Friday, October 30, 2020

ৰাইজে নিজা প্রচেষ্টাত গঢ়ি তোলক শ্রমজীৱী মানুহৰ সংগ্রহালয়!


ময়ূৰ চেতিয়া

এটা জনগোষ্ঠীক সম্পূর্ণভাৱে দানৱ তথা অজীন-পাতকীৰ ৰূপত প্রক্ষেপ কৰা কামটো ইতিমধ্যেই সফল হৈছে। তাৰ বিপৰীত ৰণনীতি কি হব পাৰে – সেয়া আজিও এক মুকলি প্রশ্ন। এটা ৰণনীতি হৈছে জনগোষ্ঠীয় পৰিচয়ভিত্তিক বাগধাৰা গঢ়ি তোলা। পিছে অসমৰ বিভিন্ন পৰিচয়ভিত্তিক জনগোষ্ঠীয় আন্দোলনৰ ইতিহাস ফালি চালে তাৰ শেষ ফলাফল বৰ আশাপ্রদক যেন ভাৱ নহয়। আনফালে আকৌ পৰিচয়ৰ প্রশ্নটো সম্পূর্ণ বাদ দি শ্রেণী ৰাজনীতি কৰাটোও সম্ভৱপৰ নহয়; তাৰ দিন ইতিমধ্যেই উকলিছে। কাজেই পৰিচয় আৰু শ্রেণী- দুয়োৰে সংমিশ্রণৰ মাজতে এটা অভিনৱ বাট উলিয়াব লাগিব। 

বিশুদ্ধ পৰিচয়ভিত্তিক ৰাজনীতিৰ বিপৰীতে শ্রেণী ৰাজনীতিৰ দ্বাৰা প্রভাৱিত অভিনৱ ৰণনীতিয়ে কেতবোৰ নতুন বাট দেখুৱাব পাৰে। 

উদাহৰণঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজ-পাৰ, সংস্কৃতি আদি সম্পর্কে লেখা-মেলাৰ কোনো অভাৱ নাই। সেই বিষয়ক বিভিন্ন প্রদর্শনী, সাংস্কৃতিক আয়োজন আদিৰো অভাৱ নাই। কিন্তু ইবিলাকে সদায়েই ৰাজনৈতিক তথা বাস্তৱিক আর্থিক দিশবোৰ উলাই কৰি চলে। হাড়-মঙহৰ মানুহৰ সতে সিবিলাকৰ সম্পর্ক নাই। প্রকৃতিৰ সৈতে মানুহৰ দ্বন্দ্বমুখৰ সম্পর্ক, ভূমিহীনতা, বানপানী আদি সহস্র সমস্যাৰ সৈতে মানুহে কৰা অহৰহ সংগ্রাম, বিভিন্ন জনগোষ্ঠীৰ মাজৰ সংঘাত তথা সমন্বয়ৰ ইতিহাসো ইবিলাকত দেখা পোৱা নাযায়। কাজেই এনে আয়োজনবোৰ হয় সম্পূর্ণভাৱে কছমেটিক, কৃত্রিম আৰু একঘেয়ামীপূর্ণ। 

এনে পটভূমিতে, শ্রমজীৱী জনগণৰ এক বৈকল্পিক সংগ্রহালয় নির্মাণৰ কথা ভাবিব পাৰি। ই অসমৰ প্রাচীন ইতিহাসৰ পৰা আৰম্ভ কৰি বর্তমানলৈকে সামৰি লব। ইয়াত থাকিব শতিকাজোৰা মানৱ প্রব্রজনৰ ইতিহাসৰ উপস্থাপন, বিভিন্ন ৰাজ্য-ব্যৱস্থাৰ উত্থান-পতনৰ উপস্থাপন, পাইক ব্যৱস্থাৰ উপস্থাপন, ভৈয়াম তথা পাহাৰৰ আন্তঃসম্পর্কৰ উপস্থাপন ইত্যাদি। ইয়াৰ লগতে থাকিব বিভিন্ন শ্রমজীৱী জনগোষ্ঠীৰ জীৱন-সংগ্রামৰ উপস্থাপন, সংঘাত আৰু সমন্বয়ৰ উপস্থাপন। কোনো বিষয় ইয়াত ‘টেবু’ নহব। 

এয়া নিঃসন্দেহে কঠিন কাম হব, কিন্তু অসম্ভৱ নহয়। ইতিমধ্যেই তাৰ বাবে পর্যাপ্ত ঐতিহাসিক গৱেষণাৰ কাম বহুতো হৈ গৈছে। উদাহৰণ- ইতিহাসবিদ জয়িতা শর্মাই তেওঁৰ ‘এম্পায়ার্ছ গার্ডেন’ নামৰ গ্রন্থখনত লিখিছে যে – 

Many early migrants from East Bengal were initially funded by prosperous élites from their home villages...Just as Nepali migrants expanded the dairy economy with buffalo milk, the East Bengalis introduced poultry farming. Chicken meat formed an important part of the East Bengali Muslim cuisine. By the 1920s chicken was accepted into the caste Hindu Assamese diet as ritual prohibitions gradually loosened. East Bengali peddlers of chicken and eggs became a familiar sight in towns on weekly sales trips from the countryside. 

এইজাতীয় দিশবোৰ যদি উপযুক্ত ফটো, প্রাসংগিক দলিল ইত্যাদিৰ কপিৰ জৰিয়তে দর্শোৱা হয়, সেয়া এক নতুন কাম হব। 

যিহেতু ই শ্রমজীৱী জনগণৰ সংগ্রহালয় হব, ই বিভিন্ন উত্তৰ ভাৰতীয় শ্রমজীৱী জনগোষ্ঠীৰ ইছ্যুবোৰো সামৰি লব পাৰিব (যেনে বজাৰত বোজা কঢ়িওৱা বিহাৰী শ্রমিকৰ ইছ্যুবোৰ)। 

এইবিলাক কাম ব্যক্তিগত প্রচেষ্টাৰ জৰিয়তেই কৰা উচিত, কিয়নো চৰকাৰীভাৱে কৰিলে ই সদায়েই বিভিন্ন আমোলাতান্ত্রিক বাধা-নিষেধ সৃষ্টি কৰে। আচলতে ই এক নতুন অভিনৱ ৰাজনীতিৰেই অংশবিশেষ হব পাৰে।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...