Monday, November 4, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ 'এক সংগ্রামী জীৱন' (পঞ্চম খণ্ড)

Original: Part 5, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia

অন্তিম বছৰকেইটা

ইন্টাৰনেছনেলৰ পতনৰ পাছত  প্রত্যক্ষ ৰাজনীতি ক্ষেত্রখনৰ পৰা মার্ক্স  পুণৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মার্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি কব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আর্মেনছক তেওঁৰ ফালৰ স্বত্তখিনি বিক্রী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মার্ক্স দম্পত্তীৰ খৰছৰ বাবে যথেষ্ঠ আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পার্ক ৰোডত এটা বৃহৎ ঘৰ ক্রয় কৰিলে। এই ঘৰটোৰ পৰা মার্ক্সৰ ঘৰলৈ  মাত্র ১০ মিনিটৰ পথ আছিল। মার্ক্সৰ মৃত্যৰ পাছত প্রায় তিনিটা দশক ধৰি এইটো ঘৰেই  আন্তঃৰাষ্ট্রীয় শ্রমিক আন্দোলনৰ কেন্দ্রস্থলী হৈ পৰিছিল। 


প্রত্যক্ষ্য ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডৰ কামত মার্ক্স ব্যস্ত হৈ পৰিব লাগিছিল। পিছে এয়া সম্ভৱ নহল। অৱশ্যে সেইবুলি এইখিনি সময় তেওঁ নিষ্কর্মা হৈ বহি থকাও নাছিল। মার্ক্সৰ দৰে ব্যক্তি এজনৰ বাবে সেয়া আছিল অসম্ভৱ। অতি সোনকালেই ডাছ কেপিটেলখন অন্যান্য ভাষাত প্রকাশিত হল। মার্ক্সে নিজেই ফৰাচী অনুবাদটো ছপাখানালৈ যোৱাৰ আগতে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে (বহুতো পণ্ডিতৰ মতে ডাছ কেপিটেলৰ ফৰাচী সংস্কৰণটোৱেই হৈছে সবাটোকৈ শ্রেষ্ঠ সংস্কৰণ)। ১৮৭৩ চনত জার্মান ভাষাৰ দ্বিতীয়টো সংস্কৰণ প্রকাশিত হ’ল। ইয়াৰ বাবেও মার্ক্সে প্রথম সংস্কৰণটোৰ কিছু সালসলনি ঘটালে।  সিবিলাকৰ উপৰি - ডাছ কেপিটেলৰ তৃতীয় খণ্ডটোৰ ‘কৰ’(rent) শীর্ষক অধ্যায়টো লিখিবৰ বাবে মার্ক্সে ৰাছিয়াৰ কৃষি প্রশ্ন সম্পর্কে বিভিন্ন গ্রন্থাদি পঢ়িবলৈ ললে। (ডাছ কেপিটেলৰ প্রথমটো ৰুছ সংস্কৰণ ১৮৭২ প্রকাশিত হল। আমোদজনক ভাৱে  ৰাছিয়ান চেঞ্চৰ বর্ডে কিতাপখনৰ প্রকাশনত বিশেষ হকা বাধা নকৰিলে কিয়নো তেওঁলোকে ভাবিলে ‘অতি কম সংখ্যক লোকেহে কিতাপখন পঢ়িব আৰু তাতোকৈও কম সংখ্যক লোকে সেইখন বুজি পাব!’ পিছে আমূল পৰিবর্তন বাদী বুদ্ধিজীৱি সকলৰ মাজত কিতাপখন অতি সোনকালেই ভীষণ ভাৱে জনপ্রিয় হৈ পৰিল।)

এংগেলছৰ মতে ১৮৭০ চনৰ পাছত মার্ক্সে অধ্যয়ন কৰা বিষয় সমূহ আছিল এনেধৰণৰ: ‘এগ্র-ইকনমিক্স, কৃষি খণ্ডৰ উৎপাদন সম্বন্ধ (বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ), মুদ্রা বজাৰ, বেংকিং, বিভিন্ন প্রাকৃতিক বিজ্ঞান – বিশেষকৈ ভূতত্ত্ব আৰু প্রাণীতত্ত্ব। গণিত সম্পর্কীয় কেতবোৰ স্বাধীনচেতীয়া অধ্যয়নো এই সময়ছোৱাৰ টোকাবহী সমূহত দেখিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ বিপৰীতে ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডকেইটা প্রণয়ন কৰাৰ ক্ষেত্রত কোনো প্রগতি সম্ভৱপৰ নহল। দশকযোৰা কঠোৰ পৰিশ্রম আৰু নৰক সদৃশ জীৱন পৰিক্রমাই ইতিমধ্যেই শাৰীৰিকভাৱে মার্ক্সক ভাঙি পেলাইছিল। বাৰম্বাৰ মূৰৰ বিষ, টোপনি নহা ইত্যাদি বিভিন্ন সৰু বৰ ৰোগে মার্ক্সক একেবাৰেই নিশকতীয়া কৰি পেলালে।  মার্ক্সৰ জীৱনীকাৰ ডেভিদ মেকলেনানৰ ভাষাত তেওঁ এতিয়া মানসিক আৰু শাৰীৰিকভাৱে ভগ্নপ্রায়। তেওঁৰ ৰাজহুৱা জীৱনৰ ইতিমধ্যেই যৱনিকা পৰিছে।’

শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিলেও মার্ক্সৰ মানসিক দৃঢ়তাৰ পিছে কোনো হীন-দেঢ়ি ঘটা নাছিল। আচলতে ১৮৪০ৰ দশকৰ পৰাই তেওঁৰ এই মানসিক দৃঢ়তা তথা নীতিৰ প্রশ্নত বজ্র-কাঠিন্যতাৰ বাবে সমগ্র ইউৰোপৰে বিপ্লৱী সকলে তেওঁক সমীহ  কৰি চলিছিল। ১৮৭৫ চনত জার্মানীৰ কমিউনিষ্ট নেতাসকলে মার্ক্সৰ এই কঠোৰতাৰ সোৱাদ পুণৰ লাভ কৰিলে যেতিয়া লাছাল আৰু লেবনেষ্ট নেতৃত্বাধীন দুয়োটা বাওঁপন্থী দলে নীতি সম্পর্কীয় কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একত্রিত হোৱাৰ সিদ্ধান্ত ললে আৰু নিজকে ‘জার্মান সামাজিক গণতন্ত্রবাদী দল’ (German Social Democratic Party- SPD) নামেৰে নামাকৰণ কৰিলে। নতুন দলটিৰ বাবে খৰখেদাকৈ এখনি কার্যসূচীও তৈয়াৰ কৰা হল। গ’থা চহৰত গৃহীত হোৱাৰ বাবে কার্যসূচী খনৰ নাম দিয়া হল- গ’থা কার্যসূচী। মার্ক্স এংগেলছে একেমুখে কার্যসূচী খনৰ নির্মম সমালোচনা কৰিলে। তেওঁলোকৰ মতে বাস্তৱ প্রয়োজনত বিভিন্ন দলে একেলগে কাম কৰাটো বাঞ্ছনীয় হলেও একত্রীকৰণৰ প্রশ্নত কার্যসূচী সম্পর্কীয় বিষয়বোৰ লৈ স্পষ্টতা ৰখাটো প্রয়োজনীয়  আছিল। তদুপৰি লাছালেৰ সমাজবাদ সম্পর্কীয় অস্পষ্ট তত্ত্বসমূহে বিপ্লৱী সকলৰ মনত খেলিমেলি লগাব বুলিও মার্ক্সে আশংকা কৰিছিল।

পাছলৈ The Critique of the Gotha Programme নামেৰে প্রকাশিত হোৱা এইখনি ৰছনাতেই মার্ক্সে  পুঁজিবাদৰ পৰা কমিউনিজিমলৈ কেনেদৰে সংক্রমণ সম্ভৱ হব –এই সম্পর্কে কেতবোৰ চিন্তাকর্ষক আলোচনাৰো সূচনা কৰিলে। (উল্লেখনীয় যে ১৮৯১ চন পর্যন্ত  SPDৰ দুয়োজন কমিউনিষ্ট নেতা – বেবেল আৰু লেবনেষ্টে  – এই ৰছনাখনিৰ প্রকাশন গাপ দি ৰাখিছিল। ) 
  
বিভিন্ন প্রশ্ন সম্পর্কে জার্মান সমাজবাদী সকলৰ সৈতে প্রায়েই মার্ক্স–এংগেলছৰ মনোমালিন্য ঘটিছিল। ১৮৭৭ চনৰ আশে পাশে জার্মান সমাজবাদী সকলৰ মাজত হঠাতে  ইউজিন ড্যুরিং নামৰ প্রফেচৰ এজনৰ কেতবোৰ তত্ত্ব জনপ্রিয় হৈ পৰিল। ড্যুৰিঙে ঘোষণা কৰিলে – তেওঁ সমাজবাদৰ এক শ্রেষ্ঠ সংস্কৰণ আৱিষ্কাৰ কৰি পেলাইছে! মহাশয়ৰ এই জাতীয় দৌৰাত্মত মার্ক্স এংগেলছ অতীষ্ঠ হৈ পৰিল। ড্যুৰিঙক যোগ্য প্রত্যুত্তৰ দিবৰ মানসেৰে এংগেলছে লিখি উলিয়ালে Anti-Duhring শীর্ষক এখনি বৃহৎ গ্রন্থ। ১৮৭৯ চনত পুণৰ ড্যুৰিঙৰ তত্ত্বসমূহ নভবা নিচিন্তাকৈ গ্রহণ কৰি লোৱাৰ বাবে মার্ক্স এংগেলছে   বার্নষ্টিনকে আদি ধৰি কেইবাজনো জার্মান কমিউনিষ্ট নেতাক কঠোৰভাৱে সমালোচনা কৰিলে। এইছোৱা সময়তে  অনুগামী সকলৰ এই জাতীয় নির্বুদ্ধিতাত বিৰক্ত হৈ মার্ক্সে ঘোষণা কৰিছিল ‘All I know is that I am no Marxist.’

পিছে এই জাতীয় দুই এটা ব্যতিক্রম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মার্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি কব পাৰি। এই সময়খিনিত মার্ক্সৰ চিনাকী ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে:

[মার্ক্স] এংলো-জার্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰছনাৰ] সৈতে পৰিচয়ে তেওঁক প্রদান কৰিছে এক প্রফুল্ল চিত্ত আৰু  ৰসাল ব্যংগ ৰছনাৰ অসীম ক্ষমতা।  অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে।  আজি তেওঁ এজন সুখী মানুহ।   

১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্রস্তুত কৰা প্রশ্নাৱলী এখনৰ  ‘প্রিয় কাম’ শীর্ষক প্রশ্ন এটাৰ উত্তৰত  মার্ক্সে লিখিছিল – তেওঁ সদায়েই গ্রন্থকীট হবলৈ ভাল পাব। কথাষাৰ আছিল সম্পূর্ণ সঁচা। মার্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্বর্যকৰ। অক্সফর্ড ইউনিভার্চিটিৰ জার্মান সাহিত্যৰ অধ্যাপক এছ এছ প্রয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মার্ক্সৰ পৰিচয়’ সম্পর্কীয় এটি অধ্যয়নত অলপতে  এনেদৰে লিখিছে:

ধ্রুপদী সাহিত্য, মধ্যকালীন জার্মান সাহিত্য, গ্যেটে, ডান্টে, বয়ার্ড, টাছ’, চার্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মার্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল।  যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰছনাসমূহ- যি পৰম্পৰাগত কর্তৃত্বৰ প্রতি বুঢ়া আঙুলি প্রদর্শন কৰি এক ন্যায়সংগত ভবিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মার্ক্সৰ দৃষ্টি আকর্ষণ কৰিছিল। সামগ্রিকভাৱে চাবলৈ গলে অৱশ্যে  বর্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্রতিহে তেওঁৰ চকু আছিল যেন লাগেঃ সমকালীন লেখক সকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰছনা সমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকর্ষণ কৰিছিল। 

গ্রীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্রিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণ সমূহ মূল গ্রীক ভাষাত পঢ়িছিল। মার্ক্সৰ ভাষাত ‘স্পার্টাকাছেই হয়তো সমগ্র প্রাচীন ইতিহাসৰ সবাটোকৈ শ্রেষ্ঠ চৰিত্র ...তেওঁ এজন মহান সেনাপতি,  এক বিশাল ব্যক্তিত্ব, আদিম সর্বহাৰাৰ প্রকৃত প্রতিনিধি...তেওঁৰ তুলনাত পম্পী [স্পার্টাকাছ নেতৃত্বাধীন দাস বিদ্রোহৰ দমন কৰোতা ৰোমান জেনেৰেল] আবর্জনাসদৃশ মাথো। Grundrisseত মার্ক্সে লিখিছে ‘যদিও গ্রীক কলা আৰু মহাকাব্য সমূহ সামাজিক বিকাশৰ এক বিশেষ পর্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্রদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্রত] সিবিলাক আজিও আমাৰ আদর্শ।’(Grundrisse, পৃষ্ঠা ১১১) বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্রেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাস সমূহেও মার্ক্সক বিশেষভাৱে প্রভাৱিত কৰিছিল। মার্ক্সৰ অন্যান্য অসম্পূর্ণ প্রকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পর্কীয় এটি অধ্যয়ন। 

১৮৭২ চনত সপ্রতিভ ডেকা সাংবাদিক চার্লচ লংগেৰ সৈতে মার্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হয়। ইয়াৰ পূর্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হয় কমিউনিষ্ট নেতা পল লাফার্গৰ সৈতে। প্রবাদ আছে যে শহুৰেক হিচাপে মার্ক্স যথেষ্ঠ কাঢ়া আছিল। বিশেষকৈ লাফার্গে বিয়াৰ আগেয়ে মার্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মার্ক্সৰ সবাটোকৈ প্রিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। ‘টুছি [এলেনৰ ঘৰুৱা নাম] সাইলাখ মোৰ দৰে’ মার্ক্সে এসময়ত কৈছিল। এলেনৰ লিছাগেৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্রেমত পৰিল। ইফালে সম্পর্কটো লৈ মার্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিছাগেৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হল।   

এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্রভাৱত মার্ক্সেও লণ্ডনৰ প্রেক্ষাগৃহবোৰ ঘুর্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মার্ক্সৰ বর্ণনা দিছে এনেদৰে, 

দর্শক হিচাপে মার্ক্স এজন অতিশয় ফুর্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুর্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ।  

১৮৮১ চন: স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গল। জীয়েক কেইজনীৰ অবিহনে  মার্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিলঃ জেনী মার্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে।  ইফালে মার্ক্সৰ নিজৰেই ব্রংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,

সেইছোৱা বৰ দুর্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰৰ আন এটা কোঠাত মূৰ [মার্ক্সৰ ঘৰুৱা নাম]। সমগ্র জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা  ছোৱালী। কোনেও কব নোৱাৰে  তেওঁলোক  ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্রসৰ এহাল বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।... 

১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মার্ক্সৰ মৃত্যু হল।  এংগেলছে এলেনৰলৈ লিখিলে –‘Moor is dead too পৰিবেশ সলনি কৰিবৰ বাবে মার্ক্সক ফুৰাবলৈ নিয়া হল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মার্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মার্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মার্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুণৰ এটা দুঃসংবাদ - মার্ক্সৰ মৰমৰ  জীয়েক  জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মার্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - ‘সমগ্র ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই।’ ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মার্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা  লিখিলে: ‘Mankind is shorter by a head, and that the greatest head of our time.’

(সমাপ্ত)

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...