মূলঃ The Economics
of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
মার্ক্সৰ
ঐতিহ্য আৰু সমাজবাদ
মার্ক্সে সমাজবাদী অর্থনীতিৰ বিষয়ে খুউব কমেই লিখি থৈ গৈছে আৰু যিখিনি লিখি থৈ
গৈছে তাৰ অধিকাংশই আজিৰ দিনত অপ্রাসঙ্গিক তথা বিভ্রান্তিকৰ বুলিয়েই কব লাগিব। “বাস্তৱ-সম্ভৱ সমাজবাদ” - শীর্ষক শব্দাৱলীৰ জৰিয়তে মই সমাজবাদৰ যিকোনো য়ুটোপিয়ান পৰিকল্পনাৰ পৰা মোৰ
বিশিষ্ট মডেলটোক ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। প্রায়েই দেখা যায় যে সমাজবাদ শব্দটো
এনেকৈ সংজ্ঞায়িত কৰা হয় যেন ইয়াৰ অধীনত কোনো আর্থিক সমস্যা থাকিবই নোৱাৰে।
যদি আপুনি ধৰি লয় যে সমাজবাদৰ অধীনত
সকলো সম্পদৰেই “প্রাচুর্যতা”(abundance) দেখা পোৱা যাব, ইয়াৰ অর্থ হৈছে যে তেনে সমাজত কোনো “সুযোগ ব্যয়”(opportunity-cost) নাথাকিব। অর্থাৎ কোনো এবিধ সম্পদ কি কামত ব্যৱহাৰ কৰা হব তথা কি কামত ব্যৱহাৰ কৰা নহব, এইজাতীয় বিভিন্ন বিকল্পৰ মাজত চয়ন কৰাৰ সমস্যাই নাথাকিব। ঠিক তেনেকৈয়ে যদি এইবুলি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত এক নতুন মানৱৰ আৱির্ভাৱ হব - যি বুদ্ধিমান, যুক্তিবাদী, সামাজিক,
বিবেকবান তথা লালসাহীন হব - তেনে এখন সমাজত
অনুশাসনৰ সমস্যা, প্রেৰণাৰ(incentive) সমস্যা - ইত্যাদিবিলাক নাথাকিবই। যদি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত সকলোৱেই সমাজৰ সাধাৰণ স্বার্থৰ সৈতে আত্মীয়তাবোধ অনুভৱ কৰিব, তেনেস্থলত সাধাৰণ স্বার্থ বনাম আংশিক/ব্যক্তিগত/গোষ্ঠীয়
স্বার্থৰ সংঘাত জাতীয় প্রশ্নবোৰো অপ্রাসংগিক হৈ পৰিব, কেন্দ্রীকৰণ বনাম
বিকেন্দ্রীকৰণ জাতীয় প্রশ্নবোৰৰো প্রাসঙ্গিকতা নাথাকিব। যদি ধৰি লোৱা হয় যে উৎপাদন সম্পর্কীয় বিভিন্ন প্রশ্ন যেনে - কি কি
উৎপাদন কৰা হব, কিমান পৰিমাণে উৎপাদন কৰা হব, কি পদ্ধতিৰে উৎপাদন কৰা হব, উৎপাদিত
সামগ্রী কি কি কামত ব্যৱহাৰ কৰা হব - ইত্যাদিবিলাক পূর্বেই(ex-ante) সঠিকভাবে নির্ধাৰণ কৰি লব পৰা যায়, তেনেস্থলত পাছলৈ(ex-post) সেই সম্পর্কীয় তথ্যবোৰ পৰীক্ষণ কৰি লোৱাৰো কোনো প্রয়োজনীয়তা নাথাকিব। উপযোগী মূল্য আৰু বিনিময়
মূল্যৰ মাজত বজাৰৰ জৰিয়তে যি পৰোক্ষ(তথা ত্রুটিপূর্ণ) সম্পর্ক গঢ় লৈ উঠে, তাৰ
প্রয়োজনীয়তাও নাকচ কৰিব পৰা যাব তথা সচেতন মানৱ সিদ্ধান্তৰ যোগেৰে কেৱল ব্যৱহাৰৰ বাবে মানুহে বিভিন্ন সামগ্রী নির্মাণ কৰিব। বহুমুখী মানৱ প্রতিভাৰ তীব্র বিকাশৰ ফলত শ্রম বিভাজনো এনে সমাজত নাথাকিব
আৰু “চবেই একোজন লিয়োনার্ডো দা ভিঞ্চি হব নোৱাৰিলেও সকলোৱে খুউব সুন্দৰ পেইণ্টিং কৰিব পাৰিব”। চবেই শাসন কৰিব, শাসিত কোনো নাথাকিব।
যিহেতু সকলো ন্যস্ত স্বার্থৰ নাশ ঘটিব, কোনো প্রকাৰৰ অধিকাৰ দাবী কৰাৰো
প্রয়োজনীয়তা নাথাকিব; কোনো বাধানিষেধমূলক আইন নাথাকিব; আদালত, বিধানপালিকা তথা
ন্যায়াধীশৰো প্রয়োজনীয়তা নাথাকিব।
নিশ্চিতভাৱেই ৰাজ্যও নাথাকিব, জাতি-ৰাজ্যও
নাথাকিব, বৈদেশিক বা অন্যান্য বেহা-বেপাৰো নাথাকিব। মজুৰী ব্যৱস্থাটোৰ অন্ত পৰিব আৰু লগতে নাশ হৈ পৰিব মুদ্রা-ব্যৱস্থাটোৰো।
কিছুবছৰ পূর্বে বার্টিল্ অলমানে কমিউনিষ্ট সমাজ সম্পর্কীয় মার্ক্সৰ বিভিন্ন
মন্তব্য একগোট কৰি এখন সাৰ-সংকলন প্রস্তুত
কৰি উলিয়াইছে। অলমানে দর্শাইছে যে মার্ক্সে আমাক কমিউনিষ্ট সমাজৰ কোনো পদ্ধতিগত
বর্ণনা প্রদান কৰি থৈ যোৱা নাই। এনে যিকোনো প্রচেষ্টাক মার্ক্সে আনকি “মূর্খামিপূর্ণ”,
“কাম-বন নাইকীয়া”, তথা “প্রতিক্রিয়াশীল” বুলিও
অভিহিত কৰি গৈছে। মার্ক্সৰ বিভিন্ন লেখনীৰ মাজত - বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ সমালোচনামূলক লেখনীৰ
মাজত ভৱিষ্যত ব্যৱস্থাৰ কিছু বহল ইংগিত মাথো দেখিবলৈ পোৱা যায়।