Saturday, October 26, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (চতুর্থ খণ্ড)

Original: Part 4, Chapter 1, 'revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia

ডাছ কেপিটেল আৰু প্রথম ইন্টাৰনেছনেল 

মার্ক্সে পূর্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অর্থনীতিয়ে সংকটৰ এটা নতুন পর্যায়ত প্রবেশ কৰিলেসমগ্র ইউৰোপৰ ষ্টক এক্সচেঞ্জ সমূহত হাহাকাৰ  লাগি গল এংগেলছে মার্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক ফূর্তি দেখি [ষ্টক এক্সচেঞ্জৰ]  বেটাহঁতে বৰ ভয় খাইছে!’ সংকটৰ আগমনে মার্ক্স-এংগেলছৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনর্গমন ঘটিব।   এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলো, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অর্থত ই আহিছিলেও। পিছে এইবাৰ ই সর্বগ্রাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়ন সমূহ  অৱশেষত বাস্তৱক্ষেত্রত প্রয়োগ কৰাৰ সুযোগ পোৱা যাব’ (মার্ক্সলৈ এংগেলছৰ পত্রঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)


পিছে জেনেৰেল চাহাবৰ সপোন ফলৱতী নহল। অর্থনৈতিক সংকট স্বত্তেও ৰাজনৈতিক সংকটৰ কোনো উমঘাম দেখা পোৱা নগল। তথাপিও সংকটৰ আৱির্ভাৱে অর্থনৈতিক অধ্যয়নৰ প্রতি মার্ক্সক পুণৰ উৎসাহিত কৰি তুলিলে। ১৮৫৭ চনৰ ডিচেম্বৰত এংগেলছলৈ মার্ক্সে লিখিলে, ‘দিন ৰাতি একাকাৰ কৰি মই মোৰ অর্থনৈতিক অধ্যয়নৰ এটা সংশ্লেষণ প্রস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ; যাতে সংকট আহি পোৱালৈকে তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব পৰা যায়’। ১৮৫৭ চনৰ আগষ্ট মাহৰ পৰা ১৮৫৮ চনৰ মার্চলৈকে – প্রায় আঠ মাহ সময় অনর্গল ধপাত আৰু নেমুপানী সেৱন  কৰি মার্ক্সে  ডাছ কেপিটেলৰ এটা মোটা খচৰা লিখি উলিয়ালে। (পাছলৈ এই খচৰা খন Grundrisse নামেৰে জনাজাত হল। ডাছ কেপিটেলখন অসম্পূর্ণ হৈ ৰোৱাৰ বাবে আজিও পণ্ডিত সকলে প্রায়েই Grundrisseৰ মাজতে মার্ক্সৰ সম্ভাৱনীয় বিশ্লেষণৰ সন্ধান কৰে।) পাণ্ডুলিপি খনৰ বাবে লাছালে এজন প্রকাশক যোগাৰ কৰি দিলে। পিছে মার্ক্সে অনুভৱ কৰিলে – ছপা কৰিব পৰাকৈ পাণ্ডুলিপিখন যেন সংহত হোৱা নাই। বিষয় বস্তুৰ উপস্থাপনা ৰীতি যেন অতিশয় বিশৃংখলিত হৈয়েই আছে। ফলতঃ মার্ক্সৰ আন আন গ্রন্থৰ দৰেই এইখনৰো প্রকাশন পাছলৈ গাপ দি থোৱা হলমাত্র টকা সম্পর্কীয় অধ্যায়টো  পুনঃসম্পাদনা কৰি ১৮৫৯ চনত A Contribution to the Critique of Political Economy নামেৰে এখন নাতিদীর্ঘ গ্রন্থৰ ৰূপত  প্রকাশ কৰা হল। সৰু হলেও এইখনি গ্রন্থৰ পাতনিতে মার্ক্সৰ বৌদ্ধিক বিকাশ তথা ঐতিহাসিক বস্তুবাদ সম্পর্কে কেতবোৰ গুৰুত্বপূর্ণ সূত্র তথা বিবৰণ পঢ়িবলৈ পোৱা যায়।    

ইয়াৰ পাছৰ আঠটা বছৰ মার্ক্সৰ বাবে অতিশয় ব্যস্ততাৰ সময়। ইটোৰ পাছত সিটোকৈ বিভিন্ন সাংসাৰিক দুর্যোগ, ৰাজনৈতিক কাম-কাজ আৰু দৈনন্দিন লেখামেলা – সিবিলাকৰ মাজতে সময় উলিয়াই মার্ক্সে ডাছ কেপিটেলৰ পূৰঠ ৰূপ দিয়া কাম আৰম্ভ কৰিলে। মন কৰিবলগীয়া যে  প্রথমতে মার্ক্সে ছটা খণ্ডত তেওঁৰ অর্থনৈতিক অধ্যয়ন সমূহ প্রকাশ কৰাৰ পৰিকল্পনা কৰিছিলএই পৰিকল্পিত ছটা খণ্ড আছিল: (১) পুঁজি (২) ভূ-সম্পত্তি (৩)মজুৰী-শ্রম (৪) ৰাষ্ট্র (৫) আন্তঃৰাষ্ট্রীয় বাণিজ্য আৰু (৬) বিশ্ব বজাৰ। পিছে লিখি থকাৰ মাজতে তেওঁ পৰিকল্পনা সলনি কৰিলে।  ১৮৬১ চনৰ আগষ্টৰ পৰা ১৮৬৩ চনৰ জুলাই মাহলৈকে পৰিশ্রম কৰি মার্ক্সে লিখি উলিয়ালে এহেজাৰতকৈও অধিক পৃষ্ঠা জোৰা এখন প্রকাণ্ড পাণ্ডুলিপি। (তেইছখন টোকাবহীত সন্নিবিষ্ট  এই পাণ্ডুলিপিখন মার্ক্সৰ মৃত্যুৰ পাছত The 1861/63 Manuscript ামেৰে প্রকাশিত কৰা হল। মন কৰিবলগীয়া যে পাণ্ডুলিপিখনৰ সম্পূর্ণ ইংৰাজী অনুবাদ  আজিও কৰা হোৱা নাই।)  Grundrisse লিখাৰ সময়তেই মার্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল; 1861/63 Manuscript লিখি থাকোঁতে মার্ক্সে আৱিষ্কাৰ কৰিলে তেওঁৰ লাভাংশ তত্ত্বৰ ছটা খণ্ডৰ অর্থনৈতিক অধ্যয়নৰ আঁচনি ত্যাগ কৰি মার্ক্সে  এইবাৰ তেওঁৰ  সৃষ্টিৰাজীক  কেপিটেল বা পুঁজি নামেৰে নামাংকৰিত কৰিবলৈ ঠিক কৰিলে। নতুন আঁচনি মতে ইয়াক চাৰিটা খণ্ডত  বিভক্ত কৰাৰ পৰিকল্পনা কৰা কৰা হলঃ উৎপাদন বিষয়ক এটা খণ্ড, প্রবহন (circulation)  বিষয়ক এটা খণ্ড, সামগ্রিক ব্যৱস্থা বিষয়ক এটা খণ্ড আৰু উদৃত্ত মূল্য তত্ত্ব বিষয়ক এটা খণ্ড।

১৮৬৩-৬৪ চনৰ আশে পাশে মার্ক্সে মাকৰ ফালৰ পৰা কিছু ধন সম্পত্তি লাভ কৰিলে। পুৰণা বন্ধু ৱিলহেম ওলফৰ পৰাও কিছু ধন-বিত আহিল (ডাছ কেপিটেলৰ প্রথমটো খণ্ড এই ৱিলহেম ওলফৰ নামতেই উৎসর্গা কৰা হল)অভাৱগ্রস্ত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিলে। গ্রেফটন টেৰেছৰ পুৰণা সৰু ঘৰটো এৰি পৰিয়ালটোৱে মেইটলেণ্ড পার্কৰ ওচৰত এটা মোটামুটি ভাল ঘৰ ললে। পিছে অতি সোনকালেই এইখিনি ধনো শেষ হৈ আহিল আৰু  পৰিয়ালটোৱে পুনৰ এংগেলছৰ ওচৰত হাত পাতিব লগা হল। ১৮৬৩ চনৰ  পৰাই  মার্ক্সৰ স্বাস্থ্যৰো বৰকৈ অৱনতি ঘটিলশৰীৰৰ যতে ততে এসোপা ভীমকায় বিহফোঁহা, লগতে বিষ আৰু জ্বৰে দার্শনিক গৰাকীক কাঢ়িল কৰি পেলালে। বিষৰ কোপৰ পৰা ৰক্ষা পাবলৈ মাজে-সময়ে  আফিম আদিও সেৱন কৰিব লগা হল। ফোঁহাবোৰ পকিলে মার্ক্সে নিজেই সেইবোৰ ফুটাই বিষাক্ত তেজ আৰু পুঁজবোৰ উলিয়াই দিয়ে। এনে নৰক সদৃশ যান্ত্রনাৰ মাজতে ১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈকে অমানুষিক পৰিশ্রম কৰি মার্ক্সে ডাছ কেপিটেলৰ তিনিটাকৈ খণ্ডৰ পাণ্ডুলিপি প্রস্তুত কৰিলে। (চতুর্থ তথা অন্তিম খণ্ডৰ পাণ্ডুলিপিটো অৱশ্যে মার্ক্সৰ মৃত্যু পর্যন্ত অসম্পূর্ণ হৈয়েই ৰ’ল; মৃত্যুৰ পাছত 1861/63 Manuscriptsৰ প্রাসংগিক অংশখিনি Theories of Surplus Value নামেৰে প্রকাশিত কৰা হল।)   

১৮৬৫ চনত হেমবার্গ চহৰৰ এটি প্রকাশন গোষ্ঠী Meissner & Behreৰ সৈতে মার্ক্স এখন চুক্তিপত্রত আৱদ্ধ হল। ১৮৬৬ চনৰ বেছিভাগ সময়েই মার্ক্সে ডাছ কেপিটেলৰ প্রথমটো খণ্ড প্রকাশনৰ বাবে ঘঁহি-পিঁহি তৈয়াৰ কৰাত অতিবাহিত কৰিলে। অৱশেষত এংগেলছৰ পৰা খবৰ আহিল – পাণ্ডুলিপিৰ প্রথম কেইটা নমুনা ছপাখানাৰ বাবে পঠোৱা হৈছে। ১৮৬৭ চনৰ আগষ্টৰ মাজভাগত মার্ক্সে এংগেলছলৈ লিখি পঠালে –পাণ্ডুলিপিৰ প্রুফ চোৱা কাম সমাপ্ত হৈছেঃ

কেৱল তোমাৰ বাবেই এই সমস্ত কামখিনি আজি সম্ভৱ হৈছে। তোমাৰ অসীম ত্যাগ-স্বীকাৰ অবিহনে এই বিৰাট কামফেৰা মই কেতিয়াও সম্পূর্ণ কৰিব নোৱাৰিলোহেতেনমোৰ আলিংগন স্বীকাৰ কৰিবা, চেনেহৰ বন্ধু; তোমালৈ অশেষ অশেষ ধন্যবাদ। ১৫ পাউণ্ড অতি সানন্দেৰে গ্রহণ কৰা হল। অভিনন্দন; মোৰ বুকুৰ কুটুম আপোন বান্ধৈ!

কেইসপ্তাহমানৰ পাছত অৱশেষত ছপা ৰূপত কিতাপখন ওলাল। প্রথম সংস্কৰণত এহেজাৰ কপি ছপা কৰা হল।  পিছে এইখিনি সময়তে পুণৰ ৰাজনৈতিক ব্যস্ততাই মার্ক্সক অর্থনৈতিক-অধ্যয়নৰ ক্ষেত্রখনৰ পৰা আঁতৰাই আনিলে। ১৮৫৭-৫৮ৰ সময়ছোৱাত মার্ক্সে আশা কৰাৰ দৰে বিপ্লৱী জোৱাৰৰ পুনৰুত্থান নঘটিল যদিও ১৮৬০ৰ দশকৰ আৰম্ভণিৰ ফাললৈ সমগ্র ইউৰোপতে পুণৰ শ্রমিক আন্দোলনে বলিষ্ঠভাৱে আত্মপ্রকাশ কৰিলে তীব্র বেগেৰে ব্রিটেইন আৰু ফ্রাঞ্চত ট্রেড ইউনিয়ন আন্দোলন গঢ় লৈ উঠিললাছালৰ নেতৃত্বত পোন প্রথমবাৰৰ বাবে জার্মানীত শ্রমিক জনগণৰ বৃহৎ গণ সংগঠন Allgemeiner Deutscher Arbeiterverein(ADAV) বা ‘জার্মান শ্রমিকৰ সাধাৰণ ইউনিয়ন’ৰ স্থাপনা কৰা হল। প্রসাৰ বৃদ্ধিৰ লগে লগেই শ্রমিক আন্দোলনে আন্তর্জাতিক একতা সম্পর্কেও ভবা-চিন্তা  কৰিবলৈ আৰম্ভ কৰিলে।

আমেৰিকান গৃহযুদ্ধৰ প্রসংগত এই ক্রমবর্ধিত আন্তর্জাতিক চেতনাৰ এটি সুন্দৰ নিদর্শন দেখিবলৈ পোৱা গলযদিও যুদ্ধৰ ফলত ইংলেণ্ডৰ কপাহী বস্ত্র উদ্যোগে অতিশয় লোকচান ভৰিব লগা হৈছিল, তথাপিও লেনকেছাইৰ সমগ্র বস্ত্র শ্রমিকে উত্তৰ আমেৰিকাক নিঃসংকোচে সমর্থন প্রদান কৰিলে। ৰুছ শাসনৰ বিৰুদ্ধে ১৮৬৩ চনৰ প’লিছ (Polish) বিদ্রোহৰ প্রতিও সমগ্র ইউৰোপৰ গণতন্ত্রবাদী তথা সমাজবাদী  সকলে উষ্ণ সমর্থন আগবঢ়ালে।

এনে এক পৰিবেশতে The International Working Men’s Association বা চমুকৈ ‘প্রথম ইন্টাৰনেছনেল’ (The First International) গঠন কৰা হল। ১৮৬৩ চনৰ জুলাই মাহত  ইংলিছ ট্রেড ইউনিয়ন সমূহে প’লিছ বিদ্রোহৰ সমর্থনত কেতবোৰ ঐক্যবদ্ধ প্রতিবাদী সভা আয়োজন কৰিলে। আন আন শ্রমিক সংগঠন সমূহকো এই সভা সমূহলৈ নিমন্ত্রন কৰা হল। এই গইনাতে ১৮৬৪ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে লণ্ডনৰ চেণ্ট মার্টিন প্রেক্ষাগৃহত এখন বিশাল সভা অনুষ্ঠিত হয়। এই সভাখনিতে ‘প্রথম ইন্টাৰনেছনেল’ গঠনৰ ঘোষণা কৰা হল। ইংলিছ ট্রেড ইউনিয়ন সমূহৰ উপৰিও  ব্লাংকি তথা প্রুধ’ৰ  অনুগামী দুটা ফৰাচী শ্রমিকৰ গোট, আইৰিছ তথা প’লিছ জাতীয়তাবাদী সকলৰ একোটাহঁত গোট তথা ইটালিয়ান ৰিপাব্লিকানসকলৰ এটা গোটো  সভাখনত উপস্থিত আছিল। সভাৰ অন্তত ৩৪ জন সদস্যৰে সৈতে এখন সাধাৰণ পৰিষদ গঠন কৰা হল। এই পৰিষদৰ একেবাৰে শেহৰজন সদস্যৰ নাম আছিলঃ কার্ল মার্ক্স। পিছে অতি সোনকালেই  বিচক্ষণ কলম তথা মগজু শক্তিৰ বলত মার্ক্সেই ইন্টাৰনেছনেলৰ কার্যকৰী নেতা হিচাপে চিহ্নিত হৈ উঠিল। ইন্টাৰনেছনেলৰ অধিকাংশ ঘোষণাপত্র তথা আহ্বান আদি লিখা-মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ সৈতে চিঠি-পত্রৰে যোগাযোগ ৰখা – এই সমস্ত কামসমূহ মার্ক্সে অতিশয় বিচক্ষণতাৰে সমাপন কৰিবলৈ ললে।  

পিছে কমিউনিষ্ট লীগৰ বিপৰীতে ইন্টাৰনেছনেলত প্রভুত্ব বিস্তাৰ কৰাটো বৰ সহজ কথা নাছিল। এই সম্পর্কে ৱার্নাৰ ব্লুমেন বার্গে এনেদৰে লিখিছে,

কমিউনিষ্ট লীগ আছিল এমুঠিমান বিপ্লৱীৰে গঠিত এটা গুপ্ত সংগঠন;  মার্ক্সেই তাৰ সর্বেসর্বা আছিল। পিছে লীগৰ বিপৰীতে ‘প্রথম ইন্টাৰনেছনেল’ আছিল বিভিন্ন দেশৰ স্বাধীন চেতীয়া শ্রমিক সংগঠনৰ এখন সংযুক্ত মঞ্চ। সিবিলাকৰ ওপৰত পোনেই কর্তৃত্ব খটুৱাটো প্রায় অসম্ভৱ আছিল। সদস্য সকলে ইজনে সিজনক বুজাই বঢ়াইহে সৈমান কৰোৱাটো নিয়ম আছিল। ইন্টাৰনেছনেলৰ মজিয়াত ফুৰিয়াৰ, কেবেট, প্রুধ’, ব্লাংকি, বাকুনিন, মেজিনি, মার্ক্স আদি  বিভিন্নজনৰ মতাদর্শ তথা পন্থাৰ পয়োভৰ ঘটিছিল। কার্যপন্থা সম্পর্কেও বিভিন্ন জনৰ মতামত আছিল ভিন ভিন; এফালে ইউটপিয়ান সমাজবাদী সকলে সম্পূর্ণ শান্তিপূর্ণ পন্থাৰে সমাজবাদলৈ সংক্রমণৰ আশা কৰিছিল; আনফালে আকৌ অৰাজকতাবাদী সকলে ৰাজপথত খণ্ডযুদ্ধ লাগিয়েই বিপ্লৱৰ আগমণ সম্ভৱপৰ কৰিব যাব বুলি ভাবিছিল। ইংলিছ ট্রেড ইউনিয়ন সমূহত পুৰণা গিল্ড ব্যৱস্থাৰ সময়ৰে পৰা চলি অহা প্রফেচনেল অহংকাৰ তথা গৌৰবৰ স্পষ্ট চাব দেখা পোৱা গৈছিল। তাৰ বিপৰীতে জার্মান ইউনিয়ন সমূহ কিন্তু সম্পূর্ণভাৱে অনুশাসিত তথা সংগঠিত আছিল। সিবিলাকৰ উপৰিও লেটিন দেশসমূহৰ অজস্র বিপ্লৱীয়ে ইন্টাৰনেছনেলৰ মজিয়াত গিজগিজাই আছিল।

এই ৰাজনৈতিক পার্থক্যসমূহৰ বাবেই কম সময়ৰ ভিতৰতে ইন্টাৰনেছনেলৰ পতন ঘটিল। তথাপিও অস্তিত্বৰ প্রথম পাঁচটা বছৰ ইন্টাৰনেছনেলৰ বাবে অতিশয় গৌৰবৰ সময় আছিল। ১৮৬৬ চনত লণ্ডনৰ বস্ত্র শ্রমিক সকলে ধর্মঘট ঘোষণা কৰে। মালিক পক্ষই সচৰাচৰ কৰাৰ দৰে বিদেশী গুণ্ডা লগোৱাই শ্রমিক সকলৰ একতা নষ্ট কৰিবলৈ চেষ্টা কৰিলে। পিছে প্রথম ইন্টাৰনেছনেলৰ হস্তক্ষেপত মালিকপক্ষৰ সকলো ষড়যন্ত্র বিফল হবলৈ বাধ্য হল। ইয়েই শ্রমিক ইউনিয়ন সমূহৰ মাজত ইন্টাৰনেছনেলৰ জনপ্রিয়তা বহুগুণে বঢ়াই তুলিলে। সার্বজনীন ভোটাধিকাৰৰ দাবীত ইউনিয়ন সমূহৰ সহযোগিতাৰে গঠিত ‘সংস্কাৰ লীগ’তো ইন্টাৰনেছনেলে এক নেতৃত্বকাৰী ভূমিকা গ্রহণ কৰিলে। ইন্টাৰনেছনেলৰ প্রতিখন বার্ষিক অধিবেশনতে (লণ্ডন ১৮৬৫, জেনেভা ১৮৬৬, ল’জান, ১৮৬৭, ব্রুছেলছ ১৮৬৮, বাচল ১৮৬৯) শ্রম সম্পর্কীয় বিভিন্ন  বিষয় – যেনে দৈনিক ৮ ঘণ্টাৰ কর্মসীমা নির্ধাৰণ, শিশু শ্রম আদি সম্পর্কে নানান গুৰুত্বপূর্ণ প্রস্তাব গ্রহণ কৰা হল। তদুপৰি সমগ্র ইউৰোপ জুৰি কেইবাটিও ব্লেকলেগ (গুণ্ডা)  বিৰোধী কার্যসূচী সফলতাৰে পালন কৰা হল।

ইফালে অতি সোনকালেই মার্ক্স আৰু প্রুধ’ৰ অনুগামী সকলৰ মাজত মতাদর্শগত মতানৈক্যই দেখা দিলে। ইন্টাৰনেছৰ মজিয়াত মতাদর্শগত প্রভুত্ব বিস্তাৰ কৰিবলৈ সকলো গোট আৰু দলৰে মাজত উথপথপ লাগিল। ১৮৬৫ চনৰ জুন মাহত ইন্টাৰনেছনেলৰ সাধাৰণ পৰিষদৰ সভাত মার্ক্সে এলানি বক্তৃতা প্রদান কৰিলে। সেই সময়ত ইউটপিয়ান সমাজবাদী নেতা ৰবার্ট অৱেনৰ  অনুগামী জন ৱেষ্টন নামৰ এজন অর্থনীতিবিদে তাত্ত্বিকভাৱে যুক্তি দর্শাইছিল যে শ্রমিকৰ মজুৰী বৃদ্ধি কৰিবলৈ লোৱা প্রতিটো প্রচেষ্টাই শেহত গৈ বিফল হবলৈ বাধ্য। এই বক্তৃতা সমূহত মার্ক্সে ৱেষ্টনৰ এই ধাৰণা সমূহকে খণ্ডন কৰিবলৈ চেষ্টা কৰিলে। পাছলৈ এই বক্তৃতাখিনি এখনি পুস্তিকাৰ ৰূপত Wages, Price and Profit নামেৰে প্রকাশিত কৰা হল। ইফালে জার্মানীৰ আইচেনবাখত ১৮৬৯ চনত মার্ক্সৰ অনুগামী শ্রমিক নেতা আগষ্ট বেবেল তথা ৱিলহেম লেবনেষ্টৰ নেতৃত্বত ‘সামাজিক গণতন্ত্রবাদী শ্রমিক দল’  (Social Democratic Workers Party) গঠন কৰা হল। ইয়াৰ লগে লগেই মার্ক্সৰ তত্ত্বসমূহে পুণৰ জার্মানীত প্রবেশ কৰিবলৈ সুযোগ পালে।

দুটা ঘটনাই ইন্টাৰনেছনেলৰ ভাগ্য সম্পূর্ণভাৱে সলনি কৰি পেলালে। ১) ১৮৭০ চনৰ জুলাই মাহত ফ্রাঞ্চ আৰু প্রুচিয়াৰ মাজত যুদ্ধৰ সুত্রপাত ঘটিল। যুদ্ধত প্রুচিয়াৰ ক্ষীপ্র বিজয়ে নেপোলিয়ন তৃতীয়ৰ পতন ঘটালে আৰু ফ্রাঞ্চ পুণৰ গণৰাজ্যৰূপে ঘোষিত হল। পিছে থিয়েৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰখনৰ প্রতিক্রিয়াশীল নীতিসমূহৰ ফলত ১৮৭১ চনৰ মার্চত পেৰিছৰ শ্রমিক সকলে হাতত অস্ত্র তুলি ললে আৰু বুর্জোৱা চৰকাৰৰ ঠাইত  শ্রমিকৰ নিজস্ব চৰকাৰ – কমিউন- গঠনৰ ঘোষণা কৰিলে।  থিয়েৰ চাহাবে হুহকি গৈ ৱার্চাই চহৰত আশ্রয় লব লগা হল।  অতি শীঘ্রেই অৱশ্যে শ্রমিক চৰকাৰখনক দমন কৰিবলৈ সেনা-বাহিনী মোতায়েন কৰা হল। পেৰিছৰ কম্যুনার্ড সকলে সাহসেৰে প্রতিৰোধ কৰিলে যদিও শেহান্তৰত বিদ্রোহ কঠোৰ হাতেৰে নির্মূল কৰা হল। পেৰিচৰ বাট পথ পুণৰ শ্রমিকৰ তেজেৰে ৰাঙলী হৈ পৰিল।  

কমিউন চৰকাৰৰ ওপৰত ইন্টাৰনেছনেলৰ বিশেষ কোনো প্রভাৱ বা কর্তৃত্ব নাছিল। কিমান দিনলৈ কমিউন চৰকাৰ তিষ্টি থাকিব পাৰিব-  এই লৈ মার্ক্স নিজেই সন্দিহান আছিল। তথাপিও তেওঁ দৃঢ়ভাৱে কমিউনৰ সপক্ষে থিয় দিলে। ১৮৭১ চনৰ ৩০ এপ্রিলঃ কমিউনৰ পতনৰ তিনি দিন পাছত সাধাৰণ পৰিষদে এখনি পাঠ প্রস্তুত কৰি উলিয়ালে। The Civil War in France শীর্ষক এই পাঠটিৰ প্রকৃত লেখক আছিল স্বয়ং মার্ক্স। মার্ক্সৰ সর্বোত্তম লেখনী সমূহৰ ভিতৰত এই ৰছনাখনি অন্যতম বুলি কব পৰা যায়ঃ  কম্যুনার্ড সকলৰ অসীম সাহস আৰু বীৰত্বৰ গাথাৰে সিক্ত ৰছনাখনিত হত্যাকাৰী বুর্জোৱাহঁতৰ তথাকথিত সভ্যতাৰ মুখা খুলি দিয়া হল।  কম্যুনার্ড সকলৰ  বৈপ্লৱীক পদক্ষেপ – আৰু তেওঁসকলৰ বিৰুদ্ধে সমগ্র বুর্জোৱাৰ ঐক্যবদ্ধ দমন যজ্ঞ – ইয়াৰ মাজতেই মার্ক্সে  ৰাষ্ট্র চৰিত্র সম্পর্কীয় মার্ক্সীয় তত্ত্বৰো সন্ধান কৰিলে। পাছলৈ এই ৰছনাখনিৰ আলোচিত বিষয় বস্তুৰ পৰাই লেনিনে তেওঁৰ State and Revolution শীর্ষক গ্রন্থখনিৰ বাবে সমল লাভ কৰিছিল।

কমিউনৰ পতনৰ পাছতেই সমগ্র ইউৰোপজুৰি সমাজবাদীসকলৰ বিৰুদ্ধে কুৎসা ৰটনা আৰম্ভ কৰা হল। প্রথম ইন্টাৰনেছনেলো এই অপপ্রচাৰৰ পৰা সাৰি যাব নোৱাৰিলে। বুর্জোৱা বাতৰি কাকত সমূহৰ দ্বাৰা মার্ক্সক ‘ৰেড ডক্টৰ’, কমিউনৰ পাপেট মাষ্টৰ (puppet master) আদি  বিভিন্ন নামেৰে বিভূষিত কৰা হল। এনে ‘কুখ্যাতি’ৰ মাজতেই Civil War in France খনৰো জনপ্রিয়তা বাঢ়ি যাবলৈ ধৰিলে।  পিছে এনে উত্তপ্ত পৰিবেশত নির্জু প্রকৃতিৰ ইংলিছ ট্রেড ইউনিয়ন সমূহে প্রমাদ গণিলে। তেওঁলোকে নিজকে ইণ্টাৰনেছনেলৰ পৰা আঁতৰাই নিয়াটোৱেই শ্রেয় হব বুলি গণ্য কৰিলে। Civil War in Franceৰ প্রকাশনৰ পাছতেই সাধাৰণ পৰিষদৰ দুয়োজন ব্রিটিছ প্রতিনিধি - অডগাৰ আৰু লুক্রাফটে পদত্যাগ কৰিলে।

দ্বিতীয়তে, মিখাইল বাকুনিনৰ কার্যকলাপ সমূহেও ইন্টাৰনেছনেলৰ  অস্তিত্বলৈ সংকট নমাই আনিলে। বাকুনিন আছিল এটি সম্ভ্রান্ত ৰাছিয়ান পৰিয়ালৰ সন্তান। মার্ক্সৰ দৰেই তেওঁ ১৮৩০ তথা ১৮৪০ৰ দশককেইটাত  হেগেলৰ দ্বাৰা  গভীৰভাৱে প্রভাৱিত হৈছিল। পিছে ১৮৪২ চনত তেওঁ এক অদ্ভুত সিদ্ধান্তলৈ আহিলঃ তেওঁ ঘোষণা কৰিলে -  ধ্বংসমূলক হাবিয়াস হৈছে সৃষ্টিশীল হাবিয়াসৰে অন্য এটা নাম!’ বাকী সমগ্র জীৱনচোৱা তেওঁ এই আপ্তবাক্যশাৰী সভক্তিৰে  পালন কৰি গল! ১৮৪৮ৰ বিপ্লৱৰ পাছত বাকুনিন জাৰৰ পুলিচৰ হাতত ধৰা পৰিল। কুখ্যাত পিটাৰ-পল কাৰাগাৰত তেওঁক ৰখা হল। পিছে ১৮৬১ চনত তেওঁ  পলাই সাৰিল আৰু এইবাৰ মহাশয়ে ইংলেণ্ডত বিপ্লৱ কৰিবলৈ ঠিৰাং কৰিলে।

প্রথমচোৱা সময়ত মার্ক্সৰ সৈতে বাকুনিনৰ বন্ধুত্বসূলভ সম্পর্কই আছিল। এজনা ‘প্রবীণ হেগেলবাদী’ বন্ধু হিচাপে  মার্ক্সে তেওঁলৈ ডাছ কেপিটেলৰ প্রথমটো খণ্ড উপহাৰ স্বৰূপে পঠাইছিল। পিছে দুয়ো জনৰ স্বভাৱ চৰিত্র আছিল সম্পূর্ণ বিপৰীত। বাকুনিনৰ সমসাময়িক আন এজন  দেশান্তৰিত ৰাছিয়ান বিপ্লৱী এলেক্সজেণ্ডাৰ হার্জেনৰ মতে, ‘আন্দোলন, প্রপাগাণ্ডা আৰু বক্তৃতাবাজী বাকুনিনৰ প্রিয় কার্য আছিল। কথাই কথাই ষড়যন্ত্রৰ গোন্ধ লৈ ফুৰা, যতে ততে প্লট-ষড়যন্ত্র ইত্যাদিৰ আয়োজন কৰা, সিবিলাকৰ মাজত বিশ্ব ঐতিহাসিক তাৎপর্য আৱিষ্কাৰ কৰা – এইবোৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম অংশ। এই ষঢ়যন্ত্র সমূহক মূর্ত ৰূপ দিবলৈ, সিবিলাকৰ সম্ভাব্য  পৰিণামৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, আনকি সিবিলাকৰ বাবে নভবা-নিচিন্তাকৈয়ে প্রাণ পর্যন্ত বিসর্জন দিবলৈ তেওঁ সদায়েই প্রস্তুত আছিল’। নেপোলিয়ন তৃতীয়ৰ পতনৰ খবৰ পোৱাৰ পাছত বাকুনিনৰ প্রতিক্রিয়া আছিল এনেধৰণর - ততালিকে তেওঁ লিয়ন চহৰত গৈ উপস্থিত হল আৰু  আৰু টাউন হলৰ সমুখত ‘ৰাষ্ট্রৰ নিপাত ঘটিল’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে! উৎপাত অতিশয় বাঢ়ি যোৱাত কেইজনমান পুলিচে মহাশয়ক দাংকোলাকৈ উঠাই লৈ যোৱাৰ পাছতহে সকলোৱে ৰক্ষা পালে!        


১৮৬৮ চনত বাকুনিনে ইন্টাৰনেছনেলত যোগদান কৰিলে।  একে সময়তে তেওঁ ইন্টাৰনেছনেলৰ ভিতৰতে The Alliance for Social Democracy নামেৰে অৰাজকতাবাদী সকলৰ এটা পৃথক সংগঠনো গঠন কৰিলে।  ইন্টাৰনেছনেলৰ  ইটালিয়ান, স্পেনিছ আৰু চুইছ প্রতিনিধি সকলৰ মাজত অৰাজকতাবাদী সকল বিশেষভাৱে প্রভাৱশালী আছিল। কমিউনৰ পতনৰ পাছৰ পৰাই মার্ক্স আৰু বাকুনিনৰ অনুগামী সকলৰ মাজত মতবিৰোধ ক্রমে তীব্রতৰ হৈ পৰিল।  এফালৰ পৰা চাবলৈ গলে ই ১৮৪৮ৰ কমিউনিষ্ট লীগৰ পুনৰাবৃত্তি আছিলঃ মার্ক্সে যুক্তি দর্শাইছিল যে বর্তমানৰ সময়ত তাৎক্ষণিক বিপ্লৱৰ সম্ভাৱনীয়তা ক্রমে ক্ষীণ হৈ পৰিছে; সেয়েহে সেই অনুসৰি ৰাজনৈতিক কার্যনীতি গ্রহণ কৰা হওঁক। ইফালে  বাকুনিনবাদী সকলে আকৌ সকলোতে বিপ্লৱৰে পূর্বাভাস পাইছিল; সেয়েহে তেওঁলোকৰ কথা আছিলঃ অবিলম্বে বিদ্রোহৰ বাবে প্রস্তুতি চলোৱা হওঁক!  কিছুদিনৰ পাছত মার্ক্সৰ অনুভৱ হলঃ এই পৰিস্থিতিত ইন্টাৰনেছনেলৰ মজিয়াত তেওঁৰ কথা হয়তো বেছিদিন নিটিকিব। সেয়েহে তেওঁ কার্যকৰীভাৱে সংগঠনটো ভংগ কৰি দিয়াটোৱেই সঠিক হব বুলি ঠিক কৰিলে।  ১৮৭২ চনৰ চেপ্তেম্বৰ মাহত হেগ চহৰত ইন্টাৰনেছনেলৰ অন্তিমখন বার্ষিক অধিবেশন অনুষ্ঠিত কৰা হল। আমোদজনকভাৱে কেৱল এইখন অধিবেশনতেই মার্ক্স সোঁ-শৰীৰেৰে উপস্থিত আছিল! অৱশেষত বহু যুক্তি তর্কৰ পাছত বাকুনিন আৰু তেওঁৰ অনুগামী সকলক ইণ্টাৰনেছনেলৰ পৰা বহিষ্কৃত কৰা হল আৰু ইন্টাৰনেছনেলৰ মূখ্য কার্যালয় নিউয়র্কলৈ স্থানান্তৰিত কৰা হল। আমেৰিকালৈ মূখ্য কার্যালয় লৈ যোৱাৰ অর্থ আছিল-  সংগঠনটো কার্যকাৰীভাৱে নিস্তেজ কৰি পেলোৱা। অৱশেষত ১৮৭৬ চনত আনুষ্ঠানিকভাৱে ইন্টাৰনেছনেল ভংগ কৰি দিয়া হল। 

ক্রমশঃ

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...