Thursday, October 17, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ 'এক সংগ্রামী জীৱন' (দ্বিতীয় খণ্ড)

Original: Part 2, Chapter 1, Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia

বন্ধুত্ব আৰু বিপ্লৱ
১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্রান্তত এংগেলছ পেৰিছ চহৰলৈ আহেএই সময়- ছোৱাতে তেওঁ মার্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালেমার্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে

সেই সময়ত এংগেলছৰ বয়স তেইছ বছৰ; মার্ক্সতকৈ তিনি বছৰ কম। পিছে এই বয়সতেই এংগেলছে নিজকে এজন আমূল-পৰিবর্তনকামী সাংবাদিক তথা বিপ্লৱী তৰুণ-হেগেলবাদী ৰুপে পৰিচয় দিবলৈ সক্ষম হৈছিল। Rheinische Zeitung কাকতখনত এংগেলছেও দুই এটা প্রবন্ধ লিখিছিল। অৱশ্যে সেই সময়ত মার্ক্সে তেওঁক বিশ্বাসত লোৱা নাছিল। বার্লিনৰ আন আন বক্তৃতাসর্বস্ব তৰুণ হেগেলবাদীৰ দৰেই এংগেলছকো তেওঁ ‘ফ্রী’ সকলৰ এজন বুলি ভাবিছিল।.এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰত পৰিয়ালৰ বিজনেছ ফার্ম ‘আর্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্রত্যক্ষ্য কৰিছিল। লগতে তেওঁ প্রত্যক্ষ্য কৰিছিল শ্রমিক জনগণৰ দুর্বিষহ জীৱন ধাৰা আৰু তেওঁলোকৰ প্রতিনিয়ত প্রতিবাদ আৰু সংগ্রাম। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্র কিছুদিনৰ আগতে ঐতিহাসিক চার্টিষ্ট আন্দোলনে সমগ্র অঞ্চলটো চুই গৈছিল। এই সমূহ অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰছনা কৰিছিল The Condition of the Working Class in England গ্রন্থখনি। মার্ক্সৰ দৰেই এংগেলছেও শ্রমিক শ্রেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। আন কথাত- দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূর্ব। 

অৱধাৰিভাৱেই দুয়ো বন্ধুৱে একেলগে মিলি কাম কৰাৰ সিদ্ধান্ত ললে। মার্ক্স-এংগেলছে যুতীয়াকৈ লিখা প্রথম ৰছনাখনি আছিল The Holy Family শীর্ষক গ্রন্থখনএই সময়ছোৱালৈকে মার্ক্স-এংগেলছৰ পুৰণি তৰুণ-হেগেলবাদী বন্ধুসকল অত্যাধিক এলিট তথা গণতন্ত্রবিৰোধী হৈ পৰিছিল। ব্রুণ’ বয়াৰেতো ৰাছিয়াৰ জাৰতন্ত্রকে সমর্থন কৰি পেলাইছিল আৰু এইবুলি ঘোষণা কৰিছিল ‘জনগণ, কেৱল মাথো জনগণৰ মাজতেই মানৱ-মননৰ প্রকৃত শত্রুবোৰ লুকাই আছে!’ প্রাক্তন বন্ধুসকলৰ এই যাতীয়  উৎকট তথা অদ্ভুত যুক্তিসমূহৰ প্রত্যুত্তৰ দিয়াটো প্রয়োজনীয় বুলি মার্ক্স-এংগেলছ দুয়োজনেই অনুভৱ কৰিলে। এংগেলছৰ অভিমত আছিল – এই বিষয়ে পুস্তিকা আকাৰত এখনি সৰু গ্রন্থ লিখা হওঁক। পিছে মার্ক্সৰ অত্যুৎসাহী বদ-অভ্যাসটোৰ ফলত পুস্তিকাখনৰ কলেৱৰ ক্রমান্বয়ে বাঢ়ি গৈ অবশেষত ২০০ পৃষ্ঠাৰ এখনি পূর্ণাংগ গ্রন্থৰ ৰূপ ললে! The Holy Familyশীর্ষক এই গ্রন্থখনিত মার্ক্সে দর্শন তথা সাহিত্য-সমালোচনাৰ পৰা আৰম্ভ কৰি শ্রমিক মুক্তিৰ তত্বলৈকে অজস্র বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰিলে

চল্লিছৰ দশকটোৰ মাজভাগলৈ পেৰিছৰ দেশান্তৰিত বিপ্লৱীসকলৰ মাজত মার্ক্স এজন চর্চিত তথা উল্লেখযোগ্য ব্যক্তি হৈ পৰিল। অৰাজকতাবাদ(Anarchism)ৰ দুয়োগৰাকী পুৰোধা ব্যক্তি –পীয়েৰ জোচেফ প্রুধ’ তথা মিখাইল বাকুনিনৰ সৈতে মার্ক্সৰ বন্ধুসুলভ সম্পর্ক আছিল; দুয়োজনৰে সৈতে তেওঁ মাজে-সময়ে হেগেলৰ দর্শন সম্পর্কে আলোচনা কৰিছিল। কবি হেইনৰিখ হেইনী (Heinrich Heine)ৰ সৈতেও মার্ক্স—এংগেলছৰ ভাল সম্পর্ক আছিল। মার্ক্স-এংগেলছৰ প্রভাৱত পৰিয়েই  হেইনীয়ে সমাজবাদী কবিতা লিখিবলৈ চেষ্টা কৰিছিল। পাছলৈ মার্ক্স–এংগেলছৰ  কথা সুঁৱৰি হেইনীয়ে এনেদৰে লিখিছে, ‘জার্মান কমিউনিষ্ট সকলৰ দুয়োজনা গুপ্তনেতাই হৈছে তর্কবাগীশ; দুয়ো হেগেলবাদী পৰম্পৰাৰ শিষ্য। তেওঁলোকক বিনাদ্বিধাই জার্মানীৰ সবাতোকৈ সক্ষম তথা বলিষ্ঠ চিন্তাবিদ বুলি কব পৰা যায়

মার্ক্সৰ এই খ্যাতিৰ বাবেই তেওঁ পুনৰ চৰকাৰৰ ৰোষত পৰিল। এফালে প্রুচিয়ান ৰাষ্ট্রৰ অহৰহ হেঁচা, আনফালে পেৰিছ স্থিত বিপ্লৱী সকলৰ মাজত মার্ক্সৰ বাঢ়ি অহা সুনাম, এই দুয়োটা দিশৰ প্রতি লক্ষ্য কৰি ফৰাচী চৰকাৰে তেওঁক দেশান্তৰিত কৰাৰ সিদ্ধান্ত ললে। উপায়ান্তৰ হৈ ১৮৪৫ৰ ফেব্রুৱাৰীত মার্ক্সে পেৰিছ এৰি ব্রুছেলছ চহৰলৈ গল ইতিমধ্যে এংগেলছেও ঘৰুৱা ব্যৱসায়ৰ কাম এৰি সম্পূর্ণভাৱে বৈপ্লৱিক কার্যতে সময় নিয়োগ কৰিবলৈ ঠিক কৰিছিল এংগেলছ ব্রুছেলছলৈ আহিল আৰু ১৮৪৫ চনৰ জহকালত দুয়ো বন্ধুৱে মিলি ইংলেণ্ড পৰিভ্রমণ কৰিলেএইখিনি সময়ৰ পৰা দুয়োৰে বন্ধুত্ব আৰু প্রগাঢ় হৈ পৰিল। 

ইংলেণ্ডত থকা সময়ছোৱাতে মার্ক্স–এংগেলছে আন এখন গ্রন্থৰ পৰিকল্পনা কৰিলেদুয়ো অনুভৱ কৰিলে যে The Holy Family গ্রন্থখনিত বহুতো বিষয় বাকী ৰৈ গলতৰুণ হেগেলবাদী সকলৰ সম্পূর্ণ সমালোচনা যেন এতিয়াও অসম্পূর্ণ হৈয়েই ৰল। সেয়েহে অন্তিম বাৰৰ বাবে বয়াৰ আৰু তেওঁৰ সাংগো-পাংগো ‘ফ্রী’সকলৰ এক নির্ণায়ক সমালোচনা আগবঢ়াবলৈ দুয়োজনে ঠিক কৰিলে।

বার্লিনৰ ‘ফ্রী’ মহাশয় সকল ইতিমধ্যেই চৰম ব্যক্তিবাদীলৈ পৰিণত হৈছিল; তেওঁলোকৰ প্রতিনিধি স্বৰুপ মেক্স স্তার্নাৰে যুক্তি দর্শাইছিল: ‘ব্যক্তিসত্তাই হৈছে জগতৰ একমাত্র সত্তা!’ ( দ্রষ্টব্য: স্তার্নাৰৰ গ্রন্থ: The Ego and His Own) এই মেক্স স্তার্নাৰকে  মার্ক্স-এংগেলছে এইবাৰ আক্রমণৰ মূল লক্ষ্য হিচাপে বাছি ললে।  ১৮৪৫ চনৰ চেপ্তেম্বৰৰ পৰা ১৮৪৬ চনৰ আগষ্টলৈকে এই সুদীর্ঘ সময়ছোৱা কঠোৰ পৰিশ্রম কৰি দুয়ো বন্ধুৱে লিখি উলিয়ালে ৬০০ পৃষ্ঠাৰ এখন শকত পাণ্ডুলিপিপাণ্ডুলিপিখনৰ নাম দিয়া হ’ল: The German Ideologyইয়াতেই ঐতিহাসিক বস্তুবাদ (historical materialism) সম্পর্কীয় মার্ক্স–এংগেলছৰ ধাৰণাসমূহ পোন প্রথমবাৰৰ বাবে এক সুব্যৱস্থিত ৰূপত লিপিৱদ্ধ কৰা হল। পিছলৈ এখন ক্লাছিক ৰূপে গণ্য হোৱা এইপাণ্ডুলিপিখনি ছপা কৰিবলৈ অৱশ্যে সেইসময়ত কোনো আগ্রহী প্রকাশক বিচাৰি পোৱা নগল। অৱশ্যে মার্ক্স-এংগেলছৰ এই ক্ষেত্রত কোনো আক্ষেপো নাথাকিল। মার্ক্সৰ ভাষাত, ‘পাণ্ডুলিপিটো আমি স্ব-ইচ্ছাই নিগনি এন্দুৰৰ খাদ্য হবলৈ এৰি দিলো, কিয়নো ইতিমধ্যেই আমি গ্রন্থখনি লিখাৰ[প্রক্রিয়াটোৰ মাজেৰে আমাৰ] মূল উদ্দেশ্য  অর্থাৎ -স্ব-স্পষ্টীকৰণ (self-clarification) লাভ কৰাত সফল হলোঁ

German Ideology গ্রন্থখনিয়ে মার্ক্স-এংগেলছৰ ৰাজনীতিৰ তাত্ত্বিক ভেটিটো নির্মাণ কৰিলে। ইয়াতেই তেওঁলোকে যুক্তি দর্শালে যে পুঁজিবাদে নিজে সৃষ্টি কৰা বস্তুনিষ্ঠ পৰিস্থিতিৰ মাজতেই সামাজিক বিপ্লৱৰ সম্ভাৱনীয়তাৰ বীজো স্থাপিত হয় সিবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো হৈছে শ্রমিক শ্রেণীৰ সৃষ্টি। এংগেলছৰ ভাষাত ‘এই শ্রমিক শ্রেণীৰ মুক্তি লাভৰ তত্ত্বই হৈছে কমিউনিজিম’(Collected Works, vi 341)। 

বিপ্লৱ সম্পর্কীয় ধাৰণাসমূহ এইদৰে বিকশিত কৰাৰ পাছত মার্ক্স-এংগেলছে এইবাৰ বাওঁ ৰাজনীতিৰ প্রত্যক্ষ ক্ষেত্রখনলৈ চকু দিলে ‘লীগ অৱজাষ্ট’ নামেৰে মূলতঃ জার্মান কাৰিকৰ সকলৰ আন্তর্জাতিক গুপ্ত সংগঠনটি ইতিমধ্যেই ইউৰোপৰ চুকে কোণে বিকশিত হৈ উঠিছিল। সংগঠনটো ৱিলহেম ৱেটলিং (Wilhelm Weitling) নামৰ এজন প্রাক্তন দর্জীৰ প্রভাৱত আছিল, যাৰ সমাজবাদ সম্পর্কীয় ধাৰণাসমূহ আছিল অতিশয় অস্পষ্ট। ৱেটলিঙে বিশ্বাস কৰিছিল যে শ্রমিকসকলৰ গৰিষ্ঠ সংখ্যক অংশটোক সমাজবাদৰ পক্ষলৈ আনিব পৰা নাযাব; সেয়েহে বিপ্লৱী চেতনশীল এটি সৰু অংশই তেওঁলোকৰ হৈ ৰাষ্ট্র-ক্ষমতা দখল কৰিব লাগিব। লীগৰ আন এজন নেতা, কিংবদন্তি স্বৰূপ বিপ্লৱী আগষ্ট ব্লাংকি (Auguste Blanqui)ৰো ধাৰণা আছিল অনুৰূপ ব্লাংকিৰ নেতৃত্বত লীগে ফ্রাঞ্চৰ আধাকেছেলুৱা ১৮৩৯ৰ বিদ্রোহত অংশ লোৱাৰ ফলত ফ্রাঞ্চত সংগঠনটো নিষিদ্ধ ঘোষিত হৈছিল আৰু সেইবাবে পেৰিছৰ পৰা লণ্ডনলৈ সংগঠনৰ মূখ্যকার্যালয় স্থানান্তৰিত কৰি পেলোৱা হৈছিল। লণ্ডনত এফালে ৱেটলিঙৰ অনুগামী আৰু আনফালে অহিংস পদ্ধতিৰ সমর্থক এচাম সংস্কাৰকামী সদস্যৰ মাজত সংগঠনটো প্রায় বিভক্ত হৈ পৰিছিল।

১৮৪৬ চনৰ ফেব্রুৱাৰী মাহত মার্ক্স-এংগেলছে ‘লীগ অৱ জাষ্ট’ৰ সদস্যসকলক নিজৰ প্রভাৱলৈ আনিবলৈ ‘কমিউনিষ্ট বার্তা কমিটি’ এখন স্থাপন কৰিলেৱেটলিং আদিকো কমিটিৰ অন্তর্ভুক্ত কৰা হল। পিছে কিছু সময়ৰ ভিতৰতে মার্ক্স আৰু ৱেটলিঙৰ মাজত মতানৈক্যই দেখা দিলে। লীগৰ মেল মিটিং সমূহ এই মতানৈক্যৰ ফলত গৰম  হৈ পৰিল মার্ক্সৰ মতে, ‘কোনো বিজ্ঞানসন্মত তথা গঠনমূলক ধাৰণা নোহোৱাকৈ কেৱল শ্রমিক সকলক আহ্বান জনাই থকা কথাটো অসাধু কাম হব। নিজকে স্বয়ং মুক্তিদাতা বুলি ভাবি লৈ শ্রমিক সকলক অজ্ঞানী-মূর্খ বুলি গণ্য কৰা লোকসকলেহে এনে কাম কৰে’আনফালে ৱেটলিঙে অভিযোগ আনিলে যে মার্ক্সৰ ধাৰণা সমূহ হৈছে পুথিগত জ্ঞান তথা তত্ত্ব প্রসূত; বাস্তৱ-ৰাজনীতিৰ বাবে সিবিলাক বিশেষকৈ সহায়ক নহয়মার্ক্সে প্রত্যুত্তৰত কলে, ‘অজ্ঞানতাই আজিলৈকে কাকোৱেই সহায় কৰা নাই!’

মার্ক্সৰ বন্ধু প’ল এনেনকভে এই মিটিং সমূহত মার্ক্সৰ ব্যক্তিত্ব সম্পর্কীয় কেতবোৰ জীৱন্ত চিত্র অংকণ কৰি গৈছেঃ

মার্ক্স  হৈছে অফুৰন্ত শক্তিৰ অধিকাৰী; তেওঁৰ ইচ্ছা শক্তি অতিশয় দৃঢ় তথা আত্মবিশ্বাস লৰাব নোৱাৰা বিধৰ তেওঁৰ পোছাক অদ্ভুত। মূৰত এসোপা দীঘল কলা চুলি, নোমেৰে ভৰা হাত ভৰি, ভুলকৈ বুটাম লগোৱা কোটচোলা...পিছে তেওঁক দেখিয়েই অনুভৱ হয় - তেওঁ যিমানেই অপৰিপাটি নহওঁক কিয়, সকলোৰে সন্মান আদায় কৰিব পৰাকৈ অপাৰ ক্ষমতা আৰু যোগ্যতা তেওঁৰ আছে।...তেওঁ খপজপকৈ খোজ কাঢ়ে, কিন্তু তাত আত্মবিশ্বাস আৰু প্রত্যয়ৰ চাপ সুস্পষ্ট। তেওঁৰ চাল চলনবোৰ সাধাৰণ মানুহতকৈ যেন অলপ বেলেগ আৰু কিছুদূৰৈলৈ হয়তো অৱজ্ঞাসূচক তেওঁ এটাৰ পাছত সিটোকৈ বিভিন্ন বিষয় তথা ব্যক্তি সম্পর্কে তীক্ষ্ণ মন্তব্য কৰে আৰু সিবিলাকৰ সৈতে তেওঁৰ ধাতৱ কণ্ঠস্বৰ  যেন সুন্দৰকৈ খাপ খাই পৰে

আন এজন সমসাময়িক লেখকৰ মতে:

মার্ক্সক দেখিলে এনে লাগে যেন জন্মগতভাবেই তেওঁ নেতৃত্বকাৰী গুণ লাভ কৰিছে। তেওঁৰ বক্তৃতাসমূহ  চুটি চুটি, বিশ্বাসযোগ্য আৰু যুক্তিৰে পৰিপূর্ণ। অপ্রয়োজনীয় বাগাড়ম্বৰৰ পৰা সিবিলাক সম্পূর্ণভাবে মুক্ত। তেওঁৰ উচ্চাৰিত প্রত্যেকটো বাক্যতেই একোটাহঁত ধাৰণা লুকাই থাকে আৰু প্রত্যেকটো ধাৰণাই তেওঁৰ মূল পাঠ্যৰ সৈতে সুন্দৰকৈ যুক্ত। তেওঁক স্বপ্নবিলাসী বোলা কথাষাৰ একেবাৰেই ভুল।

‘কমিউনিষ্ট বার্তা কমিটি’ৰ কাম-কাজ সমূহৰ মাজেৰে মার্ক্স-এংগেলছে অনুভৱ কৰিলে-জার্মান শ্রমিক আন্দোলনত ব্যাপ্ত সমাজবাদ সম্পর্কীয় বেছিভাগ ধাৰণাই ভ্রান্তিমূলক। সিবিলাকৰ উচিত সমালোচনা আগবঢ়োৱাটো অতিশয় প্রয়োজনীয় বুলি দুয়োজনেই গণ্য কৰিলে।

এইবাৰ তেওঁলোকৰ আক্রমণৰ অন্যতম লক্ষ্য হৈ পৰিল ‘প্রকৃত সমাজবাদী’ (true socialists)সকল। এই ‘প্রকৃত সমাজবাদী’ সকলআছিল মূলতঃ বুদ্ধিজীৱি। বস্ত্র শ্রমিক সকলৰ বিদ্রোহৰ পাছতে তেওঁলোকে ‘সামাজিক প্রশ্ন’সমূহ ‘আৱিষ্কাৰ’ কৰিছিল! তেওঁলোকে  বিশ্বাস কৰিছিল যে মানুহক নীতিগত শিক্ষা দিয়েই সমাজ পৰিবর্তন কৰিব পৰা যাব। মার্ক্সৰ আক্রমণৰ আন এক লক্ষ্য আছিল প্রুধ’ আৰু তেওঁৰ অনুগামীসকলমে, ১৮৪৬ চনত মার্ক্সে প্রুধ’ক ‘কমিউনিষ্ট বার্তা কমিটি’ৰ পেৰিছৰ সংবাদদাতা হবলৈ আহ্বান কৰি চিঠি লিখিছিল পিছে উত্তৰত প্রুধ’এ তোষামোদী  সুৰেৰে ‘দার্শনিক চাহাব’ক কলে যে তেওঁ বিপ্লৱত বিশ্বাস নকৰে আৰু‘লাহে লাহে ব্যক্তিগত মালিকানা ধ্বংস কৰাতহে তেওঁ আগ্রহী’। ১৮৪৭ চনত প্রুধ’ৰ The System of Economic Contradictions শীর্ষক গ্রন্থ এখনি প্রকাশিত হ’ল, যাৰ উপ-শীর্ষক আছিল ‘দাৰিদ্রতাৰ দর্শন’ (Philosophy of Poverty)! সেইখনৰ তীব্র সমালোচনা কৰি মার্ক্সে একে বছৰতে নিজ এখনি গ্রন্থ প্রকাশ কৰিলে যাৰ নাম থোৱা হল ‘দর্শনৰ দাৰিদ্রতা’ (The Poverty of Philosophy)!

মার্ক্স-এংগেলছৰ অশেষ চেষ্টাৰ মূৰত অৱশেষত ‘লীগ অৱ জাষ্ট’ সংগঠনটো তেওঁলোকৰ নিয়ন্ত্রণলৈ আহিল১৮৪৭ চনৰ জুন মাহত সংগঠনটোৰ এখনি কংগ্রেছ বা অধিবেশন অনুষ্ঠিত কৰা হল যত সংগঠনটোৰ গুপ্ত ষড়যন্ত্রকাৰী চৰিত্র সলনি কৰি তাক এক মুকলি তথা বিপ্লৱী সংগঠনৰ ৰূপ দিয়া গলপুৰণি নাম সলনি কৰি এইবাৰ সংগঠনটোৰ নাম দিয়া হল ‘কমিউনিষ্ট লীগ’। একে ধৰণেৰে, সংগঠনৰ পুৰণি শ্লগান ‘সকলো মানুহেই ভ্রাতৃ’ সলনি কৰি এটি নতুন শ্লগান নির্মাণ কৰা হল ‘বিশ্বৰ সকলো শ্রমিক, এক হওঁক!’[1] একে বছৰৰে ডিচেম্বৰ মাহলৈ সংগঠনৰ দ্বিতীয় অধিবেশন অনুষ্ঠিত কৰা হল। এইখন অধিবেশনতে সংগঠনৰ নীতি সম্পর্কীয় এখন ঘোষণা পত্রৰ খচৰা প্রস্তুত কৰিবলৈ মার্ক্স-এংগেলছক দায়িত্ব দিয়া হল। তিনি মাহমান কষ্ট কৰি মার্ক্স-এংগেলছে এখনি নাতিদীর্ঘ পাণ্ডুলিপি তৈয়াৰ কৰি উলিয়ালে। এইখনেই পাছলৈ সাম্যবাদী ইস্তাহাৰ বা কমিউনিষ্ট মেনিফেষ্টো নামেৰে জনাজাত হল। লণ্ডনৰ পৰা ১৮৪৮ চনত পোন প্রথমবাৰৰ বাবে প্রকাশিত এই মেনিফেষ্টোখনৰ প্রথম শাৰীটোৱেই আজি এক কিংবদন্তীলৈ পৰিণত হৈছে: A spectre is haunting over Europe; the spectre of communism!’(Collected Works, vi 481)আজি পর্যন্ত সমস্ত মার্ক্সবাদী সাহিত্যৰ ভিতৰতে কমিউনিষ্ট মেনিফেষ্টোখনেই হৈছে সর্বাধিক জনপ্রিয় তথা বহুল পঠিত কিতাপ।

লক্ষণীয়ভাৱে, মেনিফেষ্টোখন প্রেছত ছপা হৈ ওলোৱালৈকে সমগ্র ইউৰোপতে বিপ্লৱৰ লক্ষণে দেখা দিলে। ১৮৪৮ চনৰ ফেব্রুৱাৰী মাহলৈ ফ্রাঞ্চৰ ৰাজসিংহাসনৰ পৰা লুই ফিলিপক ক্ষমতাচ্যুত কৰা হল আৰু দ্বিতীয়বাৰৰ বাবে ফ্রাঞ্চক এখন গণৰাজ্যৰূপে ঘোষণা কৰা হল।  মার্চ মাহলৈ ভিয়েনা আৰু বার্লিনতো বিদ্রোহ আৰম্ভ হল। ভয়ত বিতত হৈ বেলজিয়ামৰ চৰকাৰে ততালিকে মার্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰিলেমার্ক্স পুনৰ জার্মানীলৈ ঘূৰি আহিল। এইবাৰ মার্ক্স Neue Rheinische Zeitung নামেৰে নতুন বাতৰি কাকত এখনৰ মূখ্য সম্পাদক নিযুক্ত হল। পূর্বৰ Rheinische Zeitung খনৰ দৰেই এই নতুন কাকতখনৰো মূখ্য কার্যালয় কলন চহৰতে ৰখা হল। এইবাৰ মার্ক্সে তেওঁৰ নিজ ইচ্ছাৰে সাংবাদিক তথা সম্পাদনা মণ্ডলী গঠন কৰিবলৈ সুযোগ পালে। এংগেলছৰ ভাষাত কাকতখনৰ সম্পাদনা মণ্ডলী সম্পূর্ণভাৱে মার্ক্সৰ স্বৈৰতন্ত্রৰ অধীন আছিল’। ৱার্ণাৰ ব্লোমেনবার্গে Neue Rheinische Zeitung বিষয়ে এনেদৰে লিখিছেঃ ‘এই কাকতখন বিপ্লৱৰ সময়ছোৱাৰ শ্রেষ্ঠ কাকত হোৱাৰ লগতে  জার্মান ভাষাত প্রকাশিত সকলো সমাজবাদী কাকতৰ ভিতৰতো সর্বশ্রেষ্ঠ বুলি কব পৰা যায়।’

১৮৪৮ৰ বিপ্লৱে পুঁজি আৰু শ্রমিকৰ সংগ্রামখনিৰ কেন্দ্রীয় গুৰুত্ব সম্পর্কে সকলোকে সঁকীয়াই দিলে। ইয়াৰ আগলৈকে সামন্তীয় শক্তিসমূহৰ বিৰূদ্ধে পুঁজিৰ সংগ্রামখনিকেই মূল সংগ্রাম বুলি ভবা হৈছিল। বুর্জোৱাৰ নেতৃত্বত সামন্তীয় ভূ-স্বামীসকলৰ বিৰূদ্ধে শ্রমিক-কৃষককে আদি কৰি সমস্ত জনগণক একগোট কৰাটোৱেই বিপ্লৱৰ মূল লক্ষ্য বুলি সকলোৱে মানি লৈছিল পিছে ১৮৪৮ বিপ্লৱে দর্শালে যে দৰাচলতে বর্তমান সময়ত পুঁজি আৰু শ্রমৰ দ্বন্দই সবাটোকৈ গুৰুত্বপূর্ণ হৈ পৰিছে আৰু শ্রমিক জনগনৰ বিৰূদ্ধে ন পুৰণি সকলো শাসক গোট ক্রমান্বয়ে একত্রিত হৈ পৰিছে১৮৪৮ৰ জুন মাহত ইয়াৰ প্রত্যক্ষ প্রমাণ পোৱা গল যেতিয়া গণতান্ত্রিক ফৰাচী চৰকাৰে পেৰিছৰ শ্রমিক সকলৰ বিদ্রোহ কঠোৰ হাতেৰে দমন কৰিলে। শ্রমিকৰ তেজেৰে পেৰিছৰ ৰাস্তা ঘাট ৰাঙলী হৈ পৰিল। মার্ক্সে লিখিলে, ‘ভ্রাতৃত্ব, শোষক আৰু শোষিতৰ এই তথাকথিত ভাতৃত্ব, যাক ফ্রেব্রুৱাৰীত প্রতিষ্ঠা কৰা হৈছিল, যাৰ গুণ গান সকলোৱেই গাই ফুৰিছিল, যাৰ আগমনৰ বিষয়ে পেৰিছৰ সমস্ত বাট-পথ, বেৰেক, আৰু কাৰাগাৰত ডাঙৰ ডাঙৰ আখৰেৰে তোৰণ অঁকা হৈছিল, সি অৱশেষত তাৰ প্রকৃত স্বৰূপ দেখুৱালে। গৃহযুদ্ধৰ ৰূপত,শ্রম আৰু পুঁজিৰ ভয়াবহ সংগ্রামৰ ৰূপত ইয়াৰ সবাটোকৈ বিশুদ্ধ আৰু কদাকাৰ প্রমাণ পোৱা গল(Collected Works, vii 144, 147).

এইখিনিতে  মন কৰিবলগীয়া যে যদিও ইংলেণ্ড তথা ফ্রাঞ্চ প্রভৃতি বিকশিত দেশত বুর্জোৱাৰ প্রকৃত  স্থিতি সম্পর্কে মার্ক্স–এংগেলছৰ কোনো সন্দেহ বাকী নাথাকিল, তথাপিও তেওঁলোকে এই আশা নেৰিলে যে জার্মানীৰ দৰে অনগ্রসৰ দেশ সমূহত হয়তো এতিয়াও বুর্জোৱা শ্রেণীক এক বৈপ্লৱীক ভূমিকা গ্রহণ কৰিবলৈ বাধ্য কৰিব পৰা যাব। সেয়েহে ১৮৪৮চনৰ মার্চত  যেতিয়া বিপ্লৱে বার্লিন প্রবেশ কৰিলে, মার্ক্স এংগেলছে মাত্র কেইশমান সদস্যৰে গঠিত কমিউনিষ্ট লীগৰ যোগেৰে  কোনো সৰু সুৰা ভূমিকা পালন কৰাতকৈ বুর্জোৱা বিপ্লৱী সকলৰ সবাটোকৈ উগ্র বাওঁ অংশটোৰ ভূমিকা লোৱাটোকেই ঠিক কৰিলে। Neue Rheinische Zeitung যোগেৰে মার্ক্স এংগেলছে বুর্জোৱা বিপ্লৱৰ অসমাপ্ত কামকাজ খিনি সম্পূর্ণ কৰিবলৈ জনগণক আহ্বান কৰিলে। এই সময়ত মার্ক্স-এংগেলছৰ ৰাজনৈতিক কার্যসূচীৰ দুটা মূল বিন্দু আছিলঃ এখন একক, অখণ্ড তথা গণতান্ত্রিক জার্মানীৰ নির্মাণ আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা। 

জাৰ নিকোলাচ প্রথম’ৰ অধীনত ৰাছিয়া সেই সময়ত এখন অতিশয় প্রতিক্রিয়াশীল দেশ আছিল ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ সময়ৰে পৰা সমগ্র ইউৰোপতে সকলোধৰণৰ পৰিবর্তনকামী শক্তিক পৰাভূত কৰাৰ ক্ষেত্রত ৰাছিয়াই বিশেষ ভূমিকা লৈছিল। ৰাছিয়াৰ প্রতি সমস্ত ইউৰোপৰ বিপ্লৱীসকলৰ ঘৃণা ইমানেই প্রচণ্ড আছিল যে তেওঁলোকে ৰাছিয়াক ‘ইউৰোপৰ প্রতিক্রিয়াশীল পুলিছ’ (Gendarmeof Europe) নামেৰে সম্ভোষণ কৰিছিল।  পাছলৈ দেখা গল - ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰি ইউৰোপৰ বিভিন্ন দেশত প্রতিক্রিয়াশীল শক্তিসমূহক পুনঃসংগঠিত কৰাৰ ক্ষেত্রতো ৰাছিয়াই  বিশেষ ভূমিকা পালন কৰিলে। মার্ক্সে আশা কৰিছিল – ফ্রাঞ্চৰ জেকোবিন বিপ্লৱী সকলে ১৭৮৯ত কৰাৰ দৰে এক গণতান্ত্রিক জার্মানীয়েও ৰাছিয়া নেতৃত্বাধীন প্রতিক্রিয়াশীল শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইউৰোপৰ ভূখণ্ডক সিবিলাকৰ হাতোঁৰাৰ পৰা মুক্তি দিয়াব পাৰিব। পিছে মার্ক্সৰ এই সপোন সপোন হৈয়েই ৰ’ল। শ্রমিক শক্তিৰ উগ্র আন্দোলনৰ সম্মুখীন হৈ ভয়ার্ত জার্মান বুর্জোৱাই সকলোধৰণৰ বিপ্লৱী শ্লগান ত্যাগ কৰি প্রুচিয়ান ৰাজতন্ত্রৰ সৈতে হাত মিলালে। ইখনৰ পাছত সিখনকৈ সমগ্র ইউৰোপৰ দেশসমূহত বিপ্লৱ পৰাজিত হোৱাৰ খবৰেৰে Neue Rheinische Zeitungৰ পৃষ্টাবোৰ ভৰি পৰিল। প্রথমতে অষ্ট্রিয়া, তাৰ পাছত বহেমিয়া, হাংগেৰী, ফ্রাঞ্চ আৰু সর্বশেষত জার্মানীতো বিপ্লৱ পৰাভূত হল। এইবাৰ খোদ Neue Rheinische Zeitungৰ ওপৰতো দমন আৰম্ভ হল। অতি সোনকালেই মার্ক্সকে আদি কৰি কাকতখনৰ আটাইকেওজন সম্পাদকৰ ওপৰত উপর্যুপৰি দুটাকৈ গোচৰ জাপি দিয়া হল। অৱশ্যে গোচৰৰ বিচাৰ কৰা ন্যায়াধীশ কেইজন কাকতখনৰ প্রতি সদয় আছিল; সোনকালেই মার্ক্স আৰু তেওঁৰ সহকর্মী সকলক সসন্মানে মুক্ত কৰি দিয়া হলকিন্তু কিছুদিনৰ পাছতে নতুনকৈ কেইটামান গোচৰৰ চেলু লৈ প্রুচিয়ান চৰকাৰে কাকতখনৰ প্রকাশন বন্ধ কৰি দিলে আৰু সম্পাদক কেইজনক দেশৰ পৰা নির্বাসিত কৰাৰ নির্দেশনা জাৰী কৰিলে। মার্ক্স প্রমূখ্যে Neue Rheinische Zeitungৰ সম্পাদক কেইজনে সিদ্ধান্ত ললে –সম্পূর্ণভাৱে বন্ধ কৰি দিয়াৰ আগতে কাকতখনৰ অন্তিম সংখ্যাটো সম্পূর্ণভাৱে ৰঙা আখৰৰে ছপা কৰা হওঁক! কাকতখনৰ অন্তিমটো সম্পাদকীয় মার্ক্সে এনেদৰে লিখিলে, ‘আপোনালোকে দিয়া অকুণ্ঠ সমর্থনৰ বাবে আমি আটাইকেওজন সম্পাদকেই হৃদয়ৰে ধন্যবাদ জনাইছোঁ। আমাৰ শেষ কথা সকলো সময়তে আৰু সর্বত্রতে একেটাইঃ [আমি বিচাৰোঁ] শ্রমিক শ্রেণীৰ মুক্তি!’(Collected Works, ix 467)




[1]মার্ক্সে তেওঁৰ স্বভাৱজাত ব্যংগমূলক সুৰেৰে মন্তব্য কৰিছিল - বিশ্বত এনে বহুতো লোক আছে যাৰ ভ্রাতৃ হবলৈ তেওঁৰ মুঠেও ইচ্ছা নাই!

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...