Monday, February 1, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ২



প্রথম অধ্যায়ঃ
পৰিয়াল



  পৰিয়াল
 
  'If marriage  is  the end  of life, 

  how  can  it  also  be  the  goal  of life?'


মণিৰ কাহিনী

কাপোৰ কানি, ব্যহাৰ-পাতি আদি বিভিন্ন ক্ষেত্রত সমাজে “প্রাকৃতিক” বুলি নির্ধাৰণ কৰি দিয়া সীমাৰেখাডাল উলংঘন কৰিলে সমাজে সহ্য নকৰেকেইবছৰমান পূর্বে পশ্চিম বংগৰ গাওঁ এখনত মণি নামৰ কম বয়সীয়া যুবতী এগৰাকীক মাৰ-পিট কৰি নগ্ন কৰি পেলো হল। ছোৱালীজনীৰ অপৰাধ আছিল তাই হেনো ল’ৰাৰ দৰে আচ কৰে আৰু লৰাৰ দৰে কাপোৰ-কানি পিন্ধেঅর্থাৎ সামাজিক ব্যৱস্থাটো ৰক্ষা কৰাৰ ক্ষেত্রত সমাজ কিমান দূৰৈলৈকে যাব পাৰে, এই আপাত সংস্কৃতি ৰক্ষাৰ আঁৰত কিমান বীভৎস ৰূপৰ হিংসা লুকাই থাকে, মণিৰ ঘটনাটো আমাক তাৰ কথাই সোঁৰাই দিয়ে। মণিক অত্যাচাৰ কৰা গাওঁবাসীসকলক পিশাচ, অপৰাধী, গোঁৰ, অশিক্ষিত আদি নানান বিভূষণেৰে গালি দিয়াটো সহজ; পিছে তাৰ আগেয়ে আপুনি নিজৰ কথাই কল্পনা কৰক। ধৰক চহৰৰ কোনো নামী দামী কর্পৰেট  কোম্পানী এটাত আপুনি কাম কৰেআপোনাৰে সহকর্মী পুৰুষ এজনে এদিন ঘোষণা ৰিলে যে তেওঁ কাইলৈৰ পৰা  শাৰী  পিন্ধি, ফোঁট লৈ কামলৈ আহিব; শাৰী পিন্ধিয়েই তেওঁ ভাল পায়; তেওঁ তেনেকৈয়ে সহজবোধ কৰেআপোনাৰ প্রতিক্রিয়া কেনেধৰণৰ হব?  মণিক মাৰপিট কৰা গাওঁবাসীসকলতকৈ আপোনাৰ ব্যহাৰ ঠিক কিমানখিনিলৈকে পৃথক হব? আপুনি সহকর্মীজনক সহজভা গ্রহণ কৰিবনে? তেওঁ নিজৰ জীন সম্পর্কে লোৱা সিদ্ধান্তখিনিক আপুনি যথোচিত সন্মান জনাব পাৰিবনে? 


অর্থাৎ সমাজে ‘প্রাকৃতিক’ বুলি নির্ধাৰণ কৰি দিয়া নিয়মবোৰ উলংঘন কৰিলে ব্যক্তি একোজনক কিমানখিনি শাস্তি দিয়া হব - তাৰ ৰিমাণ সম্পর্কে কিছু মতবিৰোধ থাকিব পাৰেসমাজ  অসহিষ্ণুতাৰ মাত্রা কম-বেচি পৰিমাণৰ হ’ব পাৰে; কিন্তু অসহিষ্ণুতা যে সকলোতে আছে – সেয়া স্পষ্টঅসহিষ্ণুতাৰ এই নিয়ম-বিধিসমূহ চলাই নিয়াৰ ক্ষেত্রত, কম-বেছি পৰিমাণে সিবিলাকৰ বাহক হোৰ অভিযোগত আমি  সকলোেই  দোষী। আমি সকলোই এই নিয়মবিধিসমূহ নমনা হলে, আমি অসহিষ্ণুতাৰ পৰিচয় নিদিওঁ বুলি সকলোই ভাবি লো হলে, সমাজে নির্ধাৰণ কৰি দিয়া অসহিষ্ণু ভূমিকাখিনি আমি পালন নকৰা হলে, এনে নিয়মবিধিসমূহ অস্তিত্বমানেই নহলহেঁতেন। অর্থাৎ অন্যায়পূর্ণ এই ব্যস্থাটো চলাই নিয়াৰ ক্ষেত্রত আমাৰ নিজৰো যে কিছু ভূমিকা আছে, সেই কথা আমি প্রায়েই পাহৰি যাওঁ। আমি নিজৰ লৰা ছোলীক সামাজিকভা নির্ধাৰিত নিয়ম তথা সংজ্ঞা অনুসৰিয়েই উপযুক্তভা ডাঙৰ দীঘল কৰোঁ, সিহঁতৰ বাঞ্ছনীয়” ব্যহাৰ-পাতিৰ বাবে মৰমেৰে শিকোৱাৰ বা উপযুক্ত শাস্তিৰ ব্যস্থা কৰোঁ, নিজে কেতিয়াও সামাজিক বিধিসমূহ উলংঘা নকৰিবলৈ সাধানতা অলম্বন কৰোঁ, আমাৰ দৃষ্টিত পৃথক যেন প্রতীয়মান হো ব্যক্তিজনৰ প্রতি তিৰস্কাৰপূর্ণ দৃষ্টি নিক্ষেপ কৰোঁ, বলপূর্বক মনোবৈজ্ঞানিক তথা মেডিকেল হস্তক্ষেপৰ যোগেদি প্রাকৃতিক হো, প্রাকৃতিক কৰাৰ ব্যস্থা কৰোঁ, মানসিক ব্লেকমেইলিং, শাৰীৰিক হিংসা... ইবিলাকৰো প্রয়োগ কৰোঁঅর্থাৎ এনে সহস্র উদাহৰণ দিব পৰা যায় - যিবিলাকৰ যোগেদি আমি নিজেও বর্তমানৰ তথাকথিত ‘প্রাকৃতিক’ ব্যস্থাটো অহৰহভা পুনঃউৎপাদিত কৰি থকাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰোঁ  

পিছে মণিয়ে ভোগ কৰা শাস্তিৰ কাৰণ কেল তাইৰ সাজপাৰ বা ব্যহা-পাতি নাছিল। তাৰ আন এটাও কাৰণ আছিলঃ তাই বিবাহ নামৰ অনুষ্ঠানটোৰ নিপত্তাৰ ক্ষেত্রত ভাবুকিৰ সৃষ্টি কৰিছিল। গাওঁখনৰ নব্য বিবাহিতা ছোলী এজনীৰ সতে থকা সম্পর্কটো তাই এৰি দিবলৈ মান্তি হো নাছিল।

অর্থাৎ সামাজিকভা নির্ধাৰিত ব্যহাৰ-পাতি তথা সামাজিকভা স্বীকৃত সন্তান-জন্মৰ প্রতি উৎসর্গিত যৌনতা – এই দুয়োটাৰে মাজত কিছু ওচৰ সম্পর্ক আছে। বিভিন্ন ধৰণৰ সামাজিক পৰিচসমূহ – যেনে জাতি, নৃগোষ্ঠী, ধর্ম – আদিৰ বিশুদ্ধতা তথা পুণঃউৎপাদন চলাই নিবলৈ হলে যৌনতাৰ ওপৰত পুলিচগিৰি কৰিবই লাগিব। সমকামী বাসনাই এই পৰিচিতিসমূহৰ অস্তিত্বৰ প্রতি ভাবুকি সৃষ্টি কৰিব পাৰে কিয়নো ইয়াত সন্তান জন্ম দিয়াৰ প্রসংগ নাহে। ইয়াত চেক্সৰ সৈতে সন্তান জন্ম দিয়াৰ কোনো সম্পর্ক নাই। সমকামী মানুহবোৰে অন্য উপায়েৰে সন্তান লাভ কৰিব পাৰে – যেনে প্রযুক্তিগত হস্তক্ষেপৰ দ্বাৰা বা কোনো শিশুক তুলি লোৰ দ্বাৰাপিছে এনে সন্তানৰ জাত-সম্প্রদায় কি হব? এয়া হৈছে এক কঠিন প্রশ্ন! এটা ভাবুকি সৃষ্টি কৰিব পৰা প্রশ্ন। আনকি অসমকামী লোকসকলেও – যি একে ধৰণেৰে ভাবুকি সৃষ্টি কৰিব পাৰে – যেনে ধৰক বেলেগ বেলেগ জাতৰ বা ধর্মৰ লৰা-ছোলীৰ প্রেম সম্পর্ক – সিবিলাককো হিংসাৰ প্রত্যক্ষ্য বা পৰোক্ষ প্রয়োগৰ দ্বাৰা নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰা হয়। 

যিটো অনুষ্ঠানৰ হাতত পুলিচগিৰিৰ এই সমস্ত দায়িত্বভাৰ থাকে, সেই অনুষ্ঠানটো হৈছে পিতৃতান্ত্রিক অসমকামী পৰিয়াল।  দা ইনষ্টিটিউচন অব ফেমিলি। বর্তমানৰ অন্যায়পূর্ণ ব্যস্থাটো চলাই নিয়াৰ ক্ষেত্রত পৰিয়ালৰ অনুষ্ঠানটোৰ এটা কেন্দ্রীয় ভূমিকা আছে। 

সামাজিক ব্যস্থাটো ঠিকেই অনুধান কৰে যে সমকামী আকাংক্ষা তথা জেণ্ডাৰ নির্ধাৰিত সাজপাৰ/ব্যহাৰ পাতিৰ উলংঘনে সমাজখনৰ পুনঃউৎপাদনৰ ক্ষেত্রত সমস্যা সৃষ্টি কৰিব পাৰেই বিভিন্ন পৰিচিতিসমূহক সলনি কৰি পেলাব পাৰে; সিবিলাকক নতুন ৰূপ দিব পাৰেমণিৰ বয়স আছিল মাত্র ১৬ বছৰ; পিছে তাই হেনো ইমানেই ক্ষীণ আছিল যে তাইক ১২ বছৰীয়া ছোৱালী যেনহে দেখা গৈছিল। এ কণমানি ছোলীজনীয়ে ইমান সহজতে কেনেকৈ সমাজ নির্ধাৰিত বিধিসমূহ উলংঘন কৰিব পাৰিলে? আচলতে এই সামাজিক বিধিসমূহ আমি যিমান মজবুত তথা স্থায়ী বুলি ভাবোঁ, সিবিলাক সিমান শক্তিশালী বা স্থায়ী নহয়। সিবিলাক প্রাকৃতিক, প্রশ্নাতীত বা চিৰন্তনো নহয়এই সামাজিক বিধিসমূহ তলী ফুটা পাত্রত দৰে; যতে ততে ফুটা থকা, মামৰে খোৱা এক পাত্র; সিবিলাকৰ পৰিধি অস্পষ্ট আৰু দুর্বল। সেয়েহে এই বিধিসমূহক ৰক্ষা কৰিবলৈ ভীষণ বলপ্রয়োগৰ প্রয়োজন হয়। মণিৰ ক্ষেত্রতো সেয়াই দেখা গল।

প্রেম আৰু পৰিয়াল
এই পৰিয়াল বস্তুটো আচলতে কি? জীনৰ খলা-বমা, ভাল বেয়া সকলো সময়তে ইজনে সিজনক সহায়, সমর্থন আৰু ভালপো আগবঢ়ো মানুহৰ একোটাহঁত সমষ্টি? পিছে এয়া পৰিয়ালৰ সংজ্ঞা হয় জানো? এই মানবীয় চর্তসমূহ পূৰণ কৰিলেও সকলো মানৱ সমষ্টিকে পৰিয়াল বুলি অভিহিত কৰা নহয়। যেনে ধৰক বন্ধুৰ একোটা সমষ্টি, পোষ্য সন্তানসহ এহাল সমকামী দম্পত্তি, অবিবাহিত মাতৃ আৰু সন্তান, ভাতৃ-ভগ্নীৰ সতে বসবাস কৰা নাৰী - ইত্যাদিসকলক পৰিয়াল বুলি কোৱা নহয়। বৰং পৰিয়াল হৈছে এনে এটি অনুষ্ঠান যাৰ এক আইনী পৰিচয় থাকে, যাক ৰাষ্ট্র তথা সমাজে স্বীকৃতি দিয়ে; পৰিয়াল নির্মাণ কৰিবলৈ হলে কেতবোৰ বিশিষ্ট মানুহ কেতবোৰ বিশিষ্ট ৰূপত সম্পর্কযুক্ত হব লাগিব। এইক্ষেত্রত আইন-বহির্ভুত কেতবোৰ কাৰকেও ক্রিয়া কৰা দেখা যায়। যেনে ধৰক - বহুতো মধ্যবিত্তীয় কলনীত কেৱল বিবাহিত অসমকামী পৰিয়ালকহে থাকিবলৈ অনুমতি দিয়া হয়। এইক্ষেত্রত প্রায়েই কোনো ঘোষিত আনুষ্ঠানিক নিয়ম নাথাকে। বৰং অনানুষ্ঠানিকভাৱে বিভিন্ন উপায়েৰে এই কামফেৰা সুনিশ্চিত কৰা হয়। অর্থাৎ পৰিয়াল বুলিলেই সকলো মানৱীয় সমষ্টিক বুজা নাযায়। বৰং পৰিয়ালৰ নাম পাবলৈ হলে ই অসমকামী, পিতৃতান্ত্রিক এক সমষ্টি হবই লাগিবঃ এজন পুৰুষ, তেওঁৰ পত্নী তথা তেওঁৰ সন্তান –এইকেইটা উপাদান থাকিলেহে পৰিয়ালৰ পৰিচয় পোৱাটো সম্ভৱপৰ হব। 

১৯৮৪ চনত কোনো এটা গোছৰ সংক্রান্তত দিল্লী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে যে সংবিধান প্রদত্ত মৌলিক অধিকাৰসমূহ পৰিয়ালৰ ক্ষেত্রত প্রয়োজ্য নহয়। ঘৰৰ দেওনাৰ বাহিৰতে এই অধিকাৰসমূহ ক্ষান্ত হব লাগিব। সিবিলাকক ঘৰৰ ভিতৰলৈ সোমাই আহিবলৈ দিব নোৱাি। অন্যথাই কথাটো “চীনা মাটিৰ বাচন-বর্তনৰ দোকানত ষাড় গৰু এটাক সোমাবলৈ দিয়াৰ দৰে কথা হব”। আমি ভাবো যে ন্যায়াধীশজন এইক্ষেত্রত সম্পূর্ণভাৱে শুদ্ধ আছিল। পৰিয়ালৰ ভিতৰত যদি মৌলিক অধিকাৰৰ প্রবেশ ঘটিবলৈ হয়, যদি পৰিয়াল সকলো সদস্যকে সমান তথা স্বাধীন নাগৰিক হিচাপে গণ্য কৰা আৰম্ভ হয়, তেতিয়া পৰিয়াল নামৰ এই অনুষ্ঠানটোৰেই  মৃত্যু ঘটিব। কিয়নো পৰিয়াল নামৰ এই অনুষ্ঠানটো বিভিন্ন অসমতাৰ ভিত্তিতহে জীয়াই থাকেবিভিন্ন ধৰণৰ অসমতা তথা বৈষম্য এইক্ষেত্রত দেখিবলৈ পোৱা যায়ঃ যেনে বয়স ভিত্তিক অসমতা, লিংগ ভিত্তিক অসমতা আদি। এইক্ষেত্রত সাধাৰণতেই লিংগ ভিত্তিক অসমতাবোৰে বয়সতকৈ প্রাধান্য লাভ কে। তেওঁতকৈ বয়স্ক মহিলা এগৰাকী পৰিয়ালটোত থাকিলেও পৰিয়ালৰ প্রাপ্তবয়স্ক পুৰুষ একোজনেই মুৰব্বী পদ লাভ কৰেসমবয়সৰ মহিলা এগৰাকীৰ তুলনাত পৰিয়ালৰ পুৰুষ একোজনৰ বেছি ক্ষমতা থাকে। 

অর্থাৎ পৰিয়াল হৈছে এনে এবিধ অনুষ্ঠান যাৰ আধাৰ হৈছে অসমতা। পৰিয়ালৰ জৰিয়তে বিশেষ ৰূপৰ ব্যক্তিগত সম্পত্তিৰ মালিকানা তথা বিশেষ ৰূপৰ বংশনাম কঢ়িয়াই লৈ যোৱা হয়। এনে মালিকানা তথা বংশনাম ৰূপ হৈছে পিতৃমূলক (patrilineal); অর্থাৎ পিতৃৰ পৰা পুত্রলৈ সিবিলাকৰ হস্তান্তৰণ কৰা হয়। 

‘মৃত্যুদণ্ড’ নামৰ হিন্দী চিনেমাখনত এটা আমোদজনক দৃশ্য আছেঃ দুজন ককায়েক ভায়েকৰ সৈতে শ্বাৱানা আজমী আৰু মাধুৰী দীক্ষিতৰ বিয়া হৈছে। শ্বাৱানাৰ স্বামীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই আৰু গাওঁ সকলোৱেই এইবিষয়ে জানে। কিছুদিনৰ বাবে শ্বাৱানা বাহিৰলৈ যায় আৰু কাৰোবাৰ সৈতে তেওঁ এটা সম্পর্ক গঢ়ি তোলে। কিছুদিনৰ পাছত শ্বাৱানা ঘৰলৈ ঘূৰি আহোঁতে দেখা যায় যে তেওঁ  গর্ভৱতী হৈ পৰিছে। আতংকিত হৈ মাধুৰীয়ে শ্বাৱানাক সোধেঃ “বাইদেউ, এয়া কাৰ সন্তান?”

চাবলৈ গলে এইটো এটা অদ্ভুত প্রশ্ন কিয়নো স্পষ্টভাৱে সন্তানটো হৈছে শ্বাৱানাতেওঁৰ গর্ভতেই সন্তানটো আছে, পালিত হৈছে, গতিকেই সন্তানটো তেওঁৰ নহৈ আন কাৰ হব? পিছে পিতৃতান্ত্রিক সমাজ একোখনত এনে অদ্ভুত প্রশ্নও সম্পূর্ণভাৱে অর্থপূর্ণ হৈ পৰে; সকলোৱেই এই প্রশ্নটোৰ অর্থ বুজি পায়। শ্বাৱানাক সোধা প্রশ্নটোৰ অর্থ হৈছেঃ “সন্তানটোৰ পিতৃ কোন?”  এই সন্তানটোৱে কাৰ জাতি বহন কৰিছে, কাৰ সম্পত্তিৰ ওপৰত তাৰ অধিকাৰ আছে?

শ্বাৱানাই সহজভাৱে উত্তৰ দিয়েঃ “মোৰ সন্তান”। মোৰ মনত আছে, শ্বাৱানা এই উত্তৰটোৱে চিনেমাহলত এক চেপা উত্তেজনা তথা আলোড়ন সৃষ্টি কৰিছিল। কোনোবাই চেপা মাতেৰে আলোচনা কৰিছিল, কোনোবাই খিলখিলাই হাঁহিছিল।  শ্বাৱানা উত্তটোৱে কি পিতৃতন্ত্র সমুখত কিছু অসহজ প্রশ্ন উত্থাপন কৰিছিল?

সঁচা কথা কবলৈ গলে কোনো পুৰুষেই সন্তানটো তেওঁৰ নিজৰ হয় বুলি নিশ্চিতকৈ কব নোৱা। মহিলাগৰাকীয়ে সদায়েই জানে যে সন্তানটো অন্ততঃ তেওঁৰ; তেওঁৰ গর্ভৰ পৰাই সন্তানটো জন্ম হৈছে।  কিন্তু পুৰুষে DNA পৰীক্ষা কৰিও নিশ্চিতভাৱে পিতৃত্বৰ কথা জানিব নোৱাDNA পৰীক্ষাৰ দ্বাৰা খুউব বেছি আপুনি  গম লব পাৰে যে সন্তানটো আপোনাৰ নহয়। কিন্তু আপোনাৰ আৰু সন্তানৰ DNA যদি মিলিও যায়, তাৰ অর্থ এইটো নহয় যে সন্তানটো নিশ্চিতভাৱে আপোনাৰ! বৰং ডাক্টৰে এইবুলিহে কব যে  “সংখ্যাগতভাৱে(statistically) উচ্চ সম্ভাৱনা আছে যে সন্তানটো হয়তো আপোনাৰ”! এইবোৰ দিশৰ প্রতি মন কৰিয়েই বহুতেই কয়ঃ 'Motherhood  is  a biological fact, fatherhood  is  a sociological fiction.' পিতৃতন্ত্রই এই কথা ভালকৈয়ে জানে। পিতৃতন্ত্রৰ মানসত ই বিভিন্ন ধৰণৰ উদ্বেগ-আশংকা সৃষ্টি কৰে  সেয়েহে নাৰীৰ যৌনতাৰ ওপৰত পুলিচগিৰি কৰাটো জৰুৰী হৈ পৰে  

ভেলেণ্টাইন ডে বিষয়ক বিতর্কসমূহে স্বতঃস্ফুর্ত প্রেমৰ প্রতি পিতৃতন্ত্রৰ  উদ্বেগ ভালকৈয়ে উদঙাই দিয়ে। নব্বৈৰ দশকৰ পৰাই ডেলেণ্টাইন ডে ভাৰতত জনপ্রিয় হবলৈ ধৰিছিল। নাৰীবাদী হিচাপে সেই সময়ত ভেলেণ্টাইন ডে সম্পর্কে আমি বিশেষ উৎসাহিত নাছিলোঁ। বৰং তাৰ বহুতো দিশ সম্পর্কে আশংকাহে প্রকাশ কৰিছিলোঁ। ৰোমাঞ্চ বিষয়ক ভেলেণ্টাইন ডেৰ যিবোৰ ধাৰণা – সিবিলাকক বৈষম্যমূলক বুলিয়েই কব পাৰিমন কৰক যে কেতবোৰ বিশেষ প্রেম কাহিনীকহে প্রকৃত/আদর্শ প্রেম কাহিনী বুলি ধৰা হয়। এই প্রেম কাহিনীৰ পাত্র সদায়েই এজন পুৰুষ তথা এগৰাকী নাৰী হব লাগিব (সমকামীসকলৰ প্রেম কাহিনী আদর্শ বুলি ধৰা নহয়)। তদুপৰি আপুনি “প্রেমত পৰা”ৰ সময়তো কিন্তু প্রেমাস্পদজনৰ জাত-পাত-শ্রেণী-অৱস্থান-বয়স আদি দিশসমূহৰ প্রতি ভালকৈয়ে মন কৰেপুৰুষজন অন্ততঃ কেইমাহমান হলেও নাৰীগৰাকীতকৈ ডাঙ হব লাগিব, অন্ততঃ দুই ইঞ্চিমান বেছি ওখ হব লাগিব, ছোৱালীজনীতকৈ অন্ততঃ কিছুপৰিমানে হলেও বেছি উপার্জন কৰিব লাগিব। আন কথাত, এনে ৰোমাঞ্চৰ অর্থ হৈছে নাৰী গৰাকী কিবা প্রকাৰে হলেও পুৰুষজনতকৈ সদায়েই নিম্ন পর্যায়ৰ হব লাগিব, তাক cute বুলিও অভিহিত কৰা হব, সম্পর্কটোত পুৰুষজনেই সদায়ে প্রাপ্তবয়স্কৰ ভূমিকা গ্রহণ কৰিব।

স্বতঃস্কুত প্রেমৰ নামৰ লৈও প্রকৃতপক্ষে নিয়ন্ত্রিত প্রেমৰ ৰূপ লোৱা ভেলেণ্টাইন ডেৰ বিৰুদ্ধে সেয়েহে আমি নাৰীবাদীসকলে এক সমালোচনা বিকশিত কৰিছিলোঁ।

আমি ‘ভেলেণ্টাইন ডে’ৰ সমালোচনা কৰাৰ আঁৰত অন্যান্য কেতবোৰ কাৰণো আছিল। ভেলেন্টাইন ডেৰ বাবে প্রেম যিমান গুৰুত্বপূর্ণ, তাতোকৈ বহু বেছি গুৰুত্বপূর্ণ হৈছে বজাৰ – উপহাৰৰ ক্রয় বিক্রয় তথা বিনিময়। ভেলেণ্টাইন ডে দিনা আপুনি কাৰোবাক ভাল পাওঁ বুলি কলেই যথেষ্ঠ নহয় বৰং সেই ভালপোৱা প্রমাণিত কৰিবলৈ আপুনি উপযুক্ত উপহাৰো ক্রয় কৰিব লাগিব। সেয়া লাগে কার্ডেই হওঁক, ফুলেই হওঁক বা টেডি বিয়েৰেই হওঁক। ৯০ৰ দশকৰ উদাৰীকৰণৰ ধুমুহাৰ সময়ত আমি নাৰীবাদীসকলে ভেলেণ্টাইন ডেক ‘নতুন ভোগবাদ’ৰ এক উদাহৰণ বুলি অভিহিত কৰিছিলোঁ।

কিন্তু অতি সোনকালেই হিন্দুত্ববাদী সোঁপন্থীসকলেও “ভাৰতীয় সংস্কৃতি”ৰ নামত ভেলেণ্টাইন ডেৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। এইক্ষেত্রত সমালোচনাই নহয় বৰং জবৰদস্তি বলপ্রয়োগো কৰা দেখা গল। পার্ক, উদ্যান আদি ৰাজহুৱা স্থলত ভেলেণ্টাইন ডেৰ দিনা বজৰং দল আদিয়ে প্রেমিক-প্রেমিকাসকলক শাৰীৰিকভাৱে অপমান কৰিবলৈও আৰম্ভ কৰিলে। মোৰ মনত আছে যে ইয়াৰ সমসাময়িকভাবেই ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আত্মীয়জনৰ হাতত প্রেমিক-প্রেমিকাৰ হত্যাৰ খবৰো আহিবলৈ আৰম্ভ কৰিছিল। এই প্রেমিক-প্রেমিকাসকলে পৰিয়াল, আত্মীয়-স্বজনৰ ইচ্ছাৰ বিৰুদ্ধে আন সম্প্রদায়, জাতি তথা ধর্মৰ ব্যক্তিৰ সৈতে প্রেম কৰাৰ ধৃষ্টতা প্রদর্শন কৰিছিল। এনে হত্যাসমূহক ইংৰাজী মিডিয়াই প্রায়ে “honour killing” নামেৰে অভিহিত কৰে কিন্তু প্রতীক্ষা বক্সিয়ে এইক্ষেত্রত আন এটা, অধিক ভয়াবহ নাম প্রস্তাৱ কৰিছেঃ “custodial death”পুলিচৰ অধীন বা জেইলখানাত থকা ব্যক্তিৰ মৃত্যু হলে তাক custodial death বুলি কোৱা হয়। যিহেতু পৰিয়ালো হৈছে এক প্রকাৰৰ জেইলখানা, সেয়েহে পৰিয়ালৰ অধীনত হোৱা মৃত্যুকো custodial death বুলি কোৱা উচিত আৰু সেই অনুসৰি শাস্তিবিধান কৰা উচিত। 

যি কি নহওঁক, এইখিনি সময়তে ভাৰতৰ নানান ঠাইৰ পৰা বহুতো “লেচবিয়ান আত্মহত্যা”ৰ খবৰো আহিবলৈ আৰম্ভ কৰিছিল। বহুতো লেচবিয়ান মহিলাই আত্মহত্যাৰ আগেয়ে চিঠি লিখি থৈ গৈছিল যে তেওঁ প্রেমাস্পদজনৰ পৰা পৰিয়ালৰ মানুহে বলপূর্বক তেওঁক আঁতৰাই ৰাখিছে আৰু সেয়েহে এই প্রেমহীন জীৱন জীয়াই থাকিবলৈ তেওঁৰ আৰু ইচ্ছা নাই। এনে সমস্ত ঘটনাই আচলতে আমাৰ সমাজখন কিমান বৈষম্যপূর্ণ তাকেই প্রমাণিত কৰে  আমাৰ যৌন আচৰণসমূহ কিমান দূৰৈলৈ জাত পাত লিংগ তথা সম্প্রদায়ভিত্তিক মূল্যবোধে নিয়ন্ত্রণ কৰে, তাৰ নির্মম উদাহৰণ এই ঘটনাসমূহৰ মাজতেই পোৱা যায়। লগতেই আচলতে এনে মূল্যবোধসমূহ কিমান ঠুনুকা, কিমান সহজতে সিবিলাক প্রত্যাহবানৰ সমুখীন হয়, তাৰো পৰিচয় পোৱা যায়।

  
আম্বেদকাৰে জাতি নির্মূলকৰণৰ ক্ষেত্রত আন্তঃজাতীয় বিবাহৰ বিশেষ গুৰুত্ব তথা সম্ভাৱনা আছে বুলি ভাবিছিল। ১৯৩৬ চনত প্রকাশিত এখন ৰছনাত তেওঁ এনেদৰে লিখি থৈ গৈছেঃ Where society is already well-knit by  other  ties, marriage is  an ordinary incident  of  life. But where society is cut asunder, marriage as a binding force becomes a matter of urgent necessity.  The real remedy for breaking caste is inter-marriage. Nothing else will serve as the solvent of caste”.

আজি বহু দশক পাছতো আম্বেদকাৰৰ এই উক্তিৰ ন্যায্যতা খাপ-পঞ্চায়ত তথা আন্তঃজাতীয় বিবাহৰ বিৰূদ্ধে সিবিলাকৰ অৱস্থানৰ মাজত দেখিবলৈ পোৱা যায়। খাপ-পঞ্চায়তসমূহে ভয় কৰে যে আন্তঃজাতীয় বিবাহ হবলৈ হলে জাতিৰ ধাৰণাটো প্রত্যাহবানৰ মুখামুখি হব। বিশেষকৈ হাৰিয়ানা প্রদেশৰ জাট সম্প্রদায়ৰ মাজত খাপ পঞ্চায়তৰ বিশেষ উপস্থিতি তথা আন্তঃজাতীয় বিবাহ বিৰোধিতা দেখিবলৈ পোৱা যায়। এইক্ষেত্রত প্রায়েই সম্প্রদায়ৰ সন্মানৰ নামত খাপসমূহে প্রেমিক-প্রেমিকাৰ মৃত্যুদণ্ড ঘোষণা কৰেমন কৰা ভাল যে এই খাপসমূহ চৰকাৰী পঞ্চায়তৰ দৰে নির্বাচিত প্রতিনিধিৰ দ্বাৰা নির্মিত পঞ্চায়ত নহয়। সিবিলাকত কোনো গণতান্ত্রিক প্রক্রিয়াও দেখিবলৈ পোৱা নাযায়। 

আজি দীর্ঘদিন ধৰি খাপ-পঞ্চায়তসমূহে হিন্দু বিবাহ আইনৰ সংশোধন দাবী কৰি আহিছে যাতে “সগোত্র” তথা “ভাইচাৰা” (ওচৰ চুবুৰীয়া; সন্দর্ভ বিশেষে কেইবাখনো ওচৰ চুবুৰীয়া গাওঁৰ সমষ্টি)ৰ মাজত হোৱা বিবাহসমূহক বেআইনী ঘোষণা কৰিব পাৰিতেওঁলোকৰ এই দাবী পূর্ণ হবলৈ হলে ডেকা লৰা-ছোৱালীয়ে ওচৰ পাজৰৰ প্রায় সকলো ব্যক্তিকে ভাই-ভনী হিচাপে গণ্য কৰিব লাগিব। অর্থাৎ এনে স্থলত প্রেম সম্পর্ক গঢ় লৈ উঠাটো, প্রেমাস্পদ বিচাৰি পোৱাটো দুৰুহ, প্রায় অসম্ভৱ হৈ পৰিব। আন কথাত প্রেমৰ বিপৰীতে পৰিয়ালেই ব্যক্তিৰ যৌন আচৰণ, বিবাহ আদি নিয়ন্ত্রণ কৰি যৌনতাক বাঞ্ছনীয় দিশেৰে ধাবমান কৰিব পাৰিব। 

চহৰীয়া মধ্যবিত্তৰ মনত প্রায়েই খাপ-পঞ্চায়ত তথা গাওঁবাসীৰ বিৰুদ্ধে প্রচণ্ড ঘৃণা দেখা পোৱা যায়; এনে এক ছবি প্রক্ষেপ কৰা হয় – যেন খাপসমূহেই সমস্ত সম্প্রদায়ৰ জীৱন নিয়ন্ত্রন কৰে আৰু ব্যক্তিসকলেও সিবিলাকক নির্বিবাদে মানি লয়। কিন্তু মন কৰা ভাল যে খাপ-পঞ্চায়তসমূহক কিন্তু মূলতঃ গাওঁ তথা জাট সম্প্রদায়ৰ যুবক-যুবতীসকলেই প্রত্যাহবান জনাইছে। তেওঁলোকে বিৰোধিতা নক হলে চহৰীয়া মধ্যবিত্তই এই বিষয়ে বিশেষ ভূ-কে নাপালেহেঁতেন। সামাজিক এঘৰীয়াকৰণ তথা মৃত্যু ভয়কো নেওচি বহুতো প্রেমিক-প্রেমিকা, যুবক যুবতীয়ে খাপসমূহৰ বিৰুদ্ধে সংগ্রাম কৰিছে। 

চমূ ভাষাত কবলৈ গলে – আজিৰ দিনত নাৰীবাদীসকলে বুজি পাইছে যে প্রতিক্রিয়াশীল শক্তিসমূহে ভেলেণ্টাইন ডে আদিৰ কিয় বিৰোধিতা কৰেতেওঁলোকে সিবিলাকৰ মাজত অনিয়ন্ত্রিত প্রেমৰ সম্ভাৱনা দেখিবলৈ পায়। এনে প্রেম - যি জাতি, সম্প্রদায় আৰু অসমকামিতাৰ বান্ধোন মানি চলিবলৈ সাজু নহয়।

ক্রমশঃ

মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূ চেতিয়া

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...