Sunday, June 12, 2016

দেৱকান্ত সন্দিকৈৰ মার্ক্সবাদ সমালোচনাঃ এক প্রত্যুত্তৰ


দেৱকান্ত সন্দিকৈ অসমৰ যুক্তিবাদী মহলটোৰ বেছ সসন্মানীয় ব্যক্তি। আমি নিজেও শৈশৱতে তেওঁৰ ৰছনা পঢ়িয়েই যুক্তিবাদৰ প্রতি আকর্ষিত হৈছিলোঁ। এনে এজন মানুহে যেতিয়া মার্ক্সবাদক সমালোচনা কৰি কোনো লেখনী লিখে, তেনেস্থলত লেখকৰ উচ্চস্থানৰ প্রতি সন্মান জনায়েই লেখনীটো সম্পর্কে কিছু কথা আলোচনা  কৰাটো প্রয়োজনীয়অৱশ্যে ৫ জুন তাৰিখে ‘অসমীয়া খবৰ’ত ওলোৱা সন্দিকৈৰ লেখনীটো আমি এক ব্যতিক্রম বুলিহে অনুভৱ কৰোঁ। তেওঁৰ উচ্চ প্রতিভাৰ প্রকাশ লেখনীটোত নঘটিল। বৰং কেতবোৰ পৰিচিত স্থূল যুক্তিৰেই তেওঁ লেখনীটো সামৰিলে। ভৱিষ্যতে আমাৰ পৰিচিত প্রিয় লেখকজনৰ পৰা পুণৰ উচ্চমানৰ লেখনীবোৰ আশা কৰিলো।

এই প্রত্যুত্তৰটো লিখাৰ আন এটাও কাৰণ আছে। সম্প্রতি সমাজবাদ সম্পর্কে সাম্যবাদীসকলৰ মাজতে বিভিন্ন ন ন চিন্তাৰ উন্মেষ ঘটিছে। এই লেখনীটোত সিবিলাকৰ এটা সোৱাদ  দিবলৈ যত্ন কৰা হৈছে। অধিক তাত্ত্বিক ভাষাত একেখিনি কথাকে বিতং ৰূপত জানিবলৈ আগ্রহী পাঠকে ‘নতুন পদাতিক’ৰ ডিচেম্বৰ ২০১৫ সংখ্যাত প্রকাশিত আমাৰ “সমাজবাদঃ অতীত বর্তমান তথা ভৱিষ্যত” শীর্ষক লেখনীটো পঢ়ি চাব পাৰে  


১) সন্দিকৈয়ে লিখিছে যে তেওঁ কোনো  উগ্রপন্থাৰ বিপৰীতে মধ্যমপন্থাতহে বিশ্বাস কৰে। আমিও আচলতে মধ্যমপন্থাতেই বিশ্বাস কৰোঁ। সেয়েহে স্তালিনীয় সমাজবাদ তথা নব্য-উদাৰবাদী পুঁজিবাদ – এই দুই উগ্র মেৰুৰ  বিপৰীতে নৰমবিধৰ এক মানবীয় গণতান্ত্রিক সমাজবাদ নির্মাণৰ প্রতিহে আমাৰ আগ্রহ। আমি জনামতে আজিৰ দিনত বেছিভাগ বাওঁপন্থীয়েই সমাজবাদ নির্মাণৰ ক্ষেত্রত গণতন্ত্রৰ অৰিহার্যতাৰ কথাটো মানি লৈছে। এইক্ষেত্রত সন্দিকৈ আশ্বস্ত হব পাৰে। অৱশ্যে সন্দিকৈয়ে যদি কব খোজে – মার্ক্সবাদ মানেই হৈছে স্তালিনীয় সন্ত্রাসৰ নামান্তৰ –আৰু সদায়েই – আনকি ভৱিষ্যতেও স্তালিনবাদৰ ৰূপতেই মার্ক্সবাদী আন্দোলনবোৰ বিফল হবলৈ বাধ্য - তেনেস্থলত আমি তেওঁক এজন উগ্রপন্থাৰ লোক বুলি কবলৈ বাধ্য হম কিয়নো এনেধৰণৰ উগ্র নির্ধাৰণবাদ উগ্রপন্থীসকলৰ মাজতহে দেখা পোৱা যায়। আমি ভৱিষ্যতৰ নিশ্চয়তা সম্পর্কে কোনো ভৱিষ্যতবাণী কৰিব নোখোজোঁ। এনে কাম উগ্র মতাদর্শৰ লোকসকলেহে কৰে। 

২) জনগণক সর্বহাৰাৰ একনায়কত্বলৈ অপেক্ষা কৰিবলৈ কোনো বাওঁ দলেই কোৱা নাই। বিপ্লৱৰ বাবে প্রস্তুতি চলোৱাৰ সময়তে সমান্তৰালভাৱে জনগণক সাময়িক সকাহ দিবৰ বাবে কেতবোৰ পদক্ষেপ – যেনে সূলভ স্বাস্থ্যসেৱা, শিক্ষা, সকলোৰে বাবে নিয়োগ আদিৰ ব্যৱস্থা লবলৈ চৰকাক তেওঁলোকে দাবীও জনাই আহিছে। সিবিলাকৰ বাবে বিভিন্ন গণতান্ত্রিক আন্দোলন সর্বদা চলি আহিছে। ইয়াৰ প্রমাণ হিচাপে লেখকে যিকোনো বাওঁদলৰ কার্যসূচী তথা কর্মসূচী পঢ়ি চাব পাৰে।

৩) সর্বহাৰাৰ একনায়কত্ব স্থাপন কৰাটো নিশ্চয় কঠিন; পিছে ই একেবাৰে অসম্ভৱনে? সর্বহাৰাৰ একনায়কত্বৰ আন এটা নাম হৈছে গৰিষ্ঠসংখ্যক লোকৰ বাবে গণতন্ত্র। অর্থাৎ বর্তমানৰ দৰেই ভৱিষ্যত সমাজবাদৰ অধীনতো বিভিন্ন শ্রমজীৱি দলে মুক্ত নির্বাচনত অংশগ্রহণ কৰি চৰকাৰ গঠন কৰিব পাৰিবআজিৰ দিনত যিদৰে সমাজবাদৰ পক্ষে যুক্তি দিয়া লোকসকলক পোনেই দমন কৰা নহয়, সমাজবাদৰ অধীনতো পুঁজিবাদৰ পক্ষে যুক্তি দিয়াসকলক দমন কৰা নহব। আগেয়ে বিভিন্ন ঐতিহাসিক কাৰণবশতঃ এই ভুল কৰা হৈছিল, ফলত পুঁজিবাদী শক্তিসমূহ স্বয়ং কমিউনিষ্ট পার্টিৰ মাজতেই সুমাই গৈছিল। এইবাৰ এনে ভুল কৰা নহব। পুঁজিবাদী ব্যৱস্থাটো যিদৰে অধিকাংশ লোকৰ গ্রহণযোগ্যতাৰ ভিত্তিতেই বর্তি আছে, তেনেকৈয়ে সমাজবাদো অধিকাংশ শ্রমজীৱি জনগণৰ গ্রহণযোগ্যতাৰ ভিত্তিতেই জীয়াই থাকিব।

মন কৰিব যে যিকেইখন দেশত আগেয়ে বিপ্লৱ সাধন হৈছিল – ৰুছিয়া, চীন, কিউবা ইত্যাদি – তেনে কোনো দেশতে প্রাকবিপ্লৱ কালত গণতান্ত্রিক পৰম্পৰা শক্তিশালী নাছিল। সেয়েহে সমাজবাদৰ কালতো গণতন্ত্র স্থাপন কৰাটো কঠিন হৈ পৰিছিল।  ভাৰতৰ গণতান্ত্রিক পৰম্পৰাই ভৱিষ্যতে কাকোকে সহজতে গণতন্ত্র ধ্বংস কৰিবলৈ নিদিয়ে – সেয়া লাগে সোঁপন্থীৰ হাততেই হওঁক বা বাওঁপন্থীৰ হাততেই হওঁক। ভাৰতীয় সমাজবাদীসকলে বিচাৰক বা নিবিচাৰক – তেওঁলোকেও এই গণতান্ত্রিক পৰম্পৰা সন্মান কৰিব লাগিব – আচলতে তেতিয়াহে বিপ্লৱ সম্পন্ন হব পাৰিব। এয়া ভাৰতীয় গণতন্ত্রৰ নিশ্চয়েই এক ধনাত্মক দিশ। 

কোনোবাই প্রশ্ন কৰিব পাৰে – সমাজবাদত গণতন্ত্র থাকিবই বুলি পিছে কোনো গেৰাণ্টি আছেনে? আচলতে জ্যোতিষীৰ বাহিৰে এনে গেৰাণ্টী কোনোৱেই দিব নোৱাৰে। পুঁজিবাদৰ অধীনতো গণতন্ত্র ভৱিষ্যতে থাকিবই বুলি কোনো গেৰান্টী নাই; নথকাৰ সম্ভাৱনাহে অধিক। কাইলৈ হয়তো মোদীৰ হাততে গণতন্ত্র বিধ্বস্ত হোৱাৰ দিশেৰে আগবাঢ়িব পাৰে ইউৰোপিয়ান ইউনিয়নত ইতিমধ্যেই গণতান্ত্রিক চৰকাৰসমূহৰ হাতত কোনো প্রকৃত ক্ষমতা নোহোৱাৰ দৰেই। তাত ইউৰোপিয়ান চেণ্ট্রেল বেংকৰ আর্থিক আমোলাসকলেই প্রকৃততে শাসন কৰিবলৈ ধৰিছে। কোৱা হৈছে যে কোনোপধ্যেই কোনো চৰকাৰকে ৩ শতাংশতকৈ অধিক বিত্তীয় ঘাটি (অর্থাৎ জনকল্যাণৰ বাবে চৰকাৰী খৰছ) কৰিবলৈ দিয়া নহব।

গণতন্ত্র কেৱল জনগণৰ সচেতনতাইহে ৰক্ষা কৰিব পাৰে; তেহেলৈ সেয়া সমাজবাদৰ অধীনতেই হওঁক বা পুঁজিবাদৰ অধীনতেই হওঁক। [এইক্ষেত্রত ‘৭’ নং পইণ্টটোও পঢ়ি চাওঁক]।

৪)সন্দিকৈয়ে ঠিকেই কৈছে – মার্ক্সবাদ সম্পদৰ পুনঃবিতৰণমূলক তত্ত্বহে; বুদ্ধিৰ সমবিতৰণমূলক তত্ত্ব নহয়। চোকা পণ্ডিত একোজন, ভাল খেলুৱৈ একোজন, ভাল গায়ক একোজন সমাজবাদৰ অধীনতো বিখ্যাত হব – সকলোৱেই তেওঁলোকৰ প্রতিভাক সন্মান জনাব। ইয়াত কোনো সমস্যা নাই।

মার্ক্সবাদে লগতে মাথো কয় – মানুহক ভাত-কাপোৰ-বাসস্থানৰ চিন্তাৰ পৰা মুকলি কৰি দিয়ক যাতে ক্রিয়া, সংগীত, কলা, শিল্প, বিজ্ঞান আদিৰ চর্চাৰ যোগেৰে মানুহে নিজৰ প্রকৃত মানৱীয় প্রতিভাবোৰ প্রদর্শন তথা বিকশিত কৰিব পাৰেপুঁজিবাদৰ সমস্যা এইটোৱেই যে ই বেছিভাগ মানুহৰে প্রতিভাসমূহৰ বিকাশৰ বাবে উপযুক্ত পৰিবেশ গঠন কৰি নিদিয়ে। বেছিভাগ মানুহেই ভাত-কাপোৰ-বাসস্থানৰ চিন্তাতেই বেছিভাগ সময় নিয়াব লগা হয়। দুখীয়া মানুহৰ সন্তানসকল – যি প্রতিভাস্বত্তেও প্রায়ে পঢ়িবলৈ সুযোগ নাপায় – তেওঁলোকৰ প্রতিভাৰ বিকাশৰ বাবে আচলতে পুঁজিবাদ অন্তৰায়হে। সমাজবাদৰ অধীনত এনে প্রতিভাৰ বিকাশ অধিক পৰিস্ফুটহে হব।

৫) সমাজবাদৰ অধীনত ব্যক্তিগত সম্পত্তি – যেনে ঘৰ, গাড়ী, বেংক বেলেঞ্চ নিশ্চয় থাকিব। পিছে সিবিলাকক পুঁজি হিচাপে  ব্যৱহাৰ কৰি আনৰ শ্রম দোহন কৰিবলৈ দিয়া নহব। ইচ্ছা কৰিলে আপুনি  ব্যক্তিগত ব্যৱহাৰৰ বাবে দহখন মার্চিদিজ গাড়ীও ৰাখিব পাৰেপিছে দহজন ড্রাইভাৰ ৰাখি, মার্চিডিজ গাড়ীবোৰ ভাড়াত দি, তেওঁলোকৰ পৰিশ্রমৰ বলতেই আপোনাক ঠেঙৰ ওপৰত ঠেং তুলি খাই থাকিবলৈ দিয়া নহব। অৱশ্যে বৃদ্ধ, বেমাৰী, শিশু তথা অকলশৰীয়া মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা নিশ্চয় কৰা হব।

৬) বহুলাখটকীয়া গায়ক-গায়িকাসকলে এতিয়াৰ দৰেই সমাজবাদৰ অধীনতো লাখ লাখ টকা ঘটিব পাৰিব, কিয়নো তাৰ বাবে তেওঁলোকে আন কাৰোৰে শ্রম শক্তি দোহন কৰা নাই। অৱশ্যে শিল্পীৰ শ্রমৰ ওপৰত ঠেং তুলি খাবলৈ যত্ন কৰা কোনো ব্যক্তিগত মিউজিক কোম্পানী গঢ় লবলৈ দিয়া নহব। মিউজিক কোম্পানী নিশ্চয়েই থাকিব, পিছে সিবিলাক হব লাগিব সমবায়মূলক কোম্পানী – যত  শিল্পী, কার্যকুশলী তথা অন্যান্য দৰকাৰী শ্রমিকসকল সমানুপাতিকভাবে শ্বেয়াৰৰ মালিক হব। পুৰণা সদস্য আঁতৰাই নতুন সদস্য লব খুজিলে কোম্পানীটোৱে নতুন সদস্যজনকো এটা শ্বেয়াৰ দিব লাগিব।

৭) গণতান্ত্রিক সমাজবাদৰ অধীনত পণ্য তথা পুঁজিৰ বজাৰ থাকিব; কিন্তু তাত কোনোধৰণৰ শ্রম বজাৰ নাথাকিব। [আচলতে বজাৰ পুঁজিবাদৰ সমার্থক নহয়। বজাৰ পুঁজিবাদৰ আগেয়েও আছিল, আৰু সমাজবাদৰ কালতো থাকিব। বজাৰত সাধাৰণতেই উদ্বৃত্তৰ উৎপাদন কৰা নহয়; বৰং তাৰ বিতৰণহে কৰা হয়]। বজাৰৰ জৰিয়তেই বিভিন্ন শ্রমিক সমবায়, ক্ষুদ্র ব্যৱসায়ী তথা চৰকাৰী কোম্পানীসমূহৰ মাজত পণ্যৰ ক্রয়-বিক্রয় চলিব। পুৰণা সমাজবাদৰ অধীনত বিভিন্ন ঐতিহাসিক কাৰণবশতঃ কোনো স্পষ্ট বজাৰ নাছিল।   সকলো উৎপাদন সমল ৰাষ্ট্রৰ হাতত আছিল আৰু ৰাষ্ট্র আছিল পার্টিৰ হাতত; ফলত ৰাষ্ট্রৰ সর্বহাৰা চৰিত্র ৰক্ষা কৰিবলৈ গৈ পার্টিৰ নেতৃত্বৰ মাজতেই ৰক্তাক্ত শ্রেণীসংগ্রামৰ সূচনা হৈছিল। নতুন সমাজবাদৰ অধীনত শ্রেণীসংগ্রাম বহল সামাজিক ভিত্তিত তথা মূলতঃ মতাদর্শগত ৰূপত চলিব। সিবিলাক ব্যক্তিৰ নিধন যজ্ঞলৈ পৰিণত নহব। চৰকাৰী মালিকানাৰ বিপৰীতে উৎপাদন সমলৰ সমবায়মূলক মালিকানা তথা বজাৰৰ অস্তিত্ব হেতুকেই এনে গণতন্ত্রৰ নির্মাণ তথা তাৰ সূদৃঢ়কৰণ সম্ভৱপৰ হব।  আজিৰ যুগতো দেশৰ বিকাশ কেনেকৈ সম্ভৱপৰ কৰা যায় – এই সম্পর্কে বিভিন্ন ধৰণৰ বিতর্ক হয় আৰু সিবিলাকৰ ভিত্তিতেই নির্বাচনী দলবোৰে  নির্বাচনত প্রতিদ্বন্দ্বিতা কৰেনতুন সমাজবাদৰ অধীনতো এনেধৰণৰেই নির্বাচনী গণতন্ত্র থাকিব।

৮) চীন আজিৰ দিনত সমাজবাদী দেশ নহয়। SEZৰ যি সমস্যা, সেয়া সমাজবাদৰ সমস্যা নহয়। বৰং  যিকোনো প্রকাৰে পুঁজিক দেশলৈ আমন্ত্রণ জনাবলৈ সকলো ধৰণৰ শ্রম কানুন আঁতৰাই গ্রহণ কৰা এক বিশেষ ধৰণৰ নব্য-উদাৰবাদী আর্থিক মডেলৰ নামেই হৈছে SEZ.

৯)কেনেদৰে  তৃতীয় বিশ্বৰ কেবাখনো দেশত কর্পৰেট পুঁজিৰ জৰিয়তে বিকাশ সম্পন্ন হল – এয়া এক জটিল বিষয়। আগ্রহী পাঠকে পূর্বে উল্লেখ কৰা আমাৰ লেখনীটো পঢ়ি চাব পাৰেচমুকৈ কবলৈ গলে – এনে পথ আজি ভাৰতৰ বাবে খোলা নাই ভিয়েটনাম আৰু কোৰিয়া যুদ্ধত বিভিন্ন যুদ্ধ সামগ্রী চাপ্লাই কৰিয়েই দক্ষিণ কোৰিয়া তথা জাপানৰ উদ্যোগীকৰণ সম্ভৱপৰ হৈছিল। এনে কোনো বর্হিদেশৰ বৃহৎ বজাৰ আজিৰ দিনত ভাৰতৰ ওচৰত নাই। যিবা আন্তর্জাতিক বজাআছিল – ইতিমধ্যেই চীনে দখল কৰি থৈছে। তদুপৰি বিশ্ব আর্থিক মণ্ডাৱস্থাৰ ফলত ৰপ্তানি নির্ভৰ চীনৰ যি হাবুডুবু অৱস্থা হৈছে, সেয়া সকলো সচেতন পর্যৱেক্ষকেই জানে।

১০) মার্ক্সবাদৰ সম্পর্কে লিখাৰ অধিকাৰ যদি শাৰীৰিক শ্রম নকৰা কমিউনিষ্ট বুদ্ধিজীৱিসকলৰ নাই; তেনেহলে সেই একেটাই অধিকাৰ  মার্ক্সবাদবিৰোধী বুদ্ধিজীৱিসকলে কত পালে? যি কি নহওঁক, আলোচনাই এনে নিম্নস্তৰ পালেগৈ সি কেতিয়াও সার্থক গতি লাভ কৰিব  নোৱাৰে। সন্দিকৈৰ কলমত এনে স্থূল যুক্তি দেখি আমি সঁচাকৈয়ে দুখ পাইছোঁ।


১১)আমেৰিকাৰ বিশ্ব-শ্রেষ্ঠত্বৰ কাৰণ মার্ক্সবাদহীনতাও নহয়, গণতন্ত্রও নহয়। এইবিষয়ে দীঘলীয়া আলোচনাৰ প্রয়োজনীয়তা আছে। পিছে আমি আন এটা কথাতহে স্তম্ভিত হৈছোঁ। সন্দিকৈয়ে চিংগাপুৰৰ নাম লৈছে। চিংগাপুৰৰ গণতন্ত্রহীনতা আৰু মানৱ অধিকাৰ খর্বৰ কাহিনীৰ কথা কোনে নেজানে? দেশখনত সমস্ত বিকাশ গণতন্ত্রহীন এক পৰিস্থিতিৰ মাজেৰেই সম্পন্ন কৰা হৈছিল। এয়াই যদি সন্দিকৈৰ মধ্যমপন্থাৰ উদাহৰণ হয়, এনে গণতন্ত্রহীন মধ্যমপন্থী আমি নহবলৈকে যত্ন কৰিম।

1 comment:

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...