Sunday, March 20, 2016

মহুবাৰ মহিষাসুৰ




উৎসঃ ‘ফৰৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ ২০১৫ সংখ্যা
https://www.forwardpress.in/2016/02/mahishasur-in-mahoba/
মূলঃ প্রমোদ ৰঞ্জন
অনুবাদঃ ময়ূৰ চেতিয়া

ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক এখন গৱেষণামূলক গ্রন্থ লিখাৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়।
.........
বিগত কিছুসময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বিৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও  মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্ট। অৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মান কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মান কৰা মাটিৰ থাপনাত মাজত।

ঐতিহাসিক ভুলঃ হিন্দুত্ববাদী আৰু সাম্যবাদীসকল

 ময়ূৰ চেতিয়া

(লেখনীটো আংশিকভাবে শ্বেয়াৰ কৰিব নোৱাৰিব; শ্বেয়াৰ কৰিব বিচাৰিলে গোটেই লেখনীটোৱেই লেখকৰ নাম আৰু ব্লগৰ URLৰ সতে শ্বেয়াৰ কৰিব লাগিব।)


১৯২০ৰ দশকৰ আশে পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ লবলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্থান চলিয়েলিষ্ট ৰিপাব্লিকান এচচিয়েচন, ৱর্কার্চ এণ্ড পিজেণ্টছ পার্টি আদি দলবোৰ, আৰু আনহাতে গঠন হৈছিল হিন্দু মহাসভা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আদি হিন্দুত্ববাদী সংগঠনসমূহ।

আজি প্রায় নব্বৈ বছৰৰ পাছত হিন্দুত্ববাদীসকলে দেশত শাসন কৰিছে। আনহাতে সাম্যবাদীসকল দেশৰ কেতবোৰ বিশেষ অঞ্চল তথা গণ-আন্দোলনৰ মাজতে সীমাৱদ্ধ হৈ আছে। বিপ্লৱতো বাদেই ভাৰতীয় সাম্যবাদীসকলে আজিলৈকে কেন্দ্রত কল্যাণমূলক চৰকাৰ এখনো গঠন কৰিব পৰা নাই। 

Monday, February 1, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৩


লৈংগিক শ্রম বিভাজন

ইউৰোপ আমেৰিকাৰ বহুতো বন্ধুৱে মোক প্রায়েই আচৰিত হৈ সোধেঃ “তোমালোকৰ দেশত এতিয়াও এৰেঞ্জড মেৰিজ আছে যে? কথাটো কি?” মই মাজেসময়ে ভাবোঁ – এৰেঞ্জড মেৰিজ হওঁক, লাভ মেৰিজ হওঁক – মেৰিজতো মেৰিজেই!  এটা পর্যায়ৰ পাছত দুয়োটায়েতো বিবাহ বোলা অনুষ্ঠানটোক ন্যায্যতা প্রদান কৰে? বহুতে ভবাৰ দৰে প্রেমবিবাহ সঁচাকৈয়ে ইমান ৰেডিকেল বস্তুনে? শেহত গৈ ইয়োতো বিবাহ বোলা [অবাঞ্ছনীয়] অনুষ্ঠানটোকেই মজবুত কৰে?

বিবাহ অনুষ্ঠানটোৰ এটা মূল বৈশিষ্ট হৈছে লৈংগিক শ্রম বিভাজন। মহিলাসকলকেই ঘৰুৱা কামৰ বাবে জগৰীয়া কৰা হয়; অর্থাৎ শ্রম শক্তিৰ পুণঃউৎপাদনৰ বাবে প্রয়োজনীয় শ্রমখিনি নাৰীসকলেই সমাপন কৰে। ব্যক্তি একোজনক দিনৰ পাছত দিন ধৰি কর্মক্ষম কৰি ৰাখিবলৈ প্রয়োজন হোৱা চর্তখিনি – (যেনে খাদ্য, পৰিষ্কাৰ ঘৰ, পৰিষ্কাৰ কাপোৰ আদিৰ প্রয়োজনসমূহ) মহিলাসকলেই পূৰণ কৰে। মহিলাসকলে হয়বা নিজেই এই কামখিনি কৰিব লাগিব নতুবা কোনো বনকৰা মহিলাৰ দ্বাৰা এইখিনি কৰোৱাই লব লাগিব । অর্থাৎ যেনেকৈয়ে নহওঁক কিয় – শেহপর্যন্ত ঘৰৰ কামখিনি সমাপন কৰাটো মহিলা একোগৰাকীৰ মূখ্য দায়িত্ব বুলি  ভবা হয়। আনকি যিসকল মহিলাই ঘৰ-পৰিয়ালৰ বাহিৰত, কোনো অফিচ আদিত কাম কৰে, তেওঁলোকৰো মূল দায়িত্ব ঘৰুৱা কামখিনি বুলিয়েই গণ্য কৰা হয়। গৃহকর্মী নিয়োগ কৰি মধ্যবিত্তীয় মহিলাগৰাকীয়ে হয়তো এই হেঁচাৰ পৰা কিছু পৰিমাণে সাময়িক সকাহ লাভ কৰিব পাৰে কিন্তু তাৰ পৰা সম্পূর্ণ নিষ্কৃতি তেৱো লাভ কৰিব নোৱাৰে।[বনকৰা মহিলাগৰাকীয়ে মালিকৰ ঘৰত কাম কৰে বাবে তেওঁৰ কর্মস্থলীক ফেক্টৰীৰ দৰে প্রকৃত কর্মস্থলী বুলি গণ্য কৰা নহয়। সেয়েহে শ্রমিকৰ প্রাপ্য বহুতো সামাজিক সুৰক্ষা যেনে নূন্যতম বেতন, কামৰ সুৰক্ষা আদিৰ পৰা তেওঁক বঞ্চিত কৰা হয়। আনহাতে বন কৰা মহিলাগৰাকীয়ে ভালকৈ কাম কাজ কৰিছেনে নাই – সেয়া চোৱাচিতা কৰাৰ দায়িত্ব মালিকনী অর্থাৎ মধ্যবিত্তীয় মহিলাগৰাকীৰ ওপৰতেই এৰি দিয়া হয়। কিবা গণ্ডগোল হলে মধ্যবিত্তীয় মহিলাগৰাকীকেই স্বামীয়ে দায়ী সাব্যস্ত কৰে। ঘৰুৱা কামৰ দায়িত্বৰ হেঁচাৰ পৰা এতিয়াও মধ্যবিত্তীয় মহিলাগৰাকীয়ে সম্পূর্ণ মুক্তি নাপায় কিন্তু বনকৰা শ্রমিক নিয়োগ কৰি তেওঁ কিছু সকাহ নিশ্চয় লাভ কৰে। এইদৰেই পিতৃতন্ত্রৰ কিছু বোজা মধ্যবিত্তীয় মহিলাগৰাকীৰ পৰা বনকৰা মহিলাগৰাকীলৈ স্থানান্তৰিত কৰা হয়। আনহাতে মালিকনী আৰু বনকৰা মহিলাগৰাকীৰ মাজৰ দ্বন্দ্ব বৃদ্ধি হয়। কথাখিনি ঠিক শ্রমিক আৰু চুপাৰভাইজাৰৰ মাজত থকা দ্বন্দ্বৰ দৰে। শেহ পর্যন্ত চুপাৰভাইজাৰজনেও সুচল জীৱন উপভোগ কৰিব নোৱাৰে। শেষ অর্থত পুঁজিপতিৰ দ্বাৰা শ্রমিক আৰু চুপাৰভাইজাৰ – দুয়ো শোষিত হয়। কিন্তু সংকীর্ণ দৃষ্টিৰে চালে শ্রমিক আৰু চুপাৰভাইজাৰৰ দ্বন্দ্বই মূল দ্বন্দ্ব যেন প্রতিভাত হয়। পুঁজিপতিৰ ভূমিকাৰ কথাটো তল পৰে  - অনুবাদক] ।

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ২



প্রথম অধ্যায়ঃ
পৰিয়াল



  পৰিয়াল
 
  'If marriage  is  the end  of life, 

  how  can  it  also  be  the  goal  of life?'


মণিৰ কাহিনী

কাপোৰ কানি, ব্যৱহাৰ-পাতি আদি বিভিন্ন ক্ষেত্রত সমাজে “প্রাকৃতিক” বুলি নির্ধাৰণ কৰি দিয়া সীমাৰেখাডাল উলংঘন কৰিলে সমাজে সহ্য নকৰে। কেইবছৰমান পূর্বে পশ্চিম বংগৰ গাওঁ এখনত মণি নামৰ কম বয়সীয়া যুবতী এগৰাকীক মাৰ-পিট কৰি নগ্ন কৰি পেলোৱা হল। ছোৱালীজনীৰ অপৰাধ আছিল “তাই হেনো ল’ৰাৰ দৰে আচৰণ কৰে আৰু লৰাৰ দৰে কাপোৰ-কানি পিন্ধে”। অর্থাৎ সামাজিক ব্যৱস্থাটো ৰক্ষা কৰাৰ ক্ষেত্রত সমাজ কিমান দূৰৈলৈকে যাব পাৰে, এই আপাত সংস্কৃতি ৰক্ষাৰ আঁৰত কিমান বীভৎস ৰূপৰ হিংসা লুকাই থাকে, মণিৰ ঘটনাটোৱে আমাক তাৰ কথাই সোঁৱৰাই দিয়ে। মণিক অত্যাচাৰ কৰা গাওঁবাসীসকলক পিশাচ, অপৰাধী, গোঁৱাৰ, অশিক্ষিত আদি নানান বিভূষণেৰে গালি দিয়াটো সহজ; পিছে তাৰ আগেয়ে আপুনি নিজৰ কথাই কল্পনা কৰক। ধৰক চহৰৰ কোনো নামী দামী কর্পৰেট  কোম্পানী এটাত আপুনি কাম কৰে। আপোনাৰে সহকর্মী পুৰুষ এজনে এদিন ঘোষণা কৰিলে যে তেওঁ কাইলৈৰ পৰা  শাৰী  পিন্ধি, ফোঁট লৈ কামলৈ আহিব; শাৰী পিন্ধিয়েই তেওঁ ভাল পায়; তেওঁ তেনেকৈয়ে সহজবোধ কৰে। আপোনাৰ প্রতিক্রিয়া কেনেধৰণৰ হব?  মণিক মাৰপিট কৰা গাওঁবাসীসকলতকৈ আপোনাৰ ব্যৱহাৰ ঠিক কিমানখিনিলৈকে পৃথক হব? আপুনি সহকর্মীজনক সহজভাৱে গ্রহণ কৰিবনে? তেওঁ নিজৰ জীৱন সম্পর্কে লোৱা সিদ্ধান্তখিনিক আপুনি যথোচিত সন্মান জনাব পাৰিবনে? 

Thursday, November 5, 2015

হিটলাৰ আৰু নাজীবাদঃ এক প্রাথমিক পৰিচয়ঃ

অনুবাদ আৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া

১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী।

হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মাক দেউতাকে চেপা মাতেৰে কিবা গম্ভীৰ বিষয় সম্পর্কে কথা পাতি আছে। হেলমুথৰ চিকিৎসক দেউতাকে মাকৰ লগত আলোচনা কৰিছেঃ “তেওঁ গোটেই পৰিয়ালটোকে মাৰি পেলোৱা উচিত, নে কেৱল নিজে আত্মহত্যা কৰা উচিত? সকলোকে মাৰি পেলাবলৈ তেওঁ ওচৰত সিমান সময় আছেনে?”  দেউতাকে লগতে কিবা প্রতিশোধৰ কথাও কৈ আছিলঃ “আগেয়ে আমি বিকলাংগ তথা ইহুদীসকলৰ সতে যেনে ব্যৱহাৰ কৰিছিলো, এতিয়া আমেৰিকা আৰু চোভিয়েট মিত্রশক্তিয়েও আমাৰ সতে তেনেকুৱাই ব্যৱহাৰ কৰিব”। পিছদিনা দেউতাকে হেলমুথসহিত গোটেই পৰিয়ালটোকে পিকনিকৰ বাবে ওচৰৰ উদ্যানখনলৈ লৈ গল।  লৰা-ছোৱালী কেইটিয়ে গীত গালে, লৰা ধপৰা কৰি হাঁহি-ফুর্তি কৰিলে। শেষবাৰৰ বাবে পৰিয়ালটোৱে আনন্দেৰে দিনটো কটালে। সন্ধিয়ালৈ হেলমুথৰ দেউতাক জীয়াই নাথাকিল। নিজৰ অফিচতে মূৰত গুলিয়াই তেওঁ আত্মহত্যা কৰিলে। হেলমুথে কিছুসময়ৰ পাছত দেখিলেঃ  দেউতাকৰ তেজসিক্ত ইউনিফর্মযোৰ ঘৰৰ জুইশালিত পুৰি পেলোৱা হৈছে। এই ঘটনাৱলীয়ে হেলমুথক ইমানেই সন্ত্রসিত কৰি তুলিলে যে অনাগত ৯ বছৰৰ বাবে লৰাটিয়ে ঘৰত খাদ্য গ্রহণ কৰা বন্ধ কৰিলে। হেলমুথে ভয় কৰিছিল যে মাকে হয়তো খাদ্যত বিহ মিলাই তাক হত্যা কৰিব।

Wednesday, October 28, 2015

ৰুছ বিপ্লৱৰ ইতিহাস: লিয়ন ট্রটস্কী: পাতনি

অনুবাদঃ ময়ূৰ চেতিয়া

১৯১৭ চনৰ ফ্রেব্রুৱাৰী মাহলৈকে ৰাছিয়া  ৰোমানভ ৰাজতন্ত্রৰ অধীনত আছিল। তাৰ ঠিক আঠ মাহ পাছত এটা শ্রমিক দল – বলচেভিক পার্টি - দেশৰ শাসক হিচাপে অধিষ্ঠিত হল। শাসনত অধিষ্ঠিত হোৱাৰ কেইমাহমান আগলৈকে খুউব কম সংখ্যক লোকেহে বলচেভিকসকলৰ বিষয়ে জানিছিল; শেষ মূহুর্ত পর্যন্ত পার্টিৰ নেতৃবৃন্দ দেশদ্রোহৰ গোচৰত অভিযুক্ত আছিল। ইতিহাসৰ এনে তীব্র পট-পৰিবর্তন খুউব কমেই ঘটা দেখা যায়। মনত ৰখা ভাল – এই পৰিবর্তন ঘটিছিল ১৫ কোটি লোকেৰে ভৰা এখন বিশাল দেশৰ ভূ-ভাগত। কাজেই ১৯১৭ চনৰ ঘটনাৱলী এক অধ্যয়নযোগ্য বিষয়, তেহেলৈ ঘটনাৱলীৰ চৰিত্র সম্পর্কে আপুনি যিয়েই সিদ্ধান্তত উপনীত নহওঁক কিয়।

আন আন ইতিহাসৰ দৰেই বিপ্লৱৰ ইতিহাসেও প্রথমে দুটা প্রশ্নৰ উত্তৰ দি লোৱা উচিতঃ কি ঘটিছিল আৰু কেনেদৰে ঘটিছিল। পিছে ইয়েই যথেষ্ঠ নহয়। ঘটনাৱলীৰ বর্ণনাৰ জৰিয়তে ইতিহাসবিদজনে লগতে এয়াও দর্শাব লাগিব যে কিয় ঘটনাৱলীয়ে এই ৰূপ ললে আৰু কিয় তাৰ কোনো বিকল্প সম্ভৱপৰ নাছিল। ইতিহাস কোনো আকস্মিক ঘটনাৱলীৰ সমাহাৰ নহয়, ই কোনো পূর্বকথিত নৈতিক গাঁথাৰ পুষ্টিকৰণো নহয়। বৰং ঐতিহাসিক ঘটনাৱলীয়ে নিজস্ব কেতবোৰ নিয়ম মানি চলে। এই নিয়মসমূহ আৱিষ্কাৰ কৰাটো ইতিহাসবিদৰ কর্তব্য।

Sunday, August 16, 2015

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ

মূলঃ পার্থ চেটার্জী

লেখক পৰিচিতিঃ পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)

(অনুবাদকৰ টোকাঃ 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনে ধৰণৰ পৰিৱর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রৱন্ধটোত এনে পৰিৱর্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোৱা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগবঢ়োৱা হল।)

“চাবলটার্ণ ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰনজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একেসময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ- ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰাম্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানব ইতিহাসতে নজিৰবিহীন। 

ফেচিবাদ-বিৰোধী তিনিটা স্মৃতিসৌধ

ময়ূৰ চেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বহন কৰা ছোভিয়েট ভাস্কৰ্যসমূহৰ মাজত তিনিটা স্মৃতিসৌধৰ এক বিশেষ গুৰুত্ব আছে। এই তিনিওটা ইটো-সিটোৰ সৈত...