Wednesday, December 20, 2023

এন্টোনিও নেগ্রিলৈ শ্রদ্ধাঞ্জলি

এই সপ্তাহটোত ৯০ বছৰ বয়সত মৃত্যু হোৱা এন্টোনিও নেগ্রি আছিল ১৯৬০ আৰু ১৯৭০ দশকৰ ইটালীৰ সামাজিক-ৰাজনৈতিক বিস্ফোৰণে সৃষ্টি কৰা আটাইতকৈ প্ৰভাৱশালী মাৰ্ক্সবাদী চিন্তাবিদ।

ইউৰোপৰ প্রসংগত পৰ্তুগীজ বিপ্লৱৰ উদাহৰণটো বাদ দিলে, ইটালীতেই এই সময়ছোৱাৰ সামাজিক সংগ্রামবিলাক শীর্ষ স্থানত উপনীত হৈছিল বুলি কব পৰা যায়। ১৯৬৯ চনৰ উষ্ম শৰৎকালচোৱাত ছাত্ৰ বিদ্ৰোহৰ সৈতে এলানি স্বতঃস্ফূর্ত শ্রমিক ধর্মঘটৰ মিলন ঘটিছিল। শ্ৰমিক শ্রেণী আৰু ছাত্ৰ সমাজৰ  ক্রমবর্ধমান ৰেডিকেল কার্যকলাপে সমগ্র ইউৰোপৰে সর্ববৃহৎ উগ্র বাওঁপন্থী শক্তিটোৰো জন্ম দিছিল।

 

এনে সন্ধিক্ষণৰ আগজাননী দিয়া বাওঁ যুৱ-বুদ্ধিজীৱীৰ এটা গোটৰ অন্যতম সদস্য আছিল নেগ্রি। এই যুৱ চামটোৱে সেই সময়ৰ সংস্কাৰবাদী কমিউনিষ্ট তথা সমাজবাদী দলসমূহৰ মাজত চলমান  জড়ীভূত মাৰ্ক্সবাদৰ গলিত অৰণ্য পৰা ওলাই আহিবলৈ যৎপৰনাস্তি কৰিছিল।

 

সেই সময়ৰ আন এজন প্রধান মার্ক্সবাদী মাৰিঅট্ৰণ্টিয়ে তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ ৱৰ্কাৰছ এণ্ড কেপিটেল”(১৯৬৬) খনত তেওঁৰ শ্ৰমিকবাদ”(workerism)শীর্ষক ধাৰণাটোৰ প্রাথমিক সূত্রখিনি বিকশিত কৰিছিল। তেওঁ লিখিলে, “আমিও আদিতে পুঁজিবাদী বিকাশক প্রথম আৰু শ্ৰমিক শ্রেণীক দ্বিতীয় বুলি গণ্য কৰিছিলো তেওঁ লগতে লিখিলে এয়া ভুল আছিল। এতিয়া আমি প্রশ্নটোক মূৰত ধৰি ঘূৰাই পেলাব লাগিব, দৃষ্টি সলনি কৰিব লাগিব, আৰু প্রাথমিক নীতিবিলাকৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব, অৰ্থাৎ শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ পৰা আৰম্ভ কৰিব লাগিব... পুঁজিবাদী বিকাশ হৈছে শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ অধীনস্থ।

 

এজন একাডেমিক লেও নেগ্ৰিয়ে ভেনিচৰ ওচৰৰ পৰ্টো মাৰ্ঘেৰাৰ ৰাসায়নিক কাৰখানাবিলাকত শ্রমিকবাদ প্রতিষ্ঠাৰ বাবে কাম-কাজ কৰিছিল। তেওঁ কেইবাটাও বিপ্লৱী সংগঠন গঢ়ি তোলাত সহায় কৰিছিল।

 

কিন্তু ১৯৭০ চনৰ দ্বিতীয়াৰ্ধত ইটালীৰ শাসক শ্ৰেণীয়ে পৰিস্থিতিটো নিয়ন্ত্রণত আনিবলৈ আৰম্ভ কৰিলে। সেই সময়ত খ্ৰীষ্টান গণতান্ত্ৰিক দলআৰু কমিউনিষ্ট পাৰ্টি মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক বুজাবুজি বাবেও পৰিস্থিতি নিয়ন্ত্রণ কৰাত সুবিধা হৈছিল। ইফালে উগ্ৰ সোঁপন্থী আৰু আৰক্ষী/ ইন্টেলিজেঞ্চ বিভাগত থকা সিহঁতৰ বন্ধুবিলাকেও হিংসাত্মক উত্তেজনা বৃদ্ধিৰ নীতিগ্ৰহণ কৰিছিল।

 

ইয়াৰ প্রতিক্রিয়া হিচাপে উগ্র বাওঁপন্থীসকলৰ কিছুসংখ্যকে স্বয়ং সংগঠিত শ্ৰমিক শ্ৰেণীটোকেই বিপ্লৱৰ পথত বাধা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিলে। নেগ্রিও তেওঁলোকৰ মাজত এজন আছিল।  আন কিছুমানে সন্ত্ৰাসবাদক আকোঁৱালি ললে। ইয়াৰ ফলাফল হিচাপে শেহত ১৯৭৮ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী আলডো মৰোক অপহৰণ আৰু হত্যা কৰা হল। নেগ্রিকো এই ঘটনাৰ বাবে অভিযুক্ত কৰা হল আৰু ৩৪ বছৰৰ কাৰাদণ্ড দিয়া হল। তেওঁ এৰা-ধৰাকৈ কেইবাবছৰো কাৰাগাৰত থকাৰ লগতে ফ্ৰান্সতো ১৪ বছৰৰ বাবে নিৰ্বাসনত কটালে। অৱশেষত ২০০৩ চনত তেওঁক মুকলি কৰি দিয়া হল।

 

তেতিয়ালৈকে সমগ্র বিশ্বৰ বিভিন্ন দেশলৈ নেগ্ৰীৰ পাঠকৰ সংখ্যা বৃদ্ধি পাইছিল। কাৰাগাৰৰ পৰাই আমেৰিকাৰ সমালোচক-তত্ত্ববিদ মাইকেল হাৰ্ড্টৰ সৈতে মিলি তেওঁ এম্পায়াৰ”(সাম্রাজ্য) গ্রন্থখন লিখিলে। ইয়াৰ জৰিয়তে তেওঁলোকে নব্বৈৰ দশকৰ সময়ছোৱাৰ  নব্য উদাৰবাদী বিশ্বায়নৰ এক মাৰ্ক্সবাদী বিশ্লেষণ আগবঢ়ালে। ১৯৯৯ চনৰ নৱেম্বৰ মাহত ছিয়াটলত বিশ্ব বাণিজ্য সংস্থা শীৰ্ষ সন্মিলনৰ বিৰুদ্ধে হোৱা গণ প্ৰতিবাদ তথা নতুন পুঁজি-বিৰোধী আন্দোলনৰ উত্থানৰ কিছু সময়ৰ পিছতে (অর্থাৎ ২০০০ চনত) এই গ্রন্থখন প্রকাশ পাইছিল।

 

এই দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা আন্দোলনটোৰ কৰ্মীসকলৰ মাজত এম্পায়াৰগ্রন্থখনে বিপুল প্ৰভাৱ পেলালে।  এই আন্দোলনটোৰ উচ্চ বিন্দু আছিল ২০০৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ইৰাক আক্ৰমণৰ বিৰুদ্ধে হোৱা বিশাল বিশ্বব্যাপী প্ৰতিবাদ।

 

এম্পায়াৰগ্ৰন্থখনৰ বৈশিষ্ট্য হৈছে - ১৯৬০ আৰু ১৯৭০ৰ দশকত বিকশিত হোৱা এক জংগী মার্ক্সবাদী ফ্রেমৱর্কৰ জৰিয়তে নতুনকৈ বিকশিত হব ধৰা সংগ্ৰামসমূহক  বুজিবলৈ চেষ্টা কৰিছিল। এই গ্রন্থখন শেষ হৈছে এক উমাল আশাবাদৰ সৈতে - কোনো শক্তিয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিপ্লৱ ...এয়াইতো হৈছে কমিউনিষ্ট হোৱাৰ অদমনীয় লঘুতা(irrepressible lightness) আৰু আনন্দ।

 

১৯৮৯ চনত বাৰ্লিন ৱালৰ পতনৰ পাছত মাৰ্ক্সৰ চিন্তাধাৰাক চবেই নস্যাৎ কৰাৰ সময়তেই হাৰ্ড্ট আৰু নেগ্ৰিয়ে মার্ক্সৰ প্রাসংগিকতা সুন্দৰকৈ প্রকাশ কৰিছিল। কিন্তু এম্পায়াৰআৰু তাৰ পাছৰ দুখন গ্রন্থ মাল্টিটুড (২০০৪) আৰু কমনৱেলথ” (২০১০) এই আটাইকেওখন গ্রন্থৰে দুটা গুৰুতৰ সমস্যা আছিল।

 

প্ৰথম - হাৰ্ড্ট আৰু নেগ্ৰীয়ে যুক্তি দিছিল যে সাম্ৰাজ্যবাদৰ অন্ত পৰিছে।তেওঁলোকে কব বিচাৰিছিল যে পুঁজিবাদে জাতি-ৰাষ্ট্ৰক অতিক্ৰম কৰি সম্প্রতি এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক শক্তিলৈ পৰিণত হৈছে। পুঁজিৰ বিশ্বায়নৰ ফলত সাম্ৰাজ্যবাদী শক্তিসমূহৰ মাজত ভূ-ৰাজনৈতিক প্ৰতিযোগিতাৰ এক নতুন যুগ আহিব বুলি অনুমান কৰাত তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। সম্প্রতি এনে এক যুগতেই আমি বাস কৰি আছোঁ, আৰু তাৰ ফলাফলো ভূগি আছোঁ।

 

দ্বিতীয়তে, হাৰ্ড্ট আৰু নেগ্ৰিয়ে যুক্তি দিছিল যে শ্ৰমিক শ্ৰেণীৰ ঠাই এতিয়া আকাৰহীন বহুত্ব (মাল্টিটুড) দখল কৰিছে; অর্থাৎ এনে অনেক বৈচিত্রময় সত্ত্বা যাক সম্প্রতি পুঁজিয়ে অবদমন কৰি ৰাখিছে। নব্য উদাৰবাদী যুগত শ্ৰমিক শ্ৰেণীৰ মাজত কেনে নতুন নতুন পৰিৱৰ্তন আহিছে এই বিষয়ে হাৰ্ড্ট আৰু নেগ্ৰিয়ে নিশ্চয়কৈ অনেক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু তেওঁলোকে এই দিশটো বুজাত ব্যর্থ হল যে আজিও পুঁজিবাদ কিন্তু মজুৰি-শ্ৰমৰ শোষণৰ ওপৰতেই নিৰ্ভৰশীল।

 

২০০৩ চনৰ অক্টোবৰ মাহত পেৰিছত অনুষ্ঠিত হোৱা ইউৰোপিয়ান চচিয়েল ফৰাম মোৰ আৰু এন্টনিৰ মাজত এই প্রশ্নবোৰ লৈয়েই এলানি বিতর্ক( debate) হৈছিল। তাৰ মাত্র কিছুদিন পূর্বে তেওঁ জেলৰ পৰা মুক্ত হৈ আহিছিল। তেওঁ এজন সুদক্ষ বক্তা আছিল, আৰু ব্যক্তিগত স্তৰত তেওঁ আছিল এজন নিতান্তই মিতভাষী তথা বিনয়ী মানুহ। কিন্তু তেওঁৰ ৰাজনৈতিক দৃঢ়তা আছিল পাহাৰসম, যি তেওঁক কাৰাগাৰৰ একাকীত্বৰ পৰা মুক্ত কৰি সাম্প্রতিক কালৰ অন্যতম চিন্তাবিদলৈ পৰিণত কৰিলে, যি একবিংশ শতিকাতো মার্ক্সবাদৰ প্রাসংগিকতা সুনিশ্চিত কৰি্লে।

 

মূলঃ এলেক্স কালিনিক

অনুবাদঃ ময়ূৰ চেতিয়া



Saturday, November 25, 2023

ছিকিমৰ নদীবান্ধ, বানপানী আৰু স্থানীয় ৰাইজৰ বিৰোধিতা

 সাম্প্রতিক প্রতিবেদন

 মূলঃ বৈষ্ণৱী ৰাঠোড়

মূল প্রকাশন - https://scroll.in/article/1057269/ticking-time-bombs-sikkim-floods-a-reminder-of-why-locals-opposed-dams-in-the-himalayas-for-years

চাৰি অক্টোবৰ ২০২৩ চনপুৱতি নিশা, ছিকিমৰ উত্ত অঞ্চল। হঠাৎ অহা এক বানপানীয়ে ছিকিমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প ১২০০ মেগাৱাট শক্তিৰ তিস্তা তৃতীয় উটুৱাই লৈ গ’ল। নামনিগেংটক, নামচি আৰু পাকয়ং জিলা ই ভীষণ তাণ্ড সৃষ্টি কৰিলে৮ অক্টোবৰৰ সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু ১০৫ জন নিৰুদ্দেশ হৈছে।

ছিকিমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই দুৰ্যোগক অপ্ৰত্যাশিত প্ৰাকৃতিক দুৰ্যোগবুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, হঠাতে হোৱা এই বিপর্যয়কাণ আছিল দক্ষিণ লোনাক হিমবাহ (গ্লেচিয়েল) হ্ৰদত হোৱা অতিৰিক্ত বৰষুণ তথা হ্ৰদটোত সৃষ্টি হোৱা এক বিস্ফোৰ বান (জিএলঅএফ)জিএলঅএফ তেতিয়া সৃষ্টি হয়, যেতিয়া গলিবলৈ ধৰা হিমবাহবিলাকে হ্রদসীমা অতিক্রম কৰেহঠাতে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত, বা ভূমিস্খলনৰ পাছত প্রাকৃতিক মঠাউৰিবিলাক ক্ষতিগ্রস্ত হলে এনে জিএলঅএফ সৃষ্টিব পাৰে।

ছিকিমত ৬৯৪টা হিমবাহ হ্ৰদ আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ৫২০০ মিটাৰ উচ্চতাত অৱস্থিত দক্ষিণ লোনাক হ্রদটোক ২০২১ চনতেই এক বৈজ্ঞানিক অধ্যয়নে উচ্চ বিস্ফোৰণৰ সম্ভাৱনাযুক্ত বিপজ্জনক হ্রদবুলি চিনাক্ত কৰিছিল।  ইয়া লগতে অন্যান্য টা বিপদজনক হ্ৰদকো চিনাক্ত কৰা হৈছিল।

পিছে স্থানীয় পৰিৱেশ বিশেষজ্ঞ তথা কর্মীসকলে আঙুলিয়াই দিছে যে হিমবাহ হ্ৰদটোৰ বিস্ফোৰবানপানীয়ে সৃষ্টি ৰা  ক্ষতিৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰা কাণটো হৈছে তিস্তা নদীৰ অৱবাহিকাত ধাৰাবাহিকভাৱে নির্মাণ কৰা এলানি নদীবান্ধ। হ্ৰদটোৰ পৰা নিৰ্গত হোৱা বানপানীয়ে নামনিৰ তিনিটা বান্ধৰ গাঁথনি ধ্বংস কৰি সিবিলাকৰ জলাশয়ত জমা হৈ থকা পানী মুকলি কৰি দিলে, যাৰ ফলত বানপানী আৰু ক্ষতিৰ পৰিমাণ বহুগুণে অধিক ভয়াৱহ হৈ পৰি

ৰিবেশ কৰ্মীসকলে এইবুলিও অভিযোগ কৰিছে যে ছিকিমৰ দৰে ভূমিকম্প-প্ৰৱণ অঞ্চলত  নদীবান্ধ নিৰ্মাণ কৰাটো বিপজ্জনক বুলি তেওঁলোকে বহুবা কৰ্তৃপক্ষক সকীয়াই দিছিল ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ২০২০ চনৰ এক প্ৰতিবেদনত হিমালয় অঞ্চলৰ সম্ভাৱ্য জটিল হ্ৰদসমূহৰ তুলনা কৰাৰ সময়ত উল্লেখ কৰিছিল যে জলবিদ্যুতৰ প্ৰতি ভাবুকি ছিকিম সৰ্বাধিকচৰকাৰে ভালকৈয়ে জানিছিল যে তিস্তা নদীত নিৰ্মাণ কৰা নদীবান্ধসমূহলৈ দক্ষিণ লোনাক হ্ৰদে বিপদ কঢ়িয়াই আনিব পাৰে

স্থানীয় নাগৰিক গোট  “এফেক্টেড চিটিজেন̖̖̖ তিস্তাৰ সদস্য তথা জংগুৰ (Dzongu) বাসিন্দা মায়ালমি লেপচাই এই প্রতিবেদকক কয় যে আমি দীৰ্ঘদিন ধৰি তিস্তাবুকুত ধাৰাবাহিকভাৱে বান্ধ নিৰ্মাণৰ বিৰোধিতা ৰি আহিছিলোঁ তিস্তা তৃতীয়ৰ জলাশয়ত ইতিমধ্যেই বহু টন পানী আছিল, ৰু ফলত যেতিয়া হঠাৎ বান আহিল, ই বহু অধিক বেগ লাভ কৰিলে”।

কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই স্বীকাৰ কৰিছে যে বর্তমান বানপানীটোক্ষেত্রত নদীবান্ধসমূহে ক্ষতি বহু অধিক কৰি পেলালেএই প্রতিবেদকক তেওঁ কয় যদি ধাৰাবাহিকভাৱে বহুকেইটা বান্ধ থাকে, তেন্তে নামনিত ই তাৎক্ষণিক বান ক্ষেত্রত বহুবর্ধিত প্রভা (cascading effect) সৃষ্টি কৰে

এই প্রতিবেদকক সংশ্লিষ্ট চকাৰী বিষয়াসকলে জনাইছে যে ভৱিষ্যতে এনে দুৰ্যোগ ৰোধ কৰিবলৈ হিমবাহযুক্ত হ্ৰদবিলাকৰ অধিক ফলপ্ৰসূ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছেকিন্তু পৰিৱেশ বিশেষজ্ঞসকলে কয় যে কথা এইখিনিতে শেষ নহয়ছিকিমৰ জল প্রশাসনৰ বিষয়ে চাৰি বছৰ ধৰি অধ্যয়ন কৰা নেদাৰলেণ্ডস্থিত আই এইচ ই ডেলফ্ট নামৰ জল শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা অমিতাংশু আচাৰ্যই জনাইছে যে “আমি জানো যে হিমালয় অঞ্চলত টেকটনিক কাৰ্য্যকলাপ চলি থাকেআমি জানো যে ইয়াৰ নদীবোৰেও বিপুল পৰিমাণৰ গেদ কঢ়িয়াই লৈ ফুৰে। আমি জানো যে হিমালয় অঞ্চলত ঐতিহাসিকভাৱে বহুতো ডাৱৰ বিস্ফোৰণ ঘটিছে নে অনিশ্চয়তাবিলাকৰ বিষয়ে চৰকাৰে ভালকৈয়ে জানে বুলিও আচাৰ্যই কয়। তেনেস্থলত আমি কিয় এই নদীবান্ধবিলাক নিৰ্মাণ কৰিছো, যিবোৰে নদীৰ তলত মাইনফিল্ডৰ ৰূপ লৈছে? এইবিলাক যিকোনো মুহূর্ততে ফুটিব পৰা বোমা বুলিয়েই কব লাগিব”।

কিয় নদীবান্ধবিলাকে পৰিস্থিতি বহু অধিক শোচনীয় কৰি পেলালে?

বৰ্তমান ছিকিমৰ তিস্তা অৱবাহিকাৰ বুকুত পাঁচটা জলবিদ্যুৎ প্ৰকল্প আছেইয়াৰ বাহিৰে১৫টা বান্ধ নির্মান হবলৈ গৈ আছে তথা ২৭টা সম্পর্কে গুনাগথাঁ চলি আছে। অক্টোবৰৰ বানপানীত এনে তিনিটা বান্ধ ক্ষতিগ্রস্ত হৈছে বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ২০১৭ চনত আৰম্ভ হোৱা “তিস্তা তৃতীয় পর্যায়” প্ৰকল্পটোৱে সর্বপ্ৰথমে বানৰ আঘাত বহন কৰিব লগা হয় আৰু ই নিমিষতে জাহ যায়নামনিৰ ফালে আছিল তিস্তা পঞ্চম, যাৰ দলংবিলাক আৰু বিদ্যুৎ কেন্দ্ৰ পানীত ডুব গল। ইয়াৰ পিছত নিৰ্মাণৰত ৫০ মেগাৱাটৰ তিস্তা ষষ্ঠলৈ বান পানী নামি আহিল আৰু বান্ধ দলং তথা শক্তিকেন্দ্ৰ বুৰাই পেলোৱাৰ লগতে ই দুখন ক্ৰেন নিঃচিহ্ন কৰিলে

তিস্তা তৃতীয় আছিল এ ৰান অৱ দ্য ৰিভাৰ প্ৰকল্প, যি নদীৰ প্রবাহক উচ্চ বিন্দুৰ পৰা নমাই আনি গতিশক্তি সৃষ্টি কৰি টাৰ্বাইন ঘূৰোৱাৰ বাবে তাক ব্যৱহাৰ কৰে। এনে বান্ধত জলাশয় ব্যহাৰা নহয়। তথাপিও বান্ধটো ওচ ৫০.৮ মিলিয়ন ঘনমিটাৰ যুক্ত জলাশয়ৰ ক্ষমতা আছিল।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উত্ত পূর্বাঞ্চল বিষয়ক বিশেষ অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক বিমল খাৱাছে কয় যে,  “বান্ধটোৰ জলাশয়ত ইতিমধ্যে পানী আছিল, আৰু যেতিয়া হ্ৰদটো বিস্ফোণ ঘটিল, তেতিয়া নদী বুকুৱেদি পানীৰ লগতে গেদ তথা ধ্বংসাৱশেষ নামি আহিলকাজেই বান্ধটোৱে পানী  ধৰি ৰাখিব নোৱাৰিলে খাৱাছে পূব হিমালয়ৰ জলবিদ্যুৎ আৰু দুৰ্যোগৰ বিষয়ক কাম কৰি আহিছে, তথা ইয়াৰ পূৰ্বে ছিকিম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছে।

বান্ধৰ দৰে আন্তঃগাঁথনিয়ে নদী পথত বাধা সৃষ্টি কৰে;  আনহাতে পূর্বে উপত্যকাৰ মাজেৰে বৈ যোৱা বানপানীৰ বাবে পথত বাধা নাছিল বুলি খাৱাছে কয়। তেওঁ মতে ধাৰাবাহিকভাৱে বান্ধ নির্মান কৰাৰ উপৰিও তেনেই নদী বুকু কাষতে মানুহে বসতি স্থাপন কৰা ফলতো পানীৰ সোঁতত বাধাৰ সৃষ্টি হৈছে। ছিকিম ইয়াৰ পূৰ্বেও জিএলঅএফৰ দেখা গৈছিল যদিও আগতে ক্ষতি বেছ সীমিত আছিল বুলিও তেওঁ কয়। খাৱাছৰ মতে জলবিদ্যুৎ শক্তিয়ে নিশ্চিতভাৱে দুৰ্যোগটোক সৰ্বাধিক কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছেখাৱাছে কয়,  “আমি হয়তো জিএলঅএফ আৰু ডাৱৰ বিস্ফোৰণক প্ৰাকৃতিক বুলি কব পাৰো, কিন্তু বান্ধটো ভাঙি যোৱাৰ পিছত যি দুৰ্যোগ হৈছে সেয়া সম্পূৰ্ণৰূপে মানুহৰ দ্বাৰা নিৰ্মিত

তিস্তাৰ আক্ৰান্ত নাগৰিকসকলৰ প্রতিনিধি লেপচাই কয় যে তেওঁলোকে ছিকিম উচ্চ ন্যায়ালয়ত বান্ধৰ বিৰোধিতা কৰি আবেদন দিছিলকিন্তু ২০১০ চনত আদালতে বিষয়টো খাৰিজ কৰি কলে যে প্ৰকল্প কৰ্তৃপক্ষই পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন তথা বন নিষ্কাশন (forest clearance) লাভ কৰাৰ দৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

সতর্কবাণী আওকাণ

২০০৩ চনৰ পৰা ২০২১-ৰ সময়ত ছিকিমৰ হিমবাহ হ্ৰদবিলাকৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে কেইবাটাও প্ৰচেষ্টা চলোৱা হৈছিলএনে সকলো তথ্য-পাতিতে দক্ষিণ লোনাকক বিস্ফোৰণৰ আশংকা থকা হিমবাহ হ্ৰদ হিচাপে চিনাক্ত কৰা হৈছিল।

ইয়াএটা প্রধান কাৰণ আছিল হ্রদটো দ্ৰুত বৃদ্ধিৰ হাৰ। গলিত হিমবাহৰ বাবে ১৯৭৭-২০০৮ সময়ছোৱাত হ্রদটো আয়তন ছয় গুণ বৃদ্ধি পায় (১৭ হেক্টৰৰ পৰা ৯৯ হেক্টৰলৈ) পাকয়ং জিলাৰ জিলা উপায়ুক্ত টাছি চপেলে জনায় যে “শেহৰবাৰলৈ আমি হ্রদটো ছেপ্টেম্বৰ মাহত পৰিদর্শন কৰিছিলোঁ। তেতিয়া তাৰ আকাৰ আছিল ১৬৫ হেক্টৰ”

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহবিলাক গলা গতিও বৃদ্ধি পাইছে। ১৯৬০ চনৰ পৰা ২০০০ চনৰ ভিতৰত ছেটেলাইটৰ চিত্ৰৰ ভিত্তিত হিমালয়ে ১৩% হিমবাহযুক্ত এলেকা হেৰুৱাই পেলাইছে বুলি অনুমান কৰা হৈছে এই অঞ্চলবিলাক জলবায়ু পৰিৱৰ্তনৰ ফলত ভীষণ সংবেদনশীল অঞ্চললৈ পৰিণত হৈছে

২০২১ চনত জলসম্পদ সম্পৰ্কীয় স্থায়ী সমিতিৰ এখন বৈঠকত দক্ষিণ লোনাক হ্ৰদৰ বিস্ফোৰণে জলবিদ্যুৎ প্ৰকল্পবিলাকক ক্ষতিসাধন কৰিব পৰাৰ সম্ভানা বিষয়ক কিছু কথা উত্থাপন কৰা হৈছিলতাত কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন আৰু গংগা চাফাইকৰণ বিভাগৰ এজন প্ৰতিনিধিয়ে লক্ষ্য কৰিছিল যে “হিমবাহ হ্ৰদবিলাকে হিমালয়ৰ উচ্চ অঞ্চলত নিৰ্মাণ হৈ থকা সকলো জলবিদ্যুত প্ৰকল্পৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে”

নাম প্রকাশত অনিচ্ছুক কেন্দ্ৰীয় জল আয়োগ বিভাগৰ বিষয়াগৰাকীয়ে এইবুলিও কয় যে এই হিমবাহ হ্রদবিলাকে আনিব পৰা বিপদ সম্পর্কে প্ৰকল্প নিৰ্মাতাসকল ভালকৈয়ে জ্ঞাত আছিল। বিষয়াগৰাকীয়ে লগতে কয় যে ডেভেলপাৰসকলে এনে হিমবাহ হ্ৰদে সৃষ্টি কৰিব পৰা প্ৰভাৱৰ হিচাপ কৰে, আৰু সম্ভাৱ্য ক্ষতিৰ বাবে যথোপযুক্ত ব্যস্থাও গ্রহণ কৰে। এই সজাগতাৰ ভিত্তিতেই তেওঁলোকে বান্ধৰ ডিজাইন কৰে বুলিও তেওঁ কয়।

কিন্তু, বান্ধটোৰ পৰিৱেশ প্ৰভাৱ মূল্যায়ন(environmental impact assessment) সময়ত তিস্তা উর্জা লিমিটেড নাম সংশ্লিষ্ট চৰকাৰী নিগমটোৱে (যাক পাছলৈ ছিকিম উর্জা লিমিটেড নাম দিয়া হল) এই বিপদসমূহ অন্তৰ্ভুক্ত কৰা নাছিল।

২০০৬ চনত তিস্তাৰ আক্ৰান্ত নাগৰিকসকলে  ৰাষ্ট্ৰীয় পৰিৱেশ আপীল কৰ্তৃপক্ষ(বর্তমানে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ) ওচত আবেদন দাখিল কৰিছিল। আবেদনকাৰীসকলে যুক্তি দিছিল যে তিস্তা তৃতীয়ৰ বাবে কৰা পৰিৱেশ প্ৰভাৱৰ মূল্যায়নত ভূমিকম্প আৰু জিএলঅএফৰ দৰে কোনো প্রাকৃতিক বিপদৰ মূল্যায়ন অন্তৰ্ভুক্ত কৰা হোৱা নাই, যদিও প্ৰকল্পটো নির্মাণ কৰা হৈছে পূব হিমালয় অঞ্চলত, য’ত  বহুতো পৰিৱেশমূলক বিপদ থকাৰ বিষয়ে জনা যায়।

আমি তীব্ৰ বেগত হিমবাহ গলি যোৱাৰ বিষয়টো উত্থাপন কৰি আহিছিলো আৰু আশংকা কৰিছিলো যে যিকোনো মুহূর্ততে সিবিলাক ফাটিব পাৰে” - বিগত ১৭ বছৰ ধৰি অঞ্চলটোত জলবিদ্যুৎ বিকাশৰ বিৰোধিতা কৰি অহা আন্দোলনৰ সদস্য লেপচাই কয় আমি কৈছিলোঁ যে যদি তেনেকুৱা হয়, তেন্তে তিস্তাত নিৰ্মাণ কৰা ধাৰাবাহিক বান্ধৰ ফলত ই বিধ্বংসী ৰূপ ধাৰণ কৰিব। এতিয়া দুৰ্ভাগ্যজনকভাৱে সেয়াই হ’ল - লেপচাই কলে।

ইয়াৰ পূৰ্বেও ২০১১ চনৰ ছেপ্টেম্বৰ মাহত অহা ৬.৯ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পৰ ফলত তিস্তা তৃতীয় জলপ্ৰকল্পটো ক্ষতিগ্রস্ত হৈছিল। ভূমিকম্পটোৱে ১১৯৬ টা নতুন ভূ-স্খলন সৃষ্টি কৰিছিলউপগ্ৰহৰ ছবি ব্যৱহাৰ কৰি বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিছিল যে এই ভূমিস্খলনে অঞ্চলটোৰ কেইবাটাও পথ তথা জল প্ৰকল্পত ভয়াৱহভাবে প্ৰভাৱ পেলালেভূমিকম্পৰ ফলত তিস্তা তৃতীয় জল প্ৰকল্পত কর্মৰত ১৬ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ উপৰিও অনেকবোৰ চৰকাৰী অট্টালিকা, শ্ৰমিকৰ কলনি, তম্বু আৰু পথৰ ক্ষতিসাধন হৈছিল

লেপচাই কয়, “তেতিয়া ডেভেলপাৰসকলে ভালকৈয়ে জানিছিল যে তেওঁলোকে বান্ধটো ভূমিকম্প-সংবেদনশীল অঞ্চলত বনাইছে য়াৰ ফলত কি কি ক্ষতি হব পাৰে, সেয়াও তেওঁলোকে জানিছিল। তথাপিও তেওঁলোকে কাম অব্যাহত ৰাখিলে” “আজি তামূল্য বহন কৰিছোঁ আমি, ইয়াত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীবিলাকে

এই প্রতিবেদকে  বহুবাৰ ছিকিম উৰ্জা লিমিটেডৰ কাৰ্যালয়ত মন্তব্যৰ বাবে ফোন কৰিছিল যদিও কোনো বিষয়াৰ মন্তব্য লাভ কৰিব পৰা নগল।

এই বিপদজনক কাৰকসমূহৰ উপস্থিতি স্বত্তেও বান্ধনির্মাণ হৈছে আজি দিনত এক লাভজনক ব্যৱসায়অঞ্চলটোত নিতৌ এনে নিৰ্মাণ চলিয়েই আছেআচার্যই মতে, “নদীবান্ধসমূহ হৈছে ব্যক্তিগত পুঁজিৰ বাবে স্পঞ্জ(sponge) স্বৰূ বান্ধ নির্মানৰ বাবে দীৰ্ঘ সময় প্রয়োজনীয় হোৰ বাবে ব্যক্তিগত বিনিয়োগকাৰীসকলে দীৰ্ঘম্যাদী বিনিয়োগ কৰি উচ্চ হাৰত ৰিটার্ণ লাভ কৰিবলৈ সক্ষম হয় এইবাবেই অঞ্চলটোত আজি ইমানবিলাক অধিক বান্ধ নির্মাণ হৈছে; আমাৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে সিবিলাক নির্মিত হোৱা নাই

হিমবাহ হ্রদবিলাকৰ নিৰীক্ষণৰ প্রশ্ন

গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে ছিকিমত জিএলঅএফৰ বিপদৰ ওপৰত আলোকপাত কৰা কেইবালানি প্ৰতিবেদনৰ পিছতো পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ লোৱা হোৱা নাছিল।

অজিম প্রেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিমাংশু উপাধ্যায়ে আঙুলিয়াই দিছে যে হিমালয় অঞ্চলৰ হিমবাহ হ্ৰদ বিষয়ক প্রথমটো হিচাপত দেখা হৈছিল যে ২০০০ৰো অধিক এনে হ্ৰদ আছে, যাৰ আকাৰ ১০ হেক্টৰতকৈ অধিককিন্তু ২০১৭ চনৰ নিয়ন্ত্ৰক আৰু নিৰীক্ষকৰ(Comptroller and Auditor) এক প্ৰতিবেদনত দেখা গল যে ২০১১ চনৰ পৰা ইয়াৰে মাত্ৰ ৪৭৭ টা হ্রদৰহে নিৰীক্ষণ কৰি থকা হৈছে

ছিকিমৰ দক্ষিণ লোনাক হ্ৰদটো ২০১৬ চনৰ পৰাই নিৰীক্ষকসকলৰ ৰাডাৰত আছিল, যেতিয়া পানীৰ স্তৰ নিৰীক্ষণ কৰিবলৈ এটা চেন্সৰ লগোৱা হৈছিল, তথা অতিৰিক্ত পানী আঁতৰাবলৈ পাইপ স্থাপন কৰা হৈছিলচলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকয়ঙৰ জিলা উপায়ুক্ত চপেল দক্ষিণ লোনাক হ্ৰদটোৰ জৰীপ কৰা বহুবিশেষজ্ঞ দলৰ অংশ আছিল।

দলটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ভাৰতীয় ভূতাত্ত্বিক জৰীপ, চুইছ এজেন্সী ফৰ ডেভেলপমেণ্ট এণ্ড কঅপাৰেশ্যন আদিৰ বিষয়াসকল আছিল।

চপেলে জনাই যেতেওঁলোকে এটা অল ৱেদাৰ ষ্টেচন স্থাপন কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আগতীয়া সতৰ্কবাণী ব্যৱস্থা এটা স্থাপন কৰিবলৈ ওলাইছিল”দুৰ্ভাগ্যজনকভাৱে তাৰ আগতেই হ্ৰদটোত বিস্ফোৰণ হ’ল।তেওঁ স্বীকাৰ কৰে যে যদিও অতিৰিক্ত পানী আঁতৰোৱাৰ কামটো চলি আছিল, তথাপিও হঠাৎ হোৱা দুৰ্যোগ ৰোধ কৰিব পৰাকৈ ই ফলপ্ৰসূ নাছিল।

যিহেতু নিৰীক্ষণৰ বহুখিনি কাম ছেটেলাইটৰ চিত্ৰৰ জৰিয়তে কৰা হয়, সেয়েহে কেৱল spatial monitoringহে সম্ভৱপৰ আছিল। এই spatial monitoringয়ে হ্ৰদটোৰ আকাৰ মাথো পৰীক্ষা কৰে।কেন্দ্ৰীয় জল আয়োগৰ বিষয়াগৰাকীয়ে কয়, “সদ্যহতে আমাৰ হাতত ৰিয়েল টাইম মনিটৰিং কৰিব পৰা প্ৰযুক্তি নাই” তেওঁ কয় যে ডাটাৰ নিৰীক্ষণ মাহেকীয়া ভিত্তিত কৰা হয় আৰু তাৰ পিছত ডাটাখিনি সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে শ্বেয়া কৰা হয়, যেনে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতেবান্ধৰ বিষয়াসকলকো এই বিষয়ে নিয়মীয়াকৈ অবগত কৰাৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে কয় যে এনে কোনো ধৰা-বন্ধা নিয়ম নাই। ই বহুলাংশে এই প্রশ্নটোৰ ওপৰত নির্ভৰ কৰে যে  আমাৰ সৈতে তেওঁলোকৰ যোগাযোগ আছে নে নাই”। মূলতঃ ডাটাবিলাক ৰাজ্যিক কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়, যি তাৰ পাছৰ পদক্ষেপ সম্পর্কে সিন্ধান্ত লয়

অঞ্চলটোৰ ভূগোলৰ সৈতে পৰিচিত লোকসকলে কয় যে নদীবান্ধ আৰু জল প্রশাসনৰ ক্ষেত্ৰত হোৱা ভুলৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাটোৱেই যথেষ্ট নহয়। আচার্যৰ মতে, অপৰ্যাপ্ত নিৰীক্ষণ বিষয়ক আনুষ্ঠানিক স্বীকাৰোক্তিবিলাকে আচলতে এনে এখন ছবি প্রস্তুত কৰিবলৈ যত্ন কৰে যেন তেওঁলোকে বিষয়টো সম্পর্কে অন্ততঃ কিছুমান কাম কৰি আছে”কিন্তু মূল প্রশ্নটো হৈছে - তিস্তাৰ বুকুত ইমানবিলাক নদীবান্ধ আমাক কেলেই লাগে?”

 

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...