Friday, September 14, 2012

অনাগত সময়ৰ সমাজবাদ (NSI Manifesto, Part 7/7)

সমাজবাদৰ অন্যতম মূল লক্ষ্য হৈছে- ‘সমূহীয়া উৎপাদকসকলক উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা’লৈ পৰিণত কৰা । সংগ্রহৃত উদ্বৃত্তৰ ব্যৱহাৰ তথা প্রয়োগ কেনেদৰে কৰা হ’ব – এই সম্পর্কে সমূহীয়াকৈ নির্ণয় ল’ব পৰাকৈ কেতবোৰ প্রক্রিয়া বিকশিত কৰাৰ প্রশ্নটোও এইক্ষেত্রত জড়িত হৈ আছে। অৱশ্যে ই উৎপাদন-সমলবোৰৰ মালিকানাৰ ৰূপবিলাক নির্ধাৰণ নকৰে। পৰিস্থিতি অনুসৰি বিভিন্ন প্রকাৰৰ মালিকানাৰ ৰূপ সম্ভৱপৰ হ’ব পাৰে।

সমূহীয়া মালিকানাই হৈছে এইক্ষেত্রত সবাতোকৈ বাঞ্ছনীয় মালিকানাৰ ৰূপ। কিন্তু কেৱল এই ৰূপেৰেই কাম নচলিব। অন্যথাই যিবোৰ উদ্যোগত শ্রমৰ উৎপাদনশীলতাৰ হাৰ আপেক্ষিকভাৱে কম (সৰু সুৰা কৃষি পাম, মজলীয়া প্রযুক্তিৰ উদ্যোগ আদি), সিবিলাকে বৃহৎ শেহতীয়া প্রযুক্তিসম্পন্ন তথা উচ্চ উৎপাদনশীল উদ্যোগৰ সমুখত সমস্যাত ভূগিবলৈ বাধ্য হ’ব। ৰাজকীয় মালিকানা সেয়েহে অর্থনীতিৰ অন্যতম অংশ হ’ব। কিন্তু এই উদ্যোগবোৰতো ৰাজ্যই নিজে উদ্বৃত্ত হাছিল কৰাৰ সলনি উৎপাদন-সমলবোৰক বিভিন্ন শ্রমিক-সমবায়ৰ হাতত লিজত(lease-out)গতাই দিব। আন কথাত ৰাজ্যৰ মালিকানা থকা উদ্যোগবোৰতো শ্রমিকেই নিজ উৎপাদিত উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা হ’ব।

অৱশ্যেই লিজৰ চর্ত অনুসৰি তেওঁলোকে উদ্বৃত্তৰ এটা অংশ ৰাজ্যক প্রদান কৰিব লাগিব। উদ্যোগৰ মালিক হিচাপে ৰাজ্যই উদ্বৃত্তৰ এটা অংশ লাভ কৰিব, কিন্তু ৰাজ্য উদ্বৃত্তৰ প্রত্যক্ষ হাছিলকর্তা হ’ব নোৱাৰিব । কৰকাটল আৰোপৰ প্রক্রিয়াৰ যোগেদিও উদ্বৃত্ত স্থানান্তৰণৰ ন ন পদ্ধতি বিকশিত কৰা হ’ব। কৰ-কাটলৰ যোগেদি ৰাজ্য, স্থানীয় চৰকাৰ তথা পৌৰ নিগমবোৰে বিভিন্ন (ৰাজকীয় মালিকানাৰ তথা সমূহীয়া মালিকানাৰ- দুয়োপ্রকাৰৰে) উদ্যোগৰ পৰা উদ্বৃত্তৰ অংশ আর্জন কৰিব। ব্যক্তিগত মালিকানাৰ অনুমতিও দিব পৰা যায়, কিন্তু এইক্ষেত্রত উৎপাদন-সমলৰ মালিকে কোনো শ্রমিকক মজুৰিত ৰাখিব নোৱাৰিব। মালিকে নিজৰেই শ্রম ব্যৱহাৰ কৰিব লাগিব। অর্থাৎ সাধাৰণভাৱে এইক্ষেত্রত নিয়ম এনেধৰণৰ হ’ব – উৎপাদন-সমলবোৰৰ ওপৰত সকলো কার্যৰত শ্রমিকৰেই সমান মালিকানা থাকিব আৰু তেওঁলোকে উদ্বৃত্তৰ ব্যৱহাৰ তথা প্রয়োগ সম্পর্কীয় সিদ্ধান্তবিলাক সমূহীয়াকৈ ল’ব পাৰিব।

এইক্ষেত্রত প্রফেচনেল সাহার্যৰ অৱকাশ নথকা নহয়। বিশেষকৈ বৃহৎ উদ্যোগবোৰত ‘প্রত্যক্ষ কর্মস্থলীৰ গণতন্ত্র’ৰে আটাইবোৰ সিদ্ধান্ত লোৱাটো সম্ভৱপৰ নহ’ব। তদুপৰি সকলো শ্রমিকেই সকলোধৰণৰ কাম কৰিব পৰাকৈ পাকৈত হৈ উঠিবলৈ যথেষ্ঠ সময় লাগিব। এইক্ষেত্রত শতিকা নালাগিলেও অন্ততঃ কেবা দশক সময়তো লাগিবই। অর্থাৎ তেতিয়ালৈকে শ্রমৰ পদানুক্রমিক(hierarchical) বিভাজনৰ ব্যৱস্থাটো সম্পূর্ণকৈ নাশ কৰিব পৰা নাযাব। সকলো শ্রমিককে ক্রম অনুসৰি সকলো ধৰণৰ দায়িত্ব দিব পৰা পর্যায় এটালৈ আনিবলৈ যথেষ্ট সময় লাগিব। তেতিয়ালৈকে সমাজবাদৰ অর্থনৈতিক গাঁথনিৰ বাবে দক্ষতা আৰু সক্ষমতাভিত্তিক শ্রম বিভাজন প্রয়োজনীয় হৈ ৰ’বলৈ বাধ্য। হ্রস্রকালীন দৃষ্টিৰে চাবলৈ গলে এনে শ্রম বিভাজন অপৰিৱর্তনশীল যেন লাগিব পাৰে, কিন্তু দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গলে এই বিভাজন প্রকৃততে ক্রমশঃ অধিক মোলায়েম, গতিশীল আৰু পৰিৱর্তনশীল হৈ পৰিব। সামাজিক সমতাৰ ক্ষেত্রখনত ই নিশ্চয়েই সমস্যাৰ সৃষ্টি কৰিব কিন্তু সিবিলাকৰ সৈতে ক্রমাগতভাৱে মোকাবিলা কৰিব পৰাকৈ উপায়ো নিশ্চয় বিকশিত কৰাটো সম্ভৱপৰ হ’ব। শেষ অর্থত, সমতাৰ আদর্শ জগতখন এক দীর্ঘকালীন সময়ৰ পাছতহে নির্মাণ কৰাটো সম্ভৱপৰ হ’ব।

সমাজবাদ তেতিয়াহে সফল হৈছে বুলি কব পৰা যাব যেতিয়া ই মানৱ সমাজখনক প্রয়োজনৰ পৰিমণ্ডলৰ পৰা মুক্ত কৰি স্বাধীনতাৰ পৰিমণ্ডললৈ লৈ যাব পাৰিব। নিঃসন্দেহে ই এক দীর্ঘকালীন সংগ্রাম তথা দীর্ঘম্যাদী প্রক্রিয়া হ’ব। এইক্ষেত্রত সমৃদ্ধি তথা উভৈনদীৰ লক্ষ্যৰে নতুন ব্যৱস্থাটোৱে নিয়মীয়া হাৰত প্রগতিমুখী যাত্রা অব্যাহত ৰাখিব পাৰিছেনে নাই –এই প্রশ্নটো অতিশয় গুৰুত্বপূর্ণ হৈ পৰিব। আন কথাত, ই উৎপাদিকা শক্তিবোৰৰ দ্রুত তথা অহৰহ বিকাশৰ ওপৰত নির্ভৰ কৰিব। সমাজবাদ এনে এক ব্যৱস্থা হব লাগিব যি সমগ্র মানৱতাৰে সৃষ্টিশীল তথা সৃজনশীল ক্ষমতাবোৰক মুক্ত কৰিব আৰু আটাইকে জীৱন তথা জীৱিকাৰ অগণন বৈচিত্রৰ সৈতে জীৱন নির্বাহৰ সুযোগ তথা বিকল্প প্রদান কৰিব। এনে প্রগতিয়েই উচ্চস্তৰৰ সংস্কৃতি আৰু চেতনাবোধৰ ভৌতিক আধাৰ নির্মাণ কৰিব।

সমাজবাদে এনে প্রগতিমুখী যাত্রা অব্যাহত ৰাখি জীৱন-ধাৰণৰ এক সহজাত তথা প্রতিষ্ঠিত ৰূপ হিচাপে নিজকে বিকশিত কৰিব পাৰিলেহে ই সমাজ তথা সমগ্র মানৱ জাতিক স্বাধীনতাৰ পৰিধিলৈ লৈ যাব পাৰিব য’ত সমৃদ্ধি আৰু উচ্চ চেতনাৰ ফলত মূল্য-নীতি(law of value)ৰ অৱসান ঘটিব। এনে এক পর্যায়ত কামৰ সংজ্ঞাও সলনি হৈ পৰিব। জীৱনৰ প্রাথমিক প্রয়োজনখিনি পূৰাবৰ বাবে অনিচ্ছাসত্ত্বেও কৰিব লগা হোৱা শ্রমৰ বিপৰীতে শ্রম মানৱীয় সম্ভাৱনীয়তা পূৰণৰ নিমিত্ত হৈ পৰিব।

এনে এক পর্যায়ত উপনীত নোহোৱালৈকে উৎপাদিকা শক্তিৰ অহৰহ বিকাশ আৰু সমৃদ্ধিৰ বাটেৰে অহৰহ প্রগতিৰ প্রয়োজনৰ ফলত সমাজবাদৰ কাঠামো আৰু কার্যপদ্ধতিৰ কেতবোৰ সীমাৱদ্ধতা থাকিব। উদাহৰণস্বৰূপে, সামাজিক জীৱনৰ বহুতো অঞ্চলত মূল্য-নীতি(law of value)ৰ উপস্থিতি সংকোচিত হৈ পৰিব যদিও (জীৱন স্তৰৰ উন্নয়ন আৰু সমৃদ্ধি সম্পর্কীয়) অর্থনীতিৰ কেতবোৰ বিশেষ উপকণ্ঠীয় অঞ্চলত ই বহুসময়লৈকে প্রাসংগিক হৈ থাকিব। বজাৰ আৰু প্রতিযোগিতাৰ বাবেও এই ব্যৱস্থাত সুযোগ থাকিব, অৱশ্যে ক্রমাগতভাৱে সিবিলাকক নিয়ন্ত্রণ কৰা হ’ব আৰু সিবিলাকৰ ক্রিয়াস্থলী সংকোচিত কৰি অনা হ’ব।

এইখিনিতে মন কৰিব লগীয়া যে সহজাত ধাৰণাৰ বিপৰীতে বজাৰ প্রকৃততে পুঁজিবাদৰ উদ্ভাৱন নহয় (অৱশ্যে পুঁজিবাদৰ সংস্পর্শলৈ আহি ই গুণগতভাৱে বিশাল আৰু সর্বব্যাপী ৰূপ ধাৰণ কৰে)। বজাৰৰ অস্তিত্ব পুঁজিবাদৰ পূর্বতেও আছিল আৰু পুঁজিবাদৰ বিনাশৰ পাছতো ই দীর্ঘ সময় ধৰি অস্তিত্বমান হৈ থাকিব। পৰিৱর্তন আৰু বিবর্তনৰ নানান স্তৰৰ মাজেদি বজাৰে বিকাশ লাভ কৰে। পুঁজিবাদী বজাৰবোৰ এই ক্ষেত্রত যথেষ্ঠ বিকশিত বুলি কব পৰা যায়। কিন্তু এই বজাৰবোৰকো আচলতে পুঁজিবাদী ৰাজ্য আৰু তাৰ আনুসঙ্গিক ব্যৱস্থাগত নিয়ম কানুনবোৰৰ দ্বাৰা যথেষ্ঠ পৰিমাণে নিয়মন(regulate) কৰা হয়। সমাজবাদী বজাৰবোৰক এইক্ষেত্রত পুঁজিবাদী বজাৰবোৰতকৈও অধিক পৰিমাণে বিকশিত তথা নিয়মন কৰা হ’ব। তদুপৰি মন কৰা ভাল যে এক ক্ষুদ্র অংশৰ ব্যতিৰেকে বজাৰ সৰহভাগ উদ্বৃত্তৰ উৎপাদন বা সঞ্চয়নৰ স্থলী নহয়। অৱশ্যে এয়া অনস্বীকার্য যে বর্তমানৰ পুঁজিবাদী শোষণ তথা সঞ্চয়নৰ ব্যৱস্থাটোৰ সৈতে বজাৰবোৰ ঘনিষ্ঠভাৱে সংলগ্ন হৈ পৰিছে।

পুঁজিবাদী উৎপাদনৰ অর্থই হৈছে পণ্যৰ উৎপাদন – অর্থাৎ পুঁজিবাদৰ অধীনত মূলতঃ বিনিময়ৰ উদ্দেশ্যেৰে বস্তু উৎপাদন কৰা হয়। কিন্তু সেইবুলি সমাজবাদী উৎপাদনৰ কালত সকলো পণ্যৰূপী উৎপাদন হঠাতে বন্ধ হৈ যাব বুলি ভবাটো ভুল হব। পণ্য উৎপাদনৰ পর্যায় পাৰ হৈ বিভিন্ন সামাজিক চাহিদা পুৰণার্থে প্রত্যক্ষ উৎপাদনৰ পর্যায় পাবলৈ এক দীর্ঘ সময়ৰ প্রয়োজন হব। অৱশ্যে সমাজবাদৰ প্রাথমিক পর্যায়তে শ্রম শক্তিৰ পণ্য চৰিত্র নাশ কৰা হব। পুঁজিবাদৰ পৰাভৱৰ পাছত সমাজবাদী অর্থনীতি কার্যক্ষম হোৱাৰ সময়তেই সকলো শ্রম-বজাৰৰ অৱসান ঘটোৱা হব।

সমাজবাদৰ কালত আৰম্ভণিৰে পৰা বহুতো বৃহৎ খণ্ডক বজাৰৰ হাতোঁৰাৰ পৰা আঁতৰাই অনা হব। স্বাস্থ্য, শিক্ষা তথা মৌলিক সা-সুবিধা সম্পর্কীয় খণ্ডবোৰ ৰাজ্যৰ দায়িত্ব হব। কৰ-কাটল, খাজনা, ঋণৰ সুদ আদিৰ ৰূপত ৰাজ্যই হস্তগত কৰা উদ্বৃত্তৰ এক বৃহৎ অংশ এই খণ্ডবোৰত ব্যৱহাৰ কৰা হব। এই খণ্ডবোৰৰ অন্তর্গত প্রতিষ্ঠানবিলাকত শ্রমিকৰ স্ব-পৰিচালন আৰু নিয়ন্ত্রণ সুনিশ্চিত কৰিব পৰাকৈ উপযুক্ত কাঠামো তথা ক্রিয়াপদ্ধতি বিকশিত কৰা হব।

ভৌতিক উৎপাদনৰ বহুতো খণ্ড মূল্য-নীতিৰ প্রত্যক্ষ আক্রমণৰ মোকাবিলা কৰিব পৰাকৈ শক্তিশালী নহয়। বিশেষ সাহার্য অবিহনে সিবিলাকৰ পক্ষে বজাৰত টিকি থকাটো অসম্ভৱ। পুঁজিবাদৰ অধীনত এনে কেতবোৰ খণ্ডক ৰাজ্যৰ দ্বাৰা বিশেষ সহায় আগবঢ়োৱা হয়। সমাজবাদৰ অধীনতো এনে খণ্ডবোৰৰ ৰক্ষার্থে বিভিন্ন প্রকাৰৰ ৰাজ-সাহার্য প্রদান কৰা হব।

বজাৰৰ দৰেই প্রতিযোগিতাও পুঁজিবাদৰ উদ্ভাৱন নহয়। অৱশ্যে পুঁজিবাদৰ অধীনত প্রতিযোগিতাই উচ্চতৰ পর্যায়লৈ গতি কৰে আৰু উৎপাদিকা শক্তিবোৰৰ বিকাশৰ ক্ষেত্রত ই কেন্দ্রীয় ভূমিকা পালন কৰে। এই ক্ষেত্রত সমস্যা হৈছে যে পুঁজিবাদৰ অধীনত ই সর্বোচ্ছ মুনাফা তথা সঞ্চয়নৰ ক্রিয়াপদ্ধতিৰ সৈতে সাঙোৰ খাই পৰে। প্রতিযোগিতাৰ ভাবুকিয়ে সকলো পুঁজিপতিৰ মনতে সন্ত্রাসৰ সৃষ্টি কৰে কিন্তু ইয়াৰ প্রকৃত বোজা শ্রমিকসকলেহে বহন কৰে। শ্রমিকৰ শোষণৰ মাত্রা সঘন কৰি অথবা বৃহৎসংখ্যক শ্রমজীৱী জনগণক ‘অতিৰিক্ত শ্রম বাহিনী’লৈ নিক্ষেপ কৰি প্রতিযোগিতাৰ বোজা লাঘৱ কৰাৰ চেষ্টা কৰা হয়। প্রতিযোগিতাই পুঁজিবাদী অর্থনীতিত বাৰে বাৰে বেমেজালিৰো সৃষ্টি কৰে। বাৰম্বাৰ উপস্থিত মন্দাৱস্থা, সংকট আৰু তথাকথিত ‘সৃজনশীল বিনাশ’ৰ প্রক্রিয়াবোৰ পুঁজিবাদৰ গতিবিদ্যাৰে অংশস্বৰূপ আৰু এই ক্ষেত্রত প্রতিযোগিতাৰ কার্যপদ্ধতিয়ে বিশেষ ভূমিকা পালন কৰে। এই সমস্ত প্রক্রিয়াৰ অধিকাংশ কুফল শ্রমজীৱী জনগণেই বহন কৰে।

কিন্তু সেইবুলি পুঁজিবাদৰ পতনৰ লগে লগেই প্রতিযোগিতাৰ অৱসান ঘটোৱাটো সম্ভৱপৰ নহ’ব। সমাজবাদ নির্মাণৰ বিশ্ব ঐতিহাসিক কার্যসূচী পুঁজিবাদ প্রদত্ত পৰিস্থিতিৰ পৰাই আৰম্ভ হব আৰু পুঁজিবাদ সৃষ্ট জনগণৰ দ্বাৰাই এই কার্য সমাধা কৰা হব। গতিকেই সমাজবাদৰ প্রাৰম্ভিক পর্যায়ত বজাৰৰ দৰেই প্রতিযোগিতাও প্রয়োজনীয় হৈ ৰ’ব। এক দীর্ঘ সময়ৰ পাছতহে নৈতিক প্রেৰণাৰ দ্বাৰা বৃহৎ পর্যায়ত উৎপাদিকা শক্তিৰ বিকাশ সাধন সম্ভৱপৰ হব। তদুপৰি সমূহীয়া উৎপাদকসকল উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তালৈ পৰিণত হোৱাৰ লগে লগে প্রতিযোগিতাৰ চৰিত্রও মূলতঃ সলনি হৈ পৰিব। এনে এক পর্যায়ত ই কোনো শোষক শ্রেণীৰ পুঁজি-সঞ্চয়নৰ আহিলা স্বৰূপ হৈ নাথাকিব আৰু তাৰ ঋণাত্মক ফলাফলে জনগণৰ মৌলিক সম্পদখিনি কাঢ়ি লৈ যোৱাৰ সুযোগ নাথাকিব। এনে প্রতিযোগিতাই পিছ পৰি ৰোৱাসকলৰ জীৱন-জীৱিকাৰ বাবেও কোনো ভাবুকিৰ সৃষ্টি নকৰিব।

সমাজবাদী অর্থনীতি নিশ্চিতভাৱে এখন আধুনিক অর্থনীতি হ’ব লাগিব যি উৎপাদনশীলতা তথা সমৃদ্ধিৰ উচ্চতৰ পর্যায়লৈ গতি কৰিব। এইক্ষেত্রত বাৰে বাৰে খণ্ডভিত্তিক পুনর্গঠনৰ প্রয়োজনীয়তা থাকিব কিয়নো বিভিন্ন খণ্ডৰ উৎপাদনশীলতাৰ হাৰ ভিন্ন ভিন্ন হব আৰু লগতে বহুতো ন ন খণ্ডৰো আৱির্ভাৱ হব। বিভিন্ন খণ্ডৰ মাজত তথা ন ন উদীয়মান খণ্ডৰ মাজত মানুহ আৰু সম্পদৰ ভীষণ আৱাযাহ চলিব। এই পুনর্গঠন প্রক্রিয়াত ৰাজ্যয়ো ব্যৱস্থাপকৰ ভূমিকা পালন কৰিব যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় আৰু সমাজবাদী ব্যৱস্থাটোৰ স্বার্থ অক্ষুণ্ণ হৈ ৰয়।

কিন্তু সমাজবাদ নির্মাণৰ ঐতিহাসিক কার্যভাৰ কেৱল সমাজবাদী অর্থনীতি তৈয়াৰ কৰিয়েই সম্পূর্ণ নহব। আচলতে সামাজিক জীৱনৰ আমূল পুনর্গঠনৰ বাবে এক সামগ্রিক কার্যসূচী হাতত নোলোৱালৈকে প্রকৃত সমাজবাদ স্থাপন কৰা দূৰৈৰে কথা এই সম্পর্কে কল্পনা কৰাটোও অসম্ভৱ। যেতিয়ালৈকে বিভিন্ন সামাজিক পৰিচয় (যেনে জেণ্ডাৰ, জাত-পাত, নৃগোষ্ঠী, জাতি, ধর্ম) আধাৰিত বৈষম্য আৰু উৎপীড়নৰ অন্ত পেলোৱা নহয়, তেতিয়ালৈকে প্রকৃত অর্থত সমাজবাদৰ প্রতিষ্ঠা হব নোৱাৰে। ই সমগ্র মানৱতাৰ বাবে মুক্তিৰ বতৰাও আনিব নোৱাৰে। আচলতে সামাজিক পৰিচয় আধাৰিত অসমতা আৰু উৎপীড়ন শেষ নোহোৱালৈকে ‘সমূহীয়া উৎপাদকসকলক উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা’লৈ ৰূপান্তৰিত কৰাৰ প্রক্রিয়া অসম্পূর্ণ হৈ ৰবলৈ বাধ্য। আন কথাত, সামাজিক পৰিচয়ভিত্তিক শোষণ আৰু অত্যাচাৰ অব্যাহত হৈ থাকিলে শ্রেণীভিত্তিক শোষণৰ সমাপ্তিৰ দিশেৰে লাভ কৰা অগ্রগতিও স্তব্ধ হৈ পৰিব।

সামাজিক জীৱনৰ পুনর্গঠনৰ ক্ষেত্রত পুঁজিৰ পৰাজয়ে এক মজবুত ভিত্তি তথা শক্তিশালী আৰম্ভণি প্রদান কৰিব যদিও কেৱল ইয়েই এইক্ষেত্রত যথেষ্ঠ হব বুলি ভবাটো উচিত নহব। দৰাচলতে সমাজবাদ নির্মাণৰ সমগ্র কালছোৱাত এই সম্পর্কে কেতবোৰ বিশেষ কার্যসূচী গ্রহণ কৰিব লাগিব। তদুপৰি ৰাজ্যই এইক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব। অৱশ্যে এয়া কেৱল ৰাজ্যৰ কৰণীয় বুলি ভবাটো ভুল হব। সামাজিক জীৱনৰ আমূল পুনর্গঠনৰ বাবে আটাইতকৈ জৰুৰী হব– সামাজিক কাঠামোবোৰৰ এক অবিৰত মন্থন প্রক্রিয়াৰ আৰু এই কার্য কেৱল আইন কানুন বা চৰকাৰী নীতি-নির্দেশনাৰ জৰিয়তে সম্ভৱপৰ নহব। এই কার্য ঘাইকৈ সংঘটিত হব সামাজিক আন্দোলন আৰু সংগ্রামৰ পৰিমণ্ডলত আৰু সিবিলাকৰ মাজেৰেই সামাজিক জীৱন ৰূপান্তৰৰ দিশেৰে আগবাঢ়িব। সমাজবাদৰ নব্য-দৃষ্টি এনেকৈ গঢ়িব লাগিব যাতে এনে সামাজিক আন্দোলন তথা সংগ্রামবোৰৰ বাবে সমাজবাদত উপযুক্ত স্থান বিকশিত হোৱাৰ লগতে সিবিলাক সমাজবাদৰ পৰিচয়ৰ অভিন্ন অংশ হৈ পৰে। অনাগত সমাজবাদৰ ৰাজনৈতিক তথা সামাজিক গাঁথনি সন্দর্ভত এই দিশসমূহ বিশেষভাৱে তাৎপর্যপূর্ণ হব; সিবিলাকৰ প্রভাৱ হব সুদূৰপ্রসাৰী।

ইয়াৰ লগতে, পাৰিপার্শ্বিক ভাৰসাম্যতাৰ বাবে প্রয়োজনীয় চর্তবোৰ পূৰণ কৰিবলৈকো সমাজবাদৰ নব্য-দৃষ্টি গঢ়ি তুলিব লাগিব। সমাজবাদৰ কার্যসূচীৰ ই অন্যতম অংগ হব লাগিব। দীর্ঘ দিন ধৰি পুঁজিয়ে পৃথিৱীত ধ্বংস-লীলা চলাই আহিছে আৰু সেয়েহে পুঁজিবাদৰ পৰাজয় পৃথিৱীৰ ভৱিষ্যতৰ বাবে সুখবৰ হ’ব বুলি কব পাৰি। কিন্তু এক বহনক্ষম অথচ সমৃদ্ধিশালী জীৱন পদ্ধতি স্থাপিত তথা সুনিশ্চিত কৰিবলৈ হ’লে প্রকৃতি সম্পর্কীয় মানৱ দৃষ্টিকোণৰ আমূল পৰিৱর্তন সাধন কৰিব লাগিব। প্রকৃতিৰ বুকুত মানৱ হস্তক্ষেপ অবিহনে মানৱ সভ্যতাৰ কথা ভাবিব নোৱাৰি, কিন্তু এই হস্তক্ষেপৰ ধৰণ প্রকৃতিৰ দীর্ঘদিনীয়া বহনক্ষমতাৰ বাবে প্রয়োজনীয় দিশবোৰৰ প্রতি লক্ষ্য ৰাখি বিকশিত কৰিব লাগিব। এনে সচেতনতা তথা বিবেচনাবোধ অনাগত সমাজবাদৰ গাঁথনি তথা প্রক্রিয়াবোৰৰ অংশ হব লাগিব।

পুঁজিবাদৰ কুফল তথা আতিশয্যবোৰৰ বাবে স্বয়ং আধুনিকতাকেই দোষী সাব্যস্ত কৰাৰ কেতবোৰ জনপ্রিয়তাবাদী প্রৱণতা বর্তমান সময়ত অতিশয় প্রবল হৈ উঠা দেখা গৈছে যদিও এইজাতীয় ধাৰণাবোৰ প্রকৃততে শুদ্ধ নহয়। প্রাক-আধুনিক জীৱনশৈলীলৈ ঘূৰি যাব বিচৰা ধাৰণাবোৰ আচলতে আকাশত চাং পতা বিধৰ ৰোমান্টিক খেয়াল বুলিয়েই কব লাগিব। নতুন সামাজিক আন্দোলনবোৰে আধুনিক জীৱন তথা উপভোগশৈলী সম্পর্কে প্রশ্ন উত্থাপন কৰি পুঁজিবাদ সৃষ্ট ধ্বংসলীলাৰ কেতবোৰ গুণগ্রাহী তথা যুক্তিযুক্ত সমালোচনা আগবঢ়াইছে যদিও এইক্ষেত্রত তেওঁলোকে ৰোমান্টিক-মৌলবাদী চিন্তাধাৰাৰ আশ্রয় লোৱাৰ কোনো প্রয়োজন নাই। যদিহে আধুনিক জীৱনশৈলীয়ে দাবী কৰা উপভোগৰ স্তৰ তথা মাত্রাৰ বৃদ্ধিৰ ক্ষেত্রত কেতবোৰ বস্তুগত সীমাৱদ্ধতা আছে, সমাজবাদৰ অধীনত সিবিলাকক সঠিকভাৱে চিনাক্ত কৰা হব কিয়নো সমাজবাদ কোনো লাভৰ মোহত অন্ধ শক্তিৰ দ্বাৰা চালিত ব্যৱস্থা নহয়। এই সীমাৱদ্ধতাবোৰক সঠিককৈ চিনাক্ত কৰি যথোচিত ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত একবিংশ শতিকাৰ আধুনিক সমাজবাদী ব্যৱস্থা অধিক কার্যক্ষম হব। গতিকেই আধুনিক উদ্যোগ, আধুনিক তথা সমৃদ্ধিময় জীৱন শৈলীবিহীন কৃষি-সম্প্রদায় ভিত্তিক সমাজবাদ স্থাপনৰ চেষ্টা অলীক হোৱাৰ লগতে অবাঞ্চনীয় বুলিও কব পাৰি।

সমাজবাদী গণতন্ত্রৰ অবিহনে সমাজবাদ নির্মাণ অসম্ভৱ। সমাজবাদী দৃষ্টি আৰু কার্যসূচীৰ লক্ষ্য কেৱল ‘শ্রমিকসকলক উদ্বৃত্তৰ হস্তগতকর্তা’লৈ পৰিণত কৰা নহয়। লগতে প্রতিজন শ্রমিকক শাসক শ্রেণীৰ সদস্য ৰূপে গঢ়ি তোলাটোও সমাজবাদৰ লক্ষ্য হব লাগিব। অর্থনীতি আৰু ৰাজনীতি নিজেই সুচাৰুভাৱে পৰিচালনা কৰিব পৰাকৈ শ্রমিকসকল সক্রিয় তথা স্বাধীন হব লাগিব। ৰাজনৈতিক প্রক্রিয়া, প্রতিষ্ঠান, আৰু গাঁথনিৰ নির্মাণ এনেদৰে কৰিব লাগিব যাতে সমাজবাদী গণতন্ত্রৰ প্রতিষ্ঠা সম্ভৱপৰ হয়।

এক সমাজবাদী ৰাজনৈতিক গাঁথনি নির্মাণ কৰাটো ভৱিষ্যত সমাজবাদৰ অন্যতম প্রত্যাহবান হব। বিংশ শতিকাৰ সমাজবাদৰ কালত বিভিন্ন ঐতিহাসিক কাৰণবশতঃ এই প্রত্যাহবানৰ সফলতাৰে মোকাবিলা কৰিব পৰা নগল। এইখিনিতে মন কৰা ভাল যে সমাজবাদৰ কালতো ৰাজ্য অস্তিত্বমান হৈ থাকিব, কিন্তু ই এক ভিন্ন প্রকাৰৰ ৰাজ্য হব। শ্রমিক শ্রেণীৰ নেতৃত্বত সকলো নাগৰিকৰ ক্রমাগত প্রত্যক্ষ তথা সক্রিয় অংশগ্রহণৰ যোগেদি এই ৰাজ্য নির্মাণ কৰা হব। লাহে লাহে ৰাজ্য আৰু সামগ্রিক সমাজখনৰ সমাপতন(overlap) ঘটিব আৰু ৰাজ্য তথা জনগণৰ বিচ্ছেদ কমি আহিব। সমাজবাদৰ বিকাশৰ লগে লগে এই বিচ্ছেদ এসময়ত নাইকিয়া হৈ পৰিব। ৰাজ্য আৰু জনগণৰ দূৰত্ব কমি অহাৰ লগে লগে ৰাজ্যৰ বিলোপকৰণৰ প্রক্রিয়াও আৰম্ভ হব। আন কথাত, সমাজবাদী ৰাজ্যই নিজৰে বিলোপকৰণৰ স্থিতি সৃষ্টি কৰিব। অৱশ্যে ই অন্যান্য বহুতো বিষয় যেনে শ্রেণী সংঘাটৰ বিলোপকৰণ, শ্রেণী সমাজৰ অৱসান, মূল্য নীতিৰ বিলুপ্তকৰণ আদিৰ ওপৰতো নির্ভৰ কৰিব। তথাপিও ৰাজনৈতিক গাঁথনি তথা প্রক্রিয়াবোৰকো এই লক্ষ্যৰে বিশেষভাৱে প্রস্তুত কৰিব লাগিব।

বিপ্লৱৰ নেতৃত্ব বহন কৰা পার্টিৰ অস্তিত্ব বিপ্লৱৰ পাছতো বাহাল থাকিব যদিও এই ক্ষেত্রত ৰাজ্যৰ ওপৰত পার্টিৰ কোনো একছেটিয়া অধিকাৰ নাথাকিব। ৰাজ্যৰ গাঁথনিত পার্টিৰ কোনো সুকীয়া আইনী অস্তিত্বও নাথাকিব। ই এক ভিন্ন প্রকাৰৰ পার্টি হব। ই শ্রমিক শ্রেণীৰ নেতৃত্ব বহন কৰিব আৰু শ্রমিকে সমাজবাদী অর্থনীতি তথা ৰাজনীতিৰ নেতৃত্ব দিব। ৰাজনৈতিক শক্তিৰ প্রত্যক্ষ ব্যৱহাৰৰ বিপৰীতে বিবেক, বিজ্ঞান, মতাদর্শগত কর্তৃত্ব তথা বিপ্লৱী বিশ্বাসযোগ্যতাৰ জৰিয়তেহে পার্টিয়ে এই নেতৃত্ব প্রদান কৰিব। সমাজবাদী গণতন্ত্রৰ প্রত্যক্ষ কার্যনির্বাহক আন আন শ্রমিক দলৰ সৈতে এই পার্টিৰ স্পষ্ট পার্থক্য থাকিব। প্রাথমিক পর্যায়ত এই পার্টিৰ মজিয়াতেই সমাজবাদী সমাজৰ শ্রেণী-সংগ্রামবোৰ মতাদর্শীয় পৰিমণ্ডলত পৰিস্ফুট হব আৰু মতাদর্শীয় স্তৰতেই এই সংগ্রাম আগবঢ়াই নিয়া হব। সমাজবাদী ৰাজ্য তথা সমাজবাদী ৰাজনৈতিক প্রণালীৰ পৰিধিত ৰাজনৈতিক স্তৰত শ্রেণী সংগ্রামৰ সূত্রপাত ঘটিব আৰু এই ৰাজনৈতিক প্রণালীৰ নীতি-নিয়ম তথা স্বীকৃত বিভিন্ন প্রক্রিয়া অনুসৰিয়েই সংগ্রাম চালিত হ’ব। এই সমস্ত কালছোৱাত মতাদর্শগতভাৱে পার্টিয়ে শ্রমিক শ্রেণীক নেতৃত্ব প্রদান কৰিব। এফালৰ পৰা চাবলৈ গলে ই সদায়েই এক নির্মাণাধীন পার্টি (a party in the making) হ’ব - যি বাৰে বাৰে নিজৰ পুনর্গঠন কৰি থাকিব। শ্রেণী সমাজ তথা ৰাজ্যৰ অৱসানৰ সৈতে এই পার্টিৰো বিলুপ্তি ঘটিব।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...