Original: Part 1, Chapter 1, Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia
Translation: Mayur Chetia
ত্রায়াৰ চহৰস্থিত মার্ক্সৰ জন্ম-গৃহ |
পেছাত এজন সফল আইনজীৱি হেনৰিখ মার্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অর্থাৎ কার্ল মার্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্রকৃত ফৰাচী ভদ্রলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মার্ক্সৰ সম্বন্ধ আছিল অতিশয় মধুৰ। মৃত্যু পর্যন্ত দেউতাকৰ ছবি এখন মার্ক্সে সযতনে লগত লৈ ফুৰিছিল।
সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত
মার্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্রায়াৰ চহৰতেই তেওঁৰ পঢ়াশুনা আৰম্ভ হয়
আৰু পৰিয়ালৰ এজন বন্ধু তথা প্রুছিয়ান ৰাষ্ট্রৰ
এজন প্রশাসনীয় বিষয়া চার্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত মার্ক্সে ত্রায়াৰ
উচ্চ বিদ্যালয় পৰা ধ্রুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে এগৰাকী
দুহিতা জেনী ভন ৱেষ্টফালেনক মার্ক্সে বিয়া কৰায়। অৱশ্যে এই স্কুলীয়া
সময়ছোৱাত মার্ক্সে কোনো বিশেষ প্রতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ
প্রভাৱতেই মার্ক্স হোমাৰ তথা ছেক্সপীয়েৰৰ ৰছনাৱলীৰ প্রতি আকর্ষিত হয়।
জেনী মার্ক্স |
বনত এবছৰ থকাৰ পাছত ১৮৩৬ চনত মার্ক্সে বার্লিন বিশ্ববিদ্যালয়ত নামভর্তি কৰে। প্রথমতে তেওঁ
আইনী শিক্ষাই অব্যাহত ৰখাৰ কথা ভাবিছিল যদিও ক্রমান্বয়ে দর্শনৰ প্রতি তেওঁৰ মন ঢাল
খায়। প্রেমৰ কবিতা এৰি মার্ক্সে এইবাৰ ভালকৈ পঢ়াশুনাত মনোনিবেশ কৰে। আইনৰ
দর্শনৰ পৰা আৰম্ভ কৰি ক্রমান্বয়ে তেওঁ দর্শনৰ গূঢ় জগতখনত নিমগ্ন হৈ পৰে। অৱশেষত
তেওঁ মুখামুখি হয় সেই সময়ৰ শ্রেষ্ঠ দার্শনিক ফ্রেডৰিক হেগেলৰ দর্শনৰ সৈতে। হেগেলেৰ
ৰছনাৱলীয়ে মার্ক্সৰ হৃদয়ত সৃষ্টি কৰে
তীব্র মানসিক তথা বৌদ্ধিক অন্তর্দ্বন্দ। বন্ধু এজনলৈ লিখা চিঠি এখনত
মার্ক্সে ঘোষণা কৰে- ‘হেগেলৰৰছনা সমূহ ৰুগ্ন, বীভৎস গদ্যৰ চূড়ান্ত নিদর্শন’।
কিন্তু তথাপিও শেহত গৈ তেওঁ হেগেলৰেই অনুগামী হবলৈ বাধ্য হয়।
১৮৩০ৰ বহুধাবিভক্ত জার্মানী |
জার্মান সমাজৰ এই অন্তর্বিৰোধ সমূহ প্রতিফলিত হৈছিল দার্শনিক হেগেলৰ ভাৱধাৰাত মাজত। প্রথমতে হেগেল
আছিল ফৰাচী বিপ্লৱৰ উগ্র সমর্থক, পাছলৈ নেপোলিয়নৰ আৰু শেহান্তৰত তেওঁ প্রতিক্রিয়াশীল প্রুছিয়ান ৰাষ্ট্রৰ পদলেহনকাৰীলৈ
পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্রুছিয়ান ৰাষ্ট্রই হৈছে মানৱ বিবেচনা-বুদ্ধি(reason)ৰ পৰম মূর্ত ৰূপ(embodiment)। ১৮৩০ৰ পৰা ১৮৪০ৰ
দশকলৈকে তেওঁক প্রুছিয়ান ৰাষ্ট্রৰ চৰকাৰী
দার্শনিক বুলিয়েই কব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্র নিয়ন্ত্রিত সকলো বিশ্ববিদ্যালয়তে
হেগেল অনুগামী দার্শনিক-অধ্যাপক সকলে বিশেষ স্বীকৃতি লাভ কৰিছিল।
হেগেল |
এনে এক সময়তে মার্ক্সে হেগেলৰ দর্শন গ্রহণ কৰে। সেইসময়ত
বার্লিন ডক্টৰছ ক্লাবত প্রায়ে তৰুণ
হেগেলবাদী সকলৰ নিয়মীয়া বৈঠক অনুষ্ঠিত হৈছিল। মার্ক্সে ততালিকে
ক্লাবত যোগদান কৰে আৰুঅতি সোনকালেই ক্লাবৰএজন নিয়মীয়া সদস্য হৈ পৰে। ক্লাবৰ
সভ্যসকলৰ জীৱন ধাৰণৰএকো ঠিকনা নাছিল। প্রায়ে মদ খাই, তর্ক, বাক-বিতণ্ডাত মত্তহৈ তেওঁলোকে
জীৱন কটাইছিল। মার্ক্সৰ দেউতাকৰ অভিযোগ মতে, ‘মোৰ লৰাটিয়ে সকলো প্রতিশ্রুতি আওকাণ
কৰি কোনো ধনীৰ দুলালৰ দৰেই এবছৰতে প্রায় ৭০০ থেলাৰ মুদ্রা খৰচ কৰি পেলালে। অথচ
ধনীতকৈ ধনী মানুহেও বছৰত ৫০০ থেলাৰমান হে খৰচ কৰে।’ ১৮৩৮ত দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সৈতে মার্ক্সৰ প্রায় সকলো সম্পর্কই ছিন্ন হৈ পৰে। অৱশ্যে মাকৰ
কৃপাত লৰাটিলৈ ধনৰ যোগাৰ ঠিকেই অব্যাহত থাকে। সেই সময়ত মার্ক্সৰ বন্ধু (ব্রুন’ বয়াৰৰ
ভাতৃ)এদগাৰ বয়াৰ তথা এংগেলছে তেওঁৰ বেপৰোৱা জীৱন লৈ এটি ধেমেলীয়া কবিতা লিখিছিলঃ
‘মানব নহয় ই জানিবা অসুৰ/
ত্রায়াৰ চহৰ মুখী ৰঙা বকাসুৰ/ খোজত নবহে হিয়া জাপতহে মন/ উর্ধ মুষ্টি বাহু পিশাচ
আচৰণ/ অবিন্যস্ত কেশ সজ্জা বিকট বচন/ অশান্ত
দেহা মন অসুৰ বিচৰণ’!![1]
ডেকা মার্ক্স |
ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত মার্ক্স ত্রায়াৰ চহৰলৈ
উভটি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ
উদ্যোগপতি সকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ আৰম্ভ কৰিছিল। উদ্যোগপতিসকলৰ শ্রেণী স্বার্থ সমূহ
প্রতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ
হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ প্রায় মুখপত্রলৈ পৰিণত হৈছিল। ১৮৪২ৰ মার্চ মাহৰ পৰা
মার্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ
কাকতখনৰ সম্পাদক নিযুক্ত হল। কাকতৰ কামত তেওঁ এইবাৰ কল’ন চহৰলৈ আহিল। মার্ক্স এই সময়ত এজন ৰেডিকেল উদাৰবাদী ডেমক্রেট
আছিল; ১৭৮৯ত ফ্রাঞ্চত হোৱাৰ লেখিয়াকৈ তেওঁ জার্মানীতো সার্বজনীন ভোটাধিকাৰ তথা
গণতন্ত্র সাব্যস্ত হোৱাটো বিচাৰিছিল। আন এখন কাকতে Rheinische Zeitungক সাম্যবাদৰ
প্রচাৰক বুলি অভিযোগ আনোতে সেই অভিযোগ নাকচ কৰি মার্ক্সে লিখিছিল, ‘সাম্যবাদ
সম্পর্কীয় ধাৰণাসমূহৰ বর্তমান যি ৰূপ, সি
তত্ত্বগত দৃষ্টিৰেও সুসংগত নহয়, এনে স্থলত সিবিলাকে বাস্তবিক ৰুপ ধাৰণ কৰিব
পাৰিব বুলি আমি নেভাবো’(Collected Works,i., p. 220)।
অৱশ্যে Rheinische Zeitung ৰ অভিজ্ঞতাই মার্ক্সৰচিন্তাধাৰাইতিমধ্যেই
বহুখিনি সলনি কৰি পেলালে। মার্ক্সৰ ভাষাত, Rheinische Zeitung ৰ পাততেই ‘পোন প্রথম বাৰৰ বাবে
মই বাস্তৱিক স্বার্থ সম্পর্কীয় আলোচনাত ভাগ লবলৈ বাধ্য হলো।’ এই সময়লৈকে আন আন
হেগেলবাদীৰ দৰেই মার্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্রৰ অৱস্থান সমাজৰ শ্রেণী
স্বার্থ সমূহতকৈ ঊর্ধত হয়; অর্থাৎ শ্রেণী সংঘাতৰ প্রতি ৰাষ্ট্রই এক নিৰপেক্ষ
ভূমিকা পালন কৰে। বিভিন্ন শ্রেণীৰ আন্তঃসংঘাত সমূহ নিৰাময় কৰি সকলো নাগৰিকৰে
সার্বজনীন স্বার্থ সিদ্ধি কৰাটোৱেই হৈছে ৰাষ্ট্রৰ উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি
সম্পর্কীয় কেতবোৰ সংসদীয় বিতর্ক অনুসন্ধান কৰি
মার্ক্সৰ অনুভৱ হল - উদ্যোগিক পুঁজিপতি, সামন্তীয় ভূ-স্বামী তথা প্রুচিয়ান ৰাষ্ট্র
– এই আটাইৰে মাজত কেতবোৰ সমূহীয়া স্বার্থ আছে। এই তিনিওটা শক্তিয়েই ব্যক্তিগত
সম্পত্তিৰ সমর্থক, যি বৃহত্তৰ কৃষক আৰু শ্রমিক জনগণৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই
আনিছে। মছেল অঞ্চলৰ কৃষক ৰাইজৰ দুৰৱস্থা সম্পর্কীয় এক ৰিপর্ট লিখি থাকোতে মার্ক্সে
অনুভৱ কৰিলে- ব্যক্তিগত সম্পত্তি সম্পর্কীয় আইন সমূহ কাঢ়াকৈ বলবৎ কৰাৰ ফলত কৃষকে
ভূ-স্বামী সকলৰ মাটিৰ পৰা পৰম্পৰাগতভাৱে খৰি লুৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে আৰু
ই কেৱল ভূ-স্বামী সকলকেই লাভবান কৰিছে। সুদীর্ঘ পঞ্চাছ বছৰৰ পাছত এই সময়খিনিৰ
বিষয়ে সুৱঁৰি এংগেলছে এনেদৰে লিখিছিল, ‘মার্ক্সে মোক প্রায়েই কৈছিল- খৰি চুৰি
সম্পর্কীয় আইন সমূহ তথা মছেল অঞ্চলৰ কৃষকৰ দুৰৱস্থা- এই দুটি বিষয় সম্পর্কে
অনুসন্ধান কৰিয়েই তেওঁ পোন প্রথমবাৰৰ বাবে অর্থনৈতিক অৱস্থা সম্পর্কে সচেতন হল, আৰু
ই তেওঁক [তথাকথিত] বিশুদ্ধ ৰাজনীতিৰ পৰা আঁতৰাই আনি অর্থনীতিৰ অধ্যয়ণৰ বাবে প্রেৰণা
যোগালে, যি পাছলৈ সমাজবাদৰ পথটি প্রশস্ত কৰিলে।’
ব্রুন’ বয়াৰকে আদি কৰি বার্লিন স্থিত এই পুৰণি বন্ধু
সকলক আক্রমণ কৰি মার্ক্সে কিছু দিনৰ পাছত এনেদৰে লিখিলে,
আমি কোনো শাস্ত্র আওঁৰাই
পৃথিবীৰ বাবে নতুন নিয়ম বান্ধিবলৈ নাযাওঁ। আমি এইবুলি নকওঁ যে চোৱা! আমি এটা নতুন
নিয়ম বান্ধিছোঁ, এয়াই সত্য নিয়ম। সকলোৱে ইয়াৰ আগত আঁঠু লোৱা!বৰঞ্চ আমি পৃথিবীৰ
বাস্তৱিক নিয়মসমূহৰ পৰাই নতুন নিয়ম গঢ়িব বিচাৰোঁ। আমি জগতখনক এইবুলি কবলৈ নাযাওঁ: তোমালোকৰ সংগ্রাম বন্ধ কৰা, তোমালোক
আটাইবোৰ মূর্খ; আমাৰ কথা শুনা, আমি তোমালোকক সংগ্রামৰ নতুন শ্লগান গঢ়ি দিম! বৰঞ্চ
আমি সংগ্রামৰ প্রকৃত লক্ষ্যৰ প্রতিহে আঙুলিয়াই দিওঁ আৰু লগতে কওঁ যে এই লক্ষ্য
সম্পর্কে [সংগ্রামী সকলে] যথোচিত চেতনা বিকশিত কৰি লবই লাগিব। (Collected Works, iii 144)।
শ্রমিক শ্রেণীৰ সংগ্রাম সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক
চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তাত্ত্বিক সকলৰ
সামাজিক ভূমিকা সম্পর্কীয় তেওঁৰ চিন্তাৰাজিৰো। মার্ক্সৰ মতে শ্রমিকক
নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্রমিকসকলৰ সংগ্রামৰ প্রকৃত
উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত হব পাৰিব এই সম্পর্কে বিশ্লেষণ
কৰি আঙুলিয়াই দিয়াটোৱেই হৈছে তেওঁলোকৰ কাম।
অৱশ্যে শ্রমিক-শক্তিৰ প্রচুৰ বৈপ্লৱিক সম্ভাৱনীয়তা
সম্পর্কে এইখিনি সময়লৈকো মার্ক্সৰ ধাৰণা পৰিষ্কাৰ হোৱা নাছিল। এই কথাৰ উমান পোৱা
যায় ১৮৪৩ৰ মাজভাগত তেওঁ লিখা এটি
পাণ্ডুলিপিৰ পৰা। (এই পাণ্ডুলিপিটো
লিখাৰ কিছুদিন পূর্বেই মার্ক্সে Rheinische Zeitung
কাকতখনৰ পৰা পদত্যাগ কৰে।) পিছলৈ Contribution to the Critique of Hegel’s Philosophyof Right নামেৰে জনাজাত হোৱা এই পাণ্ডুলিপিটো
গ্রন্থৰুপত অৱশ্যে ১৯২৭ চনতহে ছপা হয়গৈ। এই ৰছনাখনিত মার্ক্সে হেগেলৰ ‘শ্রেণী-নিৰপেক্ষ ৰাষ্ট্র’ সম্পর্কীয় ধাৰণা সমূহ
খণ্ডন কৰিবলৈ চেষ্টা কৰে। ৰছনাখনিত
সেই সময়ৰ আন এজন দার্শনিক লুদউইগ ফায়াৰবাখৰ প্রভাৱ বাৰুকৈয়ে
দেখিবলৈ পোৱা যায়।মার্ক্সৰ দৰেই ফায়াৰবাখো
এটা সময়ত হেগেলৰ অনুগামী আছিল; পিছে পাছলৈ তেওঁ হেগেলৰ তীব্র সমালোচকহৈ পৰে। ১৮৪১ চনত প্রকাশিত তেওঁৰ Essence of Christianity
শীর্ষক গ্রন্থখনি ইতিমধ্যেই ব্যাপক চর্চাৰ বিষয় হৈ পৰিছিল। ব্রন’ বয়াৰ আদি তৰুণ
হেগেলবাদী সকলতকৈ বহুখিনি আগুৱাই গৈ ফায়াৰবাখে ঘোষণা কৰিছিল-‘হেগেলৰ
সমস্ত দর্শন নাকচ কৰাৰ সময় আহি পৰিছে; হেগেলে কোৱাৰ দৰে কোনো ভগবান বা আইডিয়াৰ পৰাদর্শনৰ
আৰম্ভণি কৰাটো ভ্রান্তিকৰ; বৰঞ্চ মানৱ জীৱন আৰু এই জীৱনৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ
অধ্যয়ন হে দর্শনৰ আৰম্ভণি বিন্দু হোৱা উচিত’। ফায়াৰবাখৰ এই
ধ্যান ধাৰণা সমূহ ততালিকেই মার্ক্স,
এংগেলছ , হেছ আদিৰ মাজত জনপ্রিয় হৈ পৰে; ইতিমধ্যেইমার্ক্সে বিশ্বাস কৰিবলৈ লৈছিল
যে কেৱল ৰাজনৈতিক বিপ্লৱে জার্মান সমাজখনৰ আমূল পৰিবর্তন সাধন কৰিব নোৱাৰে,
এইক্ষেত্রত প্রয়োজন হব এক সামাজিক বিপ্লৱৰ। অৱশ্যে এইখিনি সময়লৈকে এনে সামাজিক
বিপ্লৱৰ অগ্রণী শক্তি হিচাপে শ্রমিক শ্রেণীৰ বৈপ্লৱিক ভূমিকা সম্পর্কে তেওঁ
ভবা-চিন্তা কৰা নাছিল।বৰঞ্চ এক বহল পৰিসৰৰ গণতন্ত্র বা সার্বভৌমিক ভোটাধিকাৰ আদি প্রতিষ্ঠাৰ
যোগেদিয়েই জনগণৰ দ্বাৰা ৰাষ্ট্র-শক্তি নিয়ন্ত্রিত কৰিব পৰা যাব বুলিতেওঁ আশা কৰিছিল।
Critique লিখাৰ এবছৰমানৰ ভিতৰতেই অৱশ্যে
মার্ক্স এজন পূর্ণ কমিউনিষ্টলৈ পৰিণত হয়। এই পৰিবর্তনৰ অন্যতম কাৰণআছিলঃ কলনৰ পৰা পেৰিছলৈ
মার্ক্সৰ দেশান্তৰ আৰু পেৰিছৰ শ্রমিক আন্দোলনৰ সৈতে প্রত্যক্ষ যোগাযোগ। প্রুছিয়ান চেঞ্চৰছিপৰ
উৎপাতত থাকিব নোৱাৰি মার্ক্সে অৱশেষত জার্মানী এৰিবলৈ বাধ্য হ’ল। চেঞ্চৰছিপৰ
পৰা ৰক্ষা পাবলৈ তেওঁ বন্ধু আর্নল্ড ৰুজৰ সৈতে জার্মানীৰ পৰা দূৰৈত পেৰিছ চহৰৰ পৰা
The Deutsch-Französische Jahrbücher নামেৰে
তৰুণ-হেগেলবাদী কাকত এখন প্রকাশ কৰাৰ সিদ্ধান্ত ললে। ১৮৪৩ চনৰ অক্টোবৰ মাহত
মার্ক্স পেৰিছ চহৰত উপস্থিত হল।
বার্লিন বা কলনতকৈ পেৰিছৰ পৰিস্থিতি আছিল ভিন্ন।
উনবিংশ শতিকাৰ ইউৰোপৰ সাংস্কৃতিক ৰাজধানী ৰুপে স্বীকৃতি লভা পেৰিছ চহৰখন সেই সময়ত
বিভিন্ন দেশৰ পৰা দেশান্তৰিত হৈ অহা সাম্যবাদী
বিপ্লৱী তথা বুদ্ধিজীৱিৰে গিজগিজাই আছিল। এইক্ষেত্রত কেৱল জার্মান দেশান্তৰিত লোকৰ
সংখ্যাই আছিল ৪০,০০০ৰো উর্ধত। সিবিলাকৰ গৰিষ্ঠ সংখ্যকেই আছিল কাৰিকৰ আৰু তেওঁলোক ‘লীগ
অৱ জাষ্ট’ নামেৰে বিপ্লৱী গুপ্ত সংগঠন এটিৰ প্রভাৱাধীন আছিল। তাৰ উপৰিও অগণন
কমিউনিষ্ট তথা সমাজবাদী সংগঠন আৰু সিবিলাকৰ আভ্যন্তৰীণ তর্ক-বিতর্ক তথা কোর্হালে পেৰিছৰ
বতাহ গৰম কৰি ৰাখিছিল। এই সময়ছোৱাতেই তথাকথিত
‘বুর্জোৱা সম্রাট’ লুই ফিলিপৰ অধীনত এক অতিশয় দুর্নীতিবান আমোলা তথা বেংকাৰ গোষ্টীৰ
নেতৃত্বত ফ্রাঞ্চৰ বছা বছা অঞ্চলত এক
দ্রুত ঔদ্যোগীকৰণ প্রক্রিয়াও ত্বৰাম্বিত হৈছিল, যাৰ ফলস্বৰুপে দ্রুত গতিৰে সৃষ্টি
হৈছিল এক সর্বহাৰা শ্রেণীৰ। সিবিলাকৰ মাজত প্রভাৱ বিস্তাৰ কৰিবলৈ সকলো বাওঁপন্থী
সংগঠনেই উথপথপ লগাইছিল।
এই জার্মান তথা ফৰাচী কমিউনিষ্ট সংগঠন সমূহৰ
যোগেদিয়েই পোন প্রথমবাৰৰ বাবে মার্ক্সে সংগঠিত শ্রমিক আন্দোলনৰ সৈতে সংস্পর্শ লাভ
কৰিলে। মার্ক্সৰ মন-হৃদয়ত ইয়াৰ ফলাফল আছিল অভূতপূর্ব। ১৮৪৪ চনৰ আগষ্ট মাহত ফায়াৰবাখলৈ
লিখা এখনি চিঠিত তেওঁ এইদৰে মনৰ ভাৱ প্রকাশ কৰিছিল,
এই ফৰাচী শ্রমিকসকলৰ এনে
বিপুলকর্মোদ্যম, এনে অপূর্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে
তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই বর্বৰ সকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক
সোপান লুকাই আছে (Collected Works, iii
355)।
শ্রমিকৰ ঐতিহাসিক ভূমিকা সম্পর্কীয় মার্ক্সৰ এই নতুন
দৃষ্টিভংগীৰ প্রমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ মার্চ,১৯৪৪ চনত প্রকাশিত একমাত্র সংখ্যাটোৰ দুটা লেখনীৰ
মাজত। (এফালে প্রুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া
প্রতিক্রিয়া; তাৰ লগতে ভূতৰ লগত দানহ পৰাদি প্রকাশকে ধনৰ যোগান বন্ধ কৰি দিয়াৰ ফলত নিজৰ মাজতে কাজিয়াত মছগুল সম্পাদকদ্বয়ৰ বাবে
কাকতখন বন্ধ কৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকিল!)। ‘On the Jewish Question’শীর্ষক
প্রথম লেখনীটোত ব্রুন’ বয়াৰৰ সমালোচনা কৰি মার্ক্সে লিখিলে: ১৭৮৯ৰ ফৰাচী বিপ্লৱ সদৃশ ৰাজনৈতিক বিপ্লৱে মানুহক কেৱল এটাই স্বাধীনতা দিব
পাৰে - সেয়া হৈছে বৃহত্তৰ সম্প্রদায়ৰ পৰা আঁতৰি আহি নিজকে আত্মবিস্মৃত কৰি পেলোৱাৰ
স্বাধীনতা, নিজৰে ব্যক্তিগত স্বার্থ তথা ফুর্তিত মছগুল হৈ পৰাৰ স্বাধীনতা। তাৰ বিপৰীতে,
কেৱল এক সামাজিক বিপ্লৱেহে ব্যক্তিগত মালিকানা তথা ব্যক্তিবাদৰ অৱসান ঘটুৱাই
প্রকৃত মানৱ মুক্তি মাতি আনিব পাৰিব (Collected Works, iii 164)।
দ্বিতীয়টো লেখনীটোত মার্ক্সে লিখিলেঃ কেৱল এনে এক সামাজিক বিপ্লৱহে জার্মান
সমাজখনত সম্ভৱপৰ হব। কিয়নো বিপ্লৱকালীন
ফ্রাঞ্চৰ তুলনাত সমকালীন জার্মান বুর্জোৱা বা মধ্যবিত্ত শ্রেণীটো অতিশয় দুর্বল; ই ৰাজতন্ত্রৰ
বিৰুদ্ধে জনগণক বিপ্লৱী নেতৃত্ব প্রদান কৰিবলৈ একেবাৰেই অক্ষম। সেয়েহে ঔদ্যোগিক শ্রমিক শ্রেণী বা প্রলেটাৰিয়েটেই
এই ভূমিকা পালন কৰিব লাগিব।
শৃংখলত আৱদ্ধ এই [সর্বহাৰা]
শ্রেণীটোৱে নিজকে মুক্ত কৰিবলৈ হলে সমাজৰ সকলো পর্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে
মুকলি কৰিব লাগিব; অর্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা
আনিব লাগিব; আন কথাত কবলৈ গলে – সম্পূর্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি
সামগ্রিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ
পথেৰেহে সম্ভৱপৰ হব। (Collected Works,
iii 186)।
এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে বিশুদ্ধ
এজন দার্শনিকৰ দৃষ্টিৰেই মার্ক্সে ৰাজনৈতিক প্রশ্নসমূহৰ পর্যালোচনা কৰিছিল। তেওঁ দার্শনিক
তথা শ্রমিক সকলৰ এক মিত্রতাৰ কথা কল্পনা কৰিছিল য’ত দার্শনিক সকলে নেতৃত্বকাৰী
ভূমিকা পালন কৰিব। অর্থাৎ বিপ্লৱী প্রক্রিয়াত শ্রমিক সকলৰ ভূমিকা হব দ্বিতীয়
পর্যায়ৰ, এইক্ষেত্রত দার্শনিক সকলহে আগৰণুৱা হব। মার্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্রাম]ৰ
হৃদয় হ’ব শ্রমিক সকল আৰু মগজু হ’ব দার্শনিক সকল’(Collected Works, iii 183, 187)। শ্রমিক
শ্রেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবর্তে ‘শ্রমিকৰ দাৰিদ্রতাই তেওঁলোকক
বিপ্লৱৰ পথেৰে লৈ যাব’ - মার্ক্সৰ এই যাতীয় বাক্যাংশ সমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্রশ্রয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ
পোৱা যায়।
অৱশ্যে অতি সোনকালেই মার্ক্সে এই দুর্বলতা শুদ্ধ কৰি
ললে। এই
ক্ষেত্রত দুটা কাৰকে ক্রিয়া কৰা দেখা যায়। প্রথমতে, পেৰিছতেই মার্ক্সে
পোন প্রথমবাৰৰ বাবে আডাম স্মিথ, ডেভিদ ৰিকার্ডো আদি ধ্রুপদী ৰাজনৈতিক-অর্থনীতিবিদসকলৰ
লেখনী সমূহ অধ্যয়ণ কৰিবলৈ আৰম্ভ কৰে। এই অধ্যয়ণ সমূহৰ ফচল আছিল আন এখনি
পাণ্ডুলিপিঃ TheEconomic and
Philosophic Manuscripts, 1844। মার্ক্সৰ আন আন লেখনীৰ দৰেই এই
পাণ্ডুলিপি খনৰো প্রথম প্রকাশন ১৯৩২ চনতহে গৈ সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনিতেই ‘ইতিহাসৰ
বস্তুবাদী তত্ত্ব’ (materialist conception of history)
সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক চিন্তাধাৰাৰ
পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূর্ণ ভাৱে, এইখনি ৰছনাতেই শ্রমিকৰ বৈপ্লৱিক
ভূমিকাৰ কথা মার্ক্সে স্পষ্টকৈ উল্লেখ কৰিলে । মার্ক্সে
লিখিলে যে পুঁজিবাদী উৎপাদন প্রক্রিয়াটোত শ্রমিক সকলৰেই আটাইতকৈ কেন্দ্রীয়
ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ বাবে শ্রমিক সকলৰেই বৈপ্লৱিক ভূমিকা
আটাইতকৈ বেছি হব। মার্ক্সৰ ভাষাত ‘ব্যক্তিগত মালিকানা আৰু শ্রমৰ অহি-নকুল সম্পর্কৰ
প্রতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্বৰ পৰা সামাজিক
মুক্তি শ্রমিক সকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱ হব’। (Collected Works, iii, 280)।
শ্রমিক সম্পর্কে মার্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ
আনটো কাৰণ হৈছে- সেই সময়ৰ জার্মান শ্রমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্রদর্শন। ইয়েই
শ্রমিক সকল যে কোনো নিষ্ক্রিয় সত্তা (passive element )নহয়,
সেই কথা মার্ক্সক বুজাই দিলে। ১৮৪৪ ৰ জুন মাহত চিলেচিয়াৰ বস্ত্র শ্রমিক সকলে মালিকৰ
শোষণৰ বিৰুদ্ধে এক তুমুল প্রতিবাদী কার্যসূচী হাতত লয়। বিদ্রোহী
শ্রমিক সকলক নিয়ন্ত্রিত কৰিবলৈ আনকি সেনা বাহিনী মোতায়েন কৰিব লগা হল। আর্নল্ড ৰুজে
ছদ্মনামত পেৰিছৰ জার্মান কাকত এখনত বিদ্রোহটি নস্যাৎ কৰি শ্রমিকসকলৰ প্রতি ইতিকিংসূচক এটা
প্রবন্ধ লিখিলে। বহুতে প্রবন্ধটো মার্ক্সেই লিখা বুলি ভাবি ললে। এই
বিষয়ে গম পাই মার্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্রবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি
মার্ক্সে বিদ্রোহী শ্রমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্রশংসা কৰিলে।
মার্ক্সে ঘোষণা কৰিলে – শ্রমিক সকল ভাবী জার্মান বিপ্লৱৰ নিষ্ক্রিয় অংশ হোৱাৰ পৰিবর্তে,
তেওঁলোকেই সমগ্র প্রক্রিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ ৰূপে কাম কৰিব। (Collected Works, Vol.iii, 202). ইয়াৰ
লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত
মার্ক্সৰ উদয় হল।
ক্রমশঃ
শ্রমিকৰ সৈতে কথোপকথনত মগ্ন মার্ক্স |
ক্রমশঃ
............................................
[1]কবিতাটিৰ ইংৰাজী সংস্কৰণ এনেধৰণৰ:‘a swarthy chap of Trier, a marked monstrosity/He neither hop nor skips, but moves in leaps and bounds/Raving aloud…/He shakes his wicked fist, raves with a frantic air/As if ten thousand devils had him by the hair.’
[1]কবিতাটিৰ ইংৰাজী সংস্কৰণ এনেধৰণৰ:‘a swarthy chap of Trier, a marked monstrosity/He neither hop nor skips, but moves in leaps and bounds/Raving aloud…/He shakes his wicked fist, raves with a frantic air/As if ten thousand devils had him by the hair.’
No comments:
Post a Comment