মূলঃ The Economics
of Feasible Socialism by Alec Nove
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
মার্ক্সৰ
ঐতিহ্য আৰু সমাজবাদ
মার্ক্সে সমাজবাদী অর্থনীতিৰ বিষয়ে খুউব কমেই লিখি থৈ গৈছে আৰু যিখিনি লিখি থৈ
গৈছে তাৰ অধিকাংশই আজিৰ দিনত অপ্রাসঙ্গিক তথা বিভ্রান্তিকৰ বুলিয়েই কব লাগিব। “বাস্তৱ-সম্ভৱ সমাজবাদ” - শীর্ষক শব্দাৱলীৰ জৰিয়তে মই সমাজবাদৰ যিকোনো য়ুটোপিয়ান পৰিকল্পনাৰ পৰা মোৰ
বিশিষ্ট মডেলটোক ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। প্রায়েই দেখা যায় যে সমাজবাদ শব্দটো
এনেকৈ সংজ্ঞায়িত কৰা হয় যেন ইয়াৰ অধীনত কোনো আর্থিক সমস্যা থাকিবই নোৱাৰে।
যদি আপুনি ধৰি লয় যে সমাজবাদৰ অধীনত
সকলো সম্পদৰেই “প্রাচুর্যতা”(abundance) দেখা পোৱা যাব, ইয়াৰ অর্থ হৈছে যে তেনে সমাজত কোনো “সুযোগ ব্যয়”(opportunity-cost) নাথাকিব। অর্থাৎ কোনো এবিধ সম্পদ কি কামত ব্যৱহাৰ কৰা হব তথা কি কামত ব্যৱহাৰ কৰা নহব, এইজাতীয় বিভিন্ন বিকল্পৰ মাজত চয়ন কৰাৰ সমস্যাই নাথাকিব। ঠিক তেনেকৈয়ে যদি এইবুলি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত এক নতুন মানৱৰ আৱির্ভাৱ হব - যি বুদ্ধিমান, যুক্তিবাদী, সামাজিক,
বিবেকবান তথা লালসাহীন হব - তেনে এখন সমাজত
অনুশাসনৰ সমস্যা, প্রেৰণাৰ(incentive) সমস্যা - ইত্যাদিবিলাক নাথাকিবই। যদি ধৰি লোৱা হয় যে সমাজবাদৰ অধীনত সকলোৱেই সমাজৰ সাধাৰণ স্বার্থৰ সৈতে আত্মীয়তাবোধ অনুভৱ কৰিব, তেনেস্থলত সাধাৰণ স্বার্থ বনাম আংশিক/ব্যক্তিগত/গোষ্ঠীয়
স্বার্থৰ সংঘাত জাতীয় প্রশ্নবোৰো অপ্রাসংগিক হৈ পৰিব, কেন্দ্রীকৰণ বনাম
বিকেন্দ্রীকৰণ জাতীয় প্রশ্নবোৰৰো প্রাসঙ্গিকতা নাথাকিব। যদি ধৰি লোৱা হয় যে উৎপাদন সম্পর্কীয় বিভিন্ন প্রশ্ন যেনে - কি কি
উৎপাদন কৰা হব, কিমান পৰিমাণে উৎপাদন কৰা হব, কি পদ্ধতিৰে উৎপাদন কৰা হব, উৎপাদিত
সামগ্রী কি কি কামত ব্যৱহাৰ কৰা হব - ইত্যাদিবিলাক পূর্বেই(ex-ante) সঠিকভাবে নির্ধাৰণ কৰি লব পৰা যায়, তেনেস্থলত পাছলৈ(ex-post) সেই সম্পর্কীয় তথ্যবোৰ পৰীক্ষণ কৰি লোৱাৰো কোনো প্রয়োজনীয়তা নাথাকিব। উপযোগী মূল্য আৰু বিনিময়
মূল্যৰ মাজত বজাৰৰ জৰিয়তে যি পৰোক্ষ(তথা ত্রুটিপূর্ণ) সম্পর্ক গঢ় লৈ উঠে, তাৰ
প্রয়োজনীয়তাও নাকচ কৰিব পৰা যাব তথা সচেতন মানৱ সিদ্ধান্তৰ যোগেৰে কেৱল ব্যৱহাৰৰ বাবে মানুহে বিভিন্ন সামগ্রী নির্মাণ কৰিব। বহুমুখী মানৱ প্রতিভাৰ তীব্র বিকাশৰ ফলত শ্রম বিভাজনো এনে সমাজত নাথাকিব
আৰু “চবেই একোজন লিয়োনার্ডো দা ভিঞ্চি হব নোৱাৰিলেও সকলোৱে খুউব সুন্দৰ পেইণ্টিং কৰিব পাৰিব”। চবেই শাসন কৰিব, শাসিত কোনো নাথাকিব।
যিহেতু সকলো ন্যস্ত স্বার্থৰ নাশ ঘটিব, কোনো প্রকাৰৰ অধিকাৰ দাবী কৰাৰো
প্রয়োজনীয়তা নাথাকিব; কোনো বাধানিষেধমূলক আইন নাথাকিব; আদালত, বিধানপালিকা তথা
ন্যায়াধীশৰো প্রয়োজনীয়তা নাথাকিব।
নিশ্চিতভাৱেই ৰাজ্যও নাথাকিব, জাতি-ৰাজ্যও
নাথাকিব, বৈদেশিক বা অন্যান্য বেহা-বেপাৰো নাথাকিব। মজুৰী ব্যৱস্থাটোৰ অন্ত পৰিব আৰু লগতে নাশ হৈ পৰিব মুদ্রা-ব্যৱস্থাটোৰো।
কিছুবছৰ পূর্বে বার্টিল্ অলমানে কমিউনিষ্ট সমাজ সম্পর্কীয় মার্ক্সৰ বিভিন্ন
মন্তব্য একগোট কৰি এখন সাৰ-সংকলন প্রস্তুত
কৰি উলিয়াইছে। অলমানে দর্শাইছে যে মার্ক্সে আমাক কমিউনিষ্ট সমাজৰ কোনো পদ্ধতিগত
বর্ণনা প্রদান কৰি থৈ যোৱা নাই[1]। এনে যিকোনো প্রচেষ্টাক মার্ক্সে আনকি “মূর্খামিপূর্ণ”,
“কাম-বন নাইকীয়া”, তথা “প্রতিক্রিয়াশীল” বুলিও
অভিহিত কৰি গৈছে। মার্ক্সৰ বিভিন্ন লেখনীৰ মাজত - বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ সমালোচনামূলক লেখনীৰ
মাজত ভৱিষ্যত ব্যৱস্থাৰ কিছু বহল ইংগিত মাথো দেখিবলৈ পোৱা যায়।
কিছুসংখ্যক পণ্ডিতে কব খোজে যে মার্ক্সে সমাজবাদ আৰু সাম্যবাদ - এই দুয়োৰে মাজত কোনো পার্থক্য অংকন
কৰা নাছিল আৰু এইজাতীয় পার্থক্য পাছলৈ স্তালিন তথা স্তালিনপন্থীসকলেহে উদ্ভাৱন কৰিছিল। কথাষাৰ সঁচা নহয়। “গোথা কার্যসূচীৰ সমালোচনা”
শীর্ষক মার্ক্সৰ লেখনীটোত সাম্যবাদৰ প্রাথমিক আৰু পৰিপক্ক স্তৰৰ উল্লেখ পোৱা যায়। পাছলৈ এই প্রাথমিক স্তৰটোকে সমাজবাদ বুলি কোৱা হল। বুখাৰিন আৰু প্রেয়োব্রেঝেনস্কিয়েও সমাজবাদ আৰু
সাম্যবাদৰ মাজত এনেধৰণেৰেই পার্থক্য সূচীত কৰিছে। ১৯২০ৰ দশকৰ সময়ত গোঢ়া
মার্ক্সবাদীসকলৰ মাজত বিশেষভাৱে জনপ্রিয় বুখাৰিন আৰু
প্রেয়োব্রেঝেনস্কিৰ “এ বি ছি অফ কমিউনিজম” শীর্ষক গ্রন্থখনত এয়া স্পষ্টকৈ দেখা পোৱা যায়। ট্রটস্কিয়েও “কমিউনিজমৰ নিম্ন স্তৰ”ৰ কথা উল্লেখ কৰিছে, অৱশ্যে স্তালিনৰ ৰাছিয়াই সেই স্তৰ লাভ কৰিছে বুলি তেওঁ মানি
লোৱা নাই[2]। ব্রেঝনেভৰ মতাদর্শদাতাসকলেও দাবী কৰিছিল যে ছোভিয়েট ৰাছিয়াখনে “এক
পৰিপক্ক সমাজবাদৰ স্তৰ লাভ কৰিছে আৰু
ক্রমান্বয়ে কমিউনিজম নির্মাণ কৰিবলৈ আৰম্ভ কৰিছে”। বহুতো মার্ক্সবাদীয়েই ছোভিয়েট
ব্যৱস্থাটোৰ সমালোচনা কৰি আহিছে তথা তাক
সমাজবাদ বুলি স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি আহিছে। এইখিনিতে এটা প্রাসংগিক প্রশ্ন
উত্থাপিত হয় - সমাজবাদৰ দাবীৰ মূল্যায়ন ঠিক কেনেধৰণৰ মানদণ্ডৰ জৰিয়তে কৰাটো সম্ভৱপৰ হব? অলমানে কমিউনিজমৰ যি অর্থ উলিয়াইছে, তেনেধৰণৰ
কমিউনিজম ছোভিয়েট ইউনিয়নত নিশ্চয়কৈ নাই আৰু কোনেও এনে দাবী কৰাও নাই। বহুতো লোকে
এনেক্ষেত্রত যাত্রাপথৰ প্রসংগ উত্থাপন কৰে - অর্থাৎ সমাজবাদৰ দিশেৰে যাত্রা কৰি
থকা দেশ একোখনক “সমাজবাদী” বুলি অভিহিত কৰাৰ বিপৰীতে “সংক্রমণকালীন” সমাজ
বুলি কোৱা হয়। কিছুলোকে ঠিক এইটো সংজ্ঞাকেই ছোভিয়েট ইউনিয়নৰ
ক্ষেত্রত প্রয়োগ কৰে। আন কিছুমানে আকৌ ছোভিয়েট ব্যৱস্থাটোক এক “নতুন
শ্রেণী-সমাজ” বুলি অভিহিত কৰি তাৰ সমালোচনা কৰে। সদ্যহতে এই বিষয়ে বিতংকৈ আলোচনা কৰাটো সম্ভৱপৰ নহব[3]। সদ্যহতে এইবুলি কলেই যথেষ্ঠ হব যে “বাস্তৱ-সম্ভৱ সমাজবাদ” শীর্ষক শব্দাৱলীৰ জৰিয়তে মই এনে এক বৈকল্পিক ব্যৱস্থা নির্মাণৰ কথা বুজাইছোঁ- যাক এটা প্রজন্মৰ ভিতৰতে নির্মাণ কৰাটো সম্ভৱপৰ হব। এয়া এক বাস্তৱসন্মত দৃষ্টিভংগী বুলি কব পাৰি, কিয়নো ইয়াৰ বাবে আমি কোনো উগ্র, য়ুটোপিয়ান
কল্পনাৰ আশ্রয় লোৱাৰ প্রয়োজনীয়তা নাই। এইখিনিতে হয়তো
এই কথাও উল্লেখ কৰি থোৱাটো উচিত হব যে মোৰ সংজ্ঞা অনুসৰি সমাজ একোখনক সমাজবাদী বুলি কবলৈ হলে সেই
সমাজখনত সামাজিক মালিকানাৰ প্রভুত্ব থাকিব লাগিব তথা ৰাজনৈতিক আৰু আর্থিক
গণতন্ত্রও থাকিব লাগিব। এনে অতি-সৰলীকৃত সংজ্ঞা কিয় দাঙি ধৰা হৈছে, সেইকথা পাছলৈ
স্পষ্ট হৈ পৰিব।
এটা কথা সত্য যে কমিউনিষ্টসকলে সাম্যবাদ কোনো দূৰৈৰ সপোন বুলি ভবা নাছিল, বৰং
তেওঁলোকে ইয়াক এক বাস্তৱিকতে সম্ভৱপৰ লক্ষ্য বুলিয়েই গণ্য কৰিছিল।
লেনিন, ট্রটস্কি, বুখাৰিন আদি নেতাসকলে সঁচাকৈয়ে বিশ্বাস কৰিছিল যে তেওঁলোকৰ পাছৰ
প্রজন্মটোৱে এই নতুন ব্যৱস্থাটোৰ কৃতিত্বসমূহ দেখিবলৈ পাব। “গোথা কার্যসূচীৰ
সমালোচনা”ত যি সমাজবাদৰ কথা মার্ক্সে উল্লেখ কৰিছে, সি ইতিমধ্যেই কমিউনিজমৰ পথেৰে
ভালেখিনি আগবাঢ়িছে। এইক্ষেত্রত সাম্যবাদ আৰু সমাজবাদৰ মাজত দুটা মূল পার্থক্য দেখা
যায়- সমাজবাদৰ অধীনত “কাম যিমান, পুৰস্কাৰ সিমান” নীতি গ্রহণ কৰা হব, আনহাতে
সাম্যবাদৰ অধীনত ই “প্রয়োজন যিমান, পুৰস্কাৰ সিমান” নীতিলৈ পৰিণত হব। এই “কাম
যিমান, পুৰস্কাৰ সিমান” নীতি ৰূপায়ণ কৰিবলৈ সমাজবাদে প্রতিজন শ্রমিককে কামৰ
বিনিময়ত কেতবোৰ “কুপন” প্রদান কৰিব, যাৰ বিনিময়ত উপভোগ্য সামগ্রী ক্রয় কৰিব পৰা
যাব। চার্লছ বেটেলহাইমে ঠিকেই লিখিছে যে মার্ক্সৰ মতে সমাজবাদৰ বিজয়ৰ ঠিক পাছতেই,
অর্থাৎ শ্রমিকসকলে উৎপাদন সমলবিলাক কুক্ষিগত কৰাৰ ঠিক পাছতেই সকলো পণ্য, মূল্য, মুদ্রা,
দাম আৰু মজুৰী নাশ কৰি পেলোৱা হব[4]। এই আলোচনাবিলাকৰ পৰা বুজা যায় যে
ধ্রুপদী মার্ক্সবাদৰ মতে সমাজবাদ আৰু সাম্যবাদ ঠিক একেটা বস্তু নহলেও দুয়োৰে মাজত
কেতবোৰ প্রগাঢ় সম্পর্ক আছে, এটাৰ অবিহনে ইটোক কল্পনা কৰা সম্ভৱপৰ নহয়, এটাক আনটোৰ অসম্পূর্ণ স্তৰ বুলি কব পৰা যায় তথা
দুয়োৰে মাজত বহুতো উমৈহতীয়া উপাদান আছে।
আমাৰ সমুখত সদ্যহতে দুটা প্রশ্ন উত্থাপিত হৈছে। প্রথম- সমাজবাদৰ
ৰাজনৈতিক-অর্থনীতি কেনেধৰণৰ হব- এই সম্পর্কে মার্ক্স আৰু তেওঁৰ অনুগামীসকলৰ ধাৰণা
কি আছিল? দ্বিতীয়তে, সমাজবাদী ব্যৱস্থা সম্পর্কীয় এই ধাৰণাবিলাকৰ পৰা আজি আমি কি শিকিব পাৰোঁ?
এই বিষয়ক এটা উত্তৰ নিকোলাই বুখাৰিনে প্রদান কৰি গৈছে। তেওঁৰ মতে সমাজবাদৰ
কোনো ৰাজনৈতিক অর্থনীতি থাকিবই নোৱাৰে!
তেওঁৰ ভাষাত-
ৰাজনৈতিক অর্থনীতি হৈছে...বিশৃংখল জাতীয় অর্থনীতিৰ সম্পর্কীয় এক বিজ্ঞান।
যিবিলাক সমাজত উৎপাদনৰ চৰিত্র অৰাজক ধৰণৰ হয় – তেনে সমাজতবিলাকতহে সামাজিক জীৱনৰ নিয়মবিলাক “প্রাকৃতিক”, “স্বতঃস্ফূর্ত” যেন প্রতীয়মান
হয়। এনে সমাজবিলাকতহে সামাজিক জীৱনৰ নিয়মবিলাক ব্যক্তি তথা সমষ্টিৰ পৰা স্বাধীন, মাধ্যাকর্ষণসদৃশ প্রাকৃতিক
নিয়ম যেন অনুভৱ হয়। ইয়াৰ বিপৰীতে, যি মুহূর্ততে আমি
সংগঠিত জাতীয় অর্থনীতিৰ কথা বিবেচনা কৰোঁ, ঠিক তেতিয়াই ৰাজনৈতিক অর্থনীতিৰ বিভিন্ন
সমস্যা- যেনে দাম, মূল্য, মুনাফা ইত্যাদিবিলাক নাশ পাবলৈ ধৰে। সংগঠিত জাতীয়
অর্থনীতিৰ অধীনত মানৱ সম্বন্ধবিলাক “বস্তুৰ মাজৰ সম্বন্ধ”লৈ পৰিণত নহয়। কিয়নো এই নতুন অর্থনীতিখন
প্রতিযোগিতা তথা বজাৰৰ অন্ধ শক্তিবিলাকৰ জৰিয়তে পৰিচালিত হোৱাৰ বিপৰীতে, সচেতন মানৱ পৰিকল্পনা(আর্থিক প্লেন)ৰ দ্বাৰাহে পৰিচালিত হয়। পুঁজিবাদ
আৰু পণ্য অর্থনীতিৰ সমাপ্তিৰ লগে লগেই ৰাজনৈতিক অর্থনীতিৰো সমাপ্তি ঘটে[5]।
বুখাৰিনে ভাবিছিল যে সমাজবাদৰ মার্ক্সপ্রদত্ত বিশিষ্ট সংজ্ঞাৰ পৰাই এইজাতীয়
বিশ্লেষণ নিঃসৃত হয়। অর্থনীতিৰ বিষয় যদি হয় বিভিন্ন অনিয়ন্ত্রিত (“অৰাজক”) পৰিঘটনা - যেনে ক্রয়-বিক্রয়, বিনিময়, বজাৰ, মুনাফা, মুদ্রা,
শোষণ ইত্যাদি - তেনেস্থলত সমাজবাদৰ অধীনত সিবিলাক অপ্রাসঙ্গিক হৈ পৰাটোৱেই স্বাভাৱিক। মূল্য নিয়ম(law of
value) তথা আনুসংগিক আর্থিক নিয়মবিলাকতো পুঁজিবাদৰ সৈতেই যুক্ত।
এইজাতীয় কেতবোৰ মন্তব্য প্রেয়োব্রেঝেনস্কিয়েও প্রদান কৰি গৈছে। ১৯২০ৰ দশকত আন এজন মার্ক্সবাদী
অর্থনীতিবিদ স্কৱ’র্টচভ স্তেপানভৰ সৈতে হোৱা কেতবোৰ আলোচনাৰ প্রসংগত প্রেয়োব্রেঝেনস্কিয়ে লিখিছে যে
কেতবোৰ বিশেষ উৎপাদন সম্বন্ধৰ অধীনতহে ৰাজনৈতিক অর্থনীতিৰ আৱির্ভাৱ হয়। অর্থাৎ যিকোনো উৎপাদন সম্বন্ধৰ অধীনতেই ৰাজনৈতিক-অর্থনীতিৰ অস্তিত্ব
বর্তি থাকিব বুলি কবলৈ হলে ই ৰাজনৈতিক অর্থনীতিৰ লক্ষ্য আৰু পদ্ধতি সম্পর্কীয়
মার্ক্সৰ লেখনীবোৰৰ বিৰুদ্ধাচাৰণ কৰিব লাগিব[6]। বুখাৰিনেও বাৰম্বাৰ দর্শাবলৈ যত্ন কৰিছিল যে “এখন সংগঠিত অর্থনীতিৰ
অধীনত...সমাজবাদী ৰাজ্যৰ সামাজিক অর্থনীতিৰ অধীনত... আমি এনে কোনো সমস্যাৰ
মুখামুখি হব লগা নহব, যাৰ সমাধান ৰাজনৈতিক অর্থনীতিৰ তত্ত্বৰ সৈতে জড়িত হব”।
ইবিলাকৰ বিপৰীতে স্কৱ’র্টচভ স্তেপানভে দর্শাবলৈ যত্ন কৰিছিল যে প্রাক-পুঁজিবাদী তথা
উত্তৰ-পুঁজিবাদী - এই দুয়োধৰণৰে সামাজিক ব্যৱস্থাৰ আলোচনাৰ ক্ষেত্রত মার্ক্সীয় অর্থশাস্ত্রৰ প্রাসংগিকতা
থাকিব। অৱশ্যে এইখিনি সময়ত স্তেপানভৰ দৰে
চিন্তা কৰা মানুহ খুব কমেই আছিল।
কাজেই ১৯২০ৰ দশকৰ এই ছোভিয়েট কমিউনিষ্টসকলে বিশ্বাস কৰিছিল যে নতুন আর্থিক
নীতি (নেপ)ৰ অধীনত “মূল্য নিয়ম”ৰ(law of value) অস্তিত্ব বর্তি আছে। কৃষকসকলৰ
ব্যক্তিগত সম্পত্তি তথা বজাৰৰ জৰিয়তে
কৃষকসকলৰ সৈতে গঢ়ি উঠা সম্পর্কবিলাকৰ ফলতেই এই মূল্য নিয়ম অটুট আছে বুলি
তেওঁলোকে বিশ্বাস কৰিছিল। ইয়াৰ বিপৰীতে,
তেওঁলোকে ভাবিছিল যে সমাজবাদৰ সংজ্ঞাই হৈছে যে তাৰ অধীনত মূল্য নিয়মৰ বিলোপসাধন
কৰিব লাগিব। সমাজবাদৰ অধীনত “বৈজ্ঞানিক মেনেজমেণ্ট” বা “সামাজিকভাৱে সংগঠিত উৎপাদন বিজ্ঞানে” অর্থশাস্ত্রৰ স্থান গ্রহণ কৰিব।
ইয়াৰ প্রথমটো শব্দাৱলী ব্যৱহাৰ কৰিছিল বুখাৰিনে আৰু দ্বিতীয়টো
ব্যৱহাৰ কৰিছিল প্রেয়োব্রেঝেনস্কিয়ে।
মূল্য নিয়ম তথা সমাজবাদৰ আর্থিক নিয়ম সম্পর্কীয় এনে বিভিন্ন বিতর্কৰ এক সুন্দৰ
সাৰ-সংকলন লুই বাছলেই প্রস্তুত কৰি উলিয়াইছে[7]।
এই বিষয়সমূহ সম্পর্কে লেনিনৰ ধাৰণা কি আছিল? ১৯২০ চনত বুখাৰিনৰ “ইক’নমিক্স অফ
ট্রেনজিছন পিৰিয়ড” শীর্ষক গ্রন্থখনৰ সমালোচনামূলক এটা টোকাত লেনিনে লিখিছিল যে পুঁজিবাদক
সম্পূর্ণভাৱে “অসংগঠিত” ব্যৱস্থা বুলি কোৱাটো উচিত নহয়, বৰং একপ্রকাৰে ইয়ো এক সংগঠিত ব্যৱস্থা। লগতে তেওঁ এইবুলিও কৈছিল যে সাম্যবাদৰ অধীনতো
অর্থনীতিখনৰ প্রাথমিক অনুপাতবিলাক(basic proportions) নির্ধাৰণ কৰা কেতবোৰ আর্থিক নিয়ম-নীতি বর্তি থাকিব[8]। অর্থাৎ বাছলেৰ সৈতে লেনিনে সহমত পোষণ কৰাৰ পূৰামাত্রাই সম্ভাৱনা আছিল। বাছলেই মূল্য নিয়মৰ দুটা ৰূপৰ কথা উল্লেখ কৰিছে- (১) বিভিন্ন কামৰ
বাবে শ্রমৰ বিতৰণ কেনেকৈ কৰা হব- এই প্রশ্নটোৰ মোকাবিলা কৰিব পৰাকৈ মূল্য নিয়মৰ
এটা নতুন ৰূপ, তথা (২) পণ্য অর্থনীতিত সচৰাচৰ দেখা পোৱা মূল্য নিয়মৰ পৰম্পৰাগত ৰূপ (য’ত বিনিময়, বজাৰ,
প্রতিযোগিতা ইত্যাদি উপাদানবিলাক দেখা পোৱা যায় তথা যাৰ জৰিয়তে এই মূল্য নিয়ম পৰিচালিত হয়)। মূল্য নিয়মৰ প্রথম ৰূপটোক চমুকৈ LV1 (Law of Value 1) তথা দ্বিতীয় ৰূপটোক LV2 (Law of
Value 2) বুলিও নামাকৰণ কৰিব পাৰি।
আজিৰ দিনৰ কেতবোৰ ছোভিয়েট অর্থনীতিবিদেও এনেজাতীয় কেতবোৰ দৃষ্টিভংগীকে গ্রহণ
কৰিবলৈ চেষ্টা কৰিছে। উদাহৰণ হিচাপে, অর্থনীতিবিদ কছলাপ’ভে ডাছ কেপিটেলৰ দ্বিতীয় খণ্ডৰ নিম্নোক্ত পেৰাগ্রাফটোৰ
প্রতি আমাৰ দৃষ্টি আকর্ষণ কৰিছে-
পুঁজিবাদৰ অৱসানৰ পাছতো...সামাজিকভাৱে সংগঠিত উৎপাদনৰ অধীনত...মূল্য নির্ধাৰণ নীতি সক্রিয় হৈ
থাকিব। উৎপাদনৰ বিভিন্ন খণ্ডৰ মাজত সামাজিক শ্রমৰ বিতৰণ, শ্রম সময়ৰ নিগমণ, এইজাতীয়
বিভিন্ন হিচাপ নিকাচৰ বাবে প্রয়োজনীয় একাউণ্টিং – ইত্যাদি কামবিলাক পূর্বতকৈয়ো
অধিক গুৰুত্বপূর্ণ হৈ পৰিব। ঠিক এই অর্থতেই মূল্য নিয়মো প্রভুত্ববান হৈ থাকিব।
কছলাপভৰ মতে, এই পেৰাগ্রাফটোৰ দ্বাৰা নিম্নোক্ত ধৰণৰ সিদ্ধান্তলৈ আহিব পাৰি-
১) সমাজবাদৰ অধীনত কোনো পণ্য নাথাকিব আৰু কোনো মূল্যও নাথাকিব, যিহেতু এই ব্যৱস্থাৰ অধীনত কোনো বিনিময় ব্যৱস্থা নাথাকিব ২) পণ্য আৰু মূল্য সমাজবাদৰ অধীনত অস্তিত্বমান
হৈ থাকিব[9]! এনে
স্ব-বিৰোধী সিদ্ধান্তৰ জৰিয়তে কছলাপভে হয়তো বাছলেৰ দৰেই LV1 তথা LV2ৰ কথা কব বিচাৰিছে।
মূল্য নিয়ম সম্পর্কে শেহতীয়াকৈ ভালেখিনি চিন্তাকর্ষক আলোচনা প্রকাশিত হৈছে।
এক্স ৰিছেট[10],
এ ব্রুদি[11],
এ মেটিক[12] আদি
অর্থনীতিবিদসকলে মার্ক্সৰ এই কথাষাৰৰ অর্থ উলিয়াবলৈ যত্ন কৰিছে যে - “মানৱ প্রয়োজনসমূহ পূৰণ কৰিবলৈ সকলো সমাজতেই সামাজিক শ্রমৰ
আনুপাতিক বিতৰণ প্রয়োজনীয় হব”। ৰিছেটে বাছলেৰ
দৰেই এক অৱস্থান গ্রহণ কৰিছে আৰু মানি লৈছে যে
সকলো সমাজকে সামৰিব পৰাকৈ কেতবোৰ সাধাৰণ আর্থিক নিয়ম থাকে। ব্রুডিৰ মতে যেতিয়াই
বিভিন্ন কাম-কাজ তথা উৎপাদৰ মাজত চয়ন কৰাৰ পৰিস্থিতি সৃষ্টি হয়, তেতিয়াই মার্ক্সৰ
মূল্য তত্ত্বও প্রাসংগিক হৈ পৰে।
এটা কথা ঠিক যে পণ্য উৎপাদনৰ অবিহনে বিনিময় মূল্য থাকিব নোৱাৰে। কিন্তু যেতিয়ালৈকে সমাজত শ্রম বিভাজন থাকিব, তুলনা কৰিব পৰাকৈ ভিন ভিন কাম-কাজ থাকিব, তেতিয়ালৈকে মূল্যৰ ধাৰণাটোও কোনোবা
নহয় কোনোবা ৰূপত প্রাসংগিক হৈ থাকিব।
যেতিয়ালৈকে সমাজত শ্রমৰ সদব্যৱহাৰৰ প্রয়োজনীয়তা থাকিব, তেতিয়ালৈকে মূল্যৰ ধাৰণাটোও প্রয়োজনীয় হৈ ৰ’ব, তেহেলৈ
কোনো বজাৰ থাকক বা নাথাকক।
সমাজবাদৰ অধীনত মূল্য নিয়মৰ উপস্থিতি সম্পর্কীয় বিতর্কৰ আজিও ওৰ পৰা নাই। পিছে
“সমাজবাদৰ অধীনত মূল্য-নীতি নাথাকিব তথা ৰাজনৈতিক-অর্থনীতিও নাথাকিব” - এইজাতীয়
দাবীবোৰ গ্রহণ কৰি লোৱাত অনেকখিনি ব্যাৱহৰিক অসুবিধা আছে। প্রথম - এনে ঋণাত্মক উত্তৰ গ্রহণ কৰি লোৱাৰ অর্থ হব যে সমাজবাদৰ আর্থিক সমস্যাবিলাক আমি মার্ক্স বা
মার্ক্সবাদৰ সহায়ৰ অবিহনেই সমাধা কৰিব লাগিব! আন কথাত কবলৈ গলে- আমি এক বৌদ্ধিক
শূন্যতাৰ অৱস্থিতি মানি লব লাগিব। সমাজবাদৰ অধীনত
কেনেধৰণৰ বাস্তৱিক আর্থিক সমস্যা সৃষ্টি হব - তাৰ
কিছু হিচাপ নিকাচ আজিয়েই কৰি লোৱাটো আমাৰ বাবে প্রয়োজনীয় হব। দ্বিতীয়তে, পুঁজিবাদী ব্যৱস্থা সম্পর্কে মার্ক্সে যিবিলাক বিশ্লেষণ তথা সমালোচনা
আগবঢ়াইছে, সিবিলাকৰ গুৰিতে আছে অনাগত এক বিকল্প সমাজ সম্পর্কীয় তেওঁৰ চিন্তা-চর্চা। অর্থাৎ অনাগত সমাজখনৰ সৈতে তুলনা কৰিয়েই তেওঁ
পুঁজিবাদৰ বহুখিনি আলোচনা আগবঢ়াইছে। যদিও
এই অনাগত ব্যৱস্থাৰ কোনো ব্লুপ্রিণ্ট মার্ক্সে এৰি
যোৱা নাই, তথাপিও এই প্রশ্নটো
সম্পূর্ণভাৱে “বৈপ্লৱিক সংগ্রামে স্বয়ংক্রিয়ভাৱে সমাধা কৰিব” বুলি ভবাটো বিভ্রান্তিকৰ হব। তৃতীয়তে,
সমাজবাদীসকলে আজি এই প্রশ্নটোৰ উত্তৰ দিব লাগিব যে তেওঁলোকে যি বিকল্প আগবঢ়াইছে,
সি সঁচাকৈয়ে সম্ভৱপৰ তথা সি কোনো ঢুকি পাব নোৱাৰা অবাস্তৱিক আদর্শ সমাজ (যেনে “ৰামৰাজ্য”)
নহয়। ১৯০৮ চনতে বেৰনেই লিখি গৈছে যে মার্ক্সবাদীসকলে সমাজবাদ সম্পর্কীয় সমালোচনাবোৰৰ
কোনো গুণগ্রাহী উত্তৰ নিদিয়াৰ প্রৱণতাটোক ধার্মিক লোকসকলে তেওঁলোকৰ ধর্মটোৰ মূল প্রতিপাদ্যবিলাকৰ সমালোচনা
শুনিবলৈ আগ্রহী নোহোৱাৰ সৈতেহে তুলনা কৰিব পাৰি[13]। সত্তৰ বছৰৰ পছত আন এজন ইটালিয়ান লুচিয়ানো
পেল্লিকানিয়ে কমিউনিষ্টসকলৰ মাজত প্রচলিত সমাজবাদ সম্পর্কীয় বিভিন্ন
মৌলবাদী প্রাক-ধাৰণাক আক্রমণ কৰি লিখিছে যে - “তেওঁলোকে আগবঢ়োৱা বৈপ্লৱিক বিকল্পটো প্রকৃততে কিমানদূৰৈলৈ বাস্তৱসন্মত হব, সেই বিষয়ক কোনো সমালোচনাত্মক আলোচনাৰ প্রতি
তেওঁলোক আগ্রহী নহয়”। পেল্লিকানিয়ে খ্রীষ্টানসকলৰ স্বর্গৰ সৈতে মার্ক্স-এংগেলছৰ “স্বাধীনতাৰ
পৃথিৱী”ৰ তুলনা কৰিছে। তেওঁ লিখিছে - “যিহেতু
এই দুয়ো মতাদর্শৰ অনুগামীসকলৰ মতে বর্তমানৰ conceptual categoryবিলাকৰ জৰিয়তে ভৱিষ্যত সমাজৰ আলোচনা সম্ভৱপৰ নহয়, সেয়েহে ভৱিষ্যত সমাজখন কেনে হব, সেই বিষয়ে অনুমান কৰি থকাটো অর্থহীন কথা”[14]।
কেতসংখ্যক মার্ক্সবাদীয়েও এই সমস্যাবোৰ অনুধাৱন কৰিব পাৰিছে। উদাহৰণ হিচাপে, ভৱিষ্যত সমাজ বিষয়ক তৰুণ মার্ক্সৰ দৃষ্টিভংগীৰ সমালোচনা কৰি এলেইন লিপিজে লিখিছে
যে মার্ক্সৰ বস্তুবাদী দ্বন্দ্ববাদত ভাৱবাদী কেতবোৰ দিশো দেখা পোৱা যায়; ডেকা কালত মার্ক্সে মুক্ত মানৱতাৰ যি সপোনৰ কথা উল্লেখ কৰিছিল, সেয়া আছিল ছেইণ্ট জনৰ গচপেলৰ দৰেই সুন্দৰ
কিন্তু ছায়াচ্ছন্ন (প্রসংগঃ মার্ক্সৰ ১৮৪৪ চনৰ পাণ্ডুলিপিসমূহ)। ফয়াৰবাখ আৰু
হেগেলৰ সহায়ত মার্ক্সে যীশু খ্রীষ্টৰ ক্রছ আৰু পুনর্জন্মৰ স্থানত বিচ্ছিন্নতা আৰু
পুণৰমিলনক (উৎপাদন সমল আৰু উৎপাদকৰ পুণৰমিলনক) স্থাপিত কৰিছে[15]।
এনে ধর্মীয় উপমাৰ উদাহৰণ আৰু অনেক আছে। ডেভিড মুৰেইয়ে
বার্টল্ট অলমেনৰ সৈতে সহমত পোষণ কৰিছে যে কমিউনিজমৰ অধীনত জীৱন কেনেদৰে শ্রেষ্ঠতৰ হব-
তাৰে এখন ছবি শ্রমিকসকলক দেখুৱাব পাৰিলে সমাজবাদী প্রকল্পটোও অধিক ফলপ্রসূ হব পাৰিব[16]। কিন্তু একেসময়তে মুৰেইয়ে অলমান তথা মার্ক্সৰ
বিভিন্ন অস্পষ্ট ধাৰণাৰ সমালোচনা কৰিছে, যেনে - শ্রম বিভাজনৰ সমূল অৱসানৰ দাবী, প্রত্যক্ষ ব্যৱহাৰৰ বাবে উৎপাদন আয়োজনৰ দাবী ইত্যাদি (এইকেইটা দিশ সম্পর্কে পাছলৈ বহলাই আলোচনা কৰা
হব)। মুৰেইয়ে সুধিছে- “সাম্যবাদ সম্পর্কীয় অলমান চাহাবৰ এই ছবিখনে কিমান মানুহক
কমিউনিজম শ্রেষ্ঠ ব্যৱস্থা বুলি পতিয়ন নিয়াব পাৰিব?” শেহত মুৰেয়ে আশংকা প্রকাশ কৰিছে - “হয়তো অলমানৰ
কমিউনিজম এক অতিশয় বৰিং তথা ৰংহীন ব্যৱস্থা বুলিহে প্রমাণিত হব আৰু এনে য়ুটোপিয়াৰ প্রচাৰে জনগণক বিৰক্তহে কৰিব”।
ডেব্রেয়ো সাম্যবাদৰ অস্পষ্ট ৰোমাণ্টিক দাবীবোৰৰ সমালোচনা কৰি এনেদৰে লিখিছে –
এই সমস্ত দাবীবিলাকৰ অর্থ কি? কেনেকৈ এই ব্যৱস্থাটো চালনা কৰা হব? কি লক্ষ্যৰে চালনা কৰা হব? কোনে কৰিব?
এইবুলি সুধিলেই আপোনাক কোৱা হয় – “অপ্রাসঙ্গিক প্রশ্ন কৰিছা!” যিহেতু বিপ্লৱীসকল ইহজগতৰ সৰু-সুৰা প্রশ্নবোৰৰ প্রতি আগ্রহী নহয়, সেয়েহে
বিপ্লৱৰ প্রয়োজনীয়তা, ফলাফল তথা সীমাৱদ্ধতাৰ দৰে স্থূল প্রশ্নবিলাকৰ প্রতিও তেওঁলোক আগ্রহী নহয়
বুলি কব পাৰি! বিপ্লৱীসকলৰ মতে এনে প্রশ্নসমূহ উত্থাপন কৰাৰ অর্থই হৈছে বিপ্লৱক লঘূ কৰি তোলা; কর্মদক্ষতাৰ(efficacy) দৰে লঘূ মানদণ্ডৰ দ্বাৰা বিকল্প ব্যৱস্থাটোক মূল্যায়ন কৰাৰ অর্থই হৈছে বিপ্লৱক অপমান কৰা । বিপ্লৱীসকলৰ মতে, বিপ্লৱৰ প্রতি উদাসীনসকলেহে এইজাতীয় আহুকলীয়া প্রশ্নবোৰ উত্থাপন
কৰে[17]।
মোকো কেতসংখ্যক বিপ্লৱীয়ে “ৰক্ষণশীল” অভিহিত কৰি থৈছে কিয়নো মই মার্ক্সবাদী পৰম্পৰাৰ
ৰোমান্টিক-ধর্মীয়সদৃশ-য়ুটোপিয়ান উপাদানবিলাকৰ সমালোচনা কৰি আহিছোঁ। মই অৱশ্যে ধর্মক বেছ সন্মান কৰোঁ। ৰাছিয়াৰ খ্রীষ্টান-ছছিয়েলিষ্ট লেভিন্টিন ক্রাছনভে লিখিছে যে ধনী-দুখীয়া তথা
শাসক-শাসিতৰ প্রভেদ নোহোৱা এখন বৈকল্পিক সমাজ অসম্ভৱ নহয়, কিয়নো অন্যথাই যীশু খ্রীষ্টই এইজাতীয় ধাৰণাবোৰ আমাৰ মগজুত সুমুৱাই নিদিলেহেঁতেন![18]
ধর্মীয় বাগধাৰাৰ আভ্যন্তৰীন দৃষ্টিৰে এই যুক্তি নিশ্চিতভাৱেই অকাট্য তথা সু-সংগত! পিছে নিজকে “বৈজ্ঞানিক সমাজবাদ”ৰ
নির্মাতা বুলি দাবী কৰা কমিউনিষ্ট বিপ্লৱীসকলে প্রস্তাৱিত ব্যৱস্থাটোৰ বাস্তৱ-সম্ভৱতা তথা কার্যপ্রণালী বিষয়ক
যুক্তিসংগত আলোচনাৰ পৰা ৰক্ষা পাব নোৱাৰে।
সমাজবাদী বা বিপ্লৱী হোৱা মাত্রেই যে ব্যক্তিজনে এক অসম্ভৱ য়ুটোপিয়াত বিশ্বাস কৰিব লাগিব, এনে দাবী কৰাৰ কোনো
ন্যায্যতা নাই।
সমাজবাদী য়ুটোপিয়াৰ পক্ষত দাঙি ধৰা আন এক যুক্তি হৈছে যে ই এক মানদণ্ডৰ ভূমিকা
গ্রহণ কৰে। অর্থাৎ আদর্শ সমাজখনৰ পৰা আজিৰ বাস্তৱ সমাজখন কিমান দূৰৈত অৱস্থিত, তাৰ কিছু উমান লোৱাত ই সহায় কৰিব পাৰে।
আন কথাত কবলৈ গলে,
আদর্শৰ সৈতে বাস্তৱ সমাজৰ তুলনা কৰাত ই সহায়ক হব পাৰে। বাস্তৱ সমাজৰ নানান সীমাৱদ্ধতা থাকে, কিন্তু আদর্শ সমাজখনৰ ফালে অহৰহ লক্ষ্য ৰাখিলে ই আমাক বাঞ্ছনীয় ভৱিষ্যতৰ দিশেৰে আগুৱাই যোৱাত সহায় কৰিব পাৰে। এইজাতীয় যুক্তিবিলাকৰ সমস্যা হৈছে যে পশ্চিমীয়া
অর্থশাস্ত্রৰ বিশুদ্ধ প্রতিযোগিতা(perfect competition) তথা বিশুদ্ধ বজাৰৰ দৰেই সিবিলাকে এক বিশুদ্ধ, নিখুঁত ব্যৱস্থাৰ ছবি দাঙি ধৰে, যি বাস্তৱ ক্ষেত্রত সম্ভৱপৰ নহয়।
দুই প্রকাৰে এইজাতীয় যুক্তিৰ উত্তৰ দিব পাৰি। প্রথম- যিকোনো বাস্তৱ সমাজক অসম্ভৱ আদর্শৰ সৈতে তুলনা কৰাৰ অর্থ হৈছে
যে এনে প্রতিখন বাস্তৱ সমাজক আমি ত্রুটিপূর্ণ বুলি সমালোচনা কৰিব লাগিব তথা নিজকে
সমাজবাদী বুলি দাবী কৰা প্রতিটো ব্যৱস্থাৰ অধীনতেই আমি ধর্মযুধিষ্ঠিৰৰ দৰে (সকলোকে অহৰহ সমালোচনা কৰি থকা) বিৰোধীৰ
ভূমিকা পালন কৰিব লাগিব। তদুপৰি এনে হবলৈ হলে যিকোনো সমাজবাদী ব্যৱস্থাৰ সমালোচনামূলক মূল্যায়ন কৰিবলৈ আমাৰ ওচৰত কোনো বাস্তৱিক আধাৰ নাথাকিব। উদাহৰণস্বৰূপে যদি আপুনি ভাবে যে আদর্শ
সমাজখনত কোনো শ্রম বিভাজন নাথাকিব কিন্তু একেসময়তে কোনো বাস্তৱ সমাজত শ্রম বিভাজনৰ সম্পূর্ণ বিলুপ্তি সম্ভৱপৰ নহয়, তেনেস্থলত ব্রেঝনেভকালীন ছোভিয়েট ৰাছিয়াখনক
শ্রম-বিভাজনৰ অৱসান নঘটোৱা বাবে সমালোচনা কৰাৰ কিবা অর্থ থাকিবনে? দ্বিতীয়তে, মুৰেৰ
পৰা ধাৰ কৰি কবলৈ হলে, বিপ্লৱীসকলৰ এই আদর্শ সমাজখন অসম্ভৱ হোৱাৰ লগতে ভীষণ বিৰক্তিকৰো হব, কিয়নো
এনে এখন সমাজত কোনো সমস্যাই নাথাকিব! কোনো যুক্তিশীল ব্যক্তিকেই এনে সপোনৰ দ্বাৰা
আকর্ষিত কৰাটো সম্ভৱপৰ নহয়।
এই অধ্যায়টোৰ অনাগত অংশটোত আমি পৰম্পৰাগত মার্ক্সবাদৰ তিনিটা বিশেষ
প্রাক-ধাৰণাৰ বিষয়ে আলোচনা কৰিম। এই প্রাক-ধাৰণাকেইটা হৈছে ক্রমে- প্রাচুর্যতা,
অভাৱ আৰু নতুন মানুহ।
[1] Bertill Ollman, ‘Marx’s vision of communism: a
reconstruction’, in Critique, no. 8, 1978.
[2] Leon Trotsky, ‘Chto takoye SSSR i kuda on idyot’, mimeo.,
1936, p. 36.
[3]
Alec Nove, ‘Is the Soviet Union a class society?’, Soviet
Studies, October 1975
[4]Charles Bettelheim, The Transition to a Socialist Society (Hassocks:
Harvester, 1975), p. 23. Engels wrote: ‘with the seizing of the means of
production by society, production of commodities is done away with’ (Socialism,
Utopian and Scientific).
[5]
Nikolai Bukharin, Ekonomika perekhodnogo perioda (Moscow,
1920). Translation taken from Adam Kaufman’s essay ‘The origin of the political economy of
socialism’, Soviet Studies, January 1953.
[6] Yevgeni Preobrazhensky, Novaya
ekonomika (Moscow, 1925). Translation from B. Pearce, The New Economics (Oxford: Clarendon Press, 1965).
[7] L. Baslé, ‘L’élaboration de I’économie politique du
socialisme en URSS, 1917–54’, thesis, Paris-Nanterre University, 1979.
[8] Leninsky sbornik, no.
10, 1929.
[9] R. Kosolapov, Sotsializm (Moscow, 1979), p. 219.
[10]
X. Richet, Cahiers du CEREL (Paris), no. 18,
1980.
[11] A. Brody, Proportions, Prices and Planning (Budapest:
Akadémiai Kiadó, 1970).
[12] A. Mattick, Marx et
Keynes (Paris: Gallimard, 1972). In English, Marx and Keynes (London:
Merlin Press, 1969).
[13] E. Barone, ‘The ministry of production in a collectivist
state’, in The Economics of Socialism, ed. A. Nove and D.M. Nuti
(Harmondsworth: Penguin, 1972).
[14] L. Pellican, in Controcorrenti, January-March 1976,
pp. 32, 40.
[15] A. Lipietz, Crise et inflation: pourquoi? (Paris:
Maspéro, 1979), pp. 304, 366.
[16] D. Murray, in Radical Philosophy, Summer 1979, p.
22.
[17] R. Debray, L’lndésirable (Paris: Editions du Seuil,
1975), pp. 111–12.
[18] A. Levitin-Krasnov, in his SSSR: demoktraticheskiye
alternativity (Achberg: Achberger Verlag, 1976), p. 225. The legacy of Marx
63
No comments:
Post a Comment