Original: Part 3, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্রাম
Translation: Mayur Chetia
দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্রাম
আগষ্ট ব্লাংক |
এইবাৰ লণ্ডনৰ পৰাই দুয়ো বন্ধু কমিউনিষ্ট লীগৰ পুণর্গঠনৰ
কামত নিমগ্ন হৈ পৰিল। বিপ্লৱৰ কালছোৱাত মার্ক্স–এংগেলছৰ অবর্তমানত লীগৰ কাম কাজ
প্রায় স্থবিৰ হৈ পৰিছিল। সি যি কি নহওঁক, বিপ্লৱী জুইকুৰা শাম কটাৰ পাছত লীগৰ
কেন্দ্রীয় কমিটিৰ অফিচ লণ্ডনলৈ স্থানান্তৰিত কৰা হল। লীগৰ মুখপাত্র
হিচাপে পুনৰ এখন নতুন কাকত The Neue Rheinische Zeitung:
Politisch-Oekonomisch Revue প্রকাশ
পালে। এইখন কাকততে ফ্রাঞ্চৰ শেহতীয়া ঘটনাৱলী সম্পর্কে
মার্ক্সৰ এলানি প্রবন্ধ প্রকাশিত হল।
The Class Struggles in France নামেৰে
প্রকাশিত হোৱা এই ৰছনাখিনিত তেওঁ ১৮৪৮-৪৯ৰ বিপ্লৱৰ এক মূল্যবান বিশ্লেষণ আগবঢ়ালে। লগতে মার্ক্সে
এই আশাও ব্যক্ত কৰিলে যে হয়তো অতি সোনকালেই বিপ্লৱৰ তুঁহ-জুইকুৰা পুনৰ দপদপাই
জ্বলি উঠিব। ১৮৫০চনৰ মার্চত মার্ক্সে লীগৰ কেন্দ্রীয় কমিটিৰ এখন খচৰা আহ্বান
প্রস্তুত কৰি উলিয়ালে, যত কোৱা হল –‘বিপ্লৱৰ অন্তিম পর্যায় সন্নিকট’ (Collected Works, Vol.X, 279)। বিপ্লৱ-কালত
সকলো সাম্যবাদীৰ একত্রিত অংশগ্রহণ সুনিশ্চিত কৰিবৰ বাবে এইবাৰ ব্লাংকৰ অনুগামী
সকলৰ সংগঠন The
Universal Society of Revolutionary Communistsৰ সৈতে লীগৰ সদস্যসকল এক বুজা-পৰালৈ আহিল। এই ব্লাংকপন্থী সকলৰ ঘোষিত
উদ্দেশ্য আছিলঃ ‘সকলো বিশেষাধিকাৰী শ্রেণীৰ উচ্ছেদকৰণ, এই সমস্ত
শ্রেণীসমূহৰ ওপৰত সর্বহাৰাৰ একনায়কত্ব স্থাপন আৰু ইয়াৰ দ্বাৰাই নিৰলস গতিৰে কমিউনিজিম পর্যন্ত বিপ্লৱৰ অবিৰত
যাত্রা সুনিশ্চিতকৰণ’(Collected
Works,Vol. X, 614)।
১৮৫০ চনৰ মাজভাগলৈকে এই জাতীয় সমস্ত প্রস্তুতি তথা
আশাবাদ মৰীচিকা যেনেই প্রমাণিত হল। বছৰটো শেষ নহওঁতেই এই কথা স্পষ্ট হৈ পৰিল যে
১৮৪৮ৰ লেখীয়া বিপ্লৱী ধুমুহা সোনকালে পুনৰ অহাৰ কোনো আশা নাই। মার্ক্সেও
প্রত্যক্ষ্য ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি আহি পুঁজিবাদ সম্পর্কীয় পঢ়াশুনাত
মনোনিবেশ কৰিবলৈ ঠিক কৰিলে। ১৮৫০ চনৰ মাজভাগত তেওঁ ব্রিটিছ মিউজিয়াম লাইব্রেৰীৰ সদস্যপদ লাভ কৰিলে। লাইব্রেৰীত সোমায়েই মার্ক্স অর্থনীতি সম্পর্কীয় অধ্যয়নত নিমগ্ন
হৈ পৰিল। এইক্ষেত্রত ‘দ্য ইক’ন’মিষ্ট’ আলোচনীখনে তেওঁৰ বিশেষ
দৃষ্টি আকর্ষণ কৰিলে। কিছু পঢ়া শুনা কৰাৰ পাছত মার্ক্স এই সিদ্ধান্তত উপনীত হল যে
সোনকালে বিপ্লৱী জোৱাৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। Revueৰ অন্তিমটো
সংখ্যাত প্রকাশিত এটি প্রবন্ধত তেওঁ লিখিলে যে ১৮৪৮ৰ বিপ্লৱী জোৱাৰৰ নেপথ্যত ১৮৪৫
মানৰে পৰা সমগ্র ইউৰোপজুৰি ব্যাপি অহা অর্থনৈতিক সংকটে ক্রিয়া কৰিছিল। পিছে ১৮৫০ চনৰ
পাছৰে পৰা বিশ্ব অর্থনীতিয়ে সম্প্রসাৰণৰ এক নতুন পর্যায়ত প্রবেশ কৰিছে। এই
ক্ষেত্রত বিভিন্ন কাৰক যেনে কেলিফর্ণিয়াত সোণৰ আৱিষ্কাৰ, ভাপ ইঞ্জিনে সুচল তথা
দ্রুত কৰি তোলা যাতায়াত ব্যৱস্থা ইত্যাদিয়ে সহায়ক ভূমিকা লৈছেঃ
বর্তমানৰ এই সমৃদ্ধিৰ পৰিস্থিতিত,
যেতিয়া নেকি বুর্জোৱা সমাজৰ উৎপাদিকা
শক্তিসমূহ বুর্জোৱা সম্বন্ধসমূহৰ অধীনত যিমান দূৰৈলৈকে সম্ভৱ সিমান খিনিলৈকে
বিকশিত হব ধৰিছে, এনে সময়ত ততালিকে বিপ্লৱৰ আশা কৰাটো বাতুলতা মাত্র হব। বিপ্লৱ
সংঘটিত হবলৈ প্রয়োজন হয় সংকটকালীন সময়ৰ, যেতিয়া আধুনিক উৎপাদিকা শক্তি আৰু বুর্জোৱা
উৎপাদন প্রণালীৰ মাজত সংঘর্ষৰ সৃষ্টি হয়।...এক নতুন সংকটেহে এক নতুন বিপ্লৱৰ জন্ম
দিব পাৰিব। পিছে এই সংকট তথা বিপ্লৱ এসময়ত যে আহিবই, সেয়া নির্ঘাট সত্য। (Collected Works, x 510).
মার্ক্সৰ এই আপাত হতাশাপূর্ণ অথচ বস্তুনিষ্ঠ বিশ্লেষণে
কমিউনিষ্ট লীগৰ আন আন নেতাসকলক হতাশ তথা ক্রোধান্বিত কৰি তুলিলে। লীগৰ কেন্দ্রীয়
কমিটিৰ সদস্যসকলৰ মাজত এই লৈ তীব্র বাক বিতণ্ডাৰ সৃষ্টি হল। অৱশেষত ১৮৫০ চনৰ ১৫
চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত কেন্দ্রীয় কমিটিৰ এখন হুলস্থুলীয়া তথা তিক্ত মিটিঙৰ পাছত মার্ক্স-এংগেলছে কমিউনিষ্ট লীগৰ পৰা নিজকে
আঁতৰাই অনাটোৱেই সমীচীন হব বুলি বিবেচনা কৰিলে। এনেও এই সময় ছোৱালৈকে প্রুছিয়ান
পুলিচৰ উৎপাতত লীগ প্রায় শক্তিহীন হৈ পৰিছিল। জার্মানী স্থিত লীগৰ অধিকাংশ
সদস্যকেই প্রুচিয়ান পুলিচে ব্যাপক হাৰত অভিযান চলাই গ্রেপ্তাৰ কৰি পেলাইছিল। যেতিয়া
এই সদস্যসকলক বিচাৰৰ বাবে ন্যায়ালয়ৰ সম্মুখীন কৰোৱা হল, মার্ক্সে তেওঁলোকৰ সমর্থনত
এখনি পুস্তিকা প্রচাৰিত কৰিলে। মার্ক্সৰ স্বভাৱসিদ্ধ বদ অভ্যাসটোৰ ফলত এই
পুস্তিকাখনৰো কলেবৰ ক্রমশঃ বৃদ্ধি হৈ এখন পূর্ণাংগ কিতাপৰ আকাৰ ললে। কিতাপখনৰ নাম
থোৱা হলঃ Revelations
Concerning the Communist Trial in Cologne।
এই সময়ছোৱাৰ পাছৰে পৰা মার্ক্সে প্রত্যক্ষ্য ৰাজনৈতিক
কার্যকলাপৰ পৰা নিজকে আঁতৰাই আনিলে। ১৮৫১ চনৰ ফ্রেব্রুৱাৰীত এংগেলছলৈ লিখা এখনি
চিঠিত এইদৰে তেওঁৰ মনৰ ভাৱ প্রকাশ পাইছে,
পাব্লিকৰ পৰা আঁতৰত, আমাৰ
এই নিঃসঙ্গ পৰিস্থিতি লৈ মই নথৈ আনন্দিত। আমাৰ স্থিতি আৰু নীতি সমূহৰ বাবেও ই
অতিশয় ভাল কথা হৈছে। এতিয়াৰে পৰা আমি ৰাজনৈতিক প্রয়োজনত যাৰে তাৰে লগত হলি-গলি কৰি
ন্যায়-নীতিৰ স্বার্থত সিহতৰ অর্ধ-সত্য প্রলাপ বোৰ সহ্য কৰি, পার্টিৰ কর্তব্যৰ খাতিৰত
সিহতৰ লগত একেলগে মঞ্চত উঠি জনগনৰ ককর্থনাৰ সমূখীন হোৱাৰ বাধ্য-বাধকতাৰ পৰা হাত সাৰিব
পাৰিম।
ৰাজনীতিৰ পৰা আঁতৰি আহি মার্ক্সে এইবাৰ গভীৰ অর্থনৈতিক
অধ্যয়নত মনোনিবেশ কৰিলে। ১৮৪৫ চনতেই মার্ক্সে অর্থনীতি সম্পর্কে এখন কিতাপ লিখাৰ পৰিকল্পনা
কৰিছিল,পিছে ১৮৪৮ চনৰ আশে পাশে প্রত্যক্ষ্য ৰাজনৈতিক কার্যকলাপত ব্যস্ত হৈ পৰাৰ
ফলত এই কাম আধৰুৱা হৈয়েই ৰল। সি যি কি নহওঁক, ১৮৫১ চনৰ অধিকাংশ সময়
মার্ক্সে ব্রিটিছ মিউজিয়ামৰ লাইব্রেৰীতে কটালে। এই এবছৰৰ ফছল আছিল ১৪ খন টোকাবহী
য’ত মার্ক্সে বিভিন্ন গ্রন্থৰ পৰা গুৰুত্বপূর্ণ
অংশবিশেষ টুকি ৰাখিছিল। সেই সময়ৰ এজন বন্ধুৱে মার্ক্সৰ মনোদশাৰ চিত্রণ কৰিছে এনেদৰে, ‘মার্ক্সক লগ পালে তেওঁ আপোনাক সাধাৰণভাৱে সম্ভাষণ জনোৱাৰ সলনি কেতবোৰ অর্থনীতি
সম্পর্কীয় তত্ত্বকথাৰেহে বার্তা আৰম্ভ কৰে!’ ১৮৫১ চনৰ এপ্রিল মাহত এংগেলছে মার্ক্সৰ
পৰা এখন চিঠি লাভ কৰিলে যত কোৱা হল, ‘মই বৰ খৰ গতিৰে আগবাঢ়িছো। মই ভাবো আৰু পাঁচ
সপ্তাহ মানৰ ভিতৰতে মই এই সমস্ত অর্থনীতি সম্পর্কীয় পঢ়া শুনা শেষ কৰি পেলাম। ইয়াৰ
পাছত মই ঘৰৰ পৰাই লিখা মেলা কৰিম আৰু এটা নতুন বিষয় লৈ মিউজিয়ামত পঢ়া শুনা আৰম্ভ কৰিম।
এই অর্থনীতিসোপা পঢ়ি পঢ়ি মোৰ আমনি লাগি গৈছেগৈ।’
এই চিঠিখন লিখাৰ বত্রিশ বছৰ পাছত মার্ক্সৰ যেতিয়া
মৃত্যু হয়, তেতিয়াও তেওঁৰ ‘অর্থনীতিসোপা’ৰ অধ্যয়ন অসম্পূর্ণ হৈয়েই ৰল। তেওঁৰ তিনিটা
খণ্ডৰ বৃহৎ গ্রন্থ ‘ডাছ কেপিটেল’ৰো মাত্র এটা খণ্ডহে তেওঁৰ জীৱিত কালত প্রকাশিত
হল। মার্ক্সৰ এই শামূকীয়া গতিৰ কাৰণ বুজিবলৈ হলে তেওঁৰ কেতবোৰ চাৰিত্রিক বৈশিষ্টৰ
প্রতি চকু দিব লাগিব। আন আন বৃহৎ প্রতিভাসম্পন্ন লোকৰ দৰেই মার্ক্সো আছিল
‘পার্ফেকচনিষ্ট’; একেটা লেখনীকে তেওঁ বাৰে বাৰে লিখিছিল; কেইবাবাৰো সম্পাদনা আৰু পৰিবর্ধন
কৰাৰ পাছতো তেওঁ সন্তুষ্ট হোৱা নাছিল। এবাৰ
লিখিবলৈ বহিও তেওঁ পুণৰ নতুন তথ্য বিচাৰি
আৰু অধিক কিতাপ পত্র পঢ়িবলৈ লৈছিল।
এয়া যেন এক অন্তহীন প্রক্রিয়া আছিল। তদুপৰি সমসাময়িক ঘটনা ৰাজী সম্পর্কেও
তেওঁ মাজে সময়ে লিখিব লগা হৈছিল আৰু ইয়ে তেওঁৰ ‘অর্থনৈতিক অধ্যয়ন’ত ব্যাঘাট
জন্মাইছিল। ১৮৫২চনত মার্ক্সৰ এখন নতুন গ্রন্থ The Eighteenth Brumaire of Louis Bonaparte প্রকাশিত
হল। মার্ক্সৰ শ্রেষ্ঠ গ্রন্থসমূহৰ ভিতৰত এইখনো আছিল
অন্যতম। দ্বিতীয় ফৰাচী
গণৰাজ্যৰ স্খলন হৈ কেনেদৰে নেপোলিয়ন তৃতীয়ৰ দ্বিতীয় সাম্রাজ্য সম্ভৱপৰ হল –এই
সম্পর্কে Eighteenth
Brumaireৰ বিশ্লেষণ আছিল অভূতপূর্ব। গ্রন্থখনিৰ প্রথম বাক্যটোৰ সৈতে
অপৰিচিত লোক আজি হয়তো খুউব কমেই আছেঃ 'Hegel remarks somewhere that all great world historic facts and personages appear, so to speak, twice. He forgot to add: the first time as tragedy, the second time as farce.'
বৌদ্ধিকভাৱে এই সময়ছোৱা মার্ক্সৰ বাবে অতিশয় সাৰুৱা
হলেও ব্যক্তিগতভাৱে এইখিনি সময় তেওঁৰ পৰিয়ালটোৰ বাবে আছিল অতিশয় দুর্যোগেৰে ভৰা । কোনো স্থায়ী কর্মসংস্থান
নথকাৰ ফলত পৰিয়ালটো আর্থিকভাৱে জুৰুলা হৈ পৰিছিল। ১৮৫০ চনৰ পৰা
১৮৫৬ চনলৈ – এই ছবছৰৰ ভিতৰতে মার্ক্সৰ
তিনিটাকৈ সন্তানে মূলতঃ দাৰিদ্রতাৰ বাবেই প্রাণ হেৰুৱাব লগা হল। ১৮৫২ চনৰ আশে
পাশে ইমানেই পইছাৰ অনাটনে দেখা দিলে যে মার্ক্সৰ দ্বিতীয়জনী ছোৱালী ফ্রাঞ্চেস্কাৰ
মৃত্যৰ পাছত তাইক কবৰ দিয়া কফিনটো কিনিবলৈও জেনীয়ে আনৰ ওচৰত হাত পাতিব লগা হল। প্রায়
প্রতিদিনেই টকা পইছা সংক্রান্তত ঘৰৰ মালিক, গাখীৰৱালা, দোকানী আদিৰ পৰা মার্ক্স
দম্পতীয়ে কথা শুনিব লগা অৱস্থা। প্রাত্যহিক সংগ্রামৰ মাজত মার্ক্সৰ মৰমৰ
জেনী জনী কৰবাত যেন হেৰাই থাকিল। মার্ক্সৰো অৱস্থা তথৈবচ। ডিচেম্বৰৰ আশে পাশে এখন
সাংবাদিকে লগ পাবলৈ বিচাৰোতে মার্ক্সে কৈ পঠিয়ালেঃ তেওঁ এতিয়া ঘৰৰ পৰা বাহিৰলৈ
ওলাই যাব নোৱাৰে কিয়নো তেওঁৰ কোট চোলা আৰু জোতাযোৰ বন্ধকীত দি থোৱা হৈছে। ১৮৫৫ চনৰ
এপ্রিলত আন এটা দুর্যোগে দেখা দিলেঃ মার্ক্সৰ আটাইতকৈ সৰু আৰু মৰমৰ সন্তান এডগাৰৰ
যক্ষ্মা ৰোগত মৃত্যু হ’ল। শোকবিহবল মার্ক্সে এজন বন্ধুলৈ কিছুমাহৰ পাছত এনেদৰে
লিখিলে,
বেকনে কৰবাত লিখিছে –
মহান মহান লোকসকলে হেনো হেৰুওৱাৰ বেদনা বৰকৈ অনুভৱ নকৰে; কিয়নো এই বিশ্বব্রহ্মাণ্ড
আৰু প্রকৃতিৰ সৈতে অজস্র সম্পর্কই তেওঁলোকক সদাব্যস্ত কৰি ৰাখে। কিন্তু মই? মইতো কোনো মহান লোক নহয়। মোৰ লৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে
মাৰি নিছে। এতিয়াও এনে লাগে, এয়া
যেন আজিৰ হে ঘটনা। মোৰ দুর্ভগীয়া মানুহ
জনীও বেজাৰত একেবাৰে
ভাগি পৰিছে।
এই সংকটৰ সময়ছোৱাতে হেলেন ডেম’থ নামৰ মার্ক্স পৰিয়ালৰ
পৰিচাৰিকা গৰাকীয়ে এটি সন্তান প্রসৱ কৰিলে। হেলেনক জেনীৰ মাকৰ পৰিয়ালৰ পৰা মার্ক্সৰ
ঘৰত পৰিচাৰিকা ৰূপে কাম কৰিবলৈ পঠোৱা হৈছিল। হেলেনৰ সন্তানটিৰ পিতৃ কোন এই লৈ ঘৰত
হুলস্থুলীয়া পৰিবেশ এটা সৃষ্টি হল। পাছত গম পোৱা গল – এই সন্তানটিৰ পিতৃ মার্ক্সৰ
বাহিৰে আন কোনো নাছিল। পিছে সেই সময়ত বন্ধুক বচাবলৈ এংগেলছে নিজৰ ওপৰতে কথাটো গাত
পাতি ললে। এংগেলছে সন্তানটিক পিতৃ হিচাপে ‘ফ্রেডৰিক’ নামেৰে নামাকৰণ কৰিলে। সুদীর্ঘ
চল্লিশ বছৰৰ পাছত ১৮৯৫ চনত মৃত্যুৰ কিছুদিন আগতেহে এংগেলছে প্রকৃত সত্যটো (মার্ক্সৰ
জীয়ৰী)এলেনৰক জানিবলৈ দিছিল। এই ঘটনাটোৰ পৰাই গম পোৱা যায়ঃ তথাকথিত
বুর্জোৱা ‘সন্মানজনক জীৱন’ৰ প্রতি মার্ক্সৰো অকণমান মোহ আছিল। আচলতে যিমান দূৰৈলৈকে
সম্ভৱ বাচি থকা ছোৱালীকেইজনীক এক মধ্যবিত্তীয় জীৱন-স্তৰ প্রদান কৰিবলৈ মার্ক্স–জেনীয়ে
পার্যমানে চেষ্টা কৰিছিল। ভদ্র বুর্জোৱা ছোৱালীৰ
দৰেই মার্ক্সৰ তিনিওজনী জীয়ৰী- জেনী, লৌৰা আৰু এলেনৰ ডাঙৰ দীঘল হৈছিল। অর্থনৈতিক
সমস্যাখিনি বাদ দিলে পৰিচাৰিকা হেলেনৰ সৈতে পৰিয়ালটোক এক বুর্জোৱা পৰিয়াল বুলিয়েই
কব পাৰি। এই ক্ষেত্রত
আচলতে আচৰিত হবলগীয়া বিশেষ কথা নাই। আন
আন মানুহৰ দৰেই মার্ক্সৰো বহুখিনি মানৱীয় দুর্বলতা আছিল। মূল কথাটো হৈছে - বিশেষ সমাজ এখনত জন্ম লোৱা ব্যক্তি এজনে সেই
সমাজৰ সকলোখিনি হেঁচা, প্রভাৱ আৰু বাধ্য-বাধকতা সম্পূর্ণভাৱে কেতিয়াও দলিয়াই পেলাব
নোৱাৰে; তেহেলৈ তেওঁ সেই সমাজৰ প্রচণ্ড বিৰোধীয়েই নহওঁক কিয়। সি যি কি নহওঁক, ১৮৫৬
চনৰ আশে পাশে পৈত্রিক সূত্রে জেনীয়ে কিছু ধন-সম্পত্তি লাভ কৰিলে। ছ’হ’ চহৰৰ পুৰণা জৰাজীর্ণ ঘৰটো এৰি পৰিয়ালটোৱে এইবাৰ প্রিমৰ’জ
হিলৰ ওচৰত এটা নতুন ঘৰ ললে। পিছে এবছৰৰ ভিতৰতে পৰিস্থিতি পুণৰ আগৰ দৰেই হৈ পৰিল। ১৮৫৭ চনৰ
জানুৱাৰীত মার্ক্সে লিখিলে, ‘এতিয়া মই কি কৰিম, একোকে ভাবি পোৱা নাই। ভাবিছিলো পাঁচ
বছৰ পূর্বৰ সেই বিভীষিকাময় দিনবোৰ দূনাই ঘুৰি নাহিব। কিন্তু এতিয়া যে পৰিস্থিতি
তাতোকৈ বেয়ালৈহে ধাল খাইছে।’
এবছৰমান পাছত এংগেলছক উদ্দেশ্যি চিঠি এখনত মার্ক্সে
লিখিলে – ‘সাধাৰণ আকাংক্ষাৰ মানুহে বিয়া-বাৰু পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ পৰাৰ
নিচিনা মূর্খামিৰ কাম সংসাৰত আৰু নাই’। ১৮৬২ চনলৈ পৰিস্থিতি ইমানেই বেয়ালৈ ধাল খালে যে উপায়বিহীন হৈ
মার্ক্সে ৰেলৱে
কেৰাণীৰ চাকৰি এটাৰ বাবে আবেদন কৰিলে। পিছে হাতৰ আখৰ অত্যন্ত বেয়া হোৱাৰ বাবে
মার্ক্সক চাকৰিটো দিয়া নহল! কিছু সময়ৰ পাছৰ আন এখন চিঠিত মার্ক্সে লিখিলে,
মোৰ মানুহজনীয়ে প্রতিদিনে কয়, তেওঁ এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই নিৰুত্তৰ হৈ থাকোঁ। সঁচাকৈ কবলৈ গলে – তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে পৰিস্থিতিত নিতৌ কিমান অপমান, যন্ত্রণা আৰু
শঙ্কাৰ মাজেৰে দিন কটাব লগা হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ...ল’ৰা ছোৱালীকেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ। এই উৎসৱৰ সময়ছোৱাত সিহঁতৰ বয়সৰ সকলোৱেই ৰং ৰহইছ
কৰি ফুৰিছে আৰু সিহঁতে? সিহতঁৰ ভয় জানোচা
কোনোবাই সিহঁতক লগ কৰিবলৈ আহে আৰু এই পূতিগন্ধময় পৰিবেশত সিহঁতক আৱিষ্কাৰ
কৰে।
এনে নৰক সদৃশ পৰিবেশতো যে মার্ক্স দম্পত্তীয়ে সংসাৰৰ
ঘানি টানি নিবলৈ সাহস পাইছিল - তাৰ একমাত্র কাৰণ আছিল – মার্ক্সৰ পৰম-মিত্র
ফ্রেডৰিক এংগেলছ আৰু তেওঁৰ জীৱন জোৰা সহায়-সাহার্য। এংগেলছৰ সহায় অবিহনে হয়তো
মার্ক্সৰ ঘৰখন কাহানিবাই নিঃশেষ হৈ গল হয়। কেৱল মার্ক্সক ধনৰ যোগান ধৰিবলৈকে ১৮৫০
চনত এংগেলছে পুণৰ ব্যৱসায়ৰ জগতখনত প্রবেশ কৰে। মার্ক্সলৈ লিখা এখন চিঠিৰ মাজেৰে গম পোৱা যায় -
অতিশয় বাধ্যত পৰিহে এংগেলছ এই পেছালৈ ঘূৰি আহিছিল। ‘এই টকা ঘটা কাৰবাৰটো অতিশয়
অপ্রীতিকৰ...তাতোকৈ অপ্রীতিকৰ এজন কাৰখানা-মালিক হোৱাটো, যাৰ অস্তিত্ব সদায়েই
শ্রমিক স্বার্থৰ পৰিপন্থী।’ (দ্রষ্টব্য: মার্ক্সলৈ এংগেলছৰ
পত্র, জানুৱাৰী ১৮৪৫)।
এংগেলছৰ জীৱনীকাৰ গুষ্টাভ মায়েৰে লিখিছেঃ
এংগেলছৰ দৰে সুন্দৰ লেখক
এজনৰ বাবে নিজ-ভবিষ্যত সম্পর্কে চিন্তিত হোৱাৰ কোনো কাৰণ নাছিল। কিন্তু তথাপিও যে
তেওঁ ‘ব্যৱসায়ৰ লেতেৰা পথ’ত নামিবলৈ বাধ্য হৈছিল – তাৰ একমাত্র কাৰণ আছিল মার্ক্স।
এংগেলছে সদায়েই অনুভৱ কৰিছিল – মার্ক্সৰ দৰে বিশাল প্রতিভা এটিক অকালতে মৰহি যাবলৈ
এৰি দিব নোৱাৰি। মানৱ ভবিষ্যতৰ কল্যাণৰ বাবেই তেওঁৰ প্রতিভাটিক প্রজ্বোল্লিত
কৰি ৰখাটো অতিশয় প্রয়োজনীয়। পৰিয়ালটোক পোহপাল দিবলৈ মার্ক্স প্রায়েই অক্ষম আছিল; হয়তো
দেশান্তৰী জীৱনৰ প্রতিকূলতা সমূহৰ মাজত অচিৰেই তেওঁ হেৰাই গল হয়। কিন্তু সেয়া হবলৈ নিদিওঁ বুলি এংগেলছে প্রতিজ্ঞা কৰিছিল।
মার্ক্সৰ বাবেই তেওঁ পুণৰ ব্যৱসায়ৰ পৃথিবীখনলৈ ঘূৰি আহিছিল।
এংগেলছৰ এই জীৱনজোৰা ত্যাগৰ কথা মার্ক্সে সদায়েই
কৃতজ্ঞতাৰে সোৱঁৰিছিল। ডাছ কেপিটেল গ্রন্থখনিৰ প্রথম খণ্ডটো ছপাশাললৈ পঠোৱাৰ পাছত
এংগেলছলৈ তেওঁ এনেদৰে লিখিছে,
তোমাৰ অবিহনে যে মই
কেতিয়াও কিতাপখন সম্পূর্ণ কৰিব নোৱাৰিলোহেঁতেন। মই প্রায়েই ভাবো – মোৰ বৈষয়িক
প্রয়োজনৰ বাবেই যে তুমি নিজৰ সমস্ত প্রতিভা ব্যৱসায়ৰ চিন্তাত অবাবতে ব্যর্থ কৰিব
লগা হৈছে। এই কথাটোৱে যে মোৰ বুকুত শেল হৈ বিন্ধে।
এংগেলছে কেৱল টকা পইছাৰ দিশৰ পৰাই মার্ক্সৰ সহায় কৰা
নাছিল; বৰঞ্চ মার্ক্সৰ সমস্ত বৌদ্ধিক জীৱনৰেই তেওঁ আছিল আটাইতকৈ বিশ্বস্ত সহচৰ। এংগেলছে
অত্যন্ত বিনয়েৰে নিজকে মার্ক্সৰ জুনিয়ৰ পার্টনাৰ হিচাপে গণ্য কৰিছিল।
চিনিয়ৰৰ আসনখন তেওঁ সদায়েই মার্ক্সৰ বাবে এৰি দিছিল। পিছে জুনিয়ৰ হৈও এংগেলছে
পার্টনাৰশ্বিপটোলৈ কেতবোৰ অনবদ্য অৱদান আগবঢ়াইছিল। মার্ক্সৰ বিপৰীতে, অতি কম সময়ৰ
ভিতৰতেই তেওঁ এজন বিপ্লৱী কমিউনিষ্টলৈ পৰিণত হৈছিল। (‘তুমিতো জানাই; মই বৰ লাহে
লাহে হে কথাবোৰ বুজিব পাৰোঁ। এইক্ষেত্রত মই সদায়েই তোমাৰ অনুসৰণ
কৰি আহিছোঁ’ – এংগেলছলৈ মার্ক্সৰ পত্র; ৪ জুলাই, ১৮৬৪ চন)। তদুপৰি, মার্ক্সৰ লেহেম
গতিৰ বিপৰীতে, এংগেলছে দ্রুত তথা সাৱলীলভাৱে লিখা মেলা কৰিব পাৰিছিল। বহুকেইটা ইউৰোপীয়
ভাষাত এংগেলছ সিদ্ধহস্ত আছিল; প্রাকৃতিক বিজ্ঞানতো তেওঁ সমানেই ৰাপ দেখুৱাইছিল।
ঐতিহাসিক ব্যাখ্যাৰ ক্ষেত্রতো, মার্ক্সতকৈ এংগেলছৰ দখল বেছি উচ্চ পর্যায়ৰ আছিল।
অধিক গুৰুত্বপূর্ণভাৱে – মার্ক্স আছিল মূলতঃ এজন তত্ববিদ; কিন্তু এংগেলছ অনুশীলনৰ
জগতখনতো সমানেই সিদ্ধহস্ত আছিল ।(মার্ক্সৰ পৰিয়ালটোত এংগেলছৰ উপনাম আছিল ‘জেনেৰেল
চাহাব!’ মিলিটেৰী বিষয়ত এংগেলছৰ গভীৰ জ্ঞানৰ বাবেই এই নাম থোৱা হৈছিল)। এজন
বিচক্ষণ সংগঠন কর্তা হিচাপেও এংগেলছৰ যথেষ্ঠ সুনাম আছিল। এই সমস্ত গুণসমূহৰ সৈতে
এংগেলছে মার্ক্সক পৰিপূর্ণ কৰি তুলিছিল।
পিছে এংগেলছৰ বন্ধুত্ব আৰু সাহার্যয়ো মার্ক্সৰ পৰিয়ালটোক
সম্পূর্ণভাৱে আর্থিক দুর্গতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৮৫০ আৰু ১৮৬০ৰ দশককেইটা
মার্ক্স দম্পতীৰ বাবে অভিশাপস্বৰূপ আছিল। এইক্ষেত্রত আটাইতকৈ কষ্ট ভোগ কৰিব লগা
হৈছিল – জেনী মার্ক্সে। পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি লৈ ধুনীয়া মানুহজনী বেমাৰী
হৈ পৰিছিল। মানসিক ভাৱেও তেওঁ যেন ভাগি পৰিছিল।
১৮৫১ৰ আশে পাশে এংগেলছলৈ এখন পত্রত মার্ক্সে লিখিলে,
ঘৰখনত সকলো সময়তে যেন
অশান্তিকৰ পৰিবেশ এটাই বিৰাজ কৰি থাকে। গোটেই ৰাতি কন্দাকটা চিঞৰ বাখৰ...সিবিলাকে
মোক কেতিয়াবা সম্পূর্ণভাৱে অস্থিৰ কৰি তোলে...ঘৰৰ মানুহজনীলৈ মোৰ বৰ পুতৌ জন্মে। ঘৰখনৰ
সমস্ত বোজা তেঁৱেইতো বহন কৰিব লগা হৈছে...তুমিতো জানাই মই মানুহটো স্বভাৱতে অলপ
কঠুৱা...সেয়ে মাজে সময়ে মই ধৈর্য হেৰুৱাই পেলাওঁ।
এই জাতীয় চিঠি সমূহৰ পৰা গম পোৱা যায় – অন্তহীন ঘৰুৱা
সংকটসমূহৰ পৰা ৰক্ষা পাবলৈ মার্ক্সে প্রায়েই সকলোৰে পৰা নিলগত নির্বিকাৰ থাকিবলৈ
চেষ্টা কৰিছিল। হিম-শীতল কাঠিন্যতাৰ মুখা এখন পিন্ধি তেওঁ যেন দৈনন্দিন
সমস্যাসমূহৰ পৰা সাময়িক ভাৱে নিষ্কৃতি বিচাৰিছিল। কিন্তু আনক নেদেখুৱালেও ভিতৰি ভিতৰি দুঃচিন্তা আৰু অস্বাস্থ্যকৰ ৰুটিনৰ
ফলত মার্ক্স ৰুগীয়া হৈ পৰিছিল। অনিদ্রা, যকৃত আৰু পিত্তকোষৰ বিষ, সমগ্র শৰীৰ
ব্যাপী খহু...এশ এবুৰি ৰোগৰ লগতে ঘৰুৱা
দুঃচিন্তাই বাৰে বাৰে মার্ক্সৰ পঢ়া-শুনাত ব্যাঘাট জন্মাইছিল।
১৮৫৮ চনৰ জুলাই মাহ। মার্ক্স ‘ডাছ কেপিটেল’ৰ প্রথমটো
খণ্ড লিখাত ব্যস্ত। এনে সময়তে এংগেলছে বন্ধুৰ পৰা চিঠি এখন পালে। মার্ক্সে লিখিলে, ‘পৰিস্থিতি
এতিয়া সম্পূর্ণভাৱে অসহ্যকৰ হৈ পৰিছে...মই একেবাৰে কাম কৰিব পৰা নাই। পইছাৰ বাবে
ইফালে সিফালে দৌৰা-দৌৰি কৰি থাকোতেই মোৰ সময়বোৰ পাৰ হয়। মোৰ গাটোও
একেবাৰে ভাল নহয়; পঢ়া শুনা কৰিব বিচাৰিলেও ইটো সিটো ঘৰুৱা সমস্যাৰ দুঃচিন্তাই মোক
দেখোন এৰিবই নোখোজে। ইফালে এই পুতিগন্ধময় পৰিবেশত মোৰ মানুহজনীও বলীয়া যেন হৈ পৰিছে।’
এইখিনিতে ৱার্নাৰ
ব্লুমেনবার্গৰ এষাৰ মন্তব্য প্রণিধানযোগ্য:
মার্ক্সে জীৱনৰ
প্রায় তিনিটা দশক নিপাত কৰিও কিয় ডাছ কেপিটেলখন সম্পূর্ণ কৰিব নোৱাৰিলে –
এই লৈ আজিও আলোচনা অব্যাহত আছে। মূলতঃ বিভিন্ন তাত্তিক সমস্যাৰ ওৰ পেলাব নোৱাৰাৰ
বাবেই এই কার্য অসম্পূর্ণ হৈ ৰল বুলি বহুতেই মন্তব্য কৰিছে। পিছে এইক্ষেত্রত কেনেধৰণত
পৰিস্থিতিত মার্ক্সে কাম কৰিবলগীয়া হৈছিল – সেইপিনেও মন দিয়া দৰকাৰ। অতিশয় প্রতিকুল পৰিস্থিতিৰ পাছতো যে তেওঁ ইমানখিনি লিখি থৈ যাব পাৰিলে,
সেয়া সচাকৈয়ে বিস্ময়কৰ বুলিয়েই কব লাগিব।
এনে প্রতিকুল পৰিস্থিতিত স্বাভাৱিকতেই মার্ক্সৰ
স্বভাৱটো খিংখিঙীয়া হৈ পৰিছিল।
সকলো মানুহক অনবৰতে সন্দেহ কৰা, অনাৱশ্যকভাৱে
কঠোৰ সমালোচনা কৰা ইত্যাদি বদগুণো ক্রমান্বয়ে লগতে যুক্ত হৈ পৰিছিল। জার্মান
সমাজবাদী নেতা ফার্দিনাণ্ড লাছাল সম্পর্কে এংগেলছলৈ মার্ক্সে লিখা চিঠি সমূহ পৰীক্ষা
কৰিলে দেখা যায় যে ৰাজনৈতিক মতভেদৰ ওপৰিও লাছালৰ এলিট জীৱন শৈলীৰ বাবেও মার্ক্সে তেওঁক ঘৃণা কৰিছিল। লাছাল আছিল
এজন অত্যন্ত সম্পদশালী ব্যক্তি; মার্ক্সতকৈ বহু বেছি জনপ্রিয় তথা পার্টি কৰি ভাল
পোৱা ব্যক্তি। ১৮৬২
চনত মার্ক্স দম্পত্তীৰ ঘৰলৈ আহোঁতে লাছালে এদিনতে মাত্র চিগাৰৰ বাবেই এটা সম্পূর্ণ
পাউণ্ড খৰচ কৰি পেলাইছিল। ইফালে আলহীক সন্তুষ্ট কৰিবলৈ জেনীয়ে ঘৰৰ প্রায় সমস্ত বস্তু
বন্ধকত থব লগা হৈছিল।
মার্ক্সৰ এই স্বভাৱটোৰ বাবেই এবাৰ এংগেলছৰ সৈতেও ভুল
বুজাবুজিৰ উপক্রম ঘটিল। ১৮৬৩ চনত জীৱন সংগী মেৰী বার্নছৰ
আকস্মিক মৃত্যুৰ পাছত এংগেলছ অকলশৰীয়া হৈ পৰে। মনৰ বেদনা
প্রকাশ কৰি এংগেলছে মার্ক্সলৈ এখনি চিঠি লিখিলে। পিছে উত্তৰত বন্ধুক সহানুভূতি জনোৱাৰ
পৰিবর্তে, দুই এটা আনুষ্ঠানিক শোকপ্রকাশ সূচক বাক্য লিখিয়েই মার্ক্সে পুণৰ নিজৰ জীৱন
সমস্যাৰ এখন দীঘল বকলা মেলিলে। সমগ্র পৰিয়ালটোৱে
একেমুখে মার্ক্সক ককর্থনা কৰি এংগেলছৰ ওচৰত কৰযোৰে ক্ষমা প্রার্থনা কৰাৰ পাছতহে
সেই বাৰলৈ বন্ধুক হেৰুওৱাৰ পৰা মহাশয় ৰক্ষা পৰিল।
মার্ক্সৰ সেইসময়ৰ কিছুমান লেখনীতো তেওঁৰ এই জাতীয়
বিপর্যয় সমূহৰ প্রকাশ ঘটিছিল। ১৮৫০ৰ দশকটোত এংগেলছে মার্ক্সৰ ঘৰখনক নিয়মীয়াকৈ ধনৰ
যোগান দিব পৰা নাছিল। উপায়ন্তৰ হৈ ধন ঘটিবৰ বাবে মার্ক্সে নিউয়র্ক ডেইলী ট্রিবিউন
কাকতখনত নিয়মীয়াকৈ লিখিবলৈ ললে। এই লেখনী
সমূহৰ বিশ্লেষণ সদায়েই সঠিক আছিল বুলি আজি কব পৰা নাযায়। উদাহৰণ স্বৰুপে, ১৮৫৪ চনত ৰাছিয়া আৰু ব্রিটেইন-ফ্রাঞ্চৰ মাজত
ক্রিমিয়াৰ যুদ্ধ আৰম্ভ হয়। মার্ক্স আছিল ভীষণ-ভাৱে ৰুছ বিদ্বেষী; ১৮৪৮ৰ বিপ্লৱ পৰাভূত
কৰাৰ ক্ষেত্রত ৰাছিয়াৰ ভূমিকাৰ কথা মার্ক্সৰ মনত তেতিয়াও সজীৱ হৈ আছিল। ফলত
মার্ক্সে ৰক্ষণশীল ব্রিটিছ ৰাজনেতা ডেভিদ আর্কেটৰ আদিৰ সৈতে মিলি ৰাছিয়াৰ বিৰুদ্ধে
এক অদ্ভুত জোট গঠন কৰিলেঃ ক্রিমিয়া যুদ্ধ সম্পর্কীয় মার্ক্সৰ কেইবাটাও প্রবন্ধ
উর্কহার্টৰ লণ্ডন ফ্রী প্রেছ কাকত খনত প্রকাশিত হল! ঠিক একেদৰেই, ১৮৫০ৰ দশকৰ শেহৰ
ফালে কার্ল ভখট নামৰ ফৰাচী চৰকাৰৰ এজেণ্ট এজনে মার্ক্সক সমালোচনা কৰি এখনি
পুস্তিকা প্রচাৰ কৰি ফুৰিছিল। মার্ক্সৰ দৰে লোক এজনৰ বাবে সেইখনৰ উত্তৰ দিয়াৰ
বিশেষ কোনো প্রয়োজন নাছিল। পিছে চিকাক মাৰি হাত গোন্ধোৱাৰ লোভ মার্ক্সে সামৰিব নোৱাৰিলে।
এবছৰ মান পৰিশ্রম কৰি মার্ক্সে লিখি উলিয়ালে ৩০০ পৃষ্ঠা জোৰা এখন নাতিদীর্ঘ কিতাপ;
সেইখনিৰ নাম দিয়া হল Herr Vogt। কেতবোৰ বিচক্ষণ গালি শপনিৰ বাহিৰে
কিতাপখনৰ আন কোনো বিশেষ বৈশিষ্ট্য নাছিল!
অৱশ্যে এই আটাইছোৱা সময় কেৱল দুখ দুর্গতিৰেই পাৰ
হৈছিল বুলি কলে অতিশয়োক্তি কৰা হব। মাজে সময়ে মার্ক্স-পৰিয়ালটোৱে দেওবাৰৰ দিনটোত
একেলগে বনভোজ খাবলৈ গৈছিল। হেম্পষ্টিড হেথ পার্কৰ প্রশান্তিময় পৰিবেশত পৰিয়ালটোৱে
একেলগে বহি দান্তে অথবা শ্যেক্সপীয়েৰৰ
কবিতা আবৃত্তি কৰি সুন্দৰ সময় কটাইছিল। মদ্যপান কৰি মার্ক্সে ভাল পাইছিল। তেওঁৰ প্রথম পচণ্ড আছিল ৱাইন; অৱশ্যে বীয়েৰ পান
কৰিও তেওঁ সমানেই সন্তুষ্টি লভিছিল। মাজতে পুৰণা বন্ধু এডগাৰ বয়াৰ আৰু ৱিলহেম
লিয়েবনিখটে তেওঁক লগ কৰিবলৈ আহিল। বন্ধু সকলক বহুদিনৰ পাছত লগ পাই মার্ক্সে অতিশয়
আনন্দ লভিলে। তেওঁলোক যেন পুণৰ কলেজীয়া সময়ছোৱালৈ ঘূৰি গল। সেই নিশা তিনি বন্ধুৱে
আকণ্ঠ মদ্যপান কৰিলে। অক্সফর্ড ষ্ট্রীটৰ পৰা হেম্পষ্টিড ৰ’ডলৈকে এই সমগ্র অঞ্চলটোত
যিমান পাব আছিল, সকলোতে মদৰ সোৱাদ লবলৈ মহাশয় সকলে উথপথপ লগালে। অতিশয় নিচাসক্ত হৈ ঘূৰি আহোঁতে বাটত আন এটা
মদাহী গোটৰ সৈতে তেওঁলোকৰ কাজিয়া লগাৰো উপক্রম হল! কিছু সময়ৰ পাছত দেখা গল – তিনি
বন্ধুৱে এইবাৰ ষ্ট্রীট লাইট সমূহলৈ শিলগুটি দলিওৱাত লাগিছে! ক্ষন্তেকৰ পাছতে পুলিচ
আহিল; পুলিছৰ খেদাত তিনি বন্ধুৱে পলাই পত্রং দিলে! প্রবাদ আছে যে - সেইদিনা সকলোকে
আচৰিত কৰি মার্ক্সে দৌৰাত বিশেষ পাৰদর্শিতা দেখুৱালে!
১৮৫০ৰ দশকটোত মার্ক্স দম্পতীৰ আতিথ্য লাভ কৰা এজন প্রুচিয়ান চোৰাংচোৱাই মার্ক্সৰ ঘৰখনৰ বর্ণনা এনেদৰে দিছে,
স্বভাৱসূত্রেই মার্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ
মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, মার্ক্সৰ দৰে মৰমীয়াল তথা নির্জু ব্যক্তি হয়তো কমেই
আছে।...মার্ক্সৰ ঘৰখনত প্রবেশ কৰোতেই ডাঠ ধোৱাঁৰ প্রলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা
সোমাই আপোনাক ক্ষন্তেকৰ বাবে কার্হিল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ
পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ
সক্ষম হব। আপুনি দেখিব - এটা ভীষণ
লেতেৰা কোঠাত আপুনি প্রবেশ কৰিছে। সকলোতে মাথো ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই
বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি
বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্র ভাল চকীখনত লৰা
ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া
হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট
লাগি আছে।; তথাপিও যদি আপুনি বহিব বিচাৰে,
আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে
এনে সৰু সুৰা কথাবোৰে মার্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয়
অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্রুষা কৰিব; আপোনাক পাইপ
ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিকৰ অনুভৱটো
যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ
হব- সমস্ত ক্রুটি-নাটি স্বত্তেও
মার্ক্সৰ ঘৰখন যথেষ্ঠ আকর্ষণীয়; তেওঁলোকৰ কথা বার্তা সমূহ মৌলিক তথা কৌতুহলদ্বীপক।
ক্রমশঃ
No comments:
Post a Comment