স্লাভয় জিজেক
(অকুপাই ৱাল ষ্ট্রীট আন্দোলনৰ অন্যতম কেন্দ্রস্থলী নিউয়র্ক চহৰৰ জুকটি পার্কত
বাওঁপন্থী দার্শনিক স্লাভয় জিজেকে প্রদান কৰা বক্তৃতাৰ মুকলি অসমীয়া ভাবানুবাদ)
সিহঁতে
কয় – আমি হেনো কাম-বন নাইকিয়া-
হতভাগা বেকাৰৰ দল।পিচে প্রকৃত বেকাৰৰ দল সিহঁতহে, যি এতিয়া জনগনৰ টকাৰে নিজৰ ঋণ সুঁজাত লাগিছে।আমাক সমাজবাদী
বুলি চৌধ্য পুৰুষ উজাৰি গালি পৰা হয়। পিচে ৱাল ষ্ট্রীটত দেখোন ধনীৰ দুলালৰ বাবে
সমাজবাদ সদায়েই উপস্থিত। সিহঁতে কয়- আমি হেনো ব্যক্তিগত মালিকানাত বিশ্বাস নকৰোঁ। পিচে, সিহঁতে চপাই অনা ২০০৮ৰ
বিত্তীয় সঙ্কটে যে কিমান শত-সহস্র লোকৰেই তেজ-পানী এক কৰি ঘটা ধন ধূলিত
মিহলাই দিলে, তাৰ হিছাপ বা কোনে ৰাখিছে? সিহঁতে কয়- আমি হেনো
কল্পনাশ্রয়ী। আমি কল্পনাৰ আকাশত বাস কৰোঁ। পিচে সঙ্কটহীন পূঁজিবাদৰ আকাশী চাং সিহঁতেহে পাতিছিল। আমি ক’ব
বিচাৰোঁ যে আমি কল্পনাশ্রয়ী নহয়। বৰঞ্চ আমি এতিয়া এটা ভয়ঙ্কৰ দুঃস্বপ্নৰ পৰা সাৰ
পাইহে উঠিছো আৰু বাস্তবৰ হিচাপ ল’ব বিছাৰিছোঁ।
আমি ধ্বংসকাৰী নহয়। বৰঞ্চ কিদৰে বর্তমানৰ
ব্যবস্থাটোৱে নিজকে নিজে ধ্বংস কৰাৰ পথেৰে আগ বাঢ়িছে, আমি তাৰহে সাক্ষী হৈ আছোঁ। আমি সকলোৱেই নিশ্চয় নিগনি
মেকুৰীৰ সেই বিখ্যাত কার্টুন খনৰ কথা জানোঁ। পথৰ শেষ সীমা অতিক্রম কৰাৰ
পাছতো যে মেকুৰীটো শূন্যতে দৌৰিয়েই থাকে। কিছু সময়ৰ পাছত তললৈ চাওঁতেহে তাৰ হুঁছ
আহে আৰু সি তললৈ খহি পৰে। আজি ৱাল ষ্ট্রীটৰ মেকুৰী বোৰক আমিও তাকেই ক’ব খুজিছোঁ- “হেৰা লুভীয়া মেকুৰী,
এবাৰ তললৈ চোঁৱাছোন!”


বর্তমানৰ পৰিস্থিতি বুজাৰ ক্ষেত্রতো এই
কাহিনীটোৰ বিশেষ প্রাসংগিকতা আছে। আজি আমাৰ ওচৰত মনে বিচৰা সকলো ধৰণৰ স্বাধীনতা
আছে। কেৱল মাথো নাই এই আপাত স্বাধীনতাৰ তলত লুকাই থকা পৰাধীনতাৰ প্রকৃত ছবি আঁকিব
পৰা ৰঙা চিয়াঁহী। স্বাধীনতাৰ যি সংজ্ঞা আমাক শিকোঁৱা হয়-যেনে সন্ত্রাসবাদৰ বিৰুদ্ধে
যুদ্ধ অথবা ৱাৰ্ অন্ টেৰৰ্-সি স্বাধীনতাৰ প্রকৃত ছবিখন আমাৰ পৰা লুকুৱাই ৰাখে। আজিৰ
দিনত সেয়েহে ৰঙা চিয়াঁহীৰ খুবেই প্রয়োজন। তোমালোকে আজি সেয়া উপলব্ধি কৰিছা;
তোমালোকে আজি জনগণৰ মাজত ৰঙা চিয়াঁহী বিলাইছা!
এইক্ষেত্রত কেতবোৰ বিপদো আছে। বিশেষকৈ নিজৰে
কামৰ প্রতি মোহাচ্ছন্ন হোৱাৰ বিপদ। আজি আমি এই জুকটি পার্কত এক সুন্দৰ সময়
অতিবাহিত কৰিছোঁ। কিন্তু মনত ৰখা ভাল যে আনন্দ উৎসৱ সহজতেই আয়োজন কৰিব পৰা যায়।
কিন্তু কালিলৈ আমি যেতিয়া ঘৰাঘৰি গুছি যাম, যেতিয়া দৈনন্দিন ৰুটিন মাফিক জীৱন পুনৰ
আৰম্ভ হ’ব, তেতিয়া? তেতিয়া কি হ’ব? পৰিবর্তনৰ এই ফল্গুধাৰা তেতিয়াও অব্যাহত
থাকিবনে? মই নিবিছাৰোঁ যে নিয়ম মাফিক জীৱন অতিবাহিত কৰি বৃদ্ধ বয়সত তোমালোকে
বর্তমান সময়খিনিৰ মিঠা স্মৃতি ৰোমন্থন কৰি ক’বা-“আমি তৰুণ আছিলোঁ আৰু সেয়া এক মধুৰ
সময় আছিল”। বৰঞ্ছ মই বিছাৰোঁ যে তোমালোকে এই কথা হৃদয়াঙ্গম কৰা যে বিকল্প কল্পনা কৰিবলৈ
আমাৰ শকতি আছে। পৰম্পৰাগত ধ্যান-ধাৰণা বোৰ ভাগি পৰাৰ পাছত আমি হয়তো সকলো পাহৰি সুখৰ
জীৱন অতিবাহিত কৰিব নোৱাৰিম। আমাৰ সমুখত এতিয়াও এটা দীর্ঘ-যাত্রাপথ বাকী আছে। হেজাৰটা জটিল প্রশ্নৰ এতিয়াও উত্তৰ বিছাৰিবলৈ বাকী
আছে। আমি জানোঁ যে নব্য-উদাৰবাদী পুঁজিবাদ আমাৰ কাম্য নহয়। কিন্তু তেনেহ’লে আমাৰ
কাম্য কি?কেনেধৰনৰ সমাজ ব্যৱস্থাই পুঁজিবাদৰ সীমা অতিক্রম কৰিব পাৰিব?কেনেধৰণৰ
নতুন নেতৃত্ব আমাৰ কাম্য হ’ব?
মনত ৰখা ভাল যে দুর্নীতি অথবা ক্ষমতালিপ্সা আমাৰ
মূল সমস্যা নহয়। বৰঞ্চ বর্তমানৰ সামগ্রিক ব্যৱস্থাটোৱেই হৈছে সকলো সমস্যাৰ মূল
উৎস। ইয়েই দুর্নীতিৰো প্রতিপালণ কৰে। এইক্ষেত্রত আমি আমাৰ তথাকথিত বন্ধুসকলৰ প্রতিও সাৱধান হোৱা উচিত
হ’ব। এই সংস্কাৰকামী অংশটোৱে আমাৰ সামগ্রিক প্রতিবাদী প্রক্রিয়াটোক নিস্তেজ কৰিবলৈ
অহৰহ চেষ্টা চলাই আছে। যেনেদৰে আজিকালি কেফেইনহীন কফি, এলকহ’লবিহীন বীয়েৰ অথবা
মেদহীন আইচক্রীম তৈয়াৰ কৰা হয়, ঠিক তেনেদৰেই আমাৰ প্রতিবাদী কার্য্যসূচীখনকো এই
শক্তিসমূহে ৰক্তহীন এক নিস্তেজ ৰুপ দিয়াৰ চেষ্টা কৰিছে। সিবিলাকৰ বিপৰীতে আজি এই
প্রতিবাদস্থলীত আমাৰ উপস্থিতিৰ অর্থই হৈছে যে এনে তেজ-হীন সংস্কাৰকামী উদ্যোগলৈ
আমি অকণো সন্তুষ্ট হ’ব নোৱাৰো।এই যে ক’কা-ক’লাৰ এটা এটা কেন ৰিচাইকল কৰাৰ বিনিময়ত দৰিদ্রজনক
এক পইছাকৈ দিয়া হয়, অথবা প্রতিকাপ স্টাৰবাক কফিৰ বিক্রিৰ বিনিময়ত তৃতীয় বিশ্বৰ
পুষ্টিহীন শিশুসকলক আয়ৰ এক শতাংশ দান কৰা হয়, এই যাতীয় ভণ্ড মানব-প্রীতিৰ দিন
উকলিছে। কাম আৰু নির্যাতনৰ আউট-চর্চিং হোৱাৰ পাছত,বিবাহ সংস্থাসমূহৰ দ্বাৰা আমাৰ
প্রেম-জীৱনৰ আউট-চর্চিং হোৱাৰ পাছত, আমি এতিয়া লক্ষ্য কৰিছো যে আমাৰ ৰাজনৈতিক
কার্য্যকলাপ, চিন্তাচর্চা আৰু ব্যস্ততা সমুহৰো আউট-চর্চিং হোৱা আৰম্ভ হৈছে! আমি এই
ৰাজনৈতিক আউট-চর্চিংৰ অৱসান বিছাৰিছোঁ।


খ্রিষ্ট্ৰীয়ানিটিৰ গইনা লৈ একাংশ মতান্ধ সংৰক্ষণশীল
লোকে ক’ব খোজে-আমি হেনো প্রকৃত আমেৰিকান নহয়।কিন্তু আমি সিহঁতক প্রশ্ন কৰিব খোজোঁ-তোমালোকে
বাৰু খ্রিষ্ট্ৰীয়ানিটিৰ প্রকৃত অর্থ জানানে? খ্রিষ্ট্ৰীয়ানিটিৰ অর্থ হৈছে-হ’লি
স্পিৰিট অথবা পবিত্র আত্মা। এই পবিত্র আত্মা বাস কৰে এনে এক বিশ্বাসীৰ সম্প্রদায়ৰ
হৃদয়ত যি আপোন ইচ্ছা আৰু দায়িত্ববোধেৰে পৰস্পৰৰ প্রতি মৰমেৰে আবদ্ধ ।এই অর্থত আজিৰ
এই প্রতিবাদীসকলৰ হৃদয়ত হ’লি স্পিৰিট বিদ্যমান। আৰু সৌ সিপাৰে ৱাল ষ্ট্রীটত
খ্রিষ্টবিৰোধী পাপীহঁতে পিশাচ সাধনাত মত্ত হৈছে। সিহঁতৰ নিপাত অনিবার্য্য। তাৰ
বাবে আমি মাত্র ধৈর্য্য ধৰিব পাৰিব লাগিব।
কেৱল এটা বিষয় লৈয়েই মই শঙ্কিত।মই নিবিছাৰোঁ যে
ইয়াৰ পৰা ঘূৰি যোৱাৰ পাছত নিয়ম মাফিক জীৱন অতিবাহিত কৰি মাজে সময়ে আমি ইজনে সিজনক
লগ পাম আৰু বীয়েৰৰ সোৱাদ লৈ স্মৃতি ৰোমন্থন কৰি কম-“সেয়াযে কিমান সুন্দৰ সময় আছিল!”
তোমালোকে মোক প্রতিশ্রুতি দিয়া যে আমি এনে হবলৈ
নিদিওঁ। আমি জানো যে মানুহে প্রায়েই মনৰ ইচ্ছাসমূহ বাস্তৱিকতে পাবলৈ ভয় কৰে। তোমালোকে কিন্তু ভয় নকৰিবা। হৃদয়ৰ সকলো সপোন বাস্তৱায়িত কৰিবলৈ
মন ডাঠি লোৱাঁ।
________________________
অনুবাদঃ ময়ূৰ চেতিয়া
Great Initiative...I am so glad that you have taken up this task.
ReplyDeleteযিকোনো সন্মানজন লিখা লিখোতে সিহঁতি বা সিহঁত ব্যৱহাৰ কৰিব নালাগে । সদায় তেওঁলোক বা তেখেতসকল ব্যৱহাৰ কৰিব লাগে ।
ReplyDeleteআপোনালোকৰ এই প্ৰচেষ্টাক শলাগিছো ।
দেৱব্ৰত গগৈ
প্রৱন্ধটোত যাক সিহঁত বুলি কোৱা হৈছে তেওঁলোক সন্মীনীয় ব্যক্তি নহয় ।
DeleteThis comment has been removed by a blog administrator.
ReplyDeleteখুব ভাল কাম আৰম্ভ কৰিছে আপোনালোকে। এয়া অতিকে কৰিবলগীয়া কাম, আপোনালোকে আৰম্ভ নকৰিলেও আন কোনোবাই কৰিবই লাগিলহেঁতেঁন। শুভেচ্ছা থাকিল। সাধ্যানুসাৰে সহযোগিতা কৰিবলৈও আমি ইচ্ছুক। ভাষাটোত অৱশ্যে আৰু অলপ মনোযোগ দিয়া প্ৰয়োজন।
ReplyDeleteধন্যবাদ। সদ্যহতে অসমীয়া ভাষাত সততে উপলব্ধ নোহোৱা কেতবোৰ বাওঁপন্থী কিতাপ-পত্র অনুবাদ কৰাৰ কথা ভাবি থকা হৈছে। চোভিয়েট ইউনিয়নৰ আমোলত ইতিমধ্যে যিবোৰ কিতাপ অনুবাদ হৈছিলেও, সেইবোৰৰ ক্ষেত্রতো প্রায়েই দেখা যায় যে খাৰাংখাচকৈ অনুবাদ কৰাৰ ফলত পাঠকৰ বাবে কথাবোৰ দুর্বোধ্য হৈ পৰে। আপুনিও অনুবাদৰ ক্ষেত্রত যদি ইচ্ছুক, আমি নিশ্চয় একেলগে কাম কৰিব পাৰিম। জনাবচোন। ভাষাটোৰ ভুল-সংক্রান্তি খিনি বিতংকৈ আঙুলিয়াই দিলে বৰ আনন্দ পাম। আমাক আচলতে সমালোচনা কৰা ব্যক্তিয়েই আটাইতকৈ বেছি দৰকাৰ।
Deleteবিঃ দ্রঃ এই ঠিকনাত আপুনি মেইল কৰিব পাৰে - mayurchetia@gmail.com
পঢ়ি ভাল লাগিছে।
ReplyDelete