Tuesday, February 12, 2013

ভূপেন হাজৰিকাৰ গীত-মাতেৰে এটা পুৰণা শ্রেণী সংগ্রামৰ গান...



[ভূপেন হাজৰিকা দ্বাৰা চিত এই গীতটি কেইবাটাও সংস্কণ শুনিবলৈ পোৱা যায়। ভাতীয় গণ নাট্য সংঘত থকা সময়তে হাজৰিকাই গীতটি ছনা কৰিছিল। থলুৱা সু মাতেৰে প্রস্তুত কৰা গীতটিত শ্রেণী সংগ্রাম সু সুস্পষ্ট। গণ নাট্য সংঘ এৰি অহা পাছত অৱশ্যে হাজৰিকাই নিজেই গানটো ৰেডিকেল অংশখিনি বাদ দি নতুনকৈ ৰেকর্ড কৰাইছিল।]     

http://www.asomtube.com/audio/2510/sagar-saal-selabar-old-ipta-version


ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল চেলাবৰ মিট
দেশৰ বুঢ়া মেথা দায়ে নধৰিবা
গা‍ই যাওঁ আজিৰে গীত

লুইতত ভুটুঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
ধেমালি চাই যা, ধেমালি চা
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ


সমাজৰ পথাৰত কোন খেলুৱৈয়ে
কাক বা সাজিছে ঢোপ
গাঁৱৰে এইগাল লোক
হ'ল মিছলীয়াৰ ঢোপ
ধেমালি চাই যা, ধেমালি চা

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
অতিকৈ চেনেহৰ মাকো
সমাজৰ গামোছাত ন ফুল বাছি দিওঁ ঐ
লুইতত সাঁজি দিও সাঁকো

এহিমানৰ কথাখিনি এহিমানে থওঁ
হালোৱা হজুৱাৰ কথাখিনি কওঁ
ইফালেদি লথিয়াই তোক নাজিতৰা
সিফালেদি লথিয়াই তোক
ৰঙালী বিহুটিক কঙালী কৰিলে
পেটৰহে নুগুছে ভোক
দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰে ঢোক
গাৱঁৰে এইগাল লোক
হ'ল মহাজনৰ ঢোপ
ধেমালি চাই যা, ধেমালি চা

দেউতাৰ পদুলীত গোন্ধাইছে মাধুৰী
কেতেকী ফুলিবৰ হল ঐ গোবিন্দাই ৰাম
মৌজাদাৰ দেউতাৰ পদুলি সাৰোঁতে
ককাঁল মোৰ ভাগিয়ে গল ঐ গোবিন্দাই ৰাম

কথা :
পিছে কাঁচিখনত আজি বৰ চোক
গাৱৰ দাৱনীয়ে বাছি বাছি ৰাখিছিল
বৰাধানৰ দুটামান থোক
তাতে পৰে পিয়দা পোক

শুদা শুদা মাকোটি খট খট চলে
বোৱনীয়ে হেপাহেৰে চানেকী ল'লে
ক’লা ক’লা বজাৰত সূতাৰ দাম দেখি
দুখুনীয়ে পাইছে শোক
ৰাইজৰ এইগাল লোক
হল কাৰোবাৰ ঢোপ
ধেমালি চাই যা ধেমালি চা
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা ধেমালি চা

দুজন এজনে কলঘৰ সাজিছে
থানে থানে কাপোৰ ওলায়
এ’ উৰণীয়া জাহাজত চিলিক আহিছে
আমাৰ বিহুৰ কাপোৰ নাই
বিহুৰ কাপোৰ নাই বুলি বনগীত নেগাবি
সঁচা সঁচা কথাবোৰ কৈ
এ’ ধুতি পিন্ধা চেহাবে এনুৱা গীত গালে
পিঙতহে তুলিবগৈ তোক

সঁচা কোৱা বৰ বেয়া ৰোগ
দঢ়াই নকৈছিলো তোক ?
এ’ ধেমালি চাই যা ধেমালি চা

এ’ কোনোবা সমূদ্ৰত বোমা ফুটুৱালে
কৰবাত পৰিলে ছাই
এ’ এগণ্ডা বোমাৰে পৃথিবী পুৰিব
এ’ কৰবাৰ ৰণ বলিয়াই
উদযান বোমাৰে গুণগাণ ঐ বখানি
নকবি এনেকৈ মোক।
বোলো ৰণ হলে খাম কি
ৰণ হলে গাম কি
মৰিব দেশৰহে লোক
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা ধেমালি চা

শান্তিৰে নিজৰা নিজৰি নবলে
আমি হম বৰশীৰ টোপ
অতিকৈনো চেনেহৰ বহাগৰে বিহুটিও
ঢোলটিও যে পাবগৈ লোপ
কাঢ়ি নিয়া মাটিখিনি, হাতৰ খাৰু মণি
ৰাইজে পালেহে গুচিব পিয়াহ ভোক
বিহুতলী যেতিয়া ৰজনজনাব
নাচিব দেশৰ হে লোক
বোলো দেখিবি ন' ন' ৰূপ

বোৱতী সুঁতিটিক অ’ আইতা
ভেটিব যে নোৱাৰি অ’ আইতা
ভেটা ভাঙে ঘনে ঘনে
বিদ্ৰোহী ৰাইজক অ’ আইতা
কঢ়িয়াই লৈ যোৱা অ’ আইতা
সময়ক ভেটিব কোনে ?

1 comment:

  1. 'পিয়দা পোক' বুলি কোন বিধ পোকক কোৱা হৈছে?

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...