা কেতবোৰ ৰেহাইকেই সূচীত কৰিছিল কিয়নো সেই সময়ছোৱাত কমিউনিজমৰ ভূতে সমগ্র বিশ্বখন পেপুঁৱা লগাই থৈছিল। এফালে ফেচীবাদবিৰোধী সংগ্রামত সিবিলাকৰ ভূমিকাৰ বাবে ছোভিয়েট ইউনিয়ন তথা ইউৰোপৰ বিভিন্ন কমিউনিষ্ট দলবোৰ সকলোৰে সন্মানৰ পাত্র হৈ পৰিছিল, আনফালে চীনত নব্য গণতান্ত্রিক বিপ্লৱ সংঘটিত হৈছিল। পূব ইউৰোপৰ বিভিন্ন দেশো ৰেড আর্মিৰ দখললৈ আহিছিল। অৱশ্যে এইটোও সঁচা যে য়াল্টা চুক্তিয়ে পশ্চিম ইউৰোপত ছোভিয়েট ইউনিয়নৰ হাত বান্ধি থৈছিল; পূব ইউৰোপত সমাজবাদ স্থাপনৰ প্রতিদান হিচাপে ছোভিয়েট ইউনিয়নে ফ্রাঞ্চ, ইটালী তথা গ্রীচৰ কমিউনিষ্ট জনজাগৰণত কোনো হস্তক্ষেপ কৰিব পৰা নাছিল। উত্তৰ যুদ্ধকালৰ প্রথমটো নির্বাচনত ইটালীৰ কমিউনিষ্ট পার্টি দেশখনৰ সর্ববৃহৎ দল হিচাপে আৱির্ভাৱ হোৱা সত্তেও দলটোক চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিল। ঠিক তেনেকৈয়ে গ্রীচৰ গৃহযুদ্ধত স্থানীয় কমিউনিষ্ট পার্টিয়ে অকলেই বৃটিছ সাম্রাজ্যবাদৰ আশীর্বাদপুষ্ট প্রতিক্রিয়াশীল শক্তিবোৰৰ সৈতে যুঁজিব লগা হৈছিল। যি কি নহওঁক, মুঠৰ ওপৰত মেট্র’পলিটান পুঁজিবাদে কমিউনিজমৰ ভাবুকিটোক অতি গম্ভীৰভাৱে গ্রহণ কৰিছিল। অতি সোনকালেই শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল আৰু আমি ইতিমধ্যেই উল্লেখ কৰাৰ দৰে কমিউনিজমৰ প্রত্যাহবানটোৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া হাতত লোৱা হৈছিল।

Wednesday, May 3, 2017

থেছিছ অন ফয়াৰবাখ - কার্ল মার্ক্স

অনুবাদঃ ময়ূৰ চেতিয়া

মার্ক্সৰ এই পাঠটো লিখা হৈছিল ১৮৪৫ চনত কিন্তু ১৯২৪ চনতহে ই প্রথমবাৰৰ বাবে ছপাশালৰ মুখ দেখিছিল; মস্কোস্থিত ‘ইনষ্টিট্যুট অফ মার্ক্সিজিম লেনিনিজিম’ৰ দ্বাৰা ৰাছিয়ান আৰু জার্মান ভাষাত পাঠটো প্রথমবাৰ প্রকাশ কৰা হৈছিল। ইংৰাজীত প্রথমবাৰৰ বাবে পাঠটো প্রকাশ কৰা হৈছিল ‘জার্মান আইডিয়লজী’ গ্রন্থখনৰ অংশ হিচাপে, ১৯৩৮ চনত। 
--------------------------------------------------------------
(১)
আজিলৈকে অস্তিত্বমান সকলো ভৌতিকবাদৰ (যাৰ ভিতৰত ফয়াৰবাখৰ ভৌতিকবাদো অন্তর্ভুক্ত) মূল সমস্যা আছিল এই যে ই বস্তু, বাস্তৱ তথা ইন্দ্রিয়গ্রাহ্যতাক কেৱল বস্তু বা চিন্তনৰ বস্তু বুলি গণ্য কৰিছিল; ই সিবিলাকক মানৱীয় ইন্দ্রিয়গ্রাহ্য(sensuous) কার্যকলাপ বা অনুশীলন হিচাপে অর্থাৎ বিষয়ীগতভাৱে গণ্য কৰা নাছিল। ফলত সক্রিয় দিশটো ভৌতিকবাদৰ বিপৰীতে ভাৱবাদেই বিকশিত কৰিছিল – কিন্তু এই বিকাশ কেৱল বিমূর্তভাৱেহে সম্ভৱপৰ হৈছিল কিয়নো ভাৱবাদে বাস্তৱিক ইন্দ্রিয়গ্রাহ্য কার্যকলাপক চিনিব নোৱাৰে। ফয়াৰবাখে ইন্দ্রিয়গ্রাহ্য বস্তুবোৰক চিন্তনৰ বস্তুৰ পৰা পৃথককৈ চাব খোজে কিন্তু তেওঁ স্বয়ং মানৱীয় কার্যকলাপক বস্তুগত কার্যকলাপ হিচাপে গণ্য নকৰে। সেয়েহে তেওঁ The Essence of Christianity গ্রন্থখনত কেৱল তাত্ত্বিক দৃষ্টিভংগীকেই একমাত্র সঠিক মানৱীয় দৃষ্টিভংগী বুলি অভিহিত কৰিছে আৰু আনহাতে অনুশীলনক কেৱল পৰিঘটনাৰ স্তৰত সূত্রায়িত কৰিছে। সেয়েহে তেওঁ বৈপ্লৱিক কার্যকলাপ বা ‘ব্যৱহাৰিক-সমালোচনামূলক কার্যকলাপ’ৰ তাৎপর্য বুজিব পৰা নাই। 

(২)
মানৱ চিন্তনক বস্তুগত সত্য বুলি গণ্য কৰিব পাৰিনে নাই – এই প্রশ্নটো তত্ত্বগত প্রশ্ন নহয়, বৰং ই হৈছে এটা ব্যৱহাৰিক প্রশ্ন। মানুহে তেওঁৰ সত্যক – অর্থাৎ তেওঁৰ চিন্তনৰ বাস্তৱতা, শক্তি তথা একপক্ষীয়তাক অনুশীলনৰ জৰিয়তে প্রমাণিত কৰিব লাগিব। চিন্তন বাস্তৱ হয়নে নহয় - এই বিষয়ক সমস্ত প্রশ্নবোৰ – যি অনুশীলনৰ পৰা নিজকে আঁতৰাই ৰাখে –বিশুদ্ধ বিদ্যায়তনিক প্রশ্নৰ বাহিৰে আন একো নহয়।

(৩) 
এই ভৌতিকবাদী ধাৰণাটো – যে মানুহ হৈছে পৰিস্থিতি আৰু লালন-পালনৰ উৎপাদ আৰু সেয়েহে পৰিস্থিতি আৰু লালন-পালন পৰিবর্তিত হলে মানুহৰো পৰিবর্তন ঘটিব – এই ধাৰণাটোৱে পাহৰি যায় যে স্বয়ং মানুহেই পৰিস্থিতিও সলনি কৰে; অর্থাৎ শিক্ষকসকল নিজেও শিক্ষিত হৈ লব লাগিব। ফলত এই ধাৰণাটোৱে সমাজখনক দুটা ভাগত বিভক্ত কৰে যাৰ এটা ভাগক সমাজখনতকৈ শ্রেষ্ঠ বুলি কোৱা হয়। পৰিবর্তিত পৰিস্থিতি আৰু মানুহৰ স্ব-পৰিবর্তন (অর্থাৎ মানৱীয় কার্যকলাপ) – এই দুয়োৰে সংযোগ(coincidence) কেৱল বিপ্লৱী অনুশীলনৰ ৰূপতহে চিত্রায়িত তথা বুজিব পৰা যায়।

(৪)
ফয়াৰবাখে ধর্মীয় আত্ম-বিচ্ছেদৰ পৰিঘটনাটোৰ পৰা আৰম্ভ কৰিছে; এই পৰিঘটনাটোৱে পৃথিৱীখনক দুখন পৃথিৱীলৈ পৰিণত কৰে - এফালে এখন ধর্মীয় তথা কাল্পনিক পৃথিৱী, আনফালে এখন চেকুলাৰ পৃথিৱী। ফয়াৰবাখে ধর্মীয় পৃথিৱীখনৰ ৰহস্যৰ সন্ধান চেকুলাৰ পৃথিৱীখনৰ মাজতেই কৰিছে। কিন্তু ফয়াৰবাখে মন কৰা নাই যে এয়া কামৰ আৰম্ভণিহে মাত্র; এতিয়াও মূল কামফেৰা কৰিবলৈ বাকী আছে। এই যে চেকুলাৰ পৃথিৱীখনে নিজকে আকাশলৈ [ধর্মীয় পৃথিৱীখনৰ ৰূপত] প্রক্ষেপ কৰে আৰু ডাৱৰৰ মাজত লুকাই ৰহস্যঘন হৈ পৰে, তাৰ অর্থ হৈছে – এই পৰিঘটনাটোৰ কাৰণ চেকুলাৰ পৃথিৱীখনৰ আভ্যন্তৰীণ সংঘাত তথা অন্তর্নিহিত অন্তর্বিৰোধবোৰৰ মাজতেই লুকাই আছে। চেকুলাৰ পৃথিৱীখনৰ অন্তর্বিৰোধবোৰ প্রথমে বুজি লব লাগিব আৰু সিবিলাকক আঁতৰাই পেলাব লাগিব – অর্থাৎ চেকুলাৰ পৃথিৱীখনৰ বৈপ্লৱিক পৰিবর্তন সাধন কৰিব লাগিব। অর্থাৎ উদাহৰণস্বৰূপে কবলৈ গলে - পবিত্র পৰিয়ালৰ ৰহস্যৰ উৎস লৌকিক পৰিয়াল বুলি বুজি পোৱাৰ পাছত এই লৌকিক পৰিয়ালক তত্ত্বগত তথা প্রায়োগিকভাৱে নির্মূল কৰিব লাগিব। 

(৫)
ফয়াৰবাখ বিমূর্ত চিন্তনত সন্তুষ্ট নহয় আৰু তেওঁ ইন্দ্রিয়গ্রাহ্য চিন্তন বিচাৰে। কিন্তু তেওঁ এই ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক, মানৱীয়-ইন্দ্রিয়গ্রাহ্য কার্যকলাপ হিচাপে চিহ্নিত কৰিব পৰা নাই।

(৬)
ফয়াৰবাখে ধর্মৰ সাৰমর্মৰ সমাধান মানৱ সাৰমর্মৰ [মানৱ চৰিত্রৰ] মাজত বিচাৰি পাইছে। কিন্তু মানৱ সাৰমর্ম কোনো বিমূর্তকৰণ নহয় যে ই প্রতিজন ব্যক্তিৰ মাজত অন্তর্নিহিত হৈ থাকিব। আচলতে মানৱ সাৰমর্ম হৈছে সামাজিক সম্পর্কবোৰৰ সমাহাৰ (ensemble) মাথো। ফয়াৰবাখে এই প্রকৃত সাৰমর্মৰ কোনো সমালোচনা বিকশিত নকৰাৰ ফলত তেওঁ আন কেইটামান কাম কৰিবলৈ বাধ্য হৈছেঃ
ক) তেওঁ ঐতিহাসিক প্রক্রিয়াটোৰ পৰা বিচ্ছিন্ন কৰি ধর্মীয় ভাৱাবেগক এটা সুকীয়া বস্তু হিচাপে দাঙি ধৰিছে আৰু প্রতিজন ব্যক্তিক একোটাহঁত বিমূর্ত তথা বিচ্ছিন্ন সত্ত্বা হিচাপে প্রক্ষেপ কৰিছে। 
খ) মানৱ সাৰমর্মক সেয়েহে তেওঁ এক ‘জীৱসত্তা’ মাত্র হিচাপে সংজ্ঞায়িত কৰিবলৈ বাধ্য হৈছে; ই হৈছে এনে এক জীৱসত্তা, যি বিভিন্ন ব্যক্তিক একেবাৰে স্থূল সাধাৰণীকৰণৰ জৰিয়তে প্রাকৃতিক স্তৰতহে ঐক্যৱদ্ধ কৰে। 

(৭)
ফয়াৰবাখে সেয়েহে বুজিব পৰা নাই যে স্বয়ং ‘ধর্মীয় ভাৱাবেগো’ হৈছে এক সামাজিক উৎপাদ আৰু তেওঁ বিশ্লেষণ কৰা বিমূর্ত ব্যক্তিসকল হৈছে একোখন বিশিষ্ট সমাজৰ ব্যক্তি।

(৮) 
সকলো সামাজিক জীৱন হৈছে মূলতঃ ব্যৱহাৰিক জীৱন। এনে সমস্ত ৰহস্য -যি তত্ত্বক অতীন্দ্রিয়বাদৰ দিশেৰে লৈ যায় – সিবিলাকৰ যুক্তিসিদ্ধ সমাধানৰ পথ মানৱীয় অনুশীলন তথা এই অনুশীলনৰ অনুধাৱনৰ মাজতেই লুকাই আছে। 

(৯)
মননসর্বস্ব ভৌতিকবাদে অর্থাৎ এনে ভৌতিকবাদে যি ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক কার্যকলাপ হিচাপে গণ্য নকৰে – একক ব্যক্তি আৰু নাগৰিক সমাজৰ চিন্তনৰ মাজতেই সি সীমাৱদ্ধ হৈ ৰবলৈ বাধ্য; এয়াই হৈছে এনে ভৌতিকবাদে লাভ কৰিব পৰা চৰম উপলব্ধি। 

(১০)
পুৰণা ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে নাগৰিক সমাজ; নতুন ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে মানৱ সমাজ বা সামাজিকৃত মানৱজাতি। 

(১১)
দার্শনিকসকলে আজিলৈকে কেৱল পৃথিৱীখনৰ ব্যাখ্যাহে কৰি আহিছে; কিন্তু আচল কথাটো হল – পৃথিৱীখন সলনি কৰা।

Saturday, April 22, 2017

লেনিনীয় সন্ধিক্ষণঃ প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে ৰূছ বিপ্লৱৰ শতবর্ষ উপলক্ষে এলানি বক্তৃতা প্রদান কৰিছিল। প্রথম বক্তৃতাটো কিছুদিন পূর্বে আমি অনুবাদ কৰিছিলো।http://bauponthibotora.blogspot.in/2017/04/blog-post_64.html সদ্যহতে দ্বিতীয় বক্তৃতাটোৰ অনুবাদ আগবঢ়োৱা হৈছে।) 

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূর্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্রাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্রমিকে আন দেশৰ শ্রমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অর্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে। ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে। ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে। এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্রমিক শ্রেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্রমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ - যেনে “শ্রমিক অভিজাততন্ত্র”ৰ অংশবিশেষ ট্রেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুর্নীতিগ্রস্ততা মূল কাৰক বুলি ভবা হল। ইয়াৰ অর্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পর্ক চ্ছেদ কৰিব লাগিব আৰু প্রয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব।

Thursday, April 13, 2017

অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব


প্রভাত পাটনায়ক
অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কেৰুছ বিপ্লৱৰ এশবছৰ" উপলক্ষে সম্পর্কে এলানি বক্তৃতা দিছিলবর্তমানৰ প্রৱন্ধটো হৈছে প্রথম বক্তৃতাটোৰ মুকলি অসমীয়া অনুবাদভৱিষ্যতে বাকী তিনিটা বক্তৃতাৰো অনুবাদ আগবঢ়াবলৈ চেষ্টা কৰা হব।)

মার্ক্সৰ তত্ত্ব যেতিয়া পোনপ্রথমবাৰৰ বাবে উপস্থাপিত হৈছিল, ৰাছিয়াৰ বৌদ্ধিক জীৱনটোক অন্যান্য দেশৰ তুলনাত অতি গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিলএই কথা সঁচা যে জার্মানীৰ বিশাল শ্রমিক আন্দোলনযি সেই সময়ৰ আটাইতকৈ শক্তিশালী শ্রমিক আন্দোলন আছিল (প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণত জার্মান চচিয়েল ডেমক্রেটিক পার্টিয়ে দৈনিক ৮৬ খন বাতৰি কাকত প্রকাশ কৰিছিল), মার্ক্সৰ দ্বাৰা প্রত্যক্ষভাৱে প্রভাৱিত হৈছিল, কিন্তু ৰাছিয়াৰ সামগ্রিক বৌদ্ধিক জীৱনটোকেই মার্ক্সৰ চিন্তনে যেনেদৰে প্রভাৱিত কৰি পেলাইছিল, তাৰ আন কোনো উদাহৰণ সেই সময়ত নাছিল

Friday, March 3, 2017

আতিশয্যৰ যুগ : চমূ বিংশ শতিকাৰ ইতিহাস: এৰিক হবছবম

মূলঃ 'Age of Extremes',  Eric Hobsbawm. 
অনুবাদঃ ময়ুৰ চেতিয়া
প্রথম অধ্যায়
সর্বগ্রাসী যুদ্ধৰ যুগ

(১)
‘সমগ্র য়ুৰোপৰ বুকুৰ পৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানী আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগঃতোক্তি কৰিছিল। গ্রেৰ পৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হবলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিবৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামাকৰণ তেওঁ এনেদৰে কৰিছিলঃ ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন চাৰখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই চার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আনৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পন কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত লবলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাটভাৱে হব পাৰে যেন অনুভৱ হৈছিল। এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিবীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিবীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল

Friday, January 20, 2017

নাচ গান কৰি ভাল পোৱা মানুহজন

মূলঃ সুহৃদ শংক চট্টোপাধ্যায়, 
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্ব, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূ চেতিয়া

১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”
এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল “আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিন কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছে”। কথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰছনাৰ কলাটিক তেওঁ নতুনকৈ সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম সাংস্কৃতিক পুৰোধা ব্যক্তি – এই বিষয়ে কোনো সন্দেহ নাই।

আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই। কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই পৃথিবীখন বহুখিনি বেলেগ হলহেতেন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে মানুহক বৈকল্পিকভাৱে চিন্তা কৰিবলৈ শিকাই আহিছে। জীন আৰু সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি আহিছে।
 “Hey, hey, Woody Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born” (Bob Dylan, 1962).

কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু মূঢ়তাৰে পৰিপূর্ণ জীনৰ কাহিনী শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা, শব্দৰ খনিকৰতেওঁ কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত গাবলৈ এৰা নাই – তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!

Thursday, December 29, 2016

প্রাচুর্যৰ ৰঙা সপোন [উপন্যাস] - ১

মূলঃ Red Plenty – by Francis Spufford
প্রকাশ কালঃ ২০১০ চন

অনুবাদকৰ পাতনিঃ


বাস্ত পৃথিবীখন বিশ্লেষণ ক্ষেত্রত ফিকচন কেতিয়াবা অধিক ফলপ্রসূ হব পাৰে। ফ্রাঞ্চিচ স্পুফর্ড এই কিতাপখন বিষয়েও এই কথাই কব পাৰি। এটা বৈকল্পিক ব্যস্থা, এখন বৈকল্পিক অর্থনীতি নির্মাণ ক্ষেত্রত চোভিয়েট ইউনিয়ন কেনেধ সমস্যা সমুখীন হব লগা হৈছিল – তা বিস্তৃত বর্ণনা বিভিন্ন গ্রন্থত পোৱা যায়। এইক্ষেত্রত প্রফেচ Alec Nove গ্রন্থ An Economic History of the USSR বিশেষভাৱে উল্লেখযোগ্য। কিন্তু এনে সমস্ত সমস্যাবো স্পুফর্ড কিতাপখনত বিভিন্ন  মানৰিত্র তথা সাল ঘটনা ৰূপত জীন্ত হৈ উঠিছে। যিসকলে আর্থিক ইতিহাস পঢ়িবলৈ টান পায়, তেওঁলোকে এই কিতাপখন নিশ্চয় পঢ়া উচিত। আনহাতে এলেক নভ কিতাপখন পঢ়া পাঠকেও নিশ্চয় স্পুফর্ড এই গ্রন্থখন উপভোগ কৰিব। তেওঁলোকে নিশ্চয় অনুভৰিব যে যিবো কথা অতদিনে আমি মাথো বিমূর্ত ৰূপত জানি আহিছিলো, সিবিলাকে এতিয়া ক্ত-মাংসৰিত্র ৰূপ ধাণ কৰিছে।

Sunday, December 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিবীখন ৬

মূলঃ Seeing Like a Feminist. নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া

(যোৱা সংখ্যাৰ পাছৰ পৰা)

(ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল

জেণ্ডাৰিঙৰ প্রক্রিয়াটোৱে নাগৰিকত্বৰ দৰে ৰাজহুৱা ধাৰণাবোৰকো প্রভাৱিত কৰেকেনেদৰে প্রাইভেট অসমকামী পিতৃতান্ত্রিক পৰিয়ালৰ ধাৰণাটোৰ জৰিয়তে ৰাজহুৱা নাগৰিকত্বৰ নির্মাণ তথা মধ্যস্থকৰণ কৰা হয় - সেয়া বুজাটো তথা তাৰ বিৰোধিতা কৰাটো প্রয়োজনীয়। নাৰীবাদী তত্ত্বৰ মতে, পিতৃতান্ত্রিক পৰিয়ালেই হৈছে সমাজত মহিলাৰ নিম্নস্থানৰ বাবে প্রধানকৈ জগৰীয়া আৰু গতিকেই নাৰীবাদীসকলে ‘পার্চনেল ইজ পলিটিকেল’ৰ দৰে শ্লোগানত বিশ্বাস কৰেএই শ্লোগানৰ অর্থ হৈছে - যাক সাধাৰণতে ‘পার্চনেল’ বিষয় বুলি গণ্য কৰা হয়  (যেনে ধৰক পাকঘৰৰ ৰাজনীতি, বেডৰুমৰ ফুচফুচনি) - সিবিলাকো হৈছে বিভিন্ন ক্ষমতা সম্পর্কৰ অধীন আৰু কাজেই ‘ৰাজহুৱা’ বিষয় (যেনে নাগৰিকত্ব, সম্পত্তি, চাকৰি আদি) বিলাকৰ ক্ষেত্রতো সিবিলাকে বিশেষ প্রভাৱ পেলায়; সেয়েহে পাকঘৰ, বেডৰুম আদিকো ‘ৰাজনৈতিক’ বিষয় হিচাপে গণ্য কৰা উচিত

উদাহৰণস্বৰূপে, ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰ সংক্রান্তত ঘোষণা কৰিলে যে  একোটা শিশুৱে তাৰ পিতৃৰ জাতি বহন কৰেগোচৰটোত আদালতে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টিৰ পৰা বিজয় লাভ কৰা এগৰাকী মহিলাৰ বিধায়িকা পদ নাকচ কৰিলে কিয়নো মহিলাগৰাকীৰ পিতৃ এজন উচ্চ বর্ণৰ ব্যক্তি আছিল। পৰাজিত প্রার্থীসকলে ৰূজো কৰা এই গোচৰটোত বিধায়িকা শ্রীমতী শোভা দেৱীয়ে আদালতত আবেদন কৰিছিল যে যিহেতু তেওঁৰ পিতৃয়ে তেওঁৰ নিম্নজাতিৰ মাতৃক কেতিয়াও আনুষ্ঠানিকভাৱে বিয়া কৰোৱা নাছিল, যিহেতু তেওঁৰ পিতৃয়ে বহু আগেয়েই তেওঁৰ মাতৃক পৰিত্যাগ কৰি গুচি গৈছিল আৰু মাতৃৰ সমাজখনৰ মাজতেই তেওঁ ডাঙৰ দীঘল হৈছিল, সেয়েহে মাতৃৰ জাতিসূচক নাম ব্যৱহাৰ কৰিবলৈ তেওঁৰ যোগ্যতা আছে। আদালতে পিছে তেওঁৰ এই যুক্তি মানি নললে আৰু বৰং এইবুলি খেদ প্রকাশহে কৰিলে যে কেৱল ৰাজনৈতিক সা-সুবিধাৰ বাবেই বিধায়িকা গৰাকীয়ে তেওঁৰ নিজা মাতৃক ‘ৰক্ষিতা’ বুলি তথা নিজক তথা নিজৰ পাচোঁটা ভাই-ভন্টিক ‘জাৰজ’ বুলি অভিহিত কৰিছে।

আদালতৰ মগজুত এইক্ষেত্রত কেইটামান বিচিত্র ধাৰণাই ক্রিয়া কৰিছিল। প্রথমঃ আদালতে বিশ্বাস কৰিছিল যে যিকোনো সসন্মানীয় ব্যক্তিয়েই নিশ্চয় নিজৰ ‘জাৰজ’ চৰিত্র লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব আৰু গতিকেই এগৰাকী সন্মানীয় বিধায়িকাই নিজকে ‘জাৰজ’ বুলি কোৱাৰ অর্থ হৈছে - তেওঁ ৰাজনৈতিক ক্ষমতাৰ লোভতহে এই কথা কৈছে। দ্বিতীয়তে - উচ্চ বর্ণৰ তিনিওজন ন্যায়াধীশে বিশ্বাস কৰিছিল যে অনুসূচীত জাতি-জনজাতিয়ে ভোগ কৰা সংৰক্ষণ ব্যৱস্থা হৈছে এক অন্যায়পূর্ণ ব্যৱস্থা আৰু তাক যিমান পাৰি সিমানলৈ সীমিত কৰি ৰাখিব লাগেএই ৰায়দানটোৰ এক মুক্তিদায়ী সম্ভাৱনা আছিল – আন্তর্জাতীয় বিবাহক স্বীকৃতি দিয়া তথা অবৈবাহিক মহিলাৰো বৈবাহিক অধিকাৰ স্বীকাৰ কৰা এক আইনী দৃষ্টান্ত হিচাপে ৰায়দানটো ব্যৱহৃত হোৱাৰ থল আছিল। কিন্তু যিটো ৰূপত ৰায়দানটো প্রদান কৰা হল - শেহপর্যন্ত ই জাতিসূচক পৰিচিতিবোৰক পিতৃতন্ত্রৰ জৰিয়তে স্বাভাৱিক যেন কৰি তোলাতহে সহায় কৰিলে।

আন এটা উদাহৰণ দিয়া যাওঁক। মধ্যপ্রদেশৰ চৰকাৰে মাজতে এখন আঁচনি ললে -‘মুখ্যমন্ত্রী কন্যাদান আঁচনি’ যাৰ অধীনত দুখীয়া ঘৰৰ ছোৱালীবোৰক চৰকাৰী খৰছত বিয়া দিয়াৰ ব্যস্থা কৰা হল। এনে বিবাহ হৈছে সম্পূর্ণ বিনামূলীয়া আৰু সকলো খৰছ জিলা প্রশাসনেই বহন কৰেলগতে প্রতিহাল দম্পতীক পাঁচ হাজাৰ টকাৰ ঘৰুা সামগ্রীও দিয়াৰ ব্যস্থা কৰা হলআন কথাত, ৰাজ্যিক চৰকাৰে নিজে দেউতাকৰ ভূমিকা লৈ সকলো ছোালীৰ বাবে বিবাহ এক অধাৰিত নিয়তি বুলি ঘোষণা কৰিলে এনেকৈ বিবাহৰ বাবে টকা খৰছ কৰি থকাতকৈ গাভৰু ছোালীহঁতক কিছু কাৰিকৰী ট্রেইনিং, জীিকা চলাবলৈ সৰু-সুৰা ব্যসায় আদি প্রশিক্ষণ ইত্যাদিও দিব পৰা গলহেঁতেন। পিছে আঁচনিখনৰ এইজাতীয় সমালোচনা কেতিয়াও বিকশিত কৰা নহল। হঠাতে ২০০৯ চনৰ জুলাইৰ আশে পাশে খবৰ আহিল – এনে বিবাহৰ বাবে চয়ন কৰা ছোালীহঁতৰ হেনো ‘কুমাৰীত্ব পৰীক্ষা’(virginity test) লোা হৈছে চাৰিওফালে হুলস্থূল লাগি গল (Ghatwai 2009) নিশ্চিতভাৱেই ই এক অদ্ভুত কাণ্ড আছিলপিছে এইখিনিতে এটা কথা মন কৰকঃ বিবাহত ‘কন্যাদান’ কৰা প্রতিজন পিতৃয়েই এক প্রকাৰে তেওঁৰ ছোৱালীৰ কুমাৰীত্বৰ গেৰান্টি নিদিয়ে জানো? কন্যাদান শব্দটোৰ অর্থই জানো সেয়া নহয়? এতিয়া চৰকাৰে যদি দেউতাকৰ ভূমিকা লৈ কন্যাদান কৰিবলৈ লৈছে, তেনেস্থলত দেউতাকে জীয়েকৰ কুমাৰীত্ব পৰীক্ষা কৰিবলৈ লোৱাত আমিবোৰ কিয় আচৰিত হৈছো? অর্থাৎ কেতবোৰ অসাধাৰণ বিশেষ পৰিস্থিতিৰ অধীনতহে পৰিয়াল নামৰ অনুষ্ঠানটোৰ মাজত লুকাই থকা হিংসাৰ প্রকৃত স্বৰূপবোৰ দেখা পোৱা যায়; ‘স্বাভাৱিক’ পৰিস্থিতিত সিবিলাক ‘স্বাভাৱিক’ অর্থাৎ অদৃশ্য হৈ থাকে।

এইক্ষেত্রত যুক্তি দিয়া হৈছিল যে ইতিমধ্যেই বিয়া হৈ যোৱা কিছুমান দম্পত্তীয়ে উপহাৰখিনিৰ লোভত পুণৰ বিবাহৰ বাবে পঞ্জীয়ন কৰাইছিল; তেওঁলোকক ধৰা পেলাই আঁতৰাবলৈ এই কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। আমোদজনকভাৱে, এইক্ষেত্রত পৰীক্ষকসকলে ধৰি লৈছিল যে অবিবাহিত মহিলাসকল নিশ্চিতভাৱে কুমাৰী হবই হব! এই কন্যাদান আঁচনিখনে এটা মূল পিতৃতান্ত্রিক পূর্বধাৰণা অতি সুন্দৰকৈ আমাক দেখুৱাই দিলে – যে পৰিয়াল আৰু বিবাহৰ মূলতে হৈছে নাৰীৰ যৌনতাৰ নিয়ন্ত্রণ। ব্যক্তিগত স্তৰৰ পৰা ৰাজহুৱা স্তৰলৈ এই পূর্বধাৰণাটোৰ স্থানান্তৰণ কৰি ই তাৰ নাৰী-বিৰোধী চৰিত্রটোৰো মুখা খুলি দিলে।

বিবাহৰ অনুষ্ঠানটোক ৰাষ্ট্রই কি ৰূপত বুজে – সেয়া জানিবলৈ আন এটা উদাহৰণ লওঁ আহকঃ ভাৰতীয় দণ্ড বিধিৰ ৪৯৭ নং ধাৰা মতে যদি কোনো পুৰুষে বিবাহিত মহিলা এগৰাকীৰ সতে সম্পর্ক গঢ়ি তোলে, তেনেহলে মহিলাগৰাকীৰ স্বামীয়ে প্রথম পুৰুষজনৰ বিৰুদ্ধে  অপৰাধী গোচৰ দিব পাৰেপিছে আমোদজনকভাৱে, স্বামীজনে নিজৰ পত্নীগৰাকীৰ বিৰুদ্ধে কিন্তু এনে কোনো গোচৰ দিব নোৱাৰে! ঠিক তেনেদৰেই, পত্নী একোগৰাকীয়ে তেওঁৰ স্বামীৰ সতে সম্পর্ক ৰখাৰ বাবে দ্বিতীয় এগৰাকী মহিলাৰ ওপৰতো এনে গোচৰ দিব নোৱাৰে বা নিজৰ স্বামীৰ ওপৰতো গোচৰ দিব নোৱাৰেএনে অদ্ভুত আইনৰ অর্থ কি? ইয়াৰ অর্থ হৈছে – পত্নী একোগৰাকী হৈছে স্বামীৰ নিজা সম্পত্তি, তেওঁ এক নির্জীৱ বস্তু, যাৰ ওপৰত আন কোনো পুৰুষৰ অধিকাৰ থাকিব নোৱাৰেআন কথাত, আইনৰ এই ধাৰাটো হৈছে এক অতিশয় পিতৃতান্ত্রিক ধাৰাবিগত কিছু সময় ধৰি ভাৰতীয় আইনী আয়োগ আৰু ভাৰতীয় মহিলা আয়োগে এই ধাৰাটোক জেণ্ডাৰ-নিৰপেক্ষ কৰি মহিলাসকলকো তাৰ অধীনত আনিবলৈ দাবী জনাই আহিছে। পিছে নাৰীবাদীসকলে বিশ্বাস কৰে যে যিহেতু এই সমস্ত কাৰবাৰটোৱেই হৈছে পিতৃতান্ত্রিক, সেয়েহে আইনৰ এই ধাৰাটোৰ অধীনত মহিলাসকলকো অনাৰ বিপৰীতে ধাৰাটোকহে সম্পূর্ণভাৱে আঁতৰাই দিব লাগে। মন কৰা ভাল যে ২০১১ চন পর্যন্ত বম্বে উচ্চ আদালতে এইবুলি মতপোষণ কৰি আছিল যে বিবাহৰ পবিত্রতা ৰক্ষা কৰিবলৈ হলে ‘অবৈধ সম্পর্ক’(adultery)ক অপৰাধ হিচাপে গণ্য কৰিবই লাগিব।

প্রাপ্তবয়স্ক দুজন ব্যক্তিৰ মাজত সহমতি ক্রমে স্থাপন হোৱা যৌন সম্পর্ক অপৰাধ হবই নোৱাৰেৱশ্যেই ব্যক্তি একোজনে নিজৰ পার্টনাৰৰ সহমতি অবিহনে আন এজন ব্যক্তিৰ সতে সম্পর্ক স্থাপন কৰিলে ই বিবাহ-বিচ্ছেদৰ কাৰণ নিশ্চয় হব পাৰে, কিন্তু তাক কোনোপধ্যে অপৰাধ বুলি গণ্য কৰিব নোৱাৰিআধুনিক আইন বিধিত এই ৪৯৭ নং ধাৰাটোৰ কোনো স্থান থাকিব নোৱাৰে আৰু অতি সোনকালেই তাক আঁতৰাই পেলোৱা উচিত। তাৰ বিপৰীতে, একে এক পৰিবেশ সৃষ্টি কৰাৰ প্রয়োজনীয়তা আছে য’ত বিবাহ মানুহৰ বাবে এটা স্বাধীনভাৱে লব পৰা সিদ্ধান্ত হব, য’ত বিয়া কৰাবলৈ কোনো হেঁচা নাথাকিব, য’ত ন্যায়পূর্ণ বিবাহ-বিচ্ছেদৰ সুযোগ থাকিব, য’ত বিবাহ বিচ্ছেদৰ পাছত পৰিয়ালৰ সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা থাকিব। যেতিয়ালৈকে মহিলাসকলে বৈবাহিক সম্পত্তিত সমান অধিকাৰ লাভ নকৰে, তেতিয়ালৈকে গৰিষ্ঠসংখ্যক মহিলা বৈবাহিক সম্পর্কটোৰ দুর্বল পার্টি হিচাপে পৰিগণিত হৈ থাকিব, তেওঁলোকৰ ঘৰুৱা শ্রমৰ অৰিহণা স্বীকাৰ কৰি লোৱা নহব আৰু বিবাহ-বিচ্ছেদৰ পৰিস্থিতিত তেওঁলোকে আর্থিক নিৰাপত্তাহীনতাত ভূগি থাকিব। প্রায়েই দেখা যায় – বিবাহ বিচ্ছেদৰ পাছত মহিলাসকলৰ ওচৰত বসবাস কৰিবলৈ নিজাকৈ এডোখৰি চালিও নাথাকে। চৰকাৰে কিছুবছৰ পূর্বে এখন নতুন বিধেয়ক প্রস্তুত কৰিছে য’ত হিন্দু বিবাহ আইনৰ অধীনত 'বৈবাহিক সম্পর্কৰ স্থায়ী পতন' বিবাহ বিচ্ছেদৰ কাৰণ হব পাৰে বুলি মানি লোৱা হৈছে। পিছে মহিলা সংগঠনসমূহে আশংকা প্রকাশ কৰিছে যে ঘৰুৱা সম্পত্তিৰ সমানুপাতিক বিভাজনৰ ব্যৱস্থা নকৰাকৈ চিধাই এনেকৈ বিবাহ-বিচ্ছেদ সহজ কৰি পেলালে স্থিতি মহিলাৰ বাবে ভাল হোৱাক চাৰি বিপৰীত হোৱাৰহে সম্ভাৱনা আছে (Singh 2012)

ক্রমশঃ


Sunday, October 9, 2016

শৰতৰ সুসমাচাৰ

হীৰেন গোহাঁই

আধা শতিকা পূর্বে দুর্গা পূজা এক আকাংক্ষিত, প্রত্যাশিত উৎসৱ আছিল কঠোৰ জীৱন সংগ্রামক এক সুফলা পৰিসমাপ্তি আনিব পৰা এক অনুষ্ঠান হিচাপে। ৰদ-বৰষুণে কৃষকৰ দেহ আৰু পথাৰৰ মাটি গচকি যোৱাৰ পাছত আদৰি লোৱা, কিঞ্চিত জিৰণি লোৱাৰ আৰু ধান পকাৰ বতৰলৈ বাট চোৱাৰ বতৰ। নানা উৎসৱ-পার্বণে পৰিশ্রান্ত দেহ-মন জুৰ পেলাইছিল, দেৱী শক্তিৰ ওচৰত প্রার্থনাও কৰা হৈছিল পৰিশ্রমৰ জোখাৰে ফলপ্রাপ্তিৰ বাবে। তাহানিৰ চহৰীয়া জীৱনতো ছাঁ পৰিছিল এই গ্রামীণ বাস্তৱতাৰ। আজি চহৰীয়া জীৱনেহে গাৱঁ জীৱনৰ ওপৰত বেছি প্রভাৱ পেলাইছে।

চহৰীয়া জীৱন এতিয়া অহর্নিশে ধন উৎপাদনত নিমগ্ন, বিৰাম-বিশ্রামৰ নিয়ম নমনা এক জীৱন-যাত্রা। প্রতি পদে পদে অপাৰ আশাৰ লগতে উৎকণ্ঠা, সপোনৰ সতে মিহলি আতংক। পৰিবেশৰ পৰা সময়ে-অসময়ে ভাহি আহে নিঃসীম নৈৰাশ্য, আত্মহত্যা অথবা অন্ধ আক্রোশ আৰু হিংসা, অন্তহীন হৃদয়হীনতা আৰু নিষ্ঠুৰতাৰ বার্তাবাহী শব্দ তথা দৃশ্যৰ তৰংগ। সেয়ে শাৰদীয় উৎসৱো সেই যন্ত্রণাৰ পৰা সমূহীয়া পলায়নৰ এটা চেলু হৈ পৰিছে। উপভোগত মন-প্রাণ সঁপি সেই মৰুময়তা দূৰলৈ ঠেলি দিয়াৰ এক সাময়িক প্রচেষ্টা। আশী ফুট ওখ দুর্গাই ষাঠি ফুট দৈর্ঘ-প্রস্থৰ মহিষাসুৰৰ বক্ষ বিদীর্ণ কৰাৰ উত্তেজনাত যেন দৈনন্দিন জীৱন অসহনীয় ৰূঢ়তা তল পেলাব পাৰি, তাৰ বাবে যেন কি এক অধীৰ বাসনা। পূজা মণ্ডপৰ বিজ্ঞাপন-বিকিৰিত আলোকমালাই তাৰ বাবেই সকলোকে হাতবাউল দি মাতে।

এই অচিন ৰম্যপুৰীত মানুহৰ আত্মাই বাট হেৰুৱায় নেকি? যি আনন্দই মানুহৰ চকু-মুখ উজলাই ৰাখে, হৃদয়ৰ গভীৰলৈ নিগৰি-নিজৰি সি শান্তি আৰু তৃপ্তি আনেনে? আমি নাজানো। কেৱল জানো সেই সকলোৱেই মানুহ। নিজৰ অজ্ঞাতে সকলোৱে বিচাৰে সেই হেৰুৱা আনন্দৰ ঠিকনা – যেন ঘোপৰা অৰণ্যৰ কোনোবাখিনিত বৈ থকা নির্মল, নির্ভয় নিজৰাৰ কলধ্বনি।

অস্বীকাৰ কৰি লাভ নাই যে অপ্লাৱিত ধন-ঐশ্বর্যৰ আকাংক্ষাই টানি নিয়া সমাজখন আজি সংকটগ্রস্ত। তাৰেই পৰিণামত আমাৰ কেউফালে উফৰি-ছিটিকি পৰিছে হেজাৰ আশাভংগ, প্রতাৰণা, নিপীড়ন, হিংসাৰ টুকুৰা, যেন এক অন্তহীন যেন লগা বোমা বিস্ফোৰণৰ অগ্নিপিণ্ড। কিন্তু মানুহে নিৰলে কান্দিবলৈ পাহৰি গলেও পাহৰা নাই, যে সি আন কিবা বিচাৰিহে এইপিনে আহিছিল। আৰু বহুজনৰ সংগ্রাম, ব্যর্থতা, নৈৰাশ্যৰ পিচতো অনন্ত জনপ্রবাহে জীয়াই ৰাখে সেই সন্ধানৰ আকূতি। যৌৱনৰ অফুৰন্ত শক্তিয়ে বাৰে বাৰে খুন্দা মাৰে ৰূদ্ধ দেৱালত। জীয়াই থাকে আশাৰ স্বর্গীয় বন্তিগছি- নিশ্ছিদ্র এন্ধাৰৰ মাজতো।

নৰৰ দুৱাৰত সেয়েহে মহাকবি ডাণ্টেই দেখিছিল সেই বাক্যষাৰি –
‘Abandon all hope, you who enter here.’
























(‘অসমীয়া প্রতিদিন’ কাকতত প্রথম প্রকাশিত)