Monday, June 23, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ প্রথম খণ্ড – কৃষি

মূলঃ অমিত বাছলে, দীপংকৰ বসু

অনুবাদঃ ময়ূৰ চেতিয়া

ভাৰতীয় অর্থনৈতিক বিকাশৰ চৰিত্র আৰু গঢ়-গতিৰ বুজ লোৱাটো আজিৰ সময়ত তাত্ত্বিক তথা ব্যৱহাৰিক দুয়োফালৰে পৰা অতিশয় জৰুৰী হৈ পৰিছে; ইয়াৰ ৰাজনৈতিক তথা সামাজিক তাৎপর্যও হৈছে প্রভুত। এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে সমাজ পৰিবর্তনৰ প্রতি প্রতিশ্রুতিবদ্ধ শক্তিসমূহে নিজকে আকাশ কুসুম ইউট’পিয়াৰ মায়াজালৰ পৰা মুক্ত কৰিবলৈ হলে বহুলাংশ জনগণৰ বস্তুগত জীৱন পৰিক্রমাৰ বিভিন্ন ঐতিহাসিক প্রৱণতাসমূহৰ ভিত্তিত দীর্ঘকালীন ৰণনীতি তৈয়াৰ কৰিব পাৰিব লাগিব। সমাজৰ আমূল পৰিবর্তনকামী সংগ্রামখনিৰ অংশ হিচাপে এই বিষয়ক অতীতৰ কেতবোৰ বিতর্কৰ আঁত ধৰি এই প্রৱন্ধটিত ভাৰতীয় অর্থনীতিৰ কেতবোৰ মূল গাঁথনিগত বৈশিষ্ট্যৰ বিৱর্তনধাৰাৰ এটি সাৰসংগ্রহ প্রস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। 

এই সাৰসংগ্রহখিনি প্রস্তুত কৰোঁতে আমি ভাৰতীয় সমাজৰ চৰিত্র বিষয়ক অতীতৰ কিছু লেখনীৰ সৈতেও এটি সংবাদ প্রক্রিয়া স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইক্ষেত্রত ১৯৭০ তথা ১৯৮০ৰ দশকৰ আশে পাশে ভাৰতীয় বাওঁপন্থী কর্মকর্তা তথা বুদ্ধিজীৱিসকলৰ মাজত অনুষ্ঠিত ‘উৎপাদন প্রণালী’ বা ‘মড অৱ প্রডাকচন’(‘Mode of Production’) শীর্ষক বিতর্কৰ কথা বিশেষকৈ উল্লেখ কৰিব পাৰি। এই প্রবন্ধটোত আমি কিছু নতুন তথ্যৰ পোহৰত উক্ত বিতর্কখনিৰ কিছু সাম্প্রতিক মূল্যায়ণ কৰিবলৈ চেষ্টা কৰিম। পূর্বৰ বিপৰীতে, আমি কৃষি খণ্ডৰ লগতে এইবাৰ অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড টোকো বিশ্লেষণৰ আওঁতালৈ আনিম। মন কৰিবলগীয়া যে যদিও পূর্বৰ দৰেই এতিয়াও কৃষি খণ্ডতেই বহুলাংশ শ্রমজীৱি জনগণ নিয়োজিত হৈ আছে, তথাপিও বিগত দশক কেইটাত মন্থৰ অথচ অহৰহ গতিৰে ঔদ্যোগিক তথা সেৱা খণ্ডৰো যথেষ্ঠ বিকাশ ঘটিছে। শ্রমিক জনগণৰ এক বৃহৎ অংশই আজিৰ সময়ত এই বিভিন্ন খণ্ডসমূহৰ মাজত অগা-দেৱা কৰি ফুৰিছে; জীৱিকাৰ সন্ধানত তেওঁলোকে বিভিন্ন ৰাজ্য তথা অঞ্চলৰ মাজত ঢপলিয়াই ফুৰিছে। গতিকেই ভাৰতীয় অর্থনীতিৰ বিৱর্তন সম্পর্কীয় যিকোনো আলোচনাত এই উদীয়মান অনা-কৃষিজাত খণ্ডৰো কিছু বিশ্লেষণ জৰুৰী হৈ পৰিছে। অনা-কৃষিপাম সংস্থাপনৰ এই বর্ধিত সুযোগে গ্রাম্য অঞ্চলৰ বহুলাংশ দুখীয়া জনগণৰ বস্তুগত তথা সামাজিক জীৱনত ভালেখিনি পৰিবর্তন অনাৰ সম্ভাৱনা আছে।

Sunday, June 22, 2014

ভাৰতীয় মড অৱ প্রডাকচনঃ দ্বিতীয় খণ্ড – অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড

মূলঃ অমিত বাচ'লে, দীপংকৰ বসু



অনুবাদঃ ময়ূৰ চেতিয়া

অনা-পুঁজিবাদী উৎপাদন পদ্ধতিৰে ভৰা সমাজসমূহত কেনেদৰে পুঁজি-কেন্দ্রিক ঔদ্যোগিক খণ্ড কেতবোৰ বিকশিত কৰি আর্থিক উন্নতি সম্ভৱপৰ কৰিব পৰা যায় – এই বিষয়ে আজিও বিতর্কৰ ওৰ পৰা নাই। বৰঞ্চ এই প্রশ্নটো আজিও এক জীৱন্ত প্রশ্ন বুলিয়েই গণ্য কৰিব পাৰি। এই ঔদ্যোগীকৰণৰ নামতেই আজিও ভাৰতৰ বহুতো অঞ্চলত (ভূমি-অধিগ্রহণ বা অন্যান্য সম্পদৰ অধিকাৰৰ বিষয়লৈ) কৃষক তথা ৰাষ্ট্রৰ মাজত তুমুল যুদ্ধ চলি আছে। চাবলৈ গলেআজিও ভাৰতবর্ষৰ অর্থনীতিখনিক এক দ্বৈত অর্থনীতি বুলিয়েই কব পাৰি। এই দ্বৈততাৰ কাৰণ হৈছে – ঔপনিবেশিকতাবাদৰ উত্তৰাধিকাৰ। সহজ ভাষাত, ঔপনিবেশিক যুগতেই এই দ্বৈত অর্থনীতিৰ আৱির্ভাৱ ঘটিছিল। পিছে স্বাধীনতাৰ ৬০ বছৰৰ পাছতো ঔপনিবেশিক যুগৰ‘আধুনিক’ তথা ‘পৰম্পৰাগত’ অর্থনীতিৰ দ্বৈততাৰ দৰেই আজিও এফালে কৃষক, কাৰিকৰ, ক্ষুদ্র উৎপাদক, গৃহ-আধাৰিত শ্রমিক আদিৰে গঠিত অনানুষ্ঠানিক খণ্ড, আৰু আনফালে দেশী বিদেশী বৃহৎ পুঁজিৰে পৰিপূর্ণ আনুষ্ঠানিক খণ্ডৰ দ্বৈততা দেখিবলৈ পোৱা যায়।বিশেষকৈ ক্ষুদ্র স্তৰৰ কৃষি খণ্ডৰ বিপৰীতে বৃহদাকাৰ তথা পুঁজি কেন্দ্রিক বস্তু-নির্মাণ(manufacturing) খণ্ডত এই দ্বৈততা অতিশয় স্পষ্ট ৰূপত দেখা পোৱা যায়।





বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...