Wednesday, June 15, 2016

ৰুছ বিপ্লৱৰ ইতিহাস ২

প্রথম অধ্যায়

ৰুছ দেশ বিকাশৰ বৈশিষ্ট্যসমূহ

লিয়ন ট্রটস্কী


ৰুছ ইতিহাসৰ আটাইতকৈ মূল তথা স্থায়ী বৈশিষ্ট্যটো হৈছে – সামাজিক বিকাশৰ মন্থৰ গতি, আর্থিক অনগ্রসৰতা আৰু তাৰ ফলস্বৰূপে সৃষ্টি হোৱা সংস্কৃতিৰ নিম্ন স্তৰ তথা সামাজিক ৰূপবোৰৰ আদিমতাপূবালী বতাহ আৰু এচীয় প্রব্রজনৰ প্রতি উন্মুক্ত এই বিশাল আৰু অনাড়ম্বৰ  ভূখণ্ড প্রকৃতিৰ দ্বাৰাই দীর্ঘ অনগ্রসৰতাৰ বাবে অভিশপ্ত আছিল। অঘৰী জাতিবোৰৰ  সতে  মাস্কোৱিৰ সংঘাত ১৭ শতিকা পর্যন্ত চলিছিল।  চেঁচা বতাহ, শীতৰ ভয়ানক জাৰ আৰু গ্রীষ্মৰ খৰাঙৰ সতে সংঘাত আজিও ওৰ পৰা নাইসমস্ত প্রগতিৰ মূল আধাৰ – কৃষিৰ বিকাশ প্রসাৰিত(extensive) ৰূপতহে সংঘটিত হৈছিল। উত্তৰৰ ফালে গছ কাটি, অৰণ্যত জুই লগাই মাটি মোকলোৱা হৈছিল। দক্ষিণৰ ফালে কুমাৰী তৃণভূমিবোৰ কামত লগোৱা হৈছিল। প্রকৃতিৰ ওপৰত বিজয়ৰ ৰূপ গভীৰ হোৱাৰ বিপৰীতে প্রসাৰিতহে আছিল।

পশ্চিমৰ ফালে বর্বৰসকলে ৰোমান সংস্কৃতিৰ ধ্বংসাৱশেষৰ ছাঁয়াত থিতাপি লবলৈ সুযোগ পাইছিল। পুৰণা সভ্যতাৰ শিলাবোৰে নির্মাণ সামগ্রীৰ যোগান ধৰিছিল। পূবৰ ফালে শ্লাৱসকল ইমান ভাগ্যবান নাছিল; বিশাল জনশূণ্য এই সমভূমিত তেওঁলোকৰ পূর্বসূৰীসকলৰ সংস্কৃতি তেওঁলোকতকৈও নিম্নবিধৰ আছিল। পশ্চিম ইউৰোপৰ জাতিবোৰে অতি সোনকালেই তেওঁলোকৰ প্রাকৃতিক সীমাৰেখাবোৰ আৱিষ্কাৰ কৰি সাংস্কৃতিক আৰু আর্থিক প্রগতিৰ সূচনা কৰিছিল; বাণিজ্যিক চহৰসমূহ অস্তিত্বলৈ আহিছিল। পূবৰ সমভূমিৰ জাতিবোৰে জনসংখ্যা কিছু বৃদ্ধি হোৱা যেন দেখিলেই নতুন মাটিৰ সন্ধানত কুমাৰী জংগল আৰু তৃণভূমিসমূহত প্রসাৰিত হৈ পৰিছিল। পশ্চিমীয়া কৃষক সমাজৰ উদ্যোগী অংশটোৱে চহৰবাসী, কাৰিকৰ আৰু বনিকৰ ৰূপ ধাৰণ কৰিছিল। পূবৰ উৎসাহী আৰু সাহসী অংশটোৰ কিছুসংখ্যকেহে বেপাৰত হাত দিছিল; অধিকাংশই কছেক, সীমান্তবাসী বা অভিযাত্রীলৈ পৰিণত হৈছিল। সামাজিক বিভাজনৰ প্রক্রিয়াটোৱে পশ্চিমত সঘন ৰূপ লৈছিল; পূবত বিকাশৰ প্রসাৰিত চৰিত্রটোৰ ফলত ই লেহেমীয়া আৰু তৰাং হৈ পৰিছিল। পিটাৰ প্রথমৰ সমসাময়িক ইটালীয় দার্শনিক জিয়’ৱান ৱিক’ৱে লিখিছে, “মাস্কোৱিয়াৰ জাৰ নামত খ্রীষ্টান হলেও দৰাচলতে তেওঁ এটা সোৰোপা জাতিৰ ওপৰতহে শাসন কৰে”মাস্কোৱিয়াবাসীৰ  এই “সোৰোপা” মানসিকতাই আচলতে আর্থিক বিকাশৰ লেহেমীয়া গতি, শ্রেণী সম্পর্কৰ আকাৰহীনতা আৰু আভ্যন্তৰীণ ইতিহাসৰ দৰিদ্র চৰিত্রটোকেই প্রতিফলিত কৰে


ইজিপ্ত, ভাৰত আৰু চীনৰ প্রাচীন সভ্যতাসমূহ বহু পৰিমাণে স্ব-নির্ভৰশীল আছিল আৰু উৎপাদিকা শক্তিৰ নিম্ন স্তৰ স্বত্তেও সামাজিক সম্পর্কবোৰ বিকশিত কৰিবলৈ তেওঁলোকৰ ওচৰত বেছ সময় আছিল। তেওঁলোকৰ কাৰিকৰসকলৰ চমৎকাৰ শিল্প নৈপুণ্যৰ দৰেই তেওঁলোকৰ সামাজিক সম্পর্কবোৰেও বিস্তৃত তথা পূর্ণাংগ ৰূপ লাভ কৰিছিল। কেৱল ভৌগলিকভাৱেই  নহয়, সামাজিক আৰু ঐতিহাসিকভাৱেও ৰুছ দেশখন ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত; ইতিহাসৰ বিভিন্ন সময়ত কেতিয়াবা পশ্চিম ইউৰোপৰ প্রভাৱ দেশখনত পৰিছে, কেতিয়াবা এছিয়াৰ উপাদানবোৰ অধিক স্পষ্টহৈ ধৰা পৰিছে। পূবৰ পৰা আহিল মংগোলসকলৰ আক্রমণ – ই সৃষ্টি কৰা ফলাফলসমূহে  ৰুছৰ ৰাষ্ট্র-গাঁথনিত বিশেষভাৱে প্রভাৱ পেলালে। অৱশ্যে পূবতকৈ পশ্চিমৰ পৰা আক্রমণৰ শংকা বেছি আছিল। পশ্চিম ইউৰোপ ৰাছিয়াৰ বাবে একেসময়তে ভাবুকিস্বৰূপ শত্রু তথা শিক্ষক আছিল। পূবৰ ৰূপবোৰৰ মাজতেই ৰুছে নিজকে বিলীন কৰি লব নোৱাৰিলে কিয়নো অহৰহ দেশখন পশ্চিমৰ সামৰিক তথা আর্থিক হেঁচাত ব্যগ্র হৈ থাকিবলগা হৈছিল; পৰিবর্তিত পৰিস্থিতি অনুসৰি নিজকে বাৰম্বাৰ খাপ খুৱাব লগা হৈছিল। ৰাছিয়াত সামন্তীয় সম্পর্ক আছিলনে নাই – এই বিষয়ে ইতিহাসবিদসকলৰ মাজত কিছু মতভেদ আছে। পূর্বৰ ইতিহাসবিদসকলৰ মতে ৰাছিয়াত কেতিয়াও সামন্তীয় সম্পর্কসমূহ বিকশিত হৈ উঠা নাছিল। নতুন ইতিহাসবিদসকলে এই কথা নস্যাৎ কৰি সামন্তীয় সম্পর্কৰ অস্তিত্বৰ কথাটো সন্দেহাতীতভাবে প্রমাণিত কৰিব খুজিছে। হয়তো ৰুছীয় সামন্তবাদৰ মূল উপাদানসমূহ পশ্চিমীয়া সামন্তবাদৰ দৰেই আছিল। পিছে এই যে ৰাচিয়াত সামন্ত যুগৰ অস্তিত্ব সম্পর্কেও প্রশ্ন উত্থাপন হৈছে – এই যে প্রশ্নটোৰ উত্তৰ বিচাৰি ইতিহাসবিদসকলে বৈজ্ঞানিক অনুসন্ধান কৰি তর্কবিতর্ক কৰিব লগা হৈছে – এই কথাটোৱেই  ৰুছীয় সামন্তবাদৰ অসম্পূর্ণ ৰূপ, তাৰ আকাৰহীনতা তথা সাংস্কৃতিক কীর্তিৰ দাৰিদ্রতাকেই প্রমাণিত নকৰেনে?

অনগ্রসৰ দেশ একোখনে বিকশিত দেশবোৰৰ বৈষয়িক তথা সাংস্কৃতিক কৃতিত্বসমূহ আত্মসাৎ কৰি লয়। পিছে তাৰ অর্থ এইটো নহয় যে বিকশিত দেশবোৰত যেনেধৰণৰ ঐতিহাসিক বিকাশৰ ক্রমাগত স্তৰৰ জৰিয়তে এই বৈষয়িক তথা সাংস্কৃতিক অগ্রগতিসমূহ সম্ভৱপৰ হৈছে, অনগ্রসৰ দেশবোৰতো ঠিক তেনেধৰণৰে ঐতিহাসিক ক্রমবিকাশৰ ধাৰা দেখা পোৱা যাব। ৱিক’ তথা তেওঁৰ শেহতীয়া অনুগামীসকলৰ মাজত জনপ্রিয় ঐতিহাসিক স্তৰবোৰৰ পুণৰাবৃত্তি বিষয়ক ধাৰণাবোৰ আচলতে প্রাক-পুঁজিবাদী সংস্কৃতিবোৰৰ প্রতি মন কৰিহে বিকশিত হৈছে। পূর্বৰ সময়ত যেতিয়া কোনো নতুন অঞ্চলত বসতি স্থাপন কৰা হৈছিল, তাত সাংস্কৃতিক স্তৰবোৰৰ বিকাশৰ ক্ষেত্রত একপ্রকাৰৰ পুণৰাবৃত্তি দেখা পোৱা গৈছিল। সিবিলাকৰ আঞ্চলিক তথা স্থানীয় চৰিত্রৰ বাবেই এই পুণৰাবৃত্তি সংঘটিত হৈছিল বুলি কব পাৰিপুঁজিবাদৰ অধীনত পিছে এনে পৰিস্থিতিৰ পৰিবর্তন ঘটে। একপ্রকাৰে চাবলৈ গলে পুঁজিবাদে মানৱ বিকাশৰ ধাৰাটোক সার্বজনীন তথা স্থায়ী কৰি তোলে। সেয়েহে পুঁজিবাদৰ উদয়ৰ পাছত বিকাশৰ বিভিন্ন স্তৰসমূহ সকলো সমাজতে দেখা পোৱাটো সম্ভৱপৰ নহয়। বিকশিত দেশবোৰক অনুসৰণ কৰিবলৈ বাধ্য হোৱা স্বত্তেও অনগ্রসৰ দেশবোৰত ঐতিহাসিক বিকাশৰ একেধৰণৰ ক্রম দেখিবলৈ পোৱা নাযায়। ঐতিহাসিক অনগ্রসৰতাৰো কেতবোৰ লাভ নথকা নহয়! বিকশিত দেশবোৰত উপলভ্য বিভিন্ন শেহতীয়া উপাদানবোৰ অনগ্রসৰ দেশবোৰে চিধাই নিজৰ ক্ষেত্রত প্রয়োগ কৰিব পাৰেএইক্ষেত্রত যেনেধৰণৰ দীর্ঘ প্রক্রিয়াৰ মাজেৰে এই উপাদানবোৰ উন্নত দেশবোৰত সৃষ্টি হৈছিল, এনে সমস্ত দীর্ঘ প্রক্রিয়াবোৰ -অর্থাৎ এনে সমস্ত অন্তৱর্তীকালীন ঐতিহাসিক স্তৰবোৰ - অনগ্রসৰ দেশবোৰে জাঁপ মাৰি যাব পাৰে! বর্বৰসকলে ধনু-কাঁড় এৰি চিধাই হাতত ৰাইফল লব পাৰে; যি দীর্ঘ ঐতিহাসিক প্রক্রিয়াৰ মাজেৰে ধনু-কাঁড়ৰ পৰা গৈ এসময়ত ৰাইফল বিকশিত হৈছিল - এনে সমস্ত ঐতিহাসিক স্তৰবোৰ বর্বৰসকলে নেওচা দি যাব পাৰেআমেৰিকাত বসতি স্থাপন কৰা ইউৰোপীয় লোকসকলে পুণৰ আদিৰে পৰা বিকাশৰ ধাৰা আৰম্ভ কৰা নাছিল। এইযে আজি জার্মানী আৰু আমেৰিকাই আর্থিক বিকাশৰ ক্ষেত্রত ইংলেণ্ডক নেওচা দি গৈছে - তাৰ কাৰণ সিবিলাকৰ পুঁজিবাদী বিকাশৰ ঐতিহাসিক অনগ্রসৰতাৰ মাজতেই লুকাই আছে। আনহাতে, বৃটিছ কয়লা উদ্যোগৰ সাম্প্রতিক ৰক্ষণশীল অৰাজক পৰিস্থিতি – তথা মেকডনাল্ড আৰু তেওঁৰ বন্ধুসকলৰ সাম্প্রতিক ৰক্ষণশীল অৰাজক মানসিকতাৰ কাৰণো আকৌ পুঁজিবাদী বিকাশৰ ক্ষেত্রত ইংলেণ্ডৰ বাটকটীয়া ভূমিকাৰ মাজতেই লুকাই আছে। একপ্রকাৰে চাবলৈ গলে দীর্ঘদিন ধৰি পুঁজিবাদী বিকাশ পথৰ বাটকটীয়া হৈ ৰোৱাৰ মূল্য আজি ইংলেণ্ডে ভূগিব লগা হৈছে। ঐতিহাসিকভাৱে অনগ্রসৰ দেশবোৰৰ বিকাশে আৱশ্যকীয়ভাৱেই এক বিশিষ্ট তথা জটিল ৰূপ ধাৰণ কৰে – য’ত ঐতিহাসিক প্রক্রিয়াটোৰ বিভিন্ন স্তৰবোৰ বিশিষ্ট ধৰণেৰে সংলগ্ন হৈ পৰেফলস্বৰূপে, অনগ্রসৰ দেশবোৰৰ বিকাশে এক জটিল, অভূতপূর্ব তথা সংলগ্ন চৰিত্র ধাৰণ কৰে

অৱশ্যে ঐতিহাসিক বিকাশৰ অন্তৱর্তীকালীন স্তৰবোৰ সম্পূর্ণভাৱে জাপ মাৰি যাব পৰা নাযায়। একোখন দেশে কিমান দূৰৈলৈ এনেদৰে অন্তৱর্তীকালীন স্তৰবোৰ এৰাই যাব পাৰে – সেয়া দেশখনৰ আর্থিক তথা সাংস্কৃতিক সক্ষমতাৰ ওপৰত নির্ভৰ কৰে। উন্নত দেশবোৰৰ কৃতিত্বসমূহ অনগ্রসৰ দেশ একোখনত আত্মসাৎ কৰি লওঁতে সিবিলাক কিছুপৰিমাণে মলিন হৈ পৰা যেনো পৰিলক্ষিত হয়। অর্থাৎ আত্মসাতকৰণৰ এই প্রক্রিয়াটোৰ চৰিত্র সাধাৰণতেই স্ব-বিৰোধী হোৱা দেখা যায়। উদাহৰণস্বৰূপে, পিটাৰ প্রথমৰ সময়ত পশ্চিমীয়া প্রযুক্তি তথা প্রশিক্ষণ, বিশেষকৈ মিলিটেৰী তথা উদ্যোগিক প্রযুক্তি আৰু প্রশিক্ষণবোৰ ৰাছিয়াত প্রয়োগ কৰাৰ পাছত দেখা গল  দেশখনৰ শ্রম সংগঠনৰ মূল ৰূপ  চার্ফদম  পূর্বতকৈ অধিক শক্তিশালীহে হৈ পৰিছে। ইউৰোপীয় অস্ত্র তথা ইউৰোপীয় ঋণ  যি নিশ্চিতভাৱে এক উচ্চতৰ সংস্কৃতিৰ উৎপাদ আছিল  সিবিলাক ৰাছিয়ালৈ আহি জাৰবাদক অধিক শক্তিশালী কৰাতহে অৰিহণা যোগালে  যি দেশখনৰ প্রগতিৰ পথ মন্থৰ কৰি পেলালে।

আন কথাত, ঐতিহাসিক বিকাশৰ নিয়মবোৰক কোনো স্থূল ৰূপৰেখাৰ  ৰূপত সংজ্ঞায়িত কৰিব পৰা নাযায়। অসমতাই হৈছে ঐতিহাসিক বিকাশৰ আটাইতকৈ মূল নীতি। অনগ্রসৰ দেশসমূহৰ প্রগতিৰ ক্ষেত্রত বিকাশৰ অসম নিয়মে অতিশয় জটিল তথা প্রখৰ ৰূপত ধৰা দিয়ে। বাহ্যিক হেঁচাৰ সৌকাৰ কোবত অনগ্রসৰ সংস্কৃতি একোটাই বৃহৎ ঐতিহাসিক জাপ মাৰিব লগা হয়। অর্থাৎ অসম বিকাশৰ সার্বজনীন নীতিৰ পৰাই আন এটি নীতি সৃষ্টি হয় যাক আমি থোৰতে “সংলগ্ন বিকাশ”(law of combined development) বুলি কব পাৰোঁ। সংলগ্ন বিকাশৰ অর্থ হৈছে – যাত্রাৰ বিভিন্ন স্তৰবোৰক একেলগে কাষলৈ টানি অনা, বিভিন্ন পদক্ষেপবোৰক একেসময়তে সংলগ্ন কৰি পেলোৱা, আদিম আৰু সমকালীন আধুনিক ৰূপবোৰক মিশ্রিত কৰি পেলোৱা। সংলগ্ন বিকাশৰ অবিহনে, ৰাছিয়া তথা অন্যান্য অনগ্রসৰ দেশবোৰৰ ইতিহাস বুজি পোৱাটো সম্ভৱপৰ নহয়।

সম্পদশালী ইউৰোপীয় দেশবোৰৰ হেঁচাত পৰি ৰুছ ৰাষ্ট্রই স্থানীয় জনগণৰ সম্পদৰ এক অতিপাত বৃহৎ অংশ দোহন কৰিবলৈ আৰম্ভ কৰিলে। ফলত ৰাছিয়াৰ জনগণৰ অৱস্থা তেনেই দুঃস্ব হৈ পৰিল আৰু ই সম্পদশালী শ্রেণীটোৰ সামাজিক আধাৰো সংকোচিত কৰি পেলালে। জাৰৰ অস্তিত্বৰ বাবে সম্পদশালী শ্রেণীটোৰ সমর্থন প্রয়োজনীয় আছিল; কিন্তু জাৰে একেসময়তে সিবিলাকক নিয়ন্ত্রণ কৰিবলৈ গৈ সিবিলাকৰ বিকাশযাত্রা মন্থৰ কৰি পেলালে। ফলত এক আমোলাতান্ত্রিক সম্পদশালী শ্রেণী ৰাছিয়াত কেতিয়াও সম্পূর্ণভাৱে বিকশিত হব নোৱাৰিলে আৰু ৰুছ ৰাষ্ট্রখনো পশ্চিমৰ নিৰংকুশ ৰাষ্ট্র(absolutist state)সমূহৰ বিপৰীতে এছিয়াৰ স্বেচ্ছাচাৰী ৰাষ্ট্র(asiatic despotism)বোৰৰ সদৃশ যেনহে দেখা গল। বাইজেণ্টাইন নিৰংকুশবাদ মাস্কোভিৰ জাৰে ১৬ শতিকাতেই গ্রহণ কৰি লৈছিল, অভিজাততন্ত্রৰ সহায়ত সামন্তীয় বয়াৰ(boyar)সকলক জাৰে নিশকটীয়া কৰি পেলাইছিল আৰু কৃষকসকলক দাসলৈ পৰিণত কৰি অভিজাতসকলকো জাৰে নিয়ন্ত্রণলৈ আনিছিল। এইদৰেই চেণ্ট পীটাছবার্গ নিৰংকুশতন্ত্র স্থাপিত হৈছিল। অর্থাৎ চার্ফডমৰ জন্ম হৈছিল ১৬ শতিকাত, স্পষ্ট আকাৰ লাভ কৰিছিল ১৭ শতিকাত, সম্পূর্ণভাৱে বিকশিত হৈছিল ১৮ শতিকাত আৰু আইনীভাৱে আতঁৰোৱা হৈছিল ১৮৬১ চনত। ঐতিহাসিক অনগ্রসৰতাৰ ইয়াতকৈ স্পষ্ট উদাহৰণ আছেনে? [পশ্চিমীয়া দেশসমূহত বহু আগেয়েই চার্ফডমৰ বিকাশ ঘটিছিল আৰু বহু আগেয়েই তাৰ পতনো ঘটিছিল - অনুবাদক]।


অভিজাততন্ত্রৰ পাছতেই আছিল পুৰোহিততন্ত্র। জাৰৰ নিৰংকুশতন্ত্রৰ বিকাশৰ ক্ষেত্রত পুৰোহিত তন্ত্রৰো বিশেষ ভূমিকা আছিল; অৱশ্যেই এই ভূমিকা আছিল বশ্যতাৰ ভূমিকা। কেথলিক পশ্চিম ইউৰোপৰ লেখীয়াকৈ কেতিয়াও ৰাছিয়াত চার্চৰ স্বতন্তৰীয়া বিকাশ সাধন হব নোৱাৰিলে। জাৰৰ আধ্যাত্মিক চাকৰৰ ভূমিকাতেই ৰাছিয়াৰ চার্চ সন্তুষ্ট থাকিব লগা হল। বিছপসকলৰ কোনো স্বতন্তৰীয়া ক্ষমতা নাছিল; তেওঁলোক চৰকাৰী বিষয়াৰ ডেপুটি আছিল বুলিয়েই কব পৰা যায়। নতুন জাৰ শাসনলৈ আহিলে প্রায়েই পুৰণা  পেট্রিয়ার্কজনক সলনি কৰা হৈছিল। পীটাছবার্গ যুগত চার্চৰ এই বশ্যতা অধিক বৃদ্ধিহে হল। ৰাছিয়ান চার্চৰ প্রায় দুই লাখ পুৰোহিত জাৰৰ আমোলাতন্ত্রৰ অংশবিশেষ আছিল বুলিয়েই কব পৰা যায়ঃ ঠিক যেন হাতত ধর্মগ্রন্থ লৈ ফুৰা এক পুলিচ বাহিনী! এনে বশ্যতাৰ বিনিময়ত অর্থডক্স চার্চৰ ধর্মীয় পৰম্পৰা, মাটিসম্পত্তি আদিৰ সুৰক্ষাৰ সমস্ত ভাৰ নিয়মীয়া পুলিচে বহন কৰিছিল। 

[ক্রমশঃ]

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...