Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্টঅৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

ঐতিহাসিক ভুলঃ হিন্দুত্ববাদী আৰু সাম্যবাদীসকল

 ময়ূৰ চেতিয়া

(লেখনীটো আংশিকভাবে শ্বেয়াৰ কৰিব নোৱাৰিব; শ্বেয়াৰ কৰিব বিচাৰিলে গোটেই লেখনীটোৱেই লেখকৰ নাম আৰু ব্লগৰ URL সতে শ্বেয়াৰ কৰিব লাগিব।)


১৯২০ৰ দশকৰ আশে পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ লবলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্থান চলিয়েলিষ্ট ৰিপাব্লিকান এচচিয়েচন, ৱর্কার্চ এণ্ড পিজেণ্টছ পার্টি আদি দলবোৰ, আৰু আনহাতে গঠন হৈছিল হিন্দু মহাসভা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আদি হিন্দুত্ববাদী সংগঠনসমূহ।

আজি প্রায় নব্বৈ বছৰৰ পাছত হিন্দুত্ববাদীসকলে দেশত শাসন কৰিছে। আনহাতে সাম্যবাদীসকল দেশৰ কেতবোৰ বিশেষ অঞ্চল তথা গণ-আন্দোলনৰ মাজতে সীমাৱদ্ধ হৈ আছে। বিপ্লৱতো বাদেই ভাৰতীয় সাম্যবাদীসকলে আজিলৈকে কেন্দ্রত কল্যাণমূলক চৰকাৰ এখনো গঠন কৰিব পৰা নাই। 

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...