গোটেই ৰাতি টোপনি নাহিল
গোটেই ৰাতি কুকুৰবোৰে ভুকি থাকিল
গোটেই ৰাতি ভয়াবহ বাদ্যবোৰ বজোৱা হল।
গোটেই ৰাতি কিবা ভগা-ছিগাৰ শব্দ আহি থাকিল।
কিন্তু তেতিয়া হেনো শান্তি ভংগ নহল।
অন্ততঃ অনুসন্ধানৰ পাছত এয়াই কোৱা হল।
শান্তি ভংগ তেতিয়াহে হল
যেতিয়া দ্বিতীয় দিনা এটা ডেকা লৰাই
দেশৰ বিষয়ে বিনাই এটা দুখৰ গান গালে।
মূল কবি (হিন্দী )- ৰাজেন্দ্ৰ ৰাজন
অনুবাদ - ময়ূৰ চেতিয়া
No comments:
Post a Comment