Tuesday, August 29, 2017

মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী

ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা -৪ 
মূলঃ প্রভাত পাটনায়ক
ভাবানুবাদঃ ময়ূৰ চেতিয়া

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক প্রথম তিনিটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে – অনুবাদক)।

পূর্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” সম্পর্কে আলোচনা কৰিছিলো। এই স্বতঃস্ফূর্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মার্ক্সবাদ তথা উদাৰবাদৰ মূল পার্থক্য লুকাই আছে। মই ভাবো যে ইয়েই মার্ক্সবাদৰ স্বকীয়তাও প্রদর্শন কৰে; ৰিকার্ডো আৰু স্মিথৰ পৰা মার্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে। এই পার্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়। কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় - যি মার্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকার্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মার্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে। এনে বহুতো মার্ক্সবাদীৰ মতে মার্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্রুপদী ৰাজনৈতিক অর্থনীতিক এক ঐতিহাসিক দৃষ্টি প্রদান কৰিছিল (বা “ৰিকার্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)। কিন্তু কেনেদৰে মার্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ ধাৰাটোকেই উলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে। 

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...