Saturday, May 9, 2015

জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ

আজি কিছু বছৰৰ আগৰ কথাঃ দিল্লীৰ এটা গৱেষণা সংস্থাত শ্রমৰ ইতিহাস বিষয়ক এখন একাডেমিক চেমিনাৰ অনুষ্ঠিত হৈছে। বেছ ইলাহী কাৰবাৰ। দেশ বিদেশৰ পৰা পণ্ডিত মানুহ আহিছে। শ্রমিকৰ সংগ্রাম, শ্রমিক মানসৰ ‘মৰেল ইকনমি’, নাইটছ অৱ লেবাৰ... আদি বিভিন্ন বিষয় সম্পর্কে আলোচনা হৈছে। হঠাতে সকলোকে হচকিত কৰি এজন অশীতিপৰ বৃদ্ধ মানুহে এটা প্রস্তাৱ দিলেঃ “সাম্প্রতিক সময়ত ভাৰত চৰকাৰৰ শ্রম বিৰোধী নীতিসমূহক গৰিহনা দি চেমিনাৰখনে এটা প্রস্তাৱ গ্রহণ কৰিব লাগে!” ভালেমান লোক আচৰিত হ’ল; কিছুমানে সমর্থন কৰি হাতচাপৰি মাৰিলে। আয়োজকসকলৰ কিংকর্তব্যবিমূঢ় অৱস্থা। অৱশেষত প্রৱীণ ইতিহাসবিদ সব্যসাচী ভট্টাচার্যৰ হস্তক্ষেপতহে আয়োজকসকল সেইবাৰলৈ ৰক্ষা পৰিল। তেওঁ হাঁহি হাঁহি বৃদ্ধক কলে, “কমৰেড, আপোনাৰ বেদনা মই বুজিছোঁ। পিছে আমি উপায়বিহীন। এইখন একাডেমিক চেমিনাৰহে। ইয়াত পলিটিকেল ৰিজলুচন পাছ কৰাৰ ব্যৱস্থা নাই।”


একাডেমিক চেমিনাৰ আৰু পলিটিকেল এক্টিভিজিমৰ মাজত পার্থক্য বুজি নোপোৱা এই মানুহজনেই হৈছে অমলেন্দু গুহ। আজিৰ সময়ত বহুতো বুদ্ধিজীৱিয়েই বিদ্যায়তনিক গজদন্তমিনাৰত নিজকে সুৰক্ষিত কৰি লোৱাৰ বিপৰীতে অমলেন্দু গুহৰ বাবে প্রগতিশীল ইতিহাস লেখন আৰু প্রগতিশীল এক্টিভিজিমৰ মাজত কোনো চীনৰ প্রাচীৰ নাছিল। তেওঁৰ লেখনীসমূহৰ পাতে পাতে ইয়াৰ প্রমাণ দেখিবলৈ পোৱা যায়। শ্রমিক আন্দোলনৰ কেৱল ইতিহাস লিখিলেইতো নহব; আজিৰ সময়ৰ শ্রমিক আন্দোলনসমূহত সক্রিয়ভাৱে বৰঙনিও যোগাব লাগিব; লাগে প্লেটফর্ম যিয়েই নহওঁক কিয়! Once a partisan, always a partisan! চল্লিছ আৰু পঞ্চাছৰ দশকত কমিউনিজমৰ শিক্ষা গ্রহণ কৰা গুহৰ বাবে সি আছিল সৰল সত্য; আজি একাডেমিয়াৰ মাজতে জীৱন পাত কৰা বহুতৰ বাবে সি হৈছে ইডিঅ’চিংক্রেচী।


যোৱা সাত মে তাৰিখে গুৱাহাটীৰ নিজা বাসভৱনত এইজনা মহান ইতিহাসবিদে শেষ নিশ্বাস ত্যাগ কৰিলে।গুৱাহাটী মেডিকেল কলেজ, সাহিত্য সভা কার্যালয়, কমিউনিষ্ট পার্টি অফিচ তথা ইলোৰা বিজ্ঞান মঞ্চৰ কার্যালয়ত অসংখ্য গুনমুগ্ধই ইতিহাসবিদজনাক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে। মৃত্যুৰ পাছতো অমলেন্দু গুহই বৈজ্ঞানিক চিন্তাধাৰাৰ প্রতি থকা তেওঁৰ অগাধ বিশ্বাস প্রমাণ কৰি থৈ গল। ২০০৫ চনতেই তেওঁ উইলত লিখি থৈ গৈছিল যে তেওঁৰ মৃত্যুৰ পাছত দেহটো সৎকাৰ কৰাৰ পৰিবর্তে মেডিকেল গৱেষণাৰ কামত ব্যৱহাৰ কৰা হওঁক। তেওঁৰ ইচ্ছাৰ প্রতি সন্মান জনাই দেহটো গুৱাহাটী মেডিকেল কলেজত দান কৰা হল।

অমলেন্দু গুহৰ জন্ম হৈছিল ১৯২৮ চনৰ ৩০ জানুৱাৰীত, মণিপুৰৰ ৰাজধানী ইম্ফল চহৰত। মণিপুৰতে প্রাথমিক শিক্ষা লাভ কৰাৰ পাছত তেওঁ কিছুদিন গুৱাহাটীৰ কটন কলেজত শিক্ষা গ্রহণ কৰে আৰু পাছলৈ কলিকতাৰ প্রেছিডেঞ্চি কলেজৰ পৰা অর্থনীতি বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পাছত তেওঁ ১৯৪৮ চনত তেজপুৰৰ দৰং কলেজত অধ্যাপক হিচাপে কর্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ দিল্লী স্কুল অৱ ইকনমিক্স, পুণেৰ গোখালে ইনষ্টিটিউট, কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন চচিয়েল চাইঞ্চ(CSSS) আদি বিখ্যাত শিক্ষ্যানুষ্ঠানতো অধ্যাপনা কৰে। অৱশেষত ১৯৯০ চনত CSSSৰ পৰা তেওঁ অৱসৰ গ্রহণ কৰে।

গুহক ‘প্লেণ্টাৰছ ৰাজ টু স্বৰাজ’ৰ লেখক হিচাপেই বহুতে জানে। নিশ্চিতভাৱে ই গুহৰ সর্বোকৃষ্ট কৃতিসমূহৰ ভিতৰত এখন। গ্রন্থখন অসম বিধায়িনী সভাৰ এখন চমূ আৰু আমনিলগা তথ্যসর্বস্ব চৰকাৰী ইতিহাস হোৱাৰ কথা আছিল। ভাৰতীয় স্বাধীনতাৰ ২৫ বছৰ পূর্ণ হোৱাৰ উপলক্ষে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ইণ্ডিয়ান কাউঞ্চিল ফৰ হিষ্টৰিকেল ষ্টাডিজ(ICHR)ক অনুৰোধ কৰিছিল যে কেন্দ্রীয় তথা বিভিন্ন আঞ্চলিক বিধায়িনী সভাসমূহৰ একোখনি ইতিহাস লিখা যাওঁক। ICHRৰ অধ্যক্ষ্য প্রগতিশীল ইতিহাসিবিদ ৰাম চৰণ শর্মাই অসম বিধায়িনী সভাৰ ইতিহাস লিখাৰ কামটো গুহৰ হাতত দিলে। গুহৰ অত্যুৎসাহৰ ফলত কিতাপখনত ঔপনিবেশিক অর্থনীতি, শ্রমিক আন্দোলন, কৃষক আন্দোলন আদি পর্যন্ত বিভিন্ন বিষয় অন্তর্ভুক্ত হৈ পৰিল! সেই চিৰিজটোৰ আন আন কিতাপসমূহৰ নাম পর্যন্ত আজি ৰাইজে পাহৰি গৈছে। আনহাতে গুহৰ কিতাপখনে এখন ক্লাছিকৰ মর্যাদা লাভ কৰিছে।

অমলেন্দু গুহৰ চৰম দুর্ভাগ্য যে তেওঁৰ প্রতিদ্বন্দীসকলে তেওঁৰ দৰে ব্যাপক আর্কাইভ ব্যৱহাৰ কৰাৰ প্রয়োজনীয়তা, ইতিহাস বিষয়ক সচেতন দার্শনিক দৃষ্টি বিকশিত কৰাৰ তাৎপর্য তথা প্রফেচনেলিজিমৰ গুৰুত্ব কেতিয়াও অনুভৱ নকৰিলে। ফলত তেওঁৰ যুক্তিসমূহৰ উত্তৰ দিবলৈ গৈ তেওঁলোকে প্রায়েই অতিশয় নিকৃষ্ট পন্থা অৱলম্বন কৰিলে। কোৱা হ’ল, তেওঁ হেনো বঙালী তথা কমিউনিষ্ট হোৱাৰ বাবেই অসমীয়া মধ্যবিত্ত নেতৃত্বক সমালোচনা কৰিছে। পিছে সেই একেধৰণৰ বঙালী মধ্যবিত্তৰ বিষয়ে গুহই কি কয় – সেয়া মহাশয়সকলে কেতিয়াও নুসুধিলে! সুধিবই বা কেনেকৈ? কমিউনিষ্টে যে কাকো তথাকথিত ‘স্বজ্ঞাতি’ৰ নামত সুদাই নেৰে, সেয়া তেওঁলোকৰ জনা আছিল!


গুহই কেৱল আধুনিক অসমৰ ইতিহাসেই লিখা নাই। লগতে অগণন ফীল্ডত তেওঁ হাত দিছেঃ আফগানিস্থানৰ আর্থিক ইতিহাস, ঔপনিবেশিকতাবাদৰ আমোলত গঢ় লৈ উঠা পার্চী ব্যৱসায়ীসকলৰ ঐতিহাসিক ভূমিকা, ভাৰতৰ জাতীয় প্রশ্ন, মোগল অর্থনীতি, ভাৰত মহাসাগৰীয় বাণিজ্য, ডাছ সাম্রাজ্যবাদ আদিকে ধৰি বিভিন্ন বিষয়ত তেওঁ চিন্তাকর্ষক বিশ্লেষণ আগবঢ়াইছে। সকলো বিষয়তে যে তেওঁ মৌলিক গৱেষণা কৰিছে, এনে নহয়; বহু সময়ত তেওঁ কোনো গ্রন্থ একোখনৰ ৰিভিউ কৰোঁতে কেতবোৰ অতিশয় উচ্চমানৰ অন্তদৃষ্টিৰ পৰিচয় দিছে। তৰুণ গৱেষকৰ বাবে তেওঁৰ এনে মন্তব্যসমূহ পাথেয়স্বৰূপ। 


ব্যক্তিগতভাৱে প্রাক ঔপনিবেশিক অসম বিষয়ক গুহৰ লেখনীসমূহ মোৰ অতিশয় প্রিয়। সিবিলাকৰ কিছুমান ‘Medieval and Early Colonial Assam’ শীর্ষক তেওঁৰ গ্রন্থখনত সন্নিবিষ্ট কৰা হৈছে। গুহৰ আগলৈকে আহোম ইতিহাস বুলিলেই ৰজা-মহাৰজা, সেনাপতি আদিৰ গুনানুকীর্তনকেই বুজা গৈছিল। পোন প্রথমবাৰৰ বাবেই গুহয়েই হয়তো বস্তুনিষ্ঠভাৱে আহোম যুগটোক চাবলৈ আমাক শিকালে। গুহৰ এটা প্রধান হাইপথেছিছ হৈছে – আহোম ৰাজতন্ত্রৰ অধীনত জনজাতীয় সমাজৰ পৰা সামন্তীয় সমাজলৈ উত্তৰণ ঘটাৰ ক্ষেত্রত উন্নত মানৰ শালি খেতিৰ প্রৱর্তনে বিশেষ ভূমিকা গ্রহণ কৰিছিল। এইক্ষেত্রত পূব এছিয়াৰ বিভিন্ন দেশ – যেনে বার্মা, ভিয়েটনাম, থাইলেণ্ড আদিৰ সামাজিক ব্যৱস্থাসমূহৰ সতে থকা আহোম অর্থনীতিৰ সাদৃশ্যৰ কথাও তেওঁ উল্লেখ কৰি গৈছে। পিছৰ কালৰ ইতিহাসবিদসকলে দর্শাইছে যে এই সমস্ত অঞ্চলটোত প্রাক ঔপনিবেশিক কালত মাটিৰ বিপৰীতে শ্রমৰ ওপৰতহে মূল নিয়ন্ত্রণ ৰখা হৈছিল। সেই হিচাপত আহোম যুগৰ ইতিহাস বুজিবলৈ হলে বংগ বা মোগল ব্যৱস্থাৰ বিপৰীতে পূব এছিয়াৰ দেশসমূহৰ তুলনাহে অধিক সার্থক হব। এই সমস্ত ক্ষেত্রখনত গুহৰ বাটকটীয়া ভূমিকা ৰাইজে স্বীকাৰ কৰি লৈছে। মোৱামৰীয়া বিদ্রোহৰ ধার্মিক দিশটোৰ সমান্তৰালভাৱে কৃষক বিদ্রোহৰ দিশটোও পোহৰলৈ অনাৰ ক্ষেত্রত গুহৰ অৱদান চিৰস্মৰণীয়।



প্রভাত পাটনায়কৰ মতে গুহৰ ‘The Indian National Question: A Conceptual Frame’ ৰছনাখনি ভাৰতীয় মার্ক্সবাদৰ অন্যতম শ্রেষ্ঠ কৃতি। এনে উচ্চ বাচ্য সম্পর্কে মোৰ সন্দেহ আছে। গুহই যি ভাৰতীয় দ্বৈত (এটা ৰাষ্ট্রীয় আৰু এটা আঞ্চলিক) চেতনাৰ কথা কৈছে – সি যে সদায়েই অটুট থাকিবই – তাৰ কোনো বস্তুনিষ্ঠ গেৰাণ্টী নাই। এইক্ষেত্রত ৰছনাখন স্তালিনৰ ‘জাতীয় প্রশ্ন’ৰ মেকানিকেল ভাৰতীয় অনুৰণণ যেনহে লাগে। পিছে এনে অক্ষমতাৰ মাজতো এই পুৰণা কমিউনিষ্টজনৰ এটা মানৱীয় দিশ লুকাই আছে। সেয়া হৈছে – চল্লিছ, পঞ্চাছৰ দশকত ৰাজনৈতিক চেতনা লাভ কৰা সাম্যবাদীবাদী একোজনৰ বাবে ভাৰতৰ অর্থ সম্পূর্ণ বেলেগ আছিল। ভাৰত হৈছে – বৃটিছৰ বিৰূদ্ধে একেলগে সংগ্রাম কৰি লাভ কৰা এটা ৰাজনৈতিক সত্তা। ভাৰত যে কেতিয়াবা আন কোনো ক্ষুদ্র জাতীয়সত্তাৰ অধিকাৰ খর্ব কৰা মেচিন হৈ পৰিবগৈ পাৰে, সেয়া তেওঁ ভাবিব পৰা নাছিল। ইমান কষ্টেৰে ঔপনিবেশিক শাসনৰ বিৰূদ্ধে সংগ্রাম কৰি লাভ কৰা ভাৰতীয় স্বাধীনতা তথা একতা ভাঙি পৰাটো যিকোনো স্বাধীনতা সংগ্রামীৰ বাবেই দুখৰ কথা আছিল। কিন্তু একে সময়তে তেওঁ ভাৰতীয় বুর্জোৱা শাসকসকলৰ অত্যাচাৰ সম্পর্কেও সচেতন আছিল। সেয়েহে গুহৰ বাবে উপস্থিত ভাৰতৰ এটাই বিকল্প হব পাৰেঃ সেয়া হৈছে শ্রমজীৱি জনগণৰ দ্বাৰা গঠিত এখন ৰঙা ভাৰত। চল্লিশৰ দশকত লিখা তেওঁৰেই এটা কবিতাৰ ভাষাতঃ


দেবে জান, তবু ধান দেবে না কিষাণ!

অর্ধনগ্ন মানুষের দখলি নিশান,
উড়বেই জেনো ঠিক হাজার বাগানে!
ভীষন নামবর বন প্রাণ পাবে গেরিলার গানে!
শত্রুর শিবিরে ঢুকে মাথা কাটা ভোলেনি নাগা-রা!
এখনও অকেজো নষ ডফলার বিষমাখা তীর!
শহীদ বীণার রক্ত নালিয়াপুলের ঘাসে আজও জেগে আছে,
উদ্বত শপথ আজও প্রতিশোধ খোজে !


এইজনা আজীৱন সাম্যবাদী, জনগণৰ ইতিহাসবিদ তথা জীৱনমুখী কবিলৈ শেষ শ্রদ্ধা জনালোঁ।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...