Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্টঅৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

মহিষাসুৰ বিষয়ক বিভিন্ন পৰম্পৰা দেশৰ প্রায় প্রতিটো অঞ্চলতে দেখিবলৈ পোৱা যায়। বিগত কিছুবছৰৰ পৰা বহুজনসকলে তেওঁলোকৰ নিজস্ব পৰম্পৰা তথা উপাখ্যানসমূহ পুনৰূদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আহিছে। এইবছৰ মহীশূৰ (মহিসুৰ?) চহৰত বহুতো বুদ্ধিজীৱি তথা লেখক মিলিত হৈ মহিষাসুৰৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে এলানি কার্যসূচী হাতত লৈছে। ইয়াৰ লগতে সংগতি ৰাখি উত্তৰ ভাৰতৰো বিভিন্ন অঞ্চলত এইবছৰ “মহিষাসুৰ শ্বহীদ দিৱস” পালন কৰা হল। ভৱিষ্যতে এই কার্যসূচীসমূহ সম্পর্কে ধাৰাবাহিকভাৱে ৰিপর্ট প্রকাশ কৰা হব। সদ্যহতে মহুবাৰ মহিষাসুৰৰ সৈতে চিনাকি হওঁ আহক।






মহুবাৰ পৰা ৭০ কিঃমিঃ দূৰৈত অৱস্থিত চোকা চৰা গাওঁ; ইয়াতেই আছে মহিষাসুৰৰ এক পুণা ভগ্ন মন্দিৰ। মন্দিৰটো সদ্যহতে ভাৰতীয় প্রত্নতাত্ত্বিক বিভাগ(ASI)ৰ অধীনত আছে। ঠিক কেতিয়া মন্দিৰটো নির্মান কৰা হৈছিল – এই বিষয়ে ASI  অধ্যয়ন এতিয়াও সম্পূর্ণ হোৱা নাই যদিও এটা কথা নিশ্চিত যে মন্দিৰটো যথেষ্ঠ পুৰণি। মন কৰিবলগীয়া যে খাজুৰাহো মন্দিৰসমূহৰ ক্ষতিসাধন কৰিলে পাঁচ হেজাৰ টকা জৰিমনা তথা তিনি মাহ কাৰাবাস বিহাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মহিষাসুৰ মন্দিৰৰ ক্ষতিসাধনৰ বিপৰীতে ধার্য কৰা হৈছে এক লাখ টকা জৰিমনা তথা দুই বছৰ পর্যন্ত কাৰাবাসৰ ব্যৱস্থা। অর্থাৎ খাজুৰাহোতকৈ মহিষাসুৰ মন্দিৰৰ ঐতিহাসিক তাৎপর্য কোনোগুণেই কম নহয়। কোৱা হয় যে খাজোৰাহো মন্দিৰলানি কমেও এহেজাৰ বছৰ পুৰণি। সেই হিচাপত মহিষাসুৰ মন্দিৰো যথেষ্ঠ প্রাচীন বুলি অনুমান কৰিব পাৰি।





মহুবাৰ ওচৰতে কিৰাট সাগৰত অৱস্থিত মাইকাসুৰ – অর্থাৎ মহিষাসুৰ থানজনশ্রুতি মতে মহিষাসুৰে ৰুগ্ন পশুক আৰুগ্য কৰি তুলিব পাৰে। ঘৰচীয়া পশুৱে প্রথমবাৰ গাখীৰ দিয়াৰ সময়ত এবাতি গাখীৰ মহিষাসুৰৰ নামত উৎসর্গা কৰা হয়। মহুবাৰ পশুপালক তথা কৃষক জাতিসমূহে মহিষাসুৰক তেওঁলোকৰ পূর্বপুৰুষ বুলি গণ্য কৰে।




মহুবাৰ পৰা ২০ কিঃমিঃ দূৰৈত কুলপাহাৰ অঞ্চলৰ মহাৰি গাওঁত অৱস্থিত মহিষাসুৰৰ আন এক থান। থানৰ আশেপাশে গাওঁৰ ৰাইজে এখন পকাবন্ধা থাপনা নির্মান কৰিছে। পৰম্পৰাগতভাৱেই থানত মহিষাসুৰৰ কোনো প্রতিমা নাই। ৰং মহিষাসুৰৰ আন এক ৰূপ - কৰসদেৰ সহচৰ মৰা চৰাই আৰু ষাড় গৰুৰহে মূর্তি আছে।


 

মাইকাসুৰ মন্দিৰৰ পূজাৰী ৰামকিশোৰ পাল





গোখাৰ পাহাৰত অৱস্থিত মাইকাসুৰ থানৰ কাষতে থকা শিৱ মন্দিৰৰ পূজাৰী ঘনশ্যাম তিৱাৰীৰ সতে লেখক প্রমোদ ৰঞ্জনে কথা পাতিছে। 







মন কৰিবলগীয়া যে এই গোখাৰ পাহাৰতে নাথপন্থী কবি গোৰখনাথ তথা তেওঁৰ অনুগামীসকলে সাধনা কৰিছিল। পূজাৰী ত্যাগীৰ মতে অঞ্চলটোৰ বহুজনসকলে মহিষাসুৰক বেছ সন্মান কৰে। ২৫-৩০ বছৰমান আগলৈকে এই অঞ্চলত দুর্গা উৎসৱ পালন কৰা নহৈছিল। ষষ্ঠীৰ দিনা মহিষাসুৰৰ বাবে এভাগ বিশেষ পূজা আয়োজন কৰা হয়। গাখীৰ, নাৰিকল আদিৰে তৈয়াৰ কৰা নৈবদ্য মহিষাসুৰৰ নামত আগবঢ়োৱা হয়। পূজাৰ সময়ত কেতসংখ্যক লোকৰ গাত ভগবানে লম্ভে। ইয়াক কোৱা হয় ‘ভাৱ খেলা’; ইও হৈছে পূজাৰ অন্যতম অংগ।



গোখাৰ পাহাৰত অৱস্থিত মাটিৰে নির্মিত মহিষাসুৰ থান।






ৰামনগৰৰ চাৰকাৰিত জনবসতিৰ পৰা দূৰৈত অৱস্থিত মহিষাসুৰৰ আন এক থান।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...