Tuesday, January 8, 2013

নাগৰিক

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |


কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!


পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |


হীৰেন ভট্টাচাৰ্য
(ৰচনাৰ সময় – ১৯৬১)

No comments:

Post a Comment

মিচিচিপিৰ পৰা আন বহু নদীলৈকে: পল ৰবছনৰ সংগীত যাত্ৰা

লেখিকা - প্ৰা চী দেউৰী  ( সহযোগী অধ্যাপিকা , হংস ৰাজ মহাবিদ্যালয় , দিল্লী বিশ্ববিদ্যালয় ) অনুবাদ – ময়ূ ৰ চেতিয়া   নিগ্রো ভাই আমার...