Wednesday, May 9, 2018

(মার্ক্সৰ জন্মৰ দুশবছৰ উপলক্ষে ) ডাছ কেপিটেলৰ দৃষ্টিৰে - এক শেহতীয়া উপস্থাপন

ময়ূৰ চেতিয়া
(ডাছ কেপিটেলৰ সৈতে ইতিমধ্যেই পৰিচয় থকা লোকসকলে এই লেখনীটোত চিন্তাৰ বিশেষ খোৰাক বিচাৰি পাব। অৱশ্যে নতুন পাঠকসকলেও যাতে কথাবোৰ বুজি পায়, তাৰ বাবে যথাসম্ভৱ চেষ্টা কৰা হৈছেএক নতুন ষ্টাইলত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। লেখনীটোৰ প্রস্তুতিৰ ক্ষেত্রত আমাৰ কোনো মৌলিক কৃতিত্ব নাই। বিভিন্ন কিতাপ-পত্রৰ সহায়তেই লেখনীটো প্রস্তুত কৰা হৈছে।)

যিটো আর্থিক ব্যৱস্থাৰ অধীনত আমি বসবাস কৰি আছোঁ, সেই ব্যৱস্থাটো মূলতে হৈছে এক বজাৰ ব্যৱস্থা – অর্থাৎ যত বিভিন্ন সামগ্রীৰ ক্রয়-বিক্রয় কৰা হয়। আমি আমাৰ দৈনন্দিন প্রয়োজনৰ সামগ্রীবোৰ – যেনে খাদ্য, কাপোৰ, নিত্য ব্যৱহার্য  বিভিন্ন বৈদ্যুতিন উপকৰণ ইত্যাদি বজাৰত ক্রয় কৰোঁ। আনহাতে এই বিভিন্ন ধৰণৰ ক্রয়বোৰ সম্ভৱপৰ কৰিবলৈ আমি কিছু সামগ্রী বিক্রয়ো কৰিব লগা হয়। বিশ্বৰ গৰিষ্ঠসংখ্যক লোকে এইক্ষেত্রত বিক্রয় কৰা সামগ্রীবিধ হৈছে –তেওঁলোকৰ কাম কৰিব পৰাৰ সক্ষমতা। অর্থাৎ আমি আমাৰ ‘শ্রম ক্ষমতা’ আন কাৰোবাৰ ওচৰত বিক্রয় কৰোঁ। এইদৰেই আমাৰ জীৱনবোৰ পণ্যৰ ক্রয়-বিক্রয়ৰ ওপৰত নির্ভৰ কৰে। আৰু ঠিক এইখিনিতে মার্ক্সে ‘ডাছ কেপিটেল’ৰ আৰম্ভণি কৰিছে।

মার্ক্সৰ ভাষাত –
“যিবোৰ সমাজত পুঁজিবাদী উৎপাদন পদ্ধতিয়ে প্রভুত্ব লাভ কৰিছে, এনে সমাজবিলাকত সম্পদে পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে।”

মার্ক্সে এনে এক সময়ত ডাছ কেপিটেলখন লিখিছিল, যেতিয়া বিশ্বৰ এক বিশাল অংশত যেতিয়া বজৰুৱা সম্বন্ধবোৰে প্রবেশেই কৰা নাছিল। এনে বহুতো সমাজ সেই সময়ত অস্তিত্বমান আছিল য’ত উৎপাদনৰ লক্ষ্য আছিল মানুহৰ তাৎক্ষণিক প্রয়োজনবোৰ পূর্ণ কৰা, তেহেলৈ সেই সমাজবোৰ চিকাৰ তথা লঘূ কৃষি কর্ম কৰা আদিম সমাজেই হওঁক বা কোনো সামন্তীয় প্রভুৰ শাসনত পিষ্ট কৃষক সমাজেই হওঁক। আনকি যিবিলাক সমাজত বহু পূর্বৰে পৰা বজাৰ অস্তিত্বমান আছিল – সেই সমাজবিলাকতো গৰিষ্ঠসংখ্যক লোক আছিল ক্ষুদ্র খেতিয়ক আৰু তেওঁলোকে জীৱনৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রী নিজেই উৎপাদন কৰি লৈছিল। খুব কম পৰিমাণৰ সামগ্রীহে এই পুৰণি সমাজবিলাকত ক্রয়-বিক্রয় কৰা হৈছিল। আজি পিছে বজাৰে সমগ্র বিশ্বতে সর্বগ্রাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে মার্ক্সৰ কথাখিনি কিছু সলনি কৰি আজি আমি কব পাৰোঁ – “কিছু ব্যতিক্রম বাদে, সমগ্র বিশ্বৰে সম্পদবোৰে আজি পণ্যৰ বিশাল ভঁৰালৰ ৰূপ ধাৰণ কৰিছে”।

এই ব্যতিক্রমবোৰৰ ভিতৰত অন্যতম হৈছে এসময়ৰ কল্যাণকামী চৰকাৰবিলাকে প্রদান কৰা বিভিন্ন ধৰণৰ সামাজিক সেৱা – যেনে বিনামূলীয়া স্বাস্থ্য সেৱা, বিনামূলীয়া শিক্ষা ইত্যাদি – যিবিলাকক আজি পুণৰ পণ্যলৈ ৰূপান্তৰিত কৰাৰ অহৰহ চেষ্টা চলাই থকা থৈছে। পণ্য উৎপাদনৰ এনে সার্বজনীনতা, এনে সর্বগ্রাসী ৰূপ পূর্বৰ কোনো সমাজতে দেখা পোৱা নগৈছিল। আজিৰ পৃথিবীখনৰ বুজ লবলৈ হলে সেয়েহে আমি এই পণ্য উৎপাদনৰ কার্যপদ্ধতিবোৰ প্রতি চকু দিব লাগিব।


মার্ক্সৰ পূর্বেও বহুতো পণ্ডিতে পুঁজিবাদী ব্যৱস্থাটোক বুজিবলৈ চেষ্টা কৰিছিল; তেওঁলোকক ধ্রুপদী অর্থনীতিবিদ বুলি কোৱা হয়। তেওঁলোকৰ ভিতৰত দুটা নাম বিশেষভাবে উল্লেখযোগ্য–আডাম স্মিথ আৰু ডেভিড ৰিকার্ডো। 

উপযোগী মূল্য আৰু বিনিময় মূল্য

আডাম স্মিথক প্রায়েই সাম্প্রতিক পুঁজিবাদ তথা নিউ ক্লাছিকেল অর্থশাস্ত্রৰ আদিপুৰুষ হিচাপে গণ্য কৰা হয়। কিন্তু তেওঁৰ বহুখিনি অৱদানক আজিৰ দিনৰ পুঁজিৰ তাত্ত্বিকসকলে সম্পূর্ণভাৱে আওকান কৰে। স্মিথে লক্ষ্য কৰিছিল যে যেতিয়াই সমাজখনত বজৰুৱা উৎপাদনে কেন্দ্রীয় স্থান গ্রহণ কৰে, তেতিয়াৰ পৰাই একোটাহঁত পণ্যক দুটা সম্পূর্ণ ভিন ভিন দিশৰ পৰা লক্ষ্য কৰিব পাৰি:

মূল্য শব্দটোৰ দুটা ভিন ভিন অর্থ আছে; কেতিয়াবা মূল্য মানে কোনো বস্তুৰ উপযোগিতাক বুজোৱা হয়, কেতিয়াবা আকৌ আন সামগ্রী কিনাৰ ক্ষেত্রত বস্তুটোৰ ক্রয়-ক্ষমতা বুজোৱা হয়। প্রথমটোক ‘উপযোগিতাৰ মূল্য’ বুলি কব পাৰি আৰু দ্বিতীয়টোক ‘বিনিময়ৰ মূল্য’ বুলি কব পাৰি। অতিশয় মূল্য থকা বস্তুৰো কেতিয়াবা অকনো বিনিময় মূল্য নাথাকে; আনহাতে অতিশয় বিনিময় মূল্য থকা বস্তুৰো প্রায়েই অতি কম পৰিমাণে উপযোগী মূল্য থাকে বা একেবাৰেই নাথাকে। পানীতকৈ উপযোগী বস্তু একো নাই। কিন্তু পানীৰ দ্বাৰা কোনো বস্তুৱেই কিনিব নোৱাৰি। কোনো বস্তুকেই পানীৰ বিনিময় লাভ কৰিব নোৱাৰি। আনহাতে, হীৰাৰ হয়তো কোনো উপযোগী মূল্য নাই; কিন্তু তথাপিও হীৰাৰ বিনিময়ত অনেক সামগ্রী লাভ কৰিব পাৰি।” 

মার্ক্সে ডাছ কেপিটেলত স্মিথৰ এই ধাৰণাটোকে ব্যৱহাৰ কৰিলে আৰু লগতে স্মিথৰ সংজ্ঞাৰ কিছুমান ধূসৰতা তথা বিসংগতি আঁতৰাই দিলেঃ

কোনো বস্তুৰ উপযোগিতাই তাক ‘উপযোগী মূল্য’ৰ ৰূপ দিয়ে...এই উপযোগী মূল্য বস্তুটোৰ শাৰীৰীক বৈশিষ্ট্যসমূহৰ মাজত সমাহিত হৈ থাকে; বস্তুটোৰ শৰীৰৰ বাহিৰত এই উপযোগী মূল্যৰ কোনো অস্তিত্ব নাথাকে। লোহা, গোমধান, হীৰা আদি বিভিন্ন পণ্য হৈছে একোটাহঁত পার্থিৱ সামগ্রী; অর্থাৎ সিবিলাক হৈছে উপযোগী মূল্য, সিবিলাকৰ কোনো কোনো উপযোগিতা আছে।” 

কিন্তু একেসময়তে –
পণ্যবিলাক হৈছে বিনিময় মূল্যৰ পার্থিৱ ভঁৰাল ঘৰ, যি এক পৰিমাণগত সম্বন্ধৰ ৰূপ ধাৰণ কৰে। অর্থাৎ কোনো বিশেষ পৰিমাণত এবিধ উপযোগী মূল্যৰ বস্তু আন এবিধ উপযোগী মূল্যৰ বস্তুৰ সৈতে বিনিময় কৰা হয়। সময় আৰু স্থান অনুসৰি এই পৰিমাণটো সলনি হৈ থাকে।” 

আজিৰ দিনৰ নিউ ক্লাছিকেল অর্থশাস্ত্রবিদসকলে এই পার্থক্যটো বুজিব নোখোঁজে। তেওঁলোকৰ মতে এবিধেই মূল্য আছে – সেয়া হৈছে “marginal utility” – অর্থাৎ কোনো উপযোগী মূল্যক ব্যক্তি একোজনে মনোগতভাবে কিমানকৈ মূল্যায়ন কৰে; বিভিন্ন ব্যক্তিৰ পচন্দ অনুসৰি ই ভিন ভিন হব পাৰে। তথাকথিত বিভিন্ন হেটেৰ’ডক্স অর্থনীতিবিদ – যেনে শ্রাফাৰ অনুগামীসকল – যি নিজকে ৰিকার্ডোৰ উত্তৰসূৰী বুলি দাবী কৰে – তেওঁলোকেও এই কথাটো বুজিব নোখোঁজে। তেওঁলোকৰ মডেলবোৰো পার্থিৱ বস্তুৰ ইনপুট আৰু আউটপুট তালিকাৰ ভিত্তিত তৈয়াৰ কৰা হয়; অর্থাৎ তেওঁলোকে কেৱল উপযোগী মূল্যকেই চিনি পায়। সাম্প্রতিক কালৰ কিছুমান মার্ক্সবাদীয়ে আকৌ উপযোগী মূল্য আৰু বিনিময় মূল্যৰ পার্থক্যটোকেই অপ্রাসংগিক বুলি দাবী কৰে, কিয়নো তেওঁলোকৰ মতে কোনো মূল্য তত্ত্বতকৈ শোষণৰ বিভিন্ন স্বৰূপ উন্মোচন কৰাটোহে মার্ক্সৰ মূল লক্ষ্য আছিল। স্মিথ, ৰিকার্ডো আৰু মার্ক্সে সূচীত কৰা পার্থ্যক্যবিলাক অস্বীকাৰ কৰি এই সমস্ত নতুন তত্ত্ববিদসকলে বজাৰ ব্যৱস্থাৰ এটা অতিশয় গুৰুত্বপূর্ণ দিশকেই আওকান কৰে। এই দিশটো হৈছে - বজাৰ আধাৰিত ব্যৱস্থাই মানি চলা দুই প্রকাৰৰ নিয়ম আৰু সিহঁতৰ মাজৰ আন্তঃসম্পর্ক। 

যিকোনো সামাজিক ব্যৱস্থাই বস্তু জগতৰ নিয়ম – অর্থাৎ পদার্থবিদ্যা, ৰসায়নবিদ্যা, জীৱবিজ্ঞান আদিৰ নিয়ম মানি চলিবলৈ বাধ্য। এই নিয়মবিলাকেই নির্ধাৰণ কৰে যে উৎপাদনৰ বাবে বিভিন্ন বস্তুৰ মাজত কেনেধৰণৰ আন্তঃসম্পর্ক স্থাপিত হব আৰু কেনেকৈ নতুন নতুন সামগ্রী নির্মাণ কৰা হব (যেনে ৰবৰ গলাই গাড়ীৰ টায়াৰ নির্মাণ, ফেক্টৰী একোটাৰ ভিতৰৰ বিভিন্ন অংশবোৰ, মেচিন একোটাৰ বিভিন্ন অংশ ইত্যাদি)। এই নিয়মবিলাকে এইটোও নির্ধাৰণ কৰে যে এই সামগ্রীবিলাক উপভোক্তাৰ কেনেধৰণৰ কামত আহিব (যেনে খাবৰ বাবে শস্য, উত্তাপৰ বাবে হিটাৰ ইত্যাদি)। 

পিছে বস্তুবোৰ ইটো সিটোৰ সৈতে আন্তঃসম্পর্কযুক্ত হোৱাৰ আন এক নিয়মো আছে; সেয়া হৈছে - বজাৰ ব্যৱস্থাৰ অধীনত বস্তুবোৰে বিনিময় মূল্যৰ ৰূপত ইটো সিটোৰ মুখামুখি হয়। উপযোগী মূল্য হিচাপে বস্তুবোৰে যেনেধৰণৰ আন্তঃসম্পর্ক গঢ়ি তোলে, সেয়া বিনিময় মূল্য হিচাপে বস্তুবোৰৰ মাজত স্থাপিত হোৱা আন্তঃসম্পর্কবিলাকতকৈ বেছ ভিন্ন ধৰণৰ হয়। বস্তু একোটাৰ উপযোগী মূল্যৰ কোনো সালসলনি নোহোৱাকৈয়ো তাৰ বিনিময় মূল্য হঠাতে কমি যাব পাৰে। কম্পিউটাৰৰ উদাহৰণেই লোৱা যাওঁক। বিগত দশক দুটাত কম্পিউটাৰৰ দাম  ক্রমাগতভাবে কমি আহিছে। এসময়ত লাখ টকীয়া এটা লেপটপ আজি ২০-৩০ হাজাৰ টকাতে ক্রয় কৰিব পাৰি। অথচ পূর্বৰ লেপটপবিলাকতকৈ বর্তমানৰ লেপটপবিলাকৰ কর্মক্ষমতা বৃদ্ধিহে হৈছেতদুপৰি, বিনিময় মূল্যবিলাকক অন্তহীনভাবে বিভিন্ন অংশত ভগাব পাৰি কিন্তু উপযোগী মূল্যবিলাকক সাধাৰণতে সেইদৰে ভাগ-ভাগ কৰিব নোৱাৰি। এখন চাইকেলৰ দাম হয়তো কাৰ এখনতকৈ ১০০ গুণ কম কিন্তু সেইবুলি কাৰখনক ভাঙি ১০০টা ভাগত বিভক্ত কৰি পেলালে সেইফেৰা বস্তু কাৰোৰে কামত নাহিব। আধুনিক পুঁজিবাদৰ বাবে অতিশয় গুৰুত্বপূর্ণ বিভিন্ন বস্তু – যেনে ফেক্টৰী, এয়াৰলাইনছ, স্কুল, হস্পিটেল, তৈলক্ষেত্র আদিৰ আলোচনাৰ ক্ষেত্রত এই কথাষাৰৰ বিশেষ গুৰুত্ব আছে। বজাৰে এই সকলো বস্তুকে বিনিময় মূল্য হিচাপে গণ্য কৰে – অর্থাৎ সিবিলাকক অন্তহীনভাবে বিভক্ত কৰি থাকিব পাৰি (অমুকটো বস্তুৰ মূল্য ইমান বা সিমান টকা)। কিন্তু একেসময়তে এই বস্তুবিলাকৰ কিছু পার্থিৱ অস্তিত্ব তথা পার্থিৱ বৈশিষ্ট্য থাকে, যাক ইচ্ছা গলেই টকাৰ নিচিনাকৈ ভাগ-ভাগ কৰি থাকিব নোৱাৰি। 

পণ্যবিলাকৰ বিনিময় মূল্য হৈছে অতিশয় গতিশীল তথা পনীয়া। টকাৰ ৰূপত সিবিলাকে অর্থনীতিৰ ইঠাইৰ পৰা সিঠাইলৈ, বিশ্বৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ গতি কৰি থাকিব পাৰে; একে দামৰ যিকোনো বস্তুৰ বিনিময়ত সিবিলাকক যতে ততে বিক্রী কৰিব পাৰি। কিন্তু উপযোগী মূল্যবিলাকক সিবিলাকৰ পার্থিৱ বৈশিষ্ট্যবোৰৰ হেতুকে তেনেকৈ মন গলেই ইফালৰ পৰা সিফাললৈ ঘূৰাই ফুৰাব নোৱাৰি। ইংলেণ্ডৰ পৰা ভাৰতলৈ ১০০ কোটি টকা আপুনি চকুৰ পচাৰতে ইলেক্ট্রনিক মাধ্যমেৰে স্থানান্তৰ কৰিব পাৰে, কিন্তু একেই গতিৰে আপুনি ১০০ কোটি টকাৰ এটা ফেক্টৰী ইংলেণ্ডৰ পৰা ভাৰতলৈ হঠাতে স্থানান্তৰ কৰিব নোৱাৰে। ভিন ভিন লজিক অনুসৰি উপযোগী মূল্য আৰু বিনিময় মূল্য বিলাক চালিত হয়; প্রায়েই দুয়োৰে লজিকৰ মাজত অন্তর্বিৰোধো সৃষ্টি হয়। এই দিশটোৰ প্রতি মন নকৰিলে পণ্য উৎপাদনমূলক অর্থনীতি একোখনৰ এটা প্রাথমিক বৈশিষ্ট্যকে আওকান কৰা হব।
পণ্য উৎপাদনমূলক অর্থনীতি একোখন কেতিয়াও সুস্থিৰভাৱে চালিত নহয়, বৰং ই সদায়েই বিভিন্ন ধৰণৰ হোহঁকা-পিছলা, খকাখুন্দা তথা অগা-দেৱাৰ সম্মুখীন হয়। ইয়াৰ কাৰণ হৈছে – বিনিময় মূল্যবিলাকৰ অসীম বিভাজনক্ষমতা, পনীয়া স্বৰূপ তথা গতিশীলতাৰ বিপৰীতে উপযোগী মূল্যবিলাকৰ পার্থিৱ ৰূপটোৰ বাবে সিহঁতৰ বিভাজনক্ষমতা তথা গতিশীলতা সদায়েই সীমিত হয়। যিহেতু বিনিময় মূল্যবিলাক সিবিলাকৰ মূর্তমান ৰূপ –অর্থাৎ উপযোগী মূল্যবিলাকৰ পৰা কেতিয়াও সম্পূর্ণভাৱে স্বাধীন হৈ যাব নোৱাৰে, সেয়েহে দুয়োৰে ভিন ভিন গতি তথা লজিকৰ মাজত অন্তর্বিৰোধ সৃষ্টি হৈ অর্থনীতিখনত নানান হোহঁকা-পিছলা, খকাখুন্দা তথা অগা-দেৱাৰ সূচনা হয়। 

শ্রম আৰু টকা

পণ্যবিলাকৰ দ্বৈত চৰিত্র (উপযোগী মূল্য আৰু বিনিময় মূল্য)ৰ প্রতি আঙুলিয়াই দিয়েই স্মিথ আৰু ৰিকার্ডো ক্ষান্ত হোৱা নাছিল। লগতে তেওঁলোকে দর্শালে যে বিভিন্ন প্রকাৰৰ পার্থিৱ বৈশিষ্ট্যপূর্ণ উপযোগী মূল্যবোৰৰ ওপৰত বিনিয়োগ মূল্য আৰোপ কৰাটো সম্ভৱপৰ এইকাৰণেই হৈছে – কিয়নো আটাইবোৰ উপযোগী মূল্যৰ মাজতে উমৈহতীয়া এটা বৈশিষ্ট্য থাকে; এই বৈশিষ্ট্যটো হৈছে যে আটাইবোৰ উপযোগী মূল্যই হৈছে মানৱ শ্রমৰ উৎপাদ (প্রডাক্ট)।

স্মিথৰ ভাষাত – 
প্রতিটো বস্তুৰে প্রকৃত দাম হৈছে – সেই বস্তুটো আহৰণ কৰাৰ ক্ষেত্রত মানুহজনে কিমান পৰিমাণে কষ্ট কৰিছে।...শ্রমেই আছিল প্রথমটো দাম, যিটো প্রদান কৰি মানুহে বস্তু আহৰণ কৰিছিল। শ্রম প্রদান কৰিয়েই মানুহে সকলো বস্তু লাভ কৰে। সোণ বা ৰূপৰ বিপৰীতে, শ্রমৰ বিনিময়তেই পৃথিৱীৰ সকলো সম্পদ প্রথমতে ক্রয় কৰা হৈছিল।”

মার্ক্সেও স্মিথ-ৰিকার্ডোৰ পৰা ধাৰ কৰি এনেকৈ কলে – 
পণ্যবিলাকৰ মাজত থকা উমৈহতীয়া কিবা বৈশিষ্ট্যৰ আধাৰত বিনিময় মূল্যবোৰক প্রকাশ কৰিব পাৰিব লাগিব। পিছে এই উমৈহতীয়া বৈশিষ্ট্যটো পণ্যবিলাকৰ জ্যামিত্যিক, ৰাসায়নিক বা অন্যান্য কোনো প্রাকৃতিক বৈশিষ্ট্য হব নোৱাৰে।...শেষত গৈ এটায়েই উমৈহতীয়া বৈশিষ্ট্য দেখা যায়; সেয়া হৈছে – আটাইবোৰ পণ্যই হৈছে মানৱ শ্রমৰ উৎপাদ (প্রডাক্ট)।” 

পিছে এইখিনিতে মার্ক্সে স্মিথ আৰু ৰিকার্ডোৰ বিশ্লেষণত এটা নতুন উপাদান যুক্ত কৰিলে। মার্ক্সে লক্ষ্য কৰিলে যে ব্যক্তি একোজনৰ কংক্রিট শ্রমে বিনিময় মূল্য গঠন কৰিব নোৱাৰে। কিয়নো বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ শ্রম-দক্ষতা থাকে; তদুপৰি ভিন ভিন কাম কৰিবলৈ বেলেগ বেলেগ মানুহক ভিন ভিন পৰিমাণৰ সময় দৰকাৰ হয়।

কোনোবাই কব পাৰে যে পণ্য এটা নির্মাণ কৰোঁতে প্রয়োজন হোৱা সময়ৰ আধাৰতেই যদি তাৰ মূল্য গঠিত হয়, তেনেহলে দেখোন আটাইতকৈ এলেহুৱা শ্রমিকজনে নির্মাণ কৰা পণ্যটোৰে আটাইতকৈ মূল্য থাকিব, কিয়নো তেওঁ পণ্যটো নির্মাণ কৰিবলৈ আটাইতকৈ অধিক সময় খৰছ কৰিছে!” 

সেয়েহে মার্ক্সে কলে যে পণ্য একোটাৰ বিনিময় মূল্য নির্ভৰ কৰে সেই পণ্যটো নির্মাণ কৰোঁতে “সামাজিকভাৱে কিমানখিনি শ্রম সময়” প্রয়োজন হৈছে। অর্থাৎ উৎপাদনৰ গড় পৰিস্থিতি, গড় দক্ষতা তথা কামৰ গড় স্পীড অনুসৰি পণ্য একোটা নির্মাণ কৰোঁতে সমাজখনৰ কিমান সময় খৰছ হৈছে।

সামাজিক শ্রমে প্রকৃতিৰ পৰিবর্তন সাধন কৰি মানৱ জীৱনৰ বাবে প্রয়োজনীয় সমলবোৰ সৃষ্টি কৰে। তেনেদৰেই, পণ্য একোটাৰ মূল্য এই কথাটোৰ ওপৰত নির্ভৰ কৰে যে পণ্যটোত সামাজিক শ্রমৰ কিমানখিনি অংশ সোমাই আছে। একোজন শ্রমিকৰ কংক্রিট শ্রমখিনি বিনিয়োগৰ প্রক্রিয়াটোৰ যোগেদি সামাজিক শ্রম বা বিমূর্ত শ্রমৰ অংশবিশেষলৈ পৰিণত হয়। মার্ক্সে এই বিমূর্ত শ্রমকে “মূল্যৰ সাৰমর্ম” বুলি উল্লেখ কৰিছে। ই বিনিময় মূল্যৰ ৰূপত প্রকাশ্যমান হয় আৰু ইয়াৰ আশে-পাশেই পণ্যবিলাকৰ বজৰুৱা দাম উঠা-নমা কৰি থাকে। 

নিউ ক্লাছিকেল অর্থনীতিবিদসকলে মানুহৰ মনোগত মূল্যায়নৰ ভিত্তিতেই মূল্যৰ ধাৰণাটো বিকশিত কৰিছে। কিন্তু মার্ক্সৰ মতে মূল্য হৈছে এক বস্তুনিষ্ঠ(অবজেকটিভ) জিনিছ; পণ্য একোটাত সোমাই থকা সামাজিক শ্রমৰ অংশ অনুসৰিয়েই পণ্যটোৰ মূল্য গঠিত হয়। পিছে বজাৰলৈ লৈ যোৱাৰ আগেয়ে পণ্যটোৰ মূল্য কি – সেয়া জানিব পৰা নাযায়। বজাৰলৈ আহি অন্যান্য পণ্যৰ সৈতে অন্তঃক্রিয়া কৰাৰ পাছতহে পণ্যটোৰ মূল্য প্রকাশ্যমান হয়। পুঁজিবাদী চিষ্টেমটোৱে তাৰ প্রতিটো অংশবিশেষক এই লৈ চিন্তিত হবলৈ বাধ্য কৰে যে সি (অর্থাৎ একোটা অংশই) নিয়োগ কৰা শ্রমখিনিৰ সৈতে চিষ্টেমটোৰ অন্যান্য অংশবিলাকে নিয়োগ কৰা শ্রমৰ অন্তঃক্রিয়াৰ ফলাফল কি হব? মার্ক্সে ইয়াকেই “মূল্যৰ কানুন/নিয়ম” বুলি অভিহিত কৰিছিল।

মূল্যবিলাক সদায়েই সলনি হৈ থাকে। পুঁজিবাদী অর্থনীতিৰ কোনোবা নহয় কোনোবা অংশত অহৰহ নতুন নতুন প্রযুক্তি তথা উৎপাদন পদ্ধতিৰ প্রচলন কৰা হয়। ইয়াৰ ফলত একোবিধ পণ্যৰ নির্মাণৰ বাবে প্রয়োজনীয় সামাজিক শ্রমৰ পৰিমাণো পৰিবর্তিত হৈ থাকে। ইয়াৰ লগে লগেই সেই পণ্যবিধৰ বিনিময় মূল্যও পৰিবর্তিত হয়। ইয়াৰ বিপৰীতে বস্তুবিলাকৰ উপযোগী মূল্য কিন্তু সাধাৰণতে সলনি নহয়; প্রাকৃতিক কাৰণত সিবিলাক লাহে লাহে ক্ষয় গৈ বা বিকল হৈ যোৱাৰ আগেয়ে বস্তুবিলাকৰ উপযোগী মূল্য একেই হৈ থাকে। কিন্তু যেতিয়াই চিষ্টেমটোৰ কোনো অংশত বস্তু একোটা বনাবৰ বাবে নতুন প্রযুক্তি ব্যৱহাৰ কৰা হয়, অর্থাৎ যেতিয়াই বস্তুটোৰ নির্মাণৰ বাবে “সামাজিকভাবে প্রয়োজনীয় শ্রম সময়” হ্রাস হৈ পৰে, ঠিক তেতিয়াই বস্তুটোৰ বিনিময় মূল্যৰো পৰিবর্তন সাধন হয়। ঠিক এইখিনিতে মার্ক্স এটা অসাধাৰণ সিদ্ধান্তলৈ আহিল, যিটো আপাত দৃষ্টিত অদ্ভুত যেনেই লাগিব পাৰে। বহুতো মার্ক্সবাদীয়েও এই সিদ্ধান্তটো মানি লবলৈ টান পায়। এই সিদ্ধান্তটো হৈছে – উৎপাদনশীলতা যিমানেই বৃদ্ধি হব, সিমানেই পণ্য একোটাৰ বিনিময় মূল্যও (আনৰ তুলনাত) হ্রাস হব! এফালৰ পৰা চালে কথাষাৰ আচৰিত যেন লাগে। কিন্তু এনে সহস্র উদাহৰণ আছে যি স্পষ্টকৈ দর্শাই যে উৎপাদনশীলতাৰ বৃদ্ধিৰ লগে লগেই পণ্য একোটাৰ দাম অন্যান্য পণ্যতকৈ হ্রাস হৈ পৰিছে। উদাহৰণস্বৰূপে, আজিৰ দিনত যিবিলাক উদ্যোগত ভীষণ গতিৰে প্রযুক্তি তথা উৎপাদনশীলতাৰ বিকাশ সাধন হৈছে (যেনে মবাইল ফোন, কম্পিউটাৰ, টিভি ইত্যাদি), সিবিলাকৰ দামো ক্রমান্বয়ে নামি আহিবলৈ আৰম্ভ কৰিছে। আনহাতে, যিবিলাক উদ্যোগত নতুন প্রযুক্তিগত বিকাশ সিমানকৈ হোৱা নাই, সিবিলাকৰ দাম স্থবিৰ হৈ ৰৈছে বা আনকি কিছু বৃদ্ধিও হৈছে। 

সমাজ এখনত পণ্য উৎপাদনে যেতিয়া সার্বজনীন ৰূপ লবলৈ আৰম্ভ কৰে, তেতিয়াই এটা বিশেষ বস্তুৱে অন্যান্য সকলো পণ্যৰ মূল্যৰ প্রতিনিধিত্ব কৰিবলৈ ধৰে। এই বস্তুটো হৈছে – টকা (মাণি)। মার্ক্সৰ সময়ত সোণ বা ৰূপৰ মুদ্রাৰ বেশতেই টকা দেখিবলৈ পোৱা গৈছিল। সোনৰ একোটা মুদ্রাত যিমানখিনি সোন সোমাই থাকে, তথা সেইখিনিৰ উৎপাদনত গড় হিচাপত যিমানখিনি শ্রম সময় খৰছ হয়, তাৰ আধাৰতেই ই অন্যান্য সামগ্রীৰো মূল্যৰ প্রতিনিধিত্ব কৰে। উদাহৰণ হিচাপে, ১ গ্রামৰ এটা সোনৰ মুদ্রাৰ উৎপাদনত ধৰক ২০ দিন খৰছ হল। আনহাতে ১০০ টা চোলা নির্মাণ কৰোঁতেও ২০ দিন খৰছ হয়। তেনেস্থলত ১ গ্রামৰ এটা সোণৰ মুদ্রাৰ বিনিময়ত ১০০ টা চোলা ক্রয় কৰিব পৰা যাব। পুঁজিবাদৰ বিকাশযাত্রাৰ এটা স্তৰত বেংকিং ব্যৱস্থা বিকশিত হল আৰু চৰকাৰবোৰে দেখিলে যে সোণৰ মুদ্রাৰ সলনি সোনক প্রতিনিধিত্ব কৰা কাগটৰ নোট ব্যৱহাৰ কৰিলে সকলোৰে বাবে অধিক সূচল হয়। চৰকাৰে যিমানখিনি কাগজৰ নোট ছপা কৰে, সিমানখিনি মূল্যৰ সোনো কেন্দ্রীয় বেংকত জমা কৰি ৰখাৰ এটা পৰম্পৰা আৰম্ভ কৰা হল; অর্থাৎ এই কাগজৰ নোটখিনিয়ে সোণৰেই প্রতিনিধিত্ব কৰিছিল। এটা সময়ত গৈ এইটো ব্যৱস্থাৰো ওৰ পেলোৱা হল। আজিৰ দিনত কাগজৰ নোটৰ বিপৰীতে কোনো সোন জমা ৰখা নহয়; আজিৰ দিনৰ টকাক সেয়েহে কোৱা হয় “ফিয়েট মাণি”। যেতিয়ালৈকে মানুহে লেনা-দেনাৰ বাবে এই নোটবোৰক গ্রহণ তথা বিশ্বাস কৰি থাকিব, তেতিয়ালৈকে সিবিলাকো কার্যশীল হৈ থাকিব বুলি কব পাৰি।

পণ্য উৎপাদনৰ বিকাশে এটা বিশেষ পৰিঘটনাৰ জন্ম দিলে। ই বাস্তৱ সম্পর্কীয় ছবিখন মানুহৰ মনত বিকৃত কৰি পেলালে। বা আন কথাত কবলৈ কলে, পণ্য উৎপাদনে বাস্তৱৰ এক বিকৃত ছবি মানুহৰ মনত উপস্থাপন কৰে। মার্ক্সে এই পৰিঘটনাটোক “পণ্য বিভ্রাট”(ক’ম’ডিটি ফেটিচিজিম) নাম দিলে। ইয়াৰ অর্থ হৈছে – পুঁজিবাদী সমাজত মানুহৰ মাজত স্থাপিত হোৱা সম্বন্ধবোৰ পণ্যৰ মাজত স্থাপিত হোৱা সম্বন্ধ যেন অনুভৱ হয়। ঠিক তেনেকৈয়ে, পণ্যবিলাকৰ মাজত স্থাপিত হোৱা সম্বন্ধবিলাক আকৌ মানুহৰ মাজত স্থাপিত হোৱা সম্বন্ধ যেন অনুভৱ হয়।

কথাটো এনেকুৱা - উৎপাদকসকল আৰু তেওঁলোকৰ সর্বমুঠ শ্রম - এই দুয়োৰে মাজৰ সম্বন্ধই এক সামাজিক সম্বন্ধৰ ৰূপ ললে। চাবলৈ গলে এয়া হৈছে বিভিন্ন মানুহৰ মাজত স্থাপিত হোৱা সামাজিক সম্বন্ধ; পিছে পণ্য বিভ্রাটৰ বাবে এনে অনুভৱ হয় যেন এয়া হৈছে মানুহৰ শ্রমৰ উৎপাদবিলাকৰ মাজত স্থাপিত হোৱা সামাজিক সম্বন্ধ। অর্থাৎ মানুহ আৰু মানুহৰ মাজত স্থাপিত হোৱা সম্বন্ধই পণ্যৰ মাজত স্থাপিত হোৱাৰ সম্বন্ধৰ ৰূপ ললে। উপমাৰ সহায়ত কবলৈ গলে ধর্মৰ পৃথিৱীখনৰ কথাই কব পাৰিধর্ম, তাৰ বিভিন্ন কল্প-কাহিনী, দেৱতা, চয়তান, ৰীতি-নীতি- ইত্যাদিবোৰ হৈছে মানুহৰ মগজুৰে সৃষ্টি। কিন্তু ধর্মৰ পৃথিৱীখনত গৈ এনে অনুভৱ হয় যেন সিবিলাক হৈছে স্বতন্তৰীয়া সত্ত্বা; স্বতঃস্ফুর্তভাৱে যেন সিবিলাকৰ মাজত নানান আন্তঃসম্বন্ধ স্থাপিত হৈছে। তদুপৰি ইবিলাকে যেন মানৱ জাতিকো নিজৰ আন্তঃসম্বন্ধবিলাকৰ মাজলৈ টানি নিছে। অর্থাৎ মানৱ সৃষ্ট বস্তু কিছুমানে মানুহৰে ওপৰত প্রভুত্ব খটুৱাবলৈ চেষ্টা কৰা যেন অনুভৱ হৈছে। একেটা কথাই পণ্যৰ পৃথিৱীখনৰ ক্ষেত্রতো কব পাৰিমানুহৰে সৃষ্টি পণ্যবিলাকে মানুহৰে ওপৰত প্রভুত্ব তথা নিয়ন্ত্রণ খটুৱাবলৈ চেষ্টা কৰা যেন অনুভৱ হৈছে।

আজিৰ দিনত মানুহে প্রায়েই “টকাৰ মহিমা” “টকাই মূল কথা” ইত্যাদি বাক্যাংশ ব্যৱহাৰ কৰেকিন্তু কথা হৈছে যে টকা আন একো নহয়, বৰং ই মাথো নিজৰ বুকুত পণ্যবিলাকৰ মূল্যসমূহ প্রতিফলিত কৰেমূল্যও আন একো নহয়, বৰং ই হৈছে কোনো বস্তুৰ নির্মাণত ক্ষেত্রত প্রয়োজন হোৱা ‘শ্রম-সময়’। অর্থাৎ শেষ অর্থাৎ মানুহেই টকা সৃষ্টি কৰিছে। ঠিক তেনেদৰে মানুহে প্রায়েই “বজাৰৰ প্রয়োজন”, “বজাৰৰ শক্তি” আদি বাক্যাংশ ব্যৱহাৰ কৰেকিন্তু বজাৰো আন একো নহয়, বৰং বিভিন্ন মানুহৰ কংক্রিট শ্রমবিলাকক লিংক কৰিবলৈ বিকশিত কৰা এক বিশেষ ব্যৱস্থা মাথোটকা তথা বজাৰৰ ওপৰত এনে ৰহস্যময়ী ক্ষমতা তথা শক্তি আৰোপ কৰাৰ জৰিয়তে মানুহে ইহজগতৰ বিভিন্ন সামাজিক সমস্যাৰ বাবে মানৱ-নিয়ন্ত্রৰ বাহিৰৰ কোনো শক্তিক দোষাৰোপ কৰেঅর্থাৎ এনে দৃষ্টিভংগীৰ মতে মানুহৰ সামাজিক সমস্যাবিলাক আমূলভাৱে সলনি কৰাৰ কোনো উপায় নাই। তৰুণ বয়সত মার্ক্সে ইয়াকেই “একাংগীত্ব”(এলিয়েনেছন) বুলি অভিহিত কৰিছিল। কিছুসংখ্যক মার্ক্সবাদীয়ে ইয়াক “জড়ীভবন”(ৰেইফিকেচন) বুলিও কয়। পিছে মন কৰিবলগীয়া যে এনে ৰহস্যময়ী দৃষ্টিভংগীৰ পৰা নিজকে মুকলি কৰিব পাৰিলেই সামাজিক সমস্যাবিলাকৰ অন্ত নপৰেবৰং এই হৈছে মুক্তিকামী যাত্রাৰ প্রথমটো খোঁজ মাথো। অর্থাৎ শেষ অর্থত সামাজিক ৰূপান্তৰণৰ যোগেদিয়ে সামাজিক সমস্যাবিলাকৰ অন্ত পৰিব।
ক্রমশঃ



No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...