Monday, April 21, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ দ্বিতীয় অধ্যায়ঃ 'সমাজবাদ -মার্ক্সৰ পূর্বসূৰীসকল'

Original: Chapter 2, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

"মার্ক্স এজন প্রখৰ প্রতিভাশালী ব্যক্তি আছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বিকশিত তিনিওখন দেশ- জার্মানী, ইংলেণ্ড আৰু ফ্রাঞ্চে প্রতিনিধিত্ব কৰা মতাদর্শৰ তিনিওটা মূল ধাৰা-ধ্রুপদী জার্মান দর্শন, ইংৰাজী ৰাজনৈতিক অর্থনীতি আৰু ফৰাছী সমাজবাদৰ  বিকাশ অব্যাহত ৰাখি  তেওঁ সিবিলাকৰ মাজত এক সফল সমন্বয় গঢ়ি তুলিছিল।"

১৯১৪ চনত প্রকাশিত মার্ক্সৰ জীৱনী এখনিত লেনিনে এনেদৰে লিখিছে। প্রায়েই দেখা যায় যে বহুতে মার্ক্সকেই সমাজবাদৰ প্রথমজন প্রবক্তা বুলি ভুল কৰে। আচলতে মার্ক্সৰ বহু পূর্বেই সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণাৰ আৰম্ভণি ঘটিছিল। চাবলৈ গলে গ্রীক তথা ৰোমান সভ্যতাৰ সময়ৰ পৰাই শোষণমুক্ত সমাজ নির্মাণৰ সপোনে মানুহৰ মন দোলায়িত কৰি আহিছে। অৱশ্যে ঊনবিংশ শতিকাৰ প্রথমার্ধৰ পৰাহে সমাজবাদ সম্পর্কীয় ধ্যান-ধাৰণা সমূহে ব্যাপক গণ সমর্থন লাভ কৰিবলৈ সক্ষম হয়। এইক্ষেত্রত ফ্রাঞ্চ বিশেষভাৱে আগৰণুৱা আছিল। এই ফৰাচী দেশতেই সমাজবাদ সম্পর্কীয় ধাৰণা সমূহে তাত্ত্বিক বিকাশ লাভ কৰে। সেয়েহে  সমাজবাদ সম্পর্কীয় মার্ক্সৰ ধাৰণাসমূহ বুজিবলৈ হলে তেওঁৰ পূর্বসূৰী ফৰাচী চিন্তাবিদসকলৰ বৌদ্ধিক জগতখনৰ সৈতে চিনাকি হৈ লোৱাটো  প্রয়োজনীয়। এইক্ষেত্রত কেনেধৰণৰ আর্থসামাজিক তথা বৌদ্ধিক পৰিবেশৰ পটভূমিত সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ ঠন ধৰি উঠিছিল, সেই ফালেও মন দিয়াটো দৰকাৰ


১৭৮৯ৰ পৰা ১৮৪৮ চনলৈকে এই সময়ছোৱাক ‘দ্বৈত বিপ্লৱ’ৰ সময় বুলি কব পাৰি ৰাজনৈতিকভাৱে ১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হয়, আনফালেদি অর্থনৈতিকভাৱে এই সময়ছোৱাতেই ঔদ্যোগিক বিপ্লৱৰো সূচনা হয়। ঔদ্যোগিক বিপ্লৱৰ ফলস্বৰূপে ‘ফেক্টৰী ব্যৱস্থা’ৰ আৱির্ভাব ঘটে ই বস্তু উৎপাদনৰ ক্ষেত্রখনত আমূল পৰিবর্তনৰ সূচনা কৰিলেভাপ ইঞ্জিন তথা অন্যান্য কৃত্রিম শক্তিৰ ব্যৱহাৰে ঔদ্যোগীকৰণৰ প্রক্রিয়াটো ভীষণভাবে ত্বৰাম্বিত কৰি তুলিলে।   ইংলেণ্ডৰ বস্ত্র উদ্যোগৰ পৰা আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে  আন আন উদ্যোগ তথা দেশসমূহলৈ এই ফেক্টৰী ব্যৱস্থাৰ  সম্প্রসাৰণ ঘটিল১৮৩০’ৰ দশকত ৰেলপথৰ সূচনা হোৱাৰ লগে লগে  ঔদ্যোগীকৰণৰ প্রক্রিয়াটোৱে আৰু অধিক গতি লাভ কৰিলে।  ১৮৪৮ৰ ইউৰোপ ব্যাপি বিপ্লৱে মাজতে কিছুপৰলৈ স্থবিৰতা আনিলে যদিও বিপ্লৱৰ পৰাজয়ৰ লগে লগে ই পুণৰ সক্রিয়তা  লাভ কৰিলে।

ঔদ্যোগীকৰণৰ ফলত মানচেষ্টাৰ, লিয়ন আদি বহুতো ন ন ঔদ্যোগিক চহৰৰ সৃষ্টি হল। লগতে সৃষ্টি হল ঔদ্যোগিক সর্বহাৰা বা প্রলেটাৰিয়েটৰ (‘প্রলেটাৰিয়েট’ শব্দটো মার্ক্সে ঔদ্যোগিক শ্রমিক সকলক বুজাবলৈ ব্যৱহাৰ কৰিছিল)।  শ্রমিকসকলৰ দুর্বিসহ জীৱন যাত্রাই সমাজৰ শিক্ষিত চামটোৰ বহুতকে আতংকিত কৰি তুলিলে। ১৮৩১ চনৰ লিয়ন বস্ত্র-শ্রমিক বিদ্রোহৰ পাছত এজন ফৰাচী সাংবাদিকে শ্রমিকসকলৰ জীৱন দশাৰ বিষয়ে এনেদৰে লিখিছেঃ

[শ্রমিকসকলৰ সৈতে] কাৰখানা মালিকসকলে এনেকৈ ব্যৱহাৰ কৰে যেন তেওঁলোক কোনো  ঔপনিবেশিক বাগানৰ প্রভুহে। এই প্রভুৰ চতুর্দিশে শত সহস্র দাসৰ দল।...প্রকৃততে বর্তমান যুগৰ বর্বৰ বুলি কলে এই কাৰখানা মালিকসকলৰ বিষয়েই উল্লেখ কৰিব পাৰি।

এই ঔদ্যোগিক শ্রমিকসকলে অতি সোনকালেই নতুন শাসক শ্রেণী – অর্থাৎ পুঁজিপতিহঁতৰ বাবে ভাবুকিৰ সৃষ্টি কৰিলে। ‘দ্বৈত বিপ্লৱ’ৰ ফলস্বৰুপে ইতিমধ্যেই ঔদ্যোগিক তথা বাণিজ্যিক বুর্জোৱাহঁত ৰাজনৈতিকভাৱে সু-প্রতিষ্ঠিত হৈ পৰিছিল লক্ষ্যণীয়ভাৱে, শ্রমিজীৱি জনগণৰ সহায় সহযোগিতা, ত্যাগ স্বীকাৰ তথা সংগ্রামৰ বাবেহে সামন্ততন্ত্রৰ শাসন উফৰাই পুঁজিপতিহতে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। কিন্তু শাসনত অধিষ্ঠিত হোৱাৰ পাছতেই বুর্জোৱাহতে শ্রমিক জনগণৰ সৈতে শত্রুবৎ আচৰণ কৰা আৰম্ভ কৰিলে। ফৰাচী বিপ্লৱৰ উদাহৰণৰ যোগেদি এই প্রক্রিয়াটো স্পষ্টকৈ বুজিব পৰা যায়।   

১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ আগলৈকে দুই এক অঞ্চল বাদ দি সমগ্র ইউৰোপতে স্বেচ্ছাচাৰী ৰজা মহাৰজাৰ শাসন চলিছিল। এইক্ষেত্রত ফৰাচী স্বৈৰতন্ত্রৰ নাম সমগ্র ইউৰোপজুৰি প্রখ্যাত আছিল।  সেই সময়ৰ ফৰাচী সমাজখন তিনিটা বৃহৎ ষ্টেট বা স্তৰত বিভক্ত আছিল। ইয়াৰে প্রথম দুটা স্তৰত আছিল সামন্তীয় প্রভূ তথা পুৰোহিতসকল – এওঁলোকেই সমস্ত ৰাজকীয় সা-সুবিধা তথা অধিকাৰ লাভ কৰিছিল। সিবিলাকৰ বিপৰীতে থার্ড ইষ্টেট বা তৃতীয় স্তৰটো আছিল সকলো অধিকাৰৰ পৰা বঞ্চিত  সংখ্যাগৰিষ্ঠ ৰাইজেৰে গঠিতলক্ষ্যণীয় যে দুখীয়াতকৈ দুখীয়া শ্রমিক-কৃষকৰ পৰা আৰম্ভ কৰি ধনী পুঁজিপতি পর্যন্ত – এই সমস্ত শ্রেণীসমূহ তৃতীয় স্তৰৰ অন্তর্ভুক্ত আছিল। গতিকেই কার্যতঃ পুঁজিপতিসকলেই তৃতীয় স্তৰটোৰ সবাটোকৈ মুখৰ  মুখপাত্র আছিল আৰু থার্ড ইষ্টেটৰ স্বার্থ বুলি কওঁতে মূলতঃ এই শ্রেণীটোৰ স্বার্থকেই সাধাৰণতে বুজোৱা হৈছিল। ফৰাচী বিপ্লৱৰ সূচনা এই থার্ড ইষ্টেটৰ বাবে সম অধিকাৰ বিচাৰিয়েই আৰম্ভ হৈছিল।  

বিপ্লৱে এই তিনি স্তৰীয়া ব্যৱস্থাটো মষিমূৰ কৰি পেলালে। বিপ্লৱৰ ধামখুমীয়াত ৰজাৰ শিৰচ্ছেদ কৰা হল তথা সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ আধাৰত ফ্রাঞ্চক এখন প্রজাতন্ত্র ৰূপে ঘোষণা কৰা হল। বিপ্লৱৰ সেনাবাহিনীয়ে ইউৰোপৰ ইমূৰৰ পৰা সিমূৰলৈকে এই প্রজাতন্ত্রৰ বাণী কঢ়িয়াই নিলে। নেপোলিয়নৰ উদয়ৰ পাছত অৱশ্যে এই বাণী বহুখিনি স্তিমিত হৈ পৰিল। নেপোলিয়নে বিপ্লৱৰ কেতখিনি উপাদানৰ সৈতে ৰাজতন্ত্রৰ সানমিহলি ঘটাই নিজকে এক প্রবুদ্ধ সম্রাট ৰূপে ঘোষণা কৰিলে তথাপিও মন কৰিবলগীয়া যে নেপোলিয়নে অধিকাৰ কৰা সকলো অঞ্চলতে কুহুমীয়াকৈ হলেও বিপ্লৱী আদর্শ অনুসৰি কেতবোৰ সংস্কাৰ সাধন কৰা হল।  নেপোলিয়নৰ পতনৰ পাছত অষ্ট্রিয়া, ৰাছিয়া তথা প্রুছিয়াৰ নেতৃত্বত এই সমস্ত সংস্কাৰ প্রক্রিয়াটো  নাশ কৰি পেলাবলৈ চেষ্টা কৰা হল। কিন্তু বিপ্লৱৰ বাণীসমূহ দীর্ঘদিনৰ বাবে দমাই থোৱাটো অসম্ভৱ আছিল।  কিছুদিনৰ পাছতেই প্রজাতন্ত্র স্থাপনৰ দাবীয়ে পুণৰ পেৰিছৰ ৰাজপথ কঁপাই তুলিলে। ইউৰোপৰ অন্যান্য দেশসমূহতো ফ্রাঞ্চ সদৃশ প্রজাতন্ত্র স্থাপনৰ দাবী শুনা গল। সমগ্র ঊনবিংশ শতিকা জুৰি ফৰাচী বিপ্লৱৰ বাণীয়ে প্রতিক্রিয়াশীল শক্তিসমূহক বাৰে বাৰে প্রত্যাহবান জনালে

সি যি কি নহওঁক, বিপ্লৱৰ কেইটিমান দশকৰ ভিতৰতে এটা কথা স্পষ্ট হৈ পৰিল যে ই এক অতিশয় স্ব-বিৰোধী প্রক্রিয়াৰ জন্ম দিলেবিপ্লৱৰ ফলস্বৰূপে এফালে সমস্ত জনগকে আইনৰ চকুত সমান বুলি ঘোষণা কৰা হল, আনফালে আকৌ পুঁজিপতিহঁতৰ হাততেই সমস্ত  আর্থ-সামাজিক ক্ষমতা কেন্দ্রীভূত কৰা হল। লক্ষণীয়ভাৱে, বিপ্লৱৰ বাবে অধিকাংশ সেনা-সামন্ত  দুখীয়া ৰাইজেই যোগান ধৰিছিল পিছে শাসনত অধিষ্ঠিত হ’লগৈ বুর্জোৱাহঁতহে। ১৭৮৯ চনৰ পৰা ১৮১৫ চনলৈকে - এই সময়ছোৱাত পুঁজিবাদী বিকাশৰ বাবে অন্তৰায় সৃষ্টি কৰা সমস্ত সামন্তীয় প্রতিবন্ধকতা সমূহ নাশ কৰি পেলোৱা হল। এখন শক্তিশালী তথা আমোলাৰে পৰিপূর্ণ কেন্দ্রীভূত ৰাষ্ট্রৰ ৰূপত ফ্রাঞ্চৰ উদয় হল।

ইপিনে আপাত ৰাজনৈতিক সমতাৰ আঁৰত প্রকৃত আর্থ-সামাজিক বৈষম্যৰ খেলাখন চলিয়েই থাকিল। অর্থনৈতিক ভাৱে জনগণৰ অৱস্থা লাওলোৱা হৈয়েই ৰ’ল। ফৰাচী বিপ্লৱীসকলৰ মূল লক্ষ্য- সমগ্র মানৱজাতিৰে স্বাধীনতা বা মুক্তি – সপোন হৈয়েই থাকিল দ্বৈত বিপ্লৱৰ এই জাতীয় আপাত-বিৰোধিতাসমূহৰ পটভূমিতেই বিভিন্ন আধুনিক সমাজবাদী ধাৰাৰ জন্ম হল।  বহুতেই প্রশ্ন কৰিবলৈ আৰম্ভ কৰিলে - কেৱল ৰাজনৈতিক অধিকাৰ পালেই জনগণৰ পেট ভৰিব জানো? যদি জেপত পইছাই নাই, তেনেস্থলত দামী হোটেলত খোৱাৰ অধিকাৰ পালেও তাৰ কিবা অর্থ আছে জানো? আর্থ –সামাজিক সমতা অবিহনে কেৱল ৰাজনৈতিক সমতাই যথেষ্ঠ হ’ব জানো? খাবলৈ নেপাই মৰাৰ স্বাধীনতা- ই আকৌ কেনেধৰণৰ স্বাধীনতা?

আন কথাত, এফালে  ফৰাচী বিপ্লৱৰ মহান বাণী – সমতা, স্বাধীনতা আৰু ভাতৃত্ব – আৰু আনফালে আধুনিক ঔদ্যোগিক পুঁজিবাদে সৃষ্টি কৰা ভীষণ অসমতা তথা অন্যায় – এই দ্বন্দৰ উত্তৰ বিচাৰিয়েই আধুনিক সমাজবাদী আন্দোলনৰ উদয় হল।   

আলোকদীপ্তি কাল

‘দ্বৈত বিপ্লৱ’ৰ কালছোৱাত মতাদর্শৰ জগতখনতো কেতবোৰ তীব্র বিতর্কৰ সূচনা হলএফালে পুৰণা সামন্তীয় সমাজৰ পক্ষধৰবৃন্দ, আনফালে উদীয়মান পুঁজিবাদী ব্যৱস্থাৰ সমর্থকসকল –দুয়ো পক্ষৰে মাজত বিভিন্ন মতাদর্শগত প্রশ্ন সম্পর্কে ভীষণ বিতর্কই দেখা দিলে এই বিতর্কৰ পটভূমিতে গঢ় লৈ উঠিল এক সাংস্কৃতিক আন্দোলন, যি পাছলৈ ‘এনলাইটমেণ্ট’ বা ‘আলোকদীপ্তি’ নামেৰে জনাজাত হল

প্রাক-আধুনিক সামন্তীয় সময়ছোৱাত সমগ্র ইউৰোপতে কেথলিক চার্চ বা গীর্জাৰ দপদপনি চলিছিল। শিক্ষা সংস্কৃতি আদি সমস্ত বিষয় গীর্জাৰ অধীন আছিল। আমোদজনকভাবে, গীর্জাই  প্রাচীন গ্রীক তথা ৰোমান সভ্যতাৰ মহান দার্শনিকসকলৰ বহুতো তত্ত্ব  নিজ সুবিধা অনুসৰি কিছু সংশোধন ঘটাই আত্মসাৎ কৰি লৈছিল। সিবিলাকে এফালে গীর্জাৰ বৌদ্ধিক পৰিসৰ বৃদ্ধি কৰিছিল, আৰু আনফালে সমাজৰ প্রকৃত ক্ষমতা-বিন্যাসৰ ৰূপসমূহ জনগণৰ পৰা লুকুৱাই ৰাখিছিল। উদাহৰণস্বৰূপে, এৰিষ্টটলৰ মত আছিল যে বিশ্বজগতৰ সকলো সত্তাৰে অস্তিত্বৰ আঁৰত একো একোটাহঁত উদ্দেশ্য বা কাৰণ আছে। এই উদ্দেশ্যই বিশ্বজগতত সিবিলাকৰ স্থানো নির্ণয় কৰে। তদুপৰি প্রাকৃতিকভাৱেই সকলো সত্তাৰে চৰিত্র হৈছে – জড় বা স্থানু। আন কথাত, পৰিবর্তনহীনতা হৈছে প্রকৃতিৰে এক বিশেষ বৈশিষ্ট্যইয়াৰ বিপৰীতে, পৰিবর্তন বা গতি হৈছে এক অপ্রাকৃতিক প্রক্রিয়া; যেতিয়াই কোনো সত্তাক তাৰ প্রাকৃতিকভাৱে নির্ধাৰিত স্থানৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়াই সি গতি লাভ কৰে। কিন্তু শেহান্তৰত ই পুণৰ প্রাকৃতিভাৱে নির্দিষ্ট ইয়াৰ পুৰণি স্থানলৈ ঘূৰি আহিবলৈ বাধ্য হয়এই যে প্রতিটো সত্তাৰে উদ্দেশ্য তথা  স্থান প্রাকৃতিকভাৱে নির্ধাৰিত হয় – এই নিয়মটো সমস্ত বিশ্ব-ব্রহ্মাণ্ডৰ ক্ষেত্রতো খাটে। এৰিষ্টটলৰ মতে এই দৰেই এক সুশৃংখলিত ৰূপত সমস্ত বিশ্বজগতখন  অস্তিত্বমান হৈ আছে।   

এই জাতীয় বিশ্ববীক্ষাই দুটা উদ্দেশ্য পূৰণ কৰিছিল। প্রথমতেই, ই খ্রীষ্টান ধর্মৰ কেতবোৰ  বিশ্বাস (যেনে- ‘ভগবানেই সমস্ত ব্রহ্মাণ্ডখন সৃষ্টি কৰিছে’) আদিক দার্শনিক ন্যায্যতা প্রদান কৰিছিল প্রতিটো সত্তাৰে অস্তিত্বৰ আঁৰত একোটাহঁত উদ্দেশ্য আছে বুলি কোৱাৰ অর্থই হৈছে যে ই এক বৃহৎ পৰিকল্পনাৰ অংশবিশেষ মাথো যাৰ নির্মাণকর্তা হৈছে সর্বশক্তিমান ঈশ্বৰ; এই সর্বজ্ঞাতা ঈশ্বৰে বিশেষ কোনো উদ্দেশ্য লৈহে এই ব্রহ্মাণ্ডখন নির্মাণ কৰিছে। দ্বিতীয়তে, এই বিশ্ববীক্ষাই সামন্তীয় সামাজিক গাঁথনিটোকো ন্যায্যতা প্রদান কৰিছিল। আপোনাৰ জন্ম যদি জমিদাৰ বা কৃষক পৰিয়ালত হৈছে, তেনেহলে সেয়া ভগবানৰ ইচ্ছাতে হৈছে। এই ক্ষেত্রত সামন্তীয় শোষণৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰাটো বাতুলতা মাত্র। প্রকৃতিগত কাৰণতেই ৰজা-মহাৰজা তথা সামন্তীয় প্রভূসকল সাধাৰণ জনগনতকৈ শ্রেষ্ঠ, ঠিক যেনেকৈ ভগবান সাধাৰণ নৰমনিচতকৈ শ্রেষ্ঠ। এই জাতীয় চিন্তাচর্চাৰ মতে, সামন্তীয় সমাজখনৰ চৰিত্র হৈছে স্থিৰ তথা সামঞ্জস্যপূর্ণ; ইয়াত সকলোৰে স্থান নির্দিষ্ট তথা অপৰিবর্তনশীল। আন কথাত ই ভগবান সৃষ্ট ব্রহ্মাণ্ডখনৰে দাপোন স্বৰুপ মাত্র।

পিছে দুটা কাৰকে এই জাতীয় চিন্তাধাৰাৰ জগতখন কঁপাই তুলিলে। এই কাৰক দুটা আছিল – বিজ্ঞানৰ বিকাশ আৰু বুর্জোৱা শ্রেণীৰ উদয়। মন কৰিবলগীয়া যে সামন্ত প্রভূসকলৰ দৰে আধুনিক বেপাৰী তথা পুঁজিপতিসকলৰ ক্ষমতাৰ মূল উৎস সেনাবাহিনী বা পৈত্রিকসূত্রে লাভ কৰা মাটি-সম্পত্তি নাছিল। বৰঞ্চ বুর্জোৱাৰ ক্ষমতাৰ উৎস আছিল ‘টকা’। পুঁজিৰ ৰূপত এই ‘টকা’ৰ ব্যৱহাৰ কৰিয়েই বুর্জোৱাহঁতে জনগণৰ শ্রমশক্তি নিজৰ হাতৰ মুঠিলৈ আনিছিল আৰু এইদৰেই লাভ আর্জনৰ পথ প্রশস্ত কৰা হৈছিল। সামন্তবাদৰ নানান বাধা-নিষেধে এই বুর্জোৱা শ্রেণীটোক অতীষ্ঠ কৰি তুলিছিল আৰু সেয়েহে তেওঁলোকে ব্যৱস্থাটোৰ কিছু পৰিবর্তন বিচাৰিছিলএকে সময়তে নতুন বিজ্ঞানীসকলেও সামন্তীয় বিশ্ববীক্ষাৰ পৰা নিষ্কৃতি বিচাৰিছিল, কিয়নো সামন্তীয় অন্ধবিশ্বাস তথা কু-ৰীতিসমূহে বাৰে বাৰে তেওঁলোকৰ বৈজ্ঞানিক অধ্যয়নত বাধাৰ সৃষ্টি কৰিছিল।

১৭ শতিকাৰ সময়ছোৱা বৈজ্ঞানিক বিপ্লৱৰ সময় বুলি কব পাৰি।  গেলিলিঅ, কেপলাৰ, ডেকার্ট, বইল, হুগেন আদি অগণন বিজ্ঞানীয়ে এই বিপ্লৱত অৰিহণা যোগালে। সামন্তীয় মতাদর্শৰ জগতখন ভাঙি পেলোৱাৰ ক্ষেত্রতো এই বৈজ্ঞানিক বিপ্লৱে বিশেষ ভূমিকা পালন কৰিলে। ১৫ শতিকাৰ শেহৰ ফাললৈ ইতিমধ্যেই কপাৰনিকাছে ঘোষণা কৰিছিল যে এৰিষ্টটলে ভবাৰ দৰে পৃথিবীখনেই সমস্ত ব্রহ্মাণ্ডৰ কেন্দ্র হোৱাৰ বিপৰীতে ই আচলতে সূর্যক প্রদক্ষিণ কৰি থকা এটি সৰু গ্রহহে।  তাতোকৈ এখোপ আগুৱাই গৈ গেলিলিওৱে এতিয়া ঘোষণা কৰিলে যে স্থানু হোৱাৰ পৰিবর্তে গতিশীলতাই হৈছে প্রতিটো বস্তুৰ প্রাকৃতিক ধর্ম।

এই আৱিষ্কাৰ সমূহৰ ফলত পৃথিবীখনে এক নতুন ৰূপত ধৰা দিলে।  অন্ততঃ লেখিব-পঢ়িব জনা মুষ্টিমেয় চামটোৰ বাবে এই অনুভৱ কোনো বিস্ময়তকৈ কম নাছিল। অতি আশ্চর্যৰে সৈতে তেওঁলোকে মন কৰিলে – ইমান দিনে জানি-চিনি অহা পৃথিবীখনি আচলতে সীমাহীন ব্রহ্মাণ্ডৰ একেবাৰে কণমাণি গ্রহ এটিৰ বাহিৰে আন একো নহয়। তদুপৰি স্থানু হোৱাৰ পৰিবর্তে এই ব্রহ্মাণ্ডখন হৈছে গতিশীল, সর্বদা অসংখ্য ঘটনা-পৰিঘটনাৰে ভৰা। এই ব্রহ্মাণ্ডখনৰ সিপাৰত কি আছে?  সীমাহীনতাৰো কোনো সিপাৰ থাকিব পাৰেনে? পাষ্কেল নামৰ ১৭ শতিকাৰ এজন কেথলিক পাদুৰীৰ ভাষাত, ‘কেতিয়াবা এই সীমাহীন ব্রহ্মাণ্ডখনৰ বিষয়ে ভাবি ভাবি ৰাতি মোৰ টোপনি নাহে’।

নতুন বিজ্ঞানৰ এই জাতীয় বৈপ্লৱিক সম্ভাৱনীয়তাই গীর্জা প্রভৃতি সামন্তীয় শক্তিসমূহক আতংকিত কৰি তুলিলে। কাজেই এই সমস্ত বৈজ্ঞানিক আৱিষ্কাৰসমূহ দমন কৰিবলৈ তেওঁলোক উঠি-পৰি লাগিল।  কপার্ণিকাছৰ সৈতে সহমত পোষণ কৰাৰ বাবে গিয়র্ডান’ ব্রুনোক ১৬০০ চনত জীৱন্তে অগ্নিদগ্ধ কৰা হল; মৃত্যুভয় দেখুৱাই গেলিলিওকো মৌন কৰি পেলোৱা  হল। পিছে বিজ্ঞানৰ এই অগ্রগতিক বাধা দিব পৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল। এটি শতিকাৰ ভিতৰতেই এই বিজ্ঞানীসকলৰ অনুগামীসকলে এই জাতীয় সমস্ত সামন্তীয় বাধা-নিষেধ জাবৰৰ দমলৈ নিক্ষেপ কৰিলে। চাৰ আইজাক নিউটনৰ ‘প্রাকৃতিক দর্শনৰ গাণিতিক নীতি’(Mathematical Principles of Natural Philosophy)সমূহে  বিংশ শতিকাৰ প্রথমার্ধ পর্যন্ত প্রাকৃতিক বিজ্ঞানৰ বাবে এক নতুন আধাৰসৌধ স্থাপন কৰিলে

এইখিনিতে মন কৰিবলগীয়া যে কেৱল বৈজ্ঞানিক যুক্তিসংগতাৰ বাবেই নিউটনীয় পদার্থবিদ্যা অকস্মাতে গ্রহণযোগ্য হৈ পৰা নাছিল। ১৬৪০ৰ ইংলিছ বিপ্লৱৰ পাছৰে পৰা বুর্জোৱা শ্রেণীৰ ৰাজনৈতিক প্রতিপত্তি বৃদ্ধি হোৱাৰ ফলত পৰিবর্তিত মতাদর্শগত স্থিতিয়েও ইয়াৰ বাবে অনুকুল পৰিবেশ গঠন কৰি দিছিল। ইতিপূর্বেই উল্লেখ কৰা হৈছে যে এৰিষ্টটলীয় পদার্থবিদ্যাৰ মতে বিশ্বজগতৰ সকলো সত্তাৰে অস্তিত্বৰ আঁৰত একো একোটাহঁত উদ্দেশ্য লুকাই থাকে; প্রাকৃতিকভাৱেই সকলো সত্তাৰে চৰিত্র হৈছে স্থানু। যেতিয়াই কোনো সত্তাক তাৰ নির্ধাৰিত স্থানৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়াই সি গতি লাভ কৰে। কিন্তু শেহান্তৰত ই পুণৰ প্রাকৃতিকভাৱে নির্দিষ্ট ইয়াৰ পুৰণি স্থানলৈ ঘূৰি আহেপিছে এইজাতীয় চিন্তাধাৰাৰ বিপৰীতে গেলিলিও, নিউটন আদি বৈজ্ঞানিকে যুক্তি দর্শালে যে সত্তাসমূহৰ গতিশীলতাৰ কাৰণ মেকানিকেল পদ্ধতিৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি। অর্থাৎ যিকোনো এবিধ বস্তুৰ গতিশীলতা তাৰ ওপৰত আন আন সত্তাসমূহে কৰা ক্রিয়াৰ ওপৰত নির্ভৰ কৰে। উদাহৰণস্বৰূপে, গেলিলিওৰ ‘মুক্ত পতন বিধি’(law of free fall) মতে, ওপৰৰ পৰা সৰি পৰা যিকোনো বস্তুৰ গতি প্রতি চেকেণ্ডত ৩২ ফুট প্রতি চেকেণ্ডলৈকে বৃদ্ধি পায়ইয়াৰ কাৰণ হৈছে মাধ্যাকর্ষণ শক্তি, অর্থাৎ  বস্তুটিৰ ওপৰত পৃথিবী নামৰ আন এক বৃহৎ সত্তাৰ প্রভাৱ বা ক্রিয়া।

আন কথাত, দৈববাদৰ বিপৰীতে বস্তুবাদ এই নতুন বিজ্ঞানৰ ভিত্তি আছিল। এই বিজ্ঞানত  ভগবান, দৈবীয় উদ্দেশ্য, ঈশ্বৰৰ পৰিকল্পনা  আদি আধিভৌতিক(metaphysical) বিশ্লেষণৰ কোনো স্থান নাছিল। সকলো আধিভৌতিক শক্তিৰ বিপৰীতে বস্তুজগত, কেৱল বস্তুজগতৰ কার্যকলাপ সমূহ লক্ষ্য কৰিলেই সকলো ৰহস্যৰ উৰ পোৱা যাব – এয়া আছিল নতুন বিজ্ঞানৰ অভিনৱ উপলব্ধি।  বিজ্ঞানৰ এই নতুন সূত্রায়নে ভূত-প্রেত, পৰী, দেবতা, ভগবান আদি সকলো আধিভৌতিক সত্তাৰ অস্তিত্ব সম্পর্কে প্রশ্ন কৰিব পৰাকৈ এটা সমালোচনাত্মক পৰিবেশ  সৃষ্টি কৰিলে ব্যক্তিগতভাৱে নিউটন বা গেলিলিওৱে নিজে ভগবানৰ অস্তিত্ব নাকচ কৰিব পৰাকৈ প্রয়োজনীয় সাহস গোটাব নোৱাৰিলেও তেওঁলোকৰ বৈজ্ঞানিক সূত্রায়ণসমূহে অনাগত প্রজন্মসমূহক এটা নতুন বাটৰ সন্ধান দিলে। বহু বছৰৰ পাছত নেপোলিয়নে বৈজ্ঞানিক এজনক ভগবান-বিশ্বাস সম্পর্কে প্রশ্ন কৰোঁতে বৈজ্ঞানিকজনে এনেদৰে উত্তৰ দিছিল, ‘মহাশয়, এনে কোনো হাইপ’থেছিছ মোৰ কামৰ বাবে প্রয়োজনীয় নহয়!’   

ভগবানৰ হাতোৰাৰ পৰা এইদৰে প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্রখনক মুক্ত কৰি আনি নতুন বিজ্ঞানে সামন্তীয় শাসকশ্রেণীৰ ওপৰত মোক্ষম আঘাট হানিলে। লাহে লাহে প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্রখনৰ পৰা  সামাজিক বিজ্ঞানৰ ক্ষেত্রখনলৈকো এই নতুন বৈজ্ঞানিক পদ্ধতিসমূহৰ সম্প্রসাৰণ ঘটিল। এইক্ষেত্রত  থমাছ হবছৰ নামটো বিশেষভাৱে লব পাৰি। ১৬৪০-৬০ৰ ইংৰাজী বিপ্লৱৰ আশে পাশে সক্রিয় ৰাজনৈতিক দার্শনিক হবছ ইমানেই উগ্র বস্তুবাদী আছিল যে সন্ত্রস্ত জেছুইট পাদুৰীসকলে তেওঁক ‘মাল্মছবাৰিৰ চয়তান’ নামেৰে সম্বোধন কৰিছিল। হবছৰ লেভিয়াথান(১৬৫১) গ্রন্থখনি সমাজ সম্পর্কীয়  বৈজ্ঞানিক অনুসন্ধানৰ বাট-কটীয়া বুলি কব পৰা যায়।

বিজ্ঞানৰ দৰেই সমাজ-অধ্যয়নৰ ক্ষেত্রখনতো আলোকদীপ্তি যুগৰ দার্শনিকসকলে এনে এক উপাদানৰ সন্ধান কৰিলে যাৰ অধ্যয়ণৰ দ্বাৰা সামাজিক বিকাশৰ ধাৰা বুজিব পৰা যাবৱশেষত এই উপাদানটি ‘মানৱ চৰিত্র’ বুলি ‘আৱিষ্কাৰ’ কৰা হল। ইতিমধ্যেই উল্লেখ কৰা হৈছে যে  সামন্তীয় যুগত জনগণৰ ওপৰত ৰজা-মহাৰজাৰ শাসন এক দৈব-প্রদত্ত অধিকাৰ বুলিয়েই ভবা হৈছিল।  সিবিলাকৰ বিপৰীতে আলোকদীপ্তি যুগৰ চিন্তাবিদসকলে যুক্তি দর্শালে যে প্রকৃততে মানৱীয় আশা আকাংক্ষ্যা বা মানৱ চৰিত্র অনুসৰিহে  কোনো শাসন প্রণালীৰ নির্মাণ হোৱাটো উচিত। এই দার্শনিকসকলে লগতে কলে যে ‘মানৱ-চৰিত্র’  সকলো সমাজ তথা সকলো সময়তে একে ধৰণৰ হয়- ই হৈছে সর্বদা স্বার্থপৰ তথা স্বাধীনতা প্রয়াসী। এই মানৱ চৰিত্রৰ বিভিন্ন ইচ্ছা তথা আকাংক্ষ্যা অনুসৰিয়েই সমাজ পৰিবর্তন সম্ভৱপৰ হয়। কিছুমান শাসন প্রণালী এই মানৱ চৰিত্রৰ অভিব্যক্তিৰ ক্ষেত্রত হেঙাৰ হৈ পৰে। এনে সমস্ত শাসন প্রণালী ভাঙি পেলোৱাটো বাঞ্ছনীয়তাৰ বিপৰীতে এনে কেতবোৰ শাসন প্রণালী নির্মাণ কৰাটো প্রয়োজনীয়, যত এই মানৱ চৰিত্র পূর্ণভাৱে প্রকাশমান হব পাৰে, যত মানুহে নিজ ইচ্ছা আকাংক্ষ্যা চৰিতার্থ কৰিব পাৰে।  

সামন্তীয় চিন্তাধাৰাৰ তুলনাত এইজাতীয় চিন্তাচর্চা নিশ্চিতভাৱেই যুগান্তৰকাৰী বুলি কব পাৰি। সামন্তীয় কাঠামোসমূহ ভাঙি পেলোৱাৰ ক্ষেত্রত সিবিলাকে যথেষ্ঠ অৰিহণা যোগালে। পিছে একে সময়তে সিবিলাকৰ সীমাৱদ্ধতাখিনিৰ প্রতিও মন দিয়া দৰকাৰ। প্রথমতেই, আলোকদীপ্তিকালৰ দার্শনিকসকলে মানৱ চৰিত্র এক অপৰিবর্তনীয় সত্তা বুলি মানি ললেতদুপৰি, পুঁজিবাদ সৃষ্ট স্বার্থপৰ মানৱ চৰিত্রকেই তেওঁলোকে মানৱ চৰিত্রৰ চিৰায়ত ৰূপ বুলি চিহ্নিত কৰিলে।  দ্বিতীয়তে, মানৱ চৰিত্রৰ অধ্যয়ন মানেই তেওঁলোকে মানৱ মানসৰে অধ্যয়ন বুলি ভাবি ললে। অর্থাৎ মানুহৰ সামাজিক স্থান, শ্রেণী অৱস্থান আদিতকৈ মানুহৰ আবেগ অনুভূতি আশা-আকাংক্ষ্যা আদিৰ বিশ্লেষণহে বেছি গুৰুত্বপূর্ণ বুলি বিবেচিত হল। এই বুলি ভাবি লোৱা হল যে ব্যক্তি একোজনৰ চিন্তাধাৰাৰ সৈতে তেওঁৰ অর্থনৈতিক বা সামাজিক অৱস্থানৰ কোনো সম্পর্ক নাই। যেন সিবিলাকে তেওঁৰ চিন্তাধাৰাত কোনো প্রভাৱ নেপেলায়। আন কথাত, এই দার্শনিকসকলে ইতিহাস সম্পর্কে এক ভাববাদী দৃষ্টিভংগী বিকশিত কৰিলে। নতুন বিজ্ঞানৰ বস্তুবাদী বিশ্ববীক্ষাৰ বিপৰীতে, তেওঁলোকে  পুণৰ ভাববাদলৈ পশ্চাদপসৰণ কৰিলে। এই ভাববাদী দৃষ্টিভংগীৰ মতে পুৰণা ধ্যান-ধাৰণা ত্যাগ কৰি নতুন ধ্যান-ধাৰণা গ্রহণ কৰিলেই  ঐতিহাসিক পৰিবর্তন সম্ভৱপৰ হয়। পিছে কেনেধৰণৰ বস্তুগত পৰিস্থিতিৰ মাজেৰে কেতবোৰ ধাৰণাই জনপ্রিয়তা লাভ কৰে তথা আন কেতবোৰে প্রাসংগিকতা হেৰুৱাই পেলায় – অর্থাৎ ধ্যান ধাৰণাৰ সৈতে বস্তুজগতৰ আন্তঃসম্পর্ক কেনেকুৱা– এই জাতীয় প্রশ্নসমূহৰ  উত্তৰ দিবলৈ আলোকদীপ্তিকালৰ দার্শনিকসকলে কোনো চেষ্টা নকৰিলে।

ইতিহাস সম্পর্কীয় এই ভাববাদী চিন্তাচর্চাৰ প্রভাৱ তেওঁলোকৰ ৰাজনৈতিক কার্যপন্থাৰ মাজতো দেখা পোৱা গল। আলোকদীপ্তিকালীন চিন্তাবিদসকলে এনে এক ধাৰণাৰ সৃষ্টি কৰিলে যেন কেৱল যুক্তিসংগত আলোচনাৰ মাজেদিয়েই সকলোধৰণৰ অন্ধবিশ্বাস তথা কুৰীতিৰ পৰা মুক্তি লভিব পৰা যাব।  যুক্তিবাদৰ অগ্রগতিৰ ক্ষেত্রত বিভিন্ন আনুষ্ঠানিক ধর্মীয় বিশ্বাসকেই তেওঁলোকে মূল শত্রু বুলি গণ্য কৰিলে। আলোকদীপ্তিকালৰ অন্যতম চিন্তাবিদ হলবাখৰ ভাষাত, ‘অন্ধবিশ্বাসেই হৈছে স্বৈৰতন্ত্রৰ মূল কাৰণ’। অর্থাৎ কেৱল যুক্তিপূর্ণ আলোচনাৰ দ্বাৰাই ধর্ম তথা স্বৈৰতন্ত্রৰ পৰা মুক্তি লভাটো সম্ভৱপৰ হব।  হলবাখে লগতে ঘোষণা কৰিলে ‘যেতিয়াই মানুহে নিজ মনেৰে ভবা চিন্তা কৰিবলৈ আৰম্ভ কৰিব তেতিয়াই পুৰোহিত শ্রেণীৰ শাসনৰো অন্ত পৰিব’।

যুক্তিবাদৰ ওপৰত এনে অগাধ বিশ্বাসৰ ফলস্বৰুপেই আলোকদীপ্তিকালীন চিন্তাবিদসকলৰ মাজত এক প্রকাৰৰ এলিট মানসিকতাৰো সৃষ্টি হ’ল। যিহেতু বৃহত্তৰ সমাজখনেই নিৰক্ষৰ তথা অন্ধবিশ্বাসী লোকেৰে ভৰা, তেনেক্ষেত্রত অগ্রগামী দার্শনিকসকলেই সমাজৰ সকলো সন্মান পোৱা উচিত।  হেলভেটিয়াছলৈ  লিখা চিঠি এখনিত ভল্টেয়ৰে এনেদৰে লিখিছে, ‘আমাৰ তাঁতী, দর্জী, কাঠমিষ্ট্রী...ইহঁত যেনিবা পুৰোহিত শ্রেণীৰ শাসনৰ তলত পিষ্ট হলেই, তাতে আমাৰ কি আহে যায়? মূল কথাটো হৈছে যে ইহঁতে  দার্শনিকসকলক যথোচিত সন্মান জনাইছেনে নাই। দার্শনিকসকলে সমাজত শাসন চলোৱাটো ৰজা তথা ৰাজ্যৰ কল্যাণৰ বাবে অতিশয় জৰুৰী।’

এটা কথা স্পষ্ট যে  আলোকদীপ্তিকালৰ এই দার্শনিকসকলক বিপ্লৱী বুলি নিশ্চয় কব নোৱাৰি। তেওঁলোকৰ অধিকাংশই ১৮ শতিকাৰ প্রবুদ্ধ সম্রাটসকলক পৰামর্শ প্রদান কৰিয়েই দায়িত্ব সামৰিছিল। একছত্রী ৰাজতন্ত্রৰ বিপৰীতে ইংলেণ্ডসদৃশ সংসদীয় ৰাজতন্ত্রৰ স্থাপন – এয়াই আছিল সামাজিক পৰিবর্তন বিষয়ক তেওঁলোকৰ সপোনৰ উচ্চসীমা। ১৭৯০ৰ দশকটোত  তেওঁলোকৰ তত্ত্বসমূহ যিদৰে সামন্তীয় গাঁথনি তথা মতাদর্শসমূহ ভাঙি পেলাবলৈ ব্যৱহাৰ কৰা হল – সেয়া তেওঁলোকে নিজ চকুৰে দেখিবলৈ পোৱা হলে দার্শনিক মহাশয়সকল হয়তো ত্রস্তমান হৈ পৰিলহেঁতেন। তথাপিও এয়া অনস্বীকার্য   যে সমাজবাদী চিন্তাৰ বাবে  প্রয়োজনীয় এক অনুকুল বৌদ্ধিক পৰিবেশ তথা কাঠামো এই বুদ্ধিজীৱি সকলেই নির্মাণ কৰি দিছিল।

ইউট’পিয়ান সমাজবাদ

১৭৮৯ৰ ফৰাচী বিপ্লৱৰ পাছতেই আধুনিক সমাজবাদী চিন্তাৰ সূচনা হয় বুলি কব পাৰি।  ফ্রাঞ্চত জন্মলাভ কৰা এই সমাজবাদী চিন্তাৰ দুটা মূল ধাৰা আছিল –ইউট’পিয়ান সমাজবাদ তথা বিপ্লৱী সাম্যবাদ। ইয়াৰে প্রথমটো ধাৰাৰ প্রতিনিধিত্ব কৰিছিল চেইণ্ট চাইমন, চার্লচ ফুৰিয়াৰ তথা ৰবার্ট অৱেনেআনহাতে ফাচোঁৱা নৱেল বেৱেফ আৰু আগষ্ট ব্লাংকৰ নেতৃত্বত দ্বিতীয়টো ধাৰাই প্রসাৰ লাভ কৰিছিল। ফৰাচী বিপ্লৱক কেন্দ্র কৰিয়েই দুয়োটি ধাৰাৰ  মাজত পার্থক্যৰ সৃষ্টি হৈছিল। ইউট’পিয়ান সমাজবাদীসকলে ফৰাচী বিপ্লৱৰ পথ নাকচ কৰিছিল; আনহাতে বিপ্লৱী সমাজবাদীসকলে বিপ্লৱৰ প্রক্রিয়াটো পৰিপূর্ণ কৰিব বিচাৰিছিল।

চেইণ্ট চাইমন তথা ফুৰিয়াৰ – দুয়োজনেই ফৰাচী বিপ্লৱৰ প্রত্যক্ষদর্শী তথা ভুক্তভোগী আছিল। টেৰৰ বা সন্ত্রাসৰ সময়ছোৱাত চাইমনক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল, আনহাতে ১৮৯৩ৰ লিয়ন চহৰৰ ঘেৰাবন্দীয়ে ফুৰিয়াৰক প্রায় বাটৰ ভিক্ষাৰীলৈ পৰিণত কৰিছিল। বিপ্লৱী যুদ্ধই সৃষ্টি কৰা  হিংসা তথা ধ্বংসলীলা সেয়েহে দুয়োজনৰে সহ্য হোৱা নাছিল। তদুপৰি বিপ্লৱে বহুক্ষেত্রত ধনী-দুখীয়াৰ প্রভেদ বৃদ্ধিহে কৰি পেলাইছিল। এই দেখি দুয়ো এক সিদ্ধান্তত উপনীত হৈছিলঃ বিপ্লৱী পদ্ধতিৰে মানৱ জীৱন উন্নত কৰাৰ সকলো চেষ্টা ব্যর্থ হবলৈ বাধ্য। তাৰ বিপৰীতে কেৱল শান্তিপূর্ণ প্রচাৰ বা প্রপ্রাগাণ্ডাৰ যোগেৰেহে প্রকৃত তথা ধনাত্মক পৰিবর্তন অনাটো সম্ভৱপৰ হব।

এফালে বিপ্লৱৰ স্বঘোষিত উদ্দেশ্য – স্বাধীনতা, সমতা আৰু মৈত্রী তথা আনফালে উত্তৰ বিপ্লৱকালীন ফৰাচী সমাজখনৰ নির্মম পুঁজিবাদী বাস্তৱ – এই দ্বন্দৰ প্রতি জনগণৰ মনোযোগ আকর্ষণ কৰিয়েই ইউট’পিয়ান সমাজবাদীসকলে কাম-কাজ আৰম্ভ কৰিলে। পুঁজিবাদী অর্থনৈতিক উৎপাদনৰ  নৈৰাজ্যবাদী চৰিত্র আৰু মানৱীয় প্রয়োজনীতাৰ প্রতি তাৰ উদাসীনতা – এই দুটা বিন্দুক কেন্দ্র কৰি ইউট’পিয়ান সমাজবাদীসকলে পুঁজিবাদৰ এক বলিষ্ঠ সমালোচনা বিকশিত কৰিলে। তেওঁলোকে এনে এখন বৈকল্পিক সমাজৰ নির্মানৰ কল্পনা কৰিলে য’ত উৎপাদন পদ্ধতিয়ে লাভ অর্জনৰ বিপৰীতে মানৱীয় প্রয়োজন পূৰণ কৰাৰ প্রতিহে মনোযোগ দিব।   

ইউট’পিয়ান সমাজবাদীসকল আলোকদীপ্তিকালীন  চিন্তাধাৰাৰ ওচৰত চিৰঋণী আছিল। ফুৰিয়াৰৰ ক্ষেত্রত আলোকদীপ্তিৰ এই প্রভাৱ আটাইতকৈ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। আলোকদীপ্তিৰ আন আন চিন্তাবিদৰ দৰেই ফুৰিয়াৰেও মানৱ চৰিত্রৰ সাৰমর্ম সন্ধান কৰিবলৈ চেষ্টা কৰিছিল। পিছে আলোকদীপ্তিৰ চিন্তাবিদসকলৰ দৰে স্বার্থপৰতাকে মানৱ চৰিত্র বুলি মানি লোৱাৰ বিপৰীতে ফুৰিয়াৰে তাৰ পৰিসৰ বৃদ্ধি কৰি ঘোষণা কৰিলে যে  মানুহৰ ১২টা মূল আসক্তি আছে। সিবিলাকৰ ভিতৰত বস্তুগত সুখৰ লগতে প্রেম তথা বন্ধুত্ব আকাংক্ষ্যাও অন্যতম বুলি তেওঁ মন্তব্য কৰিলে। তদুপৰি তেওঁ কলে যে প্রাকৃতিকভাৱেই মানুহে ইজনে সিজনৰ সৈতে প্রতিযোগিতা কৰি ভাল পায়; কিন্তু সেইবুলি মানুহৰ অভীষ্ট সাধনাৰ ক্ষেত্রখন সংকীর্ণ কৰি চাব নোৱাৰি। মানুহে ভালপোৱা কামৰ তালিকাখন অতিশয় বিশাল। সেয়েহে আলোকদীপ্তিকালীন চিন্তাবিদসকলৰ  বিপৰীতে ফুৰিয়াৰে পুঁজিবাদক মানৱ সমাজৰ এক অপ্রাকৃতিক ৰূপ বুলিহে ঘোষণা কৰিলে কিয়নো ই বহুতো মানৱীয় অভীষ্ট সাধনাৰ ক্ষেত্রত হেঙাৰ হৈ ঠিয় দিয়ে, ই বহুতো মানবীয় প্রয়োজন তথা আকাংক্ষা পূর্ণ হবলৈ নিদিয়ে। আলোকদীপ্তিকালীন চিন্তাবিদসকলে অন্ধবিশ্বাস তথা স্বেচ্ছাচাৰৰ বিৰোধিতা কৰিয়েই সন্তুষ্ট আছিল কিন্তু ফুৰিয়াৰে সমগ্র শ্রেণী-সমাজ  বা তেওঁৰ ভাষাত ‘সভ্যতা’ৰ বিৰুদ্ধেই জেহাদ ঘোষণা কৰিলে। 

সমকালীন সমাজখনৰ ‘নৰকসদৃশ জীৱনযাত্রা’ৰ বিপৰীতে ইউট’পিয়ান সমাজবাদীসকলে ভবিষ্যতৰ এক সোণালী সপোন  ৰচিবলৈ চেষ্টা কৰিলেচেইণ্ট চাইমনৰ ভাষাত ‘মানৱ সমাজৰ সোণালী যুগ অতীতৰ বিপৰীতে ভবিষ্যতৰ বুকুতহে লুকাই আছে’ ফুৰিয়াৰৰ লেখনীসমূহতেই এনে সোণালী ভবিষ্যতৰ আটাইতকৈ প্রগাঢ় তথা ৰসাল বর্ণনাসমূহ পঢ়িবলৈ পোৱা যায়। ফুৰিয়াৰে অনাগত নতুন ব্যৱস্থাটোৰ নাম দিছিল ‘হাৰমনি’। এই হাৰমণিৰ অধীনত ঠিক ১৬২০ জন লোকেৰে গঠিত কেতবোৰ বৃহৎ বাসভবন(Phalanstery)ত সকলো লোকেই একেলগে খাই বহি বসবাস কৰি থাকিব! কেই ঘন্টামানৰ মূৰে মূৰে মানুহে নিজৰ পেছা সলনি কৰিব আৰু জীৱনৰ বৈচিত্র তথা নানান অনুভূতিৰ সোৱাদ সকলোৱেই পাব কৰিব পৰাকৈ সকলো সদস্যই বিভিন্ন গ্রুপ তথা দল গঠন কৰি বিভিন্ন ধৰণৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব। ইয়াৰ দ্বাৰাই মানুহৰ সকলো ধৰণৰ মনোবাঞ্ছা পূর্ণ কৰিব পৰা যাব। 

ইউট’পিয়ান সমাজবাদীসকলৰ কেতবোৰ কল্পনা আজিৰ তাৰিখত নিশ্চয়েই হাস্যকৰ যেন লাগিব পাৰে (উদাহৰণস্বৰুপেঃ ফুৰিয়াৰে কল্পনা কৰিছিল যে হাৰমনিৰ অধীনত সাগৰৰ পানীবোৰ মিঠা চৰবৎ হৈ পৰিব!)কিন্তু সমাজবাদৰ মুক্তিদায়ী দিশসমূহ সম্পর্কে সচেতনতা সৃষ্টি কৰাৰ ক্ষেত্রত তেওঁলোকৰ অৰিহণা স্বীকাৰ কৰিবই লাগিব। কেনেদৰে শ্রেণী-সমাজে  মানুহৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথা যৌনিক আশা-আকাংক্ষ্যা আৰু সম্ভাৱনীয়তাসমূহ দমন কৰি ৰাখে এই সম্পর্কীয় আলোচনাৰ ক্ষেত্রত ইউট’পিয়ান সমাজবাদীসকলৰ অৱদান আছিল বিশেষভাৱে উল্লেখযোগ্য। বুর্জোৱা পৰিয়ালৰ সমালোচনাৰ ক্ষেত্রততো ফুৰিয়াৰকেই বাটকটীয়া বুলি কব পৰা যায়। নাৰী মুক্তিৰ উগ্র সমর্থক ফুৰিয়াৰেই “নাৰীবাদ” শব্দটো পোন প্রথমবাৰৰ বাবে উদ্ভাৱন কৰিছিল।

পিছে এইখিনিতে আন এটি প্রশ্ন উত্থাপিত হয়ঃ সভ্যতাৰ পৰা হাৰমণিলৈ এই সংক্রমণ কেনেদৰে সম্ভৱপৰ হ’ব? এইক্ষেত্রতো ইউট’পিয়ান সমাজবাদীসকলৰ ওপৰত আলোকদীপ্তিৰ গভীৰ প্রভাৱ দেখিবলৈ পোৱা যায়। ইউট’পিয়ান সমাজবাদীসকলৰ ভিতৰত আটাইতকৈ ইতিহাস সচেতন চেইণ্ট চাইমন আৰু তেওঁৰ অনুগামীসকলে কণ্ডৰচেটৰ দৰেই বিশ্বাস কৰিছিল যে “মানৱ মানসৰ প্রগতি”ৰ ফলস্বৰূপেই সামাজিক পৰিবর্তন সম্ভৱপৰ হয়। ইতিহাস নির্মাণৰ ক্ষেত্রত শ্রেণী সংগ্রামৰ ভূমিকা সম্পর্কেও চেইণ্ট চাইমন সচেতন আছিল। তেওঁ সমকালীন ফৰাচী সমাজখনক industriels(পুঁজিপতি আৰু শ্রমিকসকল) আৰু oisifs(সামন্তীয় প্রভুসকল) এইদৰে দুভাগত বিভক্ত কৰিছিল। অৱশ্যে মূলতঃ বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ ফলস্বৰুপেহে সামাজিক পৰিবর্তন সম্ভৱপৰ হব বুলি তেওঁ আশা কৰিছিল। চেইণ্ট চাইমনৰ অনুগামীসকলে  ইতিহাসক দুটা যুগত বিভক্ত কৰিছিল; জৈৱিক যুগ তথা সমালোচনামূলক যুগ। জৈৱিক যুগত সকলো মানুহৰে চিন্তাধাৰণা, বিশ্বাস আদি একেধৰণৰ হব; আনহাতে সমালোচনামূলক যুগত চিন্তাচর্চাৰ ক্ষেত্রখনত ভিন্নতাই দেখা দিব আৰু সমাজখনো সেই অনুসৰি বিভক্ত হৈ পৰিব। অর্থাৎ চিন্তাভাবনাই হৈছে ঐতিহাসিক পৰিবর্তনৰ মূল কাৰণ।

ইউট’পিয়ান সমাজবাদীসকলে বিশ্বাস কৰিছিল যে আলোকদীপ্তিৰ অহৰহ প্রগতিৰ ফলত এসময়ত বুদ্ধি(reason) সর্বেসর্বা হৈ পৰিব। শিক্ষা তথা সমাজবাদী ধ্যান-ধাৰণাৰ ক্রমাগত প্রচাৰেই পৃথিবীখন সলনি কৰি পেলাব। এইক্ষেত্রত তেওঁলোকে পুঁজিপতিসকলক সহায় সহযোগিতা বিচাৰি  আহ্বান কৰিলে। ফুৰিয়াৰ আৰু চেইণ্ট চাইমন দুয়োজনেই শ্রেণী- বিলুপ্তিৰ বিৰোধিতা কৰিছিল। ফুৰিয়াৰে আশা কৰিছিল যে কেইজনমান প্রবুদ্ধ পুঁজিপতিৰ সহায় সহযোগিতাৰে তেওঁৰ কল্পিত বৃহৎ বাসভবন(Phalanstery)সমূহ নির্মাণ কৰা হ’ব আৰু পাছলৈ সিবিলাকৰ উদাহৰণ দাঙি ধৰি বাকী জনগণকো সদৃশ জীৱনধাৰা পালন কৰিবলৈ উৎসাহিত কৰিব পৰা যাব। তেওঁ আনকি সম্ভাব্য বিনিয়োগকাৰী বিচাৰি বাতৰি কাকতত বিজ্ঞাপনো দিছিল, য’ত কোৱা হৈছিল ‘মই প্রতি সপ্তাহৰ অমুক তাৰিখে অমুক কেফেখনত ৰৈ থাকিম। সম্ভাব্য বিনিয়োগকাৰীসকলে মোক তাতেই লগ ধৰিব পাৰিব।’ (পিছে কোনো বিনিয়োগকাৰী আগবাঢ়ি নাহিল!!)    

১৮৩০ তথা ১৮৪০ৰ দশককেইটাত ফৰাচী শ্রমিক আন্দোলনে বিকাশৰ নতুন পর্যায় লাভ কৰিলে। সমান্তৰালভাৱে, “ভবিষ্যতৰ সমাজত পুঁজিপতিৰ বাবে স্থান থকা উচিত নে অনুচিত”, এই সম্পর্কীয় বিতর্কসমূহত পুঁজিপতিসকলৰ  সপক্ষে উকালতি কৰা সমাজবাদীসকল ভীষণ সমালোচনাৰ লক্ষ্য হৈ পৰিল। চেইণ্ট চাইমনৰ অনুগামীসকলে যুক্তি দর্শাইছিল যে সমাজবাদৰ অধীনত ক্ষমতা অনুসৰি কাম, কাম অনুসৰি দাম (from each according to his capacities, to each according to his works) এই নীতি অৱলম্বন কৰা হব। অর্থাৎ যিসকলৰ সক্ষমতা বা দক্ষতা বেছি, তেওঁলোকক অধিক সা-সুবিধা দিয়া হবইয়াৰ প্রত্যুত্তৰত লুই ব্লাংকে তাতোকৈ সমতাপূর্ণ আন এটি নীতি ঘোষণা কৰিলেঃ ক্ষমতা অনুসৰি কাম, প্রয়োজন অনুসৰি দাম’(from each according to his capacities, to each according to his needs) এটিয়েন কেবেই পুঁজিপতিবিহীন পৃথিবী এখনৰ কল্পনা কৰি Voyage en Icarie (1840) শীর্ষক গ্রন্থ এখনিও ৰছনা কৰিলে। এইদৰেই ফৰাচী সমাজবাদে জন্ম গ্রহণ কৰিলে। কেবেৰ নেতৃত্বতে ফৰাচী সাম্যবাদে বৃহৎ শ্রমিক জনগণৰ সমর্থন লাভ কৰিলে। কিন্তু সমতাৰ পোষক হোৱা স্বত্তেও কেবেক বিপ্লৱী বুলি কব পৰা নাযায়। কেবেৰ ভাষাত ‘বিপ্লৱ মোৰ হাতৰ মুঠিত থাকিলেও মই মুঠিটো খুলি নিদিওঁ। লাগে মই মৃত্যু বৰণেই কৰিম।’ কেবেৰ প্রতিদ্বন্দী আন এজন ফৰাচী সমাজবাদী  পীয়েৰ জোচেফ প্রুধোৰ ক্ষেত্রতো একেটা কথাই কব পৰা যায়। প্রুধোৱে কল্পনা কৰিছিল যে ক্ষুদ্র ক্ষুদ্র কৃষক তথা কাৰিকৰসকলৰ সমষ্টি হিচাপেই ভবিষ্যত সমাজখনৰ নির্মান হব। বেংক তথা আন আন বৃহৎ পুঁজিৰ অৱসান ঘটোৱা হব কিন্তু ক্ষুদ্র পর্যায়ত ব্যক্তিগত সম্পত্তিৰ উপস্থিতি বর্তি থাকিব।  কেবেৰ বিপৰীতে প্রুধোৱে বিশ্বাস কৰিছিল যে শান্তিপূর্ণ প্রচাৰ বা প্রপাগাণ্ডাৰ যোগেদিয়েই  সমাজবাদৰ   নির্মাণ সম্ভৱপৰ হব।
  
এইসকলৰ বিপৰীতে আন একাংশ বিপ্লৱীও আছিল, যি কথাৰ ফুলজাৰিতকৈ সংগ্রামৰ ওপৰতহে বেছি ভৰসা কৰিছিল। এইসকলৰ ভিতৰত অন্যতম আছিল আগষ্ট ব্লাংক। ব্লাংকৰ ভাষাত, “[কেবেৰ] সাম্যবাদ  আৰু প্রুধোবাদ - দুয়ো নদীৰ গৰাত থিয় হৈ সিপাৰে ধানৰ খেতি আছে নে ঘেহুৰ খেতি আছে – এই লৈ কাজিয়া কৰি থাকে। আমাৰ ভাষ্য এয়ে যে বলা আমি নদী পাৰ হৈ নিজে চাই লওঁ।”

মার্ক্সৰ পূর্বৰ সময়ছোৱাত ব্লাংককে বিপ্লৱী সাম্যবাদী ৰাজনীতিৰ সবাতোকৈ উত্তম প্রতিনিধি বুলি কব পৰা যায়। এই বিপ্লৱী সাম্যবাদী ধাৰাটোৱে ফৰাচী বিপ্লৱৰ সময়তে ৰেডিকেল  ৰিপাব্লিকানসকলৰ আটাইতকৈ উগ্র বাওঁ অংশ হিচাপে আত্মপ্রকাশ কৰিছিল।  বিপ্লৱৰ চৰম সময়ছোৱাত (১৭৯৩-৯৪) জেকোবিনসকলে এক কেন্দ্রীয় একনায়কত্ববাদ(dictatorship) গঠন কৰি আভ্যন্তৰীণ তথা বর্হিশত্রুৰ পৰা দেশখন ৰক্ষা কৰিছিল। প্রতিপক্ষৰ শত-সহস্র লোকক গিলোটিনেৰে শিৰচ্ছেদ কৰা হৈছিল আৰু  জনগণৰ স্বার্থত বয়-বস্তুৰ দাম কঠোৰভাৱে নিয়ন্ত্রণ কৰা হৈছিল।  জেকোবিনসকলৰ পৰাজয়ৰ পাছত ১৭৯৭ চনত বেবেফ আৰু তেওঁৰ অনুগামীসকলক পুণৰ বিপ্লৱী একনায়কত্ববাদ স্থাপন কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত গ্রেপ্তাৰ কৰি মৃত্যুদণ্ড বিহা হল। তেওঁলোকৰ লক্ষ্য আছিল জেকোবিনসকলতকৈও এখোপ চৰা। তেওঁলোকে বিপ্লৱৰ বাণীসমূহ বাস্তৱায়িত কৰাৰ বাবে ব্যক্তিগত সম্পত্তিকো বেআইনী ঘোষণা কৰি ‘সম্পূর্ণ সমতা’(absolute equality) স্থাপন কৰিবলৈ বিচাৰিছিল

ইউট’পিয়ানসকলৰ দৰেই ব্লাংকেও পুঁজিবাদৰ তীব্র সমালোচনা কৰিছিল আৰু তাৰ বিকল্প হিচাপে সাম্যবাদ স্থাপনৰ পোষকতা কৰিছিলপিছে বেবেফৰ দৰেই তেওঁ যুক্তি দর্শালে যে  সশস্ত্র সংগ্রামৰ দ্বাৰা বর্তমানৰ ৰাষ্ট্র ব্যৱস্থাটো ধ্বংস কৰি বিপ্লৱী একনায়কত্ববাদ স্থাপন কৰাৰ পাছতহে সাম্যবাদৰ নির্মাণ সম্ভৱপৰ হব। পাছলৈ মার্ক্সবাদীসকলে বহুলভাৱে ব্যৱহাৰ কৰা ‘সর্বহাৰাৰ একনায়কত্ব’ (dictatorship of proletariat) শব্দটো ব্লাংকেই  উদ্ভাৱন কৰিছিল। অৱশ্যে “সর্বহাৰাৰ  দ্বাৰা একনায়কত্ব”ৰ বিপৰীতে ব্লাংকে “সর্বহাৰাৰ ওপৰত একনায়কত্ব” প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। ব্লাংকে বিশ্বাস কৰিছিল যে বিভিন্ন শাসকীয় ভাবাদর্শ, বিশেষকৈ ধর্মৰ প্রভাৱৰ ফলত জনগণ নিজে বিপ্লৱ সংঘটিত কৰিবলৈ অক্ষম। গতিকে শ্রমজীৱি জনগণৰ নামত ক্ষমতা কাঢ়ি লব লাগিব। বিপ্লৱৰ পাছতেই ‘সর্বপ্রথম দায়িত্ব’ হিচাপে এই একনায়কত্বই ‘মানৱাত্মাৰ আততায়ী’ সকলো ধর্মীয় বিশ্বাস নির্মূল কৰি পেলাব। এই কার্য সমাধা কৰাৰ লগে লগেই শ্রমিকসকল সাম্যবাদৰ বাবে প্রস্তুত হৈ উঠিব।

ব্লাংকে ভাবিছিল যে পেছাদাৰী বিপ্লৱীৰ দ্বাৰা গঠিত একোখন সৰু গুপ্ত সমিতিৰ দ্বাৰাই বিপ্লৱ সংঘটিত হব; এই পেছাদাৰী বিপ্লৱীসকলেই সশস্ত্র সংগ্রামৰ গুৰি ধৰিব। আন কথাত, পুঁজিবাদৰ বিনাশ সাধন কৰিবলৈ এমুঠিমান প্রবুদ্ধ সংগ্রামীয়েই যথেষ্ঠ হব। ব্লাংকৰ বন্ধু ৱিলহেম ৱেটলিঙৰ ভাষাতঃ

সমস্ত জনগণ সচেতন হোৱালৈ ৰৈ থকাৰ কোনো সকাম নাই। এনেদৰে অপেক্ষা কৰি থকাৰ অর্থই হৈছে বিপ্লৱৰ পৰিকল্পনা ত্যাগ কৰা। কিয়নো সমস্ত জনগণ কেতিয়াও সমানে প্রবুদ্ধ বা সচেতন হৈ উঠাটো সম্ভৱপৰ নহয়। অন্ততঃ যেতিয়ালৈকে সমাজত অসমতা আৰু ব্যক্তিগত স্বার্থ জীয়াই থাকিব, তেতিয়ালৈকে এনে হোৱাটো অসম্ভৱ

ব্লাংক এজন মহান বিপ্লৱী আছিল। ১৮১৫ৰ পৰা ১৮৮০পর্যন্ত ফ্রাঞ্চত অধিষ্ঠিত হোৱা প্রতিখন চৰকাৰেই তেওঁক বিদ্রোহৰ অপৰাধত গ্রেপ্তাৰ কৰিছিল নতুবা নির্বাসন দিছিল! মুকলি হৈ থকা সময়ছোৱাত বিপ্লৱৰ প্রস্তুতি চলোৱা,  বিপ্লৱ ব্যর্থ হোৱাৰ পাছত দীর্ঘদিনীয়া কাৰাবাস, কাৰাগাৰৰ পৰা মুক্তি পায়েই পুণৰ বিপ্লৱৰ প্রস্তুতি – এয়াই আছিল ব্লাংকৰ জীৱন যাত্রা!

ইউট’পিয়ানসকলেই হওঁক বা ব্লাংকৰ অনুগামীসকলেই হওঁক- আটায়েই  আলোকদীপ্তিৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছিল। তেওঁলোক আটায়েই বিশ্বাস কৰিছিল যে  ধাৰণাসমূহৰ মাজত চলি থকা অবিৰাম যুদ্ধ(battle of ideas)ৰ ফলস্বৰুপেই ইতিহাস পৰিবর্তন সম্ভৱপৰ হয়। অর্থাৎ সমাজবাদ প্রতিষ্ঠা কৰিবলৈ হলে জনগণ প্রবুদ্ধ(enlightened)  হ’ব লাগিব। এই জাতীয় ধাৰণাই এক প্রকাৰৰ এলিট দৃষ্টিভংগীৰ জন্ম দিলেঃ যিহেতু বেছিভাগ শ্রমিক তথা কৃষকেই প্রবুদ্ধ নহয়, সেয়েহে তেওঁলোকৰ ওপৰত সামাজিক পৰিবর্তনৰ কার্যভাৰ এৰি দিব নোৱাৰি! সেয়েহে তেওঁলোকৰ হৈ কিছু প্রবুদ্ধ সংগ্রামীয়ে - যি ইতিহাসৰ গতিপথ বুজি পোৱাকৈ জ্ঞান আর্জন কৰি থৈছে - তেওঁলোকেই সামাজিক পৰিবর্তন সংঘটিত কৰিব;  সেয়া লাগে বৃহৎ কমিউন সদৃশ কৃষি পাম গঠন কৰিয়েই হওঁক বা সশস্ত্র সংগ্রাম কৰিয়েই হওঁক। এইক্ষেত্রত বৃহত্তৰ শ্রমজীৱি জনগণৰ ভূমিকা হব  নিষ্ক্রিয় দর্শকৰ দৰে।

মার্ক্সে ইউট’পিয়ান সমাজবাদীসকলৰ বিষয়ে এনেদৰে লিখিছেঃ

মহাশয়সকলে তেওঁলোকৰ আঁচনিসমূহ পৰিকল্পনা কৰোঁতে শ্রমিকসকলৰ স্বার্থৰ কথাই ভাবে। পিছে তেওঁলোকে কেৱল দুখ কষ্ট ভোগাটোৱেই  শ্রমিক শ্রেণীৰ একমাত্র সংজ্ঞা বুলি  গণ্য কৰে।  লগতে, শ্রেণী সংগ্রামৰ অপৈণত অৱস্থাৰ ফলস্বৰূপে এই সমাজবাদীসকলে নিজকে শ্রেণী-সংঘাটৰ পৰা উর্ধত অৱস্থান কৰা বুলি ভাবে।  তেওঁলোকে সকলোৰে অৱস্থা একেলগে উন্নত কৰিব বিচাৰে, আনকি আঢ্যৱন্তসকলৰো! সেয়েহে তেওঁলোকে সমগ্র সমাজখনকে আহ্বান কৰে। এইক্ষেত্রত তেওঁলোকে কোনোধৰণৰ শ্রেণী বিভাজনৰ বাছ-বিচাৰ নকৰে। আন কথাত - তেওঁলোকে মূলতঃ শাসক শ্রেণীটোকেই আহ্বান কৰে। ইউট’পিয়ানসকলৰ মানসিকতা এনেকুৱা – আমিয়েই জীৱন ধাৰণৰ এটি উৎকৃষ্ট পন্থা বিচাৰি পাইছোঁ। এতিয়া এই কথা জনগনৰ মাজত প্রচাৰ কৰি দিলেই হ’ল! ৰাইজে অচিৰেই আমাৰ কথা বুজি নিশ্চয় ঢপলিয়াই আহিব! (Collected Works, Vol. vi, page 515)

ইউটপিয়ানসকলৰ বিপৰীতে,  ব্লাংক আদিয়ে শ্রেণী সংগ্রামতেই বিশ্বাস কৰিছিল। পেছাৰ কথা সোধোতে ব্লাংকে উত্তৰ দিছিল ‘মোৰ পেছা হৈছে প্রলেটাৰিয়েট’শ্রমজীৱি ৰাইজেও ব্লাংকপন্থীসকলক অপাৰ সমর্থন প্রদান কৰিছিলকিন্তু শেষ অর্থত ইউটপিয়ানসকলৰ দৰেই ব্লাংকপন্থীসকলৰ কার্যনীতিতো ‘শ্রেণী সংগ্রামৰ অপৈণত পর্যায়’ৰ দুর্বলতাসমূহ ফুটি উঠিছিল। ঊনবিংশ শতিকাৰ গৰিষ্ঠসংখ্যক শাসনব্যৱস্থাৰ চৰম দমনমূলক নীতি, ফৰাচী উদ্যোগসমূহৰ অবিকশিত অৱস্থা তথা সৰু-সুৰা ৱর্কচপ ইত্যাদিৰ মাজতেই শ্রমিক জনগণৰ পুঞ্জীভূতকৰণ(concentration) – এই সমস্ত দিশসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সময়ত ব্যাপক শ্রমিক জনগণৰ সমূহীয়া আর্থিক-শক্তিভিত্তিক এক বহল পৰিসৰৰ  মুক্ত শ্রমিক সংগঠন গঢ়ি তোলাটো প্রায় অসম্ভৱ আছিল। আন কথাত, এই  সময়ছোৱাত গুপ্ত সংগঠনৰ প্রাসঙ্গিকতা আছিল অপৰিসীমকিন্তু তাৰ ফলাফলস্বৰুপে বিপ্লৱীসকলৰ মাজত শ্রমিক জনগণৰ সক্ষমতা সম্পর্কেই সংশয়ৰ সৃষ্টি হৈছিল বিপ্লৱী কমিউনিষ্টেই হওঁক বা ইউট’পিয়ান সমাজবাদীয়েই হওঁক –কোনোৱেই পৰিবর্তনৰ মূল চালিকাশক্তি হিচাপে শ্রমিকসকলক চিহ্নিত কৰিব বিচৰা নাছিলআন ভাষাত কবলৈ গলে - শ্রমিকসকল আছিল পৰিবর্তনৰ অৱজেক্ট; ‘বিপ্লৱীসকলে শ্রমিকসকলৰ হৈ পৰিবর্তন আনি দিব’কিন্তু শ্রমিকসকলে নিজেই পৰিবর্তন আনিব পাৰিবনে নাই, অর্থাৎ তেওঁলোক নিজেই পৰিবর্তনৰ চাবজেক্ট হ’ব পাৰিবনে নাই – এই সম্পর্কে  বিপ্লৱীসকল সংশয়গ্রস্ত আছিল


No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...