Sunday, June 17, 2012

মুনাফা আৰু সঞ্চয়নৰ গর্ভত প্রকৃতি (NSI Manifesto, Part 4/7)

মানৱ সমাজ হৈছে প্রকৃতিৰে অংশস্বৰূপ কিন্তু এটা বিশেষ কাৰণবশতঃ ই প্রকৃতিৰ আন আন অংশবোৰতকৈ কিছু সুকীয়া। প্রকৃতিৰ আন আন অংশৰ বিপৰীতে কেৱল মানৱ সমাজেই সচেতনভাৱে তথা ইচ্ছাপূর্বকভাৱে প্রকৃতিৰ বুকুত হস্তক্ষেপ কৰিব পাৰে। এনে হস্তক্ষেপৰ ভিত্তিতেই তাহানিৰে পৰা মানৱ সভ্যতাৰ বিকাশ সাধন হৈছে। সামাজিক উৎপাদন আৰু পুনৰুৎপাদনৰ বিভিন্ন মাধ্যমৰ দ্বাৰাই মানুহে প্রকৃতিৰ লগত খেলা কৰে। জীৱন ধাৰণৰ সুগম পৰিস্থিতি গঢ়াৰ দ্বাৰাই মানুহে প্রকৃতিকো ‘গঢ়ি’ তোলে। সমগ্রৰ এটা অংশই (অন্ততঃ পৃথিৱীৰ স্তৰত) সমগ্রৰ পুনর্গঠনৰ দায়িত্ব গ্রহণ কৰে। 

পুঁজিবাদৰ কালত এই প্রক্রিয়াটোৱে চূড়ান্ত তথা অপ্রত্যাশিত গতি লাভ কৰিছে। বিজ্ঞান তথা প্রযুক্তিৰ ৰূপত তথা মানৱীয় কার্যকলাপ সংগঠিত কৰা বৃহদাকাৰ তথা অতিশয় জটিল প্রণালী আৰু পদ্ধতিৰ ৰূপত উৎপাদিকা শক্তিবোৰৰ ভীষণ বিকাশে প্রকৃতিক হুকুম আৰু নিয়ন্ত্রণ কৰিব পৰাকৈ পুঁজিৰ হাতত অদ্ভুত যাদুসদৃশ শক্তি প্রদান কৰিছে। ই প্রকৃতিৰ শক্তিবোৰ কাবু কৰিব পাৰে, প্রাকৃতিক সম্পদবোৰ আত্মসাৎ কৰিব পাৰে, আনকি ই প্রকৃতিৰ নিয়ম-প্রক্রিয়াবোৰকো সলাই পেলাব পাৰে। সমগ্র মানৱ ইতিহাসতে নজিৰবিহীন এক অভূতপূর্ব হাৰত ই প্রকৃতিৰ কর্মপ্রণালী আৰু কার্যক্ষেত্র নিজৰ অধীনলৈ কৰিব পাৰে। এইক্ষেত্রত গুৰুত্বপূর্ণ আৰু ভয়ংকৰ দিশটো হৈছে যে লাভ আৰু সঞ্চয়নৰ সীমাহীন খক চৰিতার্থ কৰিবলৈকে প্রকৃতিক কাবু কৰিব পৰা এনে বিৰাট শক্তিবোৰৰ প্রয়োগ হ’ব ধৰিছে। প্রকৃতি আৰু মানুহৰ জীৱন নিয়ন্ত্রণ কৰা এনে প্রচণ্ড শক্তিৰ অধিকাৰী পুঁজিৰ ব্যৱস্থাটোৱে কিন্তু নিজৰে লাভ আৰু সঞ্চয়নৰ খক নিয়ন্ত্রণ কৰিব নোৱাৰে। যিকোনো মূল্যৰ বিনিময়ত লাভ আৰু সঞ্চয়নৰ পৰিমাণ বৃদ্ধি কৰি যাবলৈ ই অভিশপ্ত। সকলোকে কাবু কৰিব পৰা এই শক্তিয়ে নিজকে কাবু কৰিব নোৱাৰে। সমগ্র মানৱ জাতিক নিয়ন্ত্রণ কৰা এই সত্তাই নিজকে নিয়ন্ত্রিত কৰিব নোৱাৰে। ইয়েই পৃথিৱীৰ অস্তিত্বৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে। মানৱ জীৱনৰ ভাৰসাম্যৰ প্রতি ভাবুকি সৃষ্টি হোৱাৰ আঁৰত এই বিড়ম্বনাই ক্রিয়া কৰিছে।

পুঁজিবাদী উৎপাদন আৰু উপভোগ শৈলীৰ সামাজিক প্রসাৰ বৃদ্ধি কৰিবলৈ প্রায়েই প্রকৃতিক এক বাহ্যিক তথা প্রাণহীন বস্তুৰূপে চিহ্নিত কৰা হয়। মানুহে খুচী মতেই উপভোগ কৰিব পৰা ই যেন মানৱ সভ্যতাৰ বাহিৰৰ এক সত্তা । এনেস্থলত পুঁজিবাদী উৎপাদন আৰু উপভোগ শৈলীয়ে সৃষ্টি কৰা পাৰিপার্শ্বিক(ecological) ক্ষতিৰ হিচাপ ৰখাৰ প্রয়োজনেই বা কি? এই কৌশলৰ দ্বাৰা পুঁজিবাদে পাৰিপার্শ্বিক বিনষ্টকৰণৰ বাবে কোনো মূল্য নিদিয়াকৈয়ে লাভৰ বিশাল পাহাৰ হস্তগত কৰে। কিন্তু এইদৰে প্রশ্ন উত্থাপন কৰিলে পুঁজিবাদে পৰিত্রাণৰ অন্য এক বাট বাছি লোৱা দেখা যায়। মন কৰিবলগীয়া যে এই দ্বিতীয় পথটোও পুঁজিৰ বাবে সমানেই লাভজনক। এফালে যদি পৰিবেশ ধ্বংস কৰি পুঁজিয়ে মুনাফা আদায় কৰে, আনফালে আকৌ সেই বিনষ্ট পৰিবেশ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও ই লাভ আদায় কৰে। যেতিয়া আন্দোলনৰ হেঁচাত পৰিবেশ সম্পর্কীয় নীতি-নিয়ম তৈয়াৰ কৰা হয়, আৰু পাৰিপার্শ্বিক খৰছ-পাতিৰ খতিয়ান লোৱাটো পুঁজিৰ বাবে বাধ্যতামূলক হৈ পৰে, তেনে স্থিতিত ই জনগণৰ মূৰতে এই খৰছৰ হেঁচা স্থানান্তৰণ কৰাৰ নতুন নতুন বাট উদ্ভাৱন কৰে আৰু সিবিলাকৰ যোগেৰে পুণৰ মুনাফা আদায় কৰে। পুঁজিৰ বাবে এই পথ অতিকৈ সুচল হৈ পৰে যেতিয়া পৰিবেশ সম্পর্কীয় সচেতনতাৰ ফলত বস্তু-বেহানিৰ দাম বাঢ়ে, যেতিয়া পৰিবেশ বিনষ্টকৰণৰ পৰা ৰক্ষা পাবলৈ নতুন প্রযুক্তি আৰু নতুন উৎপাদন প্রণালী উদ্ভাৱন কৰাৰ প্রয়োজনীয়তা আহি পৰে তথা যেতিয়া চৰকাৰী তথা গণ-প্রতিষ্ঠানবোৰে পাৰিপার্শ্বিক ক্ষয়-ক্ষতিৰ বাবে প্রধানকৈ জগৰীয়া ব্যক্তিগত উদ্যোগ আৰু বজাৰৰ হাততে এনে ক্ষতিৰ মেৰামতি কৰিবলৈ দায়িত্ব অর্পণ কৰে। 

আজিৰ পুঁজিবাদ এইক্ষেত্রত আৰু এখোপ আগবাঢ়ি যোৱা যেন দেখা গৈছে। বজাৰত বর্তমান বহুতো পাৰিপার্শ্বিক পণ্য আৰু সংশ্লিষ্ট বিত্তীয় উপকৰণ দেখিবলৈ পোৱা যায়। গোলকীয় নিগম আৰু ধনী দেশবোৰে ‘কার্বন ক্রেডিট’ ক্রয় কৰি বায়ুমণ্ডল প্রদূষিত কৰাৰ অধিকাৰ হাছিল কৰি লৈছে। আনহাতে দুখীয়া দেশ আৰু গণ-সম্প্রদায়সমূহে তেওঁলোকৰ অৰণ্য আৰু বন্যপ্রাণীবোৰ বিশ্বৰ ধনী দেশবোৰৰ বাবে সংৰক্ষিত কৰাৰ বোজা পালন কৰিছে আৰু বৃক্ষৰোপণৰ কামত ব্যস্ত হৈ পৰিছে। তেওঁলোকে ধনিকহঁতৰ পৰা কিছু ‘কার্বন ঋণ’ লাভ কৰিছে আৰু বায়ুমণ্ডললৈ কার্বন নির্গত কৰাৰ পৰা বিৰত থকাৰ বাবদ কিছু ধন লাভৰ আশা কৰিছে। ঠিক তেনেদৰেই ‘জলাশয় ঋণ’ৰ যোগেদি তৃতীয় বিশ্বৰ জনগণক জলাশয়বোৰৰ যতন লবলৈ দিয়া হৈছে যাতে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ যথেষ্ঠসংখ্যক জলাশয় বাছি থাকে আৰু ধনিকহঁতৰ স্বার্থ পূৰণ কৰা বিভিন্ন বিকাশমূলক আঁচনিৰ অগ্রগতি তথা সিবিলাকৰ দ্বাৰা সৰহসংখ্যক জলাশয়ৰ ধ্বংসযজ্ঞও অব্যাহত থাকে। দিনক দিনে এনে উদাহৰণবোৰ বাঢ়িব ধৰিছে। আনকি এক নতুন প্রকাৰৰ ‘ফিওচার্চ বজাৰ’ৰো উদয় হৈছে য’ত পাৰিপার্শ্বিক পণ্যবোৰৰ আনুমানিক ভৱিষ্যত মূল্যৰ ওপৰত আধাৰিত কেতবোৰ বিত্তীয় দলিল বেচা-কিনা কৰা হয়। দৰিদ্রসকলক দৰিদ্র হৈ থাকিবলৈ এমুঠি ধন দলিয়াই দিয়া হৈছে যাতে ধনিকহঁতৰ বিলাসী জীৱন যাপনত কোনো ব্যাঘাট নজন্মে। এই প্রক্রিয়াৰ মাজেৰে পুঁজিয়ে নতুন নতুন বজাৰ গঢ়ি তুলিছে আৰু অত্যাধিক লাভ আর্জনৰ নিত্য নতুন পথ চলাথ কৰিছে। 

কিন্তু কেৱল এয়াই নহয়। আজিৰ পুঁজিবাদে প্রকৃতিক হস্তগত আৰু প্রদূষিত কৰিয়েই সন্তুষ্ট হৈ থকা নাই। ই দুখীয়া জনগণৰ মূৰত পৰিবেশ পৰিশোধনৰ বোজাও জাপি দিছে। ই প্রাকৃতিক প্রক্রিয়াবোৰৰ কার্যপদ্ধতি শিকি লৈছে আৰু সিবিলাকৰ সাল-সলনি ঘটাবলৈকো আৰম্ভ কৰিছে। আনকি এইক্ষেত্রত ই একাধিকাৰৰো দাবী কৰিছে। বিজ্ঞান আৰু প্রযুক্তিৰ বলত ই আনুবংশিকভাৱে পৰিশোধিত (genetically modified) খাদ্য তৈয়াৰ কৰিছে, চমৎকাৰ ড্রাগ প্রস্তুত কৰিছে, ঔদ্যোগিক তথা ঔষধিয় উদ্দেশ্যেৰে স্ব-প্রজননশীল অণু জন্ম দিছে তথা ক্লনিঙৰ সহায়ত মানৱ অংগ সৃষ্টি কৰিছে। ‘বৌদ্ধিক সম্পত্তি অধিকাৰ’ সম্পর্কীয় আইন কানুনবোৰ দিনক দিনে কঠোৰ হৈ পৰিছে আৰু সিবিলাকৰ বর্ধিত প্রভাৱে এই প্রযুক্তি তথা বজাৰবোৰৰ ওপৰত পুঁজিবাদী নিগমবোৰৰ একাধিপত্য সুনিশ্চিত কৰিছে। ব্যক্তিগত মালিকানাই হৈছে পুঁজিবাদৰ পৰম পবিত্র মন্ত্র আৰু সেয়েহে কেৱল প্রাকৃতিক বস্তু আৰু সম্পদৰ স্বামিত্বই পুঁজিবাদক সন্তোষ দিব নোৱাৰে। ই প্রকৃতিৰ নিয়ম তথা প্রক্রিয়াবোৰকো নিয়ন্ত্রণ কৰিব বিচাৰে। ‘চমৎকাৰী অণু’বোৰে বৃহৎ হাৰত জনগণৰ ৰোগ উপশম কৰিবলৈ কোম্পানীৰ গৱেষণাগাৰৰ পৰা নিজে বাহিৰলৈ গৈ অন্য কাৰোবাৰ লেবৰেটৰীত বিকশিত হবগৈ নোৱাৰে। জি.এম. শস্যবোৰে মালিকৰ পথাৰৰ লগতে চুবুৰীয়াৰ পথাৰতো লহপহকৈ বাঢ়িব নোৱাৰে। অর্থাৎ নতুন প্রযুক্তিবোৰে সৃষ্টি কৰিব পৰা সম্ভাব্য বিপদৰ ভাগ সমস্ত সমাজখনেই মূৰ পাতি লব লাগিব আনহাতে সিবিলাকে সৃষ্টি কৰা ধন-সম্পদ কেৱল পুঁজিয়েই  ভোগ কৰিব।

এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে এক সর্বগ্রাসী পাৰিপার্শ্বিক বিপর্যয়ৰ সম্ভাৱনাই সমগ্র পৃথিৱীখনকে গ্রাস কৰি পেলাইছে। দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গলে সমগ্র মানৱজাতি এক অনিশ্চিত ভৱিষ্যতৰ দিশেৰে অগ্রসৰ হৈছে। হ্রস্বকালীনভাৱে মানৱজাতিয়ে ইতিমধ্যেই এক বৃহৎ মূল্য পৰিশোধ কৰিছে। এই সম্পর্কেও সন্দেহৰ কোনো থল থাকিব নালাগে যে পুঁজিবাদেই হৈছে এই বিপর্যয়বোৰৰ বাবে প্রধানকৈ দায়ী। পৃথিৱীখন পৰিচালনা কৰিবলৈ ই বিকশিত কৰা পদ্ধতিবোৰেই এই ভাবুকিবিলাক সৃষ্টি কৰিছে।

যিসকল লোকে পুঁজিবাদৰ বিৰোধিতা নকৰাকৈয়ে পাৰিপার্শ্বিক ভাৰসাম্য ৰক্ষা কৰিব পৰা যাব বুলি ভাবিছে তেওঁলোকে প্রকৃততে এই দীর্ঘ লক্ষ্যত উপনীত হ’বলৈ জৰুৰী প্রথম খোঁজটোকেই ভুলকৈ চিনাক্ত কৰিছে। যিসকল লোকে পুঁজিবাদৰ অন্ত নেপেলোৱাকৈয়ে পুঁজিবাদী উৎপাদন তথা উপভোগ শৈলীৰ অন্ত পেলাব পৰা যাব বুলি ভাবিছে, তেওঁলোকে প্রকৃততে মূল কাৰণৰ বিপৰীতে সি সৃষ্টি কৰা ফলাফলবোৰৰহে চিকিৎসা কৰিবলৈ ওলাইছে। যিসকলে ভাবিছে মানৱ জাতিয়ে পুণৰ পৃথিৱীৰ আদিম অৱস্থালৈ ঘূৰি যাব আৰু কুমাৰী প্রকৃতিৰ সেৱাত জীৱন উৎসর্গা কৰিব, তেওঁলোকে প্রকৃততে এখন কল্পনাৰ জগততহে বাস কৰিছে। একপ্রকাৰে তেওঁলোকেও প্রকৃতিক এক বাহ্যিক তথা প্রাণহীন বস্তুৰূপে গণ্য কৰিছে। প্রকৃতিৰ অবিহনে মানৱ জীৱন কল্পনা কৰিব নোৱাৰি কিন্তু মানুহ তথা মানুহৰ হস্তক্ষেপৰ অবিহনেও প্রকৃতিক কল্পনা কৰাটো এতিয়া সম্ভৱপৰ হৈ থকাগৈ নাই। এইক্ষেত্রত মূল প্রশ্নটো হৈছে- কেনেধৰণৰ হস্তক্ষেপে প্রকৃতিৰ ভাৰসাম্য তথা মানৱীয় প্রগতি সম্ভৱপৰ কৰি তুলিব; কেনেধৰণৰ ব্যৱস্থাই এক সমৃদ্ধিশালী, মুক্ত তথা স্বাধীন সমাজ নির্মাণ কৰিব পাৰিব?

যিসকল লোকে পুঁজিবাদৰ ভিতৰতে ই সৃষ্টি কৰা পাৰিপার্শ্বিক বিপর্যয়বোৰৰ সমাধান সূত্র লুকাই আছে বুলি বিশ্বাস কৰে, তেওঁলোক প্রকৃততে পুঁজিৰ বিচাৰশক্তি সম্পর্কে শিশুসূলভভাৱে আস্থাবান। দৰাচলতে সঞ্চয়ন আৰু লাভৰ সীমাহীন খঁকে পুঁজিবাদৰ বিচাৰশক্তি প্রথমৰে পৰাই সীমাৱদ্ধ কৰি থৈছে। এই সীমাবোৰ পাৰ হবলৈ পুঁজিৰ বিচাৰশক্তিৰ শকতি নাই। যদিও পুঁজিবাদে তাৰ সৃষ্ট কেতবোৰ পাৰিপার্শ্বিক ভুল-সংক্রান্তি মাজে-সময়ে শুদ্ধ কৰি লোৱা যেন দেখা গৈছে, তেনেবোৰ ক্ষেত্রতো ই মানৱ জাতিৰ পৰা এক উচ্চ হাৰৰ তথা অসমানভাৱে বিতৰিত মূল্য আদায় কৰি লৈছে। 

অৱশ্যে কেৱল পুঁজিবিৰোধী সংগ্রামৰ দ্বাৰাই পাৰিপার্শ্বিক ভাৰসাম্য স্থাপন কৰিব নোৱাৰি। যিসকল লোকে এইবুলি ভাবিছে যে সমাজবাদে স্বয়ংক্রিয়ভাৱেই পাৰিপার্শ্বিক সমস্যাবোৰৰ পৰা নিষ্কৃতি দিব -তেওঁলোকো প্রকৃততে আন এক প্রকাৰৰ শিশুসূলভ ধাৰণাৰ দ্বাৰা আক্রান্ত। এইক্ষেত্রত মন কৰিব লগীয়া কথাটো হৈছে যে পুঁজিবাদ সৃষ্ট পৰিস্থিতিৰ পৰাই সমাজবাদে যাত্রা আৰম্ভ কৰে। গতিকেই সমাজবাদ নির্মাণ কৰিব বিচৰা লোকসকল পুঁজিবাদৰ প্রভাৱৰ পৰা ততালিকে মুক্ত হৈ পৰিব বুলি ভবাটো ভুল হব। পুঁজিবাদক পৰাস্ত কৰাটোৱেই এটা কঠিন প্রত্যাহবান। এইক্ষেত্রত পুঁজিবাদসৃষ্ট সমস্ত খেলিমেলি তথা কুপৰিণামৰ অবসান ঘটোৱাটো তাতোকৈও অধিক প্রত্যাহবানপূর্ণ হব। প্রকৃতিৰ বুকুত মানৱীয় হস্তক্ষেপৰ পৰিণাম সম্পর্কে সচেতনতা বৃদ্ধি হোৱাটো পুঁজিবাদৰ স্বার্থৰ বাবে বাঞ্ছনীয় নহয়। আচলতে, বিবেচনাহীন সঁজুলিবাদৰ(instrumentalism) দ্বাৰা পুঁজিবাদ ইমানেই গভীৰভাৱে আক্রান্ত যে ই বিজ্ঞানৰ স্বাভাৱিক স্ব-বিবেচনাশক্তি(self-reflexivity)কো প্রভাৱিত কৰা দেখা যায়। 

প্রকৃতি সম্পর্কীয় জ্ঞানৰ জগতখনত ‘মানৱীয় হস্তক্ষেপে প্রকৃতিৰ বুকুত সৃষ্টি কৰা প্রভাৱ’ৰ বিবেচনা ক্রমান্বয়ে বিৰল হৈ পৰিছে। সমাজখন ক্রমান্বয়ে এক প্রমেথিয়ান মতাদর্শৰ দ্বাৰা প্রভাৱিত হৈ পৰা যেন দেখা গৈছে; এফালে প্রকৃতিৰ ওপৰত মানৱ শ্রেষ্ঠত্ব প্রমাণিত কৰিব বিচৰা হৈছে, আনফালে ই সৃষ্টি কৰা কু-প্রভাৱবোৰৰ বিষয়টো আওকাণ কৰা হৈছে। পুঁজিবাদক পৰাজিত কৰাৰ পাছত ততালিকেই এনে সমস্ত অভ্যাসবোৰ নাশ কৰাটো সম্ভৱপৰ নহ’ব। এনে প্রত্যাহবানসমূহ সম্পর্কে বিপ্লৱীসকল সচেতন হোৱা ভাল। 

পাৰিপার্শ্বিক ভাৰসাম্য তথা ধাৰণ-ক্ষমতা ৰক্ষা কৰিবলৈ সংগ্রামৰ আৰম্ভণি পুঁজিবাদ বিৰোধিতাৰ পৰাই কৰা যাব যদিও এইখিনিতে সংগ্রামৰ অন্ত নপৰে। মানৱতাই, বিশেষকৈ শ্রমিক শ্রেণীয়ে এই লক্ষ্যবিলাকৰ প্রতি উৎসর্গিত এক নতুন ধৰণৰ ব্যৱস্থা স্থাপন কৰিব পাৰিব লাগিব। তদুপৰি এনে চিন্তা-চর্চাবোৰক মানৱীয় প্রগতিৰ অংশবিশেষ কৰি পেলাব লাগিব। প্রকৃতিৰ বুকুত হস্তক্ষেপ নকৰাকৈ তথা এনে হস্তক্ষেপৰ নিত্য নতুন পদ্ধতি বিকশিত নকৰাকৈ মানৱ জীৱন সম্ভৱপৰ নহয়। প্রকৃতিৰ দীর্ঘ অস্তিত্ব তথা ভাৰসাম্য ৰক্ষা কৰিবলৈ প্রয়োজনীয় জ্ঞান আৰু স্ব-বিবেচনাশক্তি এনে হস্তক্ষেপবোৰে আহৰণ কৰিব পাৰিব লাগিব। প্রকৃতিৰ ভাৰসাম্যতা স্বয়ংক্রিয়ভাৱেই ৰক্ষা কৰিব পৰা কোনো ধ্রুপদী সমাজবাদ সম্ভৱপৰ নহয়। কাজেই বিভিন্ন পাৰিপার্শ্বিক বিবেচনা তথা লক্ষ্যবোৰ নিজৰ ভিতৰত অন্তর্নিহিত কৰিব পৰাকৈ সমাজবাদৰ আর্হি নকৈ গঠন কৰাটো প্রয়োজনীয় হৈ পৰিছে।

1 comment:

  1. খুৱ ভাল লাগিল ব্লগটোৰ কথা গম পায়৷ যথেষ্ট জ্ঞান সমৃদ্ধ ব্লগ৷

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...