Monday, December 12, 2022

য়ুক্ৰাইনৰ সংঘাতঃ পাঁচখন যুদ্ধৰ সংমিশ্রণ


মূলঃ চুজান̖ ৱাট̖কিন্স̖

সংক্ষিপ্ত ভাবানুবাদঃ ময়ূৰ চেতিয়া

এই প্রবন্ধটো পূর্বে “নিউ লেফ̖̖̖ ৰিভিউ” আলোচনীখনৰ অক্টোবৰ ২০২২ সংখ্যাত প্রকাশিত হৈছে।

(১)

আর্নেষ্ট̖ মাণ্ডেলে দ্বিতীয় বিশ্বযুদ্ধখনত পাঁচখন ভিন ভিন ধৰণৰ যুদ্ধসংমিশ্রণ বুলি সংজ্ঞায়িত কৰি গৈছে। প্ৰথমখন যুদ্ধ আছিল - বিশ্ববিজয় অভিলাষী বিভিন্ন সাম্ৰাজ্যবাদী শক্তিবিলাক (জাৰ্মানী, জাপান, আমেৰিকা, ব্ৰিটেইনৰ) মাজ যুদ্ধইয়াৰ বাবে প্ৰত্যাহ্বানকাৰী প্রতিটো শক্তিয়েই অন্ততঃ এটা প্রধান অঞ্চলত নিয়ন্ত্রণ হাছিল কৰাটো প্রয়োজনীয় আছিল। জাপানৰ বাবে এই অঞ্চলটো আছিল চীন আৰু দক্ষিণ-পূব এছিয়াজাৰ্মানীৰ বাবে এই অঞ্চলটো আছিল ছোভিয়েট ইউনিয়নৰ পশ্চিম অংশটো তথা ককেছাছপ্রত্যাহবানকাৰী শক্তিবিলাকে আবিষ্কাৰিছিল যে তেওঁলোক বিজয়ী হবলৈ হলে বাধা সৃষ্টিকাৰী বিৰোধী সাম্ৰাজ্যবাদী শক্তিটোক মোক্ষমভাবে আঘাত কৰিবই লাগিব। জাপানৰ বিৰোধী শক্তিটো আছিল আমেৰিকা, যি তাক প্ৰশান্ত মহাসাগৰী অঞ্চলত আগবঢ়াৰ ক্ষেত্রত বাধা প্রদান কৰিছিল। জাৰ্মানীৰ বিৰোধী শক্তি আছিল  ফ্ৰান্স আৰু ব্ৰিটেইন – যি ইউৰোপ বাৰ্লিনৰ আধিপত্য বৃদ্ধি হোৱাটো মুঠেই বিচৰা নাছিল।

প্রথমে এই সাম্রাজ্যবাদী যুদ্ধখন দুখন পথাৰত সংঘটিত হৈছিল – উত্তৰ ইউৰোপ তথা প্রশান্ত মহাসাগৰত। উত্তৰ ইউৰোপত প্রথমে যুদ্ধ আৰম্ভ হৈছিল পলেণ্ডত আৰু ১৯৪০ত দ্রুত গতিৰে জার্মান ৱাহাৰমাখ̖̖(সেনাবাহিনী)ৰ হাতত বেলজিয়াম, হলেণ্ড, ফ্রাঞ্চ, ডেনমার্ক আৰু নৰৱে পৰাজিত হবলৈ ধৰিছিল। তাৰ অনাগত বছৰত অপাৰেছন বার্বাৰোছাৰ জৰিয়তে জার্মানীয়ে ছোভিয়েট ইউনিয়নত আক্রমণ কৰিছিল। আনফালে ইন্ধন যোগানৰ ক্ষেত্রত বাৰম্বাৰ আমেৰিকাৰ দ্বাৰা বাধাপ্রাপ্ত হৈ বিৰক্ত জাপানে অৱশেষত মালয়েছিয়া, চিংগাপুৰ তথা ইণ্ডোনেছিয়াক নিজৰ অধীনলৈ নিছিল আৰু প্রশান্ত মহাসাগৰত নিজৰ প্রভুত্ব সুনিশ্চিত কৰিবলৈ পল হার্বাৰস্থিত আমেৰিকান নৌবাহিনীক আক্রমণ কৰিছিল। দ্বিতীয় মহাসমৰত আমেৰিকাৰ যোগদানৰ লগে-লগেই এই দুয়োখন যুদ্ধৰ পথাৰ সংযুক্ত হৈ পৰিছিল। আমেৰিকাৰ সহায়ত বৃটেইনে কেনেবাকৈ “বেট̖̖ অফ বৃটেইন”ত নিজৰ অস্তিত্ব ৰক্ষা কৰিছিল আৰু তাৰ পাছতেই নিজৰ সেনাবাহিনীক মধ্য এছিয়াৰ তৈল খাদবোৰ ৰক্ষা কৰিবলৈ প্রেৰণ কৰিছিল। ইজিপ্টৰ পৰা পূব আফ্রিকালৈ, ভাৰত, বার্মা, মালয়, চিংগাপুৰ, হংকং ইত্যাদিৰ লগতে সমগ্র প্রশান্ত মহাসাগৰীয় অঞ্চলটো এই মহাসমৰত সংলিপ্ত হৈ পৰিছিল। এই আন্তঃসাম্রাজ্যবাদী যুদ্ধত আমেৰিকাই বিজয় লাভ কৰিছিল, জার্মানী আৰু জাপান ধ্বংস হৈ পৰিছিল তথা বৃটেইন আৰু ফ্রাঞ্চ পূর্বতকৈ বহুগুণে দুর্বল হৈ পৰিছিল। কাজেই এক নতুন আধিপত্যবাদী শক্তি হিচাপে আমেৰিকাৰ আৱির্ভাৱ ঘটিছিল।

দ্বিতীয়খন যুদ্ধ আছিল ছোভিয়েট ইউনিয়নৰ আত্মৰক্ষামূলক যুদ্ধ। এই আত্মৰক্ষামূলক যুদ্ধৰ জৰিয়তে ছোভিয়েট ইউনিয়নে নাজী প্রতিবিপ্লৱৰ পৰা ১৯১৭ৰ বিপ্লৱৰ ঐতিহ্যসমূহ ৰক্ষা কৰিছিল, ৰেড আর্মিৰ পুণঃনির্মাণ কৰিছিল তথা উত্তৰ ইটালীত মিত্র শক্তিসমূহ প্রবল নাজী প্রতিৰোধৰ সমুখীন হৈ থকা সময়তে ইটোৰ পৰা সিটোকৈ পূব ইউৰোপৰ অঞ্চলবিলাক নিজৰ নিয়ন্ত্রণলৈ আনিছিল। যুদ্ধৰ শেহত ছোভিয়েট ইউনিয়ন বিশ্বৰ দ্বিতীয়টো চুপাৰ পাৱাৰ হিচাপে পৰিগণিত হৈছিল। 

তৃতীয়খন যুদ্ধ আছিল জাপানী সাম্রাজ্যবাদৰ বিৰুদ্ধে চীনৰ জাতীয় মুক্তিৰ যুদ্ধ, যি এসময়ত গৈ সামাজিক বিপ্লৱৰো ৰূপ ধাৰণ কৰিছিল।

চতুর্থখন যুদ্ধ আছিল তৃতীয় বিশ্বৰ নানান দেশ – যেনে বার্মা, মালয়, ইণ্ডোনেছিয়া, ফিলিপাইঞ্চ আদিৰ জাতীয় মুক্তি যুদ্ধ, যি নিজৰ ঔপনিবেশিক প্রভু ফ্রাঞ্চ, বৃটেইন, ডাছ তথা আমেৰিকাৰ হৈ নিজৰ ৰক্ত বোৱাব খোজা নাছিল। ইণ্ডোনেছিয়া আৰু ইণ্ডো-চীন অঞ্চলটোত এই যুদ্ধই সামাজিক বিপ্লৱৰ ৰূপ ধাৰণ কৰিছিল।

পঞ্চমখন যুদ্ধ আছিল নাজী অধীকৃত ইউৰোপৰ জনগণৰ সশস্ত্র প্রতিৰোধৰ যুদ্ধ। কিছুমান অঞ্চলত – যেনে য়ুগোশ্লাভিয়া, আল̖বানিয়া, গ্রীছ আদিত এই প্রতিৰোধে জাতীয় অভ্যুত্থান, বিপ্লৱ তথা গৃহ-যুদ্ধৰ ৰূপ ধাৰণ কৰিছিল। ফ্রাঞ্চ আৰু ইটালীত কমিউনিষ্ট পার্টিবোৰ বিশাল গণভিত্তিক দললৈ পৰিণত হৈছিল। আন্তঃসাম্রাজবাদী যুদ্ধত স্বাধীন সামাজিক শক্তিবিলাকৰ প্রবেশে উত্তৰ-যুদ্ধকালীন পৃথিৱীখন নির্মাণ কৰাত বিশেষ ভূমিকা পালন কৰিছিল।

 

(২)

বর্তমানৰ য়ুক্রাইনৰ যুদ্ধৰ প্রসংগতো এনেধৰণৰ বিশ্লেষণ আগবঢ়াব পৰা যায়নে? এটা কথা ঠিক যে বর্তমানৰ যুদ্ধখনৰ পৰিসৰ দ্বিতীয় বিশ্বযুদ্ধতকৈ বহুখিনি সীমিত। বিশ্ব পৰিস্থিতিও সম্প্রতি পূর্বতকৈ একেবাৰে ভিন্ন। আজিৰ দিনত আমেৰিকাই নিজকে একমাত্র বিশ্বশক্তি হিচাপে গণ্য কৰে, আৰু তাৰ বিশ্বজনীন আর্থিক তথা ৰাজনৈতিক যাত্রাত বাধাপ্রদান কৰিব পৰা যিকোনো দেশক সি প্রতিদ্বন্দ্বী হিচাপে চিহ্নিত কৰেআর্থিকভাবে চাবলৈ গলে – পুঁজিবাদৰ সোনালী যুগ কাহানিবাই ওকলি গৈছে তথা এক দীর্ঘকালীন মন্থৰ আর্থিক গতিৰ কাল চলি আছে। ঔদ্যোগিক শ্রমিক শক্তিৰ পূর্বৰ শক্তি ধ্বংস হৈ গৈছে। চীন আজি এক মহাশক্তিলৈ পৰিণত হৈছে। কোন কাহানিবাই ছোভিয়েট ইউনিয়ন এই পৃথিৱীৰ পৰা নিঃচিহ্ন হৈ গৈছে।

তথাপিও এই কথা অস্বীকাৰ কৰিব পৰা নাযায় যে ২০২২ চনৰ এই সংঘাতখনিও দ্বিতীয় মহাসমৰৰ দৰেই এক আন্তঃৰাষ্ট্রীয় সংঘাত। আর্থিক, মতাদর্শগত তথা মিলিটেৰী ক্ষেত্রত এই সংঘাতখন চলি আছে। বিশ্বৰ শক্তিবিলাকক এই যুদ্ধখনে বিভাজিত কৰিব ধৰিছে।

ইতিমধ্যেই যুদ্ধৰ প্রায় ৯ মাহ উকলি গৈছে। কাজেই এই যুদ্ধখনত যুক্ত হৈ থকা বিভিন্ন সংঘাত, সিবিলাকৰ চৰিত্র, উৎস, কাৰণ আদি সম্পর্কে কিছু আলোচনা কৰাটো প্রয়োজনীয় হৈ পৰিছে।

(৩)

ঐতিহাসিকভাবে চাবলৈ গলে য়ুক্রাইনত সদায়েই বর্হিশক্তিৰ অনুপ্রবেশ দেখা পোৱা যায়। পিছে এনে বর্হিশক্তিৰ প্রৱেশ সম্ভৱপৰ কৰিছে দেশৰ অন্তর্ভাগতে থকা নানান বিৰোধী শক্তিৰ উপস্থিতিয়ে। সঠিককৈ কবলৈ গলে, প্রায়ে দেশৰ ভিতৰতে থকা কোনো শক্তিয়ে বর্হিশক্তিক আমন্ত্রণ জনাইছে।

প্রথম বিশ্বযুদ্ধৰ সময়ত এই অঞ্চলটোত এফালে অষ্ট্রো-হাংগেৰী আৰু আনফালে ৰাছিয়ান সেনাবাহিনীৰ মাজৰ সংঘাত  দেখা পোৱা গৈছিল। বিপ্লৱৰ পাছত সংঘটিত হোৱা গৃহযুদ্ধৰ সময়তো এই অঞ্চলটোৱে বিশেষ ভূমিকা পালন কৰিছিল। এফালে খাৰকিভ, অডেছা, ডন আদি অঞ্চলত ছোভিয়েট শক্তিৰ উদয় হৈছিল। সিবিলাকক হৰুৱাবলৈ কিয়েভস্থিত কেন্দ্রীয় সংসদে (ৰাডাই) বার্লিন আৰু ভিয়েনাৰ পৰা সহায় ভিক্ষা কৰিছিল। জাপৰিঝিয়া অঞ্চলটো আকৌ মাখ̖নো নেতৃত্বাধীন এনার্কিষ্ট কৃষক শক্তিৰ অধীনত আছিল – যি বুর্জোৱা কিয়েভ তথা ছোভিয়েট খাৰকিভ – দুয়োৰে বিৰোধিতা কৰিছিল। প্রথম বিশ্বযুদ্ধৰ পাছত পশ্চিমীয়া শক্তিবিলাকৰ উচটনিত পলেণ্ডে লিভ̖ অঞ্চলটো দখল কৰি লৈছিল। কিয়েভৰ পৰা ক্রিমিয়ালৈ – নানান সেনাবাহিনীয়ে দীর্ঘ সময় ধৰি বিচৰণ কৰি ফুৰিছিল। এই য়ুক্রাইনতেই স্তালিনৰ সমবায়কৰণৰো (collectivisation) গভীৰ প্রভাৱ পৰিছিল আৰু সেইসময়ৰ আতিশয্যবিলাকৰ ফলতেই হিটলাৰৰ নাজী বাহিনীয়েও অঞ্চলটো সহজতে জিনিবলৈ সক্ষম হৈছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন বিখণ্ডিত হৈ যোৱাৰ পাছতো এই অঞ্চলটোৱে তাৰ পূর্বৰ সমস্যাবিলাকৰ পৰা মুক্ত হবলৈ সক্ষম নহল। য়ুক্রাইনৰ সমাজখন এখন বিভাজিত সমাজ হৈয়েই ৰ’ল আৰু নানান বিৰোধী শক্তিবিলাকে  বর্হিশক্তিক আমন্ত্রণ কৰা প্রৱণতাটো চলিয়েই থাকিল।

বর্তমানৰ সংঘাতখনৰ কথা কবলৈ গলে – সংঘাতখন আৰম্ভ হৈছিল এক গৃহ-সংঘাতৰ ৰূপত। এই গৃহ-সংঘাতখনে নিজেই এক আন্তর্জাতিক যুদ্ধ সৃষ্টি কৰাটো সম্ভৱপৰ নাছিল। কিন্তু এইটোও সত্য যে গৃহ-সংঘাতৰ উপস্থিতিৰ অবিহনে যুদ্ধখন এনেকৈ বিয়পি যোৱাটোও সম্ভৱপৰ নাছিল।

ছোভিয়েট ইউনিয়নৰ আকস্মিক বিখণ্ডনৰ ফলত এক বুজন সংখ্যক ৰাছিয়ান লোক দেশৰ পৰিসীমাৰ বাহিৰতেই থাকি ৰল। বিশেষকৈ য়ুক্রাইনত ভালেখিনি ৰাছিয়ান লোক বাকী ৰ’ল। দেখা গল যে য়ুক্রাইন দেশখনৰ শাসক শ্রেণীটোও ৰাজনৈতিকভাৱে বিভক্ত। কিছুমান পার্টিয়ে ৱাশ্বিংটনৰ দিশেৰে যাব খোজে, কিছুমানে মস্কোৰ দিশেৰেআন কিছুমানে আকৌ দুয়োৰে মাজত ভাৰসাম্য বজাই ৰাখিব খোজেসামাজিকভাৱে, এই বিভাজনটোৰ লগতে ভাষিক তথা আর্থিক বিভাজনৰো সমাপতন দেখা পোৱা যায়। ছোভিয়েট কালত পূব য়ুক্রাইনৰ ডনেট̖স্ক̖ অঞ্চলটো ঔদ্যোগিকভাৱে আগবঢ়া আছিল। এই অঞ্চলটোতেই ঔদ্যোগিক সর্বহাৰাৰো শক্তি দেখা পোৱা গৈছিল। আজিৰ দিনত ভাষিকভাৱে, এইখিনি হৈছে ৰাছিয়ান লোক। পিছে আজিৰ দিনত এই অঞ্চলটোকেই ৰক্ষণশীলতাৰ দুর্গ বুলি কোৱা হয়। কিয়েভৰ দৃষ্টিত এইসকল হৈছে ছোভিয়েটৰ স্মৃতিত কাতৰ লোক (ছোভাক̖)। 

২০১৪ চনত দেশৰ ৰাজধানী কিয়েভৰ ৰাজপথত এলানি বিক্ষোভৰ আৰম্ভণি ঘটে, যাৰ ফলত মস্কোপন্থী য়ানুক’ভিচ চৰকাৰখন উফৰি পৰেএই বিক্ষোভক “ময়দান অভ্যুত্থান” বুলিও কোৱা হয়। মস্কোপন্থীসকলৰ মতে, এয়া পশ্চিমীয়া দেশবিলাকৰ এক চক্রান্ত আছিল। সি যি নহওঁক, কিয়েভৰ বিপৰীতে, দেশৰ পূব অঞ্চলত য়ানুক’ভিচ বেছ জনপ্রিয় আছিল। য়ানুক’ভিচ ক্ষমতাচ্যুত হোৱাৰ পাছত এতিয়া পূবৰ অঞ্চলবিলাকত য়ানুক’ভিচৰ সমর্থনত জনবিক্ষোভ হবলৈ ধৰেখাৰকিভ চহৰখনত ২০১৪ৰ ফেব্রুৱাৰী মাহত প্রায় ৩৫০০ জন জনপ্রতিনিধিয়ে একেলগে মিলি এখন “ময়দান-বিৰোধী অভিবর্তন” অনুষ্টিত কৰেইয়াৰ প্রতিক্রিয়া হিচাপে, কিয়েভৰ নতুন চৰকাৰখনে সমগ্র দেশখনৰে পৰা ৰাছিয়ান ভাষাটোৰ চৰকাৰী স্বীকৃতি আঁতৰাই দিয়ে। পূবৰ অঞ্চলবিলাকত কিয়েভ-বিৰোধী বিদ্রোহ বিয়পিবলৈ ধৰেআমোদজনকভাবে, ময়দান অভ্যুত্থানৰ নানান কৌশল এইবাৰ পূবৰ অঞ্চলবিলাকতো দেখা পোৱা গলচৰকাৰী বিল্ডিংবিলাক প্রদর্শনকাৰীসকলে নিজৰ দখললৈ আনিলে, ৰাস্তাবোৰ আৱদ্ধ কৰি পেলোৱা হল

দেশৰ পূব আৰু পশ্চিম অঞ্চলৰ মাজত হোৱা এই বিভাজনে সামৰিক বাহিনীকো প্রভাৱিত কৰিবলৈ ধৰিলেপূব অঞ্চলৰ স্থানীয় পুলিচ বাহিনীয়ে ময়দানবিৰোধী প্রদর্শনকাৰীসকলক সমর্থন আগবঢ়ালেডনেট̖স্ক̖, লুহান̖স্ক̖ আদি চহৰবিলাকত স্থানীয় নিবনুৱা, খনি শ্রমিক, ট্রাক ড্রাইভাৰ, চিকিউৰিটি গার্ড আদিৰে নির্মিত গণবাহিনীয়ে চৰকাৰী অফিচবিলাক নিজৰ দখললৈ নিলে আৰু নিজৰ অঞ্চলবিলাকক “গণৰাজ্য” হিচাপে ঘোষণা কৰিলেস্থানীয় বিজনেছমেন বা পূর্বৰ মিলিটেৰী কমাণ্ডাৰসকলক নেতা হিচাপে নির্বাচিত কৰা হলএইখিনি সময়লৈকে ৰুছ প্রেৰিত ভলণ্টিয়াৰৰ উপস্থিতি অঞ্চলটোত কাছিৎহে দেখা পোৱা গৈছিল। এয়া আছিল এক স্বতঃস্ফুর্ত বিক্ষোভ।

ইয়াৰ বিপৰীতে, কিয়েভ চৰকাৰে খাৰকিভ, অডেছা আদি চহৰত নিজৰ নিয়ন্ত্রণ হাছিল কৰিবলৈ সক্ষম হলপূবৰ বিদ্রোহীসকলক দমন কৰিবলৈ নতুন কিয়েভ চৰকাৰৰ গৃহমন্ত্রী আর্চেন আভাকভে উগ্র-সোঁপন্থী দল – যেনে প্রাভি চেক্টৰ আদিৰ সদস্যসকলকো নেছনেল গার্ডবাহিনীত মকৰল কৰিলে। পূবৰ মাৰিওপুল অঞ্চলটোত গৃহ মন্ত্রালয়ৰ বাহিনীয়ে ২০ জন বিক্ষোভকাৰীক গুলিয়াই হত্যা কৰিলেএইসকল শ্বহীদৰ ভিতৰত স্থানীয় পুলিচৰ লোকো আছিল, যি জনগণৰ ওপৰত গুলী চলাবলৈ অস্বীকাৰ কৰিছিল। অডেছা অঞ্চলত প্রায় ২০০০ জন উগ্র-জাতীয়তাবাদীয়ে ৩০০ জন ৰুছ-সমর্থক প্রদর্শনকাৰীৰ ওপৰত জপিয়াই পৰি আক্রমণ কৰিলেপ্রায় ৪০ জন প্রতিবাদকাৰীৰ মৃত্যু হল।

এইখিনি সময়লৈকে গৃহ-সংঘাতখনত যুক্ত দুয়োটা পক্ষৰ শক্তি অসমান আছিল। কিয়েভপন্থীসকলৰ হাতত গণসমর্থনৰ লগতে ৰাষ্ট্রযন্ত্রটোও আছিল। কাজেই ডনবাছ অঞ্চলৰ বিদ্রোহীসকলৰ ওপৰত উৰাজাহাজ তথা আর্টিলেৰীৰ দ্বাৰাও আক্রমণ কৰা হৈছিল। লগতে এই কিয়েভপন্থীসকল আছিল ৰুছ-বিৰোধী তথা পশ্চিমৰ সমর্থক। ইয়াৰ বিপৰীতে, পূবপন্থীসকলে ৰাছিয়াৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বিচাৰিছিল, পূবৰ অঞ্চলবিলাকৰ বাবে স্বায়ত্ত্ব শাসন বিচাৰিছিল তথা এটা সৰু অংশই স্বাধীনতাও বিচাৰিছিল।

দুয়োটা পক্ষই বর্হিশক্তিৰ পৰা সাহার্য ভিক্ষা কৰিলে। আচলতে বেছ কিছুসময়ৰ পৰাই আমেৰিকাই এই অঞ্চলটোত হস্তক্ষেপ কৰি আছিল। ২০১০ৰ নির্বাচনৰ সময়তেই ৰুছপন্থী ৰাষ্ট্রপতি য়ানুক’ভিচৰ প্রতিদ্বন্দ্বী তথা জাতীয়তাবাদী নেতা য়ুলিয়া টিমোচেংকোক আমেৰিকান ষ্টেট ডিপার্টমেণ্টে সমর্থন জনাইছিল। ময়দান অভ্যুত্থানৰ সময়ত অবামাৰ দ্বাৰা নিযুক্ত আমেৰিকান বিষয়া ভিক্টোৰিয়া নুলাণ্ডে নতুন চৰকাৰত কাক কাক ৰখা হব, তাৰো সিদ্ধান্ত লোৱাত ব্যস্ত হৈ পৰিছিল। আমেৰিকাৰ প্রিয় শক্তিবিলাকৰ ভিতৰত আছিল – পশ্চিমপন্থী অলিগার্কসকল, নব্য-উদাৰপন্থীসকল, কেতবোৰ মানৱ অধিকাৰমূলক এন জি অ, গোড়া জাতীয়তাবাদী তথা কিছুসংখ্যক উগ্র-সোঁপন্থী। মাজতে য়ানুক’ভিচ আৰু প্রতিবাদকাৰীসকলৰ মাজত এক বুজাপৰা হবলৈ গৈ আছিল, পিছে আমেৰিকাই তাৰ ঘোৰ বিৰোধিতা কৰিলে। কাজেই চুক্তিখন অৱশেষত নাকচ হল। এই চুক্তিখন নির্মাণ কৰিবলৈ জার্মানী, পলেণ্ড তথা ফ্রান্সে বিশেষ যত্ন কৰিছিল। চুক্তিখনৰ মতে শীঘ্রে নতুন নির্বাচন হোৱাৰ কথা আছিল, ২০০৪ চনৰ সংবিধানখন পুণঃপ্রতিষ্ঠা হোৱাৰ কথা আছিল, আৰু শান্তিপূর্ণভাৱে সংক্রমণকালটো অতিবাহিত হোৱাৰ কথা আছিল। পিছে আমেৰিকাই তাৰ বিপৰীতে, ৰাষ্ট্রপতি ভৱনত হিংস্র আক্রমণ কৰাটোকহে সমর্থন কৰিলে। য়ানুক’ভিচৰ পতনৰ পাছত পুটিনে ৰুছ-সংখ্যাগৰিষ্ঠ ক্রিমিয়া অঞ্চলটো দখল কৰি ললে। পুটিনে অনুভৱ কৰিছিল যে কিয়েভৰ নতুন চৰকাৰখনৰ পৰা ৰাছিয়াৰ কৃষ্ণসাগৰীয় নৌবাহিনীৰ বাবে ভাবুকি সৃষ্টি হব পাৰেসি যি নহওঁক, অবামাই এই পদক্ষেপক আন্তঃৰাষ্ট্রীয় আইনৰ উলংঘন বুলি ঘোষণা কৰিলে আৰু ৰাছিয়াৰ ওপৰত নানান ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিলে।

 

যি তীব্র গতি তথা আৰামেৰে পুটিনে ক্রিমিয়া দখল কৰিলে, সি পূবৰ অন্যান্য বিদ্রোহীসকলৰো মনত আশাৰ সঞ্চাৰ কৰিলে যে পুটিনে তেওঁলোককো মুক্তি দিয়াব। আচলতে ৰাছিয়াই এই তথাকথিত গণ-ৰাজ্যবিলাকক কেনেবাকৈ চলি থাকিব পৰাকৈহে সাহার্য প্রদান কৰিলে। আনকি এই গণ-ৰাজ্যবিলাকক ৰাছিয়াৰ দ্বাৰা আইনী স্বীকৃতিও দিয়া নহল। ২০১৫ চনত পুটিনে পূবৰ বিদ্রোহীসকলক মিন্স̖̖̖ চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিলে। এই চুক্তি অনুসৰি বিদ্রোহীসকলে কোনো নতুন অঞ্চলত আক্রমণ কৰিব নোৱাৰিব। আচলতে ডনবাছ অঞ্চলটোক মুক্ত কৰাটো ৰাছিয়াৰ লক্ষ্য নাছিল। বৰং ৰাছিয়াৰ লক্ষ্য আছিল য়ুক্রাইনক যেন-তেন-প্রকাৰেণে নাটোৰ সদস্যপদ লোৱাৰ পরা ক্ষান্ত কৰাযি কি নহওঁক, মিন্স̖̖ চুক্তিখনক যিকোনো প্রকাৰে ভংগ কৰাটো এইবাৰ আমেৰিকাৰ লক্ষ্য হৈ পৰিল। প্রবল গতিৰে আমেৰিকাই কিয়েভক অস্ত্র-শস্ত্র তথা সামৰিক প্রশিক্ষণ দিবলৈ ধৰিলে। ৰাষ্ট্রপতি বাইডেনৰ অধীনত ই আৰু তীব্র গতি লাভ কৰিলে। এইদৰেই এখন গৃহ-সংঘাতে আন্তঃৰাষ্ট্রীয় সংঘাতৰ ৰূপ ধাৰণ কৰিলে।

(৪)

য়ুক্রাইনৰ দ্বিতীয়খন যুদ্ধ হৈছে পুটিনৰ যুদ্ধ। এই যুদ্ধৰ চৰিত্র হৈছে দ্বৈত। এফালে শত্রু হৈছে নাটো, আনফালে য়ুক্রাইন। এফালে আমেৰিকান সামৰিক শক্তিৰ আগ্রাসনৰ বিৰুদ্ধে এক প্রতিৰক্ষামূলক পদক্ষেপ হিচাপেই ৰাছিয়াই সামৰিক মোতায়েন আৰম্ভ কৰিছিল। আনফালে আকৌ য়ুক্রাইন ওপৰত কৰা এই ৰাছিয়ান আক্রমনে এক নতুন-সাম্রাজ্যবাদী তথা আগ্রাসী যুদ্ধৰ ৰূপো ধাৰণ কৰিলেবিশ্লেষণৰ দিশৰ পৰা যুদ্ধৰ এই দুয়োটা দিশৰ স্বৰূপ হৈছে ভিন্ন ভিন্ন, দুয়োৰে উৎস, উদ্দেশ্য তথা মতাদর্শও ভিন্ন ভিন্ন। প্রতিৰক্ষামূলক দিশটোৰ ইতিহাস বেছ পুৰণি। শীতল যুদ্ধ সমাপ্ত হোৱাৰ পাছত মস্কোৰ বাৰম্বাৰ অনুৰোধ স্বত্তেও নাটোৱে তাৰ পূবমুখী আগ্রাসন বন্ধ কৰা নাছিল। ৰাছিয়াক নাটোৰ সদস্যপদ দিয়াৰ প্রতিটো প্রস্তাৱ আমেৰিকাই নাকচ কৰিছিল। ৰাছিয়াৰ স্বার্থৰ সম্পূর্ণ বিপৰীতে, এখনৰ পাছত সিখনকৈ পূব ইউৰোপৰ বিভিন্ন দেশক নাটোৱে সদস্যপদ দিয়েই আছিল।

এনে পৰিস্থিতিত, ৰাছিয়াই নিজৰ প্রতিৰক্ষাৰ বাবে পদক্ষেপ লোৱাটো স্বাভাৱিক আছিল। নাটোৰ অন্তর্ভাগৰ দ্বন্দ্ববিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা (যেনে তুর্কী বনাম নাটোৰ আনসকল সদস্য), বা অন্যান্য শক্তিবিলাকক ৱাশ্বিংটনৰ বিৰুদ্ধে সাহার্য প্রদান কৰা – এয়া আছিল ৰাছিয়াৰ প্রতিৰক্ষামূলক নীতি। ২০১৪ চনৰ পাছৰে পৰা - যেতিয়া পশ্চিমৰ সৈতে য়ুক্রাইনৰ সম্বন্ধবিলাক খুবেই সুমধুৰ হবলৈ ধৰিলে - এই দ্বন্দ্বটোও তীব্র হৈ পৰিল। পুটিনে অনুভৱ কৰিলে যে তেওঁৰ ওচৰত সময় নিচেই কম। মিন্স̖̖ চুক্তিয়ে য়ুক্রাইনক এক নিৰপেক্ষ শক্তি কৰি তুলিব পাৰিলেহেঁতেন, পিছে আমেৰিকা তথা য়ুক্রাইনৰ জাতীয়তাবাদীসকলে ঠিক এই কাৰণটোৰ বাবেই চুক্তিখনৰ তীব্র বিৰোধিতা কৰিছিল। ২০২১ৰ পৰা বাইডেন চৰকাৰে য়ুক্রাইনক নাটোৰ “পার্টনাৰ” হিচাপে অন্তর্ভুক্ত কৰা প্রক্রিয়াটো তীব্রতৰ কৰিলে আৰু কিয়েভেও ঘোষণা কৰিলে যে ৰাছিয়াৰ বিৰুদ্ধে সি ইতিমধ্যেই “বিশ্ব সম্প্রদায়ৰ” সামৰিক সমর্থন লাভ কৰিছে! ঠিক এইখিনিৰ পৰাই পুটিনেও সংঘাতখন তীব্র কৰি পেলোৱাৰ সিদ্ধান্ত ললে, যি অৱশেষত এক সামগ্রিক সামৰিক আক্রমণৰ ৰূপ ললে। সংঘাত কমাবলৈ কোনোধৰণৰ প্রকৃত আলোচনাৰ প্রতি বাইডেনে আগ্রহ নেদেখুৱালে। কাজেই ৰাছিয়াৰ প্রতিৰক্ষামূলক কেতবোৰ কুচ-কাৱাজে অৱশেষত (য়ুক্রাইনৰ ওপৰত) এক নব্য-সাম্রাজ্যবাদী আক্রমণৰ ৰূপ ললে।

সামৰিকভাবে চাবলৈ গলে, ৰাছিয়াৰ এই মিলিটেৰী আক্রমণ সম্পূর্ণভাৱে বিফল বুলি কব পৰা নাযায়। এইটো ঠিক যে ৰাছিয়াই কিয়েভ দখল কৰিবলৈ সক্ষম নহল। যুদ্ধৰ আৰম্ভণিতে বিভিন্ন ছাপ্লাই জাতীয় জটিলতাৰ ফলত প্রায় ৪০ মাইল দীঘল ট্রেফিক জাম সৃষ্টি হল, আৰু তাতেই শত সহস্র ৰাছিয়ান টেংক তথা অন্যান্য যান-বাহন য়ুক্রাইনৰ মিছাইলৰ চিকাৰ হলপিছে তথাপিও, দক্ষিণ তথা পূব অঞ্চলত য়ুক্রাইনৰ এক বিশাল অংশ দখল কৰিবলৈ ৰাছিয়া সফল হল। আজিৰ দিনত য়ুক্রাইনৰ প্রায় ২০ শতাংশ মাটি ৰাছিয়াৰ দখলত আছে। দখললৈ যোৱা নানান অঞ্চল – যেনে মাৰিওপুল আদিত পুণঃনির্মাণৰ কামো আৰম্ভ হৈছে। বাতৰি অনুসৰি, মাৰিওপুলত পূর্বতকৈ প্রায় দুগুণ পৰিমাণে অধিক বেতন ৩০,০০০জন নির্মাণ শ্রমিকে লাভ কৰিছে। যুদ্ধখন চলাই নিব পৰাকৈ এতিয়াও ভালেখিনি সম্পদ ৰাছিয়াৰ ওচৰত আছে। দেশখনৰ ওচৰত এক বিশাল অস্ত্র উদ্যোগ আছে, ২০১৪ৰ পাছত উদ্যোগবিলাকে আমদানীৰ বিপৰীতে নিজাববীয়াকৈ সামগ্রী নির্মাণৰ ওপৰত জোৰ দিছে। যুদ্ধক্ষেত্রত নতুনকৈ লগাবলৈ যথেষ্ঠ মানৱ সম্পদো আছে। কিছুসংখ্যক সাহসী ৰাছিয়ানে যুদ্ধখনৰ বিৰোধিতা কৰিছে, পিছে তেওঁলোকৰ সংখ্যা এতিয়াও বেছ কম। অৱশ্যে যুদ্ধখন যিমানেই দীঘল হৈ গৈ আছে, সিমানেই ৰাইজৰ সন্দেহো বৃদ্ধি পাইছে। এতিয়াও ৭২ শতাংশ ৰাছিয়ানে যুদ্ধখনৰ সমর্থন কৰে (আৰম্ভণিতে এই সংখ্যাটো আছিল ৮০ শতাংশ)। কিন্তু আজিৰ দিনত মাত্র ৫৩ শতাংশ ৰাছিয়ানেহে বিশ্বাস কৰে যে যুদ্ধখন পৰিকল্পনা অনুসৰি ঠিকেই চলি আছে। এক বিশাল সংখ্যক ৰাছিয়ান লোক এই লৈ উদ্বিগ্ন যে যুদ্ধখন ভবাৰ বিপৰীতে, বহু অধিক দীঘলীয়া হৈ গৈ আছে। পুটিনৰ ন’মেনক্লাটুৰাও এই উদ্বেগৰ পৰা মুক্ত নহয়।

(৫)

ৰাছিয়াৰ আগ্রাসনে তৃতীয়বিধ সংঘাতৰ জন্ম দিলে – য়ুক্রাইনৰ জাতীয় প্রতিৰক্ষাৰ যুদ্ধ। ৰাছিয়াৰ শক্তিৰ সৈতে য়ুক্রাইনৰ শক্তিৰ তুলনা নহয়। ২০২২ৰ পূর্বে ৰাছিয়াৰ প্রতিৰক্ষামূলক বাজেট আছিল ৬৫ বিলিয়ন ডলাৰৰ, য়ুক্রাইনৰ আছিল ৫ বিলিয়ন ডলাৰৰ! য়ুক্রাইনৰ জনসংখ্যা হৈছে ৰাছিয়াৰ মাত্র এক তৃতীয়াংশ, দেশৰ মুঠ ঘৰুৱা উৎপাদন হৈছে ৰাছিয়াৰ এক অষ্টাংশ। অৱশ্যে পশ্চিমৰ সমর্থন লাভ কৰি য়ুক্রাইনে বেছ সাহসিকতাৰে ৰাছিয়াৰ সৈতে যুঁজ কৰি আছে।

ৰাছিয়াৰ আক্রমনে য়ুক্রাইনত এক নতুন জাতীয় চেতনাৰো জন্ম দিলে ২০১৪ৰ ময়দান বিক্ষোভৰ পাছত প্রায় দুই তৃতীয়াংশ য়ুক্রেনিয়ানে বিশ্বাস কৰিছিল যে দেশখন ভুল পথেৰে গৈ আছে। আজিৰ তাৰিখত প্রায় ৭৫ শতাংশই বিশ্বাস কৰে যে দেশখনে সঠিক দিশেৰে বাট বুলিছে। অধিকাংশ য়ুক্রেনিয়ানেই বিশ্বাস কৰে যে অন্তিম বিজয় তেওঁলোকৰে হব, অৱশ্যে এইক্ষেত্রত কিছু সময় লাগিব পাৰেদেশক লৈ গর্ববোধ অনুভৱ কৰা লোকৰ সংখ্যাও (২০২১ চনত) ৩৪ শতাংশৰ পৰা (২০২২ চনত) ৭৫ শতাংশলৈ বৃদ্ধি হল। একেসময়তে, তীব্র ৰুছ বিদ্বেষো দেশখনত বৃদ্ধি পালে। প্রায় ৮১ শতাংশ লোকেই ২০২২ৰ আগষ্ট মাহৰ এক জৰীপত কলে যে তেওঁলোকে ৰাছিয়ান লোকৰ প্রতি “শীতল” অনুভৱ কৰেপ্রায় অর্ধেক সংখ্যকেই কলে যে ডনেট̖স্ক̖ আৰু লুহান̖স্ক̖ অঞ্চলৰ লোকসকলৰ প্রতিও তেওঁলোকে ঘৃণা অনুভৱ কৰেএসময়ত মাত্র ৪৭ শতাংশ য়ুক্রেনিয়ানেহে বিশ্বাস কৰিছিল যে দেশখনত মাত্র এটা চৰকাৰী ভাষাহে থাকিব লাগে (অর্থাৎ ৰাছিয়ান ভাষাটোৰ চৰকাৰী স্বীকৃতি নাকচ কৰিব লাগে)। পিছে আজিৰ তাৰিখত এই সংখ্যাটো হলগৈ ৮৬ শতাংশ! য়ুক্রেইন আৰু ৰাছিয়াৰ শত-সহস্র পৰিয়ালৰ মাজত তেজৰ সম্বন্ধ আছে। যুঁজখনে এই সম্বন্ধবিলাকতো ভাঙোন সৃষ্টি কৰিলে। প্রায় এক তৃতীয়াংশ য়ুক্রেনিয়ানে কৈছে যে সংঘাতখনৰ কথা ভাবিলে প্রধানতঃ তেওঁলোকৰ মনলৈ বেজাৰৰ ভাৱনা আহে।

য়ুক্রাইনৰ মূল মিলিটেৰী ৰণনীতিৰ আধাৰ হৈছে আন্তঃৰাষ্ট্রীয় সাহার্য ভিক্ষা। মতাদর্শভাবে, এই আপীলবিলাক বেছ সফল বুলিয়েই কব পাৰিৱশ্যে টকাৰ হিচাপত পৰিমাণটো সিমান ডাঙৰ নহয়। আমেৰিকাই জানুৱাৰীৰ পৰা এতিয়ালৈকে ২৭.৬ বিলিয়ন ইউৰো মিলিটেৰী সাহার্য তথা ১৫.২ বিলিয়ন ইউৰো বিত্তীয় সাহার্য প্রদান কৰিছে। ইউৰোপিয়ান ইউনিয়নে এতিয়ালৈকে ২.৫ বিলিয়ন মিলিটেৰী তথা ১২.৩ বিলিয়ন বিত্তীয় সাহার্য দিছে। জুলাই মাহত য়ুক্রাইনে পশ্চিমৰ পৰা লাভ কৰা হিমাৰ ৰকেট চিষ্টেম, আকাশৰ পৰা নিক্ষেপ কৰা হার্ম মিছাইল, ৮ লাখ জাঁই বৰটোপৰ গুলী তথা নাটোৰ ট্রেইনিঙৰ সহায়ত ডনবাছ অঞ্চলত ৰাছিয়াৰ আগ্রাসন মন্থৰ কৰি পেলাবলৈ সক্ষম হল। ৰাছিয়ান লাইনৰ সিপাৰে কুটাঘাতমূলক কার্যকলাপৰ বাবে নাটোৰ স্পিচিয়েল-অপাৰেছন ফর্চবিলাকক কামত লগোৱা হল। মাজতে পশ্চিমৰ দেশবিলাকৰ সমর্থন আৰু উৎসাহ বৃদ্ধি কৰিবলৈ ৰাষ্ট্রপতি জেলেন্স̖কীয়ে বিচাৰিছিল যে চিধাই খার্চন চহৰত আক্রমণ কৰা হওঁক, মাৰিওপুলক পূবৰ পৰা আক্রমণ কৰি কাটি দিয়া হওঁক আৰু জাপোৰিঝিয়া দখল কৰা হওঁক। অৱশ্যে খুবেই প্রেকটিকেল পেন্টাগনৰ বিষয়াসকলে কামটো কৰিবলৈ সন্মত নহল। তেওঁলোকে জানিছিল যে এইকেইটা অঞ্চলত ৰাছিয়াৰ ডিফেঞ্চ খুবেই মজবুত আৰু সেয়েহে নিচুকনি বটা হিচাপে খাৰকিভৰ দক্ষিণ পূর্বাঞ্চলৰ খালী অঞ্চল এটাত ১৫খন মান টেংক পঠাই তাকেই বিজয় বুলি ঢোল পিটা হল! আমোদজনকভাৱে, ৰণনীতিগতভাৱে অধিক গুৰুত্বপূর্ণ লাইমান অঞ্চলটো দখল কৰোঁতে কিন্তু পশ্চিমীয়া মিডিয়াই বিশেষ গুৰুত্ব নিদিলে!

(৬)

চতুর্থখন সংঘাত হৈছে – বাইডেন প্রশাসনে চলাই থকা সংঘাতখন। এজন প্রাক্তন চি আই এ বিষয়াৰ ভাষাত কবলৈ গলে – এয়া হৈছে এক প্রক্সি ৱাৰ, য’ত য়ুক্রেইনিয়ানসকলৰ সাহস আৰু শৌর্যক আমেৰিকাই ব্যৱহাৰ কৰিছে। পিছে সংঘাতখন ইয়াতে শেষ হোৱা নাই। বাইডেন প্রশাসনে ৰাছিয়াৰ বৈদেশিক মুদ্রাকোষৰ প্রায় আঠশ বিলিয়ন ডলাৰ ফ্রীজ কৰি পেলাইছে, প্রধান প্রধান ৰাছিয়ান বেংকবিলাকক swift ব্যৱস্থাৰ পৰা খেদি পঠাইছে, ৰাছিয়ান কোম্পানীবিলাকক বিদেশৰ পৰা সা-সৰঞ্জাম ক্রয় কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰিছে, আৰু বহুল সংখ্যক পশ্চিমীয়া কোম্পানীক ৰাছিয়া ত্যাগ কৰোৱা হৈছে। ইকনমিষ্ট আলোচনীখনৰ ভাষাত কবলৈ গলে –এই নিষেধাজ্ঞাবিলাকৰ মূল উদ্দেশ্য হৈছে – ৰাছিয়াৰ উৎপাদিকা শক্তি তথা প্রযুক্তিগত উৎকর্ষৰ পথত বাধা সৃষ্টি কৰা আৰু চীনক সকীয়াই দিয়া।

উত্তৰ-ছোভিয়েটকালীন ৰাছিয়াৰ সৈতে আমেৰিকাই কৰা শত্রু আচৰণৰ উৎস বিচাৰিবলৈ হলে আমি উত্তৰ-শীতযুদ্ধকালীন আমেৰিকাৰ বৈদেশিক নীতি বিষয়ক বিতর্কবোৰলৈ মন দিব লাগিব। এই নতুন ৰণনীতিৰ মূল হোঁতা আছিল কার্টাৰ প্রশাসনৰ নেছনেল চিকিউৰিটি এডভাইজৰ জিবিগনিয়ে জেজিন̖স্কি (Zbigniew Brzezinski) উত্তৰ-ছোভিয়েট কালত “দা গ্রাণ্ড ছেছবর্ড” (১৯৯৭) শীর্ষক গ্রন্থখনত জেজিন̖স্কিয়ে লিখিছে যে ৱাশ্বিংটনৰ বাবে মূল ৰণনীতিগত প্রশ্নটো হৈছে – কেনেকৈ ইউৰেছিয়া অঞ্চলটোত আমেৰিকাৰ প্রাথমিকতা সুনিশ্চিত কৰি ৰাখিব পৰা যায়? ইয়াৰ বাবে প্রথমেই উত্তৰ ছোভিয়েট কালৰ পূবৰ বিশাল অঞ্চলটোৰ প্রতি মন দিব লাগিব। নিজৰ পূর্বৰ শৌর্য-বীর্য হেৰুৱাই, বিশেষকৈ য়ুক্রাইনক হেৰুৱাই ক্ষুব্ধ হৈ পৰা ৰাছিয়াৰ শাসকসকলে যাতে ভৱিষ্যতে কোনো প্রতিশোধমূলক পদক্ষেপ লব নোৱাৰে, সেয়েহে ৰাছিয়াক প্রথমৰে পৰা হেঁচি ধৰিব লাগিব, ৰাছিয়াৰ সীমাপর্যন্ত নাটোৰ ব্যাপ্তি বৃদ্ধি কৰিব লাগিব আৰু য়ুক্রাইন, আজাৰবাইজান তথা উজবেকিস্তানক লগত লৈ ৰাছিয়াখনক ঘেৰি থব লাগিব। পাৰিলে ৰাছিয়াখনকো তিনিভাগত বিভক্ত কৰিব লাগিব। তেতিয়াহে ক্রেমলিনৰ বিষয়াসকল নিয়ন্ত্রিত হৈ থাকিব আৰু একপ্রকাৰে ইউৰোপিয়ান ইউনিয়নৰ আলধৰা হবলৈ সন্মত হব। পাছলৈ ঠিক এইটো ৰণনীতিকেই ক্লিণ্টন প্রশাসনে গ্রহণ কৰিছিল।

আমোদজনকভাবে, পোন্ধৰ বছৰ পাছত (“ষ্ট্রেটেজিক ভিজন” শীর্ষক গ্রন্থখনত) জেজিনস্কিয়ে নিজৰ মত সলনি কৰিলে, আৰু কলে যে ৰাছিয়াৰ বিপৰীতে, চীনহে আচলতে এক সমস্যাজনক শক্তি। পিছে তেতিয়ালৈ বহু পলম হৈ গল। ইতিমধ্যেই পূব ইউৰোপৰ বিভিন্ন দেশক নাটোৰ সদস্যপদ দিয়া হল (যেনে বাল্টিক অঞ্চলৰ দেশবিলাক, পলেণ্ড ইত্যাদি)। আমেৰিকান বিষয়াসকলে এইবুলিও কোৱা আৰম্ভ কৰিলে যে সোনকালেই জর্জিয়া আৰু য়ুক্রাইনকো নাটোৰ সদস্যপদ দিয়া হব। ই কিয়েভৰ বহুতো ৰাজনীতিবিদৰ মনত আশাৰ সঞ্চাৰ কৰিলে। তাৰ কিছু বছৰ পাছত দেখা গল –য়ুক্রাইনৰ নতুন প্রধানমন্ত্রী কোন হব – সেয়া আমেৰিকাই ঠিৰাং কৰিব ধৰিছে, আৰু আনফালে ৰুছ কমাণ্ডোসকলে ক্রিমিয়া অঞ্চলটো দখল কৰি পেলাইছে। আচলতে ক্রিমিয়া দখলৰ ক্ষেত্রত স্থানীয় লোকসকলে ৰাছিয়াক সমর্থনেই জনাইছিল। পুটিনৰ পাপৰ যদি হিচাপ কৰা হয়, দেখা যাব যে তেওঁ তাতকৈ বহু ডাঙৰ পাপ চেচনিয়া অঞ্চলত কৰি থৈছে। সি যি নহওঁক, ক্রিমিয়া দখলক ৱাশ্বিংটনে নিজৰ বাবে এক চৰম অপমান বুলি গণ্য কৰিলে, যাক কোনোপধ্যেই সহ্য কৰা নহব।

আমেৰিকান সম্পদৰ সৈতে ৰাছিয়াৰ সম্পদৰ তুলনা নহয়। পিছে লগতে এই কথাও সত্য যে আমেৰিকান অস্ত্র-শস্ত্রৰ এটা সৰু অংশহে য়ুক্রাইনলৈ পঠোৱা হৈছে। প্রশ্ন হৈছে – এইদৰে ৰাছিয়াৰ দৰে এক লেখত লবলগীয়া ঔদ্যোগিক শক্তিক প্রক্সি-যুদ্ধৰ জৰিয়তে পৰাস্ত কৰাটো সম্ভৱ হবনে? আচলতে আমেৰিকাৰ প্রপাগাণ্ডাতকৈ পুটিনৰ সেনাবাহিনীৰ অত্যাচাৰেহে আমেৰিকান তথা ইউৰোপীয় জনগণৰ মনত য়ুক্রাইনৰ প্রতি সমর্থন বৃদ্ধি কৰিছে। অফিচিয়েল লাইন মতে – “চব বস্তু য়ুক্রাইনেই ঠিৰাং কৰিব”। কিন্তু কার্যক্ষেত্রত আজিৰ দিনত য়ুক্রাইন হৈছে ভিক্ষাপ্রার্থী, আমেৰিকান অস্ত্র তথা ইন্টেলিজেঞ্চৰ ওপৰত নির্ভৰশীল। আমেৰিকাই আমাক অধিক সহায় কৰিব লাগে বুলি মাজতে জেলেন̖স্কীয়ে টুইট কৰিছিল। ততালিকেই ক্রুদ্ধ ৱাশ্বিংটনে তেওঁক সোঁৱৰাই দিলে – তেওঁ অকৃতজ্ঞ হোৱা উচিত নহয়। জেলেন̖স্কীয়েও সুৰ সলনি কৰিলে। নাটোৰ সদস্যপদ ততালিকে দিব লাগে বুলি তেওঁ কৰা দাবীকো নেচনেল চিকিউৰিটি এডভাইজৰ জেক চুলিভানে শীতলভাবে নাকচ কৰিলে। জেলেন̖স্কীয়ে সেই সময়ৰ আমেৰিকান ৰাষ্ট্রপতিৰ ৰাজহুৱা ভৎসনাও শুনিব লগা হল।

ৰাছিয়াৰ সৈতে আমেৰিকাৰ এই সংঘাতৰ চৰিত্র হৈছে নিঃসন্দেহে “সাম্রাজ্যবাদী” কিয়নো ই ৰাজক্ষমতা সলনি কৰিব বিচাৰে, আৰু ইউৰেছিয়াত আমেৰিকাৰ প্রভুত্ব বিস্তাৰ কৰিব খোজে। পিছে ঠিক কি পথৰ জৰিয়তে এই কামটো কৰা হব – সেয়া বাইডেন প্রশাসনৰ চকুত স্পষ্ট নহয়। যুদ্ধখনে যে ইমান বিশাল ৰূপ লব, সেয়া বাইডেন প্রশাসনে ভবা নাছিল। এফালৰ পৰা চাবলৈ গলে – ই ৱাশ্বিংটনৰ কোলাত দলিয়াই দিয়া এক প্রকাৰৰ উপহাৰৰ দৰেই আছিল। ইয়াৰ জৰিয়তেই ইউৰোপৰ দেশবিলাকক দমাই ৰাখিবলৈয়ো ৱাশ্বিংটনে এক সুবিধা পালে। পিছে আন এফালৰ পৰা চাবলৈ গলে - এয়া ডেমক্রেটসকলৰ মূল লক্ষ্যৰ পৰা সাময়িক বিচ্যুতি বুলিও কব পাৰি, যিহেতু তেওঁলোকৰ চকুত মূল শত্রু হৈছে চীন। এসময়ত গৈ চীনতো তেওঁলোকে শাসক সলনি কৰাৰ আশা পুহি ৰাখিছে। এইখিনিতেই  পঞ্চমখন সংঘাতৰ প্রসংগ সৃষ্টি হৈছে, সেয়া হৈছে বেইজিঙৰ সৈতে সংঘাত। ৰাছিয়াই য়ুক্রাইনত কৰাৰ লেখিয়াকৈ চীনেও যাতে টাইৱানত আক্রমণ কৰিবলৈ সাহস কৰিব নোৱাৰে, তাৰ বাবে আমেৰিকাই এক কঠিন ৰুছ বিৰোধী নীতি লোৱাটো প্রয়োজনীয় - এই যুক্তিটো ২০২১ৰ শীতকাল তথা ২০২২ৰ গ্রীষ্মকালত বাৰম্বাৰ প্রদান কৰা হ’ল। অর্থাৎ পুটিনক যিকোনো ধৰণৰ সকাহ দিয়াৰ অর্থ হৈছে, একপ্রকাৰে চীনক টাইৱান আক্রমণ কৰিবলৈ উৎসাহিত কৰাএইদৰেই চীন-আমেৰিকান সংঘাতে য়ুক্রাইন যুদ্ধৰ গতিৰেখা নির্ধাৰণ কৰিছে।

(৭)

এইদৰেই পাঁচখন সংঘাতৰ সংমিশ্রনে যুদ্ধখনক এক বিস্ফোৰক ৰূপ তথা ডায়নামিক প্রদান কৰিছে। ই দুয়োটা পক্ষকে (আমেৰিকা বনাম ৰাছিয়াক) ক্রমশঃ অধিকতকৈ অধিক তীব্র সংঘাতৰ দিশেৰে ঠেলি দিছে আৰু অনাগত সময়ত এই তীব্রতাক ৰোধ কৰাটো অসম্ভৱ যেনো হৈ পৰিব পাৰে

দুয়ো পক্ষৰ ক্রমাৎ পৰিবর্তনশীল যুদ্ধ-লক্ষ্যবিলাকলৈ মন কৰা যাওঁক। মার্চ মাহত ইষ্টান̖বুল̖ শান্তি-বার্তাৰ সময়ত কিয়েভৰ পজিচন আছিল যে য়ুক্রাইন নিৰপেক্ষ হৈ থাকিব আৰু মস্কোৰ সৈন্যবাহিনীয়েও আগ্রাসন-পূর্ব সীমালৈ ঘূৰি যাব। এপ্রিলত বাইডেনে শান্তি-বার্তাখনকেই নস্যাৎ কৰিলে আৰু ঘোষণা কৰিলে যে পুটিনৰ সৈতে কোনো আলোচনা কৰা নহব। আজিৰ দিনত আকৌ কিয়েভে স্বয়ং ক্রিমিয়া অঞ্চলটোকো দাবী কৰাত লাগিছে!

আৰম্ভণিতে, মস্কোৱে নাটোৰ সৈতে এখন চুক্তি বিচাৰিছিল, কিন্তু শেষ পর্যন্ত এখন সর্বগ্রাসী যুদ্ধৰ মাজত সি নিজকে আৱিষ্কাৰ কৰিলে! ৱাশ্বিংটনে পূব ইউৰোপত শান্তিপূর্ণভাবে তাৰ প্রভুত্ব সম্প্রসাৰণ বিচাৰিছিল, কিন্তু শেষ পর্যন্ত ইন্ধনৰ তীব্র দামে সৃষ্টি কৰা মুল্যবৃদ্ধিৰ মাজত সি নিজকে আৱিষ্কাৰ কৰিলে! যিদৰে য়ুক্রাইন যুদ্ধৰ প্রতি অগণন এছিয়াৰ দেশে (যেনে ভাৰত, পাকিস্তান, শ্রীলংকা, মধ্য এছিয়াৰ দেশসমূহ, চীন, ইৰান, ভিয়েটনাম, লাওচ আদিয়ে) এক নিৰপেক্ষ স্থিতি অৱলম্বন কৰিলে, তাৰ ফালে চাই জেজিন̖স্কিয়ে হয়তো আজি কলেহেঁতেন যে আমেৰিকাই আচলতে ইউৰেছিয়াত সমর্থন হেৰুৱাব ধৰিছে।

ক্রমশঃ তীব্র ৰূপ লোৱা সংঘাতৰ এই ডায়নামিকটোৱে য়ুক্রাইনৰ গৃহ-সংঘাতখনক খুবেই গভীৰ কৰি পেলালে। তাৰ সামাজিক ফলাফলবিলাক হৈছে খুবেই প্রতিক্রিয়াশীল। যুদ্ধৰ পূর্বে জেলেন্স̖কীৰ এক প্রধান আইনী পদক্ষেপ আছিল ভূমিৰ ব্যক্তিগতকৰণৰ আইন, যিখন জনগণৰ দ্বাৰা খুবেই সমালোচিত হৈছিল। আজিৰ দিনত যুদ্ধকালীন এক বৃহৎ আর্থিক সংকটৰ ফলত প্রায় ১০ লাখ শ্রমিকে কাম হেৰুৱাইছে, ৭ শতাংশ ঘৰ ধ্বংসপ্রাপ্ত হৈছে, নিবনুৱাৰ হাৰে ৩৫ শতাংশ পর্যন্ত স্পর্শ কৰিছে। এই হট্টগোলৰ মাজতে দেশৰ প্রায় ৭০ শতাংশ শ্রমিকক যিকোনো শ্রম-আইনৰ সুৰক্ষাৰ পৰা আঁতৰাই পেলাবলৈ এখন নতুন আইন জেলেন্স̖কীৰ চৰকাৰে আনিছে। যিবোৰ অঞ্চল কিয়েভ চৰকাৰে মুক্ত কৰিছে, তাতো গৃহ-যুদ্ধৰ অন্ত পৰা নাই। এইবাৰ “ৰাছিয়ান আগ্রাসনকাৰীসকলৰ সৈতে সহযোগ কৰা” লোকসকলক গ্রেপ্তাৰ কৰা হৈছে, শাস্তি দিয়া হৈছে।

নাটোৰ বিৰুদ্ধে আত্মৰক্ষা তথা ৱাশ্বিংটনৰ সৈতে এখন চুক্তি – মস্কোৰ এই দুয়ো লক্ষ্য আজি পৰাজিত হৈছে। অনাগত সময়ত য়ুক্রাইনত নাটোৰ উপস্থিতি সুনিশ্চিত হৈছে, তেহেলৈ দেশখনৰ আনুষ্ঠানিক স্থিতি যিয়েই নহওঁক লাগিলে। চুইদেন আৰু ফিনলেণ্ডে কিছুমাহ পূর্বে নাটোত যোগদান কৰাৰ ফলত এতিয়া নাটোৰ সৈতে ৰাছিয়াই প্রায় ৮০০ মাইল দীঘল সীমান্ত মানি চলিব লাগিব। অনাগত সময়ছোৱাত ৰাছিয়াৰ ভূমি আগ্রাসনকামী যুদ্ধখন স্তিমিত হৈ প্রতিৰক্ষামূলক attrition-ৰ ৰূপ লবলৈকে গৈ আছে, যি ৰাছিয়াৰ অনেকখিনি আর্থিক ক্ষতিসাধন কৰিব। একেসময়তে, ৰাছিয়াই ইতিমধ্যে দখল কৰি ৰখা য়ুক্রাইনৰ ২০ শতাংশ মাটিও মুক্ত হোৱাৰ কোনো আশা দেখা নাযায়। যদিহে এতিয়া জেলেন্স̖কীয়ে কোৱাৰ দৰে য়ুক্রাইনৰ মূল লক্ষ্য “ক্রিমিয়া দখল” হৈ পৰে, তেনেহলে কিয়েভৰ আত্ম-ৰক্ষাৰ যুদ্ধখনো নব্য-সাম্রাজ্যবাদী যুদ্ধলৈ পৰিণত হব। কিয়নো ক্রিমিয়াৰ অধিকাংশ লোকেই হৈছে ৰাছিয়ান আৰু ৰাছিয়াৰ সৈতেই তেওঁলোকে আত্মীয়তাবোধ অনুভৱ কৰেসম্প্রতি ৰাছিয়াৰ শাসক সলনি কৰিবলৈ আমেৰিকাৰ ওচৰত এটায়েই ৰণকৌশল থকা যেন অনুভৱ হৈছে, সেয়া হৈছে - যুদ্ধখন দীর্ঘগামী কৰি তোলা। আনফালে “ষ্ট্রেটেজিক কনচেষ্ট ২০২২” শীর্ঘক এখন দলিলৰ জৰিয়তে নাটোৱে ৩২ খন বহতীয়া ৰাষ্ট্রৰ সৈতে মিলি বেইজিঙৰ সৈতে সংঘাতত নমাৰ ঘোষণা কৰিছে, যাৰ ভয়াবহতা য়ুক্রাইনৰ সংঘাততকৈ বহুগুণ অধিক হব

তত্ত্বগত দৃষ্টিৰে চাবলৈ গলে - শীতল যুদ্ধৰ পাছত ইউৰোপীয় দেশবিলাকে ৰাছিয়াৰ সৈতে মিলি আমেৰিকাৰ দপদপনি নিয়ন্ত্রণ কৰাৰ কথা ভাবিব পাৰিলেহেঁতেন। ইয়েই উদীয়মান শক্তিবিলাকৰ বাবে ঠাই হোৱাকৈ এক ভাৰসাম্যমূলক, তথা গোলকীয়ভাৱে বহুসাংস্কৃতিক ফ্রেমৱর্ক নির্মাণ কৰিব পাৰিলেহেঁতেন। পিছে আমেৰিকান বৈদেশিক-নীতি নিয়ন্ত্রণ কৰা এলিটসকলৰ বাবে ই একেবাৰেই অস্বীকার্য আছিল।

বিগত পঞ্চাছ বছৰতকৈয়ো অধিক কাল ধৰি নিজৰ সার্বভৌমত্ব ক্ষয় কৰাৰ পাছত আজি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ওচৰত যিকোনো বিকল্প-আধিপত্যবাদী প্ৰকল্পৰ বাবে বৈষয়িক তথা চিন্তনমূলক সম্পদৰ বাৰুকৈয়ে অভাৱ দেখা যায় প্ৰতিটো নতুন সংকটৰ লগেলগে আটলাণ্টিকবাদ শিকলিত জার্মানীখন অধিকতকৈ অধিক আৱদ্ধ হৈ পৰিছে: য়ুগোশ্লাভিয়া, আৰ্থিক সংকট, আৰু এতিয়া ইউক্ৰেইন তাৰ অন্যতম উদাহৰণ কোৱা হয় যে নিজৰ অজ্ঞাতসাৰেই ইউৰোপৰ শক্তিবিলাকে প্রথম বিশ্বযুদ্ধ শুভাৰম্ভ কৰিছিল। আজিৰ দিনত অৱশ্যে ইউৰোপ শুই থকা নাই, বৰং সম্পূর্ণ চেতনভাৱে, হাঁহি-হাঁহি, তথা উল্লাসেৰে নিজৰ “ষ্ট্রেটেজিক অটোনমি”ৰ নাম লৈ আমেৰিকা আধিপত্যৰ বাবে পৰৱৰ্তী বিশ্ব সংঘাতখনৰ দিশেৰে আগুৱাই গৈ আছে।

 

 

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...