Sunday, November 21, 2021

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

 মূলঃ The Economics of Feasible Socialism by Alec Nove

অনুবাদঃ ময়ূৰ চেতিয়া

শ্রম বিভাজন

মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি ৰখা আন এটা বিষয় হৈছে শ্রম-বিভাজন সম্পর্কীয় বিষয়টো  এই যে মার্ক্সবাদীসকলে বাৰম্বাৰ কয় যে সমাজবাদৰ জৰিয়তে শ্রম-বিভাজনৰ অসান ঘটাব লাগিব, এই কথাষাৰৰ আচলতে অর্থ কি?

কলাকস্কিয়ে এইবিষয়ক মার্ক্সৰ দৃষ্টিভংগীৰ এক সাৰাংশ আগবঢ়াইছে - শ্রম বিভাজনৰ ফলত আশ্যকীয়ভাৱেই বাণিজ্য সৃষ্টি হয় - অর্থাৎ মানুহে উৎপাদন কৰা সামগ্রীবোৰ বিমূর্ত শ্রমৰ বাহকলৈ পৰিণত হয়। যেতিয়া সামগ্রীবোৰে পণ্যৰ ৰূপ ধাৰণ কৰে, ই বিচ্ছিন্নতাৰো(alienation) আধাৰ সৃষ্টি কৰে[1] তিনি প্রকাৰৰ “শ্রম বিভাজন” দেখা পোৱা যায়। ইয়াৰে প্রথমবিধ শ্রম বিভাজন সৃষ্টি হয় বিভিন্ন উৎপাদনী ইউনিটৰ মাজত বিশেষীকৰণৰ(specialisation) ফলস্বৰূপে। যেনে ধৰক কিছুমান ফেক্টৰীয়ে মোজা উৎপাদন কৰিছে, কিছুমানে আচাৰ, আন কিছুমানে আকৌ গাড়ীৰ কার্বোৰেটৰ নির্মাণ কৰিছে ইত্যাদি। এই প্রতিটো ফেক্টৰীয়েই আনৰ ব্যহাৰৰ বাবে সামগ্রী উৎপাদন কৰিছে, ইয়াৰ ফলত বিনিময় সৃষ্টি হৈছে, প্রত্যক্ষ ব্যহাৰৰ বিপৰীতে বিক্রয়ৰ বাবে সামগ্রী উৎপাদিত হৈছে, অর্থাৎ পণ্য উৎপাদনৰ সূচনা হৈছে। দ্বিতীয়বিধ শ্রম-বিভাজন সৃষ্টি হয় মানুহৰ মাজত বিভিন্ন পেশা অনুসৰি সৃষ্টি হোৱা বিশেষীকৰণৰ ফলত- কিছুমান মানুহে ইলেকট্রিছিয়ানৰ কাম কৰে, কিছুমানে মহৰীৰ, কিছুমানে একাউনটেন্টৰ, আন কিছুমানে কাঠ-মিস্ত্রীৰ ইত্যাদি। ইবিলাক হৈছে অনুভূমিক(horizontal) শ্রম বিভাজন। তৃতীয়বিধ শ্রম বিভাজন হৈছে উল্লম্ব(vertical) শ্রম বিভাজন। অর্থাৎ এই শ্রম বিভাজনৰ চৰিত্র হয় পদানুক্রমিক- যেনে অফিচাৰ বনাম সাধাৰণ চিপাহী, কমাণ্ডাৰ বনাম সাধাৰণ জোৱান, সংগঠনকর্তা বনাম সংগঠিত জনতা ইত্যাদি। বাহৰো প্রভৃতি কিছু পণ্ডিতে মানসিক আৰু শাৰীৰিক শ্রমৰ মাজত থকা বিভাজনৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু মনত ৰখা ভাল যে বেছিভাগ “মানসিক শ্রম”ৰ ক্ষেত্রতে কমাণ্ডসদৃশ গাঁথনি ব্যহাৰ কৰিব পৰা নাযায়। শ্রম বিভাজনৰ এই বিভিন্ন ৰূপবোৰৰ ফালে চালে বুজিব পাৰি যে শ্রমিকসকল বিভিন্ন কাৰণবশতঃ বিচ্ছিন্ন(alienated) হব পাৰে। তেওঁলোকে যিবিলাক সামগ্রী উৎপাদন কৰে সিবিলাক নিজৰ ভোগৰ বাবে কৰা নহয় তথা সিবিলাক ভোগ কৰা লোকসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব বহু অধিক হব পাৰে; শ্রমিকসকলে এনে কেতবোৰ কাম কৰিব লগীয়া হব পাৰে যিবিলাকৰ চৰিত্র পুণৰাবৃত্তিমূলক তথা আমনি লগা বিধৰ হয়; পদানুক্রমত তেওঁলোকৰ অস্থান নিম্ন পর্যায়ৰ হব পাৰে, অর্থাৎ আনৰ আদেশ মানিব লগা হব পাৰে।

সমাজবাদৰ অধীনত সেই শ্রম-বিভাজনৰ অসান ঘটোৱা হব। পিছে কেনেকৈ? মন কৰা ভাল যে মার্ক্সে এখন উচ্চ উৎপাদনশীল ঔদ্যোগিক সমাজৰ কল্পনা কৰিছিল; আত্মনির্ভৰশীল কোনো ক্ষুদ্র গ্রাম্য সম্প্রদায়ৰ সাধাৰণ জীনলৈ ঘূৰি যোৱাটো তেওঁৰ সমাজবাদৰ লক্ষ্য নাছিল। এতিয়া প্রশ্ন হৈছে যে যিহেতু আমি ইতিমধ্যেই আলোচনা কৰা প্রথম দুই বিধৰ শ্রম বিভাজন যিকোনো ঔদ্যোগিক সমাজতে দেখা পোৱা যাব তথা পণ্য উৎপাদন আৰু বিচ্ছিন্নতাও সৃষ্টি হব, তেনেস্থলত শ্রম বিভাজন সমূলি নাশ কৰা দাবীটোৰ কিবা কার্যকৰী অর্থ আছেনে? এইটোও মন কৰক যে উৎপাদনৰ বিভিন্ন ইউনিটবোৰৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্রয়োজনার্থে কেতবোৰ নির্দেশ জাৰি কৰা বিভাগ তথা পদবীও দৰকাৰী হৈ পৰিব, অর্থাৎ সমাজখনত উল্লম্ব(vertical) শ্রম বিভাজনো দেখা পোৱা যাব। অর্থাৎ এই তিনিওপ্রকাৰৰ শ্রম-বিভাজনৰ ভিতৰত এটাৰো অসান সমাজবাদৰ অধীনত সম্ভ নহয়।

বিভিন্ন উৎপাদনী কার্যকলাপৰ মাজত বিকশিত হোৱা বিশেষীকৰণৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? এনে বিশেষীকৰণ আঁতৰাই তাৰ ঠাইত কি বিকল্প স্থাপন কৰা হব? এই প্রসংগত ব্যক্তিগত সম্পত্তিৰ অসান ঘটালেও ইয়াৰ জৰিয়তে শ্রম বিভাজনৰ বিলুপ্তিকৰণ সম্ভপৰ হবনে? কেল এইবুলি কলেই যথেষ্ঠ হবনে - যে সমাজবাদৰ অধীনত সকলো উৎপাদনকেই এটা বৃহৎ ফেক্টৰীসদৃশ কৰি পেলোৱা হব আৰু বিভিন্ন মানুহক বিভিন্ন ধৰণৰ দায়িত্ব প্রদানৰ জৰিয়তে বিশেষীকৰণৰ সমস্যাটো আঁতৰাই পেলোৱা হব?

অনুভূমিক দিশটো সম্পর্কে প্রথমে আলোচনা কৰা যাওঁক। এই প্রসংগত মার্ক্সৰ এটা বেছ বিখ্যাত উক্তি আছেঃ “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা চিকাৰ কৰিব পাৰিব, আবেলি মাছ ধৰিব পাৰিব, গধুলি জন্তু পালন কৰিব আৰু ডিনাৰত সাহিত্য সমালোচক হব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ ব্যক্তিজন চিকাৰী, মাছুৱৈ, জন্তু-পালক বা সাহিত্য সমালোচকলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”[2] মার্ক্সৰ এই উদাহৰণটো মুঠেও সঠিক নহয়। এই আটাইবোৰ কামেই ব্যক্তিয়ে অকলেই কৰিব পাৰে আৰু ইয়াৰে কিছুমানক হবি বুলিও কব পৰা যায়। পিছে বেছিভাগ শ্রমৰে চৰিত্র হৈছে সামাজিক - অর্থাৎ সিবিলাক সম্পন্ন কৰিবলৈ কেইবাজনো ব্যক্তিৰ সহযোগিতাৰ প্রয়োজন হয় আৰু ইয়াৰে কোনোবা এজনে নিজৰ ভাগৰ কামখিনি কৰিব নোৱাৰিলে সমগ্র শ্রম প্রক্রিয়াটোৱেই স্তব্ধ হৈ পৰেঅর্থাৎ সকলো শ্রমকে চখতে পুখুৰীত বৰশী বাবলৈ যোৱাৰ সৈতে তুলনা কৰিব নোৱাৰি। জটিল শ্রমবিলাকৰ উদাহৰণৰ জৰিয়তে মার্ক্সৰ উক্তিখিনি যদি পুণৰ লিখা হয়, সেয়া কেনেধৰণৰ হব? “কমিউনিজমৰ অধীনত ব্যক্তিয়ে ৰাতিপুৱা এৰোপ্লেনৰ ইঞ্জিন মেৰামতি কৰিব পাৰিব, আবেলি দন্ত চিকিৎসা কৰিব পাৰিব, গধুলি ট্রাক চলাব পাৰিব আৰু ডিনাৰৰ সময়ত কোনো ৰেস্তোঁৰাত ৰান্ধনীৰ কাম কৰিব পাৰিব। পিছে এই কামকেইটা কৰিবলৈ ব্যক্তিজন ইঞ্জিনিয়াৰ, ডাক্টৰ, ট্রাক চালক বা ৰান্ধনীলৈ পৰিণত হোৱাৰ প্রয়োজন নাই”। কেনে লাগিছে কথাখিনি? ননছেঞ্চ যেন লগা নাইনে? এই সমস্যাটোৰ আংশিক সমাধান হিচাপে বাহৰোৱে লিখিছে যে প্রতিজন ব্যক্তিকে ২২ বছৰ বয়স পর্যন্ত উচ্চ শিক্ষা প্রদান কৰা হব আৰু আটায়ে গণিতশাস্ত্র, ছাইবাৰনেটিক্স, দর্শন আৰু কলাৰ শিক্ষা লাভ কৰিব। পিছে এয়া সম্ভপৰ হলেও সমস্যাটোৰ সামগ্রিক সমাধান পোৱা নাযায়। উচ্চ শিক্ষাৰ জৰিয়তে প্রতিজন ব্যক্তিয়েই স্থাপত্যবিদ, সাহিত্যৰ শিক্ষক, এয়াৰ লাইনৰ পাইলট তথা ট্রাক চালকে সমুখীন হোৱা সমস্যাবিলাকৰ কিছু সম্যক জ্ঞান লাভ কৰিব পাৰে, কিন্তু সেইবুলি এই আটাইখিনি কাম কৰিব পৰাকৈ প্রতিজন ব্যক্তি যোগ্য হৈ উঠিব বুলি দাবী কৰিব নোৱাৰি!

ধ্রুপদী সংগীত বিশাৰদ ব্যক্তি একোজনে হয়তো প্রাকৃতিক দৃশ্য সুন্দৰকৈ অংকণ কৰিব নোৱাৰিব পাৰে, হার্প বজাবলৈ অসুবিধা পাব পাৰে, অর্কেষ্ট্রা পৰিচালনা কৰিবলৈ অক্ষম হব পাৰে লগতে নিশ্চয়কৈ এই কথা কব পাৰি যে কাপোৰ চিলোৱা, ঔষধ সম্পর্কে গৱেষণা কৰা, ক্রিকেট খেলৰ সাংবাদিকতা কৰা, কচাইৰ কাম কৰা ইত্যাদি শ্রমৰ প্রতি তেওঁৰ কোনো ধাউতি বা প্রতিভা থকাৰ সম্ভানা কম

তেনেস্থলত শ্রম-বিভাজনৰ অসান ঘটোৱাৰ দাবীবিলাক কৰি থকাৰ অর্থ কি? এই বিষয়ে কোনো সন্দেহ নাই যে আজিৰ দিনত কামৰ যিধৰণৰ সংকীর্ণ বিশেষীকৰণ দেখা পোৱা যায়, সেয়া নিশ্চয় সলনি হব লাগে তথা সকলো মানুহেই যথোচিত শিক্ষা লাভ কৰিব লাগে যাতে তেওঁলোকে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰি লব পাৰে।  অর্থাৎ কোনোবা সাহিত্যৰ শিক্ষকে যদি ৰাজমিস্ত্রী বা ট্রেইন চালক হব খোজে, তাৰ সুবিধা (যেনে নতুনকৈ ট্রেইনিং লাভ কৰাৰ সুবিধা) নিশ্চয়কৈ থকা উচিত। অশ্যে এইখিনিতে সমাজখনৰ প্রয়োজনীয়তাবিলাকৰ দিশটোও মনত ৰাখিব লাগিব (অর্থনীতিখনত ট্রেইন চালকৰ বা ৰাজমিস্ত্রীৰ নতুন চাহিদা থাকিব লাগিব)। এইটোও মন কৰা ভাল যে ইচ্ছা থাকিলেও কিছুমান বিশেষ ধৰণৰ কাম কৰাৰ ক্ষমতা বহুতৰে নাথাকিবও পাৰে (যেনে মহাকাশচাৰীৰ কাম)। পিছে মার্ক্সৰ সমস্যাটো হৈছে যে তেওঁ এইবুলি কোৱা নাই যে মানুহে ইচ্ছা কৰিলে নিজৰ পেছা সলনি কৰাৰ সুযোগ-সুবিধা লাভ কৰা উচিত; বৰং তেওঁ এইবুলিহে কৈছে যে সকলো ধৰণৰেই শ্রম-বিশেষীকৰণৰ অসান ঘটিব!

উল্লম্ব শ্রম বিভাজনৰ প্রশ্নটো আৰু অধিক জটিলকিছুসংখ্যক মার্ক্সবাদীয়ে বাহৰোৰ সমালোচনা কৰি কৈছে যে তেওঁৰ মডেলটোৰ অধীনত শ্রমিক শ্রেণীৰ সুকীয়া পৰিচয়েই নাথাকিব। এইজাতীয় সমালোচনাবিলাক ন্যায্য নহয়। বাহৰোৱে মাত্র শ্রম-বিভাজনৰ সামগ্রিক নির্মূলকৰণৰ কেনে ফলাফল সৃষ্টি হব, সেইটো আমাক সোঁৰাই দিছে। সকলো চাকৰিয়েই যদি ইটো-সিটোৰ সদৃশ ধৰণৰ হৈ পৰে, যদি মানুহে ইচ্ছা কৰিলেই তৎক্ষণাৎ ইটো চাকৰিৰ পৰা সিটোলৈ বগাই ফুৰিব পাৰে, যদি মানসিক আৰু শাৰীৰিক সকলো শ্রমৰ মাজৰ বিভাজন নাইকিয়া হৈ পৰে, তেনেস্থলত স্বাভাৱিকতে শ্রমিক শ্রেণী বোলা কোনো সুকীয়া শ্রেণী দেখা নাযাব আৰু আটায়ে “শ্রমিক-বুদ্ধিজীৱী”লৈ পৰিণত হ’ব। শ্রম-বিশেষীকৰণ সম্পর্কে আমি ইতিমধ্যেই দাঙি ধৰা যুক্তিখিনি বাহৰোৰ মডেলটোৰ ক্ষেত্রতো খাটিব ইবিলাকৰ লগতে আন আন কেতবোৰ প্রসংগও আছে। যেনে সক্ষমতা, ৰাপ ইত্যাদি। একোজন দক্ষ হস্তশিল্পীয়ে তেওঁৰ শিল্পকর্মৰ বাবে নিশ্চয়কৈ স্বীকৃতি তথা সন্মান লাভ কৰা উচিত। এই শিল্পীজনে দর্শন অধ্যয়ন কৰিবলৈ নিবিচাৰিবও পাৰে বা কোনো প্রশাসনিক বা “বৌদ্ধিক” বৃত্তিত লিপ্ত হ’বলৈ নিবিচাৰিবও পাৰে। তাতোকৈয়ো গুৰুত্বপূর্ণভাৱে, মূল প্রশ্নটো হৈছে যে নিয়ন্ত্রণ, নির্দেশ তথা সমন্বয়ৰ বাবে প্রয়োজনীয় পদানুক্রমিক আমোলাতান্ত্রিক গাঁথনিৰ সলনি বিকল্প হিচাপে ঠিক কি বস্তু খাৰা কৰোৱা হব? কেনেকৈ এনে পদানুক্রমিক শ্রম-বিভাজনৰ অসান ঘটোৱাটো সম্ভপৰ হ’ব? যিহেতু বস্তুগত কাৰণতেই “অফিচাৰ শ্রেণী” একোটাৰ জন্ম হয়, তেনেস্থলত নতুন অফিচাৰ শ্রেণীৰ উদয় কেনেকৈ ৰূদ্ধ কৰা হব? কেল গণতান্ত্রিক নির্বাচন, ৰটেছন তথা প্রতিনিধি চয়নৰ যোগেদিয়েই এই প্রশ্নটোৰ উত্তৰ উলিওৱাটো সম্ভপৰ হবনে? পদানুক্রমিক শ্রম-বিভাজনৰ অবিহনে, মেনেজমেণ্টক কেনেকৈ কামৰ ফলাফলৰ বাবে দায়দ্ধ কৰা হব আৰু কাৰ প্রতি দায়দ্ধ কৰা হব? উদাহৰণ হিচাপে, ৰেলেৰ মেনেজমেণ্ট ৰেলৱেৰ কর্মচাৰীসকলৰ প্রতি দায়দ্ধ হব, নে পেছেঞ্জাৰসকলৰ প্রতি দায়দ্ধ হব?

মার্ক্স তথা তেওঁৰ অনুগামীসকলৰ কিছুমান লেখনীৰ উদ্ধৃতি নিশ্চয়কৈ দিবই পৰা যায় য’ত তেওঁলোকে কর্তৃপক্ষৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰিছে - “যিবিলাক শ্রমৰ ক্ষেত্রত বহুতো লোকৰ সহযোগিতাৰ প্রয়োজন হয়, তাত সমন্বয় আৰু ঐক্য স্থাপন কৰাৰ বাবে এক কামাণ্ডিং ইচ্ছাশক্তিৰো প্রয়োজন হয়”(মার্ক্স, ডাছ কেপিটেল, তৃতীয় খণ্ড)এনে এক একমুষ্ট ইচ্ছাশক্তিৰ প্রয়োজন হব, যি  সকলো মেহনতী জনগণকে ঘড়ীৰ কাটাসদৃশ নির্ভুল পদ্ধতিৰে একত্রিত কৰিব” (লেনিন) সমন্বয় আৰু নির্দেশৰ পালন সুনিশ্চিত কৰা হব দিক-নির্দেশকাৰী কর্তৃপক্ষৰ দ্বাৰা” (ইছাক ৰুবিন) “বৃহৎ আকাৰৰ উদ্যোগবিলাকত কর্তৃপক্ষৰ ভূমিকা সমূলি নাশ কৰিবলৈ চেষ্টা কৰাৰ অর্থ হৈছে স্বয়ং বৃহৎ আকাৰৰ উদ্যোগকেই নষ্ট কৰিবলৈ চেষ্টা কৰা” (এংগেলছ)।

এই সমাজবাদী ব্যস্থাটোৰ কেন্দ্রীভূত চৰিত্রটো অটুট থকা পর্যন্ত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা নাইকীয়া কৰিব পৰা যাবনে? এই কেন্দ্রীভূত ব্যস্থাটোত প্লেনাৰ-প্রশাসকসকলৰ ভূমিকা কেল টেকনিকেল পৰামর্শদাতালৈ সংকোচিত কৰিব পৰা যাবনে? আৰু এই “কমাণ্ডিং ইচ্ছাশক্তি” বস্তুটো কি? কোনে এই ব্যস্থাটোত নির্দেশ প্রদান কৰিব?

অতি-উৎসাহৰ ফলত বিশ্লেষণ শক্তি কেনেকৈ লোপ পায়, তাৰ এক উদাহৰণ চীনৰ সাংস্কৃতিক বিপ্ল সম্পর্কে কৱার্ড তথা ইলিছে লিখা নিম্নোক্ত কথাখিনিৰ মাজত পোৱা যায়- “মতাদর্শৰ স্তৰত চীনত আন এক বিপ্ল সংঘটিত হব ধৰিছে। প্রতিনিধিত্ব, মেনেজমেণ্ট, নির্বাচিত প্রতিনিধিৰ হাতলৈ ক্ষমতা হস্তান্তৰ আদি বুর্জোৱা ধাৰণাবোৰৰ স্থান এতিয়া সমূহীয়া সিদ্ধান্ত গ্রহণ প্রক্রিয়া তথা জনগণৰ সক্রিয় চিন্তন মননে লব ধৰিছে”[3]

এইবিলাক আচলতে অবাস্তৱিক ৰোমান্টিক দাবীৰ বাহিৰে আন একো নহয়। এনে একো পৰিঘটনা চীনত ঘটা নাই। চীন কিয়, পৃথিৱীৰ কোনো ঠাইতে এনে পৰিঘটনা সম্ভপৰ নহয়। কোনো প্রতিনিধিত্ব ব্যস্থা নাথাকিব? সকলোৱে প্রত্যক্ষভাৱে অংশগ্রহণ কৰিব? কোনো মেনেজমেন্ট নাথাকিব? দায়িত্বভাৰ কান্ধ পাতি লোৱা কোনো সুনির্দিষ্ট দায়দ্ধ ব্যক্তি নাথাকিব? বৃহৎ উদ্যোগতো বাদেই, শিশুৰ বিদ্যালয় এখনো এইজাতীয় নীতিৰ জৰিয়তে চলোৱাটো সম্ভপৰ নহয়! এনেধৰণৰ যথেচ্ছাচাৰৰ বাবে মার্ক্সক নিশ্চয়কৈ জগৰীয়া কৰিব নোৱাৰি তথাপিও এই কথা অস্বীকাৰ কৰা নাযায় যে মার্ক্সে বহুতো প্রসংগত জনগণৰ দ্বাৰা প্রত্যক্ষ নিয়ন্ত্রণৰ কথা লিখিছে, যেন কোনো অনুষ্ঠান বা পদ্ধতিৰ মধ্যস্থতাৰ অবিহনেই  জনগণে উৎপাদনৰ ক্ষেত্রখন নিয়ন্ত্রণ কৰিবলৈ সক্ষম হব। মোৰ এজন সহকর্মীৰ মতে এয়া হৈছে “বিশুদ্ধ কেন্দ্রীকৰণৰ মডেল, য’ত গণ সহযোগিতাও দেখা যাব”। নকলেও চলে যে এই মডেলটো পদানুক্রমিকেই হব লাগিব।

আধুনিক উৎপাদন হৈছে অতিশয় জটিল তথা আন্তঃসম্পর্কযুক্তআচলতে আন্তঃসম্পর্কযুক্ত নহলে আধুনিক উৎপাদন প্রক্রিয়াটো বাচি থকাই টান হব। বিভিন্ন শাখাৰ মাজত সমন্বয় তথা একতা স্থাপন - এইটো বৰ জটিল তথা দায়িত্বগধুৰ কাম। ৰটেছনৰ জৰিয়তে যিকোনো মানুহেই অন্যান্য কামৰ মাজতে (যেনে ৰাতিপুৱা ট্রাক চলোৱা আৰু গধুলি দন্ত চিকিৎসা কৰাৰ মাজতে) সমন্বয় স্থাপনৰো দায়িত্ব লব পাৰিব বুলি ধৰি লোৱা অনুচিত। প্লেনাৰসকলে তেওঁলোকৰ দায়িত্বখিনি ভালকৈ পালন কৰিবলৈ হলে প্রথমে তাৰ বাবে  প্রশিক্ষণ লব লাগিব (যেনেকৈ কোনো উৎপাদন ইউনিটৰ মেনেজাৰ বা গাড়ীৰ মেকানিকেও কামত যোগদান কৰাৰ আগেয়ে প্রশিক্ষণ লাভ কৰে) প্রশিক্ষণ নোহোৱাকৈ হঠাতে যিকোনো মানুহেই যিকোনো কামেই কৰিব পাৰিব বুলি ভবাটো যুক্তিসঙ্গত নহয়। কেতবোৰ কাম নিশ্চয়কৈ প্রশিক্ষণহীন সাধাৰণ লোকেও কৰিব পাৰে। কিন্তু সকলোৱেই নিজৰ কামবিলাকৰ বাবে দায়দ্ধ হবই লাগিব। দায়দ্ধ হোৱাৰ অর্থই হৈছে কর্তৃত্ব লাভ কৰা কোনো কামৰ বাবে, যাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্রণেই (অর্থাৎ কর্তৃত্বই) নাই, তাৰ বাবে আপোনাক দায়দ্ধ কৰাৰ কোনো অর্থ আছেনে? এইবুলি কবই পাৰি যে কর্তৃত্বৰ প্রয়োগ শেহতহে কৰা উচিত, যেতিয়া বুজনি আৰু পৰামর্শৰ প্রচেষ্টা বিফল হয়। কিন্তু তথাপিও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে সর্বশেষত জাহাজখন ঠিক মতে চলি আছেনে নাই, তাৰ বাবে কেপ্টেইনজনেই দায়দ্ধ হব আৰু সেয়েহে তেওঁৰ কথাই শেহত সকলোৱে মানিবলৈ বাধ্য। ঠিক তেনেদৰেই, সম্পাদকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব, ঘৰ নির্মাণ কৰোঁতে স্থাপত্যবিদৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব ইত্যাদি।

আমি ইতিমধ্যেই ছোভিয়েট ইন্ধন খণ্ডৰ সাংগঠনিক ৰূপ সম্পর্কে আলোচনা কৰিছোঁ। সদ্যহতে এটা এয়াৰপর্টৰ উদাহৰণ লোৱা যাওঁক, য’ত উল্লম্ব আৰু অনুভূমিক- দুয়োধৰণৰ শ্রম বিভাজন দেখা যায়। এয়াৰপর্টটো ঠিকমতে চলিবলৈ হলে নিম্নোক্ত কামবোৰ নিয়মীয়াকৈ চলি থাকিব লাগিবঃ

১) এৰোপ্লেন চলোৱা

২) এয়াৰ ট্রেফিক কন্ট্রোল

৩)প্লেনত ইন্ধন ভৰোৱা

৪) ইন্ধনৰ যোগান তথা সঠিক স্থানত ইন্ধন জমা কৰি ৰখা

৫) এৰোপ্লেনবিলাকৰ মেৰামতি আৰু মেইনটিনেঞ্চ

৬) যাত্রীৰ লাগেজ ইত্যাদিৰ বাবে সুকীয়া ব্যস্থা কৰা

৭) ছীট ৰিজার্ভেশ্বন ব্যস্থা

৮) পেছেঞ্জাৰৰ বাবে প্লেনৰ ভিতৰত তথা এয়াৰপর্টত খাদ্য-যোগান (কেটাৰিং)

৯) নিয়মীয়া টাইম-টেবুলৰ ব্যস্থা কৰা তথা বিভিন্ন এয়াৰলাইন আৰু সিবিলাকৰ কর্মচাৰীসকলৰ বাবে প্রশাসনিক ব্যস্থা।

১০) এয়াৰপর্টটোৰ সামগ্রিক প্রশাসন; মেৰামতি, ৰানৱেৰ নিয়মীয়া পৰীক্ষণ, বিভিন্ন বিল্ডিং তথা স্থানৰ মেৰামতি

১১) এয়াৰপর্টৰ কর্মচাৰীসকলৰ মকৰল তথা তেওঁলোকক বিভিন্ন ধৰণৰ সা-সুবিধা যোগান ধৰা

এই প্রতিবিধ কামৰ বাবে নির্দিষ্ট বিষয়া কিছুমানে দায়িত্বভাৰ লব লাগিব, আৰু তেওঁলোকেই যিকোনো ধৰণৰ বিজুতি বাবেও জগৰীয়া হব। পিছে এই বিষয়াসকল কাৰ  ওচৰত দায়দ্ধ (responsible) হব? মেৰামতিৰ দায়িত্বত থকা বিষয়াজন মেকানিকসকলৰ প্রতি তথা লডিঙৰ দায়িত্বত থকা বিষয়াজন ল’ডাৰসকলৰ প্রতি  দায়দ্ধ হব? নে তেওঁলোক সমস্ত এয়াৰপর্টটোৰ দায়িত্বত থকা বিষয়াজনৰ প্রতি দায়দ্ধ হব? নে সমস্ত পেছেঞ্জাৰ জনতাৰ প্রতিয়েই তেওঁলোক দায়দ্ধ হব? এয়াৰপর্টত চলি থকা বিভিন্ন কার্যকলাপবোৰৰ মাজত সমন্বয় কোনে স্থাপন কৰিব, কোনে সুনিশ্চিত কৰিব যে য’ত যেনেকৈ প্রয়োজন, তেনেকৈ কর্মী তথা সামগ্রীৰ যোগান ধৰা হৈছে? মেৰামতিৰ সামগ্রী, এৰোপ্লেনৰ বাবে ইন্ধন, এয়াৰপর্টৰ ৰেস্তোঁৰাবিলাকত খাদ্য-সামগ্রীৰ সঠিক সময়ত সঠিক পৰিমাণে যোগান কোনে সুনিশ্চিত কৰিব? এই সামগ্রীবিলাকৰ যোগান কোনে ধৰিব? কোনবিলাক ছাপ্লায়াৰে কোনখিনি সামগ্রীৰ যোগান ধৰিব আৰু কিবা সমস্যাৰ সৃষ্টি হলে বিকল্প ছাপ্লায়াৰ কোনে বিচাৰি উলিয়াব?

এই উদাহৰণটোৰ পৰা স্পষ্ট হৈ পৰে যে কিছুমান প্রসংগত কর্তৃত্ব তথা দায়িত্বভাৰৰ প্রশ্নটো শাৰিৰীক বনাম মানসিক শ্রমৰ বিভাজনৰ প্রশ্নটোতকৈয়ো অধিক গুৰুত্বপূর্ণ হৈ পৰে। এনে বহুতো মানসিক শ্রম আছে, যিবিলাকৰ বাবে বিশেষ কোনো কর্তৃত্বৰ প্রয়োজন নহয় - যেনে ধৰক ফার্মাছিষ্ট বা ৰেডিঅৰ ঘোষকৰ কাম। উদ্যোগবিলাকৰ যেতিয়া প্রযুক্তিগত সালসলনি হয়, তেতিয়া প্রায়ে “নীলা” আৰু “বগা” শ্রেণীৰ কর্মীসকলৰ মাজত কিছুমান সমাপতন ঘটা দেখা যায়। একোজন দক্ষ শ্রমিক বা একোজন লেবৰেটৰী এছিষ্টেণ্টৰ ভালেখিনি মূল্যবান তথা উচ্চমানৰ জ্ঞান থকা দেখা যায় কর্তৃত্বৰ সৈতে জড়িত আন এটা দিশ হৈছে আধিপত্য আৰু অধীনতাৰ দিশ আৰু এইটো নিশ্চয়কৈ এক গুৰুত্বপূর্ণ প্রশ্ন কর্তৃত্বৰ অপপ্রয়োগ নিশ্চয়কৈ কৰিব পাৰি তথা কৰা হয়। পিছে সেইবুলি পৰম্পৰাগত মার্ক্সবাদীসকলৰ দৰে এইবুলি দাবী কৰিব নোৱাৰি যে “প্রকৃত সমাজবাদ”ত কোনো কর্তৃপক্ষ তথা কর্তৃত্বই নাথাকিব। ঠিক তেনেদৰেই, এইবুলিও কব নোৱাৰি যে সমাজবাদী (বা শ্রমিক-শ্রেণীৰ) চৰকাৰবিলাকৰ ক্ষমতাৰ ওপৰত কোনোধৰণৰ বাধা-নিষেধ নাথাকিব। সমাজবাদৰ অধীনতো যে ক্ষমতাৰ অপপ্রয়োগ হব পাৰে, সেয়া মার্ক্স-লেনিনে নিশ্চয়কৈ বুজি পাইছিল। সেয়েহে মার্ক্সে জনগণৰ দ্বাৰা অযোগ্য জনপ্রতিনিধিৰ অপসাৰণৰ কথা লিখি গৈছে আৰু লেনিনেও পার্টি সদস্যসকলে নিজা স্বার্থ বিকশিত কৰাৰ বিপদ সম্পর্কে লিখি গৈছে। কিন্তু তথাপিও মার্ক্স-লেনিনে সমস্যাটো খুব ডাঙৰ হব বুলি নিশ্চয়কৈ ভবা নাছিল আৰু ক্ষমতাৰ অপপ্রয়োগৰ পৰা ৰক্ষা পাবলৈ ৰক্ষা-কচমূলক ব্যস্থা নির্মাণৰ প্রয়োজনীয়তাৰ কথাটোও আওকাণ কৰিছিল। বজাৰবিহীন কেন্দ্রীয় পৰিকল্পনাই কেনে বিশাল পদানুক্রমিক-আমোলাতান্ত্রিক ব্যস্থা একোটা নির্মাণ কৰিব, সেয়া মার্ক্স-লেনিনে ভালকৈ অনুধান কৰিব পৰা নাছিল বুলিয়েই কব লাগিব। তেওঁলোকে বুজিব পৰা নাছিল যে তেওঁলোকৰ সমাজবাদী কার্যসূচী গ্রহণ কৰিলে ৰাজ্যৰ সামাজিক আৰু আর্থিক ভূমিকা ভীষণভাৱে বৃদ্ধি হব, স্বাধীন উৎপাদক আৰু বিতৰকসকলৰ ভূমিকাৰ অন্ত পৰিব তথা সমাজখনৰ পৰিচালনাৰ ক্ষেত্রত কেন্দ্রীয় সংস্থাবিলাকৰ ওপৰত নির্ভৰশীলতা অত্যাধিক বৃদ্ধি হব।

পাঠকে মন কৰিব যে মই কোনো অনিবার্য ছুপাৰ-পদানুক্রমিক-আমোলাতান্ত্রিক ব্যস্থাৰ পোষকতা কৰা নাই, য’ত গণতন্ত্রৰ কোনো ভূমিকা নাথাকিব। বৰং মই এইটোহে দর্শাব খুজিছোঁ যে (১) উৎপাদন আয়োজন কৰিবৰ বাবে কিছু পৰিমাণে হলেও পদানুক্রম প্রয়োজনীয় হবই তথা যিমানেই উৎপাদক তথা বজাৰৰ ভূমিকা কম হব, ঠিক সিমানেই আমোলাতন্ত্র আৰু পদানুক্রমৰ ভূমিকাও বৃদ্ধি হব (২) আর্থিক সিদ্ধান্ত-গ্রহণ প্রক্রিয়াত গণতান্ত্রিক পদ্ধতি অলম্বন কৰোঁতে এনে পদ্ধতিৰ সীমাদ্ধতা তথা ভূমিকাৰ প্রতি মন দিব লাগিব। চব বস্তুতে গণতান্ত্রিক পদ্ধতি অলম্বন কৰিব নোাৰি এইবিষয়ে পাছলৈ আৰু বিতংকৈ আমি আলোচনা কৰিম। সদ্যহতে এইবুলি কলেই যথেষ্ঠ হব যে নির্বাচিত প্রতিনিধিৰ সংসদে অর্থনীতি সম্পর্কীয় আলোচনাবিলাকত সকলোবিলাক দিশ সম্পর্কে বিতংকৈ আলোচনা কৰা (তথা সিদ্ধান্ত লোৱা) সম্ভপৰ নহয়। ইয়াৰ বিপৰীতে, অর্থনীতিখনৰ অগ্রাধিকাৰবিলাক মোটামুটি কেনেধৰণৰ হোৱা উচিত তথা কেনেধৰণৰ নিয়মৰ অধীনত প্লেনাৰ, মেনেজাৰ, শ্রমিক তথা বিশেষজ্ঞসকলে কাম কৰিব তথা আন্তঃসম্বন্ধ স্থাপন কৰিব- এই বিষয়বিলাকহে সংসদে আলোচনা কৰাটো সম্ভপৰ হবইবিলাকৰ বিপৰীতে, microeconomic স্তৰত বিতং আলোচনা সংসদৰ জৰিয়তে কৰিব পৰা নাযাব (অশ্যে কেতবোৰ বিশেষ ক্ষেত্রত গভীৰ বিসংগতি দেখা পালে সিবিলাক সম্পর্কে নিশ্চয়েই সংসদত আলোচনা কৰা হব)। কেন্দ্রীয় স্তৰটোৰ তলত, আঞ্চলিক তথা স্থানীয় পর্যায়ৰ কর্তৃপক্ষৰ ক্ষমতা অতিশয় সীমিত হব আচলতে বজাৰবিহীন কমাণ্ড অর্থনীতিখনত বিশেষ/আংশিক/স্থানীয় স্বার্থৰ বিপৰীতে সাধাৰণ স্বার্থক অগ্রাধিকাৰ দিবলৈ হলে ইয়াৰ বাহিৰে আন উপায় নাই। বাহৰোৱে ঠিকেই লিখিছে যে “স্থানীয় আৰু বিশেষ ধৰণৰ স্বার্থবিলাকৰ ওপৰত কেনেকৈ নাকী লগাব পৰা যায় - সেইটোৱেই আটাইতকৈ কঠিন প্রশ্ন[4]” স্থানীয় প্রতিনিধি তথা ভোটদাতাসকলে স্বাভাৱিকতে স্থানীয় প্রয়োজনবিলাককে অগ্রাধিকাৰ দিব, কিয়নো তেওঁলোকে স্থানীয় প্রয়োজনবিলাকহে ভালকৈ অনুধান কৰিবলৈ সক্ষম হব (স্থানীয় পর্যায়ত দেশৰ অর্থনীতিৰ বৃহত্তৰ সমস্যাবিলাক কেনেকৈ চকুৰ পৰা লুকাই থাকে, এই বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ)। উৎপাদনী ইউনিটৰ ভিতৰছোৱাতো মেনেজাৰ আৰু শ্রমিকসকলৰ আন্তঃসম্বন্ধৰ প্রশ্নটোৱে নানান জটিলতাৰ সৃষ্টি কৰে, যাৰ বাবে এক দীঘলীয়া আলোচনাৰ দৰকাৰ হব। য়ুগোশ্লাভিয়াৰ অভিজ্ঞতাৰ জৰিয়তে এনে কিছুমান প্রশ্ন সম্পর্কে আমি আলোচনা কৰিম। যথা- নির্বাচনৰ জৰিয়তে ফেক্টৰীৰ মেনেজাৰসকলক চয়ন কৰাটো যুগুত হবনে? এই চয়নৰ ক্ষেত্রত কিমান দূৰৈলৈ ৰটেচনৰ প্রক্রিয়াটো প্রয়োগ কৰাটো সম্ভপৰ হব- বিশেষকৈ যদি মেনেজাৰৰ পদবীৰ বাবে বিশেষ ধৰণৰ জ্ঞান, প্রশিক্ষণ তথা অভিক্ষমতাৰ(aptitude) প্রয়োজন হয়? এই মেনেজাৰজন কাৰ প্রতি দায়দ্ধ হব? শ্রমিকসকলৰ প্রতি? গ্রাহকসকলৰ প্রতি? সমগ্র সমাজখনৰ প্রতি? মেনেজমেণ্ট আৰু শ্রমিকসকলৰ মাজত সংঘাত সৃষ্টি হলে কেনেকৈ তাৰ নিৰাময় কৰা হব? এণ্টাৰপ্রাইজ আৰু প্লেনাৰসকলৰ সংঘাত কেনেকৈ সমাধা কৰা হব? পদানুক্রমৰ কোনবিলাক পর্যায়ত কোনবোৰ সিদ্ধান্ত লোৱা হব? কি তথ্যৰ আধাৰত সিদ্ধান্তবিলাক লোৱা হব?

এনে নানান জটিলতাৰ বিষয়ে লিখিয়েই থাকিব পৰা পৰা যায়। এতিয়ালৈকে নিশ্চয় স্পষ্ট হৈ পৰিছে যে উল্লম্ব শ্রম বিভাজন সমাজবাদৰ অধীনতো থাকিব। লগতে কর্তৃত্বৰ সমস্যা (তথা তাৰ অপপ্রয়োগৰ সম্ভানা), অনুশাসনৰ সমস্যা, সুনির্দিষ্ট ব্যক্তিক দায়িত্বভাৰ দিয়াৰ প্রয়োজনীয়তা, বিফলতাৰ সৈতে মোকাবিলা কৰিবলৈ যথোচিত পদ্ধতি বিকশিত কৰাৰ প্রয়োজনীয়তা ইত্যাদি নানান প্রশ্নই সমাজবাদতো ভূমুকি মাৰিব। মার্ক্সীয় পৰম্পৰাই এই বিষয়বিলাকক আজিলৈকে আওকান কৰি আহিছে।


বৈষয়িক আৰু নৈতিক প্রেৰণা

“গোথা কার্যসূচীৰ সমালোচনা”ত মার্ক্সে লিখিছে যে সমাজবাদী ব্যস্থাৰ প্রাৰম্ভিক পর্যায়টোত মজুৰী, পাৰিতোষিক ইত্যাদি কামৰ পৰিমাণ অনুসৰি প্রদান কৰা হব (“কাম যিমান, পুৰষ্কাৰ সিমান”)। অর্থাৎ এইটো পর্যায়ত কেতবোৰ অসমতা থাকি যাব। শ্রম-সময়ৰ আধাৰতেই উৎপাদনৰ নিগমন কৰা হব তথা শ্রমিকসকলৰ কামৰ ভিত্তিতেই তেওঁলোকৰ মাজত বিভিন্ন সা-সামগ্রী বিতৰণ কৰা হব। মার্ক্সৰ মতে সমাজবাদৰ অধীনত শ্রমিকসকলক কামৰ বাবদ টকাৰ বিপৰীতে কেতবোৰ কুপন প্রদান কৰা হব। দোকানত শ্রমিকসকলে এই কুপনবোৰ প্রদান কৰি সা-সামগ্রী সংগ্রহ কৰিব। এই কুপনবোৰ টকালৈ পৰিণত নহয়, কিয়নো টকাৰ বিপৰীতে সিবিলাকে চার্কুলেছন প্রক্রিয়াটোত অংশগ্রহণ নকৰে[5] এইখিনিতে বহুতো প্রশ্নৰ উদয় হয়ঃ সমান পৰিমাণৰ শ্রম-দানৰ বাবে সমান মজুৰীৰ ব্যস্থা কৰা হবনে? নে দক্ষতা, শ্রমৰ চৰিত্র ইত্যাদিৰ ভিত্তিত মজুৰী কিছু ভিন্ন হব? নিশ্চয়কৈ এইবুলি কব পৰা নাযায় যে শ্রমখিনি যিমানেই সামাজিকভাৱে উপযোগী হব, সিমানেই মজুৰী অধিক হব। তদুপৰি যিহেতু বেছিভাগ শ্রমৰ ক্ষেত্রতেই বহুলোকে মিলি শ্রম কৰে, এনেক্ষেত্রত প্রতিজন ব্যক্তিৰ বাবে গাইপতি শ্রম-দানৰ হিচাপ কেনেকৈ কৰিব পৰা যাব? অর্থাৎ পৰিমাণগতভাৱেই হওঁক বা গুণগতভাৱেই হওঁক, একোজন ব্যক্তিৰ শ্রমখিনিৰ হিচাপ কেনেকৈ কৰা হব?

ইবিলাকৰ লগতে আৰু কিছু প্রশ্ন আছে। বিভিন্ন কামৰ বাবে শ্রমৰ আবণ্টন কেনেকৈ কৰা হব? কোনে এই কামফেৰা কৰিব? এইখিনিতে পুণৰ আধুনিক, জটিল ঔদ্যোগিক অর্থনীতিৰ বৈশিষ্ট্যবিলাকৰ প্রতি মন কৰা ভাল। ট্রটস্কি আৰু বুখাৰিন - দুয়োজনেই ১৯২০ৰ সময়ছোৱাত শ্রমৰ “মিলিটেৰীকৰণ”ৰ পোষকতা কৰিছিল। অর্থাৎ তেওঁলোকৰ মতে সেনাবাহিনীৰ দৰেই শ্রমবাহিনীৰো মোতায়েন কৰা উচিত। সমাজবাদে যেতিয়া অগ্রগতি লাভ কৰিব, শ্রমিকসকলৰ চেতনাও ক্রমশঃ বৃদ্ধি পাব আৰু অশেষত কোনো নির্দেশ অবিহনেই শ্রমিকসকলে স্বতঃস্ফূর্তভাৱে নিজৰ কামবিলাক কৰি যাব পাৰিব।

এনে ৰোমান্টিক ভিজনৰ বিপৰীতে, বাস্ত-সম্ভ সমাজবাদৰ অধীনত শ্রমৰ আয়োজন কেনেকৈ কৰা হব? শ্রমৰ প্রতি ব্যক্তিৰ মনোভা কেনেধৰণৰ হব আৰু কেনেকৈ বিভিন্ন শ্রম সমাধা কৰা হব? ক’ত কিমান শ্রমিকৰ দৰকাৰ হৈছে এই বিষয়ক তথ্যবোৰ কাৰ ওচৰত পোৱাটো সম্ভপৰ হব তথা কেনেকৈ এনে তথ্যৰ জৰিয়তে ‘একচন প্লেন’ গঠন কৰা হব তথা সিবিলাকক ৰূপায়ণ কৰা হব? শ্রমিকসকলক প্রেৰণা যোগোৱাৰ প্রয়োজন থাকিবনে? কেনেধৰণৰ প্রেৰণাৰ ব্যস্থা থাকিব? এই যে মার্ক্সবাদীসকলে কয়- “মজুৰী শ্রমৰ অন্ত পেলাব লাগিব” - এই কথাষাৰৰ অর্থ কি? আৰু ঠিক কেনেকৈ আৰু কিয় এই কুপনবোৰ টকাতকৈ ভিন্ন হব?

আমি পূর্বেই আলোচনা কৰিছোঁ যে কোনোধৰণৰ নিয়ন্ত্রণৰ প্রয়োজন নোহোৱাকৈ সকলো সামগ্রীয়েই প্রচুৰ পৰিমাণে লাভ কৰাটো সম্ভপৰ নহয়। অর্থাৎ নাগৰিকসকলে কি কি আৰু কিমান পৰিমাণে সা-সামগ্রী দাবী কৰিব পাৰিব - সেয়া টকা বা কুপনৰ জৰিয়তে সীমিত কৰিব লাগিব। লগতে, সা-সামগ্রীৰ মূল্যায়নৰ কোনো ব্যস্থা থাকিব লাগিব। যেনে ধৰক একোটা কাঠৰ পুতলা, এক কিলো মাছ বা এপেকেট আলু ছিপছৰ মূল্য একোখন গাড়ী বা এটা ছোফা ছেটতকৈ কম হব। সামগ্রী বিতৰণ নিয়ন্ত্রণ কৰাৰ কেতবোৰ বৈকল্পিক পদ্ধতিও প্রয়োগ কৰিব পৰা যায়। যেনে ধৰক কেতবোৰ সামগ্রীৰ ক্রয়ৰ ক্ষেত্রত পার্মিট ব্যস্থাৰ প্রয়োগ। একোখন নতুন কাৰ বা এটা নতুন ছোফা ছেট কিনিবলৈ পার্মিট বাধ্যতামূলক কৰিব পাৰি আপোনাৰ প্রয়োজনখিনিৰ পৰীক্ষণ কৰাৰ পাছতহে এনে পার্মিট প্রদান কৰা হব। পিছে পার্মিট ব্যৱস্থা কার্যকৰী কৰিবলৈ হলে তাৰ বাবে সুকীয়া বিভাগ, সুকীয়া অফিচ, নীতি নিয়ম ইত্যাদিৰ প্রয়োজন হব। কিছু ব্যতিক্রম ব্যতিৰেকে (যেনে শাৰীৰিকভাৱে প্রতিবন্ধী লোকসকলক প্রদান কৰা পার্মিট) সাধাৰণতেই পার্মিট ব্যস্থাৰ প্রতি জনগণৰ মনোভা ভাল হোৱা দেখা নাযায়। মোৰ প্রস্তাৱিত বাস্ত-সম্ভ সমাজবাদত সেয়েহে পার্মিট ব্যস্থা নাথাকিব।

সাধাৰণভাৱে এই কথা নিশ্চয়কৈ কব পাৰি যে বেছিভাগ মানুহেই কাম (চাকৰি) কৰিব খোজে। খুব এক সৰু অংশইহে কাম-বন নকৰাকৈ খাব খোজে। হত্যাকাৰী, বলাৎকাৰী, ছিৰিয়েল অপৰাধী আদি কেতবোৰ গণসমষ্টিৰ বাবে কিছু সুকীয়া ব্যস্থা নিশ্চয়কৈ কৰিব লাগিব কিন্তু সেয়া সদ্যহতে আমাৰ বিচার্য বিষয় নহয়। প্রশ্ন হৈছে - নাগৰিক একোজনে কি কাম কৰিব, ক’ত কাম কৰিব আৰু কেতিয়া কাম কৰিব?

শ্রমিকসকলে যিখিনি কাম কৰিব খোজে, ঠিক সেইখিনি কামেই সমাজখনৰ বাবে দৰকাৰী কাম হব বুলি কব পৰা যায়নে? কথাষাৰ মই এই এইকাৰণেই উল্লেখ কৰিছোঁ, কিয়নো আধুনিক জটিল ঔদ্যোগিক অর্থনীতি একোখনত - য’ত বিভিন্ন ছেক্টৰ বিকশিত হয় তথা ভৌগলিক শ্রম-বিভাজন সৃষ্টি হয় - তাত কোনো নির্দিষ্ট কাম এখিনিৰ বাবে কোনজন ব্যক্তি বা কোনটো গ্রুপ দায়দ্ধ হব, সেয়া ফটকৈ কৈ দিব নোৱাৰি। আচলতে সেয়া সহজতে দৃষ্টিগোচৰ হোৱাটোৱেই সম্ভপৰ নহয়। তদুপৰি কিছুমান কামৰ চৰিত্রই হৈছে অতিশয় অপ্রীতিকৰ (যেনে ৰাজহুৱা লেট্রিন চাফা কৰা কাম)। আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে যাৰ যেনেকৈ মন যায়, তেনেকৈ হঠাতে চাকৰি সলনি কৰি লোৱাটো সম্ভপৰ নহয়। অর্থাৎ সকলো কাম সকলো মানুহে কৰিব নোৱাৰে; বহুতো কামৰ বাবে বহুবছৰীয়া অভিজ্ঞতা, প্রশিক্ষণ আদি দৰকাৰী হয়। ইয়াৰ অর্থ হৈছে - বহুতো অপ্রীতিকৰ কাম হয়তো কিছুমান মানুহে অধিক পৰিমাণে কৰিব লগা হব পাৰে। যদি এনে হবলৈ হয়, তেনেস্থলত যিবিলাক কামৰ বাবে পর্যাপ্ত শ্রমিক লাভ কৰাটো কঠিন হয়, তেনেবোৰ কাম সমাধা কৰা শ্রমিকসকলক কিছু অধিক পৰিমাণে মজুৰী দিয়াটো উচিত নহবনে? তেওঁলোকক কেতবোৰ বৈষয়িক তথা নৈতিক প্রেৰণা প্রদান কৰাটো উচিত নহবনে? অর্থাৎ কাক কিমান পুৰষ্কাৰ দিয়া হব - এই বিষয়ক এক ব্যস্থা বিকশিত কৰাটো উচিত নহবনে?

ঠিক কি কি কাৰণৰ ভিত্তিত মজুৰীৰ হাৰ ভিন ভিন হোৱা উচিত, এইবিষয়ক নীতি কেনেধৰণৰ হোৱা উচিত - এনে সমস্ত বিষয়বস্তু সম্পর্কে আমি পাছত আলোচনা কৰিম। কিন্তু এটা কথা স্পষ্ট যে যিকোনো গণতান্ত্রিক সমাজবাদৰ অধীনত কিছু পৰিমাণে হলেও মজুৰীৰ ভিন্নতা থাকিব লাগিব (অর্থাৎ কামৰ ঘণ্টা একেই হলেও কিছুমান কামৰ বাবদ উচ্চ দৰমহা প্রদান কৰিব লাগিব) অন্যথা কিছুমান কামৰ বাবে পর্যাপ্ত শ্রমিকেই পোৱা নাযাব! দুর্ভাগ্যজনকভাৱে মার্ক্সে এই বিষয়ক বিশেষ একো কৈ যোৱা নাই। তেওঁ পুঁজিবাদৰ অধীনত পৰিলক্ষিত হোৱা শ্রম বিভাজনৰ কথা আলোচনা কৰিছে, পিছে সেয়া সমাজবাদ নির্মাণৰ বাবে প্রাসংগিক নহয়। পুঁজিবাদৰ প্রসংগত তেওঁ লিখিছে যে বিভিন্ন জটিল শ্রমক সাধাৰণ শ্রমলৈ সংকোচিত কৰিব পাৰি। সাধাৰণ শ্রমে উৎপাদন কৰা সামগ্রীটোতকৈ জটিল শ্রমে উৎপাদন কৰা সামগ্রীটোৰ বিনিময় মূল্য অধিক হব[6] মার্ক্সে হয়তো কব খুজিছে যে জটিল(কর্মকুশলযুক্ত) শ্রম শক্তিৰ মূল্য বজাৰৰ জৰিয়তেই গম পাব পৰা যায় - এই শ্রমে উৎপাদন কৰা সামগ্রীটোৰ বিনিময় মূল্য কি- তাৰ ভিত্তিত। সমস্যাটো হৈছে যে এইজাতীয় যুক্তিবোৰ হৈছে চক্রাকাৰ। তদুপৰি সমাজবাদৰ অধীনত জটিল আৰু সাধাৰণ শ্রমৰ মাজৰ অনুপাত কেনেধৰণৰ হব - সেইটো প্রশ্নৰ উত্তৰ ইয়াৰ পৰা লাভ কৰিব নোৱাৰি। এয়া নিশ্চয়কৈ সত্য যে সমাজবাদৰ নিম্নতৰ স্তৰটোত “কাম যিমান পুৰষ্কাৰ সিমান” কৰা হব বুলি মার্ক্সে কৈ কৈছে। ছোভিয়েট ইউনিয়নত যি মজুৰীৰ ভিন্নতা দেখা পোৱা যায় (যেনে দক্ষতা, পদৱী, কামৰ চৰিত্র আদিৰ ভিত্তিত গঠিত হোৱা ভিন্নতা) - তাৰ ন্যায্যতা মার্ক্সৰ এইজাতীয় বক্তব্যৰ জৰিয়তেই প্রতিপন্ন কৰিবলৈ চেষ্টা কৰা হয়। এইখিনিতে স্পষ্ট কৰি দিয়া উচিত হব যে ছোভিয়েট ইউনিয়নত বর্তমানে পৰিলক্ষিত হোৱা মজুৰীৰ ভিন্নতাখিনি ন্যায্য বুলি প্রতিপন্ন কৰাটো মোৰ উদ্দেশ্য নহয়। মোৰ কথাটো হৈছে যে যদি “কাম যিমান, পুৰষ্কাৰ সিমান” নীতিটোৰ এক গুণগত দিশ আছে বুলি ধৰা হয়, সি ঠিক কেনেকুৱা হব, সেইটো বুজাৰ ক্ষেত্রত মার্ক্স বিশেষ সহায়ক নহয়। মার্ক্সৰ আন এক দাবী হৈছে যে সমাজবাদৰ অধীনত শ্রম-শক্তিৰ পণ্য চৰিত্র লোপ পাব। এই কথাষাৰৰ অর্থ হৈছে - শ্রম শক্তিৰ মূল্য এতিয়া কোনোধৰণৰ শ্রম বজাৰে নির্ণয় নকৰে। পিছে ছোভিয়েটৰ অভিজ্ঞতাই আমাক দর্শাইছে যে উচ্চতৰ কর্তৃপক্ষৰ দ্বাৰা জাপি দিয়া শ্রম মোতায়েনৰ পদ্ধতি পৰিহাৰ কৰিবলৈ হলে বজাৰ-সদৃশ incentive আৰু মজুৰীৰ ভিন্নতা থাকিবই লাগিব; তেতিয়াহে শ্রমৰ উপযুক্ত বণ্টন সম্ভপৰ হব।

আমি পূর্বেই আলোচনা কৰিছোঁ যে সমাজৰ “সাধাৰণ স্বার্থ” স্পষ্টকৈ সংজ্ঞায়িত কৰাটো সম্ভপৰ নহয়। এনেক্ষেত্রত এইবুলি আশা কৰাটো  আৰু দুৰূহ হব যে সমাজবাদৰ অধীনত শ্রমিকসকলে স্বার্থহীনভাৱে সমাজৰ “সাধাৰণ স্বার্থ”ৰ সৈতে একাত্মবোধ কৰিব আৰু যলৈকে যাবলৈ কোৱা হব, তালৈকে গৈ “সমাজখনৰ স্বার্থত” সুনির্দিষ্ট কৰি দিয়া কাম কৰিবলৈ উৎসাহী অনুভ কৰিব। জোৰ-জবৰদস্তিৰ একমাত্র বাঞ্ছনীয় বিকল্প হব পাৰে প্রেৰণাৰ(incentive) কোনো ব্যস্থা নির্মাণ কৰা।

আজিৰ দিনত যিধৰণৰ আয়ৰ ভিন্নতা দেখা পোৱা যায় (যেনেধৰক বিশ্ববিদ্যালয়ৰ প্রফেচৰ একোজনে কচাই বা ৰাজমিস্ত্রী একোজনতকৈ বহুগুণ অধিক দৰমহা পায়, যদিও তেওঁৰ কামখিনি বেছ কম কষ্টতে কৰিব পৰা যায়) সিবিলাকৰ নিশ্চয়কৈ কোনো ন্যায্যতা নাই। বহুতো গুৰুত্বপূর্ণ কাম (যেনে ছোভিয়েট ইউনিয়নৰ একোজন চিনিয়ৰ প্লেনাৰ, কাকতৰ সম্পাদক, ছোভিয়েট একোটাৰ চেয়াৰমেন আদি) সেইসকল লোকেহে কৰিবলৈ আগবাঢ়ি আহে (বা অহা উচিত) যিসকলে এইবিলাক কাম কৰি প্রকৃতপক্ষেই সন্তুষ্টি লাভ কৰে। তেওঁলোকে অন্যান্য নাগৰিকসকলতকৈ অধিক দৰমহা বা বৈষয়িক সা-সুবিধা লাভ নকৰে, বৰং কামটোৱেই তেওঁলোকক সন্তুষ্টি প্রদান কৰে। মজুৰীৰ ভিন্নতা (অর্থাৎ বৈষয়িক প্রেৰণা) গঠন কৰাৰ সময়ত নিম্নোক্ত দুটা কাৰকে নির্ণায়ক ভূমিকা পালন কৰিব - (১) ঠিক কিমানখিনি মজুৰী অধিক প্রদান কৰিলে শ্রমিকসকলে স্ব-ইচ্ছাই সেইবোৰ ছেক্টৰত কাম কৰিবলৈ আগবাঢ়ি আহিব য’ত শ্রমিক শক্তিৰ বিশেষ দৰকাৰ হৈছে। (২) এই মজুৰীৰ ভিন্নতাবিলাক গণতান্ত্রিক পদ্ধতিৰে নির্ধাৰণ কৰা উচিত। উচ্চ দৰমহা পোৱা আমোলাসকলৰ হাতত এইজাতীয় সিদ্ধান্তবিলাক এৰি দিয়া অনুচিত (আজিৰ ছোভিয়েট ইউনিয়নত ঠিক এইটোৱেই দেখা যায়)। ইয়াৰ অর্থ এইটো নহয় যে জনগণে প্রতিজন শ্রমিকে ঠিক কিমানখিনি মজুৰী লাভ কৰিব, সেইটো ঠিৰাং কৰিব। আমি মাত্র এইবুলিহে কৈছোঁ যে আয়ৰ ভিন্নতাৰ ভিত্তি কি হোৱা উচিত, নীতি কি হোৱা উচিত তথা সর্বোচ্ছ কিমানখিনি পর্যন্ত আয়ৰ ভিন্নতা মানি লোৱা হব - এইকেইটা প্রশ্ন জনগণৰ নির্বাচিত প্রতিনিধিসকলে ঠিৰাং কৰিব।

এইজাতীয় আলোচনাবিলাক ধূসৰ কৰি তোলা আন কেতবোৰ মতাদর্শগত কাৰণ সম্পর্কে আলোচনা কৰা যাওঁক। পুণৰ ইজৰাইলৰ পৰম্পৰাগত গ্রাম্য সমবায় - কিব্বুটজবিলাকৰ উদাহৰণেই লোৱা যাওঁক। এনে একোটা সমবায়ৰ গড় আকাৰ হৈছে প্রায় ২০০ জন মান ব্যক্তি। এনে সমবায়বিলাকে নিশ্চয়কৈ সদস্যসকলৰ আয়ৰ সমতা সুনিশ্চিত কৰিব পাৰে। সুখে-দুখে সকলোৰে আয় সমানকৈ ভগাই লোৱাৰ ব্যস্থা কৰিব পাৰে। বেছিভাগ কামেই সমবায়টোৰ যিকোনো সদস্যই কৰিব পৰা বিধৰ হব পাৰে আৰু ৰটেছনৰ যোগেৰে প্রতিজন সদস্যই ভিন ভিন কাম কৰিব পাৰে। কোনে কি কাম কৰিব- সেয়া গাওঁৰ পঞ্চায়তে গণতান্ত্রিকভাৱে নির্ধাৰণ কৰিব পাৰে। পঞ্চায়তৰ প্রতিনিধিসকলকো ৰটেচনৰ জৰিয়তে নিয়মীয়াকৈ সলনি কৰিব পৰা যাব পাৰে। যিবিলাক কাম অতিশয় কঠিন তথা অপ্রীতিকৰ, সেইবিলাক কৰিবলৈ আগবাঢ়ি অহা কর্মীসকলক কিছুমান অতিৰিক্ত সা-সুবিধা দিয়া যাব পাৰে (যেনে ধৰক তেওঁলোকক বছৰেকীয়া ছুটীৰ বাবে কেইটামান দিন অতিৰিক্তভাৱে দিয়া যাব পাৰে)।

এনে আটাইবোৰ কামেই সম্ভপৰ, পিছে এইক্ষেত্রত দুটা অত্যাশ্যকীয় চর্তৰ প্রতিও মন দিয়া ভাল। প্রথম - এইজাতীয় সমবায়বিলাক চলাবলৈ সক্রিয় ভলণ্টিয়াৰৰ প্রয়োজন হয়। অর্থাৎ স্ব-ইচ্ছাই সমবায়ৰ সদস্য হবলৈ ইচ্ছা কৰা লোকৰ দ্বাৰাহে এই সমবায়বিলাক চলোৱাটো সম্ভপৰ হয়। সমবায়ৰ সদস্য হবলৈ ইচ্ছা প্রকাশ নকৰা ব্যক্তিক জবৰদস্তি সমবায়ত ৰাখিবলৈ হলে ফল হিত চাৰি বিপৰীতহে হব!

দ্বিতীয় চর্তটো আয়তনৰ(স্কেলৰ) প্রশ্নটোৰ সৈতে জড়িত। এনে সমবায়বিলাকত প্রতিজন ব্যক্তিয়েই ইজনে সিজনক চিনি পায়, কোনে কি কাম কৰিছে সেয়া সকলোৱে স্পষ্টকৈ চাব পাৰে, কোনে কিমান পৰিশ্রম কৰিছে সেয়াও স্পষ্টকৈ বুজিব পাৰি তথা প্রতিজন ব্যক্তিৰ কামকাজে সম্প্রদায়টোৰ ওপৰত কি প্রভা পেলাইছে, সেয়া সকলোৱে পৰিস্কাৰভাৱে চকুৰে চাব পাৰে, বুজিব পাৰে। অর্থাৎ এইজাতীয় সম্প্রদায়বিলাক হৈছে স্বচ্ছ(transparent) সম্প্রদায়, য’ত বিভিন্ন একচনৰ ফলাফলবিলাক যিকোনো ব্যক্তিৰে দৃষ্টিগোচৰ হয়।

পিছে কোটি-কোটি মানুহেৰে পৰিপূর্ণ আধুনিক ঔদ্যোগিক সমাজ একোখনৰ ক্ষেত্রত এই একেই নীতিবিলাক প্রয়োগ কৰিব নোৱাৰি। এইফেৰা কাম সম্ভপৰ কৰিবলৈ হলে অন্ততঃ এটা (বা দুটা) পূর্বচর্ত পূর্ণ কৰি লব লাগিবঃ  ১) বিভিন্ন ক্ষুদ্র ইউনিটবিলাক কম-বেছি পৰিমাণে আত্ম-নির্ভৰ হব লাগিব ২) সিবিলাকে ইটোৱে সিটোৰ সৈতে স্বাধীনভাৱে সা-সামগ্রীৰ বিনিময় কৰিব লাগিব (অর্থাৎ সমাজখনত পণ্য উৎপাদন দেখা পোৱা যাব)।

আন এটা বিভ্রান্তি সৃষ্টি হয় সমাজবাদৰ অধীনত শ্রম শক্তিৰ বিক্রয় সম্পর্কে। একোজন ছোভিয়েট শ্রমিকক কামৰ বিনিময়ত মজুৰী প্রদান কৰা হয় আৰু এনে শ্রমিক একোজনে নিশ্চয়কৈ অনুভ কৰে যে চৰকাৰী অনুষ্ঠান বা এণ্টাৰপ্রাইজটোৱে তেওঁক চাকৰিত মকৰল কৰিছে। অর্থাৎ তেওঁ হৈছে এজন কর্মী। ছোভিয়েট অফিচিয়েল মতাদর্শই যিয়েই নকওঁক কিয়, শ্রমিকসকলৰ এই অনুভৰ বাস্তৱিকতা নুই কৰিব নোৱাৰি। অর্থাৎ এক প্রকাৰে চাবলৈ গলে ছোভিয়েট শ্রমিকসকলেও তেওঁলোকৰ শ্রম শক্তি বিক্রয় কৰে (ঠিক এইটো অর্থতে সমাজবাদৰ অধীনত শ্রম শক্তিৰ বিক্রয়ৰ কথা জেলেনিয়ে লিখিছে)। আনকি এই কথাও অস্বীকাৰ কৰিব পৰা নাযায় যে শ্রমিকসকলে হয়তো এইবুলিও অনুভ কৰে যে তেওঁলোকে এক একাধিপত্যবাদী-নিয়োগকর্তাৰ (ৰাজ্যৰ) ওচৰত শ্রম শক্তি বিক্রয় কৰিছে। একোটাহঁত প্রকৃত উৎপাদনী সমবায় বা কিব্বুটজৰ সদস্যসকলে নিজকে স্ব-নিয়োজিত ব্যক্তি বুলি অনুভ কৰিব পাৰে, কিন্তু একেটা কথাকে চৰকাৰী এন্টাৰপ্রাইজবিলাকত কাম কৰা লাখ-লাখ শ্রমিকৰ ক্ষেত্রত কব পৰা যায়নে - যি নিজাকৈ উৎপাদন সম্পর্কীয় সিদ্ধান্তবিলাক লব নোৱাৰে তথা সুদূৰ কেন্দ্রৰ পৰা অহা নির্দেশ অনুসৰি উৎপাদন কার্য কৰিবলৈ বাধ্য হয়? “এন্টাৰপ্রাইজটো কেনেকৈ চলিব” - এই বিষয়ক নির্দেশবিলাক যদি সুদূৰ কেন্দ্রৰ পৰা আহে, ই শ্রমিকসকলৰ মাজত এই ভানাটো সূদৃঢ় কৰে যে তেওঁলোক আচলতে এন্টাৰপ্রাইজটোৰ কর্মীৰ বাহিৰে আন একো নহয়। একোটাহঁত প্রকৃত উৎপাদনী সমবায় বা কিব্বুটজৰ সদস্যসকলে উৎপাদন সম্পর্কীয় সিদ্ধান্তবিলাক নিজে লব পাৰে আৰু সেই অনুসৰি সম্পদবিলাকৰ আবণ্টনো কৰিব পাৰে। পিছে সেইবুলি ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় অর্থনীতিখনক আপুনি এটা বিশাল সমবায়লৈ পৰিণত কৰি পেলাব নোৱাৰে, য’ত আন্তঃসম্বন্ধবিলাক সাধাৰণ তথা স্বচ্ছ ৰূপত দেখা পোৱা যাব। কোনে সম্পদ আবণ্টন কৰিছে, কি মানদণ্ডৰ ভিত্তিত কৰিছে, আবণ্টনকাৰীয়ে কেনেধৰণৰ দায়দ্ধতা গাত পাতি লৈছে, কাৰ ওচৰত আবণ্টনকাৰী দায়দ্ধ হব, কেনেকৈ এই দায়দ্ধতা সুনিশ্চিত কৰা হব - ইবিলাক হৈছে অতিশয় গুৰুত্বপূর্ণ তথা মৌলিক প্রশ্ন - যিবিলাক সম্পর্কে মার্ক্সে বিশেষ কোনো প্রাসংগিক কথা কৈ যোৱা নাই। 


শ্রমৰ পুৰষ্কাৰ সম্পর্কেও কিছু কথা আলোচনা কৰা যাওঁক। ফৰাচী মার্ক্সবাদী এলেন লিপিজে এখন শেহতীয়া গ্রন্থত লিখিছে যে বাস্তৱিক শ্রমিক শ্রেণীৰ দাবীবিলাক (যেনে বর্তমানৰ সমাজখনৰ ভিতৰতে উচ্চ মজুৰী প্রদানৰ দাবী বা উচ্চ জীনশৈলী সুনিশ্চিতকৰণৰ দাবী) - আৰু মার্ক্সবাদী তত্ত্বৰ দাবী (যাৰ অনুসৰি সমাজবাদৰ অধীনত মজুৰী-শ্রম বোলা বস্তুটোৱেই নাথাকিব)- দুয়োৰে মাজত আকাশ পাতাল প্রভেদ দেখা যায়[7] (পশ্চিম জার্মানীৰ কোনো কোনো অঞ্চলত মই “মজুৰী ব্যস্থাৰ অন্ত পেলাওঁক” জাতীয় কেতবোৰ শ্লোগান লিখি থোৱা দেখিছিলোঁ। আমোদজনকভাবে এই আটাইবোৰ অঞ্চলেই আছিল কোনো বিশ্ববিদ্যালয়ৰ কেম্পাছৰ অধীনত। কোনো ফেক্টৰীৰ ৱালতে আপুনি এইজাতীয় শ্লোগান নেদেখে বেছিভাগ শ্রমিকেই ভাবে যে “বিনামূলীয়া বিতৰণ”ৰ অর্থ হৈছে - আপোনাক যি দিয়া হৈছে, সেইখিনিতে সন্তুষ্ট হৈ থাকিব লাগিব)। এইখিনিতেই মার্ক্সৰ লেবাৰ টুকেন বা কুপনৰ প্রশ্নটোও উত্থাপিত হয়। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে মার্ক্সৰ মতে সমাজবাদৰ অধীনত শ্রমিকসকলক কামৰ বিনিময়ত কেতবোৰ টোকেন বা কুপন প্রদান কৰা হব আৰু ইবিলাক টকাতকৈ ভিন্ন হব। পিছে কিয়? কিয় সিবিলাক টকাতকৈ ভিন্ন হব? এই কুপনবিলাকৰ ভূমিকাৰ প্রতি মন কৰা যাওঁক। ধৰক আপুনি এজন শ্রমিক আৰু আপুনি প্রদান কৰা শ্রম-অৰিহনাৰ বিনিময়ত আপোনাক ১০০ খন কুপন দিয়া হল। এই কুপনখিনিৰে আপুনি এতিয়া কি কৰিব? নিশ্চয় কোনো চৰকাৰী দোকানলৈ গৈ বিভিন্ন সা-সামগ্রী ক্রয় কৰিব। এই কুপনবিলাকৰ আধাৰতেই বিভিন্ন সা-সামগ্রীবিলাকৰ দাম নির্ধাৰিত কৰা থাকিব (যেনে এটা কলমৰ দাম ১০ খন কুপন, এপেকেট বিস্কুটৰ দাম ৫ খন কুপন ইত্যাদি)। এই দামবিলাক আকৌ সামগ্রীবিলাকৰ নির্মাণত খৰছ হোৱা শ্রম-সময় অনুসৰি নির্মিত হব (অধিক শ্রম সময় প্রয়োজন হোৱা সামগ্রীবিলাক ক্রয় কৰিবলৈ অধিক কুপন প্রয়োজনীয় হব)। এইদৰেই এজন গ্রাহকৰ ৰূপত আপুনি বিভিন্ন সা-সামগ্রী কুপনৰ জৰিয়তে ক্রয় কৰিব। কমিউনিজমৰ উদয়ৰ পাছত, অর্থাৎ প্রাচুর্যতাৰ আগমনৰ পাছত “প্রয়োজন যিমান, পুৰস্কাৰ সিমান” নীতি পালন কৰা হব আৰু এই কুপন ব্যস্থা বিলুপ্ত হৈ পৰিব।

আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে বাস্ত ইমান সৰল নহয়। এই ব্যস্থাটোত যোগান আৰু চাহিদাৰ প্রশ্নটোৰ কি হব? কেনেকৈ সিবিলাকক হিচাপত লোৱা হব? এইখিনিতে মার্ক্সে এক আমোদজনক মন্তব্য কৰি গৈছেঃ “যদিহে এই কথা ধৰি লোৱা হয় যে যোগান আৰু চাহিদাৰ সমাপতন ঘটোৱা এক পৰিস্থিতি সৃষ্টি কৰিব পৰা যায়, অর্থাৎ য’ত উৎপাদন আৰু উপভোগৰ ভাৰসাম্য স্থাপন হব, তথা উৎপাদনৰ বিভিন্ন শাখাৰ অনুপাতবিলাকো প্রয়োজন অনুসৰি গঢ় লৈ উঠিব, তেনেস্থলত টকাৰ সমস্যাটোৱেই বেছ লঘূ হৈ পৰিব”।[8] হে ভগৱান! যদি টকাৰ ভূমিকাবিলাকেই নাইকীয়া কৰিব পৰা যায়, তেনেস্থলত নিশ্চয়কৈ টকাৰ প্রয়োজন নাথাকিব! পিছে আজিৰ দিনত টকাই কেনেধৰণৰ ভূমিকা পালন কৰে? টকাই যোগান আৰু চাহিদাৰ মাজত ভাৰসাম্য স্থাপন কৰাত সহায় কৰে, উৎপাদন আৰু উপভোগৰ মাজত সম্বন্ধ স্থাপন কৰাত সহায় কৰে, গ্রাহকসকলক নিজৰ পছন্দবিলাক প্রকাশ কৰাত সহায় কৰে, তথা এই আটাইবিলাকৰ যোগান ধৰোঁতে কিমানখিনি খৰছ পৰিব, সেইটো দর্শোৱাত সহায় কৰে।

ধৰক ২০০ গ্রামৰ এপেকেট বিস্কুটৰ বর্তমান দাম হৈছে তিনিখন কুপন। পিছে দেখা গৈছে যে এইটো দামত চাহিদা অনুসৰি যথেষ্ঠ পৰিমাণে বিস্কুট উপলভ্য হোৱা নাই। ফলত বিস্কুটৰ বাবে গ্রাহকে দোকানত দীঘল লাইন পাতিব লগা হৈছে। এই সমস্যাটোৰ এক সহজ (হ্রস্রকালীন) সমাধান আছে-  বিস্কুটৰ কুপন মূল্য বৃদ্ধি কৰক (পূর্বৰ তিনিখন কুপনৰ বিপৰীতে এতিয়া এপেকেট বিস্কুটৰ দাম হব পাঁচখন কুপন) ঠিক এনেদৰেই, চাহিদাৰ বিপৰীতে অধিক বিস্কুট উপলভ্য হলে কুপন মূল্য হ্রাস কৰিব পাৰি। এইদৰে বিভিন্ন সামগ্রীৰ কুপন মূল্য সলনি কৰাৰ ফলত প্লেনিং বিভাগৰ ওচৰলৈ চিগনেল যাব যে অমুক সামগ্রীটো অধিক পৰিমাণে উৎপন্ন কৰক, তমুক সামগ্রীটো কম পৰিমাণে উৎপন্ন কৰক ইত্যাদি। এইদৰেই যোগান আৰু চাহিদাৰ ভাৰসাম্য স্থাপন কৰিব পাৰি। অর্থাৎ কুপনবিলাকে ইয়াত টকাৰ ভূমিকা পালন কৰিছে। মাত্র মতাদর্শগত কাৰণতহে কুপনবিলাকক “টকা”ৰ নাম দিয়া হোৱা নাই!

আনটো দাবী সম্পর্কেও আলোচনা কৰা যাওঁক। কোৱা হৈছে যে টকাৰ বিপৰীতে, কুপনবিলাকে চার্কুলেচন প্রক্রিয়াটোত অংশগ্রহণ নকৰে। পিছে কিয়? ধৰক মোৰ ওচৰত ১০০ খন কুপন আছে। মোৰ চুবুৰীয়া ব্যক্তিজনে মোৰ ৰেডিঅটো মেৰামতি কৰি দিলে বা ফুৰিবলৈ যাওঁতে তেওঁৰ গাড়ীখন ব্যহাৰ কৰিবলৈ দিলে। তাৰ বিনিময়ত মই এতিয়া কেইখনমান কুপন তেওঁক দিব খুজিছোঁ। সমাজবাদী ব্যস্থাটোৱে মোক এই কামটো কৰিবলৈ দিব নে নিদিয়ে? যদি নিদিয়ে, কিয় নিদিয়ে? নিদিয়াৰ কোনো যুক্তিযুক্ততা আছেনে? আচলতে এইজাতীয় লেনা-দেনা বন্ধ কৰিবলৈ হলে ব্যস্থাটোৱে পুলিচৰ প্রয়োগ কৰিব লাগিব! আৰু এই যে মই দোকানত বিস্কুটৰ বাবে কেতসংখ্যক কুপন “পৰিশোধ” কৰিলোঁ, সেইখিনি তাৰ পাছত দোকানখনে ফেক্টৰীৰ পৰা বিস্কুট “ক্রয়” কৰিবলৈ ব্যহাৰ কৰিব নে নাই? ঠিক তেনেকৈয়ে, পাছলৈ বিস্কুটৰ ফেক্টৰীটোৱে নিজৰ ছাপ্লায়াৰৰ পৰা কেঁচামাল “ক্রয়” কৰিবলৈ সেই কুপনখিনি ব্যহাৰ কৰিব নে নাই? যদি নকৰে, কিয় নকৰে? ইয়াৰ বিকল্প কি? আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে টকাৰ প্রয়োগে যোগান আৰু চাহিদাৰ মাজত ভাৰসাম্য স্থাপন কৰাত সহায় কৰে, উৎপাদন আৰু উপভোগৰ মাজত সম্বন্ধ স্থাপন কৰাত সহায় কৰে, গ্রাহকসকলক নিজৰ পছন্দবিলাক প্রকাশ কৰাত সহায় কৰে, তথা এই আটাইবিলাকৰ যোগান ধৰোঁতে কিমানখিনি খৰছ পৰিব, সেইটো দর্শোৱাত সহায় কৰে। বিস্কুটৰ উদাহৰণটোৰ জৰিয়তে আমি টকাৰ এই প্রেকটিকেল উপযোগিতাখিনিৰ বিষয়ে বুজিব পাৰিছোঁ। পিছে টকা আঁতৰাই দিবলৈ হলে তাৰ বিকল্প কি হব? এই বিষয়ে পৰম্পৰাগত মার্ক্সবাদীসকলে  আলোচনাই কৰা নাই!

এনে এখন সমাজ  য’ত ব্যক্তিসকলৰ আয় সমতামূলক হব (ঠিক কিমানদূৰৈলৈ আয় সমতামূলক হব, সেয়া সমাজখনে নিজেই ঠিৰাং কৰিব), তাত নাগৰিকসকলক নিজ ইচ্ছাৰে টকা (বা কুপন) খৰছ কৰিবলৈ দিয়াটোৱেই বুদ্ধিমানৰ কাম হব। নিজ ইচ্ছাৰে টকা খৰছ কৰিবলৈ দিয়াৰ অর্থ হৈছে - গ্রাহকসকলে তেওঁলোকৰ পছন্দবিলাক সামগ্রীৰ ক্রয়ৰ জৰিয়তে প্রকাশ কৰিব। পৰম্পৰাগত মার্ক্সবাদীসকলে এই ব্যস্থাটোক বজাৰ ব্যস্থা বুলি নিন্দা কৰিব পাৰে, কিন্তু তাৰ প্রতি কাণসাৰ দিয়াৰ প্রয়োজন নাই। কিছুসংখ্যক সমাজবাদীয়ে টকাৰ বিপৰীতে ভোটিং ব্যস্থা প্রয়োগৰ পোষকতা কৰে। অর্থাৎ কাক কি সামগ্রী লাগে, সেয়া গ্রাহকসকলে ভোটদানৰ দ্বাৰা সাব্যস্ত (প্রকাশ) কৰিব। পিছে কাষ্টোৰিয়াডিছে লিখিছে যে মানুহৰ পছন্দ বিভিন্ন ধৰণৰ হয় আৰু কোনো ভোটিং ব্যস্থাই এনে জটিল পছন্দবিলাক প্রকাশ্যমান কৰাটো সম্ভপৰ নহয়। তদুপৰি, এয়া কোনো সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ অংক নহয় যে কেল সংখ্যাগৰিষ্ঠসকলেই নিজৰ পছন্দৰ সামগ্রীবিলাক পাব লাগিব। আচলতে যিকোনো বাঞ্ছনীয় ব্যস্থাতেই সংখ্যালঘিষ্ঠসকলৰো অধিকাৰ থাকিব লাগিব যে তেওঁলোকৰো পছন্দৰ সামগ্রীবিলাকৰ যোগান ধৰা হওঁক।

এতিয়ালৈকে হয়তো স্পষ্ট হৈ পৰিছে যে আমাৰ সমাজবাদী মডেলটোত উৎপাদন সম্পর্কীয় সকলোবিলাক সিদ্ধান্ত পূর্বেই গ্রহণ কৰিব পৰা নাযায় ইয়াৰ বিপৰীতে, আমাৰ মডেলটোৰ অধীনত, গ্রাহকৰ ফীডবেকে উৎপাদন সম্পর্কীয় সিদ্ধান্তবিলাকক প্রভাৱিত কৰিব। আচলতে জনগণক নিজ ইচ্ছাৰে সামগ্রী ক্রয়ৰ অধিকাৰ দিবলৈ হলে পূর্ব-পৰিকল্পিত সমাজবাদৰ মডেলটো সম্ভপৰেই নহয় আমাৰ এই বজাৰমূলক সমাজবাদী (মার্কেট চছিয়েলিষ্ট) ব্যস্থাটোক পার্ফেক্ট বুলি কব পৰা যায়নে? নিশ্চয়কৈ নোৱাৰি। পিছে ইয়াক নস্যাৎ কৰিবলৈ হলে সমালোচকসকলে প্রথমে তাৰ সম্ভপৰ বিকল্প দাঙি ধৰিব লাগিব।


[1]L. Kolakowski, Main Currents of Marxism, Vol. I (Oxford: Clarendon Press, 1980),
p. 172.

[2]K. Karx, ‘The German ideology’ in Collected Works, Vol. V (London: Lawrence &
Wishart, 1976), p. 47.

[3] Quoted from a critical review in Radical Philosophy, Winter 1979, p. 8.

[4] Bahro, op. cit. (n. 65), German edn, p. 537.

[5]K. Marx, Capital, Vol. II (New York: International Publishing Co., 1967), p. 358.
 

[6] K. Marx, Critique of Political Economy (Harmondsworth: Penguin, 1976), p. 31.

[7]  Lipietz, op. cit. (n. 15), p. 353.

[8] K. Marx, quoted from Pleîades edn, Paris, Vol. 2, p. 204.

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...