Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
শ্রমিক শক্তি
মার্ক্সবাদৰ এটা অন্যতম প্রাথমিক প্রস্তাৱনা হৈছে যে পুঁজিবাদেই সাম্যবাদৰ বস্তুগত ভূমি নির্মাণ কৰে। পুঁজিবাদী উৎপাদন সম্পর্কই শ্রমৰ উৎপাদনশীলতা অতিপাত বৃদ্ধি কৰে কিন্তু একেসময়তে ই
উৎপাদিকা শক্তিৰ ভৱিষ্যত বিকাশৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিয়ে।
সমৃদ্ধি আৰু মন্দাৱস্থাৰ পুণৰাবৃত্তিৰে ভৰা উৎপাদনৰ এক বিৰাট চক্র
ইয়েই নির্মাণ কৰে।
কথাখিনি এনেকৈয়ো কব পৰা
যায়ঃ পুঁজিবাদে সাম্যবাদৰ নির্মাণ একেসময়তে সম্ভৱপৰ তথা বাঞ্ছনীয় কৰি তুলিছে। পুঁজিবাদে এনে এটি সামাজিক
শক্তি সৃষ্টি কৰিছে যি শেহত গৈ পুঁজিবাদৰে ধ্বংস মাতি আনিব আৰু শ্রেণীমুক্ত সমাজ
এখন নির্মাণ কৰিব। এই সামাজিক শক্তিটো হৈছে শ্রমিক শ্রেণী। মার্ক্স এংগেলছে
কমিউনিষ্ট মেনিফেষ্টোত এনেদৰে লিখিছেঃ
বুর্জোৱাৰ অস্তিত্ব আৰু শাসনৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে পুঁজিৰ গঠন আৰু বিকাশ।
আনহাতে পুঁজিৰ বাবে প্রয়োজনীয় উপাদানটো হৈছে মজুৰী শ্রম...উদ্যোগৰ বিকাশ তথা
প্রতিযোগিতাৰ ফলত শ্রমিকসকলৰ বিচ্ছিন্ন অৱস্থাৰ অৱসান ঘটে আৰু তাৰ ঠাইত শ্রমিকৰ সহযোগিতা গঢ় লৈ উঠে। আধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোৱাহঁতৰ ভৰিৰ তলৰ মাটি কাঢ়ি আনিছে...বুর্জোৱাহঁতে নিজৰে মৃত্যুদূত নির্মাণ কৰিছে। বুর্জোৱাৰ মৃত্যু আৰু সর্বহাৰাৰ বিজয় অৱশ্যাম্ভৱী (CW vi, 496)।
কিন্তু সেইবুলি
স্বয়ংক্রিয়ভাৱে পুঁজিবাদৰ পতন নঘটে। বৰং তাৰ বাবে শ্রমিক
শ্রেণীয়ে সংগঠন, বিপ্লৱী চেতনা তথা অনুশীলন গঢ়ি
তুলিব লাগিব। ১৮৭৯ চনত মার্ক্স-এংগেলছে তেওঁলোকৰ ৰাজনীতিৰ বিষয়ে এনেদৰে লিখিছেঃ
বিগত চল্লিশ বছৰ ধৰি
আমি কৈ আহিছোঁ যে শ্রেণী সংগ্রামেই হৈছে ইতিহাসৰ তাৎক্ষণিক চালিকা শক্তি আৰু
বুর্জোৱা তথা সর্বহাৰাৰ শ্রেণী সংগ্রাম হৈছে আধুনিক
সামাজিক বিপ্লৱৰ এডাল বৃহৎ বঠা। যেতিয়া আন্তর্জাতিক গঠন কৰা
হৈছিল, আমি তাৰ যুদ্ধ নিনাদ এনেদৰে তৈয়াৰ কৰিছিলোঃ ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে
নিজে মাতি আনিব লাগিব’ (SC, 327)।
শ্রমিকৰ স্ব-মুক্তি হৈছে
মার্ক্সৰ চিন্তনৰ অভিন্ন অংগ। হাল ড্রেপাৰে ‘সমাজবাদৰ দুটি আত্মা’ৰ কথা উল্লেখ কৰিছেঃ
‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ তথা ‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’। ‘ওপৰৰ পৰা জাপি দিয়া সমাজবাদ’ৰ মতে একাংশ প্রবুদ্ধ নেতাৰ কাৰুকার্যৰ
দ্বাৰাই সমাজবাদ নির্মিত হয়; এই নেতাসকলেই ৰাষ্ট্রখন নিয়ন্ত্রণ কৰে তথা শ্রমিকৰ হৈ
তেওঁলোকে ৰাষ্ট্রৰ কেতবোৰ সংস্কাৰ সাধন কৰে। সংস্কাৰবাদী বাওঁপন্থী
দলসমূহে সাধাৰণতে এনে নীতিৰ পোষকতা কৰে। তেওঁলোকৰ মতে সংসদৰ
বাওঁপন্থী সাংসদ বা পার্টিৰ নেতাসকলেই হৈছে পৰিবর্তনৰ মূল এজেণ্ট। কিন্তু মার্ক্সে
‘তলৰ পৰা নির্মাণ হোৱা সমাজবাদ’ৰহে পোষকতা কৰিছিল
– অর্থাৎ য’ত শ্রমিকসকলে স্ব-অনুশীলনৰ জৰিয়তে নিজেই নিজৰ মুক্তি মাতি আনিব।
পুঁজিবাদৰ মৃত্যুদূত
মার্ক্সে লিখিছে, ‘শ্রমিক
শ্রেণীৰ মুক্তিৰ পূর্বচর্ত হৈছে সকলো শ্রেণীৰে বিলুপ্তি সাধন” (CW vi, 212)। অর্থাৎ পুঁজিবাদী ব্যৱস্থাটো ওফৰাই পেলোৱাৰ পাছত কোনো নতুন শ্রেণী
সমাজ সৃষ্টি কৰা নহব। বৰং ই হব ভৱিষ্যত সাম্যবাদী সমাজ নির্মাণৰ প্রস্তুতিশালা, য’ত শেহত গৈ সকলো শ্রেণী সংঘাত
তথা শোষণৰে অৱসান ঘটিব।
শ্রমিক শ্রেণীয়েই শ্রেণী
সমাজৰ অৱসান ঘটাব পাৰিব। তাৰ কাৰণ হৈছে পুঁজিবাদী উৎপাদন
সম্পর্কবোৰৰ মাজত তেওঁলোকৰ বিশেষ অৱস্থান। পুঁজিবাদে এটা
‘সমূহীয়া শ্রমিক’ শক্তি নির্মাণ কৰে, বিভিন্ন বিচ্ছিন্ন শ্রমিকসকলক একেঠাইলৈ আনি ই
বৃহৎ উদ্যোগ-পাতি স্থাপন কৰে আৰু এইদৰেই সকলো শ্রমিককে ইজন সিজনৰ ওপৰত নির্ভৰশীল কৰি
তোলে। শ্রমিকে অকলশৰীয়াকৈ উৎপাদন কার্য সমাপন কৰিব নোৱাৰা হৈ পৰে। মার্ক্সে বিশ্বাস কৰিছিল যে পুঁজিবাদৰ বিকাশৰ লগে লগেই শ্রমিক একতাৰো উত্থান
ঘটিব আৰু এই একৱদ্ধ শক্তিয়েই পুঁজিবাদী শোষণৰ বিৰূদ্ধে সংগ্রাম
গঢ়ি তুলিবঃ
বৃহৎ উদ্যোগসমূহে একে ঠাইতে জনগণৰ বিৰাট ভীৰ পুঞ্জীভূত কৰে। প্রতিযোগিতাই তেওঁলোকক ইজন সিজনৰ পৰা বিচ্ছিন্ন কৰে। কিন্তু মজুৰী ৰক্ষাৰ বাবে তেওঁলোক মালিকৰ বিৰুদ্ধে একৱদ্ধ হৈ পৰে, এইদৰেই সমূহীয়া স্বার্থই তেওঁলোকৰ মাজত প্রতিৰোধী
চিন্তাধাৰা গঢ়ি তোলে। তেওঁলোক সংঘৱদ্ধ হয়। এই সংঘৱদ্ধতাৰ সদায়েই দুটা লক্ষ্য থাকেঃ
শ্রমিকৰ মাজত থকা প্রতিযোগিতাৰ অন্ত পেলোৱা যাতে তেওঁলোকে একগোট হৈ পুঁজিপতি বিৰোধী সার্বজনীন প্রতিযোগিতাত নামিব পাৰে। প্রতিৰোধৰ প্রথম লক্ষ্য হয় মজুৰী ৰক্ষা কৰা। কিন্তু শ্রমিকসকলক
দমন কৰিবলৈ লাহে লাহে বিভিন্ন পুঁজিপতিহঁত একৱদ্ধ হয় আৰু ফলত মজুৰীতকৈও শ্রমিকৰ সংঘটো ৰক্ষা কৰাটো
শ্রমিকসকলৰ বাবে বেছি জৰুৰী হৈ পৰে। ইংৰাজ অর্থনীতিবিদসকলে দেখি
বিচূর্তি খায় যে কিদৰে শ্রমিকসকলে সংঘ ৰক্ষাৰ বাবে মজুৰীৰো এক বৃহৎ অংশ ত্যাগ কৰিবলৈ
সাজু হৈ থাকে। এই সংগ্রামত – যাক গৃহযুদ্ধ বুলিয়েই কব পাৰি – তাত অনাগত যুদ্ধৰ
বাবে প্রয়োজনীয় সকলো উপাদান একগোট তথা
বিকশিত কৰা হয়। যেতিয়াই সংগ্রামে এই পর্যায় লাভ কৰে তেতিয়াই সংঘসমূহে ৰাজনৈতিক চৰিত্র
লাভ কৰে। আর্থিক পৰিস্থিতিয়ে জনগণৰ ভীৰসমূহক প্রথমে শ্রমিকলৈ ৰূপান্তৰিত
কৰে। পুঁজিৰ প্রভুত্বই এই ভীৰসমূহৰ বাবে এক উমৈহতীয়া স্থিতি
নির্মাণ কৰে অর্থাৎ এক সমূহীয়া স্বার্থ নির্মাণ কৰে। এই ভীৰসমূহক
সেয়েহে ইতিমধ্যেই পুঁজি বিৰোধী এটা শ্রেণী বুলি কব পাৰি; কিন্তু সি এতিয়ালৈকে
চেতনশীল শ্রেণীৰ ৰূপ লোৱা নাই। সংগ্রামৰ
বিভিন্ন স্তৰৰ মাজেৰে এই ভীৰসমূহ একৱদ্ধ হৈ পৰে আৰু নিজকে এটা চেতনশীল শ্রেণী হিচাপে সংগঠিত কৰে। শ্রমিকৰ সংঘসমূহে নিজৰ শ্রেণীস্বার্থ ৰক্ষা কৰিবলৈ সংগ্রাম
আৰম্ভ কৰে। কিন্তু শ্রেণীৰ বিৰূদ্ধে শ্রেণীৰ সংগ্রাম হৈছে ৰাজনৈতিক
সংগ্রাম (CW vi, 210–11)।
মার্ক্সে তেওঁৰ
যুগৰ অন্যান্য সমাজবাদীৰ দৰেই বিশ্বাস কৰিছিল যে প্রতিযোগিতাভিত্তিক পুঁজিবাদৰ
এটাই বিকল্প হব পাৰেঃ সেয়া হৈছে সমূহীয়া শ্রমিকৰ সমবায় তথা সহযোগভিত্তিক এক ব্যৱস্থা। সাম্যবাদ
হৈছে সমূহীয়া উৎপাদকৰ শাসনতন্ত্র। পিছে ইউট’পিয়ান সমাজবাদীসকলে বিশ্বাস কৰিছিল যে
এনে সংঘৱদ্ধ উৎপাদকভিত্তিক সমাজ একোখন কেৱল নৈতিক শক্তিৰ দ্বাৰাই নির্মাণ কৰিব পৰা যাব।
অর্থাৎ সমাজৰ সকলো শ্রেণীয়েই যদি পুঁজিবাদ ত্যাগ কৰাৰ সংকল্প লয়, তেনেহলে এখন
বৈকল্পিক সমাজ নির্মাণ কৰিব পাৰি। পিছে মার্ক্সে যুক্তি দর্শালে যে কেৱল শ্রমিকৰ বৈষয়ীগত স্বার্থ তথা উৎপাদনৰ
ক্ষেত্রখনত সংগ্রামেহে সাম্যবাদৰ পৰিস্থিতি নির্মাণ কৰে।
পুঁজিবাদী শোষণৰ
হেঁচাই শ্রমিকসকলক সংগঠিত হবলৈ তথা সংঘৱদ্ধভাৱ আগবাঢ়িবলৈ বাধ্য কৰে। সংঘৱদ্ধ হলেহে তেওঁলোকে পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ
মাজত লুকাই থকা তেওঁলোকৰ বিশেষ অৱস্থানৰ সুযোগ লব পাৰিব। মূল্যৰ স্ব-সম্প্রসাৰণ
নির্ভৰ কৰে শ্রমিকসকলৰ শ্রমৰ ওপৰত আৰু গতিকেই সমস্ত ব্যৱস্থাটোকে স্তব্ধ
কৰি পেলোৱাৰ ক্ষমতা তেওঁলোকৰ আছে। পিছে তাৰ বাবে বিভিন্ন শ্রমিক সমষ্টিবোৰৰ মাজত সমিলমিল থাকিব লাগিব। একতাই
হৈছে সর্বহাৰাৰ সংগ্রামী কার্যকলাপৰ মূল ভিত্তি। তাৰ অবিহনে সকলো ধর্মঘটেই বিফল
হবলৈ বাধ্য। পুঁজিবাদে শ্রম প্রক্রিয়াটোৰ সামাজিকীকৰণ ঘটায়, উৎপাদন সমলৰ মাত্রা
বৃদ্ধি কৰে আৰু এইদৰেই সিহঁতে সংঘৱদ্ধ শ্রমিকৰ ওচৰত নিজকে নির্ভৰশীল কৰি তোলে!
উৎপাদনৰ সঁজুলিসমূহ কোনো ব্যক্তিবিশেষে অকলে ক্রিয়াশীল কৰিব নোৱাৰে। শ্রমিক শ্রেণীয়ে সমূহীয়াকৈহে অর্থাৎ এটা শ্রেণী
হিচাপেহে উৎপাদন সমলৰ ওপৰত নিজৰ মালিকানা সাব্যস্ত কৰিব পাৰিব। কৃষকক জমিদাৰৰ মাটি
বিলাই দিয়াৰ দৰে ফেক্টৰী একোটা ভাঙি চিঙি শ্রমিকসকলৰ মাজত গাইপতি একোটাহঁত সৰু সৰু
অংশ বিলাই দিয়াৰ কথা ভাবিব নোৱাৰি। তেনে কৰিলে ফেক্টৰীটোৰেই কোনো অস্তিত্ব নাথাকিব। মন কৰিবলগীয়া যে পুঁজিবাদবিৰোধী
সংগ্রামখনত শ্রমিকৰ কেন্দ্রীয় ভূমিকাৰ কাৰণ এইটো নহয় যে সমগ্র সমাজখনৰ ভিতৰত
তেওঁলোকেই হৈছে আটাইতকৈ উৎপীড়িত গোষ্ঠী। আচলতে শ্রমিকসকলতলৈও অধিক উৎপীড়িত বহুতো
গোষ্ঠী আছে। উদাহৰণস্বৰূপে মার্ক্সে আঙুলিয়াই দিছে যে উদ্যোগিক সংৰক্ষিত বাহিনীৰ
ভিতৰত মগনীয়া, অপৰাধী, যৌনকর্মী আদিকে ধৰি অতিশয় শোচনীয় স্তৰত জীৱন নির্বাহ কৰা
লোকৰ উপস্থিতি দেখা পোৱা যায়। জীৱনৰ সকলো আশা হেৰুৱাই পেলোৱা, বাটৰ ভিকহু,
কাম কৰিবলৈ অক্ষম লোকৰ জনসংখ্যা একেবাৰে কম বুলি কব নোৱাৰি। পিছে মার্ক্সৰ ভাষাত তেওঁলোক হৈছে উদ্যোগিক সংৰক্ষিত
বাহিনীটোৰ ‘গতিহীন অংশ’; তেওঁলোক স্থায়ীভাৱে কামৰ পৰা বঞ্চিত আৰু সেয়েহে শ্রমিকসকলতকৈয়ো
অমানবীয় দাৰিদ্রতাৰ মাজত তেওঁলোক থাকিব লগা হয়। পিছে সেইবুলি তেওঁলোকক বিপ্লৱী শ্রেণী বুলি
কব নোৱাৰি। বৰং কেতিয়াও পুঁজিবাদী উৎপাদন প্রক্রিয়াৰ অনুশীলনে তেওঁলোকক স্পর্শ নকৰাৰ ফলত
প্রতিক্রিয়াশীল আন্দোলনসমূহতহে তেওঁলোকৰ অধিক যোগদান দেখিবলৈ পোৱা যায়; শাসক
শ্রেণীয়ে তেওঁলোকৰ দীন-হীন অৱস্থাৰ পূর্ণমাত্রাই সুযোগ গ্রহণ কৰে। মার্ক্সে লিখিছে, “লুম্পেন প্রলেটাৰিয়েটৰ জীৱন স্থিতিয়ে
তেওঁলোকক প্রতিক্রিয়াশীল ষড়যন্ত্রৰ ঘোঁচপ্রাপ্ত অংগবিশেষ হবলৈ প্রস্তুত কৰে” (CW vi, 494)।
উদাহৰণস্বৰূপে,
১৮৪৮ চনৰ বিপ্লৱ মাৰ যোৱাৰ পাছত ফ্রাঞ্চৰ ধূর্ত সম্রাট লুই বনাপার্টে দৰিদ্র
লুম্পেন গুণ্ডাৰ দ্বাৰা গঠিত ’১০ ডিচেম্বৰৰ সমাজ’ নামৰ বাহিনীটোৰ সহায়ত ক্ষমতা দখল
কৰিছিল। ঠিক তেনেকৈয়ে ফেচীবাদী আন্দোলনবোৰেও নিবনুৱা লোকৰ মাজত
সদস্য ভর্তি কৰিবলৈ সুযোগ পায় কিয়নো পুঁজিবাদী শোষণৰ হেঁচাৰ তলত নথকাৰ ফলত
তেওঁলোকক মালিকৰ বিৰূদ্ধে একৱদ্ধ কৰাৰ অৱকাশো কমি আহে।
অর্থাৎ কেৱল দাৰিদ্রতাই
কোনো সামাজিক গোষ্ঠীক সাম্যবাদৰ প্রতি আকর্ষিত কৰিব নোৱাৰে। ঠিক তেনেকৈয়ে কেৱল শোষণেও কাকো
সাম্যবাদৰ চালিকা শক্তি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে কৃষকসকলো হৈছে এটা শোষিত গোষ্ঠী। ভূস্বামীয়ে তেওঁলোকৰ পৰা খাজনা
আদায় কৰে, মহাজনে তেওঁলোকৰ পৰা সুদৰ ধন কাঢ়ি নিয়ে আৰু ৰাষ্ট্রয়ো তেওঁলোকৰ পৰা কৰ
দাবী কৰে। কিন্তু সেইবুলি কৃষকসকলক এটা বিপ্লৱী শ্রেণী বুলি কব নোৱাৰি। ‘লুই বনাপার্টৰ ১৮ ব্রুমেৰ’ গ্রন্থখনত মার্ক্সে
দর্শাইছে যে কেনেদৰে ফঁৰাচী কৃষকসকলে নেপোলিয়ন তৃতীয়ক নীৰৱ সমর্থন প্রদান
কৰিছিল যাৰ বলত তেওঁ নিজকে বুর্জোৱা আৰু সর্বহাৰাৰ মাজত অৱস্থিত এটি শক্তি
হিচাপে প্রক্ষেপ কৰিব পাৰিছিলঃ
ক্ষুদ্র কৃষকসকল হৈছে এটা বিৰাট গোষ্ঠী যাৰ সদস্যসকলৰ জীৱনস্থিতি একেধৰণৰ কিন্তু তেওঁলোকৰ মাজত কোনো ব্যাপক পৰস্পৰ-নির্ভৰশীলতা
দেখিবলৈ পোৱা নাযায়।
তেওঁলোকৰ উৎপাদন প্রণালীয়ে তেওঁলোকক ইজন সিজনৰ কাষলৈ অনাৰ বিপৰীতে পৰস্পৰ-বিচ্ছিন্নহে
কৰি তোলে...তেওঁলোকৰ মাটিৰ ক্ষুদ্র আকাৰৰ ফলত কোনো শ্রম বিভাজন, কোনো বিজ্ঞানৰ প্রয়োগ, বিকাশৰ
কোনো বৈচিত্র, প্রতিভাৰ কোনো বহুলতা, সামাজিক সম্পর্কৰ কোনো ঐশ্বর্য সম্ভৱপৰ নহয়। প্রতিজন কৃষকেই হৈছে স্ব-নির্ভৰ; তেওঁলোকে
প্রয়োজনীয় বেছিভাগ সামগ্রী নিজে নির্মাণ কৰে। সমাজৰ সৈতে
আন্তঃসম্পর্কৰ বিপৰীতে মূলতঃ প্রকৃতিৰ সৈতে খেলা কৰিহে তেওঁলোকে জীৱনৰ সমলসমূহ সংগ্রহ কৰে। এটুকুৰা সৰু
মাটি, এজন কৃষক আৰু তেওঁৰ পৰিয়াল। ওচৰতে আন এডোখৰ সৰু মাটি, আন এজন কৃষক আৰু তেওঁৰ
পৰিয়াল। এনেকৈয়ে তেওঁলোকৰ গাওঁবোৰ গঠিত হয়। কেইজনমান কৃষক মিলি এখন গাওঁ, কেইখনমান
গাওঁ মিলি এখন প্রদেশ। এনেদৰেই বহুতো সমৰূপী
গণসমষ্টি ইটো সিটোৰ সতে যোগ হৈ ফৰাচী দেশখনৰ বহুল জনসংখ্যা নির্মিত হৈছে। ঠিক যেন আলুৰ বস্তাৰ দৰে। যেতিয়া আর্থিক পৰিস্থিতিয়ে সহস্রজনৰ জীৱন প্রণালী, স্বার্থ তথা সংস্কৃতি অন্যান্য শ্রেণীসমূহতকৈ পৃথক কৰি তোলে আৰু সহস্রজনক এই শ্রেণীসমূহৰ বিৰোধী কৰি তোলে তেতিয়া
এনে সহস্রজনে এটা সুকীয়া শ্রেণী গঠন কৰে [যেনে শ্রমিক শ্রেণী – যাৰ সুকীয়া জীৱন প্রণালী, সুকীয়া শ্রেণী স্বার্থ তথা সুকীয়া সংস্কৃতি আছে]। পিছে যেতিয়া সহস্র ক্ষুদ্র কৃষকৰ মাজত মাথো স্থানীয়
আন্তঃসম্পর্ক থাকে, যেতিয়া তেওঁলোকৰ সমূহীয়া স্বার্থই কোনো সংঘ, কোনো জাতীয় বান্ধোন, বা কোনো নিজা ৰাজনৈতিক
সংগঠন নির্মাণ নকৰে তেতিয়া তেওঁলোকে সুকীয়া এটা শ্রেণী গঠন কৰিছে বুলি কব নোৱাৰি (CW xi,
187)।
অৱশ্যে মার্ক্সে এইবুলি কোৱা নাই যে কৃষকে কেতিয়াও
সামাজিক তথা ৰাজনৈতিক সংগ্রামত ধনাত্মক ভূমিকা পালন কৰিব নোৱাৰে। আধুনিক যুগৰ তিনিওটা মহান বিপ্লৱ অর্থাৎ ১৭৮৯ৰ ফৰাচী বিপ্লৱ, ১৯১৭ৰ ৰুছ বিপ্লৱ তথা ১৯৪৯ৰ চীন বিপ্লৱ – এটাইকেওটাতে কৃষকে বিশেষ ভূমিকা পালন কৰিছিল। কিন্তু তথাপিও কবই লাগিব যে যেনেধৰণৰ
উৎপাদন সম্পর্কৰ অধীনত কৃষকসকল আৱদ্ধ, সিবিলাকে কৃষকসকলৰ
মানসিক দিগন্ত গাওঁ বা খুউব বেছি আঞ্চলিক পর্যায়তে সীমাৱদ্ধ কৰি ৰাখে। কৃষক বিদ্রোহসমূহত দেখা পোৱা সচৰাচৰ দৃশ্য হৈছে – স্থানীয় জমিদাৰজনক হত্যা কৰা হ’ল, তেওঁৰ সম্পত্তি
লুটপাত কৰা হল আৰু তেওঁৰ মাটিসমূহ কৃষকৰ মাজত ভগাই লোৱা হল। এইখিনিতেই কৃষক বিদ্রোহৰ সমাপ্তি। ইয়াৰ পাছতে সেনাবাহিনী গাঁৱলৈ আহিব, বিদ্রোহৰ নেতাকেইজনক ধৰি শাস্তি দিয়া হব আৰু জমিদাৰৰ পুত্রক পুণৰ
শাসনত অধিষ্ঠিত কৰা হব।
অর্থাৎ কৃষকে অকলে কেতিয়াও
বৈকল্পিক ব্যৱস্থা এটা গঢ়ি তুলিব নোৱাৰে। সামাজিক ৰূপান্তৰণৰ ক্ষেত্রত কৃষক বিদ্রোহে
তেতিয়াহে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে যেতিয়া শাসক শ্রেণীৰ বিৰুদ্ধে
ইতিমধ্যেই আন এটা শ্রেণীয়ে যুদ্ধ ঘোষণা কৰে আৰু কৃষকসকলে তাত সহযোগীৰ ভূমিকা গ্রহণ
কৰে। কিন্তু কৃষকে নিজে বিপ্লৱৰ নেতৃত্ব দিব নোৱাৰে। কৃষকসকল তেতিয়াই এক জাতীয় স্তৰৰ ৰাজনৈতিক শক্তিলৈ পৰিণত হয় যেতিয়া আন এটা
শ্রেণীয়ে তাক নেতৃত্ব প্রদান কৰে। ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ সময়ত বুর্জোৱাহঁতে এই নেতৃত্বকাৰী শ্রেণীটো গঠন কৰিছিল।
মার্ক্সে বিশ্বাস কৰিছিল যে পুঁজিবাদৰ বিকাশৰ লগে লগে এইবাৰ শ্রমিকসকলে কৃষকসকলক
নেতৃত্ব প্রদান কৰিব আৰু এনেদৰেই বুর্জোৱাৰ শাসনৰ বিৰূদ্ধে এটা জাতীয় স্তৰৰ আন্দোলন গঢ় লৈ উঠিব। ‘লুই বনাপার্টৰ ১৮
ব্রুমেৰ’ গ্রন্থখনত মার্ক্সে এনেদৰে লিখিছে “কৃষকসকলৰ স্বাভাৱিক মিত্র আৰু নেতা হৈছে চহৰীয়া সর্বহাৰা যাৰ লক্ষ্যই হৈছে বুর্জোৱা ব্যৱস্থাটো উৎখাত কৰা” (CW xi, 191)। ‘ফঁৰাচী দেশত গৃহযুদ্ধ’
গ্রন্থখনতো মার্ক্সে মন্তব্য কৰিছে, “কমিউনে সঠিকভাৱেই কৃষকসকলক কৈছিল - কমিউনৰ বিজয়ৰ মাজতেই তেওঁলোকৰ একমাত্র আশা লুকাই আছে” (CWF, 75)। অর্থাৎ মার্ক্সে বিচাৰিছিল
যে কৃষকৰ বৈষয়িক স্বার্থৰ প্রতি আহবান জনাই শ্রমিকে তেওঁলোকৰ সমর্থন বিচৰা উচিত।
কিন্তু কেৱল শ্রমিক শ্রেণীয়েই পুঁজিবাদক হৰুৱাই এক নব্য ব্যৱস্থা গঠন কৰিব পাৰে; নিজকে
মুক্ত কৰাৰ মাজেৰেই শ্রমিকে সমাজৰ অন্যান্য শোষিত তথা উৎপীড়িত গোষ্ঠীসমূহলৈকো
মুক্তিৰ বতৰা কঢ়িয়াই নিয়ে। ইউট’পিয়ান সমাজবাদীসকলৰ পৰা – বিশেষকৈ ফুৰিয়াৰৰ পৰা
মার্ক্স-এংগেলছে লিংগ বৈষম্য, যৌন উৎপীড়ন তথা মহিলাৰ ওপৰত পুৰুষৰ শাসনক ঘৃণা কৰিবলৈ
শিকিছিল। কমিউনিষ্ট মেনিফেষ্টোত মার্ক্স এংগেলছে বুর্জোৱা পৰিয়ালৰ ধাৰণাটোক ভীষণভাৱে আক্রমণ কৰিছিল। ‘পৰিয়াল,
ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্রৰ উৎপত্তি’ শীর্ষক গ্রন্থখনত এংগেলছে যুক্তি
প্রদর্শন কৰিছে যে একবিবাহ পৰিয়াল,
শ্রেণী, তথা ব্যক্তিগত সম্পত্তিৰ উদয়ৰ সৈতে মহিলা উৎপীড়নৰ উদয়ৰ প্রশ্নটো জড়িত হৈ
আছে। গতিকেই অনাগত সময়ছোৱাত নাৰী মুক্তিৰ প্রশ্নটোৰ
সৈতেও শ্রমিক মুক্তিৰ প্রশ্নটো নিশ্চিতভাৱে জড়িত হৈ থাকিব।
এংগেলছৰ বিশ্লেষণখিনিত
কেইবাটাও খুঁত আছে। সাম্প্রতিক কালৰ গৱেষণাৰ পৰা এটা কথা স্পষ্ট
হৈ পৰিছে যে শ্রেণী সংঘাতৰ পূর্বেই লিংগ অসমতাৰ জন্ম হৈছিল আৰু তাৰ উৎস হয়তো
বিভিন্ন আদিম জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা যুদ্ধ বিগ্রহৰ মাজত পোৱা যাব পাৰে। ঠিক তেনেদৰেই মার্ক্স
এংগেলছে ভুলকৈ ভাবিছিল যে পুঁজিবাদৰ বিকাশৰ ফলত শ্রমিক শ্রেণীৰ মাজত পৰিয়ালৰ ধাৰণাটো
নাইকীয়া হৈ যাব। কিন্তু তেওঁলোকৰ বুনিয়াদী বিশ্লেষণখিনি নিশ্চয়কৈ শুদ্ধ। উদ্যোগিক
পুঁজিবাদৰ উদয়ৰ পাছৰে পৰা দেখা পোৱা পৰিয়ালৰ মূল ভিত্তি হৈছে
ঘৰৰ মাজতে বিবাহিত মহিলাসকলৰ আৱদ্ধকৰণ তথা সামাজিক জীৱনৰ পৰা তেওঁলোকৰ বিচ্ছেদকৰণ। আজিৰ দিনত ‘হাউছ-ৱাইফ’সকলৰ পৰিস্থিতি সমগ্র বুর্জোৱা সমাজখনৰ ভিতৰতে আটাইতকৈ একাংগী(alienated)বুলি হয়তো কব পাৰি। বিভিন্ন পিতৃতান্ত্রিক উৎপীড়নৰ বিৰূদ্ধে তেওঁলোকক সংগঠিত কৰাটো
সেয়েহে প্রায়ে অতিশয় দুৰূহ হৈ পৰে। বিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূর্ণ
ঘটনাসমূহৰ ভিতৰত এটা হৈছে – ৰাজহুৱা শ্রমবাহিনীত মহিলাসকলৰ
ক্রমবর্ধমান যোগদান। ৰাজহুৱা কর্মস্থলীৰ মাজেৰে
মহিলাসকলে সমূহীয়া সংগঠন গঢ়ি তুলিব পাৰে আৰু এইদৰেই তেওঁলোকে পিতৃতন্ত্রৰ বিৰূদ্ধে
যুঁজিবলৈও পর্যাপ্ত শক্তি আহৰণ কৰিব পাৰে। আনফালে পুৰুষ শ্রমিকসকলৰ
সৈতে মিলি তেওঁলোকে পুঁজিবাদী শোষণ বিৰোধী সংগ্রামখনিৰো সমান অংশীদাৰ হবগৈ পাৰে।
পার্টি আৰু
শ্রেণী
পুঁজিবাদী উৎপাদন
সম্পর্কবোৰৰ মাজত তেওঁলোকৰ বিশেষ অৱস্থান হেতুকে কেৱল শ্রমিকসকলৰ হাততেই শ্রেণীহীন সমাজ নির্মাণ কৰিব পৰাৰ ক্ষমতা থাকে। পিছে সমস্যাটো হৈছে যে
বেছিভাগ শ্রমিকেই পুঁজিবাদৰ অস্তিত্ব অৱধাৰিত বুলি মানি লয়। সামাজিকীকৰণৰ প্রক্রিয়াটোৰ দ্বাৰা শ্রমিকৰ মূৰত সৰুৰে পৰাই
এই ধাৰণাটো সুমুৱাই দিয়া হয় যে শ্রমিক শ্রেণীয়ে সমাজ পৰিচালনা কৰিব
নোৱাৰে। বাতৰি কাকত, টিভি, ৰেডিঅ, স্কুল, কলেজ - এনে সহস্র মাধ্যমৰ দ্বাৰা তেওঁলোকক কোৱা হয় – এইফেৰা কাম বিশেষজ্ঞৰ হাততে এৰি দিয়া ভাল। অর্থাৎ মেনেজাৰ,
আমোলাতন্ত্র, সংসদৰ নেতা, অর্থনীতিবিদ - এই সকলেই সমাজখন পৰিচালনা কৰিব আৰু সর্বজনৰ
মংগলৰ অর্থে শ্রমিকে তেওঁলোকৰ হুকুম মানি চলিব। শ্রমিকৰ এই আত্মবিশ্বাসহীনতা কেনেদৰে
দূৰ কৰিব পৰা যায়?
মার্ক্সেও একেটা প্রশ্নকে কৰিছেঃ
কেনেদৰে শ্রমিকসকলে নিজকে এটা চেতনশীল শ্রেণী হিচাপে গঠিত কৰিব পাৰিব? কেনেদৰে ই
নিজৰ শ্রেণী ক্ষমতা সম্পর্কে সচেতন হৈ বুর্জোৱা সমাজৰ বিৰূদ্ধে সংগ্রাম কৰি এটি নতুন ব্যৱস্থা গঢ়ি তুলিব পাৰিব? মার্ক্সৰ উত্তৰটো আছিলঃ শ্রেণী সংগ্রামৰ দ্বাৰা। উৎপাদনৰ ক্ষেত্রখনত
শ্রমিকসকল নিতৌ পুঁজিৰ অত্যাচাৰৰ সমুখীন হয়; সিবিলাকৰ বিৰূদ্ধে প্রতিৰোধ গঢ়ি তোলাৰ
মাজেদিয়েই শ্রমিকসকলে চেতনা, আত্মবিশ্বাস তথা সংগঠন গঢ়ি তোলে। এইখিনিতে ‘থেছিছ অন
ফয়াৰবাখ’ আৰু ‘জার্মান মতাদর্শ’ৰ এটি উক্তি মনত পেলাব পাৰিঃ “পৰিস্থিতি সলনি কৰা
আৰু নিজকে সলনি কৰা – বিপ্লৱী কর্মৰ মাজত এই দুয়োটাৰে সংযোগ ঘটে” (CW v, 214)। উৎপাদনৰ ক্ষেত্রখনত শোষণৰ
বিৰুদ্ধে সংগ্রাম কৰিবলৈ বাধ্য হোৱাৰ পাছত শ্রমিকসকলে ক্রমশঃ
নিজকে তথা সমাজখনৰো ৰূপান্তৰণ ঘটাবলৈ আৰম্ভ কৰে। বৈপ্লৱীক ৰূপান্তৰণ বিষয়ক এই ধাৰণাটোৰ অর্থ হৈছে যে শ্রমিক ধর্মঘটৰ প্রতি মার্ক্সৰ
মনোভাৱ অতিশয় ধনাত্মক আছিল। ট্রেড ইউনিয়নৰ আর্থিক সংগ্রামৰ জৰিয়তে
শ্রমিকসকলে পুঁজিবাদৰ ভিতৰতে জীৱনস্থিতি কিছু ভাললৈ আনিবলৈ
চেষ্টা কৰে। অন্যান্য বহুতো সমসাময়িক সমাজবাদীৰ দৃষ্টিভংগী এইক্ষেত্রত মার্ক্সৰ পৰা
সম্পূর্ণ বিপৰীত আছিল। মার্ক্সৰ ভাষাত – “যেতিয়া এই সমাজবাদীসকলে দেখে যে ধর্মঘট, হৰতাল বা আন কোনো ৰূপত সর্বহাৰাই নিজকে
এটা শ্রেণী হিচাপে সংগঠিত কৰিছে, তেওঁলোকৰ একাংশ সন্ত্রসিত হৈ পৰে আৰু আন একাংশই
বিতৃষ্ণাত নাক কোঁচায়” (CW vi, 211)। আজিৰ সময়ৰ একাংশ সমাজবাদীৰ
মাজতো এনে দৃষ্টিভংগী দেখিবলৈ পোৱা যায়; শ্রমিকে মজুৰীৰ বাবে
ধর্মঘট কৰাটো তেওঁলোকে পচণ্ড নকৰে আৰু শ্রমিকসকলে কেৱল নিজৰ স্ব-স্বার্থ বা ‘আর্থিকবাদী’ লক্ষ্যৰে কাম কৰিছে বুলি মন্তব্য কৰে।
শ্রমিক আন্দোলনৰ প্রতি নাক
কোঁচোৱা এনে মনোভাৱক মার্ক্সে মুঠেও সহ্য কৰিব পৰা নাছিল। ‘মজুৰী, দাম আৰু লাভ’ শীর্ষক
গ্রন্থখনিত তেওঁ ৰবার্ট অৱেনৰ অনুগামী বৃটিশ সমাজবাদী
নেতা জন ৱেষ্টনৰ কেতবোৰ প্রভাৱশালী ধাৰণাৰ বিৰোধিতা কৰিছে। ৱেষ্টনৰ মতে ট্রেড ইউনিয়নৰ
সংগ্রামে শ্রমিকৰ কোনো উপকাৰতো সাধিব নোৱাৰেই, বৰং সিবিলাকে শ্রমিকৰ জীৱন দশা আৰু শোচনীয়হে কৰিব।
কিয়নো জনসংখ্যাৰ প্রচণ্ড হেঁচাৰ ফলত মজুৰীৰ স্তৰ জীৱিকাৰ বাবে প্রয়োজনীয় নিম্নতম স্তৰতকৈ বেছি হবই নোৱাৰে। এয়াই হৈছে তথাকথিত
“মজুৰীৰ লৌহ আইন”। মার্ক্সে শ্রমৰ মূল্য তত্ত্ব প্রয়োগ কৰি এনে ধাৰণাৰ অসাৰতা
স্পষ্টকৈ দর্শাইছে। তেওঁ যুক্তি প্রদর্শন কৰিছে যে জীৱিকাৰ নূন্যতম মান হৈছে মজুৰীৰ নূন্যতম স্তৰ; ইয়াতকৈ তলৰ স্তৰত কাম কৰিলে
শ্রমিকে ভোকত মৰিব লাগিব; ফলত শ্রম শক্তিৰো পুণঃউৎপাদন সম্ভৱপৰ হৈ নুঠিব। আচলতে প্রতিখন দেশতে শ্রম শক্তিৰ মূল্য সেই দেশখনৰ বিশেষ পৰিস্থিতি,
ইতিহাস, জীৱন স্তৰৰ গ্রহণযোগ্য পর্যায় আদি অনুসৰি নির্ধাৰিত
হয়।
আনহাতে লাভৰ ক্ষেত্রত এনে
কোনো নিয়ম নাই যে তাৰ কোনো নূন্যতম সীমা থাকিব। মজুৰীৰ নিম্নতম শাৰীৰিক স্তৰ (যাৰ তলত মজুৰী দিলে শ্রমিক জীয়াই নাথাকিব) আৰু
শ্রম দিৱসৰ সর্বোচ্চ শাৰীৰিক স্তৰ (যাৰ ওপৰত শ্রমিকসকলক
দৈনিক কাম কৰাব নোৱাৰি) – এই দুয়োটাই লাভ হাৰৰ সর্বোচ্চ হাৰ সীমিত
কৰে। সেয়েহে ঠিক কিমানখিনি লাভ পুঁজিপতিয়ে সৰকাব পাৰিব, সেয়া নির্ভৰ কৰিব পুঁজি আৰু
শ্রমৰ অহৰহ সংগ্রামে। শ্রেণী সংগ্রামত পুঁজিয়ে শ্রমক পৰাস্ত কৰিব পাৰিলে লাভৰ হাৰো
ক্রমশঃ বৃদ্ধি হব।
কিন্তু মন কৰা ভাল যে কেৱল শ্রমিকৰ মজুৰী বৃদ্ধি কৰিব পৰাৰ ক্ষমতাটোৰ বাবেই মার্ক্সে ট্রেড ইউনিয়ন
সংগ্রামসমূহক ইমান বেছি গুৰুত্ব দিয়া নাই।
এইক্ষেত্রত মূল কথাটো হৈছে ৰাজনৈতিক। ট্রেড ইউনিয়নৰ সংগ্রামসমূহে শ্রমিকৰ চেতনা
তথা সংগঠন বৃদ্ধি কৰাত সহায় কৰে। ১৮৫৩ চনত লেনকেচাৰ আৰু
মিডলেণ্ডত অকুশলী আৰু অসংগঠিত শ্রমিকৰ ব্যাপক
সহযোগত এলানি ধর্মঘট সংঘটিত হৈছিল। সেই প্রসংগত মার্ক্সে এনেদৰে লিখিছেঃ
কিছুসংখ্যক দাতা চৰিত্রৰ
মানুহ আছে যি শ্রমিক ধর্মঘটসমূহক শ্রমিক-স্বার্থৰ পৰিপন্থী বুলি গণ্য কৰে। আনকি কিছুসংখ্যক
সমাজবাদীৰ মানসিকতাও একেধৰণৰে হোৱা দেখা যায়। এই মহাশয়সকলে
সকলো শ্রমিকৰ বাবে গড় মজুৰী নির্ধাৰণ কৰাৰ কোনো উপায় উলিওৱাৰ ধাণ্ডাত থাকে। পিছে উদ্যোগিক
চক্রটোৰ সঘন উঠা-নমা তথা তাৰ বিভিন্ন পর্যায়সমূহৰ ফলত গড় মজুৰী এনেকৈ নির্ধাৰণ কৰাটো
সম্ভৱেই নহয়। তাৰ বিপৰীতে মই এইবুলিহে অনুভৱ কৰোঁ যে মজুৰীৰ বাৰম্বাৰ উঠা-নমা তথা তাৰ ফলস্বৰূপে সৃষ্টি হোৱা মালিক আৰু শ্রমিকৰ অহৰহ সংঘাত...ই হৈছে শ্রমিকৰ মানসিক শক্তি বৃদ্ধি কৰাৰ অপৰিহার্য
অস্ত্র। এই চলন্ত সংগ্রামৰ জৰিয়তেই শ্রমিকসকলে শাসক শ্রেণীৰ আক্রমণৰ বিৰুদ্ধে এক
বৃহৎ সংগঠন নির্মাণ কৰিব পাৰে আৰু নিজকে উৎপাদনৰ আত্মাহীন মেচিনলৈ পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। শ্রেণী সংঘাতৰ ভিত্তিত গঢ়ি উঠা সমাজ এখনত যদি আমি প্রকৃততেই দাস্যতাৰ বিৰোধিতা
কৰিব খোজোঁ, তেনেহলে এই যুদ্ধখনিক স্বীকৃতি দিয়াৰ বাহিৰে উপায় নাই। সেয়েহে ধর্মঘট,
হৰতাল আদিৰ আর্থিক গুৰুত্বহীনতাৰ কথাটোৱে আমাৰ দৃষ্টিক অন্ধ কৰি
পেলালে নহব। বৰং আমি সিবিলাকৰ ৰাজনৈতিক তথা নৈতিক ফলাফলসমূহৰ প্রতি মন দিব লাগিব।
বাৰম্বাৰ সংকট, মন্দাৱস্থা, সমৃদ্ধি আৰু পুণঃসংকটেৰে
ভৰা আধুনিক উদ্যোগৰ বিৰাট চক্রৰ ফলত মজুৰীও অহৰহ উঠা-নমা কৰি থাকে...যেনেকৈ মালিক
আৰু শ্রমিকৰ অহৰহ সংঘাতৰ ফলস্বৰূপে মজুৰী আৰু লাভৰ অনুপাতো সলনি হৈ থাকে। কাজেই বাৰম্বাৰ
সংঘাত আৰু সংগ্রামো গঢ় লৈ উঠে। এটা কথা স্পষ্ট যে সিবিলাকৰ অবিহনে গ্রেট বৃটেইন তথা সমগ্র ইউৰোপৰে
শ্রমিকসকল দুর্বল, ভগ্ন-হৃদয় তথা প্রতিৰোধ ক্ষমতাহীন ভাগৰুৱা গণসমষ্টিলৈ পৰিণত
হব। প্রাচীন গ্রীচ আৰু ৰোমৰ দাসসকলৰ দৰেই আধুনিক শ্রমিকসকলৰো স্ব-মুক্তিৰ সপোন
অসম্ভৱ হৈ পৰিব (CW xii, 169)।।
বিছ বছৰৰ পাছত মার্ক্সৰ সুৰতেই
সুৰ মিলাই এংগেলছে জার্মান চচিয়েল ডেমক্রেটিক পার্টিৰ কার্যসূচীখনৰ এনেদৰে সমালোচনা
কৰিছেঃ
[পার্টিৰ কার্যসূচীত] ট্রেড ইউনিয়নৰ জৰিয়তে শ্রমিক শ্রেণীৰ
সংগঠন গঢ়ি তোলা বিষয়ক কোনো কথাৰ উল্লেখ নাই। আচলতে এইটো এটা অতিশয় গুৰুত্বপূর্ণ
বিন্দু কিয়নো পুঁজি বিৰোধী দৈনন্দিন সংগ্রামসমূহত ট্রেড ইউনিয়নবোৰেই হৈছে সর্বহাৰাৰ
প্রকৃত শ্রেণী সংগঠন, যাৰ সহায়ত শ্রমিকসকলে নিজকে প্রশিক্ষিত কৰে ...আজিৰ ঘোৰ
প্রতিক্রিয়াশীল সময়তো ট্রেড ইউনিয়নসমূহক ভংগ
কৰাটো এতিয়া আৰু সম্ভৱপৰ হৈ থকা নাই (SC, 293)।
ট্রেড ইউনিয়ন পর্যায়ৰ সংগ্রামসমূহ
স্বয়ং কোনো অন্তিম লক্ষ্য নহয়। মার্ক্সে বাৰম্বাৰ দর্শাইছে যে লাভৰ হাৰ “দুয়ো
প্রতিপক্ষৰ আপেক্ষিক শক্তিৰ ওপৰত নির্ভৰ কৰে”। কিন্তু এই শক্তি সদায়েই
অসমান হৈ ৰবলৈ বাধ্য। যিহেতু পুঁজিয়ে উৎপাদন সমলসমূহ নিয়ন্ত্রণ কৰে, সেয়েহে ট্রেড
ইউনিয়নৰ প্রত্যাহবানৰ মুখামুখি হলে ই
শ্রমিক বাহিনীৰ আকাৰ হ্রাস কৰিব পৰাকৈ শ্রম প্রক্রিয়াসমূহ সলনি কৰিব পাৰে। ঠিক তেনেদৰেই ই ইচ্ছা কৰিলে
নিয়োগ বৃদ্ধিও কৰিব পাৰে। কাজেই এনে কৌশলে ট্রেড ইউনিয়নসমূহৰ সংগ্রাম ক্ষমতা
সীমাৱদ্ধ কৰি তোলে। মার্ক্সৰ ভাষাত “বিশুদ্ধ আর্থিক পর্যায়ৰ সংগ্রামত পুঁজিৰ শক্তি
সদায়েই অধিক” (SW ii, 73):
পুঁজিৰ আগ্রাসনৰ বিৰূদ্ধে
ট্রেড ইউনিয়নবোৰে প্রতিৰোধ সংগ্রামৰ কেন্দ্র হিচাপে ক্রিয়া কৰে। ট্রেড
ইউনিয়নসমূহ সাধাৰণতেই বিফল হয় যেতিয়া সিহঁতে স্বয়ং ব্যৱস্থাটোক পৰিবর্তন
কৰিবলৈ চেষ্টা কৰাৰ সলনি, শ্রমিক শ্রেণীৰ অন্তিম মুক্তিৰ সঁজুলি হিচাপে নিজৰ
সংগঠিত শক্তিক ব্যৱহাৰ কৰাৰ সলনি, মজুৰী ব্যৱস্থাটোৰ অন্তিম বিলুপ্তি ঘটাবলৈ চেষ্টা কৰাৰ সলনি - ব্যৱস্থাটোৰ প্রভাৱসমূহকহে গেৰিলা যুদ্ধসদৃশ পদ্ধতিৰে আঁতৰাবলৈ চেষ্টা কৰে (SW ii, 75-76)।
ট্রেড ইউনিয়নসমূহে পুঁজি আৰু
মজুৰী শ্রমৰ সম্পর্কটোক স্থায়ী বুলিয়েই
মানি লয়; সিহঁতে মাথো সম্পর্কটোৰ অধীনত থকা শ্রমিকসকলৰ স্থিতি কিছু উন্নত কৰিবলৈ
চেষ্টা কৰে। কিন্তু মজুৰী শ্রম হৈছে এটি বাহ্যিক ৰূপ মাথো, যাৰ জৰিয়তে শ্রমিকৰ বুকুৰ পৰা
উদ্বৃত্ত শ্রম উলিয়াই অনা হয়। উৎপাদনৰ ক্ষেত্রখনত পুঁজিপতিৰ অপেক্ষাকৃত অধিক শক্তিৰ
অর্থ হৈছে – ট্রেড ইউনিয়নবোৰৰ যিকোনো বিজয় ক্ষণস্থায়ী হবলৈ বাধ্য। যি মূহুর্ততে
শক্তিৰ ভাৰসাম্য পুঁজিপতিহঁতৰ দিশেৰে হাওলি পৰিব, লগে লগেই ট্রেড ইউনিয়নবোৰে কষ্টৰে
জিনি অনা সাফল্যখিনিও নাইকিয়া হৈ পৰিব। সেয়েহে স্বয়ং পুঁজিবাদী ব্যৱস্থাটোকে উঘালি নেপেলোৱা পর্যন্ত শ্রমিক শ্রেণীয়ে
কোনো স্থায়ী সুৰক্ষাৰ আশা কৰিব নোৱাৰে। পুঁজিবাদৰ অন্ত পেলোৱাৰ অর্থ হৈছে পুঁজি আৰু মজুৰী শ্রমৰ আন্তঃসম্পর্কটোৰো বিলুপ্তি সাধন কৰা। মার্ক্সৰ ভাষাত, -“
‘ন্যায্য কামৰ বাবে ন্যায্য মজুৰী’ - জাতীয় ৰক্ষণশীল
শ্লোগানৰ বিপৰীতে শ্রমিকসকলে তেওঁলোকৰ বেনাৰবোৰত এইবুলি লিখি লোৱা উচিত – ‘আমি বিচাৰোঁ মজুৰী ব্যৱস্থাৰ বিলুপ্তি!’” (SW ii, 75)।
অর্থাৎ শ্রমিকৰ সংগ্রাম
তেতিয়াহে জয়ী হব যেতিয়া ই আর্থিক সংগ্রামৰ পৰা ৰাজনৈতিক সংগ্রামলৈ ৰূপান্তৰিত হব;
আন কথাত ই হব “শ্রেণীৰ বিৰুদ্ধে শ্রেণীৰ সংগ্রাম” যাৰ জৰিয়তে শ্রমিকসকলে নিজৰ
ঐতিহাসিক স্বার্থ অনুধাৱন কৰিব আৰু পুঁজিপতিৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা নিজৰ
হাতলৈ আনিব। মার্ক্সে বিশ্বাস কৰিছিল যে আর্থিক সংগ্রামসমূহৰ মাজতেই ৰাজনৈতিক সংগ্রামৰ সম্ভাৱনা লুকাই থাকে।
উদাহৰণস্বৰূপে, কর্মদিবস
চুটি কৰাৰ বাবে যথোচিত আইন প্রণয়নৰ দাবী কৰি শ্রমিকসকলে এক দীর্ঘ সংগ্রাম কৰিব লগা
হৈছিল। ই “পুঁজিপতি আৰু শ্রমিক শ্রেণীৰ মাজত সংঘটিত এখন দীর্ঘ গৃহ যুদ্ধৰ ফলাফল
আছিল” (C i, 412-13)। কিন্তু দুয়ো পক্ষৰ মাজত
কোনো ব্যক্তিগত বুজাপৰাৰ মাজেৰে এই যুদ্ধৰ শেষ ফলাফল নির্ণয় কৰা হোৱা নাছিল। বৰং ৰাষ্ট্রৰ দ্বাৰা আইন প্রণয়নৰ দ্বাৰা এই ফলাফল লাভ কৰা হৈছিল; “অৱশ্যেই শ্রমিকৰ অহৰহ হেঁচাৰ অবিহনে ৰাষ্ট্রই এই হস্তক্ষেপ হয়তো কেতিয়াও নকৰিলেহেঁতেন”(SW ii, 73)।
মার্ক্সে বিশ্বাস কৰিছিল যে
পুঁজি আৰু শ্রমৰ এই শ্রেণী সংগ্রাম প্রথমে কেতবোৰ নির্দিষ্ট উদ্যোগত আৰম্ভ হৈ শেহত
ই এক গোলকীয় সংঘাতৰ ৰূপ ধাৰণ কৰিব য’ত ৰাষ্ট্রই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
মার্ক্সে এই পৰিবর্তনক আদৰণি জনাইছিল। বাকুনিন, প্রুধো আদিয়ে ৰাজনৈতিক ৰূপত শ্রেণী
সংগ্রামৰ ৰূপান্তৰণ ভাল পোৱা নাছিল আৰু মার্ক্সে
দুয়োজনকে এই বিষয়ে তীব্র সমালোচনা কৰিছে। মার্ক্সৰ মতে শ্রমিক
শ্রেণীয়ে স্ব-মুক্তি লাভ কৰিবলৈ হলে প্রথমে ৰাষ্ট্র শক্তি দখল কৰিব লাগিব আৰু
বুর্জোৱা ৰাষ্ট্র যন্ত্রটো ধ্বংস কৰাৰ পাছত শ্রমিক
নিয়ন্ত্রিত এক নতুন ৰাষ্ট্র নির্মান কৰিব লাগিব। প্রথম আন্তর্জাতিকৰ আদৰণী ভাষণত
মার্ক্সে এনেদৰে ঘোষণা কৰিছে, “ৰাজনৈতিক ক্ষমতা দখল কৰাটো হৈছে শ্রমিক শ্রেণীৰ
মহান কর্তব্য”(SW ii, 17)।
মার্ক্সে দর্শাইছে যে কেনেদৰে
আর্থিক আৰু ৰাজনৈতিক - সংগ্রামৰ এই দুয়োটা ৰূপেই ইটো-সিটোক প্রভাৱিত কৰেঃ
শ্রমিকৰ ৰাজনৈতিক আন্দোলনৰ লক্ষ্য হৈছে নিজৰ শ্রেণীটোৰ বাবে
ৰাজনৈতিক ক্ষমতা দখল কৰা; স্বাভাৱিকতেই ই শ্রমিকৰ সংগঠন দাবী কৰে যি ইতিমধ্যেই আর্থিক সংগ্রামৰ ফলস্বৰূপে গঢ় লৈ
উঠিছে।
এনে প্রত্যেকটো আন্দোলনকেই ৰাজনৈতিক আন্দোলন বুলি কব পৰা
যায় য’ত শাসকৰ বিৰূদ্ধে এটা শ্রেণী হিচাপে শ্রমিকসকল বাহিৰলৈ ওলাই আহে আৰু
শাসকসকলক হেঁচা দিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে কোনো এটা
নির্দিষ্ট ফেক্টৰীৰ ভিতৰত... যেতিয়া শ্রমিকসকলে ধর্মঘট আদিৰ সহায়ত দৈনন্দিন কামৰ
সীমা কম কৰিবলৈ চেষ্টা কৰে, তাক আর্থিক আন্দোলন বুলি কব পাৰি। আনহাতে যেতিয়া
শ্রমিক আন্দোলনে ৮ ঘণ্টা কর্মদিৱস আইনলৈ পৰিণত কৰিবলৈ চেষ্টা কৰে, তাক ৰাজনৈতিক আন্দোলন বুলি কব পাৰি। এইদৰেই শ্রমিকৰ বিভিন্ন সুকীয়া আর্থিক আন্দোলনৰ পৰা এটা ৰাজনৈতিক
আন্দোলন বিকশিত হয়; অর্থাৎ এটা শ্রেণী আন্দোলন বিকশিত হয় – যাৰ লক্ষ্য হৈছে
শ্রেণীটোৰ স্বার্থখিনি সার্বজনীন ৰূপত বলবৎ কৰা... এনে আন্দোলন সম্ভৱপৰ হবলৈ হলে ইতিমধ্যেই শ্রমিকৰ সংগঠন কিছুদূৰৈলৈ বিকশিত হব
লাগিব; কিন্তু একেসময়তে আকৌ এই আন্দোলনবোৰক সংগঠন বিকশিত কৰাৰ মাধ্যম বুলিও কব পাৰি। যত শ্রমিকসকলৰ সংগঠনে এতিয়াও পূর্ণ বিকাশ লাভ কৰিব পৰা নাই,
অর্থাৎ য’ত পুঁজিপতিৰ সমূহীয়া শক্তি বা আন
কথাত শাসক শ্রেণীৰ ৰাজনৈতিক শক্তিক ঘটূৱাব পৰাকৈ শ্রমিক সংগঠন বিকশিত হোৱা নাই, তেনে পৰিস্থিতিত শাসকীয় শক্তিৰ বিৰূদ্ধে শ্রমিকে অহৰহ সংগ্রাম কৰিহে
প্রয়োজনীয় ট্রেইনিং লাভ কৰিব পাৰিব। শাসক শ্রেণীৰ নীতিসমূহৰ বিৰুদ্ধে এনেদৰে অহৰহ
সংগ্রাম কৰিব নোৱাৰিলে শ্রমিক
সংগঠনসমূহ শোষকৰ হাতৰ পুতলালৈ পৰিণত হবলৈ বাধ্য (SC, 270-71)।
যেতিয়ালৈকে শ্রমিকসকলে কেৱল আর্থিক সংগ্রামতেই নিজকে সীমাৱদ্ধ কৰি ৰাখিব, তেতিয়ালৈকে
তেওঁলোক পুঁজিৰ ৰাজনৈতিক তথা মতাদর্শগত প্রভুত্বৰ অধীনত থাকিবলৈ বাধ্য। সংগ্রামে
যদি পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ অস্তিত্বক প্রত্যাহবান নজনায়, সিবিলাকে তেতিয়া
বেমাৰৰ সৈতে বিপৰীতে যুঁজাৰ বিপৰীতে উপসর্গসমূহৰ সৈতেহে যুঁজি থাকিব। সেয়েহে
মার্ক্সৰ মতে, শ্রমিকৰ এটি ৰাজনৈতিক সংগঠন, এটা ৰাজনৈতিক পার্টি নির্মাণ কৰাটো
অতিশয় জৰুৰী। বুর্জোৱাৰ পৰা শ্রমিকসকল সম্পূর্ণভাৱে মুক্ত হবলৈ হলে এনে এটি ৰাজনৈতিক পার্টি নহলেই নহয়।
১৮৪৮ৰ বিপ্লৱৰ পৰাজয়ৰ পাছত মার্ক্স এংগেলছে জার্মান শ্রমিক আন্দোলনক পেটি বুর্জোৱা, নিম্ন মধ্যবিত্ত, তথা বুর্জোৱাৰ অংশবিশেষৰ সৈতে মিলি
নাযাবলৈ সাৱধানবাণী শুনাইছিল। এইদৰেই তেওঁলোকে নিজৰে পূর্বৰ
অভিজ্ঞতাৰ প্রতি সমালোচনামূহক দৃষ্টি নিক্ষেপ কৰিছিল। মনত পেলাওক যে ১৮৪৮ৰ বিপ্লৱৰ সময়ত মার্ক্স এংগেলছে কমিউনিষ্ট লীগক বিলুপ্ত হবলৈ এৰি দি বুর্জোৱা গণতান্ত্রিক আন্দোলনৰ বাওঁ অংশ হিচাপে নিজকে নিয়োগ কৰিছিলঃ
উৎপীড়নৰ মুখামুখি হৈ আজি
গণতান্ত্রিক পেটি বুর্জোৱাই সকলো ঠাইতে সর্বহাৰাৰ সৈতে ঐক্য আৰু সমিলমিলৰ কথা কোৱা আৰম্ভ কৰিছে, সর্বহাৰালৈ মিত্রতাৰ হাত আগবঢ়াই সিহঁতে এক বৃহত্তৰ বিৰোধী
পার্টি নির্মাণ কৰিব খুজিছে। ই এনে এক গণতান্ত্রিক পার্টি হব যি সকলো ধৰণৰ
চিন্তাধাৰাকে স্থান দিব। অর্থাৎ এই পার্টিৰ অধীনত শ্রমিকসকলৰ কণ্ঠ ৰূদ্ধ কৰি পেলোৱা হব, য’ত বাগাড়ম্বৰৰ স্তৰত সামাজিক গণতন্ত্রৰ শ্ল’গানবোৰেই মূখ্য স্থান পাব আৰু
এইদৰেই ই পার্টিৰ প্রকৃত স্বার্থ[অর্থাৎ পেটি বুর্জোৱা স্বার্থ] লুকুৱাই পেলোৱাৰ ক্ষেত্রত সহায়ক হব। পার্টিত বিভিন্ন গোষ্ঠীৰ
মাজত শান্তি ৰক্ষাৰ স্বার্থত শ্রমিকৰ নির্দিষ্ট দাবীবোৰ উত্থাপন কৰা নহব। এনে
মিলনে কেৱল পেটি বুর্জোৱাকেই সহায় কৰিব
পাৰে; সর্বহাৰাৰ বাবে সি নিশ্চয়কৈ ক্ষতিকাৰক। এই ঐক্যৰ ফলত বহু কষ্টেৰে অর্জন কৰা
সর্বহাৰাৰ সুকীয়া অৱস্থান লোপ পাব আৰু শ্রমিকৰ কার্যকলাপ
আনুষ্ঠানিক বুর্জোৱা গণতন্ত্রৰ মেচিনটোৰ
নট-বল্টু যেন হৈ পৰিব। সেয়েহে সক্রিয়ভাবে এনে মিলনৰ বিৰোধিতা কৰা উচিত। পূর্বৰ দৰে
বুর্জোৱা গণতন্ত্রবাদীহঁতৰ বাবে হাত চাপৰি বজোৱা ভীৰলৈ পৰিণত হোৱাৰ বিপৰীতে শ্রমিকসকলে –
বিশেষকৈ কমিউনিষ্ট লীগে শ্রমিকৰ এটা স্বাধীন, গুপ্ত তথা ৰাজহুৱা সংগঠন নির্মাণ কৰিবলৈ চেষ্টা কৰা উচিত...আৰু লীগৰ প্রতিটো শাখাকে শ্রমিক সংঘৰ
কেন্দ্র বিন্দু হিচাপে গঢ়ি তোলা উচিত য’ত সর্বহাৰাৰ স্বার্থ আৰু দৃষ্টিভংগী
সম্পর্কে বুর্জোৱাৰ প্রভাৱৰ পৰা মুক্ত হৈ আলোচনা কৰিব পৰা যাব (CW x, 281-82)।
চমুকৈ কবলৈ গলে – শ্রমিকে
নিজৰ সুকীয়া পার্টি গঢ়ি তোলা উচিত। কিছুসংখ্যক লোকৰ মতে ১৮৫০ৰ ওচৰে পাজৰে মার্ক্স
আগষ্ট ব্লাংকৰ দ্বাৰা প্রভাৱিত হৈছিল যি বিশ্বাস কৰিছিল
যে প্রফেচনেল ষড়যন্ত্রকাৰীৰে গঠিত এটা গুপ্ত সংগঠনে শ্রমিকৰ হৈ ক্ষমতা দখল কৰিব।
কিন্তু মার্ক্স-এংগেলছে আচলতে কেতিয়াও তেওঁলোকৰ মূল শ্লগানটো ত্যাগ কৰা নাছিল
“শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকে নিজেই মাতি আনিব লাগিব!” বেছিভাগ ব্লাংকবাদী
ষড়যন্ত্রকাৰীয়েই সেইসময়ত কর্মহীন হৈ ইউৰোপৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিল আৰু প্রায়ে গুপ্ত পুলিছে
তেওঁলোকক নিজৰ উদ্দেশ্যেৰে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ এক
বুজন অংশক সর্বহাৰা বুলি কোৱাৰ বিপৰীতে লুম্পেন সর্বহাৰা
বুলি কোৱাটোহে অধিক সঠিক হব।
এনে ব্লাংকবাদী বিপ্লৱীসকলক সমালোচনা কৰি ১৮৫০ চনতে মার্ক্স এংগেলছে এনেদৰে
লিখিছেঃ
বিপ্লৱী সর্বহাৰাৰ
সাধাৰণ সংগঠনৰ কামত এই ষড়যন্ত্রকাৰীসকলে নিজকে আৱদ্ধ কৰি নাৰাখে! বৰং তেওঁলোকে বিপ্লৱৰ প্রক্রিয়াটোকেই আগতীয়াকৈ গম পাব খোজে, জবৰদস্তি তথা
কৃত্রিমভাৱে তাক কোনো সংকট
বিন্দুলৈ আগুৱাই আনিব খোজে।
মূহুর্তৰ ভিতৰতে এই মহাশয়সকলে বিপ্লৱ সৃষ্টি কৰিব খোজে, তেহেলৈ পৰিস্থিতি যিয়েই নহওঁক কিয়! তেওঁলোকৰ মতে ভালকৈ
কোনো ষড়যন্ত্র তৈয়াৰ কৰিব পাৰিলেই বিপ্লৱৰ পৰিস্থিতি সৃষ্টি হব। তেওঁলোক হৈছে বিপ্লৱৰ তান্ত্রিক আৰু পুৰণা কালৰ তান্ত্রিকৰ দৰেই তেওঁলোকৰ
চিন্তাধাৰা হৈছে অসংলগ্ন তথা খেলিমেলি। বিপ্লৱ হৈছে তেওঁলোকৰ অন্ধ অৱচেচন। হঠাতে কোনো বিপ্লৱী চমৎকাৰ সৃষ্টি কৰিব পৰা কোনো নতুন উপায় আৱিষ্কাৰৰ কামত তেওঁলোক সর্বদা ব্যস্ত! যেনে ধৰক কোনো বিস্ফোৰক
সামগ্রী বা আন কোনো বিধ্বংসী সঁজুলিৰ নির্মাণ। বা কোনো নতুন বিদ্রোহৰ আশা, তেহেলৈ
তাৰ কোনো ভিত্তিয়েই নাথাকক কিয়। বিদ্রোহ সৃষ্টি হোৱাৰ যুক্তিগত ভিত্তি যিমানেই কম হয়, সিমানেই এনে কাল্পনিক
বিদ্রোহৰ আগমন তথা প্রাবল্য সম্পর্কে তেওঁলোকৰ আশাবোৰ বৃদ্ধি হয়। সর্বদা ষড়যন্ত্র
নির্মাণত ব্যস্ত এই বিপ্লৱীসকলৰ মতে
উপস্থিত চৰকাৰখনক ততালিকে উফৰোৱাৰ বাহিৰে আন কোনো বিপ্লৱী কার্যকলাপ
থাকিবই নোৱাৰে। সর্বহাৰাক তেওঁলোকৰ শ্রেণী স্বার্থ সম্পর্কে তাত্ত্বিকভাৱে প্রশিক্ষিত কৰাৰ কথা কলেই এই বিপ্লৱীসকলে চৰম অৱজ্ঞাত নাক কোঁচায় (CW x, 318)।
অর্থাৎ শ্রমিকৰ
হৈ নিজে বিপ্লৱ সংঘটিত কৰা বা কোনো ষড়যন্ত্রকাৰী সংগঠনৰ দৰে
হঠাতে সংকট সৃষ্টি কৰি ৰাষ্ট্র শক্তি দখল কৰিবলৈ চেষ্টা কৰা কমিউনিষ্টৰ কাম নহয়। বৰং
কমিউনিষ্টৰ কাম হৈছে “বিপ্লৱী সর্বহাৰাক সাধাৰণভাৱে সংগঠিত কৰা”
তথা তেওঁলোকক তাত্ত্বিক জ্ঞানৰ যোগান ধৰা। এই পটভূমিতে কমিউনিষ্ট মেনিফেষ্টোৰ কেতবোৰ বিখ্যাত উক্তিৰ প্রকৃত তাৎপর্য
বুজিবলৈ চেষ্টা কৰা উচিতঃ
কমিউনিষ্টে শ্রমিক
শ্রেণীৰ পার্টিসমূহৰ পৰা নিলগাই নিজৰ কোনো বিৰোধী পার্টি গঠন নকৰে। সর্বহাৰাৰ সামগ্রিক স্বার্থৰ বাহিৰে তেওঁলোকৰ আন কোনো
সুকীয়া স্বার্থ নাই। তেওঁলোকে নিজৰ কোনো সংকীর্ণ নীতি স্থাপন কৰিবলৈ চেষ্টা নকৰে, যাৰ
পোহৰত তেওঁলোকে সর্বহাৰাৰ আন্দোলনটোক বিশেষ গঢ় গতি দিবলৈ চেষ্টা কৰিব। কেৱল এটা কথাৰ দ্বাৰাই কমিউনিষ্টসকলক অন্যান্য শ্রমিক দলৰ পৰা
পৃথক কৰিব পাৰেঃ সেয়া হৈছে (১)বিভিন্ন দেশৰ সর্বহাৰাৰ জাতীয় স্তৰৰ সংগ্রামত
কমিউনিষ্টে আঙুলিয়াই দিয়ে যে সমগ্র সর্বহাৰাৰে স্বার্থ হৈছে একেটাই; অর্থাত জাতিৰ
ভিত্তিত তেওঁলোকৰ স্বার্থৰ কোনো ভিন্নতা নাই। (২)শ্রমিক শ্রেণীৰ পুঁজিপতি বিৰোধী সংগ্রামখনিৰ বিকাশৰ বিভিন্ন স্তৰত তেওঁলোকে সদায়েই
আৰু সকলোতে সমগ্র আন্দোলনটোৰে সামগ্রিক স্বার্থৰ প্রতিনিধিত্ব কৰে।
কমিউনিষ্টসকল সেয়েহে এফালে শ্রমিক শ্রেণীৰ আটাইতকৈ বিকশিত তথা দৃঢ় অংশ বুলি কব পাৰি; সকলো
দেশতে এই অংশটোৱে শ্রমিকৰ আন আন
অংশসমূহত আগলৈ টানি নিয়ে। আনফালে তাত্ত্বিকভাৱে তেওঁলোকৰ ওচৰতেই সর্বহাৰা আন্দোলনটোৰ গতি, স্থিতি আৰু
অন্তিম লক্ষ্য সম্পর্কে আটাইতকৈ পৰিষ্কাৰ ধাৰণা থাকে (CW vi, 497)।
অর্থাৎ বিপ্লৱী পার্টিটো
শ্রমিকৰ পৰা পৃথক কোনো সংস্থা নহয়। বৰং ই হৈছে শ্রেণীটোৰ “আটাইতকৈ বিকশিত তথা দৃঢ়
অংশ” আৰু ‘কেনে পৰিস্থিতিত আন্দোলনটোৱে বিজয় লাভ কৰিব পাৰে’ এই বিষয়ে পার্টিৰ ওচৰত পৰিষ্কাৰ
বৈজ্ঞানিক জ্ঞান থাকে। সংগ্রামৰ পথাৰত সেয়েহে কমিউনিষ্টসকলে সদায়েই ব্যাপক শ্রমিক
একতা স্থাপন কৰিবলৈ চেষ্টা কৰে আৰু এই একতাক বিঘ্নিত কৰিব পৰা বিভিন্ন উপাদান –
যেনে জাতীয় ভেদাভেদ, নৃগোষ্ঠীয় ভেদাভেদ আদিৰ
বিৰোধিতা কৰে।
কমিউনিষ্টসকলে
শ্রমিকৰ স্ব-শিক্ষাৰ প্রক্রিয়াটোক অহৰহ সক্রিয় কৰি ৰাখিবলৈ চেষ্টা কৰে। সংগ্রামৰ মাজেৰেই শ্রমিকসকলে প্রশিক্ষণ লাভ কৰে। যেতিয়া শ্রমিকসকল কোনো ধর্মঘটৰ জৰিয়তে মালিক,
পুলিচ, প্রশাসন আৰু মিডিয়াৰ সমুখীন হয়, তেতিয়া তেওঁলোকৰ চকুৰ পৰা পুঁজিবাদে বান্ধি
থোৱা মতাদর্শগত কাপোৰখন আঁতৰি যায় আৰু তেওঁলোকে ৰাষ্ট্রৰ প্রকৃত চৰিত্র বুজিবলৈ
সক্ষম হয়। সেয়েহে মার্ক্সে কৈছে যে বিপ্লৱী পার্টিয়ে এনে সংগ্রামবোৰত সক্রিয়ভাৱে যোগদান কৰা
উচিত কিয়নো এনে সংগ্রামস্থলীতেই শ্রমিকসকল সাম্যবাদৰ প্রতি আকর্ষিত হয়।
শ্রেণী
সংগ্রামেই হৈছে বিপ্লৱী ৰাজনীতিৰ পঢ়াশালি - আজীৱন মার্ক্স
এংগেলছে ৰাজনীতিৰ প্রসংগত এই কথাটোকেই কৈ গৈছে। ১৮৫০ চনৰ চেপ্তেম্বৰ মাহত কমিউনিষ্ট লীগৰ পৰা
ওলাই অহাৰ পাছত মার্ক্সে “বাওঁ”সকলক সমালোচনা কৰি এনেদৰে লিখিছে “তেওঁলোকে পৰিস্থিতিৰ
বাস্তৱতাৰ পৰা বিপ্লৱ সৃষ্টি হব বুলি বিশ্বাস নকৰে, বৰং তেওঁলোকে তাক ইচ্ছাশক্তিৰ প্রয়োগৰ দ্বাৰাই
সৃষ্টি হব বুলি ভাবে”। তাৰ বিপৰীতে “আমি শ্রমিকসকলক এইবুলি কওঁ – আমি প্রথম বিশ,
ত্রিশ, পঞ্চাছ বছৰ গৃহ যুদ্ধৰ মাজেৰে পাৰ কৰিব লাগিব; তেতিয়াহে পৰিস্থিতি সলনি কৰি
নিজেই ক্ষমতা দখল কৰিব পৰাকৈ আমি প্রয়োজনীয় দক্ষতা তথা প্রশিক্ষণ লাভ কৰিব পাৰিম”
(CW x, 626)। (মার্ক্সে আক্ষৰিক অর্থত পঞ্চাছ বছৰ জোৰা সশস্ত্র সংগ্রামৰ কথা কোৱা নাই। তেওঁ প্রায়েই
শ্রেণী সংগ্রাম বুজাবলৈ ‘গৃহ যুদ্ধ’ৰ উপমাটো ব্যৱহাৰ কৰিছিল।)
এংগেলছেও ১৮৯০ৰ
দশকত ব্রিটেইন আৰু আমেৰিকাত গঢ় লৈ উঠা প্রথম মার্ক্সবাদী গোটসমূহৰ মতান্ধতাক এনেকৈ
সমালোচনা কৰিছিলঃ “তেওঁলোকে মার্ক্সবাদী তত্ত্বক শিলীভূত গোড়ামীলৈ পৰিণত কৰি
পেলাইছে। যেন শ্রেণী চেতনাৰ বিকাশৰ মাজেৰে
শ্রমিকে তত্ত্বৰ পর্যায় লাভ কৰাৰ বিপৰীতে বলপূর্বক কোনো ধর্মীয় পৰম্পৰাৰ দৰে
মার্ক্সবাদক শ্রমিকৰ মগজুত ফটকৈ সুমুৱাই দিব পৰা যাব” (SC, 474)। আমেৰিকাৰ প্রসংগত তেওঁ এনেদৰে লিখিছেঃ
জনগণৰ ওচৰত নিজকে বিকশিত কৰিবলৈ সময় আৰু সুবিধা থকা উচিত, আৰু এই সুযোগ তেতিয়াহে থাকে যেতিয়া তেওঁলোকৰ
নিজৰ বুলি কবলৈ একোটা আন্দোলন থাকে। জনগণৰ বিকাশৰ ৰূপ ভিন ভিন হব পাৰে; মূল কথাটো
হৈছে যে তাৰ বাবে আন্দোলনটো সঁচাকৈয়ে জনগণৰ নিজৰ হব লাগিব। আন্দোলনৰ দ্বাৰাই
তেওঁলোকে নিজৰ ভুলবোৰ চিনাক্ত কৰি লাভাৱাম্বিত হবলৈ সক্ষম হব।
জার্মানসকলে [১৯৩০ পর্যন্ত আমেৰিকাৰ বেছিভাগ মার্ক্সবাদীয়েই
জার্মান বা ৰুছ মূলৰ ব্যক্তি আছিল] আজি তেওঁলোকৰ তত্ত্ব পৰীক্ষা কৰি চোৱাৰ সময় আহিছে। ১৮৪৫ আৰু ১৮৪৮ত আমিও তাকেই কৰিছিলো। তেওঁলোকে
আজি শ্রমিক শ্রেণীৰ যিকোনো আন্দোলনৰ ওচৰলৈ গৈ সিবিলাকৰ আৰম্ভণি বিন্দুটোৰ পৰা আৰম্ভ
কৰি তাত্ত্বিক পর্যায়লৈকে চালি জাৰি চাই পৰীক্ষা কৰা উচিত যে কিদৰে মূল
কার্যসূচীখনৰ তাত্ত্বিক ভুলসমূহৰ সৈতে আন্দোলনটোৰ সমস্যা, বিভ্রান্তি তথা অৱৰোধসমূহ যুক্ত হৈ আছে। কিদৰে কার্যসূচীৰ ভুলৰ বাবে বিভিন্ন
বিসংগতি সৃষ্টি হৈছে (SC, 396, 399)।
শ্রমিক শ্রেণীক
কেনেদৰে এটা চেতনশীল শ্রেণী হিচাপে সংগঠিত কৰিব পৰা যায়, এই বিষয়ক মার্ক্স এংগেলছৰ
সামগ্রিক ফ্রেমৱর্কটোৰ অধীনত বিভিন্ন ধৰণৰ পৰীক্ষণ দেখা পোৱা যায়। ১৮৪০ৰ
দশকত তেওঁলোকে এটা সুকীয়া কমিউনিষ্ট পার্টি নির্মাণ কৰিবলৈ চেষ্টা কৰিছিল যি কোনো
গুপ্ত ষড়যন্ত্রৰ কামত ব্যস্ত হৈ পৰাৰ বিপৰীতে শ্রমিক আন্দোলনৰ সাধাৰণ বিকাশৰ ধাৰাটোক
আগুৱাই নিবলৈ যত্ন কৰিব। লীগৰ সৈতে বিচ্ছেদ ঘটাৰ পাছত ১৮৬৪ চনলৈকে তেওঁলোক কোনো
সুনির্দিষ্ট পার্টি নির্মাণৰ কামৰ পৰা বিৰত আছিল। তাৰ পাছতে প্রথম আন্তর্জাতিক
অস্তিত্বলৈ আহিল। আন্তর্জাতিকৰ ওপৰত মার্ক্সৰ ব্যাপক প্রভাৱ থকা স্বত্তেও প্রকৃততে ই আছিল বিভিন্ন সুকীয়া
চিন্তাধাৰাৰ গোটৰ সমূহীয়া মঞ্চৰ দৰে আৰু সেয়েহে অৱধাৰিতভাৱেই এসময়ত
আভ্যন্তৰীণ সংঘাতসমূহৰ ফলত আন্তর্জাতিকৰ পতন ঘটিছিল। মার্ক্স এংগেলছে বহুবাৰ “আমাৰ
পার্টি”ৰ কথা উল্লেখ কৰিছিল, যদিওবা প্রায়েই তেনে কোনো পার্টি বাস্তৱিকতে
অস্তিত্বমান নাছিল।
এই দৃষ্টিভংগীৰ
লগত কেতিয়াবা এক দৃষ্টবাদী মনোভাৱো যুক্ত হৈ পৰিছিল – যেন কোনো প্রাকৃতিক বিকাশ
প্রক্রিয়াৰ অৱধাৰিত অংগ স্বৰূপেই বিপ্লৱী শ্রেণী চেতনাও
গঢ় হৈ উঠিব। উদাহৰণস্বৰূপে, এংগেলছে ১৮৮৬ চনত এনেদৰে লিখিছে, “আচল কথাটো হৈছে –
শ্রমিক শ্রেণীক এটা শ্রেণী হিচাপে আগবাঢ়িবলৈ দিয়া। যেতিয়াই শ্রমিকসকলে নিজকে এটা
শ্রেণী হিচাপে আৱিষ্কাৰ কৰিব, তেওঁলোকে সঠিক পথ উলিয়াই লব পাৰিব...আৰু
যিসকলে তেওঁলোকৰ বিৰোধিতা কৰিব, অতি সোনকালেই সিবিলাক সৰু সুৰা শক্তিহীন গোটলৈ
পর্যৱসিত হব (SC, 398)। এনে কেতবোৰ লেখনীৰ পৰা এনে ভাব হয়- হয়তো মার্ক্স
এংগেলছে বিশ্বাস কৰিছিল যে ঐতিহাসিক প্রক্রিয়াটোৰ লজিকৰ ফলতেই শ্রমিক শ্রেণীয়ে সমাজবাদী চেতনা লাভ কৰাটো অনিবার্য। অর্থাৎ শ্রমিক বিপ্লৱ হৈছে অনিবার্য। পুঁজি গ্রন্থখনিত মার্ক্সে লিখিছে – “প্রাকৃতিক
প্রক্রিয়াৰ অনিবার্যতাৰ দৰেই” বিপ্লৱ সংঘটিত হব (C i, 929)।
এই ধৰণৰ
লেখনীসমূহে আচলতে মার্ক্সৰ ইতিহাস বিষয়ক মূল ধাৰণাবোৰকে নস্যাৎ কৰি চলে; ইতিহাসৰ
বস্তুবাদী ধাৰণা মতে, “মানুহেই ইতিহাস নির্মাণ কৰে, কিন্তু সেইবুলি মানুহে ফটকৈ মন
গল বুলিয়েই ইতিহাস নির্মাণ কৰিব নোৱাৰে” (CW xi, 103)। অর্থাৎ ইতিহাস নির্মাণৰ ক্ষেত্রত বস্তুগত স্থিতি তথা বিষয়গত প্রস্তুতি –
দুয়োটায়েই আৱশ্যকীয়। কিন্তু অনিবার্য জাতীয় লেখনীসমূহে
মার্ক্সৰ বস্তুবাদী ধাৰণাটোকেই নস্যাৎ কৰে। যেন ইতিহাস নিজেই কোনো চেতনশীল সত্তা, যি মানৱ ইচ্ছা আৰু একচনৰ
পৰা স্বাধীন হৈ নিজ মনে কোনো লক্ষ্যৰ দিশেৰে আগুৱাই গৈছে।
কমিউনিষ্ট মেনিফেষ্টোৱে সকীয়াই থৈ গৈছে – শ্রেণী সংগ্রামৰ দুটা সম্ভাৱনীয় ফলাফল থাকেঃ
“সামগ্রিক সমাজখনৰ বৈপ্লৱীক পুণর্গঠন...অথবা... দুয়ো বিৰোধী শ্রেণীৰ উমৈহতীয়া
বিনাশ” (CW vi, 483) কিন্তু এতিয়া যদি কোৱা হৈছে যে
শ্রমিক শ্রেণীৰ বিজয় অনিবার্য, তেনেহলে সংগ্রাম কৰাৰ অর্থই বা কি থাকিল?
আচলতে কিছুমান
লেখনীত মার্ক্স এংগেলছে মনোগত দিশটোৰ বিপৰীতে বস্তুগত দিশটোক অধিক গুৰুত্ব দিয়াৰ
কাৰণ বুজিবলৈ হলে বিশুদ্ধ তত্ত্বৰ বিপৰীতে সেই সময়ৰ পৰিস্থিতিলৈ মন দিব লাগিব।
মার্ক্সৰ সমসাময়িক বেছিভাগ বিপ্লৱীয়েই কেৱল মনোগত দিশটো লৈ ব্যস্ত আছিল। তেওঁলোকৰ বহুতৰ
মতে – পুঁজিবাদৰ পতন সাধন কেৱল মানুহৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতে নির্ভৰ কৰে;
অর্থাৎ একাংশ প্রফেচনেল ষড়যন্ত্রকাৰীয়ে অস্ত্র-শস্ত্র লৈ আগবাঢ়িলেই হল! শ্রমিকসকলে
স্বয়ংক্রিয়ভাবে তেওঁলোকক অনুসৰণ কৰিব। মার্ক্স এংগেলছে এই এলিটবাদী মনোগতবাদৰ
আতিশয্যৰ পৰা মুক্তি পাবলৈ মাজে সময়ে বস্তুগত দিশটোক অধিক গুৰুত্ব দিছিল।
এইটো কথাও মনত ৰখা
দৰকাৰ যে মার্ক্স-এংগেলছ ৰাজনৈতিকভাৱে সক্রিয় হৈ থকাৰ সময়ছোৱাত ট্রেড
ইউনিয়নসমূহে মুঠ শ্রমিকৰ এটা সৰু, কুশলী তথা বিশেষ অভিজাত অংশকহে সামৰি লৈছিল।
এংগেলছৰ জীৱনৰ শেহৰ ফালেহে সমগ্র ইউৰোপ জোৰা ব্যাপক শ্রমিক আন্দোলনৰ আৱির্ভাৱ হয়। বিশেষকৈ ১৮৮৯ চনত দ্বিতীয় আন্তর্জাতিক গঠন হোৱাৰ পাছত অজস্র
ট্রেড ইউনিয়ন গঢ় লৈ উঠে যাৰ সদস্য সংখ্যা কোটিতকৈও অধিক বৃদ্ধি পায়। সার্বজনীন ভোটাধিকাৰ লাভ কৰাৰ পাছত বুর্জোৱা সংসদলৈও
শ্রমিক দলৰ প্রতিনিধি নির্বাচিত হবলৈ ধৰে। ঠিক এইখিনি সময়ৰ পৰাই পার্টি বিষয়ক মার্ক্স এংগেলছৰ ধাৰণাসমূহ ক্ষতিকৰ হৈ উঠাৰ
সম্ভাৱনাই দেখা দিলে।
ব্যাপক
গণভিত্তিমূলক শ্রমিক আন্দোলনৰ বুকুৰ পৰা পার্টি আৰু ট্রেড ইউনিয়ন নেতৃত্বৰ আশে পাশে এটা ৰক্ষণশীল আমোলাতন্ত্রৰ জন্ম হল।
সমাজবাদৰ বাবে সংগ্রামৰ বিপৰীতে পুঁজিবাদৰ অধীনতেই শ্রমিকৰ হকে কিছু উন্নয়ন সাধন কৰিবলৈ
সিবিলাকে নিজকে নিয়োগ কৰিলে। আমেৰিকান বিপ্লৱী ডেনিয়েল দে
লিয়নৰ ভাষাত “পুঁজিৰ এই শ্রমিক সেনাপতিসকলে” প্রকৃতপক্ষে সংস্কাৰবাদৰ ৰাজনীতিকেই
আঁকোৱালি ললে যদিও বাগাড়ম্বৰৰ স্তৰত তেওঁলোকে মার্ক্সবাদ গ্রহণ কৰিলে। ইউৰোপৰ
সর্ববৃহৎ শ্রমিক দল জার্মান চচিয়েল ডেমক্রেটিক পার্টিয়ে ১৮৯১ চনত এখন মার্ক্সবাদী
কার্যসূচী গ্রহণ কৰিলে। পার্টিৰ নেতৃত্ব দিলে কার্ল কাউটস্কীয়ে, যাক দ্বিতীয়
আন্তর্জাতিকৰ তাত্ত্বিক ‘পোপ’ বুলিও কোৱা হ’ল। এফালে কাউটস্কীয়ে সর্বহাৰা বিপ্লৱৰ অনিবার্যতাৰ
কথা প্রচাৰ কৰিলে, আনফালে পার্টি আৰু ট্রেড ইউনিয়নৰ নেতৃত্বই লাহে লাহে জার্মান ৰাষ্ট্র
আৰু পুঁজিৰ সৈতে আপোচো বৃদ্ধি কৰিলে।
এংগেলছে তেওঁৰ
জীৱনৰ শেষ বছৰকেইটাত কেইবাবাৰো এই প্রৱণতাটোৰ বিষয়ে শ্রমিকসকলক সাৱধান কৰিবলৈ যত্ন
কৰিছিল। পার্টিৰ অধঃপতনৰ প্রক্রিয়াটো অৱশেষত প্রথম বিশ্ব যুদ্ধৰ প্রতি দলৰ সমর্থন ঘোষণাৰ দ্বাৰা সমাপ্ত হল। ফলত বিকল্প হিচাপে লেনিন আৰু
ৰাছিয়াৰ বলচেভিকসকলে এটা নতুন প্রকাৰৰ পার্টি নির্মাণ কৰিবলৈ যত্ন কৰিলে যি আক্ষৰিক অর্থত মার্ক্স কল্পিত পার্টিৰ দৰে
নহলেও সাৰমর্মৰ দিশৰ পৰা মার্ক্সৰ বেছি ওপৰ চপা আছিল। মার্ক্সে ১৮৫০ চনৰ মার্চত
ঘোষণা কৰিছিল যে শ্রমিক শ্রেণীৰ ৰাজনৈতিক স্বাধীনতা ৰক্ষা কৰিবলৈ এটা সুকীয়া
কমিউনিষ্ট পার্টিৰ প্রয়োজনীয়তা আছে। ঠিক তেনেকৈ লেনিনেও ঘোষণা কৰিলে যে পার্টিৰ
যোগেদি এফালে বিপ্লৱী নীতিসমূহৰ প্রতি প্রকৃত আস্থা আৰু আনফালে শ্রমিক শ্রেণীৰ জীৱন আৰু সংগ্রামত অহৰহ তথা সক্রিয় অংশগ্রহণ সুনিশ্চিত হব লাগিব; যিসকল লোকৰ বিপ্লৱী নীতিৰ প্রতি
আস্থা নাই, তেনে লোকৰ পার্টিতো কোনো কাম নাই। এইদৰেই মার্ক্সৰ মূল ধাৰণাটো – যে
শ্রমিক শ্রেণীৰ বাকী অংশটোৰ সতে পার্টিৰ অহৰহ সংবাদৰ জৰিয়তে শ্রমিকসকল এটা বিপ্লৱী শ্রেণীলৈ পৰিণত
হব – লেনিনৰ দ্বাৰা সংৰক্ষিত কৰা হল।
সর্বহাৰাৰ স্বৈৰতন্ত্র
আমি পূর্বেই উল্লেখ কৰিছোঁ
যে মার্ক্সৰ মতে শ্রমিকৰ সংগ্রামে লাহে লাহে ৰাজনৈতিক ৰূপ লবলৈ আৰম্ভ কৰিব যাৰ
অন্তিম লক্ষ্য হব ৰাষ্ট্র শক্তি দখল। শ্রেণী সংঘাতৰ ফলস্বৰূপেই ৰাষ্ট্রৰ আৱির্ভাৱ হয়; অর্থাৎ ৰাষ্ট্র হৈছে শ্রেণী দমনৰ সঁজুলি
মাথোঃ “ৰাজনৈতিক ক্ষমতা হৈছে শ্রেণী বিশেষৰ সংগঠিত শক্তি যাৰ দ্বাৰা আন এটা
শ্রেণীক দমন কৰিব পৰা যায়” (CW vi, 505)। সেয়েহে প্রথমে বুর্জোৱা ৰাষ্ট্রৰ কাঠামোটো ধ্বংস কৰিব পাৰিলেহে শ্রমিক শ্রেণীৰ বিজয় সুনিশ্চিত হব। কমিউনিষ্ট মেনিফেষ্টোত
মার্ক্স এংগেলছে লিখিছে, “শ্রমিক বিপ্লৱৰ প্রথমটো খোঁজ হৈছে সর্বহাৰাক শাসক শ্রেণীলৈ ৰূপান্তৰিত কৰা” (CW vi, 504)।
মার্ক্সে স্পষ্ট কৰি দিছে
যে এই প্রক্রিয়াটো শান্তিপূর্ণভাৱে সম্পন্ন হোৱাটো সম্ভৱপৰ নহয়। প্রথমেই বিপ্লৱীসকলে পুৰণা ৰাষ্ট্র যন্ত্রটো ধ্বংস কৰি পেলাব লাগিব। “আজিলৈকে সকলো বিপ্লৱেই ৰাষ্ট্র যন্ত্রটো ভংগ কৰাৰ বিপৰীতে তাক সূদৃঢ়হে কৰিছে। ক্ষমতাৰ বাবে
লালায়িত প্রতিটো প্রতিদ্বন্দ্বী গোষ্ঠীয়েই এই ৰাষ্ট্র-যন্ত্রটো দখল কৰিবলৈ বিচাৰে,
তাক বিজয়ৰ মুকুট হিচাপে গণ্য কৰে” (CW xi, 186)। কিন্তু “শ্রমিক বিপ্লৱে তাৰ সমস্ত বিধ্বংসী শক্তি এই ৰাষ্ট্র–যন্ত্রটোক ভাঙি পেলাবলৈ প্রয়োগ কৰিব” (CW xi, 185)।
পেৰিছ কমিউনৰ সময়ত মার্ক্সে
তেওঁৰ এজন সমর্থক লুডৱিগ কুগেলমেনলৈ এনেদৰে
লিখিছে,
“মোৰ ‘লুই বনাপার্টৰ ১৮ ব্রুমেৰ’ গ্রন্থখন খুলি চালে দেখিবা
যে শেষ অধ্যায়টোত মই ঘোষণা কৰিছোঁ –বিপ্লৱৰ অনাগত প্রচেষ্টাটোত আৰু পূর্বৰ দৰে এটা শক্তিৰ পৰা আন
এটালৈ আমোলাতান্ত্রিক-মিলিটেৰী ফৰাচী শাসন যন্ত্রটোৰ হস্তান্তৰ নহয়, বৰং তাক ভাঙি চুৰমাৰ কৰি পেলোৱা হব। সমগ্র ইউৰোপীয় মহাদেশখনতে ই হৈছে প্রকৃত গণ বিপ্লৱৰ পূর্বচর্ত (SC, 262-63)।
বুর্জোৱা ৰাষ্ট্রৰ ঠাইত শ্রমিকে সর্বহাৰাৰ স্বৈৰতন্ত্র/ডিক্টেটৰছিপ
স্থাপন কৰিব যি শ্রেণীহীন সমাজ নির্মাণৰ পথ সুগম কৰিব। নিশ্চিতভাৱেই এই স্বৈৰতন্ত্র শব্দটো কিছু অস্বস্তিকৰ যেন অনুভৱ হয়। এনে লাগে যেন সর্বহাৰাৰ স্বৈৰতন্ত্র স্থাপনৰ
অর্থ হৈছে সর্বহাৰাৰ “ওপৰত” স্বৈৰতন্ত্রী শাসন স্থাপন কৰা হব। বাক্যাংশটোৰ মূল জনক
আগষ্ট ব্লাংকিয়েও এনেদৰেই তাৰ অর্থৰোপন কৰিছিল। বিংশ শতিকাৰ বিভিন্ন আমোলাতান্ত্রিক
সমাজবাদী ৰাষ্ট্রত ঠিক এনে অগণতান্ত্রিক স্বৈৰতন্ত্রকেই দেখা পোৱা গৈছিল। পুলিচৰ সন্ত্রাস তথা নির্যাতন শিবিৰেৰে ভৰা এই ৰাষ্ট্রবোৰে মার্ক্সৰ
সমাজবাদৰ ধাৰণাটোকেই বদনাম কৰি পেলাইছিল।
কিন্তু মনত ৰখা ভাল যে
ঊনবিংশ শতিকাত ‘স্বৈৰতন্ত্র’ শব্দটো কোনো গুপ্ত পুলিচ বা নির্যাতন শিবিৰৰ সৈতে
স্পষ্টভাৱে যুক্ত কৰি চোৱা হোৱা নাছিল। সেই সময়ৰ শিক্ষিতসকলে হয়তো বুজি পাইছিল
যে প্রাচীন ৰোমান প্রজাতন্ত্রত ‘ডিক্টেটৰ’ এজন ৰাজহুৱা বিষয়াৰ নাম আছিল। জৰুৰীকালীন অৱস্থাত তেওঁক ছমাহৰ বাবে
অস্থায়ীকৈ শাসন কৰিবলৈ দিয়া হৈছিল। মার্ক্সেও সর্বহাৰাৰ স্বৈৰতন্ত্র/ডিক্টেটৰছিপ
এটি সাময়িক ব্যৱস্থা হিচাপে গণ্য কৰিছিল যাৰ মাধ্যমেৰে পুঁজিবাদৰ
পৰা শ্রেণীহীন সাম্যবাদী সমাজলৈ যাত্রা সম্ভৱপৰ হব।
তদুপৰি মার্ক্স এংগেলছে ৰাষ্ট্র
মানেই পোন প্রথমে দমনৰ এক যন্ত্র বুলি গণ্য কৰিছিল; লেনিনে তাক ‘সশস্ত্র পুৰুষৰ
বিশেষ বাহিনী’ বুলি অভিহিত কৰিছে। এই অর্থত সর্বহাৰাৰ স্বৈৰতন্ত্রও অন্যান্য ৰাষ্ট্রসমূহতকৈ
বিশেষ পৃথক নহব কিয়নো সকলো ৰাষ্ট্রই হৈছে দমনৰ যন্ত্র! অন্যান্য ৰাষ্ট্রত থকাৰ দৰেই
সর্বহাৰাৰ স্বৈৰতন্ত্রৰ অধীনতো দমন নিশ্চয় থাকিব আৰু সি বুর্জোৱা ৰাষ্ট্রসমূহতকৈ কম বা বেছি পৰিমাণে অত্যাচাৰী হব বুলি ভবাৰ কোনো আধাৰ নাই।
সর্বহাৰাৰ স্বৈৰতন্ত্রৰ মূল
বৈশিষ্ট হৈছে – ইয়াৰ দ্বাৰা “শ্রমিকসকলক
শাসক হিচাপে গঠিত কৰা হব” (CW vi, 504)। ইতিহাসত পোন প্রথমবাৰৰ বাবে
প্রত্যক্ষ্য উৎপাদকসকল, সাধাৰণ হজুৱা বনুৱা লোকসকল ৰাষ্ট্রৰ সর্বেসর্বা হৈ পৰিব। গৰিষ্ঠ সংখ্যক লোকক এটা সৰু অংশই দমন কৰাৰ
পৰিস্থিতিৰ অন্ত পৰিব। আচলতে ই হব
মুষ্টিমেয় শোষকহঁতৰ ওপৰত গৰিষ্ঠসংখ্যক
শ্রমিক জনগণৰ স্বৈৰতন্ত্র। ১৮৪৮ৰ বিপ্লৱৰ সময়তেই মার্ক্সে সর্বহাৰাৰ স্বৈৰতন্ত্র ধাৰণাটো ব্যৱহাৰ কৰিছিল যদিও ১৮৭১ৰ পেৰিচ কমিউনৰ
পাছতহে ধাৰণাটোৱে মূর্তমান ৰূপ লাভ কৰে। বহু বছৰ পাছত এংগেলছে এনেদৰে
লিখিছিলঃ
শেহতীয়াকৈ সামাজিক গণতন্ত্রবাদীসকলৰ ভিতৰত লুকাই থকা
মূর্খহঁতে ‘সর্বহাৰাৰ স্বৈৰতন্ত্র’ শব্দটোৰ প্রতি আপত্তি দর্শাইছে। সিঁহত
সন্ত্রসিত হৈ পৰিছে। পিছে এই স্বৈৰতন্ত্রৰ প্রকৃত ৰূপ কেনেকুৱা? আন কলৈকো যাবই নালাগে। পেৰিচ কমিউনলৈ চাওঁক। এয়াই হৈছে
সর্বহাৰাৰ স্বৈৰতন্ত্র!(CWF, 17-18)।
কমিউনিৰ পৰাজয়ৰ পাছত মার্ক্সে ‘ফ্রাঞ্চত গৃহযুদ্ধ’ গ্রন্থখনত কমিউন সম্পর্কে এনেদৰে
লিখিছেঃ
পূর্বৰ চৰকাৰসমূহৰ চৰিত্র আছিল দমনমূলক, কিন্তু কমিউনৰ ৰাজনৈতিক
ৰূপ আছিল সংবৃদ্ধিমূলক। এইখিনিতেই তাৰ প্রকৃত ৰহস্য লুকাই আছে। ই মূলতেই শ্রমিক
শ্রেণীৰ চৰকাৰ আছিল যি উদ্বৃত্ত হৰণ কৰা শ্রেণীৰ বিপৰীতে উদ্বৃত্ত সৃষ্টি কৰা
শ্রেণীৰ ৰাজনৈতিক সংগ্রামৰ ফলাফল আছিল। শ্রমৰ আর্থিক মুক্তি কেনেধৰণৰ ৰাজনৈতিক ৰূপত
লাভ কৰা হব, সেয়া অৱশেষত কমিউনৰ
মাজতেই বিচাৰি পোৱা গল (CWF, 72)।
এই ৰাজনৈতিক ৰূপটোৰ মূল
বৈশিষ্টসমূহ কেনেধৰণৰ আছিল?
কমিউনৰ প্রথম ঘোষণা আছিলঃ আনুষ্ঠানিক সেনাবাহিনীৰ বিলোপ
সাধন আৰু তাৰ ঠাইত জনগণৰ সশস্ত্র স্বেচ্ছাসেৱকৰ বাহিনী গঠন।
নগৰ নিগমৰ সদস্যসকলৰ দ্বাৰা কমিউন গঠন কৰা হৈছিল। চহৰৰ
বিভিন্ন অঞ্চলৰ পৰা এই সদস্যসকলক কম সময়ৰ বাবে নির্বাচিত কৰি অনা হৈছিল আৰু
তেওঁলোকক সহজতে আঁতৰাও পৰা গৈছিল। সদস্যসকল জনগণৰ প্রতি দায়িত্বশীল আছিল। নিগমৰ
বেছিভাগ সদস্যই শ্রমিক শ্রেণীৰ লোক আছিল, নতুবা শ্রমিক শ্রেণীৰ স্বীকৃত প্রতিনিধি
আছিল। কমিউনৰ সদস্যসকলে একেসময়তে বিধানপালিকা আৰু কার্যপালিকাৰ ভূমিকা পালন কৰিছিল;
ই কোনো সংসদীয় সংস্থা হোৱাৰ বিপৰীতে কর্মভিত্তিক সংস্থা আছিল। কেন্দ্রীয় চৰকাৰৰ এজেণ্টৰ
ভূমিকা পালন কৰা পুলিচ বাহিনীটোক তাৰ ৰাজনৈতিক গতিবিধিৰ পৰা আঁতৰাই অনা হৈছিল; কমিউনৰ দ্বাৰা চালিত হোৱা তথা সহজতে বর্খাস্ত কৰিব পৰা এটা দায়িত্বশীল বাহিনী
হিচাপে তাক নকৈ গঢ়া হৈছিল। আন আন প্রশাসনিক বিভাগৰ ক্ষেত্রতো একেটাই ব্যৱস্থা কৰা হৈছিল। সকলো মানুহেই একোজন শ্রমিকৰ সমান দৰমহা
পাইছিল...ন্যায়পালিকাই নিজকে স্বাধীন বুলি জাহিৰ কৰে আৰু এইদৰেই ই নিজৰ প্রকৃত
বশ্যতাৰ কথাটো লুকুৱাই ৰাখে;
প্রতিখন চৰকাৰকেই সিঁহতে আজিলৈকে সেৱা কৰি আহিছিল, সুযোগ বুজি চৰকাৰৰ বশ্যতা মানি লৈছিল বা নতুন চৰকাৰলৈ সিহঁতৰ সেৱা আগবঢ়াইছিল। সেয়েহে এইবাৰ কমিউনৰ দ্বাৰা ন্যায়পালিকাৰ
দণ্ডাধীশহঁতৰ সকলো তথাকথিত স্বাধীনতা কাঢ়ি লোৱা হৈছিল। অন্যান্য ৰাজহুৱা সেৱকৰ দৰেই
দণ্ডাধীশসকলকো ৰাইজৰ দ্বাৰা নির্বাচিত কৰাই অনা হৈছিল আৰু তেওঁলোকক সহজতে আঁতৰাবও
পৰা গৈছিল। তেওঁলোকক দায়িত্বশীল কৰা হৈছিল (CWF, 67-68)।
মার্ক্স এংগেলছে বিশ্বাস কৰিছিল
যে ৰাষ্ট্রৰ অস্তিত্বৰ অর্থ হৈছে “এনে এটা ৰাজহুৱা শক্তি স্থাপন যি জনগণৰ নিজস্ব সশস্ত্র সংগঠনতকৈ
পৃথক হৈ পৰে” (SW iii, 327)। জনগণ আৰু ৰাষ্ট্রৰ এই দূৰত্ব
কমিউনে ভাঙি পেলাবলৈ বিচাৰিছিল। ৰাষ্ট্রৰ অংগসমূহক ই জনগণৰ বহতীয়া তথা
নিয়ন্ত্রণাধীন কৰিবলৈ চেষ্টা কৰিছিল। সেই অর্থত সর্বহাৰাৰ স্বৈৰতন্ত্র বুর্জোৱা গণতন্ত্রতকৈ উচ্চ পর্যায়ৰ গণতান্ত্রিক ৰূপ বুলি কব পাৰি। মার্ক্সৰ ভাষাত, “স্বাধীনতাৰ
অর্থ হৈছে জনগণৰ ওপৰত জাপি দিয়া ৰাষ্ট্রক এতিয়া সম্পূর্ণভাৱে জনগণৰ বহতীয়া কৰি পেলোৱা”(SW ii, 25)।
অৱশ্যে সেইবুলি কমিউনে প্রতিনিধিমূলক ব্যৱস্থাটো বিলোপ কৰি পেলোৱা নাছিল। জনগণৰ দ্বাৰা
নির্বাচিত হৈ অহা প্রতিনিধিসকলেই আইন প্রণয়ন তথা ৰূপায়ণ কৰিছিল। কিন্তু বুর্জুৱা গণতন্ত্রৰ অধীনত নির্বাচিত চৰকাৰৰ অর্থ হৈছে “তিনি বা ছবছৰ মূৰত এই কথাটো
ঠিরাং কৰা যে শাসক শ্রেণীৰ কোনখিনি সদস্যই এইবাৰ জনগণক আভুৱা ভাঁৰিব”(CWF, 69)। এবাৰ নির্বাচিত হৈ অহাৰ
পাছত প্রতিনিধিসকলে সংসদত কি কৰিব তাৰ ওপৰত জনগণৰ কোনো নিয়ন্ত্রণ নাথাকে। পুণৰ
নির্বাচন অনুষ্ঠিত হোৱাৰ সময়ত জনগণে পুণৰ সেই
একেধৰণৰেই দুটা বা তিনিটা বুর্জোৱা দলৰ পৰা কোনটো দল আটাইতকৈ
কম পৰিমাণে নিকৃষ্ট – তাৰ ভিত্তিত
প্রতিনিধি নির্বাচিত কৰিব লগা হয়! তাতোকৈও গুৰুত্বপূর্ণভাৱে, ৰাজনৈতিক ক্ষমতাৰ প্রকৃত উৎস – স্থায়ী মিলিটেৰী আৰু অসামৰিক আমোলাতন্ত্রৰ
ওপৰত সংসদৰ বিশেষ কোনো নিয়ন্ত্রণ নাথাকে। তাৰ বিপৰীতে, কমিউনৰ অধীনত সকলো চৰকাৰী
সেৱকেই জনগণৰ দ্বাৰা নির্বাচিত হৈ আহিব লগা হৈছিল। কামত অসন্তুষ্ট হলে জনগণে
তেওঁলোকক ঘূৰাই পঠাবও পাৰিছিল। এনেদৰেই সার্বজনীন ভোটাধিকাৰে জনগণৰ স্বার্থ ৰক্ষা
কৰিছিল। গণ প্রতিনিধিক বর্খাস্ত কৰিব পৰা অধিকাৰৰ বাবে চৰকাৰৰ ওপৰত জনগণৰ
নিয়ন্ত্রণ ভালেখিনি বৃদ্ধি পাইছিল। একে সময়তে, আনুষ্ঠানিক সেনাবাহিনীৰ বিলোপসাধনৰ
ফলত এতিয়া বলপ্রয়োগৰ শক্তি “জনগণৰ স্ব-সংগঠিত সশস্ত্র বাহিনী”ৰ হাতলৈ গুচি গৈছিল।
পেৰিচ কমিউনিৰ অভিজ্ঞতাই
মার্ক্সৰ এই ধাৰণাটো সূদৃঢ় কৰিলে যে “শ্রমিক শ্রেণীয়ে পূর্বৰ ৰাষ্ট্র যন্ত্রটো
যেনে-আছে-তেনেকৈয়ে দখল কৰি নিজৰ কামত লগাব নোৱাৰে” (CWF, 64)। অৱশ্যে দুটা বিশেষ প্রশ্নৰ প্রসংগত মার্ক্সে পেৰিছ কমিউনিৰ সমালোচনাও কৰিছিলঃ
(১) ভার্ছাইস্থিত বুর্জোৱা শত্রুহঁতৰ বিৰুদ্ধে
আক্রামক যুদ্ধ কৰিবলৈ কমিউনৰ অনিচ্ছা, (২) প্রতি-বিপ্লৱৰ বিৰুদ্ধে নির্মম দমন কার্যসূচী হাতত লোৱাৰ ক্ষেত্রত কমিউনৰ অসফলতা।
১৮৪৮ৰ অভিজ্ঞতাই মার্ক্স
এংগেলছক শিকাইছিল যে বিপ্লৱো হৈছে এক প্রকাৰৰ যুদ্ধ আৰু
আন আন যুদ্ধৰ দৰেই বিপ্লৱী যুদ্ধতো জয়ী হবলৈ অসীম
দৃঢ়তা তথা বজ্র কাঠিন্যৰ প্রয়োজন হয়। ১৮৪৮ৰ প্রসংগত এংগেলছে লিখা এই কথাখিনি পেৰিছ কমিউনৰ
ক্ষেত্রতো প্রয়োগ কৰিব পারিঃ
অন্যান্য যুদ্ধৰ দৰেই অভ্যুত্থানো হৈছে এবিধ কলা যাৰ কেতবোৰ
নিয়ম আছে। যিটো পার্টিয়েই এই নিয়মবোৰৰ অৱহেলা কৰে, সি ধ্বংস হবলৈ বাধ্য। প্রথমতেই – কেতিয়াও অভ্যুত্থানৰ কথা নাভাবিবা
যদিহে ফলাফলৰ মুখামুখি হব পৰাকৈ তুমি প্রস্তুত নোহোৱা…সংগঠন, শৃংখলাৱদ্ধতা আৰু স্বভাৱসিদ্ধ কর্তৃত্বৰ
দিশৰ পৰা তোমাৰ শত্রুহঁত সাধাৰণতেই তোমাতকৈ সুবিধাজনক স্থানত থাকে। যদিহে সিহঁতৰ
বিৰুদ্ধে ভীষণ সমস্যা সৃষ্টি কৰিব নোৱাৰা, তোমাৰ পৰাজয় আৰু বিনাশ সুনিশ্চিত। দ্বিতীয়তে – এবাৰ অভ্যুত্থান আৰম্ভ কৰাৰ
পাছত তুমি ভীষণ দৃঢ়তাৰে কাম কৰিব লাগিব; তুমি অবিৰতভাৱে আক্রামক হব লাগিব। প্রতিৰক্ষামূলক মানসিকতা হৈছে যিকোনো
সশস্ত্র অভ্যুত্থানৰে মৃত্যু বাণীস্বৰূপ; যুদ্ধ আৰম্ভ হোৱাৰ আগেয়েই তোমাৰ পৰাজয় সুনিশ্চিত। যেতিয়া শত্রুহঁত সিঁচৰিত
হৈ থাকে, অতর্কিতে আক্রমণ কৰি সিহঁতক সচকিত কৰি তোলা; প্রতিদিনেই নতুন বিজয়ৰ বাবে
প্রস্তুতি চলোৱা, লাগে তাৰ স্তৰ
যিমানেই সৰু নহওঁক কিয়। অভ্যুত্থানৰ প্রাৰম্ভিক বিজয়ে প্রদান কৰা মানসিক বলশক্তিক
অটুট ৰাখা। এনেকৈয়ে থেৰো গেৰো কৰি থকা শক্তিবোৰক তুমি নিজৰ কাষলৈ আনিব পাৰিবা
কিয়নো সিহঁত সদায়েই শক্তিশালী পক্ষটোৰ প্রতি ধাৱমান হয়। শত্রুহঁতে নিজৰ শক্তি সংগঠিত কৰিৰ পৰাৰ আগেয়েই সিহঁতক আক্রমণ কৰা। বিপ্লৱী নীতিৰ মহানতম
শিক্ষক ডেণ্টনৰ ভাষাতঃ নির্ভীকতা, স্পর্ধা আৰু দুঃসাহস! (CW xi, 85-86)
ইতিহাসে দর্শাইছে যে
অভ্যুত্থানৰ এই নীতিসমূহ তেতিয়াহে পালন কৰাটো সম্ভৱপৰ হৈছে যেতিয়া ক্ষমতা দখল কৰিব পৰাকৈ কোনো বিপ্লৱী পার্টি অস্তিত্বলৈ আহিছে। ১৯১৭ চনৰ ৰুছ বিপ্লৱ লেনিন নেতৃত্বাধীন বলচেভিক পার্টিৰ
অবিহনে সম্ভৱপৰ নাছিল। ঠিক এইখিনিলৈকে
মার্ক্স আৰু ব্লাংকৰ চিন্তাধাৰাৰ সাদৃশ্য আছেঃ শ্রমিক শ্রেণীয়ে ক্ষমতা দখল কৰিবলৈ
হলে এটা বিপ্লৱী দল প্রয়োজনীয় হয় যি অভ্যুত্থানৰ কলা প্রদর্শন
কৰিব পৰাকৈ প্রস্তুত হৈ থাকে। পিছে ব্লাংকৰ বিপৰীতে মার্ক্সবাদীসকলে এইবুলিও কয় যে
বহুলাংশ শ্রমিক জনগণৰ সক্রিয় সমর্থনৰ ভিত্তিতহে পার্টিয়ে ক্ষমতা দখল কৰিব পাৰিব।
মার্ক্সে কমিউনৰ আন এটা
দুর্বলতা চিনাক্ত কৰিব পৰা নাছিলঃ সেয়া হৈছে – কেৱল পুৰুষ নাগৰিকসকলৰহে ভোট দিয়াৰ অধিকাৰ আছিল। মহিলাসকলৰ কোনো ভোটাধিকাৰ নাছিল,
অথচ কমিউন কমিউন নির্মান কৰোঁতে মহিলাসকলেও সংগ্রামত সমানেই অংশগ্রহণ কৰিছিল।
মহিলাৰ প্রতি এনে বৈষম্যই ফৰাচী শ্রমিক আন্দোলনত জেকোবিনবাদৰ অহৰহ প্রভাৱৰ কথাই সোঁৱৰাই দিয়ে।
ইয়াৰ বাহিৰেও মন কৰিবলগীয়া
যে প্রতিনিধিসকলৰ নির্বাচন প্রক্রিয়াটো উদ্যোগ বা কর্মস্থলীভিত্তিক হোৱাৰ বিপৰীতে ভৌগলিক-ভিত্তিক আছিল। ফলত বুর্জোৱা নির্বাচনৰ দৰেই সকলো নাগৰিকৰে ভোট সমান বুলি ধৰা হৈছিল, তেহেলৈ প্রতিজন ভোটাৰৰ
শ্রেণী অৱস্থান যিয়েই নহওঁক কিয়। কাজেই কমিউনৰ এনে
নির্বাচন প্রক্রিয়াত বুর্জোৱাহঁতে প্রভাৱ পেলোৱাৰ সম্ভাৱনা ৰৈ গৈছিল; বুর্জোৱাহঁতৰ ভোটাধিকাৰ কাঢ়ি লোৱা হোৱা নাছিল। অৱশ্যে যিহেতু পেৰিচ চহৰখনৰ পৰা বেছিভাগ পুঁজিপতি ইতিমধ্যেই পলাই গৈছিল, সেয়েহে
বাস্তৱক্ষেত্রত নির্বাচনৰ এনে আনুষ্ঠানিক সমতাই কোনো
প্রতিকূল প্রভাৱ পেলাব পৰা নাছিল।
ভৌগলিক ভিত্তিত প্রতিনিধি
চয়ন কৰাৰ কাৰণ আছিলঃ সেই সময়ৰ বেছিভাগ ফৰাচী শ্রমিকেই কাৰিকৰ হিচাপে সৰুসুৰা ৱর্কচপত কাম কৰিছিল। ফলত কর্মস্থলীসমূহ শ্রমিক সংগঠন আৰু একচনৰ মূল কেন্দ্র
হিচাপে গঢ় লৈ উঠিব পৰা নাছিল। উৎপাদনৰ ক্ষেত্রখনত শ্রমিকসকলে তেওঁলোকৰ সংঘৱদ্ধ শক্তিৰ পৰিচয় দিব পৰা নাছিল; সেয়া কেৱল ৰাজপথতে সীমাৱদ্ধ হৈ ৰৈছিল।
পাছৰ কাললৈ আধুনিক বৃহৎ
উদ্যোগৰ বিকাশৰ ফলত এটা বিৰাট উদ্যোগিক শ্রমিক শ্রেণীও অস্তিত্বলৈ আহিল। ফলত
শ্রমিক শ্রেণীৰ সংগঠনৰ ৰূপো সলনি হবলৈ ধৰিলে। ১৯০৫ চনৰ ৰুছ বিপ্লৱৰ পাছত শ্রমিক চোভিয়েট(শ্রমিক পৰিষদ)সমূহ পোন প্রথমবাৰৰ অস্তিত্বলৈ আহিল।
ভৌগলিক ভিত্তিক নির্বাচনৰ বিপৰীতে কর্মস্থলীভিত্তিক এই চোভিয়েটসমূহকেই শ্রমিক শাসনৰ
উত্তম ৰূপ বুলি কব পৰা যায়। ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ সময়ত দেখা গল – বিভিন্ন কর্মস্থলীৰ ভিত্তিত ব্যাপক হাৰত শ্রমিকসকলে নিজৰ
প্রতিনিধি চয়ন কৰিছে আৰু এইদৰেই বুর্জোৱা গণতন্ত্রৰ এক বিকল্প অস্তিত্বলৈ আহিছে। কর্মস্থলীভিত্তিক সংগঠন হোৱাৰ সুবাদতে এই চোভিয়েটসমূহত বুর্জোৱাহঁতে প্রবেশ কৰাৰ সম্ভাৱনা হ্রাস হৈ পৰিছিল।
অর্থাৎ চোভিয়েটৰ উদয়ে
মার্ক্সৰ সর্বহাৰাৰ স্বৈৰতন্ত্র বিষয়ক ধাৰণাটোক সম্পূর্ণ কৰিলে। চোভিয়েটসমূহে ৰাজনৈতিক
শাসনৰ এনে এটা ৰূপ প্রদান কৰিলে যাৰ জৰিয়তে উৎপাদনৰ ক্ষেত্রখনত শ্রমিকে গঢ়ি তোলা
সমূহীয়া শক্তি প্রতিফলিত হল। মার্ক্সে চোভিয়েটৰ উদয়ৰ পূর্বানুমান কৰাটো সম্ভৱপৰ নাছিল। ১৮৪৮ তথা ১৮৭১ৰ বিপ্লৱৰ পৰা তেওঁ যিমান পাৰি
মূল্যবান শিক্ষা গ্রহণ কৰিছিল। ঠিক তেনেদৰেই আমিও ভৱিষ্যতৰ বিপ্লৱসমূহৰ পৰা ন ন শিক্ষা গ্রহণ কৰি থাকিব লাগিব।
অৱশ্যে ফৰাচী শ্রেণী সংগ্রামৰ শিক্ষাসমূহ অন্য দেশতো প্রযোজ্য হব নে নহব – এই
বিষয়ে মার্ক্সৰ লেখনীসমূহত কেতিয়াবা কিছু দ্বিধা দেখিবলৈ পোৱা যায়। যেনে প্রথম আন্তর্জাতিকৰ হেগ অধিবেশনত তেওঁ এইদৰে মন্তব্য কৰিছে,
“কিছুমান দেশ – যেনে আমেৰিকা, ইংলেণ্ড, হলেণ্ড আদিত শ্রমিক জনগণে শান্তিপূর্ণ
পদ্ধতিৰে বিজয়ী হোৱাটো সম্ভৱপৰ হবও পাৰে।” অর্থাৎ যিবোৰ বুর্জোৱা দেশত শ্রমিকৰ ভোটদানৰ
অধিকাৰ আছে, সিবিলাকৰ চৰিত্র অন্যান্য পুঁজিবাদী ৰাষ্ট্রতকৈ কিছু ভিন্ন হব পাৰে
বুলি মার্ক্সে বিবেচনা কৰিছিল।
তাৰ অর্থ এইটো নহয় যে মার্ক্সে ৰাষ্ট্রৰ মূল সংজ্ঞা সলনি কৰি পেলাইছিল। পুঁজি
গ্রন্থখনিৰ প্রথম খণ্ডটোৰ ইংৰাজী সংস্কৰণৰ পাতনিত এংগেলছে এনেদৰে লিখিছে,
মার্ক্স এই সিদ্ধান্তত উপনীত হৈছিল যে ইউৰোপৰ ক্ষেত্রত
অন্ততঃ ইংলেণ্ডত সম্পূর্ণ শান্তিপূর্ণ উপায়েৰে সামাজিক বিপ্লৱ সম্পন্ন কৰাটো সম্ভৱপৰ হব। অৱশ্যে লগতে তেওঁ
এইবুলিও কবলৈ পাহৰা নাছিল – জনগণৰ শান্তিপূর্ণ তথা আইনী বিপ্লৱ ইংৰাজ শাসক
শ্রেণীয়ে কোনো “দাসব্যৱস্থা সমর্থক বিদ্রোহ” নকৰাকৈ মানি বুলি আশা কৰা নাযায় (C I, 113)।
অর্থাৎ বুর্জোৱাই সিহঁতৰ
ক্ষমতা কাঢ়ি লব বিচৰা যিকোনো বিপ্লৱৰ হিংসাত্মক বিৰোধিতা কৰাটো স্বাভাৱিক কথা, যিদৰে
১৮৬১ চনত আমেৰিকাৰ দক্ষিণ প্রদেশবোৰে দাসব্যৱস্থা বিলুপ্তকৰণৰ
বিৰোধিতা কৰি গৃহ যুদ্ধ সৃষ্টি কৰিছিল। পাছৰ
কালৰ ঘটনাৱলীয়ে শাসক শ্রেণীৰ বিদ্রোহ বিষয়ক মার্ক্সৰ আশংকাখিনি শুদ্ধ বুলিয়েই প্রমাণিত কৰিলে।
য’তেই শান্তিপূর্ণভাৱে সমাজবাদ নির্মাণৰ চেষ্টা কৰা হৈছে, তাতেই শাসক
শ্রেণীয়ে সশস্ত্র প্রতিৰোধ গঢ়ি তুলিছে। ১৯৭৩ চনত চিলি দেশৰ নির্বাচিত বাওঁপন্থী ৰাষ্ট্রপতি
চালভাদৰ এলেন্দেক হত্যা কৰি সেনাবাহিনীয়ে ক্ষমতা দখল কৰা ঘটনাটোক এই প্রক্রিয়াটোৰে
অন্যতম উদাহৰণ বুলি কব পাৰি। পুঁজিপতিহঁতে সাধাৰণতেই সেনাবাহিনীৰ ওপৰত ভৰষা কৰিব পাৰে কিয়নো সেনাবাহিনীৰ
আনুগত্য সংসদতকৈ স্থিতাৱস্থা ৰক্ষাৰ প্রতিহে অধিক হয়।
যি কি নহওঁক, শান্তিপূর্ণ
বিপ্লৱ বিষয়ক মার্ক্সৰ ভ্রান্তিকৰ আশাখিনিৰ উৎস সার্বজনীন ভোটাধিকাৰ বিষয়ক তেওঁৰ জীৱনজোৰা অত্যুৎসাহৰ
মাজত বিচাৰি পোৱা যায়। তেওঁ
সার্বজনীন ভোটাধিকাৰৰ ধনাত্মক প্রভাৱ অনেকখিনি হব বুলি ভাবিছিল। কমিউনিষ্ট হোৱাৰ আগেয়ে ১৮৪৩
চনত লিখা ‘হেগেলৰ অধিকাৰৰ দর্শনৰ সমালোচনা’ শীর্ষক গ্রন্থখনিত মার্ক্সে যুক্তি
দর্শাইছিল যে সার্বজনীন ভোটাধিকাৰৰ প্রয়োগৰ ফলৰ ৰাষ্ট্র আৰু নাগৰিক সমাজৰ দূৰত্ব
নাশ পাব, যাৰ ফলত মানুহৰ একাংগীবোধৰো সমাপ্তি ঘটিব। ইতিহাসৰ বস্তুনিষ্ঠ ধাৰণা
বিকশিত কৰাৰ পাছতো মার্ক্স এংগেলছে এই আশা নেৰিলে যে সার্বজনীন ভোটাধিকাৰৰ স্থাপনে
ভৱিষ্যতে বুর্জোৱা শাসন ব্যৱস্থাটোক বিপদত
পেলাব। ‘ফ্রাঞ্চত গৃহযুদ্ধ’ তথা ‘লুই বনাপার্টৰ ১৮ ব্রুমেৰ’ শীর্ষক গ্রন্থদুখনিত
মার্ক্সে ফৰাচী দেশত দ্বিতীয় প্রজাতন্ত্রৰ অধীনত ১৮৪৮-৫১ সময়ছোৱাত সার্বজনীন পুৰুষ
ভোটাধিকাৰ প্রয়োগৰ ফলত সৃষ্টি হোৱা নতুন দ্বন্দ্বসমূহ সম্পর্কে আলোচনা কৰিছে। ১৮৫০ চনৰ ব্রিটিছ শ্রেণী সংগ্রাম বিষয়ক এটা
লেখনীত এংগেলছে এনেদৰে লিখিছে, “ইংলেণ্ডৰ দৰে এখন দেশত – য’ত উদ্যোগিক শ্রমিকসকলে মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশ গঠন কৰিছে, তাত সার্বজনীন ভোটাধিকাৰ প্রয়োগৰ অর্থ হৈছে
শ্রমিক শ্রেণীৰ ৰাজনৈতিক শাসন তথা তাৰ
সৈতে অবিচ্ছেদ্য সামাজিক স্থিতিৰ বৈপ্লৱিক ৰূপান্তৰণ” (CW x, 298)।
আজি আমি জানো যে
সার্বজনীন ভোটাধিকাৰৰ প্রয়োগে বুর্জোৱাৰ শাসনৰ বাবে কিছু সমস্যা সৃষ্টি কৰিলেও তাক
বিপদত পেলাব পৰাকৈ যথেষ্ঠ নহয়। কিন্তু মনত ৰখা ভাল যে উনবিংশ শতিকাত কেৱল পুৰুষৰো
সার্বজনীন ভোটাধিকাৰ এটা দুস্প্রাপ্য বস্তু আছিল। বেছিভাগ দেশৰে শাসকহঁতে তাৰ বিৰোধিতা
কৰিছিল। ইংলেণ্ডত চার্টিষ্ট আন্দোলনে সার্বজনীন ভোটাধিকাৰৰ দাবীত দেশব্যাপী উখল
মাখলৰ সৃষ্টি কৰিছিল। আনহাতে টৰিসকলেই হওঁক বা উদাৰবাদীসকলেই হওঁক – শাসক শ্রেণীৰ
সকলো দলে তাৰ তিক্ত বিৰোধিতা কৰিছিল। কেৱল ১৮৬৭ চনতহে কিছুসংখ্যক শ্রমিকক ভোটাধিকাৰ দিয়া
হৈছিল। সকলো পুৰুষে ১৯১৮ চনতহে ভোটাধিকাৰ লাভ কৰিছিল। মহিলাই ভোটাধিকাৰ পাবলৈ আৰু
দহবছৰ লাগিছিল। যিসমূহ দেশত ১৮৭০ৰ পাছতে সার্বজনীন পুৰুষ ভোটাধিকাৰ প্রয়োগ কৰা
হৈছিল – যেনে ফ্রাঞ্চ তথা জার্মানীত – তাৰ জনসংখ্যাৰ সৰহভাগেই আছিল কৃষক – যি
বুর্জোৱা তথা অভিজাত শ্রেণীৰ দলসমূহক জনপ্রিয় ভিত্তি প্রদান কৰিছিল। সেয়েহে ইংলেণ্ডৰ
দৰে শ্রমিক সংখ্যাগৰিষ্ঠ দেশ একোখনত সার্বজনীন ভোটাধিকাৰৰ প্রয়োগে বৈপ্লৱীক ফলাফল সৃষ্টি
কৰিব বুলি মার্ক্সে-এংগেলছে আশা কৰাটো স্বাভাৱিক আছিল।
জীৱনৰ শেহৰ ফালে
এংগেলছে উপলব্ধি কৰিছিল যে সার্বজনীন ভোটাধিকাৰৰ সতে পুঁজিবাদ সহ-অস্তিত্ব সম্ভৱপৰ। আনুষ্ঠানিকভাৱে সকলো
ব্যক্তিকে সমান বুলি ধৰা হয়; অর্থাৎ ব্যক্তিয়ে প্রতি একোটাকৈ ভোট। কিন্তু এই
আনুষ্ঠানিক সমতাই প্রকৃত সামাজিক-আর্থিক বৈষম্যৰ ছবিখন লুকুৱাই ৰাখে। আর্থিক
নীতি নির্ধাৰণ কৰাৰ সময়ত পুঁজিপতিকে আদি কৰি শাসকহঁতৰ হাততেই সকলো ভোট থাকে; জনগণৰ
তাৰ কোনো কাম নাই।
সাম্প্রতিক সময়ত পুঁজিবাদী গণতন্ত্রৰ
সীমাৱদ্ধতা বুজিবলৈ ফ্রাঞ্চৰ পৰাই এটা উদাহৰণ দিয়া যাওঁক। বিংশ শতিকাৰ আশীৰ দশকত কমিউনিষ্ট
পার্টিৰ সমর্থনত সংস্কাৰবাদী চচিয়েলিষ্ট দলৰ নেতা মিটাহঁ ফ্রাঞ্চৰ ৰাষ্ট্রপতি নির্বাচিত হল।
শ্রমিকৰ জীৱন পৰিস্থিতি উন্নত কৰিবলৈ তেওঁ কেতবোৰ কার্যসূচী
হাতত ললেঃ যেনে নূন্যতম মজুৰী বৃদ্ধিকৰণ, কর্মদিবস চুটিকৰণ ইত্যাদি। মিটাহঁৰ কামত বিতুষ্ট হৈ ফৰাচী বুর্জোৱাই বিনিয়োগ ধর্মঘট আৰম্ভ কৰিলে।
অর্থাৎ সিহঁতে অর্থনীতিৰ উৎপাদনৰ কামত পুঁজি বিনিয়োগ কৰা বন্ধ কৰিলে। ফলত অর্থনীতিৰ
অৱস্থাও কাঢ়িল হৈ পৰিল। কৰ কাটল আদায়ৰ জৰিয়তে চৰকাৰে লাভ কৰা আয়ৰ পৰিমাণো
কমিবলৈ ধৰিলে। ফলত শ্রমজীৱি জনগণৰ উন্নয়নৰ কামত চৰকাৰে
ধন খৰছ কৰিব নোৱৰা হৈ পৰিল। শেহত মিটাহেঁ পুঁজিপতিৰ ওচৰত আত্মসমর্পণ কৰিবলৈ
বাধ্য হল। সকলো প্রগতিশীল সংস্কাৰৰ কার্যসূচী পৰিত্যাগ কৰা হল। যিহেতু বিপ্লৱ সাধন কৰা দলটোৰ উদ্দেশ্য নাছিল, সেয়েহে পুঁজিপতিৰ বিনিয়োগ বিক্ষোভৰ মোকাবিলা
কৰিবলৈ শ্রমিকৰ সমবায় নির্মাণ কৰা বা গুৰুত্বপূর্ণ উদ্যোগসমূহৰ চৰকাৰীকৰণ কৰা আদি
নীতি হাতত লবলৈ মিটাহেঁ সাহস কৰিব নোৱাৰিলে। নিশ্চিতভাৱেই এনে কার্যসূচী হাতত লোৱা হলে বুর্জোৱাহঁতে আন কোনো পদ্ধতিৰে চৰকাৰখনক সমস্যাত পেলাবলৈ চেষ্টা কৰিলেহেঁতেন।
এইক্ষেত্রত বুর্জোৱাৰ শেষ অস্ত্রপাত হৈছে সেনাবাহিনীৰ দ্বাৰা
ক্ষমতা দখল।
এনে পৰিস্থিতিত প্রতিটো
খোজতে বুর্জোৱাহঁতৰ ষড়যন্ত্র নিপাত কৰিবলৈ বিপ্লৱী দলটো সাজু থাকিব লাগিব। শ্রমজীৱি জনগণক আর্থিক তথা ৰাজনৈতিক
স্তৰত সংগঠিত কৰিব লাগিব। আনকি আনুষ্ঠানিক
সেনাবাহিনীক ভাঙি দিবলৈ, তাক নিষ্ক্রিয় কৰিবলৈ বিপ্লৱীসকলে সাহস কৰিব লাগিব, তাৰ বাবে যথোচিত ব্যৱস্থা তথা উপায় উলিয়াব লাগিব। অর্থাৎ ক্রমান্বয়ে পুঁজিবাদী ৰাষ্ট্রৰ কাঠামোটো
ভাঙি পেলাব নোৱাৰিলে সমাজবাদী শক্তিসমূহ এসময়ত পৰাজিত হবলৈ
বাধ্য।
এই উদাহৰণটোৰ পৰা বুজা যায়
যে আজিৰ সময়ত বিপ্লৱ দূৰৰ কথা, পুঁজিবাদী ব্যৱস্থাটোৰ ভিতৰতে কেতবোৰ প্রগতিশীল সংস্কাৰ সাধন কৰিবলৈও সমাজবাদীসকলে
পুঁজিপতিহঁতৰ বিৰুদ্ধে যুঁজিবলৈ সাজু থাকিব লাগিব। অন্যথা যেতিয়াই কোনো দলে
পুঁজিপতিবিৰোধী কার্যসূচী হাতত লব, সিবিলাকক সমস্যাত পেলাবলৈ পুঁজিপতিয়ে বিনিয়োগ
ধর্মঘট আৰম্ভ কৰিব।
এই সমালোচনাখিনিৰ অর্থ এইটো
নহয় যে আমি মার্ক্সৰ সর্বহাৰাৰ স্বৈৰতন্ত্র বিষয়ক ধাৰণাটোক নাকচ কৰিছোঁ। বৰং আমি
এইটোহে দর্শাব খুজিছোঁ যে বুর্জোৱা গণতন্ত্রৰ অধীনত শ্রমিকৰ
বাবে কেতবোৰ কল্যাণকাৰী সংস্কাৰ সাধন কৰিবলৈও “শ্রমিক শ্রেণীয়ে পূর্বৰ ৰাষ্ট্র
যন্ত্রটো যেনে-আছে-তেনেকৈয়ে দখল কৰি নিজৰ কামত লগাব নোৱাৰে।” বৰং তাক ধ্বংস কৰাৰ পথেৰে আগবাঢ়িলেহে তেওঁলোক সফল হব।
বিশ্ব বিপ্লৱ
পুঁজিবাদ হৈছে এটা বিশ্ব
ব্যৱস্থা। “বিশ্ব বজাৰৰ স্তৰত প্রতিযোগিতা হৈছে পুঁজিবাদী উৎপাদনৰ ভিত্তি তথা গুৰুত্বপূর্ণ
জীৱনী শক্তি”(C iii, 110)। এফালৰ পৰা চাবলৈ গলে
পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ বিকাশৰ ফলাফল হিচাপেই আন্তঃৰাষ্ট্রীয় অর্থনীতিখন
অস্তিত্বলৈ আহিছে।
পুঁজিবাদৰ বিকাশৰ ফলাফল
হিচাপেই এসময়ত আধুনিক বিশ্ব ঔপনিবেশিক অর্থনীতি সৃষ্টি হৈছিল। এচিয়া আৰু আমেৰিকাৰ
বহুলাংশ দেশ ইউৰোপীয় শক্তিসমূহৰ উপনিবেশলৈ পৰিণত হৈছিল। আফ্রিকাৰ পৰা অনা হৈছিল
আধুনিক দাসসকলক যাৰ শ্রমৰ ওপৰত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ
দক্ষিণাঞ্চলৰ কৃষিপামসমূহ পূর্ণমাত্রাই নির্ভৰশীল আছিল। সমগ্র পৃথিবীখনক লুটি মেলি
“পুঁজিৰ আদিম সঞ্চয়” সম্ভৱপৰ কৰা হৈছিল; অর্থাৎ ইউৰোপীয়
পুঁজিপতিহঁতৰ হাতত টকা পুঞ্জীভূত কৰা হৈছিল যাৰ সহায়ত কৃষিখণ্ডৰ পৰা বিস্থাপিত হোৱা ইউৰোপীয় কৃষকসকলৰ শ্রম শক্তি ক্রয় কৰা হৈছিল।
এই সমস্ত প্রক্রিয়াসমূহৰ
ফলাফল আছিল – এক একক বিশ্ব আর্থিক ব্যৱস্থাৰ নির্মাণ। বিভিন্ন
দেশে এক আন্তর্জাতিক শ্রম বিভাজন প্রক্রিয়াত অংশগ্রহণ কৰিছিল। আমেৰিকাৰ
দক্ষিণাঞ্চলৰ দাস শ্রম ভিত্তিক কৃষিপামবোৰে ইংলেণ্ডৰ কাপোৰ উদ্যোগৰ বাবে কপাহ
যোগান ধৰিছিল। ভাৰতৰ হস্তশিল্পজাত উদ্যোগসমূহ বৃটিছ কাপোৰ উদ্যোগৰ সতে
প্রতিযোগিতাত তিস্তিব নোৱাৰি ধ্বংস হৈ গৈছিল।
মার্ক্সৰ জীৱনৰ শেহৰফালে বৃটেইনৰ আর্থিক আধিপত্যক
প্রত্যাহবান জনাই কেইবাখনো উদ্যোগিক দেশৰ উদয় হৈছিল – জার্মানী, ফ্রাঞ্চ, আমেৰিকা
আদিয়ে ‘বহুতো পুঁজি’ৰ প্রতিযোগিতাখনক ভীষণভাৱে বৃদ্ধি কৰিছিল আৰু তাক সম্পূর্ণভাৱে আন্তর্জাতিক কৰি তুলিছিল।
মার্ক্সৰ মতে বিশ্ব
পুঁজিবাদী ব্যৱস্থাটোৰ উদয়ৰ ফলত সর্বহাৰাৰ বিপ্লৱ শেহত গৈ কেৱল আন্তর্জাতিক স্তৰতহে সফল হব পাৰে। ‘জার্মান মতাদর্শ’ৰ এক দূৰদর্শী
অংশত তেওঁ লিখিছে - বিশ্ব বিপ্লৱ প্রয়োজনীয় কিয়নো
তাৰ অবিহনে অভাৱ, প্রয়োজনে পুণৰ সাধাৰণ ৰূপ
ধাৰণ কৰিব আৰু তাৰ লগে লগেই মানুহে পুণৰ অভাৱ পূৰ কৰিবলৈ সংগ্রাম
আৰম্ভ কৰিব। শেহত লেতেৰা কাৰবাৰটো পুণৰ প্রতিষ্ঠিত হব...তথ্যগতভাৱে, সাম্যবাদ তেতিয়াহে সম্ভৱপৰ যেতিয়া সকলো গুৰুত্বপূর্ণ
দেশৰ মানুহেই একেসময়তে ক্রিয়া কৰিব...ইয়াৰ পূর্বচর্ত হৈছে উৎপাদিকা শক্তিৰ
সার্বজনীন বিকাশ তথা তাৰ আনুষঙ্গিক বিশ্ব-সংগম (CW v, 49)।
মার্ক্সৰ মতে সাম্যবাদ তেতিয়াহে সম্ভৱপৰ যেতিয়া উৎপাদিকা শক্তিসমূহে এটা উপযুক্ত পর্যায়লৈকে
বিকাশ লাভ কৰিব। এই প্রক্রিয়াটো কোনো দেশৰ ভিতৰত সম্পন্ন হোৱাৰ বিপৰীতে গোলকীয় স্তৰতহে সংঘটিত হয়। ফলস্বৰূপে কোনো দেশ
বিশেষৰ ভিতৰতে আৱদ্ধ হৈ ৰোৱা বিপ্লৱ অসফল হবলৈ বাধ্য কিয়নো শ্রেণীসমাজৰ নিৰসন ঘটাব পৰাকৈ
প্রয়োজনীয় সম্পদসমূহ কেৱল আন্তর্জাতিক পর্যায়তহে পোৱা যায়; সিবিলাকৰ পৰা বঞ্চিত হৈ বিপ্লৱ মৰহি যাব। বুর্জোৱা বিশ্ব ব্যৱস্থাটোৰ হেঁচাৰ ফলত কোনো দেশ এখনৰ সীমাৰ ভিতৰত আৱদ্ধ বিপ্লৱ একোটা এসময়ত গলিত হবলৈ আৰম্ভ কৰিব য’ত “অভাৱ, প্রয়োজনে পুণৰ সাধাৰণ ৰূপ ধাৰণ কৰিব...শেহত লেতেৰা কাৰবাৰটো
পুণৰ প্রতিষ্ঠিত হব।” দেশখনৰ সীমাৰ
ভিতৰত উপলভ্য উৎপাদিকা শক্তিসমূহ শ্রেণীহীন সমাজ নির্মাণ কৰিব পৰাকৈ পর্যাপ্ত নহব
আৰু শ্রেণী সংগ্রাম চলি থাকিব। ১৮৪৭ চনত কমিউনিষ্ট লীগৰ খছৰা হিচাপে লিখিত
‘প্রিঞ্চিপলছ অব কমিউনিজম’ শীর্ষক গ্রন্থখনত এংগেলছে প্রশ্ন কৰিছে “কেৱল এখন দেশৰ ভিতৰতে এই বিপ্লৱ সম্পন্ন কৰাটো সম্ভৱপৰনে?” তেওঁৰ উত্তৰটো আছিল দ্যর্থহীনঃ
কেতিয়াও সম্ভৱপৰ নহয়। বৃহৎ উদ্যোগে
ইতিমধ্যেই বিশ্ব বজাৰ গঢ়ি তুলিছে, ই বিশ্বৰ সকলো লোকৰ, বিশেষকৈ সভ্য লোকৰ মাজত
সংযোগ স্থাপন কৰিছে, ফলত ইটোৰ ওপৰত পৰা প্রভাৱ সিটোলৈও বাগৰি গৈছে; সকলোৱেই ইটো সিটোৰ ওপৰত নির্ভৰশীল হৈ পৰিছে। তদুপৰি,
সকলো সভ্য দেশতে বৃহৎ উদ্যোগে সামাজিক বিকাশৰ স্তৰ এনেকৈ সমান কৰি পেলাইছে যে এই
সকলো দেশতে বুর্জোৱা আৰু সর্বহাৰা
সমাজৰ দুটা নির্ণায়ক শ্রেণীলৈ পৰিণত হৈছে। দুয়োৰে মাজৰ সংগ্রাম আজি মূল সংগ্রাম
হিচাপে পৰিচিত হৈছে। সাম্যবাদী বিপ্লৱ সেয়েহে কোনো দেশ বিশেষৰ জাতীয় স্তৰৰ বিপ্লৱ নহব; বৰং ই সকলো সভ্য দেশতে একেসময়তে ঘটিব;
অন্ততঃ ইংলেণ্ড, আমেৰিকা, ফ্রাঞ্চ আৰু জার্মানীত এই বিপ্লৱ একেসময়তে ঘটিব (CW vi, 351–52)।
কিছুসংখ্যক মার্ক্সবাদীৰ
মতে এনেদৰে বিভিন্ন দেশত একেসময়তে বিপ্লৱ সম্ভৱপৰ নহয় আৰু এই বিষয়ক মার্ক্স-এংগেলছৰ লেখনীসমূহ
তৰুণ মনৰ ভাবোচ্ছাস বুলিহে গণ্য কৰা উচিত। পিছে মন কৰা ভাল যে ‘প্রিঞ্চিপলছ অব
কমিউনিজম’ৰ চিয়াঁহী শুকাবলৈ নোপাওঁতেই ইতিমধ্যেই ইউৰোপৰ বিভিন্ন দেশত ১৮৪৮ৰ বিপ্লৱে দেখা দিছিল আৰু সঁচাকৈয়ে এখন দেশৰ বিপ্লৱ আন এখনৰ ওপৰত নির্ভৰ কৰিছিল। সেই অর্থত মার্ক্স-এংগেলছক সম্পূর্ণ ভুল বুলি কোৱা টান।
কিন্তু লগতে ইয়াও সত্য যে
মার্ক্স-এংগেলছৰ সময়তকৈ আজিৰ পৰিস্থিতি বহু বেছি পৰিমাণে জটিল। লেনিনে তেওঁৰ
লেখনীসমূহত বাৰম্বাৰ অসমান বিকাশৰ ধাৰণাটো ব্যৱহাৰ কৰিছে – বিভিন্ন সমাজৰ বিকাশ ভিন ভিন গতিত, ভিন ভিন ৰূপত সমাপন হয় আৰু
গতিকেই একেধৰণৰ উৎপাদন সম্পর্ক থকা দেশসমূহৰো সামাজিক আৰু ৰাজনৈতিক গাঁথনি ভিন ভিন
হোৱা দেখা যায়। আজিৰ সময়ৰ আমেৰিকা যুক্তৰাষ্ট্রখন অষ্টাদশ শতিকাৰ বৃটেইন বা নাজী
জার্মানীতকৈ অনেক গুণে পৃথক, যদিওবা এটাইকেউখন দেশতে পুঁজিবাদী উৎপাদন সম্পর্কৰ ৰাজত্ব
দেখিবলৈ পোৱা যায়। ১৯১৯ চনৰ ফেব্রুৱাৰী বিপ্লৱ বিষয়ক লেখনীসমূহত লেনিনে উল্লেখ কৰিছে যে কিদৰে
প্রতিটো বিপ্লৱেই ভিন ভিন কাৰকৰ ফলত সম্পন্ন হয়; প্রতিখন দেশৰে
বিপ্লৱৰ আর্থিক, ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক
দিশসমূহ ভিন ভিন হয়। মার্ক্সেও তেওঁৰ লেখনীসমূহত বিভিন্ন দেশৰ সুকীয়া বৈশিষ্টসমূহ
সম্পর্কে যথেষ্ঠ সতর্কভাৱে লিখিছে।
এই প্রসংগতে আন এটা পৰিঘটনাৰ
কথা উল্লেখ কৰাটো প্রয়োজনীয়। এই আটাইবোৰ দেশেই কিন্তু একেটা বিশ্ব ব্যৱস্থাৰে অংগস্বৰূপ; আটাইবোৰেই বিশ্ব ব্যৱস্থাটোৰ হেঁচা অনুভৱ কৰে, যি বিভিন্ন দেশ তথা
পুঁজিক ইটোৰ সিটোৰ সতে প্রতিযোগিতাত নামিবলৈ বাধ্য কৰে। গতিকেই বিপ্লৱ কোনো এখন অকলশৰীয়া দেশতেই আৰম্ভ হলেও সামগ্রিক বৈপ্লৱীক প্রক্রিয়াটো বিশ্ব স্তৰতহে সম্পূর্ণ কৰাটো সম্ভৱপৰ হব। আন কথাত, অসমান বিকাশৰ ফলস্বৰূপে যদিও বিভিন্ন দেশত একেসময়তে বিপ্লৱ সম্ভৱপৰ নহয়, একেটা বিশ্ব ব্যৱস্থাৰে অংগ স্বৰূপ হোৱাৰ ফলত বিপ্লৱী প্রক্রিয়াটো বিশ্ব স্তৰৰ বিপ্লৱৰ জৰিয়তেহে সম্পূর্ণ হব।
কথাখিনি এনেকৈও কব পৰা যায়ঃ
সমাজবাদী বিপ্লৱ যদিও কোনো জাতি-ৰাষ্ট্র পর্যায়তেই আৰম্ভ হব,
তাক জাতি ৰাষ্ট্রৰ ভিতৰত বহুদিনলৈ সুৰক্ষিত কৰি থোৱাটো সম্ভৱপৰ নহয়। অকলশৰীয়াকৈ দেশখনে
সাম্যবাদৰ প্রতি অগ্রসৰ হোৱাটোও সম্ভৱপৰ নহয়। সেয়েহে কোনো এখন দেশত সর্বহাৰাই বিজয় লাভ
কৰাৰ পাছত তাৰ অন্যতম কার্যভাৰ হব – অন্যান্য দেশৰ বিপ্লৱীসকলক সহায় কৰা যাতে তেওঁলোকে নিজৰ দেশতো বিপ্লৱ সম্পন্ন কৰিব পাৰে। সেই অর্থত মার্ক্সৰ এই শ্লগান “সমগ্র পৃথিবীৰে
শ্রমিক এক হওঁক!” আজিও সমানেই প্রাসংগিক।
অর্থাৎ আন্তর্জাতিকতাবাদ
হৈছে সমাজবাদৰ অভিন্ন অংগ। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে মার্ক্স প্রথম
আন্তর্জাতিকৰ আটাইতকৈ প্রভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন
আছিল। এংগেলছেও তেওঁৰ জীৱনৰ শেহৰ ২৫টা বছৰ
আন্তর্জাতিক শ্রমিক আন্দোলনটোক বিকশিত কৰাৰ কামত নিয়োগ কৰিছিল। বিভিন্ন দেশৰ বিপ্লৱীসকলৰ সতে তেওঁ বিভিন্ন ভাষাত পত্রালাপৰ যোগেৰে সংযোগ ৰাখিছিল; সমগ্র বিশ্বৰে
সাম্যবাদীসকলক তেওঁ দিহা পৰামর্শ তথা উৎসাহ প্রদান কৰিছিল।
এনেস্থলত এটা প্রশ্নৰ
উদ্রেগ হব পাৰে – বিভিন্ন জাতীয়তাবাদী আন্দোলনৰ প্রতি আন্তর্জাতিকতাবাদী মার্ক্স
এংগেলছৰ মনোভাৱ কেনেধৰণৰ আছিল?
জাতীয় দৃষ্টিৰে চাবলৈ গলে
ঊনবিংশ শতিকাটো উখল-মাখল ভৰা সময় আছিল। ইউৰোপৰ বিৰাট ৰাষ্ট্রসমূহে বিভিন্ন জাতিক
নিজৰ ভিতৰত সমাহিত কৰি থৈছিল – তাৰ ভিতৰত পলিছ, আইৰিছ, চেক, চার্ব, হাংগেৰিয়ান আদি
বিভিন্ন জাতিয়ে জাতীয় স্ব-নিয়ন্ত্রণৰ অধিকাৰ বিচাৰিছিল। মার্ক্স এংগেলছে স্বীকাৰ কৰি
লৈছিল যে জাতীয় ভিন্নতাৰ অস্তিত্বৰ কথাটো নাকচ কৰাটো সম্ভৱপৰ নহয়। এই প্রসংগতে এটা আমোদজনক ঘটনা সম্পর্কে মার্ক্সে এংগেলছলৈ লিখা এখন
চিঠিৰ কথা উল্লেখ কৰিব পাৰিঃ
১৮৬৬ চনৰ জুন মাহ। প্রথম
আন্তর্জাতিকৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। প্রুধ'ৰ কেতসংখ্যক অনুগামীয়ে
হঠাতে বৈঠকত ঘোষণা কৰিলে যে সকলো জাতি তথা জাতীয়তাৰ অস্তিত্ব পূৰাতন পূর্বাগ্রহৰ
বাহিৰে আন একো নহয়! তেওঁলোকক কটাক্ষ্য কৰি মার্ক্সে নিজৰ ভাষণত কলে – ‘সকলো জাতিৰ
অস্তিত্ব নাকচ কৰা আমাৰ কমৰেড লাফার্গ তথা বন্ধুসকলে
দেখোন এইমাত্র ‘ফৰাচী’ত ভাষণ দিলে, যদিওবা
১০ জনৰ ভিতৰত ৯ জন দর্শকেই ফৰাচী বুজি নাপায়’! মার্ক্সৰ ব্যংগ শুনি ইংৰাজ দর্শকসকল হাঁহিত ফুটি পৰিল।
মার্ক্সে পাছত গহীনাই কলে – জাতিৰ অস্তিত্বকেই নাকচ কৰি আচলতে কমৰেড লাফার্গে অৱচেতনভাৱে সকলো জাতিকে ফৰাচী জাতিৰ ভিতৰত সমাহিত কৰি লোৱাৰ চেষ্টা কৰিলে (SC, 179)।
অর্থাৎ বিমূর্ত
আন্তর্জাতিকতাবাদে জাতীয় উৎপীড়নৰ অস্তিত্ব নাকচ কৰি আচলতে জাতীয়তাবাদকেই লুকুৱাই থব পাৰে। একে কাৰণতে কোনো বিমূর্ত ‘জাতিৰ নীতি’ মানিবলৈকো মার্ক্স এংগেলছ প্রস্তুত
নাছিল। কোনো জাতীয় আন্দোলনক সমর্থন বা বিৰোধিতা কৰাৰ আগেয়ে তেওঁলোকে প্রশ্ন কৰিছিলঃ
ই বিপ্লৱৰ প্রক্রিয়াটোক সহায় কৰিব নে প্রতিবিপ্লৱকহে সাৰ পানী যোগাব? কিন্তু এয়া কেনেদৰে নির্ধাৰণ কৰা যায়?
এইখিনিতে মার্ক্স এংগেলছৰ
যুগটোৰ সাধাৰণ বৈশিষ্টখিনিৰ প্রতি মন দিয়া ভাল। লেনিনে ১৭৮৯ৰ পৰা ১৮৭১ লৈকে –
অর্থাৎ ফৰাচী বিপ্লৱৰ পৰা ফ্রাংকো-প্রুচিয়ান
যুদ্ধ তথা পেৰিচ কমিউনলৈকে- এই সময়খিনিক
তলত দিয়াৰ দৰে বর্ণনা কৰিছেঃ
এই যুগটোৰ সাধাৰণ বৈশিষ্ট হৈছে - বুর্জোৱাৰ প্রগতিশীল
ভূমিকা অর্থাৎ সামন্তবাদৰ বিৰুদ্ধে তাৰ অসমাপ্ত তথা অ-নির্ণায়ক সংগ্রাম। সেই সময়ৰ
গণতান্ত্রিক উপাদানসমূহৰ বাবে, বিশেষকৈ সিবিলাকৰ প্রতিনিধি মার্ক্সৰ বাবে স্বাভাৱিক নীতি আছিল প্রগতিশীল বুর্জোৱাক সামন্তবাদ বিৰোধী সংগ্রামখনত সহায় কৰা। সেই সময়ত একমাত্র সম্ভৱপৰ প্রশ্নটো আছিল – কোনটো বুর্জোৱাৰ বিজয়ে, কোনবোৰ শক্তিৰ মিলিত সাফল্যই, কোনখিনি
প্রতিক্রিয়াশীল শক্তিৰ পৰাজয়ে...সাম্প্রতিক গণতন্ত্রৰ বাবে অধিক সুচল পৰিস্থিতি
সৃষ্টি কৰিব?
ইউৰোপত ১৮৭১ চনলৈকে বুর্জোৱা বিপ্লৱৰ অসমাপ্ত কার্যসূচীখিনি সম্পূর্ণ কৰাটোৱেই মূল প্রশ্ন আছিল। মার্ক্স এংগেলছে
বিশ্বাস কৰিছিল যে ইয়াৰ বাবে (১৭৯০ৰ ফ্রাঞ্চ সদৃশ) বিপ্লৱী গণতান্ত্রিক প্রজাতন্ত্র গঠন কৰিব পাৰিলে সি শ্রমিকসকলৰ বাবেও মংগলজনক হব;
যিহেতু তেনে পৰিস্থিতিত সামন্তীয় অৱশেষসমূহৰ পৰা মুক্ত হৈ
পুঁজি আৰু শ্রমৰ সংগ্রামখনিও স্পষ্টভাৱে উত্থাপিত হব। যিখন দেশত
এই বিষয়টোৱে আটাইতকৈ জ্বলন্ত ৰূপ ধাৰণ কৰিছিল – সেয়া আছিল
জার্মানী – যত বুর্জোৱা ৰাষ্ট্রৰ নূন্যতম চর্ত –
অর্থাৎ জাতীয় ঐক্যৰো অভাৱ আছিল। আনহাতে ইউৰোপৰ সকলো
দেশতে বুর্জোৱা গণতান্ত্রিক বিপ্লৱৰ পথত বাৰম্বাৰ জাৰবাদী ৰাছিয়াই হকা বাধা কৰি ফুৰিছিল। ১৮৪৮ৰ বিপ্লৱ ধ্বংস কৰিবলৈ শেহত এই ৰাছিয়াৰে সৈন্যবাহিনী প্রয়োগ কৰা হৈছিল।
মার্ক্স এংগেলছে ইউৰোপৰ
প্রতিটো জাতীয় আন্দোলনকে এই প্রশ্নটোৰ দ্বাৰা বিবেচনা কৰিছিল। অর্থাৎ কোনবোৰ জাতীয়
আন্দোলনে প্রতিক্রিয়াশীল ৰাছিয়া তথা তাৰ বন্ধুহঁতৰ বাটত বাধাৰ সৃষ্টি কৰিব আৰু
কোনবোৰ আন্দোলনে বুর্জোৱা গণতান্ত্রিক বিপ্লৱৰ পথ সুগম কৰিব। এনেধৰণৰ বিবেচনাৰ অধীনতেই ১৮৪৯ চনত এংগেলছে “প্রতিক্রিয়াশীল
জাতিসমূহৰ বিপৰীতে বিপ্লৱী জাতিসমূহৰ ঐক্যজোট গঠন”ৰ
পোষকতা কৰিছিল।
এংগেলছৰ মতে সেইসময়ৰ তিনিটা
প্রধান বিপ্লৱী জাতি আছিল - জার্মানসকল, পলসকল তথা হাংগেৰিয়ানসকল।
১৮৪৮-৪৯ৰ সময়ছোৱাত নয় ৰাইনিচে চাইতুং কাকতখনত বাৰম্বাৰ ৰাছিয়াৰ বিৰুদ্ধে একত্রিত জার্মান
প্রজাতন্ত্রৰ যুদ্ধৰ প্রস্তাৱ দিয়া হৈছিল; ঠিক যেনেদৰে
এটা শতিকা পূর্বে বিপ্লৱী ফ্রাঞ্চে ইউৰোপৰ ইমূৰৰ পৰা
সিমূৰলৈ বিপ্লৱী বার্তা কঢ়িয়াই ফুৰিছিল। এইক্ষেত্রত পলেণ্ড তথা
হাংগেৰীৰ সতে জার্মান প্রজাতন্ত্রক মিত্রতা কৰিবলৈ আহবান জনোৱা হৈছিল। সমগ্র জীৱন ধৰি মার্ক্স এংগেলছে
পলেণ্ডৰ স্বাধীনতা সমর্থন কৰিছিল। মার্ক্সে ১৮৪৮ চনত এনেদৰে লিখিছিল, “পলেণ্ডৰ
মুক্তি সমগ্র ইউৰোপৰে গণতান্ত্রিক শক্তিসমূহৰ সন্মানৰ বিষয়লৈ পৰিণত হৈছে” (CW vi, 549)।
বিপ্লৱী জাতিসমূহৰ বিপৰীতে আছিল প্রতিক্রিয়াশীল জাতিসমূহ। মার্ক্স এংগেলছে ৰাছিয়াৰ
জাৰে প্রচাৰ কৰি ফুৰা পান-স্লাভবাদৰ তীব্র বিৰোধিতা কৰিছিল। এই পান-স্লাভবাদৰ মতে ৰাছিয়ান,
পল তথা অন্যান্য স্লাভ জাতিসমূহে মিলি এখন একক ৰাষ্ট্র গঠন কৰিব লাগে। অষ্ট্রিয়া আৰু
তুর্কীৰ অধীনত থকা স্লাভ জাতিসমূহ – চেক, স্লভাক তথা দক্ষিণৰ বিভিন্ন স্লাভ জাতি -
চার্ব, বুলগেৰিয়ান, ক্রয়েচিয়ান আদিক পৰাধীনতাৰ পৰা মুক্ত কৰি এই একক স্লাভ ৰাষ্ট্রখনৰ
সতে সংযুক্ত কৰিব লাগে। আমোদজনকভাৱে তীব্র জাৰ বিৰোধী বাকুনিনো
পান-স্লাভবাদৰ সমর্থক আছিল।
মার্ক্স এংগেলছৰ দ্বাৰা পান-স্লাভবাদৰ
বিৰোধিতাৰ কাৰণ বুজাটো কঠিন নহয়। খুউব সহজতেই পান-স্লাভবাদ ৰুছ সম্প্রসাৰণবাদৰ
নামান্তৰ হৈ পৰাৰ সম্ভাৱনা আছিল। এংগেলছে লিখিছে, “এই
অদ্ভুত তত্ত্বটোৰ আঁৰত ঠিয় হৈ আছে ৰুছ সাম্রাজ্যৰ ভয়ংকৰ বাস্তৱ...এই সাম্রাজ্যখনে বাৰম্বাৰ ঘোষণা কৰে...বোলে সমগ্র ইউৰোপখনেই হৈছে স্লাভনিক
জাতিৰ বসবাসৰ ঠাই...এই জাতিৰ আটাইতকৈ শক্তিশালী প্রতিনিধি হৈছে ৰাছিয়ানসকল”(CW xi, 47)। এংগেলছে লগতে দর্শাইছে –
কেনেদৰে অষ্ট্রিয়াৰ ৰাজতন্ত্রই ১৮৪৯ চনৰ হাংগেৰী বিপ্লৱ দমন কৰিবলৈ তেওঁৰ স্লাভ প্রজাখিনিক ব্যৱহাৰ কৰিছিল।
অৱশ্যে মাজে সময়ে এংগেলছৰ পান-স্লাভ বিৰোধিতাই কেতবোৰ আপত্তিকৰ ৰূপ গ্রহণ কৰিছিল।
উদাহৰণস্বৰূপে, দক্ষিণৰ স্লাভসকলক বুজাবলৈ তেওঁ কেতিয়াবা হেগেলৰ “ইতিহাসবিহীন
জাতি”ৰ ধাৰণাটো প্রয়োগ কৰিছিল (CW viii, 367)। আজিৰ দিনত এনেবোৰ ধাৰণাৰ
কোনো মূল্য নাই। কিন্তু এংগেলছৰ মূল বিশ্লেষণখিনি সঠিক আছিল। কৃষকেৰে ভৰা ইউৰোপখনত
কৃষকৰ বৈপ্লৱীক নেতৃত্ব কোনো চহৰীয়া শ্রেণীয়েই প্রদান কৰাটো সম্ভৱপৰ আছিল; সেই সময়ৰ পৰিস্থিতিত বুর্জোৱা শ্রেণীটোৰ হাততেই এই নেতৃত্বভাৰ আহি পৰিছিল। অষ্ট্রিয়ান সাম্রাজ্যৰ ভিতৰত
“আন্দোলনৰ চিহ্ন তথা চালিকা শক্তি এই বুর্জোৱা শ্রেণীটো মূলতঃ জার্মান তথা মগয়াৰ লোকেৰেই গঠিত হৈছিল। স্লাভসকলে অতি কষ্টেৰেহে
কোনো জাতীয় বুর্জোৱা সৃষ্টি কৰাৰ সম্ভাৱনা আছিল আৰু দক্ষিণৰ স্লাভসকলৰ ক্ষেত্রত ই অতিশয় বিৰল আছিল” (CW viii, 232)।
অর্থাৎ ১৮৪৮-৪৯ সময়ছোৱাৰ বিশেষ পৰিস্থিতিৰ প্রতি মন দিলেহে জাতীয় প্রশ্ন বিষয়ক মার্ক্স-এংগেলছৰ সাধাৰণ
নীতি বুজিব পৰা যাব। কিন্তু ১৮৬০ৰ দশকৰ শেহৰ ফাললৈ এই সাধাৰণ নীতি প্রায়
অপ্রাসংগিক হৈ পৰিছিল। জার্মানীত বুর্জোৱা গণতান্ত্রিক বিপ্লৱৰ কার্যভাৰ কোনো বিপ্লৱী পদ্ধতিৰ বিপৰীতে বিছমার্কৰ অধীনত অত্যন্ত প্রতিক্রিয়াশীল পদ্ধতিৰে সম্পন্ন কৰা
হৈছিল। কৃষিখণ্ডৰ অভিজাত শ্রেণীটো অর্থাৎ য়ুংকাৰসকলৰ সতে জার্মান উদ্যোগিক বুর্জোৱাৰ মিত্রতা গঠন কৰা হৈছিল। জার্মানীৰ একীকৰণ সম্পন্ন কৰা বিছমার্ক নিজেই য়ুংকাৰ
শ্রেণীটোৰ প্রতিনিধি আছিল। মিত্রতাৰ চুক্তি অনুসৰি য়ুংকাৰহঁতক ৰাষ্ট্রযন্ত্রটো
চলাবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত জার্মানীৰ একীকৰণ তথা পুঁজিপতিৰ অনুকূল আর্থিক
নীতি গ্রহণ কৰা হৈছিল।
১৮৭১ চনত ফ্রাংকো-প্রুচিয়ান
যুদ্ধৰ আৰম্ভণিৰ লগে লগেই এটা নতুন যুগৰ আৰম্ভনি ঘটিল। ইউৰোপৰ বুর্জোৱাৰ নিৰংকুংশ প্রতিপত্তি স্থাপিত হল আৰু ইয়াৰ লগে লগেই বিভিন্ন দেশ তথা সিবিলাকৰ
সম্পদসমূহ কুক্ষিগত কৰিবলৈ এই বৃহৎ বুর্জোৱা দেশসমূহৰ মাজত ভীষণ প্রতিযোগিতা বৃদ্ধি পাবলৈ ধৰিলে। জাতীয় প্রশ্নটো এতিয়া ‘বিপ্লৱী জাতি বনাম প্রতিক্রিয়াশীল জাতি’ৰ ৰূপত সূত্রায়িত কৰাটো সম্ভৱপৰ নাছিল। বৰং ই দুটা নতুন ৰূপ গ্রহণ কৰিলে – (১) সাম্রাজবাদী দেশৰ জাতীয়তাবাদ
– য’ত জাতীয়তাবাদী ভাৱাবেগৰ সহায়ত শ্রমিকসকলক
বুর্জোৱাৰ সতে একজোঁট কৰিবলৈ চেষ্টা কৰা হল, (২) বিদেশী
শাসকৰ শাসন বিৰোধী উৎপীড়িত জাতিৰ জাতীয়তাবাদ।
ব্রিটেইনৰ প্রসংগত মার্ক্সে
এই নতুন সূত্রটো সুন্দৰকৈ প্রয়োগ কৰিলে। ১৮৬০ তথা ৭০ৰ দশকত আইৰিছ জাতীয় সংগ্রামে
ফেনিয়ানসকলৰ সশস্ত্র সংগ্রামৰ ৰূপ ধাৰণ কৰিলে। সংগ্রামৰ সন্ত্রাসবাদী ৰূপসমূহক গৰিহণা
দিও মার্ক্সে তেওঁলোকৰ লক্ষ্যবস্তু – আয়াৰলেণ্ডৰ স্বাধীনতাৰ ন্যায্যতা মানি ললে।
এই ক্ষেত্রত তেওঁ দুটা কাৰণ দাঙি ধৰিছিলঃ ইয়াৰে প্রথমটোৰ গুৰুত্ব আজি বিশেষ নাই।
মার্ক্সে আয়াৰলেণ্ডক ইংৰাজ ভূ অভিজাত শ্রেণীটোৰ ৰক্ষাকৱচ বুলি গণ্য কৰিছিল; বহুতো অভিজাত লোকেই আয়াৰলেণ্ডত বিয়াগোম ভূ-সম্পত্তি অধিকাৰ
কৰি থৈছিল। আয়াৰলেণ্ডে স্বাধীনতা লাভ কৰিলে অভিজাতসকলৰ মাটিবোৰো বাজেয়াপ্ত কৰা হব
আৰু এইদৰেই ব্রিটেইনৰ শাসক শ্রেণীটোও ধ্বংসমুখত পৰিব।
মার্ক্সৰ এই বিশ্লেষণ
সম্পূর্ণভাৱে ভুল আছিল। উনবিংশ শতিকাৰ শেহৰ ফাললৈ ব্রিটিছ
ভূ-স্বামী শ্রেণীটোৱে ইতিমধ্যেই আর্থিক তথা ৰাজনৈতিকভাৱে পতনৰ দিশেৰে গতি কৰিছিল। তেওঁলোকৰ হ্রাসমান গুৰুত্বৰ স্পষ্ট প্রমাণ তেতিয়া
পোৱা গল যেতিয়া ১৮৮০ তথা ১৮৯০ৰ দশকত গ্লেডষ্টন আৰু বালফৰ প্রশাসনৰ অধীনত অধিকাংশ
এংল’-আইৰিছ ভূ-সম্পত্তি আয়াৰলেণ্ডৰ কেথলিক কৃষকসকলৰ মাজত শান্তিপূর্ণভাৱে বিলাই দিয়া হ’ল।
মার্ক্সে দাঙি ধৰা দ্বিতীয়টো কাৰণ বেছি চিন্তাকর্ষক আছিল। তেওঁৰ মতে আয়াৰলেণ্ডৰ উৎপীড়ন আৰু পৰাধীনতাই ব্রিটিছ শ্রমিকসকলক ব্রিটিছ বুর্জোৱাৰ ওচৰ চপাই আনিছিলঃ
মার্ক্সে দাঙি ধৰা দ্বিতীয়টো কাৰণ বেছি চিন্তাকর্ষক আছিল। তেওঁৰ মতে আয়াৰলেণ্ডৰ উৎপীড়ন আৰু পৰাধীনতাই ব্রিটিছ শ্রমিকসকলক ব্রিটিছ বুর্জোৱাৰ ওচৰ চপাই আনিছিলঃ
ইংলেণ্ডৰ প্রতিটো উদ্যোগিক তথা বানিজ্যিক
কেন্দ্রতে আজি শ্রমিকসকলৰ দুটা বিৰোধী শিবিৰ দেখা গৈছেঃ ইংৰাজ শ্রমিকৰ শিবিৰ আৰু
আইৰিছ শ্রমিকৰ শিবিৰ। ইংৰাজ
শ্রমিকজনে আইৰিছি শ্রমিকজনক নিজৰ প্রতিদ্বন্দ্বী বুলি গণ্য কৰে যাৰ উপস্থিতিৰ ফলত
তেওঁৰ মজুৰী হ্রাস হৈ পৰিছে। আইৰিছ শ্রমিকজনৰ সমুখত তেওঁ নিজকে এটা শাসকীয় জাতিৰ
সদস্য যেন অনুভৱ কৰে আৰু এইদৰেই আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁ নিজকে
ইংৰাজ ভূ-স্বামী তথা পুঁজিপতিহঁতৰ হাতৰ অস্ত্রলৈ পৰিণত কৰে; ফলস্বৰূপে তেওঁ নিজৰেই
দাসত্বৰ বান্ধোন আৰু সূদৃঢ় কৰে। আইৰিছ শ্রমিজনৰ বিৰুদ্ধে তেওঁ ধর্মীয়, সামাজিক তথা জাতীয় পূর্বাগ্রহৰ পৰিচয় দি
তৃপ্তি লাভ কৰে। এই ইংৰাজ শ্রমিকজনৰ মানসিকতা সতে আমেৰিকাৰ দাস প্রদেশবোৰত দেখা পোৱা “দৰিদ্র শ্বেতাংগ”ৰ “নিগাৰ”বিৰোধী মানসিকতাৰ তুলনা কৰিব পৰা যায়...
এনে সংঘাতবোৰক শাসক
শ্রেণীয়ে বাতৰি কাকত, আলোচনী, গীর্জাঘৰৰ ধর্মীয় বক্তৃতা আদি বিভিন্ন মাধ্যমেৰে
কৃত্রিমভাৱে হলেও জীয়াই ৰাখিবলৈ তথা বৃদ্ধি কৰিবলৈ চেষ্টা
কৰে। এই সংঘাতেই হৈছে প্রচণ্ড সংগঠন স্বত্তেও ইংৰাজ শ্রমিক শ্রেণীৰ দুর্বলতাৰ মূল
কাৰণ। ইয়াৰ সহায়তেই পুঁজিপতি শ্রেণীয়ে নিজৰ শাসন কায়েম কৰি ৰাখিব পাৰে আৰু এই কথা
শাসকহঁতে অতি ভালকৈ জানে (SC, 236-37)।
আজিৰ সময়তো এই বিশ্লেষণখিনিৰ
প্রাসংগিকতা আছে। সাম্রাজ্যবাদী দেশবোৰত সদায়েই জাতীয়তাবাদৰ সহায়ত শ্রমিকসকলক
বিভক্ত কৰি ৰখা হয় আৰু শোষকহঁতৰ সৈতে
তেওঁলোকক একেলগ কৰা হয়। লেনিনে মার্ক্সৰ যুক্তিখিনি আৰু কিছু সম্প্রসাৰিত কৰি কলে
যে সাম্রাজ্যবাদী দেশৰ শ্রমিকসকলে উৎপীড়িত জাতিবোৰৰ মুক্তি সংগ্রামসমূহক সমর্থন কৰা
উচিত। ইয়াৰ দ্বাৰাই তেওঁলোকে নিজৰ দেশৰ শাসকহঁতৰ প্রভাৱৰ পৰাও মুক্ত হব পাৰিব। অর্থাৎ লেনিনেও শেহান্তৰত মার্ক্সৰ দৰেই বিপ্লৱৰ সাধাৰণ স্বার্থৰ প্রতি লক্ষ্য ৰাখি কোনো জাতীয় আন্দোলনক সমর্থন বা বিৰোধিতা
কৰাৰ নীতি অৱলম্বন কৰিলে। এইক্ষেত্রত এটাই পার্থক্য আছিলঃ
সেয়া হৈছে – লেনিনৰ সময়ত এই বিপ্লৱৰ চৰিত্র বুর্জোৱা হোৱাৰ বিপৰীতে ই শ্রমিক বিপ্লৱৰ ৰূপ ধাৰণ কৰিলে। অর্থাৎ কোনো জাতীয় প্রশ্নই যদি আন্তর্জাতিক শ্রমিক ঐক্যক
সূদৃঢ় কৰিব পাৰে, তেনেহলে তাক নিশ্চয়কৈ সমর্থন কৰা হব। আনহাতে কোনো জাতীয় প্রশ্নই
যদি শ্রমিক ঐক্যক ভংগ কৰে, তাৰ বিৰোধিতা কৰা হব।
সাম্যবাদ
সর্বহাৰাৰ স্বৈৰতন্ত্র হৈছে “শ্রেণী সমাজৰ বিলোপ সাধন তথা
শ্রেণীহীন সমাজ নির্মাণ প্রক্রিয়াটোৰ দিশেৰে এটা সংক্রমণশীল পর্যায় মাথো”(SC, 69)। অর্থাৎ পুঁজিবাদৰ উৎখাত অন্তিম লক্ষ্য নহয়, বৰং ই আৰম্ভণি
মাথো। মার্ক্সৰ ভাষাত – পুঁজিবাদৰ পৰিসমাপ্তিৰ “লগে লগেই মানৱ সমাজৰ প্রাক-ঐতিহাসিক পর্যায়টোৰো অন্ত পৰিব” (SW i, 504)।
শ্রেণী সমাজৰ পৰা শ্রেণীহীন সমাজলৈ সংক্রমণ ফটকৈ হব বুলি
মার্ক্সে ভবা নাছিল। পুঁজিবাদৰ অৱশেষসমূহ নষ্ট কৰোঁতে যথেষ্ঠখিনি সময় লাগিব। “পুঁজিবাদ আৰু
সাম্যবাদৰ মাজৰ সময়ছোৱাত এখন সমাজৰ বৈপ্লৱীক ৰূপান্তৰণ ঘটি আন এখন সমাজ সৃষ্টি হব। ইয়াৰ লগতে জড়িত হৈ
আছে ৰাজনৈতিক সংক্রমণৰ প্রক্রিয়াটো – যাৰ অধীনত ৰাষ্ট্রৰ ৰূপ সর্বহাৰাৰ স্বৈৰতন্ত্রৰ
বাদে আন একো হব নোৱাৰিব” (SW iii, 26)।
মার্ক্সে এই সংক্রমণৰ প্রক্রিয়াটো সম্পর্কে বিস্তৰভাৱে পূর্বানুমান কৰাটো সম্ভৱপৰ নাছিল। একে কাৰণতে তেওঁ সাম্যবাদৰো কোনো বিস্তৃত বর্ণনা প্রদান কৰি থৈ যোৱা নাই। ইউট’পিয়ান সমাজবাদীসকলে ভবিষ্যতৰ সমাজখন কেনেদৰে চলোৱা হব – এই বিষয়ক অগণন বিতং আলোচনাত নিজকে ব্যস্ত কৰি ৰাখিছিল। তেওঁলোকৰ সমালোচনা কৰি মার্ক্সে লিখিছে,
কমিউনিষ্টসকলৰ তাত্ত্বিক সিদ্ধান্তবোৰ কোনো মহান সমাজ সংস্কাৰকে আৱিষ্কাৰ কৰা বা বিকশিত কৰা আইডিয়া বা নীতিৰ আধাৰত গঠন কৰা হোৱা নাই। বৰং ঐতিহাসিক গতিৰ অংশ স্বৰূপে আমাৰ চকুৰ আগতে সংঘটিত হৈ থকা বাস্তৱ শ্রেণী সংগ্রামৰ বুকুৰ পৰা নিঃসৃত হোৱা প্রকৃত সম্পর্কবোৰকে কমিউনিষ্টসকলে সাধাৰণভাৱে প্রকাশ কৰিছে (CW vi, 498)।
অৱশ্যে তাৰ অর্থ এইটো নহয় যে মার্ক্স এংগেলছে ইউট’পিয়ান
সমাজবাদীসকলৰ সকলো কথাকে নস্যাৎ কৰিছে। বৰং মার্ক্স এংগেলছে তেওঁলোকৰ পৰা বহুতো
মূল্যবান শিক্ষা গ্রহণ কৰিছিল আৰু তেওঁলোকৰ বহুতো বাস্তৱসন্মত প্রস্তাৱ মানি লৈছিল। দুয়োজনেই – বিশেষকৈ এংগেলছে ফুৰিয়াৰক অশেষ
সন্মানৰ চকুৰে চাইছিল। সাম্যবাদৰ স্বৰূপ কেনেধৰণৰ হব- এই বিষয়ক ইউট’পিয়ান
সমাজবাদীসকলৰ বহুতো পূর্বানুমান তেওঁলোকে গ্রহণ কৰি লৈছিল। কিন্তু লগতে মার্ক্স
এংগেলছে বিশ্বাস কৰিছিল যে বর্তমানৰ সময়ত মূল প্রশ্নটো হৈছে – কোনবোৰ ঐতিহাসিক
শক্তিয়ে সাম্যবাদ প্রতিষ্ঠা সম্ভৱপৰ কৰি তুলিব।
সাম্যবাদৰ বিভিন্ন স্তৰ বিষয়ক মার্ক্সৰ আটাইতকৈ বিস্তৃত
আলোচনা ‘গ’থা কার্যসূচীৰ সমালোচনা’ শীর্ষক গ্রন্থখনত পোৱা যায়। ইয়াৰ আগেয়ে তেওঁ সর্বহাৰাৰ স্বৈৰতন্ত্রৰ লক্ষ্য এনেদৰে
নির্ধাৰণ কৰিছিলঃ “উৎপাদন সমলৰ হস্তগতকৰণ, সংঘৱদ্ধ শ্রমিকৰ দ্বাৰা সিবিলাকৰ নিয়ন্ত্রণ আৰু ফলস্বৰূপে মজুৰী
শ্রম, পুঁজি তথা দুয়োৰে সমস্ত আন্তঃসম্পর্কৰ বিলোপসাধন” (CW x, 78)।
এই আটাইবোৰ কার্যই হৈছে ইটোৰ সিটোৰ সতে আন্তঃসম্পর্কযুক্ত।
মার্ক্সে ভাবিছিল যে ৰাষ্ট্রই আটাইতকৈ গুৰুত্বপূর্ণ উৎপাদন সমলবোৰ নিজৰ
নিয়ন্ত্রণলৈ আনিব। আনহাতে “সর্বহাৰাই নিজকে শাসক শ্রেণী হিচাপে গঠন কৰিব”,
অর্থাৎ ৰাষ্ট্রৰ চৰিত্রও সলনি হব। গতিকেই
এই পদক্ষেপৰ ফলত উৎপাদন সমল আৰু শ্রমিকৰ বিচ্ছেদৰো অন্ত পৰিব; ইমান দিনে এই
বিচ্ছেদৰ ভিত্তিতেই পুঁজি আৰু মজুৰী শ্রমৰ অস্তিত্ব সম্ভৱপৰ হৈ আছিল। (মন কৰিবলগীয়া যে কোনো এখন চৰকাৰে উৎপাদন সমল
কেতবোৰ নিজৰ হাতলৈ আনিলেই মজুৰী শ্রমৰ অন্ত নপৰে। বৰং ই তেতিয়াহে সম্ভৱপৰ হব যেতিয়া স্বয়ং শ্রমিকসকলে ৰাষ্ট্র-যন্ত্রটো নিয়ন্ত্রণ
কৰিব)।
এই পদক্ষেপসমূহ হাতত লবলৈ এখন পৰিকল্পিত অর্থনীতি নির্মাণ কৰিব
লাগিব। মার্ক্সে বিশ্বাস কৰিছিল যে শ্রম
হৈছে “মানৱ অস্তিত্বৰ পূর্বচর্ত; প্রকৃতিয়েই এই পূর্বচর্ত আৰোপ কৰে”। “পুঁজিবাদী
উৎপাদন প্রণালীৰ অন্ত পেলোৱাৰ পাছতো কিন্তু মূল্য নীতিৰ অস্তিত্ব থাকিব...কিয়নো শ্রম
সময়ৰ নিয়মন(regulation)
তথা বিভিন্ন উৎপাদন গ্রুপৰ মাজত সামাজিক শ্রমৰ বিতৰণ - পূর্বৰ সময়তকৈও অধিক পৰিমাণে
আৱশ্যকীয় হৈ পৰিব”
(C iii, 851)। অৱশ্যে পূর্বৰ বিপৰীতে এনে সমস্ত সিদ্ধান্ত – অর্থাৎ
কিমানখিনি সামাজিক শ্রম কোনটো কামত লগোৱা হব, কেনেধৰণৰ নতুন উৎপাদনৰ শাখা গঢ়ি তোলা হব ইত্যাদি – শ্রমিকসকলে
নিজেই লব। কোনো অন্ধ প্রতিযোগিতাৰ হেঁচাই উৎপাদনৰ ক্ষেত্রখনক নিয়ন্ত্রণ কৰাৰ বিপৰীতে
সংঘৱদ্ধ শ্রমিকসকলে
সমাজৰ প্রয়োজন অনুসৰি গণতান্ত্রিক তথা সমূহীয়া পদ্ধতিৰে উৎপাদনৰ সমস্ত গুৰুত্বপূর্ণ
সিদ্ধান্ত গ্রহণ কৰিব।
মূল্য নীতিৰ দৰেই পৰিবর্তিত ৰূপত উদ্বৃত্ত্ব শ্রমৰো
অস্তিত্ব থাকিব। কিয়নো মুঠ উৎপাদিত সামগ্রীৰ একাংশ ততালিকে উপভোগ কৰা নহব; বৰং খৰছ
হৈ যোৱা উৎপাদন সমলৰ ৰিক্ত
স্থান পূৰ কৰিবলৈ, নতুন উৎপাদন সমল নির্মাণ কৰিবলৈ, বা কোনো দীর্ঘম্যাদী আঁচনিৰ
বাবে সম্পদ যোগাবলৈ সিবিলাকৰ প্রয়োগ কৰা হব। কিন্তু ৰোগ, শৈশৱ তথা বৃদ্ধাৱস্থাৰ বাবে কাম কৰিবলৈ অক্ষম লোকৰ বাদে সকলো প্রাপ্তবয়স্ক
ব্যক্তিয়ে শ্রম কৰিব লাগিব। আনৰ শ্রমৰ ভিত্তিত ঠেঙৰ ওপৰত ঠেং তুলি খোৱা প্রবৃত্তিৰ মুদা মৰিব। মুঠ উৎপাদিত সামগ্রীৰ এক বৃহৎ অংশ
সমূহীয়াকৈ উপভোগ কৰা হব; তাৰ বিভিন্ন ৰূপ বিকশিত কৰা হব – যেনে বিনামূলীয়া
সার্বজনীন শিক্ষা ব্যৱস্থা, সার্বজনীন স্বাস্থ্যসেৱা ইত্যাদি। বাকী অংশ উৎপাদকসকলৰ মাজত প্রতি ব্যক্তি অনুসৰি
ভগাই দিয়া হব। মার্ক্সে বিশ্বাস কৰিছিল যে সাম্যবাদ অভিমুখী যাত্রাই লাভ কৰা
প্রগতিৰ সতে সংগতি মিলাই বিতৰণ নীতিসমূহো সলনি হৈ থাকিব।
“পুঁজিবাদী সমাজৰ গর্ভৰ পৰা জন্ম হৈ যেতিয়া বৈকল্পিক
সমাজখনে পোন প্রথমবাৰৰ বাবে মূৰ দাঙি উঠিব, তাক সাম্যবাদী সমাজৰ প্রথমটো স্তৰ বুলি
কোৱা হব। এই সমাজখনৰ
আর্থিক, নৈতিক, বৌদ্ধিক আদি প্রতিটো দিশতেই পুৰণা সমাজখনৰ ছাপ দেখা যাব (SW
iii, 19)। এতিয়াও পূর্বৰ দৰেই
মানুহে আশা কৰিব যে তেওঁলোকে প্রদান কৰা শ্রমৰ অনুপাত অনুসৰি তেওঁলোকক বৈষয়ীগতভাৱে পুৰস্কৃত কৰা হবঃ
গতিকেই প্রতিজন উৎপাদকে সমাজলৈ যিমানখিনি অৰিহণা আগবঢ়াব, বিনিময়ত তেওঁ (দৰকাৰী খৰছখিনি কাটি ৰখাৰ পাছত) ঠিক সিমানখিনিয়েই পুৰস্কাৰ লাভ কৰিব...তেওঁ সমাজখনৰ পৰা এখন প্রমাণপত্র পাব যে তেওঁ অমুক পৰিমাণৰ শ্রম প্রদান কৰিলে...পাছত পত্রখনিৰ সহায়ত তেওঁ ঠিক সেই অনুপাততে উপভোগ্য সামগ্রী লাভ কৰিব পাৰিব (SW iii, 17–18)।
এইজাতীয় নীতিবোৰ – যেনে ‘ক্ষমতা অনুসৰি কাম, কাম অনুসৰি দাম’ – মার্ক্সৰ মতে সিবিলাক হৈছে বুর্জোৱা অধিকাৰৰ উদাহৰণ। কিয়নো এনে নীতিসমূহে ব্যক্তিসকলৰ মাজত থকা পার্থক্য তথা বৈচিত্রসমূহক লেখত নলয়। কোনোবাজন ব্যক্তিৰ অত্যাধিক শাৰীৰিক শক্তি থাকিব পাৰে, কোনোবাজন অতিশয় দুর্বল হব পাৰে, কাৰোবাৰ ঘৰত অধিক খাৱৰীয়া থাকিব পাৰে, কোনোবাজন অতিশয় বুদ্ধিমান হব পাৰে। এনে বিভিন্ন কাৰকে ব্যক্তি একোজনৰ কর্মক্ষমতা নির্ণয় কৰে। কিন্তু ‘কাম অনুসৰি দাম’ দিয়া নীতিয়ে এনে কাৰকসমূহক হিচাপত নধৰে। ফলত আপাত সমতাৰ আঁৰত অসমতাকেই ৰূপায়ন কৰা হয়। ঘৰত অধিক খাৱৰীয়া থকা ব্যক্তিজনে শ্রমৰ বিনিময়ত লাভ কৰা সামগ্রীখিনি অধিক লোকৰ মাজত বিলাই লব লগা হয়। ঠিক তেনেদৰেই দুর্বল ব্যক্তিজনেও অধিক কষ্ট কৰিব লগা হয়। সেয়েহে মার্ক্সে লিখিছে -
এই সমান অধিকাৰটো হৈছে
অসমান শ্রমিকৰ মাজত স্থাপিত হোৱা অসমান অধিকাৰ। ই কোনোধৰণৰ
শ্রেণী পার্থক্য বুজি নাপায়; কিয়নো ইয়াৰ দৃষ্টিত সকলোৱেই হৈছে ইজন
সিজনৰ দৰে শ্রমিক মাথো। কিন্তু ই গুপ্তভাৱে ব্যক্তিৰ অসমান সক্ষমতা
তথা অসমান উৎপাদনী সামর্থ্যক প্রাকৃতিক বিশেষাধিকাৰ বুলি মানি লয়। সেয়েহে আন আন
অধিকাৰৰ দৰেই আচলতে ই হৈছে অসমতাৰ অধিকাৰ(SW iii, 18)।
কিন্তু তথাপিও এনে অসম
নীতিকেই প্রথম পর্যায়ত প্রয়োগ কৰিব লগা হব কিয়নো সমাজখন এইমাত্র পুঁজিবাদৰ পৰা
মুক্ত হৈছেহে। পুৰণা সমাজখনৰ মানসিকতা, সামাজিক চিন্তাধাৰা আদিৰ প্রভাৱ, উৎপাদিকা শক্তিৰ উপস্থিত স্তৰ – আদি বিভিন্ন কাৰণবশতঃ তৎক্ষণাৎ কোনো
বৈকল্পিক ৰেডিকেল নীতি গ্রহণ কৰিব নোৱাৰি। কিন্তু -
সাম্যবাদী সমাজৰ উচ্চতৰ
পর্যায়ত শ্রম বিভাজনৰ বান্ধোনৰ পৰা মানুহে মুক্তি পাব, মানসিক আৰু শাৰীৰিক শ্রমৰ
মাজত থকা দ্বন্দ্বৰো সমাপ্তি ঘটিব। শ্রম মানৱ জীৱনৰ উপায় হোৱাৰ লগতে ই জীৱনৰ মূল
আকাংক্ষ্যা হৈ পৰিব। ব্যক্তিৰ সর্বাংগীন বিকাশৰ লগতে উৎপাদিকা শক্তিৰো ভীষণ বিকাশ
ঘটিব। সমূহীয়া সম্পদৰ উভৈনদী নিজৰা বব – এনে স্থিতিলৈ অহাৰ পাছতহে বুর্জোৱা অধিকাৰৰ সংকীর্ণ পৰিসীমা সম্পূর্ণভাৱে পাৰ কৰাটো সম্ভৱপৰ হব। এনে সমাজৰ মন্ত্র হবঃ ক্ষমতা অনুসৰি কাম, প্রয়োজন অনুসৰি দাম!(SW iii, 19)।
অর্থাৎ সাম্যবাদী বিকাশৰ
উচ্চ পর্যায়ত ব্যক্তিবিশেষৰ সুকীয়া বৈশিষ্ট তথা বৈচিত্রসমূহক আওকান কৰি সকলোকে
একেখন তুলাচালনীৰে জোখাৰ বিপৰীতে কমিউনিষ্ট সমাজখনে প্রতিজন ব্যক্তি-বিশেষৰে
সুকীয়া ক্ষমতা তথা প্রয়োজনসমূহৰ প্রতি মন দিব পাৰিব। সেয়েহে মার্ক্সবাদৰ পৰম্পৰাগত
সমালোচনাসমূহ – যেনে সাম্যবাদে ব্যক্তিৰ স্বাধীনতা তথা সুকীয়া বৈশিষ্টসমূহক আওকান
তথা দমন কৰে – বিভ্রান্তিকৰ বুলিয়েই কব লাগিব। প্রকৃত সমতাৰ স্থাপনৰ বাবে প্রতিজন ব্যক্তিৰে
সুকীয়া প্রয়োজন তথা সক্ষমতাসমূহৰ প্রতি মন দিব লাগিব। সাম্যবাদৰ উচ্চতৰ পর্যায়টোত
“প্রতিজন ব্যক্তিৰে স্বাধীন বিকাশ সকলোৰে স্বাধীন বিকাশৰ পূর্বচর্ত হব”(CW
vi, 506)। মার্ক্সবাদী দার্শনিক থিয়ডৰ এডর্ণৰ ভাষাত, কমিউনিষ্ট সমাজখনত “মানুহে কোনো ভয়ৰ
অবিহনেই ভিন হব পাৰিব”।
সাম্যবাদৰ দিশেৰে এই
সংক্রমণে এটা সুকীয়া অনুষ্ঠানৰ ৰূপত ৰাষ্ট্র অস্তিত্বৰো বিলুপ্তিসাধন ঘটাবঃ
বিকাশ যাত্রাৰ জৰিয়তে এসময়ত
যেতিয়া শ্রেণী বিভেদসমূহ আঁতৰি যাব, যেতিয়া উৎপাদন প্রক্রিয়াটো সমগ্র দেশৰে বিৰাট
সংঘসমূহৰ হাতত পুঞ্জীভূত হব, ৰাজহুৱা শক্তিটোৱেও তাৰ ৰাজনৈতিক চৰিত্র হেৰুৱাই পেলাব। ৰাজনৈতিক ক্ষমতা
হৈছে - এটা শ্রেণীক উৎপীড়ন কৰিব পৰাকৈ আন এটা শ্রেণীৰ সংগঠিত শক্তি মাথো। যদি
সর্বহাৰাই বুর্জোৱা বিৰোধী সংগ্রামখনত নিজকে
এটা শ্রেণী হিচাপে সংগঠিত কৰে...যদি বিপ্লৱৰ জৰিয়তে ই নিজকে শাসক
শ্রেণীলৈ ৰূপান্তৰিত কৰে, যদি ই বলপূর্বক পূর্বৰ সকলো উৎপাদন পৰিস্থিতি – তথা তাৰ
লগতে শ্রেণী সংঘাত অস্তিত্বমান হব পৰা
সকলো পৰিস্থিতি – অর্থাৎ সাধাৰণভাৱে শ্রেণী অস্তিত্বমান হব পৰা
পৰিস্থিতি – উৎখাত কৰে, তেতিয়া ই নিজৰো শ্রেণী শ্রেষ্ঠতাৰ অৱসান ঘটাব (CW vi, 505–06)।
ৰাষ্ট্র যিহেতু শ্রেণী
সংঘাতৰ ফলস্বৰূপেই সৃষ্টি হৈছে, সেয়েহে শ্রেণী সংঘাত অন্ত পৰাৰ লগে লগেই ৰাষ্ট্রৰো
অৱসান ঘটিব। সর্বহাৰাৰ স্বৈৰতন্ত্র গঠনৰ সময়তেই এনে সম্ভাৱনাই বাঁহ লয়। এংগেলছে ৰাষ্ট্রৰ ওপৰত সমাজবাদী বিপ্লৱৰ সম্ভাব্য ফলাফল সম্পর্কে এনেদৰে লিখিছেঃ
সর্বহাৰাই ৰাজনৈতিক ক্ষমতা
দখল কৰি প্রথমটো সুযোগতে উৎপাদন সমলবোৰক ৰাষ্ট্রৰ সম্পত্তিলৈ পৰিণত কৰিব।
কিন্তু এনে কৰাৰ জৰিয়তে
সর্বহাৰাই এটা শ্রেণী হিচাপে নিজৰে অৱসান ঘটাব; ই শ্রেণী বিভেদ,
শ্রেণী সংঘাত তথা ৰাষ্ট্র হিচাপে ৰাষ্ট্রৰ অৱসান ঘটাব। আজিলৈকে শ্রেণী
সংঘাতৰ ভিত্তিত গঢ় লৈ উঠা সমাজসমূহত ৰাষ্ট্রৰ - অর্থাৎ শোষক শ্রেণীৰ বিশেষ এবিধ সংগঠনৰ - প্রয়োজনীয়তা
আছিল যাতে উৎপাদনৰ বাহ্যিক স্থিতি অটুট ৰাখিব পৰা যায়; অর্থাৎ যাতে শোষিত
শ্রেণীসমূহক বিভিন্ন উৎপাদন প্রণালী অনুসৰি শোষণ পৰিস্থিতিৰ নির্দিষ্ট ৰূপসমূহৰ অধীনত ৰাখিব
পৰা যায় (যেনে দাসব্যৱস্থা, ভূ-দাসব্যৱস্থা, মজুৰী শ্রম আদি)। … যেতিয়া শোষণ কৰিবলৈ কোনো সামাজিক শ্রেণী নোহোৱা হব, যেতিয়া শ্রেণী শোষণ আঁতৰাই পেলোৱা হব, যেতিয়া উৎপাদনৰ অৰাজকতা
হেতু জীৱিকাৰ বাবে ব্যক্তিবিশেষৰ সংগ্রামৰ প্রয়োজনীয়তা
নাথাকিব...শোষণ কৰিবলৈও কোনো বাকী নাথাকিব আৰু ফলত ‘শোষণৰ বিশেষ যন্ত্র’ অর্থাৎ ৰাষ্ট্র
অপ্রয়োজনীয় হৈ পৰিব।
যিটো কামৰ দ্বাৰা ৰাষ্ট্রই
নিজকে পোন প্রথমবাৰৰ বাবে সমগ্র সমাজখনৰে প্রতিনিধি হিচাপে গঠন কৰিব – সমাজৰ নামত সকলো উৎপাদন সমলৰ ওপৰত অধিকাৰ দখল –
সেইটোৱেই হব ৰাষ্ট্রৰ ৰাষ্ট্র হিচাপে অন্তিমটো স্বাধীন
কাম। সামাজিক সম্পর্কবোৰত ৰাষ্ট্রৰ হস্তক্ষেপ কৃত্রিম হৈ পৰিব আৰু অৱশেষত সি বতাহত উটি ভাহি বিলীন হৈ যাব। ব্যক্তিৰ চৰকাৰ বস্তুৰ চোৱাচিতালৈ পৰিণত
হব... ৰাষ্ট্রক উৎখাত কৰা নহয়, বৰং সি বতাহত বিলীন হৈ যাব (AD,
332–33)।
গতিকেই সর্বহাৰাৰ স্বৈৰতন্ত্র
সাধাৰণ অর্থত ৰাষ্ট্রৰ এটি ৰূপ বুলি কব নোৱাৰি; ই হৈছে নিজৰে বিলুপ্তি সাধন কৰিবলৈ আগবঢ়া ৰাষ্ট্রৰ এক ৰূপ। কিন্তু মনত ৰখা ভাল, ৰাষ্ট্রৰ
বিলুপ্তিসাধন হঠাতে সংঘটিত হোৱা ঘটনা নহয়; ই এক প্রক্রিয়া
হিচাপেহে সংঘটিত হব। অর্থাৎ লাহে লাহে ৰাষ্ট্র বিলীন হবলৈ আৰম্ভ কৰিব। ই হৈছে এনে এটা প্রক্রিয়া যি অন্যান্য বহুতো কাৰকৰ ওপৰত নির্ভৰ কৰিব – যেনে
শ্রমৰ বর্ধিত উৎপাদনশীলতা তথা কর্মদিৱস চুটিকৰণ যি শ্রমিকসকলক
সমাজ চলোৱা কামত অংশগ্রহণ কৰিব পৰাকৈ ফ্রী সময় প্রদান কৰিব।
সমাজবাদী গণতন্ত্র কিছু
ক্ষেত্রত প্রাচীন এথেনচৰ দৰে হব। অৱশ্যে এথেনিয়ান গণতন্ত্রৰ
আধাৰ আছিল দাস-শ্রমিকসকল। দাসসকলেই সকলো উৎপাদনী কাম সমাপন কৰিছিল। আনহাতে কায়িক
শ্রমৰ প্রয়োজনীয়তাৰ পৰা মুক্ত হৈ এথেনচৰ স্বাধীন নাগৰিকসকলে বিভিন্ন ৰাজহুৱা বিষয় – যেনে আলোচনা, সাহিত্য চর্চা, সার্বভৌম নাগৰিক সভাৰ জৰিয়তে বিভিন্ন
আর্থ-সামাজিক-ৰাজনৈতিক প্রশ্ন সম্পর্কে সিদ্ধান্ত লোৱা - আদিত সমানে অংশগ্রহণ কৰিব পাৰিছিল। সকলো স্বাধীন নাগৰিকেই প্রশাসন ব্যৱস্থাটোত সমতাপূর্ণভাৱে অংশগ্রহণ কৰিছিল –
বেছিভাগ ৰাজহুৱা বিষয়বাব নির্দিষ্ট সময়ৰ মূৰে মূৰে নতুন একোজন
সাধাৰণ নাগৰিকৰ হাতত পৰিছিল।
সাম্যবাদৰ অধীনত উৎপাদিকা
শক্তিৰ ভীষণ প্রগতিৰ ফলত দাস শ্রমিকসকলৰ ভূমিকা এইবাৰ মানৱ সৃষ্ট মেচিন, ৰবট আদিয়ে গ্রহণ কৰিব আৰু ফলত
উৎপাদনশীলতাৰো অতিপাত বৃদ্ধি হব। কায়িক শ্রমৰ হেঁচাৰ পৰা মুক্ত হৈ এইদৰেই সকলো নাগৰিকে সমানভাবে বিভিন্ন প্রশাসনিক তথা সৃষ্টিশীল
কামত নিজকে নিয়োগ কৰিব পাৰিব।
“ব্যক্তিৰ চৰকাৰ বস্তুৰ চোৱাচিতালৈ পৰিণত হব” – এই ধাৰণাটো পোন প্রথমে বিকশিত কৰিছিল চেইণ্ট চাইমনে। ইয়াৰ
অর্থ এইটো নহয় যে সাম্যবাদৰ অধীনত কোনো নিয়ম নীতি বা বাধ্যবাধকতা নাথাকিব। বৰং ইয়াৰ
অর্থ কথা হৈছে - সাম্যবাদৰ অধীনত শ্রেণী
বিভেদ নাশ কৰি পেলোৱাৰ ফলত “দমনৰ কোনো বিশেষ যন্ত্র”ৰ প্রয়োজনীয়তা নাথাকিব। নিশ্চিতভাৱে বহুতো বিষয় - যেনে বিজুলীৰ বাঞ্জনীয় উৎস, স্থাপত্যৰ শৈলী, শিশু প্রতিপালনৰ
উত্তম পদ্ধতি – আদি সম্পর্কে সংঘৱদ্ধ শ্রমিকসকলৰ মাজত মতানৈক্য
দেখা যাব। কিন্তু শ্রেণী শোষণে সৃষ্টি কৰা
বৈষয়িক হেঁচা আঁতৰি যোৱাৰ ফলত সকলো
মতানৈক্যকে আলোচনা তথা ভোটদানৰ দ্বাৰা
গণতান্ত্রিকভাৱে সমাধান কৰিব পৰা যাব। সামৰিক যন্ত্রৰ দ্বাৰা
জনগণক বলপূর্বক সৈমান কৰোৱাৰ স্থিতি তথা প্রয়োজনীয়তা
নাথাকিব।
ৰাষ্ট্রক শক্তিশালী কৰিবলৈ
বিচৰাৰ বিপৰীতে মার্ক্স এংগেলছে তাৰ বিলুপ্তিসাধন কৰিব বিচাৰিছিল। সেয়েহে তেওঁলোকৰ
মতে ‘ৰাষ্ট্র নিয়ন্ত্রিত সমাজবাদ’ জাতীয় ধাৰণাসমূহ হৈছে স্ব-বিৰোধী। জার্মান চচিয়েল ডেমক্রেটিক
পার্টিৰ নেতা লাছালে বিশ্বাস কৰিছিল যে ৰাষ্ট্র হৈছে মূলতঃ এক কল্যাণকাৰী সংস্থা,
সেয়েহে চেষ্টা কৰিলে বর্তমানৰ ৰাষ্ট্রযন্ত্রটোক শ্রমিক স্বার্থৰ ৰক্ষকৰ ৰূপত অৱতীর্ণ কৰাব পৰা যাব। লাছালৰ প্রভাৱৰ ফলতেই এনে ধাৰণাসমূহ জার্মান শ্রমিক আন্দোলনৰ মাজতো যথেষ্ঠ জনপ্রিয় আছিল। ‘গ’থা
কার্যসূচীৰ সমালোচনা’ শীর্ষক গ্রন্থখনত মার্ক্সে
এনে ধাৰণাসমূহৰ তীব্র সমালোচনা আগবঢ়াইছে। লাছালে আচলতে মার্ক্সৰ
তত্ত্বৰ লগত নিজৰো কেতবোৰ খেলিমেলি ধাৰণা মিহলি কৰি এক অদ্ভুত মিশ্রণ সৃষ্টি কৰিছিল।
এটা কথা স্পষ্ট যে মার্ক্সে কোনো সর্বগ্রাসী ৰাষ্ট্র নির্মাণ কৰিবলৈ বিচৰা নাছিল
যাৰ অধীনত ব্যক্তিৰ সকলো সুকীয়া পৰিচয়, সকলো সুকীয়া সত্তা জাহ যাব। মার্ক্সবাদ
বিষয়ক এনে ভ্রান্তিকৰ ধাৰণাসমূহৰ উৎস হৈছে – চোভিয়েট ইউনিয়নৰ আমোলাতান্ত্রিক
সমাজবাদ তথা উদাৰবাদী বুদ্ধিজীৱিৰ হাতত মার্ক্সবাদৰ বিকৃতকৰণ।
মার্ক্সে বিশ্বাস কৰিছিল যে
সাম্যবাদৰ অধীনত ৰাষ্ট্রৰ বিলুপ্তিৰ বাবে মানসিক আৰু শাৰীৰিক শ্রমৰ প্রভেদ নাশ কৰাটোও
প্রয়োজনীয় হব। ‘১৮৪৪ চনৰ আর্থিক আৰু দার্শনিক পাণ্ডুলিপি’ লিখাৰ সময়ৰে পৰা
মার্ক্সে বিশ্বাস কৰিছিল যে শাৰীৰিক তথা মানসিক শ্রমৰ এই প্রভেদে মানুহৰ প্রগতি ৰূদ্ধ
তথা বিকৃত কৰি তোলে; প্রায়েই ই মানুহক জন্তুতকৈও তলৰ শাৰীলৈ নমাই আনে। মানুহে
তেতিয়াহে এক পূর্ণাংগ তথা সুখী জীৱন অতিবাহিত কৰিব পাৰিব
যেতিয়া কোনো বিশেষ প্রকাৰৰ কামৰ মাজত আৱদ্ধ হৈ ৰোৱাৰ বিপৰীতে
মানুহে নিজৰ সকলো সক্ষমতা – অর্থাৎ শাৰীৰিক, মানসিক – দুয়োবিধ সক্ষমতা
- একেলগে প্রয়োগ কৰিব পাৰিব।
জার্মান মতাদর্শ গ্রন্থখনত মার্ক্সে এনেদৰে লিখিছেঃ
সাম্যবাদী সমাজত কোনো
মানুহেই মাথো এখন কর্মস্থলীতে আৱদ্ধ হৈ থাকিব লগা নহব;
ব্যক্তিয়ে নিজ ইচ্ছাৰে যিকোনো কর্মক্ষেত্রত পাৰদর্শিতা হাছিল কৰিব পাৰিব। সমাজে
উৎপাদন প্রক্রিয়াটো নিয়ন্ত্রণ কৰিব আৰু আজি মই এটা কাম কৰি কাইলৈ আন এটা কৰাটো
সম্ভৱপৰ হৈ পৰিব। ধৰক ৰাতিপুৱা মই চিকাৰ কৰিলো,
দুপৰীয়া মই মাছ মাৰিলো, গধুলি মই গৰু চৰালো, ডিনাৰৰ সময়ত সমালোচনা কৰিলো... কিন্তু
এইবোৰ কৰিবৰ বাবে মই চিকাৰী, মাছমৰীয়া, গৰখীয়া বা সমালোচকলৈ পৰিণত হোৱাৰ প্রয়োজন নাই (CW v, 47)।
সমালোচকসকলে প্রায়েই এনে
চিত্রায়ণক ইউট’পিয়ান বুলি অভিহিত কৰে। মার্ক্সে কথাখিনি কিমান দূৰৈলৈ
আক্ষৰিক অর্থত বুজাইছিল, এই বিষয়ে আলোচনা হব পাৰে; এইখিনিতে মন কৰিবলগীয়া যে তেওঁ উল্লেখ
কৰা প্রতিটোৰ কামেই পৰম্পৰাগত প্রাক-উদ্যোগিক সমাজবোৰত দেখা পোৱা যায়। সি যি নহওঁক, মার্ক্সৰ মূল কথাটো হৈছে যে সাম্যবাদৰ অধীনত উৎপাদিকা
শক্তিৰ ইমানেই বিকাশ হব যে ই মানুহক বর্তমানৰ বিপৰীতে আর্থিক মেচিনটোৰ নট-বল্টু হোৱাৰ পৰা ৰক্ষা কৰি স্বাধীনতাৰ পৰিসৰ বৃদ্ধি কৰিব।
মার্ক্সে ‘গ্রুণ্ডৰেচে’ত
লিখিছে – পুঁজিবাদৰ অধীনত শ্রমৰ উৎপাদনশীলতা বৃদ্ধি হোৱাৰ প্রৱণতাটোৰ ফলত, অর্থাৎ মুঠ বিনিয়োগৰ ভিতৰত উৎপাদন
সমলৰ অনুপাত বৃদ্ধি হোৱাৰ ফলত শ্রম প্রক্রিয়াটোৰ পৰিবর্তন
ঘটি ই এক ‘মেচিনৰ স্বয়ংক্রিয় চিষ্টেম’লৈ পৰিণত হব য’ত শ্রমিকৰ একমাত্র কাম হব – “মাজে
সময়ে মেচিনটো ঠিকমতে চলি আছেনে নাই সেয়া পর্যবেক্ষণ কৰা তথা মেচিনৰ কামত যাতে
ব্যাঘাত নজন্মে সেয়া সুনিশ্চিত কৰা” (G, 692)।
ইয়াৰ ফলস্বৰূপে উৎপাদন প্রক্রিয়াত কায়িক শ্রমৰ ভূমিকা হ্রাসমান হৈ পৰিবঃ
যিমান ডিগ্রীলৈকে পুঁজিৰ
ক্রিয়াৰ ফলত শ্রম সময় – অর্থাৎ শ্রমৰ পৰিমাণ – একমাত্র নির্ণায়ক উপাদান হব – সিমান
ডিগ্রীলৈকে প্রত্যক্ষ শ্রম – যি ব্যৱহাৰ মূল্য নির্মাণ কৰে
...উৎপাদনৰ নির্ণায়ক উপাদান হোৱাৰ পৰা ৰক্ষা পৰিব। প্রত্যক্ষ্য
শ্রম পৰিমাণগতভাৱে কমি আহিব আৰু গুণগতভাৱে – আৱশ্যকীয় হৈ থাকিব কিন্তু বৈজ্ঞানিক শ্রম,
প্রযুক্তিৰ প্রয়োগ...আদিৰ ফলত ই কম গুৰুত্বপূর্ণ নিম্ন স্থানলৈ গতি কৰিব (G, 700)।
এই পেৰাগ্রাফটোত সাম্প্রতিক
সময়ৰ পুঁজিবাদী উৎপাদন পদ্ধতিৰ সুন্দৰ পূর্বানুমান পোৱা যায়; বৃহৎ এচেম্বলী লাইনৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ শেহৰ ফাললৈ শ্রম প্রক্রিয়াৰ অট’মেচনৰ ৰূপত পুঁজিবাদে ভীষণ
গতিৰে শ্রম প্রক্রিয়াৰ পৰিবর্তন ঘটাইছে।
কিন্তু পুঁজিবাদী উৎপাদন সম্পর্কবোৰৰ অধীনত এই পৰিবর্তনবোৰে এক সংঘাতময় ৰূপ ধাৰণ
কৰিছে – এফালে নতুন প্রযুক্তি প্রয়োগৰ ফলত বহুতো শ্রমিকক কামৰ পৰা চাটাই কৰা হৈছে,
চাকৰি থকাসকলৰ কামৰ বেগ অত্যন্ত বৃদ্ধি কৰা হৈছে, কুশলী শ্রমৰ অদক্ষকৰণ কৰা হৈছে। কিন্তু
একে সময়তে এই পৰিবর্তনবোৰে এখন নতুন সমাজৰো সম্ভাৱনা সৃষ্টি কৰিছেঃ
এনে এখন সমাজ যত কঠিন পুণৰাবৃত্তিমূলক কায়িক শ্রমৰ অৱসান ঘটোৱা হব, যত জীৱিকাৰ বাবে মানুহে দিনটো ধৰি ককাল-ভঙা তথা বিৰক্তিকৰ
শাৰীৰিক শ্রম কৰাটো প্রয়োজনীয় নহব। কর্মদিৱস চুটি কৰি পেলোৱাৰ ফলত – যিটো আজিৰ দিনৰ
পুঁজিপতিহঁতে হবলৈ দিব নিবিচাৰে কিয়নো অন্যথাই সিহঁতৰ লাভৰ পৰিমাণ কমি যাব - বৌদ্ধিক বিকাশ আৰু বিভিন্ন ধৰণৰ শাৰীৰিক দক্ষতা
বৃদ্ধি কৰিবলৈ মানুহৰ ওচৰত পর্যাপ্ত সময় থাকিব।
সাম্যবাদী সমাজত উৎপাদিকা
শক্তিৰ প্রচণ্ড বিকাশ তথা শ্রমিক সমাজৰ দ্বাৰা সিবিলাকৰ নিয়ন্ত্রণৰ ফলত ইউট’পিয়ান
সমাজবাদীসকলৰ বহুতো সপোন বাস্তৱায়িত হব পাৰিব। ফুৰিয়াৰে
কল্পনা কৰাৰ দৰেই ‘কাম’ আৰু ‘ফুর্তি’ৰ মাজৰ প্রাচীৰখন খহাই পেলোৱাটো সম্ভৱপৰ হব – কিয়নো জীৱিকাৰ বাবে কাম, আৰু আমোদৰ বাবে ক্রিয়া – এই দুয়োটা ইটো সিটোৰ পৰা ভিন্ন বা বিৰোধী
নহব। এংগেলছৰ মতে চহৰ আৰু গ্রাম্যাঞ্চলৰ
মাজত থকা দ্বন্দ্বৰো অৱসান ঘটিব কিয়নো ফুৰিয়াৰ তথা
ৰবার্ট অৱেনে ভবাৰ দৰেই বৃহৎ কমিউন/সমবায় নির্মান কৰিব পৰা
যাব য’ত উদ্যোগ আৰু কৃষি – দুয়োটাকে কৰিব পৰা যাব। শেহতীয়া দশককেইটাত নতুন ৰূপৰ
প্রযুক্তিৰ বিকাশে উন্নত কমিউনিকেচন চিষ্টেমৰ জৰিয়তে উৎপাদনৰ বিকেন্দ্রীকৃত ইউনিট
গঠন কৰাটো আৰু অধিক সহজ কৰি পেলাইছে।
মার্ক্সে লিখিছে যে এই
আটাইবোৰেই নির্ভৰ কৰিব উৎপাদিকা শক্তিৰ বিকাশৰ ওপৰতঃ
স্বাধীনতাৰ পৰিসৰ তেতিয়াহে সৃষ্টি
হব যেতিয়া দৈনন্দিন প্রয়োজনে শ্রম নির্ধাৰণ কৰাটো বন্ধ হব; গতিকে তাৰ চৰিত্র অনুসৰিয়েই
ই উপস্থিত বৈষয়িক উৎপাদনৰ পৰিসৰৰ বাহিৰত অৱস্থিত।...এই ফীল্ডখনত স্বাধীনতা কেৱল সামাজিকৃত মানৱৰ, সংঘৱদ্ধ উৎপাদকৰ মাজতেই সম্ভৱপৰ হব পাৰে। সংঘৱদ্ধ উৎপাদকে মানুহ
আৰু প্রকৃতিৰ আন্তঃসম্পর্কটোক যুক্তিকৰভাৱে নিয়ন্ত্রণ কৰি, তাক সমস্ত
মানৱ সমাজৰ নিয়ন্ত্রণলৈ আনি প্রকৃতিৰ অন্ধ শক্তিসমূহৰ
দ্বাৰা মানুহ পৰিচালিত হোৱা অৱস্থাটোৰ অৱসান ঘটাব। এই সমস্ত প্রক্রিয়াটো মানৱ চৰিত্রৰ বিকাশৰ বাবে আটাইতকৈ অনুকূল পৰিস্থিতিৰ অধীনত তথা আটাইতকৈ কম শক্তি(energy) প্রয়োগ কৰি সংঘটিত কৰা হব। কিন্তু ই এতিয়াও
প্রয়োজনৰ পৰিসৰ বুলিয়েই কব লাগিব। ইয়াৰ সীমাৰ বাহিৰত মানৱ শক্তিৰ [সেই
বিখ্যাত] বিকাশ ঘটিব – যি নিজেই এক লক্ষ্য হব; অর্থাৎ ই স্বাধীনতাৰ প্রকৃত লক্ষ্য
হব। প্রয়োজনৰ পৰিসৰেই হব এই স্বাধীনতাৰ পৰিসৰৰ ভিত্তি। ইয়াৰ বাবে প্রাথমিক চর্তটো
হৈছে কর্মদিৱস চুটিকৰণ (C iii, 820)।
সাম্যবাদে প্রকৃতিৰ বুকুৰ পৰা
জীৱিকা আহৰণৰ বাবে আমি বব লগা বোজাবোৰ লাঘৱ কৰিব আৰু আমাক বিভিন্ন মানৱীয় কর্ম – যেনে শিল্প,
সংস্কৃতি আদিৰ চর্চাৰ বাবে অৱসৰ প্রদান কৰিব; ই শ্রম
প্রক্রিয়াটোক অর্থাৎ “প্রয়োজনৰ পৰিসৰ”টোক যুক্তিকৰ তথা সমূহীয়া নিয়ন্ত্রণৰ অধীন কৰিব।
এংগেলছৰ ভাষাত, “ই হৈছে প্রয়োজনৰ দেশৰ পৰা মুক্তিৰ দেশলৈ মানৱ জাতিৰ ঐতিহাসিক জাপ”(AD, 336)।
No comments:
Post a Comment