Saturday, January 18, 2014

মুক্তিৰ শৃংখলঃ নেলচন মাণ্ডেলাৰ জটিল ঐতিহ্য

মূলঃ এজাজ আহমেদ
অনুবাদঃ ময়ূৰ চেতিয়া

('নতুন পদাতিক' আলোচনীৰ ফেব্রুৱাৰী ২০১৪ সংখ্যাত প্রকাশিত)

মানুহজনৰ নাম নেলচন মাণ্ডেলা। বন্ধুবর্গ আৰু সতীর্থগণৰ মৰমৰ ‘মাদিবা’। মাণ্ডেলা আৰু নাই। এক ঘটনাবহুল তথা দীর্ঘ জীৱন পৰিক্রমাৰ অন্ত পেলাই ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে মাণ্ডেলাই ইহসংসাৰ ত্যাগ কৰিলে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল- ৯৫ বছৰদ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাৰ আটাইতকৈ প্রেৰণাদায়ী ব্যক্তিসকলৰ মাজত তেওঁৰ নাম সর্বদা অন্যতম হৈ ৰবএক মানবীয় স্বপ্নদ্রষ্টা, অতুলনীয় সাহসৰ জীৱন্ত প্রতীক মাণ্ডেলা আছিল সদায়েই মৃদুভাষী কিন্তু ব্যৱহাৰ তথা চালচলনৰ ক্ষেত্রত অতিশয় দৃঢ় এই বিষয়ে কোনো সন্দেহ নাই যে তেওঁৰ অপৰিসীম ধৈর্য, বর্ণবাদী অপমানৰ সমুখত সগর্বে ঠিয় হৈ ৰোৱাৰ অদম্য সাহস আৰু হাৰ নমনা সংগ্রামী সত্তাই যুগ যুগ ধৰি মানুহক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজাৰ প্রেৰণা দি যাব নব্বৈৰ দশকত দক্ষিণ আফ্রিকাৰ বর্ণবাদী ব্যৱস্থাটোৰ পৰিসমাপ্তি সমগ্র বিংশ শতিকাটোৰে এক উল্লেখযোগ্য ঘটনা বুলি কব পাৰিঅৱশ্যে যিটো প্রক্রিয়াৰ দ্বাৰা এই ব্যৱস্থাটোৰ পৰিসমাপ্তি ঘটোৱা হল, সেয়া মুঠেও প্রশ্নৰ ঊর্ধত নাছিললক্ষণীয়ভাৱে, এই বিষয়ক আটাইতকৈ চূড়ান্ত তথা নির্ণায়ক পর্যায়ৰ আলোচনা আৰম্ভ হোৱালৈকে ইতিমধ্যেই চোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। বিশ্বৰ ভূ-ৰাজনৈতিক আবহাৱাৰ এই বৃহৎ পৰিবর্তনে  দক্ষিণ আফ্রিকাৰ আলোচনা প্রক্রিয়াটোকো গভীৰভাৱে প্রভাৱিত কৰিছিল এইক্ষেত্রত আন এটা সমসাময়িক উদাহৰণৰ  হৈছে ইজৰাইল-পেলেষ্টাইনৰ শান্তি বার্তা আৰু  ১৯৯৩ চনৰ অচল’ সন্ধি (Oslo Accord) আপাত দৃষ্টিত মাণ্ডেলা আৰু য়াছেৰ আৰাফাটৰ মাজত বিশেষ কোনো মিল নথকা যেন লাগিলেও দুয়োজনে সম্মুখীন হোৱা পৰিস্থিতিৰ সামঞ্জস্যতা মন কৰিবলগীয়া।  দুয়োৰে শত্রু আছিল বসতি ঔপনিবেশকাৰী(settler colonial) একোখন ৰাষ্ট্র – দক্ষিণ আফ্রিকা আৰু ইজৰাইল। দুয়োজনে সশস্ত্র বিপ্লৱী পন্থাৰে সংগ্রাম আৰম্ভ কৰিছিল, জীৱনৰ শেহৰছোৱা সময়ত দুয়োজনে মুখামুখি হব লগা হৈছিল একেটি কঠিন প্রশ্নৰঃ বিপ্লৱৰ পৰিপন্থী সময়ছোৱাত কেনেকৈ অতি শক্তিশালী শত্রুৰ সৈতে এক সন্মানজনক সমাধান সূত্র বিকশিত কৰা যায়? এনে স্থিতিত সন্মানৰ লগতে সমতাও প্রতিষ্ঠা কৰা সম্ভৱনে?


মাণ্ডেলাৰ ব্যক্তিত্ব আছিল বহুতৰপীয়া; যেন ভিন ভিন পৰিস্থিতিৰ সৈতে মুখামুখি হবলৈ তেওঁ বাৰে বাৰে নিজকে নতুনকৈ সজাই তুলিছিল। ১৯৪০ৰ দশকটোত কৃষ্ণাঙ্গ মধ্যবিত্ত শ্রেণীটোৰ বাবে কেতবোৰ কুহুমীয়াবিধৰ সংস্কাৰ দাবী কৰিয়েই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি ঘটিছিল। বর্ণ-সমতাৰ দাবীৰ পৰা ই আছিল বহুযোজন দূৰৈত। কিন্তু চৰকাৰৰ আকোৰগোঁজ মনোভাবৰ বাবে মাণ্ডেলাই ক্রমশঃ সংগ্রামী ৰাজনীতিৰ পথটিত ভৰি দিলে।  যিমানেই চৰকাৰে তেওঁলোকৰ দাবীসমূহ অগ্রাহ্য কৰিলে, সিমানেই দাবীসমূহো ৰেডিকেল হৈ পৰিল।ৱশেষত ই সশস্ত্র সংগ্রামৰ ৰূপ ললে। ১৯৬১ চনৰ শেহৰ ফাললৈ আফ্রিকান জাতীয় কংগ্রেছৰ সশস্ত্র বাহিনীৰ ৰূপত গঠিত হল Umkhonto we Sizwe (প্রচলিত ভাষাত ‘আফ্রিকাৰ যাঠি’) বা চমুকৈ এম.কেুর্চুৰীয়াকৈ বিভিন্ন অঞ্চলত  এ.এন.চিৰ গেৰিলাসকলে যুদ্ধ আৰম্ভ কৰিলে।  বহুতৰ মতে এই সময়চোৱাত মাণ্ডেলাৰ আদর্শ আছিল  মাও চে তুং, ফিডেল কাস্ত্রো আৰু চে গুৱেভাৰা ১৯৬২চনৰ জহকালৰ সময়ছোৱাত মৰক্ক, ইথিয়পিয়া আদি বিভিন্ন দেশত মাণ্ডেলাই অস্ত্র প্রশিক্ষণ লাভ কৰিলে। পিছে সামৰিক প্রশিক্ষণৰ পাছত দেশলৈ ঘূৰি আহোঁতেই ১৯৬২ চনৰ ৫ আগষ্টত মাণ্ডেলাক গ্রেপ্তাৰ কৰা হলইয়াৰ পাছৰ সুদীর্ঘ ২৭ বছৰ কাল মাণ্ডেলা কাৰাগাৰতেই আবদ্ধ হৈ ৰ’লআন কথাত, সশস্ত্র সংগ্রামৰ পোষকতা কৰিলেও মাণ্ডেলাই নিজে প্রত্যক্ষভাবে কেতিয়াও এই সংগ্রামত অংশগ্রহণ কৰাৰ প্রমাণ পোৱা নাযায়। অৱশ্যে এই কথাও স্বীকাৰ কৰা ভাল যে  ১৯৯৩ চনৰ পাছতহে তেওঁ নীতিগতভাৱে সশস্ত্র সংগ্রামৰ পন্থা নাকচ কৰেঅৱশেষত, এক দীর্ঘকালজোৰা আলোচনাৰ পাছত ১৯৯০ চনৰ ফেব্রুৱাৰী মাহত তেওঁক কাৰামুক্ত কৰা হল১৯৯৪ চনত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি ঘোষিত হোৱাৰ সময়লৈকে তেওঁক ইতিমধ্যেই শান্তিৰ দূত তথা গান্ধী আৰু মার্টিন লুথাৰ কিঙৰ দৰে  অহিংস পন্থাৰ পূজাৰীৰ ৰূপত সজাই তোলা হল।

সাম্যবাদৰ সৈতে মাণ্ডেলাৰ সম্পর্ক কেতিয়াও সুস্পষ্ট নাছিল। ১৯৫৫ চনতেই মাণ্ডেলাই এ.এন.চিৰ জ্যেষ্ঠ নেতা  ৱাল্টাৰ চিচুলুক চীনৰ পৰা অস্ত্র সংগ্রহ কৰিবলৈ পৰামর্শ দিয়াৰ কথা জনা যায়।  এই সম্পর্কেও কোনো সন্দেহ নাই যে সশস্ত্র সংগ্রামৰ পথেৰে এ.এন.চিক লৈ যোৱাৰ ক্ষেত্রত মাণ্ডেলাৰ যথেষ্ঠ ভূমিকা আছিল। আচলতে দক্ষিণ আফ্রিকাৰ কমিউনিষ্ট পার্টি(SACP)ৰ যোগদান তথা সহযোগতেই এ.এন.চি.ৰ সামৰিক বিভাগটো গঢ়ি তোলা হৈছিল। শেষ পর্যন্ত কমিউনিষ্টসকলেই সামৰিক বিভাগটোৰ প্রাণবিন্দু আছিল বুলি কব পাৰিমাণ্ডেলাৰ মৃত্যুৰ পাছত কমিউনিষ্ট পার্টিৰ ডেপুটি জেনেৰেল চেক্রেটেৰী চলি মাপাইলাই ঘোষণা কৰিছে যে মাণ্ডেলা কমিউনিষ্ট পার্টিৰ দীর্ঘদিনীয়া সদস্য আছিল আৰু কেৱল “ৰাজনৈতিক কাৰণ”তেই  পূর্বতে এই কথা অস্বীকাৰ কৰা হৈছিল। মাপাইলাই এইবুলিও কৈছে, “১৯৬২ চনত তেওঁৰ গ্রেপ্তাৰৰ সময়ত মাণ্ডেলা কেৱল সেইসময়ৰ আণ্ডাৰগ্রাউণ্ড SACPৰ সদস্য হোৱাই নহয়, তেওঁ আনকি  দলৰ কেন্দ্রীয় কমিটিৰ সদস্যও আছিল।”

পিছে সমস্যাটো হৈছে যে মাণ্ডেলাই নিজে সদায়েই কমিউনিজিমৰ সৈতে এনেধৰণৰ কোনো সম্পর্ক থকাৰ কথা, বা সাম্যবাদী সুলভ কোনো ধ্যান ধাৰণা পোষণ কৰাৰ কথা অস্বীকাৰ কৰি আহিছে। আনকি  তেওঁৰ বিপ্লৱী চিন্তা-চর্চাৰ শীর্ষ কালছোৱাত, বিশেষকৈ তেওঁৰ গ্রেপ্তাৰৰ পৰবর্তী কালত অনুষ্ঠিত ‘ৰিভনিয়া গোচৰ’(Rivonia Trial)ৰ সময়খিনিতো মাণ্ডেলাই এইবুলিহে ঘোষণা কৰিছিল যে এ.এন.চিৰ কর্মসূচী ফ্রীডম চার্টাৰখন “কোনোপধ্যেই সমাজবাদী ৰাষ্ট্র-নির্মাণৰ প্রতিচিত্র(blueprint) নহয়”। মাণ্ডেলাৰ ভাষাত, “এ.এন.চি.য়ে তাৰ সমগ্র ইতিহাসতে কেতিয়াও দেশৰ অর্থনৈতিক গাঁথনিৰ আমূল পৰিবর্তনৰ পোষকতা কৰা নাই আৰু মই  জনামতে ই কেতিয়াও পুঁজিবাদী সমাজক দোষাৰোপো  কৰা নাই”। সুদীর্ঘ দুটা দশকৰ পাছত ১৯৯৪ চনত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱাৰ প্রাকমুহূর্তত  প্রকাশিত তেওঁৰ আত্মজীৱনী  Long Walk to Freedomত মাণ্ডেলাই এনেদৰে লিখিছে” “কিছুলোকে সদায়েই কব যে কমিউনিষ্টসকলে আমাক ব্যৱহাৰ কৰিছিল। পিছে আমি কমিউনিষ্টসকলক ব্যৱহাৰ কৰা নাছিলো বুলি কোনোবাই ডাঠি কব পাৰিবনেকি?” হয়তো মাণ্ডেলাৰ কথাই সঠিক- “ব্যৱহাৰ কৰা হৈছিল!!” মাণ্ডেলাই যোগদান কৰাৰ আগলৈকে এ.এন.চি মূলতঃ এটি ৰক্ষণশীল শক্তি আছিল আৰু মাণ্ডেলা আৰু তেওঁৰ সহযোগীসকলে দলটোক সশস্ত্র সংগ্রামৰ পথেৰে লৈ যোৱাৰ পাছতো ই কৃষ্ণাংগ মধ্যবিত্তভিত্তিক এটা সৰু দল হৈয়েই ৰৈছিল। অর্থাৎ বিশুদ্ধ প্রায়োগিক কাৰণতেই কমিউনিষ্টসকলৰ সৈতে যুক্তফ্রণ্ট গঢ়ি তোলা হৈছিল। মাণ্ডেলাৰ মৃত্যুৰ পাছত  চার্লচ লংফর্ডে এই সম্পর্কে এনেদৰে লিখিছে,

“দুখীয়া কৃষ্ণাঙ্গ শ্রমিক জনগণৰ পৰা দূৰৈত অৱস্থিত এটি সৰু তথা শক্তিহীন দল হিচাপে   এ.এন.চি.য়ে ভালদৰেই উপলব্ধি কৰিছিল যে কোনো বিশেষ পৰিবর্তন আনিব পৰাকৈ চৰকাৰৰ ওপৰত প্রয়োজনীয় ৰাজনৈতিক হেঁচা দিয়াৰ ক্ষেত্রত তেওঁলোক অসমর্থএইক্ষেত্রত তেওঁলোকক  ব্যাপক কৃষ্ণাংগ জনগণৰ সমর্থনৰ  প্রয়োজন হব। সেয়েহে তেওঁলোকে কমিউনিষ্ট পার্টিলৈ মিত্রতাৰ হাত আগবঢ়ালে।”

মাণ্ডেলাৰ ৰাজনৈতিক কেৰিয়াৰৰ প্রথম পর্বৰ কালছোৱাত (অর্থাৎ ১৯৬২ চনত কাৰাৰূদ্ধ হোৱাৰ সময়লৈকে), সমগ্র বিশ্বতে সমাজবাদী, ঔপনিবেশিকতাবাদ-বিৰোধী, তথা বিভিন্ন ধৰণৰ বিপ্লৱী আন্দোলনে গা কৰি উঠিছিল। কাজেই এনে পৰিবেশত জাতীয়তাবাদী তথা সাম্যবাদীসকলৰ মাজত  মিত্রতা গঢ় লৈ উঠাটো আচৰিত কথা নাছিল। এই সময়ছোৱাতে চীনৰ পৰা কিউবালৈকে সমাজবাদী বিপ্লৱৰ  ধুমুহা বৈছিল; ব্রিটিছ তথা ফৰাচী সাম্রাজ্যৰ পতন ঘটিছিল; কোৰিয়া, ভিয়েটনাম, আলজেৰিয়া আদিকে ধৰি বহুতো দেশত বৈপ্লৱীক যুদ্ধৰ সূচনা হৈছিল; এক লেখত লবলগীয়া শক্তি হিচাপে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৱির্ভাৱ ঘটিছিল। ‘মুক্তি’ আছিল সেইসময়ৰ মূলমন্ত্র। এইখন পৃথিবীৰ সৈতে মাণ্ডেলাই সহজ অনুভৱ কৰিছিল। পিছে ১৯৯০ চনত তেওঁ কাৰাগাৰৰ পৰা মুক্ত হোৱালৈকে বিশ্ব ৰাজনীতি চিনিব নোৱাৰাকৈ সলনি হৈ পৰিছিল। চীনত প্রতিক্রিয়াশীল শক্তিয়ে ক্ষমতা দখল কৰাৰ এক দশকৰো অধিক কাল উকলি গৈছিল; চোভিয়েট ইউনিয়নৰ পতনৰ প্রক্রিয়াটোও ইতিমধ্যে ত্বৰাম্বিত হৈ পৰিছিল; নব্য-উদাৰবাদৰ আক্রমণত ইউৰোপৰ সামাজিক-গণতন্ত্রসমূহৰ থৰক বৰক অৱস্থা; আৰব জাতীয়তাবাদ ইতিমধ্যেই এক পৰাজিত শক্তি; এচিয়া আৰু আফ্রিকাৰ ৰেডিকেল জাতীয়তাবাদী চৰকাৰসমূহো সিবিলাকৰ পূর্বৰ শক্তিৰ বিপৰীতে নিজৰে ভেকোভাওঁনা(caricature)লৈ পৰিণত হৈছিল। মাণ্ডেলা জেললৈ যোৱাৰ সময়ত জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্রধানমন্ত্রী। তেওঁ জেলৰ পৰা ওলোৱাৰ সময়লৈকে আনকি ইন্দিৰা গান্ধীও জীয়াই থকা নাছিল। ইতিমধ্যেই ভাৰতবর্ষত নব্য-উদাৰবাদৰ প্রথমটো পর্যায় আৰম্ভ হৈছিল। সমগ্র বিশ্বজুৰি পুঁজিবাদ এক বিজয়ী শক্তি যেন প্রতিভাত হৈছিল। আন কথাত, মাণ্ডেলাই এৰি যোৱা পুৰণা পৃথিবীখনৰ সকলো চিন মোকাম ইতিমধ্যে নাইকিয়া হৈ পৰিছিল। কাৰাগাৰৰ পৰা ওলায়েই মাণ্ডেলাই এই সমস্ত পৰিবর্তনৰ ৰেহ-ৰূপ লক্ষ্য কৰিলে আৰু পৰিবর্তিত সময় অনুসৰি নিজকে সলাই লবলৈ প্রস্তুতি চলালে।           

বর্ণবাদী সমাজৰ বিশ্বজনীন ব্যক্তিজন

বর্ণবাদী দুঃস্বপ্নৰ পৰা দক্ষিণ আফ্রিকা দেশখনক মুক্ত কৰিবলৈ  অহোপুৰুষার্থ কৰা লোকসকলৰ ভিতৰত আটাইতকৈ মহান তথা সাহসী নেতা হিচাপে মাণ্ডেলাৰ কথা যুগ যুগ ধৰি মানুহে কৃতজ্ঞতাৰে মনত পেলাব। তাতোকৈও গুৰুত্বপূর্ণভাৱে, মানুহে তেওঁক এনে এজন নেতা হিচাপে মনত পেলাব, যি একমুহূর্তৰ বাবেও শ্বেতাংগ বর্ণবাদৰ জৱাব  কৃষ্ণাংগ বর্ণবাদেৰে দিবলৈ চেষ্টা নকৰিলেতেওঁ কেতিয়াও সংখ্যালঘু গোষ্ঠীৰ বিৰূদ্ধে সংখ্যাগৰিষ্ঠ গোষ্ঠীবাদক উৎসাহিত নকৰিলে, পৰাজিত বর্ণবাদৰ বিপৰীতে বিজয়ী বর্ণবাদক ন্যায্যতা প্রদান কৰাৰ সকলো অপচেষ্টাৰ তেওঁ সদায়েই বিৰোধিতা কৰিলে। মাণ্ডেলাই  কৈ গ’ল- আফ্রিকা কোনো বিশেষ বর্ণ বা গোষ্ঠীৰ বাপোতি সাহন নহয়। বৰঞ্চ বর্ণবাদী বৈষম্যসমূহৰ অনুপস্থিতিত  শ্বেতাংগ, কৃষ্ণাংগ নির্বিশেষে সকলো লোকেই সমানেই আফ্রিকান হোৱাৰ দাবী কৰিব পাৰিব, সকলোৱে ইয়াৰ সমভাগী হব পাৰিবতেওঁৰ নিজৰ তথা তেওঁ প্রতিনিধিত্ব কৰা কৃষ্ণাংগসকলৰ  সমস্ত দুখ, কষ্ট আৰু অপমানৰ মাজতো মাণ্ডেলাই এক বিশ্বজনীন বাণী কঢ়িয়াই নিলে। তেওঁ কলে – ‘সকলো মানুহ সমান; বর্ণ, ধর্ম আৰু জাতীয়তাই মানুহক সৰু-বৰ কৰিব নোৱাৰে

কেৱল তেওঁৰ সমাগত বিজয়ৰ সময়তহে মাণ্ডেলাই এইদৰে ঘোষণা কৰিছিল – এনে নহয়; বৰঞ্চ বর্ণবাদী ব্যৱস্থাটোৰ হাতত প্রথমবাৰ অপমানিত হোৱাৰ দিন ধৰি তেওঁ এই বিশ্বজনীন বাণী প্রচাৰ কৰি আহিছিল।  ৰিভনিয়া গোচৰৰ সময়ত মৃত্যু ভয়কো কেৰেপ নকৰি মাণ্ডেলাই আদালতত স্বভাৱসিদ্ধ বাকপটুতাৰে  কৈ গল কেনেদৰে  সমগ্র মানবতাৰ আদর্শ নৈতিক মূল্যবোধ হিচাপে তেওঁ  সমতাৰ প্রমূল্যকেই প্রতিষ্ঠা কৰিব বিচাৰেঃ  

“মই শ্বেতাংগ আধিপত্যৰ বিৰোধিতা কৰোঁ; মই কৃষ্ণাঙ্গ আধিপত্যৰো বিৰোধিতা কৰোঁ।  মই এনে এখন গণতান্ত্রিক আৰু স্বাধীন সমাজৰ সপোন দেখোঁ যত সকলো মানুহেই সমান সুবিধা লাভ কৰিব,  যত সকলোৱেই সমন্বয়ৰ সৈতে বসবাস কৰিব পাৰিব। এয়াই মোৰ আদর্শ, ইয়াৰ বাবেই মই জীয়াই আছোঁ, ইয়াকে  প্রতিষ্ঠা কৰিবলৈ মই প্রাণপণ কৰিছোঁ। প্রয়োজন হলে এই আদর্শৰ বাবে  জীৱন পর্যন্ত ত্যাগ কৰিবলৈ মই সাজু আছোঁ” (আদালতত মাণ্ডেলাৰ ভাষণঃ ২০ এপ্রিল, ১৯৬৪ চন)।

সাধাৰণ পৰিস্থিতিত এই  ভাষ্যৰ কোনো নতুনত্ব নাই যেনেই লাগিব পাৰে; এনেকুৱাও ভাব হব পাৰে যে  এয়াতো আমাৰ চিনাকী উদাৰবাদী চেতনাৰে স্বাভাৱিক প্রকাশপিছে মন কৰা ভাল যে মাণ্ডেলাই এইখিনি কথা  কৈছিল ১৯৬৪ চনৰ দক্ষিণ আফ্রিকাত;  শ্বেতাংগ বিচাৰক, পুলিচ তথা  লোকেৰে পৰিপূর্ণ এখন বর্ণবাদী আদালতৰ সমুখত। মৃত্যুভয়কো নেওচা দি কোৱা এইখিনি কথাৰ সেয়েহে এক সুকীয়া  মাহাত্ম্য আছে যাৰ শৌর্যবান অনুৰণন আজিও যেন কাণত বাজি উঠে। মাণ্ডেলাৰ এই বিশ্বজনীন বিশ্বদৃষ্টিয়েই তেওঁক বিশেষভাৱে মহীয়ান কৰি তুলিছে।  

সন্মানীয় ‘সন্ত্রাসবাদী’
মাণ্ডেলাৰ মৃত্যুৰ সময়লৈকে তেওঁৰ খ্যাতিয়ে মিথকীয় পর্যায় লাভ কৰিছিল।  আমোদজনকভাৱে, বর্ণ-বৈষম্য বিৰোধী আন্দোলনৰ সর্বোচ্চ নেতা হিচাপে সুদীর্ঘ ২৭টা বছৰ বন্ধীশালত থকা সময়ছোৱাত পছিমীয়া চৰকাৰ আৰু সংবাদ মাধ্যমসমূহে তেওঁক নিয়মীয়াকৈ “সন্ত্রাসবাদী”, “কমিউনিষ্ট”, “দুদ্ধর্ষ কমিউনিষ্ট বিপ্লৱী” আদি গালিৰে বিভূষিত কৰিছিল। পিছে ১৯৮০ৰ দশকত বর্ণবাদী চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰাৰ পাছত এই একেই চৰকাৰ তথা কর্প’ৰেট সংবাদ মাধ্যমসমূহে তেওঁক আন্তর্জাতিক খ্যাতি প্রদান কৰাত ব্যস্ত হৈ পৰিছিল।

বর্ণবাদী শ্বেতাংগ চৰকাৰৰ সৈতে আলোচনাই নির্ণায়ক পর্যায় অতিক্রম কৰাৰ পাছত অৱশেষত ১৯৯০ চনত মাণ্ডেলাক মুক্তি দিয়া  হয়এই সময়ছোৱালৈকে ইতিমধ্যেই শ্বেতাংগ ধনীক শ্রেণীৰ ধন-সম্পত্তি সম্পূর্ণকৈ সুৰক্ষিত কৰিব পৰাকৈ সকলোধৰণৰ প্রয়োজনীয় কাঠামোও গঢ়ি তোলা হলৱশেষত বর্ণবাদী আইনসমূহ বাতিল কৰি দেশত গণতান্ত্রিক নির্বাচন অনুষ্ঠিত কৰা হল আৰু ১৯৯৪ চনৰ মে মাহত  দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতিৰূপে মাণ্ডেলাই শপত গ্রহণ কৰিলে। ১৯৯৯ চনৰ জুন মাহত মাণ্ডেলাই ৰাষ্ট্রপতিৰ পদৰ পৰা অব্যাহতি লোৱালৈকে ইতিমধ্যেই তেওঁক মহাত্মা গান্ধীৰ আর্হিত প্রথম শ্রেণীৰ চেইণ্টহুড(sainthood) প্রদান কৰা হল।  সৌভাগ্যক্রমে, শ্বেতাংগ তথা পছিমীয়া শক্তিসমূহৰ এইজাতীয় ভণ্ডামি আওকান কৰিব পৰাকৈ তেওঁৰ চেতনাবোধ অটুট আছিল বিখ্যাত সাংবাদিক জন পিলজাৰে তেওঁৰ চেইণ্টহুড সম্পর্কে  প্রশ্ন কৰোঁতে মাণ্ডেলাই তীর্যকভাৱে মন্তব্য কৰিছিল “এইটো চাকৰিৰ বাবে মই আবেদন কৰা নাছিলোঁ!”

মাণ্ডেলাৰ দৰে সমগ্র বিশ্বৰে পৰা সন্মান লাভ কৰা নেতা হয়তো খুউব কমেই আছে। পৃথিবীৰ কোনখন দেশে তেওঁক বঁটা প্রদান কৰা নাই! নবেল পুৰস্কাৰ,  ভাৰত-ৰত্ন, নিচান-এ-পাকিস্তান, আমেৰিকান ৰাষ্ট্রপতিৰ মেডেল অৱ ফ্রীডম, চোভিয়েট ইউনিয়নৰ অর্ডাৰ অৱ লেনিন আদিকে ধৰি মুঠ ২৬০টা  আন্তঃৰাষ্ট্রীয় বঁটা তেওঁ লাভ কৰিছে! আমোদজনকভাৱে, ২০০২ চনত আমেৰিকান  ৰাষ্ট্রপতিৰ দ্বাৰা মেডেল অৱ ফ্রীডম বঁটা প্রদান কৰাৰ ৬ বছৰ পাছতহে মাণ্ডেলাৰ নামটো ষ্টেট ডিপার্টমেণ্টৰ “সন্ত্রাসবাদী তালিকা”ৰ পৰা আতৰোঁৱা হৈছিল!  আনকি ইয়াৰ বহু আগতেই মাণ্ডেলাই আমেৰিকান কংগ্রেছত দুবাৰকৈ ভাষণ প্রদান কৰিছিলঃ প্রথমবাৰ ১৯৯০ চনত, কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত; দ্বিতীয়বাৰ ১৯৯৪ চনত, দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ সময়ত। কেৱল আমেৰিকা যুক্তৰাষ্ট্রতহে এনে অদ্ভুত ঘটনা সংঘটিত হব পাৰে;  এফালে এজন ব্যক্তিক দেশৰ সর্বোচ্চ সন্মান দিয়া হৈছে, আনফালে আকৌ তেওঁক সন্ত্রাসবাদীৰ তালিকাতো ৰখা হৈছে, যাতে কেতিয়াবা প্রয়োজন হলেই...! 

মার্গাৰেট থেছাৰ আৰু ৰনাল্ড ৰেগানে আশীৰ শতিকাতো মাণ্ডেলাক সন্ত্রাসবাদী বুলি কবলৈ নেৰিলেনিউয়র্ক টাইমচৰ ব্যৱহাৰো বহু সময়লৈকে সদৃশ হৈয়েই ৰল। কিন্তু দশকটোৰ শেহলৈ কথাবোৰ  সম্পূর্ণ সলনি হৈ পৰিল। কোনো ৰাষ্ট্রৰ মুৰব্বী নোহোৱাকৈয়ে মাণ্ডেলাক আমেৰিকান কংগ্রেছত ভাষণ দিবলৈ আমন্ত্রণ কৰা হল; নিঃসন্দেহে ই আছিল এক বিৰল ঘটনাএইখিনিতে এটা প্রশ্নৰ উত্থাপন হয়ঃ  সন্ত্রাসবাদীৰ পৰা মহাত্মালৈ – পছিমীয়া দেশসমূহত  মাণ্ডেলাৰ এই ইমেজ পৰিবর্তনৰ কাৰণ কি? এই বিষয়ক প্রচলিত উত্তৰটো হৈছেঃ মাণ্ডেলাৰ নৈতিক মর্যাদা ইমানেই উচ্চ পর্যায়ৰ আছিল যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্রয়ো অৱশেষত তেওঁৰ অৰিহণা স্বীকাৰ কৰিবলৈ বাধ্য হল! এইজাতীয় ব্যাখ্যাত সত্যৰ কিছু উপাদান নথকা নহয় যদিও আচলতে সত্য সিবিলাকতকৈ বহু বেছি পৰিমানে  জটিল। প্রশ্নটো এনেকৈয়ো উত্থাপন কৰিব পাৰিঃ ১৯৯০ চনত অর্থাৎ বিখণ্ডিত হৈ যোৱাৰ এবছৰ পূর্বে চোভিয়েট ইউনিয়নে মাণ্ডেলাক অর্ডাৰ অৱ লেনিন বটা প্রদান কৰিছিল। একেটা বছৰতে আমেৰিকা যুক্তৰাষ্ট্রয়ো মাণ্ডেলাক বিভিন্ন ধৰণৰ বঁটা-বাহন দিয়া আৰম্ভ কৰিছিল। এই  ঐতিহাসিক কাকতলীয় সংযোগৰ কোনো তাৎপর্য আছে নেকি? তদুপৰি, মনত ৰখা ভাল যে মাণ্ডেলাই ৰাষ্ট্রপতি পদৰ পৰা অব্যাহতি লৈছিল ১৯৯৯ চনত; ইয়াৰ দুটা বছৰৰ পাছতে অর্থাৎ ২০০১ চনত  দাভছত অনুষ্ঠিত ৱর্ল্ড ইকনমিক ফৰামত জর্জ চৰচে ঘোষণা কৰিছিল, “দক্ষিণ আফ্রিকা এতিয়া আন্তঃৰাষ্ট্রীয় পুঁজিৰ নিয়ন্ত্রণত।” প্রকৃততে কোনখিনি সময়ত দক্ষিণ আফ্রিকা আন্তঃৰাষ্ট্রীয় পুঁজিৰ কবলত পৰিছিলঃ ১৯৯৯ পাছত? নে তাৰ বহু আগতেই?

(দুই)
মাণ্ডেলাৰ জন্ম হৈছিল ত্রান্সকীৰ এটা অভিজাত পৰিয়ালত। এলিট বিশেষাধিকাৰ আৰু উচ্চ সামাজিক পৰিচিতি তেওঁ বংশসূত্রেই লাভ কৰিছিল। তেওঁ আইনী শিক্ষা লৈছিল যদিও প্রশিক্ষণ সমাপ্ত হোৱাৰ পূর্বেই তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰি আহিল। অৱশ্যে স্নাতক নহলেও তেওঁ এখন ডিপ্লমা প্রমাণপত্র লাভ কৰিলে আৰু সেই সূত্রেই তেওঁ উকালতিৰ কেৰিয়াৰ আৰম্ভ কৰিলে। ঘৰৰ পৰা বিয়াৰ হেঁচা বাঢ়ি অহাত তেওঁ জোহান্সবার্গ চহৰলৈ পলায়ন কৰিলে আৰু ১৯৫২ চনত সেইখন চহৰতেই বন্ধু অলিভাৰ টাম্বোৰ সৈতে মিলি ‘মাণ্ডেলা এণ্ড টাম্বো’ নামেৰে প্রথমখন কৃষ্ণাঙ্গ আইনী ফার্ম প্রতিষ্ঠা কৰিলে। (পাছলৈ এই টাম্বোৱেই এ.এন.চিৰ সভাপতি হৈছিল। ১৯৯১ চনত ভগ্ন স্বাস্থ্যৰ বাবে টাম্বোৱে অৱসৰ গ্রহণ কৰাত মাণ্ডেলাই নিজে সভাপতিৰ পদ গ্রহণ কৰে) একেটা বছৰতে তেওঁক চৰকাৰে পোন প্রথমবাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰেইয়াৰ পাছৰ দহটা বছৰ কাৰাগাৰ আৰু বিপ্লৱী আণ্ডাৰগ্রাউণ্ডৰ মাজতে মাণ্ডেলাৰ দিনবোৰ অতিবাহিত হল।  ১৯৫৫ চনত এ.এন.চিয়ে ফ্রীডম চার্টাৰখন গ্রহণ কৰাৰ সময়ত তেওঁ দূৰৈৰ পৰাই গোপনে ইয়াৰ কার্যবিবৰণীসমূহ প্রত্যক্ষ কৰিছিল।
১৯৫৫ চনৰ ৫ ডিচেম্বৰত মাণ্ডেলাক পুণৰ গ্রেপ্তাৰ কৰা হ’ল। আন আন ১৫৬ জন অভিযুক্তৰ সৈতে তেওঁৰ ওপৰতো দেশদ্রোহৰ  গোচৰ আঁৰি দিয়া হল। এইখনেই আছিল কুখ্যাত Treason Trial ১৯৫৬ চনৰ পৰা ১৯৬১ চনলৈ সুদীর্ঘ ৬ বছৰ ধৰি গোচৰ চলিল। অৱশেষত ১৯৬১ চনত অৱশিষ্ট ৩০ জন অভিযুক্তৰ সৈতে মাণ্ডেলাকো মুকলি কৰি দিয়া হল। গোচৰৰ প্রতিপক্ষসকলৰ ভিতৰত পাছলৈ বর্ণবাদী চৰকাৰখনৰ বাবে দুঃস্বপ্ন হৈ পৰা বহুতো কমিউনিষ্ট পার্টি তথা এ.এন.চিৰ শীর্ষ নেতা যেনে - ৱাল্টাৰ চিচুলু, টাম্বো, আহমেদ কাথ্রাদা, জ’ স্লভ’, ৰুথ ফার্ষ্ট, লায়’নেল বার্ণষ্টিন, এলেক্স লা গুমা, লায়’নেল ফর্মেন আদিৰ নাম বিশেষভাৱে লব পাৰি
দেশদ্রোহৰ অভিযোগৰ বিৰুদ্ধে  মাণ্ডেলাই আইনী সংগ্রাম অব্যাহত ৰখাৰ সময়তেই দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হল আৰু ১৯৬০ৰ চার্পভিলে(Sharpeville)ৰ গণহত্যাৰ পাছত এ.এন.চিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হল। আন আন কর্মকর্তাসকলৰ দৰেই মাণ্ডেলায়ো পুণৰ কাৰাবাস খাটিব লগাত পৰিল। ১৯৬১ চনৰ মার্চত মুক্তি পায়েই মাণ্ডেলাই আত্মগোপন কৰিলে। একে বছৰৰে জুন মানলৈ তেওঁ সশস্ত্র সংগ্রামৰ প্রস্তুতিৰ কামত ব্যস্ত হৈ পৰিল। ১৯৬২ চনৰ জানুৱাৰীত  তেওঁ গোপনে দেশ ত্যাগ কৰিলে আৰু মৰক্ক, ইথিয়পিয়া আদি বিভিন্ন দেশত অস্ত্র প্রশিক্ষণ লোৱাৰ পাছত  তেওঁ কিছুদিন ব্রিটেইনতো কটালে। পিছে দেশলৈ ঘূৰি অহা পাছতেই তেওঁক পুণৰ গ্রেপ্তাৰ কৰা হল। এই যে মাণ্ডেলা বন্দী হ’ল – ইয়াৰ পাছত তেওঁ কাৰাগাৰৰ পৰা বাহিৰ ওলাবলৈ সুদীর্ঘ ২৭টা বছৰ অপেক্ষা কৰিব লগা হলইয়াৰে ১৮টা বছৰ পাৰ হল ৰবেন দ্বীপ(Robben Island)ৰ কাৰাগাৰত। ৰবেন দ্বীপ হৈছে দক্ষিণ আফ্রিকাৰ সাগৰ-তীৰৰ পৰা সামান্য দূৰৈত অৱস্থিত এটি ক্ষুদ্র দ্বীপপ্রথমতে এই দ্বীপটো কুষ্ঠৰোগীসকলৰ কলনী হিচাপে ব্যৱহাৰ কৰা হৈছিল। মাজতে কিছুদিন এৰাধৰাকৈ নৌ-ঘাটি আৰু কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰাৰ পাছত শেহলৈ অর্থাৎ ১৯৬১ চনৰ পৰা  দ্বীপটো মাণ্ডেলা, চিচুলু, জেকব জুমা আদি এ.এন.চিৰ নেতা তথা কর্মকর্তাসকলৰ বাবে ‘বিশেষ প্রকাৰৰ আটক কেন্দ্র’ৰ ৰূপত ব্যৱহৃত হবলৈ ধৰিলে। উল্লেখযোগ্য যে ৰবেন দ্বীপৰ কয়দীসকলক  বর্হিজগতৰ পৰা সম্পূর্ণকৈ সংযোগ-বিচ্ছিন্ন কৰি ৰখা হৈছিল।   
এইখিনিতে হয়তো উল্লেখ কৰাটো ভাল হব যে মাণ্ডেলাৰ বিপৰীতে পর্যাপ্ত সাক্ষ্যপ্রমাণৰ অভাৱত টাম্বোৱে সোনকালেই মুক্তি পাবলৈ সক্ষম হৈছিল। মুক্তিৰ পাছত ততালিকেই তেওঁ দেশান্তৰী হৈ ইংলেণ্ডলৈ ৰাওনা হল  আৰু অনাগত বছৰকেইটাত লণ্ডনৰ পৰাই তেওঁ এ.এন.চিৰ কামকাজ চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিলে।  টাম্বোৰ যত্নতেই  এ.এন.চিৰ লগতে বিভিন্ন ধৰণৰ  ছলিডেৰিটি নেটৱর্ক জীপাল লৈ উঠিল। South African Democratic Front(SADF) গঠনৰ ক্ষেত্রতো টাম্বোৰ বিশেষ ভূমিকা  আছিল মাণ্ডেলাৰ অবর্তমানত ১৯৬৭ চনৰ পৰা ১৯৯১ চন পর্যন্ত টাম্বোৱেই ইয়াৰ সভাপতি আছিল।  ১৯৯০ চন পর্যন্ত টাম্বো দক্ষিণ আফ্রিকালৈ ঘূৰি নাহিল
ঠিক একেদৰেই, উত্তৰ-বর্ণবাদী(post-apartheid) কালচোৱাত গঠিত প্রথমখন চৰকাৰৰ উপ-ৰাষ্ট্রপতি তথা মাণ্ডেলাৰ অৱসৰৰ পাছত  দেশৰ ৰাষ্ট্রপতি হোৱা থাবো এম্ব্বেকিও ১৯৬২ চনতে দেশান্তৰিত হৈছিল, আৰু ১৯৯০ চনতহে দক্ষিণ আফ্রিকালৈ ঘূৰি আহিছিল। এম্বেকিৰ উত্তৰাধিকাৰী তথা বর্তমান সময়ৰ ৰাষ্ট্রপতি জেকব জুমা দেশান্তৰিত হৈছিল কিছুবছৰৰ পাছত, ১৯৭৫ চনত; কিন্তু তেৱোঁ  ১৯৯০ চনতহে দেশলৈ উলটি আহিছিল। আচলতে এ.এন.চিৰ বেছিভাগ  নেতাই দেশলৈ উলটিছিল ১৯৯০ চনত, যেতিয়া ইতিমধ্যেই চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি মাণ্ডেলাক মুক্তি দিয়া হৈছিল আৰু এ.এন.চিৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছিল। আন কথাত,  বৈপ্লৱীক সংগ্রামৰ দীঘলীয়া সময়ছোৱাত এ.এন.চিৰ নেতাসকল (যাৰ ভিতৰত কেইবাজনো কমিউনিষ্ট পার্টিৰো গুৰুত্বপূর্ণ সদস্য আছিল; এম্বেকি পার্টিৰ কেন্দ্রীয় কমিটিৰ সদস্য আছিল, আনহাতে জুমাই ১৯৬৩ চনত পার্টিত যোগদান কৰিছিল আৰু ১৯৮৯ চনত পলিটব্যুৰ’ৰ সদস্য নির্বাচিত হৈছিল) প্রত্যক্ষ সংগ্রামস্থলীৰ পৰা দূৰৈতে আছিল ইয়াৰে এটা অংশ আছিল জেলত(যেনে মাণ্ডেলা আৰু চিচুলু), আৰু আনটো অংশ আছিল  দেশৰ বাহিৰত। দক্ষিণ আফ্রিকাৰ পাছৰচোৱা সময়ৰ ঘটনা-প্রবাহ বুজিবলৈ হলে এই তথ্যখিনিৰ প্রতি মন দিয়া ভাল।
এই দেশান্তৰিত নেতাসকলৰ ভিতৰত  টাম্বো আদি কেইবাজনো নেতাই মূলতঃ পছিমীয়া দেশসমূহতে আশ্রয় লৈ আছিল। আনফালে, এম্বেকিকে আদি কৰি আন এটা অংশই পশ্চিম ইউৰোপৰ চহৰসমূহৰ পৰা   বিভিন্ন আফ্রিকান দেশসমূহলৈ লৱৰি ফুৰিছিল। দক্ষিণ আফ্রিকাৰ সীমান্তৰ মজাম্বিক, আংগ’লা, নমিবিয়া আদি বিভিন্ন দেশত .এন.চিৰ বিষয়া সকলৰ লগতে এ.এন.চি তথা কমিউনিষ্ট পার্টিৰ গেৰিলা যোদ্ধাসকলেও বাহৰ পাতি থাকিছিল। তেওঁলোকে আনকি এই দেশসমূহৰ ঔপনিবেশিকতাবাদ-বিৰোধী সংগ্রামসমূহতো যোগদান কৰিছিল। উদাহৰণ স্বৰূপে,  আংগলাত দক্ষিণ আফ্রিকাৰ পার্টিজানসকলে MPLA (People’s Movement for the Liberation of Angola-Labour Party) আৰু কিউবান গেৰিলাসকলৰ সৈতে একেলগে মিলি যুদ্ধ কৰিছিল।  জুমাকে আদি কৰি আন এটা অংশই মূলতঃ ওচৰ-চুবুৰীয়া দেশসমূহতে আশ্রয় লৈছিল আৰু সিবিলাকত সংঘটিত যুদ্ধ-বিগ্রহৰ অংশীদাৰ হৈ পৰিছিল। আনফালে, দেশৰ ভিতৰত, মাণ্ডেলা চিচুলু আদি শীর্ষ নেতাসকল বর্হিজগতৰ পৰা সম্পূর্ণকৈ বিচ্ছিন্ন হৈ  কাৰাগাৰত দিন নিয়াইছিল। প্রায় দুটা দশক ধৰি দেশৰ বর্ণ-বৈষম্যবিৰোধী আন্দোলন তথা সশস্ত্র সংগ্রামৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাছিল, যদিও এইছোৱা সময়তেই আন্দোলনে শীর্ষ পর্যায় লাভ কৰিছিল।   
অর্থাৎ বাস্তৱক্ষেত্রত এ.এন.চিৰ কেডাৰসকলৰ পৰিবর্তে, প্রায়েই জ’ স্লভ’, ক্রিছ হানী আদি কমিউনিষ্ট নেতাসকলেহে সশস্ত্র সংগ্রামৰ গুৰি ধৰিছিল। তদুপৰি ভিয়েনাম, পেলেষ্টাইন আদি বিশ্বৰ আন আন বহু দেশৰ দৰেই দক্ষিণ আফ্রিকাৰ সশস্ত্র সংগ্রামো সমাজবাদী শিবিৰে যোগান ধৰা অস্ত্র-শস্ত্র তথা প্রশিক্ষণ ইত্যাদিৰ ওপৰত নির্ভৰ আছিল। অর্থাৎ সশস্ত্র সংগ্রাম কেৱল    এ.এন.চিৰেই কৃতিত্ব বুলি ভবাটো ভুল হব।  অৱশ্যে সশস্ত্র গোটসমূহৰ বিপৰীতে  কৃষ্ণাঙ্গ শ্রমিক তথা দুখীয়া জনগণৰ অংশগ্রহণৰ বাবেহে বিপ্লৱে ঘাইকৈ অগ্রগতি লাভ কৰিছিল। অসংখ্য কৃষ্ণাঙ্গ চহৰ তথা  ভিতৰুৱা অঞ্চলত  গণ-বিদ্রোহ আৰু জনজাগৰণ আয়োজন কৰোঁতে এ.এন.চি, কমিউনিষ্ট পার্টি, ব্লেক কনচিয়াছনেছ মুভমেণ্ট আদি প্রায় ৪০০টা দল-সংগঠনৰ যুটীয়া মঞ্চ ডেমক্রেটিক ফ্রণ্টে বিশেষ আগভাগ লৈছিল। আন কথাত, এনে বৃহৎ যুক্তমঞ্চৰ বিপৰীতে কেৱল এ.এন.চিকেই আন্দোলনৰ সিংহভাগ কৃতিত্ব দিয়াটো উচিত নহবআচলতে এ.এন.চিৰ শীর্ষ নেতাসকল কাৰাগাৰ বা বিদেশত আবদ্ধ হৈ থকা সময়ছোৱাত, দেশৰ ভিতৰত সশস্ত্র সংগ্রাম  এনে এচাম নেতাই আগুৱাই লৈ গৈছিল, যাৰ সংগ্রামী মনোবল আৰু জনপ্রিয়তা মাণ্ডেলাতকৈ কোনোপধ্যেই কম নাছিল। কিন্তু মাণ্ডেলা আদিৰ বিপৰীতে তেওঁলোকৰ বহুতেই ঘাটকৰ হাতত প্রাণ বিসর্জন দিব লগা হৈছিল।  এইক্ষেত্রত জনপ্রিয় কমিউনিষ্ট  তথা সশস্ত্র সংগ্রামৰ অন্যতম নেতা ক্রিছ হানীৰ নামটো বিশেষভাৱে উল্লেখ কৰিব পাৰিবহুতেই আশা কৰিছিল যে আলোচনাৰ পৰবর্তীকালত হানীয়ে এখন প্রগতিশীল দক্ষিণ আফ্রিকা নির্মাণৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিবএইবুলিও ভবা হৈছিল যে এ.এন.চিৰ বিভিন্ন ধৰণৰ সোঁপন্থী প্রৱণতাৰ বিৰোধিতা কৰাৰ ক্ষেত্রতো তেওঁৰ বিশেষ ভূমিকা থাকিব।  কিন্তু ১৯৯৩ চনত মাণ্ডেলা আৰু ফ্রেডৰিক ক্লার্কৰ মাজত শান্তি-চুক্তি স্বাক্ষৰিত হোৱাৰ প্রাকক্ষণতে হানীক কোনো  দুর্বৃত্তই গুলীয়াই হত্যা কৰিলে। 
 ১৯৯০ চনৰ জানুৱাৰী মাহত মাণ্ডেলা জেলৰ পৰা ওলাই আহিল আৰু একে সময়তে এ.এন.চিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হল। সমসাময়িকভাৱে আলোচনা প্রক্রিয়াটোও ত্বৰাম্বিত হৈ পৰিল যুগ পৰিবর্তনৰ এই সন্ধিক্ষণত গণ আন্দোলনৰ উৎসাহ অটুট ৰাখিবলৈ কিছু ৰেডিকেল ভাষাৰ প্রয়োজনীয়তা অনুভৱ কৰা হল।  মাণ্ডেলাই Mass Democratic Movement(MDM)ক সম্বোধন কৰি ঘোষণা কৰিলেঃ
“খনি, বেংক আৰু একচেটিয়া উদ্যোগসমূহৰ জাতীয়কৰণ হৈছে এ.এন.চিৰ নীতি। এইক্ষেত্রত কোনোধৰণৰ দৃষ্টিভংগী পৰিবর্তনৰ কথাই আহিব নোৱাৰেকৃষ্ণাঙ্গ সকলৰ অর্থনৈতিক সবলীকৰণৰ প্রশ্নটোৰ প্রতি আমাৰ সম্পূর্ণ সমর্থন আৰু সহযোগ থাকিব, কিন্তু আমাৰ (বর্তমানৰ?) পৰিস্থিতিত অর্থনীতিৰ কেতবোৰ খণ্ড চৰকাৰৰ দ্বাৰা নিয়ন্ত্রণ কৰাটো অপৰিহার্য

নতুন শাসক শ্রেণী
.এন.চিয়ে শাসন গ্রহণ কৰাৰ পাছত জন পিলজাৰে মাণ্ডেলাৰ এটি সাক্ষাৎকাৰ গ্রহণ কৰিছিল। ২০১৩ চনৰ ১১ জুলাই তাৰিখে পিলজাৰে এই সাক্ষাতকাৰটি সম্পর্কে এটা চিন্তাকর্ষক লেখনী প্রকাশিত কৰিলে মন কৰিবলগীয়া যে পিলজাৰে সাক্ষাৎকাৰটি গ্রহণ কৰালৈকে ইতিমধ্যেই এ.এন.চিয়ে কৃষ্ণাঙ্গ শ্রমিক তথা দুখীয়া লোকসকলক প্রতাৰণা কৰি বৃহৎ হাৰত ব্যক্তিগতকৰণ আৰু নিয়ন্ত্রণ-বিলুপ্তকৰণ(deregulation)ৰ প্রক্রিয়াসমূহ ত্বৰাম্বিত কৰি তুলিছিল। এই সমস্ত প্রক্রিয়াসমূহে এ.এন.চিৰ এটা এলিট অংশক ভীষণভাৱে ধনী আৰু দুর্নীতিগ্রস্ত কৰি তুলিছিল। সিবিলাকৰ ভিতৰত  মাণ্ডেলাৰ বহুতো পুৰণা সতীর্থৰ লগতে তেওঁৰ চৰকাৰৰ কেইবাজনো কেবিনেট পর্য্যায়ৰ মন্ত্রী পর্যন্ত আছিল। পিলজাৰৰ মতে, এই সমস্ত বিষয় লৈ তেওঁ মাণ্ডেলাক নানান প্রশ্ন কৰিছিল। পিলজাৰে মাণ্ডেলাক এইবুলিও কৈছিল যে ১৯৯০ৰ দশকত তেওঁ দেশখনক যি পথেৰে লৈ যোৱাৰ প্রতিশ্রুতি দিছিল, বর্তমানৰ সময়ত তাৰ ঠিক ওলোটাটোহে দেখা গৈছে।  মাণ্ডেলাই পিলজাৰৰ এই প্রশ্নসমূহৰ কোনো সন্তোষজনক উত্তৰ দিব পৰা নাছিল। বৰঞ্চ পিলজাৰক ৰবলৈ ইংগিত দি  মাণ্ডেলাই হঠাতে মূৰ জোকাঁৰি ঘোষণা কৰিছিল, “এইখন দেশৰ কাৰণে ব্যক্তিগতকৰণেই হৈছে মূল নীতি।” কেৱল সেয়াই নহয়! প্রত্যক্ষ ৰাজনীতিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পাছতো  মাণ্ডেলাই তেওঁৰ  দুর্নীতিপৰায়ণ মন্ত্রীসকলৰ সৈতে হলিগলি কৰাত কার্ণপ্য কৰা নাছিল; অথচ এনে বহুকেইজন মন্ত্রীৰ বিৰূদ্ধে অজস্র গুৰুতৰ অভিযোগ আছিল।  মাণ্ডেলাৰ এনে দুর্নীতিগ্রস্ত বন্ধুসকলৰ ভিতৰত অন্যতম আছিল  বিলিয়নাৰ চিৰিল ৰামফ’চাখনি শ্রমিকসকলৰ নেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰি পাছলৈ ৰামফ’চা মহাশয় এ.এন.চিৰ ডেপুটী প্রেচিডেণ্ট তথা ৰাষ্ট্রপতি পদৰ প্রত্যাশী পর্যন্ত হৈছিল। ইয়াৰ উপৰিও তেওঁ লনমিন কোম্পানীৰো গুৰুত্বপূর্ণ বর্ড মেম্বাৰ হিচাপে নিযুক্ত  হৈছিল। এই লনমিন কোম্পানীৰ মাৰিকানা খনিতেই  ২০১২ চনৰ আগষ্ট মাহত দক্ষিণ আফ্রিকাৰ পুলিছে ৩৪ জনকৈ ধর্মঘটৰত কৃষ্ণাঙ্গ শ্রমিকক গুলীয়াই হত্যা কৰিছিল। 
আচলতে যিধৰণৰ প্রক্রিয়াৰ দ্বাৰা বর্ণবাদী ব্যৱস্থাটোৰ অন্ত পেলাই গণতন্ত্র স্থাপন কৰা হৈছিল, তাৰ সৈতে পাছৰ পর্যায়ৰ এই সমস্ত ঘটনাৱলীৰ কেতবোৰ নিবিঢ় সম্পর্ক আছে। যিখন চুক্তিৰ সহায়ত দক্ষিণ আফ্রিকাত সার্বজনীন ভোটাধিকাৰ স্থাপন কৰা হৈছিল, সেই একেখন চুক্তিয়েই  শ্বেতাংগসকলক তেওঁলোকৰ আর্থিক সম্পদসমূহ (উৎকৃষ্ট কৃষিভূমি, খনি, কাৰখানা, বিত্তীয় অনুষ্ঠান আদি) নিজৰ লগতে ৰাখি থবলৈ, তথা কোনো নিয়ন্ত্রণ অবিহনেই এই সম্পদ আন আন দেশলৈ স্থানান্তৰিত কৰিবলৈ অনুমতি প্রদান কৰিছিল। আন কথাত, চুক্তিখনে শ্বেতাংগসকলক তেওঁলোকৰ সমস্ত আর্থিক বিশেষাধিকাৰৰ নিশ্চিতি প্রদান কৰিছিল। আর্থিক নীতিৰ ফালৰ পৰা চাবলৈ গলে দেখা যায় যে  বর্ণবাদী ব্যৱস্থাটোৰ শেহৰ পর্যায়ত আৰম্ভ হোৱা নব্য-উদাৰীকৰণৰ প্রক্রিয়াটো .এন.চি চৰকাৰখনে বাধা দিয়াৰ সলনি অধিক ত্বৰাম্বিতহে কৰি পেলাইছিল। দক্ষিণ আফ্রিকান কমিউনিষ্ট পার্টিৰ এসময়ৰ শীর্ষ নেতা  থাবো এম্বেকি মহাশয়, যি এসময়ত SACPৰ কেন্দ্রীয় কমিটিৰ সদস্য আছিল, যি ইংলেণ্ডত অর্থনীতিৰ শিক্ষা লাভ কৰিছিল আৰু চোভিয়েট ইউনিয়নত গেৰিলা প্রশিক্ষণ গ্রহণ কৰিছিল, যি সত্তৰ আৰু আশীৰ দশককেইটাত বিভিন্ন দেশে দেশে ঘূৰি  এ.এন.চিৰ দেশান্তৰী নেতৃবৃন্দৰ সৈতে গেৰিলাসকলৰ সমন্বয় ৰক্ষা কৰি ফুৰিছিল, যি মাণ্ডেলা চৰকাৰৰ সময়ত প্রথমতে উপৰাষ্ট্রপতি আৰু পাছলৈ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈছিল – এইজনা এম্বেকিয়েই  পাছলৈ কোনো সংকোচ নোহোৱাকৈ এইবুলিও ঘোষণা কৰিব পৰা হ’ল, মোক এজন থেছাৰবাদী(Thatcherite) বুলিয়েই কব পাৰে আচলতে স্ব-তোষণ থেছাৰবাদৰ সকলো সংস্কৰণৰে অভিন্ন অংগ। ডেং জিয়াও পিঙৰ ভাষাতঃ ধনী হোৱাটো গৌৰবৰ কথা

শ্বেতাংগ শাসকশ্রেণীয়ে এনে এক ফলাফলৰ বাবেই দীর্ঘদিন ধৰি ভাবি-চিন্তি প্রস্তুতি চলাইছিল। ঋণ, অনুবৃত্তি আদি বিভিন্ন সঁজুলিৰ সহায়ত সিঁহতে পদ্ধতিগতভাৱে এটা কৃষ্ণাংগ   উদ্যোগী (entrepreneurial) তথা প্রফেচনেল শ্রেণীৰ উত্থানৰ ক্ষেত্রত সহায় কৰিছিল। অৱধাৰিতভাৱেই, বর্ণবৈষম্যবিৰোধী সংগ্রামখনিৰ মূল সামাজিক আধাৰ অর্থাৎ সমাজৰ গৰিষ্ঠতম কৃষ্ণাঙ্গ শ্রমিক তথা দুখীয়া লোকসকলৰ সৈতে এই কৃষ্ণাঙ্গ উদ্যোগী শ্রেণীটোৰ শ্রেণী সংঘাত আৰম্ভ হৈছিল। উত্তৰ-ঔপনিবেশিক আফ্রিকা তথা এছিয়াৰ আন আন জাতীয় বুর্জোৱাৰ দৰেই দক্ষিণ আফ্রিকাৰ এই কৃষ্ণাংগ বুর্জোৱা শ্রেণীটোৱেও কোনো স্বাধীন চিন্তাৰ পৰিচয় দিয়াৰ বিপৰীতে, গোলকীয় পুঁজি তথা জাতীয় বজাৰখনিৰ মাজত মধ্যস্থতাকাৰীৰ স্থান গ্রহণ কৰিয়েই সন্তুষ্ট আছিল। আনফালে ১৯৮২ চনত ৰবেন দ্বীপৰ পৰা পলছম’ৰ কাৰাগাৰ(Pollsmoor prison)লৈ মাণ্ডেলাক স্থানান্তৰিত কৰাৰ পাছত বিখ্যাত “আলোচনাৰ বিষয়ে আলোচনা”ৰ প্রক্রিয়াটো  আৰম্ভ হলৰবেন দ্বীপৰ বিপৰীতে, এই নতুন কাৰাগাৰত মাণ্ডেলাক কিছুসংখ্যক লোকৰ সৈতে সাক্ষাৎ কৰাৰ অনুমতি দিয়া হল; অৱশ্যে ইয়াৰ অধিকাংশই আছিল বর্ণবাদী শাসনব্যৱস্থাটোৰ প্রতিনিধি এইসকলৰ ভিতৰত  নেচনেল ইন্টেলিজেঞ্চ এজেঞ্চিৰ পৰিচালক নীল বার্নার্ডৰ দৰে লোকো চামিল আছিল। সাতবছৰমান একেৰাহে চলাৰ পাছত আলোচনা প্রক্রিয়াটোৱে সন্তোষজনক অগ্রগতি লাভ কৰাত অৱশেষত দক্ষিণ আফ্রিকাৰ শ্বেতাংগ সংখ্যালঘূ ৰাষ্ট্রপতি পিটাৰ ৱিলেম বথাই মাণ্ডেলাক সাক্ষাৎ কৰিলে। মন কৰিবলগীয়া যে মাণ্ডেলা এইসময়ছোৱাতো এজন কয়দীৰ ৰূপতেই আছিল আৰু এই সাক্ষাতৰ কথা গোপনে ৰখা হৈছিল। সি যি কি নহওঁক, ইয়াৰ পৰবর্তী বছৰটোত মাণ্ডেলাক অৱশেষত সম্পূর্ণভাৱে মুক্ত কৰি দিয়া হল।  
ইয়াৰ সমান্তৰালভাৱেই আনফালে আকৌ ইউৰোপৰ বিভিন্ন ৰাজধানী চহৰসমূহত দক্ষিণ আফ্রিকাৰ বিয়াগোম খনি-মালিক, বৃহৎ ব্যৱসায়ী তথা বিলিয়নাৰ মহাশয়সকল  এম্বেকি আদিকে ধৰি এ.এন.চিৰ দেশ-নির্বাসিত নেতাসকলৰ সৈতে বর্ণবাদোত্তৰ(post-apartheid) দক্ষিণ আফ্রিকাৰ অর্থনৈতিক গাঁঠনি  সম্পর্কে বিভিন্ন ধৰণৰ আলোচনাত ব্যস্ত হৈ পৰিল।  বিভিন্ন ধৰণৰ ডীলৰ প্রলোভন দি মহাশয়সকলে অনাগত সময়ছোৱাত নিজৰ অনুকূল হোৱাকৈ দেশখনৰ আর্থিক কাঠামোসমূহ সুনিশ্চিত কৰাত অকণো কার্ণপ্য নকৰিলে! এই জাতীয় বৈঠকসমূহ প্রায়েই ইংলেণ্ডৰ চমাৰচেট অঞ্চলত অৱস্থিত মেলছ পার্ক হাউছ নামৰ সুদৃশ্য দালান এটিত অনুষ্ঠিত কৰা হৈছিল। আন্তর্জাতিক মুদ্রা নিধি(IMF)য়েও এই প্রক্রিয়াটোলৈ পূর্ণ সমর্থন জনাই ১৯৯৩  চনত এটি ঋণ প্রদান কৰাৰ প্রতিশ্রুতি দিলেঅতি সোনকালেই আমেৰিকাত প্রশিক্ষণপ্রাপ্ত এ.এন.চিৰ একাংশ অর্থনীতিবিদ আৰু বিশ্ব বেংকৰ বিষয়াগণে মিলি নব্য-উদাৰবাদী ক্রণি কেপিটেলিষ্ট ভিষ্যতৰ এটি বিস্তৃত ব্লুপ্রিণ্টেই প্রস্তুত কৰি উলিয়ালে। জিম্বাৱৱে, জাম্বিয়া আদি দক্ষিণ আফ্রিকাৰ ওচৰ চুবুৰীয়া দেশসমূহত দীর্ঘদিন ধৰি বসবাস কৰা এ.এন.চিৰ নেতাসকলে ইতিমধ্যেই এই দেশসমূহৰ এলিটসকলৰ কর্তৃত্ববাদী ব্যক্তিত্ব তথা দুর্নীতিগ্রস্ত পদ্ধতিসমূহ আত্মসাৎ কৰি লৈছিলআচলতে অনাগত দক্ষিণ আফ্রিকাখনত সংখ্যালঘু শ্বেতাঙ্গসকলৰ (যাৰ হাতত বেছিভাগ সম্পদ ন্যস্ত আছিল) স্বার্থৰক্ষাৰ বাবেই এ.এন.চিৰ এলিটসকলৰ এটা অংশক পুঁজিপতি শ্রেণীটোৰ মাজত সমাহিত কৰি লোাটো প্রয়োজনীয় হৈ পৰিছিল যাতে দেশৰ নতুন শাসকৰ ৰূপত তেওঁলোকে সমগ্র পুঁজিপতি শ্রেণীটোৰ স্বার্থত কাম কৰে

কমিউনিষ্টসকলৰ পতন
.এন.চিৰ বর্ধিত দুর্নীতিৰ সমান্তৰালভাৱেই দেশৰ কমিউনিষ্ট সকলৰো পতন ঘটিছিল। বিশেষকৈ  চোভিয়েট ইউনিয়নৰ বিঘটনৰ পাছত কমিউনিষ্টসকল সম্পূর্ণভা দিশহাৰা হৈ পৰিছিল। মাণ্ডেলা কমিউনিষ্ট হওঁক বা নহওঁক, এম্বেকি আৰু জুমা নিশ্চিতভাৱে কমিউনিষ্ট আছিল। মাণ্ডেলাৰ পাছত কমিউনিষ্ট পার্টিৰ এই দুয়োজনা শীর্ষ নেতাই এজনৰ পাছত সিজনকৈ দেশৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈছিল। পিছে এওঁলোকৰ সময়তে দেশত অপশাসন আৰু দুর্নীতিয়ে পর্বত সমান আকাৰ লাভ কৰিলে ব্যক্তিগতভাৱেও এম্বেকি আৰু জুমা হৈ পৰিল ভীষণভাৱে দুর্নীতিপৰায়ণ। কেল সেয়াই নহয়। বর্ণবাদী ব্যস্থাটো আঁতৰাই পেলোৱাৰ সময়তে, যেতিয়া দীর্ঘদিন ধৰি চহৰসমূহৰ পাদদেশত অৱস্থিত জৰাজীর্ণ তথা বর্ণগতভাৱে পৃথকীকৃত  ঘৰসমূহত বসবাস কৰা, তথা বিপ্লৰ মূল সামাজিক আধাৰ প্রদান কৰোঁতা  দক্ষিণ আফ্রিকাৰ গৰিষ্ঠ সংখ্যক কৃষ্ণাঙ্গ শ্রমিক তথা দুখীয়া লোকৰ বাবে বৃহৎ হাৰত চৰকাৰীভাবে আৱাস নির্মাণৰ প্রয়োজন আছিল, সেই সময়তে গৃহ নির্মাণৰ ক্ষেত্রখন সম্পূর্ণভাৱে ব্যক্তিগত কোম্পানীসমূহক গঁটাই দিয়া হল। এই সমস্ত প্রক্রিয়াটো সম্পন্ন কৰিলে স্বয়ং কমিউনিষ্ট পার্টিৰ অধ্যক্ষ তথা এসময়ৰ সশস্ত্র সংগ্রামৰ বিখ্যাত নেতা  জ’ স্লভ’ই! সংগ্রাম পৰিত্যাগ কৰাৰ পাছত বিশ্ব বেংকেই হৈ পৰিল স্লভ’ৰ আটাইতকৈ বিশ্বস্ত পৰামর্শদাতা!
২০১৩ চনৰ ২৩ জুলাই তাৰিখে  The Guardian নামৰ বিখ্যাত ইংৰাজী কাকতখনত “How the ANC’s Faustian pact sold out South Africa’s poor” শীর্ষক প্রবন্ধ এটি প্রকাশিত হয়। প্রবন্ধটোৰ লেখক আছিল ৰনি কাচ্রিলছ (Ronnie Kasrils) কাচ্রিলছ ১৯৮৭ৰ পৰা ২০০৭লৈকে এ.এন.চিৰ ৰাষ্ট্রীয় কার্যনির্বাহক কমিটিৰ সদস্য হোাৰ লগতে  ১৯৮৬ৰ পৰা ২০০৭লৈকে কমিউনিষ্ট পার্টিৰ কেন্দ্রীয় কমিটিৰো সদস্য আছিল।  ১৯৯৪ চনৰ নির্বাচনৰ পাছত তেওঁ প্রথম পাঁচ বছৰ দেশৰ প্রতিৰক্ষা মন্ত্রী, তাৰ পাছৰ পাঁচ বছৰ জলসম্পদ মন্ত্রী আৰু পদত্যাগ কৰাৰ পূর্বে চাৰি বছৰ ইণ্টেলিজেঞ্চ মন্ত্রী হিচাপে নিযুক্ত হৈছিল। গতিকেই নতুন শাসকসকলৰ বহু ভিতৰুা খবৰ তেওঁ নিয়মীয়াকৈ পাইছিল। প্রবন্ধটোত কাচ্রিলছে এনেদৰে লিখিছেঃ
“চয়তানৰ সৈতে আমাৰ সন্ধিক্ষণ তেতিয়াই আৰম্ভ হ’ল যেতিয়া প্রথমটো গণতান্ত্রিক নির্বাচনৰ প্রাকক্ষণত আমি IMFৰ পৰা এটি ঋণ গ্রহণ কৰিলোঁ...তেতিয়ালৈকে আমি নিজৰেই সক্ষমতা সম্পর্কে সংশয়গ্রস্ত হৈ পৰিছিলোঁ। আমি ভাবিছিলোঁ –ভুলকৈয়ে ভাবিছিলো –আমাৰ হাতত  কোনো বিকল্প নাই। ইতিমধ্যেই অস্ত্র প্রতিযোগিতাৰ পাঁকত পৰি ১৯৯১ চনত আমাৰ বিশ্বস্ত তথা শক্তিশালী মিত্র চোভিয়েট ইউনিয়নৰ পতন ঘটিছিলআমি এইবোৰ দেখি-মেলি সতর্ক হব বিচাৰিছিলোঁ। বাধা-বিঘিনি অতিক্রম কৰাৰ ক্ষেত্রত আমি অক্ষমনীয়ভাৱে আমাৰ নিজৰেই সংগ্রামী জনগণৰ ওপৰত ভৰষা কৰিবলৈ পাহৰি গৈছিলো...১৯৯৩ চনৰ শেহৰ ফাললৈ দক্ষিণ আফ্রিকাৰ ডেভেলপমেণ্ট বেংকত গোপনে অনুষ্ঠিত নৈশ বৈঠকসমূহত বৃহৎ পুঁজিৰ দ্বাৰা প্রস্তুত আঁচনিসমূহে ক্রমশঃ মূর্ত ৰূপ লবলৈ আৰম্ভ কৰিছিল। আচলতে খনি-মোগল হেৰী ওপেনহেইমাৰৰ জোহান্সবার্গ স্থিত আৱাসত ১৯৯১ চনতেই  এনে কিছু  আঁচনি বিকশিত কৰাৰ প্রক্রিয়াটো আৰম্ভ হৈছিল  এই নৈশ বৈঠকসমূহত বিভিন্ন চৰিত্রৰ সমাবেশ ঘটিছিল। সিবিলাকৰ ভিতৰত অন্যতম আছিল দক্ষিণ আফ্রিকাৰ খনিজ তথা শক্তি কোম্পানীসমূহৰ নেতৃবৃন্দ, দক্ষিণ আফ্রিকাত সক্রিয় আমেৰিকান তথা ব্রিটিছ কোম্পানীসমূহৰ ব’ছসকল আৰু  পছিমীয়া অর্থনীতিৰ ধাৰাত প্রশিক্ষিত এ.এন.চিৰ কেতসংখ্যক তৰুণ অর্থনীতিবিদ  আটায়ে মাণ্ডেলাক ৰিপর্টিং কৰিছিল। ৰাজনৈতিক শাসনভাৰ লবলৈ উৎসুক এ.এন.চি তথা কমিউনিষ্ট পার্টিৰ নেতাসকলেও ততাতৈয়াকৈ চয়তানৰ সৈতে হাত মিলাইছিল (মই নিজেও এইক্ষেত্রত ব্যতিক্রম নাছিলোঁ)। ইয়েই পাছলৈ আমাৰ পতন মাতি আনিলে।”
(তিনি)
সামাজিক বিশ্বদৃষ্টিৰ ক্ষেত্রত মাণ্ডেলাক নৈতিক সাহস আৰু বিশ্বজনীন দৃষ্টিভংগীৰ প্রতিমূর্তি বুলি কব পৰা যায়। কিন্তু ৰাজনৈতিক-অর্থনীতিৰ ক্ষেত্রখনত তেওঁ ক্রমশঃ পুঁজিবাদকেই আকোঁৱালি ললে।  পাছলৈ আনকি নব্য-উদাৰবাদো তেওঁৰ বাবে গ্রহণীয় হৈ পৰিল।  সতীর্থসকলৰ পর্বতসম দুর্নীতিৰ প্রতিও তেওঁক প্রায়েই নির্বিকাৰ হৈ ৰোৱা দেখা গল। এই দুই বৈপৰীত্যই মাণ্ডেলাক এক মিশ্রিত ব্যক্তিত্ব প্রদান কৰিলে।
এইখিনিতে মার্ক্সৰ কথা এষাৰি  মনত পৰেঃ  ‘মানুহেই ইতিহাস সৃষ্টি কৰে, কিন্তু এই সৃষ্টি সম্ভৱ হয় ইতিহাস প্রদত্ত পৰিস্থিতিৰ অধীনতহে।’ মাণ্ডেলাই এ.এন.চিত যোগদান কৰাৰ সময়ত, ই আছিল এখন সৰু, ৰক্ষণশীল তথা নিস্ফল মঞ্চ। সৰু সুৰা কেতবোৰ ৰেহাই-সুবিধা বিচাৰি বর্ণবাদী চৰকাৰখনৰ সমুখত অনুনয় বিনয় কৰাৰ মাজতেই ইয়াৰ সকলো কাম সীমিত আছিল। চিচুলু, টাম্বো আদি সতীর্থসকলৰ সৈতে মিলি মাণ্ডেলাই অতি সোনকালেই এই ৰক্ষণশীল মঞ্চখনক বর্ণ-সাম্যৰ দাবী কৰা এক সংগ্রামী সংগঠনৰূপে গঢ়ি তুলিলে। কিছুদিনৰ ভিতৰতে কমিউনিষ্টসকলৰ সৈতেও তেওঁলোকৰ মিত্রতা গঢ়ি উঠিল আৰু এই মিত্রতাৰ ভিত্তিতেই দেশত সশস্ত্র সংগ্রামৰ আৰম্ভনি ঘটিলদেশৰ শাসকচক্রৰ টোপনি হৰাৰ লগতে ই ওচৰচুবুৰীয়া আন আন দেশসমূহকো সংগ্রামী প্রেৰণা প্রদান কৰিলেনমিবিয়া, পর্টুগীজ কলনীসমূহ তথা দক্ষিণ ৰ’দেছিয়া আদি দেশত দক্ষিণ আফ্রিকাৰ আর্হিৰেই সশস্ত্র সংগ্রামৰ আৰম্ভণি ঘটিল। এই সমস্ত প্রক্রিয়াৰ সোঁমাজত অৱস্থিত ব্যক্তিজনৰ নামেই আছিল নেলচন মাণ্ডেলা। অতি সোনকালেই তেওঁ সমস্ত দক্ষিণ আফ্রিকীয় সংগ্রামৰ প্রতীক হৈ পৰিল।         
১৯৫৫ চনৰ ফ্রীডম চার্টাৰখন এ.এন.চিৰ নৱজন্মৰ প্রতীক বুলি কব পৰা যায়। মাণ্ডেলা তথা তেওঁৰ সতীর্থসকলৰ প্রভাৱতেই চার্টাৰখনত স্পষ্ট কৰি দিয়া হল যে বর্ণ-বৈষম্যমুক্ত অনাগত দক্ষিণ আফ্রিকাখন কোনো বিশেষ বর্ণ বা গোষ্ঠীৰ বাপোতি সাহোন নহববৰঞ্চ বর্ণবাদী অভিশাপৰ পৰা মুক্ত দক্ষিণ আফ্রিকাত বসবাস কৰা সকলো লোকেই - সেয়া শ্বেতাংগই হওঁক বা কৃষ্ণাংগই হওঁক -সমানেই আফ্রিকান হোৱাৰ দাবী কৰিব পাৰিবএইক্ষেত্রত বর্ণগত উৎপত্তিৰ দিশৰ পৰা কাৰোৰে সৈতে বৈষম্যমূলক আচৰণ কৰা নহব। সশস্ত্র সংগ্রামৰ দ্বাৰা এই বিশ্বজনীন মানৱতাবাদকেই মাণ্ডেলাই স্থাপন কৰিব বিচাৰিছিল। আন আন পন্থাৰ অনুপস্থিতিত সশস্ত্র সংগ্রামৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰিবলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ নকৰিলে। তেওঁ সদায়েই কলে যে তেওঁৰ বাবে সশস্ত্র সংগ্রাম হৈছে অন্তিম পন্থা; শোষকৰ অত্যাচাৰেহে তেওঁক তথা তেওঁৰ সতীর্থসকলক অস্ত্র তুলি লবলৈ বাধ্য কৰিলেঅন্যথা তেওঁ সদায়েই শান্তিপূর্ণ আলোচনাৰ পথটিকেই অধিক বাঞ্ছনীয় বুলি গণ্য কৰি আহিছে।
অদম্য সত্তা
এয়া সর্ববিদিত যে বর্ণবাদ-বিৰোধী সংগ্রামখনিৰ দীঘলীয়া সময়ছোৱাত – যেতিয়া শ্বেতাঙ্গ শাসকহঁতৰ বিৰুদ্ধে মুক্তি বাহিনীয়ে মৰণলৈও পৰোৱাই নকৰি এক অভূতপূর্ব সংগ্রামত ব্রতী হৈ আছিল, সেইখিনি সময়ত মাণ্ডেলা কাৰাগাৰতেই আদ্ধ হৈ ৰৈছিলএই অর্থত সংগ্রামস্থলীৰ প্রত্যক্ষ সেনানী হোৱাৰ বিপৰীতে, মাণ্ডেলাৰ ভূমিকা প্রতীকিমূলকহে আছিল। তদুপৰি তেওঁ কাৰাগাৰৰ পৰা তেতিয়াহে ওলাই আহিছিল, যেতিয়া ইতিমধ্যেই আলোচনাৰ দ্বাৰা প্রশ্নটি সমাধান কৰাৰ পথ প্রশস্ত হৈ পৰিছিল। কিন্তু এইখিনিতে তিনিটা কথা উল্লেখ কৰাটো দৰকাৰপ্রথমঃ ২৭ বছৰীয়া দীর্ঘ কাৰাদণ্ডয়ো মাণ্ডেলাৰ অদম্য সত্তাক দমন কৰিব নোৱাৰিলে। তেওঁৰ সংগ্রামী মনোবল ভাঙি পেলোৱাটো দূৰৈৰে কথা, শত্রুৰ কাৰাগাৰে তেওঁৰ দৃঢ়তা যৎকিঞ্চিতো ম্লান পেলাব নোৱাৰিলে।  বর্ণবাদী ঘৃণাৰ বিৰুদ্ধে তেওঁৰ ভীষ্ম প্রতিজ্ঞা আগৰ দৰেই দৃঢ় হৈ ৰল। একেদৰেই দৃঢ় হৈ ৰল  বিশ্বজনীন মানবীয় প্রমূল্যৰ প্রতি তেওঁৰ গভীৰ আস্থা।  দ্বিতীয়তে, তেওঁৰ নৈতিক উচ্চতা ইমানেই শীর্ষ পর্যায়ৰ আছিল যে শ্বেতাঙ্গ চৰকাৰখনৰ সৈতে বর্ণবাদৰ সমাপ্তি বিষয়ক চূড়ান্ত চুক্তিখনত স্বাক্ষৰ কৰা সময়ত তেওঁৰ বাহিৰে আন কোনো নেতায়েই – সেয়া লাগে বিদেশত থকা আন আন শীর্ষ নেতাসকলেই হওঁক, বা ওচৰ পাঁজৰৰ দেশসমূহত আশ্রয় লৈ থকা নেতা তথা কমাণ্ডাৰসকলেই হওঁক -   মূল আলোচনাকাৰী হোৱাটো সম্ভৱপৰ নাছিল। সমগ্র কৃষ্ণাংগ দক্ষিণ আফ্রিকাখনক একেলগে প্রতিনিধিত্ব কৰাৰ কর্তৃত্ব কেৱল মাণ্ডেলাৰেই আছিল। তেওঁ সন্মতি দিলেহে চুক্তি সম্পাদিত হৈ শান্তি স্থাপন হব; অন্যথাই শান্তি হব মৰীচিকা। এনে অদ্বিতীয় কর্তৃত্বৰ অর্থই হৈছে এক বিশাল দায়িত্ব; দেশে কোন দিশেৰে আগবাঢ়িব তথা তাৰ কি ফলাফল হব –এই সমস্তখিনিৰ বাবে জগৰীয়া হোৱাৰ দায়িত্ব। তৃতীয়তে, দক্ষিণ আফ্রিকীয় জনগণৰ সংগ্রামখনিক সমর্থন কৰা বন্ধুসকললৈ হৃদয়ৰে কৃতজ্ঞতা জনোৱাৰ ক্ষেত্রত মাণ্ডেলা আছিল সদায়েই নির্ভীক তথা আপোছবিহীন। এই ক্ষেত্রত শত্রুৰ ওপৰত তেওঁৰ ভাষ্যৰ কি প্রভাৱ প্রভাৱ পৰিব পাৰে - এই লৈ মাণ্ডেলাই পৰোৱাই কৰা নাছিল।

মাণ্ডেলা জেলৰ পৰা মুক্ত হোৱাৰ কিছুদিন পাছতে আমেৰিকান চৰকাৰে তেওঁক আমেৰিকা কংগ্রেছত এটি ভাষণ দিবলৈ আমন্ত্রণ জনাইছিল। ১৯৯০ চনৰ এই আমেৰিকা যাত্রাৰ সময়ছোৱাত মাণ্ডেলাই খোলাখুলিকৈয়ে ফিডেল কাষ্ট্রো, য়াছেৰ আৰাফাট আৰু মুৱামাৰ গদ্দাফিৰ ভূয়ঁসী প্রশংসা কৰিলেমাণ্ডেলাৰ বাবে তেওঁলোক আছিল ‘প্রাণৰ বন্ধু’ ‘comrades-in-armsমাণ্ডেলাই ভালকৈয়ে জানিছিল যে সাম্রাজ্যবাদী স্বার্থৰ খাতিৰত কেনেকৈ আমেৰিকান শাসন শ্রেণীয়ে ‘মানৱ অধিকাৰ’ৰ  প্রশ্নটোৰ অপপ্রয়োগ কৰে।  সেয়েহে জানি বুজিয়েই মাণ্ডেলাই ঘোষণা কৰিলে যে তেওঁৰ বন্ধুকেইজনৰ “মানৱ অধিকাৰৰ প্রতি থকা অংগীকাৰ  প্রশংসনীয়। এই ক্ষেত্রত সংকোচবোধ কৰিবলৈ আচলতে কোনো কাৰণ নাই।” এইদৰেই তেওঁ এটি গুৰুত্বপূর্ণ কথা প্রকাশ কৰিলে। কথাষাৰ হৈছে এনেধৰণৰঃ সেইসময়ছোৱাত মানৱ অধিকাৰ খর্ব কৰা চৰকাৰসমূহৰ ভিতৰত প্রধান আছিল দক্ষিণ আফ্রিকাৰ বর্ণবাদী চৰকাৰখন। সেয়েহে দক্ষিণ আফ্রিকাৰ গৰিষ্ঠসংখ্যক জনগণক অহিংস তথা সশস্ত্র সকলো প্রকাৰে সহযোগিতা কৰাটো মানৱ অধিকাৰ ৰক্ষাৰ প্রতি প্রকৃততেই প্রতিশ্রুতিবদ্ধ দেশসমূহৰ কর্তব্য আছিল। কিন্তু পশ্চিমীয়া দেশসমূহে এনেধৰণৰ কোনো সাহার্য আগবঢ়াইছিলনে? আচলতে তেওঁলোকৰ বিপৰীতে কিউবা আদি দেশেই দক্ষিণ আফ্রিকাৰ জনগণক সকলো প্রকাৰে সহায় কৰিছিল।  প্রায় আধা দজন দেশত বর্ণবাদী তথা ঔপনিবেশিক শাসনৰ বিৰুদ্ধে কিউবান তথা আফ্রিকান গেৰিলাসকলে একেলগে যুঁজিছিল। এইক্ষেত্রত  মানৱ অধিকাৰ লৈ সর্বদা হৈ-ছৈ কৰি থকা পশ্চিমীয়া দেশসমূহৰ  ৰেকর্ড আছিল অত্যন্ত দুখলগা। কিউবান জনগণৰ এই অতুলনীয় সহযোগিতাৰ বাবে  কৃতজ্ঞতা জনাই মাণ্ডেলাই সোঁ-শৰীৰে হাভানাত গৈ উপস্থিত হৈছিল। মাণ্ডেলাই হাভানাত প্রদান কৰা ভাষণৰ সৈতে একেখন চহৰতে ১৯৬৬ চনত আন এজন সংগ্রামী আমিলকাৰ কাব্রালে প্রদান কৰা ভাষণৰহে তুলনা কৰিব পাৰি

এনে এজন সংগ্রামীয়ে সংগ্রামৰ অন্তিমছোৱাত উপনীত হৈ কিয় নব্য-উদাৰবাদকেই আকোঁৱালি ললে?  বর্ণবাদী ব্যৱস্থাটোৰ বিঘটনৰ সময়তেই মাণ্ডেলাই অর্থনৈতিক ক্ষেত্রখনত নব্য-উদাৰবাদৰ  ন্যায্যতা  কিয় গ্রহণ কৰি ললে? এইজাতীয় প্রশ্নৰ উত্তৰ দিয়াটো সহজসাধ্য নহয়। এইক্ষেত্রত  প্রায় পাঁচোটামান ভিন ভিন ব্যাখ্যাৰ অস্তিত্ব দেখা পোৱা যায়ঃ ১) এটি পৰম্পৰাগত ৰাজবংশৰ বংশধৰ হিচাপে তথা পাছলৈ  কৃষ্ণাংগ মধ্যবিত্ত শ্রেণীটোৰ এজন সদস্য হিচাপে মাণ্ডেলাই শেতাংগসকলৰ বর্ণগত-বিশেষাধিকাৰৰ অৱসান বিচাৰিছিল সঁচা, কিন্তু তেওঁ পুঁজিবাদৰ অৱসান ঘটোৱা সম্পর্কে চিৰিয়াছ নাছিল। ২)তেওঁ প্রথমতে বর্ণ-সাম্য তথা কৃষ্ণাংগ গৰিষ্ঠসকলৰ বাবে গণতান্ত্রিক অধিকাৰ – এই দুটা বস্তু  সম্পূর্ণভাৱে স্থাপন কৰি লবলৈ বিচাৰিছিল; তেওঁ ভাবিছিল যে আন আন বিষয় সম্পর্কে পাছে-পৰেও সংগ্রাম কৰিব পৰা যাব।  ৩) সমাজবাদী শিবিৰ তথা সাম্রাজ্যবাদ বিৰোধী তৃতীয় বিশ্ব জাতীয়তাবাদৰ অৱসান আৰু  বিভিন্ন ধৰণৰ ‘আফ্রিকান সমাজবাদ’ৰ স্খলনৰ পাছত মাণ্ডেলা ভীষণ বিপর্যয়ৰ সম্মুখীন হব লগা হৈছিল।  তেওঁৰ সমুখত কোনো স্পষ্ট বিকল্প নাছিল; আন্তর্জাতিক পর্যায়ৰ এই ভীষণ প্রতিকূল ভাৰসাম্যই তেওঁক মনে বিচৰাতকৈ বহু কম দৰতে সন্ধি কৰিবলৈ বাধ্য কৰাইছিল। ৪) ব্যক্তিগতভাৱে মাণ্ডেলাৰ  নৈতিক শক্তি অটুট থাকিলেও তেওঁৰ গৰিষ্ঠসংখ্যক সতীর্থ যেনে এম্বেকি, জুমা আদি ইতিমধ্যেই ভীষণভাৱে দুর্নীতিপৰায়ণ হৈ পৰিছিল। এনে অৱস্থাত বর্ণবাদী ব্যৱস্থাটো সম্পূর্ণকৈ ধ্বংস কৰি সমাজৰ আন আন ক্ষেত্রসমূহৰ সমস্যাবোৰৰো মুখামুখি হবলৈ প্রয়োজনীয় অতিমানৱীয় শক্তিসম্পদ মাণ্ডেলাৰ হাতত নাছিল। ৫)  দক্ষিণ আফ্রিকাৰ বর্ণবাদী ব্যৱস্থাটোৰ বিঘটনৰ পাছৰ কালছোৱাৰ  ঘটনাৱলী বুজিবলৈ হলে মাণ্ডেলাৰ ব্যক্তিগত ভূমিকাৰ পৰিবর্তে আন আন কেতবোৰ দিশৰ প্রতিহে ভালকৈ মন দিয়া উচিত। লক্ষণীয়ভাৱে, উত্তৰ ঔপনিবেশিক কালছোৱাত এছিয়া তথা আফ্রিকাৰ অন্যান্য দেশতো দক্ষিণ আফ্রিকা সদৃশ কেতবোৰ কাৰুকার্য পৰিলক্ষিত হয়। সিবিলাকৰ মাজত থকা কাঠামোগত সাদৃশ্যতা মন কৰিবলগীয়া। আন ভাষাত কবলৈ গলে, উপনিবেশ-বিঘটন(decolonization)ৰ ফলস্বৰূপে এই আটাইবোৰ দেশতে শাসকৰ ৰূপত জাতীয় বুর্জোৱাৰ উদয় ঘটিছিল। দেশৰ শ্রমজীৱি জনগণক শোষণ আৰু উৎপীড়ন কৰাৰ ক্ষেত্রত সিহঁতৰ ক্ষমতা আছিল অতুলনীয়; কিন্তু বিশ্ব-পুঁজিৰ সমুখত সিহঁতে ভূমিকা পৰমুখাপেক্ষী এক দালাল শ্রেণীৰ অৱস্থানতে সীমাৱদ্ধ আছিল। ফেনন(Frantz Fanon)ৰ ভাষাত কবহৈ গলে, “জাতীয় বুর্জোৱাৰ ঐতিহাসিক পর্যায়টো হৈছে এক অর্থহীন পর্যায়।” 
বর্ণ-বৈষম্য আৰু শ্রেণী-বৈষম্য
হয়তো এই আটাইকেওটা ব্যাখ্যাতে সত্যৰ কিছু উপাদান আছে। পিছে আটাইতকৈ দুখজনক কথাটো হৈছে যে সাম্প্রতিক সময়ৰ আটাইতকৈ প্রেৰণাদায়ী ব্যক্তিজন ৰাষ্ট্রপতি হৈ থকা কালছোৱাতে দক্ষিণ আফ্রিকাৰ বর্ণ-বৈষম্যবাদী ব্যৱস্থাটোৰ ঠাইত শ্রেণী-বৈষম্যবাদী ব্যৱস্থাটোৱে আটাইতকৈ বেছি প্রসাৰ লাভ কৰিলে। এই শ্রেণী-বৈষম্যৰ ভয়াবহতা ইমানেই বেছি যে বর্তমানৰ দক্ষিণ আফ্রিকাৰ (ধনী শ্বেতাংগ তথা নব্য-ধনী একাংশ কৃষ্ণাংগ লোকৰ তুলনাত) অধিকাংশ কৃষ্ণাঙ্গ লোকৰ অৱস্থা বর্ণবাদী ব্যৱস্থাটোৰ সময়তকৈও হয়তো অধিক শোচনীয়। এম্বেকি তথা জুমাৰ সময়ত ই কদাকাৰ ৰূপ ধাৰণ কৰিলে; কিন্তু মনত ৰখা উচিত যে এই ব্যৱস্থাটোৰ বুনিয়াদ মাণ্ডেলাৰ সময়তেই স্থাপন কৰা হৈছিল।
ৱশ্যে প্রথমটো কার্যকাল শেষ হোৱাৰ পাছত মাণ্ডেলাই দ্বিতীয়বাৰলৈ ৰাষ্ট্রপতি হোৱাৰ কোনো আগ্রহ প্রকাশ নকৰিলে। চৰকাৰী বাধ্যবাধকতাৰ পৰা তেওঁৰ স্বাধীন সত্তা আৰু নৈতিক কণ্ঠস্বৰ মুকলি হৈ থকাটোৱেই শ্রেয় বুলি তেওঁ অনুভৱ কৰিলে। ৰাষ্ট্রপতি হিচাপে তেওঁ কেতিয়াও টনী ব্লেয়াৰক  তীর্যকভাৱে  “বুশ্বৰ বিদেশ মন্ত্রী” বুলি অভিহিত কৰিব নোৱাৰিলেহেঁতেন;  অসতর্ক মূহুর্ততো তেওঁ এইবুলি কব নোৱাৰিলেহেঁতেন যে “যদি পৃথিবীত এনে এখন দেশ আছে যি সকলোৰে ওপৰত অকথ্য অত্যাচাৰ-নির্যাতন কৰি আহিছে, সেয়া হৈছে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্র।” মাণ্ডেলা আছিল এনে এক ব্যক্তিত্ব যাৰ  মহিমা হয়তো ৰাজনৈতিক ক্ষমতাই কিছুদূৰৈলৈ ম্লান কৰি পেলাইছিল। পিছে জীৱনৰ শেষ দশকটোত তেনে ক্ষমতাৰ পৰা আঁতৰি আহি তেওঁ পুণৰ নিজৰ নৈতিক মহিমা উজলাই তুলিবলৈ সক্ষম হৈছিল।  
 দক্ষিণ আফ্রিকাৰ জনগনে যি বিপুল শ্রদ্ধা, ভক্তি আৰু উদ্দীপনাৰে তেওঁক অন্তিম বিদায় জনালে, সেয়া সম্পূর্ণভাৱে তেওঁৰ প্রাপ্য আছিল। পিছে  এই শ্রদ্ধাঞ্জলীৰ পাছত তেওঁৰ জীৱন-কর্মৰ  এক নিৰাবেগ মূল্যায়ণ কৰাটোও আমাৰ পৰম কর্তব্য। তেওঁৰ মহান কৃতিত্বখিনিৰ লগতে তেওঁৰ গুৰুতৰ দুর্বলতা তথা ভুল-সংক্রান্তিখিনি সম্পর্কেও যথাযথ পর্যালোচনা কৰাৰ সময় এতিয়া সমাগত। এই সম্পর্কে কোনো সন্দেহ নাই যে এখন বিকল্প দক্ষিণ আফ্রিকা নির্মাণৰ প্রতি আগ্রহী নতুন প্রজন্মটোৱে  মাণ্ডেলাৰ ঐতিহ্যৰ মাজতে  পুণৰ এখন সংগ্রামৰ সূচনা কৰিবলৈ যথেষ্ঠ সমল আৰু প্রেৰণা বিচাৰি পাব।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...