Saturday, July 14, 2012

বিংশ শতিকাৰ সমাজবাদ (NSI Manifesto, Part 6/7)

জন্মকালৰ বিশেষ পৰিস্থিতিয়ে সমাজবাদৰ শৰীৰতো কেতবোৰ বিশেষ দাগ এৰি গৈছে। গতিকেই তাৰ স্বৰূপ আৰু গতিপথৰ বিকাশত সিবিলাকৰ প্রভাৱ পৰাটো স্বাভাৱিক। পৰিস্থিতিৰ উৎপত্তি সাধাৰণতে সমাজৰ প্রভুত্বমান ব্যৱস্থাটোৰ চৰিত্র অনুসৰিয়েই হয় যদিও ব্যৱস্থাবিৰোধী সংগ্রামৰ জৰিয়তেও পৰিস্থিতিৰ নির্মাণ হোৱা দেখা যায়। অতীতৰ সফল বিপ্লৱবোৰৰ সময়ত বিপ্লৱী এজেঞ্চিয়ে কেনেদৰে তদানীন্তন পৰিস্থিতিৰ অধ্যয়ন কৰিছিল আৰু নিজ ভূমিকা নির্ণয় কৰিছিল তথা এই এজেঞ্চিৰ হস্তক্ষেপে কেনেধৰণৰ পৰিৱর্তন সাধন কৰিছিল – ইত্যাদি প্রশ্নবোৰ বর্তমানৰ বিপ্লৱীসকলৰ মাজত বহুল চর্চাৰ বিষয়। অনাগত সমাজবাদৰ ৰেহৰূপ বহুদূৰৈলৈ সমকালীন পুঁজিবাদে সৃষ্টি কৰা পৰিস্থিতিয়েই নির্ধাৰণ কৰিব যদিও এইক্ষেত্রত বিপ্লৱী এজেঞ্চিৰ হস্তক্ষেপৰ স্বৰূপেও বিশেষ নির্ধাৰকৰ ভূমিকা পালন কৰিব। এনে হস্তক্ষেপবিলাক কেনেধৰণৰ হ’ব- সি নির্ভৰ কৰিব কেনে প্রকাৰৰ শিক্ষা বিপ্লৱীসকলে বিংশ শতিকাৰ সমাজবাদৰ পৰা গ্রহণ কৰিব। অর্থাৎ সমাজবাদৰ এক নতুন ৰূপৰেখা তৈয়াৰ কৰিবলৈ বিংশ শতিকাৰ সমাজবাদ সম্পর্কে এক সঠিক দৃষ্টিভংগী বিকশিত কৰাটো প্রয়োজনীয় হ’ব। 



সমাজবাদৰ শত্রুহঁতে সদায়েই আঙুলিয়াব বিচাৰে যে বিশ্বজুৰি পুঁজিবাদৰ বিনাশ ঘটুৱাবলৈ আত্মপ্রকাশ কৰা সমাজবাদে নিজকে পতনৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। সমাজবাদৰ যি দুই এক অৱশিষ্ট এতিয়াও বাকী আছে, সিবিলাকেও পুঁজিবাদৰ অনুকৰণ কৰিহে বাচি থাকিব পাৰিছে। সিহঁতে এনে এক আভাস দিবলৈ চেষ্টা কৰে যেন সমাজবাদৰ ভৱিষ্যত সম্পর্কে এতিয়াও আস্থাৱান লোকসকলে ইতিহাসৰ গতিপথ ওলোটা দিশেৰে ঘূৰাই আনি বিংশ শতিকাৰ সমাজবাদকে পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰিব। সমাজবাদবিৰোধীহঁতৰ এনে আস্ফালনৰ কাৰণ বুজিবলৈ কঠিন নহয়। কিন্তু আশ্বর্যজনকভাৱে সমাজবাদৰ বহুতো প্রবক্তাৰ মুখতো এইজাতীয় কথা-বার্তা শুনিবলৈ পোৱা যায়। তেওঁলোকে বিংশ শতিকাৰ সমাজবাদৰ আর্হিকে সমাজবাদৰ ধ্রুপদী আর্হি যেন গণ্য কৰে। এইক্ষেত্রত বাস্তৱিক পৰিস্থিতিসাপেক্ষে বাহ্যিক ৰূপৰ কিছু হীন-দেঢ়ি ঘটিলেও সমাজবাদৰ মূল গাঁথনিৰ স্বৰূপ বিংশ শতিকাৰ দৰেই হ’ব বুলি মানি লোৱা হয়। 


এইধৰণৰ দৃষ্টিভংগীবোৰ বিভ্রান্তিমূলক কিয়নো সিবিলাকে বিংশ শতিকাৰ সমাজবাদে মুখামুখি হোৱা বস্তুগত পৰিস্থিতিবোৰ - যথা কেনেধৰণৰ পৰিস্থিতিত বিংশ শতিকাৰ সমাজবাদে জন্ম লাভ কৰিছিল, কেনেধৰণৰ জৰুৰীকালীন অৱস্থাৰ মাজেৰে বিপ্লৱ আগুৱাই যাব লগা হৈছিল, সিবিলাকে বিপ্লৱৰ ওপৰত কেনেধৰণৰ প্রভাৱ পেলাইছিল – ইত্যাদিৰ বিশ্লেষণৰ প্রতি যথোচিত মনোযোগ নিদিয়ে। 

বিংশ শতিকাৰ সমাজবাদ সেই শতিকাৰ বিশেষ পৰিস্থিতিৰ ফচল আছিল। আনকি সমাজবাদৰ তত্ত্বগত আৰু মতাদর্শগত দৃষ্টিভঙ্গীৰ ওপৰতো এই পৰিস্থিতিৰ বিশেষ প্রভাৱ পৰিছিল। ই এনে এক সমাজবাদ আছিল যি বিভিন্ন প্রাক-পুঁজিবাদী বা অনগ্রসৰ পুঁজিবাদী সমাজত ঔপনিবেশিকতাবাদ তথা সামন্তবাদৰ শাসন উফৰাই স্থাপিত হৈছিল। যুদ্ধ, ঘেৰাও, বিনাশ আৰু অনেক কষ্টকৰ পৰিস্থিতিৰে ভৰা জৰুৰীকালীন অৱস্থাৰ পৰিবেশত এই সমাজবাদৰ নির্মাণ হৈছিল। তাৰ অন্তিম ফলাফল যিয়েই নহওঁক কিয় – এটা কথা ঠিক যে বিপ্লৱে এই সমাজবোৰক সিবিলাকৰ তদানীন্তন সংকটৰ পৰা উদ্ধাৰ কৰি প্রগতিৰ পথলৈ আনিবলৈ সক্ষম হৈছিল। ফলস্বৰুপে এই সমাজবোৰ সিবিলাকৰ সমস্ত অতীতৰ তুলনাত বহুগুণে অধিক সম্পদশালী, সমতাবাদী, ন্যায়সংগত তথা আধুনিক হ’বলৈ সক্ষম হৈছিল। আন কথাত কবলৈ গলে – এয়া এক অনগ্রসৰ সমাজবাদ আছিল আৰু জৰুৰীকালীন অৱস্থাৰ সমাজবাদ আছিল। যি পৰিস্থিতিৰ মাজেৰে এই সমাজবাদৰ জন্ম আৰু বিকাশ ঘটিছিল, সেইপিনৰ পৰা এয়া এক সফল পৰীক্ষণ আছিল। 

পৰিস্থিতিয়েই বিপ্লৱৰ চৰিত্র আৰু পথ নির্ধাৰণ কৰে। ই আত্মগত(subjective) শক্তিবোৰৰ প্রয়োজনীয়তাবোৰ –যেনে বিপ্লৱী নেতৃত্ব কোনবোৰ কার্যত দক্ষ হ’ব লাগিব - ইত্যাদি দিশবোৰো নির্ধাৰণ কৰে। বিংশ শতিকাৰ বিপ্লৱবোৰ এনে পৰিস্থিতিত সম্পন্ন হৈছিল য’ত এটা বা দুটা সহজ শ্ল’গান – যেনে মাটি, ভাত, গণতন্ত্র বা জাতীয় স্বাধীনতা – আদিৰ দ্বাৰাই জনগণক একত্রিত কৰি বিপ্লৱৰ পথলৈ আকর্ষিত কৰাটো সম্ভৱপৰ আছিল। শাসক শ্রেণীৰ প্রভাৱ আৰু আধিপত্যৰ পৰা জনগণক মুক্ত কৰিবলৈ বিপ্লৱীসকলে এক দীর্ঘকালীন সংগ্রামত অৱতীর্ণ হ’ব লগা হোৱা নাছিল। এই সহজ শ্ল’গানবোৰৰ আধাৰত ৰাইজ বিপ্লৱী বাহিনীত অংশগ্রহণ কৰিবলৈ আৰু বিপ্লৱৰ হকে শেষ পর্যন্তলৈকে যুঁজিবলৈ সাজু আছিল। এই বিপ্লৱবোৰত “বিশ্বৰ দীন-হীন নিথৰুৱা”ই মূৰ দাঙি উঠিছিল আৰু স্বর্গ-মর্ত্য একাকাৰ কৰিবলৈ সংকল্প গ্রহণ কৰিছিল। 

গতিকেই বিংশ শতিকাৰ বিপ্লৱবোৰৰ বাবে এনে কেতবোৰ দল তথা নেতৃত্বৰ প্রয়োজন আছিল যি যুদ্ধ কৰাত পাকৈত আছিল আৰু জৰুৰীকালীন অৱস্থাৰ সৈতে সফলতাৰে মোকাবিলা কৰিব পাৰিছিল। বিপ্লৱোত্তৰ কালত এখন বৈকল্পিক সমাজ নির্মাণৰ বাবে তথা মানৱতাৰ হেতুকে এক সোণালী সপোন ৰচিবৰ বাবে মতাদর্শগত সংগ্রামৰ প্রয়োজনীয়তা সেই সময়তো আছিল, কিন্তু সেইধৰণৰ চিন্তা-চর্চা তথা প্রচেষ্টাবোৰ নেতা, বুদ্ধিজীৱী তথা অন্যান্য অগ্রগামী অংশৰ মাজতেই সীমাৱদ্ধ আছিল। সমাজৰ গৰিষ্ঠ সংখ্যক জনগণৰ বাবে সিবিলাক গম্ভীৰ চিন্তাৰ বিষয় হৈ নুঠিল। সমাজবাদী ভৱিষ্যতৰ আর্হি বিকশিত কৰাৰ কার্যভাৰৰ পৰা জনগণ এতিয়াও দূৰৈতে আছিল। জনগণে বিশ্বাস কৰিছিল যে এবাৰ সমাজৰ পুৰণিকলীয়া অত্যাচাৰী আৰু বিদেশী শোষকহঁতৰ পৰা মুক্ত হ’ব পাৰিলে নতুন পৃথিৱী এখনৰ নির্মাণ হ’বলৈ বিশেষ কষ্ট নহ’ব। এইক্ষেত্রত নতুন পৃথিৱীখনৰ, নতুন ব্যৱস্থাটোৰ বিস্তৃত বর্ণনাৰ প্রয়োজন নাছিল। নতুন ব্যৱস্থাটোৰ চৰিত্র, গাঁথনি, অনুষ্ঠান, আর্হি যিয়েই নহওঁক কিয়, সেয়া জনগণৰ আপোন ব্যৱস্থা হ’ব আৰু অতীতৰ অত্যাচাৰ আৰু বঞ্চনাৰ পৰা মুক্ত এক নতুন পৰিবেশত তেওঁলোকে সন্মান সহকাৰে জীয়াই থাকিব পাৰিব। এই নতুন সমাজখনে বাঞ্ছনীয় পথেৰে যাত্রা অব্যাহত ৰাখিব পাৰিবনে নাই, আন আন দেশৰ ভিন্ন ব্যৱস্থাৰ সৈতে ই প্রতিযোগিতা অথবা সহাৱস্থান কৰিব পাৰিবনে নাই, ই শোষক আৰু অত্যাচাৰীৰ নতুন দলৰ জন্ম দিব নেকি - এই সমস্ত বিষয়বোৰ সেই সময়ত সকলোৰে বাবে জ্বলন্ত চিন্তা-চর্চাৰ বিষয় হৈ উঠা নাছিল। 

এসময়ত বিপ্লৱৰ প্রাৰম্ভিক কালছোৱাৰ অন্ত পৰিল। যুদ্ধ, জৰুৰীকালীন অৱস্থা আৰু ভয়াবহ বঞ্চনাৰ কালছোৱাৰ অন্ত পৰি সামান্য পৰিস্থিতিৰ সময় উভটি অহাৰ লগতে নতুন নতুন এজেণ্ডা কেতবোৰৰো উদয় হ’ল। “বিশ্বৰ দীন-হীন-নিথৰুৱা”সকল মাটিৰ মালিক, সমবায়ৰ সদস্য, কাৰখানা, ফার্ম আৰু সমষ্টিৰ সদস্য হৈ পৰিল। “বিশ্বৰ শ্রমিক” হোৱাৰ পথেৰে তেওঁলোক আগবাঢ়িল। পূর্বৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে তেওঁলোকৰ আশা-আকাংক্ষাবোৰো ক্রমশঃ পূর্বৰ সময়তকৈ ভিন্ন হৈ পৰিল। এতিয়া প্রশ্ন উঠিল যে তেওঁলোক প্রকৃত অর্থত নিজৰ ভাগ্যৰ নিয়ন্তা হৈ উঠিব পাৰিব নে? সদাবৃদ্ধিমান উৎপাদনশীলতা, সৃজনশীলতা, সমৃদ্ধি, গণতন্ত্র, চয়ন আৰু স্বাধীনতাৰ এক আলোকময় পথেৰে তেওঁলোকে বাট বুলিব পাৰিব নে? এইখিনিতে পুঁজিবাদৰ সৈতে প্রতিযোগিতাৰ প্রশ্নটোও আহি পৰিল। এই সামান্য পৰিস্থিতিৰ মাজতে বিপ্লৱে উজুটি খাবলৈ আৰম্ভ কৰিলে। জৰুৰীকালীন পৰিস্থিতিৰ মাজত যিবোৰ দল আৰু নেতৃত্বই অসাধাৰণ সফলতাৰ পৰিচয় দিব পাৰিছিল, সামান্য পৰিস্থিতিৰ মাজলৈ আহি সিবিলাক ব্যর্থ হ’বলৈ ধৰিলে। অতীতৰ গৌৰৱময় বিপ্লৱবোৰ প্রাণহীন অর্থনীতি, সৃজনহীন আৰু যন্ত্রৱৎ উৎপাদক, চেতনহীন শ্রমিক, অগণতান্ত্রিক ৰাজনীতি, নিষ্ক্রিয় সমাজ আৰু মতান্ধ বিশ্ব-বীক্ষাৰ অৱস্থালৈ আহি সমাপিত হল। শেষপর্যন্ত জন্ম-পৰিস্থিতিৰ সীমাৱদ্ধতাবোৰ অতিক্রম কৰি আগুৱাই যোৱাৰ ক্ষেত্রত বিংশ শতিকাৰ সমাজবাদ বিফল হল। পুঁজিবাদৰ বিৰুদ্ধে এক নির্ণায়ক তথা বিশ্ব-ঐতিহাসিক পৰাজয় মাতি অনাৰ বিপৰীতে ই পুঁজিবাদলৈকে ঘূৰি অহাৰ এক উপপথ-স্বৰূপ হৈ পৰিল। 

বিশ্বৰ সমগ্র শ্রমিকেই বিংশ শতিকাৰ সমাজবাদৰ অসাধাৰণ কৃতিত্ববোৰৰ সুযোগ্য উত্তৰাধিকাৰী আৰু এই কীর্তিৰ গৌৰৱ তেওঁলোকৰ প্রাপ্য; কিন্তু একে সময়তে এই সমাজবাদৰ পৰাজয়ৰ পৰা যথাযথ শিক্ষা গ্রহণ কৰাটোও তেওঁলোকৰ পৰম পবিত্র কর্তব্য। 

পুঁজিবাদী শোষণৰ বিনাশ ঘটোৱাটো সকলো সমাজবাদী কার্যসূচীৰে কেন্দ্রীয় লক্ষ্য; কিন্তু এই লক্ষ্য এনেদৰে পূৰণ কৰিব লাগিব যাতে ই সমাজখনক উৎপাদনশীলতা, সমৃদ্ধি, গণতন্ত্র আৰু মুক্তিৰ উচ্চতৰ স্তৰলৈ লৈ যোৱাৰ ক্ষেত্রত সফল হয়। পুঁজিবাদ নিশ্চয়েই এক অনৈতিক ব্যৱস্থা আৰু ই সমাজৰ অধিকাংশ লোককেই দৈন্যৰ মাজত বসবাস কৰিবলৈ বাধ্য কৰায়, কিন্তু একেসময়তে পুঁজিৰ প্রণালী তথা প্রক্রিয়াবোৰে সামাজিক উৎপাদিকা শক্তিবোৰৰো প্রচণ্ড বিকাশ সাধন কৰে। পুঁজিবাদবিৰোধী যিকোনো ব্যৱস্থাই উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্রত পুঁজিবাদৰ সৈতে ফেৰ মাৰিব পাৰিবই লাগিব। তাৰ অন্যথাই পুঁজিবাদক পৰাস্ত কৰাটো সম্ভৱপৰ নহ’ব। তদুপৰি কেৱল শ্রমিকৰ উচ্চ চেতনাৰ ওপৰত নির্ভৰ কৰিও সমাজবাদ টিকি থকাটো সম্ভৱপৰ নহ’ব। সমাজবাদে সমাজৰ সৈতে জৈৱিকভাৱে জড়িত এনে বহুতো প্রক্রিয়া আৰু ক্রিয়াপদ্ধতি বিকশিত কৰিব পাৰিব লাগিব যি শ্রমিকৰ আকাংক্ষা তথা স্বার্থৰ প্রতিফলন ঘটাব। 

উৎপাদন-সমলবোৰৰ মালিকানা তথা সিবিলাকৰ আনুষঙ্গিক গাঁথনিৰ প্রশ্নটোৱে উদ্বৃত্ত আহৰণ(extraction)ৰ ক্রিয়াপদ্ধতিসমূহ নির্ধাৰণ কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰে। পুঁজিবাদৰ অধীনত উৎপাদন-সমলবোৰৰ ব্যক্তিগত মালিকানাৰ ৰূপেই সাধাৰণতে আধিপত্যশালী স্থান লাভ কৰে। অৱশ্যে আধুনিক পুঁজিবাদে তাৰ গাঁথনিৰ মাজত ৰাজকীয় মালিকানাৰ ৰূপবোৰো অন্তর্ভুক্ত কৰাৰ উপায় বিকশিত কৰি লৈছে। মূলতঃ আজিও – ‘সামাজিক উৎপাদন আৰু ব্যক্তিগত হস্তগতকৰণ’ৰ অন্তর্বিৰোধেই হৈছে পুঁজিবাদৰ প্রাথমিক অন্তর্বিৰোধ। 

বিংশ শতিকাৰ সমাজবাদত উৎপাদন-সমলবোৰৰ সমূহীয়া মালিকানা আৰু ক্ষুদ্র মাত্রাৰ ব্যক্তিগত মালিকানাৰ বিভিন্ন সমাহাৰ দেখিবলৈ পোৱা গৈছিল যদিও ই মূলতঃ এক ৰাজকীয় মালিকানা নির্ভৰ ব্যৱস্থা আছিল। সমগ্র জনগণৰ মালিকানাৰ আদর্শ বাস্তৱায়িত কৰাৰ ইয়েই একমাত্র সম্ভৱপৰ পথ বুলি ভবা হৈছিল। ইয়েই ‘সামাজিক উৎপাদন আৰু ব্যক্তিগত হস্তগতকৰণ’ৰ অন্তর্বিৰোধৰো সমাপ্তি ঘটাব বুলি ভবা হৈছিল। গতিকেই, ৰাজ্য হৈ পৰিছিল সর্বোচ্ছ কেন্দ্রস্থল আৰু বহু ক্ষেত্রত ই সকলো আর্থিক তথা ৰাজনৈতিক প্রক্রিয়াৰ একমাত্র স্থলীলৈ পৰিণত হৈছিল। কার্যকৰী অর্থত পার্টি হৈ পৰিছিল ৰাজ্যৰ একমাত্র নির্মাণকাৰী উপাদান। সেই যুগৰ বিশেষ সময় তথা বিশিষ্ট সমাজবোৰৰ বিশেষ পৰিস্থিতিত সমাজবাদৰ এনে ধাৰণাই বহুতো অনিচ্ছাকৃত বিষম ফলাফলৰ জন্ম দিছিল। 

প্রথমেই, ৰাজকীয় মালিকানাৰ এই ব্যৱস্থাই সমগ্র জনগণৰ মালিকানাৰ ৰূপ ল’বগৈ নোৱাৰিলে। বৰঞ্চ ই উৎপাদন-সমলবোৰৰ ওপৰত আমোলাতান্ত্রিক নিয়ন্ত্রণহে বৃদ্ধি কৰিলে। ইয়েই আছিল বিংশ শতিকাৰ সমাজবাদৰ স্খলনৰ মূখ্য কাৰণ। লাহে লাহে এই সমাজবোৰে ৰাজকীয়-পুঁজিবাদৰ বিভিন্ন ৰূপ বিকশিত কৰিলে আৰু উদ্বৃত্ত হস্তগত কৰা এক নতুন শ্রেণীৰ জন্ম দিলে। এই শ্রেণীটোৱেই উদ্বৃত্তৰ ব্যৱহাৰ কেনেদৰে কৰা হ’ব সেয়া নির্ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। ৰাজকীয় মালিকানাৰ প্রাধান্যতাৰ ফলত ৰাজ্যৰ বিশুদ্ধ সর্বহাৰা চৰিত্র অক্ষুণ্ণ ৰখাটো অতিশয় প্রয়োজনীয় আছিল। এই সমাজবোৰৰ বিকাশৰ বিশেষ পৰিস্থিতিলৈ মন কৰিলে দেখা যায় যে এনে প্রয়োজনীয়তাই সমাজবাদী গণতন্ত্র স্থাপনৰ লক্ষ্যটোৰ পথত বাধাৰ সৃষ্টি কৰিলে। ৰাজ্যৰ সর্বহাৰা চৰিত্র অক্ষুণ্ণ ৰাখি দৈনন্দিন কাম-কাজ সমাপন কৰাৰ দায়িত্ব ক্রমশঃ কমিউনিষ্ট পার্টি তথা শ্রমিকৰ এক ক্ষুদ্র অংশৰ ওপৰতেই আহি পৰিল। আন কথাত, এনে এক পৰিস্থিতিত ৰাজকীয়-পুঁজিবাদৰ উদয় ৰোধ কৰাটো অতিশয় দুৰূহ কাজ আছিল। ৰাজ্য, পার্টি তথা সমাজৰ অন্তর্ভাগত শ্রেণী সংগ্রামৰ অৱতাৰণা কৰি ৰাজ্যৰ সর্বহাৰা চৰিত্র অক্ষুণ্ণ ৰখাৰ বিভিন্ন প্রচেষ্টাৰ শেষ দশা লক্ষ্য কৰাৰ পাছত এটা কথাই কব পাৰি যে কেৱল ৰাজনৈতিক সংগ্রামৰ দ্বাৰাই ৰাজকীয়-পুঁজিবাদৰ উদয়ৰ বস্তুগত পৰিস্থিতিবোৰৰ অন্ত পেলাব নোৱাৰি। এইক্ষেত্রত সমাজবাদী অর্থনীতিৰ গাঁথনি তথা কার্যপদ্ধতিসমূহ এনেকৈ গঠন কৰিব লাগিব যাতে সমাজবাদৰ প্রগতিৰ লগত সংগতি ৰাখি ‘সমূহীয়া উৎপাদনকাৰীসকলকেই উদ্বৃত্তৰ সমূহীয়া হস্তগতকর্তা’লৈ পৰিণত কৰাৰ সপোনো ক্রমশঃ বাস্তৱায়িত হৈ উঠে। 

দ্বিতীয়তে, তৎকালীন পৰিস্থিতিত ৰাজকীয় মালিকানাৰ প্রাধান্যতাৰ ফলত উৎপাদিকা শক্তিবোৰৰ বিকাশৰ ক্ষেত্রতো কেতবোৰ মাৰাত্মক পৰিণামৰ সৃষ্টি হ’ল। উদাহৰণস্বৰূপে, বজাৰ আৰু পৰিকল্পনাৰ আন্তঃসম্বন্ধ সম্পর্কে এনে কেতবোৰ মতান্ধ ধাৰণাৰ সৃষ্টি হ’ল যি বজাৰক পুঁজিবাদৰ তথা পৰিকল্পনাক সমাজবাদৰ সমার্থক কৰি পেলালে। এফালে তত্ত্বৰ পর্যায়ত মানি লোৱা হ’ল যে সমাজবাদৰ বিকাশৰ অন্তিম পর্যায়তহে অর্থাৎ কমিউনিজমৰ নিকট সময় উপস্থিত হওঁতেহে ‘মূল্য-নীতি’(law of value) অপ্রাসংগিক হৈ পৰিব। কিন্তু আনফালে যিমান সোনকালে পাৰি ‘মূল্য-নীতি’ৰ পৰা অর্থনীতিক উদ্ধাৰ কৰিবলৈ বিভিন্ন যন্ত্রৱৎ তথা মতাদর্শগত পদ্ধতিৰ প্রয়োগ কৰা হ’ল। উৎপাদনশীলতা আৰু সমৃদ্ধিৰ ভৱিষ্যত বিকাশৰ বাবে প্রয়োজনীয় উদ্বৃত্ত জমা ৰখাৰ আৱশ্যকতা নুই কৰাৰ লগতে ই শ্রমিক শ্রেণীকো উদ্বৃত্ত উৎপাদন, বিতৰণ তথা আবণ্টন সম্পর্কীয় নির্ণয়বোৰ লোৱাৰ প্রক্রিয়াবিলাকৰ পৰা বিচ্ছিন্ন কৰি পেলালে। শ্রমিকৰ উৎপাদনশীল তথা সৃষ্টিশীল প্রতিভা বিকশিত কৰাৰ কোনো ভৌতিক পদ্ধতি বিকশিত নহ’ল। কেৱল নৈতিক উৎসাহেই উৎপাদিকা শক্তিৰ বিকাশ ঘটাবৰ বাবে প্রেৰণাদায়ী শক্তিৰ(driving force) ভূমিকা পালন কৰিব বুলি ভবা হ’ল। মাত্র ৰাজনৈতিক শিক্ষা তথা শ্রেণী সংগ্রাম-সৃষ্ট উন্নত চেতনাৰ দ্বাৰাই এনে নৈতিক উৎসাহ সৃষ্টি হ’ব বুলি ভাবি লোৱা হ’ল। আনফালে উচ্চ দৰমহা, সা-সুবিধা, কর্ম-পৰিস্থিতি আদিৰ সংকীর্ণ গণ্ডীৰ মাজতেই ভৌতিক প্রেৰণাৰ সমল সন্ধান কৰা হল। কার্যকৰীভাৱে শ্রমিকসকল এতিয়াও শ্রম-শক্তিৰ যোগনিয়াৰৰ ভূমিকাতে থাকি ৰ’ল। তেওঁলোকে কেতিয়াও তেওঁলোকৰ উদ্যোগবোৰৰ নিয়ন্ত্রণ, নির্ধাৰণ বা পৰিচালনা কৰিবলৈ নিশিকিলে। উদ্ভাৱন, প্রতিদ্বন্দিতা আৰু উদ্যোগৰ দায়িত্ব গ্রহণৰ সুযোগ তেওঁলোকে নেপালে। তেওঁলোকে আনকি নিজৰ স্বার্থ তথা ভৱিষ্যত ৰক্ষা কৰিবলৈকো নিশিকিলে। এই সমস্ত বিষয় ৰাজ্য তথা পার্টিৰ দায়িত্ব বুলি ভাবি লোৱা হ’ল। 

তৃতীয়তে, সমাজবাদৰ এই আঁচনিয়ে এনে এক অর্থনৈতিক গাঁথনিৰ সৃষ্টি কৰিলে যাৰ কোনো শিথিলতা নাছিল। ই এক বিশালকায় ঘড়ীৰ দৰে আছিল য’ত জৈৱিক বিকাশৰ কোনো সম্ভাৱনীয়তা নাছিল। এক স্বায়ত্ত তথা জৈৱিক আর্থ-সামাজিক প্রক্রিয়াৰ ৰূপত সমাজবাদ বিকশিত হৈ নুঠাৰ ফলত এসময়ত গৈ ব্যৱস্থাটো বিপদত পৰিল। নতুন চাহিদা, নতুন পণ্য, নতুন চেক্টৰ তথা নতুন প্রযুক্তিৰ সৃষ্টি কৰিব পৰাকৈ এই সমাজবাদৰ অধীনত কোনো সহজাত কার্যপদ্ধতি বা প্রক্রিয়া অস্তিত্বমান নাছিল। ৰাজ্য অবিহনে পুঁজিবাদৰ অস্তিত্ব সম্ভৱ নহয়; কিন্তু সেইবুলি পুঁজিবাদৰ দৈনন্দিন জীৱনচর্যা তথা প্রক্রিয়াসমূহৰ চালনাৰ বাবে বাবে প্রতিক্ষণতে ৰাজ্যৰ প্রয়োজন নহয়। আনকি পুঁজিবাদৰ দ্বাৰা শোষিত তথা শাসিতসকলৰ বাবেও ই ‘প্রাকৃতিক’ হৈ পৰে। প্রতিজন ব্যক্তিক নিজ স্বার্থ ৰক্ষাৰ বাবে দায়ী কৰা হয় আৰু এইদৰেই পুঁজিবাদৰ স্বার্থও পূৰণ হয়। জীৱন শৈলীবোৰৰ ওপৰতো পুঁজিৰ লজিকৰ প্রভাৱ পৰে আৰু সিবিলাক আর্থসামাজিক প্রক্রিয়াবোৰৰ অভিন্ন অংগ হৈ পৰে। সমাজবাদো তাৰ আনুষঙ্গিক ৰাজ্য অবিহনে টিকি থাকিব নোৱাৰে। কিন্তু পুঁজিবাদতকৈ বহু বেছি পৰিমাণে ই অর্থব্যৱস্থাৰ আভ্যন্তৰীণ ক্রিয়াপদ্ধতিবোৰৰ মাজেৰে বহ্নিমান এক প্রক্রিয়া হিচাপে মাটিত থিতাপি ল’ব পাৰিব লাগিব। ই সমাজৰ এক জৈৱিক তথা স্বয়ং-চালিত প্রক্রিয়া হ’ব লাগিব। ই মাত্র ৰাজ্যৰ ৰক্ষাকৱচৰ আঁৰত অথবা ঘড়ীৰ দৰে কার্যশীল এক লৌহকঠিন গাঁথনিৰ ৰূপত বর্তি থকাৰ আশা কৰিব নোৱাৰে। 

চতুর্থতে, সমাজবাদৰ এনে লৌহকঠিন আর্থিক গাঁথনিয়ে সমাজবাদী গণতন্ত্রৰ বিকাশৰ ক্ষেত্রতো ঋণাত্মক প্রভাৱ পেলাইছিল। ৰাজনৈতিক অনুষ্ঠান অথবা প্রক্রিয়াবোৰৰ অপৰিসীম গুৰুত্ব সত্ত্বেও গণতন্ত্রৰ সমস্যা কেৱল এই ক্ষেত্রবোৰতে সীমাৱদ্ধ নাছিল। এই ক্ষেত্রত মূল প্রশ্নবোৰ আছিল এনেধৰণৰ – সমাজৰ বিভিন্ন শ্রেণী, সমষ্টি তথা অন্যান্য সামাজিক স্বার্থবোৰৰ প্রতিফলন ঘটাব পৰাকৈ এই সমাজবাদী অর্থনৈতিক গাঁথনিৰ প্রয়োজনীয় শিথিলতা আছিলনে? এইজাতীয় অন্তর্বিৰোধবোৰৰ সমাধানৰ বাবে যথোচিত জৈৱিক তথা সংস্থাগত ক্রিয়াপদ্ধতিৰ বিকাশ ঘটিছিলনে? দেখা যায় যে এক লৌহকঠিন আর্থিক গাঁথনিৰ সৈতে এক লৌহকঠিন ৰাজনৈতিক গাঁথনি যুক্ত হৈ পৰিছিল। ইয়েই আছিল সমাজবাদী গণতন্ত্রৰ সমস্ত সমস্যাৰ মূল উৎস। 

পঞ্চমতে, ৰাজনৈতিক অনুষ্ঠান তথা প্রক্রিয়াবোৰৰ স্তৰতো গম্ভীৰ সমস্যা আছিল। নিঃসন্দেহে, যিধৰণৰ পৰিস্থিতিৰ অধীনত বিংশ শতিকাৰ সমাজবাদ বিকশিত হৈছিল, ই সমাজবাদী গণতন্ত্রৰ সন্তোষজনক সমাধানৰ বাবে মুঠেও সুবিধাজনক নাছিল। তথাপিও এই কথা স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ শেষ ফলাফল আছিল অতিশয় ট্রেজিক। ৰাজ্যই সমগ্র অর্থনীতিৰ লগতে বহু পর্যায়লৈকে সমাজখনো নিয়ন্ত্রণ কৰিছিল। আনহাতে ৰাজ্য আছিল পার্টিৰ নিয়ন্ত্রণত। ফলত সমাজৰ সকলো অন্তর্বিৰোধ তথা সংগ্রাম স্বতন্তৰীয়াকৈ অথবা ৰাজ্য তথা পার্টিৰ সহযোগত বৃহত্তৰ গণসমাজত উত্থাপিত হোৱাৰ বিপৰীতে সিবিলাক কেৱল পার্টি তথা ৰাজ্যৰ শীর্ষস্তৰতে কেন্দ্রীভূত হৈ ৰৈছিল। এফালে ই শ্রমিক তথা জনগণৰ মাজত ৰাজনৈতিক নিষ্ক্রিয়তাৰ সৃষ্টি কৰিছিল আৰু আনফালে প্রায়ে পার্টি আৰু ৰাজ্যৰ মাজভাগতে বিভিন্ন অদ্ভূত ‘শ্রেণী সংগ্রাম’ৰো আৱির্ভাৱ হৈছিল। সমাজবাদৰ ভৱিষ্যতৰ বাবে ই নানান অশুভ ফলাফল সৃষ্টি কৰিছিল। 

অর্থনৈতিক আৰু ৰাজনৈতিক কাঠামোবোৰৰ পৰা উৎপন্ন এইধৰণৰ সমস্যাবিলাকৰ উপৰিও অন্যান্য বহুতো সমস্যা দেখা গৈছিল যিবোৰ অন্তিম বিশ্লেষণত বিংশ শতিকাৰ সমাজবাদৰ তত্ত্বগত আৰু মতাদর্শগত সীমাৱদ্ধতাবোৰৰ পৰাই উদ্ভূত হৈছিল। শ্রমিকৰ ঐতিহাসিক মুক্তিৰ সংগ্রামখন হোঁহকা-পিছলাকৈহে আগবাঢ়িছিল। সামাজিক সমতা তথা ন্যায়প্রতিষ্ঠাৰ সংগ্রামবোৰেও বিভিন্ন পর্যায়ত মুখঠেকেচা খাইছিল। সার্বজনীন পৰিমণ্ডলত মহিলাসকলে প্রচুৰ উন্নতি কৰিছিল কিন্তু ব্যক্তিগত পৰিমণ্ডলত তেওঁলোকৰ অৱস্থাৰ বিশেষ সংস্কাৰ হোৱা নাছিল। সামাজিক পৰিচয়ভিত্তিক উৎপীড়ন আৰু বঞ্চনাৰ বিভিন্ন ৰূপ অব্যাহত আছিল। আন কথাত, সামাজিক আৰু মতাদর্শগত ৰূপান্তৰণৰ প্রক্রিয়াবোৰ আধাকেঁচা হৈয়েই ৰৈছিল। অৱশেষত বিংশ শতিকাৰ মূখ্য সমাজবাদী দেশবোৰৰ পতনে এনে দুর্বলতাবোৰৰ উলংগ স্বৰূপটো ভালকৈয়ে উদঙাই দিলে। শতিকা পুৰণি বিভিন্ন সামাজিক ব্যাধি যেনে ধর্মীয় উন্মাদনা, নৃগোষ্ঠীয়তাবাদ, জাৰবাদ(Tsarism)ৰ স্মৃতিচাৰণ, বেশ্যাবৃত্তি, দাৰিদ্রতা, নৰসংহাৰ, নৃগোষ্ঠীয় কটা-মৰা ইত্যাদি হঠাতে পুনঃসক্রিয় হৈ উঠিল। এইধৰণৰ সামাজিক বিকৃতিবোৰ সমাজৰ মাটিৰ তলতে লুকাই আছিল, আৰু সমাজবাদৰ পতনৰ লগে লগেই সিবিলাকে প্রত্যক্ষভাবে আত্মপ্রকাশ কৰিলে। 

বিপ্লৱৰ দ্বাৰাই সপোন বাস্তৱলৈ পৰিণত হয় কিন্তু এইক্ষেত্রত প্রায়ে বাস্তৱৰ গতি সপোনৰ গতিতকৈ পিছ পৰি ৰয়। সমাজবাদো এনে এক সপোন। বিংশ শতিকাৰ সর্বহাৰা বিপ্লৱবোৰৰ দ্বাৰাই এই সপোন এদিন বাস্তৱলৈ পৰিণত হৈছিল। এই নাতিদীর্ঘ যাত্রাপথত ই অনেক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাজতন্ত্র, সামন্ততন্ত্র আৰু ঔপনিবেশিকতাবাদৰ পুৰণা শাসন উফৰাই ই ৰাছিয়া, চীন প্রভৃতি বহুতো দেশত পুঁজিবাদকো প্রত্যাহবান জনাইছিল। কিন্তু শেষপর্যন্ত ই সেইকালৰ সময় তথা সমাজৰ সীমাৱদ্ধতা অতিক্রম কৰিব নোৱাৰিলে। বিশ্বৰ দীন-হীন-নিথৰুৱাই স্বর্গ-মর্ত্য সকলোতে খলকনি লগালে, সামন্তবাদ আৰু ঔপনিবেশিকতাবাদৰ পৰা মুক্তি লভিলে আৰু পুঁজিবাদলৈ প্রত্যাহবান জনাই সমাজবাদ নির্মাণৰ ঐতিহাসিক আঁচনিৰ শুভাৰম্ভ কৰিলে। কিন্তু শেষপর্যন্ত ই অনগ্রসৰ সমাজৰ তথা জৰুৰীকালীন স্থিতিৰ সমাজবাদ বুলিয়েই চিহ্নিত হ’ল। ই এই সমাজবোৰক পুৰণি ব্যৱস্থাৰ বিষম সংকটৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্রত সফল হৈছিল আৰু যুদ্ধ তথা গৃহযুদ্ধৰ দৰে কঠিন পৰিস্থিতিৰ মাজতো বিজয়ী হবলৈ সক্ষম হৈছিল। কিন্তু ই পুঁজিবাদৰ শৰীৰত অন্তিম তথা বিশ্ব ঐতিহাসিক মোক্ষম আঘাট হানিবলৈ ব্যর্থ হ’ল। ই সমগ্র পুঁজিবাদী বিশ্বৰ শ্রমিক জনগণক সমাজবাদী বিপ্লৱৰ প্রতি আকর্ষিত কৰিব পৰাকৈ সৃজনশীলতা, সমৃদ্ধি, গণতন্ত্র, সমতা আৰু স্বাধীনতাৰে পৰিপূর্ণ এক দৃষ্টান্তমূলক আর্হি প্রদান কৰাৰ ক্ষেত্রত বিফল হ’ল। 

পৃথিবীৰ সকলো শ্রমিকেই বিংশ শতিকাৰ সমাজবাদৰ মহান কীর্তিবোৰৰ যথাযোগ্য উত্তৰাধিকাৰী, আৰু এই কীর্তিৰ গৌৰৱ তেওঁলোকৰ প্রাপ্য; কিন্তু একেসময়তে এই সমাজবাদৰ পৰাজয়ৰ কাৰণবোৰ আবেগ-বিবর্জিত বৈজ্ঞানিক দৃষ্টিৰে বিশ্লেষণ কৰাটোও তেওঁলোকৰ পৰম পবিত্র কর্তব্য। ভৱিষ্যত সমাজবাদৰ ৰূপ-ৰেখা তৈয়াৰ কৰি অনাগত বিপ্লৱৰ বাবে সাজু হোৱাৰ ক্ষেত্রত এনে দৃষ্টিভঙ্গী গ্রহণ কৰাটো অতিশয় জৰুৰী হৈ পৰিছে।

No comments:

Post a Comment

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...