Friday, August 26, 2016

জীৱনৰ শেষপ্রহৰত নিকোলাই বুখাৰিন


মূলঃ ‘Bukharin’s Last Years’,  Roy Medvedev,  New Left Review, May-June 1978
অনুবাদঃ ময়ূৰ চেতিয়া




অনুবাদকৰ টোকাঃ

এই প্রৱন্ধটোত কোনো তাত্ত্বিক আলোচনা নাই; সাধাৰণ ৰাইজেও তাক সহজতে বুজি পাব। প্রৱন্ধটোৰ  বিষয়বস্তু হৈছে বলছেভিক দলৰ অন্যতম নেতা নিকোলাই বুখাৰিনৰ জীৱনৰ অন্তিম সময়খিনি। কেনেধৰণৰ এক ট্রেজিক পৰিস্থিতিৰ মাজত তেওঁ মৃত্যুমুখত পৰিব লগা হল – এই বিষয়ে লেখকে বিতংকৈ আলোচনা কৰিছে আৰু ইয়েই স্তালিনবাদী ব্যৱস্থাটোৰ ভয়াবহ দিশটোও উদঙাই দিছে। প্রৱন্ধটোৰ লেখক ৰয় মেডভেদেভ হৈছে ৰুছ দেশৰ এজন বয়োবৃদ্ধ মার্ক্সবাদী বুদ্ধিজীৱি। তেওঁ এতিয়াও জীয়াই আছে। স্তালিনবাদৰ বিভিন্ন ৰেকর্ড সম্পর্কে তেওঁ ১৯৭২ চনতেই ‘Let History Judge’ বোলা এখন বৃহৎ গ্রন্থ প্রণয়ন কৰিছিল। কিছুবছৰ পূর্বে গ্রন্থখনৰ এক পৰিবর্ধিত সংস্কৰণো প্রকাশ পাইছে।

স্তালিনবাদ বিষয়ক কোনোধৰণৰ নির্মোহ আলোচনা আজিও অসমীয়া ভাষাত দেখা পোৱা নাযায়। এই বিষয়ক প্রাথমিক ঘটনাৱলী সম্পর্কেই ৰাইজ অৱগত নহয়; কাজেই এনে পৰিস্থিতিত কোনো গম্ভীৰ আলোচনাও সম্ভৱপৰ নহয়। ভৱিষ্যতে স্তালিনবাদ বিষয়ক বিভিন্ন বিশ্লেষণ অসমীয়ালৈ অনুবাদ কৰাৰ এটা পৰিকল্পনা আমি কৰিছোঁ। কিন্তু তাৰ আগেয়ে হাড়-মাংসৰ স্তালিনবাদ বোলা বস্তুটোনো কি আছিল, মানুহে কেনেদৰে তাক অনুভৱ কৰিছিল, এই বিষয়েও পাঠক কিছু পৰিমাণে অৱগত হোৱাৰ প্রয়োজন আছে। এই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই মেডভেদেভৰ বর্তমান প্রৱন্ধটো অনুবাদ কৰাৰ কথা ভবা হল।


‘নিউ লেফট ৰিভিউ’ৰ সম্পাদকৰ টোকা (১৯৭৮ চনত লিখিত):

নিকোলাই বুখাৰিনৰ ভালেখিনি লেখনী আজিৰ দিনত ইংৰাজী ভাষাত উপলভ্য। তেওঁৰ এখন পূর্ণাংগ জীৱনীও অলপতে স্তিফেন ক’হেনে লিখিছে (‘বুখাৰিন এণ্ড দা বলচেভিক ৰিভলুচন’)। অন্যান্য বলচেভিক নেতাসকলৰ বিষয়ে এতিয়াও ইমানখিনি সামগ্রী ইংৰাজী ভাষাত পোৱা নাযায়তথাপিও বুখাৰিন আজিও যেন এক অস্পষ্ট তথা স্ববিৰোধী চৰিত্র। ১৯২১ চনলৈকে বুখাৰিন আছিল এজন বাওঁ বলচেভিক, ১৯২৩ চন পর্যন্ত পিছে তেওঁ নতুন আর্থিক নীতিৰ আটাইতকৈ প্রধান তাত্ত্বিকজনৰ ৰূপত আত্মপ্রকাশ কৰিলে। কৃষক নির্ভৰশীল এক মন্থৰ গতিৰ উদ্যোগীকৰণৰ সমর্থক বুখাৰিনে ‘এখন দেশত সমাজবাদ’ শীর্ষক ধাৰণাটোকো সূশৃংখলিত তথা তত্ত্বগত ৰূপ দিলে আৰু এনেদৰেই তেওঁ স্তালিনবাদৰ আৱির্ভাৱৰ বাবে মতাদর্শীয় আধাৰটোও নির্মাণ কৰিলে। পিছে আজিৰ দিনত বহুতেই বুখাৰিনক স্তালিনবাদবিৰোধী পৰম্পৰাৰ এক অন্যতম উদাহৰণ  বুলিও গণ্য কৰিবলৈ ধৰিছে। বিশেষকৈ বিভিন্ন ইউৰো-কমিউনিজমৰ ধাৰাত বুখাৰিনবাদী পৰম্পৰাৰো কিছু প্রভাৱ দেখিবলৈ পোৱা যায়। ১৯২৬-২৭ সময়ছোৱাত ট্রটস্কী, জিনোভিয়েভ আৰু কামেনেভৰ ‘সংযুক্ত বিৰোধীপক্ষ’ৰ দমনৰ  ক্ষেত্রত বুখাৰিনেও হাত উজান দিছিল। বিৰোধীসকলৰ যুক্তিবোৰক বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল আৰু সাংগঠনিক হেঁচাপ্রয়োগৰ জৰিয়তে সমস্ত ‘আভ্যন্তৰীণ বিতর্ক’ক প্রহসনলৈ পৰিণত কৰা হৈছিল। তথাপিও পাছৰ কালৰ বহুতো কমিউনিষ্টৰ মতে বুখাৰিনে স্তালিনীয় মেচিনটোৰ ভিতৰৰ পৰাই অসহমতি প্রকাশ কৰিছিললেনিন আৰু ট্রটস্কীৰ পাছতেই বলচেভিক পার্টিৰ আটাইতকৈ গুৰুত্বপূর্ণ তাত্ত্বিকজনেই আছিল বুখাৰিন; অথচ এইজনা মানুহৰ নেতৃত্বতেই ‘কমিউনিষ্ট ইন্টাৰনেছনেল’ৰ মজিয়াৰ পৰা সমস্ত সৃজনশীল তাত্ত্বিক কর্মক বিদায় জনোৱা হৈছিল। বুখাৰিন লেনিনৰ বেছ ঘনিষ্ঠ আছিল, স্বয়ং লেনিনে তেওঁক ‘পার্টিৰ আটাইতকৈ প্রিয়পাত্র ব্যক্তিজন’ বুলি অভিহিত কৰিছিল। কিন্তু এইজনা মানুহেই শেহত গৈ লেনিন-স্তালিনক হত্যা কৰাৰ ষড়যন্ত্র কৰিছিল বুলি মিথ্যা অভিযোগৰ সমুখীন হব লগা হল আৰু সেই অপৰাধৰ শাস্তি হিচাপে মৃত্যুমুখত পৰিব লগা হল। বিগত বহুকেইটা দশক ধৰি কোটি কোটি কমিউনিষ্টে এনেবোৰ মিথ্যা কাহিনীকেই বিশ্বাস কৰিবলৈ বাধ্য হৈছিল।

                         ***  ***  ***

১৯৩৬ চনটো আৰম্ভ হওঁতে পাছলৈ ই যে কোনো দুর্যোগ মাতি আনিব – সেই কথা নিকোলাই ইভান’ভিচ বুখাৰিন বা আমাৰ দেশৰ আন কাৰোৰে মনত খেলোৱা নাছিল। এই কথা সঁচা যে কিৰ’ভ(Kirov)ৰ হত্যাকাণ্ডৰ পাছত ইতিমধ্যেই কেইবাখনো ৰাজনৈতিক বিচাৰ সমাপন কৰা হৈ গৈছিল আৰু তাৰে এখনত জিনোভিয়েভ তথা কামেনেভক দীঘলীয়া কাৰাবাস প্রদান কৰা হৈছিল; কাজেই দেশৰ পৰিস্থিতি ভালেখিনি উত্তেজনাপূর্ণ হৈ আছিল। তথাপিও প্রাক্তন জিনোভিয়েভপন্থী তথা ট্রটস্কীপন্থীসকলে ৰাষ্ট্র-দমনৰ পৰা বাচিবলৈ নিজৰ ‘পুৰণা পাপ’ৰ ৰাজহুৱা স্বীকাৰোক্তি তথা স্ব-সমালোচনা কৰিলেই যথেষ্ঠ হব বুলি ভবা হৈছিল। বুখাৰিনৰ দৰে  পুৰণা সোঁপন্থী বিৰোধীসকলে প্রায়ে সিমানখিনিও কৰিব লগা হোৱা নাছিল।

এইখিনি সময়ত বুখাৰিন আছিল ‘ইজভেস্তিয়া’ কাকতখনৰ মূখ্য সম্পাদক। সোঁপন্থী বিৰোধীসকলৰ পৰাজয়ৰ আগেয়ে তেওঁ ‘প্রাভদা’ৰ সম্পাদক হিচাপে কাম কৰিছিল। যদিও গুৰুত্ব তথা সামাজিক প্রভাৱৰ দিশৰ পৰা প্রাভদা কাকতখনৰ সৈতে ইজভেস্তিয়াৰ তুলনা নাছিল, তথাপিও সম্পূর্ণভাৱে পার্টিৰ আনুষ্ঠানিক কাকত নোহোৱাৰ বাবে ইজভেস্তিয়াত এতিয়াও এনে কেতবোৰ প্রৱন্ধ প্রকাশ কৰাটো সম্ভৱপৰ আছিল যিবোৰক প্রাভদাৰ পৃষ্ঠাত ঠাই দিয়াৰ কথা ভাবিবও পৰা নগৈছিলপ্রাভদাই সম্পূর্ণভাৱে পার্টিৰ দৈনন্দিন নীতিনির্দেশনা মানি চলিছিল। ইজভেস্তিয়া কাকতখনক আকর্ষনীয় কৰি তুলিবলৈ বুখাৰিনে অহোপুৰুষার্থ কৰিছিল আৰু এই চেষ্টাত তেওঁ সফলো হৈছিল। ১৯৩৫-৩৬ সময়ছোৱাত ই সকলো ছোভিয়েট বাতৰিকাকতৰ ভিতৰত আটাইতকৈ জনপ্রিয় তথা সর্বপঠিত কাকত হিচাপে পৰিচিত হৈছিল। বুখাৰিনে কাকতখনক ফেচীবাদবিৰোধী প্রৱন্ধপাতিৰ কেন্দ্রস্থল হিচাপেও গঢ়ি তুলিব বিচাৰিছিল আৰু এই কার্যতো তেওঁ সফল হৈছিল। অতি সোনকালেই বুখাৰিন ইজভেস্তিয়া কালেকটিভৰ সদস্যসকলৰ প্রিয়পাত্রলৈ পৰিণত হৈছিল। স্বভাৱসূত্রে বুখাৰিন আছিল এজন সৰল মানুহ, তেওঁক সহজতে সাক্ষাতো কৰিব পৰা গৈছিল; অন্যান্য বহুতো নেতাৰ দৰে তেওঁ সাধাৰণ কর্মীসকলৰ পৰা দূৰত্ব ৰক্ষা কৰি চলা নাছিল। বাতৰিকাকতৰ জগতখনৰ বিষয়ে তেওঁৰ জ্ঞান তথা আগ্রহ আছিল অতিশয় বিশাল। তেওঁ বেচ কঠোৰ পৰিশ্রম কৰিব পৰা মানুহ আছিল। বিভিন্ন কাকতত এতিয়াও তেওঁৰ অনেক প্রৱন্ধপাতি নিয়মীয়াকৈ প্রকাশিত হৈছিলছুটীৰ দিনবোৰত তেওঁ সহকর্মীসকলৰ লগত মিলি গ্রাম্যাঞ্চললৈ ফুৰিবলৈ গৈছিল। বিভিন্নধৰণৰ মনোৰঞ্জনৰ আহিলা বিকশিত কৰাত বুখাৰিন আছিল সিদ্ধহস্ত।

বুখাৰিনে এতিয়াও ক্রেমলিনতে বাস কৰিছিল আৰু এতিয়াও তেওঁ ছোভিয়েট কমিউনিষ্ট পার্টিৰ কেন্দ্রীয় কমিটিৰ সদস্য আছিল; অৱশ্যে পূর্বৰ পূর্ণকালীন সদস্যতাৰ বিপৰীতে এতিয়া তেওঁক কেৱল প্রার্থী সদস্য হিচাপেহে ৰখা হৈছিল। কাকতৰ সম্পাদনা তথা বন্ধুবর্গৰ সৈতে সম্পর্কৰ ক্ষেত্রত তেওঁ অত্যন্ত বিশ্বস্ততাৰ পৰিচয় দিছিল। কোনো বন্ধুৰ সৈতে গুপুতে তেওঁ কেতিয়াও স্তালিনৰ বিষয়ে বা তেওঁৰ নীতিবোৰৰ বিষয়ে বেয়াকৈ উচ্চাৰণ কৰা নাছিল, বিৰোধীৰ কোনো লক্ষণ তেওঁৰ কোনো কামতে দেখা পোৱা নগৈছিল। অৱশ্যেই সেই সময়ত তেওঁ বহুতো কথাই জনা নাছিল; তদুপৰি আন কেতবোৰ কথাৰ প্রতি তেওঁ জানিবুজি চকু মুদি চলিছিল। তথাপিও দেশখনে অনুভৱ কৰা প্রধান সমস্যাবোৰৰ প্রতি – বিশেষকৈ কৃষকৰ সমস্যাবোৰৰ প্রতি - সম্পূর্ণভাৱে নির্বিকাৰ হৈ থকাটো  সম্ভৱপৰ নাছিল। ইজভেস্তিয়া কাকতখনৰ সম্পাদক হিচাপে দেশৰ বিভিন্ন অঞ্চলৰ বিশেষকৈ গ্রাম্যাঞ্চলৰ পৰা অহা  অগণন চিঠিপত্র তেওঁ পঢ়িব লগাত পৰিছিল আৰু ইয়েই বিভিন্ন ঘটনাৱলীৰ বিষয়ে তেওঁক সচেতন কৰাই ৰাখিছিল। তথাপিও তেওঁ নিজৰ পজিচন সলনি কৰা নাছিল; আনকি তেওঁৰ শেহতীয়া প্রতিবাদ কার্যত সহযোগ কৰা সতীর্থসকল – টমস্কী তথা ৰিকভকো তেওঁ লগ কৰা বাদ দিছিল

বুখাৰিনৰ পেৰিচ ভ্রমণ

১৯৩৬ চনৰ বসন্তকালত ছোভিয়েট ইউনিয়নে জার্মান চচিয়েল ডেমক্রেটসকলৰ পৰা মার্ক্স-এংগেলছ আর্কাইভৰ একাংশ ক্রয় কৰিবলৈ চেষ্টা কৰি আছিল।  ইতিমধ্যেই জার্মানীত হিটলাৰ শাসনলৈ আহিছিল আৰু কমিউনিষ্ট পার্টিৰ লগতে চচিয়েল ডেমক্রেটিক পার্টিকো দেশখনত নিষিদ্ধ কৰি পেলোৱা হৈছিল। পার্টিৰ স্থানীয় সংগঠনবোৰ ভাঙি পেলোৱা হৈছিল আৰু বহুতো কর্মকর্তা জেল বা কনচেনট্রেচন কেম্পত জীয়াতু ভুগি আছিল। অৱশ্যে পার্টিৰ বেছিভাগ শীর্ষ নেতাই দেশৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু ইউৰোপৰ বিভিন্ন দেশত – বিশেষকৈ ভাতৃপ্রতীম চচিয়েল ডেমক্রেটিক দল শাসনত থকা দেশবোৰত তেওঁলোকে আশ্রয় লৈছিল। বিদেশলৈ পলায়ন কৰোঁতে তেওঁলোকে অন্যান্য কাকতপাতিৰ সৈতে মার্ক্স–এংগেলছৰ সৰহভাগ আর্কাইভ লগতে লৈ গৈছিল। অতি সোনকালেই দেশান্তৰী জার্মান চচিয়েল ডেমক্রেটসকল অর্থাভাৱত ভূগিছিল আৰু কাজেই তেওঁলোকে মার্ক্স-এংগেলছৰ মূল পাণ্ডুলিপিবোৰ ছোভিয়েট ইউনিয়নৰ ওচৰত বিক্রী কৰি কিছু ধন আর্জন কৰিবলৈ বিচাৰিছিল।
ছোভিয়েট কমিউনিষ্ট পার্টিৰ পলিট ব্যুৰো’এ ঠিক কৰিলে যে আর্কাইভখিনিৰ দৰদাম কৰিবৰ বাবে এটা বিশেষজ্ঞ দল ইউৰোপলৈ প্রেৰণ কৰা যাওঁক। বুখাৰিনকেই এই দলৰ মূৰব্বী হিচাপে নির্বাচিত কৰা হল। তেওঁৰ লগতে এই দলত আছিল মার্ক্স এংগেলছ প্রতিষ্ঠানৰ এজন প্রধান কর্মী আদৰাটস্কী তথা পার্টিৰ পুৰণা সদস্য আৰু জনপ্রিয় লেখক - আৰচেভ। ছোভিয়েট ৰাষ্ট্রৰ আন কেইজনমান আমোলাও তেওঁলোকৰ সংগী আছিল।

বিদেশত বুখাৰিনে কাৰ কাৰ সৈতে কথা পাতিব আৰু আর্কাইভখিনিৰ মূল্য সম্পর্কে দৰদাম কৰিব – এয়াও পলিট ব্যুৰোৱে নির্দিষ্ট কৰি দিছিল। তেওঁলোকৰ ভিতৰত প্রধান আছিল – অষ্ট্রিয়ান চচিয়েল ডেমক্রেটিক পার্টিৰ অন্যতম নেতা অটো ব’য়াৰ – যি দ্বিতীয় আন্তর্জাতিকৰ এজন প্রধান হোতা তথা অষ্ট্রো-মার্ক্সবাদৰ অন্যতম তাত্ত্বিক আছিল। কেইজনমান ৰাছিয়ান মেনচেভিক ব্যক্তিকো লগ ধৰাৰ কথা আছিল - যি দৰদামৰ কার্যত মধ্যস্থতাকাৰীৰ ভূমিকা লবলৈ সন্মত হৈছিল। এইসকলৰ ভিতৰত প্রধান আছিল প্রবীন সাংবাদিক, লেখক তথা ইতিহাসবিদ বৰিছ নিকোলায়েভস্কি - যি ইতিমধ্যেই চচিয়েল ডেমক্রেটিক আন্দোলন তথা বলচেভিজমৰ ইতিহাস সম্পর্কে যথেষ্ঠখিনি তথ্যপাতি সংগ্রহ কৰিছিল - তথা মেনচেভিক নেতা ডেন - যি ১৯১৭ চনত ছোভিয়েট কেন্দ্রীয় কার্যনির্বাহক সমিতিৰ নেতৃত্ব বহন কৰিছিল। অক্টোবৰ বিপ্লৱৰ ঠিক পাছতে নিকোলায়েভস্কি পশ্চিম ইউৰোপলৈ গুচি গৈছিল; আনহাতে ডেন ১৯২২চন পর্যন্ত ৰাছিয়াতে আছিল - তাৰ পাছতে তেওঁক ‘ছোভিয়েট ৰাষ্ট্রৰ শত্রু’ বুলি দেশৰ পৰা নির্বাসিত কৰা হৈছিল। সাক্ষাৎ কৰিবলগীয়া বেছিভাগ চচিয়েল ডেমক্রেটকে বুখাৰিনে ব্যক্তিগতভাৱে চিনি পাইছিল - অৱশ্যে ১৯১৭ চনৰ পাছৰেপৰা তেওঁ তেওঁলোকক  লগ পোৱা নাছিল।

বুখাৰিনে বেছ উৎসাহেৰে পলিট ব্যুৰোৰ প্রস্তাৱটো মানি ললে। বেছ আনন্দ তথা সতর্কতাৰে তেওঁ যাত্রাৰ প্রস্তুতি চলালে। দলটো প্রথমে নৰৱে, ডেনমার্ক তথা আন কেইখনমান দেশলৈ গল আৰু তাৰ পাছত বেছ কিছুদিন ধৰি তেওঁলোকে পেৰিচত বাহৰ পাতিলে। পেৰিছৰ লুক্রেচিয়া হোটেলখনত বুখাৰিন, আৰচেভ আৰু আদৰাটস্কীয়ে ওচৰা ওচৰিকৈ তিনিটা ৰূম ললে। এপ্রিলত এমাহৰ বাবে বুখাৰিনৰ পত্নী আন্না মিখাইলভা লাৰিনাও কিছুদিন স্বামীৰ সতে থাকিবলৈ আহিল। সেইসময়ত লাৰিনাৰ বয়স হৈছিল মাত্র ২০ বছৰআনহাতে বুখাৰিনে পূর্বেও দুবাৰকৈ বিবাহ তথা বিবাহবিচ্ছেদ কৰিছিল। সেইসময়ত বিয়া পতা তথা বিচ্ছেদ কৰাটো আইনীভাবে বেছ সহজ কথা আছিলদ্বিতীয়গৰাকী পত্নীৰ ফালৰ পৰা বুখাৰিনৰ এজনী জীয়েক আছিল – শ্বেতলানা – বুখাৰিনৰ শেহৰখন বিবাহ পর্যন্ত তাইৰ বয়স হৈছিল দহ কি এঘাৰ বছৰআন্না লাৰিনাৰ পৰিয়ালটোৰ কেইবাজনো সদস্য বহু পূর্বৰে পৰা বিপ্লৱী আছিল। সৰুৰে পৰা লাৰিনাই বুখাৰিনকে আদি কৰি বেছিভাগ বলচেভিক নেতাকে চিনি পাইছিল। ১৯ বছৰীয়া এই ধুনীয়া ছোৱালীজনীয়ে ১৯৩৫ চনত বুখাৰিনৰ সতে বিবাহপাশত আৱদ্ধ হৈছিল – সেইসময়ত বুখাৰিনৰ বয়স আছিল ৪৮ আৰু ক্রেমলিনৰ এটা ফ্লেটত তেওঁ থাকিবলৈ লৈছিল। ১৯৩২ চন পর্যন্ত এইটো ফ্লেটত স্তালিনে বাস কৰিছিল – কিন্তু পত্নী নাদেজদা আলিলুয়েভাৰ আত্মহত্যাৰ পাছত সেই ঠাইত থাকিবলৈ অশান্তি লগাত স্তালিনে বুখাৰিনক অনুৰোধ কৰিছিল যে তেওঁ যাতে তেওঁলোকৰ ফ্লেটকেইটা সলনা-সলনি কৰি লয়। আন্না লাৰিনাক স্তালিনেও ভালকৈ চিনি পাইছিল আৰু বিয়াৰ সময়ত খবৰ পাই তেওঁক টেলিফোনযোগে অভিনন্দন জনাইছিল। বিয়াৰ পাছত বুখাৰিন দম্পতীক ক্রেমলিনত লগ পাওঁতে স্তালিনে ধেমেলীয়াকৈ কৈছিলঃ ‘বন্ধু, ইয়াতো দেখিছো তুমি মোক পিছুৱাই গলা!’

বুখাৰিনৰ পত্নী পেৰিচ পোৱাহিলৈকে আর্কাইভৰ ক্রয় সম্পর্কীয় আলোচনাই পূর্ণগতি লাভ কৰিছিল। ভালেমান লোকৰ সতে বুখাৰিনৰ কথাবার্তা চলি আছিল। পাছৰ কালত কেইবাজনো ব্যক্তিয়ে বুখাৰিনৰ সৈতে হোৱা এই সাক্ষাৎ সম্পর্কে দীঘলীয়াকৈ লিখিছে - কেনেদৰে তেওঁলোকে গধুলি একেলগে খোজকাঢ়িছিল আৰু আলোচনা কৰিছিল, কেনেকৈ হঠাৎ কেতিয়াবা বুখাৰিন তেওঁলোকৰ ঘৰ গৈ ওলাইছিল (উদাহৰণস্বৰূপে - ডেনৰ ঘৰ গৈ ওলাইছিল)। এনে বেছিভাগ লেখনীতেই অজস্র কল্পকাহিনী সোমাই আছে। আচলতে মেনচেভিক আৰু চচিয়েল ডেমক্রেট লোকসকলক লগ কৰোঁতে বুখাৰিনে অতিশয় সতর্কতা অৱলম্বন কৰিছিল। যেতিয়াই তেওঁলোকৰ কোনোবা এজনে বুখাৰিনক লগ ধৰিবলৈ হোটেললৈ আহিছিল, তেতিয়াই বুখাৰিনে আনকেইটা ৰুমত থকা সহকর্মীসকল – আদৰাটস্কী আৰু আৰচেভক মাতি পঠাইছিল, যাতে তেওঁলোকেও আলোচনাত অংশগ্রহণ কৰেতদুপৰি ফৰাচী পুলিচে গুপুতভাৱে বুখাৰিনৰ প্রতিটো পদক্ষেপকে লক্ষ্য কৰি আছিল কিয়নো পেৰিছত থকা দেশান্তৰী ৰাছিয়ানসকলে তেওঁক সুবিধা পালে হত্যা কৰিব বুলি পুলিচৰ আশংকা হৈছিল। এদিন পুলিচে আগজাননী পালে যে আজি বুখাৰিনক হত্যা কৰিবলৈ চেষ্টা কৰা হব আৰু ফলত অনাগত দুটা দিন ধৰি ফৰাচী পুলিচে বুখাৰিনৰ হোটেলখন আগুৰি থাকিল। ইয়াৰ কিছুদিন পাছতেই হোটেল এৰি বুখাৰিনে পেৰিচস্থিত ছোভিয়েট দূতাবাসত থাকিবলৈ ললে  আৰু মিছন সমাপ্ত হোৱা পর্যন্ত তেওঁ তাতেই থাকিল। এই বিষয়েও কোনো সন্দেহ নাই যে NKVDৰ এজেণ্টসকলেও বুখাৰিনৰ চালচলন তন্নতন্নকৈ লক্ষ্য কৰি আছিল আৰু আৰচেভ তথা আদৰাটস্কীক বুখাৰিনৰ লগত পঠোৱাৰ অন্যতম উদ্দেশ্য বুখাৰিনৰ ওপৰত নজৰ ৰখাটোও আছিল। এনে সমস্ত দিশসমূহলৈ লক্ষ্য কৰিলে বুজা যায় যে বুখাৰিনে হাঁহি মাতি পেৰিচৰ বাটপথত বেপেৰুৱাভাৱে ঘূৰি ফুৰাটো কল্পনাই কৰিব নোৱাৰিশেহতীয়াভাৱেও কেইবাজনো প্রাক্তন বিপ্লৱীয়ে নিজা স্মৃতিগ্রন্থত লিখিছে যে বুখাৰিনে হেনো স্তালিনৰ ক্ষতিকাৰক নীতিবোৰৰ সমালোচনা কৰাৰ লগতে এইবুলিও ঘোষণা কৰিছিল – ‘এই মানুহটোৱে আমাক চবকে ধ্বংস কৰি পেলাব’। বুখাৰিনে হেনো তেওঁলোকৰ সতে দীঘলীয়াকৈ বিদেশতে থকাৰ বিষয়েও কথা পাতিছিল। বুখাৰিনৰ বন্ধুসকলে এই প্রস্তাৱটো দিছিল কিন্তু বুখাৰিনে হেনো সেয়া নাকচ কৰিছিল। এইবোৰ কথা বিশ্বাস কৰিবলৈ টানঃ কিয়নো ১৯৩৬ চনৰ বসন্তকাল পর্যন্ত ছোভিয়েট নেতৃত্বৰ শীর্ষ পর্যায়তো আশাহীনতাৰ কোনো লক্ষণ ফুটি উঠা নাছিল। ১৯৩৬ৰ শেহৰ ফালেহে মানুহবোৰ চিন্তিত হৈ পৰিছিল আৰু ১৯৩৭ৰ সমস্ত সময়ছোৱা উদ্বেগৰ মাজেৰে পাৰ হৈছিল। ১৯৩৬ৰ সময়ছোৱাত প্রায় প্রতিমাহেই পৰিস্থিতি আৰু মানুহৰ মুডবোৰৰ পৰিবর্তন ঘটি  আছিল।

মস্কোলৈ প্রত্যাৱর্তন

লাৰিনা দীর্ঘসময়ৰ বাবে পেৰিছত নাথাকিল কিয়নো তেওঁ ইতিমধ্যেই গর্ভধাৰণৰ শেহপর্যায়ত উপনীত হৈছিল। ১৯৩৬ চনৰ ১ মে তাৰিখে তেওঁ বিমানেৰে মস্কোলৈ ঘূৰি আহিল। আঠ দিনৰ পাছতে তেওঁ এটি সন্তান জন্ম দিলে যাৰ নাম থোৱা হল – য়ুৰিবুখাৰিন তাৰ এমাহমানৰ পাছত ঘূৰি আহিল। ইতিমধ্যেই তেওঁৰ মিছনটোত গেঠেলা লাগিছিল। আর্কাইভ ক্রয়ৰ কামটো ৰৈ গৈছিল কিয়নো স্তালিনে অনুভৱ কৰিছিল যে চচিয়েল ডেমক্রেটসকলে আর্কাইভখিনিৰ বাবে অত্যাধিক ধন দাবী কৰিছে। কথাটো এনেকুৱাও হব পাৰে নেকি যে আচলতে স্তালিনে জানিবুজিয়েই বুখাৰিনক বিদেশলৈ পঠাইছিল যাতে পাছলৈ তেওঁক মেনচেভিকহঁতৰ সৈতে মিলি ছোভিয়েটবিৰোধী ষড়যন্ত্রত লিপ্ত হোৱা বুলি অভিযোগ কৰিব পাৰে? এয়া অসম্ভৱ নহয়। মন কৰা ভাল যে পাছলৈ ‘সোপন্থী আৰু ট্রটস্কীপন্থীহঁতৰ মিত্রজোটৰ বিচাৰ’ ৰ সময়ত বুখাৰিনে এইবুলি সাক্ষ্য দিবলৈ বাধ্য হৈছিল যে ১৯৩৬ চনৰ বিদেশ ভ্রমণৰ সময়ত তেওঁ নিকলায়েভস্কিৰ সতে যোগাযোগ কৰিছিল যি মেনচেভিক নেতৃত্বৰ সতে সুসম্পর্ক ৰক্ষা কৰি চলিছিল। বুখাৰিনে বিচাৰৰ সময়ত এইবুলিও কৈছিলঃ ‘নিকোলায়েভস্কিৰ সতে হোৱা আলোচনাৰ সময়ত মই গম পাইছিলো যে তেওঁ জিনোভিয়েভপন্থী, কামেনেভপন্থী তথা ট্রটস্কীপন্থীসকলৰ মাজত সৃষ্টি হোৱা মিত্রতাৰ বিষয়ে জানে। অন্যান্য বহুতো খবৰ - যেনে ৰিউটিন প্লেটফর্ম সম্পর্কেও তেওঁ জানিছিল।  আলোচনাৰ শেহত আমি এই সিদ্ধান্তলৈ আহিছিলোঁ - সোঁপন্থী কেন্দ্র, সমন্বয়ৰক্ষী চেণ্টাৰ বা সামগ্রিক ষড়যন্ত্রৰ উচ্চ নেতৃত্বৰ পতন ঘটিলে নিকোলায়েভস্কিয়ে দ্বিতীয় আন্তর্জাতিকৰ নেতাসকলক লগ ধৰিব আৰু পৰিস্থিতি অনুসৰি বাতৰি কাকতত যথোপযুক্ত প্রচাৰ অভিযান চলাব[1] বুখাৰিনে লগতে এইবুলিও সাক্ষ্য দিলেঃ বিদেশত থকা সময়ছোৱাত তেওঁ সংবিধান সভাৰ প্রাক্তন চেক্রেটেৰী তথা সকলোৰে চিনাকি সামাজিক-বিপ্লৱী মার্ক ভিস্নিয়াকৰ সতে যোগাযোগ কৰিছিল। আচলতে বুখাৰিনৰ সাক্ষ্য মতে নিকলায়েভস্কি তথা ভিস্নিয়াকৰ সৈতে ইতিমধ্যেই সোঁ তথা বাওঁ বিৰোধীসকলৰ আটাইকেইটা কেন্দ্রৰ সম্পর্ক স্থাপন হৈছিল। আৰু কোনে এই সম্পর্ক স্থাপনৰ কার্যত সহায় কৰিছিল? গম পোৱা গল - বুখাৰিনৰ পুৰণা বন্ধু ৰিকভে!

সি যি কি নহওঁক, মূল কথা হৈছে যে আর্কাইভ সামগ্রীখিনিৰ ক্রয়ৰ বাবে গঠন কৰা মিছনটো বিফল হল। মস্কোলৈ ঘূৰি অহাৰ পাছত বুখাৰিন কিছুদিনৰ বাবে ক্রেমলিনৰ ফ্লেটটোতে থাকিল। তাৰ পাছতে তেওঁ পামিৰলৈ ফুৰিবলৈ গল। বুখাৰিনে পাহাৰীয়া অঞ্চলত ফুৰিচাকি ভাল পাইছিল। এইবাৰ তেওঁ কিৰঘিজিয়ালৈ গল। তেওঁৰ লগত গল তেওঁৰ ব্যক্তিগত চেক্রেটেৰীজন। এই চেক্রেটেৰীজন তেওঁৰ বন্ধু নাছিল, বৰং য’তদূৰ সম্ভৱ NKVDয়ে তেওঁৰ ওপৰত নজৰ ৰাখিবৰ বাবে মানুহজনক নিয়োগ কৰিছিলজুলাইৰ শেহত বা আগষ্টৰ একেবাৰে আৰম্ভণিত বুখাৰিন কিৰঘিজিয়াত গৈ উপস্থিত হ’ল। তাৰ পাছতে স্থানীয় বন্ধুবর্গৰ সৈতে মিলি তেওঁ পাহাৰলৈ বুলি ওলাই গল। হয়তো স্থানীয় কোনোবা এজন গাইডো তেওঁৰ সৈতে আছিল। সি যি কি নহওঁক, যিহেতু সেইসময়লৈকে ট্রেনজিষ্টৰ ৰেডিঅ’ৰ আৱির্ভাৱ হোৱা নাছিল, সেয়েহে পাহাৰলৈ যোৱাৰ লগেলগেই বাহিৰৰ জগতখনৰ পৰা বুখাৰিনৰ সংযোগ সম্পূর্ণভাৱে বিচ্ছিন্ন হৈ পৰিল।

আনফালে ১৫ আগষ্টৰ পৰা মস্কোত জিনভিয়েভ, কামেনেভ তথা তেওঁলোকৰ কিছু অনুগামীৰ পুণৰ এখন নতুন প্রহসনমূলক বিচাৰ  আৰম্ভ হল। এইবাৰৰ অভিযোগবোৰ পূর্বতকৈও অদ্ভুত আছিল। এইবাৰ কিৰ’ভৰ মৃত্যুৰ বাবে তেওঁলোকক কেৱল নৈতিকভাবেই জগৰীয়া কৰা হোৱা নাছিল – বৰং তেওঁলোকেই এই হত্যাকাণ্ডটো প্রত্যক্ষভাৱে সংগঠিত কৰা বুলি অভিযোগ কৰা হৈছিল। লগতেই অন্যান্য কেতবোৰ সন্ত্রাসবাদী কার্যকলাপৰ বাবেও তেওঁলোকক অভিযুক্ত কৰা হৈছিল। এইবুলিও অভিযোগ কৰা হৈছিল যে অভিযুক্তসকলে পার্টিৰ সমস্ত পলিট ব্যুৰ’ৰ সদস্যসকলক হত্যা কৰিবলৈ চেষ্টা কৰি আহিছে। কিছুসংখ্যক অভিযুক্তই – যেনে জিনোভিয়েভ আদিয়ে আত্মপক্ষ সমর্থনত এইবাৰ কিছু অপ্রত্যাশিতভাৱে কবলৈ ধৰিলেঃ বুখাৰিন, ৰিকভ, টমস্কী আদি প্রাক্তন সোঁপন্থী বিৰোধীসকলৰ সৈতে হেনো তেওঁলোকৰ পূর্বৰে পৰা অপৰাধীমূলক সংযোগ আছিল। একেসময়তেই আকৌ ৰাডেক, পিয়াটাকভ, চকলনিকভ, চেৰেব্রাকভ আদি প্রাক্তন ট্রটস্কীপন্থী তথা ১৯২১ চনৰ ‘ৱর্কাচ অপজিচন’ অংশটোৰ নেতা শ্লিয়াপনিকভৰ লগতো তেওঁলোকে একেলগে মিলি ষড়যন্ত্র কৰিছিল বুলি জিনোভিয়েভে স্বীকাৰোক্তি দিলে। স্মর্তব্য যে এইখিনি সময়লৈকে অভিযুক্তসকলে নাম লোৱা বহুতো ব্যক্তি যেনে শ্লিয়াপনিকভ তথা অন্যান্য প্রাক্তন বিৰোধীক গ্রেপ্তাৰ কৰা হোৱা নাছিল আৰু তেওঁলোকে মুকলিকৈয়ে বসবাস কৰি আছিল।

এইখিনি সময়ত বুখাৰিন আছিল মস্কোৰ পৰা বহু দূৰৈত - পামিৰ পাহাৰত। পিছে মস্কোত বিচাৰ আৰম্ভ হোৱাৰ লগে লগেই বুখাৰিনৰ চেক্রেটেৰীজন অসুস্থ হৈ পৰিল বা তেওঁ অসুস্থ হোৱাৰ ভাও ধৰিলে। বুখাৰিন এইবাৰ ঘূৰি আহিল। তেওঁ প্রথমে আহি উপস্থিত হ’ল ফ্রাঞ্জ চহৰত আৰু ইয়াতেই তেওঁ মস্কোৰ বিচাৰৰ বিষয়ে শুনিলে। কাকতত খবৰটো পঢ়াৰ পাছত বুখাৰিনৰ মূৰত যেন সৰগ ভাগি পৰিল। ইয়াৰ পূর্বেও তেওঁ কেইবাবাৰো মানসিকভাৱে ভাগি পৰিছিল কিন্তু তথাপিও তেওঁ স্তালিন আৰু পলিট ব্যুৰোৰে প্রদান কৰা কর্তব্যবোৰ নিয়মীয়াকৈ পালন কৰি গৈছিল। ১৯৩৫ চনৰ আৰম্ভণিতে হৈ যোৱা জিনোভিয়েভ আৰু কামেনেভৰ বিচাৰখন তেওঁ প্রয়োজনীয় আছিল বুলিয়েই মনতে ভাবি লৈছিল। কিয়নো কিৰ’ভ বুখাৰিনৰো প্রিয়পাত্র আছিল আৰু তেওঁক হত্যা কৰিছিল এজন জিনোভিয়েভপন্থীয়ে। অভিযোগ আছিল যে জিনোভিয়েভপন্থী নেতা কল’টানভে এই হত্যাকাণ্ড সংঘটিত কৰাইছিল এয়া যে স্তালিনৰো কোনো ষড়যন্ত্র হব পাৰে – তেনে কোনো সম্ভাৱনা বুখাৰিনৰ মগজুলৈকে অহা নাছিল আৰু তেওঁ পার্টিৰ কেন্দ্রীয় কমিটিয়ে প্রেৰণ কৰা আভ্যন্তৰীন ৰিপর্টবোৰ সঁচা বুলিয়েই মানি লৈছিল। প্রথম বিচাৰৰ সময়ত জিনোভিয়েভ আৰু কামেনেভৰ ওপৰত উত্থাপিত হোৱা অভিযোগ (অর্থাৎ কিৰ’ভ হত্যাকাণ্ডৰ বাবে ‘নৈতিক দায়িত্ব’) তেওঁ ন্যায়সংগত বুলিয়েই ভাবি লৈছিল। পিছে এই নতুনকৈ উত্থাপিত হোৱা অভিযোগবোৰৰ কাৰণ কি? বুখাৰিনে ভাবিলে – হয়তো কোনো নতুন তথ্যপাতি আৱিষ্কাৰ কৰা হৈছে। তেওঁ NKVDৰ মূৰব্বী য়াগোডাক ভালকৈয়ে চিনি পাইছিল আৰু এই কথা কল্পনাও কৰিব পৰা নাছিল যে য়াগোডাই অভিযুক্তসকলক শাৰীৰিক নির্যাতন দি বলপূর্বক নতুন তথ্য সম্পর্কে সৈ কঢ়াব। তেনেহলে প্রকৃততে হৈছে কি? এইবাৰ জিনোভিয়েভে বুখাৰিনৰ লগতে অন্যান্য প্রাক্তন বিৰোধীসকলক সাঙুৰি লোৱাৰ কাৰণ কি?

মনত এনে হেজাৰ প্রশ্ন লৈ বুখাৰিন অৱশেষত মস্কো আহি উপস্থিত হ’ল। খুউব সম্ভৱ বিচাৰৰ অন্তিম দিনা বা তাৰ পাছৰ দিনা তেওঁ ৰাজধানী আহি পালেহি। ইতিমধ্যেই বিচাৰৰ খবৰবোৰ দেশৰ বিভিন্ন অঞ্চলৰ কাকতবোৰতো প্রচাৰ হৈছিল আৰু ফ্রুঞ্জতেই বুখাৰিনে বিচাৰৰ সবিশেষ পাইছিলফ্রুঞ্জৰ পৰাই  তেওঁ স্তালিন আৰু য়াগোডাক টেলিগ্রাম কৰি অনুৰোধ জনাইছিল যে তেওঁ ঘূৰি আহি নোপোৱালৈকে যেন অভিযুক্তসকলক শাস্তিপ্রদান কৰা নহয় (এইবাৰ শাস্তি যে মৃত্যুদণ্ড হব - সেইবিষয়ে বুখাৰিনৰ মনত কোনো সন্দেহ নাছিল)বুখাৰিনে এবাৰৰ বাবে হলেও অভিযুক্তসকলৰ মুখামুখি হব বিচাৰিছিল যাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগবোৰৰ উত্তৰ তেওঁলোকৰ মুখতেই তেওঁ দিব পাৰে। কিন্তু বুখাৰিন মস্কো পোৱাৰ আগেয়েই দোষীসকলৰ মৃত্যুবিধান কার্যকৰী হৈ গৈছিল।

সাময়িক সকাহ

বুখাৰিনে আশংকা কৰিছিল – হয়তো ফ্রুঞ্জতেই তেওঁক গ্রেপ্তাৰ কৰা হব। কিন্তু তেনে একো নহল। কিৰঘিজিয়াতেই সকলো বয়বস্তু থৈ প্রথমখন বিমানেৰে বুখাৰিন মস্কোলৈ আহিল। সেইসময়ত বিমানেৰে ফ্রুঞ্জৰ পৰা মস্কো আহি পাওঁতে কমেও ২৪ ঘণ্টা লাগিছিল। দ্বিতীয় দিনা বুখাৰিনৰ পত্নী লাৰিনাই এটা ফোনবার্তা পালেঃ তেওঁ স্বামীক আনিবলৈ বিমানবন্দৰলৈ যাব লাগে। এইখিনি সময়ত লাৰিনাও প্রচণ্ড অনিশ্চয়তাত ভূগিছিল; স্বামীৰ পৰা তেওঁ কোনো চিঠিপত্র পোৱা নাছিল আৰু দৈনিক বাতৰি কাকতবোৰত তেওঁ অভিযুক্তসকলৰ সাক্ষ্য তথা তেওঁৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগবোৰ পঢ়িবলৈ পাইছিল। স্বাভাৱিকতেই তেওঁ এই অভিযোগবোৰ বিশ্বাস কৰা নাছিল।

ফোনবার্তা পায়েই লাৰিনাই ততাতৈয়াকৈ বুখাৰিনৰ ব্যক্তিগত ড্রাইভাৰজনৰ সৈতে গাড়ীৰে এয়াৰপর্টলৈ আহিল। তেওঁলোক আহি পোৱাত কিছু পলম হৈছিল আৰু বুখাৰিনৰ বিমানখনে ইতিমধ্যেই বন্দৰত অৱতৰণ কৰিছিল। লাৰিনাই আহি দেখিলে – বুখাৰিনে হাতেৰে মুখ ঢাকি এয়াৰপর্টৰ লাউঞ্জত বহি আছে। মৰমেৰে তেওঁ কলে, ‘নিকোলাই, ব’লা ঘৰলৈ যাওঁ’। ‘কলৈ?’ ‘ঘৰলৈ আকৌ, ক্রেমলিনলৈ।’ ‘আমাক এতিয়াও ক্রেমলিনত থকাৰ অনুমতি দিয়া হৈছে?’ ‘বর্তমানলৈকেতো আমি তাতেই আছোঁ।’ ‘তেনেহলে বলা, মোক লুকুৱাই লৈ বলা। কাৰো আগত মূখ দেখুৱাবলৈ মোৰ মন নাই’ – এইবুলি কৈ বুখাৰিন গাড়ীৰ দিশেৰে আগবাঢ়িল।

ঘৰ আহি পায়েই বুখাৰিনে স্তালিনলৈ ফোন লগালে। কিন্তু সেইসময়ত স্তালিন মস্কোত নাছিল। মস্কো বিচাৰৰ সমাপ্তি আৰু দোষীসকলৰ শাস্তিদানৰ পাছতেই তেওঁ চ’চিলৈ গুচি গৈছিল – ‘ছুটি কটাবৰ বাবে’বুখাৰিনে তেওঁলৈ এখন দীঘলীয়া চিঠি লিখিলে য’ত তেওঁ স্তালিনক পুৰণা নামেৰে সম্বোধন কৰিলে ‘চেনেহৰ কৌবা’। ইয়াৰ পাছৰ কেইদিন বুখাৰিন কলৈকো ওলাই নগল। কোনেও তেওঁক ফোনো নকৰিলে বা কোনো মানুহ তেওঁক সাক্ষাৎ কৰিবলৈ ঘৰলৈকো নাহিল। বুখাৰিনে পত্নীৰ সতে মস্কোৰ বিচাৰ সম্পর্কে আলোচনা কৰিলে আৰু তেওঁক আশ্বস্ত কৰিলে যে তেওঁ সম্পূর্ণভাৱে নির্দোষী। তেওঁৰ কম বয়সীয়া নিমাখিত পত্নীয়ে জিনোভিয়েভকো নির্দোষী বুলিয়েই গণ্য কৰিছিল। তেওঁ বুখাৰিনক প্রশ্ন কৰিলেঃ ‘তুমি কি ভাবা? জিনোভিয়েভ, কামেনেভৰ দৰে পুৰণা বলচেভিক নেতাই কিৰ’ভক সঁচাকৈয়ে হত্যা কৰিবনে?’ বুখাৰিনে কলেঃ ‘কিন্তু সিহঁতে জানো মোৰ বিৰুদ্ধে এনেকৈ মিছা কথা কৈ মোক হত্যা কৰি যোৱা নাই?’

ইতিমধ্যেই টমস্কীয়ে আত্মহত্যা কৰিছিল। এই ঘটনাটোৱেও বুখাৰিনক কঁপাই তুলিলে। তেওঁ অৱশ্যে কেনে পৰিস্থিতিৰ মাজত টমস্কীয়ে আত্মহত্যা কৰিব লগা হৈছিল, সেই কথা নাজানিছিল। তেওঁ নাজানিছিল যে আত্মহত্যাৰ দিনা স্তালিনে হাতত এবটল মদ লৈ টমস্কীৰ ঘৰত উপস্থিত হৈছিল। তেওঁলোকৰ মাজত খুউব কম সময়ৰ বাবেহে বাকবিতণ্ডা হৈছিল, কিছুসময়ৰ পাছতে টমস্কীয়ে স্তালিনক চিঞৰি চিঞৰি কৈছিল ‘ওলাই যা, ওলাই যা মোৰ ঘৰৰ পৰা’ইয়াৰ লগতে তেওঁ মুখেদি ওলাই আহিছিল এষাৰি অশ্রাব্য গালি আৰু তাৰ কিছুসময় পাছতেই ঘৰৰ ভিতৰৰ পৰা পিষ্টলৰ গুলীৰ শব্দ শুনা গৈছিল। ইয়াৰ মাত্র কিছুসময় পূর্বে স্তালিন ঘৰটোৰ পৰা ওলাই  আহিছিল, তেওঁৰ হাতত তেতিয়াও মদৰ বটলটো আছিল।

ৰিকভেও আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁৰ ঘৰৰ মানুহে তেওঁক কোনোমতে, প্রায় বলপূর্বকভাৱে, সেই কাম কৰিবলৈ নিদিলে। প্রথমে বুখাৰিনে ভাবিছিল যে টমস্কীৰ আত্মহত্যাই তেওঁলোককো ধ্বংস কৰি পেলাব, কিয়নো আত্মহত্যাৰ দ্বাৰা টমস্কীয়ে যেন স্বীকাৰ কৰি লৈছিল - প্রাক্তন সোঁপন্থী বিৰোধীসকলো ষড়যন্ত্রৰ অপৰাধত দোষী। কিন্তু পাছত যেতিয়া পার্টিৰ কেন্দ্রীয় কমিটিৰ প্লেনামৰ সময়ত তেওঁ ৰিকভক লগ পাইছিল, তেওঁ এইবুলি মন্তব্য কৰিছিল, ‘আমাৰ ভিতৰত টমস্কীয়েই আটাইতকৈ বুধিয়কৰ কামটো কৰিলে যেন পাইছো।’

জিনোভিয়েভৰ বিচাৰৰ সময়তেই ১ আগষ্ট, ১৯৩৬ তাৰিখে ছোভিয়েট ইউনিয়নৰ পাব্লিক প্রচিকিউটৰ ভিচিন্সকীয়ে নির্দেশ দিছিল যে ‘প্রতিবিপ্লৱী ষড়যন্ত্র’ত বুখাৰিন, ৰিকভ, টমস্কী, ৰাডেক তথা অন্যান্যজনৰ ভূমিকাৰ বিষয়েও তদন্ত কৰা যাওঁক। কেনেকৈ সেই তদন্ত কৰা হল, সেয়া জনা নাযায়, কিন্তু তাৰ বাবে কোনোধৰণৰ জেৰা বা ‘মোকাবিলা’ আয়োজন কৰা দেখা নগল[2]। বুখাৰিনে ঘৰৰ পৰা বাহিৰলৈ যোৱা বাদ দিলে। ইজভেস্তিয়াৰ কার্যালয়লৈ যোৱাটোও বন্ধ হৈ পৰিল, যদিওবা কাকতখনৰ শেষ পৃষ্ঠাটোত তেওঁৰ নামটোৱেই মূখ্য সম্পাদক হিচাপে এতিয়াও ছপা হৈ থাকিল।

অতি সোনকালেই তদন্তৰ কাম সমাপ্ত হল। ১০ চেপ্তেম্বৰ তাৰিখে সকলো মূখ্য কাকততে ছোভিয়েট ৰাছিয়াৰ পাব্লিক প্রচিকিউটৰ ভিচিন্সকীৰ এখন জাননী প্রকাশিত হল। তাত কোৱা হল – ‘ট্রটস্কীপন্থী-জিনোভিয়েভপন্থী সন্ত্রাসবাদী কেন্দ্রৰ বিচাৰৰ সময়ত অভিযুক্তসকলে প্রদান কৰা সাক্ষ্য অনুসৰি প্রতিবিপ্লৱী সন্ত্রাসবাদী কার্যত এন বুখাৰিন আৰু এ আই ৰিকভৰ অংশগ্রহণ সম্পর্কে তদন্ত কৰা হল...অৱশ্যে এই দুয়োজন ব্যক্তিৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলাব পৰাকৈ কোনো ন্যায়িক আধাৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্রত তদন্ত অসফল হল। সেয়েহে বর্তমানৰ কেচটোত তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগবোৰৰ তদন্ত কার্য ইয়াতে অন্ত পেলোৱা হল।’ বুখাৰিনে স্বস্তিৰ নিশ্বাস পেলালে কিন্তু তেওঁ সেই সময়ত জাননীখনৰ কেতবোৰ অস্পষ্ট শব্দৰ প্রতি মন নকৰিলেঃ ‘ন্যায়িক আধাৰ’হে বিচাৰি পোৱা নগল; নির্দোষী বুলি কোৱা হোৱা নাই! তদুপৰি জাননীখনত কেৱল বুখাৰিন আৰু ৰিকভৰ কথাহে উল্লেখ আছিল; মৃত্যুৰ আগেয়ে জিনোভিয়েভহঁতে নাম লৈ যোৱা অন্যান্যসকলৰ বিষয়ে একো কথা উল্লেখ কৰা নহল। সি যি কি নহওঁক, অহৰহ টেনচনত ক্লান্ত হৈ পৰা বুখাৰিনে এইবাৰ পত্নী লাৰিনা  আৰু সদ্যজাত সন্তানটিৰ সতে গ্রাম্যাঞ্চলত কিছুদিন ফুৰিবলৈ  গল। বুখাৰিনৰ নিজা কোনো ‘ডাচা’(dacha) নাছিল কিন্তু কেন্দ্রীয় কমিটিৰ প্রার্থী সদস্য হিচাপে চৰকাৰী ডাচাত ছূটী কটোৱাৰ অধিকাৰ তেওঁ লাভ কৰিছিল।

দ্বিতীয় দিনা গধুলিবেলা তেওঁক সাক্ষাৎ কৰিবলৈ খৰধৰকৈ আহিল কার্ল ৰাডেক ৰাডেক আছিল এজন অভিজ্ঞ, চিনিকেল ৰাজনীতিবিদ;  কিন্তু একেসময়তে তেওঁ বেছ বুধিয়ক তথা জমনি কৰিব পৰা মানুহো আছিল। বিপ্লৱৰ সময়ৰেপৰা ৰাডেকৰ সৈতে বুখাৰিনৰ সম্পর্ক ইমান ভাল নাছিল। ২০ৰ দশকৰ মাজভাগত ৰাডেকে ট্রটস্কী নেতৃত্বাধীন ‘লেফট অপজিচন’  শিবিৰত যোগদান কৰিছিল আৰু  স্তালিন-বুখাৰিনৰ বিৰুদ্ধে যুঁজিছিল। ২০ৰ দশকৰ শেহৰফালে তেওঁক দেশান্তৰৰ শাস্তি দিয়া হৈছিল কিন্তু  তাৰ পাছতে তেওঁ স্তালিনৰ ক্ষমা ভিক্ষা কৰি দল সলনি কৰিছিল। তেওঁ এইবাৰ ট্রটস্কীক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু হকেবিহকে কাকত-আলোচনী আনকি ব্যক্তিগত কথাবার্তাতো স্তালিনক প্রশংসাৰে বুৰাই পেলাইছিল। পিছে তথাপিও ৰাডেক আছিল এজন অভিজ্ঞ তথা তীক্ষ্ণ ৰাজনৈতিক ধাৰভাষ্যকাৰগতিকেই ফেচীবাদৰ বিষয়ে ইজভেস্তিয়াৰ পাতত প্রৱন্ধ লিখিবলৈ বুখাৰিনে তেওঁক আমন্ত্রণ জনাইছিল। ইজভেস্তিয়াৰ পাতত প্রকাশিত ৰাডেকৰ বহুকেইটা প্রৱন্ধ বেছ মনোগ্রাহী হৈছিল।

সেইদিনা বুখাৰিনক লগ কৰিবলৈ আহোঁতে ৰাডেকৰ চকু-মুখত প্রবল দুশ্চিন্তা দেখা পোৱা গৈছিল। টেনচনত মানুহজন বিধ্বস্তপ্রায় হৈ পৰিছিল। তেওঁ বুখাৰিনক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিলে যে ‘জিনোভিয়েভপন্থী তথা ট্রটস্কীপন্থী প্রতিবিপ্লৱী কেন্দ্র’টোৰ ‘সন্ত্রাসবাদী’ কার্যকলাপবোৰৰ সতে তেওঁৰ কোনো সম্পর্ক নাই। তেওঁ বুখাৰিনক  জনালে যে অতি সোনকালেই হয়তো তেওঁক গ্রেপ্তাৰ কৰা হব আৰু এনে পৰিস্থিতিত তেওঁ  যাতে স্তালিনলৈ তেওঁৰ নির্দোষিতাৰ বিষয়ে জনাই এখন চিঠি লিখে। ‘তুমিটো জানাই প্রচিকিউটৰৰ জাননীখনত কেৱল তোমাক আৰু ৰিকভকহে ৰেহাই দিয়া হৈছে; আমাৰ বিষয়েতো একো কোৱা নাই।’ ৰাডেক নিশ্চিত আছিল যে দুই এদিনতে তেওঁক গ্রেপ্তাৰ কৰা হব ৰাডেকে কলে – ‘স্তালিনক কবা যাতে তেওঁ মোৰ কেছটো নিজে পৰীক্ষা কৰে, য়াগোডাৰ হাতত যাতে মোক এৰি নিদিয়ে। তেওঁক ব্লামকিন কাণ্ডৰ বিষয়েও সোঁৱৰাই দিবা’। ব্লামকিন আছিল এজন পুৰণা বাওঁ সামাজিক বিপ্লৱী যি ছোভিয়েট ইউনিয়নত থকা জার্মান ৰাষ্ট্রদূত মিৰবাখক হত্যা কৰিছিল। গ্রেপ্তাৰ হোৱাৰ পাছত ব্লামকিনে নিজৰ ভুল স্বীকাৰ কৰিছিল আৰু তেওঁ পুৰণা দল ত্যাগ কৰিছিলব্লামকিনক ক্ষমা কৰি দিয়া হৈছিল আৰু এইবাৰ তেওঁক ছোভিয়েট গুপ্ত পুলিচ বাহিনী - ‘চেকা’(Cheka)ৰ সদস্য হিচাপে মকৰল কৰা হৈছিল [এই চেকাৰ নামেই পাছলৈ OUGP কৰা হৈছিল; ই NKBD – অর্থাৎ আভ্যন্তৰীণ বিভাগৰ  গুপ্ত পুলিচ বাহিনী আছিল - অনুবাদক]এই কার্যত তেওঁ বিশেষ পাৰদর্শিতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল[3]গৃহযুদ্ধৰ সময়ত ৰেড আর্মিৰ সর্বাধিনায়ক হিচাপে ট্রটস্কীয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁৰ বিখ্যাত ট্রেইনখনত যাত্রা কৰি থকাৰ সময়ত এই ব্লামকিনকেই ট্রটস্কীৰ ট্রেইনৰ প্রতিৰক্ষাৰ দায়িত্ব দিয়া হৈছিল। কমাণ্ডাৰ ব্লামকিন সেইসময়তে ট্রটস্কীৰ দ্বাৰা প্রভাৱিত হৈ পৰিছিল। অৱশ্যেই তেওঁ গুপ্ত পুলিচৰ চাকৰি এৰি দিয়া নাছিল আৰু দেশ-বিদেশৰ বহুতো গুপ্ত অপাৰেছনত তেওঁ অংশগ্রহণো কৰি আছিল। এনে এক অপাৰেছনৰ কামতে এবাৰ তুৰস্ক(Turkey) দেশলৈ যাওঁতে তেওঁ মনেমনে সেইসময়ত তুৰস্কত দেশান্তৰী হৈ থকা ট্রটস্কীক লগ ধৰিছিল। ট্রটস্কীয়ে তেওঁৰ হাতত ৰাডেকলৈ বুলি এখন দীঘল চিঠি সঁপি দিছিলপিছে ট্রটস্কীয়ে গমেই পোৱা নাছিল যে ইতিমধ্যেই ৰাডেকে তেওঁৰ পক্ষ্য ত্যাগ কৰিছে আৰু স্তালিনৰ শিবিৰত যোগদান কৰিছে। যি কি নহওঁক, ব্লামকিনে ট্রটস্কীৰ চিঠিখন লৈ গৈ ৰাডেকৰ হাতত দিলে। ভয়ার্ত ৰাডেকে পিছে চিঠিখন খুলি চাবলৈকো ভয় কৰিলে আৰু চিধাই গৈ তেওঁ স্তালিনৰ গুপ্ত পুলিচ বাহিনীৰ মূৰব্বী য়াগোডাক চিঠিখন গঁতাই দিলে। য়াগোডাৰ পৰা চিঠিখন গৈ স্তালিনৰ হাতত পৰিল। ততালিকেই ব্লামকিনক এৰেষ্ট কৰি  গুলীয়াই মৰা  হল।

ৰাডেকে আশা কৰিছিল যে এনে  অসীম ত্যাগৰ দ্বাৰা তেওঁ স্তালিনৰ বিশ্বাস আহৰণ কৰিবলৈ সক্ষম হব। পিছে স্তালিন কি বস্তু – সেয়া তেওঁ ভালকৈ বুজি পোৱা নাছিল। ট্রটস্কীৰ শিবিৰত থাকোঁতে তেওঁ স্তালিনক লৈ যিবোৰ কৌতুক আৰু ব্যংগ সৃষ্টি কৰিছিল – যিবোৰ আজিও ছোভিয়েট ইউনিয়নত শুনিবলৈ পোৱা যায় – সেইবোৰৰ অপমানৰ কথা স্তালিনে পাহৰা নাছিল। বুখাৰিনক সাক্ষাৎ কৰাৰ এদিন কি দুদিন ভিতৰতেই ৰাডেকক গ্রেপ্তাৰ কৰা হল। বুখাৰিনেও প্রতিশ্রুতিমর্মে স্তালিনলৈ চিঠি এখন লিখিলে আৰু তাতেই ৰাডেকৰ সতে হোৱা সমস্ত কথা-বার্তাৰ বিবৰণ দিলে। পিছে এইখিনিতে বুখাৰিনে এটা বৰ অশোভনীয় কাম কৰিলেঃ চিঠিখনৰ শেহত তেওঁ লিখিলেঃ ‘চবেইতো একেই কথা কয়, কোনে জানে প্রকৃত সত্য কি?’

য়াগোডাৰ পৰা য়েঝভলৈ

১৯৩৬ চনৰ চেপ্তেম্বৰ মাহৰ বেছিভাগ সময় স্তালিনে চ’চিৰ ডাছাতেই কটালে। ২৫ চেপ্তেম্বৰ তাৰিখে স্তালিন আৰু ঝডানভে মস্কোত থকা তেওঁলোকৰ বিশ্বস্ত সহকর্মী – মল’টভ আৰু কাগান’ভিচলৈ এখন টেলিগ্রাম পঠালে য’ত কোৱা হল – তৎক্ষণাতে আভ্যন্তৰীণ বিভাগৰ কমিছাৰ পদৰ পৰা  য়াগোডাক আঁতৰাই য়েঝভক তেওঁৰ ঠাইত মকৰল কৰা হওঁক। কম বয়সীয়া য়েঝভে অতি সোনকালেই পার্টি আমোলাতন্ত্রৰ চিৰি বগাই উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ২৫ বছৰ বয়সতে তেওঁ পার্টিৰ কেন্দ্রীয় কমিটিৰ এজন সদস্য হিচাপে নির্বাচিত হৈছিল আৰু তাৰ ১৮ মাহ আগেয়ে তেওঁ পার্টিৰ কন্ট্রল কমিচনৰ চেয়াৰমেন আছিল। এই নতুন নিযুক্তিয়ে যে ৰাষ্ট্রসন্ত্রাসৰ এটা নতুন যুগৰ সূচনা কৰিব -  এই কথা সেই সময়ত স্পষ্ট হৈ পৰা নাছিল। খুউব কম মানুহেই স্তালিনৰ  টেলিগ্রামখনৰ সাৰমর্ম গম পাইছিল। স্তালিনৰ অভিযোগ আছিল যে ‘জিনোভিয়েভপন্থী-ট্রটস্কীপন্থী গোটটোৰ ষঢ়যন্ত্র ফাদিল কৰিবলৈ গুপ্ত পুলিছে চাৰি বছৰ পলম কৰিছিল’।

১৯৩৬ চনৰ শৰৎ কালত দমনৰ মাত্রা যথেষ্ঠখিনি কম আছিল – পিছে সেই সময়ত অন্যান্য কেতবোৰ ঘটনাও ঘটি আছিল – যাৰ বাবে দমন স্থগিত কৰিব লগা হৈছিল। উদাহৰণস্বৰূপে, এইখিনি সময়তে ছোভিয়েট ইউনিয়নৰ নতুন সংবিধানৰ প্রণয়ণ তথা গ্রহণ কার্য সমাপন হৈছিল। সংবিধান লিখাৰ বাবে গঠিত সাংবিধানিক কমিছনৰ এজন গুৰুত্বপূর্ণ সদস্য আছিল বুখাৰিন। তদুপৰি, পূর্বে য়াগোডাৰ হাতত থকা NKVD তন্ত্রটোক নিজৰ হাতৰ মুঠিলৈ আনি তাৰ  পুণঃগঠনৰ জৰিয়তে অধিক সক্রিয় কৰি তুলিবলৈ য়েঝভক কিছু সময়ৰ দৰকাৰ হৈছিল

ইয়াৰ পূর্বেও য়েঝভে পার্টিৰ কেন্দ্রীয় কমিটিৰ নির্দেশ মতে কিছুদূৰৈলৈ NKVD ৰ কামকাজ চোৱাচিতা কৰিছিল। আভ্যন্তৰীণ বিভাগৰ কমিচাৰ পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ য়াগোডাৰ বহুকেইজন পুৰণা অনুগামীক বিভাগটোৰ পৰা আঁতৰাই নিজৰ বিশ্বস্ত লোকক মকৰল কৰিছিল। অৱশ্যে য়েঝভৰ ভূমিকাৰ কথা বঢ়াই কোৱাটোও উচিত নহব। য়েঝভ নিজে NKVDৰ প্রশিক্ষণপ্রাপ্ত এজেন্ট নাছিল আৰু কাজেই তেওঁ এই প্রফেচনটোৰ বহুতো বৈশিষ্ট তথা কার্যপদ্ধতিৰ সতে পৰিচিত নাছিল। চোৰাংচোৱাগিৰিৰ দৰে জটিল বিভাগ একোটা অকলেই চলাই নিব পৰাকৈ তেওঁৰ পর্যাপ্ত জ্ঞান নাছিল। কাজেই তেওঁ NKVDৰ উপস্থিত বিষয়াসকলৰ ওপৰত বহুখিনি নির্ভৰ কৰি চলিব লগা হৈছিল আৰু পুৰণা তন্ত্রটো সম্পূর্ণভাৱে উৎখাত কৰাত তেওঁ সফল হব পৰা নাছিল। তেওঁ বিভাগটোৰ বহুখিনি সালসলনি কৰিছিল কিন্তু  তেওঁৰ বিশ্বস্ত পৰামর্শদাতা হিচাপে অধিকাংশ ক্ষেত্রতে ‘চেকা’ৰ পুৰণা বিষয়াসকলকেই নিয়োগ কৰা হৈছিল। উদাহৰণস্বৰূপে, তেওঁৰ ডেপুটি আছিল জাক’ৱস্কি – যি পূর্বে লেনিনগ্রাড NKVDৰ মূৰব্বী আছিল। এই জাক’ৱস্কিয়েই পাছৰ কালৰ ন্যায়িক বিচাৰবোৰ আয়োজন কৰিছিল।

স্তালিনৰ নির্দেশ অনুসৰি গুপ্ত পুলিচৰ নতুন মূৰব্বীজনে দমন আৰু বিচাৰৰ এক অভিনৱ চক্রৰ আয়োজন আৰম্ভ কৰিলে। য়েঝভৰ মনত স্তালিনৰ নির্দেশবোৰ আছিল শিলৰ ৰেখাৰ দৰে – কোনো প্রশ্ন নকৰাকৈ সম্পূর্ণ অন্ধভাৱে তেওঁ সিবিলাক পালন কৰি গৈছিল। দমনৰ পৰিকল্পনা NKVDৰ মূখ্য কার্যালয়ত  কৰা হোৱা নাছিল; বৰং সিবিলাকৰ উদ্ভৱ ঘটিছিল স্তালিনৰ মেজৰ পৰাশৰৎ কালতে কেইবাজনো প্রাক্তন ট্রটস্কীপন্থীক গ্রেপ্তাৰ কৰা হলঃ ৰাডেক, চকলনিকভ, চেৰেব্রায়াকভ আৰু অন্যান্য বহুকেইজন। গ্রেপ্তাৰৰ লগে লগেই আদালতৰ এখন নতুন নাটকৰ বাবেও প্রস্তুতি সম্পূর্ণ কৰা হল। জিনোভিয়েভ, কামেনেভ তথা তেওঁলোকৰ অনুগামীসকলৰ শেহতীয়া বিচাৰখনৰ সাফল্য দেখি স্তালিনে নতুন বিচাৰখন ‘মুক্তভাৱে’ অনুষ্ঠিত কৰিবলৈ ঠিক কৰিলে। ছোভিয়েট সমাজৰ নির্বাচিত অংশ এটাক মতাৰ লগতে বিদেশী সাংবাদিক তথা একাংশ বুদ্ধিজীৱীকো বিচাৰখন নিজে আহি চাই যাবলৈ আমন্ত্রণ জনোৱা হল। ১৯৩৬ চনৰ আৰম্ভণিতে যদিও পাব্লিক প্রচিকিউটৰে ঘোষণা কৰিছিল যে প্রতিবিপ্লৱী কার্যকলাপত বুখাৰিন আৰু ৰিকভৰ ভূমিকা বিষয়ক তদন্তৰ অন্ত পৰিছে, NKVDৰ কমিচাৰ সলনি হোৱাৰ লগে লগেই তদন্ত পুণৰ নকৈ আৰম্ভ কৰা হল। বুখাৰিনৰ জীৱনৰ শেষ পর্ব এইবাৰ আৰম্ভ হল।

নিগনি মেকুৰীৰ খেল

স্তালিনে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছিল। গ্রেপ্তাৰ কৰা নেতাসকলৰ গুৰুত্বপূর্ণ স্বীকাৰোক্তিৰ একোটাহঁত প্রতিলিপি কেন্দ্রীয় কমিটিৰ সকলো সদস্যৰ ওচৰলৈকে ‘গোপনীয় ফাইল’ হিচাপে দাগ দি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল। কাজেই ৰিকভ আৰু বুখাৰিনেও নিয়মীয়াকৈ NKVDৰ ডছিয়াৰবোৰৰ একোটাহঁত কপি লাভ কৰিবলৈ আৰম্ভ কৰিলে। ঠিক কেনেধৰণৰ পদ্ধতিৰ জৰিয়তে NKVDয়ে অভিযুক্তসকলৰ পৰা স্বীকাৰোক্তি বাহিৰ কৰিছিল - যাৰ জৰিয়তে তেওঁলোকে নিজৰ লগতে অন্যান্য কমৰেডসকলকো নৰকৰ দুৱাৰলৈ ঠেলি দিছিল - সেয়া বুখাৰিনে জনা নাছিল। সেয়া কল্পনা কৰিবলৈকো তেওঁ চেষ্টা কৰা নাছিল। গভীৰ আতংক তথা অবিশ্বাসী মনেৰে তেওঁ এটাৰ পাছত  এটাকৈ বিভিন্ন অভিযুক্তৰ স্বীকাৰোক্তিবোৰ পঢ়ি গৈছিল। তেওঁৰ অবিশ্বাস হোৱাটো স্বাভাৱিক আছিল কিয়নো বিভিন্ন সন্ত্রাসবাদী কার্যকলাপৰ আয়োজক হিচাপে তেওঁৰ নামটোও বাৰম্বাৰ তাত স্বীকাৰোক্তিবোৰত উল্লেখ কৰা হৈছিল।

এনে পৰিস্থিতিত কি কৰিব পৰা যায় - বুখাৰিনে তাৰ কোনো উত্তৰ বিচাৰি পোৱা নাছিলএইক্ষেত্রত তেওঁ অন্তিম আশা এটায়েই আছিল - স্বয়ং স্তালিন! এসময়ত তেওঁলোক খুউব গভীৰ মিত্র আছিল; অন্ততঃ বুখাৰিনে তেনেদৰেই ভাবিছিল। এতিয়াও তেওঁ স্তালিনলৈ লিখা চিঠিবোৰ এইদৰে আৰম্ভ কৰিছিল ‘চেনেহৰ কৌবা’! এসময়ত বহুখিনি সময় তেওঁলোকে একেলগে কটাইছিল, মাজেসময়ে মাতাল হৈ অশ্লীল গীত গাই ফূর্তিও কৰিছিল। কেতিয়াবা তেওঁলোকে মল্লযুদ্ধও কৰিছিল। শাৰীৰিকভাৱে বেছ শক্তিশালী বুখাৰিনে সদায়েই চুটি-চাপৰ স্তালিনক মাটিত বগৰাই পেলাইছিল; স্তালিনেও হাঁহি হাঁহি ধেমালি কৰি ঘাঁহনিৰ পৰা উঠি আহিছিল।

পৰিত্রাণৰ উপায় বিচাৰি বুখাৰিনে অন্যান্য পুৰণা বন্ধু – অর্ডঝনিকিদজে, কালিলিন আৰু ভৰ’চিল’ভলৈকো চিঠি লিখিছিল।  কিন্তু অর্ডঝনিকিদজে নিজেও বেছ সংকটৰ মাজত আছিল; তেওঁ ভাতৃ পপুল্যা তথা তেওঁৰ কিছু বন্ধুক গ্রেপ্তাৰ কৰা হৈছিলকালিলিনে বুখাৰিনৰ চিঠিৰ কোনো উত্তৰ নিদিলেভৰ’চিল’ভৰ পৰা অপ্রত্যাশিত এক চমূ প্রত্যুত্তৰ আহিলঃ ‘কমৰেড বুখাৰিন, মই আপোনালোকক কাবৌ কৰিছোঁ, ভৱিষ্যতে যেন মোলৈ কোনো বিষয়তেই অনুৰোধ জনাই চিঠি নিলিখে।’ ভৰ’চিল’ভে ‘আপুনি’ৰ সলনি ‘আপোনালোক’ বুলি লিখিছিল - যেনিবা তেওঁ কোনো পুৰণা বন্ধুৰ বিপৰীতে কোনো অজান ব্যক্তিলৈহে চিঠি লিখিছে।

স্তালিনেও বুখাৰিনৰ  চিঠিৰ কোনো উত্তৰ নিদিলে। কিন্তু তেওঁ বুখাৰিনক সম্পূর্ণভাৱে আশাহত কৰি পেলাবও বিচৰা নাছিল। বুখাৰিনৰ পত্নী লাৰিনাৰ মতে অক্টোবৰ বিপ্লৱৰ উনবিংশ বার্ষিকী উপলক্ষে অনুষ্ঠিত কার্যসূচী উপভোগ কৰিবলৈ বুখাৰিন তেওঁৰ সৈতে ৰেড স্কোৱাৰলৈ গৈছিলপিছে পূর্বৰ বিপৰীতে এইবাৰ তেওঁ লেনিন মিউজিয়ামৰ ওপৰৰ প্লেটফর্মখনলৈ উঠি নগল – য’ত ঠিয় হৈ ছোভিয়েট নেতাসকলে সমবেত জনগণৰ অভিনন্দন গ্রহণ কৰে। তাৰ সলনি ইজভেস্তিয়াৰ সম্পাদক হিচাপে লাভ কৰা ‘পাছ’খন ব্যৱহাৰ কৰি তেওঁলোক দর্শকৰ শাৰীৰ মাজত বহি পৰিল। এনেতে প্লেটফর্মত ঠিয় হৈ থকা স্তালিনে লক্ষ্য কৰিলে যে বুখাৰিন তলত বহি আছে। লাৰিনাই মন কৰিলে - এজন চন্তৰী তেওঁলোকৰ ফালেই আগুৱাই আহিব ধৰিছে। লাৰিনাই ভাবিলে - তেওঁলোকক হয়তো ৰেড স্কোৱাৰ ত্যাগ কৰি গুচি যাবলৈকে কোৱা হব। পিছে চন্তৰীজনে বুখাৰিনক চেলুট জনাই কলেঃ ‘কমৰেড বুখাৰিন, কমৰেড স্তালিনে মোক এইবুলি কবলৈ পঠাইছে যে আপুনি উপযুক্ত স্থানত থকা নাই আৰু মোৰ লগতে আপোনাক প্লেটফর্মলৈ উঠি আহিবলৈ তেওঁ অনুৰোধ জনাইছে’।

পিছে বিপ্লৱৰ ১৯তম বার্ষিকীৰ পাছতেই আন এছোৱা কঠিন সময় আৰম্ভ হ’লঃ ক্রেমলিনত ক্রমবর্ধমানভাবে বিভিন্ন অভিযুক্তৰ সতে  বুখাৰিনৰ ‘মোকাবিলা’ আয়োজন কৰা হল। প্রথমে আহিল ‘ট্রটস্কীপন্থীসকল’। পাছলৈ তেওঁৰ নিজৰ অনুগামী ‘বুখাৰিন স্কুল’ৰ লোকসকলকো অনা হল[4]বিশেষকৈ চকলনিকভ, চেৰেব্রিয়াকভ আৰু ৰাডেকৰ সতে বুখাৰিনৰ ‘মোকাবিলা’ কৰোৱা হল। তেওঁলোক আটায়ে বুখাৰিনৰ সতে থকা তেওঁলোকৰ অপৰাধী সম্পর্কৰ কথা কবলৈ ধৰিলে। প্রতিবিপ্লৱৰ আন এটা সন্ত্রাসবাদী সমান্তৰাল কেন্দ্র ‘আৱিষ্কাৰ’ কৰা হল, যাৰ হোঁতা এইবাৰ স্বয়ং বুখাৰিন বুলি কোৱা হল! বুখাৰিনে আটাইবোৰ অভিযোগ তীব্রভাৱে অস্বীকাৰ কৰিলে কিন্তু প্রতিখন মোকাবিলাৰ পাছত ঘৰলৈ ঘূৰি অহাৰ সময়ত বুখাৰিনক ক্রমবর্ধমানভাৱে হতাশগ্রস্ত আৰু ভগ্নপ্রায় যেন দেখা গল। বিশেষকৈ য়েফিম চেটলিনৰ সৈতে হোৱা মোকাবিলাই তেওঁক একেবাৰে ভাঙি পেলালে। চেটলিন বুখাৰিনৰ আটাইতকৈ প্রিয় শিষ্য আছিল। এই চেটলিনেই এইবাৰ কবলৈ ধৰিলে – বুখাৰিনে হেনো তেওঁক নিজে এটা ৰিভলভাৰ প্রদান কৰিছিল আৰু স্তালিনক গুলিয়াই মাৰিবলৈ নির্দেশ দিছিল। যিটো ৰাস্তাৰে স্তালিন অহাৰ কথা আছিল, তাৰে এটা বিশেষ কোণত লুকাই থাকিবলৈকো বুখাৰিনে ব্যৱস্থা কৰি দিছিল। কিন্তু সেইদিনা স্তালিনে অপ্রত্যাশিতভাৱে আন এটা বাট লোৱাত তেওঁৰ জীৱন সেইবাৰলৈ ৰক্ষা পৰিল। এনে সমস্ত স্বীকাৰোক্তি কেন্দ্রীয় কমিটিৰ সকলো সদস্যলৈ নিয়মীয়াকৈ প্রেৰণ কৰি থকা হৈছিল।

য়েফিমৰ সতে হোৱা মোকাবিলাৰ পাছত সেইদিনা ঘৰলৈ ঘূৰি আহিয়েই বুখাৰিনে ৰিভলভাৰটো হাতত তুলি ললে। ৰিভলভাৰৰ হেণ্ডেলদালত সংলগ্ন সোণালী প্লেটখনত লিখা আছিলঃ ‘সর্বহাৰা বিপ্লৱৰ নেতা এন আই বুখাৰিনৰ প্রতি  – ক্লিম ভৰ’চিল’ভ ’। বুখাৰিনে সিদ্ধান্ত ললে- তেওঁ আৰু জীয়াই থকাৰ কোন অর্থ নাই। পত্নী লাৰিনাক চিৰবিদায় জনাই বুখাৰিন নিজৰ অফিচ কোঠাটোলৈ সোমাই গল। তাৰ পাছত বহুসময় ধৰি তেওঁ ৰিভলভাৰটো মূৰত লগাই বহি থাকিল। কিন্তু তেওঁ ট্রিগাৰ টিপিব নোৱাৰিলে। অনাগত দিনবোৰত কেইবাবাৰো ইয়াৰ পুণৰাবৃত্তি ঘটিল। কেতিয়াবা বুখাৰিনে পত্নীৰ সমুখতে ৰিভলভাৰটো লৈ ওপৰলৈ দলিয়াই দিয়ে, তাৰ পাছতে আকৌ তাক মেজৰ তলত লুকুৱাই ৰাখে। প্রায়েই ই হিষ্টিৰিয়াৰ ৰূপ লবলৈ ধৰিলে। এনে দিনবোৰত পুণৰ সাধাৰণ অৱস্থালৈ ঘূৰি আহিবলৈ বুখাৰিনক বহুখিনি সময় লাগিছিল। ই আছিল এক অতিশয় যন্ত্রণাদায়ক প্রক্রিয়া।
১৯৩৬ চন। ডিচেম্বৰ মাহৰ শেহৰ ফাললৈ ১০জন মান NKVDৰ এজেণ্ট বুখাৰিনৰ ঘৰলৈ আহিলঃ হাতত তেওঁলোকৰ চার্চ ৱাৰেণ্ট। তেওঁলোকে ঘৰটো চলাথ কৰা আৰম্ভ কৰিছে মাত্র, এনেতে কাষতে থকা ফোনটো বাজি উঠিল। লাইনৰ সিটোপাৰে আছিল স্বয়ং কমৰেড স্তালিন! স্তালিনে যেন একো হোৱাই নাই, তেনে সুৰেৰে বুখাৰিনক সুধিলেঃ ‘কেনে আছা, বন্ধু নিকোলাই?’ বিব্রত বুখাৰিনে কলে যে তেওঁলোকৰ ঘৰটো NKVDৰ এজেণ্ট কেইজনমানে চলাথ কৰাত লাগিছে। স্তালিনে লগে লগে চিঞৰি কলে ‘সিহঁতক এতিয়াই জহন্নামে যাবলৈ কোৱা!’ ততালিকে NKVDৰ এজেণ্ট কেইজন অন্তর্ধান হল
১৯৩৬ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কেন্দ্রীয় কমিটিৰ প্লেনামত পোন প্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে বুখাৰিন আৰু ৰিকভৰ বিৰুদ্ধে থকা নতুন অভিযোগবোৰ উত্থাপন কৰা হল। এইছোৱা সময়লৈকে কেন্দ্রীয় কমিটিৰ সদস্যসকলক ৰাস্তা, ঘৰ, ট্রেইন আদি যতেই ইচ্ছা তাতেই গ্রেপ্তাৰ কৰিব পৰা নগৈছিল। (১৯৩৭ চনৰ গ্রীষ্মকালতহে কেন্দ্রীয় কমিটিৰ এক বিশেষ সিদ্ধান্ত অনুসৰি এনে কেতবোৰ বিশেষ ক্ষমতা NKVDক প্রদান কৰা গৈছিল। এই নিয়ম মাত্র এবছৰৰ বাবে প্রযোজ্য হোৱাৰ কথা আছিল কিন্তু স্তালিনৰ মৃত্যুপর্যন্ত এই নিয়ম বাহাল থাকিল।) তাৰ বাবে স্বয়ং কেন্দ্রীয় কমিটিৰ অনুমতি প্রয়োজনীয় আছিল। প্লেনামত সকলোৱেই একেমুখে কলে যে বুখাৰিন আৰু ৰিকভক তৎক্ষণাতে গ্রেপ্তাৰ কৰিব লাগে। স্তালিন আছিল একেবাৰে শেহৰজন বক্তা। সকলোকে আচৰিত কৰি তেওঁ মন্তব্য কৰিলে যে এইক্ষেত্রত দৌৰাদৌৰি কৰাৰ কোনো প্রয়োজন নাই।  NKVDক আৰু কিছু সময় দিয়া উচিত – যাতে তেওঁলোকে অধিক তদন্ত কৰি বুখাৰিন আৰু ৰিকভৰ দোষ বা নির্দোষিতা স্পষ্টকৈ প্রমাণিত কৰিব পাৰে
কাজেই ডিচেম্বৰ প্লেনামৰ সময়ত তেওঁলোকৰ এৰেষ্টৰ বাবে অনুমতি দিয়া নহল। কেন্দ্রীয় কমিটিৰ প্রার্থী সদস্য হিচাপে এতিয়াও বুখাৰিনে স্বীকাৰোক্তিৰ ফাইলবোৰ পাই থাকিল আৰু ঠিক তেনেদৰেই ‘মোকাবিলা’বোৰো চলি থাকিল। আমি পূর্বেই উল্লেখ কৰিছোঁ যে বুখাৰিনে ইজভেস্তিয়াত কাম কৰা বন্ধ কৰিছিল আৰু তেওঁৰ হৈ তেওঁৰ ডেপুটিজনেই কাকতখন চলাই আছিল। পিছে এদিন কেন্দ্রীয় কমিটিৰ পৰা অপ্রত্যাশিতভাৱে এটা ফোন আহিলঃ তেওঁক ইজভেস্তিয়াৰ অফিচলৈ যাবলৈ কোৱা হল আৰু এজন পশ্চিমীয়া লেখক লিয়ন ফয়েষ্টৱানাক – যি সেই সময়ত মস্কোত আছিল - আদৰণি জনাবলৈ কোৱা হল। বুখাৰিনেও বিনা বাক্যব্যয়ে নির্দেশ মানি ললে আৰু ইজভেস্তিয়াৰ মূখ্য সম্পাদক হিচাপে তেওঁ অতিথিজনক কাকতখনৰ কার্যালয়লৈ আমন্ত্রণ জনালে। এয়া আচলতে আন এক ছলনা আছিল। ফয়েষ্টৱানাই বুখাৰিনৰ বিৰুদ্ধে থকা অভিযোগবোৰৰ বিষয়ে জানিছিল আৰু এনে এজন অভিযুক্তকো কাকতৰ সম্পাদক হিচাপে নির্বাহ কৰিবলৈ দি ছোভিয়েট ন্যায়প্রক্রিয়াটোৱে যে চৰম বস্তুনিষ্ঠতাৰ প্রমাণ দিছে – এই কথা অতিথিজনক বুজাবলৈ চেষ্টা কৰা হৈছিল।
সমান্তৰাল কেন্দ্র
১৯৩৭ৰ বর্ষটো এখন নতুন বিচাৰৰ মাজেৰে আৰম্ভ হল। ইয়াক ‘সমান্তৰাল কেন্দ্র’ৰ বিচাৰ বুলিও কোৱা গল। এই নতুন নাটকখনৰ বাবে NKVDৰ এজেণ্টসকলে বহুতো প্রাক্তন ট্রটস্কীপন্থীক নিয়োগ কৰিলে যি বহু পূর্বেই ট্রটস্কীৰ সংগতি ত্যাগ কৰিছিল আৰু পুণৰ পার্টিৰ সদস্যতা লাভ কৰিছিল। এওঁলোকৰ বহুতেই ছোভিয়েট ৰাষ্ট্রৰ বিভিন্ন গুৰুত্বপূর্ণ সংস্থা তথা পদত কাম কৰিছিল। সিবিলাকৰ ভিতৰত প্রধান আছিল – পিয়াটাক’ভ, ৰাডেক, লিভচিট, চকলনিক’ভ আৰু চেৰেব্রিয়াকভ তেওঁলোকৰ লগতে আন ১২ জন সংগীও আছিল। মূল অভিযুক্ত য়ুৰি পিয়াটাক’ভে বহুবছৰ জুৰি গধুৰ উদ্যোগ মন্ত্রালয়ত কমিচাৰ অর্ডঝনিকিদজেৰ ডেপুটি হিচাপে কাম কৰিছিল। আচলতে এজন প্রশাসক তথা অর্থনীতিবিদ হিচাপে পিয়াটাক’ভ অর্ডঝনিকিদজেতকৈ বহুগুণে অধিক দক্ষ তথা অনুভৱশীল ব্যক্তি আছিল। প্রথম তথা দ্বিতীয় পঞ্চবার্ষিকী আঁচনিৰ অধীনত  উদ্যোগীকৰণৰ প্রক্রিয়াটোক ত্বৰাম্বিত কৰাত পিয়াটাকভ’ৰ ভূমিকা অর্ডঝনিকিদজেতকৈ বহুগুণে বেছি আছিল।  লিভচিট আছিল পথ নির্মাণ মন্ত্রালয়ৰ ডেপুটি কমিচাৰচেৰেব্রিয়াক’ভো বহুবছৰৰ পৰা পার্টিৰ এজন গুৰুত্বপূর্ণ সদস্য আছিল।
এই বিচাৰখনৰ বিষয়ে  আমি দীঘলীয়াকৈ স্থানান্তৰত আলোচনা কৰিছোঁ। সদ্যহতে এইবুলি কলেই যথেষ্ঠ হব যে এইখনি বিচাৰৰ সময়ত বুখাৰিনৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগবোৰ ইমানেই প্রত্যক্ষ্য আৰু স্পষ্ট আছিল যে সকলোৱেই বুজি পাইছিল – তেওঁৰ আৰু বেছি  আয়ুস নাই। এইবাৰ বুখাৰিনৰ ওপৰত অভিযোগ উত্থাপন কৰিবলৈ NKVDয়ে ৰাডেকক নির্বাচিত কৰিলে। ইয়াৰ মাত্র কিছুদিন আগলৈকে ৰাডেক ইজভেস্তিয়া কাকতখনত বুখাৰিনৰ সহকর্মী আছিল, মাত্র কেইমাহমান আগেয়ে তেওঁ বুখাৰিনৰ ওচৰলৈ সহায় বিচাৰি আহিছিল। এৰেষ্ট হোৱাৰ পাছতে ৰাডেকে য়েঝভৰ নিপীড়ন ভূগি বলপূর্বক স্বীকাৰোক্তি দিয়াতকৈ পুলিচৰ সৈতে সহযোগ কৰাটোকেই উত্তম হব বুলি ভাবিলে। ফলত অতি কম সময়ৰ ভিতৰতে পুলিছে ৰাডেকৰ সহায়ত ‘সমান্তৰাল সন্ত্রাসবাদী কেন্দ্র’ৰ এটা চমৎকাৰ কাহিনী বিকশিত কৰিবলৈ সক্ষম হল – য’ত তদন্তকাৰীসকলে বিচৰাৰ দৰেই বিভিন্ন মুক্ত তথা গুপ্ত প্রতিবিপ্লৱী সংগঠনৰ সৈতে তেওঁৰ সংযোগ ‘ধৰা পেলোৱা’ কৰা হল। খুউব সম্ভৱ ৰাডেকৰ সহায়ৰ বলতেই ১৯৩৭ চনৰ বিচাৰখন অতি কম সময়ৰ ভিতৰতে তথা অতি মসৃণভাৱে চলাব পৰা গল। আজি আমি জানো যে তেওঁক ফায়াৰিং স্কোৱাডৰ হাতত গুলী খাবলৈ পঠোৱা নহল, বৰং মাত্র ১০ বছৰৰ সশ্রম কাৰাদণ্ড বিহা হল।
এইবিষয়েও যথেষ্ঠখিনি প্রমাণ আছে যে ১৯৩৮ চনৰ ৰাজনৈতিক বিচাৰৰ বাবেও ৰাডেকে কল্পকাহিনী সৃষ্টি কৰাত বেছ সহায় কৰিছিল। গ্রেপ্তাৰ হোৱা ব্যক্তিসকলৰ সৈতে ‘মোকাবিলা’ কৰি তেওঁ তেওঁলোকক মিছা সাক্ষ্যপত্রত স্বাক্ষৰ কৰিবলৈ সৈমান কৰাইছিল। বুখাৰিনৰ বিষয়ে আটাইতকৈ গম্ভীৰ অভিযোগখিনি ৰাডেকেই উত্থাপন কৰিছিল। বিশেষকৈ ১৯৩৭ চনৰ ২৯ জানুৱাৰীত প্রদান কৰা অন্তিম জবানিত তেওঁ এইবুলি ঘোষণা কৰিছিল যে ‘মই আন এটা বিষয়তো মোৰ দোষ স্বীকাৰ কৰিব বিচাৰিছোঁমোৰ অপৰাধ আৰু প্রতিবিপ্লৱী সংগঠনৰ সৈতে থকা মোৰ সংযোগৰ কথা স্বীকাৰ কৰাৰ পাছতো মই বুখাৰিনক দোষাৰোপ কৰিব পৰা কোনো বিবৃতি প্রদান কৰিবলৈ সন্মত হোৱা নাছিলোমই জানো যে মোৰ দৰেই বুখাৰিনৰো স্থিতি হৈছে সম্পূর্ণভাৱে আশাহীন আৰু আমাৰ দুয়োজনৰে অপৰাধ  আইনী দৃষ্টিৰে একে নহলেও সাৰমর্মৰ দিশৰ পৰা একেই। কিন্তু আমিযে অতিকে ভাল বন্ধু আছিলো আৰু বৌদ্ধিক বন্ধুত্ব হৈছে আন সকলো বন্ধুত্বতকৈ অধিক প্রগাঢ়। মই জানো যে মোৰ দৰেই বুখাৰিনৰ ভৰিৰ তলৰ পৰাও সমস্ত মাটি খহি পৰিছে আৰু মই আশা কৰিছিলো যে তেওঁ ছোভিয়েট কর্তৃপক্ষৰ ওপৰত সততাৰে সকলোখিনি কথা খুলি কব আৰু সেই অনুসৰি স্বীকাৰোক্তি প্রদান কৰিব। এই কাৰণতেই মই বিচৰা নাছিলো যে তেওঁক NKVDৰ কার্যালয়লৈ ধৰি বান্ধি লৈ যোৱা হওঁক। আমাৰ অৱশিষ্ট অন্যান্য কেডাৰসকলৰ দৰেই ময়ো আশা কৰিছিলো যে তেওঁ অস্ত্র সম্বৰণ কৰিব। সেয়েহে শেহত যেতিয়া মই দেখিলো যে বিচাৰ আৰম্ভ হৈছে, মই বুজি উঠিলো যে  আন এটা সন্ত্রাসবাদী সংগঠনৰ অস্তিত্বৰ কথা লুকুৱাই ৰাখি মই আদালতৰ সমুখীন হব নোৱাৰোঁ[5]
১৯৩৭ চনৰ জানুৱাৰী মাহৰ মাজভাগত ৰিকভ আৰু বুখাৰিনক তেওঁলোকৰ পদবোৰৰ পৰা আনুষ্ঠানিকভাবে আঁতৰাই পেলোৱা হল। ১৭ জানুৱাৰীৰ ইজভেস্তিয়াৰ সংখ্যাটো মূখ্য সম্পাদক হিচাপে বুখাৰিনৰ নাম নথকাকৈয়ে ওলাল। বহুতো মানুহেই সেয়েহে ভাবি ললে – তেওঁক হয়তো গ্রেপ্তাৰ কৰা হল। কিন্তু আচলতে এতিয়ালৈকেও তেওঁক গ্রেপ্তাৰ কৰা হোৱা নাছিল। তেওঁ এতিয়াও ক্রেমলিনৰ ফ্লেটটোতেই স্বেচ্ছাকৃত গৃহবন্দীৰ দৰে বাস কৰি আছিল। কেন্দ্রীয় কমিটিৰ প্রার্থী সদস্য হিচাপে এতিয়াও তেওঁ স্পিচিয়েল ৰেছন লাভ কৰি আছিল। অৱশ্যেই তেওঁ ডাইনিং হ’ললৈ যোৱাটো বাদ দিছিল। আৰু তেওঁ নিয়মীয়াকৈ স্তালিনলৈ চিঠি লিখি আছিল। এনে সমস্ত চিঠি আৰম্ভ হৈছিল পূর্বৰ দৰেইঃ ‘চেনেহৰ কৌবা!’
১৯৩৭ চনৰ ফেব্রুৱাৰী প্লেনাম
ৰাডেক-পিয়াটাকভ বিচাৰখনৰ পাছতেই কেন্দ্রীয় কমিটিৰ এখন প্লেনাম অনুষ্ঠিত হোৱাৰ কথা আছিল। পূর্বৰ দৰেই প্লেনামৰ সদস্যসকলক আগতীয়াকৈ মিটিঙৰ এজেণ্ডা প্রেৰণ কৰা হৈছিল। মিটিঙৰ এজেণ্ডা আছিল দুটাঃ ১) বুখাৰিন আৰু ৰিকভৰ বিষয়ে ২) সর্বোচ্চ ছোভিয়েটৰ অনাগত নির্বাচনৰ বাবে পার্টি সংগঠনবোৰৰ প্রস্তুতি। জাননীখন পোৱাৰ পাছত বুখাৰিনৰ অনুভৱ হল – হয়তো এইখন মিটিঙতেই তেওঁক তথা ৰিকভক পার্টিৰ পৰা বহিষ্কাৰ কৰা হব। আন কোনো উপায় নেদেখি এইবাৰ বুখাৰিনে আমৰণ অনশন কৰিবলৈ ঠিক কৰিলে। তেওঁ খাদ্যগ্রহণ কৰা বন্ধ কৰিলে আৰু স্তালিন প্রমূখ্যে অন্যান্য  কেন্দ্রীয় কমিটিৰ সদস্যসকলক এইবিষয়ে অৱগত কৰিলে। অনশনৰ কেইদিনমান পাছত স্তালিনৰ ফোন আহিলঃ ‘তুমি কাৰ বিৰুদ্ধে অনশন কৰিছা’ স্তালিনে সুধিলে ‘পার্টিৰ বিৰুদ্ধে?’ ‘মইনো আন কি কৰিব পাৰোঁ, তোমালোকে যেতিয়া মোক পার্টিৰ পৰা উলিয়াই দিব বিচাৰিছা?’ বুখাৰিনে কলে। ‘কোনেও তোমাক পার্টিৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰা নাই’ – এইবুলি কৈয়ে স্তালিনে ফোনটো কাটি দিলে।
১৯৩৭ চনৰ ১৮ ফেব্রুৱাৰী তাৰিখে অর্ডঝনিকিদজেই আত্মহত্যা কৰিলে। তেওঁৰ ফ্লেটটো বুখাৰিনৰ ঘৰৰ কাষতে আছিল; অৱশ্যে তাৰ প্রবেশদ্বাৰ ভিন্ন আছিল। বুখাৰিনে তেওঁক বৰ ভাল পাইছিল আৰু তেওঁক বিশ্বাস কৰিছিল। বাতৰি কাকত আৰু ৰেডিঅ’ত তেওঁ অর্ডঝনিকিদজেৰ আত্মহত্যাৰ কথা শুনিলে আৰু এইবিষয়ে চৰকাৰী ভাষ্যটোকেই মানি লবলৈ ঠিক কৰিলেঃ ‘হৃদযন্ত্র বিকল হৈ পৰাৰ ফলত তেওঁৰ মৃত্যু হৈছে’। পিছে ঘৰৰ ইমান কাষতে থকা স্বত্ত্বেও কিবা কাৰণবশতঃ বুখাৰিনে তেওঁৰ অন্তেষ্ট্যিক্রিয়ালৈ যাব নোৱাৰিলে। অন্তেষ্ট্যিক্রিয়াৰ বাবে প্লেনামৰ মিটিংখনিও এসপ্তাহলৈ পিছুৱাই দিয়া হল। দুদিনমান পাছত নতুনকৈ মিটিঙৰ এজেণ্ডা প্রেৰণ কৰা হলঃ ১) বুখাৰিন আৰু ৰিকভৰ বিষয়ে, ২) বুখাৰিনৰ পার্টিবিৰোধী অনশন কার্যৰ বিষয়ে ৩) সর্বোচ্চ ছোভিয়েটৰ অনাগত নির্বাচনৰ বাবে পার্টি সংগঠনবোৰৰ প্রস্তুতি। নতুন এজেণ্ডাখিনি পঢ়ি বুখাৰিন মনত মিশ্রিত ক্রিয়া হলঃ তেওঁ ভাবিলে আৰু এই বিষয়ে পত্নীৰ সৈতে আলোচনাও কৰিলে যে এজেণ্ডাত দ্বিতীয় বিন্দুটো অন্তর্ভুক্ত কৰাৰ অর্থ হৈছে – তেওঁক হয়তো পার্টিৰ পৰা বহিষ্কাৰ কৰা নহব; অন্যথাই এইমাত্র বহিষ্কাৰ কৰা এজন সদস্যৰ ‘পার্টিবিৰোধী’ কার্যকলাপৰ বিষয়ে আলোচনা কৰাৰ কি অর্থ হব পাৰে? এইভাবি বুখাৰিনে অনশন সমাপ্ত কৰিলে।  
১৯৩৭ চনৰ ২৫ ফেব্রুৱাৰীত কেন্দ্রীয় কমিটিৰ প্লেনামখন আৰম্ভ হল। প্রথমে য়েঝভে বুখাৰিন আৰু ৰিকভৰ পার্টিবিৰোধী কার্যকলাপৰ এক ৰিপর্ট দাখিল কৰিলে। লগতে আন কেইজনমান প্রাক্তন বিৰোধীৰ ‘ষড়যন্ত্র তথা ধ্বংসাত্মক কার্যকলাপ’ৰো ৰিপর্ট পেছ কৰা হল। এজনৰ পাছত আনজনকৈ কেন্দ্রীয় কমিটিৰ সদস্যসকলে ভাষণ দিবলৈ ধৰিলে। এইবিষয়ক এটা জনশ্রুতি আছে যে কেন্দ্রীয় কমিটিৰ কেইজনমান সদস্যই হেনো ৰিকভ আৰু বুখাৰিনক সমর্থন কৰিছিল আৰু ক্রমবর্ধমান ৰাষ্ট্রদমনৰ বিৰোধিতা কৰিছিলআচলতে সেইদিনা এনে একো হোৱা নাছিল। সকলোৱেই একেমুখে বুখাৰিন আৰু ৰিকভক ভৎসনা কৰিছিল আৰু দাবী কৰিছিল যে তেওঁলোকৰ অপৰাধৰ বিচাৰ হব লাগে। বিশেষকৈ মলটভে অতিশয় আক্রামক ভাষাত বুখাৰিন আৰু ৰিকভৰ সমালোচনা কৰিছিল।
যেতিয়া বুখাৰিনৰ ভাষণৰ সময় আহিল – তেতিয়ালৈকে পৰিবেশ বেছ উত্তেজনাপূর্ণ হৈ পৰিছিল। তেওঁ নিজৰ ওপৰত থকা সকলো অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ কলেঃ ‘মই জিনোভিয়েভ বা কামেনেভৰ দৰে নহওঁ, মই নিজৰ বিষয়ে মিছা নামাতো’। এই কথা শুনি মলটভে আসনৰ পৰাই চিঞৰি চিঞৰি কলে - ‘তুমি যদি স্বীকাৰোক্তি নিদিয়া, ই প্রমাণিত কৰিব যে তুমি আচলতে ফেচিষ্টহঁতৰ দালাল। কিয়নো সিহঁতৰ কাকতবোৰেও কৈ আছে যে আমাৰ বিচাৰবোৰ হেনো প্রহসনৰ বাহিৰে আন একো নহয়! আমি তোমাক গ্রেপ্তাৰ কৰিম  আৰু তুমি স্বীকাৰোক্তি দিবই লাগিব!’ ঘৰলৈ অহাৰ পাছত বুখাৰিনে স্বগতোক্তি কৰিলেঃ ‘আস! তাৰ মানে এইটোৱেই আছিল নিগনি ধৰা ফান্দ!’ তেওঁ নিজৰ অপযশবোৰ আঁতৰাব বিচাৰিছিল কিন্তু একেসময়তে তেওঁ ফেচিষ্টহঁতক ‘সহায়’ কৰিবলৈ বিচৰা নাছিল! বুখাৰিনে প্লেনামত তেওঁৰ তথা ৰিকভৰ তৰফৰ পৰা এটা বিবৃতি পাঠ কৰি কলে যে পিয়াটাক’ভ-ৰাডেকৰ বিচাৰৰ সময়ত অভিযুক্তসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগবোৰৰ কোনো ভিত্তি নাই। তেওঁ লগতে কলে -  NKVDয়ে বলপ্রয়োগ কৰি মিছা সাক্ষ্য সৃষ্টি কৰিছে আৰু বিভাগটোৰ এনে সমস্ত দুষ্কর্মৰ তদন্ত কৰিবলৈ এখন আয়োগ গঠন কৰিব লাগে। এই বক্তব্য শুনি স্তালিনে চিঞৰি কলে – ‘ৰবা, তোমাক আমি তালৈকে পঠাই আছোঁ; নিজেই তাত তদন্ত কৰি থাকিবা!’
মিটিঙৰ শেহত ৰিকভ-বুখাৰিনৰ কেচটোৰ বিষয়ে এক সিদ্ধান্ত লবলৈ ৩০জনীয়া সদস্যৰ এখন আয়োগ গঠন কৰা হলদুদিনৰ বাবে প্লেনামৰ মিটিং স্থগিত ৰখা হল আৰু এইখিনি সময়তে আয়োগক কাম সম্পূর্ণ কৰিবলৈ দিয়া হল। এই দুদিন বুখাৰিন ঘৰতে সোমাই থাকিল। তেওঁ সকলো আশা হেৰুৱাই পেলালে। তেওঁ ‘ভৱিষ্যত প্রজন্মৰ পার্টি নেতাসকললৈ’ বুলি এখন চিঠি লিখিলে আৰু পত্নীক সেইখন মুখস্ত কৰি লবলৈ কলে। তেওঁ লাৰিনাক কলে ‘তোমাৰ বয়স এতিয়াও কম আৰু অনাগত সময়ছোৱাত যেতিয়া নেতৃত্ব সলনি হৈ নতুন নেতা শাসনলৈ আহিব, তেতিয়াও তুমি জীয়াই থাকিবা।’ দুদিন ধৰি তেওঁ লাৰিনাক পৰীক্ষা কৰিলে আৰু সুনিশ্চিত কৰিবলৈ চেষ্টা কৰিলে যে তেওঁ যাতে চিঠিখনৰ প্রতিটো শব্দই মনই ৰাখে। তেওঁ চিঠিখনত এনেদৰে লিখিলেঃ ‘মই জীৱনৰ পৰা বিদায় লবলৈ লৈছোঁ। মই মূৰ দোঁৱাইছো – কিন্তু সর্বহাৰাৰ তৰোৱালৰ তলত নহয় – সি কঠোৰ হ’ব পাৰে কিন্তু  সি হৈছে নিষ্কলুষবৰং মই এনে এটা নৰকসদৃশ মেচিনৰ সমুখত অসহায় অনুভৱ কৰিছোঁ যি মধ্যযুগীয় বর্বৰ পদ্ধতিৰে অতিপাত শক্তি আহৰণ কৰিছে, যি পদ্ধতিগতভাৱে কুৎসা ৰটনা কৰিব পাৰে, যি চৰম আত্মবিশ্বাসেৰে আগুৱাই যাব পাৰে।’ বুখাৰিনে NKDVৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লিপিৱদ্ধ কৰিলে। তেওঁ লিখিলে – কেনেকৈ ই এক ‘অধঃপতিত আমোলাতান্ত্রিক সংগঠনলৈ পৰিণত হৈছে, যাৰ নিজা কোনো আইডিয়া নাই, যি চৰমভাৱে দুর্নীতিগ্রস্থ তথা যাক অতিশয় উচ্চ বেতনেৰে পুৰষ্কৃত কৰা হয় – যি নিজৰ ঘৃণ্য কার্যকলাপৰ জৰিয়তে অহৰহ স্তালিনৰ সন্দেহবাদী চৰিত্রটোক সাৰ-পানী যোগাই থাকে – ইয়াতকৈ আৰু অধিক লিখিবলৈ মোৰ ভয় লাগিছে।’ তেওঁ ৰিকভ, টমস্কী আৰু নিজকে নিৰপৰাধ বুলি ঘোষণা কৰিলে। অৱশ্যে পূর্বৰ বিৰোধীসকলৰ বিষয়ে তেওঁ একো নকলে। পার্টিৰ সৈতে তেওঁৰ সকলোধৰণৰ অসহমতিৰ কথা অস্বীকাৰ কৰি তেওঁ লিখিলে ‘বিগত সাতটা বছৰ ধৰি পার্টিৰ সৈতে মোৰ সামান্যতমো মতবিৰোধ ঘটা নাই।’
‘মই তোমালোকক আহবান কৰিছোঁ – হে মোৰ ভৱিষ্যতৰ সতীর্থসকল – আজিৰ দিনত অপৰাধৰ যেনে ঘৃণ্য ডাৱৰে আকাশ আৱৰি ধৰিছে, যি দিনক দিনে আৰু অধিক ভয়াবহ হৈ পৰিছে,  যাৰ লেলিহান জুয়ে পার্টিৰ উশাহ নিশাহ নাইকীয়া কৰিব ধৰিছে – এনে সমস্ত কলীয়া ডাৱৰ চপোৱাৰ দায়িত্ব তোমালোকৰেই। মই পার্টিৰ সকলো সদস্যকে আহবান জনাইছোঁ।  মোৰ আজি বিশ্বাস জন্মিছে যে  এদিন মোৰ ওপৰত জাপি দিয়া সমস্ত আবর্জনা ইতিহাসৰ ফিল্টাৰে ধূইপখালি আঁতৰাই পেলাব। মই কেতিয়াও বিশ্বাসঘাটক নাছিলোঁ। অকণো সংকোচ নকৰাকৈ মই লেনিনৰ বাবে জীৱন পর্যন্ত ত্যাগ কৰিলোঁহেতেন। মই কিৰ’ভৰ প্রতি আনুগত্যশীল আছিলো। স্তালিনৰ বিৰুদ্ধে মই একো [ষড়যন্ত্র] সংগঠিত কৰা নাছিলো। মই পার্টিৰ এচাম নতুন, তৰুণ তথা সৎ প্রজন্মৰ নেতৃত্বক আহবান জনাইছোঁ – কোনো এখন পার্টি প্লেনামত মোৰ চিঠিখন পঢ়ক, মোক দোষমুক্ত কৰক, আৰু মোক পুণৰ পার্টিত বাহাল কৰক।’ পত্নীৰ স্মৃতি আৰু এবাৰ পৰীক্ষা কৰাৰ পাছত এইবাৰ বুখাৰিনে চিঠিখন পুৰি পেলালে।
মিক’য়ানক অধ্যক্ষ হিচাপে লৈ ৩০ জনীয়া আয়োগখনৰ কামকাজ আৰম্ভ হল। পার্টিৰ প্রায় আটাইখিনি শীর্ষ নেতায়েই আয়োগখনৰ সদস্য আছিল; অনাগত দুবছৰত তেওঁলোকৰ বহুতেই ৰাষ্ট্রদমনৰ লেলিহান জুইত বুখাৰিনৰ দৰেই পুৰি  মৰিবলৈ গৈ আছিল! আয়োগৰ সমুখত সকলোৱে দুই তিনিটা শব্দত নিজৰ নিজৰ মন্তব্য দিবলৈ ধৰিলে। প্রথমে আন্দ্রেপেভৰ পাল আছিল; তাৰ পাছত আহিল বুবনভ, তাৰ পাছত ভৰ’চিল’ভ। তেওঁলোক আটাইৰে মন্তব্য আছিল ‘এৰেষ্ট, ট্রাই, চুট’ [অর্থাৎ এৰেষ্ট কৰা, বিচাৰ কৰা আৰু তাৰ পাছত গুলীয়াই মাৰা]স্তালিনৰ পাল আহিলত তেওঁ কলে ‘বিষয়টো NKVDৰ বিবেচনাৰ বাবে পঠোৱা হওঁক’। স্তালিনৰ কথা শুনি তেওঁৰ পাছত থকা কেইজনমানেও একেখিনি কথাৰে পুণৰাবৃত্তি কৰিলে। কিন্তু ইতিমধ্যেই সংখ্যাগুৰু ভোটেৰে সিদ্ধান্ত লোৱা হৈ গৈছিলঃ ‘এৰেষ্ট, ট্রাই, চুট’।
গ্রেপ্তাৰ আৰু জেৰা
দুদিন পাছত প্লেনামৰ মিটিং পুণৰ আৰম্ভ হল। আয়োগৰ সিদ্ধান্তখিনি শুনাবলৈ ৰিকভ আৰু বুখাৰিনক মতা হল। বুখাৰিনে ইতিমধ্যেই বুজি পাইছিল – তেওঁৰ আয়ুস আৰু নাই। তেওঁ ন’ মহীয়া সন্তানটিক চুমা খালে আৰু পত্নীৰ হাতত ধৰি  অশ্রুসিক্ত নয়নেৰে তেওঁৰ ক্ষমা ভিক্ষা কৰিলে। তেওঁ জানিছিল যে অনাগত সময়ছোৱা অতিশয় দুর্বহ হব কিন্তু কেনেধৰণৰ নৰকসদৃশ পৰিস্থিতিৰ মাজেৰে তেওঁলোক যাব লাগিব – সেই বিষয়ে দুয়োজনৰে কোনো ধাৰণা নাছিল। নিজকে কিছু নিয়ন্ত্রণ কৰি বুখাৰিনে পত্নীক কলেঃ ‘মনত ৰাখিবা আন্না, মোৰ কোনো দোষ নাছিল। আমাৰ সন্তানটিক এজন প্রকৃত বলচেভিক ৰূপত ডাঙৰ কৰিবা।’ প্লেনামৰ মিটিংখন ক্রেমলিনতে অনুষ্ঠিত হৈছিল, য’ত বুখাৰিনো বাস কৰিছিল। তেওঁ মাত্র কেইখোজমান আগবাঢ়ি গলেই মিটিং চলি থকা কক্ষটো আছিল। বুখাৰিন তাত গৈ পায় মানে ৰিকভো আহি পালেহি। দুয়োজনে ক্ল’কৰূমত কোটচোলা কেইটা সোলোকাই থব খোজোতেই ৱালৰ কাষৰ পৰা আঠজন মানুহ তেওঁলোকৰ ফালে আগবাঢ়ি আহিল। এয়াই আছিল এৰেষ্ট। কেন্দ্রীয় কমিটিৰ ভবনটোৰ পৰা বুখাৰিনহঁতক এইবাৰ NKVDৰ কার্যালয় তথা উৎপীড়ন কেন্দ্র  লুবয়াংকালৈ লৈ যোৱা হল।
একেসময়তে NKVDৰ এজেণ্টসকল বুখাৰিনৰ ঘৰতো আহি উপস্থিত হল। বুখাৰিনৰ পত্নীয়ে বুজি পালে – তেওঁ আৰু স্বামীক কেতিয়াও দেখা নাপাব। এজেণ্টসকলে ঘৰটো তন্ন তন্নকৈ চলাথ কৰিব ধৰিলে। বুখাৰিনৰ লাইব্রেৰীটোত হাত লগোৱা নহল কিন্তু তেওঁৰ সকলো নোটবুক তথা তেওঁৰ আটাইখিনি আর্কাইভ বাজেয়াপ্ত কৰি লৈ যোৱা হল। এই আর্কাইভখিনিত ভালেমান মূল্যবান দলিলো আছিল, বিশেষকৈ লেনিনৰ কেইবাটাও পাণ্ডুলিপি তাতে আছিল। (লেনিনৰ মৃত্যুৰ পাছতেই কেন্দ্রীয় কমিটিয়ে এটা লেনিন প্রতিষ্ঠান স্থাপন কৰিছিল আৰু সকলো পার্টি সদস্যকেই অনুৰোধ কৰা হৈছিল যে লেনিনৰ যিকোনো লিখনী, পত্র বা আন কোনো দলিল প্রতিষ্ঠানটোৰ ওচৰত জমা কৰা হওঁক। বুখাৰিনে লেনিনৰ ভালেখিনি সামগ্রী প্রতিষ্ঠানত গঁটাই দিছিল কিন্তু তথাপিও ব্যক্তিগত চৰিত্রৰ বহুতো চিঠি তথা লেখনী তেওঁ নিজৰ ওচৰতে সাঁচি থৈছিল)। ঘৰটোৰ তালাচী চলাওতে ভালেখিনি সময় লাগিল। অৱশ্যে এইছোৱা সময়ত এজেণ্টসকলৰ ব্যৱহাৰ-পাতি বেছ ভদ্র আছিল। বুখাৰিন পৰিয়ালৰ কোনো সদস্যকে এইখিনি সময়ত গ্রেপ্তাৰ কৰা নহল। সেইসময়ত বুখাৰিনৰ পত্নী, পুত্র, পুত্রৰ ধাত্রী আৰু বুখাৰিনৰ পিতৃয়ে এই ঘৰটোত বাস কৰিছিল। বুখাৰিনৰ পিতৃ এজন প্রাথমিক স্কুলৰ শিক্ষক আছিল কিন্তু ইতিমধ্যেই তেওঁ ভীষণভাৱে অসুস্থ তথা শয্যাশায়ী হৈ আছিল। কিছুদিন পাছতে তেওঁৰ মৃত্যু ঘটিছিল।
এই ঘটনাৰ পাঁচদিনলৈকে বুখাৰিনৰ পত্নী কলৈকো ওলাই নগল। কিন্তু ঘৰততো কণমানি শিশু এটি আছে? তাক গধুলি অকণমান বাহিৰ ফুৰাই নানিলেনো কেনেকৈ হব? কাজেই ষষ্ঠ দিনা সন্তানটিক প্র’ম এখনত বহুৱাই লৈ লাৰিনাই ক্রেমলিনৰ ওচৰে-পাঁজৰে অকণমান ফুৰিলে। কিন্তু কোনো মানুহ তেওঁৰ কাষ চাপি নাহিল, কোনেও তেওঁক মাত এষাৰো নলগালে। কিছুদিনৰ পাছত লাৰিনালৈ এটা ফোন আহিল ‘আপুনি কিয় ৰেছন আনিবলৈ যোৱা নাই?’ ‘কিহৰ ৰেছন?’ ‘আপুনি ৰেছন পোৱাৰ যোগ্য।’ অর্থাৎ নিকোলাই ইভান’ভিচৰ ৰেচনখিনি এতিয়াও কর্তন কৰা হোৱা নাছিল। লাৰিনাই ভাবিলে, ফোনটো হয়তো ভুলক্রমেই আহিছিল। সেয়েহে তেওঁ ৰেছন আনিবলৈ নগল। কিন্তু এইবাৰ তেওঁলোকৰ ঘৰত থকা ধাত্রীগৰাকীক মাতি পঠোৱা হল আৰু তেওঁৰ হাততেই ৰেছন দি পঠোৱা হল। লাৰিনাহঁতেও এইবাৰৰ পৰা মানা কৰিবলৈ বন্ধ কৰিলে। বুখাৰিনৰ ধন-সম্পত্তি বুলিবলৈ বিশেষ নাছিল, কাজেই তেওঁৰ গ্রেপ্তাৰৰ পাছত পৰিয়ালটোৰ ওচৰত খাদ্য বা ধন এটাও নাছিল।
বুখাৰিন গ্রেপ্তাৰ হোৱাৰ এমাহমানৰ পাছত লাৰিনাহঁতৰ ঘৰলৈ NKVDৰ এজন এজেণ্ট আহিল। তেওঁ লাৰিনাক বুখাৰিনে লিখা চিঠি এখন দিলে য’ত বুখাৰিনে কিছু কিতাপ আৰু অধ্যয়ন সামগ্রী তেওঁৰ হাতত দিবলৈ কৈছিল। বুখাৰিনে লগতে লিখিছিল – আজিকালি তেওঁ ‘ফেচীবাদৰ অধীনত সাংস্কৃতিক অধঃপতন’ বিষয়ক এখন গ্রন্থ লিখি আছে আৰু তাৰ বাবেই এই কিতাপ তথা অধ্যয়ন সামগ্রীবোৰৰ দৰকাৰ হৈছে। কিন্তু লাৰিনাই তেওঁৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে কিয়নো বুখাৰিনৰ অফিচটো ইতিমধ্যেই চীল কৰি পেলোৱা হৈছিল। কিছুদিনৰ পাছত তদন্তকাৰী দলটোৰ মূৰব্বীজনে লাৰিনাক ফোন কৰি কলে যে বুখাৰিনে মগোৱা কিতাপখিনি উলিয়াবলৈ অফিচৰ চীলটো আঁতৰাই দিয়া হব। তেওঁ লাৰিনাক নির্দেশ দিলে - তেওঁ যাতে নিজেই কিতাপখিনি লৈ লুবয়াংকালৈ আহে। আন্না মিখাইলভাই কিতাপৰ লগতে অলপমান খোৱাবস্তুও লৈ আহিছিল কিন্তু তদন্তকাৰী বিষয়াজনে সেইখিনি লবলৈ অস্বীকাৰ কৰিলে। তেওঁ কলেঃ ‘আমি আপোনাৰ স্বামীক ভালকৈ খুৱাই পিন্ধাই ৰাখিছোঁ। তেওঁ মিঠা খাই ভাল পায় যেন পাইছোঁ। সেয়েহে আমি তেওঁৰ প্রতি কাপ চাহৰ বাবে ছডোখৰকৈ চেনীৰ টুকুৰাৰ যোগান ধৰোঁ।’ তেওঁ লগতে কলেঃ ‘আপোনাৰ স্বামীয়ে আপোনাৰ পৰা চিঠি এখন আৰু সন্তানটিৰ সতে আপোনাৰ ফটো এখন আশা কৰিছে।’ লাৰিনাই চিঠিখন লিখিবলৈ আৰম্ভ কৰিলে কিন্তু এইবাৰ তদন্তকাৰী বিষয়াজনে তেওঁক হুকুম দিয়াত লাগিল - তেওঁ আচলতে কি লিখা উচিত বা কি লিখিব লাগিব। ‘অনুগ্রহ কৰি এইবুলি লিখক যে আপুনি আগৰ দৰেই ক্রেমলিনৰ ফ্লেটটোতে বাস কৰি আছে আৰু আপুনি পূর্বৰ দৰেই ৰেছনো পাই আছে।’ লাৰিনাৰ মনত সন্দেহ হলঃ ইয়াতো নিশ্চয় কিবা চালাকি লুকাই আছে। তেওঁ দৃঢ় চিত্তে কলে ‘নাই, মই তেনেকৈ নিলিখোঁ। মই যি মন যায় তাকেহে লিখিম।’ কিছুসময় তর্ক কৰাৰ পাছত বিষয়াজনে লাৰিনাৰ চিঠিখন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিলে - কিয়নো তেওঁৰ শ্রুতলিপি মতে লাৰিনাই সেইখন লিখা নাছিল। আচলতে এইখিনি সময়তে তদন্তকাৰী বিষয়াসকলে বুখাৰিনক পত্নী আৰু পুত্রসন্তানটিৰ নামত ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছিল; বুখাৰিনে যদি তেওঁলোকে বিচৰামতে স্বীকাৰোক্তি প্রদান কৰে, শিশুটি তথা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ প্রতি দয়া দর্শোৱা হব। কিন্তু তেওঁ যদি তেনেকৈ স্বীকাৰোক্তি নিদিয়ে, তেওঁৰ আত্মীয়সকলৰ পৰিণতি বিপৰীত হব। বুখাৰিনৰ বাবে এনে অমানুষিক হেঁচা সহ্য কৰাটো অতিশয় টান হৈ পৰিছিল। তদন্তকাৰী বিষয়াসকলে বুখাৰিনক শাৰীৰীকভাৱে অত্যাচাৰ কৰিছিলে নে নাই – সেই কথা জনা নাযায় কিন্তু ৰিকভক যে অতিশয় বেয়াকৈ মাৰধৰ কৰা হৈছিল - সেই কথা নিশ্চিত। পাছলৈ বিচাৰৰ সময়ত বুখাৰিনে যদি কোনো প্রশ্নৰ উত্তৰ ভালকৈ দিয়া নাছিল বা অস্পষ্ট উত্তৰ দিছিল, লগেলগে ৰিকভে তেওঁক ‘শুধৰাই’ দিছিল।
বুখাৰিনৰ গ্রেপ্তাৰৰ সমসাময়িকভাৱে অজস্র অন্যান্য লোককো গ্রেপ্তাৰ কৰা আৰম্ভ হ’ল। সমগ্র দেশখনেই আতংকৰ মাজত বাস কৰিবলৈ ধৰিলে। কেন্দ্রীয় কমিটিৰ সদস্যসকলো নিজৰ সুৰক্ষা সম্পর্কে চিন্তিত হৈ পৰিল। এইখিনি সময়ত প্রথমে বেছ কিছুদিন বুখাৰিনৰ পৰিয়ালটো  ক্রেমলিনতেই থাকিল। কিন্তু পৰিস্থিতি লাহে লাহে একেবাৰে অসহ্য হৈ পৰিল। কোনেও পৰিয়ালটোক মাত এষাৰ লগাবলৈকো নহা হ’ল; ‘জনগণৰ শত্রু’ পৰিয়াল এটাৰ লগত মিলামিছা কৰি কোনেইবা বিপদ চপাই লয়? লাৰিনাই সেয়েহে আবেদন কৰিলে – তেওঁলোকক যাতে এটা নতুন ফ্লেট দিয়া হয়। কিছুদিন পাছত ক্রেমলিনৰ পৰা কিছু দূৰৈত  মস্কো নদীৰ সিপাৰে চৰকাৰী চাকৰিয়াল থকা  এটা চুবুৰীত  পাঁচটা ৰুমৰ এটা ফ্লেট লাৰিনাহঁতক দিয়া হল। এই ফ্লেটটো যিটো বিল্ডিঙত আছিল, তাক ‘নদীৰ পাৰৰ ঘৰ’ বুলি কোৱা হৈছিল। সেইসময়ত অহৰহ ফ্লেটবোৰ খালী কৰোৱা হৈ আছিল আৰু বিল্ডিংটোৰ আধা ভাগ ফ্লেটেই খালী হৈ পৰি আছিল। এমাহৰ পাছত ফ্লেটৰ ভাৰা তথা অন্যান্য সেৱাৰ বাবদ লাৰিনালৈ প্রায় ৩০০ ৰুবলৰ এখন শকত বিল প্রেৰণ কৰা হল। ক্রুদ্ধ আৰু তিক্ত লাৰিনাই বিলখন কালিনিনৰ ওচৰলৈ পঠাই দিলে আৰু লগতে এটা সৰু টোকা গাঁঠি দিলেঃ ‘দুর্ভাগ্যজনকভাৱে গেষ্টাপোৰ এজেন্ট বুখাৰিনক তেওঁৰ সেৱাৰ বাবে অতি কম বেতন দিয়া হৈছিল; গতিকে এই ফ্লেটটোৰ ভাড়া দিব পৰাকৈ আমাৰ ওচৰত সিমানখিনি টকা নাই’। টোকাটো পঢ়ি কালিনিনে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিলেঃ বুখাৰিন পৰিয়ালৰ পৰা যাতে ঘৰ ভাৰাৰ বিনিময়ত কোনো ধন দাবী কৰা নহয়। ১৯৩৮ চনৰ মার্চ পর্যন্ত এনেকৈয়ে এবছৰ পাৰ হল। ‘নদীৰ পাৰৰ ঘৰ’টোৰ পৰা প্রায় প্রতিদিনেই এজন সিজনকৈ মানুহ অন্তর্ধান হবলৈ ধৰিছিল। একোখন ঘৰৰ মূৰব্বীজনক গ্রেপ্তাৰ কৰাৰ লগে লগেই তেওঁৰ পত্নী, প্রাপ্তবয়স্ক সন্তান তথা অন্যান্য আত্মীয়সকলকো গ্রেপ্তাৰ কৰা হৈছিল। কিন্তু বুখাৰিনৰ পৰিয়ালটোক ‘মহান বিচাৰ’ৰ সময়খিনিলৈকে হাত লগোৱা নহল। ১৯৩৮ চনৰ ২ মার্চৰ পৰা এই ‘মহান বিচাৰ’খন আৰম্ভ হল য’ত মূখ্য আচামীজন আছিল নিকোলাই বুখাৰিন।
মহান বিচাৰ
ত্রিশৰ দশকৰ আটাইবোৰ বিচাৰৰ ভিতৰত এইখনেই আটাইতকৈ ‘গুৰুত্বপূর্ণ’ বিচাৰ আছিল। পূর্বৰ সকলো বিচাৰে এইখনি বিচাৰৰ মাজতেই চৰম-প্রাপ্তি লাভ কৰিছিল; এইখন বিচাৰতেই সকলো ‘ছোভিয়েট বিৰোধী কেন্দ্র’ৰ ৰহস্য ফালি উলিওৱা হৈছিল। কাঠগড়াত বুখাৰিনৰ পিছফালে বহাজন আছিল ৰিকভ - যি বহুবছৰ ধৰি ছোভিয়েট মন্ত্রী পৰিষদৰ অধ্যক্ষতা কৰিছিল। ৰিকভৰ কাষতে বহাজন আছিল য়াগোডা - যি মাত্র কেইদিনমান আগলৈকে আভ্যন্তৰীণ বিভাগৰ কমিচাৰ আছিল; যি গুপ্ত পুলিচৰ মূৰব্বী আছিল তথা যি জিনোভিয়েভ-কামেনেভ বিচাৰখনৰ আয়োজন কৰিছিল! এই তিনিজনৰ বাহিৰেও আন কেইবাজনো প্রাক্তন কমিচাৰ আছিল। লগতে আছিল উজবেকিস্তান আৰু বেল’ৰুছিয়াৰ পার্টিৰ কেইজনমান নেতা।  সদৌশেষত তেওঁলোকৰ লগতে দুজন ডাক্টৰো আছিল যি মেক্সিম গর্কীৰ চিকিৎসা কৰিছিল। গর্কীৰ আকস্মিক মৃত্যুৰ বাবে তেওঁৰ চেক্রেটেৰীজনৰ লগতে এই ডাক্টৰ দুজনকো গর্কীৰ হত্যাকাৰী বুলি অভিযোগ  কৰা হৈছিল।
ন্যায়িক শুনানিৰ প্রক্রিয়াটো পৰিচালনা কৰিছিল ছোভিয়েট ইউনিয়নৰ উচ্চতম ন্যায়ালয়ৰ  মিলিটেৰী কলেজিয়ামে। এই শুনানিখনি অনুষ্ঠিত কৰা হৈছিল মস্কোৰ ট্রেড ইউনিয়ন হাউচৰ অক্টোবৰ প্রেক্ষাগৃহত। প্রেক্ষাগৃহটোত প্রায় ৫০০ মানুহ বহাৰ ব্যৱস্থা আছিল। প্রথম পাঁচটা শাৰীত NKVDৰ অফিচাৰসকল বহিছিল। তাৰ পাছতে সাধাৰণ ৰাইজৰ প্রতিনিধিৰ লগতে কেতবোৰ অচিনাকী চৰিত্র বহিছিল; হয়তো তেওঁলোকো NKVDৰ এজেণ্ট আছিল। সাধাৰণ ৰাইজ শব্দটো মই উর্ধ কমাৰ ভিতৰত ৰখা নাই কিয়নো সঁচাকৈয়ে ছোভিয়েট নাগৰিকসকলৰ একাংশই বিচাৰখন চাবলৈ আহিছিল। এনে বেছিভাগ লোকেই বিচাৰৰ প্রথম দিনটোৰ বাবে পাছ একোখন সংগ্রহ কৰিছিল আৰু ‘জনগণৰ শত্রু’হঁতে কেনেকৈ অপৰাধ স্বীকাৰ কৰিব - সেয়া চাবলৈ আহিছিল। এনে বহুতো লোকেই বিচাৰ প্রত্যক্ষ্য কৰাৰ অভিজ্ঞতাৰ বিষয়ে বাতৰি কাকতত প্রবন্ধও লিখিছিল।
বিচাৰকক্ষলৈ প্রথমে সোমাই আহিল মিলিটেৰী কলেজিয়ামৰ সদস্যসকল – উলৰিখ, মাটুলেভিচ আৰু য়েভল। তেওঁলোকে আহি নিজৰ আসন গ্রহণ কৰিলে। লগতে আহিল কর্ট চেক্রেটেৰী বাটনাৰ। তাৰ পাছত আহিল চৰকাৰী প্রচিকিউটৰ – ভিচিন্সকী আৰু আচামীৰ উকীল কেইজন – ব্রুড আৰু কম’দভ।  তাৰ পাছতে আহিল গার্ডসকলৰ প্রথমটো গ্রুপ – প্রতিজন আচামীৰ সমুখৰ চীটকেইটা তেওঁলোকে দখল কৰিলে - যাতে আচামীসকলক সুৰক্ষিত কৰি ৰাখিব পৰা যায়। আচলতে এই গার্ডসকল আন কোনো নাছিল, বৰং আচামীসকলৰ তদন্তকাৰী বিষয়া আছিল - যি আচামীসকলক তেওঁলোকৰ অন্তিমটো প্রদর্শনৰ বাবে ‘প্রশিক্ষিত’ কৰি আনিছিল। বিদেশী সংবাদ মাধ্যমৰ বাবে সুকীয়াকৈ বাকচ নির্মাণ কৰা হৈছিল। বিচাৰখনত উপস্থিত গুৰুত্বপূর্ণ বিদেশী দর্শকসকলৰ ভিতৰত অন্যতম আছিল - আমেৰিকাৰ ৰাষ্ট্রদূত যোচেভ ডেভিচ - তেওঁ ৰাষ্ট্রপতি ৰুজভেল্টৰ এজন স্পিচিয়েল বার্তাবাহক আছিল। ডেভিচে ৰাছিয়ান ভাষা নাজানিছিল - গতিকে আমেৰিকান সাংবাদিক চাপিৰোৱে তেওঁৰ কাষত বহি অনুবাদ কৰি দিছিল। আমোদজনকভাৱে, বিচাৰৰ শেহত এই দুয়োজন মানুহ ভিন ভিন সিদ্ধান্তত উপনীত হৈছিল। চাপিৰোৰ মতে এয়া ন্যায়পালিকাৰ এখন প্রহসনমূলক নাটকৰ বাহিৰে আন একো নাছিল; অর্থাৎ তেওঁৰ মতে সমস্ত কাৰবাৰটোৱেই ভূৱা আছিল। আনহাতে আকৌ ডেভিচ পতিয়ন গৈছিল যে সঁচাকৈয়ে স্তালিনে ফিফথ কলমৰ কণ-কঠীয়া মাৰি পেলাইছে। মস্কো বিচাৰৰ বিষয়ে তেওঁ পাছলৈ এখন কিতাপো লিখিছিলঃ ‘Mission to Moscow’.
সদৌ শেহত আচামীসকলক বিচাৰকক্ষলৈ অনা হৈছিল আৰু এডাল বেষ্টনীৰ সিপাৰে কাঠগড়াৰ কাষত তেওঁলোকক বহিবলৈ দিয়া হৈছিল। আচামীকেইজনৰ চেহেৰাপাতি ইজন সিজনতকৈ ভিন যেন দেখা গৈছিল। খয়জায়েভে একেবাৰে নতুন যেন লগা এটা সুন্দৰ চ্যুট পিন্ধি আহিছিল। ইক্রামভক একেবাৰে ভাগি পৰা যেন দেখা গৈছিল। য়াগোডাক এটা  পৰাজিত কুকুৰনেছিয়া বাঘৰ দৰে দেখা গৈছিল। বুখাৰিন কিবা চিন্তাভাবনাত বুৰ গৈ আছিল আৰু তেওঁৰ মুখমণ্ডল শেঁতা পৰি আছিল।
কেতবোৰ কার্যপদ্ধতিমূলক প্রশ্ন মীমাংসা হোৱাৰ পাছত আদালতৰ চেক্রেটেৰীজনে প্রাথমিক অনুসন্ধানৰ পৰা লাভ কৰা প্রমাণৰ ভিত্তিত গঠিত এখন দীর্ঘ অভিযোগনামা পঢ়ি শুনালে। তাৰ পাছতেই বিচাৰ আৰম্ভ হল। প্রথমে আচামী বেচ’ন’ভক জেৰা কৰা হল। আচলতে বিচাৰখনৰ আয়োজনৰ ক্ষেত্রত তথা প্রকৃত ‘পৰিদৃশ্য’ৰ ক্ষেত্রত বেচ’ন’ভৰ এক গুৰুত্বপূর্ণ ভূমিকা আছিল। তদন্তকাৰী বিষয়াসকলে নির্মাণ কৰা চিত্রনাট্য অনুসৰি এই বেচ’ন’ভেই ট্রটস্কীপন্থী আৰু জিনোভিয়েভিপন্থীসকলৰ সৈতে ‘সোপন্থী’সকলকৰ – অর্থাৎ বুখাৰিন, ৰিকভ আৰু টমস্কীৰ সংযোগ স্থাপন কৰিছিল; বার্লিনত ছোভিয়েট বাণিজ্য প্রতিনিধি হিচাপে কাম কৰোঁতে বেচ’ন’ভেই বিভিন্ন বিৰোধী গোটৰ সতে ট্রটস্কী আৰু তেওঁৰ পুত্র চেদ’ভৰ মিটিং আয়োজন কৰি দিছিল তথা বিভিন্ন নির্দেশ ইফালৰ পৰা সিফাললৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল।
বেচ’ন’ভক এই চিত্রনাট্যখনৰ সৈতে সন্মত কৰাওঁতে নাট্যকাৰসকলৰ বেছ সময় লাগিছিল। তেওঁক আটাইতকৈ পৰিশীলিত বিধৰ অত্যাচাৰ কৰা হৈছিল। NKVDৰ এজেণ্টসকলে ইতিমধ্যেই ‘কনভেয়ৰ’ শীর্ষক নিপীড়নৰ এক অভিনৱ পদ্ধতি বিকশিত কৰিছিল; এই পদ্ধতিৰ অধীনত বন্দীজনক দিনে নিশাই অহৰহ জেৰা কৰা হয়; তেওঁক অকণমান সময়ৰ বাবেও শুবলৈ দিয়া নহয়। বেচনভে ১৭ দিন পর্যন্ত ‘কনভেয়ৰ’ৰ মুখামুখি হৈছিল; তেওঁৰ বিপৰীতে বেছিভাগ বন্দীয়েই চাৰি বা পাঁচ দিনতেই ঢলি পৰিছিল। এইক্ষেত্রত বেচ’ন’ভৰ সহ্যশক্তি আছিল আশ্বর্যকৰ। পিছে ১৭ দিনত পাছত যেই বেচ’ন’ভে প্রথমখন ভুৱা স্বীকাৰোক্তি নথিত স্বাক্ষৰ কৰিলে, তাৰ পাছত আৰু তেওঁৰ কোনো প্রতিৰোধ শক্তি বাকী নাথাকিল। তেওঁ নাট্যকাৰসকলৰ এজন আজ্ঞাবাহী তথা বিশ্বস্ত অভিনেতালৈ পৰিণত হল।
নাটকত উজুটি
প্রতিজন আচামীকে প্রতি-পৰীক্ষা(cross-examination) কৰোঁতে প্রচিকিউটৰে আচামীজনক কেতবোৰ প্রশ্নও সুধি গৈছিল। বেচ’ন’ভে যেতিয়া ট্রটস্কীপন্থী, জিনোভিয়েভপন্থী আৰু বুখাৰিনপন্থীসকলৰ মাজত সংযোগ স্থাপন কৰাৰ ক্ষেত্রত তেওঁৰ প্রচেষ্টাবোৰৰ কথা কবলৈ ধৰিলে তেতিয়া প্রচিকিউটৰ ভিচিন্সকীয়ে বুখাৰিনৰ ফালে মূৰ ঘূৰালে আৰু সুধিলে – তেওঁ বেচ’ন’ভৰ সাক্ষ্যখিনি সঁচা বুলি পুষ্টি কৰিবনে? বুখাৰিনে উত্তৰত কলে যে  বেচ’ন’ভক লগ পোৱাৰ বহু আগেয়েই পিয়াটাকভ তথা অন্যান্য ট্রটস্কীপন্থীৰ সতে তেওঁলোকৰ আলোচনা হৈ গৈছিল। ভিচিন্সকীয়ে সুধিলে – ‘কিহৰ বিষয়ে আলোচনা হৈছিল? ছোভিয়েট ৰাষ্ট্রৰ বিৰুদ্ধে সংযুক্ত অভিযান চলাবলৈ আলোচনা হৈছিল?’ বুখাৰিনে চমূকৈ কলে – ‘হয়’।
পিছে এইখিনিতে এটা অদ্ভুত ঘটনা ঘটিল। বে’চন’ভৰ কেতবোৰ ভাষ্য পুষ্টি কৰিবলৈ ভিচিন্সকীয়ে এইবাৰ আন এজন আচামী নিকোলাই ক্রেস্টিন্সকীৰ ফালে মূৰ ঘূৰালে। পিছে ক্রেস্টিন্সকীয়ে বেচ’ন’ভৰ আটাইখিনি কথা মিছা বুলি ঘোষণা কৰিলে। গ্রেপ্তাৰ হোৱাৰ আগলৈকে ক্রেস্টিন্সকী পার্টি তথা চৰকাৰৰ এজন গুৰুত্বপূর্ণ ব্যক্তি আছিল আৰু তেওঁ শেহতীয়াকৈ বৈদেশিক বিভাগত ডেপুটী কমিচাৰ হিচাপে কাম কৰিছিল। তেওঁ ট্রটস্কীপন্থী নাছিল আৰু বিশৰ দশকৰ কোনো আভ্যন্তৰীণ পার্টি-বিতর্কতে তেওঁ অংশগ্রহণ কৰা নাছিল কিয়নো সেইখিনি সময়ত (১৯২১-৩০) তেওঁ জার্মানীত ছোভিয়েট ৰাষ্ট্রদূত হিচাপে কার্যনির্বাহ কৰি আছিল[6]বিচাৰৰ পূর্বে হোৱা জেৰাৰ সময়ত তেওঁ তদন্তকাৰী বিষয়াসকলৰ সকলো ভাষ্য মানি চলিবলৈ ততালিকে মান্তি হৈছিল আৰু তেওঁক স্বাক্ষৰ কৰিবলৈ কোৱা সকলো দলিলতে তেওঁ চহী কৰি দিছিল। কিন্তু এতিয়াহে গম হোৱা গল - তেওঁ সমস্ত শক্তি পাছলৈ সঞ্চিত কৰি থৈছিল যাতে বিচাৰৰ সময়তে তেওঁ আটাইখিনি সত্য সকলোৰে সমুখত কৈ দিব পাৰে। তেওঁ গ্রেপ্তাৰ হোৱাৰ সময়তে বুজি পাইছিল যে এখন নতুন প্রহসনমূলক ৰাজনৈতিক বিচাৰ হবলৈ গৈ আছে আৰু এইদৰে  পাছত আদালতৰ মজিয়াতে সঁচা কথাখিনি কবলৈ অপেক্ষা কৰাটো অধিক উত্তম হব। এতিয়া ক্রেস্টিন্সকীয়ে তাকেই কৰিলে – তেওঁ স্পষ্ট, চোকা তথা ডাঙৰ মাতেৰে কবলৈ ধৰিলে – তেওঁ কেতিয়াও বেচ’ন’ভৰ সতে কোনো ট্রটস্কীপন্থী সম্পর্কীয় আলোচনা কৰা নাছিল; তেওঁ নিজে কেতিয়াও ট্রটস্কীপন্থী নাছিল; বৰং বেচ’ন’ভেহে এতিয়া আদালতত গোকাট মিছা মাতি আছে। যেতিয়া হতাশ ভিচিন্সকীয়ে তেওঁক পূর্বে স্বাক্ষৰ কৰা দলিলবোৰৰ কথা সোঁৱৰাই দিলে, তেওঁ কলে – ‘এই আটাইবোৰ মিছা কথা আছিল’। ‘তেনেহলে তুমি প্রাথমিক অনুসন্ধানৰ সময়তে কিয় সত্য কথা কোৱা নাছিলা?’ – ভিচিন্সকীয়ে সুধিলে। ক্রেস্টিন্সকীয়ে এইবাৰ কিবা কবলৈ লৈ অকণমান দ্বিধাবোধ কৰিলে আৰু এইখিনি সময়তে ভিচিন্সকীয়ে  এষাৰ আমোদজনক কথাৰে লৰালৰিকৈ ক্রেস্টিন্সকীৰ জেৰা সমাপ্ত কৰিলেঃ ‘মই একো উত্তৰ শুনা নাই আৰু মোৰ ওচৰত আন কোনো প্রশ্ন নাই’।
ভিচিন্সকীয়ে এইবাৰ পুণৰ বেচ’ন’ভক জেৰা কৰিবলৈ ধৰিলে যাতে এইখিনি সময়তে  ক্রেস্টিন্সকীৰ তদন্তকাৰী বিষয়াজনে তেওঁক সত্য স্বীকাৰোক্তিৰ বিষম ফলাফল সম্পর্কে চেপা মাতেৰে সোঁৱৰাই দিব পাৰে। কিন্তু কিছু সময়ৰ পাছত যেতিয়া ভিচিন্সকী ক্রেস্টিন্সকীৰ কাষলৈ ঘূৰি আহিল, তেওঁ পুণৰ সমস্ত অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ কলে – প্রাথমিক অনুসন্ধানৰ সময়ত তেওঁ মিছা মাতিছিল কিয়নো তেওঁৰ আশংকা হৈছিল যে সেইসময়তে সঁচা কথাখিনি কৈ দিয়া হলে তেওঁৰ ভাষ্যখিনি আদালতৰ কাষলৈকে আহিবলৈ দিয়া নহলহেঁতেন। ‘তুমি কিয় তদন্তকাৰী বিষয়াসকলক বিভ্রান্তিত পেলাইছিলা?’ ভিচিন্সকীয়ে সুধিলে। ক্রেস্টিন্সকীয়ে কলে – মই এনে নকৰা হলে আজি চৰকাৰ বা পার্টিৰ নেতৃত্বই মোৰ প্রকৃত ভাষ্যখিনি শুনিবলৈ নেপালেহেঁতেন।  বেচ’ন’ভক আৰু দুই এটা প্রশ্ন কৰাৰ পাছত আদালতে দুঘন্টাৰ বিৰতি ঘোষণা কৰিলে।
পার্টিৰ শীর্ষ নেতৃত্বই ক্রেস্টিন্সকীৰ প্রকৃত ভাষ্যখিনি অতি সোনকালেই শুনিবলৈ পালে। বিচাৰকক্ষৰ এঠাইত আচামীসকলৰ পৰা কিছু দূৰৈত এটা গুপ্ত মাইক্র’ফন স্থাপন কৰি থোৱা হৈছিল যাতে স্তালিনে তেওঁৰ অফিচৰ পৰাই বিচাৰৰ সমস্ত কার্যবিবৰণী শুনি থাকিব পাৰে। তদুপৰি  প্রেক্ষাগৃহটোৰ শেহৰ ফালে এটা ওখ বেলকনি আছিল য’ত কোনোবা মানুহ থিয় হৈ থাকিলে কেৱল তেওঁৰ মূৰটোহে দেখা পোৱা যায়। কোনোবা যদি তাত বহি থাকে, তেওঁক তলৰ পৰা দেখাটো সম্ভৱপৰ নাছিল। বিচাৰৰ সময়ছোৱাত মাজে মাজে এই বেলকনিটোৰ পৰা ধপাতৰ ধোঁৱা ওলোৱা দেখা গৈছিল আৰু বিচাৰৰ  বহুকেইজন আয়োজকে দৃঢ়ভাবে বিশ্বাস কৰিছিল যে প্রতিদিনেই বিচাৰৰ প্রগতি লক্ষ্য কৰিবলৈ এঘণ্টা বা দুঘণ্টাৰ বাবে স্তালিন তাত আহি বহিছিল।
বিৰতিৰ সময়ছোৱাত আটাইখিনি ‘স্তাফ’ প্রেক্ষাগৃহৰ পিছফালে থকা এটা গুপ্ত কোঠাত একগোট হল। ক্রেস্টিন্সকীৰ শেহতীয়া কার্যকলাপ সম্পর্কে তেওঁলোকে ঠিক কি আলোচনা কৰিলে – সেয়া জনা নাযায়। কিন্তু তেওঁলোক যে কিছু সমস্যাত পৰিছিল, সেয়া নিশ্চিত। অৱশ্যে এনে এখন ডাঙৰ নাটকৰ সময়ত এনে সৰু-সুৰা বিজুতি ঘটেই। যি কি নহওঁক, বিৰতিৰ পাছত ভিচিন্সকীয়ে আন দুজন আচামী – ৰজেনগল্টজ আৰু গ্রিনকোক জেৰা কৰিবলৈ ধৰিলে। এই দুয়োজনেই পূর্বে বৈদেশিক বাণিজ্য আৰু বিত্ত মন্ত্রালয়ৰ উচ্চ পদত কাম কৰিছিল।  ক্রেস্টিন্সকীয়ে দিব নিবিচৰা আটাইখিনি ‘সাক্ষ্য-প্রমাণ’ এইবাৰ ৰজেনগল্টজ আৰু গ্রিনকোৱে যোগান ধৰিলে; তেওঁলোকৰ কিছুমান ভাষ্যত ক্রেস্টিন্সকীকো অভিযুক্ত হিচাপে সাঙুৰি লোৱা দেখা গল। কিন্তু এতিয়াও ক্রেস্টিন্সকীয়ে কৈয়েই থাকিল যে তেওঁ নির্দোষী আৰু তেওঁৰ বিৰুদ্ধে আদালতত দাখিল কৰা আটাইবোৰ সাক্ষ্যই হৈছে ভুৱা।
অর্থাৎ বিচাৰৰ প্রথমটো দিন আয়োজকসকলৰ বাবে বৰ এটা সফল দিন আছিল বুলি কব পৰা নগল। পাছত যেতিয়া বিচাৰৰ দ্বিতীয়খন বৈঠক আৰম্ভ হল, ভিচিন্সকী এইবাৰ পোনে পোনে ক্রেস্টিন্সকীৰ কাষলৈ নগল; বহু পাছতহে তেওঁক প্রতি-পৰীক্ষাৰ বাবে মতা হল। এইবাৰ ক্রেস্টিন্সকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা আটাইবোৰ অভিযোগ মানি ললে আৰু প্রাথমিক অনুসন্ধানৰ সময়ত তদন্তকাৰী বিষয়াসকলক প্রদান কৰা আটাইবোৰ স্বীকাৰোক্তি সত্য বুলি স্বীকাৰ কৰিলে। পিছে এইজনা ক্রেস্টিন্সকী আগৰজনা ক্রেস্টিন্সকী নাছিল! বিচাৰৰ দিনা এনে কিছু লোক প্রেক্ষাগৃহত উপস্থিত আছিল যি অভিযুক্তসকলক অতি ভালকৈয়ে চিনি পাইছিল আৰু যি তেওঁলোকৰ পৰিচয় সম্পর্কে ভুল কৰিব বুলি মানি লব নোৱাৰি। এনে এজন লোকে মোক পাছলৈ অতি বিশ্বাসেৰে কৈছিল যে ‘প্রথম দিনা বিচাৰৰ  সময়ত আচল ক্রেস্টিন্সকীজন উপস্থিত আছিল আৰু তেওঁ বুখাৰিন, য়াগোডা আদিৰ সতে বহি আছিল। তেওঁক মই আগৰেপৰাই ভালকৈয়ে চিনি পাইছিলো। কিন্তু শেহৰ দিনা যদিও কাঠগড়াত বহি থকা মানুহজন ক্রেস্টিন্সকীৰ দৰে দেখাত একে আছিল, মই কিন্তু নিশ্চিতকৈ কব নোৱাৰোঁ যে মানুহজন প্রকৃততে তেঁৱেই আছিল। সমগ্র বিচাৰখনৰ সময়ত কেৱল মাত্র এই এবাৰেই মই কোনো এজন আচামীৰ পৰিচয় সম্পর্কে সন্দেহশীল হৈছিলোঁ।’ খুউব সম্ভৱ, ক্রেস্টিন্সকীৰ সলনি সেইদিনা কোনোবা এজন অভিনেতা তাত বহি আছিল। আচল থিয়েটাৰত যেনেদৰে প্রয়োজন হলে দ্বিতীয় এজন অভিনেতাক মকৰল কৰা হয়, সেইদিনাৰ বিচাৰখনতো হয়তো তেনে এটা ঘটনাই ঘটিছিল। হয়তো পূর্বেই এনে কোনো অভিনেতা মজুত আছিল, বা ভাগ্যক্রমে বিচাৰি পোৱা গৈছিল।
কাঠগড়াত বুখাৰিন
বুখাৰিনে প্রদান কৰা সাক্ষ্যখিনিকো সচৰাচৰ সাক্ষ্য বুলি কব নোৱাৰি, অন্ততঃ ই আমাক কিছুমান কথা পুণৰ ভাবিবলৈ বাধ্য কৰে। দুটা স্তৰত তেওঁৰ ভাষ্যখিনিৰ বিশ্লেষণ কৰিব পৰা যায়। দেশৰ অধিকাংশ সাধাৰণ জনগণৰ স্তৰত তেওঁৰ সাক্ষ্যখিনিয়ে তেওঁৰ ছোভিয়েটবিৰোধী তথা স্তালিনবিৰোধী চৰিত্রটো প্রমাণিত কৰে। কিন্তু সাৱধান পর্যৱেক্ষকে সূক্ষ্ম বিশ্লেষণ কৰি চালে সাক্ষ্যখিনিত এনে অসংখ্য ইংগিত দেখিবলৈ পাব যি আদালত তথা তদন্তই পৰিবেশন কৰা ঘটনাৱলীৰ সামগ্রিক সংস্কৰণটোৰ বিষয়ে কেতবোৰ চিৰিয়াছ প্রশ্ন উত্থাপন কৰে। এফালে তেওঁ মানি লৈছিল যে ‘সোপন্থী আৰু ট্রটস্কীপন্থী মিত্রজোট’টোৰ সতে তেওঁৰ সম্পর্ক আছিল - কিন্তু আনফালে তেওঁ এইবুলিও কৈছিল যে এই সংগঠনটো নিজৰ উদ্দেশ্য সম্পর্কে সচেতন নাছিল। কোনো চোৰাংচোৱা কার্য অথবা কিৰ’ভ, কুইব্যাচেভ, গর্কী, মেনঝিন্সকী আদিৰ হত্যাকাণ্ড - আদিৰ সতে তেওঁ কোনোপধ্যেই জড়িত নাছিল বুলি তেওঁ স্পষ্টকৈ কৈছিল। ১৯১৮ চনত লেনিনক হত্যা কৰিবলৈ লোৱা প্রচেষ্টাৰ সতেও তেওঁ জড়িত নাছিল বুলি কৈছিল। ভিচিন্সকীৰ প্রশ্নৰ উত্তৰত তেওঁ স্পষ্টকৈ কৈছিলঃ ‘জেৰাৰ সময়ত অভিযুক্তৰ পৰা উলিয়াই লোৱা স্বীকাৰোক্তি আদালতত প্রমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি; মধ্যযুগৰ আইনশাস্ত্রইহে অভিযুক্তৰ স্বীকাৰোক্তি এনেকৈ মানি লয়।’ আমোদজনকভাৱে, তেওঁ এনে এখন আদালতৰ কার্যক্রমণিকাৰ বিষয়ে এই কথা কৈছিল যাৰ বিচাৰৰ একমাত্র আধাৰ আছিল আচামীসকলৰ পৰা বাহিৰ কৰা স্বীকাৰোক্তি!
যদিও প্রতি-পৰীক্ষণৰ সময়ত বুখাৰিনে অভিযোগকাৰীৰ সংস্কৰণটো কম বেছি পৰিমাণে মানি লৈছিল, তথাপিও কিন্তু মাজেমধ্যে তেওঁ এনে কেতবোৰ হস্তক্ষেপ কৰিছিল যি অভিযোগকর্তা তথা আদালত দুয়োকে হতভম্ব কৰি পেলাইছিল। মাজতে এবাৰ মিলিটেৰী কলেজিয়ামৰ প্রেচিডেণ্ট উলৰিখে বিৰক্তি লুকুৱাব নোৱাৰি মুকলিকৈয়ে কৈ পেলাইছিল – ‘’তুমি যদি এনেদৰেই অকোঁৱা-পকোঁৱা কথা কৈ থাকা, তাৰ মানে হৈছে তুমি কোনো দোষেই স্বীকাৰ কৰা নাই।’ আন এবাৰ প্রশ্নকালৰ মাজতে প্রচিকিউটৰ ভিচিন্সকীয়ে কৈছিল - তুমি কেতবোৰ কৌশল ব্যৱহাৰ কৰি আছা আৰু তুমি সঁচা কথা কবলৈ ইচ্ছা কৰা নাই। এসোপা যিতি কথা আৰু আইনী শব্দ ব্যৱহাৰ কৰি বাৰম্বাৰ তুমি আলোচনাটো ৰাজনীতি, দর্শন, থিয়ৰী আদিলৈ লৈ গৈছা। তুমি এইখিনিতেই ক্ষান্ত হোৱা উচিত কিয়নো তোমাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ আছে আৰু তদন্তকাৰী বিষয়াসকলে এনে কেতবোৰ প্রমাণ উদ্ধাৰ কৰিছে যি পৰিষ্কাৰকৈ দর্শাইছে যে তুমি কোনো ইন্টেলিজেঞ্চ সেৱাৰ গুপ্তচৰ হিচাপে কাম কৰি আহিছা। গতিকেই তোমাৰ এই প্রলাপবোৰ বন্ধ কৰা!
ছোভিয়েট বাতৰিকাকতবোৰেও লক্ষ্য কৰিছিল যে বুখাৰিনে কেতবোৰ বিশেষ কৌশল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিলঃ বিভিন্ন বৈজ্ঞানিক যেন লগা শব্দ ব্যৱহাৰ কৰি তেওঁ সত্য লুকুৱাই ৰাখিবলৈ তথা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। ‘এফালে তেওঁ সকলো অপৰাধৰ বাবে দোষ স্বীকাৰ কৰিছে, আৰু আনফালে যিকোনো এটা নির্দিষ্ট অভিযোগৰ প্রসংগ উত্থাপিত হলেই তাত তেওঁৰ দোষ নাছিল বুলি  ঘোষণা কৰিছে।’[7]
১৯৩৮ চনৰ ১১ মার্চ তাৰিখে পুৱাৰ বৈঠকত ভিচিন্সকীয়ে প্রচিকিউচনৰ তৰফৰ পৰা অন্তিমটো বিবৃতি হিচাপে এটা দীঘলীয়া ভাষণ দিলে। ভাষণটোৰ প্রায় এক তৃতীয়াংশই বুখাৰিনৰ অপৰাধবোৰৰ বিষয়ে আছিল। তেওঁ বুখাৰিন তথা অধিকাংশ আচামীৰ বাবে ফাঁচীৰ দণ্ড দাবী কৰিলে। সেইদিনা গধুলি তথা পাছদিনা ৰাতিপুৱা আচামীপক্ষৰ উকীল ব্রউড আৰু কমডভে ভাষণ দিলে। আমোদজনকভাৱে, প্রচিকিউচন আৰু আচামীপক্ষৰ উকীলৰ ভাষণৰ মাজত বিশেষ পার্থক্য নাছিল! অৱশ্যে এইখিনি সময়তো কিছু গণ্ডগোল নোহোৱা নহয়। উদাহৰণস্বৰূপে, বৈদেশিক বাণিজ্য মন্ত্রালয়ৰ প্রাক্তন কমিচাৰ ৰজেনগল্টজে ইতিমধ্যে স্বীকাৰ কৰিছিল যে তেওঁ ট্রটস্কীপন্থীসকলক সহায় কৰিবৰ বাবে ছোভিয়েট ধনভঁৰালৰ পৰা টকা চুৰি কৰিছিল, গুপ্তচৰগিৰি কৰিছিল তথা ধ্বংসাত্মক কার্যকলাপত ভাগ লৈছিল। তেওঁ আনকি টুখাচেভ’স্কি, উব’ৰেভিচ আৰু য়াকিৰৰ সৈতে মিলি মিলিটেৰী অভ্যুত্থানৰ প্রস্তুতি চলাইছিল বুলিও মানি লৈছিল। কিন্তু তাৰ পাছতেই হঠাতে তেওঁ অক্টোবৰ বিপ্লৱ আৰু গৃহযুদ্ধৰ সময়ত তেওঁৰ নিজৰ ভূমিকাৰ বিষয়ে কবলৈ ধৰিলে – কেনেদৰে তেওঁ মস্কোৰ অভ্যুত্থানৰ বাবে প্রথমটো মিলিটেৰী ইউনিট গঠন কৰিছিল, কেনেদৰে তেওঁ গৃহযুদ্ধৰ সময়ত আটাইতকৈ কঠিন স্থানবোৰত অতি কষ্টৰে পার্টিৰ নির্দেশবোৰ ৰূপায়ণ কৰিছিল।
ভিচিন্সকীয়ে ৰজেনগল্টজৰ বাবেও ফাঁচীৰ ৰায় দাবী কৰিছিল। উত্তৰত ৰজেনগল্টজে কৈছিল যে তেওঁ কোনো দয়া ভিক্ষা নকৰে কিয়নো তেওঁ ইয়াতকৈও অধিক শাস্তি পাবৰ যোগ্য; ‘কিন্তু তাৰ অর্থ এইটো নহয় যে এই আপোন ধুনীয়া দেশখন এৰি যাবলৈ মই কষ্ট পোৱা নাই। আজিৰ দিনত আমি দেখিবলৈ পাইছো – কেনেদৰে দেশখনে বিকাশৰ নতুন গতি লাভ কৰিছে, বলচেভিক পার্টিৰ নেতৃত্বত এটা নতুন প্রজন্ম সমুখলৈ আহিছে। আমি ছোভিয়েট ইউনিয়নত এনে কেতবোৰ সাফল্য লাভ কৰিছো যিবোৰ বিশ্বৰ কোনো ঠাইতে দেখিবলৈ পোৱা নাযায়। বিদায় লবলৈ মোৰ এইবাবেও কষ্ট হৈছে কিয়নো আমি সমাজবাদ নির্মাণৰ বাস্তৱ সুফল নিজ চকুৰে দেখিবলৈ আৰম্ভ কৰিছো। পোন প্রথমবাৰৰ বাবে আমি সুখ আৰু ৰঙেৰে বিধৌত জীৱনৰ তেজস্বী ৰূপ দেখিবলৈ পাইছোঁ।’ ইয়াৰ পাছতেই ৰজেনগল্টজে হঠাতে ডুনায়েভস্কি আৰু লেবেদেভ-কুমাখৰ এটা বিখ্যাত গান গাবলৈ ধৰিলেঃ ‘বিস্তীর্ণ ধৰাৰে মোৰ এই দেশ/ নদী গছ পথাৰেৰে সুশোভিত বেশ/কতেনো পাম এনে আৰু দেশ/ মুকলি উশাহেৰে য’ত...।’[8] হঠাতে গানটো শুনি পুলিচ বিষয়া, সাধাৰণ দর্শক - সকলোৱে চকী এৰি থিয় হৈ দিলে। কিছুসময়ৰ বাবে মানুহবোৰ বিমূঢ় হৈ পৰিল। অৱশ্যে ৰজেনগল্টজে গানটো শেষ কৰিব নোৱাৰিলে। তেওঁ উচুপি উচুপি চকীত বহি পৰিল।
য়াগোডাৰ পাল আহিলত তেওঁ মাত্র এটা চমূ অন্তিম ভাষণ দিলে। তেওঁ এতিয়াও কৈ আছিল যে কিৰ’ভৰ হত্যাত তেওঁৰ কোনো হাত নাছিল, ট্রটস্কীপন্থী-সোঁপন্থী মিত্রজোঁটটোৰ সৈতে তেওঁৰ কেতিয়াও কোনো সম্পর্ক নাছিল। অৱশ্যে তেওঁ আন কেতবোৰ অপৰাধ স্বীকাৰ কৰিছিল। শেহত তেওঁ কলে – ‘চেকাৰ কমৰেডসকল, পাৰিলে মোক অকণমান দয়া কৰক!’
বুখাৰিনে তেওঁৰ অন্তিম ভাষণটোতো তেওঁৰ ৰণকৌশলখিনি ত্যাগ নকৰিলে। তেওঁ কলে যে হয়, তেওঁ ‘সোঁপন্থী আৰু ট্রটস্কীপন্থী মিত্রজোঁট’টোৰ অন্যতম নেতা আছিল কিন্তু তেওঁ এইবুলিও কলে - এই মিত্রজোঁটটোৱে ক’ত, কেতিয়া, কি কৰিছিল - সেই বিষয়ে তেওঁৰ একো নাজানিছিল আৰু জনাটো সম্ভৱপৰো নাছিল। তেওঁ কেতিয়াও কোনো ধ্বংসাত্মক কার্যকলাপ বা গুপ্তচৰগিৰি কৰা নাছিল বা আনকো কৰিবলৈ নির্দেশ দিয়া নাছিল। অর্থাৎ পৰোক্ষভাৱে হলেও - ছোভিয়েট ইউনিয়নৰ বিখণ্ডনৰ বাবে যে তেওঁ কোনো কাম কৰিছিল - এই কথাটো তেওঁ অস্বীকাৰ কৰিলে। তেওঁ কিৰ’ভ, গর্কী, মেনঝিন্সকী, কুইব্যাচেভ বা মেক্সিম পেস্কভৰ হত্যাকাণ্ডতো তেওঁৰ কোনো হাত নাছিল বুলি কলে। তেওঁ ‘সোঁপন্থী আৰু ট্রটস্কীপন্থী মিত্রজোঁট’টোৰ সমস্ত অপৰাধৰ বাবে কেৱল ‘ৰাজনৈতিক আৰু আইনী দায়িত্ব’হে  স্বীকাৰ কৰিলে। তেওঁ লগতে কলে – এই সমস্ত কাণ্ডৰ আঁৰৰ মানুহজন আছিল ট্রটস্কী। বুখাৰিনে কোনো ক্ষমা ভিক্ষা নকৰিলে।
১২ মার্চৰ গধুলি বেলিকা ৰায়দান প্রস্তুত কৰিবৰ বাবে আদালতে বিৰাম ঘোষণা কৰিলে। ৰায় প্রস্তুত কৰোঁতে প্রায় ৬ ঘণ্টা সময় লাগিল। ১৩ মার্চ তাৰিখে ৰাতিপুৱা চাৰিটা বজাত বৈঠক পুণৰ আৰম্ভ হ’ল। ক্লান্ত হৈ পৰা দর্শক, গার্ড, বিচাৰক তথা ন্যায়াধীশসকলে নিজৰ স্থান দখল কৰিলে। মস্কোৰ বাট পথ সেইসময়ত জনশূণ্য হৈ আছিল। এই বিষয়ক এটা বিভ্রান্তিকৰ জনশ্রুতি আছে যে ৰায়দানৰ সময়ত হাজাৰ হাজাৰ মস্কোবাসীয়ে হেনো আদালতৰ চৌহদত ভীৰ কৰি আছিল। আচলতে ইয়াৰ কোনো বাস্তৱিক ভিত্তি নাই। ৰায়দানটো পঢ়োঁতে আদালতৰ প্রেচিডেণ্টজনৰ প্রায় আধা ঘণ্টা সময় লাগিছিল; এইখিনি সময়ত অভিযুক্তসকল ঠিয় হৈ আছিল। ১৮ জন অভিযুক্ত – যাৰ ভিতৰত আছিল বুখাৰিন, ৰিকভ, য়াগোডা, ক্রেস্টিন্সকী, ৰজেনগল্টজ, ইভানভ, চের্নভ, গ্রিংকো, জেলেন্সকী, ইক্রামভ আৰু খদঝায়েভ – এওঁলোকক ফায়াৰিং স্কোৱাডৰ দ্বাৰা গুলীয়াই মৰাৰ নির্দেশ দিয়া হল আৰু তেওঁলোকৰ সমস্ত ব্যক্তিগত সম্পত্তি বাজেয়াপ্ত কৰাৰ  ঘোষণা কৰা হ’ল। চিকিৎসক প্লেটনেভক ২১ বছৰৰ বাবে কাৰাদণ্ড বিহা হ’ল; ৰাক’ভস্কী আৰু বেচ’ন’ভক ক্রমে ২১ আৰু ১৫ বছৰৰ কাৰাদণ্ড বিহা হল।
১৯৩৮ চনৰ ১৫ মার্চৰ ৰাতি বেলিকাত বুখাৰিন তথা তেওঁৰ কমৰেডসকলক গুলীয়াই মৰা হল। এই ঘটনাৰ আজি চল্লিশ বছৰ কাল উকলি গৈছে। এয়া ছোভিয়েট ৰাষ্ট্র, ছোভিয়েট কমিউনিষ্ট পার্টি তথা সমগ্র বিশ্বৰে সাম্যবাদী আন্দোলনৰ সমুখত স্তালিনৰ এক ভয়ংকৰ অপৰাধ আছিল - যাক কেতিয়াও পাহৰিব পৰা নাযাব।
উপসংহাৰ
সেই দিনটো – যেতিয়া বুখাৰিনক গুলীয়াই মাৰি পেলোৱা হৈছিল – তাৰ চল্লিশ বছৰ সময় আজি উকলি গৈছে। এই দীর্ঘ সময়ছোৱাত ঘটি যোৱা আটাইখিনি ঘটনাৱলী ইয়াত উল্লেখ কৰাটো সম্ভৱপৰ নহয়। তথাপিও কিছুমান তথ্য উল্লেখ কৰাটো দৰকাৰ।
বিচাৰৰ পাছতেই আন্না মিখাইল’ভা লাৰিনাক গ্রেপ্তাৰ কৰা হল। তেওঁক প্রায় ১৮ বছৰ সময় কাৰাগাৰ, কেম্প তথা নির্বাসনত ৰখা হল। বুখাৰিনৰ পুত্র য়ুৰিক উৰালত থকা লাৰিনাৰ ভনীয়েকে ডাঙৰ দীঘল কৰিলে। বিশ বছৰ পর্যন্ত য়ুৰিয়ে নিজৰ প্রকৃত মাতৃ পিতৃ কোন - সেয়া জনা নাছিল। আজি লাৰিনা আৰু য়ুৰিয়ে মস্কোত বাস কৰে আৰু বিগত কেইবাবছৰ ধৰি তেওঁলোকে বুখাৰিনৰ নামটো পার্টিৰ ইতিহাসত আনুষ্ঠানিকভাবে পুণঃপ্রতিষ্ঠা(rehabilitate) কৰিবলৈ চেষ্টা কৰি আছে। ইতিমধ্যেই অন্যান্য অভিযুক্ত – ক্রেস্টিন্সকী, নেন্নী, চের্নভ, গ্রিংকো, জেলেন্সকী, ইক্রামভ, খদঝায়েভক আদিক পুণঃপ্রতিষ্ঠা কৰা হৈছে। সদৌ ছোভিয়েট ইউনিয়ন ইতিহাসবিদ সন্মিলন’ৰ মজিয়াত কেন্দ্রীয় কমিটিৰ চেক্রেটেৰী পস্পেলভে ১৯৬৪ চনতে ঘোষণা কৰিছিল যে বুখাৰিন তথা ৰিকভ কোনো গুপ্তচৰ এজেণ্ট বা বিধ্বংসকাৰী নাছিল। কিন্ত তৎসত্ত্বেও আজিলৈকে ৰিকভ তথা বুখাৰিনক সম্পূর্ণভাৱে পার্টি আৰু চৰকাৰে আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে  পুণঃপ্রতিষ্ঠা কৰা নাই। তেওঁলোকক ১৯৩৮ চনৰ ১৩ মার্চত প্রদান কৰা শাস্তিও আনুষ্ঠানিকভাৱে নাকচ কৰা হোৱা নাই।
বিচাৰৰ শেহত ভিচিন্সকীয়ে ঘোষণা কৰিছিলঃ ‘সময় লাহে লাহে আগবাঢ়ি যাব। এই ঘৃণ্য দেশদ্রোহীহঁতৰ কবৰত তিতালাও আৰু কাঠফুলা গজিব।  ছোভিয়েট জনগণৰ বাবে সিহঁত চিৰদিনৰ বাবে ঘৃণ্য হৈ ৰ’ব। অতীতৰ সমস্ত বোকা ময়লা আঁতৰাই আমাৰ চেনেহৰ নেতা স্তালিনৰ নেতৃত্বত ছোভিয়েট জনগণ আগুৱাই যাব।’ ভিচিন্সকীৰ ধাৰণা বহুখিনিলৈকে ভুল আছিল। নিকোলাই বুখাৰিন তথা তেওঁৰ লগতে মৃত্যুক আকোঁৱালি লোৱা সেই দুর্ভগীয়া অভিযুক্তসকলক ছোভিয়েট জনগণে পাহৰি যোৱা নাই। অক্টোবৰ বিপ্লৱ তথা আন্তর্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা হিচাপে জনগণে আজিও বুখাৰিনক মনত ৰাখিছে। আমেৰিকা আৰু ইউৰোপত তেওঁৰ বিষয়ে কেইবাখনো কিতাপ তথা প্রৱন্ধপাতি প্রকাশিত হৈছে। বেছিভাগ পশ্চিমীয়া কমিউনিষ্টৰ বাবে বুখাৰিনৰ কর্মৰাজীক নতুনকৈ চিনাকী কৰি দিয়াৰ প্রয়োজন নাই। কিন্তু এইক্ষেত্রত ছোভিয়েট জনগণ আজিও বহুদূৰলৈকে অজ্ঞ হৈ আছে। বিপ্লৱৰ আটাইতকৈ জনপ্রিয় নেতা তথা প্রধান তাত্ত্বিক বুখাৰিনৰ লেখনীবোৰ এতিয়াও ছোভিয়েট জনগণৰ হাততে পোৱাকৈ নাই। শেহতীয়াভাৱে প্রকাশ পোৱা ‘সম্পূর্ণ ছোভিয়েট বিশ্বকোষ’তো তেওঁৰ নামটো অন্তর্ভুক্ত কৰা হোৱা নাই। আজিও আমি নাজানো বুখাৰিনক কোনখিনি ঠাইত কবৰ দিয়া হৈছিল। কিন্তু তেওঁৰ হত্যাকাৰী তথা স্তালিন কালৰ অন্যতম  ঘৃণ্য চৰিত্র ভিচিন্সকীৰ কবৰ ক’ত আছে আমি জানো। তেওঁক ক্রেমলিন ৱালৰ কাষতে সমাধিস্থ কৰা হৈছে – লেনিন মিউজিয়ামৰ সমীপতে। ভিচিন্সকীৰ সমাধিত থকা স্মৃতিস্তম্ভটোৱে আজিও যেন আমাক সঁকীয়াই আছে – স্তালিনবাদৰ কলীয়া ডাৱৰ এতিয়াও আমাৰ দেশৰ পৰা সম্পূর্ণকৈ চাপি যোৱা নাই।
সমাপ্ত


নোট


[1]  The Case of the Anti-Soviet ‘Bloc of Rights and Trotskyites’: Report of Court Proceedings, মস্কো ১৯৩৮ চন।
[2] মোকাবিলা(confrontation) হৈছে এনে এটা প্রক্রিয়া য’ত দুজন অভিযুক্তক মুখামুখি কৰোৱা হয় আৰু দুয়োজনকে উৎসাহিত কৰা হয় যাতে তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে তথা ইজনে সিজনৰ অভিযোগবোৰ ভুল বুলি প্রমাণিত কৰিবলৈ চেষ্টা কৰে! প্রথমে অকলশৰীয়াকৈ জেৰা কৰি লোৱাৰ পাছত এই পদক্ষেপটো লোৱা হয়। জেৰাৰ হেঁচাত মানুহে নিজৰ তথা নিজৰ বন্ধুৰ বিষয়ে বিভিন্ন মিছা কথা কৈ দিলেও পাছত যেতিয়া সেই বন্ধুজনৰ সৈতেই ব্যক্তিজনৰ মোকাবিলা কৰোৱা হয় – ই হৈ পৰে অতিশয় বেদনাদায়ক। বন্ধুৰ বিশ্বাসঘাটকতাত আনজন বন্ধু ভাগি পৰে আৰু চিঞৰি চিঞৰি তেওঁৰ অভিযোগবোৰ মিছা বুলি প্রমাণিত কৰিবলৈ চেষ্টা কৰে। আনহাতে প্রথমজন বন্ধুৱে জানে যে তেওঁ মিছাকথাবোৰ সত্য যেন কৰি দেখুৱাব নোৱাৰিলে পুণৰ তেওঁক অত্যাচাৰ কৰা হব আৰু গতিকেই তেওঁ বন্ধুজনৰ বিৰুদ্ধে ইটোৰ পাছত সিটোকৈ বিভিন্ন মিছা অভিযোগ উত্থাপিত কৰি যায়। - অনুবাদক  

[3] নাদেঝা মান্দেলস্তামৰ গ্রন্থ Hope Against Hope মতে  জার্মান ৰাষ্ট্রদূতজনক হত্যা কৰাৰ সময়তো ব্লামকিন আচলতে চেকাৰে সদস্য আছিল।

[4] অন্যান্য বলচেভিক নেতাৰ দৰেই  বুখাৰিনৰো এটা অনুগামীৰ দল ১৯২২ চনৰ পৰাই গঢ় লৈ উঠিছিল। তেওঁলোকৰ ভিতৰত আছিল বুখাৰিনৰ বিভিন্নজন চেক্রেটেৰী, সহায়ক, মন্ত্রালয়ৰ ডেপুটি, বৌদ্ধিক শিষ্য ইত্যাদি। তেওঁলোকক একেলগে ‘বুখাৰিন স্কুল’ বুলি কোৱা হৈছিল। ১৯২৫ চনৰ সময়ত পার্টিৰ আভ্যন্তৰীণ বিতর্কই চূড়ান্ত ৰূপ পাওঁতে জিনোভিয়েভপন্থীসকলে তেওঁলোককেই আক্রমণৰ লক্ষ্য কৰি লৈছিল। সেইসময়লৈকে বুখাৰিন স্কুলৰ অনুগামীসকল ছোভিয়েট ৰাষ্ট্রৰ বিভিন্ন গুৰুত্বপূর্ণ বিভাগত প্রতিষ্ঠিত হৈ পৰিছিল। অৱশ্যে অন্যান্য নেতাৰ বিপৰীতে, বুখাৰিন স্কুলৰ সদস্যসকল মূলতঃ বুদ্ধিজীৱি আছিল আৰু তেওঁলোকৰ চিন্তনৰ ধৰনৰ পৰাই তেওঁলোকক সহজতে চিনাক্ত কৰিব পৰা গৈছিল।

[5] ইজভেস্তিয়া, ৩০ জানুৱাৰী, ১৯৩৭ সংখ্যা

[6] এই একেদিনাই আন এটা প্রসংগত ক্রেস্টিন্সকীয়ে কৈছিল যে পূর্বে তেওঁ বাওঁ বিৰোধীসকলৰ প্রতি সহানুভূতিশীল আছিল যদিও ১৯২৭ৰ নৱেম্বৰ মাহত ট্রটস্কীলৈ এখন চিঠি লিখি তেওঁ তেওঁসৱৰ সতে থকা সকলো সংশ্রৱ ত্যাগ কৰিছিল। তাৰ আগেয়েও তেওঁ  পার্টিৰ আভ্যন্তৰীণ বিতর্কত কোনো ৰূপতে অংশ লোৱা নাছিল কিয়নো এই আটাইছোৱা সময়ত তেওঁ জার্মানীত ৰাষ্ট্রদূত হিচাপে কার্যনির্বাহ কৰি আছিল।

[7]  ইজভেস্তিয়া, ৯ মার্চ, ১৯৩৮ সংখ্যা
[8] গানটোৰ ইংৰাজী সংস্কৰণটো হৈছে এনেধৰণৰঃ ‘A broad country my nation/With many fields, forests and rivers./I don’t know any other country/Where one can breathe so freely…’

1 comment:

  1. Brass necklace mens - The Tinti Collection
    Brass Neck Necklace titanium mug - Tinti Collection. oakley titanium sunglasses $50.00. Gold. $3,900. titanium apple watch Tinti Collection. $5,900. Red. $2,600. Gold. $3,600. Platinum. $5,900. 2017 ford fusion energi titanium Gold. $6,900. Red. $4,900. ceramic vs titanium curling iron

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...