Thursday, January 23, 2014

বিভ্রান্তিৰ দলিল ময়ূৰ বৰাৰ ‘মার্ক্স-গ্রন্থ’

বিভিন্ন বিতর্কমূলক বিষয় সম্পর্কে সাহসী তথা স্পষ্ট ভাষাত নিজ অভিমত তথা বিশ্লেষণ আগবঢ়াই
পাঠকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হোৱা মননশীল লেখক ময়ূৰ বৰাৰ শেহতীয়া গ্রন্থ “মার্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা”খনি পঢ়ি অতিশয় হতাশ হলোঁ। বিভিন্ন তৰল যুক্তি তথা  বিভ্রান্তিকৰ তথ্যৰে পৰিপূর্ণ এই গ্রন্থখনিয়ে বৰাৰ ঈপ্সিত “ধর্মনিৰপেক্ষ সোঁ-পন্থী” চিন্তাৰ ধাৰাটোক সমৃদ্ধ কৰাৰ বিপৰীতে বৌদ্ধিক আলোচনাৰ স্তৰটোক নিম্নগামীহে কৰিব বুলি আমাৰ আশংকা হৈছে। উদাৰবাদী গণতন্ত্রৰ প্রতি থকা বৰাৰ গভীৰ আস্থাখিনিৰ প্রতি সন্মান জনায়ো আমি কবলৈ বাধ্য হৈছো যে মার্ক্সবাদৰ সমালোচনাৰ বাবে প্রয়োজনীয়  নূন্যতম পঢ়াশুনাখিনিও বৰাই কৰা নাই। কোনো সমকালীন মার্ক্সবাদী চিন্তাবিদৰ লেখনী আদি অধ্যয়ন কৰাটো বাদেই, বৰাই উদাৰবাদী ধাৰাটোৰ মার্ক্সবাদ-বিৰোধী সসন্মানীয় পণ্ডিতসকলৰো মূল ৰছনাসমূহ পঢ়ি চোৱাৰ কোনো প্রয়োজনবোধ নকৰিলে। ফলতঃ বৰাৰ মার্ক্সবাদ বিৰোধিতাই বৌদ্ধিক ঊৎকর্ষৰ ৰূপ লোৱাৰ বিপৰীতে কুৎসা ৰটনাৰ পিনেহে ধাবমান হোৱা যেন দেখা গল। সোঁ-পন্থী বৌদ্ধিক ধাৰাটোৰ ভবিষ্যতৰ বাবে ই কোনো শুভ লক্ষণ নহয়। 

এই লেখনীটোত আমি বৰাৰ গ্রন্থখনিৰ মূল যুক্তিখিনি সম্পর্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। তথ্যপাতি বিষয়ক দিশসমূহৰ প্রতি সেয়েহে আমি পৰাপক্ষত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈকে যত্ন কৰিম। আমি জনা মতে তথ্যসম্পর্কীয় আসোঁৱাহখিনিৰ বিষয়ে ইতিমধ্যেই আন আন লোকে উল্লেখ কৰিছেই।

১) ব্যক্তিগত সম্পত্তি আৰু মার্ক্সবাদঃ  বিভিন্ন চিন্তাবিদৰ উদ্ধৃতি দি বৰাই যুক্তি দর্শাইছে যে মানুহৰ (তথা অন্যান্য জীৱ-জন্তুৰো) নিজস্ব বাসস্থান, ঘৰ ইত্যাদিৰ প্রতি কিছু ‘প্রাকৃতিক’ টান থাকে। সেয়েহে এনে সকলো ব্যক্তিগত সম্পত্তিৰ সামাজিকীকৰণৰ কথা কৈ প্রকৃততে মার্ক্সবাদে প্রকৃতিৰেই বিৰোধিতা কৰিছে! এইজাতীয় তত্ত্বৰ সত্যাসত্য বিচাৰ নকৰাকৈও কব পাৰি যে  বৰাই ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো সম্পূর্ণভাৱে ভুলকৈ বুজিছে।  ঊনবিংশ শতিকাৰ বিশেষ পটভূমিত মার্ক্সে ব্যৱহাৰ কৰা ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৰ অর্থ হৈছে উৎপাদনৰ আহিলা(means of production) বা প্রচলিত ভাষাত পুঁজি। অর্থাৎ সমাজবাদৰ কালত এই উৎপাদনৰ আহিলাখিনিৰহে সামাজিকীকৰণ কৰা হব। ব্যক্তি একোজনৰ নিজা ঘৰ-বাৰী, গাড়ী-সম্পত্তি আদিৰ সামাজিকীকৰণৰ কথা মার্ক্সেবাদে কোৱা নাই। নিজৰ ঘৰ-বাৰীৰ মালিক হোৱাটো আৰু পুঁজিৰ মালিক হৈ শ্রমিকৰ শোষণ কৰাটো দুটা সম্পূর্ণ ভিন ভিন কথা। মানুহৰ বাহিৰে আন কোনো জীৱ-জন্তুৱে এনেকৈ পুঁজিৰ মালিক হৈ নিজৰেই প্রজাতিৰ আন আন জন্তুৰ শোষণ কৰাৰ কথা আমাৰ মতে জীৱ-বিজ্ঞানত পোৱা নাযায়। আন কথাত, ‘প্রাকৃতিক বিজ্ঞান’ৰ সহায়ত বৰাই মার্ক্সবাদৰ বিৰোধিতা কৰিব নোৱাৰে!

দ্বিতীয়তে, চোভিয়েট ইউনিয়ন উদাহৰণ দি বৰাই যুক্তি দর্শাইছে যে ব্যক্তিগত সম্পত্তিৰ বিলোপ কৰাৰ বাবেই মানুহৰ সপ্রতিভা (সৃষ্টিশীলতা?) ধ্বংস হৈ পৰিছিল। এইটোও সম্পূর্ণ বিভ্রান্তিকৰ কথা। আচলতে পুঁজিবাদৰ বিপৰীতে আন আন প্রায় সকলো উৎপাদন ব্যৱস্থাতে মূল উৎপাদনকাৰীসকলে অন্ততঃ কিছুপর্যায়লৈ উৎপাদনৰ আহিলাসমূহ  নিজৰ নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হয়। উৎপাদনকাৰীসকল(শ্রমিক)ৰ পৰা যদি কোনো ব্যৱস্থাই উৎপাদনৰ আহিলাসমূহ কাঢ়ি আনি অনা-উৎপাদনকাৰী(পুঁজিপতি)সকলৰ হাতত সম্পূর্ণভাৱে ন্যস্ত কৰিছে, তেনেহলে সেই ব্যৱস্থাটো হৈছে স্বয়ং পুঁজিবাদ! তেনেহলে বৰাৰ যুক্তিৰে চাবলৈ গলে পুঁজিবাদৰ কালতহে মানুহৰ সমস্ত সপ্রতিভা ধ্বংস হৈ পৰিব লাগিছিল!

মূল কথাটো হৈছে যে বিভিন্ন ঐতিহাসিক কাৰণবশতঃ চোভিয়েট ইউনিয়নত উৎপাদনৰ আহিলাসমূহ শ্রমিক জনগণৰ নিয়ন্ত্রণাধীন- অর্থাৎ সামাজিকীকৰণ কৰিব পৰা নগল। বৰঞ্চ পুঁজিবাদৰ দৰেই কেতসংখ্যক আমোলাইহে উৎপাদন সম্পর্কীয় সমস্ত নির্ণয়সমূহ লোৱাৰ অধিকাৰ হাছিল কৰিলে। অর্থাৎ পৰোক্ষভাৱে ব্যক্তিগত মালিকানাৰ কু-প্রভাৱসমূহ সমাজত চলিয়েই থাকিল। ফলত উৎপাদন ব্যৱস্থাটো কেনেকৈ অধিক সক্রিয় তথা নমনীয় কৰিব পৰা  যায়, এই সম্পর্কে ভবা চিন্তা তথা নির্ণয় লব পৰাকৈ জনগণ সাজুৱেই হৈ নুঠিল।  কিয় আৰু কেনেকৈ এনে ধৰণৰ বিসংগতিয়ে দেখা দিলে সেয়া অন্য এক প্রসংগ। এই সম্পর্কে মার্ক্সবাদীসকলৰ মাজত বহুল আলোচনা তথা বিতর্ক হৈছে। পিছে সিবিলাকলৈ অকণো চকু নিদি বৰা ডাঙৰীয়াই প্রশ্নটোৱেই ভুলকৈ উত্থাপন কৰিছে।

তৃতীয়তে, বৰাই উৎপাদনৰ আহিলাসমূহৰ সামাজিকীকৰণ তথা সিবিলাকৰ ৰাষ্ট্রীয়কৰণ/জাতীয়কৰণ এই দুয়োটা ধাৰণাকে সমার্থক কৰি পেলাইছে। মার্ক্সে মূলতঃ উৎপাদনৰ আহিলাসমূহৰ সামাজিকীকৰণৰ কথাহে কৈছিল। কেৱল জাতীয়কৰণৰ দ্বাৰাই এই প্রক্রিয়া সম্ভৱপৰ হব বুলি তেওঁ কোৱা নাছিল। বিভিন্ন বুর্জোৱা দেশতো চৰকাৰী উদ্যোগৰ সংখ্যাধিক্য দেখিবলৈ পোৱা যায়। তাৰ অর্থ এইটো নহয় যে সিবিলাক সমাজবাদী ৰাষ্ট্র হৈ পৰিছে। তদুপৰি ব্যক্তিগত সম্পত্তিৰ মালিকানাতকৈ সিবিলাকৰ সহায়ত সৃষ্টি হোৱা ‘উদ্বৃত্ত’ কোনে নিয়ন্ত্রণ কৰিছে, সেইটোৱেহে সামাজিকীকৰণৰ প্রশ্নটোৰ সঠিক উত্তৰ দিব পাৰিব। এই সম্পর্কে আমি পাছলৈ সবিস্তাৰে আলোচনা কৰিম। 

২) স্বার্থপৰ মানৱ প্রকৃতিঃ এইন ৰেণ্ডৰ দৰে উৎকট ব্যক্তিবাদী লেখকৰ উদ্ধৃতি দি বৰাই লিখিছে যে মানুহৰ চৰিত্র মূলতঃ স্বার্থপৰ। সেয়েহে নিজ স্বার্থ পৰিহাৰ কৰি সমূহীয়া স্বার্থৰ বাবে আত্মত্যাগ কৰিবলৈ মার্ক্সবাদে দিয়া আহ্বান প্রকৃতি বিৰোধী! তেওঁ লগতে এইবুলিও লিখিছে, “আদিম কালৰে পৰা মানুহে নিজৰ স্বার্থ সিদ্ধি কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। মানুহৰ এইধৰণৰ নিৰবচ্ছিন্ন প্রয়াসে সুনিশ্চিত কৰিছে জীৱনৰ বিকাশৰ বাট। অন্যথা মানুহে আজিৰ পর্যায় কেতিয়াও নাপালেহেঁতেন।” অর্থাৎ মানুহৰ স্বার্থপৰতাই হৈছে মানৱ ইতিহাসৰো মূল চালিকাশক্তি!

বৰাৰ এইজাতীয় তত্ত্বসমূহৰ কোনো সত্যসত্যতা আছেনে? আচলতে ৰেণ্ড কথিত সম্পূর্ণভাৱে স্বার্থপৰ একোখন সমাজ কেতিয়াও সম্ভৱপৰ নহয়। আনকি আমাৰ বর্তমানৰ সময়ছোৱাতো নিজ ক্ষুদ্র স্বার্থৰ প্রতি চিন্তা নকৰি দেশ বা বৃহত্তৰ সম্প্রদায়ৰ বাবে ত্যাগ স্বীকাৰৰ অলেখ প্রমাণ পোৱা যায়। অর্থাৎ মানুহ কেৱল লাভ-লোকচানৰ হিচাপ কৰা যন্ত্রসদৃশ কোনো সত্তা নহয়। এইক্ষেত্রত আবেগ অনুভূতি, বিভিন্ন নৈতিক ধাৰণা, জীৱনবোধ, আদর্শ ইত্যাদিৰ কথাও আছে। মানব জীৱন ৰেণ্ডে ভবাতকৈ বহু বেছি পৰিমানে জটিল তথা বহু-তৰপীয়া।

দ্বিতীয়তে, ব্যক্তিস্বার্থ তথা সমূহীয়া স্বার্থ – দুয়োটাই যে সদায়ে ইটো-সিটোৰ বিৰোধী হবই লাগিব, এইবুলিও কোনো কথা নাই। উদাহৰণস্বৰূপে, ভাৰতীয় পুঁজিপতিসকলে FICCI, CII আদি বিভিন্ন ধৰণৰ ট্রেড ইউনিয়ন গঠন কৰি প্রায়েই চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰা দেখা যায়। এনে জাতীয় কৌশলৰ  দ্বাৰা তেওঁলোকৰ ব্যক্তিগত তথা সমূহীয়া- দুয়োধৰণৰ স্বার্থ পূৰণ হয়! একেটা কথাই শ্রমিক সকলৰ ট্রেড ইউনিয়নসমূহৰ বিষয়েও কব পাৰি। এইক্ষেত্রত একমাত্র পার্থক্যটো হৈছে যে পুঁজিপতিসকলৰ বিপৰীতে শ্রমিকসকলে আন কোনো শ্রেণীক শোষণ কৰাৰ প্রশ্ন নুঠে

মার্ক্সবাদে এনে ধৰণৰ সমূহীয়া স্বার্থৰে পোষকতা কৰে। মার্ক্সবাদ ব্যক্তি বিৰোধী নহয়, বৰঞ্চ ই ব্যক্তিবাদ নামৰ মতাদর্শৰহে বিৰোধী। আলোকদীপ্তি যুগৰ প্রতিনিধি হিচাপে মার্ক্সেও এনে এখন সমাজ নির্মাণৰ কথা কৈছে য’ত খাদ্য-কাপোৰ-বাসস্থান আদিৰ বিষয়ে চিন্তা কৰাৰ পৰা মুক্ত হৈ মানুহে প্রকৃত মানবীয় চর্চা তথা প্রমূল্যসমূহৰ সাধনা কৰিব পাৰিব। সামাজিক বাধ্যবাধকতাৰ পৰা ব্যক্তি হৈ পৰিব সম্পূর্ণভাৱে স্বতন্ত্র বা স্বাধীন।  সমাজবাদৰ বিপৰীতে পুঁজিবাদহে এইক্ষেত্রত হেঙাৰ হৈ পৰা দেখা যায়। সমাজৰ গৰিষ্ঠসংখ্যক লোকেই আজিও জীৱনৰ নূন্যতম প্রয়োজনখিনি আহৰণ কৰাৰ বাবেই অহৰহ কঠোৰ শ্রম কৰিব লগা হয়। তেওঁলোকৰ “ব্যক্তিস্বার্থ” তথা মানবীয় সম্ভাৱনীয়তা নাশ কৰি পেলোৱাৰ বাবে পুঁজিবাদেই জগৰীয়া নহয়নে? সমস্যা এইখিনিতে যে বুর্জোৱা পণ্ডিতসকলে ব্যক্তিস্বার্থ তথা পুঁজিৰ মালিক হৈ শ্রমিকক শোষণ কৰাৰ স্বার্থ – এই দুয়োটাকে সমার্থক কৰি পেলায়। ইয়াৰে প্রথমটোৰে সৈতে মার্ক্সবাদৰ বিশেষ কোনো সমস্যা নাই! সমস্যা হয় দ্বিতীয়টোকলৈহে কিয়নো ই শেহত গৈ আন আন ব্যক্তিৰ স্বার্থত আঘাট হানে!            

তেনেহলে ‘ইতিহাসৰ বিকাশ তথা ব্যক্তিৰ স্বার্থপৰতা’ – এই বিষয়ে মার্ক্সবাদৰ মতামত কি? থোৰতে কবলৈ গলে মানৱ সমাজৰ বিকাশৰ মূল কাৰণটো হৈছে মানুহৰ সৃষ্টিশীল শ্রম কৰাৰ ক্ষমতা কায়িক আৰু মানসিক – দুয়ো প্রকাৰৰে শ্রম একেলগ কৰি মানুহে শিল্পীৰ ৰূপত বস্তু উৎপাদন কৰিব পাৰেঅৱশ্যে কেতবোৰ চৰাই-চিৰিকতিয়েও শিল্পীৰ দৰেই সিহঁতৰ বাঁহবোৰ সাজি লোৱা দেখা যায়পিছে মানুহৰ বিপৰীতে আন আন জীৱসমূহৰ শ্রম-চৰিত্র পুনৰাবৃত্তিমূলক(repetitive)কিন্তু মানুহৰ ক্ষেত্রত এনেধৰণৰ কোনো বাধ্য-বাধকতা নাই। আন আন শিল্পমূলক বস্তুপাতিতো বাদেই,  উৎপাদনৰ সজুঁলিসমূহো মানুহে শিল্পীৰ দৰেই সাঁজি লয়; ইয়াতে সৌন্দর্যবোধৰ প্রশ্নটোও আহি পৰে। এই সৃষ্টিশীল শ্রমৰ  বলতে মানৱ সমাজখনৰ বিকাশ সম্ভৱপৰ হৈছে,  মানুহে নাঙল-কুঠাৰ আদি অস্ত্রপাতি বিকশিত কৰিছে, জন্তুৰ চিকাৰ কৰিছে,  প্রকৃতিৰ বুকুত হাল চলাই খেতি কৰিবলৈ শিকিছে, জান্তৱ প্রবৃত্তিসমূহ দূৰ কৰি সামাজিক ব্যৱস্থা নির্মান কৰিছে, সভ্যতাৰ ফালে গতি কৰিছে। সৃষ্টিশীল শ্রম-ক্ষমতা ক্রমশঃ বৃদ্ধি কৰি মানুহে অৱশেষত ‘উদ্ধৃত্ত’ উৎপাদন কৰিছে আৰু ইয়েই দাসপ্রথা, সামন্তবাদ, পুঁজিবাদ আদি বিভিন্ন স্তৰলৈ মানুহৰ ক্রমবিকাশৰো সোপান প্রদান কৰিছে।  অর্থাৎ কোনো বিমূর্ত ধাৰণা(“স্বার্থপৰতা”)ৰ বিপৰীতে মানৱ ইতিহাসৰ বিকাশৰ কাৰণ হৈছে উৎপাদনৰ ক্ষেত্রখনত হোৱা বিভিন্ন পৰিবর্তনসমূহ।

মন কৰিবলগীয়া যে মানৱ ইতিহাসৰ এই বিভিন্ন পর্যায়সমূহত বস্তুজগতৰ পৰিবর্তনৰ লগতে মানুহৰ ধ্যান-ধাৰণাসমূহৰো পৰিবর্তন ঘটিছে আমোদজনকভাৱে, বৰাই উল্লেখ কৰা ব্যক্তি-স্বার্থপৰতা তথা ব্যক্তি-অধিকাৰ, ব্যক্তি-স্বাধীনতা আদি ধাৰণাবোৰৰ  বিকাশ হৈছে ১৭ শতিকাতহে অর্থাৎ পুঁজিবাদৰ সমসাময়িকভাৱে। পুঁজিবাদৰ বিপৰীতে পূর্বৰ আন কোনো সমাজতেই এই জাতীয় ধাৰণাৰ কেন্দ্রীয়তা বিচাৰি পোৱা  নাযায়।

৩) আধাৰ আৰু উপৰিসৌধঃ  আমি ভাবিছিলো যে অন্ততঃ এইবিষয়ে ময়ূৰ বৰাই কিছু শক্তিশালী সমালোচনা আগবঢ়াবলৈ সক্ষম হব।  পিছে দেখা গল- এইক্ষেত্রতো বৰাৰ যুক্তিসমূহ বিভ্রান্তিৰে ভৰা! বৰাই লিখিছে যে মার্ক্সে অর্থনীতিৰ ক্ষেত্রখন নির্ণয়কাৰী বুলি কৈছিল যদিও  পাছলৈ তেওঁ মানি ললে যে সামন্ত যুগত অর্থনীতিতকৈ ৰাজনৈতিক ক্ষেত্রখনহে অধিক গুৰুত্বপূর্ণ (নির্ণয়কাৰী?)। ই মার্ক্সৰ স্ব-বিৰোধিতাকেই প্রমাণ কৰে।  পিছে  বিশিষ্ট মার্ক্সবাদী  বালিবাৰে Reading Capital গ্রন্থখনিত কি কৈছে চাওঁকঃ “In its widest sense a mode of production is a totality, which covers three levels: economic,  political and ideological. Of these levels, the economic is determinant in the last instance. It determines which one of the three levels will occupy a dominant position in the structure”। অর্থাৎ অর্থনীতিয়েই নির্ধাৰণ কৰে যে সামাজিক-গাঠনিৰ কোনটো পর্যায়ে নির্ণায়ক ৰূপ ধাৰণ কৰিব। উদাহৰণস্বৰূপে, পুঁজিবাদী অর্থনীতিয়ে নির্ধাৰণ কৰে যে অর্থনীতিয়ে পুঁজিবাদী কাঠামোটোত নির্ণায়ক ভূমিকা পালন কৰিব। আনহাতেদি, সামন্তবাদী অর্থনীতিয়ে নির্ধাৰণ কৰে যে ৰাজনৈতিক ক্ষেত্রখনে সামন্তীয় কাঠামোটোত নির্ণায়ক ভূমিকা পালন কৰিব! সহজ ভাষাত কবলৈ হলে, পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিত নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম শক্তি বেচে আৰু বিনিময়ত মজুৰী লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান প্রদান হোৱা যেন ভাব হয়। পিছে সামন্তীয় অর্থনীতিৰ অধীনত কৃষকসকলে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিব লগা হয়। তদুপৰি নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিব লগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। সেয়েহে শোষণৰ প্রক্রিয়াটো চলাই নিবলৈ জমিদাৰে অনা-অর্থনৈতিক(extra economic) অর্থাৎ ৰাজনৈতিকভাৱে জোৰ-জুলুম কৰিব লগা হয়। আন কথাত, জমিদাৰজন একে সময়তে উৎপাদন প্রক্রিয়াটোৰ মালিক হোৱাৰ লগতে ৰাজনৈতিক মালিকো হব লগা হয়। কিন্তু পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত অর্থনৈতিক মালিক(পুঁজিপতি) আৰু ৰাজনৈতিক মালিক(ৰাজনেতা) ভিন ভিন হব পাৰে।

চাবলৈ গলে, পুঁজিবাদৰ উদয়ৰ পাছতহে “অর্থনীতি” বা “অর্থনৈতিক” নামৰ এখন আছুটীয়া ক্ষেত্রৰ সৃষ্টি হৈছে। ইয়াৰ পূর্বৰ সকলো ব্যৱস্থাতে অর্থনীতিৰ ক্ষেত্রখন ৰাজনৈতিক তথা আন আন ক্ষেত্রসমূহৰ সৈতে সংলিপ্ত হৈ থাকিছিল। সেয়েহে প্রাক-পুঁজিবাদী যুগৰ শ্রেণীসমূহ পুঁজিবাদী কালতকৈ কিছু পৰিমানে পৃথক; যিহেতু সিবিলাক অর্থনীতিৰ দ্বাৰা কেন্দ্রীয়ভাৱে নির্ধাৰিত(determined) নহয়।   মন কৰিবলগীয়া কথাটো হৈছে যে এইজাতীয় বিষয় সম্পর্কে সবিস্তাৰে আলোচনা কৰা মার্ক্সবাদৰ এটা বিশেষ ধাৰাই আছে। এই ধাৰাটোক “ৰাজনৈতিক মার্ক্সবাদ” নামেৰেও জনা যায়।

বৰাই হয়তো অভিযোগ কৰিব পাৰে যে এই কথাখিনি মার্ক্সে নিজে কৈ যোৱা নাই। পিছে মূল কথাটো হৈছে যে মার্ক্সৰ আলোচনাৰ পৰাই এই তত্ত্বসমূহৰ নির্মান সম্ভৱপৰ হৈছে। অর্থাৎ নিজকে অহৰহ বিকশিত কৰি যাবলৈ মার্ক্সবাদী তত্ত্বৰ যথেষ্ঠ নমনীয়তা তথা আভ্যন্তৰীন সম্পদ আছে।   যিকোনো আধুনিক তত্ত্বৰ ক্ষেত্রতে এই নিয়মটো প্রযোজ্য।

দ্বিতীয়তে, আন আন কোনো আধুনিক ধাৰণাগত সজুঁলি(conceptual tool)ৰ দৰেই, বাস্তৱৰ বিশ্লেষণৰ ক্ষেত্রত আধাৰ আৰু উপৰিসৌধৰ ধাৰণাটোৰো কিছু সীমিত কিন্তু বিশেষ প্রয়োজনীয়তা আছে। আধাৰ আৰু উপৰিসৌধ কোনো সত্তাতাত্ত্বিক ধাৰণা(ontological concept) নহয়; সিবিলাক জ্ঞানশাস্ত্রীয় ধাৰণাহে(epistemological concept)। বাস্তৱৰ বুকুত এই ধাৰণাসমূহ ঠিক এনেকৈয়ে বিচাৰি পোৱা নাযাব।  নির্দিষ্ট ফিল্ডখনৰ বাহিৰত এই ধাৰণাসমূহ নিস্প্রভ হৈ পৰিবলৈ বাধ্য। উদাহৰণ স্বৰূপে, ক্ষুদ্র ক্ষুদ্র জীৱাণু ইত্যাদিৰ পর্যবেক্ষণ কৰিবলৈ মাইক্র’স্কপৰ প্রয়োজন হয়; কিন্তু মহাজাগতিক গ্রহ-নক্ষত্র ইত্যাদিসমূহ পর্যবেক্ষণ কৰিবলৈ প্রয়োজন হয় বিশেষ প্রকাৰৰ দূৰবীনৰ। অর্থাৎ দুয়োটাকে সামগ্রিক বাস্তৱৰ দুটা ভিন ভিন অংশ পর্যবেক্ষণ কৰিবলৈকে ব্যৱহাৰ কৰা হয়। কিন্তু গ্রহ-নক্ষত্র পর্যবেক্ষণ কৰিবলৈ মাইক্রস্কপটোৰ ব্যৱহাৰ কৰিলে মুর্খামি কৰা বুলিয়েই কোৱা নাযাব জানো?  আধাৰ-উপৰিসৌধৰ ধাৰণাটোৰ ব্যৱহাৰৰ ক্ষেত্রতো একেটা কথাই কব পাৰি।  উল্লেখযোগ্য যে  “আধাৰ-উপৰিসৌধ”ৰ ধাৰণাটোৰ অপব্যৱহাৰ(over-stretching) সম্পর্কে সাৱধান কৰি দিয়া মার্ক্সবাদী তাত্ত্বিক তথা সাহিত্যৰ পৰিমাণ দেধাৰ। এইক্ষেত্রত ৰেইমণ্ড উইলিয়ামছ, ই পি থমছন, আলথুছাৰ, গ্রামছি আদিৰ নাম বিশেষভাৱে লব পাৰি।

পিছে এইবোৰ দিশ সম্পর্কে ভাবিবলৈ বৰাৰ আহৰি নাই। সেয়েহে তেওঁ এনে কেতবোৰ অদ্ভুত কথাৰ অৱতাৰণা কৰিছে যিবোৰ কথা মার্ক্সে কেতিয়াও কোৱা নাই। উদাহৰণ স্বৰুপে, তেওঁ লিখিছে যে মার্ক্সৰ মতে, “সমাজ-সংস্কৃতি, ৰাজনীতি আদি অন্যান্য বিষয়সমূহ মানুহৰ বাবে গুৰুত্বপূর্ণ যদিও ইয়াৰ গুৰুত্ব আপেক্ষিকভাৱে অর্থনৈতিক কাৰকতকৈ কম। অর্থনৈতিক দিশটো পূৰণ হলেহে মানুহৰ আন আন কথালৈ হাবিয়াস জন্মে।” বৰাই আচলতে মার্ক্সৰ জ্ঞানশাস্ত্রীয় কথাখিনি সত্তাতাত্ত্বিকভাৱে গ্রহণ কৰিছে!

বৰাই মতাদর্শ, চেতনা, চাবজেক্টিভিটি আদি বিভিন্ন প্রসংগৰ অৱতাৰণা কৰি শ্রমিক সম্পর্কীয় মার্ক্সৰ কথনখিনি নাকচ কৰিব বিচাৰিছে। তেওঁ দক্ষিণ আফ্রিকাৰ শ্বেতাংগ শ্রমিকসকলৰ উদাহৰণ দি শ্রমিক একতাৰ প্রশ্নটো যে সম্পূর্ণভাৱে ভুল – এই কথাটো প্রতিপন্ন কৰিব বিচাৰিছে। চাব্জেক্টিভিটিৰ বিষয়টো নিশ্চিতভাৱে যথেষ্ঠ  জটিল। পিছে কথাটো হৈছে যে বাস্তৱ জগতখনে আমাৰ চেতনাবোধত আইনা এখনৰ দৰে ইমান সুস্পষ্ট হৈ ধৰা দিয়া হলে কোনো তত্ত্ব বা বিজ্ঞানৰে প্রয়োজনীয়তা নাথাকিলেহেঁতেন! উদাহৰণ স্বৰূপে খালি চকুৰে চালে পৃথিবীখন চেপেটা, তথা আকাশখন নীলা যেনেই অনুভৱ হয়। কিন্তু বিজ্ঞানৰ বলত আজি আমি জানো যে সেয়া সত্য নহয়। অর্থাৎ বাস্তৱ সম্পর্কে জ্ঞান লভিবলৈ হলে বিজ্ঞান তথা তত্ত্বৰ প্রয়োজন অপৰিসীম। একেটা কথাকে মার্ক্সবাদ তথা শ্রেণী সংগ্রাম সম্পর্কেও কব পাৰি। প্রশ্নটো হৈছে এনেকুৱাঃ যদিহে দক্ষিণ আফ্রিকাৰ শ্বেতাঙ্গ-কৃষ্ণাঙ্গ নির্বিশেষে সকলো শ্রমিককে পুঁজিপতিসকলে শোষণ কৰিছে, তেনেস্থলত এখন ঐক্যবদ্ধ সংগ্রামৰ ভিত্তি আছেনে নাই? অৱশ্যে এইক্ষেত্রত শ্রেণী সংগ্রামৰ লগতেই বর্ণ-বৈষম্য বিৰোধী সংগ্রামখনিকো নিশ্চয়েই আগবঢ়াই নিব লাগিব, যাতে বর্ণৰ ভিত্তিত শ্রমিকসকল বিভাজিত হৈ নাথাকে। কিন্তু সেইবুলি এই  শ্রমিকসকলে সদায়েই নিজ শ্রেণী-স্বার্থৰ প্রতি চকু মুদি থাকিব বুলি ভবাৰো কোনো যুক্তিযুক্ততা আছে জানো? আচলতে বৰাৰ তত্ত্বমতেই এনে হোৱাটো অসম্ভৱ; কিয়নো যদিহে পুঁজিপতিসকলৰ বিৰুদ্ধে সকলো শ্রমিকৰে কেতবোৰ সমূহীয়া তথা নিজা স্বার্থ আছে, তেনেহলে এদিন নহয় এদিন শ্রমিকসকলে এই কথা উপলব্ধি কৰিবই!

অৱশ্যে যদিহে কোনোবাই বর্ণ-বৈষম্যৰ কথাটো কেৱল ভুল চেতনা বুলি ভাবি বিশ্লেষণ নকৰাকৈ থাকে, সেয়াও ভুল হব। শ্রেণী-শোষণৰ দৰেই বর্ণগত বৈষম্যৰো কেতবোৰ বস্তুনিষ্ঠ আধাৰ থাকে। মার্ক্সবাদে কেতিয়াও কোৱা নাই যে শ্রেণী-সংগ্রামেই একমাত্র কথা; আন সকলোবোৰ শোষণ তথা সংগ্রাম ভ্রান্তিমূলক। আমোদজনকভাৱে, দক্ষিণ আফ্রিকাত বর্ণ-বৈষম্য বিৰোধী সংগ্রামখনিৰো কিন্তু গুৰি ধৰিছিল এই সাম্যবাদীসকলেই। আনকি পাছলৈ দেখা গল যে তেওঁলোকে বর্ণ-বৈষম্য বিৰোধী সংগ্রামখনিত নিমগ্ন হৈ শ্রেণী সংগ্রামৰ বিষয়টোকেই আওকান কৰিলে! পিছে সেয়া অন্য এক প্রসংগ।

৪) শ্রেণী সংগ্রাম, ইতিহাসতত্ত্ব ইত্যাদিঃ ইতিহাস সম্পর্কীয় মার্ক্সৰ কেতবোৰ দৃষ্টিভংগীৰ সমালোচনা কৰি বৰাই লিখিছে যে কেবল শ্রেণীসংগ্রামক ইতিহাসৰ চালিকাশক্তিৰূপে গণ্য কৰিব নোৱাৰি। বার্ট্রাণ্ড ৰাছেলৰ উদ্ধৃতি দি তেওঁ এনেদৰে লিখিছে, “বহু কাৰকৰ সমাহাৰত কোনো এটা নির্দিষ্ট সময়ত বুৰঞ্জীয়ে কোনো এটা দিশলৈ গতি কৰিব পাৰে।” অর্থাৎ ইতিহাস কোনো বিশেষ এটা কাৰকৰ সৃষ্টি  নহয়; এই ক্ষেত্রত বিভিন্ন কাৰক যুক্ত হৈ থাকে। তদুপৰি মার্ক্সে ভবাৰ দৰে শ্রমিকসকলে কোনো বিপ্লৱী ভূমিকাও পালন নকৰিলে। কেতবোৰ সংস্কাৰ সাধন কৰিয়েই তেওঁলোক সন্তুষ্ট হৈ ৰল। অর্থাৎ মার্ক্সৰ ভবিষ্যতবাণী মিছা বুলিয়েই প্রমাণিত হল।

এই সম্পর্কে কেইবাটাও কথা কব পাৰি। এইক্ষেত্রত ঐতিহাসিক বিকাশ সম্পর্কীয় মার্ক্সৰ “ঐতিহাসিক বস্তুবাদ” শীর্ষক তত্ত্বৰ কথাও টানি আনিব পাৰি। পিছে বৰাই ঐতিহাসিক বস্তুবাদৰ  কোনো উল্লেখেই নকৰিলে। সেয়েহে আমিও এইক্ষেত্রত কেতবোৰ সাধাৰণ মন্তব্য দিয়েই ক্ষান্ত থাকিম। প্রথমঃ যিকোনো সামাজিক প্রক্রিয়াৰ কাৰণ বুজিবলৈ হলে কেতবোৰ তাত্ত্বিক পদ্ধতি বিকশিত কৰি লব লগা হয়। পদ্ধতিৰ পাছতে আহে তত্ত্বৰ প্রশ্নটো। পিছে তত্ত্ব নিজেই বিশ্লেষণ হব নোৱাৰে; বৰঞ্চ ই বিশ্লেষণৰ এক সজুঁলিহে। ইয়াৰ পাছত আহে তথ্যৰ প্রশ্নটো। তত্ত্বই তথ্যসমূহক এক বিশ্লেষণী শক্তি প্রদান কৰে। অর্থাৎ তত্ত্বৰ অবিহনে তথ্য শক্তিহীন(ইতিহাসৰ ছাত্র হিচাপে বৰা ডাঙৰীয়াই এই বিষয়ক ই এইচ কাৰৰ “ইতিহাস কি” গ্রন্থখনি নিশ্চয় পঢ়িছে)। পিছে সমস্যটো তেতিয়াই হয়, যেতিয়া তত্ত্বখিনিকেই মানুহে বিশ্লেষণ বুলি ঘোষণা কৰে। বৰা ডাঙৰীয়াই এইটো কামকে কৰিছে। তথ্যৰ স্তৰত মার্ক্সে“ শ্রেণী-সংগ্রামেই ঐতিহাসিক বিকাশৰ মূল কাৰণ” বুলি কোৱা নাছিল। সেইবুলি কবলৈ তেওঁ মূঢ়মতি হব লাগিব। বৰঞ্চ  এইজাতীয় ঘোষণাসমূহ তেওঁ তাত্ত্বিক স্তৰতহে কৰিছিল, তাকো ঐতিহাসিক বস্তুবাদৰ বিশেষ সন্দর্ভত। তেওঁ ঐতিহাসিক বিকাশৰ কেতবোৰ পেটার্ণ বুজিবলৈ চেষ্টা কৰিছিল আৰু সেইবাবেই তেওঁ উৎপাদিকা শক্তি, উৎপাদন সম্বন্ধ আদি কেতবোৰ ধাৰণা বিকশিত কৰিছিল। এইক্ষেত্রত  “বহু কাৰকৰ সমাহাৰত কোনো এটা নির্দিষ্ট সময়ত বুৰঞ্জীয়ে কোনো এটা দিশলৈ গতি কৰিব পাৰে” বোলা কথাষাৰ সাধাৰণ অর্থত শুদ্ধ হলেও জ্ঞানশাস্ত্রৰ ফালৰ পৰা ই সম্পূর্ণভাৱে অর্থহীন। তত্ত্বৰ সহায় অবিহনে এইদৰে কেতবোৰ তথ্যসদৃশ মন্তব্য আওঁৰাই থকা পৰম্পৰাটোক তথ্যবাদ (empiricism) বুলি কোৱা হয়। তাত্ত্বিক জ্ঞান লাভৰ দিশৰ পৰা এই জাতীয় তথ্যসর্বস্বতাই কোনোধৰণৰ সহায় কৰা দেখা নাযায়।   

শ্রমিকৰ বৈপ্লৱীক ভূমিকা সম্পর্কীয় কথাখিনিৰ ক্ষেত্রতো একেধৰণৰ কথাই কব পাৰি। শ্রমিকক বিপ্লৱৰ এজেণ্ট বুলি কওঁতে মার্ক্সে কোনো সমকালীন সমাজতাত্ত্বিক সত্য(sociological truth)ৰ কথা কোৱা নাছিল; যদিও কিছুসংখ্যক মার্ক্সবাদীয়ে কথাখিনি এনেকৈয়ে বুজিবলৈ চেষ্টা কৰে। বৰঞ্চ তেওঁ পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকৰ বিশেষ সামাজিক অৱস্থানে বিপ্লৱৰ বাবে এক বস্তুনিষ্ঠ পৰিবেশ সৃষ্টি কৰি দিয়া বুলিহে কৈছিল। অৱশ্যে এইজাতীয় জটিলতাৰ মাজলৈ নোযোৱাকৈও আন এক ধৰণে কথাখিনি কব পাৰি। যথাঃ বিপ্লৱ সংঘটিত নোহোৱাৰ বাবে মার্ক্সবাদে কোনো যথাযোগ্য বস্তুনিষ্ঠ কাৰণ দাঙি ধৰিব পাৰিছেনে নাই? শ্রমিক-শ্রেণীৰ সংস্কাৰবাদী প্রবণতাসমূহৰ কোনো মার্ক্সবাদী বিশ্লেষণ আছে নে নাই?  এই বিশ্লেষণ/কাৰণ সমূহৰ সৈতে মার্ক্সবাদৰ মূল তত্ত্বসমূহৰ সংগতি(consistency) আছে নে নাই? যদি এনে কোনো সংগতিপূর্ণ কাৰণ /বিশ্লেষণ দর্শাবলৈ মার্ক্সবাদ সক্ষম হৈছে,  তেনেহলে মার্ক্সবাদ সম্পর্কে সংশয়গ্রস্থ হোৱাৰ কোনো কাৰণ নাই।

৫) সমাজবাদঃ বৰাৰ সমাজবাদ সম্পর্কীয় অধ্যায়কেইটা সম্পূর্ণভাৱে কুৎসা ৰটনালৈ পৰিবর্তিত হৈছে। ‘মার্ক্সবাদী ইতিহাস চর্চাৰ প্রতি শ্রদ্ধাশীল’ বৰাই কিন্তু এইক্ষেত্রত কোনোধৰণৰ বস্তুনিষ্ঠ আলোচনাৰ কথা উল্লেখ কৰা নাই, নিজেই আলোচনা কৰাটো দূৰৈৰে কথা। কেনেধৰণৰ পৰিস্থিতিত এই সমাজবাদী দেশসমূহত বিপ্লৱ সংঘটিত হৈছিল, কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ বিপ্লৱীসকলে কি কি পন্থা প্রয়োগ কৰিছিল, এই সমাজসমূহৰ শ্রেণী-গাঁঠনি কেনেধৰণৰ আছিল – ইত্যাদি বিভিন্ন প্রশ্ন সম্পর্কে বস্তুনিষ্ঠ আলোচনা কৰা হলেহে বৰাৰ উদ্দেশ্য সফল হলহেঁতেন। কিন্তু সিবিলাকৰ বিপৰীতে কিতাপখন পঢ়াৰ পাছত এনে অনুভৱ হয়- যেন সমাজবাদী দেশকেইখনক কোনোৰকমে নৰৰক্ত-পিপাসু দৈত্যৰ ৰূপত উপস্থাপন কৰিব পাৰিলেই তেওঁ উদ্দেশ্য সম্পূর্ণ হব।  চোভিয়েট ইউনিয়নৰ প্রসংগত বৰাই ট্রটস্কীৰ নাম লৈছে, কিন্তু ট্রটস্কীয়ে স্তালিনবাদ সম্পর্কে কৰা মার্ক্সবাদী আলোচনাৰ কোনো উল্লেখ তেওঁ কৰা নাই। আচলতে মার্ক্সবাদটো বাদেই, চোভিয়েট ইউনিয়ন বা চীন বিষয়ক কোনোধৰণ বিশ্লেষণ কৰিবলৈকে যেন বৰা ডাঙৰীয়া প্রস্তুত নহয়। এনে ইচ্ছাহীনতাৰ কাৰণ বুজা টান।

চোভিয়েট ইউনিয়ন ইত্যাদিৰ সমালোচনা কৰাত আমাৰ আপত্তি নাই। আপত্তি এই বিষয়কলৈহে যে বৰাই কোনো বিশ্লেষণ নকৰাকৈ কেৱল কুৎসা ৰটনাহে কৰিছে। এইক্ষেত্রত কেৱল মতাদর্শ হিচাপে মার্ক্সবাদক জগৰীয়া কৰিলেই নহব। বৰঞ্চ এই সমাজবাদী দেশসমূহত মার্ক্সবাদে কেনেধৰণৰ ৰূপ ললে তথা কিয় তেনেবোৰ ৰূপ ললে – ইত্যাদি প্রশ্নৰো উত্তৰ দিয়াটো দৰকাৰ। স্তালিনবাদ বিৰোধী যিকোনো চিন্তাশীল তথা গণতান্ত্রিক মনোভাবাপন্ন ব্যক্তিৰেই এয়া পৰম কর্তব্য। অন্যথা ভবিষ্যতে যদি কেনেবাকৈ স্তালিনবাদৰ উত্থানৰ প্রশ্ন আহি পৰে, তেনেহলে তাক বাধা দিয়া হব কেনেদৰে? পিছে বৰা এইক্ষেত্রত সচেতন হোৱা দেখা নগল। তেওঁ  কেৱল গালি দিয়েই কর্তব্য সামৰিলে।  সেয়েহে আমিও এইক্ষেত্রত অধিক আলোচনাৰ অৱকাশ নেদেখিলো।
..........................................................................................

সমাজবাদৰ অতীত আৰু ভবিষ্যতঃ  আচলতে স্তালিনবাদ সম্পর্কে মার্ক্সবাদীসকলৰ মাজত আলোচনা ১৯৩০ৰ দশকৰ পৰাই আৰম্ভ হৈছিল। এই ক্ষেত্রত বর্তমান যুগৰ মার্ক্সবাদীসকলেনো কেনেধৰণৰ শিক্ষা গ্রহণ কৰিছে, তাৰ এটি ধাৰণা দিবলৈকে মই বহুদিন আগতে অনুবাদ কৰা লেখনী এটাৰ কিয়দাংশকে পাঠকৰ বাবে আগবঢ়ালো।


বিংশ শতিকাৰ সমাজবাদ

জন্মকালৰ বিশেষ পৰিস্থিতিয়ে সমাজবাদৰ শৰীৰতো কেতবোৰ বিশেষ চাপ এৰি গৈছেগতিকেই তাৰ স্বৰূপ আৰু গতিপথৰ বিকাশত সিবিলাকৰ প্রভাৱ পৰাটো স্বাভাৱিক পৰিস্থিতিৰ উৎপত্তি সাধাৰণতে সমাজৰ শাসকীয় ব্যৱস্থাটোৰ চৰিত্র অনুসৰিয়েই হয় যদিও ব্যৱস্থা বিৰোধী সংগ্রামৰ জৰিয়তেও পৰিস্থিতিৰ নির্মাণ হোৱা দেখা যায়। অতীতৰ সফল বিপ্লৱসমূহৰ সময়ত বিপ্লৱী এজেঞ্চিয়ে কেনেদৰে তদানীন্তন পৰিস্থিতিৰ অধ্যয়ণ কৰিছিল আৰু নিজ ভূমিকা নির্ণয় কৰিছিল তথা এই এজেঞ্চিৰ হস্তক্ষেপে কেনেধৰণৰ পৰিৱর্তন মাতি আনিছিল – ইত্যাদি প্রশ্নসমূহ বর্তমানৰ বিপ্লৱীসকলৰ বহুল আলোচিত বিষয়। অনাগত সমাজবাদৰ ৰেহ-ৰূপ বহুদূৰৈলৈ সমকালীন পুঁজিবাদে জন্ম দিয়া পৰিস্থিতিয়েই নির্ধাৰণ কৰিব যদিও এইক্ষেত্রত বিপ্লৱী এজেঞ্চিৰ হস্তক্ষেপৰ ধৰণেও বিশেষ নির্ধাৰকৰ ভূমিকা পালন কৰিব। এনে হস্তক্ষেপসমূহ কেনেধৰণৰ হ’ব- সি নির্ভৰ কৰিব কেনে প্রকাৰৰ শিক্ষা বিপ্লৱীসকলে বিংশ শতিকাৰ সমাজবাদৰ পৰা গ্রহণ কৰিব। অর্থাৎ সমাজবাদৰ এক নতুন ৰেহ-ৰূপ তৈয়াৰ কৰিবলৈ বিংশ শতিকাৰ সমাজবাদ সম্পর্কে এক সঠিক দৃষ্টিভংগী বিকশিত কৰাটো প্রয়োজনীয় হ’ব।

সমাজবাদৰ শত্রুহঁতে সদায়েই আঙুলিয়াব বিচাৰে যে বিশ্ব জুৰি পুঁজিবাদৰ বিনাশ ঘটুৱাবলৈ আত্মপ্রকাশ কৰা সমাজবাদে নিজকে পতনৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। সমাজবাদৰ যি দুই এক অৱশিষ্ট এতিয়াও বাকী আছে, সিবিলাকেও পুঁজিবাদৰ অনুকৰণ কৰিহে বাচি থাকিব পাৰিছে সিহঁতে এনে এক আভাস দিবলৈ চেষ্টা কৰে যেন সমাজবাদৰ ভৱিষ্যত সম্পর্কে এতিয়াও আস্থাবান লোকসকলে ইতিহাসৰ গতিপথ ওলোটা দিশেৰে ঘূৰাই আনি বিংশ শতিকাৰ সমাজবাদকে পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰিব। সমাজবাদ-বিৰোধীহঁতৰ এনে আস্ফালনৰ কাৰণ বুজিবলৈ কঠিন নহয়। কিন্তু আশ্বর্যজনকভাৱে সমাজবাদৰ বহুতো প্রৱক্তাৰ মুখতো এনেধৰণৰ কথা বার্তা শুনিবলৈ পোৱা যায়। তেওঁলোকে বিংশ শতিকাৰ সমাজবাদৰ আর্হিকে সমাজবাদৰ ধ্রুপদী আর্হি যেন গণ্য কৰেএই ক্ষেত্রত বাস্তৱিক পৰিস্থিতি সাপেক্ষে বাহ্যিক ৰূপৰ কিছু হীন-দেঢ়ি ঘটিলেও সমাজবাদৰ মূল গাঁঠনিৰ স্বৰূপ বিংশ শতিকাৰ দৰেই হ’ব বুলি মানি লোৱা হয়।

এনে ধৰণৰ দৃষ্টিভংগীসমূহ ভ্রান্তিমূলক কিয়নো সিবিলাকে বিংশ শতিকাৰ সমাজবাদে মুখামুখি হোৱা বস্তুনিষ্ঠ পৰিস্থিতিসমূহ - যথা কেনেধৰণৰ পৰিস্থিতিত বিংশ শতিকাৰ সমাজবাদে জন্ম লাভ কৰিছিল, কেনেধৰণৰ জৰুৰীকালীন অৱস্থাৰ মাজেৰে বিপ্লৱ আগুৱাই যাব লগা হৈছিল,  সিবিলাকে বিপ্লৱৰ ওপৰত কেনেধৰণৰ প্রভাৱ পেলাইছিল – ইত্যাদিৰ বিশ্লেষণৰ প্রতি যথোচিত মনোযোগ নিদিয়ে।

বিংশ শতিকাৰ সমাজবাদ সেই শতিকাৰ বিশেষ পৰিস্থিতিৰ ফচল আছিল। আনকি সমাজবাদৰ  তত্ত্বগত আৰু মতাদর্শগত দৃষ্টিভঙ্গীৰ ওপৰতো এই পৰিস্থিতিৰ বিশেষ প্রভাৱ পৰিছিল। ই এনে এক সমাজবাদ আছিল যি বিভিন্ন প্রাক-পুঁজিবাদী বা অনগ্রসৰ পুঁজিবাদী সমাজত ঔপনিবেশিকতাবাদ তথা সামন্তবাদৰ শাসন উফৰাই স্থাপিত হৈছিল। যুদ্ধ, ঘেৰাও, বিনাশ আৰু অনেক কষ্টকৰ পৰিস্থিতিৰে ভৰা জৰুৰীকালীন অৱস্থাৰ পৰিবেশত এই সমাজবাদৰ নির্মাণ হৈছিল। তাৰ অন্তিম ফলাফল যিয়েই নহওঁক কিয় – এটা কথা ঠিক যে বিপ্লৱে এই সমাজসমূহক সিবিলাকৰ তদানীন্তন সংকটৰ পৰা উদ্ধাৰ কৰি প্রগতিৰ পথলৈ আনিবলৈ সক্ষম হৈছিল। ফলস্বৰুপে এই সমাজসমূহ সিবিলাকৰ সমস্ত অতীতৰ তুলনাত বহুগুণ অধিক সম্পদশালী, সমতাবাদী, ন্যায়সংগত আৰু আধুনিক হ’বলৈ সক্ষম হৈছিল। আন কথাত কবলৈ গলে – এয়া এক অনগ্রসৰ সমাজবাদ আছিল আৰু জৰুৰীকালীন অৱস্থাৰ সমাজবাদ আছিল। যি পৰিস্থিতিৰ মাজেৰে এই সমাজবাদৰ জন্ম আৰু বিকাশ ঘটিছিল, সেই পিনৰ পৰা এয়া এক সফল পৰীক্ষ আছিল।

পৰিস্থিতিয়েই বিপ্লৱৰ চৰিত্র আৰু পথ নির্ধাৰণ কৰে ই আত্মনিষ্ঠ(subjective) শক্তিসমূহৰ প্রয়োজনীয়তাসমূহযেনে বিপ্লৱী নেতৃত্ব কোনবোৰ কার্যত দক্ষ হ’ব লাগিব - ইত্যাদি দিশসমূহো নির্ধাৰণ কৰে বিংশ শতিকাৰ বিপ্লৱসমূহ এনে পৰিস্থিতিত সম্পন্ন হৈছিল য’ত এটা বা দুটা সহজ শ্লগান – যেনে মাটি, ভাত, গণতন্ত্র বা জাতীয় স্বাধীনতা –ইত্যাদিৰ দ্বাৰাই জনগণক একৱদ্ধ কৰি বিপ্লৱৰ পথলৈ আকর্ষিত কৰাটো সম্ভৱ আছিল। শাসক শ্রেণীৰ প্রভাৱ আৰু আধিপত্যৰ পৰা জনগণক মুক্ত কৰিবলৈ বিপ্লৱীসকলে এক দীর্ঘকালীন সংগ্রামত অৱতীর্ণ হ’ব লগা হোৱা নাছিল। এই সহজ শ্লগানসমূহৰ আধাৰত ৰাইজ বিপ্লৱী বাহিনীত অংশগ্রহণ কৰিবলৈ আৰু বিপ্লৱৰ হকে শেষ পর্যন্তলৈকে যুঁজিবলৈ সাজু আছিল। এই বিপ্লৱসমূহত “বিশ্বৰ দীন-হীন নিথৰুৱা”ই মূৰ দাঙি উঠিছিল আৰু স্বর্গ-মর্ত্য একাকাৰ কৰিবলৈ সংকল্প গ্রহণ কৰিছিল।

গতিকেই বিংশ শতিকাৰ বিপ্লৱসমূহৰ বাবে এনে কেতবোৰ দল তথা নেতৃত্বৰ প্রয়োজন আছিল যি যুদ্ধ কৰাত পাকৈত আছিল আৰু জৰুৰীকালীন অৱস্থাৰ সৈতে সফলতাৰে মোকাবিলা কৰিব পাৰিছিল বিপ্লৱোত্তৰ কালত এখন বৈকল্পিক সমাজ নির্মাণৰ বাবে তথা মানৱতাৰ হেতুকে এক সোণালী সপোন ৰচিবৰ বাবে মতাদর্শগত সংগ্রামৰ প্রয়োজনীয়তা সেই সময়তো আছিল, কিন্তু এনেধৰণৰ চিন্তা-চর্চা তথা প্রচেষ্টাসমূহ নেতা, বুদ্ধিজীৱি তথা অন্যান্য অগ্রগামী অংশৰ মাজতেই সীমাৱদ্ধ আছিল। সমাজৰ বহুলাংশৰ বাবে সিবিলাক গম্ভীৰ চিন্তাৰ বিষয় হৈ নুঠিল।  এক সমাজবাদী ভৱিষ্যতৰ দৃষ্টি বিকশিত কৰাৰ কার্যভাৰৰ পৰা জনগণ এতিয়াও দূৰৈতে আছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এবাৰ সমাজৰ পুৰণিকলীয়া অত্যাচাৰী আৰু বিদেশী শোষকহঁতৰ পৰা মুক্ত হ’ব পাৰিলে নতুন পৃথিবী এখনৰ জন্ম হ’বলৈ বিশেষ কষ্ট নহ’ব। এইক্ষেত্রত নতুন ব্যৱস্থাৰ বিস্তৃত বর্ণনাৰ প্রয়োজন নাছিল। নতুন ব্যৱস্থাৰ চৰিত্র, গাঁঠনি, অনুষ্ঠান, আর্হি যিয়েই নহওঁক কিয়, সেয়া তেওঁলোকৰ আপোন ব্যৱস্থা হ’ব আৰু অতীতৰ অত্যাচাৰ আৰু বঞ্চনাৰ পৰা মুক্ত এক নতুন পৰিবেশত তেওঁলোকে সন্মান সহকাৰে জীয়াই থাকিব পাৰিব। এই নতুন সমাজখনে বাঞ্ছনীয় পথেৰে যাত্রা অব্যাহত ৰাখিব পাৰিবনে নাই, আন আন দেশৰ ভিন ব্যৱস্থাৰ সৈতে ই প্রতিযোগিতা অথবা সহাৱস্থান কৰিব পাৰিবনে নাই, ই শোষক আৰু অত্যাচাৰীৰ নতুন দলৰ জন্ম দিব নেকি - এই সমস্ত বিষয়সমূহ সেই সময়ত সকলোৰে বাবে জ্বলন্ত  চিন্তা-চর্চাৰ বিষয় হৈ উঠা নাছিল।

অৱশেষত বিপ্লৱৰ প্রাৰম্ভিক কালছোৱাৰ এসময়ত অন্ত পৰিল যুদ্ধ, জৰুৰীকালীন অৱস্থা, আৰু ভয়াবহ বঞ্চনাৰ কালছোৱাৰ অন্ত পৰি সামান্য পৰিস্থিতিৰ সময় উভটি অহাৰ লগতে নতুন নতুন এজেণ্ডা কেতবোৰৰো উদয় হ’ল“বিশ্বৰ দীন-হীন নিথৰুৱা”সকল মাটিৰ মালিক, সমবায়ৰ সদস্য, কাৰখানা, ফার্ম আৰু সমষ্টিৰ সদস্য হৈ পৰিল। “বিশ্বৰ শ্রমিক” হোৱাৰ পথেৰে তেওঁলোক আগবাঢ়িল পূর্বৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে তেওঁলোকৰ আশা-আকাংক্ষাসমূহো ক্রমশঃ পূর্বৰ সময়তকৈ ভিন্ন হৈ পৰিলএতিয়া প্রশ্ন উঠিল যে তেওঁলোক প্রকৃত অর্থত নিজৰ ভাগ্যৰ নিয়ন্তা হৈ উঠিব পাৰিব নে? সদাবৃদ্ধিমান উৎপাদনশীলতা, সৃজনশীলতা, সমৃদ্ধি, গণতন্ত্র, চয়ন আৰু স্বাধীনতাৰ এক আলোকময় পথেৰে তেওঁলোকে বাট বুলিব পাৰিব নে? এইখিনিতে পুঁজিবাদৰ সৈতে  প্রতিযোগিতাৰ প্রশ্নটোও আহি পৰিল এই সামান্য পৰিস্থিতিৰ মাজতে বিপ্লৱে উজুটি খাবলৈ আৰম্ভ কৰে জৰুৰীকালীন পৰিস্থিতিৰ মাজত যিসমূহ দল আৰু নেতৃত্বই অসাধাৰণ সফলতাৰ পৰিচয় দিব পাৰিছিল, সামান্য পৰিস্থিতিৰ মাজলৈ আহি সিবিলাক ব্যর্থ হ’বলৈ ধৰে অতীতৰ গৌৰৱময় বিপ্লৱসমূহ প্রাণহীন অর্থনীতি, সৃজনহীন আৰু যন্ত্রৱৎ উৎপাদক, চেতনহীন শ্রমিক, অগণতান্ত্রিক ৰাজনীতি, নিষ্ক্রিয় সমাজ আৰু মতান্ধ বিশ্ব-বীক্ষাৰ অৱস্থালৈ আহি সমাপিত হয় শেষ পর্যন্ত জন্ম-পৰিস্থিতিৰ সীমাৱদ্ধতাসমূহ পাৰ হৈ সমূখলৈ আগুৱাই যোৱাৰ ক্ষেত্রত বিংশ শতিকাৰ সমাজবাদ বিফল হয়। পুঁজিবাদৰ বিৰুদ্ধে এক নির্ণায়ক তথা বিশ্ব-ঐতিহাসিক পৰাজয় মাতি অনাৰ বিপৰীতে ই পুঁজিবাদলৈকে ঘূৰি অহাৰ এক উপপথ-স্বৰূপ হৈ পৰে

বিশ্বৰ সমগ্র শ্রমিকেই বিংশ শতিকাৰ সমাজবাদৰ অসাধাৰণ কৃতিত্বসমূহৰ সূযোগ্য উত্তৰাধিকাৰী, আৰু এই কীর্তিৰ গৌৰৱ তেওঁলোকৰ প্রাপ্য-কিন্তু একে সময়তে এই সমাজবাদৰ পৰাজয়ৰ পৰা যথাযথ শিক্ষা গ্রহণ কৰাটোও তেওঁলোকৰ পৰম পবিত্র কর্তব্য।

পুঁজিবাদী শোষণৰ বিনাশ ঘটোৱাটো সকলো সমাজবাদী কার্যসূচীৰে কেন্দ্রীয় লক্ষ্য; কিন্তু এই লক্ষ্য এনেদৰে পূৰণ কৰিব লাগিব যাতে ই সমাজখনিক উৎপাদনশীলতা, সমৃদ্ধি, গণতন্ত্র আৰু মুক্তিৰ উচ্চতৰ স্তৰলৈ লৈ যাবলৈ সক্ষম হ’ব। পুঁজিবাদ নিশ্চয়েই এক অনৈতিক ব্যৱস্থা আৰু ই সমাজৰ অধিকাংশ লোককেই দৈন্যৰ মাজত বসবাস কৰিবলৈ বাধ্য কৰে, কিন্তু একেসময়তে পুঁজিৰ প্রণালী তথা প্রক্রিয়াসমূহে সামাজিক উৎপাদিকা শক্তিসমূহৰো প্রচণ্ড বিকাশ সাধন কৰে পুঁজিবাদ বিৰোধী যিকোনো ব্যৱস্থাই উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্রত পুঁজিবাদৰ সৈতে ফেৰ মাৰিব পাৰিবই লাগিব। তাৰ অন্যথাই পুঁজিবাদক পৰাস্ত কৰাটো সম্ভৱ নহ’ব। তদুপৰি কেৱল শ্রমিকৰ উচ্চ চেতনাৰ ওপৰত নির্ভৰ কৰি সমাজবাদ টিকি থকাটো সম্ভৱ নহ’ব।সমাজবাদে সমাজৰ সৈতে জৈৱিকভাৱে জড়িত এনে বহুতো প্রক্রিয়া আৰু ক্রিয়াপদ্ধতি বিকশিত কৰিব পাৰিব লাগিব যি শ্রমিকৰ আকাংক্ষা তথা স্বার্থৰ প্রতিফলন ঘটাব পাৰিব।

উৎপাদনৰ সঁজুলিসমূহৰ মালিকীস্বত্ত আৰু তাৰ আনুষঙ্গিক গাঁঠনিৰ(the ownership structure of means of production) প্রশ্নটোৱে উদ্বৃত্ত সমাযোজনৰ ক্রিয়াপদ্ধতিসমূহ( mechanisms for surplus appropriation) নির্ধাৰণ কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন দেখা যায়। পুঁজিবাদৰ বিশেষ পৰিস্থিতিত উৎপাদনৰ সঁজুলিসমূহৰ ব্যক্তিগত মালিকানাৰ ৰূপেই সাধাৰণতে এই গাঁঠনিত আধিপত্য লাভ কৰে অৱশ্যে আধুনিক পুঁজিবাদে এই গাঁঠনিৰ মাজত ৰাষ্ট্রীয় মালিকানাৰ ৰূপসমূহো  অন্তুর্ভূক্ত কৰাৰ উপায় বিকশিত কৰি লৈছে। মূলতঃ আজিও – ‘সামাজিক উৎপাদন আৰু ব্যক্তিগত সমাযোজন’ৰ(socialized production and private appropriation) - অন্তর্বিৰোধেই হৈছে পুঁজিবাদৰ প্রাথমিক অন্তর্বিৰোধ।

বিংশ শতিকাৰ সমাজবাদত উৎপাদনৰ সঁজুলিসমূহৰ সমূহীয়া মালিকীস্বত্ত আৰু ক্ষুদ্র মাত্রাৰ ব্যক্তিগত মালিকীস্বত্তৰ বিভিন্ন সমাহাৰ দেখিবলৈ পোৱা গৈছিল যদিও ই মূলতঃ এক ৰাষ্ট্রীয় মালিকীস্বত্ত নির্ভৰ ব্যৱস্থা আছিল। সমগ্র জনগণৰ মালিকানাৰ আদর্শ বাস্তৱায়িত কৰাৰ ইয়েই একমাত্র সম্ভৱপৰ পথ বুলি ভবা হৈছিল। ইয়েই ‘সামাজিক উৎপাদন আৰু ব্যক্তিগত উপযোজন’ৰ অন্তর্বিৰোধৰো সমাপ্তি ঘটাব বুলি ভবা হৈছিল। গতিকেই, ৰাষ্ট্র হৈ পৰিছিল চৰমবিন্দু আৰু বহু ক্ষেত্রত ই সকলো আর্থিক তথা ৰাজনৈতিক প্রক্রিয়াৰ একমাত্র স্থলীলৈ পৰিণত হৈছিল। কার্যকৰী অর্থত পার্টি হৈ পৰিছিল ৰাষ্ট্রৰ একমাত্র নির্মাণকাৰী ঘটক সেই সময় তথা সমাজসমূহৰ বিশেষ পৰিস্থিতিত সমাজবাদৰ এনে ধাৰণাই  বহুতো অনিচ্ছাকৃত বিষম ফলাফলৰ জন্ম দিছিল।

প্রথমতেই, ৰাষ্ট্রীয় মালিকানাৰ এই ব্যৱস্থাই সমগ্র জনগণৰ মালিকানাৰ ৰূপ ল’বগৈ নোৱাৰিলে। বৰঞ্চ ই উৎপাদনৰ সঁজুলিসমূহৰ ওপৰত আমোলাতান্ত্রিক নিয়ন্ত্রণহে বৃদ্ধি কৰিলে। ইয়েই আছিল  বিংশ শতিকাৰ সমাজবাদৰ স্খলনৰ মূখ্য কাৰণ। লাহে লাহে এই সমাজসমূহে ৰাষ্ট্রীয়-পুঁজিবাদৰ বিভিন্ন ৰূপ বিকশিত কৰিলে তথা উদ্বৃত্ত উপযোজন কৰা এক নতুন শ্রেণীৰ জন্ম দিলে এই শ্রেণীটোৱেই উদ্বৃত্তৰ ব্যৱহাৰ কেনেদৰে কৰা হ’ব সেয়া নির্ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। ৰাষ্ট্রীয় মালিকানাৰ প্রাধান্যতাৰ ফলত ৰাষ্ট্রৰ বিশুদ্ধ সর্বহাৰা চৰিত্র অক্ষুণ ৰখাটো ক্রমশঃ অতিশয় প্রয়োজনীয় হৈ পৰে এই সমাজসমূহৰ বিকাশৰ বিশেষ পৰিস্থিতিত চাবলৈ গলে, এনে প্রয়োজনীয়তা সমাজবাদী গণতন্ত্র স্থাপনৰ লক্ষ্যৰ বিৰোধী আছিল। ৰাষ্ট্রৰ সর্বহাৰা চৰিত্র অক্ষুণ্ণ ৰাখি দৈনন্দিন কাম-কাজ সমাপন কৰাৰ দায়িত্ব ক্রমশঃ কমিউনিষ্ট পার্টি তথা শ্রমিকৰ এক ক্ষুদ্র অংশৰ ওপৰতেই আহি পৰে আন কথাত, এনে এক পৰিস্থিতিত  ৰাষ্ট্রীয়-পুঁজিবাদৰ উদ্ভৱ ৰোধ কৰাটো অতিশয় দূৰুহ কার্য আছিল ৰাষ্ট্র, পার্টি তথা সমাজৰ অন্তর্ভাগত শ্রেণী সংগ্রামৰ অৱতাৰণা কৰি ৰাষ্ট্রৰ সর্বহাৰা চৰিত্র অক্ষুণ্ণ ৰখাৰ বিভিন্ন প্রচেষ্টাৰ শেষ দশা লক্ষ্য কৰাৰ পাছত এটা কথাই কব পাৰি যে কেৱল ৰাজনৈতিক সংগ্রামৰ দ্বাৰাই ৰাষ্ট্রীয় পুঁজিবাদৰ উদয়ৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ অন্ত পেলাব নোৱাৰিএই ক্ষেত্রত সমাজবাদী অর্থনীতিৰ গাঁঠনি তথা কার্যপদ্ধতিসমূহ এনেকৈ গঠন কৰিব লাগিব যাতে সমাজবাদৰ প্রগতিৰ লগত সংগতি ৰাখি “সমূহীয়া উৎপাদনকাৰীসকলেই সমূহীয়া হস্তগতকর্তা(collective producers as collective appropriators of surplus)” হোৱাৰ সপোনো ক্রমশঃ বাস্তৱায়িত হৈ উঠে।

দ্বিতীয়তে, তৎকালীন পৰিস্থিতিত ৰাষ্ট্রীয় মালিকানাৰ প্রাধান্যতাৰ ফলত উৎপাদক শক্তিসমূহৰ বিকাশৰ ক্ষেত্রতো কেতবোৰ মাৰাত্মক পৰিণামৰ সৃষ্টি হ’লউদাহৰণ স্বৰূপে, বজাৰ আৰু পৰিকল্পনাৰ আন্তঃসম্পর্ক সম্বন্ধে এনে কেতবোৰ মতান্ধ ধাৰণাৰ সৃষ্টি হ’ল যাৰ মতে বজাৰ পুঁজিবাদৰ তথা পৰিকল্পনা সমাজবাদৰ সমার্থক হৈ পৰিল। এফালে তত্তৰ পর্যায়ত এই কথা স্বীকাৰ কৰি লোৱা হ’ল যে এক দীর্ঘ সময়ৰ পাছত সমাজবাদৰ বিকাশৰ অন্তিম পর্যায়তহে অর্থাৎ কমিউনিজিমৰ নিকট সময় উপস্থিত হওঁতেহে “মূল্যৰ নিয়ম”সমূহ অপ্রাসংগিক হৈ পৰিব। কিন্তু আনফালে, কার্যকাৰীভাৱে যেন তেন প্রকাৰে এই নিয়মসমূহৰ পৰা যিমান সোনকালে পাৰি অর্থনীতিক উদ্ধাৰ কৰিবলৈ বিভিন্ন যন্ত্রৱৎ তথা আদর্শগত পদ্ধতিৰ প্রয়োগ কৰা হ’ল। উৎপাদনশীলতা আৰু সমৃদ্ধিৰ ভৱিষ্যত বিকাশৰ বাবে প্রয়োজনীয় উদ্বৃত্ত জমা কৰাৰ আৱশ্যকতা নুই কৰাৰ লগতে ই শ্রমিক শ্রেণীকো উদ্বৃত্ত উৎপাদন, বিতৰণ তথা আবণ্টন সম্পর্কীয় সিদ্ধান্ত প্রক্রিয়াসমূহৰ পৰা বিচ্ছিন্ন কৰি পেলালে  শ্রমিকৰ উৎপাদনশীল তথা সৃষ্টিশীল প্রতিভা বিকশিত কৰাৰ কোনো বস্তুনিষ্ঠ পদ্ধতি বিকশিত নহ’ল।

কেৱল নৈতিক উৎসাহেই উৎপাদিকা শক্তিৰ বিকাশ ঘটাবৰ বাবে  প্রেৰণাদায়ী শক্তিৰ(driving force) ভূমিকা পালন কৰিব বুলি ভবা হল। তদুপৰি কেৱল মাত্র ৰাজনৈতিক শিক্ষা তথা শ্রেণী সংগ্রাম-সৃষ্ট উন্নত চেতনাৰ দ্বাৰাই এনে নৈতিক উৎসাহ সৃষ্টি হব বুলি ভাবি লোৱা হ’ল। আনফালে উচ্চ দৰমহা, সা-সুবিধা, কর্ম-পৰিস্থিতি আদিৰ সংকীর্ণ গণ্ডীৰ মাজতেই বস্তুগত প্রেৰণাৰ সমল সন্ধান কৰা হল। কার্যকৰীভাৱে শ্রমিকসকল এতিয়াও শ্রম-শক্তিৰ যোগনিয়াৰৰ ভূমিকাতে থাকি ৰ’ল। তেওঁলোকে কেতিয়াও তেওঁলোকৰ উদ্যোগসমূহৰ নিয়ন্ত্রণ, নির্ধাৰণ বা পৰিচালন কৰিবলৈ নিশিকিলে। উদ্ভাৱন, প্রতিদ্বন্দীতা আৰু উদ্যোগৰ দায়িত্বগ্রহণৰ সূযোগ তেওঁলোকে নেপালে তেওঁলোকে আনকি নিজস্ব স্বার্থ তথা ভৱিষ্যত ৰক্ষা কৰিবলৈকো নিশিকিলে। এই সমস্ত বিষয় ৰাষ্ট্র তথা পার্টিৰ  দায়িত্ব বুলি ভাবি লোৱা হ’ল।

তৃতীয়তে, সমাজবাদৰ এই আঁচনিয়ে এনে এক অর্থনৈতিক গাঁঠনিৰ সৃষ্টি কৰিছিল যাৰ কোনো শিথিলতা নাছিল। ই এক বিশালকায় ঘড়ীৰ দৰে আছিল য’ত জৈৱিক বিকাশৰ কোনো সম্ভাৱনীয়তা নাছিল। এক স্বায়ত্ত তথা জৈৱিক আর্থ-সামাজিক প্রক্রিয়াৰ ৰূপত সমাজবাদৰ বিফলতাৰ ই এক প্রধান কাৰণ আছিল। নতুন চাহিদা, নতুন পণ্য, নতুন ক্ষেত্র তথা নতুন প্রযুক্তিৰ সৃষ্টি কৰিব পৰাকৈ কোনো সহজাত কার্যপদ্ধতি বা প্রক্রিয়া অস্তিত্বমান নাছিল। ৰাষ্ট্র অবিহনে পুঁজিবাদৰ অস্তিত্ব সম্ভৱ নহয়; কিন্তু সেইবুলি পুঁজিবাদৰ দৈনন্দিন জীৱন চর্যা তথা প্রক্রিয়াসমূহৰ বাবে প্রতি ক্ষণতে ৰাষ্ট্রৰ প্রয়োজন নহয়। আনকি পুঁজিবাদৰ দ্বাৰা শোষিত আৰু শাসিত সকলৰ বাবেও ই ‘প্রাকৃতিক’ হৈ পৰে প্রতিজন ব্যক্তিক নিজ স্বার্থ ৰক্ষাৰ বাবে দায়ী কৰা হয় আৰু এনেদৰেই পুঁজিবাদৰ স্বার্থও পূৰণ হয়। জীৱন পদ্ধতিৰ ওপৰতো পুঁজিৰ লজিকৰ প্রভাৱ পৰে আৰু ই আর্থসামাজিক প্রক্রিয়াসমূহৰ অভিন্ন অংগ হৈ পৰেসমাজবাদো তাৰ আনুষঙ্গিক ৰাষ্ট্রৰ অবিহনে টিকি থাকিব নোৱাৰে কিন্তু পুঁজিবাদতকৈ বহু বেছি পৰিমাণে ই অর্থব্যৱস্থাৰ আভ্যন্তৰীণ ক্রিয়াপদ্ধতিসমূহৰ মাজেৰে বহ্নিমান এক প্রক্রিয়া হিচাপে মাটিত থিতাপি ল’ব পাৰিব লাগিব। ই সমাজৰ এক জৈৱিক তথা স্বয়ং-চালিত প্রক্রিয়া হ’ব লাগিব। ই ৰাষ্ট্রৰ আঁৰত অথবা ঘড়ীৰ দৰে কার্যশীল এক লৌহকঠিন গাঁঠনিৰ ৰুপত বর্তি থকাৰ আশা কৰিব নোৱাৰে

চতুর্থতে, এনে অর্থনৈতিক গাঁঠনিয়ে সমাজবাদী গণতন্ত্রৰ বিকাশৰ ক্ষেত্রতো ঋণাত্মক প্রভাৱ পেলাইছিলৰাজনৈতিক অনুষ্ঠান অথবা প্রক্রিয়াসমূহৰ অপৰিসীম গুৰুত্ব স্বত্তেও গণতন্ত্রৰ সমস্যা কেৱল এই ক্ষেত্রসমূহতে সীমাৱদ্ধ নাছিল এই ক্ষেত্রত মূল প্রশ্নসমূহ আছিল এনেধৰণৰ – সমাজৰ বিভিন্ন শ্রেণী, সমষ্টি, তথা অন্যান্য সামাজিক স্বার্থৰ প্রতিফলন ঘটাব পৰাকৈ এই সমাজবাদী অর্থনৈতিক গাঁঠনিৰ প্রয়োজনীয় শিথিলতা আছিলনে? এনে ধৰণৰ অন্তর্বিৰোধসমূহৰ সমাধানৰ বাবে যথোচিত জৈৱিক তথা আনুষ্ঠানিক ক্রিয়াপদ্ধতি ইত্যাদিৰ বিকাশ ঘটিছিলনে? দেখা যায় যে এক লৌহকঠিন আর্থিক গাঁঠনিৰ সৈতে এক লৌহকঠিন ৰাজনৈতিক গাঁঠনি যুক্ত হৈ পৰিছিল ইয়েই আছিল সমাজবাদী গণতন্ত্রৰ সকলো সমস্যাৰ মূল উৎস

পঞ্চমতে, ৰাজনৈতিক অনুষ্ঠান তথা প্রক্রিয়াসমূহৰ স্তৰতো গম্ভীৰ সমস্যা আছিল। নিঃসন্দেহে, যেনেধৰণৰ পৰিস্থিতিত বিংশ শতিকাৰ সমাজবাদৰ বিকাশ ঘটিছিল, ই সমাজবাদী গণতন্ত্রৰ সন্তোষজনক সমাধানৰ বাবে মুঠেও সুবিধাজনক নাছিল। তথাপিও এই কথা স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ শেষ ফলাফল আছিল অতিশয় ট্রেজিক। ৰাষ্ট্রই সমগ্র অর্থনীতিৰ লগতে বহু পর্যায়লৈকে সমাজখনো নিয়ন্ত্রণ কৰিছিল। আনহাতে ৰাষ্ট্র আছিল পার্টিৰ নিয়ন্ত্রণত। ফলত সমাজৰ সকলো অন্তর্বিৰোধ তথা সংগ্রাম স্বতন্তৰীয়াকৈ অথবা ৰাষ্ট্র তথা পার্টিৰ সহযোগত বৃহত্তৰ গণসমাজত উত্থাপিত হোৱাৰ বিপৰীতে সিবিলাক কেৱল পার্টি তথা ৰাষ্ট্রৰ শীর্ষস্তৰতে কেন্দ্রীভূত হৈ ৰৈছিল। ই শ্রমিক তথা জনগণৰ মাজত ৰাজনৈতিক নিষ্ক্রিয়তাৰ সৃষ্টি কৰিছিল আৰু ফলত পার্টি আৰু ৰাষ্ট্রৰ মাজভাগতে বিভিন্ন অদ্ভূত ‘শ্রেণী সংগ্রাম’ৰো আৱির্ভাৱ হৈছিল বিপ্লৱ আৰু সমাজবাদৰ ভৱিষ্যতৰ বাবে ই অশুভ ফলাফলৰ সৃষ্টি কৰিছিল।

অর্থনৈতিক আৰু ৰাজনৈতিক কাঠামোসমূহৰ পৰা উৎপন্ন এনে ধৰণৰ সমস্যাসমূহৰ উপৰিও অন্যান্য আন বহুতো সমস্যাও দেখা গৈছিল যি অন্তিম বিশ্লেষণত বিংশ শতিকাৰ সমাজবাদৰ তত্ত্বগত আৰু মতাদর্শগত সীমাৱদ্ধতাসমূহৰ পৰাই উদ্ভূত হৈছিল। শ্রমিকৰ ঐতিহাসিক মুক্তিৰ সংগ্রামখন হোহঁকা-পিছলাকৈহে আগ বাঢ়িছিল। সামাজিক সমতা তথা ন্যায় স্থাপনৰ সংগ্রামসমূহেও বিভিন্ন পর্যায়ত মুখ ঠেকেচা খাইছিল। সার্বজনীন পৰিমণ্ডলত মহিলাসকলে প্রচুৰ উন্নতি কৰিছিল কিন্তু ব্যক্তিগত পৰিমণ্ডলত তেওঁলোকৰ অৱস্থাৰ বিশেষ সংস্কাৰ হোৱা নাছিল। সামাজিক পৰিচয় ভিত্তিক শোষণ আৰু বঞ্চনাৰ বিভিন্ন ৰূপ অব্যাহত আছিল। আন কথাত, সামাজিক আৰু মতাদর্শগত ৰূপান্তৰৰ প্রক্রিয়াসমূহ আধাকেঁচা হৈয়েই ৰৈছিল। অৱশেষত বিংশ শতিকাৰ মূখ্য সমাজবাদী দেশ সমূহৰ পতনে এনে দুর্বলতাসমূহৰ উলংগ স্বৰূপটো ভালকৈয়ে উদঙাই দিলে। শতিকা পুৰণি বিভিন্ন সামাজিক ব্যাধি যেনে ধর্মীয় উন্মাদনা, গোষ্ঠীবাদ, জাৰবাদৰ স্মৃতিচাৰণ, বেশ্যাবৃত্তি, দাৰিদ্রতা আৰু বঞ্চনাৰ সামাজিক স্বীকৃতি, নৰসংহাৰ, নৃগোষ্ঠীয় কটা-মৰা ইত্যাদি হঠাতে পুনঃসক্রিয় হৈ উঠিল। এনেধৰণৰ সামাজিক বিকৃতিসমূহ সমাজৰ মাটিৰ তলতে লুকাই আছিল, আৰু সমাজবাদৰ পতনৰ লগে লগেই সিবিলাকে পুণৰ মূৰ দাঙিবলৈ ধৰিলে।

বিপ্লৱৰ দ্বাৰাই সপোন বাস্তৱলৈ পৰিণত হয় কিন্তু এই ক্ষেত্রত প্রায়ে বাস্তৱৰ গতি সপোনৰ গতিতকৈ পিছ পৰি ৰয়সমাজবাদো এনে এক সপোন। বিংশ শতিকাৰ সর্বহাৰা বিপ্লৱসমূহৰ দ্বাৰাই এই সপোন এদিন বাস্তৱলৈ পৰিণত হৈছিল। এই নাতিদীর্ঘ যাত্রাপথত ই অনেক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাজতন্ত্র, সামন্ততন্ত্র আৰু ঔপনিবেশিকতাবাদৰ পুৰণা শাসন ওফৰাই ই ৰাছিয়া, চীন প্রভৃতি বহুতো দেশত পুঁজিবাদৰ নৱ ব্যৱস্থালৈকো প্রত্যাহবান কঢ়িয়াই আনিছিল। কিন্তু শেষ পর্যন্ত ই সেইকালৰ সময় আৰু সমাজৰ সীমাৱদ্ধতা অতিক্রম কৰিব নোৱাৰিলে। বিশ্বৰ দীন হীন নিথৰুৱাই স্বর্গ মর্ত্য সকলোতে খলকনি লগালে,  সামন্তবাদ আৰু ঔপনিবেশিকতাবাদৰ পৰা মুক্তি লভিলে আৰু পুঁজিবাদলৈ প্রত্যাহবান জনাই সমাজবাদ নির্মাণৰ ঐতিহাসিক আঁচনিৰ শুভাৰম্ভ কৰিলে। কিন্তু শেষ পর্যন্ত ই অনগ্রসৰ সমাজৰ তথা জৰুৰীকালীন স্থিতিৰ সমাজবাদ বুলিয়েই চিহ্নিত হ’ল। ই এই সমাজসমূহক পুৰণি ব্যৱস্থাৰ বিষম সংকটৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্রত সফল হৈছিল আৰু যুদ্ধ তথা গৃহযুদ্ধৰ দৰে কঠিন পৰিস্থিতিৰ মাজতো বিজয়ী হবলৈ সক্ষম হৈছিল। কিন্তু ই পুঁজিবাদৰ শৰীৰত অন্তিম তথা বিশ্ব ঐতিহাসিক মোক্ষম আঘাট হানিবলৈ ব্যর্থ হ’ল। ই সমগ্র পুঁজিবাদী বিশ্বৰ শ্রমিক জনগণক সমাজবাদী বিপ্লৱৰ প্রতি আকর্ষিত কৰিব পৰাকৈ সৃজনশীলতা, সমৃদ্ধি, গণতন্ত্র, সমতা আৰু স্বাধীনতাৰে পৰিপূর্ণ এক দৃষ্টান্ত মূলক আর্হি নির্মাণ কৰাৰ ক্ষেত্রত বিফল হ’ল।

পৃথিবীৰ সকলো শ্রমিকেই বিংশ শতিকাৰ সমাজবাদৰ অপৰিসীম কৃতিত্বসমূহৰ যথাযোগ্য উত্তৰাধিকাৰী, আৰু এই কীর্তিৰ গৌৰৱ তেওঁলোকৰ প্রাপ্য-কিন্তু একে সময়তে এই সমাজবাদৰ পৰাজয়ৰ কাৰণসমূহ আবেগ-বিবর্জিত বৈজ্ঞানিক দৃষ্টিৰে বিশ্লেষণ কৰাটোও তেওঁলোকৰ  পৰম পবিত্র কর্তব্য। ভৱিষ্যত সমাজবাদৰ ৰূপ-ৰেখা তৈয়াৰ কৰি অনাগত বিপ্লৱৰ বাবে সাঁজু হোৱাৰ ক্ষেত্রত এনে দৃষ্টিভঙ্গী গ্রহণ কৰাটো অতিশয় জৰুৰী হৈ পৰিছে

অনাগত সমাজবাদৰ ৰূপৰেখা

সমাজবাদৰ অন্যতম মূল লক্ষ্য হৈছে- সমূহীয়া উৎপাদকসকলক উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তালৈ পৰিণত কৰা। সংগ্রহৃত উদ্বৃত্তৰ ব্যৱহাৰ তথা প্রয়োগ কেনেদৰে কৰা হএই সম্পর্কে সমূহীয়াকৈ নির্ণয় লব পৰাকৈ কেতবোৰ প্রক্রিয়া বিকশিত কৰাৰ প্রশ্নটোও এইক্ষেত্রত জড়িত হৈ আছে। অৱশ্যে ই উৎপাদনৰ সঁজুলিসমূহৰ মালিকীস্বত্তৰ ৰূপসমূহ নির্ধাৰণ নকৰে। পৰিস্থিতি অনুসৰি বিভিন্ন প্রকাৰৰ মালিকীস্বত্তৰ ৰূপ সম্ভৱপৰ হব পাৰে।

সমূহীয়া মালিকীস্বত্তই হৈছে এই ক্ষেত্রত সবাতোকৈ বাঞ্ছনীয় মালিকীস্বত্তৰ ৰূপ। কিন্তু কেৱল এই ৰূপেৰেই কাম নচলিব। অন্যথাই যিসমূহ উদ্যোগত শ্রমৰ উৎপাদনশীলতাৰ হাৰ আপেক্ষিকভাৱে কম (সৰু সুৰা কৃষি পাম, মজলীয়া প্রযুক্তিৰ উদ্যোগ আদি), সিবিলাকে বৃহৎ শেহতীয়া প্রযুক্তিসম্পন্ন তথা  উচ্চ উৎপাদনশীল উদ্যোগৰ সমুখত সমস্যাত ভূগিবলৈ বাধ্য হব। ৰাষ্ট্রৰ মালিকীস্বত্ত সেয়েহে অর্থনীতিৰ অন্যতম অংশ হব। কিন্তু এই উদ্যোগসমূহতো ৰাষ্ট্রই নিজে উদ্বৃত্ত হাছিল কৰাৰ সলনি উৎপাদনৰ আহিলাসমূহ শ্রমিক-গোট(workers collective)সমূহলৈ লিজত(lease-out) গতাই দিব।  আন কথাত ৰাষ্ট্রৰ মালিকীস্বত্ত থকা উদ্যোগসমূহতো শ্রমিকেই নিজ উৎপাদিত উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা হব। 

অৱশ্যেই লিজৰ চর্ত অনুসৰি তেওঁলোকে উদ্বৃত্তৰ এটা অংশ ৰাষ্ট্রক প্রদান কৰিব লাগিব। উদ্যোগৰ মালিক হিচাপে ৰাষ্ট্রই উদ্বৃত্তৰ এক অংশ লাভ কৰিব, কিন্তু ৰাষ্ট্র উদ্বৃত্তৰ প্রত্যক্ষ হাছিলকর্তা হব নোৱাৰিব । কৰ কাটল আৰোপণৰ প্রক্রিয়াৰ যোগেদিও উদ্বৃত্ত হস্তান্তৰণৰ ন ন পদ্ধতি বিকশিত কৰা হব। কৰ-কাটলৰ যোগেদি ৰাষ্ট্র, স্থানীয় চৰকাৰ তথা পৌৰ নিগমসমূহে বিভিন্ন (ৰাষ্ট্রীয় মালিকীস্বত্তৰ তথা সমূহীয়া মালিকীস্বত্তৰ- দুয়োপ্রকাৰৰে) উদ্যোগৰ পৰা উদ্বৃত্তৰ অংশ আর্জন কৰিব। ব্যক্তিগত মালিকীস্বত্তৰ অনুমতিও দিব পৰা যায়,  কিন্তু এইক্ষেত্রত উৎপাদনৰ আহিলাৰ মালিকে কোনো শ্রমিকক মজুৰিত ৰাখিব নোৱাৰিব। মালিকে নিজৰেই শ্রম ব্যৱহাৰ কৰিব লাগিব। অর্থাৎ সাধাৰণভাৱে এইক্ষেত্রত নিয়ম এনেধৰণৰ হউৎপাদনৰ আহিলাসমূহৰ ওপৰত সকলো কার্যৰত শ্রমিকৰেই সমান মালিকীস্বত্ত থাকিব আৰু তেওঁলোকে উদ্বৃত্তৰ ব্যৱহাৰ তথা প্রয়োগ সম্পর্কীয় সিদ্ধান্তসমূহ সমূহীয়াকৈ লব পাৰিব।

এই ক্ষেত্রত প্রফেচনেল সাহার্যৰ অৱকাশ নথকা নহয়। বিশেষকৈ বৃহৎ উদ্যোগসমূহত প্রত্যক্ষ গণতন্ত্র’(floor level democracy)ৰ পদ্ধতিৰে আটাইবোৰ সিদ্ধান্ত লোৱাটো সম্ভৱপৰ নহব। তদুপৰি সকলো শ্রমিকেই সকলোধৰণৰ কাম কৰিব পৰাকৈ পাকৈত হৈ উঠিবলৈ যথেষ্ঠ সময় লাগিব। এই ক্ষেত্রত শতিকা নালাগিলেও অন্ততঃ কেবা দশক সময়তো লাগিবই। অর্থাৎ তেতিয়ালৈকে শ্রমৰ পদানুক্রমিক(hierarchical) বিভাজনৰ ব্যৱস্থাটো সম্পূর্ণকৈ নাশ কৰিব পৰা নাযাব। সকলো শ্রমিককে ক্রম অনুসৰি সকলো ধৰণৰ দায়িত্ব দিব পৰা পর্যায় এটালৈ আনিবলৈ যথেষ্ট সময় লাগিব। তেতিয়ালৈকে সমাজবাদৰ অর্থনৈতিক গাঁঠনিৰ বাবে দক্ষতা আৰু সক্ষমতাভিত্তিক শ্রম বিভাজন প্রয়োজনীয় হৈ ৰবলৈ বাধ্য। হ্রস্রকালীন দৃষ্টিৰে চাবলৈ গলে এনে শ্রম বিভাজন অপৰিৱর্তনশীল যেন লাগিব পাৰে, কিন্তু দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গলে এই বিভাজন প্রকৃততে ক্রমশঃ মোলায়েম, গতিশীল আৰু পৰিৱর্তনশীল হৈ পৰিব। সামাজিক সমতাৰ ক্ষেত্রখনত ই নিশ্চয়েই সমস্যাৰ সৃষ্টি কৰিব কিন্তু সিবিলাকৰ সৈতে ক্রমাগতভাৱে মোকাবিলা কৰিব পৰাকৈ উপায়ো নিশ্চয় বিকশিত কৰাটো সম্ভৱপৰ হব। শেষ অর্থত, সমতাৰ আদর্শ জগতখন এক দীর্ঘকালীন সময়ৰ পাছতহে নির্মাণ কৰাটো সম্ভৱ হব।

সমাজবাদ তেতিয়াহে সফল হোৱা বুলি কব পৰা যাব যেতিয়া ই মানৱ সমাজখনক প্রয়োজনৰ পৰিধিৰ(realm of necessity) পৰা মুকলি কৰি মুক্তিৰ পৰিধিলৈ(realm of freedom) লৈ যাব পাৰিব। নিঃসন্দেহে ই এক দীর্ঘকালীন সংগ্রাম তথা দীর্ঘম্যাদী প্রক্রিয়া হব। এই ক্ষেত্রত সমৃদ্ধি তথা উভৈনদীৰ লক্ষ্যৰে নতুন ব্যৱস্থাটোৱে  নিয়মীয়া হাৰত প্রগতিমুখী যাত্রা অব্যাহত ৰাখিব পাৰিছেনে  নাই এই প্রশ্নটো অতিশয় গুৰুত্বপূর্ণ হৈ পৰিব। আন কথাত, ই উৎপাদিকা শক্তিসমূহৰ দ্রুত তথা অহৰহ বিকাশৰ ওপৰত নির্ভৰ কৰিব। সমাজবাদ এনে এক ব্যৱস্থা হব লাগিব যি সমগ্র মানবতাৰে সৃষ্টিশীল তথা সৃজনশীল ক্ষমতা মুক্ত কৰিব আৰু আটাইকে জীৱন আৰু জীৱিকাৰ অগণন বৈচিত্রৰ সৈতে জীৱন নির্বাহৰ  সুযোগ আৰু বিকল্প প্রদান কৰিব। এনে প্রগতিয়েই উচ্চস্তৰৰ সংস্কৃতি আৰু চেতনাবোধৰ বস্তুগত আধাৰ নির্মাণ কৰিব।

সমাজবাদে এনে প্রগতিমুখী যাত্রা অব্যাহত ৰাখি জীৱন-ধাৰণৰ এক সহজাত তথা প্রতিষ্ঠিত ৰূপ হিচাপে নিজকে বিকশিত কৰিব পাৰিলেহে ই সমাজ তথা সমগ্র মানব জাতিক মুক্তিৰ পৰিধিলৈ লৈ যাব পাৰিব যত সমৃদ্ধি আৰু  উচ্চ চেতনাৰ ফলত মূল্য-নীতিৰ(law of value) অৱসান ঘটিব। এনে এক পর্যায়ত কামৰ সংজ্ঞাও সলনি হৈ পৰিব। জীৱনৰ প্রাথমিক প্রয়োজন খিনি পূৰাবৰ বাবে অনিচ্ছা স্বত্তেও কৰিব লগা হোৱা শ্রমৰ বিপৰীতে কাম মানবীয় সম্ভাৱনীয়তা পূৰণৰ নিমিত্ত হৈ পৰিব।

এনে এক পর্যায়ত উপনীত নোহোৱালৈকে উৎপাদিকা শক্তিৰ অহৰহ বিকাশ আৰু সমৃদ্ধিৰ বাটেৰে অহৰহ প্রগতিৰ প্রয়োজনৰ ফলত সমাজবাদৰ কাঠামো আৰু কার্যপদ্ধতিৰ কেতবোৰ সীমাৱদ্ধতা থাকিব। উদাহৰণ স্বৰূপে, সামাজিক জীৱনৰ বহুতো অঞ্চলত মূল্য নীতিৰ(law of value) উপস্থিতি  সংকোচিত হৈ পৰিব যদিও (জীৱন স্তৰৰ উন্নয়ন আৰু সমৃদ্ধি সম্পর্কীয়) অর্থনীতিৰ কেতবোৰ বিশেষ উপকণ্ঠীয় অঞ্চলত ই বহুসময়লৈকে প্রাসংগিক হৈ থাকিব। বজাৰ আৰু প্রতিযোগিতাৰ বাবেও এই ব্যৱস্থাত সুযোগ থাকিব, অৱশ্যে ক্রমাগতভাৱে সিবিলাকক নিয়ন্ত্রণ কৰা হব আৰু সিবিলাকৰ ক্রিয়াস্থল সংকোচিত কৰি অনা হব।

এই খিনিতে মন কৰিব লগীয়া যে সহজাত ধাৰণাৰ বিপৰীতে বজাৰ প্রকৃততে পুঁজিবাদৰ উদ্ভাৱন নহয় (অৱশ্যে পুঁজিবাদৰ সংস্পর্শলৈ আহি ই গুণগতভাৱে বিৰাট আৰু সর্বব্যাপী ৰূপ ধাৰণ কৰে)। বজাৰৰ অস্তিত্ব পুঁজিবাদৰ  পূর্বতেও আছিল আৰু পুঁজিবাদৰ বিনাশৰ পাছতো ই দীর্ঘ সময় ধৰি অস্তিত্বমান হৈ থাকিব। পৰিবর্তন আৰু বিবর্তনৰ নানান স্তৰৰ মাজেদি বজাৰে বিকাশ লাভ কৰে। পুঁজিবাদী বজাৰসমূহ এই ক্ষেত্রত যথেষ্ঠ বিকশিত বুলি কব পৰা যায়। কিন্তু এই  বজাৰসমূহকো আচলতে পুঁজিবাদী ৰাষ্ট্র আৰু তাৰ আনুসঙ্গিক ব্যৱস্থাগত নিয়ম কানুনসমূহৰ দ্বাৰা যথেষ্ঠ পৰিমাণে নিয়মন(regulate) কৰা হয়। সমাজবাদী বজাৰসমূহক এই ক্ষেত্রত পুঁজিবাদী বজাৰসমূহতকৈও অধিক পৰিমাণে বিকশিত তথা নিয়মিত(regulated) কৰা ব। তদুপৰি মন কৰা ভাল যে এক ক্ষুদ্র অংশৰ ব্যতিৰেকে বজাৰ সৰহভাগ উদ্বৃত্ত্বৰ উৎপাদন বা সমাযোজনৰ (appropriation) স্থল নহয়। অৱশ্যে এয়া অনস্বীকার্য যে সাম্প্রতিক পুঁজিবাদী শোষণ তথা সঞ্চয় ব্যৱস্থাটোৰ সৈতে বজাৰসমূহ ঘনিষ্ঠভাৱে   সংলগ্ন হৈ পৰিছে।

পুঁজিবাদী উৎপাদনৰ অর্থই হৈছে পণ্যৰ উৎপাদন অর্থাৎ পুঁজিবাদৰ অধীনত মূলতঃ বিনিময়ৰ উদ্দেশ্যেৰে বস্তু উৎপাদন কৰা হয়। কিন্তু সেইবুলি সমাজবাদী উৎপাদনৰ কালত সকলো পণ্যৰূপী উৎপাদন হঠাতে বন্ধ হৈ যাব বুলি ভবাটো ভুল হব। পণ্য উৎপাদনৰ পর্যায় পাৰ হৈ বিভিন্ন সামাজিক চাহিদা পুৰণার্থে প্রত্যক্ষ উৎপাদনৰ পর্যায় পাবলৈ এক দীর্ঘ সময়ৰ প্রয়োজন হব। অৱশ্যে সমাজবাদৰ প্রাথমিক পর্যায়তে শ্রম শক্তিৰ পণ্য চৰিত্র নাশ হব। পুঁজিবাদৰ পৰাভবৰ পাছত সমাজবাদী অর্থনীতি কার্যক্ষম হোৱাৰ সময়তেই সকলো শ্রম-বজাৰৰ অৱসান ঘটোৱা হব।

সমাজবাদৰ কালত আৰম্ভণিৰে পৰা বহুতো বৃহৎ ক্ষেত্র(sector)ক বজাৰৰ হাতোৰাৰ পৰা আঁতৰাই অনা হব। স্বাস্থ্য, শিক্ষা তথা মৌলিক সা-সুবিধা সম্পর্কীয় ক্ষেত্রসমূহ ৰাষ্ট্রৰ দায়িত্ব হব। কৰ-কাটল, খাজনা, সুত আদিৰ ৰূপত ৰাষ্ট্রই আহৰণ কৰা উদ্বৃত্তৰ এক বৃহৎ অংশ এই ক্ষেত্রসমূহত ব্যৱহাৰ কৰা হব। এই ক্ষেত্রসমূহৰ অন্তর্গত প্রতিষ্ঠান সমূহত শ্রমিকৰ পৰিচালন আৰু নিয়ন্ত্রণ সুনিশ্চিত কৰিব পৰাকৈ উপযুক্ত কাঠামো তথা ক্রিয়া পদ্ধতি বিকশিত কৰা হব।

বস্তুগত উৎপাদনৰ বহুতো ক্ষেত্র মূল্য-নীতিৰ প্রত্যক্ষ আক্রমণৰ মোকাবিলা কৰিব পৰাকৈ শক্তিশালী নহয়। কোনো সাহার্য অবিহনে সিবিলাকৰ পক্ষে বজাৰত টিকি থকাটো অসম্ভৱ। পুঁজিবাদৰ অধীনত এনে কেতবোৰ বিভাগক ৰাষ্ট্রৰ দ্বাৰা বিশেষ সহায় আগবঢ়োৱা হয়। সমাজবাদৰ অধীনতো এনে ক্ষেত্রসমূহৰ ৰক্ষার্থে বিভিন্ন প্রকাৰৰ ৰাজ-সাহার্য প্রদান কৰা হব।

বজাৰৰ দৰেই প্রতিযোগিতাও পুঁজিবাদৰ উদ্ভাৱন নহয়। অৱশ্যে পুঁজিবাদৰ অধীনত প্রতিযোগিতাই উচ্চতৰ পর্যায়লৈ গতি কৰে আৰু উৎপাদিকা শক্তিসমূহৰ বিকাশৰ ক্ষেত্রত ই কেন্দ্রীয় ভূমিকা পালন কৰে। এই ক্ষেত্রত সমস্যা হৈছে যে পুঁজিবাদৰ অধীনত ই সর্বোচ্ছ মুনাফা আৰু সঞ্চয় আহৰণৰ ক্রিয়াপদ্ধতিৰ সৈতে সাঙোৰ খাই পৰে।প্রতিযোগিতাৰ ভাবুকিয়ে সকলো পুঁজিপতিৰ মনতে সন্ত্রাসৰ সৃষ্টি কৰে কিন্তু ইয়াৰ প্রকৃত বোজা শ্রমিকসকলেহে বহন কৰে। শ্রমিকৰ শোষণৰ মাত্রা সঘন কৰি অথবা বৃহৎ সংখ্যক শ্রমজীৱী জনগণক সংৰক্ষিত শ্রম বাহিনী’(reserve army of labour)লৈ  নিক্ষেপ কৰি প্রতিযোগিতাৰ বোজা লাঘৱ কৰাৰ চেষ্টা কৰা হয়। প্রতিযোগিতাই পুঁজিবাদী অর্থনীতিত বাৰে বাৰে বেমেজালিৰো সৃষ্টি কৰে। বাৰম্বাৰ উপস্থিত মন্দাৱস্থা, সংকট আৰু তথাকথিত সৃজনশীল বিনাশ’(creative destruction)ৰ প্রক্রিয়াসমূহ পুঁজিবাদৰ গতিবিদ্যাৰে অংশস্বৰূপ আৰু এই ক্ষেত্রত প্রতিযোগিতাৰ কার্যশৈলীয়ে বিশেষ ভূমিকা পালন কৰে। এই সমস্ত প্রক্রিয়াৰ অধিকাংশ কুফল খাটি-খোৱা ৰাইজেই বহন কৰে।

কিন্তু সেইবুলি পুঁজিবাদৰ পতনৰ লগে লগেই প্রতিযোগিতাৰ অৱসান ঘটোৱাটো সম্ভৱপৰ নহব। সমাজবাদ নির্মাণৰ বিশ্ব ঐতিহাসিক কার্যসূচী পুঁজিবাদ প্রদত্ত পৰিস্থিতিৰ পৰাই আৰম্ভ হব আৰু পুঁজিবাদ সৃষ্ট জনগণৰ দ্বাৰাই এই কার্য সমাধা কৰা হব। গতিকেই সমাজবাদৰ প্রাৰম্ভিক পর্যায়ত বজাৰৰ দৰেই প্রতিযোগিতাও প্রয়োজনীয় হৈ ৰব। এক দীর্ঘ সময়ৰ পাছতহে নৈতিক প্রেৰণাৰ দ্বাৰা বৃহৎ পর্যায়ত উৎপাদিকা শক্তিৰ বিকাশ সাধন সম্ভৱপৰ হব। তদুপৰি সমূহীয়া উৎপাদকসকল উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তালৈ পৰিণত হোৱাৰ লগে লগে প্রতিযোগিতাৰ চৰিত্রও মূলতঃ সলনি হৈ পৰিব। এনে এক পর্যায়ত ই কোনো শোষক শ্রেণীৰ পুঁজি-সঞ্চয়নৰ আহিলা-স্বৰূপ হৈ নাথাকিব আৰু তাৰ ঋনাত্মক ফলাফলে জনগণৰ মৌলিক সম্পদখিনি কাঢ়ি লৈ যোৱাৰ কোনো সুযোগ নাথাকিব। এনে প্রতিযোগিতাই পিছ পৰি ৰোৱাসকলৰ জীৱন-জীৱিকাৰ বাবেও কোনো ভাবুকিৰ সৃষ্টি নকৰিব।

সমাজবাদী অর্থনীতি নিশ্চিতভাৱে এখন আধুনিক অর্থনীতি হব লাগিব যি উৎপাদনশীলতা তথা সমৃদ্ধিৰ উচ্চতৰ পর্যায়লৈ গতি কৰিব। এই ক্ষেত্রত বাৰে বাৰে ক্ষেত্রভিত্তিক পুনর্গঠনৰ প্রয়োজনীয়তা থাকিব কিয়নো বিভিন্ন ক্ষেত্রৰ উৎপাদনশীলতাৰ হাৰ ভিন্ন ভিন্ন হব আৰু লগতে বহুতো ন ন ক্ষেত্রৰো আৱির্ভাৱ হব। বিভিন্ন ক্ষেত্রৰ মাজত তথা ন ন উদীয়মান ক্ষেত্রৰ মাজত মানুহ আৰু সম্পদৰ ভীষণ আৱাযাহ চলিব। এই পুনর্গঠন প্রক্রিয়াত ৰাষ্ট্রয়ো ব্যৱস্থাপকৰ ভূমিকা পালন কৰিব যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় আৰু সমাজবাদী ব্যৱস্থাটিৰ স্বার্থ অক্ষুণ্ণ হৈ ৰয়।

কিন্তু সমাজবাদ নির্মাণৰ ঐতিহাসিক কার্যভাৰ কেৱল সমাজবাদী অর্থনীতি তৈয়াৰ কৰিয়েই সম্পূর্ণ নহব। আচলতে সামাজিক জীৱনৰ আমূল পুনর্গঠনৰ বাবে এক সামগ্রিক কার্যসূচী গ্রহণ নকৰালৈকে প্রকৃত সমাজবাদ স্থাপন কৰা দূৰৈৰে কথা এই সম্পর্কে কল্পনা কৰাটোও অসম্ভৱ।যেতিয়ালৈকে বিভিন্ন সামাজিক পৰিচয় (যেনে লিংগ, জাত-পাত, নৃগোষ্ঠী, জাতি, ধর্ম) আধাৰিত শোষণ, বৈষম্য, বর্জন আৰু উৎপীড়নৰ অন্ত পেলোৱা নহয়, তেতিয়ালৈকে প্রকৃত অর্থত সমাজবাদৰ প্রতিষ্ঠা হব নোৱাৰে। ই সমগ্র মানৱতাৰ বাবে মুক্তিৰ বতৰাও আনিব নোৱাৰে।আচলতে সামাজিক পৰিচয় আধাৰিত অসাম্য আৰু উৎপীড়ন শেষ নোহোৱালৈকে সমূহীয়া উৎপাদকসকলক উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তালৈ ৰূপান্তৰিত কৰাৰ প্রক্রিয়া অসম্পূর্ণ হৈ ৰবলৈ বাধ্য। আন কথাত, সামাজিক পৰিচয় ভিত্তিক শোষণ আৰু অত্যাচাৰ অব্যাহত হৈ থাকিলে  শ্রেণী ভিত্তিক শোষণৰ সমাপ্তিৰ দিশেৰে লাভ কৰা অগ্রগতিও স্তব্ধ হৈ পৰিব।

সামাজিক জীৱনৰ পুনর্গঠনৰ ক্ষেত্রত পুঁজিৰ পৰাজয়ে এক মজবুত ভিত্তি তথা শক্তিশালী আৰম্ভণি প্রদান কৰিব যদিও কেৱল ইয়েই এই ক্ষেত্রত যথেষ্ঠ হব বুলি ভবাটো উচিত নহব। দৰাচলতে সমাজবাদ নির্মাণৰ সমগ্র কালছোৱাত এই সম্পর্কে কেতবোৰ বিশেষ কার্যসূচী গ্রহণ কৰিব লাগিব। তদুপৰি ৰাষ্ট্রই এই ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব যদিও এয়া কেৱল ৰাষ্ট্রৰ কৰণীয় বুলি ভবাটো ভুল হব। সামাজিক জীৱনৰ আমূল পুনর্গঠনৰ বাবে আটাইতকৈ জৰুৰী হবসামাজিক কাঠামোসমূহৰ এক অবিৰত মন্থন প্রক্রিয়াৰ আৰু এই কার্য কেৱল আইন কানুন বা চৰকাৰী নীতি-নির্দেশনাৰ জৰিয়তে সম্ভৱপৰ নহব। এই কার্য ঘাইকৈ সংঘটিত হব সামাজিক আন্দোলন আৰু সংগ্রামৰ পৰিধিত আৰু সিবিলাকৰ মাজেৰেই সামাজিক জীৱন ৰূপান্তৰৰ দিশেৰে আগবাঢ়িব।সমাজবাদৰ নব্য-দৃষ্টি(re-envision) এনেকৈ গঢ়িব লাগিব যাতে এনে সামাজিক আন্দোলন তথা সংগ্রামসমূহৰ বাবে সমাজবাদত উপযুক্ত স্থান বিকশিত হোৱাৰ লগতে সিবিলাক সমাজবাদৰ পৰিচয়ৰ অভিন্ন অংশ হৈ পৰে। অনাগত সমাজবাদৰ ৰাজনৈতিক তথা সামাজিক গাঠনি সন্দর্ভত এই দিশসমূহ বিশেষভাৱে তাৎপর্যপূর্ণ হব; সিবিলাকৰ প্রভাৱ হব সূদুৰপ্রসাৰী।

ইয়াৰ লগতে, পাৰিপার্শ্বিক ভাৰসাম্যতাৰ বাবে প্রয়োজনীয় চর্তসমূহ পুৰণ কৰিবৰ বাবেও সমাজবাদৰ নব্য-দৃষ্টি গঢ়ি তুলিব লাগিব। সমাজবাদৰ কার্যসূচীৰ ই অন্যতম অংগ হব লাগিব। দীর্ঘ দিন ধৰি পুঁজিয়ে পৃথিবীত ধ্বংস-লীলাৰ সৃষ্টি কৰি আহিছে আৰু সেয়েহে পুঁজিবাদৰ পৰাজয় পৃথিবীৰ ভবিষ্যতৰ বাবে সুখবৰ হব বুলি কব পাৰি। কিন্তু এক বহনক্ষম অথচ সমৃদ্ধিশালী জীৱন পদ্ধতি স্থাপন তথা সুনিশ্চিত কৰিবলৈ হলে প্রকৃতি সম্পর্কে মানব দৃষ্টিৰ আমূল পৰিবর্তন সাধন কৰিব লাগিব। প্রকৃতিৰ বুকুত মানব হস্তক্ষেপ অবিহনে মানব সভ্যতাৰ কথা ভাবিব নোৱাৰি, কিন্তু এই হস্তক্ষেপৰ ধৰণ প্রকৃতিৰ দীর্ঘ বহনক্ষমতাৰ বাবে প্রয়োজনীয় দিশসমূহৰ প্রতি লক্ষ্য ৰাখি বিকশিত কৰিব লাগিব। এনে সচেতনতা তথা বিবেচনাবোধ অনাগত সমাজবাদৰ গাঠনি তথা প্রক্রিয়াসমূহৰ অংশ হব লাগিব।

পুঁজিবাদৰ কুফল তথা আতিশয্য সমূহৰ বাবে স্বয়ং আধুনিকতাকেই দোষী সাব্যস্ত কৰাৰ কেতবোৰ জনপ্রিয়তাবাদী প্রবণতা বর্তমান সময়ত অতিশয় প্রবল হৈ উঠা দেখা গৈছে যদিও এই যাতীয় ধাৰণা সমূহ প্রকৃততে শুদ্ধ নহয়। প্রাক-আধুনিক জীৱন শৈলীলৈ ঘূৰি যাব বিচৰা ধাৰণাসমূহ আচলতে আকাশত চাং পতা বিধৰ ৰোমান্টিক খেয়াল বুলিয়েই কব লাগিব। নব্য সামাজিক আন্দোলন সমূহে  আধুনিক জীৱন তথা উপভোগ শৈলী সম্পর্কে প্রশ্ন উত্থাপন কৰি পুঁজিবাদ সৃষ্ট ধ্বংসলীলাৰ   কেতবোৰ গুণগ্রাহী তথা যুক্তিযুক্ত সমালোচনা আগবঢ়াইছে যদিও এইক্ষেত্রত তেওঁলোকে ৰোমান্টিক-মৌলবাদী চিন্তাধাৰাৰ আশ্রয় লোৱাৰ কোনো প্রয়োজন নাই। যদিহে আধুনিক জীৱন শৈলীয়ে দাবী কৰা উপভোগৰ স্তৰ তথা মাত্রাৰ বৃদ্ধিৰ ক্ষেত্রত কেতবোৰ বস্তুগত সীমাৱদ্ধতা আছে, সমাজবাদৰ অধীনত সিবিলাকক সঠিকভাৱে চিনাক্ত কৰা হব কিয়নো সমাজবাদ কোনো  লাভৰ মোহত অন্ধ শক্তিৰ দ্বাৰা চালিত ব্যৱস্থা নহয়। এই সীমাৱদ্ধতাসমূহ  সঠিককৈ চিনাক্ত কৰি যথোচিত ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত একবিংশ শতিকাৰ আধুনিক সমাজবাদী ব্যৱস্থা অধিক কার্যক্ষম হব। গতিকেই আধুনিক উদ্যোগ, আধুনিক তথা সমৃদ্ধিময় জীৱন শৈলীবিহীন  কৃষি-সম্প্রদায় ভিত্তিক সমাজবাদ স্থাপনৰ চেষ্টা অলীক হোৱাৰ লগতে অবাঞ্চনীয় বুলিও কব পাৰি।

সমাজবাদী গণতন্ত্রৰ অবিহনে সমাজবাদ নির্মাণ অসম্ভৱ। সমাজবাদী দৃষ্টি আৰু কার্যসূচীৰ লক্ষ্য কেৱল  শ্রমিকসকলক উদ্বৃত্তৰ  হস্তগতকর্তালৈ পৰিণত কৰাটো নহয়। লগতে প্রতিজন শ্রমিকক শাসক শ্রেণীৰ সদস্য ৰূপে গঢ়ি তোলাটোও সমাজবাদৰ লক্ষ্য হব লাগিব। অর্থনীতি আৰু ৰাজনীতি নিজেই সুচাৰুভাৱে পৰিচালনা কৰিব পৰাকৈ শ্রমিকসকল সক্রিয় তথা স্বাধীন হব লাগিব। ৰাজনৈতিক প্রক্রিয়া, প্রতিষ্ঠান, আৰু গাঠনিৰ নির্মাণ এনেদৰে কৰিব লাগিব যাতে সমাজবাদী গণতন্ত্রৰ  প্রতিষ্ঠা সম্ভৱপৰ হয়।

এক সমাজবাদী ৰাজনৈতিক ব্যৱস্থা(polity) নির্মাণ কৰাটো ভবিষ্যত সমাজবাদৰ অন্যতম প্রত্যাহবান হব। বিংশ শতিকাৰ সমাজবাদৰ কালত বিভিন্ন ঐতিহাসিক কাৰণবশতঃ এই প্রত্যাহবানৰ সফলতাৰে মোকাবিলা কৰিব পৰা নগল। এইখিনিতে মন কৰা ভাল যে সমাজবাদৰ কালতো ৰাষ্ট্র অস্তিত্বমান হৈ থাকিব, কিন্তু ই এক ভিন্ন প্রকাৰৰ ৰাষ্ট্র হব। শ্রমিক শ্রেণীৰ নেতৃত্বত সকলো নাগৰিকৰ ক্রমাগত প্রত্যক্ষ তথা সক্রিয় অংশগ্রহণৰ যোগেদি এই ৰাষ্ট্র নির্মাণ কৰা হব। লাহে লাহে ৰাষ্ট্রশাসনব্যৱস্থা আৰু সামগ্রিক সমাজখনৰ সমাপতন(overlap) ঘটিব আৰু ৰাষ্ট্র তথা জনগণৰ বিচ্ছেদ কমি আহিব।সমাজবাদৰ বিকাশৰ লগে লগে এই বিচ্ছেদ এসময়ত নাইকিয়া হৈ পৰিব। ৰাষ্ট্র আৰু জনগণৰ দূৰত্ব কমি অহাৰ লগে লগে ৰাষ্ট্রৰ বিলোপকৰণৰ প্রক্রিয়াও আৰম্ভ হব। আন কথাত, সমাজবাদী ৰাষ্ট্রই নিজৰে বিলোপকৰণৰ স্থিতি সৃষ্টি কৰিব। অৱশ্যে ই অন্যান্য বহুতো বিষয় যেনে শ্রেণী সংঘাটৰ বিলোপকৰণ, শ্রেণী সমাজৰ অৱসান, মূল্য নীতিৰ বিলুপ্তকৰণ আদি বহুতো বিষয়ৰ ওপৰতো নির্ভৰ কৰিব। তথাপিও ৰাজনৈতিক গাঠনি তথা প্রক্রিয়াসমূহকো এই লক্ষ্যৰে বিশেষভাৱে প্রস্তুত কৰিব লাগিব।

বিপ্লৱৰ নেতৃত্ব বহন কৰা পার্টিৰ অস্তিত্ব বিপ্লৱৰ পাছতো বাহাল থাকিব যদিও এই ক্ষেত্রত ৰাষ্ট্রৰ ওপৰত পার্টিৰ কোনো একছেটিয়া অধিকাৰ নাথাকিব। ৰাষ্ট্রৰ-গাঠনিত পার্টিৰ কোনো সুকীয়া আইনগত অস্তিত্বও নাথাকিব। ই এক ভিন্ন প্রকাৰৰ পার্টি হব। ই শ্রমিক শ্রেণীৰ নেতৃত্ব বহন কৰিব আৰু শ্রমিকে সমাজবাদী অর্থনীতি তথা ৰাষ্ট্রশাসনব্যৱস্থাৰ নেতৃত্ব দিব। ৰাজনৈতিক শক্তিৰ প্রত্যক্ষ ব্যৱহাৰৰ বিপৰীতে বিবেক, বিজ্ঞান, মতাদর্শগত কর্ত্বৃত্ব তথা বিপ্লৱী বিশ্বাসযোগ্যতাৰ জৰিয়তেহে পার্টিয়ে এই নেতৃত্ব প্রদান কৰিব। সমাজবাদী গণতন্ত্রৰ প্রত্যক্ষ কার্যনির্বাহক আন আন শ্রমিক দলৰ সৈতে এই পার্টিৰ স্পষ্ট পার্থক্য থাকিব। প্রাথমিক পর্যায়ত এই পার্টিৰ মজিয়াতেই সমাজবাদী সমাজৰ শ্রেণী-সংগ্রাম মতাদর্শৰ স্তৰত(ideological plane) পৰিস্ফুট হব আৰু মতাদর্শগত পৰিধিতেই এই সংগ্রাম আগবঢ়াই নিয়া হব। সমাজবাদী ৰাষ্ট্র তথা সমাজবাদী ৰাজনৈতিক প্রণালীৰ পৰিধিত ৰাজনৈতিক স্তৰত শ্রেণী সংগ্রামৰ সূত্রপাত ঘটিব আৰু এই ৰাজনৈতিক প্রণালীৰ নীতি-নিয়ম তথা স্বীকৃত বিভিন্ন প্রক্রিয়া অনুসৰিয়েই সংগ্রাম চালিত হব। এই সমস্ত কালছোৱাত মতাদর্শগত ভাৱে পার্টিয়ে শ্রমিক শ্রেণীক নেতৃত্ব প্রদান কৰিব। এফালৰ পৰা চাবলৈ গলে ই সদায়েই এক নির্মাণাধীন পার্টি হব(a party in the making)যি বাৰে বাৰে নিজকে নিজে পুনর্গঠন কৰি থাকিব। শ্রেণী সমাজ তথা ৰাষ্ট্রৰ অৱসানৰ সৈতে এই পার্টিৰো বিলুপ্তি ঘটিব।   







5 comments:

  1. good writing ........ মই মাৰ্কছবাদৰ বিৰুদ্ধে এটা কথাই কওঁ- মাৰ্ক্সে ভবাতকৈ পুঁজিবাদ বহুত বেছি জটিল..

    ReplyDelete
    Replies
    1. "মই মাৰ্কছবাদৰ বিৰুদ্ধে এটা কথাই কওঁ- মাৰ্ক্সে ভবাতকৈ পুঁজিবাদ বহুত বেছি জটিল.."

      আমি কথাটো বেলেগধৰণেও চাব পাৰোঁ। সচাঁ কথা, মাৰ্ক্সৰ সময়তকৈ এতিয়াৰ পুঁজিবাদৰ ৰেহৰূপ বেলেগ। কিন্তু এই কথাটো জানোঁ "মাৰ্কছবাদৰ বিৰুদ্ধে" বুলি ক'ব পাৰি? মাৰ্ক্সীয় চিন্তা-চৰ্চাক স্থাণু আৰু নিশ্চল বুলি গণ্য কৰিলে অৱশ্যে তেনে এক ভ্রান্ত সিদ্ধান্তলৈ অহা যায়। সহজ উদাহৰণ এটা লওঁ। ডাৰউইনৰ প্রাৰম্ভিক ক্রমবিকাশৰ তত্ত্বত থকা বহুতো আসোঁৱাহ পৰৱৰ্তী কালৰ বৈজ্ঞানিক আৱিস্কাৰে উন্মোচন কৰিছিল। সেই কথাটোক জানোঁ ক্রমবিকাশৰ তত্ত্বৰ "বিৰুদ্ধে" বুলি ক'ব পাৰি?

      Delete
  2. তেনেই তৰাং আৰু উদ্দেশ্যপ্রণোদিত চিন্তা হ'ল পুথিখনিৰ মৰ্মবস্তু। পুথিখনৰ প্রায় প্রতিটো পৃষ্ঠাই লিখকৰ আশ্চৰ্যকৰ চিন্তাৰ দীনতা আৰু অধ্যয়নহীন পণ্ডশ্রমৰ সাক্ষৰ বহন কৰিছে।

    ReplyDelete
  3. ভূমি ও দলিল রেজিস্ট্রি সম্পর্কিত সকল আইন সম্পর্কে জানতে আমাদের ওয়েবসাইট ভিজিট করতে পারেন।

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...