Wednesday, December 20, 2023

এন্টোনিও নেগ্রিলৈ শ্রদ্ধাঞ্জলি

এই সপ্তাহটোত ৯০ বছৰ বয়সত মৃত্যু হোৱা এন্টোনিও নেগ্রি আছিল ১৯৬০ আৰু ১৯৭০ দশকৰ ইটালীৰ সামাজিক-ৰাজনৈতিক বিস্ফোৰণে সৃষ্টি কৰা আটাইতকৈ প্ৰভাৱশালী মাৰ্ক্সবাদী চিন্তাবিদ।

ইউৰোপৰ প্রসংগত পৰ্তুগীজ বিপ্লৱৰ উদাহৰণটো বাদ দিলে, ইটালীতেই এই সময়ছোৱাৰ সামাজিক সংগ্রামবিলাক শীর্ষ স্থানত উপনীত হৈছিল বুলি কব পৰা যায়। ১৯৬৯ চনৰ উষ্ম শৰৎকালচোৱাত ছাত্ৰ বিদ্ৰোহৰ সৈতে এলানি স্বতঃস্ফূর্ত শ্রমিক ধর্মঘটৰ মিলন ঘটিছিল। শ্ৰমিক শ্রেণী আৰু ছাত্ৰ সমাজৰ  ক্রমবর্ধমান ৰেডিকেল কার্যকলাপে সমগ্র ইউৰোপৰে সর্ববৃহৎ উগ্র বাওঁপন্থী শক্তিটোৰো জন্ম দিছিল।

 

এনে সন্ধিক্ষণৰ আগজাননী দিয়া বাওঁ যুৱ-বুদ্ধিজীৱীৰ এটা গোটৰ অন্যতম সদস্য আছিল নেগ্রি। এই যুৱ চামটোৱে সেই সময়ৰ সংস্কাৰবাদী কমিউনিষ্ট তথা সমাজবাদী দলসমূহৰ মাজত চলমান  জড়ীভূত মাৰ্ক্সবাদৰ গলিত অৰণ্য পৰা ওলাই আহিবলৈ যৎপৰনাস্তি কৰিছিল।

 

সেই সময়ৰ আন এজন প্রধান মার্ক্সবাদী মাৰিঅট্ৰণ্টিয়ে তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ ৱৰ্কাৰছ এণ্ড কেপিটেল”(১৯৬৬) খনত তেওঁৰ শ্ৰমিকবাদ”(workerism)শীর্ষক ধাৰণাটোৰ প্রাথমিক সূত্রখিনি বিকশিত কৰিছিল। তেওঁ লিখিলে, “আমিও আদিতে পুঁজিবাদী বিকাশক প্রথম আৰু শ্ৰমিক শ্রেণীক দ্বিতীয় বুলি গণ্য কৰিছিলো তেওঁ লগতে লিখিলে এয়া ভুল আছিল। এতিয়া আমি প্রশ্নটোক মূৰত ধৰি ঘূৰাই পেলাব লাগিব, দৃষ্টি সলনি কৰিব লাগিব, আৰু প্রাথমিক নীতিবিলাকৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব, অৰ্থাৎ শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ পৰা আৰম্ভ কৰিব লাগিব... পুঁজিবাদী বিকাশ হৈছে শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ অধীনস্থ।

 

এজন একাডেমিক লেও নেগ্ৰিয়ে ভেনিচৰ ওচৰৰ পৰ্টো মাৰ্ঘেৰাৰ ৰাসায়নিক কাৰখানাবিলাকত শ্রমিকবাদ প্রতিষ্ঠাৰ বাবে কাম-কাজ কৰিছিল। তেওঁ কেইবাটাও বিপ্লৱী সংগঠন গঢ়ি তোলাত সহায় কৰিছিল।

 

কিন্তু ১৯৭০ চনৰ দ্বিতীয়াৰ্ধত ইটালীৰ শাসক শ্ৰেণীয়ে পৰিস্থিতিটো নিয়ন্ত্রণত আনিবলৈ আৰম্ভ কৰিলে। সেই সময়ত খ্ৰীষ্টান গণতান্ত্ৰিক দলআৰু কমিউনিষ্ট পাৰ্টি মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক বুজাবুজি বাবেও পৰিস্থিতি নিয়ন্ত্রণ কৰাত সুবিধা হৈছিল। ইফালে উগ্ৰ সোঁপন্থী আৰু আৰক্ষী/ ইন্টেলিজেঞ্চ বিভাগত থকা সিহঁতৰ বন্ধুবিলাকেও হিংসাত্মক উত্তেজনা বৃদ্ধিৰ নীতিগ্ৰহণ কৰিছিল।

 

ইয়াৰ প্রতিক্রিয়া হিচাপে উগ্র বাওঁপন্থীসকলৰ কিছুসংখ্যকে স্বয়ং সংগঠিত শ্ৰমিক শ্ৰেণীটোকেই বিপ্লৱৰ পথত বাধা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিলে। নেগ্রিও তেওঁলোকৰ মাজত এজন আছিল।  আন কিছুমানে সন্ত্ৰাসবাদক আকোঁৱালি ললে। ইয়াৰ ফলাফল হিচাপে শেহত ১৯৭৮ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী আলডো মৰোক অপহৰণ আৰু হত্যা কৰা হল। নেগ্রিকো এই ঘটনাৰ বাবে অভিযুক্ত কৰা হল আৰু ৩৪ বছৰৰ কাৰাদণ্ড দিয়া হল। তেওঁ এৰা-ধৰাকৈ কেইবাবছৰো কাৰাগাৰত থকাৰ লগতে ফ্ৰান্সতো ১৪ বছৰৰ বাবে নিৰ্বাসনত কটালে। অৱশেষত ২০০৩ চনত তেওঁক মুকলি কৰি দিয়া হল।

 

তেতিয়ালৈকে সমগ্র বিশ্বৰ বিভিন্ন দেশলৈ নেগ্ৰীৰ পাঠকৰ সংখ্যা বৃদ্ধি পাইছিল। কাৰাগাৰৰ পৰাই আমেৰিকাৰ সমালোচক-তত্ত্ববিদ মাইকেল হাৰ্ড্টৰ সৈতে মিলি তেওঁ এম্পায়াৰ”(সাম্রাজ্য) গ্রন্থখন লিখিলে। ইয়াৰ জৰিয়তে তেওঁলোকে নব্বৈৰ দশকৰ সময়ছোৱাৰ  নব্য উদাৰবাদী বিশ্বায়নৰ এক মাৰ্ক্সবাদী বিশ্লেষণ আগবঢ়ালে। ১৯৯৯ চনৰ নৱেম্বৰ মাহত ছিয়াটলত বিশ্ব বাণিজ্য সংস্থা শীৰ্ষ সন্মিলনৰ বিৰুদ্ধে হোৱা গণ প্ৰতিবাদ তথা নতুন পুঁজি-বিৰোধী আন্দোলনৰ উত্থানৰ কিছু সময়ৰ পিছতে (অর্থাৎ ২০০০ চনত) এই গ্রন্থখন প্রকাশ পাইছিল।

 

এই দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা আন্দোলনটোৰ কৰ্মীসকলৰ মাজত এম্পায়াৰগ্রন্থখনে বিপুল প্ৰভাৱ পেলালে।  এই আন্দোলনটোৰ উচ্চ বিন্দু আছিল ২০০৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ইৰাক আক্ৰমণৰ বিৰুদ্ধে হোৱা বিশাল বিশ্বব্যাপী প্ৰতিবাদ।

 

এম্পায়াৰগ্ৰন্থখনৰ বৈশিষ্ট্য হৈছে - ১৯৬০ আৰু ১৯৭০ৰ দশকত বিকশিত হোৱা এক জংগী মার্ক্সবাদী ফ্রেমৱর্কৰ জৰিয়তে নতুনকৈ বিকশিত হব ধৰা সংগ্ৰামসমূহক  বুজিবলৈ চেষ্টা কৰিছিল। এই গ্রন্থখন শেষ হৈছে এক উমাল আশাবাদৰ সৈতে - কোনো শক্তিয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিপ্লৱ ...এয়াইতো হৈছে কমিউনিষ্ট হোৱাৰ অদমনীয় লঘুতা(irrepressible lightness) আৰু আনন্দ।

 

১৯৮৯ চনত বাৰ্লিন ৱালৰ পতনৰ পাছত মাৰ্ক্সৰ চিন্তাধাৰাক চবেই নস্যাৎ কৰাৰ সময়তেই হাৰ্ড্ট আৰু নেগ্ৰিয়ে মার্ক্সৰ প্রাসংগিকতা সুন্দৰকৈ প্রকাশ কৰিছিল। কিন্তু এম্পায়াৰআৰু তাৰ পাছৰ দুখন গ্রন্থ মাল্টিটুড (২০০৪) আৰু কমনৱেলথ” (২০১০) এই আটাইকেওখন গ্রন্থৰে দুটা গুৰুতৰ সমস্যা আছিল।

 

প্ৰথম - হাৰ্ড্ট আৰু নেগ্ৰীয়ে যুক্তি দিছিল যে সাম্ৰাজ্যবাদৰ অন্ত পৰিছে।তেওঁলোকে কব বিচাৰিছিল যে পুঁজিবাদে জাতি-ৰাষ্ট্ৰক অতিক্ৰম কৰি সম্প্রতি এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক শক্তিলৈ পৰিণত হৈছে। পুঁজিৰ বিশ্বায়নৰ ফলত সাম্ৰাজ্যবাদী শক্তিসমূহৰ মাজত ভূ-ৰাজনৈতিক প্ৰতিযোগিতাৰ এক নতুন যুগ আহিব বুলি অনুমান কৰাত তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। সম্প্রতি এনে এক যুগতেই আমি বাস কৰি আছোঁ, আৰু তাৰ ফলাফলো ভূগি আছোঁ।

 

দ্বিতীয়তে, হাৰ্ড্ট আৰু নেগ্ৰিয়ে যুক্তি দিছিল যে শ্ৰমিক শ্ৰেণীৰ ঠাই এতিয়া আকাৰহীন বহুত্ব (মাল্টিটুড) দখল কৰিছে; অর্থাৎ এনে অনেক বৈচিত্রময় সত্ত্বা যাক সম্প্রতি পুঁজিয়ে অবদমন কৰি ৰাখিছে। নব্য উদাৰবাদী যুগত শ্ৰমিক শ্ৰেণীৰ মাজত কেনে নতুন নতুন পৰিৱৰ্তন আহিছে এই বিষয়ে হাৰ্ড্ট আৰু নেগ্ৰিয়ে নিশ্চয়কৈ অনেক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু তেওঁলোকে এই দিশটো বুজাত ব্যর্থ হল যে আজিও পুঁজিবাদ কিন্তু মজুৰি-শ্ৰমৰ শোষণৰ ওপৰতেই নিৰ্ভৰশীল।

 

২০০৩ চনৰ অক্টোবৰ মাহত পেৰিছত অনুষ্ঠিত হোৱা ইউৰোপিয়ান চচিয়েল ফৰাম মোৰ আৰু এন্টনিৰ মাজত এই প্রশ্নবোৰ লৈয়েই এলানি বিতর্ক( debate) হৈছিল। তাৰ মাত্র কিছুদিন পূর্বে তেওঁ জেলৰ পৰা মুক্ত হৈ আহিছিল। তেওঁ এজন সুদক্ষ বক্তা আছিল, আৰু ব্যক্তিগত স্তৰত তেওঁ আছিল এজন নিতান্তই মিতভাষী তথা বিনয়ী মানুহ। কিন্তু তেওঁৰ ৰাজনৈতিক দৃঢ়তা আছিল পাহাৰসম, যি তেওঁক কাৰাগাৰৰ একাকীত্বৰ পৰা মুক্ত কৰি সাম্প্রতিক কালৰ অন্যতম চিন্তাবিদলৈ পৰিণত কৰিলে, যি একবিংশ শতিকাতো মার্ক্সবাদৰ প্রাসংগিকতা সুনিশ্চিত কৰি্লে।

 

মূলঃ এলেক্স কালিনিক

অনুবাদঃ ময়ূৰ চেতিয়া



ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...