Friday, November 15, 2013

মোডী-প্রেমৰ ৰহস্য আৰু ভাৰতীয় গণতন্ত্রৰ ভবিষ্যত

মূলঃ শংকৰ গোপালকৃষ্ণণ
ভাবানুবাদ আৰু সংযোজনঃ ময়ূৰ চেতিয়া
('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৩ সংখ্যাত প্রকাশিত)
............
বিগত কেইবাটাও মাহ ধৰি যেনেধৰণৰ বিপুল উৎসাহেৰে  বিভিন্ন কর্পৰেট মিডিয়াই প্রধানমন্ত্রী পদৰ
বাবে নৰেন্দ্র মোদীক প্রক্ষেপ কৰি আহিছে সেয়া হয়তো সমগ্র ভাৰতীয় সংবাদ মাধ্যমৰ ইতিহাসতে এটা বিৰল ঘটনা। নৰেন্দ্র মোদীয়ে উচ্চাৰণ কৰা প্রায় প্রতিটো বাক্যকে জনগণৰ কর্ণকুহৰত বাৰে বাৰে পেলাই থাকিবলৈ  তেওঁলোক যেন প্রতিশ্রুতিবদ্ধ। এই সম্পর্কে কোনো সন্দেহ নাই যে মূলতঃ কর্পৰেট মিডিয়াৰ কৃপাতেই সম্প্রতি দেশত  মোডী চাহাবৰ ধূম উঠিছে। এইখিনিতে এটা প্রশ্নৰ উদ্রেগ হয়ঃ নৰেন্দ্র মোডীৰ প্রতি কর্পৰেট মিডিয়াৰ এই প্রীতিৰ কাৰণ কি? দেশৰ পুঁজিপতি সকলৰ বাবে মোদীয়েনো এনে কি সুবিধা আগবঢ়াইছে, যাৰ বাবে কর্পৰেট মিডিয়া সমূহ মোডী  প্রেমত নিমগ্ন হৈ পৰিছে?

প্রথমতেই এইক্ষেত্রত সততে উচ্চাৰিত কেইটিমান ব্যাখ্যাৰ সীমাৱদ্ধতা সম্পর্কে আলোচনা কৰা যাওঁক।  উদাহৰণ স্বৰুপে আজিকালি প্রায়েই ‘গুজৰাট বিকাশ মডেল’ৰ কথা উচ্চাৰিত হয়। পিছে  সমস্ত দুনীয়া ঘাটি বিচাৰিলেও এনে এটাও সূচক (indicator) দেখিবলৈ পোৱা নাযায়  য’ত গুজৰাটে শীর্ষ স্থান লাভ কৰিছে। মোডীৰ উগ্র সমর্থক সকলেও এনে কোনো দাবী কৰিব পৰা নাই।  আচলতে বেছিভাগ সূচকৰ ক্ষেত্রতেই গুজৰাট মধ্যস্থানতহে অৱস্থিত। কর্পৰেট সমূহে নিজেই গুজৰাটতকৈ অন্যান্য ৰাজ্যসমূহকহে অগ্রাধিকাৰ দি আহিছে  বৃহৎ ৰাজ্যসমূহৰ ভিতৰত গুজৰাটতকৈ মহাৰাষ্ট্র তথা কর্ণাটকতহে ‘প্রত্যক্ষ্য বিদেশী বিনিয়োগ’ৰ মাত্রা অধিক দেখা যায়। ‘Institute for Competitiveness’ নামৰ এক সংস্থাৰ মতেও গুজৰাটতকৈ মহাৰাষ্ট্রহে বিনিয়োগৰ ক্ষেত্রত অধিক আকর্ষণীয় ৰাজ্য[1]গুজৰাটৰ অভূতপূর্ব বৈদ্যুতীকৰণৰ কথা প্রায়েই কোৱা হয়।  পিছে এই ক্ষেত্রতো ২০১১ চনৰ census মতে গুজৰাটৰ স্থান আন আন পোন্ধৰখন ৰাজ্যৰ একেবাৰে তলতহে অৱস্থিততামিল নাডু, হাৰিয়ানা, কর্ণাটক, কেৰালা, পাঞ্জাব আদিকে ধৰি এই পোন্ধৰখন ৰাজ্যত বিদ্যুৎ সংযোগ থকা পৰিয়ালৰ মাত্রা  গুজৰাটতকৈ বেছি। ‘নিকা আৰু দক্ষ প্রশাসন’ৰ ক্ষেত্রতো দেখা যায় যে কেগে (CAG) নীতিবর্হিভূত পক্ষপাতিত্বৰ বাবে দুবাৰকৈ গুজৰাট চৰকাৰক কঠোৰ সমালোচনা কৰি থৈছে শক্তিশালী লোকায়ুক্ত নিয়োগৰ ক্ষেত্রত গুজৰাট চৰকাৰৰ অনীহাৰ কথাও এইখিনিতে উল্লেখ কৰিব পাৰি। মুঠ ঘৰুৱা উৎপাদন (২০০২-২০১১) বৃদ্ধিৰ  ক্ষেত্রত গুজৰাটৰ স্থান চতুর্থ। ২০১১ চনৰ মানৱ বিকাশ ৰিপর্ট মতে মানৱ সম্পদৰ বিকাশৰ ক্ষেত্রত গুজৰাটৰ স্থান একাদশ – তামিলনাডু, হাৰিয়ানা, মহাৰাষ্ট্র, পঞ্জাব আদি অন্যান্য বৃহৎ ৰাজ্যসমূহতকৈ যথেষ্ঠ তলত।  

আন এটা ব্যাখ্যা হৈছে যে নৰেন্দ্র মোডীৰ একেৰাহে তিনিবাৰকৈ মূখ্যমন্ত্রী পদৰ বাবে নির্বাচিত হৈছে। পিছে এই হিচাপতো মোডীক ব্যতিক্রম বুলি কব পৰা নাযায়। বর্তমানৰ সময়ত কার্যনির্বাহ কৰি থকা মূখ্যমন্ত্রী সকলৰ ভিতৰতে এনে কেইবাজনো ব্যক্তিৰ নাম লব পাৰিঃ উৰিষ্যাৰ নবীন পাটনায়ক, দিল্লীৰ শীলা দীক্ষিত, ত্রিপুৰাৰ মাণিক চৰকাৰ, মণিপুৰৰ ইববি সিং, অসমৰ তৰুণ গগৈ তথা চিক্কিমৰ পবন চামলিং।

আন এটা দাবী হৈছেঃ  নৰেন্দ্র মোডীয়ে হেনো নতুন-তাজা চিন্তাধাৰাৰ (new and fresh thinking) সূচনা কৰিছেসঁচা কথা কবলৈ গলে মোডী চাহাবৰ দৰে একঘেয়ামী চিন্তাধাৰাৰ লোক হয়তো কমেই আছে। বিকাশ সম্পর্কীয় তেওঁৰ প্রায় প্রত্যেকটো  ধাৰণা দশক  পুৰণি চিন্তাৰ পুণৰাবৃত্তি বুলিয়েই কব পৰা যায়তেওঁৰ অর্থনীতি সম্পর্কীয় বক্তব্যবোৰ সৌ ১৯৯১ চনতে মনমোহন সিং চাহাবে ভাৰতত সূচনা কৰা  নব্য-উদাৰবাদী চিন্তাধাৰাৰে কার্বন কপি সদৃশচেকুলাৰিজিম সম্পর্কীয় তেওঁৰ বক্তৃতাসমূহো ১৯৮০ৰ দশকৰে পৰা শুনি অহা পৰম্পৰাগত হিন্দুত্ববাদী চিন্তাধাৰাৰে চর্বিত চর্বণ। অর্থাৎ নৰেন্দ্র মোডীৰ দুয়োটা প্রিয় বিষয় – হিন্দুত্ব আৰু বিকাশ – সম্পর্কে তেওঁৰ নতুন কোনো কথা কবলগীয়া নাই। এই দুটা বিষয়ৰ বাহিৰে আন প্রায় সকলো বিষয় সম্পর্কেতো তেওঁ মাত নামাতে বুলিয়েই কব পাৰি।

তেনেস্থলত এনে কি কাৰণ থাকিব পাৰে যাৰ বাবে নৰেন্দ্র মোডী কর্পৰেট মিডিয়াৰ প্রিয়পাত্র হৈ পৰিছে? এনেক্ষেত্রত মাত্র এটা কাৰকৰ কথাই কব পৰা যায়ঃ  সেয়া হৈছে ২০০২ চনৰ গণহত্যা। মোডীৰ বাহিৰে আন কোনো নেতায়েই আজিলৈকে ইমান মুকলিকৈ গণহত্যা তথা দাংগাৰ ৰাজনীতিৰ প্রতিনিধিত্ব কৰা নাই।  সেয়েহে বহুতো মহলেই সন্দেহ কৰে – এই তথাকথিত বিকাশৰ ৰাজনীতিৰ আঁৰত বিশুদ্ধ ফেচীবাদী ৰাজনীতিকেই প্রকৃততে উদগনি দিয়া  হোৱা নাইতো?  নিশ্চিত ভাবেই এই সম্পর্কে কোনো সন্দেহ নাই মোডীক সমর্থন দিয়া লোকসকলৰ বাবে ২০০২ৰ গণহত্যা বিশেষ কোনো চিন্তাৰ বিষয় নহয়। এই সম্পর্কে  উদাহৰণ স্বৰুপে মোডীৰ ‘কুত্তে কা পিল্লা’ শীর্ষক বিতর্কমূলক মন্তব্য আৰু ই সৃষ্টি কৰা আলোচনাসমূহলৈ আঙুলিয়াব পাৰি। চাবলৈ গলে ২০০২ৰ গণহত্যাত নিহত লোকসকলৰ সৈতে কুকুৰৰ পোৱালি এটিৰ তুলনা কৰাটো কোনোমতেই ক্ষমাযোগ্য নহয়। এটা বৃহৎ গণহত্যাৰ সৈতে সামান্য পথ দুর্ঘটনা এটাৰ তুলনা কৰি মোদী চাহাবে প্রকৃততে তেওঁৰ সংবেদনহীন মানসিকতাৰেই পৰিচয় দিলে। পিছে এই বিষয়ে মোডীৰ তীব্র সমালোচনা কৰাৰ পৰিবর্তে  দুখন বিয়াগোম বাতৰি কাকতে সম্পাদকীয় কলমত  মোডীক পৰামর্শহে দিয়াটোহে পৰিলক্ষিত হল। সম্পাদক সকলে লিখিলে - মোদীয়ে  তেওঁৰ 'কমিউনিজেচন স্কীল' আৰু উন্নত কৰা উচিত! (দ্রষ্ট্রব্যঃ টাইমছ অৱ ইণ্ডিয়া, ১৫ জুলাই; ইণ্ডিয়ান এক্সপ্রেছ, ১৬ জুলাই)!  এই সম্পাদকীয় দুটিৰ পৰাই স্পষ্ট হৈ পৰেঃ গণহত্যা সম্পর্কে মোদীৰ চিন্তাধাৰাৰ সমালোচনা কৰাটো দূৰৈৰ কথা, বৰঞ্চ তেওঁলোকে নিজকে মোডীৰ প্রচাৰ টীমৰ সদস্য ৰূপেই গণ্য কৰে।
পিছে এইবুলি ভবাটোও ভুল হব যে মোডীৰ সমর্থক এলিট শ্রেণীটোৰ ভিতৰত কেৱল হিন্দুত্ববাদৰ উগ্র সমর্থক সকলেই আছে।  দেশৰ কেইবাজনো বিয়াগোম সাংবাদিকে বেছ কিছুদিন ধৰি জানি বুজিয়েই এনে এক ধাৰণা সৃষ্টি কৰিছে যেন নৰেন্দ্র মোডী ক্রমশঃ হিন্দুত্ববাদৰ পৰা আঁতৰি আহিছে। অৱশ্যে এয়াও সত্য যে মোডীৰ সমর্থক সকলৰ ভিতৰত এনে এটা চামো আছে যাৰ ৰাজনীতি ঠিক উগ্র সংখ্যালঘূ বিৰোধী ঘৃণাৰ ৰাজনীতি বুলি কব নোৱাৰি। অর্থাৎ কেৱল ঘৃণাৰ ৰাজনীতিৰ চশমাৰে ‘মোডী হাৱা’ৰ পৰিঘটনাটো বুজিব পৰা নাযাব।  এইক্ষেত্রত এজন ব্যক্তিৰ ৰূপত মোডীৰ সম্পর্কে আলোচনা সীমিত ৰখাৰ বিপৰীতে এক বহল পৰিসৰত প্রক্রিয়াটো বুজিবলৈ চেষ্টা কৰিব লাগিব। এনে কোনবোৰ শক্তি আছে যি মোডীৰ মুখাৰ আৰত নিজৰ স্বার্থ পূৰণ কৰাৰ সপোন দেখিছে - আমি সেই ফালেও মন দিব লাগিব।  
১৯৯১ৰ পাছৰে পৰা ভাৰতীয় ৰাজনীতিৰ ক্ষেত্রখনত এক বিচিত্র দ্বন্দ্বৰ আৱির্ভাৱ ঘটা দেখা যায়। এফালৰ পৰা চাবলৈ গলে এই সময়ছোৱাত  যিটো ৰাজনৈতিক দলেই শাসনলৈ আহিছে, সি বৃহৎ পুঁজিপতি তথা বিত্তীয় খণ্ডৰ স্বার্থ সিদ্ধি কৰা নীতি সমূহেই কম বেছি পৰিমানে ৰূপায়ন কৰিছে। পিছে জনগণৰ সমুখত কোনো ৰাজনৈতিক শক্তিয়েই এনে নব্য-উদাৰবাদী নীতিসমূহক দীর্ঘ দিন ধৰি মুকলিকৈ তথা একেৰাহে সমর্থন কৰিবলৈ সাহস কৰিব পৰা নাই।  অর্থাৎ অর্থনৈতিক সংস্কাৰ প্রক্রিয়াটো হোঁহকা-পিছলাকৈহে আগবাঢ়িবলৈ সক্ষম হৈছে। আমোদজনকভাৱে, বেছিভাগ অর্থনৈতিক সংস্কাৰেই জনচক্ষুৰ পৰা আঁতৰত, সকলো সংসদীয় প্রক্রিয়াৰ পৰা দূৰৈত লুকাই চুৰকৈ  কর্পৰেট সমূহৰ সৈতে চুক্তি(MoU) কৰি বা  সংগোপনে পলিচী বিষয়ক কেতবোৰ  জটিল মেৰপাক সৃষ্টি কৰিহে সম্ভৱপৰ কৰি তুলিব পৰা হৈছে। এইক্ষেত্রত আমোলাসকলৰ ভূমিকাও লক্ষ্যণীয়। নব্য-উদাৰবাদৰ ভাৰতীয় সংস্কৰণে  আমোলাতান্ত্রিক দুর্নীতিৰ বিৰুদ্ধে টেটুফালি চিঞৰিলেও প্রকৃতপক্ষে ই আচলতে আমোলাতন্ত্রৰ শক্তিহে অধিক বঢ়াই তুলিছে।

সি যি কি নহওক, নব্য-উদাৰবাদৰ এই ভাৰতীয় সংস্কৰণৰ সৈতে আন আন দেশৰ প্রভেদ মন কৰিবলগীয়া। ৰেগানৰ আমোলত আমেৰিকা যুক্তৰাষ্ট্র, থেছাৰৰ আমোলত বৃটেইন তথা লেটিন আমেৰিকাৰ বিভিন্ন দেশ যেনে চিলে (Chile) আদিত ৮০ আৰু ৯০ৰ দশকত মুকলি পদ্ধতিৰ দ্বাৰাই নব্য-উদাৰবাদী নীতিসমূহ জাপি দিয়া হৈছিল। পিছে ভাৰতত যেতিয়াই সংস্কাৰবাদী সকলে মুকলি পদ্ধতিৰে পলিচী সলনি কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোক জনগণৰ সংগঠিত শক্তিৰ হাতত বেয়াকৈ পৰাজিত হব লগা হৈছে।  উদাহৰণ স্বৰুপে, আজিও সংস্কাৰবাদী সকলে শ্রমিকক নিৰাপত্তা প্রদান কৰা শ্রম কানুন সমূহ সম্পূর্ণকৈ আঁতৰাই পেলাবলৈ সক্ষম হোৱা নাই। ‘ৰাজহুৱা বিতৰণ প্রণালী’টো(PDS) নির্মূল কৰিবলৈ কৰা চেষ্টাৰ ক্ষেত্রতো একেটা কথাই কব পাৰি। অৱশ্যে শেহতীয়াকৈ খুচুৰা ব্যৱসায়ত ‘প্রত্যক্ষ বিদেশী বিনিয়োগ’ৰ প্রবেশ ঘটাবলৈ তেওঁলোক সক্ষম হৈছে। পিছে ই হৈছে এটি ব্যতিক্রম। আনকি খুচুৰা ব্যৱসায়ৰ ক্ষেত্রতো মন কৰিবলগীয়া দিশটো হৈছে যে সংস্কাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ দুটা দশক পাছতহে এই কার্য কোনোমতে সমাধা হৈছে।   

নব্য-উদাৰবাদী অর্থনীতিৰ সমর্থক সকলৰ এই ৰাজনৈতিক দুর্বলতাই দুটা বিচিত্র প্রক্রিয়াৰ জন্ম দিলেঃ প্রথমতেই,  ই সমস্ত ভাৰতীয় অর্থনৈতিক সংস্কাৰৰ প্রক্রিয়াটোক অতিশয় দুর্নীতিগ্রস্ত কৰি তুলিলে। জনগণৰ প্রত্যক্ষ প্রত্যাহবানৰ মোকাবিলা কৰাত অক্ষম এই সংস্কাৰবাদীসকলে এইবাৰ সম্পূর্ণ দুই নম্বৰী ৰাস্তাত ভৰি দিলে।  বিগত এটা দশকত এই প্রক্রিয়াটো অতি সুস্পষ্টকৈ দেখিবলৈ পোৱা যায়। ‘বিশেষ অর্থনৈতিক অঞ্চল’(Special Economic Zone) স্থাপন, খনন আইন সমূহৰ নৰম কৰণ, জংগল তথা পৰিবেশ প্রদূষণ সম্পর্কীয়  কানুন সমূহ শক্তিহীন কৰি পেলোৱাৰ চেষ্টা আদি সমস্ত কার্যসমূহত বহল পৰিসৰৰ কোনো নীতি সংস্কাৰ (policy reform) দেখিবলৈ পোৱা নাযায়। বৰঞ্চ চৰকাৰৰ ঘনিষ্ঠ কেইটিমান কর্পৰেট নিগমক প্রায় বিনা মূল্যতে জনগণৰ মাটি-পানী-অৰণ্য আদি সম্পদসমূহ গটাই দিয়াটোৱেই সিবিলাকৰ উদ্দেশ্য।  

দ্বিতীয়তে, এই ৰাজনৈতিক শক্তিহীনতাই সংস্কাৰবাদীসকলক (তথা তেওঁসবৰ প্রভূ বৃহৎ পুঁজিপতি সকলক) বৈকল্পিক ৰাজনৈতিক শক্তিৰ সন্ধান কৰিবলৈ বাধ্য কৰালে; এনে এক ৰাজনৈতিক শক্তি – যি তেওঁলোকৰ জনবিৰোধী নব্য উদাৰবাদী নীতিসমূহৰ বাবে গনসমর্থন যোগাৰ কৰি দিব পাৰে। ১৯৯১ৰ পাছৰেপৰা সেয়েহে বিজেপি, আৰ এছ এছ,  বজৰং দল প্রভৃতি গেৰুৱাবাদী দল সংগঠনৰ সৈতে পুঁজিপতি তথা সংস্কাৰবাদী সকলৰ সম্পর্ক ঘনিষ্ঠ হৈ আহিল। ১৯৯৮ত এন ডি এৰ বিজয়ে এই ঘনিষ্ঠতাক মিত্রতাৰ ৰূপ দিলে। যদিও মাজে সময়ে বৃহৎ পুঁজিপতি আৰু তেওঁসবৰ নিয়ন্ত্রণাধীন সংবাদ মাধ্যমসমূহে মাজে সময়ে হিন্দুত্ব-সাম্প্রদায়িকতাৰ বিৰোধিতা কৰাৰ ভাও জোৰে, আচলতে কিন্তু দুয়োৰে মতাদর্শগত চিন্তাচর্চা সমূহৰ বিশেষ কোনো পার্থক্য নাই। দুয়োটা শক্তিয়েই কর্তৃত্বমূলক ৰাষ্ট্রত বিশ্বাস কৰে, হোৱাই নোহোৱাই জনগণৰ ওপৰত পুলিচ-মিলিটেৰী প্রয়োগ কৰি দুয়ো অপৰিসীম তৃপ্তি লাভ কৰে। তেওঁলোকে সমাজখন “অৰাজনৈতিকৃত(depoliticised)” কৰিব বিচাৰে; অর্থাৎ বৃহৎ পুঁজিপতি সকলৰ বিৰুদ্ধে হোৱা সকলোধৰণৰ প্রতিবাদী কার্যসূচী দমন কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকে বঞ্চিত সকলৰ – বিশেষকৈ শ্রমিক তথা নির্যাতিত দলিত সকলৰ যিকোনো আন্দোলনৰ  উগ্র বিৰোধিতা কৰে। এইখিনিতে উল্লেখ কৰাটো প্রয়োজন যে  বিশ্বৰ যিখন দেশতেই নব্য উদাৰবাদী অর্থনৈতিক নীতিসমূহ জাপি দিয়া হৈছে, এই সকলো দেশতেই এই ধৰণৰ সো-পন্থী শক্তিসমূহক পুঁজিপতি সকলে সমর্থন কৰি আহিছে। আন কথাত, অর্থনৈতিক সংস্কাৰৰ কালত গেৰুৱা বাহিনী ভাৰতীয় বৃহৎ পুঁজিপতি সকলৰ বিশ্বস্ত মিত্র। ২০০২ৰ গণহত্যাৰ পাছত আন্তঃৰাষ্ট্রীয় মহলত দেশৰ ভাৱমূর্তি সম্পর্কে (অর্থাৎ বিদেশী পুঁজিৰ আৱাগমনৰ ক্ষেত্রত আহিব পৰা বাধা সম্পর্কে) ভাৰতীয় পুঁজিপতিহঁত কিছু ভীতিগ্রস্ত হৈ পৰিছিল যদিও বাজপেয়ীৰ মুখাখনৰ আঁৰত গেৰুৱাবাহিনীৰ হিংস্রতা তথা বীভৎসতা কিছুদূৰলৈ লুকুৱাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ মাজতেই তেওঁলোকৰ প্রতিবাদ সীমিত আছিল। তদুপৰি পুঁজিপতিহঁতে আশা কৰিছিল যে হিন্দুত্বৰ সাম্প্রদায়িক বিষবাস্পই গণবিৰোধী অর্থনৈতিক নীতি সমূহৰ বাবে প্রয়োজনীয় জনসমর্থন যোগাবলৈ সমর্থ হব। হিন্দুত্ববাদীহঁতেও, পুঁজিপতি সকলৰ সৈতে হোৱা এই মিত্রতাৰ বাবদ হিন্দুত্বৰ চোক কিছুদূৰৈলৈ কমাই দিবলৈ সন্মত হৈছিল। অন্ততঃ ইংৰাজী ভাষাৰ ক্ষেত্রখনত, যত বিদেশৰ  মহল সমূহৰ চোকা দৃষ্টি আছিল, তাত এই প্রতিশ্রুতি পূর্ণ কৰা হৈছিল। দেশে বিদেশে ইংৰাজী ভাষাত ভাষণ দিওঁতে, বা ইংৰাজী সংবাদ মাধ্যম সমূহত নিজৰ ভাৱ প্রকাশ কৰোঁতে, বিজেপি প্রভৃতি শক্তিসমূহ কিছুদূৰৈলৈ সংযত হৈছিল। লগতে, ‘স্বদেশী জাগৰণ মঞ্চ’ সদৃশ পুৰণা চিন্তাধাৰাসমূহ জাবৰৰ দমলৈ নিক্ষেপ কৰি গেৰুৱাবাহিনীয়ে অর্থনৈতিক সংস্কাৰ প্রক্রিয়াটোক সম্পূর্ণভাৱে আকোঁৱালি লৈছিল। ইয়াৰ ফলাফল আছিল ‘ইণ্ডিয়া চাইনিঙ’ৰ শ্লোগান[2]

পিছে ২০০৪ চনত এন ডি এৰ পৰাজয়ে পুঁজিপতিহঁতৰ সমস্ত আশাত চেঁচাপানী ঢালিলে। আমোদজনকভাৱে, আজিৰ তাৰিখত মোডীক সমর্থন কৰা কেইবাটাও কর্পৰেট সংবাদ মাধ্যমে ইণ্ডিয়া চাইনিঙৰ সময়তো একেধৰণৰেই সমর্থন আৰু উৎসাহ প্রদর্শন কৰিছিল। ইণ্ডিয়া চাইনিঙৰ পৰাজয়ৰ পাছত সিবিলাকৰ অৱস্থা আছিল চাবলগীয়াবিধৰ। কেইবাদিনলৈকে মহাশয়সকলে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল!
সি যি কি নহওঁক, এন ডি এ পৰীক্ষণৰ বিফলতাৰ পাছত ইউ পি এৰ ৰূপত এক নতুন পৰীক্ষণ আৰম্ভ কৰা হল। এই নতুন পৰীক্ষণটিক “liberalisation with a human face” বুলিও কোৱা হল। এন ডি এৰ বিপৰীতে ইউ পি য়েই জনগণৰ ক্রোধ কিছু পৰিমাণে ক্ষান্ত কৰিবলৈ কেতবোৰ কল্যাণকাৰী কার্যসূচী হাতত ললে। পিছে এই কার্যসূচী সমূহে যাতে কোনোপধ্যেই পুঁজিপতিহঁত স্বার্থত আঘাট হানিব নোৱাৰে,  ইয়াৰ প্রতিও ইউ পি এ সাৱধান হল।
 [এইখিনিতে নব্য-উদাৰবাদ সম্পর্কে দুই এটা কথা উল্লেখ কৰাটো ভাল হব। সহজ ভাষাত কবলৈ গলে নব্য-উদাৰবাদী  অর্থনীতিবিদ সকলৰ মতে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে টকা খৰচ কৰাটো বেয়া কথা কিয়নো ই সম্পদৰ অপচয় কৰে। ইয়াৰ সলনি ব্যক্তিগত খণ্ড বা বজাৰৰ হাততেই সকলোখিনি এৰি দিয়া উচিত। আপাত দৃষ্টিত এই যুক্তি কেতিয়াবা ভাল যেন লাগিলেও দৰাচলতে ইয়াৰ আঁৰৰ কথাখিনি হৈছে যে যদিহে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে খৰচ কৰিবলগীয়া হয়, তেনেহলে উপার্জনৰ বাবে চৰকাৰে পুঁজিপতি সকলৰ ওপৰত অধিক কৰ(tax) আৰোপ কৰিব লাগিব; ফলত মহাশয় সকলৰ লোকচান হব। তদুপৰি চৰকাৰেই যদি জনগণৰ শিক্ষা, স্বাস্থ্য আদিৰ বাবে ধন ব্যয় কৰে, তেনেহলে এই খণ্ডসমূহত পুঁজিপতিহঁতে ব্যৱসায় কৰাৰো মূদা মৰিব। সেয়েহে  কর্পৰেট মিডিয়া সমূহে ৰাষ্ট্রৰ কল্যাণকাৰী আচঁনি সমূহৰ সদায়েই ক্রুটি উলিওৱাৰ চেষ্টা কৰি থাকে। মধ্যবিত্তীয় জনগণক নিজৰ ফাললৈ আনিবলৈ কর্পৰেট মিডিয়াই এইবুলি অপপ্রচাৰ চলায় যে দুখীয়াৰ কল্যাণৰ বাবে চৰকাৰে মধ্যবিত্তৰে পকেটৰ পৰা ধণ লুৰুকী কৰে। প্রকৃতপক্ষে কিন্তু পুঁজিপতিহঁতৰ ওপৰত যথাযোগ্য কৰ আৰোপ কৰিয়েই এই সমস্ত ধণ সঞ্চয় কৰিব পৰা যায়।]
ইউ পি এৰ চৰকাৰৰ আন এটি বৈশিষ্ট আছিল যে এইখনি চৰকাৰক বাওঁপন্থী দলসমূহেও সমর্থন আগবঢ়াইছিল। ফলতঃ উগ্র নব্য-উদাৰবাদী নীতি গ্রহণ কৰিব বিচৰা কংগ্রেছী সকলক এই বাওঁপন্থীসকলেই বাধা দিছিল। অর্থাৎ এফালৰ পৰা চাবলৈ গলে বাওঁপন্থী সকলে কংগ্রেছক নিজকে নিজে ধ্বংস কৰি পেলোৱাৰ পৰা বচালে! গতিকেই আমি দেখিবলৈ পাওঁ যে এই সময়ছোৱাত এফালে যদি এমপ্লইমেণ্ট গেৰাণ্টী আইন অনা হল, আনফালে আকৌ SEZ আইনৰো সূচনা কৰা হল; এফালে যদি কয়লা কেলেংকাৰী, বলপূর্বক ভূমি-জংগল অধিগ্রহণ আদিৰ দৌৰাত্ম চলিল, আনফালে আকৌ ফৰেষ্ট ৰাইটছ আইনো গৃহীত হল; এফালে যদি কৃষকক ঋণ ৰেহাই দিয়া হল, আনফালে আকৌ কৃষক বিৰোধী নীতিসমূহকো চলাই নিয়া হল। নব্য উদাৰবাদৰ অত্যাচাৰৰ পৰা জনগণক ৰক্ষা কৰিবলৈ যদিও এই দুই এটা জনকল্যানমূলক নীতি যথেষ্ঠ নাছিল, তথাপিও সিবিলাকে ৰাইজক কিছু আশা দিলে। সিবিলাকৰ ভিত্তিতেই ২০০৯ৰ নির্বাচনী বৈতৰণী কংগ্রেছে পুণৰ পাৰ কৰিলে। পিছে ইতিমধ্যেই দেশত আন এটা সমস্যাই দেখা দিছিল। সেয়া আছিল ২০০৮ চনৰ বিশ্ব আর্থিক সংকট।
অর্থনৈতিক সংকটৰ ফলত ভাৰতলৈ অহা আন্তঃৰাষ্ট্রীয় বিত্ত তথা পুঁজিৰ স্রোত কমিবলৈ ধৰিলে। ভাৰতৰ পুঁজিপতি সকল এইবাৰ অধৈর্য হৈ পৰিল। জনগণৰ কল্যাণৰ বাবে লোৱা সৰু সুৰা পদক্ষেপ একোটাকো মহাশয় সকলে তেওঁলোকৰ স্বার্থৰ পৰিপন্থী বুলি গণ্য কৰিবলৈ ধৰিলে। এফালৰ পৰা চাবলৈ গলে এই কার্যসূচী সমূহে পুঁজিৰ স্বার্থই পূৰণ কৰিছিল কিয়নো সিবিলাকে নব্য-উদাৰবাদ সম্পর্কে জনগণৰ মনত এক মন ভূলোৱা ছবি তৈয়াৰ কৰিছিল। অন্যথা বিশুদ্ধ নব্য উদাৰবাদে ৰাইজক বিদ্রোহী কৰি পেলোৱাৰ সম্ভাৱনাই বেছি।  পিছে অকৰা মৈত উঠা অদূৰদর্শী লুভীয়া পুঁজিপতিহঁতক বুজাব কোনে! মিন্ট নামৰ কর্পৰেট নিয়ন্ত্রিত বাতৰি কাকতখনৰ এটি সম্পাদকীয়ৰ মাজেদি পুঁজিপতিসকলৰ এই মানসিক দৈন্য সুন্দৰকৈ প্রকাশ পাইছে। সম্পাদকীয়টোৰ ভাষ্য এনেধৰণৰঃ “India does not need democracy that does not deliver growth” ( দ্রষ্ট্রব্যঃ Mint, এক এপ্রিল, ২০১৩)। অর্থাৎ গণতান্ত্রিক বাধ্যবাধকতাৰ বাবে যদি চৰকাৰে পুঁজিপতি সকলে বিচৰাৰ দলে উগ্র নব্য-উদাৰবাদী নীতি মুকলিকৈ চলাই নিব নোৱাৰে, তেনেহলে দেশত গণতন্ত্র নাথাকিলেও হব।
ইউ পি এৰ দ্বিতীয়টো কার্যকাল আছিল চৰম বিশৃংখলতাৰে ভৰা। এফালে এটাৰ পাছত এটাকৈ অসংখ্য কর্পৰেট কেলেংকাৰীৰ উন্মোচন, ‘পলিচী পেৰেলাইছিছ’ সম্পর্কীয় অজস্র হৈ চৈ আৰু এইবোৰ ধামখুমীয়াৰ মাজত ই পি এৰ গুৰিবঠা নোহোৱা অৱস্থা। আজিৰ সময়ছোৱাত ইউ পি এৰ ইমানেই শোচনীয় অৱস্থা যে  ‘প্রত্যক্ষ্য নগদ হস্তান্ত’ তথা খাদ্য সুৰক্ষা আইনখনৰ বাহিৰে জনগণক দেখুৱাবলৈ তেওঁলোকৰ ওচৰত আন কোনো কৃতিত্ব নাই। আনকি এই খাদ্য সুৰক্ষা আইনখনো কোনোপধ্যেই সন্তোষজনক বুলি কব নোৱাৰি।  একোজন ব্যক্তিক মাহত মাত্র পাঁচ কিলোকৈ চাউন যোগান ধৰা এই আইন খনৰ বহু পূর্বৰ পৰাই কেইবাখনো ৰাজ্যই সদৃশ আইনৰ যোগেৰে দুখীয়া ৰাইজক খাদ্যবস্তুৰ যোগান ধৰি আহিছে। সম্পূর্ণ হঠকাৰী কার্যপন্থাৰে যুগুত ‘প্রত্যক্ষ্য নগদ হস্তান্তৰ’ ব্যৱস্থাৰ ক্ষেত্রতো একে ধৰণৰ কথাই কব পাৰি। পূর্বৰ  সকলো ৰাজহুৱা যোগান ব্যৱস্থাৰ শৰাধ পাতি আচলতে এই ‘প্রত্যক্ষ্য নগদ হস্তান্তৰ’ ব্যৱস্থাই দুর্নীতিৰেই জন্ম দিব যেন লাগিছে (পাছলৈ হয়তো ইয়ালৈকে আঙুলিয়াই কোনো চতুৰ নব্য-উদাৰবাদী অর্থনীতিবিদে কবঃ চোৱা চোৱা! আমি নকৈছিলোনে, সকলো চৰকাৰী আঁচনি ৰাজহুৱা ধনৰ অপচয় মাত্র! ই মাত্র দুর্নীতিৰেই জন্ম দিব!)
সি যি কি নহওঁক, অহাটো নির্বাচনত কংগ্রেছ পুণৰ শাসনলৈ অহাৰ আশা কম যেনেই দেখা গৈছে। দেশৰ অসংখ্য অঞ্চলত জনগণৰ ক্রোধৰ বহিঃপ্রকাশ ঘটিছে। বিভিন্ন ঠাইত কর্পৰেটৰ দ্বাৰা মাটি-পানী-অৰণ্য আদিৰ কুক্ষিগতকৰণৰ বিৰুদ্ধে  আন্দোলনৰ গঢ়ি উঠিছে; একে সময়তে উদ্যোগিক অঞ্চল সমূহতো শ্রমিকসকলৰ স্বতঃস্ফূর্ত ধর্মঘট তথা হৰতাল ক্রমশঃ বৃদ্ধি পাব ধৰিছে।  বিজুলীযোগান আৰু মুদ্রাস্ফীতিত জ্বলা-কলা খোৱা ৰাইজৰ ক্ষোভৰ কথা নকলোৱেবা। চৰকাৰেও যেন ক্রমশঃ অনুভৱ কৰিছে – জনগণৰ চক্ষুত তেওঁলোকৰ ন্যায্যতা ইতিমধ্যেই শেষ হোৱাৰ পথত। গণসমর্থন হেৰুৱা এনে এখন চৰকাৰে এতিয়া এটা কামেই কৰিবলৈ সক্ষমঃ সেয়া হৈছে ৰাষ্ট্র সন্ত্রাস অর্থাৎ সকলো ধৰণৰ আন্দোলনকাৰীৰ ওপৰত নির্মম পুলিচীয়া দমন।     
আন কথাত, কর্পৰেট সমূহৰ চকুত এতিয়া ইউ পি এ মাথো এটা মৰাশহে। আন যি কি নহওঁক, এটা কথাত সমগ্র কর্পৰেট জগত আজি একমতঃ এইখন চৰকাৰে আৰু তেওঁলোকে বিচৰা অর্থনৈতিক সংস্কাৰ প্রক্রিয়াটো আগবঢ়াব নোৱাৰে। অর্থাৎ এন ডি এৰ দৰেই ইউ পি এও এক বিফল পৰীক্ষণ বুলিয়েই প্রমাণিত হল।
ই পুঁজিপতি সকলৰ সমুখত এটা দোমোজাৰ সৃষ্টি কৰিলে। এফালে সংবাদ নিগমসমূহৰ ওপৰত কর্পৰেট সমূহৰ নিয়ন্ত্রণ আগৰ দৰেই অব্যাহত থাকিল, অর্থাৎ ৰাজনৈতিক এজেণ্ডা নির্ধাৰণ কৰিব পৰাকৈ সিবিলাকৰ অপৰিসীম ক্ষমতাৰ কোনো হীন-দেঢ়ি নঘটিল। কিন্তু নৈতিক আৰু বৌদ্ধিকভাৱে পুঁজিপতি সকল ইতিমধ্যেই দেউলীয়া হৈ পৰিছিল। বাজপেয়ীৰ পৰা মনমোহন সিং, আন্না হাজাৰেলৈকে - সকলো ধৰণৰ ৰাজনৈতিক শক্তিৰ মাজত ত্রাণকর্তা সন্ধান কৰাৰ পাছত ইতিমধ্যেই পুঁজিপতিহঁতৰ সমুখত নতুন আইডিয়াৰ অভাৱ ঘটিছিল।  আচলতে দেশৰ বহুলাংশ শ্রমিজীৱি জনগণৰ বাবে পুঁজিপতিসকলৰ হাতত কোনো কার্যসূচী নাছিল; বিত্তীয় সংকটৰ এই কালত মহাশয় সকলে আনকি এনে কোনো কার্যসূচী সম্পর্কে ভাবিবলৈকো বাদ দিছিল। ভাৰতীয় পুঁজিপতি সকল চৰম অদূৰদর্শী বুলি এনেয়েও এটা বদনাম আছে। পিছে এই অদূৰদর্শীতাই এক চৰম ৰূপ ধাৰণ কৰিলে যেতিয়া কর্পৰেট সমূহে পুণৰ এন ডি এ ফর্মুলাটোকেই নতুনকৈ সমর্থন কৰাৰ সিদ্ধান্ত ললে। যেন কোনো অদৃষ্টৰ কৃপাত ইতিমধ্যেই বিফল ফর্মুলাটোৱে এইবাৰ কেনেবাকৈ সফলতা  লাভ কৰিব! 
এইখিনিতে কর্পৰেট মিডিয়াসমূহে মন কৰিলে – সম্প্রতি দেশত মাথো এটি শক্তিয়েই আছে, যি এতিয়াও এন ডি এ ফর্মুলাতেই বিশ্বাস কৰে। সেয়া হৈছে মোডী নেতৃত্বাধীন গুজৰাট চৰকাৰখন। বাকী দেশৰ সমস্ত চৰকাৰ তথা ৰাজনৈতিক নেতাই, আনকি বিভিন্ন ৰাজ্যৰ বিজেপি চৰকাৰসমূহেও- ইতিমধ্যেই ইউ পি ফর্মুলাটিক গ্রহণ কৰি লৈছে। পূর্বতেই কোৱা হৈছে এই ইউ পি এ ফর্মুলাটো হৈছে- একে সময়তে বৃহৎ পুঁজিপতিহঁতৰ অনুকুল নব্য-উদাৰবাদী নীতিসমূহ আগবঢ়াই নিয়া আৰু লগতে জনগণৰ ক্রোধ নিয়ন্ত্রণ কৰিবলৈ কেতবোৰ সৰু সুৰা কল্যাণমূলক আঁচনি হাতত লোৱা। পিছে চৰম অবিবেচকী সংস্কাৰবাদী সকলে এইবাৰ এই ইউ.পি.এ ফর্মুলাটোকেই নিজৰ শত্রু বুলি গণ্য কৰিলে। জনগণক সামান্যতমো সকাহ দিয়াটো মহাশয় সকলৰ সহ্য নহল। বিভিন্ন সংস্কাৰবাদী বুদ্ধিজীৱি – যেনে বিবেক দেবৰয়, জগদীশ ভাগৱতী আদিয়ে তথাকথিত গুজৰাট মডেলটিক গ্রহণ কৰি লোৱাৰ কাৰণটি এইটোৱেই। অর্থাৎ মোডীৰ কোনো নিজস্ব কৃতিত্বৰ বাবে গুজৰাট মডেলৰ চর্চা হোৱা নাই; বৰঞ্চ পুঁজিপতিহঁতৰ অদূৰদর্শিতা তথা সৃজনশীলতাৰ অভাৱৰ বাবেই এই গুজৰাট পুৰাণৰ আৱির্ভাৱ ঘটিছে।
এইখিনিতে মন কৰা ভালঃ কেৱল মোডী বা এন ডি এক বিজয়ী কৰাটোৱেই এই পুঁজিপতি সকলৰ উদ্দেশ্য নহয়। কর্পৰেট মিডিয়া সমূহৰ বাগাড়ম্বৰ(rhetoric) সমূহ মন কৰিলে এই কথাটো ভালকৈ বুজা যায়। বৰঞ্চ, ইউ পি এ মডেলৰ তুলনাত, বাৰম্বাৰ মোডী তথা গুজৰাট মডেলৰ প্রশংসা কৰি আচলতে সমস্ত ৰাজনৈতিক বাগধাৰা (political discourse)টোকেই সলনি কৰি পেলাব বিচৰা হৈছে। প্রত্যুত্তৰত হতাশগ্রস্ত ইউ পি এ চৰকাৰেও যিমান পাৰি নিজকে সোঁ দিশলৈ লৈ গৈ আছে। অর্থাৎ  যি সামান্যকণ ৰাজনৈতিক স্পেছ (space) কল্যাণকাৰী ৰাজনীতিৰ বাবে বাকী আছিল, সেইকণো প্রায় নিঃশেষ হোৱাৰ পথত। এই অর্থত কর্পৰেট মিডিয়া ইতিমধ্যেই সফল হৈছে। আচলতে বর্তমানৰ যুঁজখন ‘ৰাহুল বনাম মোডী’ৰ যুঁজ বুলি ভাবিলে ভুল কৰা হব। বৰঞ্চ বর্তমানৰ যুঁজখন হৈছে কেনেধৰণৰ ৰাজনৈতিক বাগধাৰাই দেশত প্রাধান্য লাভ কৰিব। সেই হিচাপত কর্পৰেট সমূহ ইতিমধ্যেই বিজয়ী হোৱাৰ পথত।
পিছে এই সোঁপন্থী বাগাধাৰাই প্রাধান্য লাভ কৰা মানেই যে সংস্কাৰ প্রক্রিয়াটো সঁচাকৈয়ে  ক্রিয়াম্বিত হব পাৰিব, ইয়াৰ কোনো নিশ্চয়তা নাই।  বৰঞ্চ ইয়াৰ ওলোটা সম্ভাৱনাটোহে আমাৰ চকুত পৰে। ২০১৪ নির্বাচনত এন ডি এ বিজয়ী হোৱাৰ যথেষ্ঠ সম্ভাৱনা আছে।  পিছে এইখিনিতে এটা অতি আমোদজনক সত্য লুকাই আছে – ২০১৪ চনত নির্বাচিত কোনো এখন চৰকাৰেই – (সেয়া লাগে ইউ পি এ’ই হওঁক বা এন ডি এ’ই হওঁক) কর্পৰেট গোষ্ঠীটোক সন্তুষ্ট কৰিব পৰাৰ সম্ভাৱনা অতিশয় ক্ষীণ। কিয়নো ২০০৮ৰ বিত্তীয় সংকট পূর্ব পুৰণা বিশ্ব অর্থনৈতিক অৱস্থাটো সোনকালে ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। কাজেই নতুন চৰকাৰখনৰ অক্ষমতাই কর্পৰেট সমূহক আৰু খঙাল কৰি পেলাব আৰু গতিকেই সামাজিক কল্যাণৰ বাবেও চৰকাৰখনে কোনো পদক্ষেপ লব নোৱাৰিব। পিছে কোনো চৰকাৰেই সম্পূর্ণ অকমর্ণ্য হৈ বেছি দিন জীয়াই থাকিবলৈ আশা কৰিব নোৱাৰে। এইখিনিতে উল্লেখ কৰাটো ভাল হব যে গুজৰাট সদৃশ  সামাজিক অৱদমনৰ দীর্ঘ ইতিহাস তথা ৰাজনৈতিক শূন্যতা দেশৰ আন আন অঞ্চলত তেনেকৈ পাবলৈ নাই। তদুপৰি কর্পৰেট সমূহৰ ফেন্টাছীৰ বিপৰীতে এনে সামাজিক পৰিঘটনাসমূহ এদিনতে সৃষ্টি কৰি লব নোৱাৰি।  অর্থাৎ সমগ্র দেশতে গুজৰাট মডেলৰ অনুকৰণ কৰাটো এটা সম্পূর্ণ অসম্ভৱ কথা।
ৰাজনীতিৰ সৈতে পৰিচয় থকা যিকোনো ব্যক্তিয়েই জানে যে হিষ্টিৰিয়া (hysteria) কোনো ৰাজনৈতিক সবলতাৰ লক্ষণ নহয়; বৰঞ্চ ই ৰাজনৈতিক দুর্বলতাকেই চিহ্নিত কৰে। যি বলীয়ালি সদৃশ গতিৰে কর্পৰেট সমূহে মোডী চাহাবৰ প্রচাৰ চলাবলৈ আৰম্ভ কৰিছে তাৰ পৰাই বুজা যায় – এয়াই মহাশয় সকলৰ শেষ আশা, আগবাঢ়ি যোৱাৰ অন্তিম সম্বল। কর্পৰেট সমূহে আতংকগ্রস্ত হৈ ভাবিছে-  এইবাৰ পৰাজিত হলে দুনাই সোনকালে কঁকাল পোনাই বহাৰ কোনো আশা নাই। সেয়েহে তেওঁলোকৰ ওচৰত ফেচীবাদী তথা ঘৃণাৰ ৰাজনীতিক উদগনি দিয়াৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। আনফালে নির্বাচন পাছৰ কঠিন পৰিস্থিতিত নিজকে শাসনত ৰাখিবলৈকে এন ডি চৰকাৰে দাংগা, গণহত্যা আদি নিয়মীয়াকৈ আয়োজন কৰি থাকিব লাগিব। লগতে  সকলো ধৰণৰ প্রতিবাদী আন্দোলনৰ নির্মন দমন – এই প্রক্রিয়াৰেই অংশবিশেষ মাত্র হব। পিছে এনে ফেচীবাদী ৰাজনীতিও দীর্ঘদিনৰ বাবে চলিব নোৱাৰে। অন্ততঃ ইতিহাসে আমাক তাৰেই শিক্ষা দিয়ে। পিছে এই ক্ষেত্রত আশংকা এটাইঃ  তেতিয়ালৈকে এই ফেচীবাদীহঁত শাসনত থাকিব, তেতিয়ালৈকে হয়তো ইতিমধ্যেই দেশৰ অগণন জনগনে প্রাণ হেৰুৱাব লগা হব।  
ইয়াৰ পাছৰ পৰিস্থিতি কি হব? সেয়া এতিয়াই নিশ্চিতকৈ কব নোৱাৰি। প্রগতিশীল তথা  বিপ্লৱী শক্তিসমূহে ফেচীবাদৰ বিৰুদ্ধে জনগনক কিমানখিনিলৈকে সংগঠিত কৰিব পাৰিব, ভবিষ্যত তাৰ ওপৰতেই নির্ভৰ কৰিব। নহলে এই বর্বৰতাৰ সোনকালে অন্ত পৰাৰ  সম্ভাৱনা কম।
...............
বিঃ দ্রঃ স্থান কাল পাত্রৰ ভিন্নতাৰ প্রতি লক্ষ্য ৰাখি মূল প্রবন্ধটোৰ কিছু সালসলনি ঘটোৱা হৈছে। অৱশ্যে প্রবন্ধটোৰ কেন্দ্রীয় যুক্তিসমূহৰ  কোনো হীন-ডেঢ়ি ঘটোৱা হোৱা নাই।  


4 comments:

  1. I need the Eng.translation of this precious article..Would u please provide in my e mail id-azmainfaiq22@gmail.com

    ReplyDelete
  2. মোডিৰ বিৰেধিতা কৰিব লাগে বাবেই যেন নিবন্ধটোত বিৰোধিতা কৰা হৈছে৷ আমাৰ বাওঁপন্থীয়ে বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ সদায়ে কংগ্ৰেছীক উত্সাহিত কৰে৷ কিন্তু সাম্প্ৰাদায়িক হিচাপে কংগ্ৰেছী হৈছে পানীৰ তলৰ কাঁইট আৰু বিজেপি হৈছে পানীৰ তলৰ কাঁইট৷

    ReplyDelete
    Replies
    1. ক'তা, আমি দেখোন কংগ্রেছকো সমানেই সমালোচনা কৰিছোঁ! বিজেপিৰ সলনি কংগ্রেছক ভোট দিব লাগে বুলিতো আমি কতো কোৱা নাই! বৰঞ্চ আমি হিন্দুত্ব-ফেচীবাদৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব লাগে বুলিহে লিখিছোঁ। মোডীৰ কিয় বিৰোধিতা কৰিব লাগে সেয়া বাৰে বাৰে কৈ থাকিলেও যদি আপুনি নুবুজে, তেনেহলে আমাৰ উপায় নাই।

      Delete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...