৪) সঞ্চয়ন আৰু সংকট
পূর্বৰ আন আন উৎপাদন প্রণালীৰ বিপৰীতে পুঁজি সঞ্চয়ন(capital accumulation) হৈছে পুঁজিবাদৰ এটা অন্যতম বৈশিষ্ট। দাসব্যৱস্থা বা
সামন্তবাদৰ অধীনত শোষকসকলে প্রত্যক্ষ্য উৎপাদনকর্তাৰ পৰা কুক্ষিগত কৰা অধিকাংশ
উদ্বৃত্ত সামগ্রী শোষকসকলে খাই-বৈ উপভোগ কৰি সমাপ্ত কৰিছিল। উৎপাদন ক্ষেত্রখনত ব্যৱহাৰ মূল্য অধিক
প্রভাৱশালী
আছিল; উৎপাদনৰ লক্ষ্য আছিল - বস্তুৰ উপভোগ।
পিছে পুঁজিবাদৰ অধীনত ই সলনি হৈ পৰে। শ্রমিকৰ
পৰা শুহি উলিওৱা সৰহভাগ
উদ্বৃত্তকে শাসকে চিধা উপভোগ নকৰে। বৰঞ্চ সিবিলাকক পুণৰ উৎপাদনৰ কামত
বিনিয়োগ কৰা হয়। এই যে প্রক্রিয়াটো – য’ত উদ্বৃত্ত মূল্যবোৰক আৰু অধিক উদ্বৃত্ত মূল্য সৃষ্টি কৰিবলৈ পুণৰ
বিনিয়োগ কৰা হয় – মার্ক্সে ইয়াক পুঁজি সঞ্চয়ন নাম দিছে। পুঁজি গ্রন্থখনিৰ প্রথম
খণ্ডটোত মার্ক্সে লিখিছে – কেনেদৰে ইয়াৰ ফলত পুঁজিপতি শ্রেণীটোৰ মাজত ‘সংযম’ৰ
মতাদর্শ এটি বিকশিত হয়; বুর্জোৱাক কোৱা হয় যে কেৱল উপভোগ কৰি সকলো সম্পদ উৰুৱাই নিদিবা! বৰং
যিমান পাৰি সিমান উদ্বৃত্ত মূল্য বচাই ৰাখা যাতে ইয়াক পুণৰ বিনিয়োগ কৰিব পৰা যায়ঃ
সঞ্চয়ন, সঞ্চয়ন! এয়াইতো স্বয়ং ঈশ্বৰ, ভগবান!
‘উদ্যোগে সামগ্রী প্রদান কৰে আৰু তাকে সাঁচি সঞ্চয়ন বৃদ্ধি কৰে’ [এয়া হৈছে আডাম
স্মিথৰ ভাষ্য]। সেয়েহে সাঁচা,
সাঁচা...যিমান পাৰি সিমান উদ্বৃত্ত মূল্য, উদ্বৃত্ত সামগ্রী পুঁজিলৈ পৰিণত কৰা! কেৱল সঞ্চয়নৰ বাবেই সঞ্চয়ন, কেৱল উৎপাদনৰ বাবেই উৎপাদনঃ এইটোৱেই হৈছে সেই ফর্মুলা যাৰ দ্বাৰা
ক্লাছিকেল অর্থনীতিবিদসকলে বুর্জোৱাৰ ঐতিহাসিক মিচন ঘোষণা কৰিছিল (C i 742) ।
মার্ক্সে লগতে এইবুলিও কৈছে – সঞ্চয়নৰ প্রতি এই ভোক
কোনো পুঁজিপতিবিশেষৰ ব্যক্তিগত লোভৰ বাবে সৃষ্টি হোৱা নাই। বুর্জোৱা পণ্ডিতৰ দৰে
আমি তাৰ কাৰণ ‘বস্তুৰ লেনদেনৰ প্রতি প্রতিশ্রুতিৱদ্ধ কোনো
প্রকৃতিপ্রদত্ত মানৱ চৰিত্র’ৰ মাজত বিচৰাৰ প্রয়োজন নাই। বৰং চিষ্টেমটোৱেই হৈছে এনেকুৱা যি পুঁজিপতিৰ
উদ্দেশ্য নির্ধাৰণ কৰেঃ
যিমান দূৰলৈকে পুঁজিপতিজনক পুঁজিৰ মূর্তৰূপ বুলি কব পাৰি, সিমানলৈকে তেওঁৰ মূল
উদ্দেশ্য ব্যৱহাৰ মূল্য হাছিল কৰা বা উপভোগ কৰা নহয়; বৰং তেওঁৰ
উদ্দেশ্য হৈছে বিনিময় মূল্য হাছিল কৰা, বৃদ্ধি কৰা... এইখিনিলৈকে কৃপনৰ সৈতে পুঁজিপতিৰ চৰিত্র মিলে; শয়নে সপোনে
কেৱল ধন ঘটাৰ কথায়েই দুয়োজনে ভাবে। কিন্তু কৃপনৰ ক্ষেত্রত যদি ই ব্যক্তিবিশেষৰ
দোষ/মেনিয়া যেন অনুভৱ হয়, পুঁজিপতিহঁতৰ ক্ষেত্রত কিন্তু এনে
ব্যৱহাৰ এটি বিশেষ সামাজিক কার্যপদ্ধতিৰ প্রভাৱ বুলি
কব পাৰি; ব্যক্তি এইক্ষেত্রত মেচিনৰ কলকব্জা মাথোঁ (C i 739) ।
এই ‘সামাজিক কার্যপদ্ধতি’টো আন একো নহয়, বৰং ‘বহুতো
পুঁজি’ৰ মাজত সৃষ্টি হোৱা প্রতিযোগিতা মাত্র। মার্ক্সৰ ভাষাত, ‘বিভিন্ন পুঁজিয়ে ইটো
সিটোৰ ওপৰত প্রভাৱ
বিস্তাৰ কৰি এনে এক পৰিস্থিতি সৃষ্টি কৰে যে আটাইবোৰেই পুঁজিৰ দৰে ব্যৱহাৰ কৰিবলৈ
বাধ্য হৈ পৰে’! সঞ্চয়নৰ ক্ষেত্রত ই বিশেষভাৱে সত্য। যি পুঁজিয়ে সংগৃহীত উদ্বৃত্ত
মূল্যৰ পুনঃবিনিয়োগ নকৰে সি আন আন পুঁজিৰ হাতত পৰাজিত হোৱাটো নিশ্চিত।
যিসমূহ পুঁজিয়ে উৎপাদনৰ উন্নত পদ্ধতিত খৰছ কৰিছে সিবিলাকে সস্তাতে পণ্য নির্মাণ কৰিৱ পাৰে আৰু
অন্যান্য পুঁজিতকৈ কম দামত পণ্য বেচিব পাৰে। যি পুঁজিয়ে সঞ্চয়ন কৰাত বিফল হয়, সি
দেউলীয়া হোৱাৰ পথেৰেই
আগবাঢ়ে।
‘বহুতো পুঁজি’ৰ মাজত অনুষ্ঠিত হোৱা প্রতিযোগিতাৰ
পৰা সঞ্চয়ন প্রক্রিয়াটোক পৃথক কৰিব নোৱাৰি; সঞ্চয়ন কোনো মসৃণ প্রক্রিয়াও নহয়। মার্ক্সে
লিখিছে যে সঞ্চয়ন প্রক্রিয়াটোৰ মাজেদিয়েই পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ পুনঃউৎপাদন
ঘটে। পুঁজিবাদী সমাজখন স্থবিৰ হৈ পৰিব যদিহে বাৰম্বাৰ উৎপাদনৰ পুণৰাবৃত্তি কৰা
নহয়; অর্থাৎ পুঁজিপতিয়ে বজাৰৰ দ্বাৰা আহৰণ কৰা মূল্যসমূহ পুণৰ উৎপাদনৰ ক্ষেত্রখনত
নিয়োগ কৰিছেনে নাই – এই প্রশ্নটো এইক্ষেত্রত অতিশয় গুৰুত্বপূর্ণ।
মার্ক্সে পুনঃউৎপাদনৰ দুটা ৰূপ চিহ্নিত কৰিছে। সাধাৰণ
পুনঃউৎপাদন আৰু সম্প্রসাৰিত পুনঃউৎপাদন। সাধাৰণ পুনঃউৎপাদনৰ অধীনত অর্থনীতিখনৰ
কোনো বিকাশ নঘটে, পূর্বৰ স্তৰতেই উৎপাদনৰ কাম সমাধা কৰা হয়। আনহাতে সম্প্রসাৰিত
পুনঃউৎপাদনৰ অধীনত উৎপাদন বৃদ্ধি কৰাৰ বাবে উদ্বৃত্ত সামগ্রী ব্যৱহাৰ কৰা হয়।
পুঁজিবাদৰ অধীনত সম্প্রসাৰিত পুনঃউৎপাদনেই হৈছে স্বাভাৱিক অৱস্থা। পুঁজিৰ
দ্বিতীয় খণ্ডটোত মার্ক্সে কেনেধৰণত পৰিস্থিতিত সাধাৰণ বা সম্প্রসাৰিত পুনঃউৎপাদন
সংঘটিত হয়, সেই বিষয়ে আলোচনা কৰিছে। তেওঁ দর্শাইছে যে এইক্ষেত্রত ব্যৱহাৰ মূল্যই এটা
বিশেষ ভূমিকা পালন কৰে। পুনঃউৎপাদন সংঘটিত হবলৈ হলে কেৱল শ্রম শক্তি আৰু
উৎপাদনৰ সঁজুলি কিনিব পৰাকৈ ধন থাকিলেই নহব। বৰং শ্রমিকক খুৱাব পৰাকৈ
পর্যাপ্ত উপভোক্তা সামগ্রী থাকিব লাগিব; ঠিক তেনেকৈয়ে পর্যাপ্ত পুঁজিগত সামগ্রী –
যেনে মেচিন, কেঁচামাল আদিও থাকিব লাগিব।
মার্ক্সে অর্থনীতিখনক দুটা ভাগত বিভক্ত কৰিছেঃ ১ নং বিভাগ
আৰু ২ নং বিভাগ। ১ নং বিভাগত উৎপাদনৰ সমল বা পুঁজিগত সামগ্রী তৈয়াৰ কৰা হয়; যেনে কেঁচা মাল প্রস্তুত কৰা খনি,
মেচিন নির্মাণ কৰা কাৰখানা আদি। ২ নং বিভাগত উপভোক্তা সামগ্রী নির্মাণ কৰা হয়,
যেনে খাদ্য, কাপোৰ আদি । মার্ক্সে দর্শাইছে যে সাধাৰণ বা
সম্প্রসাৰিত পুণঃউৎপাদন সম্ভৱপৰ হবলৈ হলে দুয়োটা বিভাগেই কোনো নির্দিষ্ট অনুপাতত
সামগ্রী নির্মাণ কৰিব লাগিব।
পিছে অর্থনীতিৰ বিভিন্ন খণ্ডৰ মাজত এনে ধৰণৰ অনুপাত
কোনো আঁচনি অনুসৰি নির্মাণ কৰা নহয়; বৰং ই হৈছে এক প্রকাৰৰ আকস্মিকতাৰ ফলাফল
মাত্র। পুঁজিপতিয়ে নিজৰ বাবে পণ্য নির্মাণ নকৰে, বৰং তেওঁ বজাৰত বিক্রী কৰিবলৈহে
উৎপাদন কৰে। পিছে যি সামগ্রী উৎপন্ন কৰা হৈছে সি বিক্রী যাব বা উপভোগ কৰা
হবই বুলি কোনো গেৰাণ্টী নাই। ই নির্ভৰ কৰিব সেই অনুপাতে অর্থনীতিখনত চাহিদা আছেনে
নাই। তদুপৰি কাৰোবাৰ প্রয়োজন থাকিলেই নহব, পণ্য ক্রয় কৰিব পৰাকৈ তেওঁৰ ওপৰত টকাও
থাকিব লাগিব। এই অর্থত প্রায়েই অর্থনীতিত চাহিদাৰ অভাৱ দেখা যায়। ইয়াৰ
ফলস্বৰূপে আর্থিক সংকট সৃষ্টি হয়। উদাহৰণস্বৰূপে, ধৰা হওঁক উৎপাদন সমল নির্মাণ কৰা
১ নং বিভাগৰ পুঁজিপতিহঁতে উদ্বৃত্ত মূল্যৰ হাৰ বৃদ্ধি কৰিবলৈ শ্রমিকৰ মজুৰী হ্রাস
কৰিলে। এই শ্রমিকসকলৰ তেতিয়া ক্রয়ক্ষমতা কমি যাব আৰু ফলত উপভোক্তা সামগ্রী নির্মাণ
কৰা ২ নং বিভাগৰ বিক্রীও হ্রাস হৈ পৰিব। বজাৰখন সৰু হৈ অহা দেখি ২ নং বিভাগৰ
পুঁজিপতিহঁতেও পণ্য নির্মাণ কৰা কমাই দিব; উদ্যোগৰ বাবে নতুন মেচিন, প্লাণ্ট আদি
ক্রয় কৰা বন্ধ কৰিব। ফলত মেচিন আদি নির্মাণ কৰা ১ নং বিভাগৰো বিক্রী কমি আহিব!
তেওঁলোকে হয়তো তাৰ প্রতিক্রিয়া হিচাপে এইবাৰ শ্রমিক চাটাই কৰিবলৈ আৰম্ভ কৰিব...উপভোক্তা
সামগ্রীৰ চাহিদা আৰু হ্রাস হব... তাকে দেখি ২ নং বিভাগেও শ্রমিক চাটাই কৰিব...অর্থাৎ
এইদৰেই চক্রটো চলি থাকিব! জন মেয়েৰ কেইনছে ১৯৩৬ চনত ‘General Theory of Employment,
Interest and Money’ গ্রন্থখনি প্রকাশ কৰাৰ পাছতহে বুর্জোৱা অর্থনীতিবিদসকলে এই প্রক্রিয়াটো বুজিব পাৰিলে। কিন্তু তাৰ বহু আগেয়েই মার্ক্সে
পুঁজিৰ দ্বিতীয় খণ্ডত এই বিশ্লেষণ কৰি থৈ গৈছিল।
পণ্যৰ চৰিত্রৰ মাজতেই আর্থিক সংকটৰ সম্ভাৱনা লুকাই থাকে।
মনত পেলাওঁক যে সাধাৰণ পণ্য প্রবাহে C-M-C (পণ্য-টকা-পণ্য) ৰূপ ধাৰণ কৰে। এটা
পণ্য বিক্রী কৰা হয় আৰু বিক্রীৰ টকাৰে কোনো নতুন পণ্য ক্রয় কৰা হয়। কিন্তু
এটা বিক্রয়ৰ পাছত আন এটা ক্রয় হব লাগিবই বুলিতো কোনো কথা নাই। বিক্রেতাই তেওঁৰ
পণ্যবিধ বেচাৰ পাছত আন কোনো পণ্য ক্রয় কৰাৰ সলনি টকাখিনি নিজৰ ওচৰতে সাঁচিওতো থব
পাৰে। পুঁজিপতিসকলে
প্রায়ে এইটো কামকে কৰে; হাতত টকা স্বত্তেও উপস্থিত লাভৰ হাৰ কম বুলি অনুভৱ কৰি তেওঁলোকে
বিনিয়োগ নকৰাকৈ থাকে। পুঁজিবাদী সমাজ এখনত এইদৰে পুঁজি বিনিয়োগ নোহোৱাকৈ থাকিলেই
পয়মালৰ সৃষ্টি হয়।
অর্থাৎ পুঁজিবাদী উৎপাদন পদ্ধতিৰ আঁচনিহীন চৰিত্রৰ
মাজতেই আর্থিক সংকটৰ উৎস লুকাই থাকে। মার্ক্সৰ ভাষাত, ‘উৎপাদনৰ স্বতস্ফুর্ত চৰিত্রৰ
বাবে ভাৰসাম্যমূলক স্থিতিও একোটাহঁত আকস্মিক
ফলাফল মাত্র বুলি কব পাৰি’(C
ii 499) । অৱশ্যে ইয়াৰ পৰা আমি মাত্র এইটোৱেই সিদ্ধান্ত
গ্রহণ কৰিব পাৰোঁ যে পুঁজিবাদৰ অধীনত সংকট সম্ভৱপৰ। কিন্তু
প্রকৃততে সংকটৰ কেনেকৈ সূত্রপাত হয়, সেয়া বুজিব খুজিলে আমি সঞ্চয়ন প্রক্রিয়াটোৰ চৰিত্রৰ
প্রতি মন দিব লাগিব।
আর্থিক সংকটৰ বিশ্লেষণ কৰোঁতে মার্ক্সে ‘লাভৰ হাৰ
নিম্নগামী হোৱাৰ প্রৱণতা’ৰ কথা
উল্লেখ কৰিছে। মার্ক্সৰ ভাষাত, ‘ই হৈছে সকলো দিশৰে পৰাই আধুনিক ৰাজনৈতিক অর্থনীতিৰ
আটাইতকৈ গুৰুত্বপূর্ণ বিধি; কঠিন সম্পর্কসমূহ বুজাৰ ক্ষেত্রতো ই আটাইতকৈ গুৰুত্বপূর্ণ
উপাদান বুলি কব পাৰি’ (Grundrisse,
p. 748)।
পুঁজিবাদৰ অধীনত লাভৰ হাৰ নিম্নগামী হোৱাটো এটা সাধাৰণ
প্রৱণতা
বুলি কব পাৰি। মার্ক্সে অর্থনীতিৰ কোনো বিশেষ অঞ্চল বা কোনো বিশেষ কালাবধিৰ
কথা কোৱা নাই।
বৰং সাধাৰণভাৱে,
সাধাৰণ পৰিস্থিতিৰ অধীনতেই লাভৰ হাৰ নিম্নগামী হোৱাৰ কথা কৈছে। লাভৰ
নিম্নগামী হাৰৰ কাৰণ হৈছে শ্রমৰ ক্রমবর্ধিত উৎপাদনশীলতা! মার্ক্সৰ ভাষাত, ‘পুঁজিবাদৰ
অধীনত লাভৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতাটোক শ্রমৰ সামাজিক উৎপাদনশীলতাৰ অহৰহ প্রগতিৰ সূচক
বুলি কব পাৰি’(C ii 212) ।
শ্রমৰ উৎপাদনশীলতা যিমানেই বৃদ্ধি হব, সিমানেই
অধিক মেচিন আৰু কেঁচামাল একোজন শ্রমিকে
প্রয়োগ কৰিব পাৰিব। অর্থাৎ অস্থায়ী পুঁজিৰ বিপৰীতে স্থায়ী পুঁজিৰ অনুপাত বৃদ্ধি
হব। সাধাৰণ ভাষাত কবলৈ গলে শ্রম শক্তিৰ তুলনাত মেচিন, কেঁচামাল আদিৰ অনুপাত বৃদ্ধি
হব ।মূল্যৰ ৰূপত চাবলৈ গলে পুঁজিৰ জৈৱিক গঠন উচ্চ পর্যায়ৰ হব। আমি আগতেই উল্লেখ কৰিছো যে
যিহেতু শ্রম শক্তিয়েই হৈছে উদ্বৃত্ত মূল্যৰ উৎস, সেয়েহে পুঁজিৰ জৈৱিক গঠন উচ্চ
পর্যায়ৰ হোৱাৰ
অর্থ হৈছে - লাভৰ হাৰ নিম্নগামী হব। অর্থাৎ উৎপাদনশীলতা বৃদ্ধিৰ লগে লগেই লাভৰ হাৰো
নিম্নগামী হৈ পৰে।
পিছে এয়াই যদি সত্য হয়, তেনেহলে পুঁজিপতিসকলেনো কিয় উৎপাদনশীলতা
বৃদ্ধি কৰিব বিচাৰে? কিয়নো তেওঁলোকে উৎপাদনশীলতা বৃদ্ধি কৰিব পৰাকৈ বিনিয়োগ কৰে?
আচলতে হ্রস্রকালীন দৃষ্টিৰে ইয়াৰ পৰা পুঁজিপতিৰ লাভ হয় আৰু দীর্ঘকালীন দৃষ্টিৰে
চাবলৈ গলে – প্রতিযোগিতাৰ ফলত পুঁজিপতিয়ে এনে কৰিবলৈ বাধ্য হৈ পৰে। মনত
পেলাওঁক যে পণ্য একোটাত নিহিত হৈ থকা প্রকৃত শ্রমখিনি – অর্থাৎ তাৰ ব্যক্তিগত
মূল্য – সামাজিক মূল্যতকৈ পৃথক হব পাৰে। কিয়নো সামাজিক বা সামাজিক মূল্য নির্ধাৰণ
হয় উদ্যোগৰ নির্দিষ্ট শাখা একোটাৰ উৎপাদনৰ গড় স্থিতিৰ দ্বাৰা। ধৰা
হওঁক পুঁজিপতি এজনে নতুন প্রযুক্তি ব্যৱহাৰ কৰি তেওঁৰ ফেক্টৰীটোত নিযুক্ত
শ্রমিকসকলৰ উৎপাদনশীলতা উদ্যোগৰ সেই বিশেষ শাখাটোৰ গড় উৎপাদনশীলতাতকৈ বৃদ্ধি কৰিলে।
ফলত তেওঁৰ পণ্যসমূহত সোমাই থকা শ্রম অর্থাৎ সিবিলাকৰ ব্যক্তিগত মূল্য উদ্যোগৰ সেই
চেক্টৰটোৰ সামাজিক মূল্যতকৈ হ্রাস হৈ পৰিল। এতিয়া পুঁজিপতিজনে তেওঁৰ পণ্যসমূহক
সিবিলাকৰ সামাজিক মূল্যতকৈ কম দামত (তথা সিবিলাকৰ ব্যক্তিগত মূল্যতকৈ অধিক দামত)
বেচিব পাৰিব! ফলত তেওঁৰ বিক্রীও আন আন পুঁজিপতিৰ তুলনাত বৃদ্ধি হব আৰু এইদৰেই তেওঁ
কিছু অতিৰিক্ত লাভো আর্জন কৰিব পাৰিব।
পিছে এনে স্থিতি দীর্ঘদিনলৈ বর্তি নাথাকে। অন্যান্য
পুঁজিপতিসকলেও অচিৰেই আমাৰ পুঁজিপতিজনৰ দৰেই নতুন প্রযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ
কৰিব। অন্যথাই তেওঁলোকৰ বজাৰখন আমাৰ
পুঁজিপতিজনে দখল কৰি পেলাব। এইদৰে সকলোৱেই নতুন প্রযুক্তি ব্যৱহাৰ কৰাৰ ফলত
পণ্যবিধৰ সামাজিক মূল্যও হ্রাস হৈ পৰিব আৰু এসময়ত সি আমাৰ পুঁজিপতিজনৰ পণ্যৰ
ব্যক্তিগত মূল্যৰ সমান হৈ পৰিব। ফলত তেওঁ আদিতে লাভ কৰা সুবিধাখিনিৰো অন্ত পৰিব।
এইদৰেই প্রতিযোগিতাৰ হেঁচাৰ ফলত পুঁজিয়ে নিত্য নতুন
প্রযুক্তি ব্যৱহাৰ কৰিবলৈ
বাধ্য হৈ পৰে আৰু ফলত শ্রমৰ উৎপাদনশীলতাৰো অহৰহ প্রগতি ঘটে। মার্ক্সে লিখিছে,
‘শ্রম সময়ৰ দ্বাৰা মূল্যৰ নির্ধাৰণে... প্রতিযোগিতাৰ বলপূর্বক আইনৰ ৰূপত ক্রিয়া কৰে’(C i 436)। মার্ক্সে
লগতে কৈছে, ‘পুঁজিপতি একোজন মূল্য নির্ধাৰণ
নীতিৰ প্রতি কেৱল এটা অর্থতে আগ্রহী হয়...সেয়া হৈছে ...এই নীতিয়ে
তেওঁৰ পণ্য উৎপাদনৰ খৰছ বৃদ্ধি বা হ্রাস কৰে আৰু এইদৰেই তেওঁক মাজে সময়ে কিছু
বিশেষ সুবিধা প্রদান কৰে’ (C iii 873)। পুঁজিপতি
একোজনে কেৱল এটা
কাৰণতেই শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰে; কিয়নো তাৰ দ্বাৰাই তেওঁ প্রতিদ্বন্দ্বীক
ঘটুৱাব পাৰে। ফলত
শেহত গৈ সকলো পুঁজিয়েই মূল্য নীতি মানি লবলৈ বাধ্য হৈ পৰে আৰু চবেই শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰে।
বিভিন্ন পুঁজিপতিৰ এনে ব্যক্তিগত-স্বার্থ পৰিচালিত
কার্যৰ ফলত উদ্বৃত্ত মূল্যৰ পৰিমাণ বৃদ্ধি হয়; কিন্তু লগতে ই লাভৰ সাধাৰণ হাৰো
তললৈ নমাই আনে।
কোনো পুঁজিপতিয়েই ইচ্ছাকৃতভাৱে উৎপাদনৰ নতুন পদ্ধতি প্রয়োগ নকৰে - যদি ই লাভৰ হাৰ
নিম্নগামী কৰে - তেহেলৈ তেওঁ যিমানেই উদ্যোগী নহওঁক কিয়, বা ই যিমানেই উদ্বৃত্ত
মূল্যৰ হাৰ বৃদ্ধি নকৰক কিয়। কিন্তু তথাপিও এনে প্রতিটো নতুন পদ্ধতিয়ে পণ্যসমূহ
সস্তা কৰি পেলায়। গতিকে পুঁজিপতিজনে প্রথমে পণ্যসমূহক সিবিলাকৰ উৎপাদন দামতকৈ বা
হয়তো সিবিলাকৰ মূল্যতকৈ ঊর্ধত বিক্রী কৰে। পুঁজিপতিজনে আন আন পুঁজিপতিৰ উচ্চ উৎপাদন ব্যয় আৰু
এই অনুসৰি নির্ধাৰিত বজাৰ মূল্যৰ মাজৰ অংশখিনি পকেটস্থ কৰে [কিয়নো তেওঁৰযে উৎপাদন
ব্যয় কম]। তেওঁ এনে কৰিবলৈ সক্ষম কিয়নো গড় মানতকৈ তেওঁৰ উৎপাদন পদ্ধতি উচ্চমানৰ। পিছে
প্রতিযোগিতাই এনে উচ্চমানৰ উৎপাদন পদ্ধতিক অতি সোনকালেই সার্বজনীন কৰি পেলায় আৰু
ফলত পুণৰ সিবিলাক সাধাৰণ নিয়মসমূহৰ অন্তর্গত হৈ পৰে। ফলত লাভৰ হাৰ নিম্নগামী হৈ পৰে –প্রথমে
ই উৎপাদনৰ ক্ষেত্রখনৰ পৰা আৰম্ভ হৈ পাছত অন্যান্য ক্ষেত্রসমূহৰ সতে সংগতি লাভ কৰে আৰু এইদৰেই ই পুঁজিপতিৰ
ইচ্ছা-অনিচ্ছাৰ পৰা স্বাধীন হৈ পৰে (C iii
264-265)।
লাভৰ হাৰ নিম্নগামী হোৱা এই প্রৱণতাটোৱে আচলতে
পুঁজিবাদী সমাজৰ এটা বিশেষ দ্বন্দ্বকেই প্রতিফলিত কৰে। সেয়া
হৈছেঃ ‘এটা বিশেষ বিন্দুৰ পাছত, উৎপাদন
শক্তিৰ বিকাশ পুঁজিৰ বাবে হেঙাৰ হবলৈ আৰম্ভ কৰে। গতিকেই শ্রমৰ উৎপাদন শক্তিৰ বিকাশৰ পথতো
পুঁজি-সম্পর্কসমূহ হেঙাৰ হৈ পৰে’(Grundrisse, p. 749) । শ্রমৰ উচ্চ উৎপাদনশীলতা –যি প্রকৃতিৰ ওপৰত
মানুহৰ বর্ধিত শক্তিকেই প্রতিফলিত কৰে-ই পুঁজিবাদী উৎপাদন সম্পর্কসমূহৰ অধীনত
‘পুঁজিৰ উচ্চগামী জৈৱিক গঠন’ৰ ৰূপ ধাৰণ কৰে; অর্থাৎ ই লাভৰ নিম্নগামী হাৰৰ ৰূপ
ধাৰণ কৰে। এই প্রক্রিয়াটোৱেই আর্থিক সংকট জন্ম দিয়ে। ‘সমাজৰ উৎপাদনশীল বিকাশ আৰু
উপস্থিত উৎপাদন সম্পর্কৰ বর্ধিত সংঘাতে আন্তর্বিৰোধ, সংকট আৰু হেন্দোলনিৰ ৰূপ ধাৰণ
কৰে’ (Grundrisse, p. 749)।
অৱশ্যে ‘লাভৰ নিম্নগামী হাৰ’ মার্ক্সৰ বিশ্লেষণৰ আৰম্ভণি
বিন্দুহে মাত্র; পুঁজিবাদী সংকট বিষয়ক আলোচনাসমূহত তেওঁ তাৰ বিৰোধী শক্তিসমূহকো
চিহ্নিত কৰিছে। তেওঁ লিখিছে, ‘প্রতিদ্বন্দ্বী উপাদানসমূহৰ সক্রিয়তাৰ ফলত
[নিম্নগামী লাভৰ হাৰ বিষয়ক] সাধাৰণ বিধিটো মাথো এটি প্রৱণতালৈ পৰিণত হয়’। ফলত ‘বিধিটোৰ
সামগ্রিক প্রভাৱ
দুর্বল আৰু বাধাগ্রস্থ হৈ পৰে’ (C iii 232, 235) ।
উদাহৰণস্বৰূপে, পুঁজিৰ জৈৱিক গঠন বৃদ্ধি
হোৱাৰ
অর্থ হৈছে – এতিয়া পূর্বৰ তুলনাত কম সংখ্যক শ্রমিকেই উৎপাদন কার্য সমাপন কৰিব পাৰিব।
ফলত অতিৰিক্ত শ্রমিকসকলক এতিয়া মালিকে কামৰ পৰা খেদিব পাৰিব। আচলতে উৎপাদনৰ পৰা
শ্রমিকৰ অহৰহ চাটাই পুঁজি সঞ্চয়ন প্রক্রিয়াটোৰে অংশবিশেষ মাত্র। ইয়াৰ ফলতেই
‘আপেক্ষিক জনসংখ্যাধিক্য’ সৃষ্টি হয়। মন কৰক যে মালথুছ আদিয়েও অত্যাধিক জনসংখ্যাৰ
কথা উল্লেখ কৰে। তেওঁলোকৰ মতে খাদ্যৰ বৃদ্ধিতকৈ জনসংখ্যা বৃদ্ধি অধিক বেগেৰে
হয়। কিন্তু মার্ক্সৰ মতে সমস্যা জনসংখ্যা নহয়, বৰং পুঁজিবাদহে। আপেক্ষিক
জনসংখ্যাধিক্য হৈছে পুঁজিবাদী ব্যৱস্থাটোৰ অংশবিশেষ। পুঁজিবাদী অর্থনীতিখনে এই চাটাই
হোৱা নিবনুৱা শ্রমিকসকলৰ পৰাই এটি ‘ঔদ্যোগিক সংৰক্ষিত বাহিনী’ নির্মাণ কৰে যি সঞ্চয়ন
প্রক্রিয়াটোত এটা বিশেষ ভূমিকা পালন কৰে। উদ্যোগৰ নতুন ক্ষেত্রসমূহত এই সংৰক্ষিত
বাহিনীৰ পৰাই ইচ্ছা অনুসৰি শ্রমিক নিযুক্ত কৰিব পৰা যায় তথা এই বাহিনীৰ উপস্থিতিয়ে
মজুৰী অত্যাধিক বৃদ্ধি হোৱাত বাধা প্রদান কৰে।
অন্যান্য পণ্যৰ দৰেই শ্রম শক্তিৰো একোটাহঁত মূল্য
তথা দাম থাকে। মূল্য হৈছে পণ্যবিধ উৎপাদন কৰোঁতে খৰছ হোৱা শ্রম সময়।
আনহাতে দাম হৈছে পণ্যবিধ কিনোতে প্রদান টকাৰ পৰিমাণ। শ্রম শক্তিৰ দাম হৈছে মজুৰী আৰু
অন্যান্য দামৰ দৰেই মজুৰীৰ পৰিমাণো যোগান আৰু চাহিদাৰ পৰিবর্তন অনুসৰি সলনি হৈ
থাকে। ঔদ্যোগিক সংৰক্ষিত বাহিনীৰ উপস্থিতিৰ ফলত শ্রম শক্তিৰ দাম তাৰ মূল্যতকৈ অধিক
হব নোৱাৰে। কিয়নো
চাটাই হোৱা শ্রমিক একোজনৰ ঠাই লব পৰাকৈ সহস্র নিবনুৱা শ্রমিক ইতিমধ্যেই উপস্থিত থাকে। মার্ক্সে
লিখিছে ‘মজুৰীৰ উঠা নমা সম্পূর্ণভাৱে ঔদ্যোগিক সংৰক্ষিত বাহিনীৰ আকাৰৰ ওপৰত নির্ভৰ কৰে’
(C i 790) । অর্থাৎ সংৰক্ষিত বাহিনীৰ আকাৰ সৰু হলে
মজুৰী বৃদ্ধি হব; আনহাতে সংৰক্ষিত বাহিনী ডাঙৰ হলে মজুৰীও কম হব।
অৱশ্যে তাৰ অর্থ এইটো নহয় যে মার্ক্সে ‘মজুৰীৰ লৌহ
আইন’ৰ ওপৰত বিশ্বাস কৰিছিল। ‘মজুৰীৰ লৌহ আইন’ মতে মজুৰীৰ পৰিমাণ জীৱিকাৰ বাবে
প্রয়োজনীয় নূন্যতম ধনতকৈ অধিক হবই নোৱাৰে। ‘গথা কার্যসূচীৰ সমালোচনা’ত মার্ক্সে
লিখিছে যে আচলতে এনে ধৰণৰ তথাকথিত আইনে মালথুছৰ জনসংখ্যা বিষয়ক তত্ত্বসমূহৰ ওপৰতেই
ভৰসা কৰে আৰু গতিকেই সিবিলাক বিভ্রান্তিমূলক। আমি ইতিমধ্যেই আলোচনা কৰি আহিছো যে যে
কেনেদৰে পুঁজিবাদে অহৰহ শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰে। ইয়াৰ
ফলত পণ্যসমূহৰ মূল্য অহৰহ কমি আহে। শ্রম শক্তিও হৈছে এবিধ পণ্য আৰু আন আন পণ্যৰ দৰেই
তাৰ মূল্যও অহৰহ হ্রাসমান হয়। উপভোক্তা সামগ্রীৰ নিম্নগামী মূল্যৰ অর্থ হৈছে –
শ্রম শক্তিৰ মূল্য হ্রাস হলেও শ্রমিকৰ ক্রয় শক্তি একেই থাকিব পাৰে, আনকি বৃদ্ধিও
হব পাৰে। গতিকে পৰম অর্থত, শ্রমিকৰ জীৱন স্থিতি
ভাললৈও আহিব পাৰে। কিন্তু আপেক্ষিক অর্থত, শ্রমিকৰ অৱস্থা অধোগামী
হৈছে কিয়নো উদ্বৃত্ত মূল্যৰ হাৰ বৃদ্ধি হৈছে আৰু মুঠ শ্রমৰ ভিতৰত শ্রমিকৰ অংশখিনি
কমি আহিছে।
ঔদ্যোগিক সংৰক্ষিত বাহিনীৰ উপস্থিতিয়ে পুঁজিপতিৰ অৱস্থান
শক্তিশালী কৰে আৰু সহজতে উদ্বৃত্ত মূল্যৰ হাৰ বৃদ্ধি কৰাত তেওঁক সহায় কৰে। যদি
মুঠ পুঁজিৰ পৰিমাণ একেই হৈ ৰয়, তেনেহলে লাভৰ হাৰ বৃদ্ধি হব। এনেদৰেই অত্যাধিক
শোষণে লাভৰ হাৰ হ্রাস হোৱাত বাধা প্রদান কৰে।
শোষণৰ হাৰ বৃদ্ধি কৰিলে অৱশ্যে আন আন
কেতবোৰ প্রতিক্রিয়াও হয়। যদি শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰি এইফেৰা কাম সমাধা কৰা
হয়, তেতিয়া পুঁজিৰ জৈৱিক গঠনো উচ্চগামী হব আৰু ফলত এইক্ষেত্রত উদ্বৃত্ত মূল্যৰ
উচ্চ হাৰৰ অর্থ হব যে লাভৰ হাৰ হ্রাসমান হৈ পৰিছে! মার্ক্সে বিশ্বাস কৰিছিল যে লাভ
হাৰৰ প্রৱণতাৰ
ক্ষেত্রত সাধাৰণতেই এনে পৰিস্থিতি সৃষ্টি হয়। শ্রমিকে উচ্চ মজুৰী লাভ কৰি আর্থিক
সংকট সৃষ্টি কৰাৰ সম্ভাৱনা তেওঁ সদায়েই নাকচ কৰিছিলঃ
লাভৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতাটো উদ্বৃত্ত মূল্যৰ হাৰ উচ্চগামী হোৱাৰ লগত সংযুক্ত হৈ থাকে...গতিকেই
মজুৰী বৃদ্ধি হোৱাৰ ফলত লাভৰ হাৰ নিম্নগামী হৈছে বুলি কোৱাটো অর্থহীন কথা। অৱশ্যে ব্যতিক্রম নিশ্চয় থাকিব পাৰে। লাভৰ হাৰ
এইকাৰণে নিম্নগামী হয় কিয়নো শ্রমৰ উৎপাদনশীলতা বৃদ্ধি হৈছে...উদ্বৃত্ত মূল্য হাৰৰ
উত্থান আৰু লাভ হাৰৰ পতন – এই দুয়োটায়েই হৈছে একোবিধ নির্দিষ্ট ৰূপ যাৰ মাজেৰে
পুঁজিবাদৰ অধীনত শ্রমৰ বর্ধিত উৎপাদনশীলতাৰ প্রতিফলন ঘটে (C iii 240) ।
একেটা কথাকে আন এটা বিৰোধী প্রভাৱৰ ক্ষেত্রতো কব
পৰা যায়ঃ সেয়া হৈছে স্থায়ী পুঁজিৰ সস্তাকৰণ।
১ নং বিভাগে মেচিন, যন্ত্রপাতি আদি উৎপাদন সমলসমূহ নির্মাণ কৰে। এই
বিভাগটোৰ বর্ধিত উৎপাদনশীলতাৰ ফলত মেচিন, যন্ত্রপাতি আদিৰ মূল্য – অর্থাৎ স্থায়ী
পুঁজি গঠন কৰা উপাদানসমূহৰ মূল্য কমি আহেঃ
অস্থায়ী পুঁজিৰ তুলনাত স্থায়ী পুঁজিৰ অনুপাত বৃদ্ধি
হোৱাৰ
লগে লগেই শ্রমৰ উৎপাদনশীলতাও বৃদ্ধি হয়। কিন্তু ইয়াৰ ফলস্বৰূপে উপস্থিত স্থায়ী
পুঁজিৰ একাংশৰো মূল্য হ্রাস হৈ পৰে কিয়নো কোনো বস্তুৰ মূল্য তাৰ ওপৰত খৰছ কৰা আচল
শ্রম সময়খিনিৰ ওপৰত নির্ভৰ নকৰে, বৰং মূল্য নির্ভৰ কৰে – কিমানখিনি শ্রম সময় খৰছ কৰি
সেই বস্তুটো পুণৰ নির্মাণ কৰিব পৰা যায়; শ্রমৰ উৎপাদনশীলতা বৃদ্ধি পোৱাৰ লগে লগেই ই ক্রমশঃ কমি আহে।
[ধৰক আগতে চিলাই মেচিন এটা নির্মাণ কৰোঁতে ১০ ঘণ্টা লাগিছিল, এতিয়া সেইটো নির্মাণ
কৰোঁতে মাত্র ৫ ঘণ্টা লাগে। গতিকে মেচিনটোৰ মূল্য হ্রাস হৈ পৰিছে। অর্থাৎ স্থায়ী
পুঁজিৰ পৰিমাণগত অনুপাত বৃদ্ধি পালেও মূল্যৰ হিচাপত তাৰ অনুপাত অপৰিবর্তিত হৈয়ো ৰব
পাৰে, আনকি কমো কব পাৰে - অনুবাদক] (T SV ii 415-416)।
মার্ক্সৰ বহুতো সমালোচকৰ মতে – যাৰ ভিতৰত একাংশ
মার্ক্সবাদীও আছে – শ্রমৰ বর্ধিত উৎপাদনশীলতাই স্থায়ী পুঁজিৰ উপাদানখিনি সস্তা কৰি
পেলোৱাৰ
অর্থ হৈছে যে জৈৱিক গঠন
উচ্চগামী হোৱা নাই
আৰু ফলত লাভৰ হাৰো নিম্নগামী হোৱা নাই। যদিওবা উৎপাদন সমল আৰু শ্রম শক্তিৰ বাস্তৱিক অনুপাত
ভীষণভাৱে পৰিবর্তিত
হৈছে, শ্রম শক্তিৰ তুলনাত বহু বেছি নতুন মেচিন, প্রযুক্তি আদি ব্যৱহাৰ কৰা হৈছে,
তথাপিও মূল্যৰ অর্থত এই অনুপাত অপৰিবর্তনশীল হৈয়েই ৰৈছে কিয়নো মেচিন বেছিকৈ ব্যৱহাৰ কৰিলেও
সিবিলাকৰ মূল্য (সিবিলাকৰ নির্মাণত খৰছ হোৱা শ্রম সময়ৰ পৰিমাণ) কম হৈ পৰিছে। পিছে
এই সমালোচকসকলে এটা কথা মন নকৰেঃ যে পুঁজিপতিজনৰ দৃষ্টিৰে আচল কথাটো হৈছে – তেওঁৰ অৰিজিনেল
বিনিয়োগটোৰ বাবে তেওঁ কিমানখিনি ৰিটার্ণ লাভ কৰিছে।
পুঁজিপতিজনে যন্ত্রপাতি, সা-সৰঞ্জাম আদিবোৰ সিবিলাকৰ
অৰিজিনেল মূল্যত ক্রয় কৰিছিল। যদিও এতিয়া সিবিলাকৰ মূল্য কমি গৈছে, এই কথাটোৱে পুঁজিপতিজনক
কোনো সকাহ নিদিয়ে। কিয়নো তেওঁ প্রথমতে খৰছ কৰা টকাখিনিৰ বিনিময়তেই যথোপযুক্ত লাভ
আহৰণ কৰিব লাগিব। এতিয়া সেই একেখিনি সৰঞ্জামৰ মূল্য কমি যোৱাৰ কথাটোৰ সতে
তেওঁৰ বিনিয়োগৰ ৰিটার্ণৰ কোনো সম্পর্ক নাই! তেওঁ যন্ত্রপাতিবোৰৰ পূর্বৰ মূল্যৰ
ভিত্তিতেই পর্যাপ্ত লাভ আহৰণ কৰিব পাৰিব লাগিব।
সি যি কি নহওঁক, এতিয়া আর্থিক সংকট সম্পর্কে কিছু
কথা আলোচনা কৰা যাওঁক।
আর্থিক সংকটৰ জৰিয়তেই স্থায়ী পুঁজিৰ মূল্য ‘সিবিলাকৰ
উৎপাদনত খৰছ হোৱা আচল
শ্রম সময়খিনি’ৰ বিপৰীতে ‘এতিয়া সিবিলাকৰ পুণৰ উৎপাদনত কিমান শ্রম সময় খৰছ হব’ তাৰ
ভিত্তিত নকৈ গঢ়া হয়। বিভিন্ন কাৰকৰ ফলত আর্থিক সংকট আৰম্ভ হব পাৰে। কোনো
গুৰুত্বপূর্ণ কেঁচামালৰ মূল্য হঠাতে বৃদ্ধি হলে সংকট সৃষ্টি হব পাৰেঃ যেনে ১৯৭৩-৭৪
সময়ছোৱাত তেলৰ
দাম চাৰিগুণ বেছি বৃদ্ধি পোৱাত আর্থিক সংকট সৃষ্টি হৈছিল। প্রায়েই বিত্তীয় ব্যৱস্থাটোৰ কোনো
বিঘটনৰ মাজেদি আর্থিক সংকটে প্রাৰম্ভিক
গতি লাভ কৰেঃ যেনে ধৰক কোনো বৃহৎ বেংক এটা দেউলীয়া হৈ গৈছে অথবা কোনোবা ষ্টক
মার্কেটৰ পতন ঘটিছে। মার্ক্সে পুঁজি গ্রন্থখনিৰ তৃতীয় খণ্ডটোত বিস্তৰভাবে আলোচনা কৰিছে
যে কেনেদৰে উচ্চ বিকশিত ক্রেডিট ব্যৱস্থা একোটাই
আর্থিক সংকট ৰুদ্ধ তথা সৃষ্টি কৰাত বিশেষ ভূমিকা পালন কৰে! কিন্তু সংকটৰ তাৎক্ষণিক
কাৰণ যিয়েই নহওঁক কিয়, তাৰ গুৰিতে সদায়েই লাভ হাৰৰ নিম্নগামী প্রৱণতা তথা তাৰ বিৰোধী
শক্তিসমূহৰ সক্রিয়তা দেখিবলৈ পোৱা যাব।
আমি পূর্বেই আলোচনা কৰিছোঁ যে কিদৰে পণ্য বিক্রী কৰাৰ
পাছত সেই ধনেৰে নতুন কোনো পণ্য লগে লগেই কিনিব লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই। অর্থাৎ C-M চক্রটো আৰম্ভ হলে সি অৱশ্যম্ভৱীভাৱেই M-C ৰ ৰূপত সমাপ্ত হব বুলি কোনো কথা নাই। পণ্য ক্রয় কৰি লাভ কথা ধনখিনি কোনো
নতুন পণ্য ক্রয় কৰাৰ বিপৰীতে সাঁচিও ৰখা যাব পাৰে। আর্থিক সংকটৰ সময়ত ঠিক এনে এটা
প্রক্রিয়াই ব্যাপক স্তৰত সংঘটিত হয়। পণ্য নিকিনাকৈ ধন সাঁচি ৰখা হয়। বৃহৎ পৰিমাণৰ
পণ্য বিক্রী নোহোৱাকৈয়ে
পৰি ৰয়।
অন্যান্য উৎপাদন পদ্ধতিৰ সতে পুঁজিবাদৰ পার্থক্যখিনি
ইয়াতে ওলাই পৰে। দাস ব্যৱস্থা বা সামন্তবাদৰ অধীনত সংকট সৃষ্টি হৈছিল খরাং বতৰৰ
বাবে, উৎপাদন ভালকৈ নোহোৱাৰ বাবে, সামগ্রীৰ নাটনিৰ বাবে। সীমিত সম্পদৰ দ্বাৰা সকলোকে
খুউৱাটো
সম্ভৱপৰ
নাছিল। পিছে পুঁজিবাদী সংকটসমূহ কম উৎপাদনৰ বাবে সৃষ্টি নহয়; বৰং পুঁজিবাদী সংকট
সৃষ্টি হয় অতি-উৎপাদনৰ বাবে!
অৱশ্যে এইখিনিতে এটা কথা মন কৰা ভাল। অতি উৎপাদন মানে ৰাইজৰ
প্রয়োজনতকৈ অধিক পণ্য উৎপাদনৰ কথা বুজোৱা হোৱা নাই। বৰং
পুঁজিপতিৰ বাবে অতি-উৎপাদন তেতিয়াই সৃষ্টি হয় যেতিয়া তেওঁ লাভ অটুট ৰাখি একোটা
নির্দিষ্ট দামত পণ্য বেচিব নোৱৰা হয়। উদাহৰণস্বৰূপে পশ্চিমীয়া দেশসমূহত বিয়াগোম পৰিমাণে
খাদ্যশস্য উৎপাদন কৰা হয় কিন্তু সিবিলাকক কিনিব কৰিব পৰাকৈ তৃতীয় বিশ্বৰ অধিকাংশ
জনগণৰে ক্রয় ক্ষমতা নাথাকে। বস্তাই বস্তাই খাদ্য সামগ্রী সাগৰত পেলাই নষ্ট কৰি
পেলোৱা হয়
যাতে চাহিদাৰ বিপৰীতে সিবিলাকৰ যোগান অত্যাধিক হৈ দাম নিম্নগামী হৈ নপৰে। আনহাতে
তৃতীয় বিশ্বৰ কোটি কোটি ক্ষুধার্ত জনতাই অনাহাৰে আধাপেটিকৈ দিন অতিবাহিত কৰিব লগা
হয়।
আর্থিক সংকট যিহেতু পুঁজি সঞ্চয়ন প্রক্রিয়াটোৰ
আভ্যন্তৰীণ দ্বন্দ্বৰ ফলতেই সৃষ্টি হয়, সেয়েহে ‘সংকটে সদায়েই বিভিন্ন উপস্থিত
দ্বন্দ্বৰ ক্ষণিক তথা বলপূর্বক সমাধান
প্রদান কৰে’ (C iii 249) । পুঁজিৰ
অৱমূল্যায়নৰ
জৰিয়তে এনে সমাধান বিচাৰি পোৱা হয়। বজাৰৰ পতনে বহুতো পুঁজিকে কর্মহীন কৰি পেলায়।
বৃহৎ পৰিমাণে পুঁজিৰ বিনাশ ঘটে।
পুঁজিৰ বিনাশে কেতিয়াবা আক্ষৰিক ৰূপ ধাৰণ কৰে – যেনে
মেচিন যন্ত্রপাতি আদিৰ কাম নোহোৱা হৈ সিবিলাকত
মামৰে খাবলৈ ধৰে, বিক্রয় বন্ধ হৈ যোৱাৰ ফলত বস্তাই বস্তাই পণ্যসামগ্রী গোদামত গেলি পছি
যায়, কিছুমান সামগ্রী আনকি জানি বুজিয়েই নষ্ট কৰি পেলোৱা হয়। কিন্তু
নিম্নগামী দামে উৎপাদন সমলৰ মূল্যও বহুপৰিমাণে নাশ কৰি পেলায়। ‘সংকটৰ জৰিয়তে পুঁজিৰ
বিনাশৰ অর্থ হৈছে সিবিলাকৰ মূল্য নিম্ন হৈ পৰা বা অৱমূল্যায়ন ঘটা
যাৰ ফলত সিবিলাকৰ পুণঃউৎপাদন প্রক্রিয়াটো আগৰ স্তৰতে আৰম্ভ হোৱা সম্ভৱপৰ নহয়’ (TSV ii 496)। এইদৰেই আর্থিক সংকটৰ জৰিয়তে স্থায়ী পুঁজিৰ
মূল্য ‘সিবিলাকৰ উৎপাদনত খৰছ হোৱা আচল শ্রম সময়খিনি’ৰ বিপৰীতে ‘এতিয়া সিবিলাকৰ পুণৰ
উৎপাদনত কিমান শ্রম সময় খৰছ হব’ তাৰ ভিত্তিত নকৈ মূল্যায়ন কৰা হয়। এইদৰেই পুঁজিৰ
জৈৱিক
গঠনো হ্রাস কৰা হয় আৰু ফলত লাভৰ হাৰ পুণৰ বৃদ্ধি হয়। আন কথাত, সংকটে পুঁজিক পুণৰ
লাভজনকভাৱে বিনিয়োগ কৰিব পৰাকৈ পুণঃসংগঠিত কৰে, এক নতুন পৰিস্থিতি নির্মাণ কৰেঃ
উপস্থিত পুঁজিৰ সাময়িক অৱমূল্যায়ন - যাৰা দ্বাৰা লাভ হাৰৰ নিম্নগামী গতিক
নিয়ন্ত্রণ কৰা হয় আৰু নতুন পুঁজি গঠন কৰি পুঁজি সঞ্চয়ন প্রক্রিয়াটোক পুণৰ সক্রিয় কৰি
তোলা হয়- ই পুঁজি প্রবহন আৰু পুণঃউৎপাদন
চালু কৰি ৰখা পুৰণা স্থিতিটোক বিঘ্নিত কৰিবলৈ
আৰম্ভ কৰে; ফলত উৎপাদন প্রক্রিয়াটোত গতিৰোধ আৰু সংকট সৃষ্টি হয়(C iii 249)।
লাভ হাৰৰ নিম্নমুখী যাত্রাক বাধা দিয়াৰ অন্যান্য
পদ্ধতিও আর্থিক সংকটৰ মাজত বিকশিত হোৱা দেখা যায়। মার্ক্সে লিখিছে যে ‘সংকটৰ পৃষ্ঠভূমি
সদায়েই তৈয়াৰ কৰে এনে এছোৱা সময়ে...যেতিয়া মজুৰী সামগ্রিকভাবে বৃদ্ধি হয় আৰু
শ্রমিক শ্রেণীয়ে উপভোগৰ বাবে নির্মিত বার্ষিক সামগ্রীটোৰ এটা সৰহ অংশ লাভ কৰে (C ii 414-415)। কথাটো
হৈছে এনেকুৱাঃ আর্থিক
সমৃদ্ধিৰ সময়ছোৱাত বহুতো
পণ্যৰ নাটনিয়ে দেখা দিয়ে কিয়নো সিবিলাকৰ সন্ধানত অসংখ্য পুঁজিয়ে অগা দেৱা কৰি ফুৰে। সিবিলাকৰ
প্রয়োগৰ দ্বাৰাই পুঁজিয়ে বজাৰ দখল অভিযানত নামিব পাৰে। এনে
এটি পণ্য হৈছে শ্রম শক্তি। আর্থিক বিকাশৰ গতি যিমানেই বৃদ্ধি হয়, সিমানেই ঔদ্যোগিক
সংৰক্ষিত বাহিনীৰ আকাৰ সৰু হবলৈ ধৰে আৰু শ্রমিকৰ যোগান, বিশেষকৈ দক্ষ শ্রমিকৰ
যোগান কম হবলৈ ধৰে। শ্রমিকৰ দৰ-ভাও কৰিব পৰাৰ ক্ষমতা বৃদ্ধি হয় আৰু ফলত
তেওঁলোকে শ্রম শক্তিৰ বাবে অধিক দাম দাবী কৰিব পাৰে। ফলত মজুৰীৰ হাৰ বৃদ্ধি হয়। আনহাতে আর্থিক মন্দাৱস্থাৰ কালত
নিবনুৱা সমস্যা বৃদ্ধি হয় আৰু ফলস্বৰূপে শ্রমিকৰ দৰ-ভাও কৰাৰ ক্ষমতাও কমি আহে। ইয়াৰে সুযোগ
লৈ নিয়োগকর্তাই মজুৰী হ্রাস কৰে আৰু যিসকল শ্রমিক এতিয়াও চাকৰিত নিযুক্ত হৈ আছে,
তেওঁলোকৰ কর্মপৰিস্থিতি শোচনীয় কৰি তোলে। কম দামত অধিক কাম কৰিবলৈ হেঁচা দিয়া হয়।
অর্থাৎ সংকট হৈছে
এনে এছোৱা কাল, যেতিয়া পুঁজিবাদী ব্যৱস্থাটোক পুনর্গঠন কৰা হয়, তাক নতুন ৰূপ দিয়া হয় যাতে লাভৰ
হাৰে এনে এটা পর্যায় পুণৰ লাভ কৰে, য’ত বিনিয়োগ পুণৰ সম্ভৱপৰ হৈ পৰে। পিছে
সকলো পুঁজিপতিয়েই এই প্রক্রিয়াটোৰ পৰা লাভাম্বিত নহয়। দুর্বল আৰু অদক্ষ ফার্মসমূহ,
যাৰ অধিকাংশ যন্ত্র-পাতি পুৰণাবিধৰ – সিবিলাক দেউলীয়া হব লগা হয়। আনহাতে দক্ষ আৰু
শক্তিশালী ফার্মসমূহ ৰক্ষা পৰে, মন্দাৱস্থাৰ পাছত সিহঁত আনকি পূর্বতকৈ শক্তিশালীও হৈ পৰে। সিহতে
এতিয়া সহজতে দাম কম হৈ পৰা মাটি তথা অন্যান্য উৎপাদন সমল কিনিবলৈ সক্ষম হয় আৰু
সিঁহতে শ্রমিকসকলৰ ওপৰতো নতুন শ্রম প্রক্রিয়া জাপি দিয়ে যাতে উদ্বৃত্ত মূল্যৰ হাৰ
বৃদ্ধি কৰিব পৰা যায়।
সেয়েহে মার্ক্সে লিখিছে যে সংকটে পুঁজিৰ কেন্দ্রীকৰণ
আৰু পুঞ্জীভূতকৰণ প্রক্রিয়াত বিশেষ অৰিহণা যোগায়। উদ্বৃত্ত মূল্য সঞ্চয়ন কৰি কৰি
যেতিয়া পুঁজিৰ আকাৰ বৃদ্ধি পায়, তাক পুঁজিৰ পুঞ্জীভূতকৰণ বোলা হয়। আনহাতে বৃহৎ
পুঁজিয়ে যেতিয়া ক্ষুদ্র পুঁজিক নিজৰ ভিতৰত সমাহিত কৰে, তাক পুঁজিৰ কেন্দ্রীকৰণ
বুলি কোৱা হয়।
প্রতিযোগিতাৰ প্রক্রিয়াটোৱেই এই প্রৱণতাসমূহক সাৰ পানী যোগায়; অধিক দক্ষ
ফার্মসমূহে আন আন ফার্মক প্রতিযোগিতাত হৰুৱাই নিজৰ ভিতৰত সমাহিত কৰি লয়। কিন্তু আর্থিক মন্দাৱস্থাই এই
প্রক্রিয়াটোক আৰু ক্ষীপ্র কৰি তোলে; ই বাচি থকা পুঁজিবোৰক সস্তাতে উৎপাদন সমল কিনি
লবলৈ সুযোগ উলিয়াই দিয়ে। গতিকেই পুঁজি একোটাৰ বর্ধিত আকাৰ সঞ্চয়ন প্রক্রিয়াটোৰেই অৱশ্যম্ভৱী ফলাফল মাত্র।
মার্ক্সে লিখিছে, ‘আধুনিক উদ্যোগৰ পথটোৱে এটা চক্রৰ ৰূপ
ধাৰণ কৰে...প্রথমে মজলীয়া গতি, তাৰ পাছত উচ্চ চাপৰ উৎপাদন, সংকট আৰু শেহত মন্দাৱস্থা...এই
সকলোবোৰৰ মাজে মাজে সৰু সুৰা জোকাৰনি’ (C i 785) । মন্দাৱস্থা আৰু
সমৃদ্ধি, পুণৰ মন্দাৱস্থা তাৰ পাছত আকৌ সমৃদ্ধি – এয়া হৈছে পুঁজিবাদী অর্থনীতিৰ
অনন্য বৈশিষ্ট্য। ট্রটস্কীৰ ভাষাত, ‘'সংকট আৰু সমৃদ্ধিৰ মাজেৰেই পুঁজিবাদ জীয়াই
থাকে যেনেদৰে মানুহ জীয়াই থাকে উশাহ আৰু নিশাহৰ মাজেৰে। জন্মৰ
পৰাই সংকট আৰু সমৃদ্ধি পুঁজিবাদৰ অংশবিশেষ হৈ আহিছে আৰু মৃত্যু পর্যন্ত সিবিলাকে
পুঁজিবাদৰ লগ নেৰে’।
পুঁজি সঞ্চয়ন প্রক্রিয়াটোৰ মাজতে কেনেদৰে সংকট লুকাই
থাকে, এই বিষয়ে মার্ক্সে পুঁজি গ্রন্থখনত বহু উচ্চ বিমূর্ত পর্যায়ত বিশ্লেষণ কৰিছে।
অন্তিম অধ্যায়টোত আমি আলোচনা কৰিম যে কিদৰে ব্যৱস্থাটোৰ বয়স
বৃদ্ধি হোৱাৰ লগে
লগে পুঁজিৰ কেন্দ্রীকৰণ তথা পুঞ্জীভূতকৰণেও
কদাকাৰ ৰূপ গ্রহণ কৰে। ফলত লাভজনক সঞ্চয়নৰ পৰিস্থিতি পুণৰ ঘূৰাই
অনাৰ ক্ষেত্রত সংকটৰ পূর্বৰ সক্ষমতা হ্রাস হৈ পৰে। অৱশ্যে তথাপিও
সাম্প্রতিক পুঁজিবাদৰ কার্যপদ্ধতিসমূহ বুজাৰ ক্ষেত্রত পুঁজি গ্রন্থখনিকেই আধাৰ
হিচাপে লব লাগিব।
৬) কেতবোৰ সিদ্ধান্ত
পুঁজিবাদী উৎপাদন প্রণালীটোৰ কার্যপদ্ধতিয়ে সুন্দৰকৈ
প্রমাণিত কৰে যে বাস্তৱৰ চৰিত্র হৈছে দ্বন্দ্বমূলক; ব্যৱস্থাটোৰ বুকুৰ
মাজতেই দ্বন্দ্ব লুকাই আছে। এফালে প্রযুক্তিগত পৰিবর্তন তথা নতুন উৎপাদন পদ্ধতিৰ প্রচলন
পুঁজিৰ লজিকৰ পৰাই সৃষ্টি হয়। প্রতিযোগিতাৰ হেঁচাই পুঁজিপতিহঁতক অহৰহ উৎপাদনৰ
পদ্ধতি বিকশিত কৰি থাকিবলৈ বাধ্য কৰে। আনহাতে আকৌ উৎপাদিকা শক্তিৰ বিকাশৰ ফলত
সংকটো সৃষ্টি হয়। মার্ক্সে কমিউনিষ্ট মেনিফেষ্টোত লিখিছেঃ
বুর্জোৱাহঁতে উৎপাদন সমলসমূহৰ অহৰহ ৰূপান্তৰ সাধন নকৰাকৈ
অস্তিত্বমান হৈ থাকিব নোৱাৰে। এনেদৰেই উৎপাদন সম্পর্কবোৰৰো ৰূপান্তৰ সাধন হয় আৰু তাৰ লগে লগেই সমস্ত সমাজখনৰো
ৰূপান্তৰ সম্ভৱপৰ হয়। উৎপাদনৰ পুৰণি প্রণালীসমূহ বিশুদ্ধভাবে সংৰক্ষিত
কৰি ৰখাটো আগৰ কালৰ সকলো কাৰিকৰ শ্রেণীৰ অস্তিত্বৰ বাবে পূর্বচর্তৰ দৰে আছিল। পিছে
সিবিলাকৰ বিপৰীতে বুর্জোৱা যুগটোৰ বৈশিষ্ট হৈছে উৎপাদনৰ অহৰহ বৈপ্লৱীকৰণ, সকলো সামাজিক পৰিস্থিতিৰ মাজতে অহৰহ উখল মাখল, সর্বদা উপস্থিত অনিশ্চয়তা
তথা উদ্বেগ (CW
vi 487)।
পুঁজিবাদ আৰু তাৰ পূর্বৰ ব্যৱস্থাসমূহৰ
পার্থক্য উৎপাদন সম্পর্কসমূহৰ মাজতেই বিচাৰি পোৱা যায়ঃ
এনে সকলো সমাজতে – য’ত বিনিময় মূল্যৰ বিপৰীতে ব্যৱহাৰ
মূল্যহে বেছি প্রভাৱশালী, তাত উদ্বৃত্ত শ্রম কেতবোৰ সীমিত
প্রয়োজন পূর্ণ কৰাতে আৱদ্ধ থাকে; উদ্বৃত্ত শ্রমৰ বাবে কোনো সীমাহীন ভোক সৃষ্টি
নহয়; এই ভোক উৎপাদনৰ চৰিত্রৰ পৰাই নির্গত হয় (C i 345).
উদাহৰণস্বৰূপে সামন্ত প্রভু একোজনে বিলাসবহুল জীৱন উপভোগ কৰিব পৰাকৈ কৃষকৰ পৰা খাজনা পাই থাকিলেই সন্তুষ্ট হৈ থাকে; আন
কোনো কথা চিন্তা কৰিবলৈ তেওঁৰ প্রয়োজন নাই। পিছে পুঁজিপতিসকলৰ খক হৈছে সীমাহীন;
উদ্বৃত্ত শ্রমৰ বাবে তেওঁলোকৰ ভোক কেতিয়াও ক্ষান্ত নহয়। এই ভোক সৃষ্টি হয়
প্রতিদ্বন্দ্বী পুঁজিপতিসকলৰ বিপৰীতে অধিক উন্নত পদ্ধতিৰ দ্বাৰা পণ্য উৎপাদন কৰাৰ
প্রয়োজনীয়তাৰ পৰা। হয়তো পুঁজিপতিজনে প্রতিদ্বন্দ্বীসকলক প্রত্যাহবান জনাব, অন্যথাই তেওঁ ব্যৱসায়ৰ পৰা বহিষ্কৃত হব।
লাভ হাৰৰ নিম্নগামী প্রৱণতা বিষয়ক মার্ক্সৰ
আলোচনাখিনিৰ পৰা এটা কথা স্পষ্টকৈ ওলাই পৰে যে পুঁজিবাদেই সবাতোকৈ যুক্তিশীল
উৎপাদন ব্যৱস্থা
নহয়। বৰং ই হৈছে এবিধ ঐতিহাসিকভাৱে নির্মিত, সীমাৱদ্ধ তথা তথা
দ্বন্দ্বৰে জর্জৰ ব্যৱস্থা। এফালে উৎপাদিকা শক্তি বৃদ্ধি কৰিলেও আনফালে ই সিবিলাকৰ
অধিক বিকাশৰ ক্ষেত্রত হেঙাৰ হৈ থিয় দিয়ে। মার্ক্সৰ ভাষাত, ‘পুঁজিবাদী উৎপাদনৰ
সমুখত থকা আচল বাধা আন কোনো নহয়, বৰং সেয়া
হৈছে স্বয়ং পুঁজি’(C iii 250)। ‘পুঁজিৰ হিংস্র
বিনাশ...কোনো বাহ্যিক কাৰকৰ বিপৰীতে...তাৰ নিজৰ আত্মৰক্ষাৰ বাবেই প্রয়োজনীয়…এই
ৰূপতেই এদিন সি আঁতৰি যাব আৰু তাৰ ঠাইত সামাজিক উৎপাদনৰ এক উচ্চ অৱস্থাৰ জন্ম হব’
(G 749-750)।
অৱশ্যে বহুতো লোকে ভবাৰ বিপৰীতে, মার্ক্সে পুঁজিবাদী ব্যৱস্থাটোৰ
আর্থিক পতন স্বতঃস্ফুতভাবে হ’ব বুলি ভবা নাছিল। তেওঁ বাৰম্বাৰ লিখিছে ‘স্থায়ী সংকট
বোলা কোনো বস্তু নাই’(TSV ii 497n) । ‘সংকট হৈছে উপস্থিত দ্বন্দ্বসমূহৰ ক্ষণিক তথা বলপূর্বক সমাধান।’
কোনো আর্থিক সংকটেই ইমান গভীৰ নহয় - যাৰ পৰা থাওৰিব নোৱাৰি পুঁজিবাদ স্বয়ংক্রিয়ভাৱে
মৃত্যুমুখত পৰিব...যদিহে শ্রমিকসকল কর্মসংস্থাপনহীনতা, জীৱন স্থিতিৰ নিম্নগামিতা তথা শ্রম স্থিতিৰ শোচনীয় স্থিতিৰ ৰূপত
মূল্য ভৰিবলৈ প্রস্তুত হৈ থাকে। গতিকেই সংকটৰ ফলত ‘সামাজিক উৎপাদনৰ কোনো
উচ্চ ব্যৱস্থা’
গঠন হব নে নহব – এই কথাটো শ্রমিকৰ চেতনা তথা একচনৰ ওপৰত নির্ভৰ কৰিব।
No comments:
Post a Comment