এৰিক হবছবম
(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছঃ দা চর্ট টুৱেন্টিয়েথ চেঞ্চুৰিঃ ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক
অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত লেখকে বিংশ শতিকাৰ প্রতি এক বিহংগম
দৃষ্টি নিক্ষেপ কৰিছে আৰু কেতবোৰ সাধাৰণ সিদ্ধান্ত বিকশিত কৰিছে। অধ্যায়টোক এক সুকীয়া
প্রৱন্ধ হিচাপেও পঢ়িব পৰা যায়। হবছবমক অনুবাদ কৰা সহজ নহয়। জার্মানমূলৰ অন্যান্য
লেখকৰ দৰেই হবছবমেও অতিশয় দীঘল দীঘল বাক্য লিখে। বুজাত সহজ হোৱাকৈ আমি ইয়াত দীঘল
বাক্যবোৰ যতসম্ভৱ সৰল কৰিবলৈ চেষ্টা কৰিছোঁ। প্রয়োজনবিশেষে কেতবোৰ অতিৰিক্ত
তথ্যপাতিৰো যোগান ধৰিছোঁ। কাজেই এই অসমীয়া সংস্কৰণটোক অনুবাদ বোলাতকৈ ভাবানুবাদ
বোলাটোহে অধিক শুদ্ধ হব। অসমীয়া পাঠক লেখনীটো পঢ়ি ভাল পাব বুলি আশা কৰা হল –
অনুবাদক।)
১৯৯২ চনৰ ২৮ জুন। ফ্রাঞ্চৰ ৰাষ্ট্রপতি মিতেঁহই হঠাতে সিদ্ধান্ত ললে যে তেওঁ চাৰাজেভো চহৰলৈ যাব। য়ুগোশ্লাভিয়া দেশৰ অন্যতম মূল চহৰ চাৰাজেভো
তেতিয়া গৃহযুদ্ধৰ আৱর্তত। চৌদিশে মৰামৰি, কটাকটি। যুদ্ধৰ ফলত ইতিমধ্যেই লাখ লাখ
মানুহৰ মৃত্যু ঘটিছে। এনে এক অৰাজক পৰিস্থিতিত হিলৈ আৰু বৰতোপৰ গুলীৰ মাজত ফ্রাচোঁৱা মিতেঁহ চাৰাজেভোলৈ যোৱাৰ
উদ্দেশ্য কি আছিল?
মিতেঁহই আচলতে
য়ুগোশ্লাভিয়াৰ সংকট সম্পর্কে বিশ্বৰ অন্যান্য দেশবোৰ যে অতিশয় গম্ভীৰ - এই কথাটো
স্থানীয় নেতাসকলক বুজাবলৈ গৈছিল। তেওঁৰ দৰে এজন অশীতিপৰ, বৃদ্ধ তথা সন্মানীয় ৰাজনেতাই মৃত্যু আশংকাকো নেওচা দি ৰণথলীলৈ এনে সৎ
উদ্দেশ্যেৰে যাত্রা কৰাৰ কথাটো বাতৰি কাকতবোৰত বেছ গুৰুত্বসহকাৰে প্রকাশ কৰা হৈছিল। তেওঁৰ সাহসক প্রশংসাও কৰা হৈছিল। পিছে মিতেঁহৰ চাৰাজেভো
যাত্রাৰ আন এটাও দিশ আছিল। তেওঁ গমন কৰিবলৈ চয়ন কৰা দিনটো আছিল ১৮ জুন; বিশ্ব
ইতিহাসত এই দিনটোৰ এক বিশেষ তাৎপর্য আছিল। পিছে কাকত-আলোচনীবোৰে তাৰ তাৎপর্য
বুজিবই নোৱাৰিলে। এই দিশটো সম্পর্কে কাকতবোৰ নিমাত হৈয়েই ৰল।
