Monday, July 2, 2012

পুঁজিৰ নৱ সাম্রাজ্য (NSI Manifesto, Part 5/7)

পৃথিৱীৰ সকলো বিসংগতিৰ শিপা যদি পুঁজিবাদৰ মাজতে লুকাই আছে, তেনেহলে অর্ধ-সহস্রাব্দীতকৈও অধিক কাল ধৰি পুঁজিৰ ভয়ংকৰ অন্যায় সহ্য কৰাৰ পাছতো পৃথিৱীয়ে এই শোষণকাৰী ব্যৱস্থা কিয় কায়েম কৰি ৰাখিছে? পুঁজিবাদে যদিহে শ্রমিকৰ শোষণ কৰে, শ্রমজীৱী জনগণক শ্রমৰ ফলৰ পৰা বঞ্চিত কৰি ৰাখে, নাৰী, দলিত, কৃষ্ণাংগ তথা অন্যান্য বঞ্চিত লোক তথা সম্প্রদায়বোৰৰ উৎপীড়নৰ বাবে দায়ী সামাজিক সম্পর্কবোৰৰ পালন-পোষণ কৰে, পৃথিৱীৰ বাবে বিপর্যয়ৰ সৃষ্টি কৰে তথা মানৱতাৰ সামগ্রিক বিকাশৰ পথত হেঙাৰ হৈ থিয় দিয়ে, তেনেহ’লে কিয় মানৱতাই এনে অগণন অপৰাধৰ পাছতো আজিলৈকে পুঁজিবাদৰ অত্যাচাৰ সহ্য কৰি আহিছে? পুঁজিৰ এনে দীর্ঘ জীৱনৰ কাৰণ কি? 


পুঁজিৰ প্রকৃত চৰিত্র বুজিব পৰা হোৱা দিনৰে পৰা মানুহে এই প্রশ্নটো উত্থাপন কৰি আহিছে। যদিওবা প্রশ্নটোৰ মূল অংশটোৰ উত্তৰ প্রশ্নটো উত্থাপিত হোৱা দিনৰে পৰা মানৱ জাতিৰ ওচৰত মজুত আছে, তথাপিও বিভিন্ন সময়ত বিভিন্ন উপায়েৰে এই প্রশ্নটোৰ এক সামগ্রিক উত্তৰ দিবলৈ চেষ্টা কৰা হৈ আহিছে। বিভিন্ন পর্যায়ৰ মাজেৰে পুঁজিবিৰোধী সংগ্রামখন আগবাঢ়িছে, নতুন বাস্তৱৰ জন্ম হৈছে, নতুন তথ্য পোহৰলৈ আহিছে, নিত্য নতুন উপলব্ধি লাভ কৰা হৈছে। এইক্ষেত্রত পুঁজিৰ দীর্ঘ জীৱনৰ কাৰণবিলাক ঐতিহাসিক দৃষ্টিৰে বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই অনুসৰি আজিৰ ৰণনীতি বিকশিত কৰিব লাগিব। 

পৃথিৱীৰ এক ক্ষুদ্র চুকত পুঁজিবাদৰ জন্ম হৈছিল যদিও ‘পুঁজিৰ লজিক’(logic of capital)ৰ এক বিশ্বব্যাপী সম্ভাৱনীয়তা তথা সীমাহীন উচ্চাকাংক্ষা আছিল। পুঁজিৰ বিকাশৰ লগে লগেই পুঁজিবিৰোধী কেতবোৰ নতুন শক্তিৰো জন্ম হৈছিল। পৃথিৱীৰ সেই ক্ষুদ্র চুক অর্থাৎ ইউৰোপৰ বুকুত বুর্জোৱা বিপ্লৱে পুৰণি ব্যৱস্থাৰ অন্ত পেলোৱাৰ লগে লগেই পুঁজিবিৰোধী বিপ্লৱৰ প্রশ্নটোৱেও ভূমুকি মাৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এয়া এক দীর্ঘ তথা কঠিন সংগ্রাম আছিল। এনে এক সময়ত যেতিয়া পুঁজিৰ সম্প্রসাৰণৰ বাবে সমস্ত পৃথিৱীখনেই বাকী আছিল, তেনে সময়ত পুঁজিৰ প্রথম গৃহভূমিৰ বুকুতে পুঁজিক পৰাস্ত কৰা সম্ভৱ আছিলনে? দেখা যায় যে প্রাক-পুঁজিবাদী ব্যৱস্থা তথা জীৱন-বিশ্বৰ(life world) উপস্থিতিয়ে পুঁজিৰ কাঠামোগত সংকটৰ পৰা উদ্ধাৰ পোৱাৰ পথ সহজ কৰি দিছিল। বহু শতিকাজুৰি এনে উপাদানবোৰৰ উপস্থিতি দেখা পোৱা যায় আৰু আজিও সিবিলাক কিছু পৰিমাণে বাকী আছে। 

তদুপৰি পুঁজিৰ গোলকীয় সম্প্রসাৰণৰ প্রক্রিয়াটো কেৱল এটা বিশেষ সময়ৰ প্রক্রিয়া আছিল বুলি ভাবিলে ভুল কৰা হ’ব। পুঁজিৰ সম্প্রসাৰণ কেতিয়াও সমান ৰূপত হোৱা দেখা নাযায়; ই এক মসৃণ বা সমৰূপী (homogenous) পুঁজিবাদী জগতৰো জন্ম নিদিয়ে। অসমান বিকাশ তথা বিভিন্ন কাঠামোৰ পদানুক্রমিক(hierarchical) ৰূপ পুঁজিৰ তেজত নিহিত হৈ আছে। পুঁজিৰ গোলকীয় সম্প্রসাৰণ সদায়েই হোহঁকা-পিছলা বিধৰ হোৱা দেখা যায়। মাজে সময়ে ই তীব্র গতিৰে আগবাঢ়ে, কেতিয়াবা আকৌ ই আকস্মিক সংকটৰ বুকুত আৱদ্ধ হৈ পৰে। আন কথাত কবলৈ গলে পুঁজিবাদী বিকাশৰ প্রতিটো পর্যায়তে পুঁজিৰ গোলকীয় সম্প্রসাৰণ অতিশয় অসমান প্রকৃতিৰ হোৱা দেখা যায়। পুঁজিৰ এনে হোহঁকা-পিছলা (spasmodic) গতিয়ে পুঁজিক বিশ্বৰ বিভিন্ন চুক-কোণলৈ সম্প্রসাৰিত কৰিছে যদিও ই ভীষণ উখল-মাখল তথা বিয়াগোম বিপ্লৱৰো সৃষ্টি কৰিছে। পুঁজিবাদ দীর্ঘদিন ধৰি বর্তি আছে কিয়নো পৃথিৱীখনৰ বিশালতাই পুঁজিক নিত্য-নতুন স্থানলৈ সম্প্রসাৰণৰ সুযোগ প্রদান কৰি আহিছে। অৱশ্যেই এই ক্ষেত্রত ই বাৰম্বাৰ সংকটৰো সম্মুখীন হৈছে। 

ঔপনিবেশিকতাবাদৰ বিশেষ পৰিস্থিতিৰ মাজত পুঁজিৰ প্রথমখন গোলকীয় সাম্রাজ্যৰ নির্মাণ হৈছিল। ঊনবিংশ শতিকাৰ শেহৰছোৱালৈ সমগ্র পৃথিৱীখন বিভিন্ন সাম্রাজ্যবাদী শক্তিৰ মাজত বিভক্ত হৈ পৰিছিল। ঐতিহাসিকভাৱে প্রাপ্ত পৰিস্থিতি তথা পুঁজিৰ লজিকৰ মিশ্রণে সাম্রাজ্যবাদৰ এই ঔপনিবেশিক কালছোৱাৰ নির্মাণ কৰিছিল। ইউৰোপৰ প্রাৰম্ভিক পর্যায়ৰ পুঁজিবাদী শক্তিবোৰে ষষ্ঠাদশ শতিকাৰ পৰাই ঔপনিবেশিক শোষণৰ সূচনা কৰিছিল তথা ইউৰোপীয় পুঁজিবাদৰ প্রাৰম্ভিক সঞ্চয়নৰ ক্ষেত্রলৈ ইয়াৰ অৱদান উল্লেখযোগ্য আছিল। কিন্তু একাধিপত্যৰ যুগলৈ পুঁজিৰ উত্তৰণ হোৱাৰ পাছতহে উপনিবেশৰ অস্তিত্ব পুঁজিৰ জীৱনধাৰণৰ বাবে এক কাঠামোগত আৱশ্যকতালৈ পৰিণত হল। পুঁজিৰ গোলকীয় সাম্রাজ্যবাদী কাঠামোৰ সৈতে উপনিবেশবাদ ঘনিষ্ঠভাৱে সংলগ্ন হৈ পৰিল। বিকাশৰ অসমান প্রকৃতিয়ে এই কাঠামোলৈ সংকট নমাই আনিলে তথা আন্তঃসাম্রাজ্যবাদী অন্তর্বিৰোধবোৰ তীব্রতৰ কৰি তুলিলে। ইয়েই বিশ্বৰ পুনঃবিভাজনৰ লক্ষ্যৰে গোলকীয় মহাসমৰৰো সৃষ্টি কৰিলে। 

ইতিহাসৰ এই পৰিস্থিতিয়ে বিপ্লৱৰ এক ন যুগৰ সূত্রপাত কৰিছিল। অৱশ্যে ইউৰোপীয় পুঁজিবাদৰ বাবে ভাবুকিস্বৰূপ হৈ পৰা ঊনবিংশ শতিকাৰ বিপ্লৱ-শৃংখলতকৈ এই বিপ্লৱবোৰৰ চৰিত্র ভিন্ন আছিল। গোলকীয়ভাৱে চাবলৈ গলে বিংশ শতিকাৰ বিপ্লৱবিলাকে পুঁজিৰ সাম্রাজ্যবাদী কাঠামোটোলৈ প্রত্যাহবান কঢ়িয়াই আনিছিল কিন্তু বিপ্লৱ সংঘটিত হোৱা প্রকৃত সমাজবোৰত স্থানীয়ভাৱে সিবিলাকে পুঁজিৰ পৰিৱর্তে ৰাজতন্ত্র, সামন্তবাদ তথা উপনিবেশবাদৰ বিৰুদ্ধেহে প্রধানকৈ যুঁজিছিল। এই বিপ্লৱবোৰ কমিউনিষ্ট দল-সংগঠনৰ নেতৃত্বত সংঘটিত হৈছিল কিন্তু অক্টোবৰ বিপ্লৱৰ বাহিৰে আন কোনো বিপ্লৱৰ ক্ষেত্রতে শ্রমিক শ্রেণী বিপ্লৱৰ মূল শক্তি নাছিল। এই বিপ্লৱবোৰে সাম্রাজ্যবাদী শিকলিডালত আঘাট হানি তাৰ দুর্বল অংশত ছিঙি পেলাইছিল কিন্তু আভ্যন্তৰীনভাৱে বিপ্লৱোত্তৰ কালছোৱাত সিবিলাকে অনগ্রসৰ অথবা কম বিকশিত পুঁজিবাদী সমাজে সৃষ্টি কৰা নানান সমস্যাৰ সৈতে মুখামুখি হ’ব লগাত পৰিছিল। 

বিংশ শতিকাত তিনিখন আন্তঃসম্পর্কযুক্ত ক্ষেত্রত পুঁজিয়ে প্রত্যাহবানৰ সম্মুখীন হ’ব লগা হৈছিল। প্রথমতেই, এক সমাজবাদী শিবিৰৰ উত্থানে পুঁজিবাদলৈ প্রত্যাহবান কঢ়িয়াই আনিছিল। অৱশ্যেই এই শিবিৰৰ যথেষ্ট আভ্যন্তৰীণ দুর্বলতা তথা বিভাজন আছিল কিন্তু তথাপিও ই এক একক গোলকীয় পুঁজি ব্যৱস্থাৰ নির্মাণৰ পথত প্রাচীৰ ৰূপে থিয় দিছিল। সমাজবাদক পৰাস্ত নকৰাকৈ এই প্রত্যাহবানৰ মোকাবিলা কৰাটো পুঁজিৰ পক্ষে অসম্ভৱ আছিল। দ্বিতীয়তে, ঔপনিবেশিকতাবাদ-বিৰোধী জাতীয় মুক্তি আন্দোলনবোৰেও পুঁজিৰ সাম্রাজ্যবাদী গাঁথনিটোৰ প্রতি প্রত্যাহবান সৃষ্টি কৰিছিল। লক্ষ্যণীয় যে সেই সময়ত ঔপনিবেশিক গাঁথনিৰ ওপৰত পুঁজিবাদ বিশেষভাৱে নির্ভৰশীল আছিল। গতিকেই যদিও এই আন্দোলনবোৰ পোনপটীয়াকৈ পুঁজিবিৰোধী নাছিল, তথাপিও সিবিলাকে পুঁজিবাদৰ বাবে যথেষ্ট আহুকাল সৃষ্টি কৰিছিল। এনেক্ষেত্রত ঔপনিবেশিকতাবাদ-বিৰোধী জাতীয় মুক্তি সংগ্রামবোৰক দমন নকৰাকৈ অথবা পুঁজিৰ বাবে উপনিবেশৰ প্রয়োজন নথকা এক নতুন গোলকীয় কাঠামোৰ নির্মাণ নকৰাকৈ এই সমস্যাৰ সমাধান কৰাটো সম্ভৱপৰ নাছিল। তৃতীয়তে, পুঁজিৰ আভ্যন্তৰীণ লজিকে সৃষ্টি কৰা সংকটবোৰেও পুঁজিবাদৰ বাবে প্রত্যাহবানৰ সৃষ্টি কৰিছিল। এয়া কোনো নতুন পৰিঘটনা নাছিল, কিন্তু বিংশ শতিকাৰ একাধিপত্যৰ পর্যায়লৈ আহি ই ভীষণ ৰূপ ধাৰণ কৰিছিল। এই সমস্যাৰ কোনো চিৰস্থায়ী সমাধান পুঁজিৰ হাতত নাছিল, কিন্তু তথাপিও পুঁজিৰ আভ্যন্তৰীণ পুণর্গঠন তথা পুঁজিৰ কার্যপদ্ধতিৰ পৰিৱর্তনৰ দ্বাৰা সিবিলাকৰ পৰা অব্যাহতি পোৱাটো সম্ভৱপৰ হৈছিল। 

এই তিনিওটা কাৰকেই পুঁজিবাদী ব্যৱস্থাটোলৈ ব্যাপক পৰিৱর্তন মাতি অনা দেখা যায়। পুঁজিৰ মূল চৰিত্র অপৰিৱর্তিত হৈ ৰোৱা সত্ত্বেও বিংশ শতিকাৰ শেহৰছোৱালৈ পুঁজিবাদৰ ৰূপ পূর্বৰ বিপৰীতে ভালেখিনি ভিন্ন হৈ পৰে। ব্যাপক(extensive) আৰু সঘন(intensive) – দুয়ো প্রকাৰৰ পৰিৱর্তনেই এই ক্ষেত্রত দেখা পোৱা যায়। 

গোলকীয় পুঁজিবাদৰ উত্তৰ-ঔপনিবেশিক ব্যৱস্থাটোত এই ব্যাপক পৰিৱর্তনবোৰ আটাইতকৈ স্পষ্ট হৈ পৰে। সাম্রাজ্যবাদৰ ঔপনিবেশিক পর্যায়টোত উপনিবেশবোৰ সিবিলাকৰ শাসক সাম্রাজ্যবাদী দেশবোৰৰ সৈতে সংলগ্ন হৈ আছিল। উপনিবেশবাদৰ এই খণ্ডিত পৃথিৱীখনে সাম্রাজ্যবাদী পুঁজিৰ বাবে এক গোলকীয় ক্রিয়াভূমিৰ যোগান ধৰিছিল যদিও দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গলে ই পুঁজিৰ গোলকীয় সম্প্রসাৰণৰ বাটত প্রতিবন্ধকতাৰো সৃষ্টি কৰিছিল। ঔপনিবেশিক শোষণে মেট্র’পলিটান কেন্দ্রবোৰত প্রচুৰ পুঁজি সঞ্চয়ন সম্ভৱপৰ কৰি তুলিছিল কিন্তু তেনে অতি কম মাত্রাৰ পুঁজিহে উপনিবেশবোৰলৈ ফিৰি আহিছিল। তদুপৰি ঔপনিবেশিক জগতৰ খণ্ডিত গাঁথনিয়ে বিভিন্ন সাম্রাজ্যবাদী শক্তিৰ শাসনাধীন অঞ্চলবোৰৰ মাজত পুঁজি আৰু পণ্যৰ মুক্ত যাতায়াতৰ ক্ষেত্রত বাধা প্রদান কৰিছিল। বর্তমানৰ দৃষ্টিৰে চাবলৈ গ’লে ই পুঁজিবাদৰ আত্মক্ষয়ী পদক্ষেপ আছিল যেনেই প্রতীয়মান হয়। এফালে ঔপনিবেশিক বিশ্ব ব্যৱস্থাটোৱে উপনিবেশবোৰত পুঁজিবাদৰ বিকাশৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তথা উপনিবেশত কম ৰিস্কতে পুঁজিৰ বিনিয়োগ ঘটাই মুনাফা আদায় কৰাৰ সোণালী সুযোগবোৰ অৱৰূদ্ধ কৰি ৰাখিছিল। আনফালে মেট্র’পলিটান কেন্দ্রবোৰত অতি-সঞ্চয়ন(over-accumulation) তথা গোলকীয় বিনিয়োগৰ ক্রমশঃ সংকোচিত ক্ষেত্রৰ সমস্যাবোৰে পুঁজিবাদী সংকটবোৰ অতিশয় তীব্র কৰি তুলিছিল আৰু লগতে আন্তঃসাম্রাজ্যবাদী অন্তর্বিৰোধবোৰকো তুংগলৈ লৈ গৈছিল। 

সাম্রাজ্যবাদে নিজ ইচ্ছাৰে উপনিবেশবোৰক মুক্ত কৰা নাছিল। ঔপনিবেশিকতাবাদ-বিৰোধী সংগ্রামবোৰক দমন তথা পৰাস্ত কৰিবলৈ ই পার্যমানে চেষ্টা কৰিছিল। কিন্তু ঔপনিবেশিক যুগৰ শেষ প্রহৰত ই যথোচিত শিক্ষা গ্রহণ কৰি উত্তৰ–ঔপনিবেশিক ভৱিষ্যতৰ বাবে নিজকে সাজু কৰি লৈছিল। বিংশ শতিকাৰ শেহৰছোৱাত ই এক নতুন গোলকীয় গাঁথনি তৈয়াৰ কৰিছিল আৰু বাস্তৱৰ নতুন ৰূপবোৰৰ সৈতে খোজ মিলাই ই নিজৰ কার্যপদ্ধতি সলনি কৰি লৈছিল। 

উত্তৰ–ঔপনিবেশিক এই সময়ছোৱাত পূর্বৰ উপনিবেশবোৰলৈ পুঁজিৰ যথেষ্ট প্রবাহ হোৱা দেখা যায়। অৱশ্যে পুঁজিৰ এই প্রবাহ এতিয়াও অত্যন্ত অসমান ৰূপৰ হোৱা দেখা যায় তথা কেইখনমান ‘উদীয়মান অর্থনীতি’য়েই পুঁজি বিনিয়োগৰ সৰহভাগ অংশ কুক্ষিগত কৰা দেখা যায়। লক্ষণীয় যে তৃতীয় বিশ্বৰ অধিকাংশ দেশেই এতিয়াও পুঁজিহীনতাৰ সমস্যাত ভূগি আছে। কিন্তু তথাপিও ঔপনিবেশিক কালৰ তুলনাত সাম্রাজ্যবাদৰ ৰণনীতিলৈ আমূল পৰিৱর্তন অহাৰ কথাটো নাকচ কৰিব নোৱাৰি। ঔপনিবেশিক কালৰ দৰে পুঁজিবাদৰ বিকাশৰ পথত অন্তৰায় হোৱাৰ বিপৰীতে বর্তমানৰ সময়ত সাম্রাজ্যবাদে প্রাক্তন উপনিবেশবোৰত পুঁজিবাদ বিকশিত কৰাৰ কামত উঠি পৰি লাগিছে। 

তদুপৰি উত্তৰ-ঔপনিবেশিক পৃথিৱীখন পূর্বৰ সময়তকৈ বহু কম পৰিমাণে খণ্ডিত। তৃতীয় বিশ্বৰ কোনো দেশ বা দেশৰ সমষ্টি এতিয়া কোনো বিশেষ সাম্রাজ্যবাদী দেশৰ সৈতে বদ্ধ হৈ থকা নাই। সাম্রাজ্যবাদী শক্তিবোৰেও এতিয়া ভালদৰে উপলব্ধি কৰিছে যে গোলকীয় স্তৰত পুঁজি আৰু পণ্যৰ বাধাহীন চলাচলে পুঁজিৰ পৰিধি বৃদ্ধি কৰে আৰু ই বিপদজনক হৈ উঠিব পৰা গাঁথনিগত সীমাৱদ্ধতাবোৰক নৰম কৰি তোলাৰ ক্ষেত্রত সহায়ক হৈ পৰে। শেহতীয়াভাৱে দেখা পোৱা পুঁজিৰ গোলকীকৰণৰ অত্যাধিক বৃদ্ধিয়ে এই কথাৰেই ইংগিত বহন কৰে যে উত্তৰ ঔপনিবেশিক কালত ইয়েই হৈছে সাম্রাজ্যবাদৰ শেহতীয়া ৰণনীতি তথা কার্যপদ্ধতি। 

এই পৰিৱর্তনবোৰে সৃষ্টি কৰা প্রভাৱবোৰ সহজতে লক্ষ্য কৰিব পাৰি। পৰিমাণগত দৃষ্টিৰে চাবলৈ গলে বিংশ শতিকাৰ প্রথমছোৱাত ঔপনিবেশিক জগতখনৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ শূণ্য বা তাতোকৈও কম আছিল। তাৰ বিপৰীতে বিংশ শতিকাৰ দ্বিতীয়ার্ধত এই বিকাশৰ হাৰ যথেষ্ঠ বৃদ্ধি হয় আৰু ভাৰত তথা চীনৰ দৰে বৃহৎ অর্থনীতিবোৰত এই বিকাশে আনকি দ্রুত গতি লাভ কৰে। এতিয়া ‘উদীয়মান অর্থনীতি’বোৰৰ পুঁজিপতিবোৰে বিশ্বৰ সবাতোকৈ ধনিকহঁতৰ শাৰীত শাৰী মিলাবলৈ ধৰিছে আৰু সিহঁতে আনকি মেট্র’পলিছৰ কিছুমান বৃহৎ নিগমো ক্রয় কৰি পেলাইছে। পূর্বৰ দালাল তথা ভৃত্যহঁত এতিয়া জুনিয়ৰ পার্টনাৰৰ ৰূপত সাম্রাজ্যবাদৰ সহযোগী হৈ পৰিছে। আনকি সিবিলাকৰ কেতবোৰে বিশ্ব সাম্রাজ্যবাদৰ দৰবাৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনে এক পৰিস্থিতিৰ কল্পনা ঔপনিবেশিক যুগততো বাদেই পঞ্চাছ, ষাঠি অথবা সত্তৰৰ নব্য-ঔপনিবেশিক কালতো অভাৱনীয় আছিল। 

এইক্ষেত্রত সঘন পৰিৱর্তনবোৰো সমানেই লক্ষণীয় বুলি কব পাৰি। পুঁজিয়ে গোলকীয় সাম্রাজ্যৰ পুনর্গঠনৰ লগতে প্রতিখন দেশ তথা সিবিলাকৰ অর্থনীতিৰ কার্যপদ্ধতিও সলনি কৰি পেলালে। বিংশ শতিকাৰ মহামন্দা তথা দুখনকৈ বিশ্বযুদ্ধই সৃষ্টি কৰা সংকটৰ ফলস্বৰূপেই এই আভ্যন্তৰীন পুনর্গঠন জৰুৰী হৈ পৰিছিল। শতিকাটোৰ প্রথমভাগত সমাজবাদে সৃষ্টি কৰা প্রত্যাহবানৰ ফলস্বৰুপেও সিবিলাকৰ প্রয়োজন অনুভৱ কৰা হৈছিল। এই পুনর্গঠনৰ ফলস্বৰুপেই ‘কল্যাণকামী ৰাজ্য’ৰ জন্ম হ’ল। “পুঁজিৰ সকলো বান্ধোন খুলি দিলেহে এক ব্যৱস্থাৰ ৰূপত পুঁজিবাদৰ কল্যাণ সাধন হ’ব, অথবা বজাৰ শক্তিবোৰৰ মুক্ত বিচৰণ সম্ভৱপৰ হ’লেহে অর্থনীতি কার্যক্ষম হ’ব”-এইজাতীয় ধাৰণাবোৰ বাস্তৱিক ক্ষেত্রত নাকচ কৰা হ’ল; অৱশ্যে মতাদর্শৰ জগতখনত সিবিলাকৰ চেগা-চোৰোকা আত্মপ্রকাশ অব্যাহত থাকিল। বৃহৎ মাত্রাত সম্পদৰ নিয়ন্ত্রণ আৰু বিনিয়োগৰ যোগেৰে ৰাজ্যই অর্থনীতিত হস্তক্ষেপ কৰিবলৈ ধৰিলে তথা পুঁজি আৰু বজাৰৰ নিয়ন্ত্রণৰ দ্বাৰা ই এক নিয়ন্ত্রিত পুঁজিবাদ নির্মাণ কৰিবলৈ চেষ্টা কৰিলে। অর্থনীতিৰ আন আন পৰিৱর্তনো চকুত পৰা হৈ আহিল। অর্থনীতিৰ ক্ষেত্রখনত নতুন নতুন খণ্ডৰ আৱির্ভাৱ হ’ল আৰু মুঠ অর্থনৈতিক কার্যকলাপৰ এক বৃহৎ অংশ সিবিলাকে সাঙুৰি ল’লে। নতুন নতুন পণ্য, উপভোগৰ ধৰণ আৰু প্রণালীৰ জন্ম হ’ল, নতুন নতুন বজাৰৰ উদয় হ’ল, আৰু ইটোৰ পাছত সিটোকৈ ন ন প্রযুক্তিৰ জন্ম হ’ল। পুৰণি আৰু নতুন- সকলো আর্থিক খণ্ডতে সিবিলাকে তোলপাৰ লগাবলৈ ধৰিলে। আপেক্ষিকভাৱে বহুতো পুৰণি খণ্ড যেনে কাৰখানা উৎপাদন, কৃষি ইত্যাদিৰ গুৰুত্ব ভীষণভাৱে সলনি হৈ পৰিল আৰু পুৰণি খণ্ডবোৰৰ সৈতে নতুন খণ্ডবোৰৰ ন ন জটিল সম্পর্ক স্থাপিত হ’ল। 

পুঁজিৰ গাঁথনি আৰু গতিশীলতাৰ এই ব্যাপক আৰু সঘন পৰিৱর্তনবোৰে বিংশ শতিকাৰ অগণন সংকটৰ পৰা পুঁজিবাদক ৰক্ষা কৰা কৰাত সহায় কৰিলে আৰু ই ব্যৱস্থাটোক এক নতুন জীৱন প্রদান কৰিলে। কিন্তু তথাপিও শেষ অর্থত পুঁজিৰ জীৱন সদায়েই ৰোগাক্রান্ত আৰু অনাগত সময়ত ই পূর্বতকৈও বৃহৎ প্রত্যাহবানৰ সমুখীন হ’ব লাগিব। ইতিমধ্যেই এই কথা পৰিষ্কাৰ হৈ পৰিছে যে নতুন শতিকাটো পুঁজিৰ বাবে সুখকৰ নহ’ব। এফালে যদি বিংশ শতিকাৰ অন্তিমছোৱাত বিত্তীয় মন্দা আৰু অর্থনৈতিক সংকটে দক্ষিণ পূব এছিয়া কপাঁই তোলা গল, আনফালে আকৌ একবিংশ শতিকাৰ প্রথমটো দশক এক বৃহত্তৰ গোলকীয় সংকটৰ হাহাকাৰৰ সৈতে সমাপ্ত হল। প্রথমটো সংকটে যদি শ শ বিলিয়ন ডলাৰৰ ধ্বংসযজ্ঞ পাতিলে, শেহৰটো সংকটে তাতোকৈও অধিক শত-সহস্র বিলিয়ন ডলাৰৰ আহুতি দাবী কৰিলে। অর্থাৎ এটা সংকটৰ পৰা থাওৰিবলৈ গৈ পুঁজিবাদ তাতোকৈও বৃহৎ আন একোটা সংকটৰ গৰাহত পৰে। সংকটমুক্ত এক ভাৰসাম্যমূলক অৱস্থালৈ আহিবলৈ পুঁজিবাদ সদায়েই অক্ষম। বজাৰৰ বিপদবোৰৰ পৰা ৰক্ষা পাবলৈ ই ৰাজ্যৰ শৰণ বিচাৰে, কিন্তু ৰাজ্য নিয়ন্ত্রিত নীতিবোৰে দাবী কৰা খা-খৰছে তাক পুণৰ বজাৰৰ গালৈ ঠেলি দিয়ে; বজাৰে বিপদ মাতি অনাৰ পাছত সি আকৌ পুণৰাই ৰাজ্যৰ আশ্রয়লৈ লৱৰি আহে! 

কিন্তু তথাপিও পুঁজিবাদে নিজে নিজেই মৃত্যুপথলৈ যাত্রা কৰিব বুলি ভবাটোও ভুল হ’ব। এনে কোনো চৰম তথা আসন্ন গাঁথনিমূলক পৰিসীমা বান্ধি দিয়াটো ভুল হ’ব যাৰ বাহিৰলৈ যাব নোৱাৰি পুঁজিবাদে নিজৰ মৃত্যু মাতি আনিব আৰু সমাজবাদৰ পথ প্রশস্ত কৰিব। এই কথা সত্য যে সমগ্র বিশ্বজুৰি হোৱা পুঁজিৰ প্রসাৰে বর্হিসীমাৰ বাহিৰলৈ পুঁজিৰ গাঁথনিগত সমস্যাবোৰ ঠেলি দিয়াৰ বিকল্প সংকোচিত কৰি পেলাইছে, কিন্তু তথাপিও সম্পূর্ণভাৱে এনে বিকল্পৰ অন্ত পৰা নাই। তদুপৰি আভ্যন্তৰীণ পুনর্গঠনৰ দ্বাৰা এনে গাঁথনিগত সীমাবোৰ নৰম কৰাৰ ন ন উপায়ো পুঁজিবাদে বিকশিত কৰি লৈছে। এটা শতিকা পূর্বে ই মৃতপ্রায় যেন দেখা গৈছিল আৰু তাৰ দুর্বল অংশত আঘাত কৰি বহুতো বৃহৎ বিপ্লৱ সফল হৈছিল। সেই সময়ত সাম্রাজ্যবাদী শৃংখলৰ বিভিন্ন স্থানত আঘাত কৰি পুঁজিবাদৰ পতন ঘটাব পৰা যাব আৰু চাৰিওফালৰ পৰা আগুৰি ধৰি পুঁজিবাদৰ মূলভূমিতো কব্জা কৰিব পৰা যাব – এইজাতীয় সপোনবোৰ ন্যায়সংগত যেনেই ভাৱ হৈছিল। এটা শতিকাৰ পাছত পৰিস্থিতি এতিয়া লক্ষণীয়ভাৱে সুকীয়া হৈ পৰিছে। পুঁজিয়ে কোনো অমৰত্ব আর্জন কৰা নাই তথা বাৰম্বাৰ উপস্থিত সংকটৰ কোনো স্থায়ি সমাধানো সি উলিয়াব পৰা নাই। কিন্তু সেইবুলি পুঁজিয়ে কোনোধৰণৰ শিক্ষা গ্রহণ কৰা নাই বুলি ভাবিলে ভুল কৰা হ’ব। তদুপৰি যোৱাটো শতিকাৰ ৰণনীতিবোৰ বর্তমানৰ পুঁজিবাদৰ বিৰুদ্ধেও ফলপ্রসূ হ’ব বুলি ভবাটো তাতোকৈও ডাঙৰ ভুল হ’ব। 

পূর্বতকৈ বহুগুণ অধিক পৰিমাণে পুঁজি আজি এক গোলকীয় সত্তা বা এক গোলকীয় উৎপাদন ব্যৱস্থা তথা সামাজিক মেটাবলিক পুনৰুৎপাদন ব্যৱস্থালৈ পৰিণত হৈছে। এক গোলকীয় গাঁথনিৰ মাজেৰে এই ব্যৱস্থাৰ জীৱন সঞ্চালিত হয়। অর্থাৎ শেষ অর্থত এক গোলকীয় স্তৰতহে এই ব্যৱস্থাক পৰাজিত কৰি আগুৱাই যোৱাটো সম্ভৱপৰ হ’ব। অৱশ্যে স্থানীয় স্তৰত যুদ্ধ জয় তথাপিও সম্ভৱপৰ হ’ব আৰু জাতি-ৰাজ্যৰ স্তৰতেই বৈপ্লৱিক বিচ্ছেদ সংঘটিত হ’ব কিন্তু লক্ষণীয়ভাৱে এক গোলকীয় ৰণনীতিৰ অংশ হিচাপেহে এনে সংগ্রামে সফলতা লাভ কৰিব। এনেস্থলত বর্তমানৰ গোলকীয় ব্যৱস্থাটোৰ মাজতে অন্য এক বৈকল্পিক ব্যৱস্থাৰ জন্ম আৰু অস্তিত্ব সম্ভৱপৰ হলেও শেহত গৈ ই বর্তমানৰ ব্যৱস্থাটোক পৰাজিত কৰিব পাৰিবই লাগিব। তাৰ অন্যথাই বর্তমানৰ ব্যৱস্থাটোৱে বৈকল্পিক নব্য ব্যৱস্থাটোক গ্রাস কৰি পেলাব। 

এটা শতিকা পূর্বে যেতিয়া বিপ্লৱৰ এক বিশাল ঢৌ উঠিছিল, তেতিয়াও এই কথা প্রযোজ্য আছিল। কিন্তু সেই সময়ত তাৰ ধৰণ আৰু প্রাবল্য বর্তমানৰ দৰে নাছিল। তেতিয়াৰ সময়ত গোলকীয় শৃংখলৰ দুর্বল অংশত আঘাত কৰি বৈপ্লৱিক বিচ্ছেদ সংঘটিত কৰাটো আপেক্ষিকভাৱে সহজ আছিল। কিন্তু বর্তমানৰ সময়ত পুঁজিবাদ পূর্বতকৈ বহু বেছি পৰিমাণে গোলকীয়ভাৱে সংলগ্ন হৈ পৰিছে আৰু এই ক্ষেত্রত শৃংখলৰ উপমাৰ দ্বাৰা নতুন বাস্তৱৰ বুজ লোৱাটো কঠিন হৈ পৰিছে। আগতে একোখন সমাজবাদী বা অদ্য-সমাজবাদী(proto-socialist) দেশে বাকী সমস্ত পৃথিৱীৰ সৈতে সম্পর্ক চ্ছেদ কৰি বহুতো বাধা-নিষেধ তথা অৱৰোধৰ(encirclement) মাজেৰেই অস্তিত্বমান হৈ থকাটো সম্ভৱপৰ আছিল। কিন্তু বর্তমান পৃথিৱীৰ ৰাজনৈতিক তথা অর্থনৈতিক গাঁথনিৰ পৰিপ্রেক্ষত এনে কার্য অতিশয় দুৰূহ হৈ পৰিছে। পূর্বৰ কালত বিপ্লৱ এনে কেতবোৰ দেশত সংঘটিত হৈছিল য’ত পুঁজিবাদৰ বিকাশ তেতিয়ালৈকে ভৰপক হোৱা নাছিল আৰু প্রাক-পুঁজিবাদী বা অদ্য-পুঁজিবাদী ব্যৱস্থাবোৰৰ প্রত্যক্ষ অত্যাচাৰ তথা উৎপীড়নৰ বিৰুদ্ধে জনগণক সংগঠিত কৰাটো আপেক্ষিকভাৱে সহজ আছিল। কিন্তু বর্তমানৰ সময়ত বিপ্লৱৰ এজেণ্ডা কান্ধ পাতি লোৱা সকলো দেশতে পুঁজিবাদৰ সুগভীৰ বিকাশ হৈছে আৰু জনগণৰ জীৱনত পুঁজিবাদী সম্পর্কবোৰে ব্যাপক প্রভাৱ বিস্তাৰ কৰিছে। এনেক্ষেত্রত এক সম্পূর্ণ নতুন ৰণনীতিৰ প্রয়োজনীয়তা আহি পৰিছে। 

অৱশ্যে পুঁজিৰ গোলকীয় চৰিত্রৰ অর্থ এইটো নহয় পুঁজিবিৰোধী সংগ্রামখন পোনচাটেই গোলকীয় স্তৰত আৰম্ভ হ’ব। বিগত কেবা দশক ধৰি পুঁজিৰ প্রচণ্ড গোলকীকৰণৰ সত্ত্বেও বিশ্বৰ ৰাজনৈতিক গাঁথনিৰ স্তৰত জাতি-ৰাজ্যৰ প্রাসঙ্গিকতা এতিয়াও শক্তিশালী ৰূপতেই বর্তি আছে। গোলকীকৰণে কোনো গোলকীয়-ৰাজ্য সৃষ্টি কৰা নাই আৰু ভৱিষ্যতেও পুঁজিবাদৰ অধীনত এনে কোনো সত্তাৰ অস্তিত্ব সম্ভৱপৰ নহয়। বৰং জাতি-ৰাজ্যৰ ব্যৱস্থাটোৱে গোলকীয় পুঁজিৰ স্বার্থ অতি ভালকৈ পালন কৰে। জাতি-ৰাজ্যৰ ব্যৱস্থাটোৱে পুঁজিৰ চলাচলত কোনো বাধা প্রদান নকৰে কিন্তু মানুহৰ চলাচলত বাধা দিয়াৰ ক্ষেত্রত ই অতিশয় ফলপ্রসূ ভূমিকা পালন কৰে। পুঁজিৰ অন্তর্ভাগৰ পৰা উৎপন্ন হোৱা অন্তর্বিৰোধবোৰ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রতো ই এক বিশেষ ভূমিকা পালন কৰে। তদুপৰি বুর্জুৱা শাসনৰ বাবে প্রয়োজনীয় জনগণৰ স্বীকার্যতা আহৰণ কৰাৰ বাবে জাতি-ৰাজ্যই এক সুচাৰু ব্যৱস্থা নির্মাণ কৰে। ঔপনিবেশিকতাবাদৰ পৰাজয়ে এই ধাৰণাটোক ক্রমশঃ শক্তিশালী কৰি তুলিলে যে জাতি-ৰাজ্যৰ সার্বভৌমত্ব অলংঘনীয়। এইক্ষেত্রত লক্ষণীয় যে সৌ সিদিনালৈকে সমগ্র বিশ্বৰ প্রায় আধা অংশত এক ক্ষুদ্র দ্বীপ-ৰাজ্যই শাসন কৰিব পাৰিছিল। আনহাতে বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ শক্তিশালী সাম্রাজ্যবাদী মহাদানৱটোৰ বাবেও পশ্চিম এচিয়াৰ গোটাচেৰেক দেশত দীর্ঘকালীন সামৰিক-ঔপনিবেশিক শাসন চলোৱাটো অসম্ভৱ যেন প্রতীয়মান হৈছে। 

অর্থাৎ জাতি-ৰাজ্য পুঁজিবাদৰ বাবে কেৱল আশীর্বাদস্বৰূপ বুলি ভবাটো ভুল হ’ব। যিবোৰ কাৰকে গণচক্ষুৰ সমুখত জাতি-ৰাজ্যৰ সার্বভৌমত্ব অলংঘনীয় কৰি তোলে, সিবিলাকেই বিপ্লৱোত্তৰ কালত বহিৰাগত আক্রমণৰ বিৰুদ্ধে বিশেষ প্রতিৰক্ষাৰো সোপান হব পাৰে। জাতি-ৰাজ্যৰ ৰাজনৈতিক গাঁথনিৰ ফলস্বৰুপে অনাগত বিপ্লৱবোৰো জাতি-ৰাজ্যৰ আভ্যন্তৰীণ বিপ্লৱ হিচাপেই আৰম্ভ হ’ব। যদিওবা পুঁজিৰ অন্তিম পৰাজয় গোলকীয় স্তৰতহে সম্ভৱপৰ হ’ব, তথাপিও সংগ্রামৰ আৰম্ভণি জাতি-ৰাজ্যৰ স্তৰতেই কৰা যাব। 

ৰাজনৈতিক বিপ্লৱবোৰ সামাজিক বিপ্লৱৰ দীর্ঘ যাত্রাৰ আৰম্ভণিহে মাত্র। পুঁজিবিৰোধী বিপ্লৱবোৰো ৰাজনৈতিক বিপ্লৱৰ ৰূপতেই আৰম্ভ হব কিন্তু এক আমূল সামাজিক বিপ্লৱৰ যোগেদিহে পুঁজিৰ পৰিসীমাৰ বাহিৰলৈ আগবাঢ়ি যোৱাটো সম্ভৱ হব। ৰাজনৈতিক বিপ্লৱে ৰাজনৈতিক স্তৰত এক পূর্ণ বিচ্ছেদৰ সৃষ্টি কৰে – পুৰণি ৰাজ্য-ব্যৱস্থা সম্পূর্ণভাৱে ভাগি পৰে আৰু এক নতুন শ্রেণীৰ আধাৰত এক নব্য ৰাজ্য-ব্যৱস্থাই জন্ম লাভ কৰে। এইক্ষেত্রত যিসকল লোকে ভাবে যে ক্রমাগত পৰিৱর্তনৰ দ্বাৰাই ৰাজনৈতিক বিপ্লৱ সম্ভৱপৰ কৰা যাব অথবা পুৰণি ৰাজ্য ব্যৱস্থাৰ সাহার্য্যত নতুন সমাজ গঢ়ি তুলিব পৰা হ’ব – বিপ্লৱৰ ইতিহাসে তেওঁলোকক সঠিকভাৱেই সমালোচনা কৰি আহিছে। ৰাজনৈতিক স্তৰত এক আমূল বিচ্ছেদ নকৰাকৈ তথা বর্তমানৰ ৰাজ্য-ব্যৱস্থা মষিমূৰ কৰি এক বিপ্লৱী ৰাজ্য-ব্যৱস্থাৰ নির্মাণ নকৰাকৈ পুঁজিবিৰোধী সামাজিক বিপ্লৱৰ শুভাৰম্ভ কৰিব নোৱাৰি। 

আনহাতে, যিসকল লোকে ৰাজনৈতিক বিপ্লৱৰ দৰে সামাজিক বিপ্লৱো তাৎক্ষণিক বিচ্ছেদৰ দ্বাৰা সম্ভৱপৰ বুলি ভাবে, তেওঁলোকেও প্রকৃততে দিবাস্বপ্নৰ পৃথিৱী এখনত বাস কৰিছে। একেবাৰতে পুৰণি সমাজৰ ঠাইত নতুন সমাজ এখন স্থাপন কৰিব নোৱাৰি। গভীৰ সমুদ্রত ভাসমান জাহাজ এখন চকুৰ পচাৰতে ভাঙি-চিঙি তাৰ ঠাইত নতুন জাহাজ এখন নির্মাণ কৰিব নোৱাৰি। জাহাজখনৰ চলিত অৱস্থাতে এখলপা-দুখলপাকৈ সা-সলনি কৰি পুণর্নিমাণৰ কাম সম্পূর্ণ কৰা হয়। সামাজিক ব্যৱস্থাবোৰৰ আমূল পৰিৱর্তনৰ সময়তো সিবিলাকৰ পুনৰুৎপাদনৰ প্রক্রিয়া বন্ধ নহয়। এইক্ষেত্রত জটিলতা বৃদ্ধি কৰা আন এটা লক্ষণীয় দিশ হৈছে যে সমাজ পৰিৱর্তন সংঘটিত কৰা বা কৰিব বিচৰা মানুহো কিন্তু সেইখন সমাজৰে সৃষ্টি। সামাজিক বিপ্লৱ সম্ভৱ হ’বৰ বাবে স্বয়ং বিপ্লৱী এজেন্টবিলাকৰো বৈপ্লৱীকৰণ তথা ৰূপান্তৰণ প্রয়োজন হয়। এনে ৰূপান্তৰণবোৰ সম্ভৱপৰ কৰি তোলাৰ বাবে প্রয়োজনীয় প্রক্রিয়াবোৰ অত্যাধিক জটিল তথা দীর্ঘকালীন হোৱা দেখা যায়। সামাজিক ৰূপান্তৰণৰ প্রক্রিয়াবোৰে মানুহৰ ৰূপান্তৰণত সহায় কৰে আৰু মানুহৰ ৰূপান্তৰণৰ প্রক্রিয়াবোৰে সমাজৰ গাঁথনিমূলক পৰিৱর্তনৰ ক্ষেত্রত ইন্ধন যোগায়। 

পুঁজিবিৰোধী বিপ্লৱবোৰৰ আৰম্ভণি কেৱল ৰাজনৈতিক বিপ্লৱৰ ৰূপতহে সম্ভৱ হ’ব, জাতি-ৰাজ্যৰ ভিতৰতেই সিবিলাকৰ উদগীৰণ ঘটিব, পুঁজিৰ পৰিসীমাৰ বাহিৰলৈ যাবলৈ প্রয়োজনীয় সামাজিক বিপ্লৱৰ প্রক্রিয়া দীর্ঘকালীন হ’ব তথা গোলকীয় স্তৰতহে পুঁজিবিৰোধী সংগ্রামখন সফল হ’ব – এনে সমস্ত তথ্যই অনাগত সমাজবাদী বিপ্লৱৰ সমুখত কেতবোৰ বৃহৎ প্রত্যাহবানৰ সৃষ্টি কৰিছে। জাতি-ৰাজ্যৰ ভিতৰুৱা বিপ্লৱৰ জটিলতাবোৰ বর্তমান বিশ্বৰ সাম্প্রতিক পৰিস্থিতিয়ে আৰু অধিক জটিলতৰ কৰি তুলিছে। এই জটিলতাবোৰৰ মাজেৰেই বিপ্লৱ আগবাঢ়িব লাগিব। পূর্বৰ সমস্ত সময়ৰ বিপৰীতে অনাগত সমাজবাদী বিপ্লৱবোৰে গোলকীয় পুঁজিৰ শৰীৰৰ ভিতৰতে অন্য এক বৈকল্পিক জীৱৰ ৰূপত জীয়াই থকাৰ এনে কেতবোৰ পথৰ সন্ধান কৰিব লাগিব যি শেহত গৈ বিশ্ব-পুঁজিৰ বৃহত্তৰ শৰীৰৰ বিনাশ ঘটাব পাৰিব। এনেস্থলত যিবোৰ ৰণনীতিয়ে বিশ্ব পুঁজিৰ সৈতে মোকাবিলা কৰিব নোখোজে আৰু কেৱল জাতীয় সীমাৰ ভিতৰতে সমাজবাদৰ সুৰক্ষা নিশ্চিত কৰিব খোজে অথবা যিবোৰ ৰণনীতিয়ে সামাজিক বিপ্লৱৰ কার্যভাৰ হাতত নোলোৱাকৈয়ে গোলকীয় পুঁজিক পৰাস্ত কৰিব খোজে, বা সমাজবাদী সমাজৰ ভিতৰতে পুঁজিবাদৰ নকল কৰিব ধৰে, এনে সমস্ত ৰণনীতিৰ শেষ পৰিণাম একেটাই হ’ব – পুঁজিৰ মহাৰাক্ষসে এনে সমস্ত প্রচেষ্টাক গ্রাস কৰি পেলাব। পুঁজিবিৰোধী শিবিৰৰ সমুখত উপস্থিত বহুতো প্রত্যাহবান – যাৰ সমাধানসূত্র বিচাৰি বিপ্লৱীসকলে অজান পথেৰে যাত্রা আৰম্ভ কৰে – সিবিলাকৰ ভিতৰত হয়তো ইয়েই হৈছে সবাতোকৈ বৃহৎ প্রত্যাহবান। হয়তো এইবাবেই বিপ্লৱীসকলে বিংশ শতিকাৰ সমাজবাদৰ উত্থান আৰু পতনৰ পুনঃবিশ্লেষণৰ দ্বাৰা শিক্ষাগ্রহণ কৰি অনাগত সমাজবাদৰ অধিক পৰিপক্ক ৰূপৰেখা তৈয়াৰ কৰাটো প্রয়োজনীয় হৈ পৰিছে। 

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...