Sunday, July 26, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (চতুর্থ অংশ)

৪) সঞ্চয়ন আৰু সংকট

পূর্বৰ আন আন উৎপাদন প্রণালীৰ বিপৰীতে  পুঁজি সঞ্চয়ন(capital accumulation) হৈছে পুঁজিবাদৰ এটা অন্যতম বৈশিষ্টদাসব্যস্থা বা সামন্তবাদৰ অধীনত শোষকসকলে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা কুক্ষিগত কৰা অধিকাংশ উদ্বৃত্ত সামগ্রী শোষকসকলে খাই-বৈ উপভোগ কৰি সমাপ্ত কৰিছিল। উৎপাদন ক্ষেত্রখনত ব্যহাৰ মূল্য অধিক প্রভাশালী আছিল; উৎপাদনৰ লক্ষ্য আছিল - বস্তুৰ উপভোগ।

পিছে পুঁজিবাদৰ অধীনত ই সলনি হৈ পৰেশ্রমিকৰ পৰা শুহি উলিওৱা সৰহভাগ উদ্বৃত্তকে শাসকে চিধা উপভোগ নকৰেবৰঞ্চ সিবিলাকক পুণৰ উৎপাদনৰ কামত বিনিয়োগ কৰা হয়। এই যে প্রক্রিয়াটো – য’ত উদ্বৃত্ত মূল্যবোৰক  আৰু অধিক উদ্বৃত্ত মূল্য সৃষ্টি কৰিবলৈ পুণৰ বিনিয়োগ কৰা হয় – মার্ক্সে ইয়াক পুঁজি সঞ্চয়ন নাম দিছে। পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত মার্ক্সে লিখিছে – কেনেদৰে ইয়াৰ ফলত পুঁজিপতি শ্রেণীটোৰ মাজত ‘সংযম’ৰ মতাদর্শ এটি বিকশিত হয়; বুর্জোৱাক কোৱা হয় যে কেল উপভোগ কৰি সকলো সম্পদ উৰুৱাই নিদিবা! বৰং যিমান পাৰি সিমান উদ্বৃত্ত মূল্য বচাই ৰাখা যাতে ইয়াক পুণৰ বিনিয়োগ কৰিব পৰা যায়ঃ

Monday, July 20, 2015

নদীবান্ধৰ আপাহতঃ বিশেষজ্ঞৰ একাধিপত্যৰ বিৰূদ্ধে কিছু কথা

বৃহৎ নদীবান্ধ বিষয়ক আলোচনাসমূহত আমি মধ্যবিত্তীয় ৰাইজে আশা কৰোঁ যে প্রশ্নটোৰ এটা বৈজ্ঞানিক সমাধান হব লাগে। গতিকে বিভিন্ন বিশেষজ্ঞই ভিন ভিন কথা কলে আমি বিভ্রান্ত হওঁ। আমাৰ ধাৰণাঃ বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পর্কযুক্ত, সেয়েহে তাৰ বিশুদ্ধ বৈজ্ঞানিক উত্তৰ এটা ওলোৱাটো সম্ভৱপৰ। এই চিন্তাধাৰাৰ ফলস্বৰূপেই আমি অখিল গগৈ, হীৰেণ গোঁহাই, বান্ধৰ বিৰূদ্ধে সংগ্রাম কৰি থকা ৰাইজ আদিক গৰিহণা দিওঁ। বোলে বিশেষজ্ঞক মাত মাতিবলৈ দিয়কঃ আপোনালোক সাধাৰণ মানুহে নজনা বিষয় এটাত কিয় মাত মাতিছে?

এয়া এটা সম্পূর্ণভাৱে ভুল ধাৰণা। কিয়নো বান্ধৰ বিষয়টো কেৱল কোনো নির্মোহ বৈজ্ঞানিক চর্চাৰ বিষয় নহয়। ইয়াৰ লগত জড়িত হৈ আছে ব্যাপক সমাজৰ কথা, বহুলাংশ ৰাইজৰ জীৱিকাৰ কথা। অর্থাৎ ৰাজনীতি, ক্ষমতা সম্পর্ক এইবোৰ বিষয়ো ইয়াত জড়িত হৈ আছে। কোনোবাই যদি এইক্ষেত্রত কেৱল বিজ্ঞানৰ কথা কয়, বুজিব – সেয়া বিজ্ঞান নহয়, বৰং সি হৈছে ভুৱা বিজ্ঞান (scientism, not science)। প্রকৃত বিজ্ঞানে নিজৰ পৰিসৰ কেতিয়াও পাহৰি নাযায়।

Wednesday, July 15, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (তৃতীয় অংশ)

৩) প্রতিযোগিতা, দাম আৰু লাভ

পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোত পুঁজিবাদী উৎপাদন প্রক্রিয়া বিষয়ক বিশ্লেষণখিনি যথেষ্ঠ উচ্চ বিমূর্ত পর্যায়ত কৰা হৈছিল। মার্ক্সে সেই সময়ত ধৰি লৈছিল যে পণ্যৰ বিনিময় সিবিলাকত সুমাই থকা মূল্যৰ পৰিমাণ অনুসৰিয়েই হয়; অর্থাৎ পণ্য উৎপাদন কৰোঁতে খৰছ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ অনুপাত অনুসৰিয়েই হয়। পিছে প্রতিযোগিতাই কেনেধৰণৰ প্রভাৱ পেলায়, পণ্যৰ চাহিদা তথা যোগানে কেনেদৰে বজাৰ দাম নির্ধাৰণ কৰে, এইসমূহ দিশ মার্ক্সে তেতিয়ালৈকে এৰাই চলিছিল।

এই পদ্ধতিটো যুক্তিসংগত আছিল কিয়নো মার্ক্সে পুঁজিবাদী উৎপাদন প্রণালীৰ মূল বৈশিষ্ট্যসমূহ বুজিবলৈ যত্ন কৰিছিল আৰু কেনেদৰে সিবিলাকৰ উৎস উদ্বৃত্ত মূল্য আহৰণৰ মাজত পোৱা যায়, সেয়া দর্শাবলৈ চেষ্টা কৰিছিল। অর্থাৎ কোনো বিশেষ পুঁজিৰ বিপৰীতে মার্ক্সে ‘সাধাৰণ স্তৰত পুঁজিৰ বিশ্লেষণ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্বীকাৰ কৰি লৈছিল যে  এক উচ্চ পর্যায়ৰ বিমূর্তকৰণৰ দ্বাৰাহে ই সম্ভৱপৰ হৈছেঃ

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...