দলৰ নেতা ৰাউল হেডেবউৰ সৈতে সাক্ষাৎকাৰ
মূলঃ
https://www.jacobinmag.com/2021/12/workers-party-of-belgium-ptb-raoul-hedebouw-interview
অনুবাদঃ ময়ূৰ চেতিয়া
“১৮৬৯ চনত মার্ক্সে বেলজিয়ামৰ বিষয়ে
লিখিছিল যে এইখন হৈছে জমিদাৰ, পুঁজিপতি আৰু পুৰোহিতৰ ক্ষুদ্র ভূস্বর্গ। অথচ আজিৰ দিনত সমগ্র
য়ুৰোপৰ ভিতৰতে এই বেলজিয়ামতেই মার্ক্সৰ নামত জন্ম হোৱা মতাদর্শটোৰ বাবে সর্বাধিক আশাৰ বতৰা সৃষ্টি
হৈছে” - ইক’নমিষ্ট
আলোচনীখনে বেলজিয়ামৰ “পার্টিজ ভেন দে আর্বেইদ ভেন বেলজি (পিটিবি)” বা “বেলজিয়ান
শ্রমিক পার্টি”ৰ বিষয়ে লিখিবলৈ গৈ এইদৰে ঘোষণা কৰিছে। বিগত চাৰি দশক ধৰি পিটিবি
আছিল এক ক্ষুদ্র আকাৰৰ পৰম্পৰাগত মার্ক্সবাদী-লেনিনবাদী দল, যাৰ সদস্য সংখ্যা কেইশমানৰ
মাজতে সীমাৱদ্ধ আছিল। পিছে যোৱা দশকটোত
পিটিবিৰ আকাৰ আৰু প্রভাৱ ভীষণভাৱে বৃদ্ধি পাইছে আৰু দেশৰ ৰাজনীতিত ই এক প্রধান শক্তি হিচাপে
আত্মপ্রকাশ কৰিছে।
২০০৮ চনৰ পাছৰে পৰা দলটোৰ প্রভাৱ ক্রমান্বয়ে বৃদ্ধি হোৱা দেখা যায়। এই সময়ছোৱাতে গোলকীয় আর্থিক সংকটৰ
আৰম্ভণি হৈছিল আৰু তাৰ সমান্তৰালভাৱে পিটিবিৰ আভ্যন্তৰীন গাঁথনিটোৰো পৰিৱর্তন সাধন কৰা হৈছিল। ২০০৮ চনত দলটোৰ “নৱায়ন কংগ্রেছ” (ৰিনিৱেল কংগ্রেছ) সম্পন্ন হয় আৰু পিটাৰ মার্টেঞ্চ দলটোৰ নতুন প্রেচিডেণ্ট হিচাপে
নিযুক্ত হয়। এই কংগ্রেছতেই দলটোৱে পূর্বৰ সংকীর্ণতা ত্যাগ কৰাৰ কথা ঘোষণা কৰে আৰু বেলজিয়ামৰ শ্রমিক শ্রেণীটোৰ
প্রয়োজনবিলাক মূর্তমান কৰিব পৰাকৈ দলৰ কার্যসূচীসমূহ নতুনকৈ গঢ়াৰ ওপৰত গুৰুত্ব
প্রদান কৰে। অচিৰেই এই নৱায়ন কার্যসূচীৰ সফলতা দেখা পোৱা গল। দলটোৰ পৰা প্রথমজন সাংসদ নির্বাচিত হল আৰু “জনগণৰ বাবে ঔষধ”ৰ দৰে পার্টিৰ গণমুখী কার্যসূচীসমূহে
ব্যাপক জনপ্রিয়তা লাভ কৰিলে। এই কার্যসূচীৰ অধীনত দেশৰ বিভিন্ন অঞ্চলত প্রাথমিক স্বাস্থ্য কেন্দ্র স্থাপন কৰা হ’ল আৰু শ শ ভলণ্টিয়াৰে সিবিলাকৰ জৰিয়তে শ্রমিকসকলক
স্বাস্থ্য সেৱা প্রদান কৰিবলৈ ধৰিলে।
এই সমগ্র সময়ছোৱাত দলৰ এজন প্রধান নেতা হিচাপে ৰাউল হেডেবউৱে আত্মপ্রকাশ কৰিলে। ২০১৪ চনত দেশৰ সংসদলৈ নির্বাচিত হোৱা দলৰ দুজন নেতাৰ ভিতৰত
তেওঁ আছিল অন্যতম।
সংসদত তেওঁ উত্থাপন কৰা তীক্ষ্ণ প্রশ্নবিলাকে অচিৰেই তেওঁক
জনগণৰ মাজত জনপ্রিয় কৰি তুলিলে। ২০১৯ চনত দলৰ পৰা ১৮ জনকৈ সাংসদ নির্বাচিত হল আৰু
হেডেবউ এই সংসদীয় দলটোৰ নেতা হিচাপে পৰিগণিত হল। ২০২১ চনৰ ডিচেম্বৰ মাহত দলটোৰ
“ইউনিটি কংগ্রেছ” অনুষ্ঠিত হল আৰু এইবাৰ হেডেবউ পিটিবিৰ নতুন প্রেচিডেণ্ট হিচাপে
নিযুক্ত হল। নতুন পদাতিকৰ অনুসন্ধিৎসু পাঠকৰ বাবে ‘জেকোবিন’ আলোচনীয়ে লোৱা ৰাউল হেডেবউৰ এক সাক্ষাৎকাৰৰ অসমীয়া অনুবাদ আগবঢ়োৱা হল।
প্রশ্নঃ বিগত বছৰকেইটাত পিটিবি
দলটোৱে সাংগঠনিক আৰু
নির্বাচনী-ৰাজনৈতিক – দুয়ো দিশৰ পৰাই বেছ প্রসাৰ লাভ কৰিছে। দলৰ এনে সফলতাৰ কাৰণ
কি?
উত্তরঃ মার্ক্সবাদী বাওঁপন্থীসকলে বেলজিয়ামত এনে সফলতা লাভ কৰাৰ আঁৰত বস্তুগত আৰু
মনোগত - দুয়ো ধৰণৰে কাৰক আছিল। বস্তুগত কাৰকটো আছিল ২০০৮ চনৰ আর্থিক সংকট - যি
জনগণৰ মাজত এই চেতনাটো বৃদ্ধি কৰিলে যে বিত্তৰ পৃথিৱীখনৰ মাজত, পুঁজিবাদৰ মাজত, কিবা এটা গণ্ডগোল আছে। শেহতীয়া
কভিড সংকটৰ সময়তো দেখা গল যে শ্রমিকসকলেই প্রথমে মহামাৰীটোৰ চিকাৰ হব লগা হল।
আর্থিক দিশেৰেই হওঁক বা স্বাস্থ্যৰ দিশেৰেই হওঁক - শ্রমিকসকলেই প্রথমে কভিডৰ
ভুক্তভোগী হব লগা হল। এনে পৰিস্থিতিয়েই মার্ক্সবাদী বাওঁপন্থীসকলৰ বাবে এক অনুকূল
পৰিবেশ সৃষ্টি কৰিলে।
দ্বিতীয় কাৰকটো হৈছে মনোগত- অর্থাৎ পার্টিয়ে কেনেকৈ জনগণ
ক্রোধক এক বিশেষ পথেৰে লৈ যাব। এইক্ষেত্রত আমাৰ নৱায়ন কংগ্রেছৰ বিশেষ তাৎপর্য আছে, কিয়নো তাতেই আমি পূর্বৰ
মতান্ধতা ত্যাগ কৰিছিলো আৰু শ্রমজীৱী জনগণৰ প্রয়োজনবিলাক প্রতিফলিত কৰিব পৰাকৈ কার্যসূচী লোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিলো।
প্রশ্নঃ আপুনি
আপোনাৰ ভাষণবিলাকত প্রায়েই পার্টিৰ আভ্যন্তৰীন শক্তি তথা আভ্যন্তৰীন গভীৰতাৰ বিষয়ে
উল্লেখ কৰি আহিছে। এইবাৰৰ কংগ্রেছৰ সময়তো দেখা গল যে প্রায় চাৰিশমান তৃণমূল পর্যায়ৰ
কমিটিয়ে পার্টিৰ কংগ্রেছ অনুষ্ঠিত কৰাৰ ক্ষেত্রত আগভাগ ললে। আজিৰ সময়ত য়ুৰোপৰ ৰেডিকেল
বাওঁপন্থী শক্তিবিলাকে প্রায়েই ৰাজনৈতিক পার্টি -গাঁথনিৰ সমস্যাবিলাকৰ কথা উল্লেখ
কৰে। তেওঁলোকে দাবী কৰে যে জনগণে আজিৰ দিনত পদানুক্রমিক(hierarchical) পার্টিবিলাকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। তেওঁলোকে
এইবুলিও কয় যে পদানুক্রমিক পার্টি-গাঁথনিয়ে জনগণৰ সৃষ্টিশীলতা আৰু উদ্যম ধ্বংস কৰে
আৰু সেয়েহে অনুভূমিক(horizontal) বিধৰ সংগঠন গঢ়ি তোলাৰ
প্রয়োজন আছে, যি সকলোৰে সমান অংশগ্রহণ সুনিশ্চিত কৰিব। এইবিষয়ে আপোনালোকৰ মতামত
কি? আপোনালোকে দেখোন ওলোটা দিশেৰেহে আগবঢ়া যেন অনুভৱ হয়...
উত্তরঃ মই ভাবোঁ যে সমকালীন মার্ক্সবাদীসকলে
সংগঠনৰ প্রশ্নটো যিমান গুৰুত্বসহকাৰে লব লাগিছিল, সিমানখিনি গুৰুত্বসহকাৰে লোৱা নাই। বিপ্লৱী চিন্তনৰ মূল ৰণনীতিগত
কেন্দ্রবিন্দুটোৱেই আচলতে পার্টিৰ প্রশ্নটোৰ সৈতে
জড়িত। ঐতিহাসিকভাৱে চাবলৈ গলে এই বিষয়ক নানান বিতর্ক
দেখা পোৱা যায়। ৰাজনৈতিক বাগধাৰাৰ স্বৰূপ আৰু
সাৰমর্ম বিষয়ক বিতর্কবিলাক খুবেই গুৰুত্বপূর্ণ, কিন্তু পার্টিৰ প্রশ্নটোৰ সৈতে
মোকাবিলা নকৰিলে সিবিলাক অসম্পূর্ণ হৈ ৰবলৈ বাধ্য।
মার্ক্সবাদী দল একোটাৰ জৰিয়তে
শ্রমিকসকলক কেনেকৈ সংগঠিত কৰা যায় – এইটো এটা বেছ জটিল প্রশ্ন। বিগত দশকটোৰ ভিতৰতে
আমি ৮০০ জন সমর্পিত সদস্যৰ এটা সৰু সংগঠনৰ পৰা প্রায় ২৪ হেজাৰ সদস্যযুক্ত এটা দললৈ
পৰিণত হলো। আজিৰ দিনত আমাৰ পার্টিৰ ভিন ভিন সদস্যৰ কমিটমেণ্টৰ স্তৰো ভিন ভিন। এনে প্রতিজন পার্টিৰ সদস্যক যথোপযুক্ত স্থান দিব পৰাকৈ,
তেওঁলোকৰ মতামতবিলাক প্রকাশ কৰিব পৰাকৈ উপযুক্ত পার্টি-গাঁথনি নির্মাণ কৰাৰ
প্রয়োজন আমি অনুভৱ কৰিলো। আজি আমাৰ কিছুসংখ্যক সদস্য হৈছে পৰামর্শদাতা সদস্য- যি বছৰি ২০ য়ুৰো মাছুল
প্রদান কৰে, পার্টিৰ কিছুমান কার্যসূচী, প্রদর্শন ইত্যাদিলৈ মাজেসময়ে আহে। তেওঁলোকৰ
বাহিৰে আমাৰ ওচৰত প্রায় ৮০০ জন সম্পূর্ণভাৱে উৎসর্গিত পার্টি মেম্বাৰৰ এক সংগঠিত কেন্দ্র(core) আছে, যি প্রতিমাহেই
পার্টিৰ মিটিংবিলাকত অংশগ্রহণ কৰে আৰু ৰাজনৈতিক চেতনা তথা সংগ্রামী সংগঠন নির্মাণ
কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰে। পার্টিৰ মাজত এই দুয়োটা সাংগঠনিক ৰূপৰ ধনাত্মক উপাদানখিনি
আমি সমান্তৰালভাৱে অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ।
মই এই কথাটো মুঠেও মানি নলওঁ যে আজিৰ
দিনত আমাক পার্টিৰ প্রয়োজন নাই। কোনোবাই এইবুলি কবই পাৰে যে আজিৰ দিনৰ গণ
আন্দোলনবিলাকৰ চৰিত্র সাধাৰণতে বহল বিধৰ তথা অনুভূমিক প্রকৃতিৰ(horizontal) হয়। পিছে এই আন্দোলনবিলাকতো কিন্তু সিদ্ধান্ত গ্রহণ কৰাৰ
কোনো গাঁথনি বিকশিত কৰাটো প্রয়োজনীয় হৈ পৰে। আন্দোলনটো কেনেকৈ আগুৱাই যাব, কি কি দাবী উত্থাপন কৰা হব- তেনে নানান সিদ্ধান্ত লোৱাৰ প্রয়োজনীয়তা আহি পৰে। অর্থাৎ পার্টি আজিৰ দিনত অপ্রাসংগিক বুলি দাবী কৰা ৰেডিকেল আন্দোলনবাদী বাওঁপন্থীসকলেও
কিন্তু সংগঠনৰ প্রশ্নটো আওকান কৰিব নোৱাৰে। মার্ক্সবাদ বনাম অৰাজকতাবাদ জাতীয় পুৰণি বিতর্কবিলাকতো এইবোৰ প্রশ্ন সম্পর্কেই
এসময়ত আলোচনা হৈছিল। কথা হৈছে যে প্রত্যক্ষ্যভাৱে পার্টিৰ প্রয়োজনীয়তা মানি নোলোৱা আন্দোলনবিলাকতো কোনো এক ক্ষুদ্র গ্রুপ, সংসদীয় গোট বা
কেইজনমান নেতাই গোপন কোঠাত একেলগে বহি সিদ্ধান্ত লোৱা দেখা যায়!
আমি বিশ্বাস কৰোঁ যে যিকোনো সংগঠনতে
এনে কেতবোৰ চয়ন প্রক্রিয়া সক্রিয় হৈ থাকে, যি গণতান্ত্রিক বিতর্কবিলাকত শ্রমিক
শ্রেণীৰ অংশগ্রহণক অহৰহ নিৰুৎসাহিত কৰি থাকে। বিশেষকৈ পুঁজিবাদৰ অধীনত এনে চয়ন
প্রক্রিয়াবিলাক অত্যন্ত শক্তিশালী ৰূপত দেখা যায়। সিবিলাকৰ সৈতে মোকাবিলা কৰিবলৈ
সেয়েহে কেতবোৰ বিশেষ পদক্ষেপ লোৱাটো প্রয়োজনীয় হৈ পৰে।
মই গণতান্ত্রিক কেন্দ্রীয়তাবাদৰ লগতে
বাস্তৱিক সমজুৱা বিতর্কত বিশ্বাস কৰোঁ। আপুনি হয়তো লক্ষ্য কৰিছে
যে আমাৰ শেহৰটো পার্টি কংগ্রেছত প্রায় ৯০০ জন প্রতিনিধিয়ে ৮৩ খন কমিছনত অংশগ্রহণ কৰিলে!
এই বিভিন্ন কমিছনৰ ৰিপর্ট তথা সিবিলাকৰ নানান সংশোধনী প্রস্তাৱ মিলাই আমি প্রায় ২০০০ মান পৃষ্ঠা প্রস্তুত কৰিলোঁ। এতিয়া ভাবক - কেনেকৈ এই বৃহৎ পৰিমাণৰ দলিল আমাৰ সদস্যসকলে হজম কৰিছে! আচলতে
আমাৰ পার্টি কংগ্রেছৰ বিতর্কবিলাক খুবেই উচ্চ মানৰ হৈছিল। ব্যাপক ৰূপত সদস্যসকলে
সিবিলাকত অংশগ্রহণ কৰিছিল। পিছে যেই বিতর্কৰ জৰিয়তে কোনো সিদ্ধান্তত উপনীত হোৱা হয়, তাৰ পাছতে কিন্তু কেন্দ্রীকৰণ তথা একছন গ্রহণৰ
ক্ষেত্রত একতাৰ উপাদানবিলাক সক্রিয় হৈ পৰে।
এইক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ
উপাদানটো হৈছে – আলাপ-আলোচনা আৰু বিতর্কৰ প্রক্রিয়াটোত শ্রমিক শ্রেণীৰ সক্রিয়
অংশগ্রহণ সুনিশ্চিতকৰণ। মই ইতিমধ্যেই কৈছোঁ যে যিকোনো সংগঠনতে এনে কেতবোৰ চয়ন
প্রক্রিয়া সক্রিয় হৈ থাকে, যি গণতান্ত্রিক বিতর্কবিলাকত শ্রমিক শ্রেণীৰ অংশগ্রহণক
অহৰহ নিৰুৎসাহিত কৰি থাকে। বিশেষকৈ পুঁজিবাদৰ অধীনত এনে চয়ন প্রক্রিয়াবিলাক
অত্যন্ত শক্তিশালী ৰূপত দেখা যায়। এটা উদাহৰণ লোৱা যাওঁক- সাধাৰণতে আলোচনাবিলাকত লিখিত ৰূপৰ (যেনে লিখিত
দলিল, মন্তব্য আদিৰ) আধিপত্য দেখা পোৱা যায়। এনেয়েও আমি মার্ক্সবাদীসকলে লিখি বৰ ভাল পাওঁ! পিছে আভ্যন্তৰীন
বিতর্কবিলাক অনুষ্ঠিত কৰাৰ সময়ত আলাপৰ মৌখিক মাধ্যমটোও কিন্তু খুবেই গুৰুত্বপূর্ণ।
সাধাৰণতেই ৰাইজে মৌখিক মাধ্যমৰ যোগেৰে নিজৰ কথাটোৰ কবলৈ, প্রকাশ কৰিবলৈ অধিক সহজ
বোধ অনুভৱ কৰে।
কাজেই কংগ্রেছৰ বিভিন্ন কমিছনৰ ৰিপর্ট
প্রস্তুত কৰোঁতে আমি প্রতিনিধিসকলৰ সৈতে মৌখিক বার্তালাপ কৰাৰ ওপৰত, মৌখিকভাৱে তেওঁলোকৰ অৱদান গ্রহণ কৰাৰ ক্ষেত্রত খুবেই গুৰুত্ব দিছিলোঁ, যাতে শ্রমিক শ্রেণীৰ
সদস্যসকলে সমস্ত প্রক্রিয়াটোত সম্পূর্ণভাৱে তথা সক্রিয়ভাৱে অংশগ্রহণ কৰিব পাৰে।
প্রশ্নঃ পিটিবি
দলটোৰ আভ্যন্তৰীন জীৱনৰ কেন্দ্রত কেনেকৈ শ্রমিকসকলক ৰাখিব পৰা যায় – সেয়া সুনিশ্চিত কৰিবলৈ
আপোনালোকে কি কি পদক্ষেপ লৈছে? প্রফেছনেল ৰাজনীতিবিদসকলে যাতে দলটো শ্রমিক শ্রেণীৰ
নেতৃত্বৰ পৰা কাঢ়ি নিব নোৱাৰে, সেয়া সুনিশ্চিত কৰিবলৈ আপোনালোকে কি কৰিছে?
উত্তরঃ আমি কেতবোৰ বাস্তৱিক গণতান্ত্রিক সাংগঠনিক কার্যপদ্ধতি বিকশিত কৰিছোঁ। আমাৰ
নেছনেল কাউঞ্চিলত শ্রমিক শ্রেণীৰ সদস্যসকলৰ বাবে কেতবোৰ কোটাৰ ব্যৱস্থা আছে। আমাৰ ছয়জন সাংসদ হৈছে শ্রমিক শ্রেণীৰ পৰা অহা।
নির্বাচনৰ বাবে প্রার্থী নির্ণয় কৰাৰ সময়ত আমি সদায়েই শ্রমিক প্রার্থীসকলক
অগ্রাধিকাৰ দিওঁ।
এই সাংগঠনিক পদ্ধতিবিলাকৰ লগতে ৰাজনৈতিক বাগধাৰাও প্রশ্নটোও
আহে। শ্রমিক শ্রেণীৰ বিভিন্ন অংশ- যেনে বৃহৎ প্রাইভেট তথা ৰাজহুৱা কোম্পানীবিলাকৰ শ্রমিকসকল, ৰেলৱে, স্বাস্থ্যসেৱা, ইঞ্জিনিয়াৰিং, যাতায়াত বিভাগ আদিৰ শ্রমিকসকল - এইসকলেই হৈছে শ্রেণীসংগ্রামৰ
ইঞ্জিনস্বৰূপ। অৱশ্যে একাধিপত্যবাদী বৃহৎ পুঁজিবিৰোধী
সংগ্রামবিলাকত যুক্তফ্রণ্ট গঠন কৰোঁতে অন্যান্য শ্রেণীবিলাকৰো নিশ্চয়কৈ ভূমিকা
থাকিব। কিন্তু কথা হৈছে যে এই সবাৰে ভিতৰত শ্রমিক শ্রেণীটোৱেই আটাইতকৈ গতিশীল উপাদানৰ ভূমিকা পালন কৰে। শ্রমিকসকলৰ ভূমিকা হৈছে লকোমটিভৰ দৰে। এই ৰণনীতিগত দৃষ্টিভংগীৰ এক স্পষ্ট সাংগঠনিক তাৎপর্য আছে। আপুনি “আন্দোলনবাদীসকলৰ”
দৰে যদি এইবুলি ভাবে যে আন্দোলনত শ্রমিক শ্রেণীৰ বিপৰীতে “সমগ্র জনগণেই” সাধাৰণভাৱে নেতৃত্ব প্রদান কৰিব, তেনেস্থলত আপুনি গঢ় দিয়া সংগঠনটোৰ ৰূপো
ভিন্ন হব; ই নিশ্চয়কৈ শ্রমিক শ্রেণীৰ ভিত্তিত গঢ়া সংগঠন নহব।
এতিয়া কোনোবাই কবই পাৰে যে আজিৰ দিনত শ্রমিক শ্রেণীটো
বিভিন্ন খণ্ডত বিভক্ত, পিছে মন কৰিব যে শ্রেণী গঠনৰ প্রক্রিয়াটো সদায়েই এক
নির্মীয়মান প্রক্রিয়া। মার্ক্সৰ সময়ত কাৰিকৰসকলেই শ্রমিক শ্রেণীটোৰ নেতৃত্ব বহন কৰিছিল,
কিয়নো তেতিয়ালৈ বৃহৎ কর্মস্থলীবিলাকৰ নির্মানেই হোৱা নাছিল। প্রায়েই ভীষণ দমনমূলক স্থিতিৰ অধীনত অতীতৰ শ্রমিক
শ্রেণীয়ে নিজকে সংগঠিত কৰিব লগা হৈছিল, আৰু সেয়েহে অতীতৰ সাংগঠনিক পটভূমিবিলাকক
আদর্শ বুলি ধৰি লোৱাটোও ভুল হব। উৎপাদিকা শক্তিৰ বিকাশৰ
লগেলগে শ্রমিক শ্রেণীৰো পৰিৱর্তন সাধন হয়, কামৰ নতুন নতুন খণ্ডৰ উদয় হয়- যেনে ধৰক আজিৰ দিনৰ কল চেন্টাৰ,
ওবাৰ, নানান ডেলিভাৰি এপ ইত্যাদি। এইক্ষেত্রত আমাৰ কব লগা হৈছে যে এই নতুন
কর্মখণ্ডবিলাকত ইউনিয়ন, সংগঠন গঠন কৰি পার্টি নির্মান কৰাটো আজিৰ দিনত খুবেই জৰুৰী
হৈ পৰিছে।
প্রশ্নঃ আজি কভিড
অতিমাৰীৰ সময়ত দেখা গৈছে যে বহুতেই ৰাজ্যৰ প্রত্যাৱর্তনৰ কথা কবলৈ আৰম্ভ কৰিছে। কোনো কোনোৱে আনকি নব্য-উদাৰবাদৰ মৃত্যু ঘোষণাও কৰিছে। বাও দলবিলাকে কল্যাণকামী ৰাজ্যৰ
পুণঃনির্মাণ তথা সূদৃঢ়কৰণৰ কথা কৈছে। পিছে আপোনালোকে চিধাচিধি সমাজবাদৰ কথা কয় আৰু
কেনেদৰে শ্রমিক শ্রেণীক শাসনলৈ আনিব পাৰি, সেই বিষয়ে গুৰুত্ব আৰোপ কৰে। এই সমাজবাদ শব্দটো আপোনালোকে কেনেকৈ সংজ্ঞায়িত কৰে আৰু কেনেকৈ ই চচিয়েল
ডেমক্রেছিতকৈ পৃথক?
উত্তরঃ আজিৰ দিনৰ মূল প্রশ্নটো গৈছে যে বজাৰ অর্থনীতিয়ে
স্বাস্থ্যগত, সামাজিক তথা পৰিবেশগত সংকটবিলাকৰ সমাধা কৰিব পাৰিব নে? আমাৰ স্পষ্ট
উত্তৰ হৈছে - নোৱাৰে। এই পুঁজিবাদৰ তথাকথিত “সংশোধন” কৰা কামফেৰা বিফল হবলৈ বাধ্য।
কল্যাণকামী ৰাজ্য নির্মাণৰ প্রশ্নটো সাম্রাজ্যবাদী
শক্তিবিলাকৰ মাজত দেখা পোৱা প্রতিযোগিতা তথা চীনৰ উদয়ৰ প্রসংগত চাব লাগিব। য়ুৰোপীয় বুর্জোৱাৰ এটা অংশই অনুভৱ কৰিছে যে ৱ আন্তঃগাঁথনিৰ ক্ষেত্রত
যদি সিহঁতে ভালকৈ বিনিয়োগ নকৰে, তেনেহলে চীনে সিহঁতক ঘটুৱাবলৈ গৈ আছে। সেয়েহে এইক্ষেত্রত কিবাকিবি কৰাটো দৰকাৰ। পিছে এই প্রবুদ্ধ বুর্জোৱা পজিছনটো কিন্তু
পুঁজিবাদ-বিৰোধী নহয়, বৰং তাৰ ওলোটাটোহে।
আজি আমি সঁচাকৈয়ে বেছ ইন্টাৰেষ্টিং সময়ত বসবাস কৰিছোঁ, কিয়নো
আজি নব্য-উদাৰবাদৰ বিষয়ে বহুতো মানুহৰে চকু খোল খাইছে। এইক্ষেত্রত বিশ্লেষণ আৰু
অধিক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব। এই থমাছ পিকেটিৰ কথাই ধৰক। তেওঁ মার্ক্সবাদী নহয়,
কিন্তু তেওঁ দর্শাইছে যে পুঁজিবাদৰ বিকাশৰ বাবেও আজিৰ দিনৰ বিশাল মৃত সম্পত্তিৰ ভঁৰালবিলাক
প্রত্যাহবান স্বৰূপ হৈ পৰিছে। অর্থাৎ সাম্রাজ্যবাদে মুক্ত বাণিজ্যকেই ধ্বংস কৰিব ধৰিছে।
ঠিক এইটো শিক্ষাই বহুযুগ পূর্বে লেনিনে আমাক দি গৈছে। শাসক গোষ্ঠীৰ আন এটা অংশই
শ্রমিক শ্রেণীক পৰাজিত কৰিবলৈ উগ্র সোঁ-পন্থী শক্তিবিলাকত মোতায়েন কৰাৰ বিষয়ে
বিবেচনা কৰাটোও পৰিলক্ষিত হৈছে।
মই ভাবো যে আমি আমাৰ নীতিবিলাক সম্পর্কে দৃঢ় হব লাগিব,
সমাজবাদৰ প্রতিৰক্ষা কৰিব লাগিব আৰু একেসময়তে পুঁজিবাদ-বিৰোধিতাৰ দিশেৰে আগবঢ়া
অন্যান্য বুদ্ধিজীৱী তথা সমাজৰ অন্যান্য অংশৰ সৈতে
যোগাযোগ স্থাপন কৰিব লাগিব। স্বাধীন বেপাৰীসকলৰ কথাটোৱেই লোৱা যাওঁক। কভিড অতিমাৰীৰ সময়ত বেলজিয়ামৰ নানান স্ব-নিয়োজিত লোক – যেনে হেয়াৰড্রেছাৰ,
কেফেৰ মালিক, সৰু-সুৰা দোকানী আদিৰ মাজত স্বতঃস্ফুর্ত তথা অভূতপূর্ব সংগঠন গঢ় লৈ
উঠা দেখা গল। কিয়? কিয়নো কভিদকালৰ লকডাউনবিলাকে তেওঁলোকক প্রত্যক্ষ্যভাৱে তথা অতি গভীৰভাৱে ক্ষতিগ্রস্ত কৰিলে। ৰাজ্যই কেৱল বৃহৎ ফার্মবিলাকক সহায় কৰিলে, সৰু-সুৰা বিজনেছবিলাকক অকলে মৰিবলৈ এৰি দিয়া
হল। আমাৰ শাসকীয় ৰাজনীতিবিদসকলেতো চিধাই কৈয়ে দিছে যে আমি কেৱল viable কোম্পানীবিলাককহে সহায় কৰা উচিত। অর্থাৎ সৰু-সুৰা
ফার্মবিলাকক মৰিবলৈ এৰি দিলেও আপত্তি নাই। এনে সংগ্রামী স্ব-নিয়োজিত বেপাৰীসকলৰ
সৈতে শ্রমিক শ্রেণীৰ এক যুক্ত ফ্রন্ট গঢ়ি তুলিবলৈ আমি বেছ চেষ্টা কৰি আছোঁ।
একেসময়তে, আমি এনে কোনো আশাও মনত বান্ধি ৰখা নাই যে য়ুৰোপীয়ান
কমিছনৰ বিনিয়োগবিলাকে আমাৰ আর্থিক সমস্যাবিলাক সমাধা কৰিব পাৰিব। ইতিমধ্যেই এই
বিনিয়োগবিলাকৰ পৰিমাণ কমাই পেলোৱা হৈছে। তদুপৰি এনে ৰাজহুৱা ধন দৰাচলতে কাৰ পকেটলৈ গৈ আছে, সেয়া আমি ভালকৈয়ে জানো। এনে পাব্লিক-প্রাইভেট
পার্টনাৰশ্বিপবিলাকৰ দ্বাৰা সাধাৰণতেই বহুজাতিক নিগমবিলাকেই লাভাৱাম্বিত হয়।
প্রশ্নঃ পিটিবিৰ
আকাৰ ক্রমান্বয়ে বৃদ্ধি হব ধৰিছে আৰু আপোনালোকে ইতিমধ্যেই যুক্ত ফ্রন্ট নির্মাণৰ
কথা কোৱাও আৰম্ভ কৰিছে। পিছে এতিয়ালৈকে কোনো এখন প্রধান চহৰ আপোনালোকৰ নিয়ন্ত্রণলৈ
অহা নাই আৰু ৰাষ্ট্রীয় স্তৰত আপোনালোক এতিয়াও এটা বিৰোধী দল মাত্র। আপুনি
ইতিমধ্যেই ৰাষ্ট্রীয় ৰাজনীতিৰ কেতবোৰ বিপদৰ কথা উল্লেখ কৰিছে – বিশেষকৈ ২০২৪ৰ
নির্বাচনৰ পাছত সাম্প্রদায়িক ভিত্তিত দেশখন বিখণ্ডিত হৈ যোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে।
এনে বিপদবিলাকৰ কেনেকৈ মোকাবিলা কৰা যায়? এইক্ষেত্রত আপোনালোকে কেনে প্রস্তুতি
চলাইছে? আৰু কেনে পৰিস্থিতিৰ অধীনত আপোনালোকে নিজা চৰকাৰ গঠন কৰাৰ কথাটো বিবেচনা কৰিব?
উত্তৰঃ প্রথমেই জাতীয় প্রশ্নটো সম্পর্কে আলোচনা কৰি লোৱা যাওঁক। আমি দেখিছোঁ যে আর্থিক শাসকসকলৰ এটা অংশই
উগ্র-সোঁপন্থী শক্তিবিলাকক ব্যৱহাৰ কৰি শ্রমিক শ্রেণীটোক থান-বান কৰাৰ বিষয়ে বিবেচনা কৰিছে, এনে কৰিবলৈ
প্রলুব্ধ হৈছে। আর্থিক সংকটৰ সময়ত এনে ৰণকৌশল খুবেই সহজাত, বিশেষকৈ অভিবাসী আৰু
স্থানীয় শ্রমিকসকলৰ মাজত কাজিয়া সৃষ্টি কৰাৰ ক্ষেত্রত এনে ৰণকৌশলৰ উপস্থিতি দেখা
যায়।
(নতুন পদাতিকৰ পাঠকৰ
বাবে এইখিনিতে এটা টোকা- বেলজিয়ামত
মূলতঃ দুটা সম্প্রদায় আছে – প্রথমটো হৈছে ফ্লেমিছ ভাষী সম্প্রদায়, যি ফ্লেণ্ডাৰ
অঞ্চলত বসবাস কৰে আৰু দ্বিতীয়টো হৈছে ফৰাছী ভাষী সম্প্রদায়, যি ৱালোনিয়া অঞ্চলত বসবাস কৰে। তৃতীয় এটা অঞ্চলো আছে – ব্রুছেলছ। দেশৰ সকলো পৰম্পৰাগত দলেই বিভিন্ন স্বায়ত্ত্ব দলৰ ৰূপত বিভক্ত –
যি বিভিন্ন সম্প্রদায়ৰ প্রতিনিধিত্ব কৰে। এইক্ষেত্রত ব্যতিক্রম হৈছে পিটিবি দলটো – যি ফ্লেমিছ,
ব্রুছেলছ তথা ৱালন কমৰেডসকলক একেটা দলৰ জৰিয়তেই সংগঠিত কৰে।)
২০২৪ চনৰ নির্বাচন নিঃসন্দেহে এক গুৰুত্বপূর্ণ নির্বাচন হব
আৰু ই কেতবোৰ খুবেই গুৰুত্বপূর্ণ সমস্যা উত্থাপন কৰিব। এইক্ষেত্রত এটা প্রধান
আশংকা হৈছে যে ফ্লেণ্ডাৰ অঞ্চলত যদি উগ্র-সোঁপন্থীসকল বাঢ়িবলৈ হয়, তেনেহলে ই আমাৰ
দেশখনকে বিখণ্ডিত কৰি পেলাব পাৰে। এক ঐক্যবদ্ধ শ্রমিক চেতনা বৃদ্ধি কৰাৰ ক্ষেত্রত ই ভীষণ সমস্যা সৃষ্টি কৰিব। বিভিন্ন অঞ্চলৰ স্থানীয়
বাস্তৱৰ মাজত সংগতি ৰাখি শ্রমজীৱী ৰাইজক সংগঠিত কৰাটো বৰ সহজ কাম নহয়। পিছে তথাপিও আমি
যেতিয়া সমাজবাদৰ কথা কওঁ, আমি সমগ্র বেলজিয়াম তথা সমগ্র য়ুৰোপৰ বাবেই সমাজবাদৰ কথা
কওঁ।
ৱালুনিয়াত শ্রমিক আন্দোলনৰ, সমাজবাদী
আন্দোলনৰ এক গৌৰৱময় ইতিহাস আছে। পিছে ফ্লেণ্ডাৰৰ
ইতিহাস হৈছে মূলতঃ কৃষিমূলক। অৱশ্যে আজিৰ দিনত দেশৰ অধিকাংশ শ্রমিকসকল ফ্লেণ্ডাৰতেই অৱস্থিত। লগতেই এই কথাও সঁচা যে আর্থিক আধাৰৰ পৰা
স্বয়ংক্রিয়ভাৱে ৰাজনৈতিক চেতনা বিকশিত নহয়। আমি
এনে যান্ত্রিক মার্ক্সবাদক নাকচ কৰোঁ আৰু ৰাজনৈতিক কামকাজৰ জৰিয়তে চেতনা বৃদ্ধি কৰাৰ
কামটোৰ ওপৰত গুৰুত্ব দিওঁ।
দেশখনৰ একতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত আমি ট্রেড ইউনিয়ন
আন্দোলনটোক সহযোগী হিচাপে চিনাক্ত কৰিছোঁ। লগতে গ্রীনসকলকো আমি সহযোগী হিচাপে
চিনাক্ত কৰিছোঁ। বিখণ্ডনৰ এই বিপদটো সম্পর্কে তেওঁলোক ভালকৈয়ে অৱগত আৰু সেয়েহে দেশৰ অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ আমি তেওঁলোকৰ
সৈতে বিভিন্ন ইচ্ছ্যুভিত্তিক কামকাজ একেলগে কৰিবলৈ আগ্রহী।
দ্বিতীয় প্রশ্নটো হৈছে ৰণনীতিগত - অর্থাৎ একোখন জাতীয় চৰকাৰত
ৰেডিকেল বাওঁপন্থীসকলে কেনেকৈ অংশগ্রহণ কৰিব - সেই সম্পর্কীয়। আমাৰ ওচৰত সম্প্রতি
স্থানীয় পর্যায়ৰ চৰকাৰত অংশগ্রহণ কৰাৰ দুটাকৈ অভিজ্ঞতা আছে। জেলজেট মিউনিচিপালিটিত
চচিয়েল ডেমক্রেটসকলৰ সৈতে আৰু বর্ঘাৰহটত গ্রীন আৰু চচিয়েল ডেমক্রেটসকলৰ সৈতে চৰকাৰ
চলোৱাৰ অভিজ্ঞতা আমাৰ হৈছে। ইয়াৰ ভিত্তিত
আমি এই সিদ্ধান্তলৈ আহিছোঁ যে স্থানীয় পর্যায়ত টাউন হলবিলাকত বিজয়ী হোৱা আৰু সেই পর্যায়ত বিভিন্ন বাওঁ নীতি ৰূপায়ন কৰিব পৰাকৈ
শক্তি-সামর্থ সম্প্রতি আমি অর্জন কৰিছোঁ। য়ুৰোপৰ বিভিন্ন ন-পুৰণি দলে চৰকাৰ চলোৱাৰ অভিজ্ঞতাৰ পৰাও আমি বহুখিনি শিকিছো। বেলজিয়ামত সম্প্রতি
সমস্যাটো হৈছে যে চৰকাৰ গঠন কৰিবলৈ আপুনি সংযুক্ত মর্চা গঠন কৰিবই লাগিব আৰু ইয়াৰ
অর্থ হৈছে – আপোনাৰ মর্চাৰ সহযোগী দলবিলাকে আপোনাক ৰেডিকেল কার্যসূচী ৰূপায়ন কৰাত
বাধা আৰোপ কৰিব।
বিগত আঠ বছৰ ধৰি মই দেশৰ সংসদত আছোঁ আৰু তাত হৰেক ধৰণৰ বস্তু দেখা পোৱাৰ অভিজ্ঞতা মোৰ হৈছে। সংসদত এটায়েই বস্তু মই দেখা নাপালোঁ - সেয়া হৈছে ৰাজনৈতিক ক্ষমতা! মই চবতে বিচাৰি চালোঁ- সংসদৰ নিয়ম নীতিবিলাকৰ মাজত, সংসদ ভৱনৰ চকী-টেবুলবোৰৰ তলত - চবতে মই সন্ধান কৰিলোঁ, কিন্তু কতোৱেই মই ৰাজনৈতিক ক্ষমতা দেখা নাপালোঁ! চৰকাৰেই হওঁক, কেবিনেটেই হওঁক, চবতেই বিভিন্ন শক্তিশালী লবী তথা বহুজাতিক নিগমৰ হেঁচা সুস্পষ্ট।
ইয়েই এক ৰণনীতিগত প্রশ্ন সৃষ্টি কৰে- গণতান্ত্রিক
সংস্থাবিলাক যদি প্রকৃততেই ক্ষমতাহীন হয়, তেনেহলে ৰাজনৈতিক ক্ষমতা-দখল কেনেকৈ কৰা
যায়? গ্রীচৰ চিৰিজা দলটোলৈ চাওঁক - ই তাত চৰকাৰ গঠন কৰিলে কিন্তু সেইবুলি তাৰ হাতত
কোনো ক্ষমতা হস্তান্তৰ হোৱা দেখা নগল। বৰং য়ুৰোপিয়ান কমিছনে গ্রীছৰ বেংকিং ব্যৱস্থাটো খটম কৰি দিব বুলি ভাবুকি প্রদর্শন কৰিলে আৰু কাজেই
চিৰিজা চৰকাৰে অনিচ্ছা স্বত্তেও ব্যয়-কর্তন (austerity) নীতি গ্রহণ কৰিবলৈ
বাধ্য হল।
প্রশ্নঃ পিটিবি
দলটোৱে য়ুৰোপৰ অন্যান্য ৰেডিকেল বাওঁপন্থী দলৰ তুলনাত বেছ ভাল ফল দেখুৱাইছে আৰু ই নিঃসন্দেহে
সুখৰ কথা। কিন্তু এইখিনিতে এটা খুবেই বাস্তৱিক ৰণনীতিগত প্রশ্ন সৃষ্টি হয় –য়ুৰোপৰ বুকুত এক বিকল্প শক্তি কেনেকৈ গঠন কৰা
যায় – যি বর্তমানৰ য়ুৰোপিয়ান য়ুনিয়নৰ দিশ সলনি কৰিবলৈ হেঁচা প্রয়োগ কৰিব পাৰিব?
উত্তৰঃ এইটো এটা খুবেই গুৰুত্বপূর্ণ ৰণনীতিগত বিতর্ক আৰু এইবিষয়ে আমি সদ্যহতে পিছ পৰি
আছোঁ। এই বিতর্কটো সম্পর্কে ৰেডিকেল বাওঁ শক্তিবিলাকৰ মাজত ভালকৈ আলোচনা হব
লাগিছিল, কিন্তু এতিয়ালৈকে সেইটো হৈ উঠা নাই। এক দীর্ঘ সময় ধৰি আমি কেৱল বেলজিয়ামৰ পৰিসীমাৰ মাজতেই নিজৰ চিন্তা-চর্চা আৱদ্ধ কৰি ৰাখিলোঁ। আমাৰ দলৰ নবায়ন কংগ্রেছৰ পাছতহে য়ুৰোপৰ
বিভিন্ন বাওঁ দল - যেনে ডায়ে লিংকে, পডেম’ছ, ফৰাচী কমিউনিষ্ট পার্টি আদিৰ লগত আমাৰ
সম্বন্ধ স্থাপিত হল।
২০১৯ চনৰ পাছৰে পৰা আমি বিভিন্ন দলৰ সৈতে আলোচনা কৰি
আহিছোঁ। য়ুৰোপিয়ান য়ুনাইটেড লেফ্টৰ সাংসদসকলৰ ভিতৰত এজন আমাৰ দলৰ পৰাও নির্বাচিত
হৈছে। কাজেই বিভিন্ন সংসদীয় গ্রুপৰ মাজত আলোচনা সূচল হৈ পৰিছে। কিন্তু তথাপিও
বিভিন্ন য়ুৰোপিয়ান পুঁজিৰ মাজত স্থাপিত হোৱা একতাৰ তুলনাত বাওঁ দলবিলাকৰ মিত্রতা এতিয়াও পিছ পৰিয়েই আছে।
আমাৰ সমূহীয়া স্বার্থ ৰক্ষা কৰিবলৈ হলে বাওঁ দল বিলাকে
কথা-বার্তা আৰু অধিক নিয়মীয়া কৰিব লাগিব। কিন্তু একেসময়তে ই এক ৰণনীতিগত প্রশ্নও
উত্থাপন কৰে। প্রশ্নটো হৈছে - য়ুৰোপিয়ান সাম্রাজ্যবাদৰ শিকলিডাল
ছিঙিব পৰাকৈ যি শক্তি-সন্তুলনৰ পৰিৱর্তন প্রয়োজনীয় হব, সেয়া কেনেকৈ সম্ভৱপৰ কৰা যায়?
মন কৰিব যে পিটিবি দলটোক শ্রমিক ভোটাৰসকলে ভোট দিলে বুলিয়েই সেইটো পুঁজি-বিৰোধী পৰিপক্ক চেতনাৰ
স্বয়ংক্রিয় মাপক নহয়। নির্বাচনী ফলাফলে বাস্তৱৰ সকলো দিশ সামৰি নলয়। আমি আৰু বহুত কিবাকিবি কৰিবলৈ বাকী আছে।
১৯৭০ৰ দশকৰ পাছৰ পৰাই য়ুৰোপীয় দেশবিলাকত শ্রেণী-চেতনা হ্রাস
পাই আহিছে। লেটিন আমেৰিকান দেশবিলাকত অৱশ্যে বিগত দহ-পোন্ধৰ বছৰে শ্রেণী-চেতনা বেছ বৃদ্ধি হৈছে। তেওঁলোকৰ সৈতে তুলনা কৰিলে এনে লাগে - আমি যেন
ক্রমান্বয়ে পাছলৈহে গৈ আছোঁ। য়ুৰোপৰ পুৰণা চচিয়েল ডেমক্রেটিক দলবিলাকে সম্পূর্ণভাৱে পুঁজিৰ সৈতে বুজাপৰা কৰি নব্য-উদাৰতাবাদক আঁকোৱালি ললে। বার্লিন ৱালৰ পতন তথা পুৰণা কমিউনিষ্ট শিবিৰটো নিশকটীয়া হোৱাৰ বাবেও এনে পৰিস্থিতি সৃষ্টি হ’ল বুলি কব পাৰি।
শ্রমিক শ্রেণীৰ চেতনা তথা পৰিচয় বৃদ্ধি কৰাৰ ক্ষেত্রত
এতিয়াও বহুখিনি কাম বাকী আছে। অনাগত পাঁচ বছৰত এইটো আমাৰ অন্যতম প্রধান লক্ষ্য হব।
আমি ৰাজনৈতিক ক্ষমতা ব্যৱস্থাত যোগদান কৰাৰ ক্ষেত্রতো এই কামফেৰা প্রাসংগিক হব। লগতে সমভাৱাপন্ন দলবিলাকৰ লগত সম্পর্ক ৰক্ষা কৰা- যি সঁচাকৈয়ে বর্তমানৰ
ব্যৱস্থাটোৰ সৈতে এক আমূল বিচ্ছেদ বিচাৰে
– এইটোও আমাৰ এক প্রধান কাম হব। মই আৰু এটা কথা এইখিনিতে কৈ থব বিচাৰিছোঁ – গ্রীন
তথা চচিয়েল ডেমক্রেটিক দলবিলাকে কিন্তু ৰাজনৈতিক ক্ষমতাৰ প্রশ্নটো এনেকৈ উত্থাপন
নকৰে; সোঁপন্থী দলবিলাকৰ কথা নকলোৱেবা – সিহঁতেতো চিধাই ধনীকৰেই পক্ষ্য
লয়।
প্রশ্নঃ ইংলেণ্ডৰ
উদাহৰণ লোৱা যাওঁক। জেৰেমি কৰবিনৰ নেতৃত্বত লেবাৰ পার্টিয়ে বাওঁ দিশেৰে আগুৱাই যোৱাৰ সপোন দেখিছিল। কিন্তু
বাৰম্বাৰ মিডিয়াৰ আক্রমণ, এন্টি ছেমিটিজিমৰ অভিযোগ, লিবাৰেলসকলৰ দ্বাৰা সুকীয়া
এজেণ্ডাৰ সন্ধান - আদিৰ ফলত এই প্রচেষ্টা বিফল হল। ২০১৯ৰ নির্বাচনী পৰাজয়ৰ পাছত
লেবাৰ পার্টিত বাওঁ বুলিবলৈ বিশেষ একো বাকীয়েই নাথাকিল। এনে পৰিঘটনাবিলাকৰ পৰা
আপোনালোকে কি শিক্ষা লাভ কৰিছে? আপোনালোকৰ দলে সোঁ-পন্থী আক্রমন কেনেকৈ প্রতিহত কৰে?
কেনেকৈ ৰেডিকেল ৰাজনৈতিক কর্মীৰ এক বহল আধাৰ নির্মান কৰা যায় – যি নিজৰ ৰাজনৈতিক
ক্ষেত্রত অটল হৈ থাকিব?
উত্তৰঃ কৰবিনৰ সমস্যাটো আছিল যে তেওঁৰ ওপৰত হামলা তেওঁৰেই পার্টিৰ সোঁ-অংশটোৱে কৰিছিল। আমাৰ বাবে সেয়েহে পার্টিৰ একতাৰ প্রশ্নটো খুবেই গুৰুত্বপূর্ণ। সেইবুলি আমি কোনো মতান্ধ মার্ক্সবাদৰো পোষকতা নকৰোঁ। আমাৰ আধাৰ হৈছে মতান্ধতাৰ পৰা দূৰৈত অৱস্থিত এক মার্ক্সবাদ- আমি স্বীকাৰ কৰোঁ যে ছোভিয়েট ইউনিয়নত বহুতো ভুল-সংক্রান্তি হৈছিল আৰু সমাজবাদ নির্মাণৰ এই প্রথম প্রচেষ্টাৰ পৰা উচিত শিক্ষা গ্রহণ কৰি আমি সমাজবাদৰ এক নতুন সংস্কৰণ গঢ়িব বিচাৰোঁ। সমগ্র বিশ্বতে নিজৰ প্রভুত্ব স্থাপন কৰিবলৈ পুঁজিবাদক প্রায় ৫০০ বছৰ সময় দৰকাৰ হল। সেই হিচাপত সমাজবাদ এতিয়াও তৰুণ হৈয়েই আছে আৰু অৱধাৰিতভাৱেই এই প্রচেষ্টাত বহুতো ভুল সংক্রান্তিও সংঘটিত হল। কথা হৈছে যে সিবিলাকৰ পৰা আমি কেনেধৰণৰ শিক্ষা গ্রহণ কৰিছোঁ।
আমাৰ পিটিবি দলটোৰ একতা খুবেই মজবুত। নেতাৰ পৰা তৃণমূললৈকে
এই কথা কব পাৰি। আমাৰ বাবে নেতৃত্ব নিশ্চিতভাৱে গুৰুত্বপূর্ণ। আমি এইটোও স্বীকাৰ কৰোঁ যে একবিংশ শতিকাৰ
মিডিয়াৰ প্রভাৱত আজি ৰাজনৈতিক বিতর্কবিলাকে প্রায়েই
নেতাৰ মাজত হোৱা সংঘাতৰ ৰূপ ধাৰণ কৰিব। কিন্তু শেষ
বিচাৰত আমি মানি লবই লাগিব যে নেতৃত্বৰ আঁৰত থকা কর্মী-সমষ্টিৰ অবিহনে, পার্টিৰ collectiveৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। কোনো মহান ব্যক্তিয়ে ইতিহাস নির্মাণ নকৰে;
ইতিহাস নির্মান কৰে শ্রেণী সংগ্রামে।
শ্রেণী সংগ্রামেই আচলতে নেতাৰো নির্মাণ কৰে, আৰু তাৰ পাছত
পার্টিৰ। ১৯৯০ৰ শিক্ষা-সংস্কাৰ সম্পর্কীয় সংগ্রামখিনিত অংশগ্রহণ কৰিয়েই
মই মেগাফোন ব্যৱহাৰ কৰিবলৈ শিকিছিলো। সেই
সংগ্রামখিনিৰ অবিহনে আজি মই এই স্থানত উপনীত নহলোঁহেতেন। আমিবোৰ চবেই একোটাহঁত ঐতিহাসিক প্রক্রিয়াৰ
উৎপাদ আৰু নিজকে মহান জিনিছ বুলি ভবাৰ প্রৱণতাটো আপুনি নেতা হিচাপে সমূলি বাদ দিব লাগিব! পার্টিৰ জৰিয়তেই নেতৃত্বয়ো
নিজকে প্রকাশ্যমান কৰিব পাৰে। এইক্ষেত্রত নেতৃত্বৰ বিনয়ী মনোভাৱ(humility) খুবেই দৰকাৰী!
………………….
No comments:
Post a Comment